Tuesday 3 September 2013

জামজিং বিলৰ ভূত

(ভৌতিক গল্প)
তেলাম ৰেল’ৱে ষ্টেচনৰ দক্ষিণ –পশ্চিম দিশত দিখাৰী নদীৰ উত্তৰ পাৰে এক বৃহৎ  অঞ্চল জুৰি  জামজিং বিলখন চৰাই-চিৰিকতি জীৱ-জন্তু আৰু বিভিন্ন মাছ-মগৰ ইত্যাদি জলচৰ প্ৰাণীৰ আশ্ৰয়-স্থল হিচাপে আছে৷ এই বিলৰ উত্তৰ দিশত জাঁজি, জামজিং, তেলাম,গামচুক ইত্যাদি গাঁওবোৰ৷ মূল বিলখনৰ চাৰিওফালে বহুদূৰ ধৰি পিটনিৰে ভৰি আছে৷ এইবোৰ পিটনিৰ  দাঁতি-কাষৰীয়া  অঞ্চলটো হাবি-জংগলেৰে ভৰা৷ ইয়াত হৰিণ,বাঘ ইত্যাদি বনৰীয়া জন্তুও আছে৷ কেৱল সেয়াই নহয় তেলামবাসী ৰাইজৰ মতে এই অঞ্চলটোত ভূত-পিশাচেও বাস কৰে৷ বৰ্তমান অসম চৰকাৰৰ বন-বিভাগে জামজিং বিলখন আৰু ইয়াৰ দাঁতি -কাষৰীয়া অঞ্চলটোৰ সংৰক্ষণ কৰিছে৷ বন-বিভাগে বিলৰ কাষৰ এটা অঞ্চলত মূল্যবান গছ-গছনিৰ পুলি ৰুইছে৷ গছ পুলি ৰুৱা আৰু ইয়াৰ প্ৰতিপালন কৰিবলৈ বন বিভাগে কেইজনমান স্থানীয় যুৱকক বনুৱা হিচাপে নিযুক্তি দিছে৷

বন বিভাগৰ  কৰ্ম্মী বিমান, কুমুদ,প্ৰবীণ আৰু নৰেনহঁতে বিলৰ পাৰতে এটা জুপুৰি-ঘৰ  সাজি কেম্প কৰি তাতে থাকে৷ বিমানৰ বাদে আন কেইজন ডেকাৰ  সাহস কম৷ এই অঞ্চলৰ ভূত-পিশাচৰ কাহিনীবোৰ শুনি সিহঁতৰ আৰম্ভণিৰে পৰাই অৱস্থা শোচনীয়৷ বিমানৰ আলম লৈ আৰু এম. এল .এ. বেজৰ তাবিজ পিন্ধি যেনে তেনে কৰ্ত্তব্য পালন কৰি চাকৰিটো বচাই ৰাখিছে৷

তেলামলৈ আহি জামজিং বিলৰ পাৰত থাকিবলৈ লোৱাৰ পৰাই স্থানীয় লোকসকলে বিমানহঁতক এই অঞ্চলৰ ভূত –পিশাচৰ নানা কাহিনী কৈছে৷ কিন্তু সিহঁতে নিজে কোনো ভূতকে দেখা পোৱা নাছিল ; কিন্তু সিদিনা ভূতে যি তাণ্ডৱলীলাৰ সৃষ্টি কৰিলে সেই কথা বিমান , কুমুদ, প্ৰবীন আৰু নৰেনে জীৱনতেই পাহৰিব নোৱাৰে৷

সিদিনা আছিল শনিবাৰ৷ তাতে আকৌ অমাৱস্যা৷ আবেলি সময়তে বিমান আৰু কুমুদ বজাৰলৈ ওলাই গৈছিল৷ কেম্পত প্ৰবীণ আৰু নৰেন আছিল৷ গধূলি হৈ অহাৰ লগে লগে প্ৰবীণ আৰু নৰেনৰ অৱস্থা বেয়ালৈ ঢাল খালে৷ কাৰণ, প্ৰবীণে হাত-লেম্প দুটা জ্বলাবলৈ ঠিক-ঠাক কৰি নৰেনক জুইশলাৰ বাকচটো আনিবলৈ কৈছিল; কিন্তু জুইশলা বাকচটো  থকা বাঁহৰ চাঙীখনত চকুফুৰাই তাত নৰেনে জুইশলাৰ বাকচটো নাপালে৷ জুইশলাৰ বাকচটো শূন্যতে দুলি দুলি ঘৰৰ মূধচৰ সুৰুঙাইদি আঁতৰি যোৱা দেখি নৰনে চিঞৰ-বাখৰ লগালে৷ প্ৰবীণ দৌৰি আহিল৷ কথা শুনি সি হতবাক হ’ল৷ দুয়ো চোতাল পালেগৈ৷ প্ৰবীণেও এইবাৰ চিঞৰি উঠিল –লেম্প দুটা নেদেখি৷ এইবোৰ  কাণ্ড দেখি দুয়োৰে সৰ্ব্ব শৰীৰ জিকাৰ খাই গাৰ নোম ডাল ডাল হ’ল৷ “ভূত ভূ---ত৷” ইটোৱে সিটোক ক’লে৷ দুয়ো এম. এল. এ.( মহম্মদ লটিফ আলি) বেজে দিয়া তাবিজ দুটা বিছনাৰ তলৰ পৰা উলিয়াই ককালত পিন্ধি ল’লে৷ লগে লগে ঘৰৰ ভিতৰৰ পৰা যেন ধুমুহাৰ গতিত কোনোবা এমখা ধমধমাই ওলাই গ’ল৷ তাৰ পিছত ঘৰৰ বাহিৰৰ গছ-গছনিবোৰত প্ৰচণ্ড ধুমুহা –বতাহ হোৱাৰ দৰে শব্দ৷ ক্ষন্তেক পিছতে পশ্চিম ফালৰ ওখ শিমলুজোপাৰ তলত শুনা গ’ল নাৰী-কন্ঠস্বৰ৷ যেন এমখা পাটগাভৰুৰ হাঁহি-খিকিন্দালি৷

প্ৰবীণ আৰু নৰেনে ভয়ত পেপুৱা লাগি ইটোৱে সিটোক গবামাৰি ধৰি বিছনাতে তাপ মাৰি বহি আছে৷ ঘৰৰ বাহিৰত সিহঁতে কাৰোবাৰ পদশব্দ  শুনিবলৈ পালে৷ গপ গপ গপ৷ দুয়োটাই শহা কণীয়া হৈ শুনি গ’ল৷ ঠিক দুৱাৰ মুখতে থিয় দি কোনোবাই গলগলীয়া মাতে কৈ গ’ল—“প্ৰবীণ আৰু নৰেন , তহঁতে এম. এল. এ. য়ে বেজে দিয়া তাবিজ পিন্ধিলি ৷ হুঃ নহ’লে আজি তহঁতহালকে জামজিং বিলত ওভোতাই পুতি থলোহেঁতেন৷ তহঁত মানুহবোৰে আমি মানুহ হৈ থাকোঁতে যি শাস্তি দিলি সেইবোৰ আমি পাহৰা নাই৷ এতিয়া আমি ভূত হোৱাৰ পিছতো তহঁতে আমাৰ পিছ নেৰিছ৷ এই পিটনিখনতো আমাক শান্তিৰে থাকিবলৈ নিদিয় নহয়নে ? ভাল যে আজি তহঁতে তাবিজ পিন্ধি ল’লি , নহ’লে---৷ আৰু শুনি ল’৷ আজি জামজিং বিলৰ পাৰত আমাৰ বৰমেলা বহিব৷ ইয়াত সকলো ঠাইৰ ভূত-প্ৰেত গোট খাইছেহি৷ সেইয়ে তহঁতহালক সাৱধান কৰি দিলো –ইয়াত জুই-ছাই একো নজ্বলাবি৷ কথা নামানিলে অঘটন ঘটাম৷ হিঃ হিঃ হিঃ----৷”

 মাতটো নাইকীয়া হোৱাৰ লগে লগে পুনৰ গপ গপ পদশব্দ হ’ল৷ তাৰ পিছতে হুৰ হুৰকৈ বতাহ এজাক আহি গছ-গছনিবোৰ কঁপাই তুলিলে৷ প্ৰবীণ আৰু নৰেনে তলকিবই নোৱাৰিলে –কথাবোৰ কোনে ক’লে আৰু কৈ সি ক’লৈ গুচি গ’ল৷ সিহঁতে বৰ ভয় খালে আৰু চাকি-বাতি জ্বলাবলৈ সাহস নকৰিলে৷ দুয়ো তেলামৰ বিট-অফিচাৰ চমুৱাৰ ঘৰলৈকে গুচি যোৱাৰ সিদ্ধান্ত ল’লে৷ সিহঁত ভয়ে ভয়ে ঘৰৰ পৰা ওলাই এক প্ৰকাৰ দৌৰি যোৱাৰ দৰেই তেলামলৈ যোৱা লুংলুঙীয়া বাটটোৰে কিছুদূৰ যোৱাৰ পিছত দেখে যে সিহঁত জামজিং বিলৰ হাবিৰ কাষতহে ওলাইছেগৈ৷ পিটনিত পৰিবলৈ অলপহে থাকিল৷ ঘূৰি আহি সঠিক পথেৰে আগুৱাব ধৰোঁতেই দুয়োকে এমখা ভূতে আগুৰি ধৰিলে৷ তেতিয়া সিহঁতৰ অচেতন প্ৰায় অৱস্থা৷ তথাপিও সিহঁতে যেন তাবিজৰ বলতে প্ৰাণ হেৰুওৱা নাই৷ এইবাৰ সিহঁতৰ কাণত পৰিল ওজাই মন্ত্ৰ উচ্চাৰণ কৰাৰ দৰে শব্দ কিছুমান৷ হ্লিং ক্লিং ক্লিং ফুট ফুট ক্লিং ক্লিং----ইত্যাদি৷ লাহে লাহে সিহঁতৰ ভয় ভাৱ মনৰ পৰা আঁতৰি যোৱা যেন লাগিল৷ দুয়ো মূৰ তুলি চাবলৈ সাহস ঘুৰাই পালে৷ সিহঁতে দেখা পালে –এমখা কিম্ভুৎ-কিমাকাৰ মুনিহ-তিৰোতাই সিহঁতক বেৰি আছে ৷ সেই মখাৰ মাজৰে এটা প্ৰকাণ্ড পেটুৱাই কাউৰীৰ পাখিৰ দৰে   পাখি কইখনমান হাতত লৈ সিহঁতহালক উদ্দেশ্য কৰিয়েই মন্ত্ৰবোৰ গাই আছে৷


“ফুট ফুট ক্লিং ক্লিং ফুট ফুট ক্লিং ---৷”মন্ত্ৰ গাই গাই পেটুৱাটোৱে ক’লে , “হুঃ , তহঁতহালৰ মন্ত্ৰপুতঃ তাবিজ দুটাৰ  শক্তি মই নষ্ট কৰিব নোৱাৰোঁ৷ কাৰণ মই মানুহৰ ওজা নহয় এতিয়া, ভূতৰহে ওজা৷ তথাপিও ভূত হিচাপে তহঁতক কৰিব পৰা খিনি কৰিমেই৷ শুন তহঁতে”,পেটুৱা ভূতে পেটটো মোহাৰি মোহাৰি কৈ গ’ল,“মোৰ নাম আছিল বেদান্ত ওজা৷ নামটো শুনিছিলি চাগৈ৷ মোৰ পৰম আয়ু আছিল আশী বছৰ৷ সিমান দিন জীয়াই থাকিবলৈ নিদি ষাঠি বছৰ বয়স নৌ হওঁতেই তহঁত মানুহবোৰে মোক হত্যা কৰিলি৷ এতিয়া এই বিশ বছৰ মই তহঁতৰ উৎপাততে শান্তিৰে থাকিবলৈ পোৱা নাই৷ আজি তহঁতহালক আমাৰ ভূতমেলা চাবলৈ দিম যাতে তহঁতৰ জ্ঞান বাঢ়ে৷ বুজিলি ?” ইয়াকে কৈ ওজা ভূতে সিহঁত দুটাক উদ্দেশ্য কৰি পুনৰ মন্ত্ৰ জপ কৰাত লাগি গ’ল৷  প্ৰবীণ আৰু নৰেনে বেদান্ত ওজাৰ নাম শুনিছে৷ কেইবছৰমান আগতে এই বেজজনক এখন গাঁৱলৈ সৰ্পদংশনত মৃত ল’ৰা এটাক জীৱিত কৰি তুলিবলৈ মাতি নিছিল৷ বেদান্ত ওজাই প্ৰথমে মঙ্গল এভাগ চাই লৈ ল’ৰাটোক জীয়াই তুলিব পাৰিব বুলি ভাৱি ৰাইজক আশ্বাস দিলে৷ কিন্তু একেৰাহে দুদিন দুবেলা মন্ত্ৰ জপ কৰিও ল’ৰাটোক জীয়াই তুলিব নোৱাৰিলে৷ তেতিয়া গাঁৱৰ ল’ৰাহঁতে খঙতে ভুৱা বেজ বুলি বেদান্ত ওজাক মাৰধৰ কৰিবলৈ ধৰে৷ ৰাজহুৱা পিটনৰ কোবত বিষালী হৈ কিছুদিনৰ পিছত বেদান্ত ওজাৰ মৃত্যু হয়৷ সেই বেদান্ত ওজাই এতিয়া ভূত হৈ জামজিং বিলত দেখা দিছে৷

ওজা ভূতে মন্ত্ৰ মাতি থাকোঁতে থাকোঁতে প্ৰবীণ আৰু নৰেনৰ মনলৈ এনে ভাৱ আহিব ধৰিলে যেন সিহঁত মানুহ নহয়৷ সিহঁতো নিজে একোটা ভূতহে৷ এনে ভাৱ অহাত সিহঁতে ভূতবোৰলৈ ভয় নকৰি সিহঁতৰ লগ ল’লেগৈ৷ ওজা ভূতে তেতিয়া সিহঁতহালক ক’লে, “ব’ল , এতিয়া মোৰ আদেশমতে কাম কৰিবি৷”

বিমান আৰু কুমুদে  ডেকাপাম সাপ্তাহিক বজাৰত বজাৰ-সমাৰ কৰি সন্ধ্যাৰ আগে আগে জামজিং গাঁও হৈ জামজিং বিলৰ পাৰত থকা সিহঁতৰ কেম্পলৈ খোজ ল’লে৷ ইতিমধ্যে আন্ধাৰ নামি আহিছিল৷ সিহঁতে ঠিক বাটেৰেই আহিছিল; কিন্তু সেই বাটেৰে আহি থাকিও নিজৰ কেম্পত ওলাব নোৱাৰিলে৷ গৈ গৈ সিহঁতে জানজিং বিলৰ পিটনিৰ কাষ পালগৈ৷ পুনৰ ঘূৰি আহিল৷ সিহঁতে বাট ভুল হোৱা বুলিয়েই ভাৱি লৈছিল৷ এইবাৰ সঠিক পথটো বাছনি কৰি লৈ পুনৰ খোজ ল’লে৷ গৈ গৈ পুনৰ বিলৰ অন্য এটা পাৰতহে ওলালগৈ৷ তাত বিলৰ পানীত এঠাইত এক প্ৰচণ্ড ধমধমনি শুনিবলৈ পালে৷ প্ৰকাণ্ড শাল মাছ এটাইহে যেন পানীত শব্দ কৰিছে৷ পানীলৈ চাই সিহঁত অবাক হ’ল৷ কাৰণ, পানীৰ এটা স্তম্ভ উপৰলৈ উঠি কুণ্ডলী পকাই পকাই থকা দেখা পালে৷ দৃশ্যটো কিবা অলৌকিক  যেন লাগিল৷ সিহঁত পুনৰ ঘূৰি আহিল৷ পৰুৱাই পোৱা মানুহৰ দৰে অৱস্থা হ’ল সিহঁতৰ৷ কি কৰিব কি নকৰিব ভাৱি পাৰ নাপায় চাকি-বাতিৰ পোহৰকে ধিয়াঁই গামচুক গাঁৱৰ ফালে পথাৰৰ মাজেদি আগুৱাব ধৰিলে৷ কুমুদে খুউব ভয় খাইছিল৷ সি জোৰ কৰি বিমানক এম. এল. এ. বেজৰ ঘৰলৈ লৈ গ’ল৷ বেজক সকলো কথা ভাঙি পাতি ক’লে৷ বেজে দুয়োকে দুটা তাবিজ পিন্ধাই অভয় প্ৰদান কৰি পুনৰ কেম্পলৈ যাবলৈ ক’লে৷ এইবাৰ মনত সাহস লৈ দুয়ো জামজিং বিলৰ ফালে গতি কৰিলে৷ তেতিয়া ৰাতি নমানেই বাজিছিল৷

বিমল আৰু কুমুদ গৈ থকা বাটটোৰ সমুখত কাকো দেখা পোৱা নাছিল ; কিন্তু সিহঁতৰ কাণৰ কাষতেই প্ৰবীণ আৰু  নৰেনৰ মাত শুনিবলৈ পালে৷ প্ৰবীণে ক’লে, “বিমান আৰু কুমুদ , তহঁত সৌ ডিমৰু জোপাৰ তললৈ ব’ল৷ তাত ওজা বাবাই তহঁতলৈ বাট চাই আছে৷” প্ৰবীণৰ মাত শুনি বিমল আৰু কুমুদ দুয়ো চিঞৰি উঠিল---“ প্ৰবীণ তই ক’ৰ পৰা কথা কৈছ ? আমি যে তোক দেখা পোৱা নাই ?” এইবাৰ হুৰহুৰাই এজাক প্ৰবল বতাহ সিহঁতৰ সমুখৰ পৰা বৈ গ’ল ডিমৰুজোপাৰ ফালে৷ ডিমৰু গছজোপাৰ তলত নৰেনৰ মাত শুনা গ’ল৷

“বিমান আৰু কুমুদ দুয়োটা ইয়ালৈ আহ৷ আমি ইয়াতে বাবাৰ ওচৰত আছোঁ৷”

বিমান আৰু কুমুদ ডিমৰু গছৰ তল পালেগৈ৷ গছৰ গুৰিত ‘ হ্লিং ক্লিং ক্লিং— --’   ইত্যাদি মন্ত্ৰ উচ্চাৰণ  কৰি থকা শুনিবলৈ পালে; কিন্তু তাত কাকো দেখা নাপাই সিহঁতে চিঞৰি উঠিল, “কোন ? ইয়াত কোন আছ ? নৰেন আৰু প্ৰবীণ তহঁত ক’ত আছ ?” লগে লগে গছজোপাত এক প্ৰবল ধুমুহাৰ সৃষ্টি হ’ল—যেন গছজোপা উঘালি পেলাব৷ দুয়োটাৰে চকু গৈ কপালত উঠিল যেতিয়া সিহঁতে গছজোপাৰ ঠাইত এটা প্ৰকাণ্ড পেটুৱা দৈত্যহে থিয় দি থকা দেখা পালে৷ এইবাৰ সাহসী বিমানৰো ভয়ত সৰ্ব্ব শৰীৰ কম্পমান হ’ল৷ কুমুদ এক প্ৰকাৰ চেতনাহীন যেনেই হৈ পৰিল৷ পুনৰ দৈত্যটো ডিমৰু গছলৈ ৰূপান্তৰিত হ’ল৷  গছজোপাৰ গুৰিত পুনৰ মন্ত্ৰ –ধ্বনি শুনা গ’ল৷----“ ক্লিং –ক্লিং—ক্লিং---৷”

লাহে লাহে বিমান আৰু কুমুদৰ মনৰ পৰা ভয়ৰ ভাৱ কেনিবা পলাল৷ সিহঁতে নিজৰ অস্তিত্ব পাহৰি যাব ধৰিলে৷ গাবোৰ পাতল পাতল অনুভৱ হ’ল৷ ভৰি দুখন যেন মাটিৰ পৰা ওপৰলৈ উঠি আহিছে আৰু সিহঁত শূন্যতে ভাঁহি থাকিব পৰা হ’ল৷ সিহঁতে যেনিয়ে চাইছে তেনিয়েই কিম্ভুৎ-কিমাকাৰ প্ৰাণীবোৰহে দেখা পাইছে৷ সেই প্ৰাণীবোৰৰ হাঁহি-খিকিন্দালিবোৰ শুনি সিহঁতৰ ভাল লাগি গৈছে৷ আনন্দত যেন হিয়া উঠলি উঠিছে৷ দুয়ো সেই অলৌকিক প্ৰাণীবোৰৰ সৈতে বিচৰণ কৰি ফুৰিব ধৰিলে৷

ভূতবোৰৰ লগত ঘূৰি ফুৰোঁতে বিমান আৰু কুমুদে প্ৰবীণ আৰু নৰেনক লগ পালেগৈ৷ আটাইকেইটাই কথা পাতিব ধৰিলে৷ প্ৰবীণ আৰু নৰেনে  বিমান আৰু কুমুদক বুজাই দিলে যে আজি  এই জামজিং বিলৰ পাৰত ভূতবোৰৰ এখন ডাঙৰ মেলা অনুষ্ঠিত হ’ব৷ গতিকে মেলা দেখুৱাবলৈকে সিহঁতক এনেদৰে অনা হৈছে৷ লগতে বিমান আৰু কুমুদক বেদান্ত ওজাৰ কাহিনীও ক’লে৷

চাৰিওটাই আলোচনা কৰি ভূতৰ কথামতে সিহঁতৰ মেলা চোৱাটোকে সিদ্ধান্ত ল’লে৷ আচলতে ইয়াৰ বাহিৰে সিহঁতৰ অন্য উপায়ো নাছিল৷

সিহঁতে কথা পাতি থাকোঁতেই এজাক প্ৰচণ্ড বতাহ আহি চাৰিওটাকে জামজিং বিলৰ পিটনিৰ ফালে উৰুৱাই লৈ গ’ল৷ পিটনি পাই যি ঠাইত  বতাহজাক স্তব্ধ হ’ল তাতে সিহঁত ৰৈ গ’ল৷  সিহঁতে দেখিলে তাত হেজাৰ হেজাৰ ভূত সমবেত হৈছে৷ সিহঁতক দেখা পোৱাৰ লগে লগে ভূতবোৰে সিহঁতকো আচুতিয়াকৈ  বহিবলৈ আসন দিলে৷ সিহঁতক কোনোবা এটা ভূতে জনালে যে সভা আৰম্ভ হ’বৰ হ’ল৷

ভূতৰ সভাত মানুহৰ কাম –কাজৰ ওপৰত নানা সমালোচনা আৰম্ভ হ’ল৷ এটা ভূতে তাৰ ভাষণত ক’লে যে বৰ্ত্তমান মানুহে যি দৰে যধে-মধে মানুহ হত্যা কৰিব ধৰিছে তালৈ লক্ষ্য ৰাখিলে অতি কম দিনৰ ভিতৰতে ভূতৰ সংখ্যা পৃথিবীৰ মানুহৰ সংখ্যাতকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কাৰণ জীয়াই থাকিবলৈ যি আয়ুস লৈ মানুহে পৃথিবীত জন্ম লয় সেই আয়ুস পূৰ্ণ নহওতেই হত্যাৰ বলি হোৱাত ভূত হোৱাৰ বাহিৰে অন্য উপায় নাথাকে৷  অন্যহাতে মানুহে ভূতবোৰ বিচৰণ কৰিব পৰা ঠাইবোৰ নোহোৱা কৰি গৈছে৷ সেয়েহে ভূতবোৰৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ ভূতবোৰে প্ৰাণ ৰক্ষাৰ বাবে বাস-স্থান সলাই থাকিব লগীয়া হৈছে৷ মানুহে হত্যা বন্ধ নকৰিলে ভূত-প্ৰেতৰ সমস্যা নিতৌ বৃদ্ধি পাই যাব৷  ভূতৰ সংখ্যা বাঢ়ি গেছে ; কিন্তু খাদ্যৰ পৰিমাণ কমি গৈছে৷ ভূত চৰিবলৈ ঠাইৰ অভাৱ হৈ গৈছে৷ গতকে কিবা উপায়েৰে ভূতবোৰ জীয়াই ৰাখিবই লাগিব৷ ভূতবোৰেই পৃথিবীৰ আটাইতকে দুৰ্ভগীয়া প্ৰাণী৷ মানুহে চকুৰে দেখা নাপায় বাবে ভূতৰ ক্ষেত্ৰত হৃদয়খন প্ৰয়োগ নকৰে , ভগৱানৰ ক্ষেত্ৰত কিন্তু হৃদয়খনেই মূল ভেটি৷ ভূতৰ এনে দুৰ্ভাগ্য আৰু অধিক ভূতৰ বাবে সহ্য নহয়৷ এনে বক্তব্য শুনি সভাৰ সকলোবৰ ভূতে তাক সমৰ্থন জনাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিলে৷

এইবাৰ অন্য এটা নামী  উগ্ৰবাদী ভূতে তাৰ  ভাষণত ক’লে যে এই পৃথিবীৰ মানুহ জাতিটো জীয়াই থাকে মানে ভূতৰ কোনো কাহানিও শান্তি নহ’ব৷ গতিকে পৃথিবীৰ পৰা মানুহ জাতিটো নিঃশেষ কৰি দি কেৱল ভূতবোৰহে জীয়াই থাকিব লাগিব৷ সেইটো ভূতৰ  ভাষণতো সকলো ভূতে সমৰ্থন জনাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিলে৷

এইবাৰ অন্য এটা মানৱ-বিদ্বেষী ভূতে থিয় হৈ ভাষণ আৰম্ভ কৰি ক’লে যে এতিয়া ভূতবোৰৰ  প্ৰধান কাম হ’ব মানুহ জাতিটো পৃথিবীৰ পৰা শেষ কৰি দিয়া৷ তাৰ উপায় উলিয়াব লাগে৷ উপায়টো উলিয়াই আমি আতি গোপনে ৰাখি হাতে –কামে লাগি যোৱা উচিত৷
ঠিক তেতিয়াই ভূতৰ মাজত বুবু-বাবা চলিল৷ ওপৰৱালা ভূতৰ নিৰ্দ্দেশত বিমান, কুমুদ,প্ৰবীণ আৰু নৰেনক কেইটামান ভূতে সভাস্থলিৰ পৰা আতঁৰাই লৈ গ’ল৷ সিহঁত চাৰিওটাকে পুনৰ এক প্ৰবল বতাহে উৰাই লৈ গ’ল আৰু জামজিং বিলৰ অন্য পাৰে থকা সিহঁতৰ জুপুৰিৰ কাষ পোৱালেগৈ৷ তেতিয়া সিহঁতে নিজৰ শৰীৰটো শীতল শীতল অনুভৱ কৰিলে৷ কোনেও কাৰো মুখলৈ চাবলৈ শক্তি নাছিল৷ ভাগৰত সিহঁতৰ দেহ-মন লেবেজান হৈ পৰিছিল৷ সিহঁত ততালিকে ঘৰত সোমাই বিছনাত ঢলি পৰিল৷

পিছদিনা পুৱা নমান বজাত বিট অফিচাৰ চমুৱা আৰু বন-বিভাগৰ অন্য কেইজনমান কৰ্ম্মী গৈ চাৰিওটাকে চিঞৰি-বাখৰি শুৱাৰ পৰা উঠাই দিলে৷ বিমানৰ বাদে বাকী কেইটাৰ মুখত মাত-বোল নাই৷ সিহঁত তিনিওটা সদ্যজাত কুকুৰ পোৱালীৰ দৰে চকু মেলিব নোৱাৰা অৱস্থাত৷ ইফালে গাত প্ৰচণ্ড জ্বৰ৷

বিমানে ৰাতি ঘটি যোৱা ঘটনাৰ বিতং বিৱৰণী ডাঙি ধৰিলে৷ বিট অফিচাৰ চমুৱাই ততালিকে এম. এল. এ. বেজক কেম্পলৈ মতাই আনিলে৷ জাৰি-ফুকি দিয়াতহে কুমুদ , প্ৰবীণ আৰু নৰেনৰ মুখলৈ মাত ঘূৰি আহিল৷

-----------------------সমাপ্ত------------------












No comments:

Post a Comment