(ৰহস্য গল্প)
খ্যাতনামা প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱা গৈ পাওঁতে ঘটনাস্থলিত লোকে লোকাৰণ্য হৈ আছিল৷ ৰতন বৰুৱাৰ উপস্থিতিৰ সম্ভেদ পোৱাৰ লগে লগে মানুহবোৰৰ মাজত চলি থকা আলোচনাৰ শব্দবোৰৰ মাত্ৰা অধিক বৃদ্ধি পালে৷ ৰতন বৰুৱা আৰু তেওঁৰ সহযোগী ইন্দ্ৰজিৎ, কামাখ্যা আৰু বাহাদুৰক আৰক্ষীৰ লোকে মৃতদেহ কেইটা থকা ঠাইলৈ লৈ গ’ল৷ তাত কৰ্ত্তব্যৰত কনিষ্টবলকেইজনে ৰতন বৰুৱাক চ্যেলুট দি সম্ভাষণ জনালে৷
ৰতন বৰুৱা আৰু তেওঁৰ সহযোগীসকলে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল৷ চিত হৈ পৰি
থকা মৃতদেহকেইটাৰ ফটো কামাখ্যাই বিভিন্ন দিশৰ পৰা কেমেৰাত বন্দী কৰিলে৷ বাহাদুৰ আৰু
ইন্দ্ৰজিতে ফিটা হাতত লৈ পানীযঁৱলিৰ পৰা মৃতদেহৰ
দূৰত্ব, হাবি—জোপোহাৰ পৰা মৃতদেহৰ দূৰত্ব ইত্যাদিবোৰৰ জোখ-মাপ ল’ব ধৰিলে৷ ৰতন বৰুৱাই অতি সুক্ষ্ম দৃষ্টিৰে
মৃতদেহ কেইটা পৰি থকা স্থানত কিবা শুংসূত্ৰ পাব পাৰে নেকি বিচাৰিব ধৰিলে৷ ৰতন বৰুৱাই
অ’ত-ত’ত পৰি থকা দুই-এপদ বস্তু বুটলি নিজৰ জোলোঙাত ভৰাই যাবলৈ ধৰিলে৷ তেওঁ ঘটনাস্থলিৰ
ইফালে- সিফালে নিৰীক্ষণ কৰি মৃতদেহ পৰি থকা ঠাইৰ পৰা কিছু আঁতৰি গ’ল৷ তেওঁৰ কাষে কাষে
স্থানীয় গাঁওবুঢ়া অনিৰূদ্ধ গাম আৰু সদৰথানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন কলিতা৷ গাঁওবুঢ়া অনিৰূদ্ধ গামক সোধা নানান প্ৰশ্নৰ উত্তৰ তেওঁ দি
গৈছে৷
সত্বজান আদ্ৰভূমি৷ অতিথি পক্ষীৰ শীতকালৰ বিচৰণস্থলী৷ গগণবিহাৰী পক্ষীবোৰে নগৰৰ
পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত থকা নদীখনৰ পশ্চিম
পাৰৰ ৰেলৱে’ দলঙৰ ওচৰত মথাউৰিৰ কাষত থকা এই সত্বজান আদ্ৰভূমিৰ মোহ এৰিব নোৱাৰি প্ৰতিবছৰে
নবেম্বৰ মাহত আতিথ্য গ্ৰহণ কৰেহি৷
সত্বজান আদ্ৰভূমিৰ বিভিন্ন ধৰণৰ উদ্ভিদবোৰে পক্ষীকূলক ৰক্ষা কৰিবলৈ যেন সদায়ে
সাজু হৈ থাকে আৰু তাৰ মাজে মাজে থকা জলাশয়বোৰে অতিথি পক্ষীৰ বাবে খাদ্যসম্ভাৰ মজুত
ৰাখে৷ ‘গ্ৰীণ হেৰিটেজ’ আৰু ‘নদী প্ৰকৃতি সুৰক্ষা সমিতি’ ৰ সদস্যসকলে প্ৰাণপণে চেষ্টা
চলাইছে এই আদ্ৰভূমিৰ সুৰক্ষাৰ হেতু৷ তাতে আহিছে অনেক বাধা,ঘটিছে সংঘাত৷ তথাপিও অতিথি
পক্ষীক নিৰাপত্তা দিবই যে লাগিব৷ এয়া যেন জীৱনৰ ব্ৰত শান্তিৰাম গগৈৰ৷ শান্তিৰাম গগৈ—যিজনে
বছৰ বছৰ ধৰি সত্বজান আদ্ৰভূমিৰ সুৰক্ষাৰ স্বাৰ্থত অহৰ্নিশে প্ৰহৰীৰ ভূমিকা পালন কৰি
আহিছে৷ শান্তিৰাম গগৈৰ বিষয়ে আৰু অধিক জানিবৰ বাবে ৰতন বৰুৱাই আগ্ৰহ প্ৰকাশ কৰিলে৷
শান্তিৰাম গগৈৰ ঘৰ সত্বজান আদ্ৰভূমিৰ নিচেই কাষতে হোৱা বাবেই ইয়াৰ সুৰক্ষাৰ
সমস্ত ভাৰ যেন তেওঁৰ ওপৰতেই পৰিছে৷ চৰকাৰৰ ওচৰত প্ৰকৃতিপ্ৰেমীসকলে জনোৱা আবেদনৰ ফলস্বৰূপে
মাথোঁ তিনিআলিত এখন নামফলক আঁৰি দিয়া হ’ল৷
ইয়াতেই যেন চৰকাৰৰ কৰ্ত্তব্য শেষ৷ এনে এক বন্য পক্ষীৰ উদ্যান চৰকাৰীভাৱে নিৰ্মাণ কৰা
দূৰৰে কথা , প্ৰাকৃতিকভাৱে গঢ় লৈ উঠা এই পক্ষী –বিচৰণস্থলীৰ সুৱক্ষা চৰকাৰৰ বন বিভাগে দিব নোৱাৰাটো কম লজ্জাজনক কথানে
? শক্তিশালী ৰাজনৈতিক দলৰ পাণ্ডাৰে গঠিত গোট একোটাহঁতে আকৌ এই আদ্ৰভূমি দখল কৰি মীনপালনৰ
পুখুৰী খান্দবলৈ আহে৷ প্ৰকৃতিপ্ৰেমীসকলৰ সহায় লৈ শান্তিৰাম গগৈয়ে এনে কাৰ্য্যত বাধা
প্ৰদান কৰে৷
ইংৰাজী নৱ-বৰ্ষৰ আৰম্ভণিৰ পৰাই শতাধিক বনভোজৰ দলে এই সত্বজান আদ্ৰভূমিৰ কাষত
পক্ষীকূলৰ সহ্যাতীত হৈ-হাল্লাৰে সন্ধ্যাপৰলৈকে বনভোজ খাই অৱশেষত পলিথিনকে ধৰি নানা
আবৰ্জনা পেলাই থৈ যায়৷ তেনে নকৰিবলৈ বিনম্ৰ ভাষাত লিখি আঁৰি দিয়া ফলকবোৰো তেওঁলোকে
ভাঙি পেলাই দিয়ে৷ অসহায় শান্তিৰাম গগৈয়ে অৱশেষত আবৰ্জনাবোৰ চাফা কৰে৷ এই কাৰ্য্যত নগৰত
থকা মহাবিদ্যালয়খনৰ অধ্যাপক প্ৰকৃতিপ্ৰেমী ড° নিতুল শইকীয়াইও নগৰৰ পৰা আহি গগৈৰ সৈতে
সহযোগ কৰে৷
এক জানুৱাৰীৰ দিনা বনৰীয়া হাঁহবোৰৰ বিচৰণস্থলীৰ কাষত থকা মুকলি ঠাইখনত বনভোজ-দলৰ
শিশুহঁতে বল খেলি থকা শান্তিৰাম গগৈয়ে তেওঁলোকৰ অভিভাৱকসকলক বিনম্ৰভাৱে অনুৰোধ জনাই
তাত বল খেলাৰ পৰা শিশুহঁতক বাৰণ কৰিবলৈ কৈছিল; কিন্তু তেওঁলোকে অনুৰোধ ৰক্ষা নকৰিলে৷
পৰিণাম স্বৰূপে গোটেই দিনটো বনৰীয়া হাঁহবোৰে খাদ্য গ্ৰহণৰ পৰা বঞ্চিত হ’ল৷ কাৰণ. মুকলি
ঠাইখনৰ কাষৰ পানী কম থকা পাৰটোৱেই হাঁহবোৰৰ বাবে একমাত্ৰ খাদ্য আহৰণৰ ঠাই৷ হাঁহবোৰ
ভোকত থকাৰ বেজাৰতে শান্তিৰাম গগৈয়েও সেইদিনা
খোৱা-বোৱা কৰিব নোৱাৰিলে৷ গাঁওবুঢ়া অনিৰূদ্ধ গামৰ পৰা ৰতন বৰুৱাই শান্তিৰাম গগৈৰ বিষয়ে আৰু কিছুমান কথা
উলিয়াই ল’লে, যেন এইবোৰ কথাৰ মাজৰ পৰাই তেওঁ হত্যাকাৰীক বিচাৰি উলিয়াব৷
গাওঁবুঢ়াই কৈ গ’ল—“ চাৰ, কেইদিনমানৰ আগতে বদলপুৰৰ পৰা অহা এটা পিকনিক পাৰ্টিৰ
ল’ৰাবোৰে শান্তিৰাম গগৈৰ পুতেকক মাৰধৰ কৰি পানীত পেলাই দিছিল৷”
“কিয় ?”
“তেওঁ পাৰ্টিটোৰ মাইক বজোৱা বন্ধ কৰিবলৈ অনুৰোধ জনাই কৈছিল যে চিঞৰ-বাখৰ হৈ
থাকিলে চৰাইবোৰে ভয় খাব৷ এয়ে আছিল তেওঁৰ জগৰ৷ ল’ৰাটোৱে সাঁতুৰিব জানে বাবে সাঁতুৰি
ৰেল আলিৰ কাষ পালেগৈ আৰু ৰেল লাইনৰ সিপাৰৰ গাঁৱলৈ গৈ ডেকাহঁতক সকলো কথা বিৱৰি ক’লে৷
তেতিয়া সন্ধ্যা লাগিছিল৷ গাঁৱৰ প্ৰকৃতিপ্ৰেমী ডেকাহঁত আহি পিকনিক পাৰ্টিৰ গাড়ীখনত আক্ৰমণ
চলায়৷ পিকনিক পাৰ্টিটোৰ বহুকেইজন ডেকা আঘাতপ্ৰাপ্ত হয় আৰু গাড়ীখনৰ বিস্তৰ ক্ষতি হয়৷
অৱশেষত দলটোৱে ওৰে নিশা দলনী পথাৰখনতে কটাবলগা হয়৷”
“ বাৰু গাঁওবুঢ়া , আপুনি জনাত এই সত্বজান আদ্ৰভূমিত ইয়াৰ আগতে কোনো লোকৰ এনে
ধৰণে মৃত্যু হৈছিলনে ?”
ৰতন বৰুৱাৰ প্ৰশ্নৰ উত্তৰ দি গাওঁবুঢ়াই ক’লে,”চাৰ, আজিৰ পৰা তিনিবছৰৰ পূৰ্বে দুটা মৃতদেহ এই আদ্ৰভূমিৰ পাৰত
দেখা পাই ৰাইজে থানাত খবৰ দিয়ে৷ পিছে মৃতদেহ কেইটাৰ প’ষ্টমৰ্টেম ৰিপৰ্টত সৰ্পদংশনত মৃত্যু হোৱা বুলিহে লিখে৷”
“হয় নেকি ? “ ৰতন বৰুৱাই ক’লে, “তেন্তে এই অঞ্চলত বিষাক্ত তথা আক্ৰমণকাৰী সাপো
আছে৷ ব’লক ইন্সপেক্টৰ কলিতা ,মৃতদেহকেইটাৰ প’ষ্টমৰ্টেমৰ ব্যৱস্থা কৰা হওক৷”
################
হোটেল মুনলাইট৷ ২০৫নং কোঠা৷ ৰতন বৰুৱা আৰু তেওঁৰ সহযোগীসকলে ইয়াতেই বাহৰ পাতি
অভিযানৰ কাম –কাজ চলাই গৈছে৷ সত্বজান আদ্ৰভূমিত পোৱা মৃতদেহ পাঁচটাৰ হত্যাকাৰীৰ সন্ধানৰ
বাবে আলোচনা কৰিবলৈ আজি আৰক্ষী অধীক্ষক আৰু সদৰথানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুয়োজনেই ৰতন
বৰুৱাৰ আমন্ত্ৰণ ক্ৰমে উপস্থিত হৈছেহি৷
আলোচনাৰ আঁত ধৰি ৰতন বৰুৱাই ক’লে, “ইন্সপেক্টৰ কলিতা, প’ষ্টমৰ্টেম ৰিপৰ্টত
কি পোৱা গৈছে কওকচোন৷”
“চাৰ, প’ষ্টমৰ্টেম ৰিপৰ্ট অনুযায়ী পাচোঁজন ব্যক্তিৰেই একেটা কাৰণতে মৃত্যু
হৈছে৷ হাঁওফাওঁৰ পক্ষাঘাত৷ Lung paralysis ৷ কোনো এজনৰো শৰীৰত কোনো আঘাতৰ চিহ্ন নাই৷”
“কলিতা , আমি জানিব পাৰিছো যে সত্বজানৰ হাবিত বিষাক্ত সাপ আছে৷ এই বিষয়ত আমাৰ
ইন্দ্ৰজিতে অনুসন্ধান চলাই আছে৷ বিষাক্ত সাপৰ দ্বাৰাই দংশনৰ বাবেও তেওঁলোকৰ হাঁওফাওঁৰ
পক্ষাঘাত ঘটিব পাৰে৷ প’ষ্টমৰ্টেম ৰিপৰ্টত তেওঁলোকৰ শৰীৰৰ কোনো স্থানতে ক্ষত চিহ্ন ধৰা
পৰা নাইনে ?”
“নাই চাৰ৷” কলিতাই ক’লে, “ আমি প’ষ্টমৰ্টেম ৰিপৰ্টৰ ক’তো এনে ক্ষত চিহ্নৰ বিষয়ে
পোৱা নাই৷”
“ইন্দ্ৰজিৎ “, ৰতন বৰুৱাই ক’লে,” তুমি এই বিষয়ত কি কোৱা ?”
“চাৰ, তিনি বছৰৰ পূৰ্বে যি দুটা মৃতদেহ এই আদ্ৰভূমিৰ পাৰত পোৱা গৈছিল তাৰ পষ্টমৰ্টেম
ৰিপৰ্টৰ কপি মই সংগ্ৰহ কৰিছোঁ৷ দুয়োটা মৃতদেহতে
সৰ্পদংশনৰ ক্ষতচিহ্নৰ উল্লেখ আছে৷ এটাৰ বাওঁ ভৰিৰ সৰু গাঁঠিৰ ওপৰত আৰু আনটোৰ সোঁভৰিৰ কেঞা আঙুলিত৷ অৰুণাচলৰ পাহাৰৰ
পৰা শান্তিৰাম গগৈয়ে কেইটামান সাপৰ কণী আনি
জগিবৰ বাবে সুব্যৱস্থা কৰি সত্বজান আদ্ৰভূমিৰ
পাৰত ৰাখিছিল৷ সময়ত কণীবোৰ ফুটি নানা ধৰণৰ চিত্ৰ-বিচিত্ৰ পোৱালিবোৰ ওলাই হাবিৰ জোপোহাত
সোমাই পৰা শান্তিৰাম গগৈয়ে দেখা পাইছিল৷”
“অ’ তেন্তে তুমি শান্তিৰাম গগৈক লগ কৰিলা ?” ৰতন বৰুৱাই ক’লে৷
“হয় ছাৰ, মই শান্তিৰাম গগৈক লগ কৰি সত্বজানৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিছো৷
ছাৰ , প’ষ্টমৰ্টেম ৰিপৰ্টৰ পিছত পুলিচে শান্তিৰাম গগৈ আৰু তেওঁৰ পুত্ৰক মুকলি কৰি দিয়ে৷
লগে লগে মই শান্তিৰাম গগৈক তেওঁৰ ঘৰতে লগ ধৰোগৈ৷ ছাৰ, তেওঁ এজন প্ৰকৃততেই ভদ্ৰলোক আৰু
প্ৰকৃতিপ্ৰেমী৷ পুলিচে তেওঁক সন্দেহ কৰিবই নালাগিছিল৷ কৰ্ত্তব্যৰ খাতিৰতে তেওঁৰ পৰিয়ালটোক
হাৰাশাস্তি কৰা হ’ল৷”
“এৰা, সঁচা কথা৷ পুলিচ বিভাগে এনে এজন সদাশয় ব্যক্তিৰ ওচৰত ক্ষমা খজা উচিত৷”
পুলিচ অধীক্ষক কৃষ্ণকমল দুৱৰাই ক’লে,”কলিতা আপুনি এটা কাম কৰক, শান্তিৰাম গগৈক ইয়ালৈকে
লৈ আহকগৈ৷”
“ঠিক আছে ছাৰ, মই আহিছো৷” –এটা চেলুট মাৰি অ’চি কলিতা হোটেলৰ পৰা ওলাই গ’ল৷
#################
শান্তিৰাম গগৈৰ বাসগৃহ৷ ‘ হোটেল মুনলাইট’ত হোৱা সিদ্ধান্ত অনুযায়ী আজি সত্বজান
আদ্ৰভূমিৰ পাৰত প্ৰাকৃতিক পৰিবেশৰ মাজতে এক আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে৷ আমন্ত্ৰিত
বিশিষ্ট ব্যক্তিসকলৰ আগমনৰ বাবে অপেক্ষাৰত ৰতন বৰুৱা আৰু তেওঁৰ সহযোগীসকলে শান্তিৰাম
গগৈৰ সৈতে তেওঁৰ ঘৰতে কথা পাতি আছে৷
“গগৈ ডাঙৰীয়া, আপুনি যে কৈছিল সেই গুৱাহাটীৰ উদ্ভিদ বিশেষজ্ঞ কেইজনৰ কথা ,
তেওঁলোকে আজিৰ আলোচনাচক্ৰত ভাগ ল’বলৈ অহাটো নিশ্চিতনে ?”
ৰতন বৰুৱাৰ প্ৰশ্নৰ উত্তৰ দি শানতিৰাম গগৈয়ে ক’লে, “হয় ছাৰ, তেওঁলোক আহিব৷
সেইটো খাটাং৷”
“তেওঁলোকনো সত্বজান আদ্ৰভূমিৰ প্ৰতি কিদৰে আকৰ্ষিত হৈ এই নগৰ পালেহি ?” ৰতন
বৰুৱাই উৎসুকতাৰে প্ৰশ্ন কৰিলে৷
“ইয়াতো এক কাহিনী জড়িত হৈ আছে ছাৰ৷” শান্তিৰাম গগৈয়ে ক’লে, “ইয়াৰ বালিকা উচ্চ
ইংৰাজী বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী সমাৰোহত অংশ ল’বলৈ লামডিঙলৈ
গৈছিল৷ তেওঁলোকৰ গৱেষণাৰ বিষয়-বস্তু আছিল ‘সত্বজান আদ্ৰভূমিৰ বনৌষধি উদ্ভিদসমূহ৷’ তেওঁলোকে
এই আদ্ৰভূমিৰ সুৰক্ষা আৰু সংৰক্ষণৰ সম্মৰ্কেও গৱেষণা পত্ৰত উল্লেখ কৰিছিল৷ তাৰোপৰি
তেওঁলোকে পৰিভ্ৰমী পক্ষীৰ সত্বজান আদ্ৰভূমিলৈ আগমণ ঘটাৰ কথাও গৱেষণাপত্ৰত লিপিবদ্ধ কৰিছিল৷ তাকে পঢ়ি উদ্ভিদ বিশষজ্ঞসকল এই আদ্ৰভূমিৰ
প্ৰতি আকৰ্ষিত হৈ পৰিল৷ তেওঁলোক আহি ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ উদ্দেশ্যে নগৰৰ হোটেলত
বাহৰ পাতি আছেহি৷”
এনেতে শান্তিৰাম গগৈৰ ঘৰৰ চোতালত দুখন বলেৰ’ গাড়ী ৰ’লহি৷
এখন গাড়ীৰ পৰা পুলিচৰ দল এটা আৰু আনখনৰ পৰা কেইজনমান ভদ্ৰলোক নামিল৷ ৰতন বৰুৱা
আৰু শান্তিৰাম গগৈয়ে সকলোটিকে সাদৰ সম্ভাষণ জনাই আগবঢ়াই নি বহিবলৈ দিলে৷
“আমি সকলোটি গোট খাইছোঁ, এতিয়া পলম কৰাৰ প্ৰয়োজন নাই৷” পুলিচ অধীক্ষক কৃষ্ণকমল
দুৱৰাই সমবেতসকলক উদ্দেশ্যি ক’লে,--“আমি আলোচনাস্থলীলৈকে যাওঁ ব’লক৷”
সত্বজান আদ্ৰভূমিৰ পূবদিশত নদীৰ পাৰত ‘গ্ৰীণ হেৰিটেজ’ৰ সদস্য তথা স্থানীয় প্ৰকৃতিপ্ৰেমী
যুৱকসকলে প্লাষ্টিকৰ চকী মেজ সজাই পৰাই আলোচনাস্থলী সু-সজ্জিত কৰি ৰাখিছে৷ আসন গ্ৰহণ
কৰাৰ পৰিবৰ্তে সকলোৱে অতিথি পক্ষীৰ নিৰীক্ষণতহে মনোনিবেশ কৰিলে৷
“চৰাইবোৰে মানুহলৈ ভয় নকৰেচোন,নহয়নে বাৰু ?” পুলিচ অধীক্ষক কৃষ্ণকমল দুৱৰাই
নিচেই কাষতে চৰি থকা অতিথি কাম চৰাই কেইটালৈ চাই ক’লে, “এই কামচৰাই কেইটা নিশ্চয় অন্য
দেশৰ পৰা আহিছে, নহয়নে গগৈ ডাঙৰীয়া ?”
শান্তিৰাম গগৈয়ে ক’লে, “আপুনি ঠিকেই ধৰিছে ছাৰ,এই কেইটা অতিথি কামচৰাই আৰু
সৌ কেইটা আমাৰ দেশৰ৷” সৰু সৰু কামচৰাইকেইটালৈ আঙুলিয়াই দি শান্তিৰাম গগৈয়ে ক’লে৷
“মই আক’ সেইকেইটা ডাঙৰ কামচৰাইকেইটাৰে পোৱালি বুলিহে ভাৱিছিলোঁ৷”-সদৰ থানাৰ
অ’চি কলিতাই ক’লে৷
কথাষাৰ শুনাৰ লগে লগে সকলোৱে গিৰ্জনি মাৰি হাঁহি দিয়াত কলিতাই লাজতে তলমূৰ
কৰিলে৷
কথাটো তল পেলাবলৈকে যেন ৰসিকতাৰ সৃষ্টি কৰাৰ মানসেৰে শান্তিৰাম গগৈয়ে পুলিচ
অথীক্ষক কৃষ্ণকমল দুৱৰাক উদ্দেশ্যি ক’লে, “ছাৰ, আপুনি আক’ ভাৱিছে নেকি যে সৌ ডাঙৰ হাঁহকেইটাৰে
এইকেইটা পোৱালি ?”কাষতে চৰি থকা ঘিলাহাঁহজাকৰ ফালে আঙুলিয়াই দি কথাষাৰ কোৱাৰ লগে লগে
পুনৰবাৰ হাঁহিৰ জোৱাৰ উঠিল৷
“চাওকচোন বাৰু, আমি ইমান ওচৰতে হাঁহি হাঁহি কথা পাতি আছো যদিও চৰাইবোৰে ভয়
কৰি আঁতৰি যোৱা নাই৷”---পুলিচ অধীক্ষক দুৱৰাই আশ্চৰ্য্য প্ৰকাশ কৰাৰ লগতে গভীৰভাৱে
চিন্তা কৰি ক’লে—“এই চৰাইবোৰ যি দেশৰ পৰা আহিছে সেই দেশৰ লোকসকল প্ৰকৃতিপ্ৰেমী হোৱা
বাবে চৰাইবোৰক জনবসতিৰ নিচেই কাষতে নিৰ্ভয়ে বাস কৰিবলৈ দিবে৷ সেয়ে আমাৰ ইয়াতো মানুহলৈ
ভয় কৰা নাই৷” কথাষাৰ সকলোৱে মানি ল’লে আৰু লাহে লাহে আহি সভাস্থলিত নিজৰ নিজৰ আসন গ্ৰহণ
কৰিলে৷
আলোচনাচক্ৰৰ আঁত ধৰি পুলিচ অধীক্ষক কৃষ্ণকমল দুৱৰাই ক’লে –“আজি আমি এক জটিল
বিষয়ৰ সমাধানকল্পে এই আলোচনাচক্ৰৰ আহ্বান কৰিছো৷ সেয়া ইতিমধ্যে আপোনালোকে জানিব পাৰিছেই৷
এতিয়া প্ৰখ্যাত ডিটেকটিভ ৰতন বৰুৱাক তেখেতৰ বক্তব্য আৰম্ভ কৰিবলৈ অনুৰোধ জনালো৷”
ৰতন বৰুৱাই তেঁওৰ ভাষণ আৰম্ভ কৰি ক’লে, “এই সত্বজান আদ্ৰভূমিত পাঁচজনকৈ লোকৰ
মৃত্যুৰ আঁৰৰ ৰহস্য উদ্ঘাটন আপোনালোক সকলোটিৰে সহযোগিতাৰ যোগেদিহে সম্ভৰ হ’ব৷ প্ৰথম
অৱস্থাত আৰক্ষীৰ লোকে সন্দেহ কৰাৰ দৰে আমিও ভাৱিছিলো যে প্ৰকৃতিপ্ৰেমীৰ দ্বাৰাই এই
হত্যাকাণ্ড সংঘটিত হৈছে ;কিন্তু মৃতদেহৰ প’ষ্টমৰ্টেম ৰিপৰ্টে সেই সন্দেহ অমূলক বুলি
প্ৰতিপন্ন কৰিলে৷ সৰ্প দংশনত মৃত্যু ঘটাৰ প্ৰমাণ নাপালো৷ তেনেহ’লে কেনেকৈ পাঁচজন মানুহৰ
মৃতদেহ সত্বজান আদ্ৰভূমিৰ পাৰত পৰি থাকিল ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ’লে আমাৰ মাজত
উপস্থিত থকা উদ্ভিদ বিশেষজ্ঞসকলৰ পৰা মই সহায় পাব লাগিব৷ তেখেতসকলে মোক এই আদ্ৰভূমিত
যিবোৰ দুস্প্ৰাপ্য উদ্ভিদৰ সন্ধান পাইছে সেইবোৰৰ বিষয়ে জনাব লাগিব৷”
ৰতন বৰুৱাৰ অনুৰোধক্ৰমে উদ্ভিদ বিজ্ঞানী
ড°সীমান্ত চহৰীয়াই ক’লে,--“আমি এই আদ্ৰভূমিত এতিয়ালৈকে দুবিধ দুস্প্ৰাপ্য ঔষধিগুণসম্পন্ন
উদ্ভিদ পাইছো আৰু তাৰ নমুনা সংগ্ৰহ কৰিছো৷ সেইবোৰৰ ওপৰত বিষদভাৱে গৱেষণা কৰা হ’ব৷”
“ড° সীমান্ত চহৰীয়া মহোদয়, আপোনাৰ যদি কোনো আপত্তি নাই তেন্তে সেই দুবিধ উদ্ভিদৰ
সৈতে আমাক পৰিচয় কৰাই দিবনে ?”
ৰতন বৰুৱাৰ অনুৰোধক্ৰমে ড° চহৰীয়াই সত্বজান আদ্ৰভূমিৰ পাৰলৈ সকলোটিকে লৈ গ’ল৷
লগে লগে সেই ঠাইৰ আশে পাশে থকা চৰাইবোৰে উৰা মাৰি সত্বজানৰ উত্তৰ ফালে থকা জলাশয়লৈ
আঁতৰি গ’ল৷
“চৰাইবোৰক আমনি দিয়া হৈছে”—আৰক্ষী অধীক্ষক কৃষ্ণকমল দুৱৰাই ক’লে৷
“সেই কাৰণেই ছাৰ, ইহঁতক শান্তিৰে থাকিবলৈ দিবৰ বাবেই বন বিভাগৰ লোকৰ দ্বাৰা
পহৰাৰ ব্যৱস্থা কৰিব লাগে৷” শান্তিৰাম গগৈয়ে সুযোগ পাই তেওঁৰ প্ৰস্তাব আগ বঢ়াই ক’লে,
“তেনে কৰিলে আমিও কাৰো স’তে অযথা যুঁজিব লগা নহ’লহেঁতেন ছাৰ৷ তাৰোপৰি এনেদৰে মৃতদেহ
পৰি নাথাকিলহেঁতেন৷”
“হয় গগৈ ডাঙৰীয়া, মই ডি. এফ. অ’.ৰ সৈতে কথাটো আলোচনা কৰিম৷” এচ. পি. কৃষ্ণকমল
দুৱৰাই শান্তিৰাম গগৈক আশ্বাস দি ক’লে৷
“এইজোপা চাওক”, জোপোহা এটাৰ মাজত থকা উদ্ভিদ এজোপাৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ
কৰি ড° চহৰীয়াই ক’লে,“ ‘আইৰিচ হেকসা গোনা’ , যাৰ বৈজ্ঞানিক নাম ‘Iris Versicolar’;
এইবিধ ঔষধি গুণযুক্ত উদ্ভিদ আমেৰিকাত জন্মে৷ এই উদ্ভিদৰ পৰা বহুধৰণৰ
ৰোগৰ ঔষধ তৈয়াৰ কৰা হয়৷”
“ আপোনালোক অনুগ্ৰহ কৰি এইফালে আহক৷ সৌজোপা চাওক”-অন্য এজোপা উদ্ভিদলৈ আঙুলিয়াই
চহৰীয়াই ক’লে, “এইজোপাৰ নাম ‘ম্যাটিকো(Matico),ইয়াৰ অন্য নাম ‘পাইপাৰ এ্যানগাষ্টি ফোলিয়াম’৷ এই উদ্ভিদ
আমেৰিকাৰ সেমেকা কাঠৰ ওপৰত জন্মে৷” কথাষাৰ কৈয়ে তেওঁ উদ্ভিদজোপাৰ কাষলৈ গৈ তলৰ অংশৰ
হাবি-বনবোৰ গুচাই দিয়াত দেখা গ’ল—পানী-যুৱঁলিত থকা কাঠ এডোখৰৰ ওপৰতে উদ্ভিদজোপা গজিছে৷
“কিন্তু এইবোৰ উদ্ভিদ এই আদ্ৰভূমিত গজিছে কিদৰে ?” অ’চি কলিতাই মনৰ কৌতুহল
দমাই ৰাখিব নোৱাৰি প্ৰশ্ন কৰিলে৷
উদ্ভিদ বিজ্ঞানী ড° ৰজত বৰদলৈয়ে এই প্ৰশ্নৰ উত্তৰ দি ক’লে, “এই সকলোবোৰ সম্ভৱ
হৈছে পৰিভ্ৰমী পক্ষীৰ জড়িয়তে৷ সিহঁতেই মলত্যাগ যোগে এইবোৱ উদ্ভিদৰ বংশ বিস্তাৰ কৰিছে৷
এনেধৰণৰ আদ্ৰভূমিতহে উদ্ভিদবোৱ গজে৷”
“আপোনালোকক ধন্যবাদ , ড° বৰদলৈ ডাঙৰীয়া৷” প্ৰাইভট ডিটেকটিভ ৰতন বৰুৱাই ক’লে,--“
এতিয়া ময়ো এক নিৰ্ভুল সিদ্ধান্তত উপনীত হ’ব পাৰিছো৷” কথাখিনি কৈয়ে ৰতন বৰুৱাই হাতত
গ্লভ পিন্ধি বেগৰ পৰা কিছুমান ফুলৰ কলি উলিয়াই লৈ যাদুখেল দেখুৱাবলৈ আৰম্ভ কৰা যাদুসম্ৰাটৰ
দৰে সকলোকে দেখুৱাই ক’লে,--“এইবোৰ ফুলনে কলি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে৷”
ড° চহৰীয়াই ভালদৰে চাই ক’লে, “এইবোৰ ফুলৰ কলিয়েই হয়; কিন্তু এনে ফুলৰ কলি আমি
আগেয়ে কাহানিও ক’তো দেখা নাই , নহয়নে বৰদলৈ ?”
“এৰা , আপুনি এই ফুলৰ কলিবোৰ ক’ৰ পৰা সংগ্ৰহ কৰিছে বৰুৱা ডাঙৰীয়া ?” ড° ৰজত
বৰদলৈয়ে ৰতন বৰুৱাক প্ৰশ্ন কৰিলে৷
“এৰা , এই ফুলৰ কলিতেই সকলো ৰহস্য লুকাই আছে৷” ৰতন বৰুৱাই কৈ গ’ল—“এই ফুল এই
সত্বজান আদ্ৰভূমিতেই ফুলে৷ আপোনালোক মোৰ সৈতে আহক,”—এই বুলি কৈ ৰতন বৰুৱাই মৃতদেহ কেইটা
য’ত পৰি আছিল সেইফালে গৈ আদ্ৰভূমিৰ হাবিৰ মাজত লুকাই থকা উদ্ভিদবোৰ লাঠি এডালেৰে লৰাই-বগৰাই
সকলোকে দেখুৱাই ক’লে, “—এইবোৰ এইবোৰ ফুলৰ কলি চাওক , মই সংগ্ৰহ কৰা কলিবোৰৰ সৈতে একেই৷
এই উদ্ভিদৰ বীজ কোনোবা অজান্তিমুলুকৰ পৰা পৰিভ্ৰমী পক্ষীয়েই আনি এই ঠাইত পেলাইছে৷”
কথাখিনি কওঁতে ৰতন বৰুৱাক কিছু উত্তেজিত হৈ ৰা যেন দেখাইছিল আৰু তেওঁ অবিৰাম ভাৱে কৈ
গ’ল—“আপোনালোকে এই ফুলৰ বিষয়ে জানি আচৰিত হ’ব৷ ফুলবোৰ ৰাতি বাৰ বজাৰ পৰা এক বজাৰ ভিতৰত
ফুলে আৰু তাৰ পিছতেই লগে লগে গুটিলৈ ৰূপান্তৰিত
হয়৷ পুনৰ পিছদিনা ৰাতি বাৰ বজাৰ পৰা এক বজাৰ ভিতৰত গুটিবোৰ ফুললৈ ৰুপান্তৰিত হয়৷ এইদৰে
কেইদিনমান ফুলাৰ পিছতে গুটিবোৰ কঠিন হৈ পৰে৷কঠিন
গুটিবোৰৰ ওপৰৰ পিৰপিৰিয়া ছালখন পকি যায় আৰু সু-স্বাদু হৈ পৰে চাগৈ৷ সেয়েহে এবিধ পৰিভ্ৰমী
পক্ষীয়ে সেইবোৱ ভক্ষণ কৰে ; কিন্তু কঠিন গুটিবোৰ হজম কৰিব নোৱাৰে৷ মলতভাগ কৰোতে বাহিৰ
হৈ য’তে পৰে তাতে গজি উঠে৷ এনে উদ্ভিদ নিশ্চয় অৰুণাচল প্ৰদেশৰ কোনো কোনো আদ্ৰভূমিত
গজিছে আৰু তাৰ পৰাই বীজ এই আদ্ৰভূমি পাইছেহি---যিহেতু আমি অৰুণাচল প্ৰদেশৰ আদ্ৰভূমিৰ
তীৰত এনেদৰে মৃতদেহ পোৰা গৈছে বুলি জানিব পাৰিছো৷
অৰুণাচলবাসীয়ে ভূত-প্ৰেতৰ কাণ্ড বুলি ধৰি কথাবোৰ সামৰণি মাৰে৷
আপোনালোকে আৰু এটা কথা জানি আচৰিত হ’ব যে এই উদ্ভিদৰ ফুলবোৰ ফুলিবৰ বাবে গাক’
চন্দ্ৰৰ পোহৰৰ প্ৰয়োজন হয়৷ সেয়ে মাজনিশা চন্দ্ৰৰ পোহৰ পালে ফুলবোৰ ফুলি সোণবৰণীয়া হৈ
চিকমিকাই উঠে৷ এনে ফুলবোৰ ফুলি থকা দেখা পালে মানুহৰ মন মতলীয়া হৈ পৰে আৰু ফুলবোৰ চিঙিবলৈ
আগ্ৰহী হৈ পৰে৷ ফুলবোৰৰ কাষলৈ চাপি যোৱাৰ লগে লগে স্নিগ্ধ সৌৰভে মন পুলকিত কৰি তোলে৷ শুঙি চাই তাৰ ঘ্ৰাণ ল’বৰ মন যায়; কিন্তু তেনে কৰিলেই লগে লগে হাওঁফাওঁৰ
পক্ষাঘাত হৈ মৃত্যু মুখত পৰে৷”
“তেন্তে এই ফুলৰ ঘ্ৰাণ লৈয়ে মানুহ কেইটাৰ মৃত্যু হৈছে নেকি ?”
সদৰ থানাৰ অ’চি কলিতাই সোধা প্ৰশ্নৰ উত্ত্ৰ দি ৰতন বৰুৱাই কয়, “নিশ্চয়৷ মানুহকেইটাৰ
মৃতদেহৰ প’ষ্টমৰ্টেম ৰিপৰ্টমতে ৰাতি বাৰ বজাৰ পৰা এক বজাৰ ভিতৰত মৃত্যু ঘটিছে৷ কেৱল
এই কেইজন মানুহৰে মৃত্যু ঘটিছে এনে নহয়,অন্য দুজন যুৱকৰো একে ধৰণেৰে মরত্যু ঘটিছে
–উজনী চাপৰি গাঁৱত৷
ঘটনাটো এনে ধৰণৰ—আদ্ৰভূমি সত্বজানত পাঁচজন পক্ষী হত্যাকাৰীয়ে ঘোঁৰাৰ নেজৰ নোমেৰে
তৈয়াৰী চৰাই ধৰা ফান্দ পাতি কেইবাটাও কামচৰাই ধৰি নিজৰ বেগত ভৰাই ল’লে৷ তাৰ পিছত হঠাৎ
সিহঁতে জকমকাই ফুলি থকা সোণবৰণীয়া ফুলবোৰ দেখি ততালিকে চিঙি আনি বেগত ভৰালে আৰু তাৰ
সুগন্ধিত মতলীয়া হৈ আটাইকেইটাই শুঙি চালে৷ লগে লগে হাওঁফাওঁৰ ক্ষাঘাট ঘটি সিহঁতে মৃত্যুক
আকোঁৱালি ল’ব লগা হ’ল৷
অন্যহাতে পুৱতি নিশা সত্বজানৰ পাৰে পাৰে ৰেল আলিৰ ফালৰপৰা অহা উজনীচাপৰি গাঁৱৰ
দেবেশ্বৰে দেখে যে পাঁচটা মানুহ পৰি আছে আৰু কাষতে বেগ এটাত কেইবাটাও কামচৰাই ফান্দ
এখনৰ সৈতে ভৰাই থোৱা আছে৷ তেওঁ ভাৱিলে---মানুহকেইটা মদৰ নিচাত তেনেদৰে পৰি আছে৷ তেওঁ
বেগটো উঠাই লৈ ঘৰলৈ খৰধৰকৈ গুচি গ’ল৷ ঘৰ পাই বেগৰ পৰা কামচৰাইকেইটা উলিয়াই ঘৈণীয়েকক
দিলেআৰু তেওঁ ঘৰৰ ভিতৰতে পল’ এটাৰে চৰাইকেইটা ঢাকি থ’লে৷ দেবেশ্বৰে বেগটো বাহিৰলৈ নি
চাংঘৰৰ গাধৈৰ বাঁহ এডালত ওলোমাই থ’লে৷ ওৰে
দিনটো তাতে ওলমি থকা বেগটো ৰাতিৰ ভাগতো তাতেই থাকিল৷ সেইদিনা ৰাতি বাৰ বাজি কেইমিনিটমান
যাওঁতে দেবেশ্বৰৰ পুত্ৰ ঘনশ্যাম আৰু তাৰ বন্ধু
নিত্যানন্দই বন্তু এজনৰ ঘৰত ভোজ-ভাত খাই ঘৰ সোমায়ে এক অদ্ভুত ধৰণৰ ফুলৰ সুগন্ধি পাই
মতলীয়া হৈ পৰি ক’তনো ফুলবোৰ আছে তাৰ অনুসন্ধান
চলাই অৱশেষত চাংঘৰৰ গাধৈৰ বাঁহ এডালত ওলোমাই থোৱা বেগটো দেখা পায়৷ তেওঁলোকে বেগটো মেলি
দেখে –সোণবৰণীয়া ফুলবোৰ বেগটোৰ ভিতৰত জকমকাই আছে৷ ফুল ৰশুঙি চোৱাৰ লোভ সামৰিব নোৱাৰি
দুপাহ ফুলৰ ঘ্ৰাণ লৈয়ে দুয়ো স্বৰ্গবাসী হৈ ধুমুহা –বতাহত হালি পৰা কলগছৰ দৰে ঠাইতে
ঢলি পৰিল৷
পুৱা ঘৰখনত শোকাকুল পৰিবেশ৷খবৰটো আমিও পালোঁ৷ খৰধৰকৈ ঘৈ দেবেশ্বৰৰ ঘৰ ওলালোগৈ৷
মই আগদিনাৰ দৰে সেই অচিন ফুলৰ কলিবোৰ তাত দেখা পাই এটাও নেৰাকৈ সকলোবোৰ কলি সেই বেগটোতে
ভৰাই লৈ আহিলো৷ মোৰ নিৰ্দ্দেশতে যুৱক দুজনৰ
মৃতদেহ প’ষ্টমৰ্টেম কৰা হ’ল৷ ৰিপৰ্ট চাই দেখোঁ---ঠিক একেই৷ ৰাতি বাৰ বজাৰ পৰা এক বজাৰ
ভিতৰত মৈত্যু আৰু কাৰণ হৈছে ----হাঁও-ফাওঁৰ পক্ষাঘাত৷”
কথাবোৰশুনি থকা সকলোৱেই তেতিয়া উৎসুকতাৰে সেই ৰহস্যময় উদ্ভিদবোৰলৈকে চাই আছিল৷
--------সমাপ্ত--------
No comments:
Post a Comment