কণমইনা সিহঁতৰ ঘৰখনৰ প্ৰতিজন সদস্যৰে অতি আদৰৰ আৰু
মৰমৰ৷ ঠিক একেদৰেই জীৱ-জন্তু, চৰাই-চিৰিকতিবোৰ আকৌ কণমইনাৰ বাবে অতি আদৰৰ আৰু
মৰমৰ৷ সি কোনো জীৱ-জন্তু বা চৰাই-চিৰিকতিৰ কষ্ট হোৱাটো সহ্য কৰিব নোৱাৰে৷ যেতিয়াই যেনেকৈ
পাৰে সিহঁতৰ প্ৰতি সহায়ৰ হাত আগ বঢ়াবলৈ সাজো হৈ থাকে৷ তাৰ এনে প্ৰয়াসৰ ফলশ্ৰুতি হিচাপে
ইমান কম বয়সতেই বৰ্তমান কেইবাটাও স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনৰ সি সদস্য হৈ পৰিছে৷
পৃথিবীৰ সভ্য মানৱৰ অসভ্য আচৰণৰ
ফলত জীৱ জগতৰ অনেক প্ৰাণীয়ে এই পৃথিবীৰ পৰা চিৰ দিনৰ বাবে বিদায় লোৱা বুলি জনা হোৱাৰে পৰা কণমইনাৰ মনটো বেজাৰত ভাৰাক্ৰান্ত
হৈ আছে৷ আনহে নেলাগে এদিন কথা প্ৰসংগত ‘বিচৰণ স্থলিৰ অভাৱত পৰি হেনো এই পৃথিবীৰ পৰা
ভূত-প্ৰেতবোৰো নোহোৱা হৈ গ’ল’ বুলি দেউতাকে হাঁহি হাঁহি কওঁতেও কথাষাৰ কণমইনাৰ সঁচা
যেন লাগি গ’ল৷ দুৰ্ভগীয়া ভূত-প্ৰেতবোৰৰ কথা ভাৱি তাৰ বেজাৰ লাগি গ’ল৷ সি ভাৱিলে , এতিয়া
যদি সিহঁত ক’ৰবাত আছে আৰু কেনেবাকৈ দেখা দিয়ে
তেন্তে সি সিঁহতৰ সৈতে বন্ধুত্ব গঢ়ি তুলি সিহঁতৰ থকা মেলাৰ ব্যৱস্থা কৰি দিব, সিহঁতলৈ
ভয় নকৰে; দেউতাকে বজাৰৰ পৰা আনি দিয়া শহা দুটাক যেনেকৈ মৰমেৰে গঁৰালত ৰাখিছে ঠিক তেনেকৈ
মৰমেৰে সিহঁতকো বান্ধি ৰাখিব৷
এদিন দুপৰ নিশা কণমইনা হঠাৎ টোপনিৰ পৰা সাৰ পাই গ’ল৷ সাৰ পায়ে সিহঁতৰ চোতালত কুকুৰৰ ভুঁক ভুঁকনি শুনি সি সচকিত হৈ পৰিল৷ চোতালৰ এমূৰে থকা শহা দুটাৰ গঁৰালৰ কাষতেই যে কুকুৰ কেইটাই ভুঁকি আছে সেই কথাত সি নিশ্চিত হ’ল৷ শহা হালৰ কিবা বিপদ ঘটাব নেকি ? কথাটো সি ভাৱি চাই ঘড়ীটোলৈ চালে ৷ চাৰি বাজি পাৰ হ’ল৷ ৰাতি পুৱালেই বুলিব পাৰি৷ তাৰ মনলৈ সাহস আহিল৷ হাতত এডাল লাঠি লৈ দুৱাৰ খুলি সি চোতালত প্ৰৱেশ কৰাৰ লগে লগেই কুকুৰ কেইটা পলাই পতং দিলে৷ সি শহা গঁৰালৰ কাষ চাপি গ’ল৷ সকলো ঠিকেই আছে৷ শহা দুটাক সি দিয়া নাম ‘ৰিকি’ আৰু ‘টিকি’ বুলি মাত
দিয়াৰ লগে লগে তাক দেখা পাই সিহঁত হাল যেন আনন্দত মতলীয়া হৈ পৰিছে এনে ভাৱ দেখুৱাই গঁৰালৰ ভিতৰতে নাচি বাগি থাকিল৷
কণমইনাই শহা কেইটা চাই থাকোঁতেই ৰাস্তাৰ ইটোপাৰে কুকুৰবোৰে ৰাউচি জোৰা শুনিলে৷ সি সেইফালে চকু দিওঁতেই যিটোহে বস্তু দেখা পালে
! ভয় নকৰো বুলি ক’লে কি হ’ব ? তেনে এটা বস্তু দেখিলে সাহসৰ স্থান সন্ত্ৰাসে দখল কৰিব৷
কণমইনাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হ’ল৷ তথাপি সি ভয়ে ভয়ে হ’লেও আকৌ এবাৰ বস্তুটোৰ ফালে
চালে৷ মূৰত জপৰা চুলি, গাটো শকত, তেনেই চুটি-চাপৰ আৰু সেই প্ৰাণীটোৱে হাতেৰে খোজ কাঢ়িছেনে
ভৰিয়ে খোজ কাঢ়িছে তাকেইচোন ধৰিব নোৱাৰি৷ আৰু—আৰু তাৰ সেই পকা আঙঠাৰ দৰে জলি থকা চকু
দুটা যে---! কণমইনাই যেতিয়া নিশ্চিত হ’ল যে ই ভূতৰ বাদে আন একোৱেই নহয় , তেতিয়া মাকক
জগাই দি ভূতটো দেখুওৱাৰ কথা চিন্তা কৰিলে৷ অন্যথাই পুৱাই পুৱাই ভূতৰ কাহিনী কৈ সি লাজতহে
পৰিব৷ নিজে নেদেখিলে আজিৰ দিনত কোনে ভূত বিশ্বাস কৰিব বাৰু?
ক’তজনৰ মুখত ক’ত যে ভূত-প্ৰেতৰ
কাহিনী সি শুনি আহিছে তাৰ লেখ জোখ নাই৷ এবাৰ ভৰ বাৰিষা কণমইনাহঁতৰ গাঁৱৰ কেইটামান তাৰ
কাণসমনীয়া ল’ৰাই হেনো টুলুঙা নাও বাই সাপেখাটি বিলৰ কাষত টুকুৰা চৰাইৰ কণী বিচাৰি ফুৰিছিল ৷ দূৰণিত পানীৰ
মাজত হেলেচ গছ এজোপাৰ তলত থকা গছৰ মূঢ়াত বহি
কিচকিচকৈ ক’লা ভূত এটাই সিহঁতক উদ্দেশ্যি “ ঔ--- ” বুলি যেতিয়া ৰিঙিয়াই দিলে তেতিয়া
আটাই কেইটাই সমানে নাও বাই পলায়ন কৰিছিল ৷ এলেহুৱা বুলি খ্যাতি লাভ কৰা তাৰ বন্ধু ফুলকণেও
বোলে প্ৰাণপণে নাও বাইছিল সেইদিনা৷
পোতা পুখুৰীত বৰশী বাই থাকোতে দেখা দিয়া বাকৰ কথাও
সি শুনিছে৷ হাত ভৰি দীঘল দীঘল কিচকিচকৈ ক’লা
বাকবোৰে মাছ খোৱাৰ ধাণ্ডাতে থাকে হেনো৷ নগৰত থকা মোমায়েকৰ ঘৰলৈ যাওঁতে তাতে ‘বাকৰ পুতেক’ নামৰ চিনেমাখন চাই বাকৰ বংশধৰ নগাঁৱত
এতিয়াও মানুহৰ ৰূপত থকাৰ কথা সি জানিছে৷ সি গাঁৱৰ বয়োজ্যেষ্ঠ জনৰ মুখে শুনা মতে,
বহুবছৰৰ আগতে এখন গাঁৱৰ দুজন ভাই-ককায়েকে নাও লৈ জাল বাই মাছ ধৰিবলৈ পোতা পুখুৰীলৈ
গৈছিল৷ জাল বাই থকা ককায়েকে গ’মেই নাপালে যে
পোতাপুখুৰীৰ বাকে হাতত গুৰি বঠা লৈ নাও বাই থকা ভায়েকটোক খাই নিজে ভায়েকৰ ৰূপ ধাৰণ
কৰি মাছ খাই খাই নাও বাই আছে৷ ককায়েক বেণুধৰে কিমাননো মাছ পাইছে তাকে চাওঁতেহে দেখে যে নাওৰ তলিতচোন
মাছেই নাই৷ বেণুধৰৰ মনত সন্দেহ ঘনীভূত হ’ল৷ এবাৰ চপক চপকৈ কোনোবাই কিবা খোৱা যেন শব্দ
শুনি সি আঁৰ চকুৰে ভায়েকৰ ফালে চাই দেখে যে সিয়েই মাছবোৰ খাই আছে৷ ৰহস্যটো বুজিবলৈ
তাৰ দেৰি নালাগিল৷ ভায়েক কণটিলৌক খাই বাকটোৱে কণটিলৌৰ ৰূপ ধাৰণ কৰি থকা বুলি নিশ্চিত হোৱাৰ লগে লগে সি খেৱালি জালখন
তাৰ গালৈ মাৰি পঠালে৷ লগে লগে বপুৰা বাক কণটিলৌ হৈয়ে জালত বন্দী হৈ ৰ’ল আৰু অলপো পলম
নকৰি বেণুধৰে বাকটোৰ সৰ্ব শক্তিৰ উৎস স্বৰূপ মোনাখন কাঢ়ি ল’লে৷ জালেৰে মেৰিয়াই বাকটোক
ঘৰলৈ লৈ গ’ল৷ তাৰ মোনাখন সৰিয়হৰ ডুলিত থকা সৰিয়হৰ মাজত সোমোৱাই থ’লে৷ তেতিয়াৰে পৰা
বাকটো কণটিলৌ হৈয়ে সিহঁতৰ ঘৰত থাকি গ’ল৷ বেণুধৰে মাকক কথাটো জানিবলৈ নিদিলে- বেজাৰ
পাব বুলি; কিন্তু এই কথা দহাই দহাই মাকক ক’লে যে সৰিয়হৰ ডুলিত থকা মোনাটো কাহানিও যেন
কণটিলৌক দিয়া নহয়৷ বহুবছৰ এইদৰেই পাৰ হ’ল আৰু কণটিলৌক বিয়া বাৰু পাতি দিয়াৰ পিছত সি ল’ৰা –ছোৱালীৰ বাপেকো হ’ল৷ পিছে
বাকে বাকৰ স্বভাৱ এৰে কেনেকৈ ? সৰিয়হলৈ ভয় কৰিহে মোনাখন লৈ পলাব পৰা নাই৷ এদিন ঘৰত
বাকীবোৰ মানুহ নথকা অৱস্থাত মাকক অকলে পাই
সি না না কথাকৈ ভুলাই পেলালে ৷ মাকেও আগ পাছ নুগুণি কণটিলৌৰ কথামতেই মোনাখন সৰিয়হৰ ডুলিৰ পৰা উলিয়াই জাৰি জোকাৰি বজাৰলৈ
নিবৰ বাবে কণটিলৌৰ হাতত দি দিলে৷ মোনাখন হাতত লোৱাৰ লগে লগে কণটিলৌ ৰূপী বাক অন্তৰ্ধান
হৈ পৰিল৷ তাৰ পিছত চিৰদিনৰ বাবে কণটিলৌ এই পৃথিবীৰ পৰা হেৰাই গ’ল৷ মাকৰ মুখে মোনাখন কণটিলৌক দিয়া বুলি শুনি বেণুধৰে
মাকক সকলো কথা ভাঙি পাতি ক’লে আৰু মাকে পুত্ৰ শোকত বিহ্বল হৈ কান্দোনত ধৰিত্ৰী কঁপালে৷
বাকৰ দৰে দীঘল দীঘল হাত ভৰিৰ সৈতে কণটিলৌৰ ল’ৰা –ছোৱালীহঁতেও পিতৃহাৰা হৈ মাকৰ সমানে
সমানে কান্দিব ধৰিলে৷ এইবোৰ কাহিনীচোন কণমইনাৰ মিছা যেনেই নালাগে৷
এবাৰ যে সিহঁতৰ গাৱঁত কেইবাজনীও মহিলাৰ গাত আই লম্ভি
যিহে লীলা দেখুৱাইছিল! পিছে এজন গুণী জ্ঞানী সমাজ সেৱক আহি গাঁৱৰ ৰাইজক বুজালে যে সেইটো
এটা বেমাৰহে৷ নাম বোলে ‘মাচ হিষ্টিৰিয়ে’( Mass Hysteria)অৰ্থাৎ তিৰোতাসকলৰ সমূহীয়া
ভাৱে হোৱা মুৰ্চ্ছা ৰোগ৷ এগৰাকীক দেখি বেমাৰটো আন গৰাকীৰ হয়৷ তেওঁলোকে নিজকে দেৱী বুলি
ভাৱি লয় হেনো৷ তেতিয়াহে কণমইনাহঁতৰ দৰে কণ কণ বোৰৰ ভয় ভাগিছিল৷
আজিকালি কণমইনাহঁতক বিদ্যালয়ৰ শিক্ষকসকলেও কয় যে
ভূত-প্ৰেত বিশ্বাস কৰা দিন গ’ল, বিজ্ঞানৰ যুগত নিজে ভূত নহ’লে কোনেও ভূত বিশ্বাস নকৰে৷
অশিক্ষিত লোক এচামেহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভূত-প্ৰেত, ডাইনী –পিশাচ আদি কাল্পনিক ভাৱে জীয়াই ৰাখিছে৷ পিছে আজি পুৱতি নিশাতে বিজ্ঞানৰ
যুগটোক ভেঙুচালি কৰি এই ভূতটো কেনেকৈ ক’ৰ পৰা ওলাল ? সি ভাৱিলে৷
কণমইনাই আৰু অধিক পলম নকৰি মাকৰ বিছনাৰ কাষ পালেগৈ৷ ঘৰৰ আনবোৰ
মানুহে যাতে হৈচৈ লগাই দি ভূতটোক পলাই যাবলৈ বাধ্য নকৰে তাৰ বাবেই সি মাকক লাহেকৈ টোপনিৰ
পৰা জগাই
ভূত ওলোৱা কথাটো অতি নিম্ন স্বৰত কৈ দেখুৱাবৰ বাবে বাহিৰলৈ লৈ আহিল৷ মাকৰ সাহস
দেখি কণমইনাই আচৰিত হ’ল৷ মাকেচোন অলপো ভয় ভীত নহৈ ভূতটোৰ কাষলৈ আগুৱাই গৈছে! সিও মাকৰ
সাহসতে পিছে পিছে গৈ থাকিল৷
“বৰ আইটি তোৰ কি হৈছে ?” কণমইনাক
আচৰিত কৰি মাকে ভূতক মাত লাগালে৷
“ পেহী মই পেচাব কৰিবলৈ বাহিৰলৈ
আহিছিলো, পিছে বাট ভুল কৰি ৰাস্তা পালোহি নেকি ?”
ইতিমধ্যে মহেন্দ্ৰৰ বায়েক বৰআইটিৰ
হাতত থকা চাকি দুটাৰ এটা নুমাই গৈছিল৷ বেচেৰা কণমইনাই পকা অঙঠাৰ দৰে জিলিকি থকা ভূতৰ
চকু দুটাৰ ৰহস্য বুজিব পাৰি নিজে নিজে লাজ পাইছিল৷
সি নহয়, তাৰ মাকেই বৰআইটিক সুধিছিল
দুটাকৈ জ্বলন্ত চাকি হাতত লৈ অহাৰ কাৰণ৷ তাই কৈছিল যে তাই ৰাতি চকুৰে ভালদৰে নেদেখে
যেতিয়া এটা চাকি লৈ আহিলে সেইটো নুমাই গ’লে বিপদত পৰিব , গতিকে আনটো চাকি জ্বলি থাকি
যাতে তাইক ৰক্ষা কৰে তাৰ বাবেই দুটা চাকি লৈ আহিছে৷
“ ব’ল, তোক ঘৰত থৈ আহোঁ,” বৰআইটিক
উদ্দেশ্যি কণমইনাৰ মাকে ক’লে, “ইমান হাওলি
গৈছ যে তোৰ ককালৰ বিষটো ভাল হোৱাই নাই নেকি?”
“ কি ক’ম পেহী , বেজটোৱে মিছা
কথা কৈ টকা সোপা লৈ পলাল; সি জাৰি দিয়া তেলে কোনো কাম নিদিলে৷ বিষ বেছিহে হ’ল৷”
কথাষাৰ শুনি কণমইনাৰ কণমানি মনটোৱে
অন্ধবিশ্বাসৰ কবলত পৰি লটি- ঘটি হোৱা সমাজখনৰ কথা ভাৱি হাহাকাৰ কৰি উঠিল৷ সি চিন্তা
কৰি চালে, সাপেখাটি বিলত তাৰ লগৰীয়াহঁতে দেখাটোও চাগৈ ভূত নাছিল, অন্য কিবাহে আছিল৷
মনত সাহস গোটাই সিহঁত ওচৰ চাপি যোৱা হ’লেই
সত্য উদ্ঘাটন হ’লহেতেন৷
বৰআইটিক তাইৰ ঘৰত থৈ ঘূৰি আহোঁতে
কণমইনাৰ মাকৰ ওচৰতেই লাজ লাগি গ’ল৷ জীৱনত এদিনো
স্কুললৈ নোযোৱা নিৰক্ষৰ মাকজনীৰ ওচৰত তাৰ নিজকে তেনেই নিঃকিন যেন লাগিল৷ অন্তৰৰ পৰাই
সি মাকক নতশিৰে প্ৰণাম জনালে৷
No comments:
Post a Comment