নৈশবাচৰ মহিলা যাত্ৰীসকলৰ প্ৰতি কৰা এক অবিচাৰ
সচৰাচৰ দেখা যায় যে নৈশবাচসমূহ
ইয়াৰ গতিপথৰ কোনো এক নিৰ্জন স্থানত ৰখাই দি বাচৰ পৰিচালকে যাত্ৰীসকলক উদ্দেশ্যি কয়,
“কাৰ কাৰ বাহিৰলৈ যাব লগা আছে যাওক সোনকালে৷” তেতিয়া পুৰুষ যাত্ৰীসকলৰ কিছু সংখ্যক
যাত্ৰী বাচৰ পৰা নামি গৈ বাচখনৰ আশেপাশে ৰৈ মুকলি ঠাইত পেচাৱ (যাক ক’ব পাৰি-‘আন্তৰ্জাতিক
প্ৰস্ৰাৱগাৰ’ ব্যৱহাৰ) কৰি মুকলি মন লৈ বাচত উঠি নিজৰ আসন গ্ৰহণ কৰে৷বাচৰ পৰিচালকে
আগবঢ়োৱা এই সুযোগ উপায়হীন হৈ পৰা দুই এক মহিলা যাত্ৰীয়েহে গ্ৰহণ কৰে৷ প্ৰয়োজনীয়তা থাকিলেও
বহুতো মহিলা যাত্ৰীয়ে লাজ আৰু সংকোচ ভাৱৰ বাবে সেই ‘আন্তৰ্জাতিক প্ৰস্ৰাৱগাৰ’ ব্যৱহাৰ
কৰিবলৈ বাচৰ পৰা নামি যাব নোৱাৰে৷এয়া মহিলা
বাচযাত্ৰীসকলৰ প্ৰতি কৰা এক প্ৰকাৰৰ অবিচাৰ বা অন্যায় নহয়নে? গতিকে দূৰণী-বটীয়া বাচসমূহৰ
সকলো বাচযাত্ৰীৰ সুবিধাৰ বাবে সংশ্লিষ্ট কৰ্ত্তৃপক্ষই ঠায়ে ঠায়ে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ
ব্যৱস্থা কৰিব লাগে৷
No comments:
Post a Comment