Sunday 6 December 2015

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আতঙ্ক

( ‘আতঙ্ক’ৰ তৃতীয় খণ্ড)
                                                            
ম’হঘুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়৷ এই নামটো শুনিলে স্থানীয় ৰাইজে কিবা এক বিৰক্তি তথা ঘৃণা ভাৱত নাক কোঁচায়৷ বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যম আদিত প্ৰায়ে এই অফিচটোত চলা দুৰ্নীতিৰ বতৰা প্ৰচাৰ হৈ থাকে৷ পিছে অফিচটোৰ বিষয়া আৰু কৰ্মচাৰীসকলে সেইবোৰলৈ কেৰেপেই নকৰে৷ কোনো কোনো লোকে কয় যে সাংবাদিক সকলক হেনো তেওঁলোকে অংশীদাৰ কৰি লৈ ধনৰ টোপোলা গুঁজি দি কথাবোৰ গাপ দি ৰাখে৷

তৰুন বৰুৱাৰ ঘৰ ম’হঘূলি গাৱঁতে৷ তেওঁ চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাইত বহু বছৰ কটাই অৱসৰ গ্ৰহণ কৰি নিজ গাঁওখনলৈ ঘূৰি আহিছে৷ পিছে তেওঁ পৈতৃক সম্পত্তি হিচাপে পাব লগা ঘৰৰ ভেঁটিটো তেওঁৰ দুজন ককাই-ভায়ে দখল কৰি ৰাখিছে আৰু তেওঁক ঘৰ বনাবলৈ এৰি দিয়া নাই৷ সেয়ে তৰুন বৰুৱাই দুবছৰ পূৰ্বে দেউতাকৰ মৃত্যুৰ পিছতেই উত্তৰাধিকাৰ সূত্ৰে দেউতাকৰ মাটিৰ তেওঁ পাব লগা অংশটোৰ বাবে ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নামজাৰিৰ আৱেদন পত্ৰ দাখিল কৰিলে৷ আৱেদনৰ লগত যাৱতীয় মাচুল দুশ টকা জমা দি ২০১৩ চনৰ ডিচেম্বৰ মাহতে ৰচিদ সংগ্ৰহ কৰিলে ; কিন্তু দুটা বছৰত সেই উত্তৰাধিকাৰী নামজাৰিৰ কামটো সমাধা নহ’ল৷ তৰুন বৰুৱাই অফিচলৈ বাটকুৰি বাই থাকোতে তেওঁ আৱেদন দাখিল কৰা সময়ত লগ পোৱা আন আন বহু কেইজন আৱেনকাৰীকো লগ পাই থাকে৷ কাৰণ, তেওঁলোকৰো দুবছৰতকৈও অধিক দিনে কাম সমাধা হোৱা নাই৷ আহ !কি চৰম গাফিলতি ! কি চৰম বিৰক্তি!!

“দেউতা, আমন জিমনকৈ বহি আছা যে, কি আজিও চাৰ্কোল অফিচত কাম নহ’ল নেকি?”নমিতাই দেউতাক তৰুন বৰুৱাক সুধিলে৷

“নাই নহ’ল মাজনী, কামটো আজিও নহ’ল৷ অফিচলৈ গ’লো, কেৰাণীয়ে ক’লে চাৰ্কোল অফিচাৰ নাই৷ গতিকে কাম নহ’ব৷ মনটো বৰ বেয়া  লাগিল৷ এইদৰেই সিঁহতে মোক দুটা বছৰ ধৰি দৌৰাই আছে৷ নিজৰ মাটি থাকিও ঘৰ এটা সাজি ল’ব নোৱাৰিলো৷ কিমান দিন আৰু ভাড়াঘৰত কটাম? কচোন মাজনী৷”

দেউতাকে দুখ-বেজাৰত বিহ্বল হৈ কোৱা কথাখিনি শুনি নমিতা ভাৱনাত বিভোল হৈ পৰিল৷ দেউতাকে চাকৰি কৰি থকা দিনবোৰত দৰমহাৰ ধনকেইটা কিদৰে খৰচ কৰিছিল সেয়া নমিতাহঁতে ভালদৰেই জানে৷ দেউতাকে মদ, ভাং, বিৰি-চিগাৰেট একোৱেই মুখত নিদিয়ে, তথাপিও চোন দৰমহাৰ টকাৰে মাহটো ভালদৰে নচলে৷ গেলামালৰ দোকানত ধাৰ লাগে৷ ইয়াৰ কাৰণটোও নমিতাহঁতৰ ভালদৰে জনা আ্ছে৷ অৰ্থাৎ সিহঁতৰ দেউতাকে দৰমহা পোৱা তাৰিখতে গাঁৱৰ পৰা ককাক আহে আৰু ককাকে গাঁৱৰ গেলামালৰ দোকানত লগোৱা ধাৰৰ হিচাপটো দিয়ে আৰু দেউতাকে দৰমহাৰ টকা কেইটা ভগাই পেলায়৷ কেৱল এয়াই নহয়, গাঁৱৰ ঘৰৰ খেৰ-বাঁহৰ ছাল বৰদৈচিলা জনীয়ে প্ৰতি বছৰে উৰুৱাই নিয়ে আৰু তাক মেৰামতি কৰিব লাগে দেউতাকে অকলে৷ সেয়ে খেৰি ঘৰৰ ঠাইত নমিতাহঁতৰ দেউতাকে অকলেই টিনপাতৰ ঘৰ কৰি পেলাওঁতে কমখন টকা খৰচ হ’লেনে? দোকানত বহুত ধাৰ লাগিছিল৷ তেও পিতৃ-মাতৃক বৰষুণত তিয়াব নোৱাৰি৷ চাকৰিৰ অৱসৰৰ সময়ৰলৈকে ধাৰ মাৰি থাকিব লগা হৈছিল৷ নমিতাহঁতৰ বৰদেউতাক আৰু দদায়েকে কিন্তু দেউতাক-মাক আৰু ভনীয়েকৰ কাৰণে এপইচাও খৰচ নকৰিলে৷ পিছে দেউতাকৰ মৃত্যুৰ পিছত ঘৰৰ সকলো সা-সম্পত্তিৰ মালিক হৈ পৰিল তেওঁলোক অৰ্থাৎ-নমিতাৰ বৰদেউতাক আৰু দদায়েক৷ ইফালে পুৰণি ঘৰ-ভেঁটিও কাঢ়ি লোৱা দি ল’লে বৰদেউতাক আৰু দদায়েকে বিয়া নিদিয়াকৈ ঘৰতে বুঢ়ী কৰি ৰাখি থোৱা তেওঁলোকৰ সৰু ভনীয়েক জনীয়ে ,অৰ্থাৎ নমিতাৰ সৰু পেহীয়েকে৷ নমিতাৰ দেউতাক ঘৰৰ ভেঁটিটো পাবৰো অযোগ্য হ’ল৷ অন্য হাতে, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ হেমাহিত পৰি আইনগত ভাৱেও নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ দেউতাক সমৰ্থ হোৱা নাই৷

“কি চিন্তা কৰি আছ মাজনী? ভাবোক হৈ গ’লি যে?”

দেউতাকৰ মাতত হে নমিতাই যেন সম্বিত ঘূৰাই পালে৷

“দেউতা, তুমি আৰু ম’হঘুলি ৰাজহ চক্ৰ বিষয়াৰ অফিচলৈ যাব নালাগে৷ তুমিয়ে ‘আতঙ্ক’ নামৰ ভাল সংগঠন এটাৰ জন্ম হৈছে বুলি মোক কৈছিলা নহয়, এতিয়া সেই সংগঠনৰ ময়ো এক সদস্যা হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো৷ আমাৰ ‘আতঙ্ক’ত ভালেমান অৱসৰ প্ৰাপ্ত চাকৰিয়ালো আছে৷ গতিকে দেউতা, তোমাকো আমাৰ সংগঠনলৈ সাদৰ আমন্ত্ৰন জনালো৷ ‘আতঙ্ক’ই আমাৰ কেচটোৰ কিবা এক মিমাংসা কৰিব৷ মনত ৰাখিবা দেই, এটা দিন আহিব, অসমৰ সৎ মানুহবোৰ আমাৰ সংগঠনত থাকিব আৰু সংখ্যালঘু হৈ পৰা দুষ্ট-দুৰ্জন সকল অন্য এক বিভঙ্গুৰ দলত থাকি কেলেপলেপকৈ দিন কটাই মৃত্যুৰ মুখে গতি কৰিব৷"

০০০০০০০০০০০০০০০০০০০০০০০

ফাঁচিবজাৰৰ আলু-পিঁয়াজৰ পাইকাৰী বিক্ৰেতা মদনলাল জৈন আৰু ৰাজ্যৰ যোগান বিভাগৰ মন্ত্ৰী ভাগ্যধৰ ফুকনক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পিছত ৰাজ্যখনত চৌদিশে কেৱল ‘আতঙ্ক’ৰ নাম সকলোৰে মুখে মুখে৷ প্ৰায় সকলোবোৰ কাৰ্যালয়তে ৰাইজৰ কাম-কাজ নিয়াৰিকৈ চলি গৈছে৷ অসমত যেন ‘আতঙ্ক’ই অঘোষিত জৰুৰীকালিন অৱস্থাৰ সূচনা কৰিলে৷ অকামিলা হৈ পৰা দুৰ্নীতি নিবাৰক বিভাগটোও সক্ৰিয় হৈ উঠিছে৷ সেয়েহে ‘আতঙ্ক’ৰ উপদেষ্টাসকলে তাৰ সুযোগ গ্ৰহণ কৰিবলৈ সংগঠনৰ সদস্যসকলক পৰামৰ্শ দিছে৷ ৰাজ্য চৰকাৰৰ দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত দুৰ্নীতি নিবাৰন বিভাগে ইতিমধ্যে কেইবাজনো ঘোঁচখোৰ বিষয়াক উৎকোচ লৈ থকা অৱস্থাত হাতে-লুটে ধৰা পেলাই জেললৈ প্ৰেৰণ কৰিছে৷ সেয়ে ‘আতঙ্ক’ৰ সদস্যসকলে চৰকাৰী বিভাগটোক কামত খটুৱাই নিজৰ অভিষ্ট সিদ্ধি কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই গ’ল৷

নমিতা বৰুৱা আৰু আন বহুকেইজন ‘আতঙ্ক’ৰ সদস্য লগ লাগি ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে থকা অঞ্চলটোৰ ৰাইজৰ অভিযোগ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিল৷ ৰাইজৰ অভিযোগৰ সীমা সংখ্যা নোহোৱা অৱস্থা৷ ধুনু আৰু জোনাকে অভিযোগবোৰ শুনি হতবাক হৈ পৰিল৷ ৰাজ্যৰ ভিতৰতে পিছপৰা ঠাই তথা ৰাজ্যৰ ভিতৰতে অধিক শিক্ষিতলোকৰ বাসস্থান বুলি জনাজাত ম’হঘূলি অঞ্চলত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোৱে কাৰ বাবে কাম গৈছে তেনেহ’লে? ৰাজহ চক্ৰটোৰ সমুদায় ভূমিৰ ওপৰত চৰকাৰে বিষয়া কৰ্মচাৰীহঁতক এক বিশেষ অধিকাৰ দি থৈছে নেকি যে তাৰ কিবা কাম কৰি দিলে মাটি-বাৰীৰ মূল্যৰ অৰ্ধেক সিহঁতক দিবই লাগিব? প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি দেৱে ‘হালধীয়া চৰাইয়ে বাও ধান খায়’ ৰচনা কৰা দিনৰে পৰা ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হালধীয়া চৰাইয়ে নিৰ্বিঘ্নে বাওধান খাইয়ে আছে৷ বানপীড়িত অঞ্চল ম’হঘূলিলৈ যোৱা ৰাস্তা-ঘাটৰ অৱস্থা যিহে, তালৈ যাবলৈ যিমান চিন্তা কৰিব লগা হয় আজিৰ দিনত মঙ্গল গ্ৰহলৈ যাবলৈও সিমান চিন্তা কৰিব নালাগে৷ আচলতে ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে এই অঞ্চললৈ কোটি কোটি চৰকাৰী ধন আহিলেও মন্ত্ৰী-আমোলা আৰু ঠিকাদাৰ সকলো মিলি ভগাই খাই শেষ কৰি দিয়ে৷ ৰহস্যজনক ভাৱে ম’হঘূলিৰ শিক্ষিত ব্যক্তি সকলে নিজৰ ব্যক্তিগত সা-সুবিধা কিছুমান আদায় কৰি নিবোকা চামোনৰ দৰে চুপ মাৰি থাকে৷ সেয়ে চৌদিশে দুৰ্নীতিয়ে ছানি ধৰিছে৷

ধুনু আৰু জোনাকাহঁতে ‘আতঙ্ক’ৰ উপদেষ্টা মণ্ডলীৰ লগত ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৰ্নীতিৰ সন্দৰ্ভত এক দীঘলীয়া আলোচনাত বহিলে৷ অৱশেষত ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিবাৰক বিভাগৰ জড়িয়তে দুৰ্নীতিত পোত গৈ থকা ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক ফনিন্দ্ৰ ডেকাক কৰায়ত্ব কৰাবলৈ সিদ্ধান্ত ল’লে৷

০০০০০০০০০০০০০০০০০০০০০০০

“ডেকা ছাৰ, ৰে’টটো অলপ কমাওক৷ ইমাণ বেছি টকা মই ক’ৰ পৰা দিম? মা-দেউতাৰ বেমাৰৰ চিকিৎসা কৰাৰে পৰা তেওঁলোকৰ মৃত্যুৰ পিছত সকাম-নিকাম পতালৈকে বহুত টকা খৰচ হ’ল৷ তাৰে ধাৰ এতয়াও ভালেমান টকা পৰিশোধ কৰিবলৈ আছে৷ খেতি মাটি কেইদৰাকে বন্ধক দি টকা দহ হেজাৰ যোগাৰ কৰিছো৷ তাকে ৰাখক আৰু নামজাৰিৰ কামখিনি কৰি দিয়ক ছাৰ৷” কথাখিনি কৈ মহেন্দ্ৰই ফনিন্দ্ৰ ডেকাৰ হাতে–ভৰিয়ে ধৰি উচুপি উঠিল৷

“হেই হেই কি অভদ্ৰ মানুহ তই? কথাবোৰ বুজি নলৱ কিয়? এইখন মাছ বজাৰ বুলি ভাৱিছ নেকি তই? দাম-দৰ কৰি আছ যে৷ কামটো অকলে কৰি তোৰ টকা সোপা কি মই অকলে গিলিম বুলি ভাৱিছ নেকি তই? হেৰৌ বুৰ্বকটো, চাহাবে বিশ হেজাৰৰ কমত কামটো নকৰে৷ ইমাণবোৰ মাটি-বাৰী মাফতে পাবি বুলি ভাৱিছ নেকি?” ফনিন্দ্ৰ ডেকাই ভেকাহি মাৰি কথা কেইটা ক’লে৷

কথাখিনি শুনি মহেন্দ্ৰ বৰাই বৰ দুখ পালে৷ বেচেৰাটো দহ বছৰ মানৰ পূৰ্বে নামনিৰ পৰা আহি ম’হঘূলি গাঁৱত উলাইছিল৷ এদিন সন্ধিয়া বেলিকা বীৰেশ্বৰ বৰাৰ ঘৰত ৰাতিটো কটাবলৈ সোমোৱা আলহী যুৱক মহেন্দ্ৰ যে চিৰদিনৰ বাবে সেইখন ঘৰতে কটাব লাগিব সেই কথা কোনেও কাহানিও কল্পনা কৰা নাছিল৷ ঘটনা ক্ৰমে সেয়াই হ’ল৷ বীৰেশ্বৰ মাষ্টৰৰ ঘৰৰ প্ৰতিজন সদস্যই মহেন্দ্ৰক সিহঁতৰ পৰিয়ালৰে সদস্য হিচাপে আকোঁৱালি ল’লে৷ একমাত্ৰ  জীয়েক পদুমীক ধেমাজীলৈ বিয়া দিছিল৷ কেইবছৰমানৰ পূৰ্বে তাই কৰ্কট ৰোগত আক্ৰান্ত  হৈ মৃত্যুক সাৱটি ল’লে৷ তাইৰ মৃত্যুৰ বেদনা মাৰ নৌযাওঁতেই একমাত্ৰ পুত্ৰ জীৱনৰো জীৱন বীণাৰ তাঁৰ ছিঙি গ’ল- দেউতাকক ডকা হকা দি কিনা দুই লাখ টকীয়া বাইকত উঠি লগ-সমনীয়াৰ সৈতে ষ্টানমেনৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ গৈ৷ ঘৰখনত থাকি গ’ল পুত্ৰ কন্যাৰ স্মৃতিৰ কৰুণ এক ঝণঝণনীৰ সুৰ৷ সান্ত্বনা দিবলৈ আছিল মাথো মহেন্দ্ৰ বোলা সেই নামনিৰ ল’ৰাটো৷ দুখ-বেজাৰত ভাগি পৰা বীৰেশ্বৰে নিজে এজন শিক্ষক হৈও ঘৈণীয়েকক সান্ত্বনা দিব নোৱাৰিলে৷ অসাৱধান ভাৱে বাইক চলাই উটনুৱা ল’ৰাবোৰ দুৰ্ঘটনাত মৃত্যু হৈ থকা দেখি দেখি দেউতাকে ল’ৰাটোক বাইক কিনি দিবই খোজা নাছিল৷ মাকেহে ল’ৰাৰ দুখ-বেদনা সহিব নোৱাৰি বাইকখন কিনি দিবলৈ দেতাকক টানি ধৰিলে৷ সেয়ে শোক-সন্তাপতে নোখোৱা নোবোৱাকৈ কিছু দিন কটাই বেমাৰী হৈ মাকজনীয়েও ইহ লীলা সম্বৰণ কৰিলে৷ ঘৰখনৰ এনে পৰিৱেশত মহেন্দ্ৰও ভাগি পৰিছিল৷ তথাপি সি তাৰ কৰ্তব্যত হেলা নকৰি অতি কষ্টেৰে আলপৈচান ধৰি দেউতাক(মহেন্দ্ৰই বীৰেশ্বৰক দেউতা বুলিয়ে মাতে আৰু তেনেদৰেই শ্ৰদ্ধা ভক্তিও কৰে)জীয়াই ৰাখিবলৈ চেষ্টা কৰিলে৷ শেষলৈ বীৰেশ্বৰে স্কুললৈ যাবলৈ অসমৰ্থ হৈ পৰাত দা-দৰমহাও বন্ধ হ’ল৷ মহেন্দ্ৰই দিন হাজিৰা কৰি আৰু অ’ত ত’ত ধাৰ-ধুৰ কৰি ঘৰখন চলাই গ’ল৷ অৱশেষত এদিন তাক অকলশৰীয়া কৰি থৈ দেউতাক বীৰেশ্বৰো এই পৃথিবীৰ মায়া এৰি গুচি গ’ল৷

দেউতাকৰ মৃত্যুৰ পিছত এদিন হঠাৎ দেবেন নেওঁগ নামৰ উকিলজন তাৰ ঘৰলৈ আহি ক’লেহি যে তাৰ দেউতাক বীৰেশ্বৰ বৰাই তেওঁৰ সকলো সা-সম্পত্তি তাৰ নামত উইল কৰি থৈ গৈছে৷ উকিল দেবেন নেওঁগে তাৰ প্ৰয়োজনীয় স্বাক্ষৰ নথি-পত্ৰত ল’লে আৰু আদালতৰ সকলো কাম শেষ কৰিলে৷ বাকী থাকিল মাথো ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নামজাৰিৰ কামটো৷ এই কামটোকে আজি দুটা বছৰ ধৰি অফিচলৈ বাটকুৰি বাই বাই সি কৰাই ল’ব পৰা নাই৷ নামজাৰিৰ কামটো হৈ গ’লে তাৰ চিন্তা এটা দূৰ হ’ল হেতেন-মহেন্দ্ৰই ভাৱিলে৷

“মনে মনে থাকিলি যে? মাটি নেলাগে নেকি তোক? এই মাটিবোৰৰ প্ৰতিবিঘাত পঁচিশ লাখ টকা হ’ল বুলি জাননে তই?”

ভাৱনাত ডুব গৈ থকা মহেন্দ্ৰই ডেকাৰ মাতত ঠটমট খাই গ’ল৷

“ছাৰ, মাটিৰ দাম যিমান লাখেই নহ’ওক কিয়, বিছ হেজাৰ টকানো মই ক’ত পাম? গতিকে মই যাওঁ ছাৰ৷ এই দহ হেজাৰ টকা ঘূৰাই দি বন্ধকী ৰখা মাটিখিনিকে মোকলাই লওঁগৈ,”কথাষাৰ কৈ মহেন্দ্ৰই দোৱাৰমুখ পালেগৈ, “মই আহিলোহে ছাৰ৷”

“এই মহেন্দ্ৰ, এই ক’ত যাৱ তই? টকাখিনি দি যা,” ফনীন্দ্ৰ ডেকাই ক’লে, “ইমাণ টকা লগত লৈ ঘূৰি ফুৰি মৰিব খুজিছনেকি? এইখিনি দি যা আৰু বাকীখিনি পিছত দিবি৷”

ডেকাৰ কথা মতে মহেন্দ্ৰ বৰা পুনৰ ঘূৰি আহিল আৰু এশ টকীয়া নোটৰ বাণ্ডিলটো ফনীন্দ্ৰ ডেকাৰ হাতত তুলি দিলেগৈ৷

টকাৰ বাণ্ডিলটো হাতত লৈ ফনীন্দ্ৰ ডেকাই তেওঁৰ টেবুলৰ ড্ৰয়াৰত ভৰাবলৈ তলমূৰ কৰোঁতেই সাধাৰণ পোচাকত থকা দুৰ্নীতি নিবাৰণ বিভাগৰ পুলিচৰ এটা দলে ন্যায়ধীশক লগত গৈ কোঠাটোত প্ৰৱেশ কৰে আৰু ফনীন্দ্ৰ ডেকাক উৎকোচৰ ধন লৈ থকা অৱস্থাত হাতে-লুটে ধৰা পেলাই গ্ৰেফ্টাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷ ডেকা জেললৈ যোৱাৰ পিছত ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তৰুন বৰুৱাৰ কামকে ধৰি  যিমানবোৰ কাম পৰি আছিল সকলো ধুমুহাৰ গতিত হৈ উঠিল আৰু কোনো কামতে পলম নোহোৱা হ’ল৷

মহেন্দ্ৰ বৰাক ‘আতঙ্ক’ৰ সদস্য সকলে সম্বৰ্ধনা জনায়৷ ফনীন্দ্ৰ ডেকাৰ ঘৈনীয়েকে জেলত গিৰিয়েকক দিবলৈ নিয়া বস্তুবোৰৰ মাজত ওলোৱা ‘আতঙ্ক’ লিখা থকা টুপীটো দেখিহে ডেকাই ভেবা লাগি চাই ৰ’ল আৰু কথাবোৰ ভালদৰে বুজিব পাৰিলে৷                                                                                                 
০০০০০০০০০০০০০০)(০০০০০০০০০০০০০

No comments:

Post a Comment