সত্তৰ দশকত আমি যেতিয়া বিদ্যালয়ৰ
ছাত্ৰ আছিলো তেতিয়া একাঙ্ক নাট চাই বৰ আমোদ পাইছিলো ৷ সেই সময়ত একাঙ্ক নাটসমূহৰ যোগেদি
দৰ্শকক হহুঁৱাবলৈ নাটকত কলা, বোবা, কণা ইত্যাদি শাৰীৰিক ভাৱে বিশষ ধৰণে সক্ষম লোকৰ চৰিত্ৰ সন্নিবিষ্ট কৰা হৈছিল৷ এচাম দৰ্শকক তেনে
নাটকে হাঁহিৰ খোৰাক যোগালেও অন্য এচাম সচেতন দৰ্শকে এনে কামৰ বিৰোধিতা কৰিলে৷ লাহে
লাহে অসমত শাৰীৰিকভাৱে বিশেষ ধৰণে সক্ষম লোকসকলক নাটকৰ চৰিত্ৰ কৰি লৈ দৰ্শকক হাস্য
ৰসৰ যোগান ধৰা কাম বন্ধ হৈ পৰিছিল;কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে অসমৰ দুই এটা টি
ভি চেনেলে শাৰীৰিকভাৱে বিশেষ ধৰণে সক্ষম লোকসকলক উপলুঙা কৰি নাটকৰ চৰিত্ৰত তেনে লোকৰ
চালচলন প্ৰদৰ্শন কৰি দৰ্শকক হহুঁৱাবলৈ চেষ্টা কৰিছে৷ কেৱল এয়াই নহয়, এক বিশেষ ধৰ্মাৱলম্বী
লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হানি তেওঁলোকৰ ধৰ্মগ্ৰন্থৰ
আধাৰত “ভায়ামামাৰ ৰামায়ণ”নামেৰে নাট প্ৰদৰ্শন কৰিছে৷ নাটকৰ যোগেদি দৰ্শকক হাস্য ৰস
দিবলৈ অন্য কথা নাই জানো? ৰাইজে বা কি কয় ?
No comments:
Post a Comment