Wednesday 7 September 2016

ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মদ নিষিদ্ধ কৰাত গুৰুত্ব দিয়া উচিত

ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এখন পবিত্ৰ আৰু শান্তিপূৰ্ণ দেশ হিচাপে থিয় দি থাকিবলৈ হ’লে এই দেশত মদ নিষিদ্ধ কৰিব লাগিব৷ ১৯২০ চন আৰু ১৯৩০ চনৰ মাজৰ পৰা স্বাধীনতা লাভৰ পিচৰ প্ৰায় দুটা দশকলৈকে ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলতে মদ নিষিদ্ধ কৰি ৰখা হৈছিল৷ মহাত্মা গান্ধীৰ শিক্ষাই ভাৰতবৰ্ষৰ জনতাক মদ বৰ্জনৰ বাবে প্ৰতিবাদ চলাই যাবলৈ অনুপ্ৰাণিত কৰিছিল৷  সেই প্ৰতিবাদৰ ফলস্বৰূপে বৰ্তমানৰ অসমৰ বৃহৎ অঞ্চল, মধ্যপ্ৰদেশ, উড়িশা, তামিল নাড়ু, মহাৰাষ্ট্ৰ , গুজৰাট, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু কেৰালাই ১৯৩৭ চন মানৰ পৰাই মদৰ ওপৰত  প্ৰতিবন্ধকতা লগাই দিয়ে৷ ১৯৫৪ চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰায় চাৰি ভাগৰ এক অংশ অঞ্চল মদ নিষিদ্ধকৰণ কাৰ্যসূচীৰ অধীনলৈ আহিল আৰু কেন্দ্ৰীয় চৰকাৰে ১৯৫৮ চনৰ এপ্ৰিল মাহৰ  ভিতৰত   সমগ্ৰ দেশ ব্যাপি মদ নিষিদ্ধকৰণৰ  লক্ষ্য বান্ধি লৈছিল৷ কিন্তু দুৰ্ভাগ্যবশতঃ ১৯৬৭ চনত মিজোৰাম আৰু গুজৰাটক বাদ দি বাকী সকলো ৰাজ্যই আইনখন বাতিল কৰে৷ একে ধৰণে , হাৰিয়ানা আৰু মিজোৰামেও পিচলৈ আইনখন বাতিল কৰে৷  
                            
প্ৰকৃততে ক’বলৈ গ’লে, এখন চৰকাৰৰ বাবে মদৰ ওপৰত নিষিদ্ধকৰণ লগাই দিয়া বুলি ঘোষণা কৰা  সিদ্ধান্তটো ভাৰতবৰ্ষত তেনেই সহজ কথা নহয়৷  প্ৰাথমিক কাৰণটো হ’ল মদৰ যোগেদি লাভ কৰা ৰাজহক উলাই কৰাটো সহজ কথা নহয় ৷ ইয়াৰ দ্বাৰাই চৰকাৰৰ পুঁজি বৃদ্ধি হয় আৰু সেই সহজলভ্য ৰাজহৰ ওপৰতেই গুৰুত্ব আৰোপ কৰা হব  - দীৰ্ঘম্যাদী পৰিণামত ৰাজ্যৰ, সমাজৰ কেনে ধৰণৰ ক্ষয়-ক্ষতি হ’ব পাৰে তাক সুস্থভাৱে বিবেচনা কৰা নাযায়৷ গতিকে , ভাৰতবৰ্ষৰ মদ নিষিদ্ধকৰণৰ অভিজ্ঞতাক বিচিত্ৰ অভিজ্ঞতা বুলিব পাৰি৷

গুজৰাট, নগালেণ্ড আৰু মণিপুৰৰ কিছু অংশত তথা কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষ্যাদ্বীপত বৰ্তমান মদ নিষিদ্ধকৰণ আইন বলবত আছে৷ কেৰালাইও ২০১৪ চনৰ পৰা পৰ্যায়ক্ৰমে মদ নিষিদ্ধকৰণ আইন প্ৰয়োগ কৰিছে৷ বিহাৰে ২০১৬ চনৰ ১ লা এপ্ৰিলৰ পৰা মদ বিক্ৰী নিষিদ্ধ কৰিছে৷  ভাৰতবৰ্ষৰ আন প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে মদ বিক্ৰীৰ অনুজ্ঞা দিছে৷  কিন্তু প্ৰকৃততে নিষিদ্ধকৰণ কামত আহিছেনে ? এইটো গোপন হৈ থকা নাই যে নিষিদ্ধকৰণ চলাই নিয়া ৰাজ্যসমূহে মদ বিক্ৰী আৰু মদ্যপান সম্পূৰ্ণ ভাৱে নিয়ন্ত্ৰণ কৰাত বিফল হৈছে৷ ১৯৮৯ চনৰ পৰাই নগালেণ্ড মদ্য ৰহিত ৰাজ্য হৈ আছে ; কিন্তু এই ৰাজ্য অসমৰ সীমাত অৱস্থিত হোৱা বাবে অসমৰ পৰা অহৰহ নগালেণ্ডলৈ মদৰ যোগান ধৰি থকা হয়৷  গুজৰাটৰ মদ্যপায়ীসকলৰ পিয়াহ গুচাবলৈ মুম্বাই, আবুৰোড আৰু ডমন এণ্ড ডিউৰ পৰা মদৰ যোগান ধৰা হয়৷  অন্যহাতে, বিহাৰৰ মদ্যপায়ীসকল ঝাৰখণ্ড, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ মদৰ দোকানলৈ মদ্যপান কৰিবলৈ যায়৷ সেয়েহে কোৱা হয় যে মদ নিষিদ্ধকৰণ ৰাজনৈতিক চতুৰালি  বা চমকৰ বাদে আন একো নহয়৷

 যদিহে ভাৰত চৰকাৰে মদ নিষিদ্ধকৰণ আইন সমগ্ৰ দেশতে বলবত হোৱাকৈ প্ৰয়োগ কৰা বাবে পদক্ষেপ লয় তেনেহলে মদ নিষিদ্ধকৰণৰ প্ৰচেষ্টা সফল হ’ব৷  ৰাজ্য চৰকাৰসমূহক মদ তৈয়াৰী, বিক্ৰী আৰু উপভোগ নিষিদ্ধ কৰিবৰ বাবে আইন সংশোধন কৰিবলৈ পতিয়ন নিয়াব লাগে৷ এইটো পৰিষ্কাৰ ভাৱে জনাই দিব লাগে যে ‘ মদ বিক্ৰীৰ বাবদ ৰাজহ হিচাপে যি পোৱা যায় সেয়া  চৰকাৰে গুৰুতৰ সামাজিক ব্যাধি(মদ্য পানৰ ফলত হোৱা) নিৰ্মূল কৰিবলৈ কৰা ব্যয়ৰ সামান্য এটা অংশহে মাত্ৰ৷’(ধীৰেন্দ্ৰ নাথ বেজবৰুৱা)

অসমক অৰ্থনৈতিক ভাৱে , নৈতিক ভাৱে আগুৱাই নিবলৈ আৰু অসমৰ নৱ প্ৰজন্মক নৰকত পৰাৰ পৰা ৰক্ষা কৰিবলৈ হ’লে অসমত মদ নিষিদ্ধ কৰাটো অসমৰ নতুন চৰকাৰখনৰ  এক গুৰুত্বপূৰ্ণ কৰ্তব্য৷ কামটো কিন্তু সহজ নহয়৷ ১৯৯২ চনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ মুখ্য মন্ত্ৰী, হিতেশ্বৰ শইকীয়াই ৰাজ্যখনত মদৰ দোকান চলাবলৈ আত্মসমৰ্পণকাৰী  উগ্ৰপন্থীসকলক  অনুজ্ঞা পত্ৰ দিয়া আৰম্ভ কৰিলে৷  অনুজ্ঞা পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটো চলি থাকিল আৰু প্ৰতিখন চৰকাৰে  নিজৰ দলৰ কৰ্মী, বন্ধু-বান্ধব আৰু আপোনজনক কম দিনৰ ভিতৰতে চহকী হ’বলৈ সহায় কৰাৰ উদ্দেশ্যে তাকেই কৰি গ’ল  আৰু এতিয়া ৰাজ্যখনৰ সকলো ঠাইতে মদৰ দোকান দেখিবলৈ পোৱা যায়৷  ইয়াৰ পৰিণাম স্বৰূপে ৰাজ্যখনৰ আইন-শৃঙ্খলা পৰিস্থিতিৰ নিতৌ  অৱনতি ঘটিব ধৰিছে৷  সেইবোৰৰ ব্যাখ্যা নিষ্প্ৰয়োজন৷ কাৰণ, বাতৰি কাকত আৰু দূৰদৰ্শন কেন্দ্ৰসমূহে পুৱাতেই ৰাইজক তেনেবোৰ খবৰ জনাই দি দিনটোৰ বাবে উদ্বিগ্ন কৰি ৰাখে৷ বৰ্তমান  ৰাজ্যখনৰ ধনী-মানী আৰু ৰাজনৈতিক ভাৱে ক্ষমতাশীল এচাম লোকে মদৰ ব্যৱসায়টো চলাই আছে৷ এই সকলৰ প্ৰতিপত্তিৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব প্ৰতিপন্ন হ’বনে ? সমাজৰ এচাম লোকে ধৰ্ম , পৰম্পৰা আৰু সামজিক ৰীতি-নীতিৰ দোহাই দি মদ নিষিদ্ধকৰণৰ বিষয়টো অপ্ৰাসংগিক কৰি তুলিবলৈ চেষ্টা চলাব : কিন্তু থলুৱা সাঁজপানী, আপং, ছাইমদ আদিক নিষিদ্ধকৰণৰ পৰা ৰেহাই দি আইন প্ৰস্তুত কৰিব পৰা নাযাবনে ?  বিহাৰৰ মদ্যপায়ী সকলক লালুপ্ৰসাদ যাদবে মদৰ পৰিপূৰক হিচাপে তাড়ি ( Tadi) পান কৰিবলৈ দিয়া পৰামৰ্শৰ দৰে অসমৰ মদ্যপায়ীসকলক সাঁজপানী, আপং আদি থলুৱা পানীয় ব্যৱহাৰ কৰি থলুৱা লোকৰ জীৱিকাৰ পথ সুগম কৰিবলৈ অনুৰোধ কৰিব নোৱাৰিনে ? এনে ধৰণৰ ঘৰুৱা মদক বেদেশী মদ বা ভাৰতত প্ৰস্তুত কৰা বিদেশী মদৰ(IMFL) দোকানৰ মালিক পক্ষৰ স্বাৰ্থতে অবৈধ ঘোষণা কৰি দ্ৰৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি অনিচ্ছাসত্বেও  পৰিয়ালটো চলাই নিবলৈ ঘৰুৱা মদ বিক্ৰী কৰা জনজাতীয় পুৰুষ মহিলাসকলক হাৰা-শাস্তি কৰি অহা হৈছে আৰু সুবিধাবাদী আবকাৰী বিষয়া আৰু পুলিচে তেওঁলোকৰ পৰা  নিয়মিত ভাৱে ধন আদায় কৰি গৈছে৷ আমাৰ অসমতে কেৱল এনে হোৱা নাই, আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য অৰুণাচলতো একেই সমস্যাই দেখা দিছে৷ 

হোমেন বৰগোহাঞিদেৱৰ দৰে বিশিষ্ট লেখকসকলে বহুদিনৰ আগৰে পৰা অসম চৰকাৰক মদ নিষিদ্ধ কৰিবলৈ আহ্বান জনাই আহিছে; কিন্তু চৰকাৰে এই কথাত গুৰুত্ব দিয়া নাই৷


ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ-ব্যামৰ ওপৰত গুৰুত্ব দিছে ; কিন্তু দেশত মদ নিষিদ্ধকৰণত কোনো বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷ বিহাৰৰ মুখ্য মন্ত্ৰী নিতিশ কুমাৰে ঠিকেই কৈছে, “দেশব্যাপি মদ নিষিদ্ধকৰণ অবিহনে যোগ অপ্ৰাসংগিক৷”
00000000000000000000000000000)(
বিঃদ্ৰঃ  প্ৰৱন্ধটো অসমৰ জনপ্ৰিয় সাপ্তাহিক কাকত "অসমবাণী" ৰ ১৬/৯/২০১৬ তাৰিখৰ সংখ্যাত কিছু সম্পাদিত ৰূপত  প্ৰকাশ পাইছে৷

No comments:

Post a Comment