Sunday 2 June 2013

সুৱৰ্ণ স্বপ্ন

(ৰহস্য  গল্প)
ছাঁয়ামূৰ্ত্তিকেইটা পাহাৰখনৰ নিৰ্দ্দিষ্ট প্ৰান্তত উপস্থিত হ’লগৈ ৷ এজনৰ হাতত পেন্সিল টৰ্চ , আনজনৰ হাতত পিষ্টল আৰু তৃতীয়জনৰ হাতত এখন চিপৰাং ৷ এয়া অমাৱস্যাৰ ঘোপ মৰা অন্ধকাৰ ৰাতি নহয় , তথাপিও মাজনিশাৰ আকাশত কলিয়া ডাৱৰে আৱৰি থকা বাবে ত্ৰয়োদশীৰ জোনটোৱে ন্যায়বিচাৰৰ প্ৰতীকৰ দৰে বোৰ্খা ধাৰণ কৰিছে ৷


পাহাৰীয়া অঞ্চলটোত নিশাচৰহঁতে বিচৰণ কৰিব পৰা জোখৰে এন্ধাৰে চৌদিশ আৱৰি আছে ৷

ছাঁয়ামূৰ্ত্তিকেইটাই সন্তৰ্পণে পাহাৰ বগাবলৈ ধৰিলে ৷ প্ৰায় ষাঠিফুটমান উচ্চতাত সিঁহতে পাহাৰখনৰ নিৰ্দ্দিষ্ট ঠাইটুকুৰাৰ সন্ধানত ইফালে সিফালে পেন্সিল টৰ্চৰ পোহৰ পেলাই মনোযোগেৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে ৷ ঠাইটুকুৰা আৱিস্কাৰ কৰোতে সিহঁতৰ পলম নহ’ল ৷ পিষ্টলধাৰীজনে চিপৰাংধাৰীজনক পাহাৰৰ সেই নিৰ্দ্দিষ্ট স্থানত চিপৰাং চলাবলৈ হুকুম দিলে ৷ কিছুসময় ধৰি চিপৰাঙেৰে পাহাৰৰ গাৰ পৰা ৰঙা মাটিবোৰ খান্দি পেলোৱাৰ পিছত চিপৰাঙৰ কোব পৰিল এটা নৰকংকালৰ ওপৰত ৷ চিপৰাং চলোৱাজন ক্ষন্তেকৰ বাবে থমকি ৰ’ল ৷ পেন্সল টৰ্চৰ পোহৰত নৰকংকালটো দেখা পাই বিষাক্ত সাপ দেখাৰ দৰে উচপ খাই চিপৰাংধাৰী আঁতৰি আহিল এইবাৰ ৷ পিষ্টলধাৰীৰ নিৰ্দ্দেশত আনজনে চিপৰাং চলাবলৈ ধৰিলে ৷


ঠিক সেই মুহূৰ্ত্ততে তিনিপাট যাঠী ক’ৰবাৰ পৰা প্ৰচণ্ড বেগেৰে উৰি আহি তিনিওটাকে শালি পেলালে ৷ দুটা ছাঁয়ামূৰ্ত্তি থিতাতে কলগছ পৰাদি ঢলি পৰিল চিৰদিনৰ বাবে ; কিন্তু পিষ্টলধাৰীৰ সোঁবাউসীত ষাঠীৰ সোঁবাউসীত ষাঠীৰ খোচটো লগাত তাৰ হাতৰ পিষ্টল ক’ৰবাত উফৰি পৰিল


আৰু সি লগে লগে পাহাৰৰ পৰা সমতল ভূমিলৈ খহি পৰিল ৷ সি চুঁচৰি বাগৰি প্ৰাণ ৰক্ষাৰ বাবে বাওঁহাতেৰে সোঁবাউসীৰ আঘাতপ্ৰাপ্ত স্থানত হেঁচা দি ধাৰাষাৰে বৈ অহা ৰক্তপ্ৰবাহক বাধা প্ৰদান কৰি পাহাৰৰ কাষে কাষে থকা পথটোৰে কোনোমতে শক্তি গোটাই দৌৰিব ধৰিলে ৷ পিছে দৌৰিও সি প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে ৷ কোনোবা ফালৰ পৰা উৰি অহা অন্য এপাট যাঠীৰ খোচ পৰিল তাৰ পিঠিত ৷ যাঠীপাতে তাৰ বক্ষ ভেদ কৰি পালালে ৷

ছাঁয়ামূৰ্ত্তি তিনিটাই পাহাৰৰ যি ঠাইত চিপৰাঙেৰে মাটি খান্দিছিল তাত এইবাৰ সিঁহতক নিধন কৰোতা বাৰজনীয়া এটা দল উপস্থিত হৈ মাটি খন্দাৰ কামত লাগি পৰিল ৷ সিহঁতে মাটি খান্দি খান্দি পাহাৰৰ গাত এটা সুৰঙ্গৰ সৃষ্টি কৰিলে ৷ কিছু সময় মাটি খন্দাৰ পিছতে এই দলটোৱেও অন্য এটা নৰ কংকাল আৱিস্কাৰ কৰিলে ৷ সিহঁতে নৰকংকালটো একাষৰীয়াকৈ থৈ পুণৰ মাটি খান্দিবলৈ ধৰিলে ৷ এইবাৰ সিহঁতে তৈয়াৰ কৰা সুৰংগৰ পথত ভেটা দি থকা এটা প্ৰকাণ্ড শিল সিহঁতৰ সমূহীয়া প্ৰচেষ্টাৰে পথৰ পৰা আঁতৰাই ল’লে ৷ লগে লগে সিহঁতে শিলটোৰ সিপাৰে এটা প্ৰকাণ্ড গুহা দেখা পালে ৷ সিহঁতৰ চকুবোৰ লোলুপ দৃষ্টিৰে তিৰবিৰাবলৈ ধৰিলে ৷ সিহঁতে এটা স্প্ৰে –মেচিন উলিয়াই এবিধ ঔষধ স্প্ৰে কৰিবলৈ ধৰিলে গহ্বৰটোৰ চৌদিশে ৷ সিহঁতৰ এজন সংগীয়ে টৰ্চৰ উজ্জ্বল পোহৰ পেলাই আগুৱাবলৈ ধৰিলে ৷ সুৰংগৰে অলপ গৈয়েই সিহঁতে তললৈ নামি যোৱা শিলৰ এটি খটখটী দেখা পালে ৷ খট্ খটীৰে তললৈ কুৰিফুটমান নামি সিহঁতে এটা প্ৰকাণ্ড কোঠা পালেগৈ ৷ কোঠাৰ মাজত একাষত সিংহাসনৰ দৰে শিলেৰ নিৰ্মিত এখন আসন আছে ৷ মুকলি অংশটো বাদ দি চৌদিশে শিলেৰে নিৰ্মিত আসনবোৰ ৷ সেই কোঠাটৌৰ শিলৰ বেৰবোৰ সিহঁতে ভালদৰে চাবলৈ ধৰিলে ৷ অৱশেষত সিহঁতৰ মাজৰ এজনে শিলৰ বেৰখনৰ এটা অংশৰ প্ৰতি আটাইৰে দৃষ্টি আকৰ্ষন কৰিলে ৷ সিহঁতে শিলৰ বেৰখনৰ সেই অংশটো ভাঙি পেলালে ৷ বেৰৰ সিপাৰে দৃশ্যমান হোৱা বিুপুল পৰিমাণৰ ৰত্নভাণ্ডাৰৰ চিকমিকনিত সিহঁত মতলীয়াৰ দৰে হৈ পৰিল ৷ প্ৰাচীন কালৰ হীৰা-মুকুতা ,স্বৰ্ণমুদ্ৰা ,ৰূপৰ মুদ্ৰাৰে পৰিপূৰ্ণ পাত্ৰবোৰ আৰু নানাধৰণৰ আ-অলংকাৰেৰে পূৰ্ণ মাটি আৰু শিলৰ পাত্ৰবোৰ ইমান বেছি পৰিমাণে ধাকিব বুলি সিহঁতে কল্পনাই কৰা নাছিল ৷ সিহঁতৰ চৌধ্য পুৰুষেও এই সম্পদৰাজি উপভোগ কৰি শেষ কৰিব নোৱাৰিব নিশ্চয় ৷ এইবোৰ যেন দিঠক নহয়, সপোনহে ৷ গল্প উপন্যাসৰ কাহিনীৰ চিত্ৰ ৰূপহে যেন ৷

আত্মহাৰা হৈ পৰিছিল যদিও সিহঁতে কৰ্ত্তব্যজ্ঞান হেৰুওৱা নাছিল ৷ আলোচনাৰ অন্তত সিহঁতে এই সিদ্ধান্তত উপনীত হ’ল যে হীৰা, মুকুতা আৰু স্বৰ্ণমুদ্ৰাবোৰহে সিহঁতে পোনতে নিজৰ গোপন স্থানলৈ লৈ যাব ৷ ইয়াৰ পিচত নিশাটোৰ ভিতৰতেই বাকীবোৰ যিমান পাৰে কঢ়িয়াব ৷ কথামতেই কাম ৷ সিহঁতে ধৰাধৰিকৈ স্বৰ্ণমুদ্ৰাৰে পৰিপূৰ্ণ পাত্ৰবোৰ গুহাৰ ভিতৰৰ পৰা উলিয়াবলৈ ধৰিলে ৷ আটাইকেইজনে ৰত্নভাণ্ডাৰ থকা কোঠাটৌৰ পৰা ওলাই প্ৰস্তৰ আসনবোৰ থকা কোঠাত প্ৰৱেশ কৰিছিলহে মাত্ৰ এনেতে কাণ তাল মৰা এক শব্দ হ’ল –“ গুৰুম , গুৰুম ৷ ” লগে লগে বাৰুদৰ ধোঁৱা আৰু গোন্ধে কোঠাটো আৱৰি ধৰিলে ৷ 

“ হেণ্ডচ আপ ৷ ” 

কাৰোবাৰ মাতত সিহঁত ঠাইতে থৰ লাগি ৰ’ল ৷ 

লগে লগে গুহাটোৰ ভিতৰখন কেইবাটাও টৰ্চৰ পোহৰত উজ্বলি উঠিল ৷

সিহঁতে তেতিয়াহে দেখা পালে যে বহল কোঠাটোৰ চাৰিওফালে মাৰণাস্ত্ৰেৰে সজ্জিত আৰক্ষীৰ লোকে সিহঁতক চাৰিওফালে ঘেৰি পেলাইছে ৷

“ হেণ্ডচ আপ ৷”

এচ পি য়ামছা চাহাব পুনৰ গৰজি উঠাতহে সিহঁতৰ সম্বিত ফিৰি আহিল ৷ স্বৰ্ণমুদ্ৰা আৰু হীৰা-মুকুতাৰে পূৰ্ণ পাত্ৰবোৰ ঠাইতে পেলাই সহঁতে দুইহাত ওপৰলৈ তুলি থিয় দি ৰ’ল ৷ লগে লগে আৰক্ষীলোকে সিহঁতৰ হাতত হাত- কেৰেয়া লগাই দিলে ৷

##### ১৯৯৫ চনৰ ১৪ এপ্ৰিল তাৰিখৰ দৈনিক বাতৰি কাকতবোৰৰ প্ৰথম পৃষ্ঠাতে বৰ বৰ হৰফেৰে প্ৰকাশ কৰা এক বাতৰিয়ে সৰ্বসাধাৰণ পঢ়ুৱৈৰ মাজত বেছ চাঞ্চল্য তথা উত্তেজনাৰ সৃষ্টি কৰিলে ৷ পুৱা বেলাতেই সকলোবোৰ দৈনিক কাকতৰ কপি হটকেক হৈ বিক্ৰী হ’ল ৷

ঘটনাস্থলীৰ ফটোসহ প্ৰকাশিত বাতৰিটো আছিল এনে ধৰণৰ----

‘ অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ লিকাবালিৰ মালিনীথান মন্দিৰৰ সমুখৰ মুকলি পথাৰত যোৱা সাত এপ্ৰিল তাৰিখৰ পৰা সপ্তাহজোৰা মালিনীমেলা আৰম্ভ হয় ৷এইবছৰ মালিনী মেলালৈ দেশৰ বিভিন্ন ঠাইৰ লোকৰ উপৰিও বিদেশৰ পৰাও পৰ্যটকসকল মালিনীমেলা উপভোগ কৰিবলৈ আহে ৷ এই মালিনী মেলাৰ শেষৰ দিনা নিশাৰ ভাগত এক দুস্কৃতিকাৰী চক্ৰই মালিনী মন্দিৰৰ উত্তৰে পাহাৰ খান্দি প্ৰাচীন কালৰ বিপুল পৰিমণৰ ৰত্ন ভাণ্ডাৰ চুৰি কৰাৰ প্ৰচেষ্টা চলায় ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ আৰক্ষী অধীক্ষক মিঃ য়ামছাই লিকাবালি পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত অসম পুলিচৰ স’তে যুটীয়াভাৱে অভিযান চলাই দুস্কৃতিকাৰীহঁতৰ প্ৰচেষ্টাক বিফল কৰি বাৰজন দুৰ্বৃত্তক হাটে –লোটে ধৰা পেলাই জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ এই প্ৰাচীন ঐতিহ্যময় অমূল্য সম্পদৰাজিৰ চৌৰ্য্যকাৰ্য্যত জড়িত সকলোকে কৰায়ত্ব কৰিবলৈ যাতে সক্ষম হয় , তাৰ বাবে ঘটনাটোৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী তুলি অৰুণাচলবাসী ৰাইজে মুখ্যমন্ত্ৰীক লগ ধৰিছে ৷ কৰায়ত্ব কৰা দুস্কৃতিকাৰীহঁতক জেৰা কৰি অধিক তথ্য উদ্ধাৰ কৰিব পৰা যাব বুলি অৰুণাচল প্ৰদেশৰ পুলিচ কৰ্ত্তৃপক্ষই ইতিমধ্যে দাবী কৰিছে ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে , পাহাৰ-গহ্বৰত উদ্ধাৰ হোৱা এই সম্পদসমূহৰ মূল্য বহু কোটি টকা হ’ব ৷

উল্লেখযোগ্য যে স্বৰ্ণভাণ্ডাৰ উদ্ধাৰৰ অভিযান চলাওঁতে দুস্কৃতিকাৰীহঁতৰ মাজত সংঘৰ্ষ লগাত তিনিজন যাঠীবিদ্ধ হৈ নিহত হয় ৷ ইয়াৰে এজনক অসমৰ খ্যাতনামা ব্যৱসায়ী তথা ৰাজনৈতিক নেতা মঃ মতিউৰ ৰহমান বুলি চিনাক্তকৰণ কৰা হৈছে ৷ পাহাৰৰ খনন কাৰ্য্য চলাওঁতে দুস্কৃতিকাৰীহঁতে কেইবাটাও নৰ কংকালো খান্দি উলিয়াইছে ৷ অনুমান হয় যে ৰত্নভাণ্ডাৰ চুৰিৰ অভিযানত বহু বছৰৰ পূৰ্বে মৃত্যু মুখত পৰা লোকৰেই কংকাল এইবোৰ ৷’

### আৱৰ্ত্তভৱনৰ এটা আহল-বহল সুসজ্জিত কোঠা ৷ কোঠাটোৰ আসনবোৰ দখল কৰি আছে ক্ৰমে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী , জিলা উপায়ুক্ত, পশ্চিম ছিয়াং জিলাৰ এচ পি য়ামছা চাহাব , লিকাবালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া , অসমৰ চিলাপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা খ্যাতনামা ডিটেকটিভ ৰতন বৰুৱা আৰু তেওঁৰ লগৰীয়া সকল ৷ কোঠাত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশ বিৰাজ কৰিছে ৷

ক্ষণিকৰ নীৰৱতা ভংগ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰতন বৰুৱাক উদ্দেশ্যি ক’লে , “ আপোনাক ধন্যবাদ জনাবলৈ আমাৰ ভাষা হেৰাই গৈছে বৰুৱা ৷ আপুনি অৰুণাচল প্ৰদেশৰ যি অমূল্য সম্পদ ৰক্ষা কৰিলে , তাৰ বাবে আপোনাৰ ওচৰত অৰুণাচলীসকল চিৰ- ঋণী হৈ ৰ’ব ৷ 

মুখ্যমন্ত্ৰীৰ কথাত ৰতন বৰুৱাই লাজ পাই ৰঙা-চিঙা পৰি তল মূৰ কৰিলে ৷ এজনী পাট গাভৰুকহে যেন এইমাত্ৰ এটা চেঙেলীয়া ল’ৰাই তাইৰ ৰূপলাৱণ্য বখানি কিবা এষাৰ কৈ জোকালে ৷

“ পিছে এটা কথা য়ামছা চাহাব ,” মুখ্যমন্ত্ৰীয়ে ক’লে , “ ইমান এটা মহান কামৰ বাবে আমাৰ দেশৰ বাতৰি কাকতবোৰে মিষ্টাৰ ৰতন বৰুৱাক প্ৰশংসা কৰাৰ কথা বাদেই , তেওঁৰ নাম পৰ্যন্ত বাতৰি কাকতবোৰে প্ৰকাশ নকৰিলে কিয় ? বাতৰি কাকতবোৰে যে শুদ্ধ তথ্য প্ৰকাশ নকৰে , ইয়ে জলন্ত প্ৰমাণ নহয়নে ?”

“ চাৰ ”, য়ামছা চাহাবে উত্তৰ দিলে , “আচলতে চাৰ , বৰুৱা চাহাবৰ কথামতেই এই অভিযানৰ যে তেৱেঁই গুৰিধৰোঁতা সেই কথা গোপনে ৰখা হৈছে ৷ চাৰ , যিহেতু এই চক্ৰটোৰ মূল নায়ক সকল সমাজৰ গণ্যমান্য লোক ৷ তেওঁলোক এতিয়াও ধৰা পৰা নাই ৷ আচলতে চাৰ, নিৰাপদ দূৰত্বত থাকি তেওঁলোকেই অভিযানসমূহ চলাই আছে ৷ তেওঁলোকক কৰায়ত্ব কৰাৰ মানসেৰেই ৰতন বৰুৱা চাহাবে নিজৰ গতিবিধি গোপনে ৰাখিব খুজিছে চাৰ ৷ সাংবাদিকসকলে ৰতন বৰুৱা আৰু তেখেতৰ সহযোগী সকলোৰে সাক্ষাৎকাৰ লৈছে ৷”

“ চাব্বাচ ৷ সকলো ঠিকেই আছে তেন্তে ৷” মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰি ক’লে , “ এই দুষ্ট চক্ৰটোক শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ অসম চৰকাৰৰ লগতো আলোচনা কৰিম ৷ ৰতন বৰুৱাক যি ধৰণৰ সহায় সহযোগৰ আৱশ্যক , সকলো দিয়া যাব ৷ ”

মুখ্যমন্ত্ৰীৰ বক্তব্য শুনি আটায়ে হাতচাপৰি বজাই সন্তুষ্টি প্ৰকাশ কৰিলে ৷

“ বাৰু বৰুৱা ,” মুখ্যমন্ত্ৰীয়ে পুণৰ ৰতন বৰুৱাক উদ্দেশ্যি কথা আৰম্ভ কৰাত সকলোৱে নীৰৱতা অৱলম্বন কৰিলে ৷মুখ্যমন্ত্ৰীয়ে বৰুৱাক ক’লে ,

 “ আপোনাৰ অভিযান কেনেদৰে আগুৱাই নিলে আমাক এতিয়া কওকচোন ৷ ”


ৰতন বৰুৱাই তেওঁৰ অভিযানৰ কাহিনী লাজ লাজ ভাৱেৰে আৰম্ভ কৰি ক’লে –“ প্ৰকৃততে অভিযানটোৰ সফলতাৰ অন্তৰালত অন্তৰ্নিহিত হৈ আছে আমাৰ সহকৰ্মী ইন্দ্ৰজিৎ , বলিন, সঞ্জয় , কামাখ্যা , মতিন আৰু বাহাদুৰহঁতৰ একনিষ্ঠ প্ৰচেষ্টা আৰু আৰক্ষী লোকসকলৰ তৎপৰতা ৷ সেয়েহে সদৌটিলৈকে প্ৰথমে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ৷

আমাক দৰাচলতে জাল নোটৰ ৱ্যৱসায়ত জড়িত মতিউৰ ৰহমান নামৰ মানুহজনক ধৰা পেলাবলৈ ব্যক্তিগতভাৱে নিয়োগ কৰিছিল অসমৰ এখন জিলাৰ এজন পুলিচ অধীক্ষকে ৷ যোৱা বছৰৰ পৰাই আমাৰ দলৰ লোকসকলে মতিউৰ ৰহমানৰ গতিবিধি লক্ষ্য কৰাৰ বাবে তাৰ পিছে পিছে ছাঁটোৰ দৰে লাগি আছিল ৷ অৱশেষত কেঁচু খান্দোতে সাপ ওলাল ৷ মতিউৰ ৰহমানে যাঠীৰ খোঁচ খাই মৃত্যুক আঁকোৱালি ল’লেহি মা-মালিনীৰ চৰণৰ তলত ৷ আচলতে যোৱা বছৰেই মতিউৰ ৰহমানে জালনোটৰ ব্যৱসায় এৰি অৰুনাচল প্ৰদেশৰ পাহাৰ গৰ্ভৰ প্ৰাচীন কালৰ ৰত্নভাণ্ডাৰ লুট কৰা কামৰ দায়িত্ব ভাৰ লয় ৷এই দায়িত্ব অৰ্পণ কৰে অসমৰ জনৈক পৌঢ় প্ৰত্নতত্ত্ববিদে ৷ সেই প্ৰত্নতত্ত্ববিদ জনে সত্তৰ দশকতে মালিনীথানত ঐতিহাসিক ধ্ববংসাৱশেষ আৱিস্কাৰ কাৰ্য্যত নিয়োজিত হৈ লিকাবালিলৈ আহিছিল ৷ তেঁও প্ৰাচীন কালৰ কেইখনমান সাঁচিপতীয়া পুথি গোপনে সংগ্ৰহ কৰি নিয়ে ৷ ইয়াৰ পাঠোদ্ধাৰ কৰাত পাহাৰ গৰ্ভত বিপুল পৰিমাণৰ ধন সোণ থকাৰ কথা বিতংভাৱে জানিব পাৰে ৷ এই গুপ্তধন উদ্ধাৰৰ মানসেৰে তেঁও অৰ্থলিপ্সু গন্যমান্য ব্যক্তিৰে দল এটা গঠন কৰে ৷ সেইদলটোৱে সত্তৰ দশকৰ পৰাই গুপ্তধন উদ্ধাৰৰ বাবে প্ৰতিবছৰেই চেষ্টা চলাই আহিছে ৷ বছৰৰ অন্যসময়ত অৰুনাচল প্ৰদেশৰ পাহাৰ খান্দি ৰত্নভাণ্ডাৰ উদ্ধাৰ কৰা সম্ভৱ নহয় বাবে মালিনীমেলা চলি থকা সময়ছোৱাৰ ভিতৰতেই তেঁওলোকে অভিযান আৰম্ভ কৰি দিছে, কিন্তু ৰত্নভাণ্ডাৰ উদ্ধাৰ কৰা কাম বিগত বছৰবোৰত নানা কাৰণত সফলকাম হোৱা নাছিল ৷ তেওঁলোকে গোপনভাৱে নিয়োগ কৰা লোকসকলেই পিছলৈ পৃথক পৃথক ভাৱে দলবদ্ধ হৈ গোপনে ৰত্নভাণ্ডাৰ চুৰি কৰিবলৈ প্ৰচেষ্টা চলালে ৷ তাৰ পৰিণাম স্বৰূপেই সেই ভয়াবহ হত্যাকাণ্ডটো সংঘটিত হ’ল ৷ আপোনালোকে যিকেইটা নৰ কংকাল আৱিস্কাৰ হোৱা দেখা পাইছে , সেইকেইটা ৰত্নভাণ্ডাৰ চুৰি কৰিবলৈ বহুবছৰৰ পূৰ্বে গৈ মৃত্যুমুখত পৰা লোকৰ বুলি জানিব পাৰিছেই ৷ গুহাৰ ভিতৰত আৱদ্ধ ৰত্নভাণ্ডাৰৰ পৰা সৃষ্ট ধাতব পদৰ্থাৰ বিষাক্ত গেচে হয়তু সিহঁতক মৃত্যুমুখত পেলা্য় ৷ এই কথা দুস্কৃতিকাৰিহঁতে জানিব পাৰিয়েই সেই বিষাক্ত গেচৰ পৰা ৰক্ষা পোৱাৰ ঔষধ গুহাৰ ভিতৰত স্প্ৰে কৰিহে ভিতৰত প্ৰৱেশ কৰিছিল ৷”

কোঠাটোত তেতিয়া সকলোৱে নীৰব শ্ৰোতাৰ ভূমিকা পালন কৰি শ্ৰেণী কক্ষত শিক্ষকৰ ভাষন শুনা বাধ্য ছাত্ৰৰ দৰে বহি আছিল ৷ সেইবাবে ৰতন বৰুৱাই তেওঁৰ কাহিনী সমাপ্ত কৰিবলৈঅসুবিধা অনুভৱ কৰিছিল ৷ তেওঁ অভিযানৰ কাহিনী কৈ গ’ল –

“ চিলাপথাৰ টাউনৰ নেপাল হোটেলত আমাৰ বাহাদুৰে প্ৰায় এবছৰকাল হোটেল বয় হৈ দিন কটাব লগা হ’ল –মতিউৰ ৰহমানৰ দলটোৰ গোপন অভিযানৰ ভু পাবলৈকে ৷ কাৰণ , মতিউৰ ৰহমানৰ দলৰ আন লোকসকল আহি এই হোটেলতে বাহৰ পাতি ভদ্ৰলোকৰ দৰে থাকেহি ৷ 

মালিনী মেলা চলি থকা দিন কেইটাত ইন্দ্ৰজিতক দেখা পালে মোৰেই হাঁহি উঠাৰ উপক্ৰম হয় ৷ ইন্দ্ৰজিতে সৰু সৰু পুতলাবোৰ দুটাকৈ সুতাৰে বান্ধি নচুৱাই নচুৱাই সেইবোৰ বিক্ৰী কৰি ফুৰে ; কিন্তু আচলতে তাৰ তীক্ষ্ন নজৰ থাকে মতিউৰ ৰহমানৰ দলৰ ওপৰতহে ৷ তথাপিও তাৰ আক’ বিক্ৰী –বাৰ্তা বৰ ভাল হৈছিল ৷

যি কি নহওক , আমাৰ ভাগ্য ভাল যে বৰ্তমান কৰায়ত্ব কৰা মানুহ কেইটাই আমাক পাহাৰৰ ককেত ( নলা) লুকাই থকা দেখা নাপালে ৷ নহ’লে যাঠী কেইপাতে আমাৰ ----৷” 

“ নক’ব বৰুৱা চাহাব , নক’ব আৰু” , য়ামছা চাহাবে বৰুৱাক বাধা দি ক’লে , “ সেই কথা মনলৈ আহিলে এতিয়াও কলিজাত বিষ উঠি আহে ৷”

পুলিচ অধীক্ষক য়ামছা চাহাবৰ কথা আৰু কথন ভংগীমাত কি সংগতি –বিসংগতি আছিল জানো , সমবেত সকলোটিয়ে ঢেক ঢেককৈ হাঁহিবলৈ ধৰিলে ৷ 

(‘ ৰহস্য ’ আলোচনীৰ মাৰ্চ ১৯৯৭ সংখ্যাত প্ৰকাশিত )

No comments:

Post a Comment