Sunday 9 June 2013

নিৰাশা আঁতৰি যা (প্ৰথম খণ্ড)

জিম্মৰমেনে কৈছে ,“ মানুহে যেনে মূল্য দিয়ে প্ৰকৃতিয়েও তেনে ফল দিয়ে ৷ আপুনি হাঁহক, আনে আপোনাৰ লগত হাঁহিব , খং কৰে যদি আনে আপোনাক খং কৰিব , আপুনি গান গালে আনে আপোনাৰ স’তে গুণগুণাবলৈ লাগি যাব আৰু শ্ৰেষ্ঠ ব্যক্তিমণ্ডলীৰ মাজলৈ আপোনাক নিমন্ত্ৰণ কৰি নিব ,বিচাৰ বিবেচনা কৰিলে বিচাৰ বিবেচক ব্যক্তিসকলে আপোনাক স্বাগতম জনাব আৰু যদি আপুনি সংসাৰত প্ৰেম কৰে তথা সততাৰে সকলোৰে মংগল কামনা কৰে তেন্তে আপোনাৰ আশে পাশে প্ৰেমিক মিত্ৰসকল একত্ৰিত হৈ পৰিব তথা প্ৰকৃতিয়ে আপোনাৰ জোলোঙাত পৃথিবীৰ সকলো সম্পদ উজাৰি দিব ৷”

এইখিনিতে প্ৰশ্ন উঠিব পাৰে যে যেতিয়া নেকি আমি কষ্ট কামনা নকৰোঁ , তথাপিও আমাক কষ্টই বেৰি ধৰে , এইটো আশ্চৰ্য্যজনক নহয়নে ? 

এই প্ৰশ্নৰ উত্তৰ হ’ল – মানুহে প্ৰত্যেক বস্তু ,কাৰ্য্য তথা ঘটনাৰ পৰা কষ্ট বিচাৰিহে উলিয়াই লয় ৷ যদি কষ্ট নহয়ো তেও কল্পনাৰে কষ্টক সজীৱ কৰি লয় ৷ 

আচলতে যিটোক আমি মনতে কষ্টদায়ক বুলি ভাৱি ল’ম সেইটো বাস্তৱতে আমাৰ বাবে কষ্টদায়ক হৈ যায় ৷ অনবৰতে নিৰুৎসাহিত ,নিৰাশ , ক্ষুন্ন আৰু দুঃখৰ ভাৱনাত ডুবি থকাৰ বাবে মানুহৰ মনঃস্থিতি এনে হৈ যায় যিয়ে কেৱল কষ্টকহে নিজৰ ফাললৈ আকৰ্ষিত কৰি থাকে৷

আজি যিজন ব্যক্তিক সকলোতকৈ দুৰ্ভগীয়া দেখা গৈছে তেওঁ এই কাৰণেই এনে হৈছে যে তেওঁ অপ্ৰসন্ন থাকে , বাতাবৰণকক মানি থাকে , পৰিস্থিতিৰ দাস হোৱাটো অভ্যাসত পৰিণত কৰি ল’লে ৷ তেওঁ নিজৰ বাবে নিজে অপ্ৰিয় কামবোৰ তথা অপ্ৰিয় সংগীসকলক নিৰ্বাচন কৰি লৈছে আৰু পৰিশেষত চকুপানী মচি থাকে ৷ 
  • প্ৰত্যেক কথাৰ বশ্যতা স্বীকাৰ কৰা অভ্যাস , 
  • প্ৰত্যেক কাৰ্য্য , ব্যক্তি তথা স্থিতিৰ কটু আলোচনা কৰা অভ্যাস ,
  • তুচ্ছ কথাবোৰৰ ভাগ লোৱাৰ অভ্যাস ,
  • প্ৰত্যেকটো কামতে নিৰাশা আৰু অন্ধকাৰৰ ছাঁয়া দেখাৰ অভ্যাস ,
-------আদি কথাবোৰ স্বয়ংক্ৰিয়ভাৱেই দুৰ্ভাগ্য ৷ বাল্যকালতেই যদি এহিবোৰৰ লগ লগাৰ অভ্যাস হৈ যায় তেন্তে ব্যক্তি এইবোৰৰ গোলাম হে যায় আৰু পিছলৈ এইবোৰৰ পৰা মুক্তি লাভৰ ইচ্ছা কৰিলেও সহজে এইবোৰৰ কবলৰ পৰা মুক্তি নাপায় ৷ এই সকলোবোৰ বিকৃত ভাৱনাই মানুহক নিৰাশাবাদৰ ফাললৈ লৈ যায় তথা গৈ গৈ এই দুৰ্ব্বলতাই এক পুৰণি বেমাৰৰ ৰূপ লয় ৷

কোনো প্ৰবঞ্চক ,ঠগ-চিকিৎসক আৰু যমৰাজৰ সহোদৰ বে্জসকলে এনে দুৰ্ব্বলচেতিয়া ব্যক্তিসকলক

নিজৰ চিকাৰ কৰি লয় ৷ তেওঁলোকে এনে ধনবান অন্ধসকলক খুউব ঠগে ৷ 

দুৰ্ব্বলচিত্তৰ ব্যক্তিয়ে নিজৰ লগত সকলো সময়তে ঔষধৰ দ’ম লগাই ৰাখে ৷ তেওঁলোকে য’লৈকে যায় তালৈকে বিভিন্ন ধৰণৰ বেমাৰৰ ঔষধ লগত লৈ যায় ,প্ৰত্যেক সম্ভাৱনীয় ৰোগৰ ঔষধ তেওঁলোকৰ বাকচত সকলো সময়তে মজুত থাকে আৰু তেওঁলোকৰ বিশ্বাস যে কেতিয়াবা নহয় কেতিয়াবা এই বেমাৰ তেওঁলোকৰ হ’বই হ’ব ৷ যেতিয়া তেওঁলোক কোনো দূৰণিৰ ঠাইলৈ যায় , তেতিয়াতো ধৰক নিজৰ লগত ঔষধৰ এক ভাণ্ডাৰেই উঠাই নিয়ে ৷ মজাৰ কথা এইয়ে যে অত্যধিক সতৰ্ক ব্যক্তিও সদায় কিবা নহয় কিবা বেমাৰৰ কবলত পৰি থাকে ৷ তেওঁলোকৰ পানীলগা হৈ দমিলে কাহ আৰু ক্ষয় ৰোগৰ চিন্তাইও আহি ঘেৰি লয় ৷ ইয়াৰ বিপৰীতে কিছুমান এনে মানুহো আছে যি বেমাৰৰ খবৰ নেৰাখে , যি নেকি মহান কাৰ্য্যত লীন হৈ থাকে , খেল-ধেমালি আৰু মনোৰঞ্জনত লিপ্ত হৈ হাঁহি-ধেমালি কৰি থাকে আৰু যাত্ৰাৰ সময়ত কেতিয়াও ঔষধ নিয়াৰ কথা মনত নপৰে , তেওঁলোক মতলীয়া , প্ৰসন্নচিত্ত তথা স্বাস্থ্যবান হৈ থাকে ৷

যাতনা তথা বেমাৰ নিমন্ত্ৰণ কৰৌঁতা কিছুমান ব্যক্তিয়ে সদায় কেনে খাদ্য তেওঁ হজম কৰিব পাৰে , কেনে খাদ্য তেওঁৰ আৱশ্যক তাৰ দিঘলীয়া সূচী প্ৰস্তুত কৰে ৷ এওঁলোকে প্ৰতি গৰাহতে অজীৰ্নতাক আঁতৰাই থাকে আৰু কিয়নো তেওঁলোকৰ সকলো সময়তে অজীৰ্নতাৰেই ধ্যান থাকে , অতঃ ভুক্ত দ্ৰব্য অজীৰ্ন হৈয়ে ৰৈ যায় ৷ সন্দেহ ভাৱনা, সংশয় ভাৱনা, ভয় ভাৱনা সকলো সময়তে তেওঁলোকৰ মনত বিয়পি থাকে আৰু ইয়াৰ প্ৰতিক্ৰিয়া অপচয়ৰ ৰূপত তেওঁলোকৰ সমুখলৈ আহে ৷ তেওঁলোকৰ পিত্তৰসত বিক্ষোপ তথা বিকাৰ হৈ যায় আৰু কোনো সময়ত পিত্তৰসৰ স্ৰাব সম্পূৰ্ণ বন্ধ হৈ যায় আৰু সঁচাই তেওঁলোকৰ অজীৰ্ণ ৱোগ হৈ যায় ৷

বহুতো লোকৰ অনুসন্ধান আৰু প্ৰশ্নৰ বিষয় জলবায়ু ৷ বতৰ ঠাণ্ডা, বতৰ গৰম , এনে বতৰে পানীলগা আনিব , ইয়াৰ পৰা কাহ হ’ব , নিউমোনিয়া হ’ব ---এই ধৰণৰ চিন্তাই তেওঁলোকক সকলো সময়তে আমনি দি থাকে ৷ অলপমান খিড়িকীখন খোলা থাকিলেও ঠাণ্ডা লাগি যায় ৷

বাস্তবতে ইমান সোনকালে বেমাৰ হৈ যোৱাৰ প্ৰধান কাৰণ হৈছে ভয় ,সেই চিন্তাই তেওঁলোকক শীঘ্ৰে ৰোগাগ্ৰস্ত কৰি দিয়ে ; কিয়নো ভয় তথা চিন্তা কৰা বাবে তেওঁলোকৰ সহন শক্তি তথা ৰোগ নিৰোশধক শক্তি দুৰ্ব্বল হৈ পৰে আৰু তেওঁলোকৰ শৰীৰ ৰোগ গ্ৰহণশীল হৈ যায় ৷

যদি আশে- পাশে কোনো সংক্ৰামক ৰোগ বিয়পি পৰে তেন্তে তাৰ চিন্তা, তাৰ ভয়ে দুৰ্ব্বল লোকক খাই মাৰে ৷ তেওঁলোক নিশ্চিত হৈ পৰে যে সেই ৰোগ তেওঁলোকৰ গাত লাগিহে এৰিব ৷

সকলোতকৈ দুঃখদায়ক স্থিতি তেওঁলোকৰ হয় যিয়ে অনুভৱ কৰে যে তেওঁৰ কোনো বংশগত বেমাৰ আছে বা হ’ব পাৰে ৷ এনে লোক ৰোগ নোহোৱাকৈয়ে সেই ৰোগ ভোগ কৰি থাকে ৷ দুৰ্ব্বলতাৰ বাবে ফোঁপনী হ’লেও কিছুমানক বেমাৰৰ আক্ৰমণৰ ভয়ে আমনি দিয়ে ,কাৰোবাৰ নিজৰ হৃদয় দুৰ্ব্বল তথা ৰোগাক্ৰান্ত যেন লাগে ৷ তেতিয়া কাৰোবাৰ নিজৰ পেট বিকৃত যেন লাগে আৰু এনে মানুহে নিজকে ডাক্তৰতকৈ ডাঙৰ ডাক্তৰ বুলি ভাৱে ৷ তথাপিও সকলো সময়তে তেওঁলোকৰ চেহেৰাত মৃত্যুৰ ছাঁয়া পৰি থাকে ৷ যদি নিজৰ মনৰ অৱস্থা শুধৰাই লয়, সদায় প্ৰসন্ন চিত্ত , আশাপূৰ্ণ আৰু উৎসাহপূৰ্ণ হৈ্ থাকে , জীৱনৰ সকলো সময়ত সক্ৰিয় থাকে তেন্তে এনে মানুহ স্বাস্থ্যবান হৈ জীৱন অতিবাহিত কৰিব পাৰে ৷

কিছুমান মানুহে সকলো সময়তে নিজৰ দৰিদ্ৰতাৰ বাবে চকুলো টোকিয়ে থাকে ৷ তেওঁলোকে এই পৰ্য্যন্ত ষিমান চকুলো টোকিছে যদি তাৰ দহ ভাগৰো এভাগ সময়ো ধন অৰ্জনৰ প্ৰচেষ্টাত লগালেহেতেন তেন্তে বৰ্ত্তমান সময়তকৈ কিছু উচ্চ আৰ্থিক স্থিতিলৈ নিজকে আনিব পাৰিলে হেতেন ; কিন্তু তেওঁলোকৰ চেহেৰা মৃতবৎ থাকে , তেওঁলোক য’লৈকে যায় নিৰাশাৰ টোপোলাটো লগত লৈ যায় ৷ তেওঁলোক নিজৰ অসফলতাৰ গতিশীল বিজ্ঞাপন ৷ নিজৰ নিৰুৎসাহ , নিৰুদ্যম , নিষ্ক্ৰিয়তা আৰু অকুশলতাক তেওঁলোকৰ ভাগ্যৰ তলত লুকাই ৰখাৰ প্ৰচেষ্টাতেই লাগি থাকে ৷

এজন প্ৰফুল্লচিত্ত আৰু উৎসাহী যুৱক আছে যজনে নিজৰ ভৰষাৰ বলতে ব্যৱসায় আৰম্ভ কৰে ; কিন্তু তেওঁক এক দুৰ্ভাগ্যপূৰ্ণ অভ্যাসে আকোঁৱালি ল’লে ৷ তেওঁ নিজৰ ব্যৱসায়ৰ সকলো কথা আনক খুলি কোৱা , নিজৰ কষ্টবোৰ আৰু সমস্যাবোৰৰ বিৱৰণ আনৰ আগত মুকলি কৰি দিয়াৰ বেয়া নটা লাগিল ৷ যেতিয়াই কোনোবাই সুধে, “ কোৱা , কাম-কায কেনে চলিছে ? ” তেতিয়া মুখ বিকতাই তেওঁ কয় , “ বেয়া , বৰ বেয়া , হেৰি একো নুসুধিব , ব্যৱসায় আছেনো ক’ত ? কোনোমতে নমৰি জীয়াই আছো , মাথো দিনবোৰ পাৰ কৰিছোঁ ৷ মন যায় সকলো বিক্ৰী খটম কৰোঁ ৷ এই ব্যৱসায় আৰম্ভ কৰি মই বৰ ভুল কৰিলো ৷ ক’ৰবাত চাকৰি কৰাহ’লেই ভাল আছিল ,ধৰা-বন্ধা দৰমহা পালোহেতেন ৷”

এই মানুহজনৰ অভ্যাস হ’ল যে লাগে ব্যৱসায় ভালেই চলক , তথাপিও তেওঁ তেনেকৈয়ে ক’ব ৷ তেওঁ নিৰোৎসাহজনক বাতাবৰণকেই প্ৰতিবিম্বিত কৰি যাব , তেওঁ সাহস ভংগ কৰা ভাৱনাৰ দ্বাৰা গ্ৰস্ত হৈ থাকে আৰু সকলো সময়তে সেই ভাৱবোৰেই নিক্ষেপ কৰি থাকে ৷ তেওঁ যাকে পায় তেওঁৰ আগত নিজৰ কষ্ট তথা সমস্যাৰ পেৰা খুলি দিয়ে আৰু মানুহক বিষন্ন আৰু নিৰাশ কৰে ৷ মানুহে তেওঁৰ কথা শুনি আমনি পাই যায় ,তিক্ত হয় , তথাপিও তেওঁৰ কান্দোন বন্ধ নহয় ৷ এনে যুৱকৰ দশা দেখি এই কাৰণেই দুখ লাগে যে যিজন বিখ্যাত আছিল, যোগ্য আছিল , সমৰ্থ আছিল – তেওঁ ও নিৰাশাৰ চকৰিত পৰি যেনি তেনি উফৰি পৰিছে ৷ যেতিয়া পৰ্য্যন্ত তেওঁ সেই চকৰিৰ পৰা বাহিৰ হ’ব নোৱাৰে তেতিয়া পৰ্য্যন্ত আশা –আকাংক্ষা পূৰ্ণ কৰাত সফল হ’ব নোৱাৰে ৷ 

যদি এনে ধৰণৰ দুৰ্ভাগ্যৰ কান্দোনত কন্দাৰ অভ্যাস ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকী এজনৰ হয় তেতিয়া ই আৰু বেয়া, কিয়নো ই সংক্ৰামক ৰোগৰ দৰে বিয়পে ৷ ইয়াৰ বাবে কৰ্ম্মচাৰী সকলৰ নিজৰ গৰাকীৰ ব্যৱসায়িক যোগ্যতাৰ ওপৰত থকা বিশ্বাস হেৰাই যায় ৷ তেওঁলোকে নিৰাশাক্ৰান্ত চিত্তে কামবোৰ কৰে , অৱশেষত উৎপাদন বহু কম পৰিমাণে হয় ৷

(প্ৰথম খণ্ড সমাপ্ত)

No comments:

Post a Comment