Saturday 20 July 2013

হস্তক্ষেপ




(ৰহস্য গল্প)  
বগলীজান গাঁও৷ গাঁৱৰ পশ্চিম প্ৰান্তত আছে এক অৰণ্য৷ তাৰ কাষতে আছে মৰিশালিখন৷ দক্ষিণ দিশত চাহ বাগিচা৷ এই মৰিশালিখনলৈ দিনৰ ভাগতেই মানুহ অকলশৰে যাবলৈ সাহস নকৰে৷ এক জয়াল পৰিবেশ সদা বিৰাজমান৷ তাত বাস কৰা ভূত-প্ৰেতৰ বিষয়ে নানা ধৰণৰ কাহিনী গাৱঁৰ মানুহৰ মুখে মুখে অতীজৰে পৰা চলি আহিছে৷ বজ্ৰপাত পৰি দুফাল হৈও নমৰি শতবৰ্ষ অতিক্ৰম কৰা শিমলুজোপা,  যাক ৰাইজে ‘ফটা শিমলু’ নাম দিছে, তাত এতিয়াও ‘বুঢ়া ডাঙৰীয়া’ই বাস কৰি আছে৷ তেৰাক গাঁৱৰ বহুজনে স্বচক্ষে দেখা পাইছে হেনো৷

গাঁৱৰ মানুহৰ চকু কপালত উঠিল সেইদিনা , যিদিনা দেখা পালে – জয়াল মৰিশালিখনৰ কাষত এটা সৰু পঁজা সাজি দুগৰাকী যুৱতীয়ে অকলশৰে থাকিবলৈ ল’লে৷ মালতীয়ে তাইৰ ভতিজী নিৰ্মলাৰ সৈতে থকা সেই ঘৰটোৰ এখনো দুৱাৰ নাই৷ কথাষাৰ জানিব পাৰি গাঁৱৰ ৰাইজ হতবাক৷ দুই একে মন্তব্য কৰিলে-‘মালতীয়ে তন্ত্ৰ-মন্ত্ৰ জানে বাবেহে তেনেদৰে থাকিব পাৰিছে৷’ অতি নিষ্ঠুৰতাৰে ছোৱালী দুজনীক খেদি পঠিওৱাৰ বাবে মালতীৰ ভতিজাক ৰতিকান্তক ৰাইজে একমুখে গৰিহণা দিছে৷

ছোৱালী দুজনী এনেদৰে মৰিশালিখনৰ কাষত দুৱাৰ নোহোৱা ঘৰটোত থাকিবলৈ লোৱাৰে পৰা গঞাসকলৰ মাজত নানা ধৰণৰ চৰ্চা হ’ব ধৰিছে৷ কিছুমানৰ মতে মৰিশালিৰ কাষৰ হাবিত থকা বটবৃক্ষৰ তলত ধ্যানত মগ্ন সাধুবাবাজনৰ সাহসতে মালতীহঁত তাত থাকিব পাৰিছে৷ আন কিছুমানে কয় যে বেচেৰী দুজনী তাতে ঘৰ সাজি নাথাকি যাবনো ক’লৈ ? বাৰী-মাটি বুলিবলৈ সেইডৰাই আছিল৷ ৰতিকান্ত আৰু তাৰ ঘৈনীয়েক শেৱালিৰ অত্যাচাৰ আৰু কিমান সহ্য কৰিব বেচেৰীহঁতে৷ মৰিশালিখনতে শান্তিৰে আছেগৈ৷


 **************

“দাদা, যোৱাকালি আৰ্মিৰ লগত অহা মানুহকেইজনে মোক মৰিশালিখনত কিয় মাটি খান্দিবলৈ লগাইছিল বাৰু ?” বাহাদুৰৰ মুখত প্ৰশ্নটো শুনি ৰতিকান্তই এনে ধৰণে মৃদু থিয় জাপ এটা মাৰিলে যেন এইমাত্ৰ এটা কোদোৱেহে বিন্ধিলে৷ “ কি ক’লি বাহাদুৰ ?  তই কি ক’লি ? তোক মৰিশালিত মাটি খান্দিব দিছিল ? ” "হয় দাদা সিহঁতে মোক মৰিশালিখনৰ কেইবা ঠাইতো মাটি খান্দিব দিছিল৷” বাহাদুৰৰ কথা শুনি ৰতিকান্ত যেন
কিবা এক দিশ্চিন্তাত পৰিল আৰু ক’লে – “ বাহাদুৰ , তইয়ে মানুহ কেইজনক সুধি উত্তৰটো উলিয়াই নললি কিয় ?”
“ভয় লাগিল দাদা”, --বাহাদুৰে ক’লে৷

আৰ্মিয়ে বিদ্ৰোহী সংগঠনৰ আত্মসমৰ্পণকাৰী ফৈদৰ সদস্যৰ লগ লাগি মৰিশালিত মাটি খান্দি ফুৰাৰযি অভিযান আৰম্ভ কৰিছে সেইবোৰৰ কথা কেইদিনমানৰ পূৰ্বে তাৰ ঘৰত হালোৱা হচাপে থাকিবলৈ লোৱা বাহাদুৰক ক’বলৈ ৰতিকান্তৰমন নগ’ল ৷ ইয়াত কিছুদিন থাকিলে সি কথাবোৰ নিজে বুজি পাব ৷—ৰতিকান্তই ভাৱিলে৷ ৷

***************


বগলীজান গাঁৱৰ হৰিমন্দিৰৰ কাষতে প্ৰকৃতিপ্ৰেমী সকলে স্থাপন কৰা বে-চৰকাৰী প্ৰতিষ্ঠান ‘বসুন্ধৰা’ ৰ কাৰ্যালয় গৃহটো অলপতে নিৰ্মাণ কৰি অফিচৰ কাম-কাজ আৰম্ভ কৰিছে৷  স্থানীয়  উদ্যোগী যুৱক-যুৱতীসকলক লগত লৈ নগৰৰ কেইজন মান প্ৰকৃতি প্ৰেমীয়ে ‘বসুন্ধৰা’ ৰ এই শাখা কাৰ্যালয়টৌৰ কাম-কাজ চোৱা-চিতা কৰিছে৷ কমল দুৱৰা , নেত্ৰকমল গগৈ পবিত্ৰ শইকীয়াই নগৰৰ পৰা গাড়ীৰে আহি অফিচৰ কাম-কাজ কৰি গূৰি যায়৷ কেৱল চন্দ্ৰ বৰুৱাইহে দূৰণীবটীয়া হোৱা হেতু অফিচৰ লগতে থকা কোঠাটোতে থাকি লৈছে৷


***************


বগলীজান গাঁৱত কিছুদিনৰ পূৰ্বে অন্য এক সাধুবাবাৰ আৱিৰ্ভাব হৈছে৷ তেওঁ গাৱঁৰ ইঘৰ-সিঘৰলৈ গৈ গৃহস্থক নানা অপায়-অমঙ্গলৰ পৰা ৰক্ষা পাবৰ বাবে মন্ত্ৰপুতঃ তাবিজ বিনামূলীয়াকৈ দি ফুৰিছে৷ তেওঁ ওৰে দিনটো অনাই-বনাই ফুৰি নিশা হোৱা লগে লগে মৰিশালিখনলৈ ঢাপলি মেলে—নীড়মুখী পক্ষীৰ দৰে৷ তাতে কোনোবা এজোপা গছৰ তলতে নৈশ যাপন কৰে৷ এইজনা সাধুবাবাই ‘জয় ভোলে বাবা’ ‘জয় ভোলে বাবা’ বুলি মন্ত্ৰ জপ কৰি থাকে বাবে ৰাইজে তেওঁক ‘ভোলেবাবা ‘ নাম দিছে৷

  বগলীজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নৰেন দত্তই এদিন ভোলেবাবাক অকলশৰীয়াকৈ লগ কৰি সুধিলে—“বাবা আপুনি বাৰু গুপ্তধনৰ সন্ধান উলিয়াব পাৰিবনে ?

 “পাৰিম বাচ্ছা , পাৰিম , কিয় নোৱাৰিম৷ কিন্তু সেই ধন সেই ধন কিমান দিনৰ আগতে , কেনে অৱস্থাত গোপনে ৰখা হৈছিল সেই কথা জানিব লাগিব৷”

 নৰেন দত্তই ক’লে “বাবা, কেইবছৰমানৰ আগতে এই বগলীজান গাঁৱত সংগঠনৰ ল’ৰাহঁতে বহু কোটি টকা সংগ্ৰহ কৰি এই অঞ্চলৰ কোনোবা এটা মৰিশালিৰ কাষত পুতি থ’লে ; কিন্তু আৰ্মিয়ে অভিযান চলাওঁতে গুপ্তধনৰ সৈতে জড়িত সদস্য কেইজনৰ মৃত্যু হ’ল৷ এতিয়া সেই ধন ক’ত আছে কোনেও নাজানে৷ আনহে নালাগে আত্মসমৰ্পণকাৰী সদস্য সকলেও গুপ্তধন থকা ঠাইডোখৰৰ কথা নাজানে৷ অপাৰেচনত জড়িত আৰ্মিয়েও গুপ্তধনৰ লোভ সামৰিব নোৱাৰি আত্মসমৰ্পণকাৰী সদস্যৰ লগ লাগি বহুবাৰ চেষ্টা চলাই সফল হ’ব পৰা নাই-গুপ্তধন উদ্ধাৰৰ কামত৷ বাবা , সেই ধনৰ সন্ধান উলিয়াব পাৰিলে আমি দুয়ো সমানে ভগাই ল’ম৷ তেতিয়া আপুনি ‘বাবা’হৈ ঘুৰি নুফুৰি বিয়া-বাৰু কৰাই ক’ৰবালৈ গৈ সুখেৰে সংসাৰ পাতি থাকিব পাৰিব৷”

নৰেনৰ কথা শুনি ভোলেবাবাই দুৰ্বাসা মুনি হেন ৰূপ ধাৰণ কৰাত ধনৰ লোভ ত্যাগ কৰি নৰেন দৌৰি পলাল৷


***************


ৰতিকান্তৰ ঘৰত থকা হালোৱা বাহাদুৰৰ বন্ধু হেমন্ত বৰুৱা আজিকালি প্ৰায়ে বাহাদুৰক লগ পাবলৈ বগলীজান গাঁৱলৈ আহে৷ দুয়ো বাল্য বন্ধু৷ বাহাদুৰৰ ওচৰলৈ আহোঁতে হেমন্তই নিৰ্মলাক মাজে-সময়ে দেখা পায়৷ চাৰি চকুৰ মিলনে এদিন জীৱন-বীণাত প্ৰেমৰ ৰাগিণী তুলিলে৷ পৰস্পৰে পৰস্পৰক নেদেখাকৈ থাকিব নোৱাৰা হ’ল৷ পিছে এবাৰ এসপ্তাহ দিন ধৰি হেমন্ত নিৰ্মলাৰ ওচৰলৈ নহাত তাই বাহাদুৰক ঘৰলৈ মতাই আনি হেমন্তৰ বতৰা ল’লে৷ হেমন্তৰ জটিল ৰোগ ! খবৰটো পাই নিৰ্মলা বাউলীজনী হ’ল৷  দাল-দৱিদ্ৰ হেমন্তই কিদনি ক্ৰয় কৰি নিজিৰ শৰীৰত স্থাপন কৰাই নৱ-জীৱন লাভৰ আশা নাই৷ নিৰ্মলাই বাহাদুৰক ক’লে—“বাহাদুৰ , তুমি হেমন্তক মোৰ ওচৰলৈ আহিবলৈ কোৱা৷ তেওঁৰ চিকিৎসাৰ সকলো খৰচ মজি বহন কৰিম৷” নিৰ্মলাই এয়া কি কৈছে ?  কথা  শুনি বাহাদুৰ হতবাক৷ ককায়েক ৰতিকান্তই নিৰ্মলাক ধন দিব চাগৈ---বাহাদুৰে ভাৱিলে৷ কি যে ৰহস্যময় পৰিয়াল ! গাঁৱৰ মানুহে কয় মাৰপিট কৰি ৰতিকান্ত আৰু তেওঁৰ ঘৈণীয়েকে ছোৱালী দুজনীক খেদি দিয়া বাবে মৰিশালিত ঘৰ বনাই আছে৷ পিছে ৰাতিৰ আন্ধাৰত ঘৰৰ যাৱতীয় বয়-বস্তু, ৰচদ-পাতি ছোৱালী দুজনীক দি আহিবলৈ ৰতিকান্ত আৰু তেওঁৰ ঘৈণীয়েকে বাহাদুৰক মৰিশালিলৈ নিতৌ যাবলৈ দিয়ে আৰু সেই কথা গোপনে ৰখাৰ বাবদ বাহাদুৰক হাত খৰচৰ বাবে উপৰুৱা ধন দিয়ে৷ কেৱল বাহাদুৰেহে জানে যে ৰতিকান্ত অগাধ সা-সম্পত্তিৰ মালিক৷ গুৱাহাটী মহানগৰীত ফ্লেট কিনাই নহয়, ৰতিকান্তৰ অসমৰ বাহিৰতো মাটি-ঘৰ হৈছে৷ তেন্তে সেই ধনৰ ৰহস্য কি? বাহাদুৰে এইবোৰ ভাৱি পাৰ নাপায়৷


****************


 আজি ‘বসুন্ধৰা ‘ৰ কাৰ্যালয়ত স্থানীয় প্ৰকৃতি প্ৰেমীসকল উপস্থিত থকা নাই৷ নগৰৰ পৰা কমল দুৱৰা, নেত্ৰকমল গগৈ আৰু পৱিত্ৰ শইকীয়া আহি পাই চন্দ বৰুৱাৰ সৈতে অফিচত বহিছে৷ ৰতিকান্তৰ ঘৰ অফিচৰ ওচৰতে হোৱা বাবে চাহ-তামোলৰ যা-যোগাৰ কৰি দিবৰ বাবে বাহাদুৰক মতাই আনিলে৷ বাহাদুৰক কেন্দ্ৰ কৰি লৈ আটায়ে এক গোপন আলোচনাত ব্যস্ত হৈ পৰিল৷ আলোচনাৰ প্ৰসংগলৈ আহিল মৰিশালিখন-য’ত নিশাৰ অন্ধকাৰে নমাই আনে এক ৰহস্যঘন বাতাবৰণ,বাজি উঠে সাধুবাবাৰ ম’বাইলৰ ৰিংটন আৰু……….আৰু তাৰ পিছতেই হঠাৎ পিষ্টলৰ গুলী ফুটাৰ শব্দক অনুসৰি কাৰোবাৰ লৰা-ঢপৰা কৰা শব্দ……….৷ লগতে বাহাদুৰে তাৰ বন্ধু হেমন্তৰ ৰোগ চিকিৎসাৰ বাবে তাৰ প্ৰেয়সী নিৰ্মলাই ধনৰ যোগান ধৰিব খোজা লৈকে সকলো কথা উৎসুক শ্ৰুতাবৃন্দক বিৱৰি কয়৷ পিছে তেনে সময়তে স্থানীয় প্ৰকৃতিপ্ৰেমীৰ আগমনত আলোচনাচক্ৰৰ গতিয়ে ৰূপ লয় পক্ষীজ্বৰৰ বিভিষিকালৈ৷


****************

‘মোক বিদায় দিয়া নিৰ্মলা৷ মোক বিদায় দিয়া৷’ হেমন্তই দুচকুৰে লোতক বোৱাই ক’লে-‘তোমালোকৰ ঘৰৰ এই দৈন্য অৱস্থাত ইমানবোৰ টকা যোগাৰ কৰি মোৰ জীৱন ৰক্ষা কৰিব নোৱাৰা৷ গতিকে মোক মৰিবলৈ দিয়া৷’ হেমন্তৰ কথাত উত্তেজিত প্ৰায় হৈ নিৰ্মলাই ক’লে-‘হেমন্ত, তেনে কথা কাহানিও মনলৈ নানিবা৷ মই টকা যোগাৰ কৰিম বুলিছো যেতিয়া কৰিমেই৷ তুমি মাথো চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ সাজু হোৱা৷’ তাইৰ কথাত গুৰুত্ব নিদি হেমন্তই প্ৰায় খং কৰাৰ দৰে ক’লে-‘মিছাতে মোক কিয় আশা দিছা জীয়াই থকাৰ,তোমালোকৰ ঘৰখনৰ এনে শোচনীয় আৰ্থিক অৱস্থাটো দেখি কোনেও তোমাক টকা ধাৰে নিদিয়ে আৰু তুমি যদি নিজৰ দেহা বিক্ৰী……’ ‘চুপ থাকা৷’ হেমন্তৰ কথা শেষ হ’বলৈ নিদি নিৰ্মলাই খঙেৰে ক’লে –‘তেনে কথা কৈ মোক ইমান তললৈ নমাবলৈ তোমাৰ অলপো বেয়া নালাগিল হেমন্ত ?’ নিৰ্মলাৰ কথাত হেমন্তৰ খঙো বাঢ়ি গ’ল আৰু ক’লে—“তুমি যদি সঁচাই মোৰ জীৱন ৰক্ষা কৰিব খুজিছা তেন্তে মোৰে শপত, তুমি টকা ক’ত পাবা মোক আজি ক’ব লাগিব৷ অন্যথাই মই তোমাক বিদায় দি মৃত্যুৰ মুখলৈ আগুৱাই যাম৷” হেমন্তৰ কথা শুনি কািৰ্মলাই কান্দি –কাটি নিৰ্মলাই ক’লে, “তুমি বৰ অবুজন , তুমিতো জানাই মই তোমাক মোৰ প্ৰাণতকৈও অধিক ভাল পাওঁ৷ সেয়ে মোক একো নুশুধি নিশ্চিন্তমনে চিকিৎসাৰ বাবে সাজু হোৱাচোন৷”

“তুমি মোক নিজৰ বুলি ভবা নাই বাবেই টকা ক’ত পাবা ক’ব নোৱাৰিলা৷ মই যাওঁ৷ বিদায় নিৰ্মলা বিদায়৷”—কৈ হেমন্ত যাবলৈ ওলাল৷ হেমন্তৰ হাতত ধৰি কান্দি কান্দি নিৰ্মলাই ক’লে—“ নাযাবা তুমি নাযাবা,মই তোমাক এৰিব নোৱাৰোঁ৷ মই সকলো কথাই ক’ম৷ বহা, তুমি বহাচোন৷”  হেম্নন্ত বেতৰ চকীখনতে বহি পৰিল আৰু ক’লে—“ কোৱা তুমি কেনেকৈ টকা যোগাৰ কৰিবা৷”

“মালতী পেহী গাঁৱৰ পৰা ঘূৰি অহালৈও তুমি মোক বাট চাবলৈ নিদিলা৷ তুমি কিন্তু কথাবোৰ গোপনে ৰাখিবা৷ আমাৰ জীৱনত কোনোদিনে টকাৰ অভাৱ নহয়৷ আমাৰ বাবে অজস্ৰ টকা আছে৷”
“অজস্ৰ টকা আছে ? ক’ত আছে ?”

মুখৰ আগত তৰ্জনী আঙুলি ৰাখি নিৰ্মলাই ক’লে,”চুপ---বেৰৰো  কাণ আছে-----৷”

এইবাৰ মাতটো নিচেই সৰু কৰি হেমন্তই ক’লে, “ কিন্তু ক’ত আছে সেই টকা ?”

নিৰ্মলাই হেমন্তৰ কাণে কাণে ফুচফুচাই ক’লে, “----------------------৷”
ঠিক তেনে সময়তেই নিৰ্মলাহঁতৰ ঘৰৰ পিছফালে লুকাই থকা এমখা মানুহ সিহঁতৰ দুৱাৰ নোহোৱা  ঘৰটোৰ ভিতৰলৈ সোমাই আহিল৷

নিৰ্মলাই দেখিলে আগন্তুকসকল পৰিচিত লোক৷ ‘বসুন্ধৰা’ৰ বিষয়-ববীয়া কমল দুৱৰা, নেত্ৰকমল গগৈ   পৱিত্ৰ শইকীয়া,চন্দ্ৰ বৰুৱা আৰু ৰতিকান্তৰ হালোৱা –বাহাদুৰ৷

 ধন্যবাদ হেমন্ত ওৰফে সঞ্জয়৷ কোৱা গুপ্তধন ক’ত আছে৷” কমল দুৱৰা ওৰফে প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাই ক’লে, “অপাৰেচন চাকচেচফুল , নহয় জানো সঞ্জয় ?”

“হয় ছাৰ , অপাৰেচন চাকচেচফুল৷ এই বিছনাখনৰ তলতে ধন আছে৷”

হেমন্তৰ মুখত কথাষাৰ শুনিয়েই নিৰ্মলাই চিঞঁৰি উঠিল—“তুমি এইবোৰ কি কৈছা হেমন্ত ? তুমি বিশ্বাসঘাতক৷”

“ক্ষমা কৰিবা নিৰ্মলা, চাকৰিৰ খাটিৰতে এইবোৰ কৰিলো, মই প্ৰকৃততে বিশ্বাসঘাটক নহওঁ৷ মই তোমাক বিয়া কৰাম আৰু চাকৰিৰ দৰ্মহাৰে আমি সৎভাৱে চলিম; কিন্তু তাৰ পূৰ্বে আইনগত শাস্তি তুমি মূৰ পাতি ল’ব লাগিব৷”

সমবেত সকলেও যেন উপলব্ধি কৱিব পাৰিলে—প্ৰেম মানুহে নকৰে, প্ৰেম হৈ যায়, আৰু সেয়ে লগে লগে সকলোৱে হাত চাপৰি বজাই নিজৰ নিজৰ সমৰ্থন ব্যক্ত কৰিলে৷

ইতিমধ্যে ভোলেবাবা ওৰফে ইন্দ্ৰজিতে কেইজনমান পুলিচৰ সৈতে গছতলৰ সাধুবাবা আৰু ৰতিকান্তক হাতত হাত-কেৰেয়া লগাই আনি সমবেত বৃন্দৰ লগ লাগিলহি৷

ৰতিকান্তই সমবেত সকলক উদ্দেশ্যি ক’বলৈ ধৰিলে—“আপোনালোকে এইবোৰ কি কৰিছ ? দুখীয়া মানুহক আপোনালোকে মানুহ বুলি গন্য নকৰে নহয় জানো ?”

“ দুখীয়া মানুহ ?”ৰতন বৰুৱাই ইতিকিঙৰ সুৰত ক’লে ,” দুখীয়া মানুহৰ ঘৰত দুৱাৰ নাথাকে, কিন্তু থাকে কোটি কোটি টকা, নহয় জানো ৰতিকান্ত ডাঙৰীয়া ? ঠিক আছে , বিছনাৰ তলত খনন কাৰ্য্য আৰম্ভ কৰা যাওক৷”

বিছনাখন আঁতৰাই লৈ খনন কাৰ্য্য আৰম্ভ কৰা হ’ল৷

“ৰতিকান্ত ডাঙৰীয়া , আপোনালোকৰ নাটকৰ যৱনিকা পৰিল৷ এতিয়া ই কেনেকৈ সম্ভৱ হ’ল তাকে শুনক৷ অসম চৰকাৰে এই ৰাজহুৱা ধনৰ উদ্ধাৰ কৰাৰ দায়িত্ব আমাক দিয়াৰ লগে লগে আমাৰ দলৱ কৰ্মীসকল  আপোনালোকৰ গাঁৱত  নানা বেশত সোমাই পৰিল৷ আপোনাৰ ঘৰৰ হালোৱা  বাহাদুৰ , ভোলেবাবা , ‘বসুন্ধৰা’ৰ নগৰৰ পৰা অহা বিষয়-ববীয়াসকল আৰু এই হেমন্ত, সকলো আমাৰ দলৰে মানুহ৷”

“ পিছে ছাৰ, ইয়াতে গুপ্তধন থাকিব পাৰে বুলি আপোনালোকে কেনেকৈ ভাৱিব পাৰিলে ?” পুলিচ উপপৰিদৰ্শক কল্যাণ দত্তই প্ৰশ্ন কৰিলে৷

“ আমাৰ অভিযানত সলিসিয়ান ৰতিকান্তই পৰিকল্পিতভাৱে গৃহকন্দলৰ নাটক কৰি মৰিশালিত ঘৰ সাজি দুৱাৰ নোহোৱাকৈ পেহিয়েক আৰু ভনীয়েকক থাকিবলৈ দিয়াৰ কাৰণ যে মানুহক বিভ্ৰান্ত  কৰি গুপ্তধন ৰক্ষা কৰাটোৱে  আছিল সেই কথা বাহাদুৰে ধৰা পেলায়৷ গছতলত সাধুবাবা হৈ বহি থাকি নৈশ প্ৰহৰীৰ দায়িত্ব পালন কৰা ৰতিকান্তৰ সম্পৰ্কীয় ভাতৃ দীনেশ বৰুৱাকো  আমাৰ ভোলেবাবা ওৰফে ইন্দ্ৰজিতে ধৰা পেলাবলৈ বেছি দিন নালাগিল-------------৷”

ৰতন বৰুৱাৰ কথা শেষ হ’বলৈ নাপালেই, মাটিৰ তলৰ পৰা হেজাৰ টকীয়া নোটৰ বাণ্ডিলেৰে ভৰ্ত্তি  ডাঙৰ ডাঙৰ ট্ৰাঙ্ক কেইটা উলিয়াই অনা হ’ল আৰু সকলোৰে দৃষ্টি তাতে নিবদ্ধ হ’ল৷

-------------------------------------সমাপ্ত--------------------------------------------------
(গল্পটি ‘ৰহস্য’ আলোচনীৰ মাৰ্চ, ২০০৯ সংখ্যাত প্ৰকাশিত)
যুগল চন্দ্ৰ বৰা










No comments:

Post a Comment