(চুটি গল্প)
সেই দিনা দেউবাৰ৷ মোৰ পত্নী মিনু আৰু মই দুয়ো ঘৰতে আছোঁ৷ কলিংবালটো বাজি উঠিল৷ মিনুৱে গৈ দুৱাৰ খুলি দিলে৷
“অ’ পেহা দেখোন৷ আহক আহক৷ ইমান
দিনৰ মূৰত ভাল মনত পৰিল দেই পেহা৷ বহক, তেওঁ ভিতৰতে আছে৷ হেৰা, শুনিছানে ? মৰাণহাটৰ
পেহা আহিছে৷”
মিনুৰ চিঞৰৰ কোবত বাহিৰৰ কোঠালৈ
ওলাই আহিলোঁ৷ সমুখৰ চোফাখনত বহি থকা ভদ্ৰলোকক দেখা পায়ে মোৰ চকু থৰ হৈ ৰ’ল৷ ঠিকেই ৷
এইজনেই সেই মানুহজন , যাৰ ছবি আজি ডেৰবছৰেও মোৰ মানসপটৰ পৰা মচ খাই যোৱা নাই৷
ভদ্ৰলোকৰ সৈতে মিনুৱে মোক চিনাকি
কৰি দিলে আৰু মই নমস্কাৰ জনালো৷ আমাক কথা বতৰা পাতিবলৈ কৈ মিনুৱে চাহৰ যা-যোগাৰত লাগিলগৈ৷
মোৰ চকুৰ চাৱনিত কিবা অবিশ্বাস
অথবা সন্দেহৰ ভাৱ ফুটি উঠিছিল নেকি নেজানো, পেহাই অৰ্থাৎ ভদ্ৰলোকে সংকোচ ভাৱ এটা লৈ নিবোকা চামোনৰ দৰে বৰি থাকিল৷ মই অধিক নিশ্চিত
হ’বৰ বাবে মানুহজনৰ লগত উপযাচি কথাৰ পাতনি মেলিলোঁ৷
“ পেহা, মৰাণৰ পৰাই আহিলনে
?”
ওঁ—৷” পেহাই সিমানকে কৈ ৰৈ দিলে৷ মই মনত পেলাই চালো—তেতিয়াচোন
এইজন মানুহেই কথাৰ ফুলজাৰিৰে মোক বশীভূত কৰিছিল৷ এওঁ চাগৈ মোক পাহৰা নাই৷ পিছে মিনুৱে বাৰু সেই ঘটনাটোৰ
কথা পাহৰি গৈছে নেকি ? এতিয়া মিনু চাহ বনোৱাত
ব্যস্ত৷ পেহা আৰু মই নিজৰ নিজৰ ভাৱৰাজ্যত উটিভাঁহি ফুৰিছো৷ নীৰৱে দুয়ো বহি আছো৷ যেন
দুজন মহাকবি৷ কবিতাৰ ছন্দ মিলাবৰ বাবে শব্দ বিচাৰি ককবকাই ফুৰিছো৷
মই ভাৱিলো, এনেদৰে নহ’ব, পেহাৰ
মুখৰ মাত উলিয়াবই লাগিব৷
“ পেহা আজি আমাৰ ঘৰতে থাকিব নহয়
?” নিৰৱতা ভাঙি মই সুধিলো৷
“ ওঁ—৷” পেহাৰ তেনেই চমু উত্তৰ৷ নাই পেহাই দেখোন কথাৰ পাতনি
মেলিবই নোখোজে৷ পেহাৰ অৱস্থাটো দেখি মোৰ নিজৰে অস্বস্তি লাগিবলৈ ধৰিলে৷ পেহাই চাগে
মিনুৰ লগত বিয়া হোৱা মানুহটো মই বুলি কল্পনাই কৰা নাছিল৷
প্ৰায় ডেৰবছৰ মানেই হ’ল৷ এইখন চহৰলৈ মই বদলি হৈ আহিছোঁ৷ লাচিত
নগৰত এটা ভাৰাঘৰ পালো৷ মোৰ ভাৰাঘৰৰ চাৰিওফালে ভালেকেইটা পৰিয়াল থাকে৷ ওচৰতে মিনুহঁতৰ
ঘৰ৷ প্ৰথমদিনা ভাৰাঘৰত প্ৰৱেশ কৰোঁতেই মিনুৰ সৰু ভায়েক জিতুৱে আহি চিনাকি হৈছিলহি৷
প্ৰথম মাহটোৰ ভিতৰৰে এদিনৰ ঘটনা৷
জিতুৱে মোক সিহঁতৰ ঘৰলৈ মাতি আনিলে৷ সিহঁতৰ ঘৰলৈ ক’ৰবাৰ পৰা মানুহ এজন আহিছে৷ মানুহজনে
খুউব কম দামতে নানা ধৰণৰ বয়-বস্তু দি যায়৷ ৰেডিঅ’, টেপৰেকৰ্ডাৰ, ঘড়ী, পাটৰ কাপোৰ, মুগাৰ
চেট, লংপেন্ট-চাৰ্টৰ পিচ, মিঠাতেলৰ টিন ইত্যাদি অসংখ্য বস্তু৷ মূল্য বজাৰৰ আধাতকৈও
কম৷ গতিকে মোক কিবা বস্তুৰ প্ৰয়োজন হ’লে তেওঁৰপৰা ল’ব পাৰোঁ৷
প্ৰথম চিনাকিতেই মানুহজনে তেওঁৰ পৰিচয়টোনো কি দিলে মই টলকিব নোৱাৰাকৈ থৈ বক্তৃতাধৰ্মী কথাৰে মোক বুজাই দিলে যে তেওঁ যিবোৰ বস্তুৰ যোগান
ধৰে সেইবোৰ তেওঁ চুৰি-ডকাইতি কৰি অনা নহয়৷ বস্তুবোৰ তেওঁ কিবা উপায়েৰে কোনোবা ঠাইত সংগ্ৰহ কৰে৷ মিনুহঁতৰ ঘৰত সেইদিনা
তেওঁ এটা টেৰিকটনৰ লংপেন্টৰ পিচ মাত্ৰ ত্ৰিশ টকাত দিছে৷ কাপোৰটো মোক মিনুৰ ককায়েক মিন্টুৱে
দেখুৱালেল সচাঁই মইআচৰিত হ’লোঁ৷ কাৰণ, তাৰ মূল্য বজাৰত তিনিশ টকাৰ কম নহ’ব৷
“ কওক এতিয়া আপোনাক মুগাৰ চেট
এটা লাগেনে নালাগে ? যদি লাগে তিনিহেজাৰ টকাৰ এটা মুগাৰ চেট মই আপোনাক মাত্ৰ এহেজাৰ
টকাত দিম৷”
মই অবিবাহিত চাকৰিয়াল৷ খুব সোণকালে
বিয়াখন পাতিব লাগিব৷ দুই এজোৰ কাপোৰ কিনি ৰাখিব পাৰিলে ভাল৷ মই মনে মনে চিন্তা কৰি
ৰলো৷
“কওক, লাগিব আপোনাক ?---৷”
মানুহজনৰ মাতত মোৰ তন্ময়তা ভাগিল৷
পুণৰ সুধাত মই লাগিব বুলিয়েই কৈ দিলো৷
“ তেনেহ’লে আপুনি এহেজাৰ টকা
আজিয়েই দিয়ক আৰু অহা সোমবাৰে আপোনাৰ ঘৰত হাজিৰ৷ হ’ব?”
কথাষাৰ শুনি মই মন্টুৰ মুখলৈ
চালোঁ৷ পিছে মন্টুৱে হা-না একো নামাতিলে৷
মানুহজনে পুণৰ ক’লে—“দিয়ক৷”
মোৰ পকেটত টকা আছিল৷ এহেজাৰ টকা গণি মানুহজনৰ হাতত
দি দিলোঁ৷ টকা লৈ মানুহজন গ’লগৈ৷ মন্টুক সুধিলো—“মানুহজন বিশ্বাসভাজন নে বাৰু ? আপুনি
তেওঁৰ ঘৰৰ ঠিকনাটো জানেনে ?” মানুহজনৰ ঘৰৰ আচল ঠিকনাটো নাজানিলেও মানুহজন প্ৰতাৰক যেন নালাগে বুলি মন্টুৱে ক’লে৷ আগে পিছেও তেওঁ এনেদৰে
আগধন লৈ সময়মতে আহি বস্তু দি গৈছে৷ মই আশ্বস্ত
হ’লো৷
এহেজাৰ টকা মানুহজনক দি সোমবাৰৰলৈকে
ছটফটাই থকাৰ দৰে কটালো৷ সোমবাৰৰ দিনা অফিচলৈ নগৈ মানুহজনলৈকে আগ্ৰহেৰে অপেক্ষা কৰি
ৰলো৷ সন্ধ্যালৈকে মানুহজন নহাত মই মিনুৰ ককায়েক
মন্টুক লগ কৰি আহিবলৈ মিনুহঁতৰ ঘৰলৈ গ’লো৷ ঘৰত তেতিয়া মিনুৰ বাহিৰে কোনো নাছিল৷
সেই দিনা মিনুৰ সৈতে ৰোমান্টিক ভাৱৰ বিনিময় ঘটি গ’ল৷ এহেজাৰ টকাৰ চিন্তা কিছু পাতলি
গ’ল৷ তথাপি মিনুক ক’লো , “ মানুহজন সোমবাৰে আহিম বুলি কৈছিল , ক’তা নাহিল দেখোন৷”
“ কোনটো সোমবাৰে বা অহাৰ অহাৰ
কথা কৈছিল ? অহা সোমবাৰে, ইটো সোমবাৰেবা সিটো
সোমবাৰেতো হ’ব পাৰে৷ আপুনি জানো তাৰিখটো সুধিছিল ?” –মিনুৱে ক’লে৷
মই ক’লো, “ এৰা ঠিকেই৷”
মানুহজনলৈ বাট চাই থাকি কেইবাটাও
সোমবাৰে অফিচ ক্ষতি কৰিলো আৰু প্ৰত্যেক সোমবাৰে আবেলি মিনুহঁতৰ ঘৰলৈ গ’লো—মানুহজনৰ
খবৰ ল’বলৈ৷ এনেদৰে অহা যোৱা কৰি থাকোঁতে লাহে লাহে মিনুৰ সৈতে মোৰ এক নিবিড় সম্পৰ্ক
গঢ়ি উঠিল৷ মিনুৱে মোক ‘আপুনি’ সম্বোধনৰ পৰিবৰ্ত্তে ‘তুমি’ বুলি ক’বলৈ এদিন অধিকাৰ পাই
গ’ল৷ পিছলৈ মই সোমবাৰৰ পৰা ৰবিবাৰলৈ প্ৰতিটো দিনতে একোবাৰকৈ মিনুহঁতৰ ঘৰলৈ যাবলৈ ধৰিলো৷
টকা এহেজাৰৰ চিন্তাৰ ঠাই দখল কৰিলে এইবাৰ মিনুৰ চিন্তাই৷ তাইক এদিন নেদেখিলেই কিবা
ভাল নলগা যেন হ’ল৷ মিনুৰ অৱস্থাও একেই৷ ঘৰত সিহঁতৰ সকলোৱেই কথাটো গম পালে৷ কথাবোৰ বনজুইৰ
দৰে বিয়পিব ধৰিলে৷ লাচিত নগৰৰ সকলোৰে মাজত মিনু আৰু মোৰ বিষয়ে চৰ্চা হ’বলৈ ধৰিলে৷ নহ’বনো
কিয় ? মিনুহঁতৰ ঘৰলৈ মই যিদৰে যেতিয়াই তেতিয়াই যাওঁ , সেইদৰে মিনুৱেও মোৰ ভাৰাঘৰলৈ
যেতিয়াই তেতিয়াই যে আহিবলৈ ধৰিলে৷ কাষৰ মানুহে আৰু চকু মুদি থাকিবনে ?
অৱশেষত গাঁৱত থকা মোৰ হৃদয়ৰাণী
জোনাকীৰ স্থান সম্পূৰ্ণকৈ মিনুৱে দখল কৰিলে৷ সঁচাকৈয়ে মানুহ পৰিবেশৰ দাস৷ মিনুৰ সৈতে মোৰ বিয়াখন হৈ গ’ল৷ এতিয়া আমি পালপট্টিৰ
এটা ডঙৰ ঘৰ ভাৰা কৰি আছো৷
মুগাৰ কাপোৰৰ বাবে দিয়া এহেজাৰ
টকাৰ কথাটো পাহৰি যোৱাৰ দৰেই হৈছিল; কিন্তু আজি হঠাৎ সেই টকা নিয়া মানুহজন যে নিজে
আহি মোৰ ঘৰত উপস্থিত হৈছে৷ এৰা , মোৰ টকা কোনেও এনেয়ে ঠগি খাব নোৱাৰে বুলি মোৰ আত্মবিশ্বাস
এটা আছিল৷ মই বৰ গৰ্বেৰে ভাৱি থাকোঁ---মোৰ টকা ক’লা টকা নহয়৷ মোৰ চাকৰিটোত বাহিৰা ধন
ঘটাৰ অনেক পথ সত্বেও সততাৰে কাম কৰি দৰ্মহাৰ টকা কেইটাৰেই মই চলি আহিছো৷ মোৰ কষ্টৰ ধন অথলে নেযায় বুলি প্ৰমাণ
কৰিবলৈকে বোধহয় –এই মানুহজন উপযাচি আহি মোৰ
ঘৰত উপস্থিত হৈছেহি৷
মই কথাবোৰ ভাৱি থাকোঁতে পেহাইনো
কেতিয়া মোৰ ওচৰৰ পৰা উঠি গৈ ভিতৰত মিনুৰ স’তে কথা পাতিবলৈ লাগিল , মই গমেই নাপালো৷
মিনুৱে আহি মাত দিয়াতহে সম্বিত ঘূৰাই পালোঁ৷
“ শুনিছা ,পেহাই কি কৈছে ?”
“কি কৈছেনো ?”-মই সুধিলো৷
“ পেহাই যে তাহানিতে তোমাৰ পৰা
টকা এহেজাৰ নিছিলে –মুগাৰ কাপোৰ দিম বুলি---, পেহাই সঁচাকৈয়ে মুগা কাপোৰ দিব বুজিছা৷ তোমাক বেয়া নাপাবলৈ কৈছে৷ তোমাৰ পৰা
নিয়া সেই টকা হেজাৰ পেহাই তেখেতৰ ডাঙৰ ল’ৰা ৰতনৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি
যোগাৰ কৰিবলৈ বুলি খৰচ কৰিলে৷ এতিয়া ৰতনৰ চাকৰি ৰেগুলাৰ হ’ল৷ ৰতনে এক দুই তাৰিখ মানে
দৰ্মহা পাব আৰু পেহাই পাঁচ তাৰিখে মুগাৰ চেট লৈ আহিব৷ মোৰ বিয়াত যে একো এটা দিব নোৱাৰিলে,
সেয়ে পেহাই বৰ দুখ কৰি আছে৷"
মই সমুখৰ ৱালত ওলোমাই থোৱা কেলেণ্ডাৰখনত
চকু দিলোঁ৷ অহা মাহৰ পাঁচ তাৰিখ সোমবাৰ৷ মুখত মোৰ ‘সোমবাৰ’ শব্দটো উচ্চাৰিত হৈ গ’ল
আৰু ওঁঠত হাঁহি বিৰিঙি উঠিল৷ তাকে দেখি মিনুৱে উচ্চ স্বৰত হাঁহি মাৰি ক’লে, “দেখিলা
? পেহাই কেনেদৰে কথা ৰাখিছে৷”
পাঁচ তাৰিখ সোমবাৰে পেহাই এযোৰ
সুন্দৰ মুগাৰ কাপোৰ আনি মিনুক দিলেহি৷ আমাৰ বিয়াত মিনুৰ বাবে মই এনে এটা মুগাৰ চেট
তিনহেজাৰ পাঁচশ টকাত কিনিছিলোঁ৷ মিনুক ক’লো,” বুজিছা এই মুগাৰ চেটটো ৰতনৰ বিয়াৰ বাবে
সাঁচি থোৱা৷ তোমাক লাগিলে মই এটা বেলেগ চেট আনি দিম৷” মিনুৱে সন্তোষৰ হাঁহি মাৰি কাপোৰযোৰ
থ’বলৈ বুলি ভিতৰলৈ গ’ল৷ পেহালৈ মোৰ শ্ৰদ্ধা ভাৱ ওপজিল৷ আজি পেহা আমাৰ ঘৰতে থকাৰ কথা৷
মিনুৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ
সুবিধা দিবলৈকে মোৰ টকা এহেজাৰ পেহাক তেওঁলোকৰ ঘৰৰ মানুহে বুদ্ধি কৰি দিয়ালে
নে সঁচাকৈয়ে পেহাই বিপদত পৰিহে সময়মতে কাপোৰযোৰ নিদিয়াকৈ থাকিল ? পেহা গ’লেই মিনুক
কথাটো সুধিম বুলি ঠিক কৰি শান্তিৰে শুই পৰিলো৷
০০০০০০০০০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০০০০০০০
( গল্পটো ‘ৰহস্য’ আলোচনীৰ জুন
, ১৯৯৬ ত প্ৰকাশ পাইছিল)
No comments:
Post a Comment