Saturday 8 June 2013

বিষাল বৃক্ষৰ ছাঁয়া

(ৰহস্য গল্প)
#####  এক  #####



পৰিবহনমন্ত্ৰী অনুভৱ তালুকদাৰে ম’বাইল ফোনটো থোৱালৈহে মিচেছ ৰেখা তালুকদাৰে অপেক্ষা কৰি আছিল ৷ তেওঁ হাতত লৈ থকা ট্ৰেখনৰ পৰা চাহৰ পিয়লা এটা অনুভৱ তালুকদাৰৰ ফালে আগবঢ়াই দি নিজেও অন্যটো পিয়লা হাতত তুলি ল’লে ৷ ভালেমান দিনৰ আগৰে পৰা ক’ম ক’ম বুলি ভাৱি থকা কথা এটা মানুহজনক ক’বলৈ সুবিধা পাই আজি কাষতে বহি চাহৰ পিয়লাত শোহা এটা মাৰিয়েই গিৰিয়েকক ক’লে –

“ বাংগালুৰত আৰু এটা অট্টালিকা নিৰ্মানৰ কাম কেতিয়া আৰম্ভ কৰিম বুলি ভাৱিছা ? ”

“ সোনকালেই আৰম্ভ কৰিম বুলি ভাৱিছিলো , কিন্তু নহ’বগৈ ৷”

“ কিয় ? ”

“ কাৰণ , এতিয়া যে ফোনটো আহিছিল----------৷”

“ কাৰ ফোন ?  কি কথা  ----?? ”

“ মুখ্যমন্ত্ৰী অনন্ত বৰুৱাৰ খাচ মানুহ এজনৰ ফোন ৷ অনন্ত বৰুৱাই পঞ্চাশ কোটি নগদ টকা বিচাৰিছে ৷”

“আজি ৰাতিৰ ভিতৰতে দিব লাগিব ৷”

“ অলপ দিনৰ আগতে মুখ্যমন্ত্ৰীক তাতকৈও অধিক টকা দিয়া নাছিলা জানো ? আকৌ কিয় দিব লগা হ’ল ? ”

“ মই কোন কোন আঁচনিৰ কিমান হেজাৰ কোটি টকা হজম কৰিলো তাৰ বিতং খবৰ কালিৰ বাতৰি কাকতত সেই কেলেহুৱা সাংবাদিক কেইটাই  প্ৰকাশ কৰি দিলে নহয় ৷ সেয়হে মুখ্যমন্ত্ৰীয়ে সুবিধা পাই ব্লেক মেইলিঙত লাগে গৈছে আক’ ৷ কৈছে – বহু ঠাইত বহুকেইজনক মেনেজ কৰিবলৈ টকাৰ  প্ৰয়োজন ৷ পাৰ্টিৰ উৰ্ধ্বতম কৰ্ত্তৃপক্ষকো হেনো মেনেজ কৰিব লগা হ’ব ৷”

“ অ’ সেইটো কথা ৷ তেনেহ’লে সাংবাদিক কেইটাকে কেইলাখমান দিয়ে মেনেজ কৰি নথ’লা কিয় ? ”

“ মেনেজ কৰিয়েতো ৰাখিছিলো ৷ বাতৰি কাকতবোৰত মুখ্যমন্ত্ৰীৰ মানুহ আছে ৷ সিহঁতক চিনি পোৱা আৰু মেনেজ কৰা টান ৷ সিহঁতে মুখ্যমন্ত্ৰীৰ হৈ কাম কৰি থাকে ৷”

কথাখিনি শুনিয়েই  ৰেখা তালুকদাৰৰ ঈশা ডেউল হেন ল’নি মুখখনৰ আকৃতি কৰিণা কাপুৰৰ মুখখনৰ দৰে বহল হৈ পৰিল আৰু ক’লে –

“ অ’ তেনেহ’লে তুমি মুখ্যমন্ত্ৰী অনন্ত বৰুৱাক ধন কুবেৰ বনাবলৈহে মন্ত্ৰী হ’লা , নহয় জানো ? এনেদৰে আৰু নহ’ব বুজিছা ৷ কিবা এটা কৰা আৰু অহাবাৰ মুখ্যমন্ত্ৰীৰ গাদী দখল কৰা ৷ ”

মন্ত্ৰী তালুকদাৰে হিন্দী বোলছবিৰ খলনায়কৰ দৰে এক ৰহস্যময় হাঁহি মাৰি উত্তৰ দিলে –

“ তুমি চিন্তা নকৰিবা ডাৰ্লিং , তাৰ সকলো ব্যৱস্থা কৰা হৈ গৈছে ৷”

#### দুই ####


মুখ্যমন্ত্ৰী অনন্ত বৰুৱাৰ বাসভৱন ৷ ৰূদ্ধদ্বাৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে নিজৰ অতি বিশ্বাসভাজন কেইজনমান শুভাকাঙ্খীৰ সৈতে গোপন পৰিকল্পনাৰ বাবে আলোচনাত মগ্ন ৷

“ আমাৰ বাহিনীটোৱে কৰা হত্যাকাণ্ডবোৰ যে ‘ জংগী বাহিনীয়ে’ কৰা বুলি দায়িত্ব স্বীকাৰ কৰিছে , তাৰ কাৰণ কি বুলি ভাৱে চৌধুৰী ডাঙৰীয়া ?”বৰুণ চৌধুৰীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিলে ৷

“ ইয়াৰ কাৰণ কেইবাটাও হ’ব পাৰে চাৰ ৷ ” চৌধুৰীয়ে ক’লে –“ প্ৰথম কখা হ’ল তেওঁলোকৰ অস্তিত্বৰ প্ৰমাণ দিয়া আৰু জনসাধাৰণৰ আগত বীৰত্ব প্ৰদৰ্শন কৰা ৷ হত্যাকাণ্ডৰ বলি  কেইজন লোকচক্ষুত দুৰ্নীতিপৰায়ণ , অসৎ  ৰাজনৈতিক নেতা হোৱা বাবে তেওঁলোকৰ বাবে পৰিবেশ অনুকূল হৈ পৰিছে ৷ দ্বিতীয়তে , পৰিবেশ –পৰিস্থিতিত বিভ্ৰান্তিৰ সৃষ্টি কৰি প্ৰকৃত ঘাতকক ধৰা পেলাবৰ বাবেও তেওঁলোকে তেনে কৰিব পাৰে ৷”

“তেন্তে আমি এতিয়া কি কৰা উচিত হ’ব ?” মুখ্যমন্ত্ৰীৰ এই প্ৰশ্নৰ উত্তৰ  এইবাৰ তেওঁৰ  বিশ্বস্ত পৰামৰ্শদাতা কৰিম চাহাবে দি ক’লে –

“ এই ক্ষেত্ৰত আমাৰ কৰণীয় একো নাই ৷ কেদাৰসকলক সুবিধা বুজি ধনসংগ্ৰহতে মাথৌঁ লগাব লাগে ৷ কাৰণ, ইলেকচনলৈ বেছি দিন নাই ৷”

কৰিম চাহাবৰ পৰামৰ্শৰ শলাগ মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত সকলোৱেই ল’লে ৷

“ তেন্তে চাংমাই ডাঙৰীয়াই বাহিনীৰ চেয়াৰমেন গজেন্দ্ৰ বৰাক বিষয়টো অৱগত কৰিব ৷ লগতে সকলো ধৰণৰ গোপনীয়তা বজাই ৰখাৰ ব্যৱস্থা হাতত ল’বলৈ ক’ব ৷”

মুখ্যমন্ত্ৰীৰ কথাত সন্মতি জনাই সদা চাংমাইয়ে ক’লে, “হ’ব চাৰ , আপুনি নিশ্চিন্ত হৈ থাকক , সকলো ঠিকে ঠাকে চলাই নিম ৷ এটা কথা ক’বলৈকে  আছে  ছাৰ ৷”

“ কি কথানো চাংমাই ? ”

“ ছাৰ ছাত্ৰ নেতা বিক্ৰম হাজৰিকাৰ জনপ্ৰিয়তা  দিনক দিনে বাঢ়ি গৈছে আৰু অহা ইলেকচনত -------৷’’

চাংমাইৰ কথা  আগবঢ়াবলৈ নিদি মুখ্যমন্ত্ৰী অনন্ত বৰুৱাই ক’লে , “বিক্ৰম হাজৰিকাক মেনেজ কৰাৰ ব্যৱস্থা হৈ গৈছে চাংমাই ,চিন্তাৰ কাৰণ নাই ৷”

######## তিনি  ############


“ হেল্ল’ ছাৰ , মই নিৰ্মলে কৈছো , ২৩ নং বেটেলিয়ানৰ নায়ক নিৰ্মল গগৈ ৷ ছাৰ এক জৰুৰী খবৰ আছে ৷ আজিৰ তাৰিখৰ ‘ ৰাতিদিন ‘ কাকতখনত ছাত্ৰনেতা বিক্ৰম হাজৰিকাই আমাৰ ‘ জংগী বাহিনী’ক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰিছে ৷ আমাৰ বাহিনীক ঘাতক বাহিনী আখ্যা দি গণভিত্তি নোহোৱা কৰিব খুজিছে  আৰু আমাক মুকলি প্ৰত্যাহ্বান জনাই কৈছে যে জনগণক শান্তিহে লাগে , বন্দুকৰ গুলিয়ে ফুটা কৰা স্বাধীনতাৰ ঢোলটো জনতাই বাৰে বাৰে নবজায় ------৷”

“ হয় নেকি ? ” ‘জংগী বাহিনী ‘ৰ  মুখ্য সেনাধ্যক্ষ দেৱব্ৰত চলিহাই ক’লে , “ বিক্ৰম হাজৰিকাক কেনেদৰে ঠিক লগাব লাগে তাৰ দায়িত্ব কাক দিয়া হ’ব , এইবোৰ কথা  হেড-কোৱাৰ্টাৰৰ বৈঠকত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব ৷ তুমি এতিয়া নিজৰ ডিউটিত যোৱা ৷ ” এই বুলি কৈ মুখ্য সেনাধ্যক্ষ  দেৱব্ৰত চলিহাই ম’বাইলৰ চুইচ বন্ধ কৰি দেহৰক্ষীক ক’লে , “ অৰুণ, মোৰ এ কে ফ’ৰটি চেভেনটো দিয়াচোন ৷ ”


######## চাৰি ########


“ হয় ছাৰ , হয় ছাৰ , আমি সকলো ধৰণৰ চেষ্টা চলাম ৷ হয় ছাৰ ,হয় ছাৰ , আপোনাৰ পৰামৰ্শ মতেই কৰা হ’ব ৷ হয় ছাৰ, এক সপ্তাহৰ ভিতৰতেই প্ৰকৃত দোষীক কৰায়ত্ব কৰা হ’ব ৷ হয় ছাৰ, বকো থানাৰ লক আপত থকা ল’ৰাকেইটাক এৰি দিবলৈ অ’চিক খবৰ দিলো ছাৰ ৷ হ’ব ছাৰ , হ’ব , থেঙ্ক ইউ ছাৰ ৷ ”

ফোনত কথা পাতি থাকোতে আৰক্ষী উপ-মহাপৰিদৰ্শক  প্ৰশান্ত  দত্তৰ মুখমণ্ডল তামোল খাই উঠি মূৰত ধৰা মানুহৰ দৰে ঘামত তিতি গ’ল ৷ এৰা , ঘামিবৰ কথাই এয়া ৷ কাৰণ , ৰাজ্যখনত যে পুলিচ বিভাগ এটা আছে সেই কথাৰ প্ৰমাণ দিয়াটো পুলিচ উপ-মহা্পৰিদৰ্শক প্ৰশান্ত দত্তৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে ৷  এনে ক্ষণতে  ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী গৰাকীয়ে ৰাইজৰ হেঁচাত পৰি মাত্ৰ সাদিনৰ ভিতৰতে যিটো গুৰু দায়িত্ব পালন কৰিবলৈ দিছে , সেইটো  তেওঁৰ  বাবে জানো সম্ভৱ ? ৰাজ্যখনত কিমানবোৰ যে ধৰ্ষণ, হত্যা , গুপ্তহত্যা আৰু মুক্ত হত্যাৰ  ঘটনা ঘটিব ধৰিছে তাৰ হিচাপ ৰখাই টান হৈ পৰিছে ৷ কোনো এটা অপৰাধৰো দোযীক পুলিচে কৰায়ত্ব কৰিব পৰা নাই ৷ সেইবোৰৰ তদন্তৰ বাবে তদন্ত কমিটি গঠন কৰা হৈছে  আৰু তাৰ ফলাফলৰ বাবে ৰাইজে ব্যগ্ৰতাৰে বাট চাই আছে আৰু মাথো বাট চায়ে থাকিব –ভিন্ন গ্ৰহত প্ৰাণীৰ সন্ধান পোৱা দিনটোলৈ বাট চাই থকাৰ দৰে ৷

এইবাৰৰ হত্যাকাণ্ডৰ  হত্যাকাৰীক কৰায়ত্ব কৰিবই লাগিব ৷ অন্যথাই পুলিচ বিভাগৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়াকে ধৰি বহুজনৰ চাকৰিৰ নিশ্চয়তা নাথাকিব ৷ ৰাজ্যখনৰ জনপ্ৰিয় ছাত্ৰনেতা বিক্ৰম হাজৰিকাৰ হত্যা কাণ্ডক ছাত্ৰ সমাজ আৰু ৰাইজে সহজভাৱে ল’ব নোৱাৰে ৷ এসপ্তাহৰ সময় সীমা বান্ধি দিয়া হৈছে ৷ অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰিলে ৰাজ্যখনৰ চৌদিশৰ পৰা স্বতঃস্ফুতভাৱে অগনণ জনতা আহি ৰাজধানী চৌহদ ঘেৰি ধৰিবহি ৷ তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈ তাক চম্ভালিবৰ শক্তি ৰাজ্যখনৰ পুলিচ বিভা্গৰ নাই ৷ কথাবোৰ ভাৱি ভাৱি শিল পৰা কপৌৰ দৰে হৈ ৰাজ্যখনৰ পুলিচ উপ-মহাপৰিদৰ্শক প্ৰশান্ত দত্ত চোফাখনতে ঢলি পৰিল ৷

“ কি হ’ল হে তোমাৰ ? বানবিধস্ত মানুহ এটাৰ দৰে যে চোফাখনতে ঢলি পৰিলা ?”

পত্নী মধুচন্দ্ৰিকাৰ মাতত থতমত খাই উঠি প্ৰশান্ত  দত্ত  বহি পৰিল আৰু বিক্ৰম হাজৰিকাৰ কেচটোৰ সবিশেষ বিবৰি ক’লে ৷

“ অ’ সেইটো কথা ৷ তুমি যে এটা মানুহ আৰু দেই ৷ সেইটো কথাতনো ইমান মূৰ ঘমাব লাগেনে ? আমাৰ ৰতনদা আছে নহয় ৷ তেওঁকে কেচটোৰ দায়িত্বভাৰ দি আৰাম কৰা ৷ দেখিবা তোমাৰ কাম সময়মতে হৈ গৈছে ৷”

“ কোন ৰতনৰ কথা কৈছাহে ? মইচোন কোনো ৰতনৰ নামেই আজিলৈকে শুনা নাই ৷”
  
“ ৰতন বৰুৱাৰ কথা কৈছো ৷ প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱা ৷ তুমিহে তেওঁৰ নাম শুনা নাই ৷ বহুতেই তেওঁৰ আচৰিত যেন লগা সফল অভিযানবোৰৰ কথা জানে ৷”

“ তুমি ৰতন বৰুৱাক কেতিয়াৰ পৰা চিনি পোৱা ?”

“ তেওঁক মই ১৯৯৫ চনৰ পৰাই চিনি পাওঁ ৷ আমাৰ দেউতা তেতিয়া ধেমাজি জিলাৰ চিলাপথাৰ থানাৰ অ’চি হৈ আছিল ৷ তেতিয়া অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ এছ পি য়ামছা চাহাবৰ সৈতে এটা কেচৰ যুটীয়া অভিযানত ৰতন বৰুৱাৰ সহায় লৈছিল ৷ ৰতন বৰুৱাই বৰ নিখুঁট পৰিকল্পনাৰে অভিযান আগুৱাই নিয়া বাবে অৰুণাচল প্ৰদেশৰ মালিনী থানৰ পাহাৰ খান্দি প্ৰাচীন  কালৰ এক বৃহৎ ৰত্নভাণ্ডাৰ দুস্কৃতিকাৰীয়ে চুৰি কৰি নিয়াৰ পৰা ৰক্ষা পৰিল ৷ তেতিয়াৰপৰাই মই ৰতন বৰুৱাক চিনি পাওঁ ৷ দেউতাৰ সৈতে ৰতন বৰুৱা আমাৰ ঘৰলৈ আহিছিল আৰু সেয়েহে তেওঁ আমাৰ আপোনজন হৈ পৰে ৷ দেউতাই চাকৰি  জীৱনত  যিকোনো জটিল কেচত ৰতন বৰুৱাৰ সহায় লৈছিল ৷”

“ অ’ হয় নেকি ? তেন্তে ৰক্ষা পালো ৷ ”—বুলি কৈ প্ৰশান্ত দত্তই স্বস্তিৰ নিশ্বাস পেলালে ৷

লগে লগেই মধুচন্দ্ৰিকাই ৰতন বৰুৱালৈ ম’বাই ফোনত নম্বৰ ডায়েল কৰিলে ৷


######## পাঁচ   ########


ৰাজ্যখনৰ জনতা আৰু ছাত্ৰ সমাজে বান্ধি দিয়া চৰম সীমাৰ আজি অন্তিম দিন ৷ পুলিচ বিভাগে আত্ম সন্মান ৰক্ষা কৰিবলৈ সক্ষম হ’বনে বাৰু? যদি সেয়া সম্ভৱ হ’য় তেন্তে হত্যাকাৰী বুলি কোন চিনাক্ত হ’ব? এনে ধৰণৰ প্ৰশ্নবোৰে ৰাজ্যৰ প্ৰতিজন নাগৰিককে উৎকন্ঠিত কৰি তুলিছে ৷

লোকসেৱা আয়োগৰ সভাকক্ষত ৰাজ্যৰ পুলিচ মহাপৰিদৰ্শকৰ দ্বাৰা আয়োজিত সভাত ৰাজ্যৰ মুখ্য মন্ত্ৰী, অন্যান্য মন্ত্ৰীসকলৰ উপৰি ছাত্ৰ সমাজৰ শীৰ্ষ পৰ্য্যায়ৰ নেতাসকলো উপস্থিত আছে ৷  চৌদেশে নিৰাপত্তাৰক্ষীৰ দ্বাৰা বেষ্টিত সভাক্ষত সকলোৰে কেন্দ্ৰ বিন্দু হৈ পৰিছে  প্ৰাইভেট  ডিটেকটিভ ৰতন বৰুৱা ৷ ক্ষন্তেক পিছতে সকলোৰে উৎকন্ঠাৰ অন্ত পেলাই হত্যাকাৰীৰ নাম ঘোষণা কৰা হ’ব ৷

সকলো আনুষ্ঠানিকতাৰ অন্তত প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাক প্ৰমাণ সহকাৰে বৰ্ণনা দি হত্যাকাৰীক চিনাক্ত কৰিবলৈ কোৱা হ’ল ৷
সভাকক্ষত উপস্থিত সকলোটিকে বিনম্ৰভাৱে সম্বোধন জনাই ৰতন বৰুৱাই ক’লে-----

 “ৰাইজ হতভাকাৰী আজি আমাৰ মাজতে এই সভাক্ষতে আছে ৷”

ৰতন বৰুৱাই কথাষাৰ ক’বলৈহে পালে,লগে লগে সভাকক্ষত মৃদু গুঞ্জনৰ সৃস্তি হ’ল আৰু সমবেত ৰাইজে সভাকক্ষৰ ইফালে সিফালে চকু ফুৰাব ধৰিলে –কিজানিবা হত্যাকাৰীক চিনিবই পাৰে ৷ সন্দেহযুক্ত মনবোৰে পৰস্পৰে পৰস্পৰকে হত্যাকাৰী বুলি ধাৰণা কৰিব ধৰিলে ; কিন্তু ৰতন বৰুৱাই তেওঁৰ বক্তব্য আগুৱাই নিবলৈ ধৰাত সভাকক্ষ পুণৰ কাঁহপৰি জিন যোৱাৰ দৰে নিতাল মাৰিলে ৷

“পাতনিতে হত্যাকাৰীৰ নাম উচ্চাৰণ নকৰি মই হত্যাকাৰীৰ অভিপ্ৰায় সম্পৰ্কে বিতং ভাৱে কৈ যাব খুজিছো ৷

আমাৰ ৰাজ্যখনত কাৰ্য্যক্ৰমনিকা চলাই থকা অস্ত্ৰধাৰী উগ্ৰপন্থী গোটবোৰৰ বিষয়ে তথ্য সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল আমাৰ সহকৰ্মী ইন্দ্ৰজিৎ চক্ৰবৰ্ত্তীক ৷ তেওঁ জনালে যে ৰাজ্যখনত সাতটা তেনেধৰণৰ গোটে কাম-কাজ চলাই গৈছে ৷তাৰ ভিতৰত দুটা নতুন গোটো আছে ৷ এটাৰ নাম “ থলুৱা মুক্তিবাহিনী” আৰু আনটো হৈছে “ বিদেশী বহিস্কাৰ বাহিনী”৷ এই নতুন উগ্ৰপন্থী গোট দুটাই ৰাজ্যখনৰ বিভিন্ন স্থানত সদস্য ভৰ্ত্তি তথা দান-বৰঙণি সংগ্ৰহৰ কাম পূৰ্ণ গতিত চলাই গৈছে ৷ সময়ে সময়ে দুই এজন সদস্যক পুলিচে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে যদিও উৰ্ধতম কৰ্ত্তৃপক্ষৰ নিৰ্দ্দেশত পুণৰ এৰি দিব লগা হৈছে ৷

অন্যহাতে উগ্ৰপন্থীসকলৰ দ্বাৰা সংঘটিত কাণ্ডবোৰৰ ওপৰত নজৰ ৰখা আমাৰ সহকৰ্মী কামাখ্যা দত্তই  আমাক জানিবলৈ দিয়ে যে বকো থানাৰ অন্তৰ্গত বদলপুৰ গাৱঁত উগ্ৰপন্থীয়ে লালচন্দ্ৰ জৈন নামৰ ব্যৱসায়ী জনৰ পৰা দাবী কৰা অনুযায়ী প্ৰাপ্ত পঞ্চাশ লাখ টকাক লৈ দুটা গোটৰ মাজত হোৱা গুলীয়া গুলীত উভয় পক্ষৰে একোজনকৈ সদস্য ঘটনাস্থলিতে গুলীবিদ্ধ হৈ মৃত্যু হয় ৷ প্ৰত্যক্ষদৰ্শীৰ মতে পৰবৰ্ত্তী সময়ত দুয়োটা দলৰ সদস্যৰ মাজত আপোচ-মিমাংসাৰ জৰিয়তে ধনৰ ভাগ-বতৰা হয় ৷ধনৰ ভাগ লৈ দুয়োটা দল  দুটা দিশত প্ৰস্থান কৰে ৷ এইবোৰ কথাৰ পৰা আমি জানিব পাৰিলো যে কেৱল ধন ঘটিবৰ  বাবেই এনে ভুৱা উগ্ৰবাদীৰ জন্ম দিয়া হৈছে ৷

তাৰ পিছত চেনিকুঠীৰ ঘটনাটোত শাসনাধিষ্ঠ দলৰ প্ৰভাৱশালী নেতা অম্লান বৰুৱাক কোনোবা দুৰ্বৃত্তই দেহৰক্ষীৰ অমনোযোগীতাৰ সুযোগ লৈ নিজৰ ঘৰৰ বাৰাণ্ডাত বহি থকা অৱস্থাতে গুলী কৰি থৈ যায় আৰু তেওঁ গুৰুতৰ ভাৱে আহত হয় ৷ এই ঘটনাৰ দায়িত্ব ৰাজ্যখনৰ পুৰণি উগ্ৰপন্থী দল ‘জংগী বাহিনী’য়ে মূৰ পাতি লয় ৷ পিছে জংগী বাহিনীত থকা আমাৰ চোৰাং-চোৱাই জনাইছে যে অম্লান বৰুৱাক ‘জংগী বাহিনী’ৰ কেদাৰে গুলীবিদ্ধ কৰা নাই ৷

ছাত্ৰ নেতা বিক্ৰম হাজৰিকা ভৱিষ্যতৰ এক সম্ভাৱনাপূৰ্ণ ৰাজনৈতিক নেতা বাবেই আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিয়াৰ সম্ভাৱনা আৰু জনপ্ৰিয়তাৰ বাবেই তেওঁ জয়ী হোৱাটো খাটাং ৷ আনে নহ’লেও হত্যাকাৰীয়ে তেনে ধাৰণা কৰি হত্যা কৰিব লগীয়া ব্যক্তিসকলৰ নামৰ তালিকাত হাজৰিকাৰো নাম অন্তৰ্ভুক্ত কৰিছিল ৷  অন্য এক তালিকাভুক্ত নাম আছিল –অম্লান বৰুৱা , অন্য এক উগ্ৰপন্থী গোটৰ ৷ কাৰণ একেই ৷

‘থলুৱা মুক্তি বাহিনী ‘ নামৰ গোটটোৰ জন্মদাতাজনৰ নিৰ্দ্দেশতেই ছাত্ৰনেতা বিক্ৰম হাজৰিকাক বোমা বৰ্ষণেৰে হত্যা কৰিব বিচৰা হৈছিল ; কিন্তু বিক্ৰম হাজৰিকাৰ ভাগ্য ভাল ৷ তেওঁক হত্যা কৰিব নোৱাৰিলে ৷

“ কি ! বিক্ৰম হাজৰিকা তেন্তে জীয়াই আছে  ?”সমবেত সকলৰ মাজৰ বহুজনে চিঞঁৰি উঠিল ৷

“ হয় , বিক্ৰম হাজৰিকা কোনোধৰণৰ আঘাত নোপোৱাকৈ থাকি গ’ল আমাৰ গুপ্তচৰ বাহিনীৰ কবলত ৷”

---আত্মপ্ৰত্যয় মিশ্ৰিত সুৰত ৰতন বৰুৱাই কৈ গ’ল –-
“ বিক্ৰম হাজৰিকা নিৰ্ভিক আৰু স্পষ্টবাদী ছাত্ৰনেতা হোৱা বাবে তেওঁৰ জনপ্ৰিয়তা যিদৰে বাঢ়ি যাব ধৰিলে সেইদৰে তেওঁৰ পিতৃ প্ৰাক্তন মন্ত্ৰী বিশ্ব নাথ হাজৰিকা আৰু মাতৃ  উৰ্মিলা হাজৰিকাৰো পুত্ৰৰ নিৰাপত্তাহীনতাক লৈ গঢ় লোৱা সংশয়ে সৃষ্টি কৰা উৎকন্ঠাও দিনক দিনে বাঢ়ি যাব ধৰিলে ৷ শেষত ৰাজ্য খনত সংঘটিত হত্যাকাণ্ডবোৰে এদিন তেওঁলোকৰ উৎকন্ঠাৰ চৰম সীমা পোৱাই দিয়াত  তেওঁলোক আমাৰ কাষ চাপিল ৷ বিক্ৰম হাজৰিকাৰ  প্ৰাণ ৰক্ষাৰ দায়িত্ব লোৱাৰ পিছতেই আমাৰ চোৰাং চোৱাৰ জালখন বহলাই মেলি দিয়া হ’ল ৷

“ থলুৱা মুক্তি বাহিনী”ৰ সদস্য  হৈ থকা আমাৰ গুপ্তচৰে বিক্ৰম হাজৰিকাক হত্যা কৰাৰ পৰিকল্পনাৰ বিষয়ে জানিব পাৰি তেওঁক আটক কৰি লুকাই ৰাখিছিল ৷ বোমা বিস্ফোৰণত ধ্বংসপ্ৰাপ্ত হোৱা গাড়ীখনত সিঁচৰিত হৈ থকা মাংসপিণ্ডবোৰ কোনো এক অচিনাক্ত লোকৰহে ৷ বিক্ৰম হাজৰিকাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু হত্যাকাৰীক ধৰা পেলোৱাৰ খাটিৰতহে ঘটনাটোৰ নাটকীয় ৰূপ দিব লগা হ’ল ৷ ৰাজ্যৰ আৰক্ষী বিভাগৰ পৰাও কেচটোৰ তদন্তৰ দায়িত্ব আমাকেই দিয়া হ’ল ৷ তথাপি সকলো গোপনে ৰাখিব লগা হ’ল ৷  তাৰ বাবে আমি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা জনালোঁ ৷
ৰাইজ আপোনালোকে ক্ষন্তেক ধৈৰ্য্যেৰে অপেক্ষা কৰক , মই বিক্ৰম হাজৰিকাক ইয়ালৈকে অনাৰ ব্যৱস্থা কৰিছো ৷”—এইবুলি কৈ ৰতন বৰুৱাই তেওঁৰ ম’বাইল ফোনত নম্বৰ ডায়েল কৰিব ধৰিলে ৷
সমবেত ৰাইজ অধিক উৎকন্ঠিত হৈ পৰিল ; কিন্তু অলপ সময়ৰ পিছতেই দেহৰক্ষীৰ আবেষ্টনীৰ মাজত বিক্ৰম হাজৰিকা সোশৰীৰে সভা কক্ষত উপস্থিত হ’ল ৷

লগে লগে ৰতন বৰুৱাই ৰাইজক উদ্দেশ্যি ক’লে –
“ ৰাইজ মোৰ কাম শেষ হৈছে ৷ এতিয়া জীৱন্ত সাক্ষী বিক্ৰম হাজৰিকাই অপৰাধী কোন ক’ব আৰু তাৰ প্ৰমাণ দিব ৷ আৰম্ভ কৰক হাজৰিকা " ---কথাখিনি কৈ ৰতন বৰুৱা নিজৰ আসনত বহি কাষৰ আসনত কৃতজ্ঞতাভৰা উৎফুল্লিত নয়নেৰে তেওঁলৈ চাই থকা প্ৰশান্ত দত্ত আৰু দত্তৰ পত্নী মধুচন্দ্ৰিকালৈ চাই প্ৰাণচঞ্চল মিচিকিয়া হাঁহি এটি মাৰিলে ৷

বিক্ৰম হাজৰিকাই নিজৰ বক্তব্য আৰম্ভ কৰি ক’লে ---
“ প্ৰখ্যাত ডিটেকটিভ ৰতন বৰুৱাৰ কৃপাতেই আজি মই আপোনালোকৰ মাজত জীৱন্তভাৱে উপস্থিত হ’ব পাৰিছো ৷ আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে যিখন গাড়ী বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়া হ’ল সেই গাড়ীখনত মই যোৱাৰ কথা আছিল ; কিন্তু গাড়ীখনত উঠাৰ পূৰ্বেই মোক অপহৰণ কৰা হ’ল –ৰতন বৰুৱাৰ চোৰাং -চোৱাৰ দ্বাৰা ৷ সেই কথা হত্যাকাৰীয়ে জনা নাছিল বাবে মোলৈ ফোন কৰি মোক যে মাত্ৰ কেইচেকেণ্ডমানৰ পিছতে দূৰ নিয়ন্ত্ৰিত ব্যৱস্থাৰে বোমা বিস্ফোৰণ ঘটাই হত্যা কৰা হ’ব সেই কথা জনাই তাৰ কাৰণটোও সগৰ্বে বৰ্ণনা কৰি কৈছিল যে মই হেনো ছাত্ৰ নেতা হিচাপে বহু ক্ষেত্ৰত তেওঁৰ উন্নতিৰ হেঙাৰ হৈ থিয় দিছিলো ৷ তেওঁ নিজৰ পৰিচয় গোপন কৰাৰো প্ৰয়োজন বোধ কৰা নাছিল ৷ কাৰণ , তেওঁ নিশ্চিত আছিল যে কেইচেকেণ্ডমানৰ ভিতৰতে মোৰ লগতে মোৰ ম’বাইল ফোনটোও বোমা বিস্ফোৰণত নিচিহ্ন হৈ যাব ৷ হত্যাকাৰীয়ে মোৰ ম’বাইল ফোনলৈ কৰা কথাখিনিৰ ৰেকৰ্ডিং আপোনালোকে শুনক ৷” –এই বুলি কৈ টেপ ৰেকৰ্ডাৰটো বজাই শুনালে আৰু লগে লগেই সভাকক্ষৰ সকলোৰে চকু পৰিবহন মন্ত্ৰী অনুভৱ তালুকদাৰৰ ওপৰত পৰিল ৷তেতিয়া আৰক্ষীৰ লোকৰ দ্বাৰা অনুভৱ তালুকদাৰ বেষ্টিত হৈ আছিল ৷

কেৱল অনুভৱ তালুকদাৰে কাৰাদণ্ড বিহা হ’ল এনে নহয় , ৰাজ্যৰ মুখ্যমন্ত্ৰী অনন্ত বৰুৱাৰ ওপৰতো ভালেকেইটা গোচৰ তৰা হ’ল আৰু ৰাইজৰ প্ৰতিবাদ তথা বিৰোথী পক্ষৰ নিৰন্তৰ  হেঁচাৰ প্ৰকোপত তেওঁ নেৰো বুলি থাকিও অৱশেষত মুখ্যমন্ত্ৰীৰ গাদী এৰিব লগা হ’ল ৷
বাতৰি কাকতবোৰৰ শিৰোণামা দখল কৰিলে – প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাৰ নিখুঁট অভিযানৰ কাহিনীয়ে ৷

#####সমাপ্ত#####



বিঃদ্ৰঃ গল্পটো ইতিমধ্যে অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী "ৰহস্য"ত প্ৰকাশ পাইছে৷















No comments:

Post a Comment