Tuesday, 14 April 2026

ছয় দশকৰ পূৰ্বৰ ঢকুৱাখনা আৰু তাহানিখন ফাট বিহুত নাচি বাগি বিহু গীত গোৱা দিনৰ স্মৃতি ৰোমন্থন

সাম্প্ৰতিক কালৰ ইন্টাৰনেটৰ যুগত ডিজিটেল মাধ্যমৰ সহায়ত সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহু সমন্ধে গৱেষক তথা অনেক বৰেণ্য ব্যক্তিয়ে ভালেমান প্ৰৱন্ধ লিখিছে।লেখাসমূহত ফাট শব্দটোৰ উত্পত্তিৰ সন্দৰ্ভত ভিন্ন জনে ভিন্ন ধৰণে ব্যাখ্যা ডাঙি ধৰিছে।ভিন্ন সময়ত ভিন্ন স্থানত ফাট বিহু উদ্ যাপন কৰাৰ কথাও লেখাসমূহত উল্লেখ আছে।আমি এইবোৰ বিষয়ে আলোচনা কৰিবলৈ ওলোৱা নাই। তিনিকুৰি বছৰৰ পূৰ্বে ঢকুৱাখনাত জন্ম গ্ৰহণ কৰি বাল্যকালত যি অভিজ্ঞতা লাভ কৰিছিলোঁ তাৰ য়োগেদি অতীতৰ ঢকুৱাখনাৰ এক ছবি ডাঙি ধৰিব খুজিছোঁ মাথো।বিশেষকৈ তাহানিখনৰ বিহুৰ এক চমু আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আজিৰ ঢকুৱাখনা আৰু তিনিকুৰি বছৰৰ পূ্ৰ্বৰ ঢকুৱাখনাৰ মাজত অকল্পনীয় তফাত্ দেখা যায়।তাহানিখন চাৰিকড়িয়া নৈৰ ওপৰত পকী দলং নাছিল, বাৰিষা কালত ঘাটৈয়ে যাত্ৰীসকলক নাৱেৰে পাৰ কৰাই দিয়ে আৰু খৰালি কাঠ বাঁহেৰে সাজি উলিওৱা দলঙেদি পাৰ হ’ব পাৰি। পাৰত অৱস্থিত ঢকুৱাখনা চাৰিআলিত থকা বৰগছৰ তলত আঙুলিৰ মূৰত হিচাপ কৰিব পৰাকৈ মাত্ৰ কেইখনমানহে দোকান আছিল আৰু বৰ্তমান থকা ঠাইতে ঢকুৱাখনা পুলিচ থানাখন আছিল।চাৰিআলিৰ পৰা দক্ষিণ দিশত নৈৰ পাৰত ৰাস্তাৰ পশ্চিম ফালে আছিল সাপ্তাহিক বজাৰখন। সপ্তাহটোৰ মংগল আৰু শুক্ৰ বাৰে বজাৰ বহে।ঢকুৱাখনাৰ কৃষিজীৱি ৰাইজৰ বাবে বজাৰখন আছিল ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ।সেই সময়তো ঢকুৱাখনাত চৰকাকাৰী মজলীয়া বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় আছিল।মুঠতে শিক্ষাৰ ক্ষেত্ৰত ঢকুৱাখনা আগবঢ়া ঠাই আছিল। তেতিয়াৰ দিনতেই কলা-সংস্কৃতিৰ ধ্বজাবাহক ঢকুৱাখনা নাট্যমন্দিৰৰ সুনাম চৌদিশে বিয়পি পৰিছিল।খেল-ধেমালিৰ ক্ষেত্ৰতো ঢকুৱাখনাবাসী পিচপৰি ৰোৱা নাছিল। বিশেষকৈ ফুটবল খেল ঢকুৱাখনা বাসীৰ অতি প্ৰিয় খেল।সেই সময়ত কণক বৰগোহাঁই, নবীন বৰগোহাঁই, চাৰু চন্দ্ৰ চুতীয়া, ধৰ্মাকান্ত দাস, দন্দি হাজৰিকা, নৰেন শইকীয়া, তিলক ভৰালী, মহেন্দ্ৰ গগৈ আদি আছিল নামী ফুটবল খেলুৱৈ। সেই সময়ত ঢকুৱাখনাৰ নদ-নদী, জান-জুৰি, বিল-পুখুৰী আৰু খাল-দোং আদি সকলোতে নানা ধৰণৰ মাছ-কাছ আদি উভৈনদী হৈ আছিল। বহাগ মাহৰ পৰা আৰম্ভ হোৱা বৰষুণে মাছ-কাছৰ এই বসতিস্থলবোৰ জীপাল কৰি তুলে আৰু বাৰিষা কালৰ দিনবোৰ চমু চাপি অহাৰ লগে লগে সেইবোৰ পানীৰে উপচি পৰে। মাজে মাজে দীৰ্ঘদিন ধৰি পেনপেনিয়া তথা নেৰানেপেৰা বৰষুণ হয়, যাক জাগল ধৰা বা জাগল পতা বুলি কোৱা হয়।জাগলৰ দিন কেইটাত কলীয়া ডাৱৰে আকাশ ঢাকি ধৰি দিনতে ধৰালৈ এন্ধাৰ নমাই আনে আৰু এৰা ধৰাকৈ ইজাকৰ পিচত সিজাক দবা-পিটা বৰষুণ দিব ধৰে। তেতিয়াই নদ-নদী আৰু জলাশয়বোৰৰ পাৰ ভঙা পানী পাই সাপ-বেং, মাছ-কাছ আদি সকলো জলচৰ প্ৰাণী যেন আনন্দত মতলীয়া হৈ পৰে। জাকে জাকে বিভিন্ন প্ৰজাতিৰ মাছে কণী পাৰি বংশবৃদ্ধি কৰিবলৈ ন পানী পাই বামলৈ উঠি আহে। মাছৰ উজান উঠে। পল-জুলুকি, জাকৈ আৰু জাল আদি বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলিৰে অতি সহজে উজানৰ মাছ ধৰিব পাৰি;কিন্তু আমি সৰুতে জাগল পতা সময়ত পানী নথকা ৰাস্তাৰ ওপৰতে সিটো পাৰে থকা খাল বা পুখুৰীলৈ ৰাস্তা পাৰ হৈ যাব ধৰা কাৱৈ, গৰৈ আৰু চেঙেলি আদি মাছ হাতেৰে ধৰিছিলো। আনকি কাৱৈ মাছ তামোল গছত বগাবলৈ চেষ্টা কৰাও প্ৰত্যক্ষ কৰিছিলো।আমাৰ মনত পৰে, এবাৰ নৈত পানী বাঢ়ি আহিব ধৰাত চাৰাকড়িয়া নৈৰ দলংখনৰ উজনীত পানী মেটেকাৰে ভৰি পৰিলে আৰু হঠাত্ এটা প্ৰকাণ্ড ৰৌমাছ মেটেকাৰ ওপৰলৈ জাপ মাৰি আমাৰ চকুৰ সমুখতে দলঙৰ ওপৰত পৰিলহি। তাত সমবেত কেইবাজন লোকে মিলি ৰৌমাছটো কৰায়ত্ব কৰে।সেই ৰৌমাছৰ স্বাদ আমাৰ মুখত যেন এতিয়াও লাগি আছে এনে ভাৱ হয়।এবাৰ খৰালিৰ সময়ত দলঙৰ ওপৰৰ পৰা তললৈ চাওঁতে মেটেকাৰ মাজৰ মুকলি এডোখৰত এটা বিৰাট আকাৰৰ আৰি মাছে পাক দি থকা দেখা পালোঁ। দৌৰ মাৰি ঘৰলৈ গৈ পঁচা পাট আনি আৰি মাছটোক লক্ষ্য কৰি মাৰি পঠিয়ালোঁ। লক্ষ্য অব্যৰ্থ আছিল। আৰি মাছ ধৰি আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। এনে ধৰণৰ মত্ স্য চিকাৰৰ অনেক কাহিনী আছে। ঢকুৱাখনা চাৰিআলিৰ পূব কোণত অৱস্থিত থানাখনৰ সমুখত ৰাস্তাৰ কাষত আছিল এজোপা প্ৰকাণ্ড পাত কঠালৰ গছ।আমাৰ মনত আছে এই কঠাল গছ জোপাৰ ওপৰতে কোনো নামী তথা সুদক্ষ চিকাৰীয়ে বধ কৰা এটা প্ৰকাণ্ড বাঘৰ মৃত শৰীৰ ওলমাই বান্ধি থৈছিল আৰু তাৰ তলেদি পৰম্পৰাগত ৰীতি অনুযায়ী ৰাইজৰ লগতে আমি কণ কণহঁতেও পাৰ হৈ গৈছিলোঁ। তেনে কৰাটো স্বাস্থ্য তথা অন্যান্য ক্ষেত্ৰত মংগলদায়ক হেনু।তাহানি কেৱল বাঘেই নহয় বিভিন্ন ধৰণৰ বন্য প্ৰাণী আৰু চৰাই চিৰিকতি কৃষি ভূমিৰ কাষৰীয়া অৰণ্য সমূহত মুক্তমনে বিচৰণ কৰিছিল। আমাৰ মনত আছে, ঢকুৱাখনাৰ নাতি দূৰৰ এখন গাৱঁৰ এজন মিছিং সম্প্ৰদায়ৰ লোকে মাংসৰ জুটি ল’বলৈ মন মেলি নৰীয়া গাৰে চিকাৰ কৰিবলৈ ওলাই হাতত এপাট যাঁঠি লৈ এটা প্ৰকাণ্ড বনৰীয়া গাহৰি খেদি খেদি আনি চাৰিকড়িয়া নদীৰ ওচৰৰ চেনিমাৰী হোলাৰ পাৰ পাইছিলহি। এনেতে হঠাতে দঁতাল গাহৰিটোৱে চিকাৰীজনক উভতি ধৰি প্ৰচণ্ডভাৱে আক্ৰমণ কৰে আৰু তেওঁক মৃত্যু মুখত পেলায়। চাৰিকড়িয়া নৈত তেতিয়া কেৱল মাছ-পুঠিয়েই নহয়, আছিল শিহু , ঘঁৰিয়াল আৰু কুম্ভীৰো।এবাৰ নৈত ধৰা এটা প্ৰকাণ্ড কুম্ভীৰৰ মৃত শৰীৰ ঢকুৱাখনা হাইস্কুলৰ খেল পথাৰত ৰাইজে চাবৰ বাবে ৰখা হৈছিল।আমি তেতিয়া স্কুলীয়া ছাত্ৰ।আমাৰ গাৱঁৰ কাষেদি বৈ যোৱা চাৰিকড়িয়া নৈত আমি সাঁতুৰিবলৈ আৰু নাও চলাবলৈ শিকিছিলোঁ।ভৰ বাৰিষা নৈখন ওফন্দি উঠে।দক্ষিণপাৰে থকা আমাৰ চাপৰিখন পানীত বুৰ যায়।এনে এক দিনতে কেইবাজনো সমনীয়াৰ সৈতে এখন টুলুঙা নাও লৈ চাৰিকড়িয়া নৈ পাৰহৈ দক্ষিণ ফালৰ চাপৰিলৈ যাত্ৰা কৰিলোঁ।উদ্দেশ্য চাপৰিত থকা পকা মধুৰী আৰু হেলেচৰ গুটি খোৱা, ইকৰা খাগৰি আদি গছত লাগি থকা বনৰীয়া ভাত কেৰেলা চিঙি অনা আৰু কহুঁৱা, ইকৰা আৰু খাগৰি গছত ওলমি থকা টোকোৰা চৰাইৰ বাহৰ পৰা কণী সংগ্ৰহ কৰা।প্ৰত্যেকে হাতে হাতে থকা বৈঠা-লগিৰ জোৰত আমাৰ টুলুঙা নাওখন বিজুলি বেগেৰে গতি কৰি চাপৰিত প্ৰৱেশ কৰিলে।সাপেখাটি বিলৰ পাৰ পোৱাৰ পিছত কহুঁৱা, ইকৰা আৰু নল-খাগৰিবোৰত ওলমি থকা হেজাৰ হেজাৰ টোকোৰা চৰাইৰ বাহবোৰ দেখি আমি আনন্দত উদ্বাউল হৈ পৰিলোঁ।টোকোৰা চৰাইবোৰে এক উৎসৱমুখৰ পৰিৱেশত কোলাহল কৰি আত্মহাৰা হৈ আছিল।সিহঁতে আমাৰ উপস্থিতিক যেন কেৰেপেই নকৰি আত্মবিভোৰ হৈ থাকিল।আমি যেয়ে যিমান পাৰোঁ বাহবোৰৰ পৰা কণী সংগ্ৰহ কৰিলোঁ।কিছু গৰম পৰিছিল।পকা হেলেচ খালে ভাল লাগিব।আমি কথাটো আলোচনা কৰি হেলেচ গছৰ তলৰ ফালে নাও ঘূৰাই আগুৱাই যাব ধৰিলোঁ।গছজোপাৰ তল পাবলৈ কিছুদূৰ থাকোঁতে “ও… ও… ঔ……” বুলি এক দিঘলীয়া উকি হেলেচ গছজোপাৰ তলৰ পৰা ভাঁহি অহা শুনিলোঁ।নাওখনৰ গতি হ্ৰাস কৰি আমি আটায়ে হেলেচ গছৰ তললৈ চালোঁ।চাই যিটোহে দেখিলো,সকলো ভয়ত পেপুৱা লাগিলো।কোনেও কাকো একো নোকোৱাকৈ প্ৰত্যেকে হাতৰ বৈঠা, লগি বাই বিপৰীত দিশলৈ নাও ঘূৰাই দ্ৰুতগতিত নাও চলাব ধৰিলোঁ।চাৰিকড়িয়া নৈ পাৰ হৈ পাৰত নাওখন চপোৱাৰ পিচতহে যেন আমাৰ প্ৰাণ ঘূৰি আহিল।আমি বহুত বেছি ভয় খাইছিলোঁ।আমি আটায়ে জীৱনত প্ৰথম বাৰৰ বাবে ভুত দেখিলোঁ।হেলেচ গছজোপাৰ তলত থকা গছৰ মুঢ়াত বহি উকি মৰা সেই কিচকিচকৈ ক’লা ভুতটোৰ কথা মনত পৰিলে এতিয়াও গাৰ নোম ডাল ডাল হৈ পৰে। ১৯৬২ চনত বৰ বানপানীয়ে সমগ্ৰ ঢকুৱাখনা বুৰাই পেলাইছিল৷ বান বিভিষিকাৰ দৃশ্যবোৰ এতিয়াও যেন চকুৰ সমুখত ভাঁহি উঠে৷ মনত পৰে বানপানীৰ সময়ত দূৰণীৰ মিছিং গাঁৱৰ পৰা ভাঁহি অহা ঢোলৰ চেৱৰ শব্দ আৰু ঐলিতমৰ ৰিলিকি ৰিনিকি শুনা সুৰৰ কথা।তাত যেন উত্সৱমুখৰ পৰিৱেশহে বিৰাজ কৰিছিল, এনে অনুমান হৈছিল।তেতিয়া মোৰ বয়স সাত বছৰ হৈ গৈছে৷ বানপানীৰ পিছত চাৰিকড়িয়া নদীৰ দক্ষিণ পাৰৰ শিমলুগুৰি চাপৰিলৈ লগ সমনীয়া অথবা বয়োজ্যেষ্ঠসকলৰ সৈতে যাওঁতে কাঠনিৰ দাঁতিৰ মুকলি ঠাইত জাকপাতি চৰি থকা বনৰীয়া কুকুৰাবোৰ দেখি আমাৰ নয়ন জুৰাই যায়৷ কুকুৰাৰ মাংস খোৱাতো সামাজিক ভাৱে নিষেধ আছিল, কণি খোৱাত বাধা নাই বাবে হাবি বননি তহিলং কৰি কুকুৰাৰ বাহ বিচাৰি তাত এটা হলেও কণি এৰি বাকীবোৰ কণি সংগ্ৰহ কৰি আনিছিলো৷ ঘৰৰ ৰান্ধনী গৰাকীৰ হাতত সেই কণি তুলি দি নিজে গৌৰৱ অনুভৱ কৰিছিলোঁ৷কেইটামান বছৰৰ ভিতৰতে আমাৰ গাৱঁৰ দক্ষিণ মূৰত থকা সাপ্তাহিক বজাৰৰ ওচৰে পাজৰে আৰু চাৰিআলিটোৰ ইপাৰে সিপাৰে দুই এখন দোকান পাতিলে৷ ওচৰ পাজৰৰ ৰাজ্যবোৰৰ পৰা নানা ধৰণৰ মানুহে আমাৰ গাৱঁৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চহৰ খনত অলক্ষ্যিতে প্ৰৱেশ কৰি নিগাজীকৈ থাকিব ধৰিলে৷ ইয়াৰ উপৰিও মাজে সময়ে কিছুমান অঘৰী মানুহ আহি সাপ্তহিক বজাৰৰ জুপুৰি ঘৰত নৈশ যাপন কৰি নানা ধৰণৰ বেহা বেপাৰত লিপ্ত হয়৷ সেই মানুহবোৰে ঘোঁৰাৰ নেজৰ দীঘল নোম কাটি চৰাই ধৰা ফান্দ তৈয়াৰ কৰি সেইবোৰ চাপৰিৰ বনৰীয়া কুকুৰা চৰি ফুৰা ঠাইত পাতি কুকুৰাবোৰ ধৰা দেখি আমি তবধ মানিছিলোঁ৷ বয়োজ্যেষ্ঠসকলৰ মনোভাৱ কি আছিল আমি নাজানো৷ সেই অঘৰীসকলে বনৰীয়া কুকুৰাবোৰ নানা কৌশল প্ৰয়োগ কৰি অনায়াসে ধৰি নিজে ভক্ষণ কৰাৰ উপৰিও বিক্ৰী কৰি যাব ধৰিলে।আমি মহাবিদ্যালয়ত পঢ়িবলৈ নগৰলৈ গলোঁ। কেইবছৰমানৰ পিচত ঘৰলৈ গৈ কুকুৰাবোৰ চোৱাৰ মানসেৰে শিমলুগুৰি চাপৰি পালোঁগৈ, কিন্তু চকুহাল বিষাই গ’ল আৰু মনটো সেমেকি গ’ল – ক’তো কেনিও এটাও বনৰীয়া কুকুৰা নেদেখিলোঁ।মনত পৰে শিমলুগুৰি চাপৰিত থকা বান্দৰৰ বৃহত্ জাকটোৰ কথা। খেতি নষ্ট কৰা সেই জাকটোক নানা ধৰণে চেষ্টা কৰিও খেদি পঠাব পৰা নাছিলোঁ।কোনো লোকে ডিঙিত টিলিঙা আঁৰি বান্দৰ এটা তাত এৰি দিয়াৰ পিচতে বান্দৰজাক অন্তৰ্ধান হ’ল আৰু আমি স্বস্তিৰ নিশ্বাস পেলালোঁ। তাহানিখন পলাশ, শিমলূ , মদাৰে ৰঙা দলিচা পাৰি বহাগীক আদৰি অনাৰ লগে লগে গছ-বনে সেঁউজী ৰহন লগাই কুলি-কেতেকীৰ মন উদ্বাউল কৰি দিয়াৰ ক্ষণতে গাঁওবাসীয়ে বিহুৰ আগলি বতৰা পাই পুলকিত হৈ পৰে।লগে লগে সকলোৱে নিজা ববীয়াকৈ বিহু পালনৰ প্ৰস্তুতি চলাই যায়।গাভৰুহঁতৰ, ন-বোৱাৰীহঁতৰ গাত উখল মাখল লাগি গৈ তাঁতৰ শালত হাতৰ মাকোক তৰণি নোহোৱা কৰি দিয়ে৷ গণি চায় বিহুলৈনো আছে কেইদিন, গামোছাবোৰ কাটিব কেতিয়া? কণ কণ ল’ৰাবোৰৰ বহুতো দায়িত্ব আহি পৰে৷ খৰি লুৰি আনি নিদিলে পিঠপনা , জাজলপান নহ’ব৷ জাকে জোমে খৰি লুৰিবলৈ যোৱা ক্ষণতে সিঁহতৰ গাত বিহু লম্ভে৷ ম’হঘূলি চাপৰিৰ বিস্তৃৰ্ণ অঞ্চল জুৰি থকা ইকৰানিত সোমাই তাৰ মাজত থকা শুকান খাগৰি খৰি লুৰি মুঠা বান্ধি কান্ধত লৈ জাক পাতি আহোতেই সিঁহতে বিহু গীতৰ আখৰা সমাপন কৰে৷ ল’ৰাহঁতে চোতালত খৰি দ’মাই দিয়াৰ পিছত জীয়াৰী-বোৱাৰীহঁতে জোখমতে ভাঙি-কাতি খাগৰি খৰিবোৰ জু-হাল পোৱাইগৈ আৰু পিঠা-পনা,জা-জলপান তৈয়াৰ কৰাত লাগি যায়। বিহুৰ কেইদিন গাঁৱৰ গৃহস্থৰ ঘৰত ঢেঁকী বজাব নাপায়৷ আগতেই চাউল, চিৰা যি লাগে খুন্দি ল’ব লাগিব৷ সেয়ে পুৱতি নিশা কাৰ ঘৰৰ জীয়ৰী বা বোৱাৰীয়ে সকলোতকৈ সোনকালে উঠি ঢেঁকী জুৰিব পাৰে তাৰে অঘোষিত প্ৰতিযোগিতা চলে৷ গাঁৱৰ ল’ৰাহঁতৰ গাত লম্ভা বিহুৱে সিহঁতক আকৌ চাপৰিলৈ লৈ যায়৷ বিহুত গৰুক নতুন পঘাৰে বান্ধিব নালাগিব জানো? হাবিৰ মাজত ল’ৰাহঁতে তৰা ফিটিয়াবলৈ লাগি যায়।তৰাবোৰৰ পাত আৰু টান অংশ কাটি পেলাই দি কোমল তৰাখিনি গোটা কৰি ভালদৰে বন্ধাৰ পিচত ঢোল খোলত লগোৱাৰ দৰে ৰছি লগাই লৈ ল’ৰাবোৰে ডিঙিত ওলমাই লৈ তাকে খোল বজোৱাৰ দৰে বজাই মুখেৰে শব্দ কৰি কৰি শাৰি পাতি ঘৰ মুৱা হোৱা দৃশ্যটো দেখি ল’ৰা কালত নিজেও এনে কৰা কথা মনত পেলাই নব্বৈউৰ্ধৰ দয়াৰাম ককাই নষ্টালজিক হৈ পৰি হেঁপাহ পলুৱাই চায়।সৰু সৰু ল’ৰাবোৰে আনি দিয়া তৰাবোৰৰ পৰা পঘা তৈয়াৰ কৰা কামটো জ্যেষ্ঠসকলৰ।গাত বিহু লম্ভা কণ কণ মইনাহঁতৰ ৰ’বলৈ সময় নাই।বিহু পালেহিয়েইচোন।দীঘলঁতি মাখিয়তী নহ’লে গৰু বিহু পালিব পৰা নাযাব।হাবিত দীঘলঁতি মাখিয়তী পাবলৈ টান হৈ আহিছে।সেইবোৰ বিচাৰি আগতীয়াকৈ কাটি আনি হাবিৰ মাজত লুকুৱাই থ’ব লাগিব।তাকো সেইবোৰ গাঁৱৰ ঢেঁকীৰ মাত নুশুনা ঠাইৰ পৰা আনিব লাগিব।এইবোৰ কামৰ পিচতে আহিল ঢোল তাল ঠিক ঠাক কৰি যোগাৰ কৰি লোৱা।নিচেই সৰুচামৰ ল’ৰাছোৱালীহঁতৰ বাবে তাহানিখনত বয়োজ্যেষ্ঠসকলে ঢোল-তাল আদি তৈয়াৰ কৰি দিছিল।তাৰ বাবে বিশেষ খৰছ কৰিব লগা হোৱা নাছিল।ডাঙৰ ধঁপাতৰ চুঙাৰ দুয়োফালে তামোলৰ ঢকুৱা দুখন বান্ধি কান্ধত ল’বলৈ ৰছি লগাই দিলেই ঢোল এটা হৈ যায়।তালযোৰৰ বাবেও বিশেষ একো নালাগে।জোতা পলিচ কৰিবলৈ অনা টেমা খালি হ’লে থৈ দিয়া হয়।টেমাটো আৰু তাৰ ঢাকনিখনৰ মাজভাগত ফুটা কৰি ৰছি বান্ধি দিলেই তালযোৰ হৈ যায়।টকা গগণা মহৰ শিঙৰ পেঁপা আৰু বাঁহি আদি কণ কণ হঁতৰ বাবে নহ’লেও চলি যায়। আইতাই বিহুগীত শিকাই দিব—“ভাটীফালৰ তামোল জুপি, তোমাৰ আইদেউ চুলি চুটি, কোনে দিলে বেণি গোঁঠি---------৷” গৰু বিহুৰ আগদিনাই ল’ৰাহঁতে ঢেঁকীৰ মাত নুশুনা দূৰত্বৰ পৰা দীঘলঁতি, মাখিয়তী গোটাই আনে৷ সাপ্তাহিক বজাৰৰ চ’তৰ শেষৰ বাৰটোক বিহু বজাৰৰ দিন ঘোষনা কৰি ঢোল পিটি আগৰ বজাৰৰ দিনাই শুনাই দিয়া হয়৷ বিহুৰ বজাৰৰ দিনা গাঁৱৰ ৰাইজে কাপোৰ কানিকে ধৰি বিহুৰ বাবে প্ৰয়োজনীয় বস্তুবোৰৰ কিনা-বেছা কৰোঁতেই ঘৰত নাথাকিলে লাও, বেঙনা, কেৰেলা, হালধি আদি গৰু বিহুৰ বাবে কিনি আনে৷ গৰু বিহুৰ আগ দিনা চাং-তেলিয়াৰ ঘৰৰ চাংতলত থকা, বজাৰৰ জুপুৰিৰ তলত শুই থকা বা ৰাস্তাৰ কাষৰ বৰগছৰ তলত শুই দিন অতিবাহিত কৰা কেইটাকে ধৰি ঘৰৰ আটাইকেইটা গৰু বিচাৰি আনি গোহালীত বান্ধি ৰখা হয়৷ গৰু বিহুৰ দিনা বোৱাৰী পুৱাতে উঠি ল’ৰাহঁতে গৈ নুফুলা ভাঙৰ পুলি বিচাৰি আনেগৈ৷ ইতিমধ্যে ডাঙৰ কেইজনে গৰু গা ধুৱাওঁতে সিহঁতৰ গাত মাৰিবলৈ লাও, বেঙেনা, কেৰেলা , হালধি আদি চিলাবলৈ দুডলীয়া ,তিনিডলীয়া বা চাৰিডলীয়া যাৰ যেনে ইচ্ছা তেনেদৰে বাহঁৰ চাট তৈয়াৰ কৰে৷ চাটত বেঙেনা, কেৰেলা আদিৰ টুকুৰা চিলাই লৈ এখন সৰু ডলাত থোৱা হয়৷ ডলাখনত আৰু কেইবিধমান বস্তু লোৱা হয়৷ সেয়া হ’ল ভাঙৰ পুলি, দীঘলঁতি, মাখিয়তী ইত্যাদি৷ কেইবাখনো গাঁৱৰ ৰাইজে চাৰিকড়িয়া নদীৰ একেটা ঘাটতে গৰু গা ধোৱাব লগা হোৱা বাবে দূৰণি গাঁৱৰ ৰাইজক আগতীয়াকৈ ধুৱাই ল’বলৈ সুযোগ দিয়া হয়৷ জোমে জোমে গৰুবোৰ নদীৰ ফালে আনোতে গৰুবোৰৰ যে কি আনন্দ উল্লাস! তাৰ মাজে মাজে মাকবোৰে নিজৰ পোৱালি বিচাৰি হেম্বেলিয়াই আৰু প্ৰত্যুত্তৰত পোৱালিয়ে হেম্বে হেম্বে বুলি দিয়ে সঁহাৰি৷ কিযে উৎসৱমুখৰ পৰিবেশ৷ জাকে জাকে গৰু পানীত নমাই নিজৰ গৰুকেইটা বিচাৰি বিচাৰি গাত পানী চটিয়াই লাও খা বেঙেনা খা—কৈ কৈ গৰুৰ গালৈ চাটৰ পৰা উলিয়াই সেইবোৰ দলিয়াই থাকোঁতে ইচ্ছাকৃতভাৱে মাজে মাজে ডেকাবোৰে ইটোৱে সিটোৰ গাতো মাৰি ধেমালি কৰে।গা ধুৱাই হলে গৰু পাল ৰখীয়াই গৰুজাক চৰাবলৈ লৈ যায়। চাটত থাকি যোৱা লাও, বেঙেনাৰে সৈতে সেইডাল আনৰ সৈতে সলাব লাগে৷ ইয়াৰো নিয়ম আছে৷ যেইডলীয়া চাট তাৰ সমান ডলীয়া চাটৰ লগতহে সলাব পাৰি৷ অন্যহাতে, চাটত কেৰেলা দিলে গৰু ছেৰেলা হ’ব বুলি ভয় কৰি কিছুমানে কেৰলা নিদিয়ে৷ সেয়ে তেওঁলোকে কেৰেলা নিদিয়া লোকৰ সৈতেহে চাটডাল সলাব৷ লগত নিয়া ডলাখনত থাকি যোৱা বস্তুবোৰ লৈ নিজৰ আহুধানৰ পথাৰলৈ গৈ তাৰ মাজৰ আলিত মখিয়তীৰ ডাল, দীঘলঁতি আৰু ভাঙৰ পুলি ভগৱন্তক চিন্তি গোঁজ মাৰি পুতি থৈ আহে যাতে পোক-পৰুৱা আদি একোৱে ধানডৰাৰ হানি বিঘিনি ঘটাব নোৱাৰে৷ গধূলি পৰত গৰুবোৰ গোহালিত সোমোৱাৰ পূৰ্বেই পদূলিত জাক দিয়া হয়৷ জাক দিবলৈ জলোৱা তঁহজুইত দীঘলঁতি, মাখিয়তী আৰু ভাঙৰ পুলি আদিও জাপি দিয়া হয়৷ গৰুৰ ভৰি ধুৱাই দি পুজা কৰি ডিঙিত নতুন পঘা লগাই দি পিঠা খাবলৈ দিয়া হয়৷ ঘৰৰ বাৰীত থকা তামোল, নাৰিকল আদি মূল্যবান গছবোৰক দেৱজ্ঞান কৰি ধান খেৰৰ জৰিৰে সাদৰেৰে বান্ধি পেলোৱা হয়৷ গৰু বিহু শেষ হোৱাৰ লগে লগে গাঁৱৰ মূৰব্বীজনাৰ ঘৰৰ পৰা ল’ৰাহঁতে হুঁচৰি গোৱা আৰম্ভ কৰি দিয়ে৷ ধনী-দুখীয়া ভেদাভেদ নোহোৱাকৈ প্ৰতিঘৰতে হুঁচৰি গাই গৃহস্থক বছৰটোলৈ কুশলে থাকিবলৈ আৰ্শীবাদ দিয়া হয়৷ ডাঙৰ গাঁও হলে হুঁচৰি গাই শেষ কৰোঁতে কেইবা দিনো লাগে৷ শেষত হুঁচৰি গাই পোৱা ধন নামঘৰ সজা বা পুথিভঁৰাল নিৰ্মাণ আদি কামত লগোৱাৰ উপৰিও এক প্ৰীতি ভোজৰো আয়োজন কৰি তাতো কিছু ধন খৰচ কৰা হয়৷ মুঠতে বিহুৰ দিন কেইটাত ঘৰে বাহিৰে সকলোতে মাথো বিহু বিহু আৰু বিহু৷ ম’হৰ গোৱালে ম’হ ৰখি থাকোঁতে ম’হৰ পিঠিত বহি ম’হৰ শিঙৰ পেঁপাটি বায়ে ক্ষান্ত নাথাকে৷ দূৰণিৰ চাপৰিত সিহঁতে গোৱা বনৰীয়া নামবোৰ স্পষ্টকৈ শুনা নাযায়৷ ৰিণিকি ৰিণিকি ভাঁহি অহা সুৰটি কাণত পৰিলে বয়োজ্যেষ্ঠজনৰ মনো পুলকিত হয়, বিহু বিহু লাগি যায়৷ সুৰটোতে বুজিব পাৰে কোন ফাকি বনৰীয়া নাম গাইছে৷ নিজৰ মনৰ ভিতৰতে মিলাই চায়— ‘অ অই, বিহুটি আহিলে কপৌফুল ফুলিলে/ গছৰ ডালত বিনালে কুলি/তোৰ মাৰ বাপেৰে মোলৈ তোক নিদিয়ে /দুখীয়ানিচলা বুলি ৷’ ‘হাঁয়ৈ, এবেলা হালে বাওঁ এবেলা জালে বাওঁ এবেলা ম’হলৈ যাওঁ/ তেও মোক দেহা জান খাবলৈ নোজোৰে / দুপৰীয়া শুদা ভাত খাওঁ৷’/ঐ, ‘যোৱা ৰাতি সপোনত তোকে দেখিছিলো/ চিৰিংকৈ পৰিছে মনত,/ দিঠকে সপোনে তোকে দেখি থাকোঁ/ বাৰুকৈ মোক পেলালি প্ৰেমত৷’/‘আই ঐ, দলনিত নাবাওঁ হাল, বিলতো নাবাওঁ জাল/ / পিটনীত নকৰোঁ খেতি,/তোকে যে নাপালে সন্যাসী হ’মেগৈ/ সেয়ে হ’ব জীৱনৰ গতি৷’ গাঁৱৰ গাভৰুহঁতে লগ লাগি চাপৰি পথাৰৰ গছতলৰ ছাঁত বিহু মৰা আৰম্ভ কৰি দিয়ে ৷ আপোন পাহৰা হৈ বিহু গীত গাব ধৰে- ‘দলনি পথাৰত ধানে দাই আছিলো / চেনাইৰ কথা ভাবি কাচিলৈ নিদিলো মন/ৰচকী কাচিয়ে হাততে কাটিলে/ পিহি লগালোঁ দুবৰি বন/ /দূৰণি পথাৰত হালে বাই আছিলাবাৰী মাটি পৰিলে ছন।/আজি অতদিনে তোমাক নিচিনিলোঁ/তুমি মোৰ বুকুৰে ধন।/নাঙলৰ সীৰলুত শালিকী বগলী /কিনো যে বিচাৰি খায়?/আমাৰে হিয়াতে মৰম উঠলিছে/জুমিহে চাওঁতা নাই।/সাপেখাটি বিলতে জাকৈ বাই আছিলোঁ/শিঙীয়ে বিন্ধিলে হাতত/যিমান দুখ পালো সকলো অন্তৰ্ধান/চেনাই তোমাৰ মৰমৰ মাতত।…………………………..L হেপাহ পলুৱাই বিহুগীত গাই নাচি বাগি সাত দিনৰ দিনা গাভৰুহঁতে বিহু উৰুৱাই বনভোজ খায়৷তাৰ পিছতে আহি পৰে ফাট বিহু৷ অঞ্চলটোৰ ৰাইজে হিলদল ভাঙি আহি ফাট বিহু স্থলিত যোগ দিয়ে আৰু হিয়া উজাৰি বিহু মাৰিবলৈ ধৰে৷ স্থানীয় গন্যমান্য লোক সকলে বিহু বলিয়া ৰাইজক যথোচিত সন্মান যাচে৷আমাৰ বাল্য কালত মাথো এবাৰহে ফাট বিহুত অংশ লৈ নাচি বাগি বিহুগীত গোৱা মনত পৰে। সেই বাৰ ঢকুৱাখনা থানাৰ সমুখৰ কঠাল গছ আৰু বৰগছৰ তললৈ চৌদিশৰ পৰা বিহুবলীয়া ৰাইজ আহি সমবেত হৈছিল আৰু জাক পাতি পাতি বিহু মাৰি ধৰাতল কঁপাই তুলিছিল।নাছিল তাত জাত পাত আৰু ধৰ্মৰ ভেদাভেদ।বিহুবলিয়া ৰাইজক শৰাই আগ বঢ়োৱা দেখা পাই আমি কণকণহঁতেও শৰাই ভাগৰ আশাত নতুন উদ্যমেৰে বিহু মাৰি থাকোঁতে কোনো এক সদাশয় ব্যক্তিয়ে আমালৈও শৰাইভাগ আগ বঢ়াই দিয়ে ৷আমি নিজৰ বিহু এৰি ঘাঁহি গাঁৱৰ বিহু দলৰ বিহুত নচুৱাই থকা কাঠৰ চৰাইটোলৈ ৰ’ লাগি চাব ধৰোঁ।অথবা গিৰিপ গাৰাপকৈ জপিয়াই জপিয়াই নাচি নাচি বিখ্যাত হৈ পৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা হুজ গাঁৱৰ বিহু দলৰ বিহু চাই আত্ম বিভোৰ হৈ পৰোঁ।এতিয়া কথাবোৰ ভাৱি ভাৱি আমি নষ্টালজিক হৈ পৰোঁ। ---------সমাপ্ত--------

No comments:

Post a Comment