Tuesday 5 December 2017

আচল নেতা

(আতংক ৰ সপ্তম খণ্ড)  
                                                                      
হাঁহি ধেমালিত ব্যস্ত ডেকা গাভৰু জাক৷ মুখবোৰ স্নিগ্ধ, উজ্জল আৰু মন নিষ্পাপ নিষ্কলুষ৷ পুৱাৰ জিকিমিকি ৰ’দত জিলিকি উঠা সদ্য প্ৰস্ফুটিত ফুলবোৰৰ লগত ৰিজাব পাৰি সিহঁতক৷ বুকুত এবুকু আশা মনত নাই হতাশা৷ সিহঁতৰ বাবে পৃথিবীখন নতুন আৰু ৰঙীন৷ অগ্ৰজে কলুষিত কৰা ধৰাতল সিহঁতে নিকা কৰি সজাব খোজে৷ এবোজা মানুহ আৰু জীৱজগতখন পিঠিত লৈ নিজৰ গাটো কথমপি পাকমাৰি ঘূৰাই নিজ পথে গতি কৰি সূৰ্যৰ চাৰিওফালে ভ্ৰমি থকা পৃথিবীখনলৈ সিহঁতৰ বৰ হেঁপাহ৷ জগতখনৰ প্ৰতি কৌতুহলৰ অন্ত নাই৷ বিনন্দীয়া ধৰাতল চাই চাই হেপাহ নপলায়৷ কিন্তু মাজে মাজে সিহঁত সচকিত হৈ পৰে৷ সমাজখন ৰসাতলে যায় যেন৷ কোনোৱেই নিদিয়ে মনকাণ৷

হাঁহি হাঁহি বিনীতাই ক’লে,“বহাগ বিহুৰ প্ৰীতি ভোজৰ পিছত বহুদিনৰ মূৰত আমি দিলৱাৰ ছাৰৰ কৃপাত এই প্ৰীতি ভোজ খাবলৈ লগ হৈছোঁ৷ আজি বৰ ভাল লাগিছে৷”

“এৰা, সংগঠনৰ কামত আমি ইমান বেছি ব্যস্ত হৈ পৰিছিলোঁ যে নিজকে মৰুভূমিত বোজা বোৱা উট যেনেই লাগিছিল৷” 

জীৱনৰ কথা কথা শুনি সকলোৱে উচ্চস্বৰে হাঁহিব ধৰিলে৷ সিহঁতৰ হাঁহিত ভাগ ল’বলৈ ৰান্ধনিক পৰামৰ্শ দি থকা ড° বৈষ্ণব ভঁৰালীও পাকঘৰৰ পৰা ওলাই আহিল৷

“কিহে ,আজি আটাইকেইটিৰে বৰ স্ফুৰ্তি লাগিছে নহয় জানো?” ড° বৈষ্ণব ভঁৰালীয়ে ক’লে৷

“হয় ছাৰ, হয় ছাৰ৷” প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দৰে সিহঁতে চিঞৰি  চিঞৰি ক’লে৷

যথাসম্ভৱ নিম্ন স্বৰত ড° বৈষ্ণব ভঁৰালীয়ে ক’লে, “আৰু ভাল খবৰ আছে, প্ৰীতি ভোজ আৰু খাবলৈ পাবা৷ তোমালোকৰ দিন ভাললৈ আহিছে যেন পাওঁ, হা হা অচ্ছা দিন আ গয়া আ গয়া৷”

ল’ৰা-ছোৱালী মখাৰ মনবোৰ এটা এটাকৈ ধৰি লগলগাই ড° বৈষ্ণব ভঁৰালীয়ে যেন ৰহস্যৰ ডুবিত পেলাই মনত ৰং পাই সিহঁতৰ মুখলৈ চাই ৰ’ল৷ কিছু পৰ ৰৈ তেওঁলৈ ভেবা লাগি চাই থকা ল’ৰা –ছোৱালীহঁতক ক’লে, “আমি অলপতে খবৰ পাইছোঁ যে চাব ইন্সপেক্টৰ বিপুল দত্তই গীতানগৰ থানাৰ সমুখত হাতত উদ্যৎ মেশ্বিনগান লৈ থকা মানুহটোক আৰু তাৰ সহযোগীকেইটাক কৰায়ত্ত কৰিছে৷ সেইয়েহে দিলৱাৰ ছাৰে বিপুল দত্তৰ হৈ নৱবৰ্ষৰ শুভেচ্ছাৰে তোমালোকৰ বাবে আৰু এটা প্ৰীতি ভোজৰ ব্যৱস্থা কৰি দিব হেনো৷”

খবৰটো পাই ল’ৰা-ছোৱালীহঁত আনন্দত মতলীয়া হৈ পৰিল৷  আটাইয়ে লগে লগে হাত চাপৰি বজাই দিলে৷ সিহঁতে নাচিলে, গালে,আনন্দ কৰিলে আৰু প্ৰীতি ভোজ খালে৷

---++++++++---------

জোনাকে ধুনুৰ টেবুলতে এখন পুৰণি আলোচনী পাই তাকে মেলি ল’লে৷ ২০০৮ চনৰ জানুৱাৰী সংখ্যা আছিল সেইটো৷ তাতে এটা কবিতা পাই তেওঁ পঢ়িলে৷ কবিতাটোৰ শিৰোনাম আছিল ‘শান্তি’৷                        
                            
 কবিতাটো পঢ়ি জোনাক ভাবুক হৈ পৰিল৷ আমাৰ দেশৰ, আমাৰ অসমৰ ভৱিষ্যত কি? দহবছৰ পূৰ্বে আমাৰ অসমৰ লেখক বুদ্ধিজীৱীসকলে যিবোৰ সমস্যাক লৈ চিন্তা কৰিছিল সেই একেবোৰ সমস্যাৰ বাবে এই ২০১৮ চনতো চিন্তান্বিত হ’ব লগা হৈছে৷ কোনো সমস্যাৰে নাই সমাধান৷ বৰঞ্চ সমস্যাবোৰ দিনে দিনে জটিল হৈ যাব ধৰিছে৷

“কি হ’ল জোনাক ? কি চিন্তাত পৰিলি আকৌ ?” ভিতৰৰ পৰা ওলাই আহি জোনাকক জুপুকা মাৰি থকা যেন দেখি ধুনুৱে সুধিলে৷

জোনাকে ৰহস্যখন ধুনুলৈ আগবঢ়াই দি কবিতাটো পঢ়ি চাবলৈ ক’লে আৰু তাৰ মনত খেলাই যোৱা কথাবোৰ ব্যক্ত কৰি ধুনুক সুধিলে,“আমি সমস্যাবোৰ সমাধানৰ বাবে একো কৰিব নোৱাৰোঁনে ধুনু?”

“পাৰিম, কিয় নোৱাৰিম?” ধুনুৱে দৃঢ়তাৰে ক’লে,“ৰাজনৈতিক নেতাবোৰে সমস্যবোৰ সমাধান কৰাৰ পৰিবৰ্তে সেইবোৰ বঢ়াই গৈ নিজৰ সুবিধা আদায় কৰি আছে৷ আমি তেওঁলোকক সহজতেই ঠিক পথলৈ আনি আমাৰ ৰাজ্যখন সুশৃঙ্খলভাৱে আগুৱাই যোৱাত সহায় কৰিব পাৰোঁ৷”

“ কিন্তু তাকেই ইমানদিনে আমি কৰা নাই কিয়?” জোনাকে  উত্তেজিত স্বৰত প্ৰশ্ন কৰিলে৷

“হ’ব হ’ব জোনাক তই উত্তেজিত নহবিচোন”, ধুনুৱে ক’লে,“আমি কথাবোৰ চন্দন শৰ্মা ছাৰৰ লগত ভালদৰে আলোচনা কৰিলেই সকলো হৈ যাব৷ অসমৰ যি দুৰ্ভাগ্যজনক পৰিস্থিতি চলি আছে তালৈ লক্ষ্য কৰি চালে চন্দন শৰ্মা ছাৰে আমাক আমাৰ প্ৰযুক্তিবিদ্যাবোৰ ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰাত বাধা নিদিব নিশ্চয়৷”

“তই ঠিকেই চিন্তা কৰিছ ধুনু৷ আমাৰ হাতত ইমানবোৰ উপায় থাকিও সেইবোৰ অসমৰ মংগল সাধনত নলগাওঁ কিয়? আমি আজিয়েই আলোচনাত বহিম৷” জোনাকে ক’লে৷

----++++++--------

আয়োজক সমিটিৰ সম্পাদক, সভাপতি আৰু সদস্যসকলৰ লগতে শাসনাধিস্থিত দল আৰু তেওঁলোকৰ মিত্ৰদলৰ সদস্যসকল, স্থানীয় উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, ৰাজহ চক্ৰ বিষয়া, গাওঁ পঞ্চায়তৰ সম্পাদক, সভাপতি, স্থানীয় বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক তথা সহকাৰী শিক্ষকসকল, ছাত্ৰসকল, আত্ম সহায়ক গোটৰ সদস্যসকল আৰু সেই ঠাইৰ গাওঁবাসীসকল সভাস্থলিত সময়তকৈ আগত আহি উপস্থিত হ’লহি৷ অলপ পিছতে বাতৰি কাকতৰ স্থানীয় সংবাদদাতা কেইজনো আহি আসন গ্ৰহণ কৰিলে৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সভাখনিত আজি যথেষ্ট মানুহ গোট খাব৷ কোনো কাহানিও মন্ত্ৰী বিধায়কে পদধূলা নেপেলোৱা ঠাই হোৱা বাবে মন্ত্ৰী আহিব বুলি যিমান মানুহ গোট খাইছে তাতকৈ বেছি মানুহ গোট খাইছে  তেওঁ যিখন বাহনত আহিব সেই বাহনখন চাবলৈহে৷ ওচৰৰ গাওঁবোৰত সৰু ল’ৰা ছোৱালী এতিয়া এটিও বিচাৰি পোৱা নাযাব চাগৈ৷ হেলিকেপ্টাৰ চাবলৈ আহি সভাস্থলিৰ ওচৰত নিৰ্মাণ কৰি ৰখা হেলিপেডখনৰ চাৰিওফালে বেৰা মাৰি কেপকেপাই আছে৷  মাজে মাজে দূৰ দিন্তৰ ফালে চকু দি চাই আছে৷ কৰ্তব্যৰত পুলিচ কেইজনে এতিয়াই সিহঁতক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে৷ হেলিকেপ্তাৰ আহি পালে যে কি গতি হ’ব? এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সভাস্থলিৰ ফালে সোমাই আহিল নিউজ চেনেলৰ গাড়ীখন৷ আৰে ! হেলিকেপ্টাৰখন তলেদিয়েই আহিলনেকি ? কণ কণহঁত গাড়ীখন চাবলৈ দৌৰ মাৰিলে৷

অৱশ্যে সকলোবোৰ মানুহ হেলিকেপ্টাৰ চাবলৈ আহিছে বুলি ক’লেও ভুল হ’ব৷ কাৰণ, বান বিধস্ত এই অঞ্চলটোৰ ৰাইজে এই পৰ্যন্ত বানপানীৰ নামত কোনো চৰকাৰী সাহৰ্য পোৱা নাই৷ আচলতে আজি মিটিঙতে তেওঁলোকক কিবা দিব বুলি আয়োজক মণ্ডলীয়ে কোৱা বাবেহে দিন হাজিৰাৰ অথবা নিজা অন্য কাম এৰি হ’লেও বহুতো মানুহ গোট খাইছেহি৷

“হেই, আহি গ’ল, আহি গ’ল, হেলিকেপ্টাৰ আহি গ’ল৷”

সভাস্থলিত হঠাৎ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ল৷ ধুনু আৰু জোনাকহঁতে হুলস্থুল হোৱা ফালে ঘূৰি চালে৷ দূৰ দিগন্তত চৰাইটোতকৈ অলপ ডাঙৰ বস্তু এটা দেখা গৈছেহে মাত্ৰ৷ তাৰ শব্দ এতিয়াও কাণত পৰাহিয়ে নাই৷ এতিয়াই ইমান চিঞৰ বাখৰ৷ পিছত কি হ’ব?

চাওঁতে চাওঁতে হেলিকেপ্টাৰখন নিচেই ওচৰ পালেহি৷ ভিৰ ভাৰ নিয়ন্ত্ৰণত আতংকৰ সদস্যসকলে পুলিচ কেইজনক সহায় কৰিলে৷ কণ কণহঁতে নয়নভৰি হেলিকেপ্টাৰখন চালে৷ চালে তাৰ পৰা ধীৰ, গম্ভীৰ পদক্ষেপেৰে নামি অহা মন্ত্ৰী আৰু তেওঁৰ সহচৰসকলক৷

মন্ত্ৰী আৰু অভ্যাগতসকলে সভাস্থলিত আসন গ্ৰহণ কৰিলে৷ হেলিকেপ্টাৰখন চাই থকাসকলৰ কিছুমান ঘৰলৈ গ’ল আৰু কিছুমান আহিল সভামণ্ডপলৈ৷

যথাৰীতি সভাৰ কাৰ্যসূচী আৰম্ভ হ’ল৷ কাৰ্যসূচী মতে আহি পৰিল মন্ত্ৰী মহোদয়ৰ ভাষণ৷

ধুনু,জোনাক, জীৱন, বিনীতা, নৱনীতাহঁতে অত’পৰে অপেক্ষা কৰি থকা সময় সমাগত৷ তেওঁলোকে পূৰ্ব পৰিকল্পনা মতে সকলো সাজো কৰি থৈছিল৷ মন্ত্ৰীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰাৰ লগে লগে উচ্চ প্ৰযুক্তিৰ ক্ষুদ্ৰ যন্ত্ৰটোৰ এটি নিচেই ক্ষুদ্ৰ বুটাম টিপি দিলে৷ সভাত সমবেত দৰ্শক শ্ৰোতা বৃন্দৰ সমুখৰ ফালে তেনেই সামান্য ধোৱাঁৰ দৰে এক পাতল আচ্ছাদনৰ সৃষ্টি হ’ল৷

মানুহে কয়, সভা-সমিটিত বক্তৃতা দিওঁতে সমুখত উপবিষ্ট দৰ্শক শ্ৰোতাসকলক গাধ বুলি ভাৱিব লাগে৷ তেতিয়া নিৰ্ভয়ে সুন্দৰকৈ ভাষণ দিব পাৰি হেনো৷  পিচে এতিয়া কি ঘটিব? এতিয়া যে মন্ত্ৰী মহোদয়ে সমুখত দেখি আছে অতি মানৱৰহে ৰূপ! তেওঁ যেন ভাষণ দিবৰ বাবে নহয় স্বীকাৰোক্তি দিবৰ বাবে কাঠগৰাত থিয় দিছে৷  তেওঁৰ মনলৈ সেই  ভাৱহে আহিব ধৰিছে৷ আহে জানো কেতিয়াবা কাৰোবাৰ মনলৈ এনে ভাৱ?  তেওঁ দোধোৰ- মোধোৰত পৰিছে৷৷ কাকনো সুধিব, কোনে দিব উত্তৰ৷ তেওঁ যে ভাষণ দিব লাগে, ভাষণ শুনাবলৈয়েতো হেলিকেপ্টাৰত ধন খৰচ কৰি আহিছে৷ তাকো ৰাইজৰ ধন৷ কথা ক’বই লাগিব৷ ৰ’বৰ যে সময় নাই৷ কি ক’ব ? সঁচা কথাকেইতো ক’ব লাগিব৷ সমুখত সেয়া গণদেৱতা৷ তেওঁলোকক মিছা কথা ক’ব পৰা মগজুটোচোন নাই এতিয়া৷ সাজি সাজি কথা কোৱাৰ শক্তি তেওঁ হেৰুৱাই পেলাইছে৷

কৈ গ’ল মন্ত্ৰী মহোদয়ে৷ “ৰাইজ,আজি মই আপোনালোকক মোৰ ৰাজনৈতিক জীৱনৰ গোপন কথাবোৰকে ক’ম৷” 
কি গোপন কথা ক’ব বা মন্ত্ৰী মহোদয়ে ? সাংবাদিকসকলক সষ্টম হোৱা দেখা গ’ল৷ টি ভি চেনেলৰ পৰা অহা সাংবাদিক সকলে সঘনে কেমেৰা সঞ্চালন কৰিলে৷ তেওঁলোকৰ সাংবাদিক জীৱনৰ এক গুৰুত্ব্পূৰ্ণ স্থান এই মুহূৰ্তত মন্ত্ৰী মহোদয়ে দখল কৰি পেলালে৷ সভাস্থলিত নিমাত নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিলে৷ বেজী এটা পৰিলেও যেন তাৰ শব্দ শুনা যাব৷ সকলোৱে মন্ত্ৰী মহোদয়ৰ মুখলৈ ব্যগ্ৰ ভাৱে চাই আছে৷ মন্ত্ৰী মহোদয়ে এখন্তেকৰ বাবে ৰৈ সেপ ঢোকোতেও শ্ৰোতাসকল অধৰ্য হৈ পৰিছে৷

“শুনক সভাসদ ৰাইজ, মানুহে এনেয়ে নকয় যে এশটা ধূৰ্ত মানুহ মৰিহে এজন ৰাজনৈতিক নেতাৰ জন্ম হয়৷ আনৰ লগত নিমিলাওঁ৷ সেই কথা মোৰ ক্ষেত্ৰতে খাটে ৷”

মন্ত্ৰীৰ কথা শুনি সকলো অবাক৷ কি ক’ব খুজিছে ছাৰে? চৌদিশে বু বু বা বা চলিল৷ সভাস্থলিত গুমগুমনি শব্দ হ’ল৷

“ৰাইজ, মোৰ কথা শুনক, মই মিছা কথা কোৱা নাই নহয়৷ মই নেতা হৈছো মোৰ বাবে, মন্ত্ৰী হৈছো মোৰ বাবে৷; কিন্তু ইমানদিনে দেখুৱাই থাকিলো যে মই ৰাইজৰ নেতা, জনগণৰ মন্ত্ৰী৷ মই জানো, আজি এই অঞ্চলৰ বানপ্ৰীড়িত ৰাইজক মন্ত্ৰী হিচাপে কিবা দিম বুলি আপোনালোকে বৰ আশাৰে বাট চাই আছে; কিন্তু আপোনালোকক দিবলৈ মুখ্য মন্ত্ৰী বা ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে মোক একো দি পঠিওৱা নাই৷ বিচাৰিছিলো মই; কিন্তু কেন্দ্ৰ চৰকাৰেই ধন মুকলি কৰি দিয়া নাই হেনো৷”

মন্ত্ৰীৰ ভাষণৰ এইষাৰ কথা শুনাৰ পিছত আকৌ সভাস্থলিত ৰাইজৰ মাজত কথা চলিল৷ এক গুমগুমনি শব্দ হ’ল আৰু “তেনেহ’লে আমি থাকিনো কি লাভ হ’ব ? উঠাই ভাল তেন্তে” বুলি কৈ সভাৰ অৰ্ধেক সংখ্যক লোক ঘৰাঘৰি যাবলৈ থিয় দিলে৷

“ৰাইজ, ৰাইজ, কি কৰে আপোনালোকে? বহক বহক, মোৰ কথা শুনক, মই চৰকাৰৰ পৰা ধন নাপালেও আপোনালোকক আজি এই সভাস্থলিতে মোৰ নিজা সাঁচতীয়া ধনৰ পৰা চেক কাটি এজন এজনকৈ প্ৰতিজন বানপ্ৰীড়িতলোককে দহহেজাৰকৈ টকা দিম৷ মোৰ সচিবে চেকবোৰ লিখি এখন এখনকৈ কাটি দিব আৰু এজন এজনকৈ আহি আপোনালোকে লৈ গৈ থাকক৷”

কথাখিনি কৈ মন্ত্ৰীয়ে তেওঁৰ সচিবক ব্ৰিফকেচটোৰ চাবিকোছা আগ বঢ়াই দিলে৷ সচিবে বানপীড়িতলোকৰ তালিকা চাই নামে নামে চেক লিখিলে৷ বানবিধস্তসকলে নিয়ম শৃঙ্খলা মানি এজন এজনকৈ আহি চেকবোৰ নিব ধৰিলে৷ এইদৰেই মন্ত্ৰী মহোদয়ে ৰাইজৰ পক্ষত থিয় দিওঁতেই অজানিতে ব্যক্তি তোষণৰ ৰাজনীতিৰে নিজ সমষ্টিৰ ৰাইজৰ মন জয় কৰিবলৈ সমৰ্থ হ’ল৷৷

“আচলতে কি জানে ৰাইজ? মই যে এই টকাবোৰ বিলাইছোঁ এইবোৰ ৰাইজৰে টকা৷ মই এইবোৰ টকা ঠিকাদাৰৰ পৰা নোলোৱা হ’লে ঠিকাদাৰে আপোনালোকৰ গাঁৱৰ নৈখনৰ মথাউৰিটো ভালদৰে বান্ধিলেহেঁতেন আৰু বানপানীত মানুহ নমৰিলেহঁতেন, ঘৰ নাভাগিলেহঁতেন আৰু খেতি বাতিও নষ্ট নহ’লহেঁতেন৷৷ গতিকে টকাবোৰ মই ৰাইজকে দি দিছো৷ আশা ৰাখিছোঁ আমাৰ মন্ত্ৰী সভাৰ বাকীবোৰ মন্ত্ৰীয়েও আপোন-পেটালি স্বভাৱ এৰি দেশ বিদেশে বেংকবোৰত সাঁচি থোৱা টকা ৰাইজক ঘূৰাই দিব৷”

সমবেত লোকসকল আবেগিক হৈ ঠাইতে থিয় হ’ল ৷ লগে লগে সভাস্থলিত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিল৷ এৰা অকপতে নিজৰ দোষ স্বীকাৰ কৰি কোনোবাই আন্তৰিকতাৰে তাৰ ক্ষতিপূৰণ কৰিব খুজিলে মানুহে সেইজনক তাতালিকে ক্ষমা কৰি দি আপোন কৰি লয় --লাগিলে তেওঁ পিতৃ হন্তাই নহওক কিয়৷

মন্ত্ৰী মহোদয় উৎসাহিত হৈ পৰিল আৰু কৈ যাব ধৰিলে,“ব্ৰিটীশৰ শাসনৰ পৰা মুক্ত কৰি দেশৰ জনগণক এচাম দেশীয় নেতাই নিজৰ কুশাসনৰ কবললৈ আনিলে মাথো৷ এইদৰে বিগত সত্তৰটা বছৰ শোষণৰ ৰাজনীতি চলালে৷ ৰাইজৰ একো উন্নতি সাধন নহ’ল৷ দেশৰ প্ৰভাৱশালী এচাম লোকক কোটি পতি হ’বলৈ সুবিধা দি তেওঁলোকৰ সহায়তে ধৰ্ম, জাতি দোহাই দি ৰাজনীতি কৰি গৈছে৷ জৱাহৰলাল নেহেৰুৰ দিনৰ পৰা এতিয়ালৈকে সেয়াই হৈ আছে৷ ৰাইজ, এতিয়া আৰু আপোনালোকে চিন্তা নকৰিব৷ মই আপোনালোকৰ লগত থাকিম৷ কোনো ৰাজনৈতিক দলৰ সহায় মোক নালাগে৷ জয় আই অসম৷”

সভাস্থলি হাত চাপৰিৰ শব্দত মুখৰিত হ’ল৷

বক্তৃতা দি থাকোঁতে এইহেন জাৰৰ দিনতো মন্ত্ৰী মহোদয় ঘামি জামি তেনেই আহৰি৷ তেওঁ বহি পৰাৰ লগে লগে অনুচৰ এজনে বহী এখন হাতত লৈ বিচি দিলে৷ 

সভা ভঙ্গ হ’ল৷ মন্ত্ৰী মহোদয়ে আকাশ মাৰ্গেৰে স্বস্থানলৈ দতি কৰিলে৷ সাংবাদিকসকল এক অগতানুগতিক পৰিস্থিতিৰ সন্মুখীন হোৱা বাবে বিস্ফাৰিত নেত্ৰে বহু পৰ ইজনে সিজনলৈ চাই ৰ’ল৷ ৰাইজে মন্ত্ৰী মহোদয়ক ভূয়সী প্ৰশংসা কৰিলে আৰু ভৱিষ্যতৰ নেতা স্বৰূপে হৃদয়ত স্থান দিলে; কিন্তু আতংকৰ বিষয়ববীয়া তথা সদস্যসকলে নিয়াৰিকৈ আৰু অতি গোপনে অদ্ভুত ৰূপ দৰ্শন অভিযানটো চলাই যাব পৰা বাবে স্বস্তিৰ নিশ্বাস পেলালে৷
--------+++ সমাপ্ত---+++----

No comments:

Post a Comment