Monday 4 December 2017

শত্ৰুৰ ৰণচালি

(‘আতংক’ ছিৰিজৰ ষষ্ঠ খণ্ড)                                                                
এডিনবাৰ্গ৷ স্কটলেণ্ডৰ ৰাজধানী৷ সমগ্ৰ ইউৰোপ মহাদেশখনৰে শিৰত জিলিকি উঠা সৌন্দৰ্যৰ মুকুট স্বৰূপ এক বিতোপন চহৰ৷ ইয়াকেই কেৱল এই চহৰৰ বৈশিষ্ট্য বুলি ক’লে ভুল হ’ব৷ চহৰখন ৰং –ধেমালিৰো এক কেন্দ্ৰস্থল৷ আগষ্ট মাহ সোমোৱাৰ লগে লগে গ্ৰীষ্ম ঋতুৱে ভূমুকি মাৰে আৰু শীতৰ ঠৰঙা লগোৱা জাৰৰ পৰা ৰক্ষা পাই সকলোৰে মন-প্ৰাণ উলাহত নাচি উঠে৷ অজানিতে চৌদিশে আনন্দৰ জোৱাৰ আৰু এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে৷ ৰং-ধেমালিৰে নিজে আপ্লুত হোৱাৰ উপৰিও আনকো মুগ্ধ কৰিবলৈ যাৰ যি প্ৰতিভা আছে প্ৰদৰ্শন কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ শিল্পীসকল মুকলি মঞ্চলৈ ওলাই আহে৷ শ শ বছৰ ধৰি এই পৰম্পৰা চলি আহিছে আৰু কোনো বছৰেই ইয়াৰ ব্যতিক্ৰম হোৱা নাই৷ এই বছৰ আৰম্ভ হোৱা উৎসৱত যোগ দিবলৈ আৰু এই উৎসৱ উপভোগ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ মানুহেৰে এডিনবাৰ্গ নগৰৰ হোটেল, ৰেষ্টোৰাঁ, হোমষ্টে সকলো ভৰি পৰিছে৷ এই উলহ-মালহৰ মাজত যদি কাৰোবাৰ কিবা কুঅভিসন্ধি লুকাই থাকে তাক বুজা টান হৈ পৰে৷ 

বিশ্বৰ চাৰিখন দেশৰ চাৰিজন যুৱক৷ বয়স কোনোজনৰে পঁচিশ বছৰৰ বেছি নহয়৷ এডিনবাৰ্গৰ গ্ৰীষ্ম কালিন উৎসৱ উপভোগ কৰিবলৈ আটাইকেইজন একলগে আহিছিল; উৎসৱৰ দিনবোৰ পাৰ হৈ গ’ল যদিও তেওঁলোকে নিজৰ ব্যৱসায়ৰ কামত কিছুদিনৰ বাবে এডিনবাৰ্গতে ৰৈ গ’ল৷ যিখন হোটেলত তেওঁলোক আছিল তাৰ বন্দোবস্তিৰ ম্যাদ শেষ হ’ল৷ সেয়ে এডিনবাৰ্গ নগৰৰ মেডৱ’ কৰ্ট অঞ্চলত  তেওঁলোকে প্ৰাইম ষ্টুডেণ্টলিভিং হোমষ্টে’ত চাৰিটা কোঠা অনলাইন যোগে ভাৰাত লৈছে৷ তেওঁলোকক দিয়া অনলাইন পৰামৰ্শ অনুযায়ী স্মাৰ্ট ফোনযোগে ঘৰটোৰ নিৰ্দিষ্ট কোঠা বিচাৰি উলিয়ালে আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি কোঠাৰ দুৱাৰমুখত থকা বক্স খুলি চাবিপাত উলিয়ালে৷ তাৰ পিচত প্ৰৱেশদ্বাৰ খুলি কোঠাত প্ৰৱেশ কৰিলে৷ ইংলেণ্ডৰ যুৱক এডৱাৰ্ড ডেভিদে কিচেন ৰুমলৈ গৈ কফি বনোৱাত লাগি গ’ল৷ ভাৰতীয় যুৱক যশৱন্ত সিঙে কফিৰ লগত খাবৰ বাবে কাজু আৰু বিস্কুট প্লেটত সজাই কফি বাকিবলৈ কাপকেইটা ঠিক কৰি দিলে৷ চিনা যুৱক লাওটানে তেওঁৰ বেগটো খুলিলে আৰু বেগৰ ভিতৰৰ এক গোপন স্থানৰ পৰা এটা সৰু ফাইল উলিয়াই টেবুলত থ’লে৷ পাকিস্তানী যুৱক মহম্মদ নৌছাদ আলীয়ে পৰম আগ্ৰহেৰে ফাইলটো লৈ ডাইনিং টেবুলত মেলি পঢ়িব ধৰিলে৷ 

ইতিমধ্যে কফি তৈয়াৰ হৈছিল৷ কফিৰ পাত্ৰটোৰ পৰা নিজে নিজে কফি বাকি লৈ প্ৰত্যেকে নিজৰ প্ৰয়োজন অনুযায়ী চেনি কাপত দি লৈ কফি পান কৰিব ধৰিলে৷

“বন্ধুসকল, প্ৰকৃততে আমি এক প্ৰচণ্ড শক্তিশালী শত্ৰুৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ,” পঢ়ি থকা কাগজ পত্ৰৰ পৰা মূৰ তুলি এক গম্ভীৰ স্বৰত মহম্মদ নৌছাদ আলীয়ে ক’লে, “টাইগাৰ ফ’ৰ্চৰ মূৰব্বী মিষ্টাৰ আলিম্বাই অভিযানৰ দিনাৰ যি কাহিনী বৰ্ণনা কৰিছে সেয়া যদি সঁচা হয় তেন্তে আপোনালোকে জানিব যে শত্ৰু পক্ষক এক উন্নত মানদণ্ডৰ প্ৰযুক্তিৰে সজ্জিত শক্তিয়ে সহায় কৰিছে৷”

মহম্মদ নৌছাদ আলীৰ কথাখিনি সকলোৱে মনোযোগেৰে শুনি চিন্তান্বিত হৈ পৰিল৷ কাৰো মুখত মাতবোল নাই৷ যিহেতু কথাটো যদি সঁচা হয় তেন্তে তেওঁলোকৰ সৰ্বনাশ হ’ব৷ এফালে চীন আৰু আনফালে পাকিস্তান৷ দুয়োখন দেশেই তেওঁলোকক পৃষ্ঠপোষকতা কৰিছে৷ হেজাৰ কোটি টকাৰ চুক্তিত তেওঁলোকে কাম কৰিছে৷ অভিযানটোত সফল হোৱা হ’লে কোনো কথা নাই৷ বহুবছৰ কোনো কাম নকৰাকৈ ভোগ বিলাসেৰে বিশ্বৰ কোনো এখন সপোনপুৰী হেন নগৰীত জীৱন অতিবাহিত কৰি দিব পাৰিলেহেঁতেন; কিন্তু এতিয়া সকলো ওলট-পালট হৈ গ’ল৷ তেওঁলোকে চুক্তিমতে কাম কৰি দিব নোৱাৰিলে৷ যদিহে তেওঁলোক শত্ৰু পক্ষৰ হাতত ধৰা পৰাৰ সম্ভাৱনা দেখা পায় তেন্তে শত্ৰুৱে কিবা কৰালৈ চীন আৰু পাকিস্তানৰ সেই পৃষ্ঠপোষকে ৰৈ নাথাকে৷ তাৰ পূৰ্বেই সিহঁত কেইটাক নিঃশেষ কৰি দি নিজৰ কু চক্ৰান্তৰ চিহ্ন চাব নোহোৱা কৰি পেলাব৷ ভাৰতক এইবোৰৰ শুংসূত্ৰ পাবলৈ নিদিয়ে৷ তাৰ পিছত ভাৰত চৰকাৰে মূল শত্ৰু বুলি চিনাক্ত কৰি টাইগাৰ ফ’ৰ্চৰ মূৰব্বী তথা সেনা বাহিনীৰ যোৱানহঁতক বিচাৰি ফুৰিব৷ 

আচলতে স্কাই গ্ৰুপ নামৰ বিশ্বৰ এক অন্যতম আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানৰ পৰিচালক মণ্ডলী বুলি, মাজে সময়ে সুবিধা বুজি বিশ্ব বিদ্যালয়ৰ ছাত্ৰ বুলি নিজৰ পৰিচয় দিয়া চাৰি দেশৰ এই চাৰি ব্যক্তিয়ে তেওঁলোকৰ পূৰ্বৰ সন্ত্ৰাসবাদী গোট এৰি আহি এক মধ্যভোগী সন্ত্ৰাসবাদী গোট গঠন কৰিলে যাৰ একমাত্ৰ লক্ষ্য বৃহৎ পৰিমানৰ ধনৰ বিনিময়ত স্থানীয় সন্ত্ৰাসবাদী গোটক ধন দি সন্ত্ৰাসবাদী কাম কৰোৱা৷ বিগত দুৰ্গা পুজাৰ মহাঅষ্টমীৰ দিনা অসমৰ বহুতো পূজা স্থলিত একে সময়তে বোমা বিস্ফোৰণ ঘটাই পূজাস্থলী ৰক্তাক্ত কৰাৰ মূল দায়িত্ব এওঁলোকে ব্ৰক্ষ্ম দেশৰ ম্যানমাৰত মুখ্য কাৰ্যালয় থকা ‘টাইগাৰ ফ’ৰ্চ’ নামৰ সন্ত্ৰাসবাদী গোটটোক দি কাম হৈ যাব বুলি নিশ্চন্ত হৈ আছিল৷

টাইগাৰ ফ’ৰ্চৰ মূৰব্বী মিঃ আলিম্বা সন্ত্ৰাসবাদ সৃষ্টিৰ ক্ষেত্ৰত এজন অভিজ্ঞ ব্যক্তি৷ সেই কামৰ বাবে তেওঁৰ সৈন্যবলও যথোপযুক্ত আছে৷ স্কাই গ্ৰুপৰ পৰা পাঁচ কোটি টকা আগধন হিচাপে পোৱাৰ পিছতে মিঃ আলিম্বাই চীন দেশৰ পৰা ভালেমান অত্যাধুনিক অস্ত্ৰ কিনি আনিলে৷ লগতে কিনিলে  অভিযানটোৰ বাবে প্ৰয়োজন বোমা বাৰুদ৷ তাৰ পিচত তেওঁ পূজালৈ পোন্ধৰ দিন বাকী থাকোঁতেই সমগ্ৰ অসমতে ধনৰ বিনিময়ত চোৰাংচোৱাগিৰি কৰা মানুহবোৰ কামত লগাই দিলে৷ সিহঁতে দিয়া তথ্য অনুযায়ী অসমৰ কোন কোন ঠাইৰ পূজা মণ্ডপত বোমা বিস্ফোৰণ ঘটাব পৰা যাব তাৰ তালিকা প্ৰস্তুত কৰিলে৷ তাৰ পিছত প্ৰতিটো পূজা মণ্ডপত বোমা বিস্ফোৰণ ঘটাবলৈ একোজন প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰক দায়িত্ব দি লগত ধনৰ বিনিময়ত কাম কৰা স্থানীয় সহযোগী দুজনকৈ দিয়া হ’ল৷

সকলো কাম পূৰ্ব পৰিকল্পিত আঁচনি মতেই কৰা হ’ল৷ ঠিক গধূলি সাত বাজি পোন্ধৰ মিনিট পাৰ হৈছে৷ অসমৰ বিভিন্ন স্থানৰ পোন্ধৰটা পূজা মণ্ডপক ভক্ত তথা দৰ্শকৰ তেজেৰে ৰাঙলী কৰাৰ লক্ষ্যৰে দুৰ্বৃত্তহঁত আগুৱাই আহিল; কিন্তু কি আচৰিত কথা! অসমৰ প্ৰতিখন ঠাইতে সিহঁতৰ প্ৰতিটো দলেই আকস্মিকভাৱে হঠাৎ সৃষ্টি হোৱা জনতাৰ ভিৰৰ মাজত সোমাই পৰিছিল--অভিমন্যু চক্ৰবেহুৰ মাজত সোমাই পৰাৰ দৰে৷ সিহঁতে লৈ থকা আগ্নেয়াস্ত্ৰবোৰ বিকল হৈ পৰি শিশুহঁতৰ খেলাবস্তুৰ দৰে হৈ পৰিল৷ জনতাৰ ভিৰৰ মাজৰ পৰা পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰলোকসকল আগুৱাই আহি দুৰ্বিত্তহঁতক কৰায়ত্ত কৰিলে৷

“পুলিচে বন্দী কৰা মানুহবোৰে সিহঁতৰ ষ্টেটমেন্টত টাইগাৰ ফ’ৰ্চৰ নাম লৈছেনেকি?” মিঃ লাওটানে মিঃ যশৱন্ত সিঙক প্ৰশ্ন কৰিলে৷

“মোৰ তথ্য যোগানকাৰীয়ে বিতং তথ্য লাভ কৰিব পৰা নাই বুলি জনাইছে মিঃ লাওটান৷” যশৱন্ত সিঙে ক’লে৷
“আমাৰ হাতত সময় বৰ কম মিঃ লাওটান৷ পলম নকৰি টাইগাৰ ফ’ৰ্চৰ মূৰব্বী মিঃ আলিম্বাক আগতকৈ কিছু বেছিকৈ টকা দি অন্য গোটৰ সহায় লৈ হ’লেও অসমৰ বিভিন্ন স্থানত কমেও কুৰিটামান বোমা বিস্ফোৰণৰ ব্যৱস্থা কৰা যাওক৷ অন্যথাই আমাৰ বিপদ হ’ব৷” চিন্তাত কপালখন কোঁচ খুৱাই মিঃ এডৱাৰ্ড ডেভিদে ক’লে৷

+++++++++++++

টাইগাৰ ফ’ৰ্চৰ অধ্যক্ষ মিঃ আলিম্বা সম্পূৰ্ণ নিশ্চিত আছিল যে তেওঁ নিয়োগ কৰা বাহিনীটোৰ পাৰদৰ্শী সেনাসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব৷ সমগ্ৰ অসমখন তেজেৰে ৰাঙলী হ’ব আৰু তাৰ বিনিময়ত তেওঁ লাভ কৰিব বহুকোটি টকা৷ সেই টকা তেওঁক চমজাই দিয়া হ’ব অসম ম্যানমাৰ সীমান্তত৷ অসমত তেতিয়া জৰুৰীকালিন অৱস্থাৰ দৰে পৰিস্থিতি বিৰাজ কৰিব৷ তেওঁ অসম ম্যানমাৰ সীমান্তত থকা তেওঁলোকৰ শিবিৰত মদে মাংসৰে ভোজ ভাত খাই  স্ফুৰ্তি কৰিব ,আৰাম কৰিব৷ এবোৰ ভাৱি থাকোঁতেই তেওঁৰ এজন সহকাৰীৰ পৰা বেয়া খবৰটো পালে৷ তথাপি মিঃ আলিম্বা এটা কথাত নিশ্চিত আছিল যে তেওঁলোকৰ হৈ কাম কৰা মানুহবোৰ দৰ্মহা ভোগী চাকৰিয়ালৰ দৰে৷ সিহঁতে  নাজানে কোন প্ৰকৃত নিয়োগ কৰ্তা৷ কোনে দিছে দৰ্মহাৰ ধন৷ টেলিফোনিক অৰ্দাৰমতে সিহঁতক কৰিবলৈ দিয়া নিৰ্দিষ্ট কাম নিৰ্দিষ্ট সময়ত কৰি যায় মাথো৷ সিহঁতক অসমৰ পুলিচে যিমানে জেৰা নকৰক লাগে টাইগাৰ ফ’ৰ্চৰ নাম বা মিঃ আলিম্বাৰ নাম বা অন্য কাৰোবাৰ নাম সিঁহতে নলয়৷ সেয়ে মিঃ আলিম্বাই তেওঁৰ সহযোগীসকলক  এক আলোচনাত বহিবলৈ কেম্পলৈ মাতি পঠালে৷

“বন্ধুসকল, আপোনালোক সকলোৱে জানে যে যাৰ পৰা আমি কোটি কোটি টকা লৈ তেওঁলোকৰ বাবে কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দি কৰি দিব পৰা নাই তেওঁলোক আমাৰ ওপৰত অসন্তুষ্ট হৈছে৷ তথাপিও তেওঁলোকে ধৈৰ্য ধৰিছে৷ আমাক পুনৰবাৰ চেষ্টা কৰিবলৈ কৈছে৷ আমাক প্ৰয়োজন অনুযায়ী ধন দিছে৷ গতিকে আমি এইবাৰ কোনো ভুল নকৰাকৈ পৰিকল্পিতভাৱে কাম কৰিব লাগিব৷ ধনৰ বিনিময়ত আমাৰ হৈ কাম কৰি দিবলৈ অধিক মানুহ নিয়োগ কৰিব লাগিব৷ আমাৰ শত্ৰুৱে চিনি নোপোৱা আধুনিক প্ৰযুক্তিৰ বোমা বাৰুদ বিদেশৰ পৰা কিনি আনিব লাগিব৷ মিঃ লিংথো আপুনি অসমলৈ আমাৰ চোৰাংচোৱা বাহিনী আগতীয়াকৈ পঠাই দিয়ক৷” কথাখিনকি কৈ মিঃ আলিম্বাই সমুখৰ টেবুলৰ পৰা গিলাচটো হাতত লৈ এঢোক মদ গিলিলে৷ 

“পিচে এটা কথা নহয় ছাৰ,” মিঃ লিংথোৱে বৰ ব্যগ্ৰভাৱে ক’লে, “আমি যিবোৰ অস্ত্ৰ শস্ত্ৰ দি পঠাইছিলো সেইবোৰেৰে সিহঁতে কাম চলাব নোৱাৰিলে কিয় ? সেইবোৰতো বহুত দাম দি এন এছ চি এনৰ পৰা কিনা হৈছিল৷”

“আচলতে সিহঁত পৈনত যোদ্ধা নহয় মিঃ লিংথো৷” মিঃ আলিম্বাই ক’লে, “এইবাৰ এটা দল গঠন কৰি কাচিনলৈ প্ৰশিক্ষণ ল’বলৈ পঠাই দিয়ক৷ মই টকা পইচা জমা দি আহিমগৈ৷ আপুনি আৰু এটা কাম কৰিব মিঃ লিংথো৷ বেৰাৰো কাণ থাকে৷ কাণে কাণে কওঁ শুনক…………………..৷” 
মিঃ আলিম্বাই মিঃ লিংথোক কাণে কাণে কিবা ক’লে৷

+++++++++++++

অসম চৰকাৰৰ গৃহ বিভাগে গুণীৰ গুণ বুজি পাই অলপো পলম নকৰি গীতানগৰ পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্সপেক্টৰ দিলৱাৰ ৰহমানক প্ৰমোচন দিলে৷ তেওঁক ডি এচ পি কৰি উত্তৰ লখিমপুৰলৈ পঠালে৷ আচলতে দিলৱাৰ ৰহমানে এই প্ৰমোচন ল’বলৈ লজ্জা বোধ কৰিছিল৷ সেয়ে তেওঁ স্বাস্থ্যজনিত কাৰণ দৰ্শাই চাকৰিলৈ নগৈ ঘৰতে জিৰণি লৈ আছিল৷

ধুনু, জোনাক আৰু চন্দন শৰ্মা ছাৰে এক জৰুৰী কথা আলোচনাৰ বাবে দিলৱাৰক চন্দন শৰ্মা ছাৰৰ ঘৰলৈ মাতি পঠিয়ালে৷ সকলো আহি শৰ্মা ছাৰৰ ঘৰত সমৱেত হ’ল৷ 

সকলোৱে দিলৱাৰক প্ৰমোচন পোৱা বাবে অভিনন্দন জনালে৷

দিলৱাৰে ক’লে, “আচলতে পুলিচ বিভাগত চাকৰি কৰি কি দক্ষতা দেখুৱাই মই অসমৰ ৰাইজক  দুৰ্গা পূজাত সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিলো বাৰু? এই কামৰ বাবে আতংকৰ কৰ্মকৰ্তা সকলেহে পুৰষ্কৃত হ’ব লাগিছিল৷ মই বৰ বিপাঙতে পৰিছোঁ৷ মুখ ফুটাই কথাটো কাকো ক’বও নোৱাৰো আৰু বাস্তৱিকতাৰ পৰাও পলায়ন কৰিব নোৱাৰোঁ৷ আপোনালোকেই মোক সুপৰামৰ্শ এটি দিয়ক ছাৰ৷” কথাখিনি চন্দন শৰ্মা ছাৰলৈকে চাই দিলৱাৰে ক’লে৷

“বোপা দিলৱাৰ, এতিয়া আমি অন্য এক প্ৰত্যাহ্বানৰ মুখামুখী হ’বলৈ সাজো হ’বৰ হ’ল৷ এইক্ষেত্ৰত তোমাৰ প্ৰমোচন হোৱাটো আমাৰ সকলোৰে বাবে মংগলজনক কথা হৈছে৷ আমি খবৰ পোৱা মতে শত্ৰুৱে পুনৰ ৰণচালি ধৰিছে৷” চন্দন শৰ্মা ছাৰে কথাখিনি কৈ ধুনুলৈ চাই কথাবোৰ দিলৱাৰক বুজাই দিবলৈ ইংগিত দিলে৷

“ওঁ দিলৱাৰ, আমাৰ হাতত সময় বৰ কম৷ আমাৰ শত্ৰু এলাপেচা নহয়৷ চীন আৰু পাকিস্তানে আমাৰ সৈতে ছায়াযুদ্ধত নামিছে৷ এক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী গোটৰ যোগেদি আমাৰ অসমখন ৰক্তাক্ত কৰি সিহঁতৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিব খোজিছে৷ এই প্ৰকল্পত সিহঁতে হেজাৰ হেজাৰ কোটি টকা খৰচ কৰিছে৷ গতিকে কথাবোৰ বৰ জটিল হৈ গৈ আছে৷ তোৰ পদোন্নতিৰ বাবে আমি উপকৃত হ’ম৷” ধুনুৱে কথাখিনি কৈ দিলৱাৰৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰি থাকিল৷
তাত উপস্থিত থকা সকলোৱে দিলৱাৰে কি কয় তাকে শুনিবলৈ বাট চাই তেওঁৰ মুখলৈ চাই ৰ’ল৷

“প্ৰথমে মই আতংকৰ প্ৰতিজন সদস্যকে মোৰ কৃতজ্ঞতা জনালোঁ, তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰ প্ৰতি সন্মান জনাই মই নতশিৰে প্ৰণাম জনালোঁ৷ মোৰ মনলৈ এনে ভাৱ আহে যেন চৰকাৰী চাকৰি এৰি আতংকৰ এজন সক্ৰিয় সদস্য হিচাপে কাম কৰা হ’লেই মই দেশৰ বাবে অধিক কাম কৰিব পাৰিলোহেঁতেন ; কিন্তু চৰকাৰৰ পুলিচ বিভাগে জানো শান্তিৰে কাম কৰি যাবলৈ দিলেহঁতেন নে? এই প্ৰশ্ন মনলৈ আহিলেই মই হতাশ হৈ পৰোঁ৷ মোৰ কাষত আতংকই থিয় দি থাকে মানে শত্ৰুৱে যি চক্ৰান্তই নকৰক লাগে সকলো ওফৰাই দি অসমৰ জনসাধাৰণক শান্তিৰে থাকিবলৈ দিম৷ ইয়াত মোৰ কোনো সংশয় নাই৷ মোৰ এটা প্ৰস্তাৱ থাকিল যে ছাৰৰ গৃহতে আতংকৰ সদস্যসকলক যাতে মই এসাঁজ ভাত খুৱাব পাৰোঁ৷” দিলৱাৰে বৰ আৱেগেৰে কথাখিনি কৈ বহি পৰিল৷

দিলৱাৰৰ প্ৰস্তাৱটোত সকলোৱে আনন্দ মনেৰে সন্মতি জনালে আৰু আগন্তুক ৰবিবাৰৰ দিনটোকে প্ৰীতি ভোজৰ দিন হিচাপে ধাৰ্য কৰা হ’ল৷ শত্ৰুৰ গতি বিধিৰ সন্দৰ্ভত ধুনু আৰু জোনাকহঁতে যি গোপন তথ্য লাভ কৰিছে সেই বিষয়ে পুংঙ্খানুপুঙ্খভাৱে আলোচনা কৰিলে৷

++++++++++

গীতানগৰ পুলিচ থানাৰ পৰা বেছি দূৰ নহয়৷ আনুমানিক দুশ মিটাৰ মান দূৰত, ৰাস্তাত এট মানুহে চিঞৰ বাখৰ কৰি আছে৷ তাৰ চিঞৰ বাখৰত সেই ঠাইত কৌতুহলী জনতাৰ ভিৰ লাগিল; কিন্তু হঠাৎ মানুহটোৱে হাতত লৈ থকা মেচিনগানটো যে নকল বা পুতলা মেচিনগান নহয় তাকে প্ৰমাণিত কৰি শূন্যলৈ যেতিয়া ধাৰাষাৰে গুলী বৰ্ষণ কৰিব ধৰিলে তেতিয়া তাত গোট খোৱা কৌতুহলী দৰ্শকসকল ছত্ৰভংগ দিলে৷ নিৰাপদ দূৰত্বৰ পৰা আলেখ লেখ চাই থকা গীতানগৰ থানাৰ চাব ইন্সপেক্টৰ বিপুল দত্ত আৰু তেওঁৰ সহযোগী কনিষ্টবল কেইজনে পৰিস্থিতি বেয়ালৈ যোৱাৰ ভয়ত কিংকৰ্তব্য বিমূঢ় হৈ পৰিল৷ 

অৱশেষত চাবইন্সপেক্টৰ বিপুল দত্তই নিৰুপায় হৈ কিছুদিনৰ পূৰ্বৰলৈকে গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা বৰ্তমানৰ ডি এচ পি দিলৱাৰ ৰহমানলৈ পৰামৰ্শ বিচাৰি ফোন কৰিলে৷

সিদিনা আছিল ৰবিবাৰ৷ চন্দন শৰ্মা ছাৰৰ ঘৰত ডি এচ পি দিলৱাৰ ৰহমানে ভোজৰ আয়োজনত ব্যস্ত হৈ আছিল৷ গীতানগৰ থানাৰ চাব ইন্সপেক্টৰ বিপুল দত্তই ফোনত কোৱা কথাখিনি শুনি দিলৱাৰ ৰহমান চিন্তিত হৈ পৰিল৷ অলপ পিছতে বিপুল দত্তলৈ ফোন কৰিম বুলি কৈ তেওঁ ফোন থ’লে আৰু ততাতৈয়াকৈ শৰ্মা ছাৰৰ ঘৰত ভোজৰ কামত ব্যস্ত হৈ থকা ধুনু, জোনাক, শৰ্মা ছাৰ, ড° বৈষ্ণব ভঁৰালীক এক আছুতীয়া কোঠালৈ মাতি আনি বিষয়টো আলোচনা কৰিলে৷
আলোচনাৰ মাজতে ম’বাইল ফোনত ৱাটছএপত মেছেজ অহাৰ সংকেত ধ্বনি বাজি উঠাত দিলৱাৰে লগে লগে ম’বাইলটো খুলি চালে৷ ৱাটছএপত ভিডিঅ’ মেছেজ কৰি চাব ইন্সপেক্টৰ বিপুল দত্তই তাত ঘটি থকা ঘটনাটো ৰেকৰ্ডিং কৰি পঠাইছে৷ দিলৱাৰে ভিডিঅ’ ৰেকৰ্ডিংটো বজাই সকলোকে দেখুৱালে৷

“এইয়া চাওক, পগলাটোৰ হাতত উদ্যত মেশ্বিনগান আৰু সেই স্থানত ভুলক্ৰমে প্ৰৱেশ কৰা মানুহবোৰ পৰিস্থিতিটো বুজি পোৱাৰ লগে লগে সেই ঠাই এৰি আঁতৰি গৈছে৷” দিলৱাৰে ক’লে৷

“কিন্তু কেইটামান মানুহে ভয় সংশয় পাহৰি যাদুখেলৰ দৰ্শকৰ দৰে ফুটপাথত ৰৈ একেথৰে অস্ত্ৰধাৰী পগলা মানুহটোৰ খেল কেনেদৰে চাই আছে মন কৰিছেনে আপোনালোকে?” ভিডিঅ’টো মনোযোগেৰ চাই থকা জোনাকে ক’লে, “এই কেইকেইটা মানুহৰ ওপৰত মোৰ সন্দেহ জাগিছে৷ মই ৰহস্যৰ গোন্ধ পাইছো৷ দৰ্শকৰ ৰূপত থকা এই মানুহকেইটা মেশ্বিনগানধাৰীটোৰেই সতীৰ্থ৷ গতিকে গীতানগৰ থানাৰ আৰক্ষীৰ লোকসকলে সেই মানুহকেইটাকে ঢাল হিচাপে লৈ মেশ্বিনগানধাৰীটোৰ কাষলৈ গৈ তাক নিৰস্ত কৰিব পাৰে৷”

ইতিমধ্যে চাব ইন্সপেক্টৰ বিপুল দত্তই গোটেই ঠাইখন সাঙুৰি লৈ সুন্দৰকৈ বাণীবদ্ধ কৰা অন্য এটা ভিডিঅ’ দিলৱাৰ ৰহমানৰ ম’বাইলৰ ৱাটছএপলৈ প্ৰেৰণ কৰিছিল৷ দিলৱাৰে সেইটোও বজাই দিলে আৰু সকলোৱে মন দি চালে৷

“জোনাকে ঠিকেই কৈছে, মানুহকেইটা যোৱাই নাই, সেই ঠাইতে ইফাল সিফাল কৰি আছে৷ মেশ্বিনগানধাৰীটোৱে পগলাৰ দৰে চিঞৰি আছে আৰু এই পৰ্যন্ত কোনো মানুহক গুলীওৱা নাই৷ মাথো ভয় খুৱাইছে৷” ধুনুৱে ক’লে৷
“চাব ইন্সপেক্টৰ বিপুল দত্তই বৰ ভয় কৰিছে, দুদিনৰ বাবে থানাখনৰ দিয়িত্বত আছেতো, কিজানিবা পগলাটোৱে মেশ্বিনগানটোৰে কিবা অঘটন ঘটাই দিয়ে”,কাণৰ কাষৰ পৰা ম’বাইল ফোনটো আঁতৰাই থৈ দিলৱাৰ ৰহমানে ক’লে,“তেওঁ মোৰ সহায় বিচাৰিছে৷ কি কৰিলে ভাল হ’ব বাৰু? আতংকৰ অস্ত্ৰ স্তম্ভন কৰাত পাৰদৰ্শী সদস্য পঠাই দিলে কেনে হয়?” প্ৰশ্নটো কৰি দিলৱাৰে ধুনুহঁতলৈ চালে৷

“মই যদি কওঁ, আমাৰ শত্ৰুৱে আমাৰ দ্বাৰাই এই ভুলটোকে কৰাবলৈ এই মেশ্বিনগানধাৰী পগলাটোৰ নাটকখনৰ পাতনি মেলিছে?”, বহুপৰ ভাবোক হৈ নিৰবে থকা ধুনুৱে ক’লে, “যদিহে শত্ৰুপক্ষই দুৰ্গা  পুজাত কৰা অস্ত্ৰ স্তম্ভন কৌশলৰ সম্ভেদ পাবলৈকে ধনৰ বিনিময়ত এই মানুহবোৰ নিয়োগ কৰিছে তেন্তে আমি সহজতে সিহঁতৰ উদ্দেশ্য সফল হ’বলৈ দিয়াহে হ’ব৷”

“এৰা, ধুনুৰ অনুমান মিছা নহ’ব৷ নাটকখন চাই মোৰো তেনে ধাৰণাই মনলৈ আহিছে৷ মানুহকেইটাক ঢাল হিচাপে লৈ মেচিনগানধাৰীটোৰ ওচৰলৈ আগবাঢ়ি যাওঁতে যদি সি দৌৰি পলাব খোজে তেন্তে তাৰ ভৰিত গুলীয়াই দিয়া যাব৷ আটাইকেইটাকে গ্ৰেফ্টাৰ কৰি মাৰাথন জেৰা কৰিলে সকলো চক্ৰান্ত ফাদিল হৈ পৰিব৷ মিছাতে আতংকৰ সদস্যসকলক পোহৰলৈ আহিবলৈ দিয়াটো ভুল হ’ব৷” দিলৱাৰে ক’লে৷

এইটো পৰিকল্পনাকে বাস্তৱত ৰূপায়িত কৰিবলৈ সকলোৱে সন্মতি প্ৰকাশ কৰাত দিলৱাৰে ম’বাইলটো হাতত লৈ গীতানগৰ থানাৰ চাব ইন্সপেক্টৰ বিপুল দত্তৰ ফোন নম্বৰ ডাইল কৰিলে৷

++++++++++++

মাথো কেইদিন মানৰ বাবে গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা চাব ইন্সপেক্টৰ বিপুল দত্তই থানাৰ পুলিচসকলক পৰিকল্পনাটো সুন্দৰকৈ বুজাই দিলে৷ ঠাইখনত সাধাৰণ পোছাকত ভালেমান অৰ্ধসামৰিক বাহিনীৰ যোৱানক সষ্টম কৰি ৰখা হ’ল৷ তাৰ পিছত সাধাৰণ পোছাকত পুলিচৰ লোক গৈ পকেটৰ পৰা পিষ্টল উলিয়াই সেই ঠাইত নিৰ্ভিকভাৱে থিয় দি থকা মানুহকেইটাৰ ডিঙিৰ পিচফালে হিম শীতল পিষ্টলৰ নলাৰ পৰশ লগাই সিহঁতক ঢাল হিচাপে ব্যৱহাৰ কৰি আচম্বিতে মেশ্বিনগানধাৰীটোৰ ওচৰ পোৱালেগৈ৷ হঠাৎ ঘটি যোৱা ঘটনাক্ৰমৰ আঁত ধৰিবলৈ নাপাওঁতেই মেশ্বিনগানধাৰীটোৰ হাতৰ পৰা ইন্সপেক্টৰ বিপুল দত্তই মেশ্বিনগানটো কাঢ়ি ল’লে৷ আটাইকেইটাকে গীতানগৰ থানাৰ লক আপত ভৰাই থোৱা হ’ল৷

ৰাতি চলোৱা মাৰাথন জেৰাত সিহঁতে স্বীকাৰ কৰিলে যে সিহঁত আটাইকেইটা একে পাৰ্টিৰে মানুহ আৰু ধুনুৱে অনুমান কৰাৰ দৰেই নাম ঠিকনা নজনা সিহঁতৰ অজ্ঞাত আজ্ঞাকাৰীৰ নিৰ্দেশত ধনৰ বিনিময়ত সিহঁতে এই নাটক কৰি মেশ্বিনগানটো কোনে কেনেকৈ দূৰৰ পৰাই বিকল কৰি দিব পাৰে তাকে চাব বিচাৰিছিল৷ কাম হৈ যোৱাৰ পিচত মেশ্বিনগানধাৰীটোক পুলিচে গ্ৰেফ্টাৰ কৰি জেললৈ প্ৰেৰণ কৰিব৷ পিচত কৰ্টত পগলা বুলি প্ৰমাণ কৰি তাক মুকলি কৰি আনিব; কিন্তু সিহঁত বিফল হ’ল৷৷

দুষ্কৃতিকাৰীহঁতক জেল হোজোতলৈ প্ৰেৰণ কৰা হ’ল৷ চাব ইন্সপেক্টৰ বিপুল দত্তই চাকৰি জীৱনত প্ৰথমবাৰৰ বাবে এক দুঃসাহসিক অভিযানত সফল হৈ উচ্চ পদস্থ বিষয়া আৰু গৃহমন্ত্ৰীৰ পৰা প্ৰশংসা লাভ কৰি পদোন্নতিৰ স্বপ্ন দেখিবলৈ সমৰ্থ হ’ল৷
++++++সমাপ্ত++++++

No comments:

Post a Comment