মহাভাৰতৰ আদিপৰ্বৰ শেষত উপনীত
হোৱাৰ আগতে খাণ্ডব দাহ নামৰ এটি আখ্যান পোৱা যায়৷ এই আখ্যান মতে মৰুত ৰজাই পতা এটা
ডাঙৰ যজ্ঞত অগ্নিদেৱে সেই যজ্ঞৰ আহুতি খাই অজীৰ্ণ ৰোগত পৰি কষ্ট পায়৷ তাৰে পৰিত্ৰাণ
বিচাৰি অগ্নি দেৱতাই নানা ৰূপ ধাৰণ কৰি দশোদিশ ভ্ৰমি আছে৷
ইন্দ্ৰপ্ৰস্থত থকা কালত স্ৰীকৃষ্ণই অৰ্জুনক লগত লৈ যমুনাৰ পাৰত ভ্ৰমণ কৰিবলৈ গৈছিল৷ যমুনাৰ তীৰবৰ্তী খাণ্ডব বনো তেওঁলোকে দৰ্শন কৰিলে৷ তাতে এক আনন্দ উৎসৱ অনুষ্ঠিত হ’ল৷ অজস্ৰ মানুহৰ সমাগম৷
ইন্দ্ৰপ্ৰস্থত থকা কালত স্ৰীকৃষ্ণই অৰ্জুনক লগত লৈ যমুনাৰ পাৰত ভ্ৰমণ কৰিবলৈ গৈছিল৷ যমুনাৰ তীৰবৰ্তী খাণ্ডব বনো তেওঁলোকে দৰ্শন কৰিলে৷ তাতে এক আনন্দ উৎসৱ অনুষ্ঠিত হ’ল৷ অজস্ৰ মানুহৰ সমাগম৷
এনেতে এজন ব্ৰাক্ষ্মণৰ আগমন৷ ব্ৰাক্ষ্মণে
স্ৰীকৃষ্ণ আৰু অৰ্জুনক ক’লে, তেওঁ এজন বহুভোজী ব্ৰাক্ষ্মণ ; কিন্তু তেওঁ পেট ভৰাই খাবলৈ
নেপায়৷ তেওঁলোকক তেওঁ অন্ন ভিক্ষা কৰিছে৷
ব্ৰাক্ষ্মণজনেই যে অগ্নি দেৱতা
সেই কথা স্ৰীকৃষ্ণ আৰু অৰ্জুনে জানিব পাৰিলে আৰু অশ্বিনী-কুমাৰদ্বয়ৰ পৰামৰ্শ মতে তেওঁলোকে
অগ্নি দেৱতাক খাণ্ডব বন ভক্ষন কৰিবলৈ দিয়ে৷ ইন্দ্ৰই খাণ্ডব বনক ৰক্ষা কৰি থাকে৷ কাৰণ,
সেই বনত বাস কৰে তেওঁৰ পৰম সখা তক্ষক নামৰ এক নাগ৷ অগ্নিয়ে বন দগ্ধ কৰিবলৈ ধৰিলে৷ ইন্দ্ৰই
মেঘৰ পৰা প্ৰবলভাৱে জল বৰ্ষণ কৰি সেই অগ্নি নিৰ্বাপিত কৰে৷
জলবৰ্ষণ ৰোধ কৰা কামৰ বাবে অৰ্জুনক অতি শক্তিশালী অস্ত্ৰৰ প্ৰয়োজন৷ অগ্নিদেৱতাই বৰুণক তেনে অস্ত্ৰ দান দিবলৈ নিৰ্দেশ দিলে৷ সেই অস্ত্ৰৰ নামেই হ’ল বিখ্যাত গান্ধীৱ ধনু৷ এইধনু ধাৰণকাৰীক কোনেও পৰাজয় কৰিব নোৱাৰে৷ লগে লগে অগ্নি দেৱতাই স্ৰীকৃষ্ণক দান কৰিলে এক চক্ৰ আৰু সেই চক্ৰৰ নামেই হ’ল বিখ্যাত সুদৰ্শন চক্ৰ৷
জলবৰ্ষণ ৰোধ কৰা কামৰ বাবে অৰ্জুনক অতি শক্তিশালী অস্ত্ৰৰ প্ৰয়োজন৷ অগ্নিদেৱতাই বৰুণক তেনে অস্ত্ৰ দান দিবলৈ নিৰ্দেশ দিলে৷ সেই অস্ত্ৰৰ নামেই হ’ল বিখ্যাত গান্ধীৱ ধনু৷ এইধনু ধাৰণকাৰীক কোনেও পৰাজয় কৰিব নোৱাৰে৷ লগে লগে অগ্নি দেৱতাই স্ৰীকৃষ্ণক দান কৰিলে এক চক্ৰ আৰু সেই চক্ৰৰ নামেই হ’ল বিখ্যাত সুদৰ্শন চক্ৰ৷
পিছ মুহূৰ্ততে অগ্নিদেৱতাই খাণ্ডব
বন দাহ কৰিবলৈ ধৰিলে৷ স্ৰীকৃষ্ণ আৰু অৰ্জুনে হাতত অস্ত্ৰেৰে সেই অৰণ্য প্ৰদক্ষিণ কৰিলে৷
ইন্দ্ৰই ভীষণ প্ৰতাপেৰে বৃষ্টি বৰ্ষণ কৰিবলৈ ধৰিলে৷ অগ্নিৰ প্ৰকোপ ইমান বেছি যে পৃথিবীত
পৰাৰ আগেয়েই বৰষুণৰ পানী উতলিবলৈ ধৰিলে৷ ইন্দ্ৰৰ লগত স্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ভয়াবহ যুদ্ধ৷
ইন্দ্ৰই বজ্ৰ নামৰ সেই ভয়ঙ্কৰ অস্ত্ৰ নিক্ষেপ কৰিলে৷
এনেতে স্বৰ্গৰ পৰা এই আকাশবাণী উচ্চাৰিত হ’লঃ “ইন্দ্ৰ , তুমি এই অগ্নি নিৰ্বাপিত কৰাৰ পৰা ক্ষান্ত হোৱা৷ তুমি যাৰ লগত যুদ্ধ কৰিছা, তেওঁলোক হ’ল নৰ আৰু নাৰায়ণ৷ তেওঁলোক অপৰাজেয়৷”
এনেতে স্বৰ্গৰ পৰা এই আকাশবাণী উচ্চাৰিত হ’লঃ “ইন্দ্ৰ , তুমি এই অগ্নি নিৰ্বাপিত কৰাৰ পৰা ক্ষান্ত হোৱা৷ তুমি যাৰ লগত যুদ্ধ কৰিছা, তেওঁলোক হ’ল নৰ আৰু নাৰায়ণ৷ তেওঁলোক অপৰাজেয়৷”
ইন্দ্ৰই যুদ্ধ সমাপ্তি ঘোষণা কৰিলে৷
ইন্দ্ৰ আহি স্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কাষ পালেহি৷ তেওঁ ক’লে,“দেৱতাসকলে যি কাম কৰিব নোৱাৰে,
তোমালোকে কৰি দেখুৱালা৷ মই বৰ সন্তুষ্ট ৷ তোমালোকক কি বৰ লাগে কোৱা৷”
অৰ্জুনে তেওঁৰ পিতাক ইন্দ্ৰৰ চৰণ
স্পৰ্শ কৰি ক’লে, “আপোনাৰ যিমানবোৰ দিব্য অস্ত্ৰ আছে মোক দিয়ক৷”
ইন্দ্ৰই ক’লে, “সেইবোৰ তোমাক দিয়াৰ
সময় হোৱা নাই৷ শিৱই যেতিয়া তোমাক পাশুপত অস্ত্ৰ দান কৰিব, তেতিয়া মই অস্ত্ৰবোৰ তোমাক
দিম৷ “
অগ্নি দেৱতাৰ উদ্দেশ্য সিদ্ধি
হ’ল৷
আমাৰ অসমীয়া ভাষাত থকা ‘ফিৰিঙটিৰ
পৰাই খাণ্ডব দাহ’ বোলা খণ্ড বাক্যটি এই মহাভাৰতৰ আখ্যানটিৰ পৰাই প্ৰচলন হৈ আহিছে৷ বাক্যটিৰ
দ্বাৰাই সামান্য ঘটনাৰ পৰা এক ডাঙৰ কাণ্ড ঘটি যোৱাৰ কথা বুজাইছে৷
আমাৰ দেশৰ, বিশেষকৈ আমাৰ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পটভূমিৰ সৈতে মহাভাৰতৰ এই আখ্যানটিৰ কিবা সাদৃশ্য থকা যেন লগা বাবেই আৰম্ভণিতে আখ্যানটি বৰ্ণনা কৰা হ’ল৷
আমাৰ দেশৰ, বিশেষকৈ আমাৰ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পটভূমিৰ সৈতে মহাভাৰতৰ এই আখ্যানটিৰ কিবা সাদৃশ্য থকা যেন লগা বাবেই আৰম্ভণিতে আখ্যানটি বৰ্ণনা কৰা হ’ল৷
দীঘলীয়া পাতনি নেমেলি যদি আমি
অসমৰ জনসাধাৰণক নৰ নাৰায়ণ বুলি ধৰি লওঁ তেন্তে অগ্নি দেৱতা বুলিব লাগিব সাংসদ আৰ পি
শৰ্মা ডাঙৰীয়াক৷ তেন্তে ইন্দ্ৰ ? ইন্দ্ৰ যে অসমৰ মুখ্য মন্ত্ৰী গৰাকীয়ে হ’ব সেই কথা
ৰাইজে বুজিছেই৷ দহ শতাংশ কমিছন ভোগী মন্ত্ৰীক
বুলিব লাগিব তক্ষক নামৰ নাগ৷ অন্য মন্ত্ৰী বিধায়কসকল হ’ল দেৱ দেৱতাগণ৷ নৰ নাৰায়ণ স্বৰূপ
অসমৰ জনসাধাৰণে লোকসভাৰ নিৰ্বাচনত জয়ী কৰি তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ লোকসভালৈ প্ৰেৰণ
কৰা ৰাইজৰ প্ৰতিনিধি আৰ পি শৰ্মা দেৱে (অগ্নি দেৱতা) ৰাজ্যখনৰ দুৰ্নীতিৰ অন্ধকাৰচ্ছন্ন
অৱস্থাটো সহ্য কৰিব নোৱাৰি(বদহজম) সেয়া নৰ নাৰায়ণক অৱগত কৰিলে৷ বাকী কথাবোৰ ৰাইজে জানেই৷
এমুঠি জাবৰেৰে হিমালয়ক ঢাকিবলৈ বৃথা প্ৰচেষ্টা চলিছে৷
ৰাজ্যখনত ভাল খবৰ বুলিবলৈ একোৱেই
নাই৷ নিৰ্বাচনী সভাবোৰত ৰস লগা কথা কৈ ৰাইজক আভুৱা ভাঁৰি গাদী দখল কৰি চৰকাৰে শূন্য
শতাংশ দুৰ্নীতি সহনশীলতাৰ কথা কৈ কৈয়ে এতিয়া দুৰ্নীতিৰ পোহাৰ মেলিছে৷ মূৰৰ ফালৰ পৰাই
গেলি আহিব ধৰা চৰকাৰখনৰ প্ৰতিটো বিভাগতে এতিয়া নিৰ্ভয়ে দুৰ্নীতিগ্ৰস্তসকলে ধন ঘটি সাধাৰণ
ৰাইজক জলাকলা খুৱাইছে৷ এক উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰি যে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত
চাৰি বছৰৰ আগতে যাৱতীয় মাচুল জমা দিয়াৰ পিচতো নামজাৰী গোচৰ, ভূমিৰ চাৰিসীমা চিনাক্তকৰণ
আদি কাম ৰাইজক কৰি দিয়া নহয়, কিয় কাম হোৱা
নাই বুলি তথ্য জনা অধিকাৰ আইনত কৰা আবেদনৰো এবছৰে উত্তৰ দিয়া নহয়(তথ্য প্ৰমাণ লগত গাঁথি
দিয়া হৈছে)৷ ইফালে আকৌ বানপানী, বতাহ-ধুমুহা আৰু গড়াখহনীয়া আদি প্ৰাকৃতিক দুৰ্যোগৰ
বাবে গ্ৰাম্যাঞ্চলৰ লোকে গা তঙাবলৈ নাপাওঁতেই নিত্য ব্যৱহাৰ্য দ্ৰব্যৰ মূল্য বৃদ্ধি,
ভূমি-ৰাজহ বৃদ্ধি কৰি চৰকাৰে ৰাজহ সংগ্ৰহত নামি পৰিছে৷ ৰাজ্যবাসীক মদ পান কৰাই মৃত্যু
মুখলৈ ঠেলি দিছে৷ বিদেশী বহিস্কাৰৰ নামত ৰাজহুৱা ধনৰ শ্ৰাদ্ধ পাতিছে৷ ৰাজ্যত শিশু আৰু
নাৰীৰ সুৰক্ষা নোহোৱা হ’ল৷ হাস্পতালত জাকে জাকে নৱজাতকৰ মৃত্যু ঘটিছে আৰু পণ্য দ্ৰব্যৰ
দৰে বৰ্হি ৰাজ্যলৈ অসমৰ নাৰীক চালান দিছে৷ ৰাজ্যৰ বন বিভাগৰ চকুৰ আগতে দুৰ্বিত্তই বন
ধ্বংসৰ যজ্ঞ পাতি ৰাজ্যত বতৰৰ স্বাভাৱিক গতি পৰ্যন্ত বিঘ্নিত কৰিছে৷ কোনো দিশতে নাই কোনো উন্নতি৷ শেহতীয়াকৈ ৰাজ্যৰ সুৰক্ষা
ব্যৱস্থাক ভেঙুচালি কৰি অসমবাসীক লজ্জানত কৰি অসমত খেল খেলিবলৈ অহা বৰ্হিৰাষ্ট্ৰৰ খেলুৱৈৰ
গাড়ীলৈ শিলা বৰ্ষণ কৰি দুৰ্বিত্তই আক্ৰমণ চলালে৷ সুৰক্ষাৰ দায়িত্বত থকা পুলিচ বিভাগে
দায় সৰা মন্তব্য ৰাখিলে৷ মুঠতে, কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতে গঠন হোৱা চৰকাৰখনে ৰাইজৰ
ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক আদি কোনো স্বাৰ্থকে সুৰক্ষিত কৰা নাই৷ মাথো তক্ষককে
সুৰক্ষা দি গৈছে৷
এনে পৰিপ্ৰেক্ষিতত নিশ্চয় নৰ নাৰায়ণে
অগ্নি দেৱতাৰ লগ লাগি ৰণক্ষেত্ৰত অৱতীৰ্ণ হ’লে নৰ নাৰায়ণৰ হাতত গান্ধীৱ ধনু আৰু সুদৰ্শন
চক্ৰ আহি পৰিব৷ তেতিয়া ফিৰিঙটিৰ পৰাই খাণ্ডব দাহ হ’ব সেইটো খাটাং৷ তক্ষক নাগবোৰ জুইত
পুৰি ভস্মিভূত হ’ব৷ তেতিয়া ইন্দ্ৰ দেৱতাই (অসমৰ মুখ্য মন্ত্ৰী) আকাশবাণী(নিৰ্বাচনৰ
বিপৰীত ফলাফল) শুনিবলৈ বেছি দিন নালাগিব৷
এইবোৰ শাস্ত্ৰৰ কথা৷ বাস্তৱৰ লগত
ৰজিতা খাই যায়৷ সেয়ে সকলো পক্ষ সজাগ হ’বৰ সময় হ’ল৷
+++++++++ সমাপ্ত+++++
বিশেষ দ্ৰষ্টব্য— অসমৰ জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত “অসম বাণী” ৰ ১০ নবেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ ৷
No comments:
Post a Comment