সকলোতকৈ আগত আহি পালেহি নোমল নামঘৰীয়া৷
তেওঁ সন্ধ্যা লগাৰ লগে লগে নাম-ঘৰৰ মণিকূটত বন্তি গছি জলালে৷ তাৰ পিছত ধূপ কাঠী কেইডালমান
জলাই চেনিচম্পা কল এটাত গুঁজি থিয় কৰি থাপনাৰ সমুখত থ’লে৷ শেষত দবা কোবালে৷ তাৰ পিছত
আন দিনৰ দৰে ঘৰমূৰা নহৈ নোমল নামঘৰীয়া বাহিৰে বাহিৰে কামাখ্যা মণ্ডলৰ ঘৰলৈ আহিল৷
কামাখ্যা মণ্ডলৰ ঘৈনীয়েক নিৰুপমাই
আগবেলাতে গৈ নোমল নামঘৰীয়াৰ ঘৰ ওলাইছিল৷ ঘৰখনৰ বিপৰ্জয়ৰ কথাবোৰ কৈ কৈ মানুহজনীয়ে চকুলো
টুকিছিল৷ গিৰিয়েক কামাখ্যা তেনেই ভাগি পৰিছে৷ খোৱা বোৱা নকৰা হৈছে আৰু ওৰে দিনটো নিজৰ
কোঠাতে সোমাই থাকি দুখ বেজাৰ কৰি কটায়৷ মাজে মাজে বহুপৰ খোলা খিৰিকীখনেৰে বাহিৰলৈ চাই
থাকে৷ সেইদৰে চাওঁতে কেতিয়াবা অদ্ভুত কিবা এটা হঠাৎ পাৰ হৈ যোৱা দেখি ভয়তে চিঞৰি দিয়ে৷
ঘৈনীয়েক নিৰুপমা দৌৰি যায়; কিন্তু কামাখ্যাই দেখুওৱা ফালে ডিঙি মেলি মেলি চাই একোকে
দেখা নেপাই পুনৰ গৈ তাই নিজৰ কামত লাগেগৈ৷ যাওঁতে কৈ কৈ যায়, “এহ আপুনি চকুৰে ভালদৰে
নেদেখেই, খিৰিকীৰ বাহিৰতনো কেনেকৈ কিটো দেখিলে? মনতে কিবাবোৰ ভাৱি নল’বচোন৷” তেতিয়া
কামাখ্যাই ভাৱে, ‘হয়, ঠিকেই, তাৰ চকুৰ ৰস্মি বহুমুত্ৰ ৰোগটোৱে ধৰাৰ পিছত বহুত কমিল;
কেইবা বাৰু চকুহাল ঠিক কৰি আনিবৰ বাবে নেপাললৈও গ’ল৷ ঠিক নহ’ল৷ কিন্তু খিৰিকীৰ বাহিৰত
কিচকিচকৈ ক’লা কিবা এটা সিতো ভালদৰেই দেখা পাইছিল৷ সেয়া ছোৱালীজনী আৰু ল’ৰাটোৰ আত্মাই
আছিল নেকি?’ মৃত ছোৱালীজনী আৰু ল’ৰাটোৰ কথা মনত পৰাৰ পিছত কিবা এক অনামী শোকে তেওঁক
খুন্দা মাৰি ধৰেহি৷ হুকহুকাই কান্দিব ধৰে৷
ঘৈনীয়েক নিৰুপমা পুনৰ দৌৰি আহি তেওঁৰ কাষ পাইহি আৰু মনটো ডাঠ কৰিবলৈ কয়, কয় নহয় এক
প্ৰকাৰ গিৰিয়েকক কাকুতিয়ে কৰে৷ ৰাতিবোৰ আহিলে ঘৰখন কিবা জয়াল জয়াল যেন হৈ পৰে৷ এনে
ভাৱ আহে যেন গিৰিয়েক ঘৈনীয়েক কোনোবা এটাক দুই মৃতকে সিহঁতৰ লগলৈ অচিৰে নিহে এৰিব৷
কথাখিনি কৈ কৈ নিৰুপমাই উচুপি
উঠে৷ দুই শ্ৰোতা নামঘৰীয়া আৰু তেওঁৰ পৰিবাৰ পাহেশ্বৰীয়ে সান্ত্বনা দি ডাঙৰীয়া দেৱতালৈ
শৰাই এভাগ আগ বঢ়াবলৈ পৰামৰ্শ দিয়ে৷
“আজি তাকেই কৰিলোঁ পেহী, অহা পূৰ্ণিমাৰ
দিনা শৰাই ভাগ দিম বুলি আগ কৰিলোঁ৷ আজিৰে পৰা
পূৰ্ণিমাৰ আগ দিনালৈকে গধূলি গধূলি ঘৰত ভগৱানৰ নাম গুণ ল’বলৈ ভকত বৈষ্ণবসকলক
নিমন্ত্ৰণ কৰিছোঁ৷ কিবা নিস্তাৰ পাওঁয়ে বা৷ তাকে বোলো ভকতবৃন্দ আহি পোৱাৰ আগতে নামঘৰীয়া
পেহা গৈ যাৱতীয় যা-যোগাৰখিনি কৰি দিবগৈ৷ তাকেহে ক’বলৈ আহিলোঁ৷”
“হ’ব আই, চিন্তা কৰিব নালাগে৷
মই নামঘৰৰ পৰা বাহিৰে বাহিৰে তহঁতৰ ঘৰলৈকে যাম৷” বুলি কৈ নামঘৰীয়াই তাইক বিদায় দিলে৷
যোৱা নিশা নামঘৰীয়াৰ আগত ঘৈনীয়েক
পাহেশ্বৰীয়ে নিজৰ ঘৰখনৰ অভাৱ অনাটনবোৰৰ কথা কৈ কৈ উচুপি উঠাৰ কথা মনলৈ অহাত এতিয়া কিবা
এষাৰ কোৱাৰ সুৰুঙা এটা পোৱা যেন লাগি হাতত পান তামোলৰ বটাটো লৈ ভিতৰলৈ যোৱা ঘৈনীয়েকক
মাত লগালে৷
“বোলো শুনিছানে কণল’ৰাৰ মাক, তুমি
যোৱা ৰাতি ধন-টকা পইচা নাই বাবে কান্দিলা, মই শুনি থাকিলো আৰু আজি মণ্ডলৰ ঘৈনীয়েক নিৰুপমাই
টকাৰ ওপৰতে বহি থাকিও কান্দিলে আৰু মই শুনি থাকিলো৷ এতিয়া মই কি ভাৱিলো জানা?” ভিতৰৰ
পৰা আহি দুৱাৰ মুখত থিয় দি থকা পাহেশ্বৰীলৈ চাই নামঘৰীয়াই ক’লে, “ভাৱিলো, সুখটো মনৰহে
কথা৷ ধন টকা পইচা থকা নথকাৰ লগত কথা নাই, ধনী মানুহ কামাখ্যাৰ কি গতি হৈছে শুনিলা নহয়৷”
“অ’ ভাৱি ভাৱি সেইটোহে পালে,”
হাঁহি হাঁহি পাহেশ্বৰীয়ে ক’লে, “হ’ব হ’ব, আজিৰ পৰা ধন নাই বুলি দুখ নকৰোঁ বাৰু, দুবেলা
দুমুঠি খাবলৈ পাই আছোঁ যে সেয়াই বহুত বুলি ভাবিম৷”
ধূলিয়ৰি বাটেদি যোৱা গাড়ীয়ে কাষেদি
গৈ থকা বাটৰুৱাক ধূলিৰে পুতি থৈ যোৱাৰ দৰে নামঘৰীয়াৰ সংসাৰখনলৈ যেন হঠাতেই এজাউৰি সুখ
শান্তি আহি আৱৰি ধৰিলে, এনে লাগিল নামঘৰীয়াৰ৷ ঘৈনীয়েকহঁতে অভাব-অনাটনৰ কথা কৈ থাকি
গিৰিয়েকবোৰক মনত অশান্তি দি নাথাকি যি পাইছে তাতে সন্তুষ্ট থকা হ’লে টকাৰ প্ৰতি মানুহৰ
খকটো ইমান নাবাঢ়ি সমাজখন কিছু নিকা হৈয়ে থাকিলহেঁতেন—নামঘৰীয়াই মনতে ভাৱিলে৷ পাহেশ্বৰীৰ
মনটো সলনি হ’লত নামঘৰীয়াৰ মনটোও ফৰকাল লাগিল৷ আনদিনে এনে সময়ত আৰ তাৰ লগত বাৰাণ্ডাৰ
বেঞ্চখনতে বহি আলুৰ কিলোত চল্লিশ টকা, বেঙেনাৰ কিলোত ষাঠি টকা আদি বজাৰৰ বয়-বস্তুৰ
চৰা দামৰ কথা অথবা বিজেপিয়ে দেশখন খালে, কংগ্ৰেছে কিটো কৰিলে আদি মূল্যহীন কথা পাতি
পাতি নামঘৰীয়াই এবেলা কটাই দিয়ে৷ আজি পিচে শেনৰ এজাত৷ মূৰত গামোচাখন মেৰিয়াই হাতত কোৰখন
লৈ নামঘৰীয়াই ডেকা মানুহ এটাই সদ্য বিবাহিত ন-কন্যাক তবধ মনাবলৈ কাম কৰাৰ দৰে উছাহেৰে
ৰবিশস্যৰ বাবে মাটি চহাবলৈ বাৰীলৈ গ’ল৷
++++++++++++
নামঘৰীয়াই আহি পায়েই নিৰুপমাই
গছৰ পৰা পাৰি ৰ’দত দি থোৱা কলপাতখিনি ভালদৰে ধুলে৷ তিয়াই থোৱা বুট, মাহ আৰু চাউলখিনি
টুকি ভাগে ভাগে সুন্দৰকৈ সজাই থ’লে৷ নিমখকণ কলপাত এখিলাত বাকি তাৰ ওপৰত কলপাত এডোখৰ
দি ঢাকিলে৷ চেনিচম্পা কল কেইটা পৰিষ্কাৰকৈ ধুই তাৰ দুইয়ো মূৰ কটাৰীখনেৰে কাটি শৰাইখনৰ
ওচৰত থ’লে৷ তাৰ পিছত কুঁহিয়াৰ, নাৰিকল আৰু তামোল পাণ কটাত লাগিল৷
এনেতে “নামঘৰীয়া বাপ কাহানিবাই
পালেহি নেকি?” বুলি কুল পণ্ডিতে মাত দিয়াত নামঘৰীয়াই “হয় বাপ, অকণমান সময় হ’ল” বুলি
কৈ সেৱা জনালে৷ কুল পণ্ডিতেও সেৱা এটি জনাই নিজৰ আসন গ্ৰহণ কৰিলে৷ নামঘৰীয়াই নিজৰ কাম
কৰি থাকিল৷ কামাখ্যাই ইতিমধ্যে গা পা ধুই ধুতি কামিজ পিন্ধি কান্ধত গামোচা এখন পেলাই ওলাই আহিল৷
“কৃষ্ণ” বুলি কৈ কামাখ্যাই আঠুকাঢ়ি
প্ৰথমে কুল পণ্ডিতক আৰু তাৰ পিছত নামঘৰীয়াক সেৱা জনালে৷ দুয়োজনাই কামাখ্যাক আৰ্শীবাদ দিলে৷ সৰুতে কুল পণ্ডিতে
প্ৰাথমিক বিদ্যালয়ত কামাখ্যাহঁতক পঢ়াইছিল৷ তেখেত এই অঞ্চলৰ আটাইতকৈ বয়োজ্যেষ্ঠ আৰু
সন্মানীয় ব্যক্তি৷ কামাখ্যাহঁতৰ কুশল বাৰ্তা লওঁতে তেওঁৰ ভগ্নপ্ৰায় স্বাস্থ্য আৰু মানসিক
অৱস্থাৰ কথা জানিব পাৰি কামাখ্যাক মন পৱিত্ৰ
কৰি হৰিনাম ল’বলৈ ক’লে৷
“বুজিছা কামাখ্যা, বৰ্তমানৰ তমসাচ্ছন্ন
জগতত মানুহ দিগভ্ৰান্ত হৈ পৰিছে, জাগতিক দুখ কষ্টৰ ফলত জৰ্জৰিত মানুহ আজি উন্মাদ হৈ
উঠিছে৷ পিছে সৃষ্টিৰ আদিৰে পৰা পৰম কৰুণাময় ভগৱানে জড়বন্ধনত আবদ্ধ জীৱক তেওঁৰ অমৃতময়
উপদেশবাণীৰে মুক্তিৰ পথ দেখুৱাই আহিছে৷ যেতিয়াই তেওঁৰ উপদেশ পাহৰি যাওঁ তেতিয়াই আমি
বিপথগামী হৈ মায়াৰ প্ৰভাৱত নানা ধৰণৰ কষ্টভোগ কৰোহঁক৷ ইয়াৰ ফলতেই আজিৰ জগতত মানুহৰ দুখ ,কষ্ট আৰু অশান্তি ইমান প্ৰকট
হৈ পৰিছে৷ ভগৱান বিমুখ মানুহ কাহানিও সুখেৰে থাকিবও নোৱাৰে –-শান্তিও নাপায়৷ সেয়ে তুমি
ভগৱৎমুখী হৈ বুদ্ধিমানৰ কাম কৰিছা৷ ভগৱানে তোমাৰ মংগল কৰিব বোপা৷” কুল পণ্ডিতে কামাখ্যাক
ক’লে৷
এজন দুজনকৈ আহি আহি ইতিমধ্যে আটাইকেইজন
ভকত বৈষ্ণবে কামাখ্যাহঁতৰ ঘৰত পদাৰ্পণ কৰিলেহি৷ কামাখ্যাই সকলোকে সেৱা জনাই পদধূলা
শিৰত লৈ আসন গ্ৰহণ কৰিবলৈ দিলে৷
ভকত বৈষ্ণবসকলৰ আগত আঠু লৈ প্ৰথমে
নামঘৰীয়াই সেৱা কৰিলে আৰু ভকতসকলে আৰ্শীবাদ এজোলোকা দিলে৷ তাৰ পিছত কণনাথ পাঠকে সেৱা
ল’লে আৰু আৰ্শীবাদ লৈ পাঠকৰ আসনত বহিলগৈ৷ তাৰ পিছতে গৃহস্থৰ পাল৷ কামাখ্যা আৰু তেওঁৰ
ঘৈনীয়েক নিৰুপমাই আঠু কাঢ়ি ভকতৰ ওচৰত মূৰ দোৱাই সেৱা কৰিলে৷ কোনোবা এজনা ভকতে বিকলাঙ্গ
ল’ৰাহালকো তালৈ অনাৰ কথা উলিয়াইছিল যদিও মাক দেউতাকে সিহঁতহালক অনাটো টান কাম বুলি
কৈ থ’লে৷ আচলতে ল’ৰাহালৰ মাত কথা সংযত নহয় বাবে সিহঁতক ভকত বৈষ্ণবৰ কাষলৈ আনিবলৈ ভয়
কৰিলে৷ ভকত সকলে অৱশ্যে আৰ্শীবাদ জোলোকা দিওঁতে ল’ৰাহালৰো কুশল মঙ্গল কৰিবলৈ ভগৱানক
প্ৰাৰ্থনা জনালে৷
“হৈছে আৰু তেনেহ’লে, বাপসকল৷ আমি
শাস্ত্ৰ ভাগ মেলিছোঁ৷ সিদিনা গজেন বাৰ ঘৰত এৰাৰ পৰাই আৰম্ভ কৰোঁ৷” কণনাথ পাঠকে সকলোটিকে
উদ্দেশ্যি ক’লে আৰু গীতাৰ শ্লোক এটি পাঠ কৰি দিলে৷
অৰ্থাৎ পাৰ্থিব মান লাভৰ প্ৰতি
স্পৃহাহীনতা, বিদ্যা বুদ্ধি বা ধনজনলৈ অহংকাৰ নকৰা, অহিংসা, সহ্যগুণ, গুৰুসকলৰ পৰম্পৰা
অনুযায়ী সেৱা সৎকাৰ, শৌচ, ধৈৰ্য, অন্তৰেন্দ্ৰিয়ৰ সংযম, ইন্দ্ৰিয়জনিত সুখ ভোগৰ প্ৰতি
বৈৰাগ্য, অহংকাৰ শূন্যতা, জন্ম- মৃত্যু-জৰা-ব্যাধি প্ৰভৃতি দুখৰ নিস্ফলতা দৰ্শন, পুত্ৰ
ভাৰ্যাৰ প্ৰতি আসক্তিশূন্যতা অৰ্থাৎ তেওঁলোকৰ সুখদুখৰ প্ৰতি উদাসীন ভাৱ, সৰ্বতিকালেই
চিত্তৰ সমতা, ভগৱান শ্ৰীকৃষ্ণৰ পাদপদ্মত অনন্য অচলা ভক্তি, অধ্যাত্ম জ্ঞানেই অবিনশ্বৰ
এনে ধৰণৰ ভাৱনা, তত্বকৌতুহলী দৰ্শন শাস্ত্ৰৰ আলোচনা ইত্যাদিয়েই জ্ঞান সাধনাৰ উপকৰণ৷
এইবিলাক সদগুণ যাৰ নাই তেওঁৰ জ্ঞানযোগ আলোচনা কৰিবলৈকো অধিকাৰ নাই৷
কুল পণ্ডিতে সুন্দৰকৈ শ্লোকটিৰ
ভাঙনি কৰি ভকতসকলক বুজাই গ’ল৷
সকলোৱে মনোযোগেৰে গীতা শাস্ত্ৰৰ
বাণীবোৰ শুনি আছে যদিও কামাখ্যা মণ্ডলে মনোযোগ দিব পৰা নাই৷ বেমাৰে তেওঁৰ দেহৰ ভিতৰখন
ক্ষত বিক্ষত কৰাৰ লগতে তেওঁৰ জীৱনত ঘটি যোৱা ঘটনাবোৰে মন আৰু হৃদয় চুনামিৰ দৰে বিধ্বস্ত
কৰি পেলালে৷ তেওঁ জীৱনত বহুতো ভুল কৰিলে আৰু তাৰ বাবে ভগৱানে তেওঁক শাস্তি প্ৰদান কৰিছে৷
জীৱনৰ বিয়লি বেলাত ওৰে জীৱনটোত কৰা অপকৰ্মৰ প্ৰায়শ্চিত্ত কৰি মানসিক শান্তি দিবৰ ভকত
বৈষ্ণবৰ পদধূলা লৈ ঘৰতে গীতা পাঠ এভাগিৰ আয়োজন কৰিছে; কিন্তু কামাখ্যা প্ৰসাদৰ মনটো
বঠাবিহীন ডিঙাৰ দৰে ভটীয়াই গৈ গৈ অনুতাপৰ পকনীয়াত পৰে৷ তেওঁৰ মনটো পুনৰ ঘূৰি আহি বৰ্তমানৰ
মুহূৰ্তৰ ভকত বৈষ্ণবৰ মাজ পাই মানে কণনাথ পাঠকে গীতাৰ নতুন এক আধ্যা পাঠ কৰি শেষ কৰে
আৰু তাৰ অৰ্থও কুল পণ্ডিতে ভাঙনি কৰি দিয়ে৷ কামাখ্যা মণ্ডলে পুনৰ মনৰ খিৰিকীয়েদি অতীতলৈ
জুমি চায়৷
কামাখ্যা মণ্ডলৰ সম্পূৰ্ণ নাম
হ’ল কামাখ্যা প্ৰসাদ শইকীয়া৷ গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান৷ দেউতাকে ঘৰৰ মাটি এবিঘা
বিক্ৰী কৰি সেই টকাৰে কামাখ্যাক যেনে তেনে চাকৰিটো কিনি দিলে৷ কামাখ্যাই মণ্ডলৰ চাকৰিটো পাই সৰগখন ঢুকি পোৱাৰ দৰে
অনুভৱ কৰিলে৷ কিছু কামৰ প্ৰশিক্ষন লৈ আৰু কিছু জ্যেষ্ঠ সহকৰ্মীসকলৰ পৰা শিকি কামাখ্যা
প্ৰসাদ শইকীয়াই ঘৰৰ ওচৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰি দিলে৷ প্ৰথম
অৱস্থাত অফিচলৈ অহা দুই এজন গঞাক এনেয়ে দুই এটা কাম কৰি দিছিল যদিও জ্যেষ্ঠ মণ্ডল কাননগুসকলৰ
পৰা কিটিপবোৰ ভালদৰে জনাৰ পিচত কামাখ্যাই সেইমতে কাম কৰি গ’ল৷ তেওঁৰ ওচৰলৈ কোনোবা কিবা কামত গ’লে তেওঁ অতি ব্যস্ত
হৈ পৰে৷ অফিচৰ বিভিন্ন কামৰ অজুহাত দেখুৱায়৷ এনে কৰিলে তেওঁৰ ওচৰলৈ অহা কিছুমান মানুহে সেইদিনা ঘূৰি যায়৷ পিচদিনা বা তাৰ
পিচত আহে৷ তেতিয়াও কামাখ্যা মণ্ডলৰ ব্যস্ততা দেখিলে মানুহে তেওঁক কিনিবলৈ যত্ন কৰে৷
উপঢৌকন যাচে৷ ‘এহ নালাগে নালাগে,সেইবোৰ কেলৈ’ বুলি কৈ টকা কেইটা লৈ পকেটত ভৰায়৷ কেতিয়াবা
মানুহ চাই অফিচাৰৰ নামত ধন লয়৷ গৰজ পৰিলে অফিচাৰকো ধন দি মেনেজ কৰি কাম কৰাই লয়৷ সীমা
বিবাদ হ’লেতো কথাই নাই৷ একেচাতে কেইবাটাও পক্ষৰ পৰা ধন আদায় কৰি চাৰিসীমা দেখুৱাই দিয়ে৷
ধন নিদিয়া বা কমকৈ দিয়া জনক কামাখ্যাই ট্ৰেচমেপ আৰু ক্ষুদ্ৰ স্কেলপাত লৈ মাটিৰ চাৰিসীমালৈ
নোযোৱাকৈ বুজাই দিব যে অতীজতে জোখ মাপ কৰোতেই ভুল কৰি থৈছে আৰু সেই জোখ মাপতেই চাৰি
লেছা মাটি কমকৈ আছে৷ মানুহজনে নামানিলে আৰু তিনিজন অন্য লাটৰ মণ্ডল আনি হিচাপ কৰিবলৈ
দি তেওঁ কৰা হিচাপটো যে শুদ্ধ সেই কথা প্ৰমাণ কৰি দি মানুহ জনৰ লগতে ৰাজহ চক্ৰ বিষয়াকো
সৈমান কৰিব৷
মাটিবাৰীৰ কথাত মানুহৰ সাধাৰণতে
এক প্ৰচণ্ড দুৰ্বলতা নিহিত হৈ থাকে৷ সেয়ে কিছুমান মানুহে একেটা কামৰ বাবে কামাখ্যাক
কেইবাবাৰু ধন দিয়ে--কামাখ্যা প্ৰসাদ শইকীয়াই ধন লৈ পাহৰি থাকে বাবে৷ লাহে লাহে মানুহবোৰে
কামাখ্যা মণ্ডলৰ কামৰ বাবে কিমান টকা লয় তাৰ নিৰিখটো জনা হৈ যায় আৰু সেইমতে দি কাম
সমাধা কৰি লয়৷ নিৰ্দিষ্ট নিৰিখ অনুযায়ী ধন নিদিলে বা কমকৈ দিলে একোটা কামৰ বাবে একোজন
মানুহক কেনেকৈ চাৰি পাঁচ বছৰ কাল ধৰি দৌৰাব পাৰি সেইবোৰ কিটিপ কায়দা কামাখ্যাই ভালদৰে
জানে৷ বিনা পইচাত কাম কৰিয়ে নেপায়৷ কামাখ্যাক কিছুলোকে বাধ্যত পৰি ধন দি কাম কৰাই লয়
যদিও অন্তৰৰ পৰা অভিশাপ দিয়ে৷
যেতিয়া দেশত দুৰ্নীতি নিৰ্মুলৰ অভিযান চলিলে তেতিয়া
মানুহে দিয়া ধন হাতত লোৱাৰ পৰা কামাখ্যা বিৰত থাকিল৷ পিছে তেনে আচৰণ দেখি মানুহে নাভাৱিলে
যে বাঘে মাংস খাবলৈ ভয় কৰিছে৷ ভাৱিলে কামাখ্যা মণ্ডলে নিৰিখটো বঢ়ালে চাগৈ, ধন কমকৈ
দিয়া বাবে লোৱা নাই৷ তেতিয়া লগত আৰু কিছু ধন যোগ কৰি দিও মানুহে কয়হে “ৰাখকচোক এইখিনি,
মই আপোনাক আৰু দিম নহয়৷”
বাহিৰা টকা হাতলৈ নহাকৈ যাতে এটাও দিন পাৰ নহয় তাৰো
এটা কিটিপ কামাখ্যা মণ্ডলে শিকি ল’লে৷ অফিচলৈ গৈ তেওঁ আসনত বহি পোনচাতেই কামত নধৰে,
ফাইল নেমেলে৷ কোনোবা এজোৰা মক্কেল গৈ তেওঁক বাতৰি কাকত পঢ়ি থকা দেখি কিছু সময় থিয় দি
থাকিব লাগিব৷ তাৰ পিচত আমনি পাই কামাখ্যা মণ্ডলক আমনি দি বাতৰি কাকতৰ পৰা মূৰ দাঙিবলৈ
বাধ্য কৰিব লাগিব৷ মানুহজনে যেন কামাখ্যা মণ্ডলক এক ভীষণ জগৰহে লগালে এনে এক ভাৱত কামাখ্যাই
খচমচ কৰি ড্ৰয়াৰটো খুচৰিব৷ তাৰ পৰা যিতি কাগজ–পত্ৰ কিছুমান উলিয়াই টেবুলত থৈ ল’ব৷ সমুখত
অত’পৰে ৰৈ থকা মানুহজনৰ মনলৈ এনে ভাৱ আহিব যেন পাৰিলে কিনো হেৰাইছে তেৱোঁ বিচৰাত সহায়
কৰি দিব৷ অৱশ্যে অলপ পিচত ইটো ড্ৰয়াৰত জুইশলাটো বিচাৰি পাই টেবুলত থ’ব৷ তাৰ পিচত আকৌ
বিচৰা বিচৰি৷ দুই এখন কাগজ অলাগতীয়াল গণ্য কৰি মোহাৰি সামৰি ডাছবিনত পেলাব৷ কোনোবা
পাকত কাগজৰ তলত ধূপকাঠীৰ পেকেটটৌ বিচাৰি পাই কাঠী দুডালমান উলিয়াই হাতত লৈ অন্য এটা
বস্তু বিচৰাত লাগি যাব৷ সেইটো বিচাৰোঁতে সমুখত থিয় দি থকা মানুহজনৰ মনলৈ অনুশোচনাৰ
ভাৱ এটা আহি যাব৷ ভাৱিব, ‘এহ, কামাখ্যা মণ্ডলক দিগদাৰ দিবলৈহে অহা হ’ল, কিজানি মই ইয়াত
থিয় দি ৰৈ থকাৰ বাবে বিচৰা বস্তুটো ইফাল সিফাল হ’ল৷ ছেঃ ৷’ অৱশেষত যেনিবা কামাখ্যা
মণ্ডলে প্ৰত্নতত্ত্ব বিভাগৰ লোকে পৌৰাণিক বস্তু এটা আৱিষ্কাৰ কৰাৰ দৰে কাগজ পত্ৰবোৰৰ
তলত ক’ৰবাত ইমানপৰে বিচাৰি থকা লোহাৰ ডাঙৰ তলাটো বিচাৰি পাব৷ সন্মুখত থিয় দি থকা জনে
স্বস্তিৰ নিশ্বাস পেলাব৷ কামাখ্যা মণ্ডলে জুইশলাৰ কাঠী এটা জ্বলাই সভক্তিৰে ধূপ কাঠীত
অগ্নি সংযোগ কৰিব৷ তাৰ পিচত ধূপ কাঠীকেইডাল হাতত লৈ টেবুলখনৰ চাৰিও ফালে কেইপাক মান ঘূৰাই টেবুলত থকা ফাইলবোৰে ধূপৰ সুবাস
পাবলৈ ধোঁৱা লগাকৈ ধূপ কাঠি কেইডাল ওচৰলৈ নিব ৷ তাৰ পিচত ধূপকাঠী কেইডাল লৌহনিৰ্মিত
তলাটোৰ চাবি ভৰোৱা ফুটাত ভৰাই থিয় কৰাই থ’ব৷ সমুখত থকা দৰ্শকজনৰ মনলৈ তেতিয়া এনে ভাৱ
আহিব যেন তেওঁলোকৰ মাটি-বাৰীবোৰ ভালেকুশলে ৰাখিবলৈহে কামাখ্যা প্ৰসাদৰ এই আয়োজন৷ সদৌ
শেষত কামাখ্যা মণ্ডলে যি এক চাৱনিৰে অভ্যাগতজনলৈ চাব তাতেই তেওঁ বুজি পাব লাগিব পূজাৰ
অন্তত পূজাৰীক কিহেৰে অপ্যায়িত কৰিব লাগে৷ সেয়ে দক্ষিণাভাগ আগবঢ়াই দিয়ে আৰু৷ কামাখ্যা
মণ্ডলৰ দিনটোলৈ যাত্ৰা ভাল হৈ পৰে৷ কামাখ্যা প্ৰসাদ শইকীয়াই তেনেদৰে হোৰাহোৰে ধন অহাত
জীৱনটোৱেই সাৰ্থক হোৱা যেন অনুভৱ কৰে৷ এইদৰে কালক্ৰমত তেওঁ উপঢৌকনৰ ধনৰ বলত এজন চহকী
মানুহ হৈ পৰিল৷ ডেকা বয়সতে নগৰে চহৰে য’তে যেনেকৈ পাৰে মাটি ঘৰ নামে বে-নামে কিনিলে৷
‘কামাখ্যাৰ হে কপাল আৰু দেই’ বুলি কৈ লগৰবোৰে হা-হুমুনিয়াহ কাঢ়ে৷
বিয়াৰ কথা ওলালত বহু ঠাইৰ পৰা
বহুতো ধুনীয়া ধুনীয়া ছোৱালীৰ খবৰ আহিল৷ কামাখ্যাই সেইবোৰত গুৰুত্ব নিদিলে৷ বহুতে কন্যা
চাই আহিবলৈ জোৰ দিছিল৷ কামাখ্যা নগ’ল৷ এদিন তেওঁ এটা মনে বিচৰা প্ৰস্তাব পাই গ’ল৷ যদি
কামাখ্যাৰ কন্যাগৰাকী পছন্দ হয় তেনেহ’লে তেওঁ বিয়া পাতিব পাৰে আৰু পছন্দ নহ’লে নাই৷
বিয়াত কন্যাৰ লগত বহুতো ধন বস্তু দিয়াৰ উপৰিও এখন দামী গাড়ী উপহাৰ স্বৰূপে দিব৷ প্ৰস্তাবটো
পাই কামাখ্যাই পলম নকৰিলে৷ পৰমা কাননগুৰ ঘৰ পালেগৈ৷ কন্যা পছন্দ হ’ল৷ বিয়া খন ঠিকমতেই হৈ গ’ল৷ ধনীৰ দুহিতা নিৰুপমাক বিয়া
কৰাই বেচ সম্ভ্ৰান্তলোকৰ দৰে জীৱন অতিবাহিত কৰিব ধৰে৷ সমাজৰ উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে তেওঁক আকোঁৱালি লয়৷
পিছে ভগৱানে মানুহক সৰ্বদিশতে
সমানে সকলো নিদিয়ে৷ একাল সুখ একাল দুখ৷ কামাখ্যা প্ৰসাদৰ ঘৈনীয়েকে দুটি যমজ পুত্ৰ সন্তান
জন্ম দিলে৷; কিন্তু দুয়োটা সন্তানেই বিকলাঙ্গ৷ হাত ভৰি কোঙা৷ মাতৃ স্নেহৰ দূৰন্ত নিদৰ্শন
প্ৰতিপন্ন কৰি দুই বিকলাঙ্গ পুত্ৰক মাক নিৰুপমাই মৰম আৰু যত্নেৰে তুলি তালি ডাঙৰ কৰিলে৷
সুস্থ শৰীৰৰ মানুহ হোৱা হ’লে সিহঁতে বিয়া বাৰু কৰাই এতিয়ালৈ ঘৰ গৃহস্থি কৰিলেহঁতেন৷
ল’ৰাহালৰ স্বাভাৱ চৰিত্ৰ কিবা কাৰণত অদ্ভুত ধৰণে গঢ়লৈ উঠিল৷ মাকে সিহঁতক যিদৰে মৰম
আৰু প্ৰতিপাল কৰে সেইদৰে সিহঁতেও মাকক শ্ৰদ্ধা কৰে আৰু মৰমেৰে মাতবোল কৰে; কিন্তু সিহঁত
দুটাই দেউতাকক চকুপাৰি দেখিব নোৱাৰে৷ দেউতা বুলি কৈ নামাতে আৰু নাম কাঢ়ি মাতি দেউতাকক
অবাচ্য গালি শপনি দিয়ে৷ দেউতাকে সিহঁতক বিড়ি চিগেৰেট আনি দিব লাগে৷ যদি ভুলতো দেউতাকে
বিড়ি চিগেৰেট নানে তেনেহলে সিহঁতহালে গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে, “ ঐ কুকুৰ কামাখ্যা
মণ্ডল, বিড়ি কিয় নানিলি হুঁ ? তই মদ খাব জান, গৰীবৰ পৰা ঘোচ খাব জান, চাল্লা কুকুৰ,
তেজপিয়া, আমালৈ বিড়ি কেইটামান আনিবহে নেজান৷” ইত্যাদি, ইত্যাদি৷ ঘৰতে পৰি থকা ল’ৰাহালৰ
মগজুত কেনেকৈ কেতিয়া সেইবোৰ কথা সোমাল তাকে মাক দেউতাকে ভাৱি পাৰ নাপায়৷ ওৰে জীৱনৰ
বাবে দুৰ্ভাগ্যকে লৈ পৃথিবীলৈ অহা পঙ্গু ল’ৰাহালৰ কথাত সিহঁতলৈ খং উঠিলেও মাকৰ হস্তক্ষেপত
দেউতাকে মাৰধৰ বা গালি শপনি পাৰিব নোৱাৰে৷ কামাখ্যাইও ভালদৰেই জানে যে ল’ৰাহালক মাৰপিট
কৰা বা গালি পৰা মানে সিহঁতৰ মাককে মাৰপিট কৰা বা গালি দিয়া হ’ব৷ গতিকে বাধ্য হৈ তেওঁ
মৌনতা অৱলম্বন কৰে আৰু ল’ৰাহালক বিড়ি চিগেৰেট যি লাগে আনি দিয়ে৷ সিহঁতেও চল পাই গলত
উঠি থাকে৷
বিকলাঙ্গ ল’ৰাহালৰ জন্মৰ বহুদিনৰ পিছত জীয়েক চন্দ্ৰমাৰ
জন্ম হয়৷ নামটো তাইৰ যিদৰে চন্দ্ৰমা ৰখা হ’ল
সেইদৰে তাই দেখিবলৈও ধুনীয়া আছিল৷ সাইলাখ আকাশৰ চন্দ্ৰমা৷ তাই গুৱাহাটীৰ সন্দিকৈ মহিলা মহাবিদ্যালয়ত এম এ পঢ়ি থাকোঁতেই গুৱাহাটীৰ এজন ভাল ব্যৱসায়ীয়ে বিয়া কৰাব খোজাত তেওঁৰলৈকে ধুমধামেৰ বিয়া পাতি দিছিল ; কিন্তু বিয়াৰ চাৰিমাহ
মানৰ পিছতে কেন্সাৰ বেমাৰ হ’ল৷ বহু ঠাইত বহু টকা খৰচ কৰি ভাল ভাল ডাক্তৰৰ ওচৰত চিকিৎসা
কৰা হ’ল৷ তাইক আৰোগ্য কৰিব পৰা নগ’ল৷ তাইৰ
মৃত্যু হ’ল৷ কামাখ্যা প্ৰসাদৰ ঘৰখন শোকত ম্ৰিয়মান হৈ পৰিল৷
জীয়েকৰ মৃত্যুৰ দুটা বছৰ পাৰ নৌহওঁতেই
ঘটি গ’ল সকলোতকৈ দুখ লগা ঘটনাটো৷ কনিষ্ঠ সন্তান ৰবিনৰ বয়স বাইছ বছৰ হৈছিলহি৷ অৰ্থনীতিত
স্নাতোকোত্তৰ ডিগ্ৰী লৈ চাকৰিৰ সন্ধানত ঘৰতে আছিলহি৷ এদিন কেইজনমান বন্ধুৰ সৈতে বনভোজ
খাবলৈ যাওঁতে সিহঁতৰ গাড়ীখন দুৰ্ঘটনাত পতিত হ’ল৷ ৰবিনৰ দুৰ্ঘটনা স্থলিতে থিতাতে মৃত্যু
হ’ল৷ কামাখ্যা আৰু তেওঁৰ পত্নীৰ মূৰতে সৰগখন যেন ভাগিছিগি পৰিল, এনে লাগিল৷ নিৰুপমা
কান্দি কান্দি বাউলী হ’ল৷
ঘৰত থকিলগৈ বিকলাঙ্গ ল’ৰাহাল আৰু ভগ্ন স্বাস্থ্যৰ
ঘৈনীয়েক৷ কামাখ্যা আৰু তেওঁৰ পত্নীৰ মৃত্যুৰ পিছতে ঘৰখনৰ কোটি কোটি টকাৰ ধন সম্পত্তিৰ
উত্তৰাধিকাৰী হ’ব তেওঁলোকৰ বিকলাঙ্গ ল’ৰা দুটি যি ভনীয়েক আৰু ভায়েকৰ মৃত্যুৰ সময়তো
বিড়ি চিগেৰেট আনি নিদিয়া বাবে দেউতাক কামাখ্যা প্ৰসাদক গালি দিবলৈ এৰা নাছিল৷ কি হ’ল
কামাখ্যাৰ জীৱনত! আৰ্থিক দৈন্যতাৰ মাজত জীয়াই থকা ভকত কেইজনক প্ৰফুল্ল চিত্তে ভকতৰ
সমাজত বহি থকা দেখি তেওঁলোকক চহকী যেন লাগে আৰু কামাখ্যাৰ নিজকে বৰ নিঃকিন যেন অনুভৱ
হয় আৰু অতি দৰিদ্ৰ যেন লাগে৷
কণনাথ পাঠকে শাস্ত্ৰ সামৰি যেতিয়া
সেৱা ল’বলৈ ভকতসকলৰ সমুখত আঠু ল’লে তেতিয়াহে কামাখ্যাই তাৰ চিন্তা ভাৱনাৰ এনাজৰিডাল
ছিঙি বাস্তৱলৈ ঘূৰি আহিল৷
কামাখ্যা আৰু নিৰুপমাই সেৱা কৰি
আৰ্শীবাদ লোৱাৰ পিছত বিলনীয়া গৰাকীয়ে ভকতক সেৱা কৰি আৰ্শীবাদ লৈ মাহ- প্ৰসাদ বিলালে৷
এইকণ সময় ভকতসকলৰ বাবে বিধানসভা,
লোকসভাৰ শূন্য কালৰ দৰে৷ ভকতবৃন্দই শাস্ত্ৰৰ নিজে নজনা কিবা কথা থাকিলে আলোচনাৰ মাজলৈ
আনে বা কিবা বিষয়ৰ নিজা জ্ঞান থাকিলে প্ৰকাশ কৰিব পাৰে৷ কোনোবা এগৰাকী ভকতে ‘আদি যামল’
শাস্ত্ৰৰ কথা উলিয়ালে৷ ভকতসকলৰ মাজত আদি যামল শাস্ত্ৰখন নপঢ়া কোনোৱেই নাই৷ নিজে পঢ়িব
নজনাজনেও আনে পঢ়া শুনিছে৷ ভালেমান কেইজন ভকতৰ আকৌ পঢ়োতে পঢ়োতে আদি যামল মুখস্থই হৈ
গৈছে৷
ভকত আনন্দ বৰুৱাই সম্ভাৱ্য বৰ
ভূমিকম্পৰ বতৰা দিয়াৰ দৰে ক’লে, “বাপসকল, ‘আদি যামল’ৰ ভৱিষ্যত বাণী ফলিয়াবলৈ আৰম্ভ
কৰিছে৷ একচিত্তে হৰিক নভজিলে মুক্তি পোৱা নাযাব৷
কুল পণ্ডিতে দীঘলীয়া হুমুনিয়াহ
এটি কাঢ়ি ক’লে, “এতিয়া দেশত ৰজা প্ৰজা সকলোৱে আদি যামলত লিখা ধৰণেই আচৰণ কৰিব ধৰিছে৷
আমাৰ ৰাজ্যখনৰ চৰকাৰে কি কৰিছে আপোনাসৱে দেখিয়ে আছে৷ খেতি বাতি বানপানীয়ে নষ্ট কৰিছে,
পোকে খাই তহিলং কৰিছে আৰু চৰকাৰে মাটিৰ খাজানা, কৰ-কাটল বঢ়াইছে৷ সমানে সমানে বণিয়াই বয়-বস্তুৰ দাম বঢ়াই গৈ আছে৷ আনহাতে সমাজৰ
মানুহবোৰৰ গতি মতি দিনক দিনে বেয়ালৈহে গৈ আছে৷ মৃত্যুৰ সময়ত লগত একোৱেই লৈ যাব নোৱাৰে
বুলি জানিও কিছুমান মানুহে অন্যায় ভাৱে ধন আহৰণ কৰি গৈছে৷ তাতেই সুখ পাইছে৷ বিদেশৰ
বেংকত ধন জমা কৰিছে৷ কেৱল নিজৰ চিন্তা৷ বেলেগৰ কথা ভাৱিবৰ সময় নাই৷ দুবেলা দুমুঠি খাবলৈ
নোপোৱা বোৰে ৰজা ঘৰৰ পদূলিলৈ চাই থাকোঁতেই যায়৷ পিচে এতিয়া দুৰ্নীতিপৰায়ণ বিষয়াৰ সহায়ত
অসৎ উপায়েৰে চাকৰি লোৱা বিয়াগোম বিষয়াবোৰৰ কি গতি হৈছে দেখিছেই নহয় বাপসকল৷”
এনেতে দেখা গ’ল কামাখ্যা প্ৰসাদে
চৰম আৱেগিক হৈ পৰি দুগালে দুধাৰি চকুলো বোৱাই ভকতসকলৰ মাজলৈ আহিছে৷ তেওঁ সাষ্টাংগে
প্ৰণাম জনাই ক’লে, “বাপসকল, এই মহা পাতকীক উদ্ধাৰ কৰক৷ মই বিপথে গৈ অৰ্জা সকলো ধন সম্পত্তি
গাঁওখনৰ মংগলৰ বাবে উৎসৰ্গা কৰিলোঁ৷ মোক জ্বালা–যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ লাভৰ পথ দিয়ক৷”
আনন্দ ভকতে কামাখ্যা মণ্ডলৰ অৱস্থা
দেখি মনতে ভাৱিলে, ভকত বৈষ্ণবৰ সংগলৈ আহিলে, শাস্ত্ৰৰ জ্ঞান পালে এসময়ত কুসঙ্গত পৰি
কুকৰ্ম কৰা জনৰো মন সঁচাকৈয়ে পৱিত্ৰ হৈ যায়৷ সেয়েহে কামাখ্যা মণ্ডলে নিজৰ ভুল শুধৰাব
বিচাৰিছে৷ জ্ঞানীজনে শাস্ত্ৰৰ মহিমা অপাৰ বুলি এনয়ে কয় নেকি? এতেকে শাস্ত্ৰৰ জ্ঞান
কম বয়সৰ পৰাই মানুহক দিব পাৰিলে ভাল হয়৷ পিচে এতিয়া ভকতসৱে কামাখ্যাক উদ্ধাৰ কৰিব লাগে৷
“তেনেহ’লে বাপ, আপুনিয়ে সেৱকীয়াক
কিবা এটি দিহা দিয়ক আৰু৷” আনন্দ ভকতে কুল পণ্ডিতলৈ চাই অনুৰোধৰ সুৰত কথাষাৰ ভক্তবৃন্দৰহৈ
ক’লে৷
“হ’ব বোপা হ’ব৷,” কুল পণ্ডিতে
কামাখ্যাক ক’লে, “নিজৰ ভুল বুজিব পাৰি অনুশোচনা কৰিছা যেতিয়া প্ৰায়শ্চিত্ত হৈ গ’ল৷
এতিয়া তোমাৰ মনোবাঞ্চা পূৰণ হ’ব৷ আত্মাই শান্তি লভিব৷ আমি এজোলোকা আশীৰ্বাদ দিওঁ বাৰু,
ধৰক ৰাইজ৷”
“অ’ হৰি, অ’ ৰাম…………….জয় হৰি বোলা…..
জয় ৰাম বোলা………………৷”
---+++++সমাপ্ত+++++----