( আতংকৰ চতুৰ্থ খণ্ড)
যুগল চন্দ্ৰ বৰা
বিনীতাৰ গাৰ কাষেদিয়েই বগা ৰঙৰ
মাৰুতি ভান এখন পাৰ হৈ গ’ল৷ অলপ আগলৈ গৈয়ে গাড়ীখনৰ গতি স্তিমিত হৈ পৰিল৷ বিনীতাই লক্ষ্য
কৰিলে – গাড়ীখনৰ নম্বৰ প্লেটখন নাই৷ গাড়ীখন ৰাস্তাৰ মাজত পথালিকৈ ৰখাই দিলে৷ তেতিয়াই
তাইৰ ষষ্ঠ ইন্দ্ৰীয়ই সম্ভাৱ্য বিপদৰ আগ জাননি দিলে৷ বিনীতাই নিজকে মানসিক ভাৱে প্ৰস্তুত কৰি এবাৰ এৰি অহা পথৰ কেঁকুৰিটোৰ
ফালে ঘূৰি চালে৷ তাইৰ পিছে পিছে অহা নৱনীতা তেতিয়াও কেঁকুৰিটো পাৰ হোৱা নাই৷ ইতিমধ্যে
গাড়ীখনৰ পৰা ক’লা বৰণৰ মাক্স পৰিহিত ডেকা ল’ৰা এটা নামি আহিল৷ তা্ৰ চকু দুটাহে মাথো
ট টকৈ জিলিকি আছে৷ সি তাইক আগ ভেঁটি ধৰিলে৷
“ ঐ ছোৱালী, ক’ত যাৱ? ৰ’৷ তোক
মই চিনি পাইছোঁ৷ তয়েই মন্ত্ৰী ছাৰৰ ঘৰৰ পৰা পলাই অহা অনামিকা হয়৷ ক’ত হাৰিবি ? ব’ল
গাড়ীত উঠ৷”
চতুৰালি কৰি কিছু সময় পাৰ কৰি
দিয়াৰ মানসেৰে বিনীতাই মুখাধাৰীৰ সৈতে দুই এষাৰ কথা পতা আৰম্ভ কৰি দিলে৷
“হয়, হয় দাদা , মই অনামিকা৷ পিছে
আপুনি মোক কেনেকৈ চিনি পালে ?”
“ ঐ ছোৱালী , তই মোক চিনি নাপালি
? মই ভাগ্যধৰ ফুকন ছাৰৰ মানুহ৷ ছাৰক তইয়ে ফঁচালি
আৰু এতিয়া তইয়ে বচাব লাগিব৷ ছাৰক বেছি
দিন জেইলত ৰাখিব নোৱাৰি৷”
“ক’লা কাপোৰৰ মুখাখন খুলি পেলাওক
না দাদা ৷ মোৰ বৰ ভয় লাগে৷ মুখাখন খুলি দিলেহে মই আপোনাক চিনি পাম৷ আ..আৰু আপুনি এইবোৰ কি কথা কৈ আছে মই একো বুজি পোৱা
নাই ৷ মই ছাৰক কেনেকৈ ফঁচালোনো দাদা ?”
“ঐ ছোৱালী, নজনা ভাও ধৰি বেছি
কথা কৈ নাথাকিবি৷ ব’ল ব’ল গাড়ীলৈ ব’ল৷”
কথা খিনি কৈ সি তাইৰ কাষ চাপি
আহিল৷ বিনীতাই তাৰ ফালে পিঠি দি ঘূৰি দিলে৷ মুখাধাৰীয়ে তাইক গবা মাৰি ধৰি গাড়ীখনৰ ফালি
লৈ যাবলৈ উদ্যৎ হ’ল৷ বিনীতাই এই ক্ষণলৈকেহে যেন অপেক্ষা কৰি আছিল৷ সোতকান কাৰাতেৰ উচ্চ
প্ৰশিক্ষণ প্ৰাপ্ত বিনীতাই কৌশল প্ৰয়োগ কৰি তাক লক (Lock) কৰি বগৰাই পেলালে৷
“উঠ, উঠ সোণকালে, মোৰ হাতত সময়
বৰ কম৷ দ্বিতীয়খন ‘ লোকেল কুংফু’ চালি নে নাই
?” বিনীতাই ক’লে৷
“ বেছি বেছি নেদেখাবি বে’ ছোৱালী৷”
পৰাৰ পৰা কেঁকো-গেঁথোকৈ উঠি কথাষাৰ
কৈ সি তাইলৈ চোঁচালৈ খেদি আহিল৷ বিনীতাই তাৰ ৰূপ দেখি ভয় খোৱাৰ দৰে কৰি ৰাস্তাৰ কাষত থকা গছ এজোপাৰ কাষলৈ
দৌৰি গৈ ৰৈ দিলে৷
“এই , এই ছোৱালী ক’ত পলাই হাৰিবি
তই?”
সি খেদি গৈ তাইলৈ লক্ষ্য কৰি এটা
প্ৰচণ্ড গোৰ মাৰিলে৷ তৎক্ষণাত তাই স্থান পৰিবৰ্তন কৰি দিয়াত তাৰ গোৰটো গৈ গছ জোপাৰ
গুৰিত পৰিল৷ সি যথেষ্ট দুখ পালে৷ মুখেৰে ‘আঃ’ শব্দ কৰি আকৌ সি তাইক খেদি আহিল৷
“পিছে দাদা , নম্বৰ প্লেটবিহীন
গাড়ীখন মন্ত্ৰী ছাৰৰ নহয় যে, কাৰ গাড়ীনো আনিলি সেইখন ?” তাৰ মনটো ভুলাই দিয়াৰ উদ্দেশ্যে
বিনীতাই তাক এনেয়ে কথাষাৰ ক’লে, যাতে সি পুনৰবাৰ গছৰ গুৰিতে গোৰটো মাৰি পায়৷
একেটা ভুলকে কেইবাবাৰো কৰি সি
যথেষ্ট আঘাত প্ৰাপ্ত হ’ল৷ বিনীতাই ৰৈ নাথাকি কেইটামান কিক মাৰি তাক ধৰাশায়ী কৰি পেলালে৷
তাৰ অৱস্থা দেখি মাৰুতি ভানখনত
বহি থকা অন্য দুটা মুখাধাৰীয়ে গাড়ীৰ পৰা নামি বিনীতাক লক্ষ্য কৰি খেদি আহিল৷ ইতিমধ্যে
নৱনীতা আহি সেই স্থানত উপস্থিত হোৱাত দুয়োজনী মিলি মুখাধাৰী দুটাক কাৰাতেৰ নানা কিটিপ
কায়দা প্ৰয়োগ কৰি আঘাত কৰি যাব ধৰিলে৷ এজন দুজনকৈ ইতিমধ্যে সেই স্থানত বহুতো মানুহ
গোট খাই দৰ্শকৰ ভূমিকা পালন কৰিলেহি৷ ইফালে , এজন এজনকৈ আহি আহি ‘আতংক’ৰ পোন্ধৰজন কাৰ্যবাহী
সদস্য তাত গোট খাই দৰ্শকৰ শাৰীত থিয় দি থাকি খেলখন উপভোগ কৰিলে৷
ঘটনাৰ স্থান হ’ল বাক্সা জিলাৰ
বৰমাৰ কদমতলা গাঁও৷ দুজনী ছোৱালীয়ে তিনিটা মুখাধাৰী ল’ৰাক মাৰধৰ কৰি থকা বুলি খবৰটো
বন জুইৰ দৰে ঠাইখনত বিয়পি পৰিল৷ কেৱল কদমতলা গাঁৱৰে মানুহ নহয় , ওচৰৰ ক্ষেত্ৰপাৰা,
কুমাৰপাৰা আদি গাঁৱৰ মানুহো আহি তাত জুম বান্ধিলে৷ গাঁৱৰ মানুহবোৰে বিনীতা আৰু নৱনীতাক
ভালদৰেই চিনি পায়৷ সকলোৱে হাত চাপৰি দি সিহঁত দুজনীক উৎসাহিত কৰিলে আৰু মুখাধাৰী কেইটাক
নানা ধৰণে ইতিকিং কৰি ধিক্কাৰ দিলে৷
আচলতে ‘আতংক’ৰ এই সোতৰজনীয়া গোটটোৰ
সদস্যসকল কাৰাতেৰ উচ্চ প্ৰশিক্ষন প্ৰাপ্ত আৰু তেওঁলোকে এই অঞ্চলটোৰ লোকসকলক, বিশেষকৈ
যুৱক-যুৱতীসকলক কাৰাতেৰ প্ৰশিক্ষণ দি আছে৷ অঞ্চলটোৰ বৰমা, বৰশিমলাগুৰি, কদমতলা, ক্ষেত্ৰপাৰা
, কুমাৰপাৰা, গড়মাৰা, ভোগপুৰ আদি গাঁৱৰ সৰহ
সংখ্যক লোক আতংকৰ সদস্য হৈছে আৰু সদস্যভুক্ত
বহুতো যুৱক-যুৱতীক ইতিমধ্যে কাৰাতেকে ধৰি প্ৰয়োজনীয় বহুতো প্ৰশিক্ষণ দিয়া হৈছে৷ বিশেষকৈ
গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত আতংকৰ প্ৰতিজন সদস্যই ভালদৰেই প্ৰশিক্ষিত৷ গোপনীয়তা ৰক্ষাৰ উদ্দেশ্যেই তেওঁলোকে ক’ৰবালৈ গ’লে
জুম বান্ধি নগৈ এজন এজনকৈ যায়৷ আজিও ‘ৰক্ষা’ গোটৰ সদস্যসকলে কেইবাখনো গাঁৱৰ যুৱক-যুৱতীক কাৰাতেৰ প্ৰশিক্ষণ দি
এজন এজন হৈ ঘূৰি আহিছিল৷
আটাইকেইটা মুখাধাৰী ধৰাশায়ী হৈ
পৰাৰ পিছত আতংকৰ এই ‘ৰক্ষা’ নামৰ সোতৰজনীয়া
গোটৰ মুৰব্বী বকুল স্বৰ্গীয়াৰীয়ে আতংকৰ সভাপতি গৰাকীলৈ ফোন কৰি সকলো জনাই দিহা পৰামৰ্শ
ল’লে৷
ৰাইজৰ সহযোগত মুখাধাৰী কেইটাৰ
মুখা খুলি দিয়া হ’ল৷ সিহঁতক দেখা পাই গাঁৱৰ লোকসকল আচৰিত হ’ল৷ সিহঁতৰ এটা ক্ষেত্ৰপাৰা
গাঁৱৰ শিক্ষক চন্দ্ৰ নাৰ্জাৰীৰ পুত্ৰ ৰবীন
নাৰ্জাৰী৷ ৰবীনে গুৱাহাটীত ভাল চাকৰি কৰে বুলিহে গাঁৱৰ মানুহে জানিছিল৷ আন এটা কুমাৰপাৰা
গাঁৱৰ দেবেন বৰ্মন৷ দেবেনেও গুৱাহাটীত চাকৰি
কৰা বুলিয়েই ৰাইজে জানে৷ তৃতীয়টোক দেখি সকলো আচৰিত হ’ল৷ সি শাসনাধিস্থ ৰাজনৈতিক দলটোৰ
স্থানীয় নেতা এজনৰ পুত্ৰ৷
মাৰুতি ভানখনতে উঠাই সিহঁতক বৰমা
থানালৈ লৈ যোৱা হ’ল৷ মহিলাৰ ওপৰত নিৰ্যাতন আৰু অপহৰণৰ প্ৰচেষ্টা আদি কেইবাটাও ধাৰাত
সিহঁত কেইটাৰ ওপৰত গোচৰ ৰজু কৰা হ’ল , যাতে সিহঁতে সহজে জেইলৰ পৰা ওলাব নোৱাৰে৷
************************************************
আজি কালি অসমত ‘আতংক’ নামৰ সংগঠনটোৰ
নাম নজনা মানুহ নাই বুলিয়েই ক’ব লাগিব৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন গাঁও আৰু
নগৰ চহৰতেই আতংকৰ সদস্য আছে৷ আতংকৰ সদস্য হ’বলৈ পায় মানুহবোৰে গৌৰৱ বোধ কৰিছে৷ এই সংগঠনটোৰ
সদস্যসকলে জানে যে তেওঁলোকৰ সংগঠনটো কোনো উগ্ৰবাদী সংগঠন নহয় আৰু তেওঁলোকে আইন বিৰূদ্ধ
কামো নকৰে৷ তথাপিও তেওঁলোকে আত্ম গোপন কৰি থাকে৷ ইয়াৰ প্ৰধান কাৰণ হৈছে গোপনীয়তা ৰক্ষা
কৰি চলিলেহে তেওঁলোকে নিজৰ কামত সফল হ’ব পাৰিব৷ আতংক নামৰ সংগঠনটোৱে কোনো শান্তিপ্ৰিয়
লোকৰে শান্তি ভংগ কৰা নাই৷ দেশৰ মংগলকামী এক সংগঠন হিচাপে কাম কৰি যাওঁতে তেওঁলোক সময়ে
সময়ে দুৰ্নীতিপৰায়ণ আৰু অসৎ লোকৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে৷ আতংকৰ সদস্য সকলে সাধাৰণ
জনতাৰ বেশত থাকিয়েই অনেক দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীক ইতিমধ্যে চৰকাৰৰ দুৰ্নীতি নিবাৰক
বিভাগৰ যোগেদি হাতে লোতৰে ধৰাই জেইললৈ পঠিওৱাৰ ব্যৱস্থা কৰাইছে ৷
সংগঠনটোৰ লোকসকলে কোনো
ধৰণৰ বে-আইনী কাম বা সন্ত্ৰাসবাদী কামত জড়িত নহ’লেও চৰকাৰৰ গৃহ বিভাগ আৰু
গুপ্তচৰ বিভাগ ‘আতংক’ নামৰ সংগঠনটোক লৈ উদ্বিগ্ন হৈ পৰিছে৷ আতংকৰ বিষয়ববীয়া
সকলক চিনাক্ত কৰি তাৰ তালিকা পঠাবৰ বাবে ৰাজ্যৰ গৃহ বিভাগে আৰক্ষী অধীক্ষকসকললৈ জৰুৰী
বাৰ্তা প্ৰেৰণ কৰিছে৷ নিৰ্দেশটো থানাবোৰে পোৱাৰ লগে লগে আতংকৰ সভাপতি আৰু সম্পাদকৰ
সন্ধানত পুলিচৰলোক আৰু গুপ্তচৰ পিয়াপি দি ফুৰিব ধৰিলে৷ পিছে কোনবোৰ কাম কৰা মানুহক
তেওঁলোকে আতংকৰ সদস্য বুলি ধৰিব? পুলিচৰ লোকে কৰা কামবোৰেই চোন আতংক নামৰ সংগঠনটোৱে
কৰা বুলি দাবী কৰে৷ পুলিচেতো কোনো বেয়া কাম কৰা নাই৷ ভাল কামহে কৰিছে ; আইন বিৰোধী কাম কৰা দুৰ্নীতিগ্ৰস্ত
লোকক ধৰা পেলাই জেইললৈ পঠাইছে৷ অৱশ্যে সেই কামত ৰাইজে সহায় কৰিছে , সেইটো সত্য৷ ৰাইজেওতো
বেয়া কাম কৰা নাই৷ ৰাইজখনকতো আতংক বুলিব নোৱাৰি৷ তেনেহলে ‘আতংক’ ক’ত? আতংকৰ সদস্য বুলি
সন্দেহ কৰি দুই এজনক থানালৈ মাতি নি দুই এটা প্ৰশ্ন কৰে আৰু উত্তৰত সন্দেহজনক একো কথা
নাপায় এৰি দিবলৈ বাধ্য হয়৷
গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া
দিলৱাৰ ৰহমানৰ ঘৰৰ ডাইনিং টেবুলৰ সুকুমল চকীত বহি চাহ-মিঠাই খাই ধুনু আৰু জোনাকে হাঁহি
ধেমালি কৰি কথা পাতি আছে৷ তেওঁলোক তিনিও কলেজত একেলগে পঢ়া৷ বন্ধুত্বৰ এনাজৰিডাল এতিয়াও
একেদৰই আছে৷ বৰঞ্চ কিছুমান কাৰণত তেওঁলোকৰ মাজত মৰম স্নেহ আগতকৈ বাঢ়ি যাবহে ধৰিছে৷
তেওঁলোকৰ মাক দেউতাক আৰু পৰিয়ালৰ লোকসকলক দুৰ্বিত্তহঁতে হত্যা কৰি ঘৰ-দুৱাৰ জ্বলাই
দিয়াৰ পিছত যেতিয়া দুয়োজন বেংগালুৰৰ পৰা ঘূৰি আহি অসমত অ’ত এদিন ত’ত এদিন থাকি দিন
পাৰ কৰিছিল তেতিয়া দুই বন্ধুক কেইবা দিনৰ বাবে দিলৱাৰে তেওঁৰ ঘৰতে ৰাখিছিল৷ কোনো কাম
বন নোহোৱাকৈ ঘূৰি ফুৰাতকৈ অপৰাধী ধৰা পেলোৱাৰ ক্ষেত্ৰত তেওঁকে কিছু সহায় কৰি দিবলৈ
ধুনু আৰু জোনাকক দিলৱাৰে অনুৰোধ কৰিছিল৷ ইয়াৰে পৰিণতি স্বৰূপে ধুনু আৰু জোনাকে প্ৰাইভেট
ডিটেক্টিভৰ পাঠ্যক্ৰম লৈছিল আৰু দুয়ো একোজন উচ্চ পৰ্যায়ৰ প্ৰযুক্তি জ্ঞান সম্পন্ন গুপ্তচৰ বুলি নিজকে পৰিচয়
দিবলৈ সমৰ্থ হ’ল৷ প্ৰাইভেট ডিটেক্টিভ হিচাপে নাম যশ চোদিশে প্ৰচাৰ হ’বলৈ ধৰাত তেওঁলোকৰ
আয়ো বৃদ্ধি পালে৷ সেয়া যি কি নহওক এই পৰিচয়টোৰ
আঁৰ লৈ তেওঁলোকে গঢ়ি তোলা ‘আতংক’ নামৰ সংগঠনটো গোপনে চলাই যোৱাৰো সুবিধা পালে৷ অন্যহাতে,
দিলৱাৰ ৰহমানে যিকোনো ধৰণৰ জটিল মোকৰ্দমা ধুনু আৰু জোনাকৰ সহায়ত হেলাৰঙে সমাধা
কৰিব পাৰি চাকৰি জীৱনত যথেষ্ট খ্যাতি আৰু সন্মান লাভ কৰিছে৷ তেওঁ ‘আতংক’ৰ তিলমানো উমঘামেই পোৱা নাছিল৷
“আতংক”, মিঠাই এটা খাই চাহৰ পিয়লাত
মুখ দি শব্দটো হঠাৎ উচ্চাৰণ কৰি দিলৱাৰ ৰহমানে ধুনু আৰু জোনাক দুয়োটালৈ চাই কৈ গ’ল৷
“আতংক নামৰ সংগঠনটোৰ নাম শুনিছনে
তহঁত দুটাই?”
“শুনিছো, শুনিছো ৷ ‘আতংক’ এটা
সমাজ হিতৈষী অৰাজনৈতিক সংগঠন বুলি শুনিছো৷ ৰাইজে সংগঠনটো বৰ ভাল পাইছে৷ হেনো৷” ধুনুৱে
ক’লে৷
“পিছে তই ‘আতংকৰ’ নাম কিয় বা ল’লি
?” জোনাকে প্ৰশ্ন কৰিলে৷
“ আতংকৰ লিডাৰ কেইটাৰ পৰিচয় মোক
লাগে ৷” দিলৱাৰে উত্তৰ দিলে৷
“সিহঁতে কিবা জগৰ লগালে নকি?”
ধুনুৱে সুধিলে৷
“হওঁতে কিবা জগৰ লগাইছে বুলি ক’ব নোৱাৰোঁ৷”
“তেন্তে সিহঁতক বিচাৰি সময় খৰচ
কৰাৰ কি প্ৰয়োজন ?” জোনাকে প্ৰশ্ন কৰিলে৷
“চৰকাৰৰ গৃহ বিভাগে জৰুৰী বাৰ্তাযোগে
সিহঁতৰ নাম ঠিকনা বিচাৰি পঠাইছে ; পুলিচে বিচাৰিবলৈ একো উৱাদিহ পোৱা নাই৷ সেয়েহে মই
তহঁত দুটাৰ সহায় বিচাৰিছোঁ৷”
“সহায় বিচাৰিছ যেতিয়া এই ক্ষেত্ৰত
তোক নিশ্চয় সহায় কৰিম দিলৱাৰ৷ তই চৰকাৰক কোনো সহায় কৰিব নোৱাৰিবি ৷” ধুনুৱে কথাখিনি
কৈ দিলৱাৰৰ চকুলৈ তীক্ষ্ন নজৰ দি চালে৷
“কাৰণ ?” দিলৱাৰে প্ৰশ্ন কৰিলে৷
“কাৰণ, চৰকাৰে নিৰীহ জনাতাক হাৰাশাস্তি
কৰা উগ্ৰপন্থীহঁতক ৰক্ষনাবেশন দি ৰাখে আৰু সিহঁতৰ গোচৰবোৰৰ উচিত তদন্ত নকৰি সমাজৰ মংগল
সাধনত ব্ৰতী আতংকৰ দৰে সংগঠনৰ পিছত লাগি সময় খৰচ কৰিছে৷” ধুনুৱে ক’লে৷
“ধুনু , তই যিদৰে কথা কৈছ তাৰ
পৰাই অনুমান কৰিব পাৰি যে তহঁতে আতংকৰ বিষয়ে ভালদৰেই জান৷ নহয় জানো?”
“নিশ্চয় জানো আমি”, এইবাৰ জোনাকে
ক’লে, “আতংকৰ বিষয়ে আমি তাৰ জন্ম লগ্নৰ পৰাই জানো৷”
এই উত্তৰ শুনাৰ পিছত দিলৱাৰৰ মনত
পুলিচী সন্দেহবোৰে থোপা বান্ধিলেহি৷ তাৰ সন্দিহান চকুহাল বিস্ফাৰিত কৰি প্ৰশ্ন কৰিলে,“আতংক
সংগঠনটোৰ জন্মদাতা তহঁতেই নেকি আক’ ?”
“তই ঠিকেই অনুমান কৰিছ৷ দুৰ্নীতি
পৰায়ণ লোকৰ বাবে আতংক স্বৰূপ ‘আতংক’ নামৰ সংগঠনটোৰ জন্ম দি আমিয়েই দেশ মাতৃৰ সেৱা আগ
বঢ়ায় আছোঁ৷” ধুনুৱে উত্তৰ দিলে৷
“কিন্তু মই জানিব পাৰিছো যে ‘আতংক’
লাহে লাহে এক সন্ত্ৰাসবাদী সংগঠন হোৱাৰ দিশত গতি কৰিছে৷” দিলৱাৰে ধুনুহঁতৰ প্ৰতিক্ৰিয়ালৈ
লক্ষ্য ৰাখি ক’লে৷
“এনে ভ্ৰান্ত ধাৰণাৰ কাৰণ ?” ধুনুৱে
সুধিলে৷
“শুনিছো ‘আতংকৰ’ সদস্যসকলক মাৰ্শাল
আৰ্টৰ প্ৰশিক্ষণ দি থকা হৈছে৷”
“তইও তেনেহলে ‘আতংক’ৰ বিষয়ে কিছু
খবৰ ৰাখিছ,” জোনাকে ক’লে, “কথাটো সত্য , দিলৱাৰ, সদস্য সকলক আত্ম ৰক্ষাৰ বাবে,স্বাস্থ্য
ৰক্ষাৰ বেবে আৰু খেল হিচাপে মাৰ্শাল আৰ্টৰ প্ৰশিক্ষণ দি থকা হৈছে৷ অন্য উদ্দেশ্য নাই৷”
“ এই ক্ষেত্ৰত তোৰ কিবা আপত্তি
আছে নেকি দিলৱাৰ ?”জোনাকে প্ৰশ্ন কৰিলে৷
“নাই নাই মোৰ কি আপত্তি থাকিব
পাৰে জোনাক? মই তহঁতক ভালদৰে জানো ৷ তহঁতে কাহানিও বেয়া কাম কৰিব নোৱাৰ৷ এই মাত্ৰ যে
মোক অকপতে কথাখিনি ক’লি সেয়াও এক ভাল কাম কৰিলি৷ কাৰণ , তহঁতৰ ‘আতংক’ই বাকীবোৰ পুলিচক
আতংকিত কৰাৰ দৰে মোকো আতংকিত কৰি ৰাখিছিল জাননে৷”
“তইতো এজন সৎ পুলিচ বিষয়া৷ তই
আতংকিত হ’ব লগীয়া কোনো কথা নাই৷” ধুনুৱে ক’লে৷
“আতংকই কাক কেনে দৰে আতংকিত কৰে
সেই বিষয়ে যে কোনো ধাৰণাই মোৰ নাছিল৷” দিলৱাৰে কথাষাৰ কৈ হাঃ হাঃ কৈ হাঁহি পৰিৱেশটো
কিছু লঘু কৰি তুলিলে; ধুনু আৰু জোনাকেও হাঁহিত ভাগ ল’লে৷
সেইদিনা ধুনু আৰু জোনাকে ‘আতংক’
নামৰ সিহঁতৰ সংগঠটোৰ বিষয়ে দিলৱাৰক সকলো কথা খুলি ক’লে৷ দিলৱাৰে ভালদৰেই বুজি পালে
যে পুলিচ বিভাগটোৰ বন্ধু হিচাপেহে প্ৰকৃততে ‘আতংক’ নামৰ সংগঠনটোৱে কাম কৰি গৈছে ৷ আৰু
এটা কথা দিলৱাৰে বুজি পালে যে আতংক সংগঠন আৰু ৰাইজৰ মাজত পাৰ্থক্যই নাই বুলিব পাৰি৷
গতিকে পুলিচ বিভাগটো বিভ্ৰান্ত হৈ পৰিছে৷
“তোৰ কিবা আৰু মন্তব্য আছে ?”
ধুনুৱে দিলৱাৰক প্ৰশ্ন কৰিলে৷
“তহঁত দুটা মোৰ আগৰ পৰাই বন্ধু
আৰু আজিৰ পৰা তহঁতৰ ‘আতংক’ৰ লগত মই নতুনকৈ বন্ধু হ’লো৷ মোৰ এয়াই মন্তব্য৷”
**************************)(**************************
(অসমৰ জনপ্ৰিয় আলোচনী "ৰহস্য"ৰ চেপ্তেম্বৰ, ২০১৭ সংখ্যাত প্ৰকাশিত)
(অসমৰ জনপ্ৰিয় আলোচনী "ৰহস্য"ৰ চেপ্তেম্বৰ, ২০১৭ সংখ্যাত প্ৰকাশিত)
No comments:
Post a Comment