Friday, 5 July 2024
গৃহকন্দল
শ্ৰীমতী সান্ধ্য ভ্ৰমণৰ বাবে ঘৰৰ পৰা বাহিৰ হ’বলৈ পালেহে, মই টি.ভিটো অন কৰি বাতৰি লগাই চাবলৈ বহি ল’লো। টি.ভিটো লগালেই মানুহজনী জকজকাই উঠে। তাহানিখন ৰেডিঅ’ত বাতৰি শুনাটো যিদৰে এক প্ৰকাৰ নিচাত পৰিণত হৈছিল ঠিক সেইদৰে টি.ভিত বাতৰি চোৱাটোও এক অভ্যাসত পৰিণত হৈছিল, কিন্তু আজিকালি শ্ৰীমতীয়ে নিজেও টি.ভিৰ বাতৰি নাচায় আৰু মোকো চাবলৈ নিদিয়ে। তেওঁৰ মতে, টি.ভিত বাতৰি চাব নাপায়। টি.ভি চেনেলবোৰে আগৰ দৰে নিৰপেক্ষ বাতৰি পৰিৱেশন নকৰে। অধিকসংখ্যক সাংবাদিকে শাসকগোষ্ঠিৰ ওচৰত বিক্ৰী হৈ গৈছে আৰু তেওঁলোকক তোষামোদ কৰাতে ব্যস্ত হৈ থাকে। ধনৰ বলত কোনোবা অনবৰতে টি.ভিত ওলাই থাকিব আৰু আন কোনোবাই মূল্যবৃদ্ধিৰ তাপত সিজি থাকি নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰি, বহুমূলীয়া সময় খৰচ কৰি চাই থকাৰ কিহৰ গৰজ পৰেনো! এৰা, হওঁতেতো কথাষাৰ মিছা নহয়, নিজেও দেখিছোঁ আৰু আনেও কয়। শ্ৰীমতীৰ চকুহাল ঠিক হৈ আছে বাবে বাতৰি কাকত আলোচনী আদি পঢ়ে আৰু স্মাৰ্ট ফোন আছে বাবে সামাজিক মাধ্যমত কিবাকিবি চাই থাকে। মোৰো দেশ-দুনিয়াৰ খা-খবৰবোৰ পাবলৈ মন যায় দিয়কচোন। চচমাজোৰে ভালদৰে কাম নকৰে বাবে পঢ়া-শুনা কৰিব নোৱাৰোঁ।সেয়ে মই টিভিত বাতৰি চাবলৈ সুযোগৰ সন্ধানত থাকিব লগীয়া হয়।বাতৰি লগাবলৈ পালোঁহে লগে লগে মণিপুৰ আৰু নগালেণ্ডৰ নিৰ্বাচনী হিংসা আৰু গুলীবৰ্ষণৰ খবৰ আহিল।
“কিহৰ ইমাণ হুলস্থুল! মানুহজনী ক্ষন্তেকৰ বাবে ওলাই যাবলৈ পালোঁহে টি.ভিডাল লগাই ল’লেই নহয়।“ - বুলি ভোৰভোৰাই ছাগলী খেদা বৰষুণজাকত তিতি-বুৰি জুৰুলি-জুপুৰি হোৱা শ্ৰীমতী ভিতৰলৈ সোমাই আহিল আৰু টি.ভিটো বন্ধ কৰি দিলে। নিৰ্বাচনৰ ভোট গ্ৰহণ কেন্দ্ৰত গুলী ফুটাই ভোটাৰক ভোট দানৰ পৰা বঞ্চিত কৰিলে যেনে লাগে টি.ভি চোৱাৰ পৰা বঞ্চিত হৈ মোৰো ঠিক একেই অৱস্থা হ’ল। হঠাতে অহা বৰষুণ জাকেই মোৰো টি.ভি চোৱাৰ পৰিকল্পনাত চেচাপানী ঢালিলে বুলি জানি বুজিও টিঙিচকৈ উঠি অহা খংটো দবাই ৰাখিব নোৱাৰিলো মই।
“হেৰা, তুমি মোৰ ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰিছা। “বুলি শ্ৰীমতীয়ে নুশুনিলেও নাই ভাৱত লাহেকৈ কৈ পালোঁ মই।
“কি ক’লা, কি ক’লা? আকৌ এবাৰ কোৱাচোন“, গামোচাখনেৰে ভিজা চুলিতাৰি মুচি মুচি শ্ৰীমতী ঘপহকৰে ভিতৰৰ পৰা ওলাই আহি মোক জেৰা কৰি ক’ব ধৰিলে, “হৃদ ৰোগী হৈ ঘৰত অকলশৰীয়াকৈ থাকি টি.ভিত দেখুওৱা যিহকে-তিহকে চাই হাৰ্ট ফেইল হৈ মৰিব খোজা? তাতে বাধা দিলে ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ হয়। মইহে তেওঁৰ ভাৰতীয় সংবিধানৰ যোগে প্ৰদত্ত অধিকাৰত হস্তক্ষেপ কৰিলোঁ”
বলকি বলকি শ্ৰীমতী মোৰ সমুখৰ চকী এখনতে বহি ল’লে।বুজিলো,আজি এওঁ মুখেৰে ফেন বাহিৰ নোহোৱালৈকে আৰু মোৰ কাণ ঘোলা নকৰালৈকে নেৰে। সেয়ে মই প্ৰসংগটো সলনিৰ মানসেৰে অন্ঠ-কন্ঠ শুকাই অহা ভিক্ষা প্ৰাৰ্থীৰ সুৰত অতি নিম্নস্বৰত ক’লোঁ, “চাহ একাপ—“
“কথা সলাব নালাগে,চাহ হ’ব বাৰু, মোক কোৱাচোন তুমি কোন চনত চাকৰিৰ পৰা অৱসৰ ল’লা ?"
“২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত।“
“কোন চনৰ পৰা পেন্সন পাইছা ?”
“উচ্চতম ন্যায়ালয়ত চলা মোকৰ্দমাত জয় লাভৰ পিচত আমাৰ সমূহ বিষয়া কৰ্মচাৰীয়ে ২০১৮ চনৰ ১লা এপ্ৰিলৰ পৰা পেন্সন পাইছোঁ।“
“তাৰ আগৰ পেন্সনৰ ধন কি হ’ল?”
“সেই ধনৰ পৰা আমাক বঞ্চিত কৰা হ’ল। সেয়ে লগে লগে পুনৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হ’ল।“
“গোচৰ তৰা কিমান বছৰ হ’ল?”
“পাঁচ বছৰৰ ওপৰ।”
“কি চলি আছে এতিয়া ?”
“তাৰিখৰ পিচত তাৰিখ।“
“এতিয়া মন কৰিবা, আমাৰ ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অনুযায়ী পেন্সন হৈছে আমাৰ মৌলিক অধিকাৰ।তেনেহ’লে তোমালোকে সেই অধিকাৰ অনুযায়ী প্ৰাপ্য পেন্সন আদায় কৰিব নোৱাৰা কিয়? মৃত্যু পথলৈ আগুৱাই যোৱা অৱসৰ প্ৰাপ্ত লোকসকলৰ হকে চিন্তা কৰিব পৰা চৰকাৰ বাৰু নাই বুলি প্ৰমাণ হৈ গ’ল: কিন্তু ন্যায়ালয়সমূহত কি কেনা লাগিছে?”
শ্ৰীমতীয়ে মোৰ জীৱনৰ কটা ঘাডোখৰত চেঙা তেল মাৰি দিলে।কলাধনৰ গৰাকীৰ পৰা ছান কাঢ়ি পোন্ধৰ লাখকৈ টকা প্ৰত্যেকৰে খাটাত ভৰাই দিম বোলাজনে ওলোটাই আমাৰ পৰাহে পোন্ধৰ বিশ লাখকৈ টকা সৰকালে।মনৰ মাজত কলীয়া ডাৱৰ থোপ খালে আৰু নিৰৱে জতলমূৰকৈ জোপোকা মাৰি বহি থাকিলো।
“বুজিছা,বৰ্তমান সময়ত ভাৰতবৰ্ষৰ গণতন্ত্ৰ, সংবিধান আৰু ঐক্য-সংহতি ৰক্ষাৰ ভাৰ দেশৰ প্ৰতিজন সচেতন তথা সুনাগৰিকৰ ওপৰত পৰিছে আৰু তাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰতেই ভৰষা কৰিব লাগিব।আমাৰ সংবিধান প্ৰদত্ত অনেক অধিকাৰ চক্ৰান্তমূলকভাৱে খৰ্ব কৰা হৈছে যদিও দেশত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ এক কল্যাণকামী চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ আমি নিৰ্বাচনত ভোট দি যাতে যথোপযুক্ত প্ৰতিনিধি বাছনি কৰিব পাৰোঁ তাৰ বাবে ইলেকক্ট্ৰনিক ভোটিং মেছিন যোগে ভোট চুৰিৰ সুযোগ নোহোৱা কৰা উচিত।এতিয়া সকলো কথা সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰতে নিৰ্ভৰ কৰছে।“
“কিনো কোৱাহে, দেশৰ সৰ্বোচ্চ ন্যায়ালয়েনো কিমান কি কৰিব?” মই দীৰ্ঘ সময়ৰ মৌনতা ভংগ কৰি ক’লো।“
“তুমি অতিশয় নিৰাশাবাদী হে।VVPAT অৰ্থাত Voter Verified Paper Audit Trail ৰ ব্যৱস্থাটো ভোটিং মেচিনৰ যোগেদি গণ্ডগোল লগাই যাতে ভোট চুৰি কৰিব নোৱাৰে তাৰ বাবেই কৰা হৈছিল। এতেকে, ই ভি এম ত ভোটাৰে মত দান কৰাৰ পিছত যি কাগজৰ টুকুৰা ভিভিপেট স্বৰূপে প্ৰিন্টাৰত ছপা হৈ ওলাব তাক ভোটাৰে আঙুলীৰ টিপ চহী লগাই বেলট বাকচত নিজ হাতে ভৰাই দিব।গণনাৰ সময়ত ভোটিং মেচিনত যিমান ভোট ওলাব ঠিক সিমান ভিভিপেটৰ টুকুৰা ওলাব লাগিব।এই কামত যথেষ্ট সময়ৰ প্ৰয়োজন হ’লেও ভোটাৰে যাক ভোট দিছে তেৱেঁ ভোটটো পাইছে বুলি অন্তত নিশ্চিন্ত হ’ব আৰু দেশৰ জনগণে গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰি দেশলৈ পুনৰ সুশাসন ঘূৰাই আনিবলৈ সক্ষম এক নতুন চৰকাৰ লাভ কৰিব।“
এৰা. আমাৰ শ্ৰীমতীয়েচোন ঠিক কথাকে কৈছে।বাতৰি কাকত,আলোচনী আৰু কতাপ-পত্ৰ পঢ়ি আৰু ম’বাইলটো লৈ তেওঁ ইউটিউব,ফেছবুক আদি সামাজিক মাধ্যমত এইবোৰকে চাই এনেবোৰ কথা গম পাই থাকে।পাৰিলে ময়ো এজোৰ ভাল চচমা আৰু এটা স্মাৰ্ট ফোন লৈ ল’ব লাগিব।
“হেৰা, ভেৱা লাগি কি ভাৱি আছা, চাহ নোখোৱা নেকি?”
“খাম খাম কিয় নাখাম।“ শ্ৰীমতীৰ মাতত সম্বিত ঘূৰি অহাত মই খপজপকৈ ক’লো।
---------সমাপ্ত-------
বিঃদ্ৰঃলেখাটো অসমৰ জনপ্ৰিয় তথা বলিষ্ঠ পষেকীয়া আলোচনী প্ৰান্তিকৰ দৈনন্দিন শিতানত ১৬-৩০ জুন ২০২৪ সংখ্যাত প্ৰকাশ পাইছে।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment