---এক---
হৰক্ষী জোৱান দেৱেশ্বৰে আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰাৰ প্ৰকাণ্ড অট্টালিকাটোৰ গেটৰ সমুখত টাটা চুমোখন ৰখোৱাৰ লগে লগে দ্বাৰৰক্ষীজনে আহি আনদিনৰ দৰেই গাড়ীৰ দৰ্জাখন খুলি দিলে আৰু দেৱেশ্বৰে সম্ভ্ৰমেৰে গাড়ীৰ পৰা নামিল। হাতত এটা বেগ লৈ তেওঁ অট্টালিকাৰ দ্বিতীয় মহলাৰ এক নিৰ্দিষ্ট কোঠাৰ সমুখ পাই কলিং বেলৰ চুইচ্চত স্পৰ্শ কৰিলে।
“আজি কিমান?”, দুৱাৰখন খুলিয়েই দেৱেশ্বৰে আগবঢ়াই দিয়া বেগটো
হাতত লৈ বিক্ৰম মালহোত্ৰাই প্ৰশ্ন কৰিলে।
বাসভৱনৰ বন্ধ কোঠাৰ দৰ্জা ভাঙি আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰাৰ মৃতদেহ উদ্ধাৰ কৰা কাণ্ডৰ সবিশেষ বৰ্ণনা কৰি বাতৰি কাকত, টি ভি চেনেল আদি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ সমান্তৰাল ভাৱে ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমতো নানা ধৰণৰ মুখৰোচক কাহিনী প্ৰকাশ পালে।বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমসমূহে মালহোত্ৰাৰ মৃত্যুৰ সন্দৰ্ভত প্ৰকাশ কৰা বাতৰিবোৰৰ সাৰাংশ প্ৰায় একেধৰণৰ।বাতৰিসমূহত প্ৰকাশ পাইছে যে যোৱা নিশা নিজা বাসভৱনৰ এটা কোঠাৰ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি টকা গন্তি কৰি থকা অৱস্থাত আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰাৰ কোনো অজ্ঞাত কাৰণত আকস্মিক মৃত্যু ঘটে।কোঠাটোৰ ভিতৰত মজিয়াত সিঁচৰিত অৱস্থাত বহুতো দুইহেজাৰ টকীয়া নোটৰ বাণ্ডিল আৰু এটা ল’কাৰৰ লগতে নোট গন্তি আৰু পৰীক্ষা কৰা যন্ত্ৰ-পাতি পোৱা গৈছে। এই সংক্ৰান্তত চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ স্পষ্টিকৰণ দিয়া নাই আৰু আৰক্ষী বিভাগেও তদন্তৰ খাতিৰতে কোনো কথা প্ৰকাশ কৰিব পৰা নাযাব বুলি কৈ সংবাদ মাধ্যমৰ পৰা আঁতৰি ফুৰিছে।কিন্তু ইয়াৰ বিপৰীতে ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে যে মৃত আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰা এজন অতি চতুৰ, অৰ্থলিপ্সু আৰু ঘোচখোৰ বিষয়া আছিল। মন্ত্ৰী আৰু উচ্চ স্তৰীয় বিষয়াক ধনৰ বলত নিজৰ পক্ষত ৰাখি বহুবছৰ ধৰি তেওঁ একে ঠাইতে চাকৰি কৰি আছিল।তেওঁ দেৱেশ্বৰ নামৰ এজন বিশ্বস্ত দেহৰক্ষী জোৱানক অসমৰ মাজেদি নিতৌ পাৰ হৈ বাৰ্মিজ চুপাৰি কঢ়িয়াই নিয়া শ শ ট্ৰাকৰ পৰা চিণ্ডিকেট যোগে ধন সংগ্ৰহ কৰিবলৈ দিছিল।মালহোত্ৰাই কোটি কোটি টকা একত্ৰিত কৰি সেয়া মন্ত্ৰী, উচ্চ পদস্থ বিষয়া, উগ্ৰপন্থী আদি সকলোৰে মাজত ভগাই দি নিজেও শ শ কোটি টকাৰ গৰাকী হৈ গপতে গঙ্গাটোপ হৈ পৰিছিল। তেওঁ আৰু তেওঁৰ হৈ ধন সংগ্ৰহৰ অভিযানত নামি পৰা দেহৰক্ষী জোৱান দেৱেশ্বৰৰ আয় বহিৰ্ভূত সম্পত্তি দেখি ৰাইজ হতবাক হৈছে। তেওঁৰ চিণ্ডিকেটৰাজৰ বিপক্ষে মাত মতা প্ৰচাৰ মাধ্যম, সামাজিক অনুষ্ঠান আদিক বৃ্দ্ধ অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি ভাবুকি প্ৰদান কৰি আহিছিল।
গুৱাহাটী মহানগৰ। ফাচীবজাৰৰ
মাজ মজিয়াৰ ব্যস্ত এক অঞ্চলত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লিখা নামফলকখন দেখি
সংযুক্তাৰ মনটো ভাল লাগি গ’ল।কুন্তলে দেৱযানী বাইদেউক সঁচাকৈয়ে ভাল পাইছিল-সংযুক্তাই
ভাৱিলে।তাইৰ মন পখীটি চাঁটকৈ উৰা মাৰি গৈ এৰি অহা দিনৰ এক প্ৰাচীন বৃক্ষত পৰিলগৈ।তাই
অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতেই বায়েক দেৱযানীয়ে এদিন এজন অসমীয়া যুৱকক সিহঁতৰ
ঘৰলৈ নি সকলোৰে লগত চিনাকি কৰি দিছিল। সেইদিনাৰ পৰাই বেংগালুৰুস্থিত ভাৰতীয়
বিজ্ঞান সংস্থানৰ মেধাবী গৱেষক ছাত্ৰ কুন্তল গোস্বামী কেৱল দেৱযানীৰ হৃদয়তে নাথাকি
সিহঁতৰ ঘৰখনৰ আটাইৰে আপোন মানুহ হৈ পৰিছিল।সেই
সময়ত দেৱযানী আছিল বেংগালুৰুৰ ৰাষ্ট্ৰীয় জীৱ বিজ্ঞান কেন্দ্ৰৰ গৱেষক
ছাত্ৰী।দেৱযানী আৰু কুন্তলৰ প্ৰেমে কেৱল দুয়োৰে মন আৰু হৃদয়কে বান্ধি নাৰাখি
তেওঁলোকৰ গৱেষণাৰ বিষয়বোৰকো সনা-পিটিকা কৰি যাব ধৰিলে। তেওঁলোকৰ গৱেষণাৰ বিষয় বস্তু অসামান্য আৰু অকল্পনীয়তাৰ দিশে ধাৱমান হ’ব ধৰিলে। তাৰ
বাবে প্ৰয়োজন হ’ল অগতানুগতিক গৱেষণাগাৰ
আৰু সা-সৰঞ্জামৰ। বহু কষ্ট আৰু চেষ্টাৰ বলত দেৱযানী
আৰু কুন্তলে সকলো য়োগাৰ কৰি লৈ সংগোপনে তেওঁলোকৰ গৱেষণাৰ কাম আগ বঢ়াই নিলে।অৱশেষত
এদিন দুয়ো সফল হ’ল। জীৱ আৰু যন্ত্ৰৰ এক বহনক্ষম সংযোগ ঘটাই মাইক্ৰ পদ্ধতিৰ
প্ৰযুক্তিৰে তেওঁলোকে এক ক্ষুদ্ৰ, বহুৰূপী, বুদ্ধিমান তথা আজ্ঞাবাহী যান্ত্ৰিক
জীৱৰ সৃষ্টি কৰিলে যাক দূৰ নিয়ন্ত্ৰিত পদ্ধতিৰে প্ৰেৰণ কৰি কাৰোবাক হত্যা কৰাটো
তেনেই সহজ কথা।গৱেষণাৰ কামত কৃতকা্ৰ্য হৈ তেওঁলোকে
পৰিকল্পনা অনুযায়ী দেৱযানীৰ মোমায়েক সেনা বিষয়া প্ৰসেনজিৎ বাৰ্মাক আমন্ত্ৰণ কৰিলে। প্ৰসেনজিৎ বাৰ্মা ভাৰতীয় স্থল সেনা বাহিনীৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি
বিভাগৰ উচ্চ পদস্থ বিষয়া।সেয়ে দেৱযানীহঁতৰ
নতুন উদ্ভাৱনে কিদৰে ভাৰতীয় স্থল সেনা বাহিনীক অভূতপূৰ্ব সহায় আগ বঢ়াব পাৰিব তাক তেওঁক
বিস্তৃত ভাৱে বৰ্ণনা কৰিলে।প্ৰসেনজিৎ বাৰ্মাই সিহঁত হালৰ আচৰিত
ধৰণৰ সৃষ্টি দেখি হতবাক হ’ল আৰু সকলো কথা গোপনে ৰাখিবলৈ উপদেশ দি ক’লে যে এই উদ্ভাৱনে
ভাৰতবৰ্ষৰ সেনা বাহিনীক চিৰকাল অপৰাজেয় কৰি ৰাখিব।গতিকে বিষয়টো উপযুক্ত সময়ত স্থল সেনাপ্ৰধান গৰাকীৰ দৃষ্টি গোচৰ কৰা হ’ব।
হৰক্ষী জোৱান দেৱেশ্বৰে আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰাৰ প্ৰকাণ্ড অট্টালিকাটোৰ গেটৰ সমুখত টাটা চুমোখন ৰখোৱাৰ লগে লগে দ্বাৰৰক্ষীজনে আহি আনদিনৰ দৰেই গাড়ীৰ দৰ্জাখন খুলি দিলে আৰু দেৱেশ্বৰে সম্ভ্ৰমেৰে গাড়ীৰ পৰা নামিল। হাতত এটা বেগ লৈ তেওঁ অট্টালিকাৰ দ্বিতীয় মহলাৰ এক নিৰ্দিষ্ট কোঠাৰ সমুখ পাই কলিং বেলৰ চুইচ্চত স্পৰ্শ কৰিলে।
“এক বিশ ছাৰ।“ দেৱেশ্বৰে উত্তৰ দিলে।
“নিতৌ কম হৈ গৈ আছে যে,কি হৈছে? “
“ছাৰ,’ৰাতিদিন’ আৰু ‘নিখিলে’ এইকেইদিন কিছু দিগদাৰ দিছে।“
“ঠিক আছে দেৱেশ্বৰ, তুমি এতিয়া যোৱা। ইউ এ পি এ
আইনখন আহক, মই সিহঁতক এটা এটাকৈ সন্ত্ৰাসবাদী সজাই ধৰি আনি জেলৰ ভাত খুৱাম।“
বিক্ৰম মালহোত্ৰাই
বেগটো লৈ এক গোপন কক্ষৰ দিশে গতি কৰিলে, য’ত আছে এক প্ৰকাণ্ড লৌহ নিৰ্মিত চন্দুক তথা নোট
গন্তি আৰু জাল নোট পৰীক্ষা কৰা যন্ত্ৰ-পাতি। মালহোত্ৰাৰ মনলৈ এনে ভাৱ
আহিল যেন দেৱেশ্বৰ চৌহদৰ বাহিৰলৈ নগৈ তেওঁকহে অনুসৰণ কৰিছে।
“খিৰিক্।“
হঠাৎ কিবা এক যান্ত্ৰিক শব্দ শুনি মালহোত্ৰাই পিচলৈ ঘূৰি চালে,
কিন্তু ক’তো একো নেদেখি আগবাঢ়ি গৈ কোঠাটোৰ দৰ্জা খুলিলে। ঠিক
তেতিয়াই তেঁও অনুভৱ কৰিলে যেন তেওঁৰ লগে লগে কোঠাটোত আন কোনোবা এজনো প্ৰৱেশ কৰিছে।
পিচে কোন হ’ব পাৰে? মানুহ হ’বই নোৱাৰে। নিগনি, জেঠী অথবা অন্য কিবা তেনে ধৰণৰে প্ৰাণী হ’ব পাৰে-মালহোত্ৰাই ভাৱিলে।
অধিক চিন্তা নকৰি তেওঁ দৰ্জাখনৰ ভিতৰফালৰ পৰা চিট্ কানি লগাই বন্ধ কৰি দিলে আৰু ওখ
লৌহ চন্দুকটোৰ কাষলৈ গ’ল।মোনাটোৰ মুখখন খুলি তলমূৰ কৰি দিয়া লগে লগে মজিয়াত
বহুকেইটা দুইহেজাৰ টকীয়া নোটৰ বাণ্ডিল থলথলকৈ সৰি পৰিল। মালহোত্ৰাই মেচিনযোগে নোটবোৰ গন্তি
আৰু পৰীক্ষা কৰিলে, তাৰ পিচত চন্দুকৰ দুৱাৰখন খুলি অপলক নেত্ৰে ঠাক ঠাককৈ সজাই
থোৱা দুই হেজাৰ টকীয়া নোটৰ বাণ্ডিলবোৰলৈ চাই ৰ’ল।মনলৈ এক বেজেৰুৱা ভাৱ আহিল তেওঁৰ। তেওঁ নিজৰ
বুদ্ধি আৰু কৌশলৰ বলত সংগ্ৰহ কৰা এই কোটি কোটি টকা মাহৰ শেষত ভাগ বটোৱাৰ কৰিব
লাগিব আৰু ইয়াৰে মাত্ৰ কেইকোটি মান টকাহে তেওঁৰ ভাগত পৰিব।
হঠাৎ মালহোত্ৰাই অনুভৱ কৰিলে যে
তেওঁৰ সোঁ ভৰিখনত কিবা এটা উঠিছে। লগে লগে বৃদ্ধ আঙুলিত চিৰিঞ্জেৰে খোঁচ মৰাৰ দৰে
প্ৰচণ্ড খোঁচ খালে।
“আহ্ ইমান বিষ। মই মৰি যাম এতিয়া, কোন ক’ত আছ আহ তুৰন্তে।“ মালহোত্ৰাই আটাহ পাৰি চিঞৰি দিলে।পিচে একো লাভ
নহ’ল।মালহোত্ৰাৰ নিথৰ দেহটো বন্ধ কোঠাৰ মজিয়াত ঢলি পৰিল।
----দুই----
বাসভৱনৰ বন্ধ কোঠাৰ দৰ্জা ভাঙি আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰাৰ মৃতদেহ উদ্ধাৰ কৰা কাণ্ডৰ সবিশেষ বৰ্ণনা কৰি বাতৰি কাকত, টি ভি চেনেল আদি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ সমান্তৰাল ভাৱে ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমতো নানা ধৰণৰ মুখৰোচক কাহিনী প্ৰকাশ পালে।বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমসমূহে মালহোত্ৰাৰ মৃত্যুৰ সন্দৰ্ভত প্ৰকাশ কৰা বাতৰিবোৰৰ সাৰাংশ প্ৰায় একেধৰণৰ।বাতৰিসমূহত প্ৰকাশ পাইছে যে যোৱা নিশা নিজা বাসভৱনৰ এটা কোঠাৰ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি টকা গন্তি কৰি থকা অৱস্থাত আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰাৰ কোনো অজ্ঞাত কাৰণত আকস্মিক মৃত্যু ঘটে।কোঠাটোৰ ভিতৰত মজিয়াত সিঁচৰিত অৱস্থাত বহুতো দুইহেজাৰ টকীয়া নোটৰ বাণ্ডিল আৰু এটা ল’কাৰৰ লগতে নোট গন্তি আৰু পৰীক্ষা কৰা যন্ত্ৰ-পাতি পোৱা গৈছে। এই সংক্ৰান্তত চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ স্পষ্টিকৰণ দিয়া নাই আৰু আৰক্ষী বিভাগেও তদন্তৰ খাতিৰতে কোনো কথা প্ৰকাশ কৰিব পৰা নাযাব বুলি কৈ সংবাদ মাধ্যমৰ পৰা আঁতৰি ফুৰিছে।কিন্তু ইয়াৰ বিপৰীতে ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে যে মৃত আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰা এজন অতি চতুৰ, অৰ্থলিপ্সু আৰু ঘোচখোৰ বিষয়া আছিল। মন্ত্ৰী আৰু উচ্চ স্তৰীয় বিষয়াক ধনৰ বলত নিজৰ পক্ষত ৰাখি বহুবছৰ ধৰি তেওঁ একে ঠাইতে চাকৰি কৰি আছিল।তেওঁ দেৱেশ্বৰ নামৰ এজন বিশ্বস্ত দেহৰক্ষী জোৱানক অসমৰ মাজেদি নিতৌ পাৰ হৈ বাৰ্মিজ চুপাৰি কঢ়িয়াই নিয়া শ শ ট্ৰাকৰ পৰা চিণ্ডিকেট যোগে ধন সংগ্ৰহ কৰিবলৈ দিছিল।মালহোত্ৰাই কোটি কোটি টকা একত্ৰিত কৰি সেয়া মন্ত্ৰী, উচ্চ পদস্থ বিষয়া, উগ্ৰপন্থী আদি সকলোৰে মাজত ভগাই দি নিজেও শ শ কোটি টকাৰ গৰাকী হৈ গপতে গঙ্গাটোপ হৈ পৰিছিল। তেওঁ আৰু তেওঁৰ হৈ ধন সংগ্ৰহৰ অভিযানত নামি পৰা দেহৰক্ষী জোৱান দেৱেশ্বৰৰ আয় বহিৰ্ভূত সম্পত্তি দেখি ৰাইজ হতবাক হৈছে। তেওঁৰ চিণ্ডিকেটৰাজৰ বিপক্ষে মাত মতা প্ৰচাৰ মাধ্যম, সামাজিক অনুষ্ঠান আদিক বৃ্দ্ধ অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি ভাবুকি প্ৰদান কৰি আহিছিল।
সামাজিক মাধ্যমত
প্ৰকাশিত খবৰ অনুযায়ী বিক্ৰম মালহোত্ৰাৰ মৃত্যু স্বাভাৱিক কাৰণত হোৱা নাই, তেওঁক
হত্যা কৰা হৈছে।মৃতদেহৰ পোষ্টমৰ্টেম ৰিপৰ্ট পৰীক্ষা কৰাৰ পিচত নিশ্চয় এই কথা
পোহৰলৈ আহিব।কাৰণ, প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে মৃতদেহৰ সোঁ ভৰিৰৰ বৃদ্ধ আঙুলিত
তেজৰ চেকুৰা দেখা পোৱা গৈছিল।তাৰোপৰি এক গোপন সূত্ৰৰ খবৰ অনুযায়ী কোঠাটোৰ এচুকত
মৃতদেহৰ কাষতে প্ৰিন্টআউট সদৃশ নিচেই
অকণমান কাগজৰ টুকুৰা এটা পাই অনুসন্ধানকাৰী পুলিচ বিযয়াই বুটলি লৈছিল, য’ত লিখা আছিল-‘No -1 is finished’।
অৱশ্যে বিক্ৰম মালহোত্ৰাক
যে প্ৰকৃততে হত্যা কৰা হ’ল সেই কথা পৰিষ্কাৰ হ’বলৈ বেছিপৰ নালাগিল।নগৰখনত পিচদিনা ৰাতি অন্য এক
কাণ্ড ঘটিল।ৰাজ্যখনৰ মহাপ্ৰতাপী বুলি জনাজাত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী কৌটিল্য কুমাৰ
বৰুৱাই আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰাৰ মৃত্যুৰ পৰবৰ্তী পৰ্যায়ত ৰাজ্যখনৰ শান্তি
শৃঙ্খলা ৰক্ষা সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ বাস ভৱনত অনুষ্ঠিত বৈঠকত ভাগ লৈছিল। সভাত
অসম পুলিচৰ সঞ্চালক প্ৰধান, গুপ্তচৰ বিভাগৰ মূৰব্বী বিষয়া, ৰাজ্যৰ গৃহ বিভাগৰ
সচিবকে ধৰি অন্যন্য দায়িত্বশীল বিষয়-ববীয়াৰ মাজত হোৱা আলোচনাবোৰ মন্ত্ৰী কৌটিল্য
কুমাৰ বৰুৱাই অত্যন্ত ভাবুক হৈ নিৰৱে শুনি আছিল। কাৰো কোনো কথাতে তেওঁ পতিয়ন যাব পৰা নাছিল।
তেওঁৰ ভাৱ-ভঙ্গীত তেনে মনোভাৱ
স্পষ্ট ভাৱে ফুটি উঠিছিল।গৃহ বিভাগৰ ওপৰত যেন তেওঁ আস্থা হেৰুৱাই পেলাইছে, এনে ভাব
প্ৰকাশ পোৱা যেন অনুভৱ কৰি গৃহ বিভাগৰ দায়িত্বত থকা স্বয়ং মুখ্য মন্ত্ৰী গৰাকীয়ে
মন্ত্ৰী কৌটিল্য কুমাৰ বৰুৱাক তেওঁৰ পৰামৰ্শ আগ বঢ়াবলৈ অনুৰোধ কৰিলে। সেই ক্ষণত ‘গৃহ বিভাগটো মোকেই এৰি দিয়ক’ বুলি কৈ দিবলৈ মন গৈছিল
কৌটিল্য কুমাৰ বৰুৱাৰ।নক’লে।তেওঁ ক’লে যে আৰক্ষী অধীক্ষক বিক্ৰম মালহোত্ৰাক
পৰিকল্পিত ভাৱে হত্যা কৰা হৈছে আৰু হত্যাকাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ
সম্ভেদ উলিয়াব পৰা নাই। গতিকে চি চি টিভি কেমেৰাৰ দখললৈ ভি আই পি সকলৰ বাসস্থানৰ
লগতে সমগ্ৰ বিচৰণ স্থলিক আনিবলৈ তেওঁ পৰামৰ্শ দিলে আৰু নিশাৰ ভাগত পুলিচৰ পেট্ৰলিং
বৃদ্ধি কৰিবলৈ ক’লে। বৈঠকৰ অন্তত ঘৰলৈ ঘূৰি আহি নিশা দহ
বজাত তেওঁ বাথৰুমত সোমাল। গা ধুই থাকোঁতেই ভেন্টিলেটৰখনত কিবা এক মসৃণ যান্ত্ৰিক
শব্দ শুনি ওপৰলৈ দৃষ্টি নিক্ষেপ কৰিলে। ঠিক সেই সময়তে জেঠীৰ দৰে কিবা এটা হঠাৎ তললৈ সৰি পৰিল আৰু সি কৌটিল্য কুমাৰৰ ভৰিৰ বুঢ়া আঙুলিত
দংশন কৰিলে।লগে লগে তেওঁ বাথ ৰুমৰ মজিয়াত ঢলি পৰিল আৰু প্ৰাণ বায়ু উৰা মাৰিলে।কোঠাৰ
একোণত পৰি ৰ’ল এটুকুৰা কাগজ য’ত লিখা আছিল-‘No -2 is finished’।
মন্ত্ৰী কৌটিল্য
কুমাৰৰ আকস্মিক মৃত্যুক চৰকাৰ, প্ৰশাসন, আৰক্ষী আৰু জনতা কোনেও সহজ ভাৱে ল’ব নোৱাৰিলে। সকলো পক্ষই
এইবাৰ সন্ত্ৰস্ত আৰু সতৰ্ক হ’ল। ৰাজ্যখনত হুৱাদুৱা লাগিল আৰু হত্যাকাৰীক শীঘ্ৰে
গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবৰ বাবে ৰাইজে দাবী কৰিলে, কিন্তু সকলো পক্ষকে অধিক
সন্ত্ৰসিত কৰি হত্যাকাৰীয়ে অনায়াসে প্ৰত্যেক নিশাকে কাল অমানিশালৈ ৰূপান্তৰিত কৰি
এজন এজনকৈ লোকক হত্যা কৰি ক্ষুদ্ৰ কাগজৰ
টুকুৰাত হিচাপ লিখি নিজৰ জয়যাত্ৰাৰ প্ৰমাণ ৰাখি যাব ধৰিলে।এজন বা দুজন লোক নহয়,
ইতিমধ্যে প্ৰতি নিশা এজন এজনকৈ হত্যাকাৰীয়ে অভিনৱ কৌশলেৰে বহুতো লোকক হত্যা কৰিছে।
সৰ্বসাধাৰণ জনতাৰ বাবে কিন্তু ঘটনাৰাজি কিছু আমোদজনক হৈ পৰিছিল এই কাৰণেই যে,
হত্যাকাৰীয়ে কেৱল দুৰ্নীতিপৰায়ণ লোককহে টাৰ্গেট কৰি লৈছিল আৰু কথাটো বুজি উঠাৰ পিচত
অধিক দুৰ্নীতিপৰায়ণ লোকসকলক পুলিচ আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ দ্বাৰা
ৰক্ষনাবেক্ষনৰ ব্যৱস্থা কৰা হৈছিল।ইয়াৰ ফলত হত্যাকাৰীয়েও অতি সহজে টাৰ্গেট স্থিৰ
কৰিব পাৰিছিল। ৰাইজে কৈছিল,”পুলিচ বিভাগৰ নখ দৰ্পনতে দুনীতিত
লিপ্তসকলৰ নাম মজুত আছে। নধৰেহে।” পুলিচে অপৰাধীক কৰায়ত্ব কৰাত বিফল হোৱা হত্যাকাণ্ডবোৰৰ কাহিনীয়ে সমগ্ৰ দেশৰ বাতৰি কাকতৰ শিৰোনাম
দখল কৰিলে আৰু বৈদ্যুতিন মাধ্যম আৰু সামাজিক প্ৰচাৰ মাধ্যমত তোলপাৰ লাগিব ধৰিলে।
--------তিনি------
‘দেৱযানী ইলেক্ট্ৰনিকছ’।
কেইটামান দিন ছুটীত
কটাই প্ৰসেনজিৎ বাৰ্মাই পুনৰ চাকৰিত যোগদান কৰিলে। কিন্তু দুৰ্ভাগ্যৰ কথা যে
পাকিস্তানী সেনাৰ আক্ৰমণত জখম হৈ তেওঁ
পাকিস্তানী সেনাৰ কবলত পৰে। পিচে অতি কৌশলেৰে তেওঁ পাকিস্তানী সেনাৰ বন্দীত্বৰ পৰা
মুক্ত হয়। বাৰ্মাই সেনা বাহিনীৰ হাস্পাতালত কিছুদিন চিকিৎসা লৈ আৰোগ্য হৈ আকৌ ছুটীত ঘৰলৈ আহে। তাৰ
কেইদিনমান পিচতে দেৱযানীৰ মৃত্যুৰ বাতৰি পাই শোকত ম্ৰিয়মান হৈ কুন্তল গোস্বামীয়ে বেংগালুৰু এৰি ক’ৰবাত হেৰাই যায়।
“অনুগ্ৰহ কৰি ক্ষমা কৰিব,মোৰ যদি ভুল হোৱা নাই
তেন্তে আপুনি সংযুক্তা দেৱী নহয়নে?”
নামফলকখনলৈ চাই ভাৱত
বিভোল হৈ থকা সংযুক্তাক প্ৰজ্ঞানে হঠাৎ মাত লগোৱাত তাই উচপ খাই উঠিছিল।
“হয়, মই সংযুক্তা। তুমি নিশ্চয় প্ৰজ্ঞান দুৱৰা,
নহয়নে বাৰু?” ততালিকে নিজকে সংযত কৰি সংযুক্তাই ক’লে।
“হয় হয়, আপুনি ঠিকেই ধৰিছে। আকাশদাই চাগৈ মোৰ
বিষয়ে আপোনাক সকলো জনাইছে। আহক এতিয়া, দাদাই আপোনাৰ বাবে অপেক্ষা কৰি আছে।“
সংযুক্তাই জানিছিল-
আকাশেই কুন্তল।
দুয়ো ‘দেৱযানী ইলেক্ট্ৰনিকছ’ত প্ৰৱেশ কৰি এক গুপ্ত
দুৱাৰ খুলি গোপন কোঠাত থকা এটা লিফ্টৰ বুটাম টিপিলে। লিফ্টটো তললৈ নামি গৈ এঠাইত
ৰৈ গ’ল।দুয়ো গৈ এটা কোঠাত প্ৰৱেশ কৰিলে।
“হেল্ল, ম’ষ্ট ৱেলকাম বেবী।নাইচ টু মিট য়ু।“ কুন্তলে সংযুক্তাক উষ্ম
আদৰণি জনালে।
সংযুক্তাই ৱাচৰুমৰ
পৰা আহি ফ্ৰেচ হৈ লৈ কুন্তলৰ সৈতে চাহ জলপান খাই এক আছুতীয়া কোঠাত কিছু দৰকাৰি কথা
আলোচনা কৰিব খুজিলে।দুয়ো অন্য এক গোপন কক্ষত প্ৰৱেশ কৰিলে।
এক গহীন গম্ভীৰ
পৰিৱেশে বিৰাজ কৰা কোঠাটোত যেন দুই আত্মীয়ৰ হিয়াৰ এনাজৰিডাল জোৰা লগাবলৈ আহি
কিছুমান প্ৰশ্নবোধক চিহ্নে অপেক্ষা কৰি আছে। আৰামী চোফাত দেহ বিসৰ্জন দি সিহঁত
দুয়োৰে মনবোৰে অসমৰ পৰা বেংগালুৰুলৈ দৌৰা দৌৰি কৰি আছে।কুন্তলে সংযুক্তাৰ মুখলৈ থৰ
লাগি চাই ৰ’ল। ভাৱিলে কি ক’ব তাই।তাৰ আৱেগভৰা নজৰত সংযুক্তাৰ মুখেৰে মাত বাহিৰ হৈ গ’ল।
“কুন্তলদা, আপোনাৰ বাবে এক সু-খবৰ মই লৈ আহিছো।“হাতৰ ম’বাইল ফোনটো টিপি টিপি
সংযুক্তাই ক’লে, “এয়া লওক আপোনাৰ ফোন।“
“হেল্ল’,মাতটো তেনেই চিনাকি চিনাকি যেন লাগিছে যে, আপুনি কোন বাৰু?” কুন্তলে অতি ব্যগ্ৰতাৰে প্ৰশ্ন
কৰিলে।
“হেল্ল কুন্তল, মই দেৱযানী, তোমাৰ
দেৱযানী।“কুন্তলৰ শৰীৰৰ মাজেদি যেন কাহানিবাতে মৃত্যু হোৱা দেৱযানীজনী
হঠাৎ পাৰ হৈ দিলে আৰু সি হাঁহিব লাগেনে কান্দিব লাগে সকলো পাহৰি গ’ল।তাৰ মুখৰ মাত সৰিল।
“কি হ’ল কুন্তল?একো নোকোৱা হ’লা যে। বিশ্বাস হোৱা নাই নেকি? মই সঁচাই দেৱযানী।“
“কি..কিন্ত এয়া কেনেকৈ সম্ভৱ হৈছে, কোৱাচোন দেৱযানী। “ আশ্চৰ্যান্বিত হৈ সংযুক্তালৈ দৃষ্টি নিক্ষেপ কৰি কুন্তলে ক’লে।
দেৱযানীয়ে তাইৰ
প্ৰিয়তম কুন্তলক সকলো কথা জনালে। সেনা বিষয়া প্ৰসেনজিৎ বাৰ্মা ছুটী লৈ ঘৰত থাকোঁতে দেৱযানীহঁতৰ ঘৰলৈ আহিছিল।
তেতিয়া দেৱযানীৰ ভাইৰেল জ্বৰ হোৱা বাবে এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি হৈ আছিল।
বাৰ্মাই জনাইছিল যে তেওঁ দেৱযানীৰ ম’বাইল ফোনৰ পৰা লাভ কৰা তেওঁলোকৰ গোপন উদ্ভাৱনৰ কিছুমান তথ্য
পাকিস্তানী সৈন্যই বন্দী কৰোঁতে বাৰ্মাৰ পৰা হস্তগত কৰে। কথাবোৰ বিতংভাৱে চোৰাং-চোৱাৰ জৰিয়তে জনাৰ আশাতে বাৰ্মাক পাকিস্তানী সেনাই ইচ্ছাকৃত
ভাৱে মুক্ত কৰি দিয়ে। তেওঁক ভাৰতবৰ্ষত পিয়াপি দি থকা পাকিস্তানী চোৰাং-চোৱাই অহৰহ
নিৰীক্ষণ কৰি আছে। সেয়েহে এইবোৰ কথাত যিহেতুকে দেৱযানী জৰিত হৈ আছে, সেয়ে তাইক যে
অপহৰণ কৰা হ’ব সেইটো খাটাং। গতিকে হাস্পাতালত তাইক মৃত ঘোষণা কৰি আত্মগোপন কৰিবলৈ দিয়াৰ বাদে
কোনো উপায় নাছিল।দেৱযানীয়ে নিৰোপায় হৈ তাকে কৰিছিল। নিৰাপত্তাৰ খাটিৰত কুন্তলৰ
সৈতেও কোনো ধৰণৰ যোগাযোগ কৰাৰ পৰা বিৰত আছিল তাই।দেৱযানীৰ মৃত্যুৰ খবৰটো পাই
কুন্তল শোকত ভাগি পৰি অৱশেষত বেংগালুৰু এৰি ক’ৰবাত হেৰাই গৈছিল।
“পিচে দেৱযানী, কোৱাচোন তোমালোকে মোৰ ঠিকনা কেনেকৈ বিচাৰি
পালা?“
দেৱযানীয়ে কুন্তলৰ
প্ৰশ্নৰ উত্তৰত ক’লে যে অসমত চলি থকা দুৰ্নীতিগ্ৰস্ত লোকক কৰা হত্যাকাণ্ডবোৰৰ
বিষয়ে বাতৰি কাকত, টিভি চেনেল আৰু ফেচবুক-টুইটাৰ আদিৰ যোগেদি জানিব পাৰি তেওঁলোকে
নিশ্চিত হৈছিল যে এই কাম মাথো তেওঁলোকৰ দ্বাৰা সৃষ্ট যান্ত্ৰিক জীৱইহে কৰিব পাৰে
আৰু তাৰ গৰাকী কুন্তলৰ বাদে আন কোনো হ’ব নোৱাৰে, যিজনে আকাশ বৰুৱা নাম লৈ প্ৰতিপক্ষৰ চকুত ধূলি
দিবলৈ গুৱাহাটীত ‘দেৱযানী ইলেক্ট্ৰনিকছ’ নামৰ দোকান চলাই আছে।
“সংযুক্তা,তুমি মোৰ অৱস্থিতি কেনেকৈ নিৰ্ণয় কৰিলা?”
“সেয়া মোৰ বাবে তেনেই সহজ কথা। কাৰণ, মই বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান সংস্থানৰ এগৰাকী গৱেষক আৰু লগতে বাইদেউ
দেৱযানীৰ কৃপাত আপোনালোকৰ প্ৰজেক্টটোৰো সক্ৰিয় সদস্যা।” সংযুক্তাই ক’লে, “গতিকে আপুনি যিবোৰ ডিভাইচ বা কাইদাৰ যোগেদি হত্যাকাৰী যান্ত্ৰিক জীৱৰ
অৱস্থিতি নিৰ্ণয় কৰে তাৰ যোগেদিয়েই মই আপোনাৰ বাসগৃহৰ গোপন কক্ষত ৰখা যান্ত্ৰিক
জীৱৰ অৱস্থিতি ধৰা পেলাই ‘দেৱযানী ইলেক্ট্ৰনিকছ’ৰ স্বত্বাধিকাৰী তথা দুৰ্নীতি-ব্যভিচাৰ বিৰোধী ব্যক্তি আপোনাক বিচাৰি
উলিয়াই মোৰ প্ৰকৃত পৰিচয় দি কথাবোৰ সহজ কৰি পেলাইছো। আপোনাৰ যান্ত্ৰিক জীৱক ময়ো দূৰ নিয়ন্ত্ৰণ
পদ্ধতি যোগে পৰিচালিত কৰি অভিস্ত সিদ্ধি কৰিব পাৰোঁ।কিন্তু এইবোৰতকৈ বহুতো মহান
কাম আপোনাৰ-মোৰ কৰিব লগা আছে।কথা পাতক বাইদেৱে সকলো জনাব।”
“হেল্ল দেৱযানী, কোৱা।” কুন্তলে তাইৰ সৈতে ফোনৰ সংযোগ স্থাপন কৰি ক’লে।
“হেল্ল কুন্তল, তোমাৰ বাবে এক সুন্দৰ ‘অফাৰ’ আহিছে। ভাৰত চৰকাৰে ভাৰতীয় স্থল সেনা বাহিনীৰ বাবে
আমাৰ প্ৰজেক্টটো গ্ৰহণ কৰিছে আৰু তাৰ সঞ্চালক পদত তোমাক নিযুক্তি দিছে।তোমাক
অভিনন্দন জনালো কুন্তল।”
“ধন্যবাদ দেৱযানী, পিচে মোৰ অসমৰ বাবে কৰিব লগা বহু
কাম বাকী ৰৈ গ’ল যে।” কুন্তলে বেজাৰ মনেৰে ক’লে।
“হেল্ল’ কুন্তল, তুমি এইদৰে দুৰ্নীতিপৰায়ণ মানুহ শেষ কৰিব
নোৱাৰা।নল মৰি গজালি ওলোৱাদি ওলায়ে থাকিব।সমাজ ব্যৱস্থাৰ আমোল পৰিবৰ্তন ঘটালেহে
দুৰ্নীতি নিৰ্মূল হ’ব। দেশৰ বাবে কৰিব পৰা মহান কামবোৰ এৰি তুমি যে সেইবোৰত লাগি আছা, তোমালোকৰ
অসমৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল পৰিবৰ্তনকামী চৰকাৰখন ক’ত গ’লনো? বুজিছা কুন্তল, অসমৰ বোৱাৰী হ’ম বুলি ময়ো অসম বুৰঞ্জী পঢ়িছো। সাৱধান হোৱা। অসমীয়াৰ তেজত লাচিতৰ তেজ নোহোৱা হৈছে, বদন আৰু ল’ৰাৰজাৰ তেজ উথলি উঠিছে। অ’ মোৰে গদাধৰটি, তুমি সংযুক্তাৰ সৈতে মোৰ কাষলৈকে গুচি আহা।মইয়ে তোমাৰ
ডালিমীজনী নহয় জানো?”গম্ভীৰ বিষয় বস্তুৰ মাজৰ পৰা আঁতৰি অহাৰ উদ্দেশ্যে ৰসিকতা সৃষ্টিৰ বাবে শেষৰটো
বাক্য কৈ দেৱযানীয়ে হাঁহি ৰখাব নোৱাৰা হ’ল।বহুদিনৰ মূৰত কুন্তলৰ মুখ মণ্ডলো এচমকা হাঁহিত পুৱাৰ ৰ’দজাকত ফুলনিখন উজলি উঠাৰ দৰে উজলি
উঠিল। কুন্তলৰ মুখলৈ চাই এক যোগাত্মক পৰিৱেশৰ ইংগিত পাই সংযুক্তাইও মিচিকিয়া হাঁহি
এটি মাৰি উন্মুক্ত খিৰিকীৰে দূৰ দিগন্তলৈ চাই চাই দিগবলয়ত ভৱিষ্যতৰ সোণোৱালী
স্বপ্নৰ সন্ধান কৰিলে।
-------)(-------
বিশেষ দ্ৰস্তব্য-- গল্পটো অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী " ৰহস্য" ৰ অক্টোবৰ ,২০১৯ সংখ্যাত প্ৰকাশ পাইছে।
বিশেষ দ্ৰস্তব্য-- গল্পটো অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী " ৰহস্য" ৰ অক্টোবৰ ,২০১৯ সংখ্যাত প্ৰকাশ পাইছে।
No comments:
Post a Comment