দ্বিতীয় মহাযুদ্ধৰ পৰিসমাপ্তি ঘটাৰ পিচত ৰাজনৈতিক পুণৰুত্থানৰ ঢৌ উঠিল। এচিয়া
আৰু আফ্ৰিকাৰ দেশবোৰে কান্ধৰ পৰা ঔপনিবেশবাদৰ যুঁৱলিখন দলিয়াই পেলালে। সেই সময়ছোৱাতেই অৰ্থনীতিবিদ সকলৰ পূৰ্বৰে পৰা
থকা উন্নয়নৰ অৰ্থনীতিৰ প্ৰতি ধাউতি পুনৰ জাগ্ৰত হৈ ক্ৰমান্বয়ে বৃদ্ধি পাই যাব
ধৰিলে। এই দেশবোৰৰ নতুন ৰাজনৈতিক নেতোসকলৰ খৰতকীয়া অৰ্থনৈতিক উন্নয়ন সাধনৰ প্ৰতি
থকা সদ্দিচ্ছা আৰু উন্নত দেশবোৰেও ‘কোনো ঠাইত
দৰিদ্ৰতা থাকিলে সকলো ঠাইৰ সমৃদ্ধিৰ প্ৰতি ভাবুকি আহিব’ (poverty anywhere is a threat to prosperity
everywhere,) বোলা কথাষাৰ
উপলব্ধি কৰি তেওঁলোকৰ নিজৰ ফালৰ পৰা সহযোগিতা আগ বঢ়োৱাত অৰ্থনৈতিক উন্নয়নৰ
বিষয়টোত অধিক মনোযোগ বাঢ়িল। কিন্তু অনুন্নত
দেশবোৰৰ বহুব্যাপ্ত দৰিদ্ৰতা দূৰীকৰণৰ প্ৰতি সম্পদশালী দেশবোৰৰ মানৱহিতৈষী মনোভাৱ
জাগ্ৰত নহ’ল। তাৰ পৰিণতিতেই আজিৰ
বিশ্বায়ণৰ যুগত গোলকীয় অৰ্থনৈতিক বৈষম্যই চৰম সীমা অতিক্ৰম কৰিছে। আজিকালি জোৰ
দিয়া দুটা অৰ্থনৈতিক বিচাৰ্য বিষয় হ’ল উৎপাদন আৰু উন্নয়ন বৃদ্ধি। ইয়াকে কৰি যাওঁতে অৰ্থনৈতিক বৈষম্যৰ ফলত হোৱা বিত্তীয় অস্থিৰতাৰ
দৰে গোলকীয় অৰ্থনৈতিক সংকটে চূড়ান্ত অৱস্থা পোৱা বিষয়কো আওকাণ কৰি যোৱা হৈছে।
সম্পদ আহৰণ আৰু উপাৰ্জনৰ অসমতাকে অৰ্থনৈতিক বৈষম্য বোলা হয়। আয়ৰ সৈতেই ই অধিক
জড়িত। আয়ৰ বৈষম্যই এখন দেশৰ
অৰ্থনৈতিক দক্ষতাৰ অনিষ্ট সাধন কৰাৰ কিছুমান কাৰণ আছে। এক ব্যষ্টিগত অৰ্থনীতিৰ
স্তৰত ৰুগ্ন স্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষাৰ ব্যয় বঢ়ায় আৰু দৰিদ্ৰসকলৰ শৈক্ষিক
দক্ষতা অৱনমিত কৰে। এই দুটা উপাদানে কৰ্মী বাহিনীৰ উৎপাদনশীলতা হ্ৰাস কৰাত অৰিহণা যোগায়। এক সমষ্টিগত অৰ্থনৈতিক
স্তৰত বৈষম্যই উন্নয়নৰ গতি ৰোধক হ’ব পাৰে আৰু অৰ্থনীতিক অস্থিৰ কৰি তুলিব পাৰে। যদি মানুহবোৰ স্বাস্থ্যৱান নহয় তেন্তে তেওঁলোকে
সম্পূৰ্ণ উৎপাদন ক্ষমতাৰে কাম কৰিব নোৱাৰে। বৈষম্যই ৰুগ্ন স্বাস্থ্যৰ প্ৰত্যক্ষ
কাৰণ হয়নে নহয় সেইটো নিৰ্ণয় কৰা জটিল। সমতাপূৰ্ণ অৱস্থাত, গৱেষণাই এই
কথা সূচনা কৰা দেখা যায় যে বৈষম্যই স্বাস্থ্য
হানি কৰে। বৈষম্যই মানসিক চাপ বৃদ্ধি কৰে আৰু তাৰ যোগেদি বহুধৰণৰ বেমাৰ আহি যায়।
বিশ্ব স্বাস্থ্য সংগঠনৰ গৱেষণাই বিশেষ ভাৱে দেখুৱাইছে যে ইউৰোপৰ বহুতো বৈষম্যপূৰ্ণ
দেশত মানসিক স্বাস্থ্যৰ দৈন্যতা বাঢ়িছে। বহুতো চহকী দেশত এজন ব্যক্তিৰ স্বাস্থ্যৰ
ব্যয়ত ক্ৰমহ্ৰাসমান প্ৰান্তীয় প্ৰত্যাবৰ্তন ঘটে অৰ্থাত ব্যয় কমি গৈ নোহোৱা হয়।
গতিকে চহকীসকলৰ শুশ্ৰুষাৰ ধন দৰিদ্ৰসকলক শুশ্ৰুষা কৰিবলৈ স্থানান্তৰিত কৰিলে
বৈষম্য কমিব আৰু সকলোৰে স্বাস্থ্যৰ উন্নতি সাধন কৰিব।
সন্তানসকল বিদ্যালয়ত কম কৃতকাৰ্য হ’লে অতি দক্ষ কৰ্মী হোৱাৰ
সম্ভাৱনা কমি যায়। তেওঁলোকৰ উৎপাদন ক্ষমতা কমি যায়, লগে লগে অৰ্থনীতিত উৎপাদন
ক্ষমতা হ্ৰাস পায়। আৰ্থিক সহযোগ আৰু বিকাশ সংগঠন(OECD) ৰ গৱেষণাত
মন্তব্য কৰিছে যে উচ্চ মাধ্যমিক শ্ৰেণীৰ শিক্ষা সাং কৰাৰ হাৰ বৃদ্ধিৰ নীতিয়ে ঘৰুৱা
মুঠ উৎপাদন বৃদ্ধি কৰে। বৈষম্যই ইয়াৰ খণ্ডিতকৰণ প্ৰতিক্ৰিয়াৰ বাবে দক্ষতা হ্ৰাস
কৰে। ইয়াৰ এটা সুন্দৰ প্ৰমাণ আছে যে
তেওঁলোকৰ সমনীয়াসকলৰ আগ্ৰহ আৰু
অনুপ্ৰেৰণাৰ ওপৰত অন্ততঃ আংশিক ভাৱে হলেও সন্তানসকলৰ বিদ্যালয়ৰ কৃতকাৰ্যতা নিৰ্ভৰ
কৰে। যদিহে বিদ্যালয়সমূহ পৃথকীকৰণ কৰা হয় তেন্তে আৰ্থসামাজিকভাৱে বাধাগ্ৰস্ত
সন্তানসকলে অন্য বাধাগ্ৰস্ত সন্তানসকলৰ লগত মিলামিছা কৰিব, আৰু সেইদৰে
সেইবোৰ সন্তানে ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰে। বিদ্যালয়ৰ শিক্ষকৰ মানদণ্ডকে ধৰি
বিদ্যালয়ৰ যিকোনো প্ৰভাৱতকৈ সমনীয়াৰ প্ৰভাৱ বেছি হয়। বৈষম্যপূৰ্ণ সমাজত পৃথকীকৰণ
প্ৰবল হয়। অধিক প্ৰতিভাসম্পন্ন সন্তানৰ সৈতে মিলামিছা কৰি চহকী ঘৰৰ সন্তানৰ ওপৰত
পৰা ইতিবাচক প্ৰভাৱতকৈ কম প্ৰতিভাসম্পন্ন সন্তানৰ সৈতে মিলামিছা কৰা দৰিদ্ৰ সন্তানৰ
ওপৰত বেছি নেতিবাচক প্ৰভাৱ পৰে। গতিকে বৈষম্যই শিক্ষা প্ৰাপ্তিত আচল কৰ্তন আনি
দিয়ে। দৰি্দ্ৰ বিদ্যালয়লৈ সামান্য কিছু সম্পদ যোগানে স্বাস্থ্য খণ্ডৰ দৰে বৈষম্য
হ্ৰাস কৰাত প্ৰভাৱ নেপেলায়। ওপৰত উল্লেখ কৰা গৱেষণাই বৰ্ণনা কৰিছে যে যেতিয়ালৈকে
আবাসিক পৃথকীকৰণ বা পিতৃ-মাতৃয়ে বিদ্যালয় নিৰ্বাচন কৰাটো চলি থাকিব তেতিয়ালৈকে
বৈষম্যমূলক ফলাফল অটুট থাকিব। সেইদৰেই বৈষম্যৰ সাধাৰণ দৃষ্টিতেই ধৰা পৰা অৰ্থনৈতিক
বৈষম্যৰ ওপৰত পৰা প্ৰভাৱ আছে।
বহুতো অৰ্তনীতিবিদে যুক্তি প্ৰদৰ্শন কৰে যে বৈষম্যই অৰ্থনৈতিক ভাৰসাম্যহীনতা
আনি দিয়ে। এনে হোৱাৰ প্ৰক্ৰিয়াটো ঘটে এইদৰে- ধনীসকলে দুখীয়াতকৈ তেওঁলোকৰ আয়ৰ এক
অতি কম অংশ ব্যয় কৰে। যিখিনি ধন নিম্ন আয়ৰ লোকসকলে ব্যয় কৰিলেহেঁতেন সেইখিনি
ধনীসকলে সঞ্চয় কৰে। ই সৰ্বমুঠ চাহিদাৰ পৰিমাণ হ্ৰাস কৰে, যাৰ ফলত
কৰ্মহীনতাৰ উদ্ভৱ হয়। ইয়াৰ বাবে চৰকাৰে চাহিদাৰ সম্প্ৰসাৰণ ঘটাবলৈ সুতৰ হাৰ কম
কৰাৰ দৰে ব্যৱস্থা হাতত লয়। এই কাৰ্যই সম্পদশালী ঠগসকলক সুযোগ আনি দিয়ে-উদাহৰণ
স্বৰূপে, অবহনক্ষম ধৰণে ঘৰ-সম্পত্তিৰ মূল্য বৃদ্ধি ঘটিব
ধৰে। বৈষম্য বাঢ়ি যোৱাৰ লগে লগে আপেক্ষিকভাৱে নিম্ন
আৰু কমি গৈ থকা আয়ৰ সন্মুখীন হোৱা ব্যক্তিসকলে ধাৰ-বাকী কৰি(ধনীসকলৰ জমাৰ পৰা
যোগান ধৰা বিত্ত) তেওঁলোকৰ উপভোগ চলাই নিয়ে। তেনেই কম পৰিমাণে কৰ্মহীনতা দূৰ হয়
আৰু সুতৰ হাৰ বাঢ়ে, যাৰ বাবে বন্ধকী ঋণ বা উপভোক্তা ঋণ অনাদায় হৈ
ৰয়। ইয়াৰ ফলত অৰ্থনীতিলৈ সৰ্বনশীয়া পৰিণাম আহি পৰে।
উন্নত দেশবোৰৰ অৰ্থনৈতিক বৈষম্যই গোলকীয় অৰ্থনৈতিক সংকট নমাই অনাত সহায়ক হৈছে
বুলি কিছুমান স্তৰত একমত হৈছে। পৃথিবীৰ বৰ্তমান অৰ্থনৈতিক ব্যৱস্থাৰ আমূল
পৰিবৰ্তন ঘটোৱাৰ আহ্বান জনাইছে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ ড. মুহম্মদ ইউনূসে।
তেওঁ কৈছে, “কিছু লোকৰ হাততেই
সকলো সম্পদ পুঞ্জীভূত হৈ যোৱাটোৱেই আজিৰ অৰ্থনীতিৰ মূল সংকট। সমগ্ৰ বিশ্বতেই একে
পৰিস্থিতি। ধনীসকল ধনী হৈ গৈ আছে আৰু দৰিদ্ৰ হৈছে অধিক দৰিদ্ৰ। কিছুমান দেশৰ
মানুহৰ ওচৰত সম্পদ আছে আৰু কাৰোবাৰ ওচৰত নাই। জাতিগতভাৱে সম্পদৰ এই বৈষম্য বিশ্বৰ
শান্তিৰ ক্ষেত্ৰতো ভাবুকি স্বৰূপ হৈ পৰিছে। দেশে দেশে সম্পদৰ এই বৈষম্য যিমানে
বাঢ়িব, সংঘৰ্ষও সিমানে বাঢ়িব। সম্পদৰ এই বৈষম্যৰ ওৰ
পেলাবই লাগিব। এইটো সম্ভৱ। মানুহেই এই কাম কৰিব লাগিব।“ তেওঁ কয় যে সামাজিক ব্যৱস্থাইও সম্পদৰ বৈষম্য কমাই অনাত সহায় কৰিব পাৰিব। অৰ্থনৈতিক
ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন কৰি সম্পদৰ বৈষম্য দূৰ কৰিব পৰা
যায়। অৰ্থনৈতিক ব্যৱস্থা এনে হোৱা উচিত যিয়ে দৰিদ্ৰৰ বাবে কাম কৰে।
জেমছ কে গেলব্ৰেইথে
(James K Galbraith) তেওঁৰ পুথি বৈষম্য আৰু অস্থিৰতা (Inequality and Instability )ত মন্তব্য কৰিছে
যে অধিক সমদৰ্শী সমাজে নিম্ন পৰ্যায়ৰ স্থিৰ হৈ থকা কৰ্মহীন অৱস্থা কামনা কৰে।
তেওঁলোকে প্ৰযুক্তিগত উন্নয়ন আৰু অৰ্থনৈতিক বৃদ্ধিও বিচাৰে। এক সমমজুৰি বিতৰণে উচ্চ প্ৰমূল্যযুক্ত
উদ্যোগসমূহৰ বিশেষীকৰণত উৎসাহ যোগায়। নিম্ন
মজুৰি, নিম্ন
প্ৰমূল্যসংযুক্ত উদ্যোগবোৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব নোৱাৰে। ইতিমধ্যে, আন্তৰ্জাতিক মুদ্ৰা নিধিৰ(International Monetary Fund) অৰ্থনীতিবিদসকলৰ কাৰ্যই দেখুৱাইছে যে আয় বিতৰণৰ অধিক সমতাৰ সৈতে দীৰ্ঘ ম্যাদী
উন্নয়ন বলিষ্ঠভাৱে জড়িত হৈ আছে।
ন্যুন্যতম মজুৰি বৃদ্ধি কৰি কৰ্মীসকলৰ দক্ষতা বঢ়াব পাৰি। নথিভুক্ত নোহোৱা
কৰ্মীসকলক কেৱল মজুৰিৰ ক্ষেত্ৰতে নিয়মীয়াকৰণ নহয়, একে কৰ্মক্ষেত্ৰৰ
কৰ্মীৰ সৈতে সমান মজুৰি প্ৰদান কৰা উচিত। কৰ্মচাৰিসকলক আৰ্জিত ৰোগজনিত ছুটি আৰু
পাৰিবাৰিক কৰ্মবিৰতিৰ সুযোগ দিব লাগে। এনে ব্যৱস্থাই কৰ্মচাৰীসকলৰ দৰ্মহা বঢ়োৱাই
নহয় তেওঁলোকক আৰ্থিক নিৰাপত্তা প্ৰদান কৰে। মহিলা তথা সংখ্যালঘূ
কৰ্মচাৰীৰ মজুৰি, পদোন্নতিত আৰু দৰ্মহাৰ
ক্ষেত্ৰত ধাৰাবাহিকভাৱে কঠোৰ বৈষম্য ৰোধক আইন বলবৎ কৰি জাতি আৰু লিংগৰ বৈষম্যত অৰিহণা যোগোৱা
বৈষম্যমূলক প্ৰণালীৰ অন্ত পেলাব লাগে। মুদ্ৰা নীতি প্ৰস্তুতৰ বেলিকা অতি নিম্ন হাৰৰ
কৰ্মহীনতাৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগে। নিম্নতম মজুৰি বৃদ্ধি ওপৰলৈ গতি নকৰা
পৰ্যন্ত অৰ্থনীতিৰ গতি ধিমা হ’বলৈ দিব নালাগে।
নিৰ্ধাৰিত লক্ষ্যৰ নিয়োগ যোজনাৰ যোগেদি কৰ্ম সংস্থাপনৰ সৃষ্টি আৰু বুনিয়াদ
গঠনত ৰাজহুৱা বিনিয়োজন ঘটাব লাগে। শীৰ্ষ স্থানত থকা উপাৰ্জনকাৰীৰ আয়ৰ ওপৰত উচ্চ
হাৰৰ কৰ আৰোপকৰণ হোৱা উচিত। কাৰণ, ইয়াকে নকৰিলে বৈষম্যই সৰ্বশেষত
ধনৱানসকলকো আঘাত কৰিব। অৰ্জিত আয়ৰ ওপৰত কৰ সম্প্ৰসাৰণ কৰিব লাগে। শিক্ষাৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰিব লাগে। কৰ আৰোপ পদ্ধতি
অধিক প্ৰগতিশীল কৰিব লাগে। আবাসিক পৃথকীকৰণৰ ওৰ পেলাব লাগে।
বহুতো উন্নত দেশত বজাৰ আয় মুখ্যতঃ মজুৰি আৰু দৰ্মহাৰ পৰা আহে। কিন্তু শ্বেয়াৰ
আৰু খাজানাৰ দৰে মূলধনৰ লাভৰ পৰাও নহা নহয়। জনসাধাৰৰণ বজাৰ আয় কৰ আৰোপৰ বাবে হ্ৰাস পায়
বা চৰকাৰৰ দ্বাৰা পেন্সন, স্বাস্থ্য ৰক্ষা, শিক্ষামূলক
শিতানৰ ব্যয় আদিৰ টকা-পইচাৰ স্থানান্তৰকৰণৰ যোগেদি বৃদ্ধি পায়। বৈষম্য আৰু সম্পদ
আৰু দৰিদ্ৰতাৰ মাজৰ পাৰ্থক্য বিশ্লেষণ কৰি চোৱা দৰকাৰ। তুলনামূলক ভাৱে এখন চহকী
দেশত বৈষম্য অধিক, আৰু এখন দুখীয়া দেশ তুলনামূলক ভাৱে সমতাপূৰ্ণ।
দৰিদ্ৰতাৰ বহুতো কুপৰিণামৰ কথা সৰ্বজন বিদিত। উদাহৰণ স্বৰূপে, আজিৰ সমাজত
দৰিদ্ৰ পৰিয়ালবোৰৰ সন্তানে শিক্ষাৰ ক্ষেত্ৰত চহকী পৰিয়ালৰ সন্তানৰ দৰে উন্নত
মানদণ্ডৰ ফলাফল দেখুৱাব নোৱাৰে। দৰিদ্ৰলোকৰ স্বাস্থ্য চহকী লোকতকৈ অতি বেছি বেয়া
হয়।
কৃষি পামৰ সম্ভাৱনা বৃদ্ধি কৰি আৰু সাৰ্বজনীন প্ৰাথমিক
আয় প্ৰদানৰ যোগেদি মহিলাসকলৰ বৃহত্তৰ অংশ গ্ৰহণেৰে অৰ্থনৈতিক বৈষম্য দূৰ কৰা
ক্ষেত্ৰত কিছু আগ বাঢ়ি যাব পৰা যায়। ডেভোছত অনুষ্ঠিত হৈ যোৱা বিশ্ব অৰ্থনৈতিক
সংস্থাৰ বাৰ্ষিক সভাত বৈষম্যৰ সৈতে কিদৰে যুঁজ দিয়া হ’ব এই বিষয়টো অতি গুৰুত্বপূৰ্ণ আছিল। এইটো
সময়োপযোগী বিষয় বস্তু আছিল। যিহেতুকে অক্সফামে বৰ্ণনা কৰিছে যে ৭৬২ বিলিয়ন
ডলাৰৰ সম্পত্তি হস্তগত কৰি বিশ্বৰ এক শতাংশ ধনাৰ্ধ্য ব্যক্তিয়ে শীৰ্ষ স্থান দখল
কৰাৰ বিপৰীতে পঞ্চাশ শতোংশ লোকৰ সম্পদ
বৃদ্ধি নোহোৱাটোৱে সমাজত শ্ৰেণী বিভাজন
বঢ়াইছে। এনে ধৰণৰ অৰ্থনৈতিক বৈষম্যৰ ফলত অসৎ ৰাজনৈতিক অনুষ্ঠান, মুষ্টিমেয় ধনৱানৰ দ্বাৰা আনসকলক নিয়ন্ত্ৰণ আৰু অসাধু
শ্ৰমিক আইন আহি পৰিব পাৰে।
তিনিটা দিশত বৈষম্য হ্ৰাসকৰণৰ উপায় নিহিত হৈ
আছে।
১) মহিলাসকলৰ বাবে বিনিয়োগ, ২) কৃষি খণ্ডত বিনিয়োগ আৰু ৩)শ্ৰমিক আইনৰ
সংশোধন।
মহিলাসকলৰ বাবে বিনিয়োগ
গুৰুত্বপূৰ্ণ
কৰ্মী হিচাপে মহিলাৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো আজি কালি বৈষম্য হ্ৰাস কৰিবলৈ আৰু
দেশৰ ঘৰুৱা মুঠ উৎপাদন বৃদ্ধি কৰিবলৈ দৰকাৰী আৰু জৰুৰী হৈ পৰিছে। আন্তৰ্জাতিক
মুদ্ৰা নিধিৰ প্ৰমুখ ব্যক্তি ক্ৰাইষ্টাইন লেগাৰডে(Christine Lagarde) অলপতে কৈছে, যদিহে
বিশ্বৰ কৰ্মীবাহিনীত মহিলাৰ অংশগ্ৰহণ পুৰুষৰ সমান হ’লহেতেন তেন্তে জাপানে বছৰি ৯ শতাংশ উন্নয়ন আৰুভাৰতে প্ৰতি বছৰে ২৭ শতাংশ উন্নয়ন কৰিলেহেতেন। ভাৰতৰ ওপৰত অধিক আলোকপাত
কৰি মেককিনচিয়ে (Mckinsey) ২০১৬ চনৰ আগষ্ট
মাহত বৰ্ণনা কৰিছে যে ভাৰতত মহিলাই মুঠ ঘৰুৱা উৎপাদনলৈ ১৭ শতাংশ অৱদান আগ বঢ়ায আৰু ধাৰণা কৰা
যায় যে এই ব্যৱধান শেষ কৰি ভাৰতে ২০২৫ চনত মুঠ ঘৰুৱা উৎপাদনত ৭০০ বিলিয়ন ডলাৰ যোগ দিব পাৰে। যিহেতু এই
উন্নয়নত উপনীত হোৱাৰ চাবি কাঠি হৈছে মহিলাক কৰ্মক্ষেত্ৰত সক্ৰিয় কৰি ৰাখি এটা
পৰিয়ালক উচ্চ স্তৰলৈ নিয়া। পিতৃত্ব-মাতৃত্বৰ বাবে ছুটি মঞ্জুৰ আৰু কণমানিহঁতক
কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ দৰে পৰিৱেশ গঢ়ি তুলি অধিক পৰিয়াল বন্ধুত্বপূৰ্ণ
কৰ্ম পন্থা ল’ব লাগিব। এই কথাই ইয়াকে
বুজাইছে যে অধিক পুৰুষে কেঁচুৱা ডাঙৰ-দীঘল কৰাত আৰু ঘৰুৱা কাম-বনত সমান দায়িত্ব ল’ব লাগিব। এইটো সকলো কৰ্মক্ষেত্ৰলৈ সম্প্ৰসাৰিত
কৰিব লাগে আৰু পুৰুষ পৰিচালিত নিয়মাৱলীত এক সংস্কৃতি গঢ়ি উঠিব লাগে, যাৰ দ্বাৰা কৰ্মীদলটোৰ সদস্যসকলৰ মাজত লিংগৰ
প্ৰভেদ নোহোৱাকৈ পিতৃ-মাতৃৰ প্ৰতি অধিক সুসংগত সহানুভূতি জাগি উঠে।
কৃষি খণ্ডত বিনিয়োগ
বিশ্ব বেংকৰ মতে, কৃষিয়ে গাঁৱত বাস কৰা আৰু
প্ৰধানকৈ কৃষি পামত নিয়োজিত বিশ্বৰ ৮০ শতাংশ দৰিদ্ৰৰ দৰিদ্ৰতা হ্ৰাস কৰিব পাৰে। তাৰোপৰি ই বৰ্ণনা
কৰিছে যে ৬৫ শতাংশ দৰিদ্ৰ প্ৰাপ্ত বয়স্কই কৃষিৰ যোগেদি জীৱিকা অৰ্জন কৰে। খেতিয়কসকলক
বীজ যোগান ধৰা, সাৰ যোগান ধৰা আৰু উৎপাদন প্ৰক্ৰিয়াত সহায় কৰা আদি জটিল কাম। কিন্তু
আজিকালি বতৰ ক্ষীপ্ৰতা আৰু বতৰ স্থিতিস্থাপকতাতও বিশেষ আলোপাত হোৱা দৰকাৰ। আমি বতৰ
বীমা আৰু হৰণ-ভগণৰ দায়িত্ব স্বীকাৰৰ পৰা হাত সৰাৰ পদ্ধতিবোৰ দৰে হৰণ-ভগণৰ উপশমৰ পদ্ধতিবোৰৰ ওপৰত আলোকপাত
কৰা উচিত।
শ্ৰমিক আইন সশোধন
কৰ্মচাৰীসকলৰ আইনবোৰ সংশোধণ ঘটাই বৈষম্য হ্ৰাস কৰিব পৰা যায়। ন্যুন্যতম মজুুুৰি আৰু সাৰ্বজনীন প্ৰাথমিক আয়- এই
দুটা শ্ৰমিক আইনৰ সংশোধন কৰিব লগা পদ্ধতিবোৰৰ ভিতৰত জনপ্ৰিয় পদ্ধতি। দুয়োটাৰে
উদ্দেশ্য একেই-আয়ৰ তফাৎ হ্ৰাস কৰিবৰ
বাবে কম ভাগ্যশালীসকলৰ আয় বৃদ্ধি কৰা। এই বোৰ আইনে বান্ধি দিয়ে আৰু নিয়োগকাৰীয়ে
প্ৰদানহে কৰে। স্বাস্থ্যৰ ওপৰত আয়ৰ বৈষম্যৰ প্ৰভাৱৰ ওপৰত গৱেষণা কৰি থকা বেলজিয়ামৰ
ছেম ব্ৰুক্কেনে(Sam Brokken ) বৰ্ণনা কৰিছে
যে যেতিয়া গ্ৰেট ব্ৰিটেইনে জাতিটোক এই নীতিত প্ৰভাৱিত হ’বলৈ দিলে তেতিয়া
বৈষম্য হ্ৰাসৰ অগ্ৰগতিৰ ফলাফল চাৰিশ কাউন্সিলত দেখা গ’ল। ন্যুন্যতম মজুৰিৰ
মুদ্ৰাস্ফিতি নিবাৰক আৰু বৈষম্য হ্ৰাসৰ দক্ষতা থাকিব লাগে। ইয়াৰ এক বাৰ্ষিক পুনৰ
নিৰ্ধাৰণকৰণ আৰু সন্তোষজনক শুদ্ধিকৰণৰ আৱশ্যক। কিন্তু ন্যুন্যতম মজুৰি বৃদ্ধি কৰি
বৈষম্যৰ মূল কাৰণ সলনি কৰিব পৰা নাযায়, দৰিদ্ৰতা আৰু
ৰাজহ বিষয়ক বিশেষজ্ঞ ব্ৰুকিংছ প্ৰতিষ্ঠানৰ( Brookings Institution) ৰ শিশু আৰু পৰিয়াল কেন্দ্ৰৰ সহ-সঞ্চালক ইচাবেল
চৱহিলে (Isabel
Sawhill) কয় যে বিশ্বায়ণ
আৰু প্ৰযুক্তিয়ে শীৰ্ষ স্থানীয় কৰ্মচাৰীৰ লাভাংশ সংযুক্ত বৃহত্তৰ মজুৰি আৰু একেবাৰে
নিম্ন পৰ্যায়ৰ স্থবিৰ মজুৰিৰ সৃষ্টি কৰিছে। নগদ ধনৰ স্থানান্তৰকৰণৰ যোগেদি এইটো
নিশ্চিত কৰিব পৰা যায় যে প্ৰযুক্তিকৰণৰ উপকাৰসমূহ প্ৰত্যেকে অনুভৱ কৰিব পাৰিছে। ফিনলেণ্ডত
সমগ্ৰ দেশৰ ২০০০ নিৱনুৱালোকক প্ৰতি মাহে ৫৬০ পাউণ্ড কৈ দুবছৰৰ বাবে সাৰ্বজনীন
প্ৰাথমিক আয় আগ বঢ়াইছে। আমাৰ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় এনে
ভাৱধাৰণাৰ বশবৰ্তী হৈয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত(প্ৰধান মন্ত্ৰী
নহওঁতে)বিদেশত থকা ভাৰতৰ ক’লা ধন আনি দৰিদ্ৰ
দেশবাসীৰ প্ৰত্যেকৰে চেভিংছ বেংক একাউন্টত পোন্ধৰ লাখকৈ টকা সোমোৱাই দিয়াৰ
প্ৰতিশ্ৰুতি দিছিল। আমি বিশ্বাস কৰো যে দেশৰ এনে এক শীৰ্ষ স্থানীয় নেতাই দেশৰ
অৰ্থনীতিৰ আলেখলেখ গমিপিতি চাইহে তেনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু দৰিদ্ৰসকলক
পোন্ধৰ লাখ টকাকৈ নগদ ধন দিলেহে দেশৰ অৰ্থনৈতিক বৈষম্য যে দূৰ হ’ব তাক ভালদৰেই অনুভৱ কৰিহে তেনে সিদ্ধান্ত মনলৈ
আনিছিল যিটো কোনো অজ্ঞাত কাৰণত পাঁচ বছৰীয়া কাৰ্যকালত কাৰ্যকৰি কৰাত বিফল হ’ল। ঠিক একে ধৰণৰ প্ৰতিশ্ৰতি কংগ্ৰেছ দলৰ নেতা
ৰাহুল গান্ধীয়েও বিগত নিৰ্বাচনৰ প্ৰচাৰৰ
সময়ত ৰাইজক দিছে। মুঠৰ ওপৰত স্বাধীনোত্তৰ কালৰ শাসন ব্যৱস্থাই সৃষ্টি কৰা
অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ পথ এয়াই যদি হয় তেন্তে বিলম্ব নকৰাই মংগলজনক হ’ব। ততালিকে
নিৱনুৱাসকলক নিৱনুৱা ভাট্টা আৰু অন্যান্য
বঞ্চিতসকল আৰু নিঃস্বসকলক ৰাষ্ট্ৰই নগদ ধন স্থানান্তৰকৰণৰ যোগেদি জীয়াই থকাৰ সম্বল প্ৰদান কৰা উচিত।
বঞ্চিতসকল আৰু নিঃস্বসকলক ৰাষ্ট্ৰই নগদ ধন স্থানান্তৰকৰণৰ যোগেদি জীয়াই থকাৰ সম্বল প্ৰদান কৰা উচিত।
ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত, দুখীয়াৰ পক্ষত
শতাধিক আচঁনি থকা সত্বেও তাৰ সুবিধাবোৰ দৰিদ্ৰসকলৰ ওচৰ পায় নে নাপায় সেইটো এটা
ডাঙৰ প্ৰশ্ন হৈ ৰয়। যেতিয়া এনে তথ্যবোৰৰ
ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰা হয় তেতিয়া কিন্তু ধনী–দুখীয়াৰ পাৰ্থক্য
নিৰ্ণয় কৰাত প্ৰকৃত প্ৰত্যাহ্বানৰ সন্মুথীন হ’ব লগীয়া হয়। আমি
বুৰঞ্জী পাহৰি যোৱা উচিত নহয়। ৰোম সাম্ৰাজ্য পৃথিবীৰ ভিতৰতে এক চহকী সাম্ৰাজ্য আছিল, কিন্তু ৰাজসভাৰ বাছকবণীয়া কেইজনমান ৰাজমন্ত্ৰীৰ
হাততেই ধন-সম্পদ কেন্দ্ৰীভূত হৈ আছিল আৰু বাদ বাকী সকলো আছিল সমূলি দৰিদ্ৰ।
বৈষম্যৰ সাৱধান বাণীক আওকাণ কৰা হ’ল আৰু ফলস্বৰূপে
ঘৰুৱা যুদ্ধ আৰম্ভ হয় আৰু সমগ্ৰ সাম্ৰাজ্যৰ পতন ঘটে। আমি জানো এনে হোৱাটো কামনা
কৰো ? গতিকে আমি সকলোৱে মিলি এক সমতাপূৰ্ণ পৃথিবী
গঢ়া উচিত।
০০০০০০০০০০০০)(০০০০০০০
No comments:
Post a Comment