Thursday 5 April 2018

শিশুসকলক ধৰ্মান্ধ হ'বলৈ বাধ্য কৰা উচিতনে ?

কিছুদিনৰ পূৰ্বে অসমৰ সংবাদ মাধ্যমসমূহত বহুলভাৱে প্ৰচাৰিত হোৱা এটা বাতৰিয়ে মানৱতাৰ অন্য এক দিশ উন্মোচিত কৰি গ’ল৷ এখন চিকিৎসালয়ত জন্ম হোৱা দুটি পৰিয়ালৰ দুটি শিশুক সলনাসলনি কৰি দুই পৰিয়ালক চিকিৎসালয় কৰ্ত্তৃপক্ষই চমজাই দিয়ে৷ দুই শিশু দুই ভিন্ন পৰিয়ালত  আদৰ সাদৰৰ মাজত লালিত পালিত হৈ ডাঙৰ দীঘল হ’ব ধৰিলে৷ মুছলমান দম্পতিয়ে নিয়া বড়ো দম্পতিৰ সন্তানটিৰ চেহেৰাত যেতিয়া জনজাতীয় লক্ষণবোৰ স্পষ্টভাৱে প্ৰকাশ পালে তেতিয়াই মাতৃগৰাকীয়ে সন্দেহ কৰিলে যে সেই সন্তানটি তেওঁৰ গৰ্ভজাত সন্তান নহয়৷ ঠিক একেদৰেই বড়ো সম্প্ৰদায়ৰ দম্পতিদ্বয়েও তেওঁলোকৰ সন্তান সলনি হোৱা কথা জানিব পাৰিলে৷ উভয় পক্ষই চিকিৎসালয় কৰ্ত্তৃপক্ষৰ ওপৰত আদালতত গোচৰ ৰজ্জু কৰিলে৷ সন্তান দুটিৰ ডি এন এ পৰীক্ষাৰ পিছত সন্তান সলনি হোৱা কথাটো প্ৰমাণিত হ’ল৷ ন্যায়ালয়ে দুই দম্পতিক সন্তান সলনি কৰি লোৱাৰ অনুমতি প্ৰদান কৰিলে৷ কিন্তু সন্তান দুটিয়ে এই আচহুৱা কামত তিল মানো সঁহাৰি নিদি জন্মদাতৃ মাতৃক গুৰুত্বহীন প্ৰতিপন্ন কৰিলে৷ দেখা গ’ল যে ধৰ্ম আৰু জাত পাতৰ তিলমানো জন্মগত প্ৰভাব শিশু দুটিৰ ওপৰত নপৰিল৷ অৱশেষত প্ৰাপ্তবয়স্ক হৈ শিশু দুটিয়ে নিজৰ সিদ্ধান্ত নিজে ল’বলৈ এৰি দি শিশু দুটিক দু্য়োটা পৰিয়ালৰ সন্মতি ক্ৰমে  যি পৰিয়ালত আছে তাতে থাকিবলৈ দিয়া হ’ল৷
ওপৰত বৰ্ণনা কৰা সত্য ঘটনাটিয়ে মানৱসৃষ্ট জাতি ধৰ্মৰ অস্তিত্ব আৰু ভেদাভেদক নিশ্চিতভাৱে উপলুঙা কৰিছে৷ সাম্প্ৰতিক কালত আমাৰ দেশত জাতি-ধৰ্মক লৈ গঢ় লৈ উঠা ৰাজনৈতিক উশৃঙ্খলতাবাদলৈ লক্ষ্য ৰাখি অস্তিত্ববাদৰ আধুনিক কালৰ প্ৰথমজন প্ৰবক্তা ছোৰেন্ কিয়েৰ্কগাৰ্ডৰ (Soren Aabye Kierkegaard)ৰ অনুভৱকেই সত্য বুলিব লাগিব৷ খ্ৰীষ্টান-ৰীতি নীতি অতি নিষ্ঠাৰে পালন কৰিবলৈ গৈ এই দাৰ্শনিকজনে অনুভৱ কৰে যে এজন সৎ লোক হোৱাৰ ক্ষেত্ৰত ধৰ্মই হ’ল সবাতোতকৈ ডাঙৰ হেঙাৰ৷ দাৰ্শনিক গৰাকীয়ে কয়, “ব্যক্তিগত অভিজ্ঞতা-উপলব্ধিৰ বাহিৰত পৰম শক্তি বুলি কোনো কথা নাই৷ যুক্তি-তৰ্ক-দৰ্শন নহয়, মানুহৰ ব্যক্তিগত আস্থা, নিজা দায়বদ্ধতাৰেৰে ভগৱানক লাভ কৰিব পাৰি৷ প্ৰতিজন মানুহৰ বাবে ‘অভিজ্ঞতাৰ সত্য বেলেগ বেলেগ, গতিকে ব্যক্তিৰ নিজা চেতনা বা ব্যক্তিগত অস্তিত্বৰ বাহিৰে কোনো বস্তু বা চিন্তাত সত্য থাকিব নোৱাৰে৷’ দাৰ্শনিক গৰাকীয়ে  উপলব্ধি কৰিলে যে  ধৰ্ম পালন কৰাটো হ’ল মানুহৰ জীৱনৰ সম্পূৰ্ণই ব্যক্তিগত বিষয়৷
জাৰ্মাণ দাৰ্শনিক,Thus Spoke Zarathustra, The Anticrist আৰু Beyond Good and Evil আদি গ্ৰন্থৰ স্ৰষ্টা ফ্ৰেডৰিখ নীৎসেই(Friedrich Wilhelm Nietzsche)তেওঁৰ মুক্ত বৈপ্লৱিক চিন্তাধাৰাৰ যোগেদি কুৰি শতিকাতে(১৮৪৪-১৯০০) পশ্চিমীয়া দৰ্শনক প্ৰভাৱিত কৰা অস্তিত্ববাদৰ প্ৰতি এই এক বিংশতিতম শতিকাত আমাক ওপৰত উল্লেখ কৰা সত্য ঘটনাটোৱে আকৰ্ষিত কৰে৷ তেওঁ বৰ্ণনা কৰে যে, বিশ্বাসসমূহৰ বিষয় বস্তুৱে মানুহক মহান কৰা নাই, তেওঁলোকৰ মূল্যবোধ আৰোপ কৰা কাৰ্যইহে কৰিছে৷  তেওঁ Zarathustra ৰ কন্ঠৰ যোগেদি ব্যক্ত কৰিছে, “…Humanity still has no goal.”

“শব্দ”(Words)ৰ স্ৰষ্টা, অস্তিত্ববাদৰ প্ৰবক্তা, ব্যক্তি স্বাধীনতাৰ ওপৰত অধিক গুৰুত্ব দিওঁতা প্ৰখ্যাত দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰেই নীৎসেৰ দৰেই ছোৰেন্ কিয়েৰ্কগাৰ্ডৰ অস্তিত্ববাদক আগুৱাই আনি আনুনিক ৰূপ প্ৰদান কৰে৷ জাঁ পল ছাৰ্ত্ৰেই লিখিছে,“ভাগ্যে পিতা নাছিল! তেওঁৰ ইচ্ছা অনিচ্ছা মোৰ ওপৰত জাপিলেহেঁতেন৷” ককাকে ধৰ্মযাজক হিচাপে গঢ় দিব খোজা জাঁ পল ছাৰ্ত্ৰেই  নিজৰ জীৱনক নিজে গঢ় দিলে এজন যুক্তিবাদী লেখক হিচাপে৷

পিতৃ-মাতৃ,বংশ-পৰিয়াল আৰু কোনো এক সমাজে পালন কৰা ধৰ্মীয় ৰীতি-নীতিৰ মাজত এটি শিশুক লেটাৰ দৰে সোমাই থাকি শৈশৱকাল পাৰ কৰিবলৈ বাধ্য কৰা উচিতনে? এয়া ব্যক্তি স্বাধীনতাৰ ওপৰত প্ৰচণ্ড কুঠাৰাঘাত নহয়নে? ভৱিষ্যতৰ এজন প্ৰাপ্ত বয়স্কলোকক,সম্ভাৱনাপূৰ্ণ বুদ্ধি-যুক্তিসম্পন্ন এজন লোকক তেঁওৰ জীৱনৰ আৰম্ভণিতে অবোধ শিশু বুলিলেই অগ্ৰজসকলে পক্ষপাতিত্বমূলকভাৱে কিছুমান ভাৱধাৰা জাপি দি তাক মানি চলিবলৈ বাধ্য কৰাটো কোনো কাৰণতে যুক্তিসংগত হ’ব নোৱাৰে৷ দেখা যায় যে এনে দৰে আৱদ্ধ কৰি ৰখা বহুতো শিশুৱে প্ৰাপ্ত বয়স্ক হোৱাৰ পিছত নিজৰ জ্ঞান-গৰিমাৰ বলত স্ব-ধৰ্মৰ সংকীৰ্ণতাৰ বেহুৰ পৰা নিজকে মুক্ত কৰি লেতাৰ পৰা ওলোৱা পখিলাৰ দৰে মুক্ত বিচৰণ কৰি মানৱতাৰ গীত গাই স্ব-জ্ঞানৰ জ্যোতিৰে ধৰিত্ৰিৰ শোভা বঢ়ায়৷ সেয়েহে আমি ক’ব খোজো যে শিশুসকলক জ্ঞানী কৰি গঢ়ি তোলা উচিত কিন্তু ধৰ্মান্ধ হ’বলৈ বাধ্য কৰিব নালাগে৷
++++++++++সমাপ্ত++++++++++
বিঃদ্ৰঃ প্ৰবন্ধটি অসমৰ বহুল প্ৰচাৰিত তথা বলিষ্ঠ সাদিনীয়া কাকত 'সাদিন'ৰ ৬ এপ্ৰিল ,২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷

No comments:

Post a Comment