এসময়ত ‘বিজয় চুপাৰ’ নামৰ স্কুটাৰখনৰ
চাহিদা বজাৰত বৃদ্ধি পাইছিল৷ ৰাস্তাত বহুতো বিজয় চুপাৰ দৌৰি ফুৰা দেখা গৈছিল৷ সেই সময়ৰে
কথা৷ সত্যেন্দ্ৰ সিং কলেজীয়া ছাত্ৰ৷ দেউতাক ৰেল’ৱে ইঞ্জিনিয়াৰ৷ অজস্ৰ ধন৷ সত্যেন্দ্ৰ
সিঙে একেখন কলেজৰে ছাত্ৰী পদুমী গোহাঁইৰ মন ভুলাবলৈ চেষ্টা চলালে৷ অসমীয়া ভাষা ক’ব
আৰু লিখিব নজনা বাবে সি বহু ধৰণে চেষ্টা চলাইও বিফল মনোৰথ হ’ল৷ অৱশেষত সি দেউতাকক অনবৰতে
কুতুৰী থকাত এখন নতুন ‘বিজয় চুপাৰ’ স্কুটাৰ কিনি দিলে—কলেজলৈ অহা যোৱা কৰিবলৈ৷ মোচত
পাক দি সি পদুমীহঁতৰ ঘৰৰ আগেদি, গাৰ নিচেই কাষেদি কেইদিনমান ঘূৰিবলৈহে পালে,কিছুদিনৰ
পিছত শিৰত সেন্দুৰ লৈ পদুমীক সত্যেন্দ্ৰৰ বিজয় চুপাৰৰ পিছৰ চিটত বহি ফুৰা দেখা গ’ল৷
প্ৰেম যেন হাবিত ফুলা ফুলহে—যেতিয়াই মন যায় তেতিয়াই চিঙি ল’ব পাৰি; কিন্তু বিজয় চুপাৰৰ
জহতহে৷
পিছে মন্দিৰত গোপনে বিয়া পতা
বাবে খঙত দেউতাকে সত্যেন্দ্ৰ সিঙক ঘৰৰ পৰা বাহিৰ কৰি দিলে৷ উপায়বিহীন হৈ সত্যেন্দ্ৰই
বিজয় চুপাৰখন বিক্ৰী কৰি দিলে৷ যি ধন পালে তাৰে ভাৰাঘৰত থাকি ঠিকা-ঠুকুলি কৰি চলিব
ধৰিলে৷ কলেজীয়া জীৱন ত্যাগ কৰি বৈবাহিক জীৱন অতিবাহিত কৰিব ধৰিলে৷
ধনীৰাম হাজৰিকা গাঁৱৰ ল’ৰা৷ নগৰৰ
ৰেল’ৱে কাৰাখানাৰ শ্ৰমিক৷ কাৰাখানাত কাম কৰি থাকোঁতে বাওঁহাতৰ আঙুলি দুটা কেনেবাকৈ
কটা গ’ল৷ সেয়ে ৰেল’ৱে কৰ্ত্তৃপক্ষই ক্ষতিপূৰণ স্বৰূপে কেইহেজাৰমান টকা ধনীৰামক দিলে৷
লগে লগে সি সত্যেন্দ্ৰ সিঙৰ বিজয় চুপাৰখন কিনিলৈ গাঁৱলীয়া আলি- পদূলিৰে পাক দি দি দৌৰাব
ধৰিলে৷ বিয়াৰ বয়স ভাটি দিব ধৰা ধনীৰামৰ কপাল ফুলিল৷ তাৰ বিজয় চুপাৰৰ পিছৰ আসন দখল কৰিবলৈ
নৰেন কলিতাৰ ভনীয়েক চম্পা কলিতা যুগ যুগ ধৰি যেন অপেক্ষা কৰি আছিল৷ সেয়ে সিহঁতৰ বিয়াখন
হঠাৎ হৈ গ’ল৷
বিয়াৰ কিছুদিনৰ পিছতে সাংসাৰিক
জীৱন চলাই যোৱাৰ কঠিনতা দূৰ কৰিবলৈকে ধনীৰামে বিজয় চুপাৰখন শিক্ষক অমল শইকীয়াক বিক্ৰী
কৰিবলৈ বাধ্য হ’ল৷
অমল শইকীয়াই ভাৰাঘৰত থাকি শিক্ষকতাৰ
চাকৰি কৰে৷ তেওঁ অকলশৰীয়া৷ বিয়াৰ বাবে কন্যাৰ সন্ধান কৰি ভাগৰি পৰা বৰলা৷ আগৰ দিনত
এনে অকলশৰীয়া বৰলাই দুৱাৰত ডাং লগাই ঘৰৰ ৰা ওলাই যায় বাবে ডাংবৰলা কয় আৰু আজি কালি
দুৱাৰত তলা লগাই বাবে তলাবৰলা ক’ব লাগিব৷ পাতি চাইকেলখন লৈ ছোৱালী চাবলৈ গৈ সংযোগ স্থাপনত
বিফল হোৱাটো অমল শইকীয়াই বাৰুকৈয়ে উপলব্ধি কৰিছে৷ অলপতে অমল শইকীয়াই অৱসৰপ্ৰাপ্ত প্ৰধান
শিক্ষক কমলা কান্ত বৰুৱাৰ জীয়েক অপৰূপাক বিয়াৰ প্ৰস্তাব দি বিফল মনোৰথ হৈছে৷ সেয়ে অমল
শইকীয়াই তিনিমাহৰ দৰ্মহা একেলগে পাই ধনীৰামৰ বিজয় চুপাৰখন কিনি পেলালে৷ কেইদিনমান বিজয়
চুপাৰে অমল শইকীয়াক দৌৰাই দি তেওঁৰো কাম ফেৰা সমাধা কৰি দিলে৷ অপৰূপাই অমল শইকীয়াৰ
স’তে বিয়াত বহিবলৈ সন্মতি প্ৰদান কৰিলে৷ অমল শইকীয়াই ভাৱিলে, ‘ সঁচাই ছোৱালীবোৰৰ মনবোৰ
অতি বিচিত্ৰ৷ সিহঁতে পিন্ধা শাৰীখনত যিমান পাক দিয়া থাকে মনোজগতখনতো সিমান পাক থাকে৷’
যিকি নহওক , অৱসৰ প্ৰাপ্ত শিক্ষক কমলা কান্ত
বৰুৱাই জীয়েক অপৰূপাক অমল শইকীয়াক গতাই নিজকে ধন্য মানিলে৷ তেতিয়াৰ পৰাই বিজয় চুপাৰখনৰ
পিছৰ আসনত দীপ-লিপ ন-কন্যা অপৰূপাক উঠাই লৈ ফুৰা অমল শইকীয়াক নগৰে –চহৰে প্ৰায়ে দেখা
গ’ল৷
বিজয় চুপাৰৰ চলন্তি ক্ৰমাৎ হ্ৰাস
পাব ধৰিলে৷ অমল শইকীয়াই ৰাজদূত মটৰ চাইকেল কিনিব হেনো৷ সেয়ে বিজয় চুপাৰখন বেচিবলৈ গ্ৰাহক
বিচাৰিব ধৰিলে৷ স্থানীয় হোমিওপেথিক ডাক্তৰ অনন্ত ৰাভাই সুলভ মূল্যতে বিজয় চুপাৰখন পাই
কিনি পেলালে৷
অনন্ত ৰাভাই বিজয় চুপাৰখন পাই
চাইকেলখন চলাবলৈয়ে এৰিলে৷ এমাইল মান দূৰণিৰ ৰোগী চাবলৈ গ’লেও বিজয় চুপাৰখন লৈহে যায়৷
তেওঁ এতিয়া দূৰণিৰ ৰোগীৰ চিকিৎসাও কৰিবলৈ সুবিধা হ’ল৷ এখন ঠাইলৈ অৱশ্যে বিজয় চুপাৰে
সঘনাই দৌৰিব ধৰিলে৷ লাহে লাহে চাৰিটা ল’ৰা- ছোৱালীৰে সৈতে ঘৈণীয়েকজনীৰ খবৰ ল’বলৈও অনন্ত
ৰাভাৰ সময় নোহোৱা হ’ল৷ অনন্ত ৰাভাক চেঙেলীয়া ডেকা অৱস্থাতেই মাক- দেউতাকে বিয়া পাতি
দিছিল৷ সি ডেকা হৈ থাকিল ; কিন্তু ঘৈণীয়েকজনীক দেখিলে আনে অনন্তৰ মাক বুলিহে ক’ব৷ সেয়ে
এইবাৰ বিজয় চুপাৰে অনন্ত ৰাভাৰ ডেকা তেজত পিৰপিৰনি
তুলি দিলে৷ মাণিকাচুক গাঁৱৰ সুন্দৰী যুৱতী ৰঞ্জনাই অনন্ত ৰাভা বিবাহিত নে অবিবাহিত
সেই কথা সুধিবলৈকে সময় নেপালে৷ এদিন তাই অনন্ত ৰাভাৰ বিজয় চুপাৰৰ পিছৰ আসনত বহি ল’লে
---শিৰত সেন্দুৰলৈ৷
অনন্ত ৰাভাই ৰঞ্জনাৰ স’তে তাৰ
চেম্বাৰতে থাকিবলৈ ল’লে৷ ঘৰলৈ যাব পৰাটো অসম্ভৱ৷ ল’ৰা –ছোৱালী আৰু ঘৈণীয়েক খঙত জ্বলি
পকি আছে৷ পিছে তেওঁ দুখন ঘৰ চলাব লগা হোৱাত বিজয় চুপাৰ দৌৰাবলৈ ক্ৰমাৎ অসমৰ্থ হৈ পৰিল৷
মৰম নেপাই বিজয় চুপাৰেও ঠেহ-পেচ জুৰিব ধৰিলে৷ বিজয় চুপাৰে অনন্ত ৰাভাক বেয়া পাই গেৰেজৰ
পোৱালী কেইটাৰ লগতেই ধেমালী-ধুমুলা কৰি দিন কটাব ধৰিলে৷ বিজয় চুপাৰ খনৰ ওপৰত অনন্ত
ৰাভাই খং দেখুৱাব ধৰিলে৷ বিজয় চুপাৰখনো জান এলাপেচা ? খঙতে বিজয় চুপাৰেও অগুণকাৰীটোৰ
লগত নাথাকোঁ বুলি গেৰেজৰ পৰাই নোলোৱা হ’ল৷ অনন্ত ৰাভাই নগদ টকা পালে হেনো কম দামতে
গেৰেজৰ পৰাই বাহিৰে বাহিৰে বিজয় চুপাৰখন বিক্ৰী কৰি দিব৷ গেৰেজৰ ল’ৰাকেইটাক কথাটো কৈ থৈছে৷
আন কোনোবাই সেই বিজয় চুপাৰখনত
অন্য এগৰাকী ন-কন্যা পিছৰ আসনত বহাই ফুৰাবলৈ পালেনে নাই সেই কথা জানিবলৈ হ’লে চাৰিআলিৰ
‘ পদ্ম মটৰ চাইকেল মেৰামতি কেন্দ্ৰ ’ত খবৰ কৰিলেই হ’ল৷
#####################
No comments:
Post a Comment