Wednesday, 10 September 2025
ৰহস্যৰ আঁৰত
(পুতলা নাট) যুগল চন্দ্ৰ বৰা
নাটখনিৰ ৰচনাৰ আঁৰৰ কথা
২০০৩ চনৰ কথা।চাকৰিসূত্ৰে উত্তৰ লখিমপুৰলৈ গৈ আমি চহৰখনত মাটি কিনি ঘৰবাৰী পাতি নিগাজিকৈ থাকিবলৈ লৈছোঁ। আমাৰ ছোৱালীহঁতে উত্তৰ লখিমপুৰত স্কুলীয়া জীৱন আৰম্ভ কৰিছে।সেই সময়খিনিত মই আমাৰ ছোৱালীহঁতক পুতলা নিৰ্মাণৰ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিলোঁ।বিদ্যাভাগ মই ডিব্ৰুগড়ৰ বকুল হাইস্কুলত শিক্ষকতা কৰা দিনতে স্কুলৰ তৰফৰ পৰা গৈ হিমাচল প্ৰদেশত এন ছি ই আৰ টি য়ে আয়োজন কৰা এমহীয়া কৰ্মশালাত আয়ত্ব কৰিছিলোঁ।ছাত্ৰ-ছাত্ৰীক শিকাবলৈ পোৱাৰ আগতেই স্কুলৰ চাকৰি এৰি বেংকৰ চাকৰি কৰিব লগা হোৱাত কাকো পুতলা বনাবলৈ শিকাব পৰা নাছিলোঁ।মোৰ এইবাবেই ভাল লাগিছিল যে আমাৰ পলি, জলি, অলি আৰু ডলিয়ে অতি আগ্ৰহেৰে পুতলা নিৰ্মাণৰ কামত লাগি গৈছিল আৰু সহযোগ কৰিছিল সিহঁতৰ মাতৃ ৰুমীয়েও।মই লাভ কৰা প্ৰশিক্ষণৰ মূল বিষয় বস্তু আছিল নিজে পুতলা নিৰ্মাণ কৰি, পুতলা নাট লিখি মঞ্চস্থ কৰি সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ দ্বাৰা জ্ঞান বিস্তাৰ কৰা।এতেকে, পুতলা বনাবলৈ শিকোৱাৰ পিছত পুতলা নাট লিখি তাক মঞ্চস্থ কৰিবলৈও শিকাব লগীয়া হ’ল।সেই আপাহতে লিখা পুতলা নাটবোৰৰ ভিতৰৰে এখন হ’ল ৰহস্যৰ আঁৰত নামৰ এই পুতলা নাট খনি।আমাৰ পলি আৰু জলিয়ে বিদ্যালয়ৰ ছাত্ৰীসকলৰ সহযোগত ঢকুৱাখনাৰ হা্ৰ্হি হাইস্কুল, জালভাৰী নাট্য মন্দিৰ আৰু উত্তৰ লখিমপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ কলেজ আৰু তেজপুৰ বাণিজ্য মেলা আদি বিভিন্ন মঞ্চত পুতলা আৰু পুতলা নাট প্ৰদৰ্শণ কৰি প্ৰশংসা লাভ কৰিছিল।
নাটকৰ চৰিত্ৰ সমূহ
১)ৰহিমলা বাই---------গাৱঁলীয়া বৃদ্ধা
২)জেতুকী-------------গাৱঁলীয়া ছোৱালী
৩)পদুমী-------------- গাৱঁলীয়া ছোৱালী
৪)নিৰলা--------------- ঐ
৫)ডেকা---------------- এজন গাৱঁলীয়া ডেকা
৬)এজন ব্যক্তি ------------এজন গাৱঁলীয়া মানুহ
৭)মাজনী---------------- এজনী সৰু ছোৱালী
৮)দেউতাক---------------মাজনীৰ দেউতাক
৯)জুনু ------------------এজনী সৰু ছোৱালী
১০)পুলিচ-----------------এজন বা ততোধিক পুলিচ
১১)অফিচাৰ---------------পুলিচ অফিচাৰ
১২) তিনি গাভৰু------------ গাভৰুৰ বেশত থকা তিনিজন ডেকা
প্ৰথম দৃশ্য
( ৰহিমলা বাই আৰু জেতুকী দুফালৰ পৰা দুজনীয়ে মঞ্চত প্ৰৱেশ কৰি মুখামুখি হয়)
জেতুকী-এ বোলো ৰহিমলা বাই, বৰ বেগাবেগিকৈ আহিছা দেখোন, কোন ফালে বা যোৱা?
ৰহিমলা- কথাবোৰ গম লৈ আহোঁ বুলি ওলাই আহিছোঁ অ’ জেতুকী।
জেতুকী-কি কথাবোৰ নো অ’ ৰহিমলা বাই?
ৰহিমলা –হেৰ’ কি মূৰুখ অ’ এইজনী? কেলৈ তই কথাবোৰ গমেই নাপাৱ নেকি? কেনেকুৱা ছোৱালী অ’ এইজনী। পৃথবীখন লুটিখাই লাইনবাছ এক্সিডেন্ট হোৱাৰ দৰে তিনি বাগৰ চাৰিবাগৰ মাৰি খাৱৈত পৰি মানুহ মৰি এদায় হলেও এইজনীয়ে গ’মেই নেপাব দেখোন।
জেতুকী-কি হ’ল অ ৰহিমলা বাই? ক চোন ক, বিদ্যা শপত, মা কচম, মই একো গ’ম নাপাওঁ।
ৰহিমলা-হেৰ’ জেতুকী,তয়ো কমপাটচুক ভেকুলী নহয় দেই।হেৰৌ, নলবাৰী, নগাঁও, দৰং,তেজপুৰ খলকনি লগাই তিনিওজনী আহি আমাৰ নকাড়ী পালেহি,তোৰ খবৰেই নাই নহয়নে হুঁ। হোৰৌ, যেতিয়া তোৰ টেঁটুত সিহঁতে চেপা দি ধৰিব তেহেলে সকলো আধ্যায় পৰিব।
জেতুকী-অ’ ৰহিমলা বাই, মই তোক কাবৌ কৰিছোঁ, কচোন কথাবোৰ ভাঙিপাতি ক।
ৰহিমলা-জেতুকী, সেই তিনি মাতৃৰ কথা তই শুনা নাই?যোৱা ৰাতি ধনেশ্বৰ কাইটিৰ ল’ৰা মনেশ্বৰক টেঁটুত হাত দিছিলে।মাকে মন্ত্ৰ মাতি তিনিটা চাপৰ মাৰিলে বুলিহে এৰি গ’ল।সিহঁতৰ ঘৰৰ পদূলিমুখত তিনি গছি বন্তি জ্বলোৱা নাছিল। সেই কাৰণে অঘটনটো ঘটিলে।জেতুকী, তই সন্ধিয়া পৰত তিনিগছি বন্তি জ্বলাবি। মোৰ দেৰি হৈছে,মনেশ্বৰৰ খবৰ এটা লৈ আহোঁ।(ৰহিমলাৰ প্ৰস্থান)
(ঠিক এনে সময়তে পদুমী আৰু নিৰলা মঞ্চত প্ৰৱেশ কৰি জেতুকীক লগ পায়হি।)
পদুমী আৰু নিৰলা-(একেলগে)জেতুকী পেহী।
পদুমী-তুমি অকলে ঘূৰি ফুৰিছা কিয়? তিনিওজনী আহি লখিমপুৰ পালেহি নহয়। মৈদমীয়া গাৱঁত এটা ডেকা লৰা মাৰিলে।নকাড়ীত মনেশ্বৰৰ টেঁটুত চেপি ধৰিলে। তাৰ গুৰুজনা তুষ্ট হৈ আছিল বুলিহে ৰক্ষা পৰিল।
(তিনিওজনীয়ে কথা পাতি ৰৈ থাকোঁতে সেই বাটেৰে এজন ডেকা ল’ৰা আহি তাত সিহঁতক দেখা পাই তিনি ভুতুনী বুলি ভাৱি ভয় খাই চিঞৰি বেহুচ হৈ পৰিব)
ডেকা-মৰিলোঁ ঔ মৰিলোঁ, মোক তিনি ভুতুনীয়ে লগ পালে ঔ------।
(ডেকা বেহুচ, তিনিওজনী গৈ ডেকাক বেৰি ধৰি তাৰ চেতনা ঘূৰাই আনিবলৈ চেষ্টা চলালে।এনেতে ওচৰে পাজৰে থকা মানুহ দুই এজন কি হ’ল কি হ’ল বুলি চাপি আহে।)
নিৰলা-আমাক দেখি এওঁ ভুতুনী বুলি ভাৱিলে আৰু ভয় খাই বেহুচ হৈ পৰিল।
জেতুকী-পদুমী আৰু নিৰলা, ক’ৰবাৰ পৰা অলপ পানী আনগৈ সোনকালে।
এজন বাটৰুৱা-ধৰ, ইয়াক দাঙি মেলি বেজৰ ওচৰলৈ লৈ যাওঁ।ধৰ সোণকালে।
(ধৰা মেলা কৰি ডেকাজনক বেজৰ ওচৰলৈ নিয়ে।)
দ্বিতীয় দৃশ্য
মাজনীৰ দেউতাক-(মাজনীক উদ্দেশ্যি এডাল ৰঙা ডোল দি)মাজনী, এইডাল তুমি পিন্ধি লোৱা। দণ্ডি বেজে মন্ত্ৰ জাৰি দিছে। তোমাক তিনি ভুতুনীয়ে একো কৰিব নোৱাৰে।
মাজনী-দেউতা, তুমি পিন্ধাই দিয়া না।মোৰ ইমাণ ভয় লাগিছে।
মাজনীৰ দেউতাক-(ডোলডাল মাজনীৰ হাতত পিন্ধাই দি)এতিয়া তুমি ভয় কৰিব নালাগে।সাৱধানীৰ মৰণ নাই।নিজে সাৱধানে থাকিলেই হ’ল।
মাজনী-কেনেকৈ সাৱধানে থাকিম দেউতা?
মাজনীৰ দেউতাক-তুমি স্কুলৰ পৰা আহোঁতে লগৰ ছোৱালীৰ লগত আহিবা আৰু বাটত কোনো মানুহে মাতবোল কৰিলে তুমি নামাতিবা।ভুতে আনৰ ৰূপ ধাৰণ কৰিও আহিব পাৰে।
মাজনী-দেউতা স্কুলৰ পৰা আহোঁতে মই জুনুৰ লগতেই আহোঁ। কিন্থু কবৰখানাৰ সেই বাটচোৱা অকলে আহিব লগা হয়।সেইচোৱা বাটত কোনোবাই মাতিলে মই নামাতো তেন্তে, দেই দেউতা।
তৃতীয় দৃশ্য
(মাজনী আৰু জুনু একেলগে স্কুলৰ পৰা আহে আৰু কবৰখানা পোৱাৰ আগত জুনু নিজৰ ঘৰত সোমায়।)
জুনু-মাজনী যোৱা দেই। বাই বাই।
মাজনী-বাই বাই জুনু।
(মাজনী অলপ দূৰ অহাৰ পাছত বাটত অৰ্থাত কবৰখানাৰ পথ ছোৱাত দেউতাকে লগ কৰে। কাৰণ, সেইছোৱা বাট মাজনীয়ে অকলৈ আহিবলৈ ভয় কৰিব বুলি দেউতাক তাতে ৰৈ আছিল।)
মাজনীৰ দেউতাক-মাজনী, আহিলা?
(মাজনীয়ে মাতবোল নকৰে আৰু মুখখন বিপৰীত দিশলৈ ঘূৰাই খৰধৰকৈ খোজ দি আঁতৰি যায়।)
মাজনীৰ দেউতাক-চাওঁ মাজনী, বেগটো মোক দিয়া, মই লৈ দিওঁ।
( মাজনীয়ে দেউতাকলৈ ওভতিযে নাচালে আৰু বেছিহে খৰখোজেৰে আঁতৰি যায়।)
মাজনী-ভুত ভুত------ভুত-----ভুত ওলাইছে।
(চিঞৰি চিঞৰি মাজনী দৌৰে আৰু পিছে পিছে দেউতাকো যায়।)
চতুৰ্থ দৃশ্য
(ঘৰত দেউতাকে মাজনীৰ হাতত ধৰি মৰম কৰি কৰি প্ৰশ্ন কৰে।)
মাজনীৰ দেউতাক-মাজনী, তুমি স্কুলৰ পৰা আহোঁতে মোকে ভুত বুলি ভাৱি ভয় খালা কিয়?
মাজনী –দেউতা, তুমিয়েইতু কৈছিলা ভুতে আনৰ বেশ ধাৰণ কৰি আহে বুলি।সেয়ে মই ভুতে তোমাৰ বেশ ধাৰণ কৰি আহিছিল বুলি ভাৱিলোঁ আক’।
(জীয়েকৰ উত্তৰ শুনি দেউতাকে মূৰে কপালে হাত দিয়ে।)
অন্তিম দৃশ্য
(গভীৰ নিশা পহৰাৰত পুলিচ মিলিটেৰীয়ে হুইচেল বজাই বজাই খেদি আহি তিনিজনী গাভৰুক আগুৰি ধৰিব।
এজন পুলিচ-হেণ্ডচ আপ।
তিনি গাভৰু-(হাত দাঙি ৰ’ব।)
পুলিচ অপিচাৰ-(মহিলা কনিষ্টবলক উদ্দেশ্যি) ইহঁতৰ হাতত হাত কেৰেয়া লগাই দিয়া আৰু লগত কিবা আছে নেকি চোৱা।
(মহিলা পুলিচে গাভৰু তিনিজনীক নিৰীক্ষণ কৰোঁতে সিহঁতৰ গাৰ কাপোৰ খোল খাই গল আৰু সিহঁত যে গাভৰু নহয় আৰু প্ৰকৃততে ডেকাহে সেই কথা ধৰা পৰে।)
পুলিচ অফিচাৰ-ইহঁত চোৰ, ইহঁত ডকাইত। ইহঁতে ভেশচন ধৰি তিনি ভুতুনী হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আতংকৰ ছায়া পেলাই চুৰ ডকাইতি কৰিবলৈ সুবিধাজনক পৰিৱেশ সৃষ্টি কৰি লৈছিল।ব’লা, ইহঁতক থানালৈ লৈব’লা।ভালদৰে পিটন দিম আৰু ইহঁতে জেলৰ ভাত খাব লাগিব।এতিয়াৰ পৰা ৰাইজে শান্তিৰে শুব পাৰিব।
------------------সমাপ্ত---------------
Subscribe to:
Posts (Atom)