Saturday, 23 May 2020
চৰকাৰৰ কৃষক-শ্ৰমিক বিৰোধী নীতিৰ বাবেই ৰাইজৰ দুখ-দুৰ্দশা বৃদ্ধি পাইছে
ৰাম-ৰাজ্যত বসবাসৰ
সপোন দেখা ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ জনতাই ক’ৰ’ণা মহামাৰীৰ লগতে নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজ
দি এতিয়া ভাগৰি পৰিছে।তাৰ মাজতে আকৌ যুঁজ দিব লগা হৈছে চৰকাৰৰ কৃষক-শ্ৰমিক বিৰোধী
আইনৰ বিৰুদ্ধে।ইয়াৰ বিপৰীতে মোকেশ আম্বানীৰ দৰে চৰকাৰী আৰ্শীবাদপুষ্ট দেশৰ
পুঁজিপতিৰ জয়জয় ময়ময় অৱস্থা।অন্যহাতে,এপদ এপদকৈ দেশৰ সমষ্ট সম্পদৰাজি ব্যক্তিগত
খণ্ডৰ পুঁজিপতিক বিক্ৰী কৰি ৰাজভোগ কৰি দেশ চলোৱা চৰকাৰখনে ইতিপূৰ্বে কৰাৰ দৰেই কু-পৰিণামৰ
প্ৰতি দৃষ্টি নাৰাখি নিজৰ দৰিদ্ৰতা নিবাৰণৰ বাবে আমাৰ অসম মাতৃৰ বক্ষ ভেদ কৰি
প্ৰাকৃতিক সম্পদ আহৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।কোৱা বাহুল্য যে বিদ্যুৎ শক্তি আহৰণৰ বাবে চৰকাৰী উদ্যোগত নিৰ্মাণ হোৱা বৃহৎ নদীবান্ধবোৰে অসমৰ কৃষক-শ্ৰমিকসকলক প্ৰতিবছৰে জোলোকা-জোলোকে
পানী খুৱাই আহিছে,তাৰ প্ৰতিকাৰৰ বাবে চৰকাৰে কোনোধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ
কৰা নাই। অসমৰ মানৱ সম্পদৰ আলৈ-আথানি হৈছে,তাৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়ে আৰু
তাৰ প্ৰতিবাদ কৰাসকলক দেশদ্ৰোহী সজাই পোতাশাললৈ নিক্ষেপ কৰে।ভাৰত চৰকাৰৰ
ঔপনিবেশতাবাদৰ প্ৰতি ইন্ধন যোগোৱা তথা তোষামোদকাৰীৰ ভূমিকা পালন কৰা ৰাজ্য চৰকাৰখনৰ
বাবে অৱশেষত উপাৰ্জনৰ পথ হিচাপে বাকী ৰয়গৈ সুৰাৰ পোহাৰ মেলি দিয়া আৰু জন-সাধাৰণৰ
ওপৰত কৰৰ অত্যাধিক বোজা জাপি দিয়া। ৰাজ্যৰ লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৱে সংস্থাপন
বিচাৰি বৰ্হিৰাজ্যৰ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত চাকৰিত যোগদান কৰি পেটৰ ভাত
মুকলি কৰিলেগৈ আৰু নিজৰ ঘৰখনো তৰাবলৈ যত্ন কৰে:কিন্তু ক’ৰ’ণা মহামাৰীয়ে সকলো ওলট পালট কৰি দিলে।হঠাৎ‘নোট বন্দী’ ঘোষণা কৰাৰ দৰেই দেশৰ
প্ৰধান মন্ত্ৰী গৰাকীয়ে তলা বন্ধ ঘোষণা কৰি দি “ঘৰতে থাকক, ঘৰতে থাকক, কেৱল ঘৰতে থাকক” ক’ব ধৰিলে। পিছে প্ৰবৰ্জিত শ্ৰমিকৰ কাম বন্ধ হোৱাৰ লগে লগে
চাকৰিও গ’ল আৰু দৰ্মহাও বন্ধ হ’ল। লগে লগে ভাৰাঘৰৰ মালিকেও ঘৰৰ পৰা উলিযাই
দিলে।তেওঁলোক ক’ত থাকিব? কি খাব? ‘এক দেশ’ ৰ শ্লোগান শ্লোগান হৈয়ে ৰ’ল।প্ৰবাসী শ্ৰমিক বিদেশী হ’ল। খোজ কাঢ়ি, চাইকেল চলাই অথবা যিকোনো উপায়েৰে মৰি-পৰি হ’লেও নিজৰ ৰাজ্যখনলৈ, নিজৰ ঘৰখনলৈ প্ৰবাসীসকল
আহিবলৈ বাধ্য হ’ল। কাৰণ, প্ৰধান মন্ত্ৰীগৰাকীয়ে ঘৰতে সোমাই থাকিবলৈ কৈছে যে।আমাৰ
অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লাহে ধীৰে আহিবলৈ ক’লেই জানো নহাকৈ থাকিব পাৰিব? ভাৰতবৰ্ষত কোনো চৰকাৰে
মানৱ সম্পদক সম্পদ জ্ঞান নকৰে। অসম চৰকাৰে তাকে কৰা হ’লে যুব শক্তিক নিজ ৰাজ্যতে
উৎপাদনৰ এক আহিলা স্বৰূপে নিয়োগ কৰি সোণৰ অসম গঢ়ি তুলিব পাৰিলেহেতেন, যদিহে কুৰি লাখ কোটি টকীয়া পেকেজ ঘোষণাৰ
পিচত তৎপৰ হোৱাৰ দৰে নিজৰ দলৰ চৰকাৰ গঠনৰ পিচতে প্ৰতিশ্ৰুতি অনুযায়ী কাম কৰিলেহেতেন।এনে সুলভ শ্ৰম শক্তিৰ যহতেই পূব এচিয়াৰ দেশবোৰে তাহানিখনতেই
অৰ্থনৈতিক সমৃদ্ধি লাভ কৰিলে। নিজৰ দেশৰ মানৱ সম্পদৰ আলৈ আথানি নিৰ্বিকাৰ ভাৱে
প্ৰত্যক্ষ কৰা চৰকাৰক ধৰ্মৰ নামত ৰাজনীতি কৰি বিদেশী নাগৰিকক স্বদেশী কৰাৰ তাড়নাৰ পৰা সাম্প্ৰতিক কালৰ
অভিজ্ঞতাই বিৰত ৰাখিবনে বাৰু?
বি দ্ৰ লেখাটো অসমৰ বহুল প্ৰচাৰিত তথা বলিষ্ঠ দৈনিক বাতৰি কাকত দৈনিক অসমৰ 30/5/2020 তাৰিখ ৰ স্ংখ্যাত সম্পাদক লৈ চিঠি হিচাপে প্ৰকাশ পাইছে।
----------------০------------শ
Subscribe to:
Posts (Atom)