ইন্টাৰনেটে আমাৰ জীৱন নিৰ্বাহ , কৰ্ম, উৎপাদন আৰু উপভোগৰ গতি সলনি কৰি গৈছে৷ মাত্ৰ কেইটামান দশকৰ ভিতৰতেই
ইণ্টাৰনেট জগতখনৰ এক উল্লেখযোগ্য পৰিবৰ্তন ঘটিছে৷ গোলকীয় মানৰ
স্বতন্ত্ৰ নেটৱৰ্কবোৰৰ সানমিহলিৰ পৰাই ইয়াৰ প্ৰসাৰ ঘটিছিল৷ ই ব্যৱসায়, যোগাযোগ, ৰং ধেমালি আৰু শিক্ষাৰ ভেটি স্বৰূপে সেৱা আগ বঢ়াইছে৷ এজন লোকে বিভিন্ন ধৰণৰ যতন বা আহিলাৰ যোগেদি অজস্ৰ নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে৷
ইন্টাৰনেটৰ দ্বাৰা পৰিচালিত এক প্ৰযুক্তিগত পৰিবৰ্তন
হ’ল ‘চতুৰ্থ
উদ্যোগিক বিপ্লৱ’
৷ এই বিপ্লৱৰ যুগত প্ৰৱেশ কৰাৰ
লগে লগে
মানৱ জাতি
ন ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ যিহেতু ইন্টাৰনেটৰ
দীৰ্ঘ ম্যাদী
বস্বাস্থ্য
আৰু
স্থিৰতা
বৃদ্ধি
কৰা দৰকাৰ৷ গতিকে কাৰিকৰি দিশত প্ৰচণ্ড জোকাৰণি তুলি ধাৱমান হোৱা এই পৰিবৰ্তনক
পৰিচালনা
কৰাটো
অত্যন্ত
জৰুৰী হৈ পৰিছে৷
তথ্য কিয় ইমান গুৰুত্বপূৰ্ণ ?
ইন্টাৰনেটৰ
হৃদপিণ্ডতেই বিশাল পৰিসৰত
তথ্যৰ
অৱস্থান
৷ তথ্যৰ পৰিসৰ প্ৰতি বছৰে ৪০%
শতাংশ হাৰত
বৃদ্ধি পাইছে আৰু ২০২০ চনৰ ভিতৰত ৫০ গুণ বাঢ়িব৷ বিগত দুটা বছৰতেই
বিশ্বত
সকলো
তথ্যৰ
৯০%
ই সৃষ্টি কৰা হৈছে৷ ছিংগাপুৰ স্থিত
Aureus Analytics য়ে সমাপন কৰা বৃদ্ধিৰ গতিৰ এক জোখ- মাখত এই হিচাপ ধৰা পৰিছে৷
ম’বাইল ফোনৰ ব্যৱহাৰ বাঢ়ি
যোৱাৰ লগে
লগে ব্যক্তিগত
তথ্যৰ পৰিসৰো
বাঢ়ি গৈ
আছে৷ বিশ্বৰ
আধাতকৈ অধিক (৫১%) ইন্টাৰনেট ব্যৱহাৰকাৰী
হ’ল এচিয়া
মহাদেশৰ৷ চীনৰ ১.৩৬ বিলিয়ন জনসংখ্যাৰ
১.৩
বিলিয়নে ম’বাইল ব্যৱহাৰ কৰে৷ ভাৰতৰ ১.২৫ বিলিয়ন জনসংখ্যাৰ ভিতৰত ০.৯১ বিলিয়নৰহে ম’বাইল ফোন আছে৷
পিছে উদ্যোগিক তথ্যৰ পৰিমাণ অতি ব দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে৷ গাড়ীৰ উপাদান, ঘৰ, ব্যৱহায্য সামগ্ৰী আৰু উদ্যোগিক যন্ত্ৰ-পাতি আদিক সামৰি লৈ প্ৰায় ৪.৯ বিলিয়ন ইন্টাৰনেট সংযোগীকৃত যতন থকা বুলি হিচাপ কৰি উলিওৱা হৈছে৷ এই সংখ্যা ২০২০ চনত ২৫ বিলিয়ন হ’বগৈ৷ আমি ইয়াক আঁকোৱালি লৈছোঁ আৰু পৰিচালনা, কাৰ্য প্ৰণালী আৰু ব্যাখ্যাৰ সৰ্বোৎকৃষ্ট পথেদি আগুৱাই লৈ যোৱাৰ ফলত এই তথ্যৰ ঢৌৱে প্ৰত্যাহ্বান আৰু সুযোগ আনি দিছে ৷
ইন্টাৰনেটে কি প্ৰত্যাহ্বান আৰু সুযোগ আনিব ?
ইন্টাৰনেটে কি প্ৰত্যাহ্বান আৰু সুযোগ আনিব ?
বিশ্ব অৰ্থনৈতিক সভাই (The World Economic Forum) ইন্টাৰনেট সম্পৰ্কীয় প্ৰত্যাহ্বান আৰু সুযোগসমূহত সহযোগিতাৰ সম্প্ৰসাৰণ ঘটাবলৈ আৰু বিশ্বাসযোগ্যতা সবল কৰাত
সহায়
কৰিবলৈ ২০১৫ চনত
“ইন্টাৰনেট উদ্যমৰ ভৱিষ্যত “[ The Future of the Internet
Initiative (FII)] শুভাৰম্ভ কৰে৷ “ইন্টাৰনেট উদ্যমৰ ভৱিষ্যত “ য়ে গোপনীয়তা, চাইবাৰ ক্ৰাইম, প্ৰৱেশাধিকাৰ আৰু সামাজিক প্ৰত্যাহ্বান
সমূহৰ ওপৰত আলোকপাত কৰি মানৱ জাতিৰ উন্নয়নৰ মূল চালিকা শক্তি , ইয়াৰ
গোলকীয় সমন্বয়, সহযোগিতামূলক আৰু বিস্তৃতভাৱে ব্যাপ্ত ধৰণটোক ৰক্ষণাবেশন দিয়াকৈ ইন্টাৰনেটৰ
ক্ৰমবিকাশক পৃষ্ঠপোষকতা কৰাৰ লক্ষ্য বান্ধি লৈছে৷ সেই দিশসমূহ তলত আলোচনা কৰা হ’ল৷
1)পৰিবৰ্তন( Trasfomation)
ব্যৱসায়ৰ বাবে নতুন বজাৰ সৃষ্টি কৰি ইন্টাৰনেটে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ গঠনত ন-ৰূপ দি গৈছে৷ কিন্তু সংগঠনসমূহে তেওঁলোকৰ গ্ৰাহকসকলৰ তথ্যৰ নিৰাপত্তা শক্তিশালী কৰিব লাগিব৷
ব্যৱসায় প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ গ্ৰাহকসকলক কি সুযোগ দিছে তাক প্ৰচাৰ কৰিবলৈ তথ্য ব্যৱহাৰ কৰোঁতে দক্ষতা আহৰণৰ যোগেদি বৰ্তমানৰ বহুতো ডিজিটেল লাভালাভ আহিছে ৷ ডিজিটেল ৰূপান্তৰকৰণৰ পৰা অন্য সুযোগ আৰু প্ৰত্যাহ্বানে নতুন আয়ৰ উৎস আৰু প্ৰমূল্য লাভ কৰিব পাৰিছে৷ নগৰ গাড়ী-ভাড়া আঁচনিৰ
দৰে নতুন প্ৰস্তাৱবোৰে ক্ৰেতা আৰু বিক্ৰেতাক একে লগে লৈ
যাবলৈ
নতুন
অংশীদাৰিত্ব, ব্যৱসায়ৰ নমূনা আৰু
ভেটি নিৰ্মাণ কৰিছে৷
2)প্ৰৱেশাধিকাৰ( Access)
বৰ্তমানো বহুতো লোকে ইন্টাৰনেট সংযোগ লোৱাৰ পৰিবৰ্তে সংযোগ বিহীন ভাৱেই আছে৷ সন্মিলিত ৰাষ্ট্ৰ সংঘই তেওঁলোকৰ গোলকীয় লক্ষ্যত সাৰ্বজনীন ক্ৰয়ক্ষম ইন্টাৰনেট প্ৰৱেশাধিকাৰৰ
সংযোজন ঘটাইছে ৷ ই দ্ৰৰিদ্ৰতা হ্ৰাসকৰণ, উন্নত স্বাস্থ্য আৰু শিক্ষা তথা পৰিৱেশৰ উন্নয়নৰ বাবে যুটীয়াভাৱে লক্ষ্য স্থিৰ
কৰি লৈছে৷
বিশ্বৰ অৱহেলিত আৰু
সেৱা লাভৰ
পৰা বঞ্চিত জাতি সমূহক
সংযোজিত কৰি
ইন্টাৰনেটে যাতে গোলকীয় উন্নয়নত সহায়
আগ বঢ়াব
পাৰে
তাকে
লক্ষ্যসমূহে চিনাক্ত কৰিছে৷
3)পৰিচালনা(Governence)
বিপজ্জনক গতিত প্ৰযুক্তিয়ে আত্ম প্ৰকাশ কৰাৰ লগে লগে নিয়ন্ত্ৰণকাৰী গঠনসমূহ প্ৰায়ে পিচ পৰি ৰৈ যায়৷
কাৰিকৰি বা প্ৰযুক্তিগত পৰিবৰ্তনৰ পদক্ষেপত ইন্টাৰনেটত সকলো ধৰণৰ তথ্যৰ ব্যৱহাৰ কৰাৰ
নীতি নিয়ম যুক্তি যুক্ত
আৰু
যথাযথ
হ’ব লাগিব৷
যিমানে ইন্টাৰনেট অধিক ব্যাপক হৈ পৰিছে সিমানে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু গোলকীয় প্ৰয়োগশীলতাৰ মাজত
অস্থিৰতা বিৰাজ কৰিছে৷ চৰকাৰ আৰু ব্যক্তিসমুহে তথ্যৰ নিৰাপত্তা আৰু গোপনীয়তাৰ বিষয়ত আপত্তি কৰাত চাইবাৰ বিশ্বক নিয়ন্ত্ৰণ কৰা নীতি-নিয়মবোৰ দৈনিক ভিত্তিত পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে৷ ডিজিটেল প্ৰযুক্তিয়ে বন্ধনমুক্ত কৰা উদ্ভাৱনীয় সম্ভাৱনীয়তাইও সামাজিক উপকাৰিতা আৰু ব্যয়ৰ লগতে ৰীতি নীতিৰ বিষয়ত প্ৰশ্নৰ উদয় কৰিছে৷
4)নিৰাপত্তা(Security)
লেন-দেন আৰু
বিনিময় সমাধা
কৰিবলৈ সংগঠনসমূহ আৰু ব্যক্তিসকলৰ আত্মবিশ্বাস জন্মিবৰ বাবে ইন্টাৰনেট নিৰাপদ হ’ব লাগিব৷ এইটোৱে বুজাইছে যে যিমানে উদ্যোগিক তথ্যৰ পৰিমাণ বাঢ়িব সিমানেই উদ্যোগিক ইন্টাৰনেটত সংযোগ কৰা যতনবোৰৰ সমন্বয় ৰক্ষাত কেন্দ্ৰীভূত কৰা ডিজিটেল নিৰাপত্তাৰ সেৱাসমূহৰ বেছি আৱশ্যক
হ’ব৷
চাইবাৰ ক্ৰাইমৰ ঘটনাবোৰ অধিক বৃদ্ধি পাইছে৷ ইংলেণ্ডত ২০১৫ চনৰ জুন
মাহৰ লৈকে ১২ টা মাহৰ ভিতৰত ২.৫ মিলিয়ন কম্পিউটাৰৰ লগত জড়িত অপৰাধমূলক গোচৰ লিপিবদ্ধ হৈছে৷
চাইবাৰ ক্ৰাইমৰ ভাবুকি বৃদ্ধিত ২০১৫ চনটো অন্য গুৰুত্বপূৰ্ণ খটখটি স্বৰূপে চিহ্নিত
হৈছে ৷ দেশখনৰ উদ্যোগ খণ্ড, চৰকাৰী কাম-কাজ আৰু শিক্ষা প্ৰতিষ্ঠানসমূ্ক সঘন লক্ষ্য হিচাপে লৈ আমেৰিকা যুক্তৰাষ্ট্ৰত অধিক আক্ৰমণ
চলিল৷
হেকিং
আৰু চাইবাৰ চোৰাংচোৱাগিৰি কৰাৰ পিছত আক্ৰমণৰ আঁৰত চাইবাৰ ক্ৰাইমকে এক নম্বৰ উদ্দেশ্য বুলি গণ্য কৰা হয়৷ সেয়ে বৃহৎ
আৰু ক্ষুদ্ৰ সংগঠন সমূহেে চাইবাৰ নিৰাপত্তা কাৰ্যসূচীক অগ্ৰাধিকাৰ দিবলৈ বাধ্য হৈছে৷
( ৱৰ্ল্ড ইকনমিক ফৰামৰ ৱেবছাইটৰ সহায়ত)
বিঃদ্ৰঃ প্ৰবন্ধটো প্ৰান্তিক আলোচনীৰ 16-31মাৰ্চ2017সংখ্যাত প্ৰকাশ পাইছে৷
( ৱৰ্ল্ড ইকনমিক ফৰামৰ ৱেবছাইটৰ সহায়ত)
বিঃদ্ৰঃ প্ৰবন্ধটো প্ৰান্তিক আলোচনীৰ 16-31মাৰ্চ2017সংখ্যাত প্ৰকাশ পাইছে৷