Tuesday, 14 April 2026

ছয় দশকৰ পূৰ্বৰ ঢকুৱাখনা আৰু তাহানিখন ফাট বিহুত নাচি বাগি বিহু গীত গোৱা দিনৰ স্মৃতি ৰোমন্থন

সাম্প্ৰতিক কালৰ ইন্টাৰনেটৰ যুগত ডিজিটেল মাধ্যমৰ সহায়ত সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহু সমন্ধে গৱেষক তথা অনেক বৰেণ্য ব্যক্তিয়ে ভালেমান প্ৰৱন্ধ লিখিছে।লেখাসমূহত ফাট শব্দটোৰ উত্পত্তিৰ সন্দৰ্ভত ভিন্ন জনে ভিন্ন ধৰণে ব্যাখ্যা ডাঙি ধৰিছে।ভিন্ন সময়ত ভিন্ন স্থানত ফাট বিহু উদ্ যাপন কৰাৰ কথাও লেখাসমূহত উল্লেখ আছে।আমি এইবোৰ বিষয়ে আলোচনা কৰিবলৈ ওলোৱা নাই। তিনিকুৰি বছৰৰ পূৰ্বে ঢকুৱাখনাত জন্ম গ্ৰহণ কৰি বাল্যকালত যি অভিজ্ঞতা লাভ কৰিছিলোঁ তাৰ য়োগেদি অতীতৰ ঢকুৱাখনাৰ এক ছবি ডাঙি ধৰিব খুজিছোঁ মাথো।বিশেষকৈ তাহানিখনৰ বিহুৰ এক চমু আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আজিৰ ঢকুৱাখনা আৰু তিনিকুৰি বছৰৰ পূ্ৰ্বৰ ঢকুৱাখনাৰ মাজত অকল্পনীয় তফাত্ দেখা যায়।তাহানিখন চাৰিকড়িয়া নৈৰ ওপৰত পকী দলং নাছিল, বাৰিষা কালত ঘাটৈয়ে যাত্ৰীসকলক নাৱেৰে পাৰ কৰাই দিয়ে আৰু খৰালি কাঠ বাঁহেৰে সাজি উলিওৱা দলঙেদি পাৰ হ’ব পাৰি। পাৰত অৱস্থিত ঢকুৱাখনা চাৰিআলিত থকা বৰগছৰ তলত আঙুলিৰ মূৰত হিচাপ কৰিব পৰাকৈ মাত্ৰ কেইখনমানহে দোকান আছিল আৰু বৰ্তমান থকা ঠাইতে ঢকুৱাখনা পুলিচ থানাখন আছিল।চাৰিআলিৰ পৰা দক্ষিণ দিশত নৈৰ পাৰত ৰাস্তাৰ পশ্চিম ফালে আছিল সাপ্তাহিক বজাৰখন। সপ্তাহটোৰ মংগল আৰু শুক্ৰ বাৰে বজাৰ বহে।ঢকুৱাখনাৰ কৃষিজীৱি ৰাইজৰ বাবে বজাৰখন আছিল ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ।সেই সময়তো ঢকুৱাখনাত চৰকাকাৰী মজলীয়া বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় আছিল।মুঠতে শিক্ষাৰ ক্ষেত্ৰত ঢকুৱাখনা আগবঢ়া ঠাই আছিল। তেতিয়াৰ দিনতেই কলা-সংস্কৃতিৰ ধ্বজাবাহক ঢকুৱাখনা নাট্যমন্দিৰৰ সুনাম চৌদিশে বিয়পি পৰিছিল।খেল-ধেমালিৰ ক্ষেত্ৰতো ঢকুৱাখনাবাসী পিচপৰি ৰোৱা নাছিল। বিশেষকৈ ফুটবল খেল ঢকুৱাখনা বাসীৰ অতি প্ৰিয় খেল।সেই সময়ত কণক বৰগোহাঁই, নবীন বৰগোহাঁই, চাৰু চন্দ্ৰ চুতীয়া, ধৰ্মাকান্ত দাস, দন্দি হাজৰিকা, নৰেন শইকীয়া, তিলক ভৰালী, মহেন্দ্ৰ গগৈ আদি আছিল নামী ফুটবল খেলুৱৈ। সেই সময়ত ঢকুৱাখনাৰ নদ-নদী, জান-জুৰি, বিল-পুখুৰী আৰু খাল-দোং আদি সকলোতে নানা ধৰণৰ মাছ-কাছ আদি উভৈনদী হৈ আছিল। বহাগ মাহৰ পৰা আৰম্ভ হোৱা বৰষুণে মাছ-কাছৰ এই বসতিস্থলবোৰ জীপাল কৰি তুলে আৰু বাৰিষা কালৰ দিনবোৰ চমু চাপি অহাৰ লগে লগে সেইবোৰ পানীৰে উপচি পৰে। মাজে মাজে দীৰ্ঘদিন ধৰি পেনপেনিয়া তথা নেৰানেপেৰা বৰষুণ হয়, যাক জাগল ধৰা বা জাগল পতা বুলি কোৱা হয়।জাগলৰ দিন কেইটাত কলীয়া ডাৱৰে আকাশ ঢাকি ধৰি দিনতে ধৰালৈ এন্ধাৰ নমাই আনে আৰু এৰা ধৰাকৈ ইজাকৰ পিচত সিজাক দবা-পিটা বৰষুণ দিব ধৰে। তেতিয়াই নদ-নদী আৰু জলাশয়বোৰৰ পাৰ ভঙা পানী পাই সাপ-বেং, মাছ-কাছ আদি সকলো জলচৰ প্ৰাণী যেন আনন্দত মতলীয়া হৈ পৰে। জাকে জাকে বিভিন্ন প্ৰজাতিৰ মাছে কণী পাৰি বংশবৃদ্ধি কৰিবলৈ ন পানী পাই বামলৈ উঠি আহে। মাছৰ উজান উঠে। পল-জুলুকি, জাকৈ আৰু জাল আদি বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলিৰে অতি সহজে উজানৰ মাছ ধৰিব পাৰি;কিন্তু আমি সৰুতে জাগল পতা সময়ত পানী নথকা ৰাস্তাৰ ওপৰতে সিটো পাৰে থকা খাল বা পুখুৰীলৈ ৰাস্তা পাৰ হৈ যাব ধৰা কাৱৈ, গৰৈ আৰু চেঙেলি আদি মাছ হাতেৰে ধৰিছিলো। আনকি কাৱৈ মাছ তামোল গছত বগাবলৈ চেষ্টা কৰাও প্ৰত্যক্ষ কৰিছিলো।আমাৰ মনত পৰে, এবাৰ নৈত পানী বাঢ়ি আহিব ধৰাত চাৰাকড়িয়া নৈৰ দলংখনৰ উজনীত পানী মেটেকাৰে ভৰি পৰিলে আৰু হঠাত্ এটা প্ৰকাণ্ড ৰৌমাছ মেটেকাৰ ওপৰলৈ জাপ মাৰি আমাৰ চকুৰ সমুখতে দলঙৰ ওপৰত পৰিলহি। তাত সমবেত কেইবাজন লোকে মিলি ৰৌমাছটো কৰায়ত্ব কৰে।সেই ৰৌমাছৰ স্বাদ আমাৰ মুখত যেন এতিয়াও লাগি আছে এনে ভাৱ হয়।এবাৰ খৰালিৰ সময়ত দলঙৰ ওপৰৰ পৰা তললৈ চাওঁতে মেটেকাৰ মাজৰ মুকলি এডোখৰত এটা বিৰাট আকাৰৰ আৰি মাছে পাক দি থকা দেখা পালোঁ। দৌৰ মাৰি ঘৰলৈ গৈ পঁচা পাট আনি আৰি মাছটোক লক্ষ্য কৰি মাৰি পঠিয়ালোঁ। লক্ষ্য অব্যৰ্থ আছিল। আৰি মাছ ধৰি আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। এনে ধৰণৰ মত্ স্য চিকাৰৰ অনেক কাহিনী আছে। ঢকুৱাখনা চাৰিআলিৰ পূব কোণত অৱস্থিত থানাখনৰ সমুখত ৰাস্তাৰ কাষত আছিল এজোপা প্ৰকাণ্ড পাত কঠালৰ গছ।আমাৰ মনত আছে এই কঠাল গছ জোপাৰ ওপৰতে কোনো নামী তথা সুদক্ষ চিকাৰীয়ে বধ কৰা এটা প্ৰকাণ্ড বাঘৰ মৃত শৰীৰ ওলমাই বান্ধি থৈছিল আৰু তাৰ তলেদি পৰম্পৰাগত ৰীতি অনুযায়ী ৰাইজৰ লগতে আমি কণ কণহঁতেও পাৰ হৈ গৈছিলোঁ। তেনে কৰাটো স্বাস্থ্য তথা অন্যান্য ক্ষেত্ৰত মংগলদায়ক হেনু।তাহানি কেৱল বাঘেই নহয় বিভিন্ন ধৰণৰ বন্য প্ৰাণী আৰু চৰাই চিৰিকতি কৃষি ভূমিৰ কাষৰীয়া অৰণ্য সমূহত মুক্তমনে বিচৰণ কৰিছিল। আমাৰ মনত আছে, ঢকুৱাখনাৰ নাতি দূৰৰ এখন গাৱঁৰ এজন মিছিং সম্প্ৰদায়ৰ লোকে মাংসৰ জুটি ল’বলৈ মন মেলি নৰীয়া গাৰে চিকাৰ কৰিবলৈ ওলাই হাতত এপাট যাঁঠি লৈ এটা প্ৰকাণ্ড বনৰীয়া গাহৰি খেদি খেদি আনি চাৰিকড়িয়া নদীৰ ওচৰৰ চেনিমাৰী হোলাৰ পাৰ পাইছিলহি। এনেতে হঠাতে দঁতাল গাহৰিটোৱে চিকাৰীজনক উভতি ধৰি প্ৰচণ্ডভাৱে আক্ৰমণ কৰে আৰু তেওঁক মৃত্যু মুখত পেলায়। চাৰিকড়িয়া নৈত তেতিয়া কেৱল মাছ-পুঠিয়েই নহয়, আছিল শিহু , ঘঁৰিয়াল আৰু কুম্ভীৰো।এবাৰ নৈত ধৰা এটা প্ৰকাণ্ড কুম্ভীৰৰ মৃত শৰীৰ ঢকুৱাখনা হাইস্কুলৰ খেল পথাৰত ৰাইজে চাবৰ বাবে ৰখা হৈছিল।আমি তেতিয়া স্কুলীয়া ছাত্ৰ।আমাৰ গাৱঁৰ কাষেদি বৈ যোৱা চাৰিকড়িয়া নৈত আমি সাঁতুৰিবলৈ আৰু নাও চলাবলৈ শিকিছিলোঁ।ভৰ বাৰিষা নৈখন ওফন্দি উঠে।দক্ষিণপাৰে থকা আমাৰ চাপৰিখন পানীত বুৰ যায়।এনে এক দিনতে কেইবাজনো সমনীয়াৰ সৈতে এখন টুলুঙা নাও লৈ চাৰিকড়িয়া নৈ পাৰহৈ দক্ষিণ ফালৰ চাপৰিলৈ যাত্ৰা কৰিলোঁ।উদ্দেশ্য চাপৰিত থকা পকা মধুৰী আৰু হেলেচৰ গুটি খোৱা, ইকৰা খাগৰি আদি গছত লাগি থকা বনৰীয়া ভাত কেৰেলা চিঙি অনা আৰু কহুঁৱা, ইকৰা আৰু খাগৰি গছত ওলমি থকা টোকোৰা চৰাইৰ বাহৰ পৰা কণী সংগ্ৰহ কৰা।প্ৰত্যেকে হাতে হাতে থকা বৈঠা-লগিৰ জোৰত আমাৰ টুলুঙা নাওখন বিজুলি বেগেৰে গতি কৰি চাপৰিত প্ৰৱেশ কৰিলে।সাপেখাটি বিলৰ পাৰ পোৱাৰ পিছত কহুঁৱা, ইকৰা আৰু নল-খাগৰিবোৰত ওলমি থকা হেজাৰ হেজাৰ টোকোৰা চৰাইৰ বাহবোৰ দেখি আমি আনন্দত উদ্বাউল হৈ পৰিলোঁ।টোকোৰা চৰাইবোৰে এক উৎসৱমুখৰ পৰিৱেশত কোলাহল কৰি আত্মহাৰা হৈ আছিল।সিহঁতে আমাৰ উপস্থিতিক যেন কেৰেপেই নকৰি আত্মবিভোৰ হৈ থাকিল।আমি যেয়ে যিমান পাৰোঁ বাহবোৰৰ পৰা কণী সংগ্ৰহ কৰিলোঁ।কিছু গৰম পৰিছিল।পকা হেলেচ খালে ভাল লাগিব।আমি কথাটো আলোচনা কৰি হেলেচ গছৰ তলৰ ফালে নাও ঘূৰাই আগুৱাই যাব ধৰিলোঁ।গছজোপাৰ তল পাবলৈ কিছুদূৰ থাকোঁতে “ও… ও… ঔ……” বুলি এক দিঘলীয়া উকি হেলেচ গছজোপাৰ তলৰ পৰা ভাঁহি অহা শুনিলোঁ।নাওখনৰ গতি হ্ৰাস কৰি আমি আটায়ে হেলেচ গছৰ তললৈ চালোঁ।চাই যিটোহে দেখিলো,সকলো ভয়ত পেপুৱা লাগিলো।কোনেও কাকো একো নোকোৱাকৈ প্ৰত্যেকে হাতৰ বৈঠা, লগি বাই বিপৰীত দিশলৈ নাও ঘূৰাই দ্ৰুতগতিত নাও চলাব ধৰিলোঁ।চাৰিকড়িয়া নৈ পাৰ হৈ পাৰত নাওখন চপোৱাৰ পিচতহে যেন আমাৰ প্ৰাণ ঘূৰি আহিল।আমি বহুত বেছি ভয় খাইছিলোঁ।আমি আটায়ে জীৱনত প্ৰথম বাৰৰ বাবে ভুত দেখিলোঁ।হেলেচ গছজোপাৰ তলত থকা গছৰ মুঢ়াত বহি উকি মৰা সেই কিচকিচকৈ ক’লা ভুতটোৰ কথা মনত পৰিলে এতিয়াও গাৰ নোম ডাল ডাল হৈ পৰে। ১৯৬২ চনত বৰ বানপানীয়ে সমগ্ৰ ঢকুৱাখনা বুৰাই পেলাইছিল৷ বান বিভিষিকাৰ দৃশ্যবোৰ এতিয়াও যেন চকুৰ সমুখত ভাঁহি উঠে৷ মনত পৰে বানপানীৰ সময়ত দূৰণীৰ মিছিং গাঁৱৰ পৰা ভাঁহি অহা ঢোলৰ চেৱৰ শব্দ আৰু ঐলিতমৰ ৰিলিকি ৰিনিকি শুনা সুৰৰ কথা।তাত যেন উত্সৱমুখৰ পৰিৱেশহে বিৰাজ কৰিছিল, এনে অনুমান হৈছিল।তেতিয়া মোৰ বয়স সাত বছৰ হৈ গৈছে৷ বানপানীৰ পিছত চাৰিকড়িয়া নদীৰ দক্ষিণ পাৰৰ শিমলুগুৰি চাপৰিলৈ লগ সমনীয়া অথবা বয়োজ্যেষ্ঠসকলৰ সৈতে যাওঁতে কাঠনিৰ দাঁতিৰ মুকলি ঠাইত জাকপাতি চৰি থকা বনৰীয়া কুকুৰাবোৰ দেখি আমাৰ নয়ন জুৰাই যায়৷ কুকুৰাৰ মাংস খোৱাতো সামাজিক ভাৱে নিষেধ আছিল, কণি খোৱাত বাধা নাই বাবে হাবি বননি তহিলং কৰি কুকুৰাৰ বাহ বিচাৰি তাত এটা হলেও কণি এৰি বাকীবোৰ কণি সংগ্ৰহ কৰি আনিছিলো৷ ঘৰৰ ৰান্ধনী গৰাকীৰ হাতত সেই কণি তুলি দি নিজে গৌৰৱ অনুভৱ কৰিছিলোঁ৷কেইটামান বছৰৰ ভিতৰতে আমাৰ গাৱঁৰ দক্ষিণ মূৰত থকা সাপ্তাহিক বজাৰৰ ওচৰে পাজৰে আৰু চাৰিআলিটোৰ ইপাৰে সিপাৰে দুই এখন দোকান পাতিলে৷ ওচৰ পাজৰৰ ৰাজ্যবোৰৰ পৰা নানা ধৰণৰ মানুহে আমাৰ গাৱঁৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চহৰ খনত অলক্ষ্যিতে প্ৰৱেশ কৰি নিগাজীকৈ থাকিব ধৰিলে৷ ইয়াৰ উপৰিও মাজে সময়ে কিছুমান অঘৰী মানুহ আহি সাপ্তহিক বজাৰৰ জুপুৰি ঘৰত নৈশ যাপন কৰি নানা ধৰণৰ বেহা বেপাৰত লিপ্ত হয়৷ সেই মানুহবোৰে ঘোঁৰাৰ নেজৰ দীঘল নোম কাটি চৰাই ধৰা ফান্দ তৈয়াৰ কৰি সেইবোৰ চাপৰিৰ বনৰীয়া কুকুৰা চৰি ফুৰা ঠাইত পাতি কুকুৰাবোৰ ধৰা দেখি আমি তবধ মানিছিলোঁ৷ বয়োজ্যেষ্ঠসকলৰ মনোভাৱ কি আছিল আমি নাজানো৷ সেই অঘৰীসকলে বনৰীয়া কুকুৰাবোৰ নানা কৌশল প্ৰয়োগ কৰি অনায়াসে ধৰি নিজে ভক্ষণ কৰাৰ উপৰিও বিক্ৰী কৰি যাব ধৰিলে।আমি মহাবিদ্যালয়ত পঢ়িবলৈ নগৰলৈ গলোঁ। কেইবছৰমানৰ পিচত ঘৰলৈ গৈ কুকুৰাবোৰ চোৱাৰ মানসেৰে শিমলুগুৰি চাপৰি পালোঁগৈ, কিন্তু চকুহাল বিষাই গ’ল আৰু মনটো সেমেকি গ’ল – ক’তো কেনিও এটাও বনৰীয়া কুকুৰা নেদেখিলোঁ।মনত পৰে শিমলুগুৰি চাপৰিত থকা বান্দৰৰ বৃহত্ জাকটোৰ কথা। খেতি নষ্ট কৰা সেই জাকটোক নানা ধৰণে চেষ্টা কৰিও খেদি পঠাব পৰা নাছিলোঁ।কোনো লোকে ডিঙিত টিলিঙা আঁৰি বান্দৰ এটা তাত এৰি দিয়াৰ পিচতে বান্দৰজাক অন্তৰ্ধান হ’ল আৰু আমি স্বস্তিৰ নিশ্বাস পেলালোঁ। তাহানিখন পলাশ, শিমলূ , মদাৰে ৰঙা দলিচা পাৰি বহাগীক আদৰি অনাৰ লগে লগে গছ-বনে সেঁউজী ৰহন লগাই কুলি-কেতেকীৰ মন উদ্বাউল কৰি দিয়াৰ ক্ষণতে গাঁওবাসীয়ে বিহুৰ আগলি বতৰা পাই পুলকিত হৈ পৰে।লগে লগে সকলোৱে নিজা ববীয়াকৈ বিহু পালনৰ প্ৰস্তুতি চলাই যায়।গাভৰুহঁতৰ, ন-বোৱাৰীহঁতৰ গাত উখল মাখল লাগি গৈ তাঁতৰ শালত হাতৰ মাকোক তৰণি নোহোৱা কৰি দিয়ে৷ গণি চায় বিহুলৈনো আছে কেইদিন, গামোছাবোৰ কাটিব কেতিয়া? কণ কণ ল’ৰাবোৰৰ বহুতো দায়িত্ব আহি পৰে৷ খৰি লুৰি আনি নিদিলে পিঠপনা , জাজলপান নহ’ব৷ জাকে জোমে খৰি লুৰিবলৈ যোৱা ক্ষণতে সিঁহতৰ গাত বিহু লম্ভে৷ ম’হঘূলি চাপৰিৰ বিস্তৃৰ্ণ অঞ্চল জুৰি থকা ইকৰানিত সোমাই তাৰ মাজত থকা শুকান খাগৰি খৰি লুৰি মুঠা বান্ধি কান্ধত লৈ জাক পাতি আহোতেই সিঁহতে বিহু গীতৰ আখৰা সমাপন কৰে৷ ল’ৰাহঁতে চোতালত খৰি দ’মাই দিয়াৰ পিছত জীয়াৰী-বোৱাৰীহঁতে জোখমতে ভাঙি-কাতি খাগৰি খৰিবোৰ জু-হাল পোৱাইগৈ আৰু পিঠা-পনা,জা-জলপান তৈয়াৰ কৰাত লাগি যায়। বিহুৰ কেইদিন গাঁৱৰ গৃহস্থৰ ঘৰত ঢেঁকী বজাব নাপায়৷ আগতেই চাউল, চিৰা যি লাগে খুন্দি ল’ব লাগিব৷ সেয়ে পুৱতি নিশা কাৰ ঘৰৰ জীয়ৰী বা বোৱাৰীয়ে সকলোতকৈ সোনকালে উঠি ঢেঁকী জুৰিব পাৰে তাৰে অঘোষিত প্ৰতিযোগিতা চলে৷ গাঁৱৰ ল’ৰাহঁতৰ গাত লম্ভা বিহুৱে সিহঁতক আকৌ চাপৰিলৈ লৈ যায়৷ বিহুত গৰুক নতুন পঘাৰে বান্ধিব নালাগিব জানো? হাবিৰ মাজত ল’ৰাহঁতে তৰা ফিটিয়াবলৈ লাগি যায়।তৰাবোৰৰ পাত আৰু টান অংশ কাটি পেলাই দি কোমল তৰাখিনি গোটা কৰি ভালদৰে বন্ধাৰ পিচত ঢোল খোলত লগোৱাৰ দৰে ৰছি লগাই লৈ ল’ৰাবোৰে ডিঙিত ওলমাই লৈ তাকে খোল বজোৱাৰ দৰে বজাই মুখেৰে শব্দ কৰি কৰি শাৰি পাতি ঘৰ মুৱা হোৱা দৃশ্যটো দেখি ল’ৰা কালত নিজেও এনে কৰা কথা মনত পেলাই নব্বৈউৰ্ধৰ দয়াৰাম ককাই নষ্টালজিক হৈ পৰি হেঁপাহ পলুৱাই চায়।সৰু সৰু ল’ৰাবোৰে আনি দিয়া তৰাবোৰৰ পৰা পঘা তৈয়াৰ কৰা কামটো জ্যেষ্ঠসকলৰ।গাত বিহু লম্ভা কণ কণ মইনাহঁতৰ ৰ’বলৈ সময় নাই।বিহু পালেহিয়েইচোন।দীঘলঁতি মাখিয়তী নহ’লে গৰু বিহু পালিব পৰা নাযাব।হাবিত দীঘলঁতি মাখিয়তী পাবলৈ টান হৈ আহিছে।সেইবোৰ বিচাৰি আগতীয়াকৈ কাটি আনি হাবিৰ মাজত লুকুৱাই থ’ব লাগিব।তাকো সেইবোৰ গাঁৱৰ ঢেঁকীৰ মাত নুশুনা ঠাইৰ পৰা আনিব লাগিব।এইবোৰ কামৰ পিচতে আহিল ঢোল তাল ঠিক ঠাক কৰি যোগাৰ কৰি লোৱা।নিচেই সৰুচামৰ ল’ৰাছোৱালীহঁতৰ বাবে তাহানিখনত বয়োজ্যেষ্ঠসকলে ঢোল-তাল আদি তৈয়াৰ কৰি দিছিল।তাৰ বাবে বিশেষ খৰছ কৰিব লগা হোৱা নাছিল।ডাঙৰ ধঁপাতৰ চুঙাৰ দুয়োফালে তামোলৰ ঢকুৱা দুখন বান্ধি কান্ধত ল’বলৈ ৰছি লগাই দিলেই ঢোল এটা হৈ যায়।তালযোৰৰ বাবেও বিশেষ একো নালাগে।জোতা পলিচ কৰিবলৈ অনা টেমা খালি হ’লে থৈ দিয়া হয়।টেমাটো আৰু তাৰ ঢাকনিখনৰ মাজভাগত ফুটা কৰি ৰছি বান্ধি দিলেই তালযোৰ হৈ যায়।টকা গগণা মহৰ শিঙৰ পেঁপা আৰু বাঁহি আদি কণ কণ হঁতৰ বাবে নহ’লেও চলি যায়। আইতাই বিহুগীত শিকাই দিব—“ভাটীফালৰ তামোল জুপি, তোমাৰ আইদেউ চুলি চুটি, কোনে দিলে বেণি গোঁঠি---------৷” গৰু বিহুৰ আগদিনাই ল’ৰাহঁতে ঢেঁকীৰ মাত নুশুনা দূৰত্বৰ পৰা দীঘলঁতি, মাখিয়তী গোটাই আনে৷ সাপ্তাহিক বজাৰৰ চ’তৰ শেষৰ বাৰটোক বিহু বজাৰৰ দিন ঘোষনা কৰি ঢোল পিটি আগৰ বজাৰৰ দিনাই শুনাই দিয়া হয়৷ বিহুৰ বজাৰৰ দিনা গাঁৱৰ ৰাইজে কাপোৰ কানিকে ধৰি বিহুৰ বাবে প্ৰয়োজনীয় বস্তুবোৰৰ কিনা-বেছা কৰোঁতেই ঘৰত নাথাকিলে লাও, বেঙনা, কেৰেলা, হালধি আদি গৰু বিহুৰ বাবে কিনি আনে৷ গৰু বিহুৰ আগ দিনা চাং-তেলিয়াৰ ঘৰৰ চাংতলত থকা, বজাৰৰ জুপুৰিৰ তলত শুই থকা বা ৰাস্তাৰ কাষৰ বৰগছৰ তলত শুই দিন অতিবাহিত কৰা কেইটাকে ধৰি ঘৰৰ আটাইকেইটা গৰু বিচাৰি আনি গোহালীত বান্ধি ৰখা হয়৷ গৰু বিহুৰ দিনা বোৱাৰী পুৱাতে উঠি ল’ৰাহঁতে গৈ নুফুলা ভাঙৰ পুলি বিচাৰি আনেগৈ৷ ইতিমধ্যে ডাঙৰ কেইজনে গৰু গা ধুৱাওঁতে সিহঁতৰ গাত মাৰিবলৈ লাও, বেঙেনা, কেৰেলা , হালধি আদি চিলাবলৈ দুডলীয়া ,তিনিডলীয়া বা চাৰিডলীয়া যাৰ যেনে ইচ্ছা তেনেদৰে বাহঁৰ চাট তৈয়াৰ কৰে৷ চাটত বেঙেনা, কেৰেলা আদিৰ টুকুৰা চিলাই লৈ এখন সৰু ডলাত থোৱা হয়৷ ডলাখনত আৰু কেইবিধমান বস্তু লোৱা হয়৷ সেয়া হ’ল ভাঙৰ পুলি, দীঘলঁতি, মাখিয়তী ইত্যাদি৷ কেইবাখনো গাঁৱৰ ৰাইজে চাৰিকড়িয়া নদীৰ একেটা ঘাটতে গৰু গা ধোৱাব লগা হোৱা বাবে দূৰণি গাঁৱৰ ৰাইজক আগতীয়াকৈ ধুৱাই ল’বলৈ সুযোগ দিয়া হয়৷ জোমে জোমে গৰুবোৰ নদীৰ ফালে আনোতে গৰুবোৰৰ যে কি আনন্দ উল্লাস! তাৰ মাজে মাজে মাকবোৰে নিজৰ পোৱালি বিচাৰি হেম্বেলিয়াই আৰু প্ৰত্যুত্তৰত পোৱালিয়ে হেম্বে হেম্বে বুলি দিয়ে সঁহাৰি৷ কিযে উৎসৱমুখৰ পৰিবেশ৷ জাকে জাকে গৰু পানীত নমাই নিজৰ গৰুকেইটা বিচাৰি বিচাৰি গাত পানী চটিয়াই লাও খা বেঙেনা খা—কৈ কৈ গৰুৰ গালৈ চাটৰ পৰা উলিয়াই সেইবোৰ দলিয়াই থাকোঁতে ইচ্ছাকৃতভাৱে মাজে মাজে ডেকাবোৰে ইটোৱে সিটোৰ গাতো মাৰি ধেমালি কৰে।গা ধুৱাই হলে গৰু পাল ৰখীয়াই গৰুজাক চৰাবলৈ লৈ যায়। চাটত থাকি যোৱা লাও, বেঙেনাৰে সৈতে সেইডাল আনৰ সৈতে সলাব লাগে৷ ইয়াৰো নিয়ম আছে৷ যেইডলীয়া চাট তাৰ সমান ডলীয়া চাটৰ লগতহে সলাব পাৰি৷ অন্যহাতে, চাটত কেৰেলা দিলে গৰু ছেৰেলা হ’ব বুলি ভয় কৰি কিছুমানে কেৰলা নিদিয়ে৷ সেয়ে তেওঁলোকে কেৰেলা নিদিয়া লোকৰ সৈতেহে চাটডাল সলাব৷ লগত নিয়া ডলাখনত থাকি যোৱা বস্তুবোৰ লৈ নিজৰ আহুধানৰ পথাৰলৈ গৈ তাৰ মাজৰ আলিত মখিয়তীৰ ডাল, দীঘলঁতি আৰু ভাঙৰ পুলি ভগৱন্তক চিন্তি গোঁজ মাৰি পুতি থৈ আহে যাতে পোক-পৰুৱা আদি একোৱে ধানডৰাৰ হানি বিঘিনি ঘটাব নোৱাৰে৷ গধূলি পৰত গৰুবোৰ গোহালিত সোমোৱাৰ পূৰ্বেই পদূলিত জাক দিয়া হয়৷ জাক দিবলৈ জলোৱা তঁহজুইত দীঘলঁতি, মাখিয়তী আৰু ভাঙৰ পুলি আদিও জাপি দিয়া হয়৷ গৰুৰ ভৰি ধুৱাই দি পুজা কৰি ডিঙিত নতুন পঘা লগাই দি পিঠা খাবলৈ দিয়া হয়৷ ঘৰৰ বাৰীত থকা তামোল, নাৰিকল আদি মূল্যবান গছবোৰক দেৱজ্ঞান কৰি ধান খেৰৰ জৰিৰে সাদৰেৰে বান্ধি পেলোৱা হয়৷ গৰু বিহু শেষ হোৱাৰ লগে লগে গাঁৱৰ মূৰব্বীজনাৰ ঘৰৰ পৰা ল’ৰাহঁতে হুঁচৰি গোৱা আৰম্ভ কৰি দিয়ে৷ ধনী-দুখীয়া ভেদাভেদ নোহোৱাকৈ প্ৰতিঘৰতে হুঁচৰি গাই গৃহস্থক বছৰটোলৈ কুশলে থাকিবলৈ আৰ্শীবাদ দিয়া হয়৷ ডাঙৰ গাঁও হলে হুঁচৰি গাই শেষ কৰোঁতে কেইবা দিনো লাগে৷ শেষত হুঁচৰি গাই পোৱা ধন নামঘৰ সজা বা পুথিভঁৰাল নিৰ্মাণ আদি কামত লগোৱাৰ উপৰিও এক প্ৰীতি ভোজৰো আয়োজন কৰি তাতো কিছু ধন খৰচ কৰা হয়৷ মুঠতে বিহুৰ দিন কেইটাত ঘৰে বাহিৰে সকলোতে মাথো বিহু বিহু আৰু বিহু৷ ম’হৰ গোৱালে ম’হ ৰখি থাকোঁতে ম’হৰ পিঠিত বহি ম’হৰ শিঙৰ পেঁপাটি বায়ে ক্ষান্ত নাথাকে৷ দূৰণিৰ চাপৰিত সিহঁতে গোৱা বনৰীয়া নামবোৰ স্পষ্টকৈ শুনা নাযায়৷ ৰিণিকি ৰিণিকি ভাঁহি অহা সুৰটি কাণত পৰিলে বয়োজ্যেষ্ঠজনৰ মনো পুলকিত হয়, বিহু বিহু লাগি যায়৷ সুৰটোতে বুজিব পাৰে কোন ফাকি বনৰীয়া নাম গাইছে৷ নিজৰ মনৰ ভিতৰতে মিলাই চায়— ‘অ অই, বিহুটি আহিলে কপৌফুল ফুলিলে/ গছৰ ডালত বিনালে কুলি/তোৰ মাৰ বাপেৰে মোলৈ তোক নিদিয়ে /দুখীয়ানিচলা বুলি ৷’ ‘হাঁয়ৈ, এবেলা হালে বাওঁ এবেলা জালে বাওঁ এবেলা ম’হলৈ যাওঁ/ তেও মোক দেহা জান খাবলৈ নোজোৰে / দুপৰীয়া শুদা ভাত খাওঁ৷’/ঐ, ‘যোৱা ৰাতি সপোনত তোকে দেখিছিলো/ চিৰিংকৈ পৰিছে মনত,/ দিঠকে সপোনে তোকে দেখি থাকোঁ/ বাৰুকৈ মোক পেলালি প্ৰেমত৷’/‘আই ঐ, দলনিত নাবাওঁ হাল, বিলতো নাবাওঁ জাল/ / পিটনীত নকৰোঁ খেতি,/তোকে যে নাপালে সন্যাসী হ’মেগৈ/ সেয়ে হ’ব জীৱনৰ গতি৷’ গাঁৱৰ গাভৰুহঁতে লগ লাগি চাপৰি পথাৰৰ গছতলৰ ছাঁত বিহু মৰা আৰম্ভ কৰি দিয়ে ৷ আপোন পাহৰা হৈ বিহু গীত গাব ধৰে- ‘দলনি পথাৰত ধানে দাই আছিলো / চেনাইৰ কথা ভাবি কাচিলৈ নিদিলো মন/ৰচকী কাচিয়ে হাততে কাটিলে/ পিহি লগালোঁ দুবৰি বন/ /দূৰণি পথাৰত হালে বাই আছিলাবাৰী মাটি পৰিলে ছন।/আজি অতদিনে তোমাক নিচিনিলোঁ/তুমি মোৰ বুকুৰে ধন।/নাঙলৰ সীৰলুত শালিকী বগলী /কিনো যে বিচাৰি খায়?/আমাৰে হিয়াতে মৰম উঠলিছে/জুমিহে চাওঁতা নাই।/সাপেখাটি বিলতে জাকৈ বাই আছিলোঁ/শিঙীয়ে বিন্ধিলে হাতত/যিমান দুখ পালো সকলো অন্তৰ্ধান/চেনাই তোমাৰ মৰমৰ মাতত।…………………………..L হেপাহ পলুৱাই বিহুগীত গাই নাচি বাগি সাত দিনৰ দিনা গাভৰুহঁতে বিহু উৰুৱাই বনভোজ খায়৷তাৰ পিছতে আহি পৰে ফাট বিহু৷ অঞ্চলটোৰ ৰাইজে হিলদল ভাঙি আহি ফাট বিহু স্থলিত যোগ দিয়ে আৰু হিয়া উজাৰি বিহু মাৰিবলৈ ধৰে৷ স্থানীয় গন্যমান্য লোক সকলে বিহু বলিয়া ৰাইজক যথোচিত সন্মান যাচে৷আমাৰ বাল্য কালত মাথো এবাৰহে ফাট বিহুত অংশ লৈ নাচি বাগি বিহুগীত গোৱা মনত পৰে। সেই বাৰ ঢকুৱাখনা থানাৰ সমুখৰ কঠাল গছ আৰু বৰগছৰ তললৈ চৌদিশৰ পৰা বিহুবলীয়া ৰাইজ আহি সমবেত হৈছিল আৰু জাক পাতি পাতি বিহু মাৰি ধৰাতল কঁপাই তুলিছিল।নাছিল তাত জাত পাত আৰু ধৰ্মৰ ভেদাভেদ।বিহুবলিয়া ৰাইজক শৰাই আগ বঢ়োৱা দেখা পাই আমি কণকণহঁতেও শৰাই ভাগৰ আশাত নতুন উদ্যমেৰে বিহু মাৰি থাকোঁতে কোনো এক সদাশয় ব্যক্তিয়ে আমালৈও শৰাইভাগ আগ বঢ়াই দিয়ে ৷আমি নিজৰ বিহু এৰি ঘাঁহি গাঁৱৰ বিহু দলৰ বিহুত নচুৱাই থকা কাঠৰ চৰাইটোলৈ ৰ’ লাগি চাব ধৰোঁ।অথবা গিৰিপ গাৰাপকৈ জপিয়াই জপিয়াই নাচি নাচি বিখ্যাত হৈ পৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা হুজ গাঁৱৰ বিহু দলৰ বিহু চাই আত্ম বিভোৰ হৈ পৰোঁ।এতিয়া কথাবোৰ ভাৱি ভাৱি আমি নষ্টালজিক হৈ পৰোঁ। ---------সমাপ্ত--------

Thursday, 16 October 2025

আফ্ৰিকাৰ টাঞ্জেনিয়াত দুটা মাহ

চাকৰি সূত্ৰে আফ্ৰিকাৰ টাঞ্জেনিয়াত থকা জী-জোঁৱাই আৰু নাতিনী দুগৰাকীৰ অনুৰোধ ৰক্ষা কৰি, বাৰী-ঘৰৰ দহোবন কাতি কৰি থৈ আমি(লগত শ্ৰীমতী)দুটা মাহ কটাই আহিবৰ বাবে টাঞ্জেনিয়ালৈ ওলালোঁ।ঢকুৱাখনাৰ পৰা ডিব্ৰুগড়লৈ গৈ আকাশী পথেৰে দিল্লী পাই তাৰ পৰা মুম্বাই পালোঁগৈ। মুম্বাইৰ পৰা আকাশী পথেৰে সাত ঘন্টা গৈ ডাৰ এচ চালাম(Dar Es Salaam)বিমান বন্দৰত আমাক লৈ যোৱা বিমানখনে অৱতৰণ কৰিলে।আমাৰ বিদেশ ভ্ৰমণ সংক্ৰান্তীয় নথি আৰু পাৰ-পত্ৰ আদি পৰীক্ষা কৰা হৈ যোৱাৰ পিছত বিমান বন্দৰৰ বাহিৰলৈ ওলাই জী, জোৱাই আৰু নাতিনী দুজনী আমাৰ ফালে আগুৱাই অহা দেখা পালোঁ।ভালেমান দিনৰ মূৰত আমি আটায়ে ইজনে সিজনক লগ পাই আনন্দত আত্মহাৰা হৈ পৰিলোঁ। তাতে তেওঁলোকৰ গাড়ীত উঠি ডাৰ এচ চালামত (Dar Es Salaam)থকা তেওঁলোকৰ বাসগৃহ পালোঁগৈ। তেওঁলোকে আমাৰ সৈতে ফুৰা-চকা কৰিম বুলি ঠিৰাং কৰিয়েই তাত ভ্ৰমণ কাৰ্য স্থগিত ৰাখিছিল। আমি গৈ পোৱাৰ পিছদিনাৰ পৰাই ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হৈ যায়। ভাৰত মহাসাগৰৰ পাৰত অৱস্থিত ইউনাইটেড ৰিপাব্লিক অব টাঞ্জেনিয়াৰ ৰাজধানী হিচাপে ১৯৭৪ চনতে ডদমাক(Dodoma)স্বীকৃতি দিয়া হয় যদিও এই পৰ্যন্ত অনেক কাৰ্যালয় ডাৰ এচ চালামতে আছে।সমূদ্ৰ তীৰত অৱস্থিত সু উচ্চ অট্টালিকাৰে সুশোভিত ডাৰ এচ চালামৰ সৌন্দৰ্য, পৰিষ্কাৰ–পৰিচ্ছন্নতা আৰু তাৰ লোকসকলৰ শিষ্টাচাৰে দেশী বিদেশী পৰ্যটকক বাৰুকৈয়ে আকৰ্ষণ কৰে।ডাৰ এচ চালামৰ পৰা গৈ দিনটোৰ ভিতৰতে ঘূৰি আহিব পৰা দূৰত্বত সাগৰৰ মাজত ভালেমান সৰু সৰু দ্বীপ আছে। এই দ্বীপবোৰলৈ পৰ্যটকক লৈ যাবলৈ বহুতো সৰু সৰু নাও সাজু কৰি ৰখা হয়।আমি বংগোয় নামৰ সৰু দ্বীপটোলৈ যাবলৈ নাৱত বহিলোঁ। আমাৰ ৰাজ্যলৈ অহা বিদেশী পৰ্যটকসকলক দেখা পালে আমি অচিনাকী লোক বুলি সম্ভাষণ নজনাওঁ বা মাত এষাৰ লগাবলৈ টান পাওঁ :কিন্তু টাঞ্জেনিয়াত তাৰ লোকসকলে আমাক যেয়ে য’তে লগ পাই ‘জাম্বু’ বুলি কৈ সম্ভাষণ জনায়।সেই দেশৰ ভাষা ‘ছহিলি’ৰ(Swahili) মতে ‘জাম্বু’ শব্দৰ অৰ্থ হৈছে ‘হেল্ল’।তাৰ পিছত ক’ব ‘হাবাৰি গানি’(Habari Gani)অৰ্থাৎ আপুনি কেনে আছে? তেওঁলোকৰ ভাষাত ‘কাৰিবো’ মানে হৈছে স্বাগতম।সেয়ে কাৰিবো বুলি কৈ স্বাগতম জনায়। টাঞ্জেনিয়াৰ ডাৰ এজ চালাম (Dar es Salaam) ত অৱস্থিত থমাচ ৰিউটাৰচ ফাউণ্ডেচন (Thomas Reuters Foundation) ৰ সমন্বয়ৰক্ষী কিজিটো মকোয়েৰ(Kizito Makoye) “To Save Rare Forests, Famers Try a New Crop: Butterflies.” শিৰোনামৰ প্ৰৱন্ধটো পঢ়াৰ পিছত তাত বৰ্ণনা কৰা জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰটো চাবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ।অশেষ ধন্যবাদৰ পাত্ৰ আমাৰ জোঁৱাই শ্ৰীমান বনজিত ডেকাই দ্বিতীয় বাৰৰ বাবে জা়ঞ্জিবাৰ ভ্ৰমণৰ কাৰ্যসূচী প্ৰস্তুত কৰিলে।ইয়াৰ দুদিনমানৰ পূ্ৰ্বে আমি সামুদ্ৰিক জাহাজত উঠি জাঞ্জিবাৰ দ্বীপলৈ গৈ দুৰাতি কটাই তাত থকা সমুদ্ৰ তীৰৰ ফুৰুধানী পাৰ্ক(Forodhani Park), প্ৰকাণ্ড প্ৰকাণ্ড অনেক বৰ কাছ থকা প্ৰিজন আইজলেণ্ড(Prison Island),নাংৱীত(Nungwi) থকা পানী কাছৰে পৰিপূৰ্ণ বাৰাকা নেচাৰেল একুৱাৰিয়ামৰ(Baraka Natural Aquarium), আদি পৰ্যটকৰ বাবে আকৰ্ষণৰ ভালেমান ঠাই চালোঁ।আনকি আমি পখিলা কেন্দ্ৰটোৰ নিচেই কাষতে থকা জজানি অৰণ্যত সোমাই তাত থকা বিশ্ব বিখ্যাত প্ৰাচীনতম প্ৰজাতিৰ বান্দৰ ৰেড কলবাছ(Red Colobus)আদি জীৱ-জন্তুবোৰোৰ আৰু ভাৰতৰ পৰা নি লগোৱা মেহগানী গছবোৰৰ লগতে আফ্ৰিকাৰৰ সু-উচ্চ গছ-বিৰিখবোৰ চালোঁ।তেতিয়া সময় মিলাই পখিলা পালন কেন্দ্ৰটো চাই আহিব নোৱাৰিলোঁ। আমি গৈ পোৱাৰ লগে লগে পখিলা পালন কেন্দ্ৰটোৰ পৰিচালকজনে আমাক বহিবলৈ দি সৰু গছ পুলিত থকা পলু ,পখিলা, লেটা, খোলা আৰু কণি আদি দেখুৱাই পখিলাৰ জীৱন চক্ৰটোৰ বিৱৰণ দিলে। তাৰ পিচত তাত থকা ফটোবোৰৰ সম্দৰ্ভত এক চমু ভাষণ দিলে।পৰিচালক গৰাকীয়ে জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰৰ বিষয়ে নানা কথা ক’লে আৰু আমি সুধা প্ৰশ্নবোৰৰ উত্তৰ দিলে।তাৰ পিছত আমাক কাৰ্যালয়ৰ কোঠাটোৰ পৰা নাতি দূৰত থকা পখিলা পালন কেন্দ্ৰটোলৈ লৈ গ’ল।সু-উচ্চ. জালেৰে আৱৰা, আভ্যন্তৰ ভাগত অনেক ধৰণৰ ফুল আৰু গছ-গছনি থকা বেছ আহল–বহল বিভিন্ন ধৰণৰ ৰং বিৰঙৰ হেজাৰ-বিজাৰ পখিলাই নাচি-বাগি থকা পখিলা পালন কেন্দ্ৰটোত প্ৰৱেশ কৰি আমি সকলো আনন্দত আত্মহাৰা হৈ পৰিলোঁ।আমাৰ নাতিনী তৰা আৰু জবাই উলাহতে পখিলাবোৰৰ সৈতে নাচি-বাগি ফুৰিব ধৰিলে।শেষলৈ তেওঁলোকক পখিলা পালন কেন্দ্ৰটোৰ পৰা উলিয়াই অনাই কঠিন হৈ পৰিছিল।পৰিচালকজনে পখিলাবোৰৰ নামবোৰ গাই গ’ল।ইতিমধ্যে বহু সংখ্যক বিদেশী পৰ্যটকে কেন্দ্ৰটোত প্ৰৱেশ কৰিছিল।তাত থকা কেমেলিয়ন কেইটা চাই খৰখেদাকৈ তাৰ পৰা ওলাই আমি কিছু দূৰত থকা মেংগ্ৰোভ গছ(Mangrove trees) চালোঁগৈ।মাটিৰ পৰা ওপৰলৈ ওলাই থকা বিচিত্ৰ মেংগ্ৰোভবোৰ চাই আমি জাঞ্জিবাৰ স্পাইচ গাৰ্ডেন চাবলৈ গলোঁ।বনজিতে তাৰ স্থানীয় লোকৰ সৈতে ইতিমধ্যে যোগাযোগ কৰি আমাৰ বাবে দুপৰীয়াৰ ভাতসাজ সাজু কৰি ৰাখিবলৈ কৈছিল।তাৰ পৰম্পৰা অনুযায়ী অতিথিপৰায়ণ আফ্ৰিকাৰ সহজ সৰল লোক কেইজনমানে সাদৰ সম্ভাষণ জনাই নাৰিকল গছৰ ওপৰলৈ উঠি গৈ আমাক উদ্দেশ্যি গীত জুৰিলে, আমাৰ সকলোকে জবা ফুলৰ মালা আৰু নাৰিকল গছৰ পাতেৰে সুন্দৰকৈ তৈয়াৰ কৰা টুপী পিন্ধাই অৱশেষত খাদ্য সম্ভাৰ যাচিলে।আমাৰ বাবে এয়া আছিল এক বিৰল অভিজ্ঞতা। জাঞ্জিবাৰৰ(Zanzibar) জজানি(Jozani) অৰণ্যত উৰি ফুৰা চিত্ৰ বিচিত্ৰ পখিলাবোৰ কেৱল দেখিয়ে ভাল লাগে এনে নহয়, সেই অঞ্চলৰ কৃষক আৰু এঙাৰ প্ৰস্তুতকাৰীৰ বাবে নগদ ধন আহৰণৰ আহিলা হৈ পৰিছে৷দ্বীপটোত ভাবুকিৰ সন্মুখীন হোৱা অৰণ্যৰ সুৰক্ষাৰ অৰ্থে, অৰণ্য আটুট ৰাখিবলৈ লোকসকলক এক বিত্তীয় সমৰ্থন দি অৰণ্য ধ্বংশ প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে৷ এই উদ্দেশ্যে এক আচঁনি যোগে স্থানীয় লোকসকলক পখিলা পালনৰ প্ৰশিক্ষণ দি থকা হৈছে৷ সৌন্দৰ্যৰে ভৰপূৰ জজানি(Jozani) অৰণ্যখন এঙাৰ প্ৰস্তুতকৰণ আৰু অবহনক্ষম কৃষি কাৰ্যৰ বাবে দ্ৰুত বন ধ্বংসৰ তীব্ৰ হেঁচাত পৰিছে৷ জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰ(Zanzibar Butterfly Centre) য়ে এক জাতীয় ভাৱে চলাই নিয়া প্ৰচেষ্টা স্বৰূপে সেইটো পৰিস্থিতিৰ পৰিবৰ্তন সাধিব খোজে৷ তাৰ বাবেই অৰণ্যৰ চাৰিওফালে বসবাস কৰা এঙাৰ প্ৰস্তুতকাৰীসকলক প্ৰশিক্ষণ দি তেওঁলোকক সেই কামৰ ঠাইত পখিলা পালক হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এঙাৰ প্ৰস্তুতকৰণ কাৰ্যত প্ৰত্যক্ষভাৱে কাকোৱে হকাবাধা কৰা সম্ভৱ নহয় বাবে পৰিৱেশৰ ওপৰত যে বন ধ্বংসৰ কুপ্ৰভাব পৰে তাকে সেই ঠাইৰ লোকসকলক শিকাবলৈ চেষ্টা চলোৱা হয়৷ এই কাৰ্যসূচীত পখিলা ফাৰ্মৰ কৃষকসকলক প্ৰশিক্ষণৰ লগতে আহিলা-পাতিৰ যোগান ধৰা হয়৷ পলুৰ লেটা পখিলা কেন্দ্ৰৰ নিজা পৰ্যটক-প্ৰদৰ্শনস্থলী আৰু বিদেশী ক্ৰেতাক বিক্ৰী কৰি একোজন কৃতকাৰ্যতা লভা কৃষকে মাহে ২৫০ মাৰ্কিন ডলাৰ(ভাৰতীয় টকাৰ অনুযায়ী ২০,৪৩৬ টকা) উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ পখিলা পালকসকলে কিছুসংখ্যক মাইকী পখিলা ধৰি তেওঁলোকৰ অভিযানত নামি পৰে৷ তেওঁলোকে পখিলাবোৰ জালেৰে নিৰ্মিত গঁৰালত ৰাখি কণী পাৰিবলৈ দিয়ে৷ তাৰ পিচত কণীবোৰ সংগ্ৰহ কৰি তেওঁলোকে তাৰ পৰা জগা পলুবোৰক লেটালৈ ৰূপান্তৰ নোহোৱা পৰ্যন্ত খাদ্য যোগানকাৰী উদ্ভিদত ৰাখি তাৰ পাত ভক্ষণ কৰি ডাঙৰ হ’বলৈ দিয়ে৷ পখিলা পালকসকলক উচিত মূল্য প্ৰদান কৰি পখিলা কেন্দ্ৰই লেটাসমূহ বিদেশলৈ ৰপ্তানী কৰে অথবা কণী নপৰা পৰ্যন্ত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাখি থয়৷ জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰটো(The Zanzibar Butterfly Centre) ২০০৮ চনত স্থাপন কৰা হৈছিল৷ ই জজানি চ্ছাওকা উপসাগৰীয় ৰাষ্টীয় উদ্যানৰ (Jozani Chawka Bay National Park) কাষতে অৱস্থিত৷ এইখন আফ্ৰিকাৰ বৃহতম পখিলা উদ্যান৷ ইয়াত ধৰিবলৈ জটিল ক’লা-বগা আফ্ৰিকান চাতক পক্ষী নেজীয়া পখিলাকে ধৰি পঞ্চাশ বিধতকৈ অধিক পখিলা পোৱা যায়৷ এই পখিলা কেন্দ্ৰটোৱে জজানি পৰিৱেশ সংৰক্ষণ সন্থা (Jozani Environmental Conservation Association) ৰ সৈতে ঘনিষ্ঠ ভাৱে কাম কৰি পখিলাৰ প্ৰজাতিবোৰ চাবলৈ আৰু সেইবোৰৰ বিষয়ে শিকিবলৈ আগ্ৰহী পৰ্যটকসকলক আকৰ্ষিত কৰে৷ দৰাচলতে এই কেন্দ্ৰটোৱে অৰণ্য সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে স্থানীয় লোকসকলক এক অতিৰিক্ত উপাৰ্জনৰ সন্ধান দিয়াটোকে লক্ষ্য স্বৰূপে লৈছে৷ পূৰ্বতে এঙাৰ প্ৰস্তুতৰ ব্যৱসায় কৰা লোকসকলে এই কামত ধৰি লাভৱান হোৱা বুলি নিজে স্বীকাৰ কৰিছে৷ তেওঁলোকে ক’ব খোজে যে, পখিলা পালন কৰাটো এঙাৰ প্ৰস্তুত কৰা কামতকৈ বহুত সহজ আৰু এই কামে পৰিয়ালৰ ভৰণ-পোষণ সহজসাধ্য কৰি তুলিছে৷ পখিলা হৈ উৰাৰ পূৰ্বে, কেইটামান সপ্তাহৰ ভিতৰতে কণীৰ পৰা জগি পলু হৈ বিক্ৰীযোগ্য লেটা হৈ পৰে৷ পখিলা পালনে মহিলাসকলৰ বাবে এক সুযোগ আনি দিছে৷ মহিলা সকলে ঘৰুৱা কামৰ মাজতে সহজতে পখিলা পালনৰ কাম কৰি যাব পাৰে৷ নিশ্চয়কৈ বন ধ্বংস নকৰাকৈ পখিলা পালনৰ যোগে ঘৰখন চলাই নিবলৈ তেওঁলোক সমৰ্থ হৈ পৰি্ছে৷ বহুধৰণৰ কৃষি কৰ্মৰ বাবে হাবি-জঙ্গল মুকলি কৰিব লগীয়া হয় ; ইয়াৰ ফলত বতৰ পৰিবৰ্তন সংঘটিত হয় আৰু প্ৰাণী আৰু উদ্ভিদ জগতৰ বহু প্ৰজাতি এই পৃথিবীৰ পৰা চিৰ দিনৰ বাবে হেৰাই যায় ; কিন্তু পখিলা পালনৰ বাবে গহন বনৰ আৱশ্যক হয়, সেয়ে ই হাবি বননি ৰক্ষাৰ বাবে অৰ্থনৈতিক ভাৱে উদগনি যোগায়৷ পখিলা পালন প্ৰকল্পৰ যোগেদি বহু গ্ৰাম্যাঞ্চলৰ বাসিন্দাই বন সুৰক্ষাৰ তাৎপৰ্য উপলব্ধি কৰিছে আৰু বহুজনে পখিলা পালনৰ যোগেদি অধিক ভাল ফলাফল লাভ কৰিছে৷যিসকল স্থানীয় জনগোষ্ঠীয়ে এঙাৰক তাপ শক্তিৰ মূল হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে খৰিৰ বাবে বহুতো গছ কাটি পেলাইছে৷কিন্তু যিসকলে পখিলা পালনৰ প্ৰশিক্ষণ লৈছে তেওঁলোকে গছ কটা কাম এৰিছে৷দৰাচলতে অঞ্চলটোৰ লোকসকলে যদিও উপলব্ধি কৰিছিল যে এঙাৰ প্ৰস্তুত কৰা কামটো পৰিবেশৰ বাবে বেয়া তথাপিও ততালিকে ধন ঘটিব পৰা ধৰণৰ বিকল্প জীৱিকাৰ পথ বিচাৰি নোপোৱা বাবে তাকে কৰি গৈছিল৷যদিওবা প্ৰচেষ্টাটো নিজেই বন ধ্বংসৰ সমাধান নহয় তথাপি ই সজাগতা সৃষ্টিত সহায় কৰিছে আৰু কৃষকসকলৰ মাজত বনাঞ্চলৰ গৰাকী হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিছে৷টাঞ্জেনিয়াৰ পূব ওচাম্বাৰা পৰ্বতমালাত (Tanzanias East Usambara Mountains) ২৫০ জন স্থানীয় কৃষকে একে ধৰণৰ এক প্ৰকল্প হাতত লৈছে৷এই অঞ্চলটো জৈৱ বিচিত্ৰতাৰ অঞ্চল বুলি জনা জাত যদিও তাত এঙাৰ প্ৰস্তুতকৰণ আৰু কৃষিৰ বাবে বহু হাবি মুকলি কৰা হৈছে৷ স্থানীয় পৰিবেশত পখিলাবোৰে অতি গুৰুত্বপূৰ্ণ পৰাগসংযোগকাৰী হিচাপে কাম কৰে আৰু প্ৰায় ৫০ বিধ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ শস্যৰ পৰাগসংযোগকাৰীৰ ভূমিকা পালন কৰে৷ৰাজ্যখনৰ হেজাৰ বছৰ পুৰণি পাট শিল্পইও পখিলাৰ দৰে পতঙ্গৰ ওপৰতেই নিৰ্ভৰ কৰে ; কিন্তু অঞ্চলটোত কৰা কীটনাশক ঔষধৰ বৰ্ধিত ব্যৱহাৰৰ ফলত পাট পলুৰ বিনাশ ঘটিছে৷ বিশেষকৈ অসমত মূগা চোমনিৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চাহ বাগিচাসমূহত প্ৰয়োগ কৰা কীট নাশকে অতি সাম্প্ৰতিক কালত অনেক মূগা চোমনিৰ ক্ষতি সাধন কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷এই বিষয়ত ৰাজ্যখনৰ চৰকাৰ যিমান তৎপৰ হ’ব লাগিছিল তেনে হোৱা পৰিলক্ষিত হোৱা নাই৷পৰিবেশ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ সূচক হিচাপে পখিলাই কাম কৰে আৰু পতঙ্গই আগবঢ়োৱা জৈৱ বৈচিত্ৰ পদ্ধতিৰ সেৱা অসীম৷তথাপিও পখিলাৰ সংৰক্ষণ আৰু ইয়াৰ ওপৰত চৰকাৰৰ গুৰুত্ব প্ৰদান তথা জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ দেখা যায়৷জনসাধাৰণৰ মাজত পখিলা সংৰক্ষণৰ সজাগতাৰ অভাৱৰ বাবেই পখিলাবোৰৰ স্থানীয় ভাৱে নামাকৰণ কৰা হোৱা নাই৷এনেবোৰ কাৰণতেই পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত পখিলাৰ ভূমিকাৰ কথা আলোচনাৰ মাজলৈকে অহা নাছিল ৷ পখিলা পালনৰ যে পৰিৱেশ সংৰক্ষণৰ লগতে এক অৰ্থনৈতিক ভূমিকাও আছে তাকে টাঞ্জেনিয়াৰ কৃষকসকলে প্ৰমাণ কৰি দেখুৱাই দিছে।বৰ্তমান বিশ্বত অনেক স্থানত পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি তুলি পৰ্যটকক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা হৈছে৷আমাৰ ভাৰবৰ্ষত তথা আমাৰ ৰাজ্য অসমতো পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে।তাৰ ভিতৰত গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত থকা বাটাৰফ্লাই কৰ্ণাৰ,নোমলিগডৰ বাটাৰফ্লাই ভেলি,নামদাঙৰ চাহ কোম্পানিত থকা বাটাৰফ্লাই পাৰ্ক আদি উল্লেখযোগ্য ; কিন্তু টাঞ্জেনিয়াৰ কৃষকসকলক পখিলা পালনৰ যোগেদি যিদৰে অৰ্থনৈতিক ভাৱে আত্মনিৰ্ভৰশীল কৰি তোলা হৈছে তেনে ব্যৱস্থা এতিয়াও কৰিব পৰা হোৱা নাই৷ বিশ্বৰ বৰ্ষাৰণ্যসমূহত কৃষকসকলে পখিলা পালনৰ যোগেদি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’লেই নিশ্চয় অৰণ্য সংৰক্ষণ হ’ব আৰু আমাৰ এই পৃথিবী নামৰ সেঁউজীয়া গ্ৰহটোৱে জীৱকূলক শীতল ছাঁ দি জীয়াই ৰাখি চিৰ সেঁউজীয়া হৈ ৰ’ব৷ ++++++সমাপ্ত+++++++

Wednesday, 15 October 2025

ছুইজাৰলেণ্ড কিয় এখন চহকী আৰু শান্তিপূ্ৰ্ণ দেশ

২০২৫চনৰ জুলাই মাহটো ছুইজাৰলেণ্ডৰ জুৰিক চহৰত কটোৱাৰ এক সুযোগ লাভ কৰি ছুইজাৰলেণ্ড,জাৰ্মেনী আৰু ফ্ৰান্সৰ বিভিন্ন পৰ্যটকৰ আকৰ্ষণৰ স্থলিসমূহ যিমান পৰা যায় সিমান দৰ্শন কৰিলোঁ। সঁচা কথা ক’বলৈ গ’লে,আমি যিবোৰ ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ কেৱল সেইবোৰেই আমাৰ বাবে আকৰ্ষণৰ স্থলি আছিল এনে নহয় , আমি দেখিবলৈ পোৱা ছুইজাৰলেণ্ডৰ সকলোবোৰ ঠাইয়ে কিবা নহয় কিবা কাৰণত মানসপটত সাঁচ বহাই গৈছে।ইয়াৰ প্ৰকৃত কাৰণ হৈছে ছুইজাৰলেণ্ডৰ প্ৰকৃতি প্ৰদত্ত সৌন্দৰ্যৰাশিক ম্লান পৰিবলৈ নিদিয়াকৈ গঢ়ি তোলা নগৰীকৰণ ব্যৱস্থা। তাৰেই পৰিণাম স্বৰূপে জুৰিক নগৰৰ দক্ষিণাংশৰ জুৰিক হ্ৰদৰ পৰা বিস্যুৰিত হোৱা জলৰাশিৰে সৃষ্টি হৈ উত্তৰ পশ্চিম দিশে গতি কৰা লিম্মত নদীয়ে আমাৰ মন বিমোহিত কৰে। খৰস্ৰোতা নৈখনৰ স্ফটিকৰ দৰে ফটফটিয়া পৰিস্কাৰ পানীত জলকেলি,অনুমতি সাপেক্ষে মত্স্য চিকাৰ কৰা,নৈৰ পাৰৰ হাবিতলীয়া লুংলুঙীয়া বাটেৰে খোজ কঢ়া, দৌৰা আৰু চাইকেল চলোৱা, পক্ষী নিৰীক্ষণ কৰা আদিৰ সুবিধা নাগৰিক তথা পৰ্যটক সকলোৱে লাভ কৰিব পাৰিছে।পথচাৰীয়ে বহি জিৰণি ল’বৰ বাবে পৰিস্কাৰ পৰিছন্ন পথসমূহত নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে আসনৰ সুব্যৱস্থা কৰা হৈছে। একেদৰেই ৰাইনে(Rhine), আৰে(Aare), ৰোনে(Rhone), ৰিউছ(Reuss), লিন্থ্( Linth), ইন(Inn) আদি নদীসমূহৰো দুয়োপাৰ পৰ্যটকক সন্মোহিত কৰিব পৰাকৈ সজাই তোলা হৈছে। অন্যহাতে, ছুইজাৰলেণ্ডৰ মেটাৰহৰ্ন(Matterhorn),জুংফ্ৰাউ( Jungfrau),মাউন্ট ৰিগি(Mount Rigi),মাউন্ট টিটেলিচ (Mount Titliis),গ’নাৰগ্ৰাট (Gornergrat), আইগাৰ(Eiger) আৰু মন্টে ৰুচা(Montte Rosa) আদি আল্পচ পৰ্বতমালাৰ অন্তৰ্গত শৃঙ্গ আৰু পৰ্বতসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য দেশ- বিদেশৰ পৰ্যটকে উপভোগ কৰিব পৰাকৈ কেবলকাৰ, ৰেইলৱে, ৰাজহুৱা বাচ,ফুনিকুলাৰ(Funiculars)আদি যাতায়তৰ সকলো বিকল্প ব্যৱস্থা নিয়াৰিকৈ কৰা হৈছে। তাৰোপৰি সকলোবোৰ স্থানকে নেচনেল কমিউনিকেচন নেটৱৰ্কৰ দ্বাৰা সংযোজিত কৰা হৈছে। অন্যহাতে ছুইজাৰলেণ্ডৰ পৰ্বত-ভৈয়াম আদি সকলো ঠাইৰে নলা-নৰ্দমাসমূহ ইমানেই সুপৰিকল্পিত ভাৱে নিৰ্মাণ কৰা হৈছে যে গ্ৰীষ্ম কালত হোৱা বৰষুণৰ পানী কতোৱে জমা নহয় আৰু সেয়ে ঠাইবোৰত বোকাৰ সৃষ্টি হ’ব নোৱাৰে। জলৰাশিয়ে নিম্ন গতিত আগুৱাই গৈ নদ-নদীত পৰি অৱশেষত হ্ৰদত অথবা সাগৰত (ৰাইনে আৰু ৰোনে নদীৰ পানী) জমা হয়গৈ। পথ নিৰ্মাণৰ বাবে পাহাৰ-পৰ্বতসমূহ ধ্বংস নকৰি তাৰ তলেদি সুৰঙ্গৰ সৃষ্টি কৰি অনেক পথ নিৰ্মাণ কৰি যাতায়ত সুচল কৰা ছুইজাৰলেণ্ডৰ অপৰূপ সৌন্দৰ্য আৰু অৰ্থনৈতিক সমৃদ্ধি প্ৰত্যক্ষ কৰি তাৰ অন্তৰালত থকা ৰহস্যনো কি তাক জানিবলৈ আমি ব্যগ্ৰ হৈ পৰিলোঁ। ইন্টাৰনেটত খুচৰি চাই ছুইজাৰলেণ্ডৰ বিষয়ে লিখা বিভিন্ন প্ৰৱন্ধপাতি অধ্যয়ন কৰিব ধৰিলোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ছুইজাৰলেণ্ড বিশ্বৰ ভিতৰতে এক শান্তিপূ্ৰ্ণ আৰু চহকী দেশ।ইউৰোপ মহাদেশৰ মধ্য-পশ্চিম দিশত অৱস্থিত নদ-নদী, পাহাৰ-পৰ্বতেৰে পৰিপূৰ্ণ মাত্ৰ ৪১,২৮৫ বৰ্গ কিলো মিটাৰ মাটি কালিৰ এই সৰু দেশখনক ভূ-স্বৰ্গ বুলি কোৱা হয়।ছুইজাৰলেণ্ডৰ পৰ্যটন পৰিসংখ্যা অনুযায়ী প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ১৭ মিলিয়নৰ পৰা ২০ মিলিয়ন পৰ্যটকে ছুইজাৰলেণ্ড ভ্ৰমণ কৰি মনৰ হেপাহ তথা উত্সুকতা নিবাৰণ কৰে।সমীক্ষা অনুযায়ী ২০২৩ চনৰ বছৰটোত বিদেশী পৰ্যটকৰ পৰা ছুইজাৰলেণ্ডে ১৯.২ বিলিয়ন আমেৰিকান ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়। ২০২৫ চনৰ চেপ্তেম্বৰ মাহৰ এক সমীক্ষা অনুযায়ী ছুইজাৰলেণ্ডে বিশ্বৰ দহখন চহকী দেশৰ ভিতৰত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে।দেশখনৰ জনমূৰি আয় ৯৭৫৮১.৩২ আমেৰিকান ডলাৰ।অন্যহাতে, অক্সফৰ্ড বিশ্ব বিদ্যালয়ে প্ৰকাশ কৰা তথ্য অনুয়ায়ী বিশ্বৰ দহখন সকলোতকৈ সুখী দেশৰ তালিকাত ছুইজাৰলেণ্ডে ২০২৪ চনৰ বাবে দশম স্থান লাভ কৰিছে।আমাৰ ভাৰতবৰ্ষই এই ক্ষেত্ৰত বিশ্বৰ ১৪৭ খন দেশৰ ভিতৰত ১১৮ তম স্থানহে দখল কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘকাল জোৰা অপক্ষপাতিতাৰ এক ৰাজনৈতিক কৌশল, দৃঢ় অৰ্থনৈতিক পদক্ষেপ আৰু উচ্চ স্তৰৰ ৰাজনৈতিক ভাৰসাম্যতাকে ধৰি কিছুমান উপাদানৰ সংযোজনৰ ফলতেই ছুইজাৰলেণ্ড সম্পদশালী আৰু শান্তিপূৰ্ণ দেশ হ’ব পাৰিছে।এনে উপাদানসমূহে বিনিয়োগকাৰীক আকৰ্ষণ কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰিবলৈ এক স্থিৰ পৰিৱেশৰ সূচনা কৰিছে। ছুইজাৰলেণ্ডক সমৃদ্ধিশালী কৰি তোলাত অৰিহণা যোগোৱা উপাদানসমুহ ১)যুক্তিসংগত অপক্ষপাতিতা-ছুইজাৰলেণ্ডে ১৮১৫ চনৰ পৰাই যুদ্ধ-বিগ্ৰহত লিপ্ত হোৱাৰ ব্যয়বহুলতাক পৰিহাৰ কৰি চলিছে। ইয়াৰ পৰিণাম স্বৰূপে দেশখনে অৰ্থনৈতিক উন্নয়নত মনোনিৱেশ কৰিব পাৰিছে আৰু এক ভাৰসাম্যযুক্ত বিত্তীয় কেন্দ্ৰ স্বৰূপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছে। ২)উচ্চ মানৰ উদ্যোগসমূহ-ছুইজাৰলেণ্ডে বেংকিং, বিত্ত, ঔষধ প্ৰস্তুতকৰণ আৰু বিশুদ্ধ কাৰিকৰি আদি উচ্চ দক্ষতাপূৰ্ণ তথা উচ্চ প্ৰমূল্যৰ খণ্ডসমূহ অতিক্ৰম কৰিছে। সেইবোৰ নিম্ন ব্যয়ক্ষম দেশবোৰৰ বাবে গোলকীয় প্ৰতিয়োগিতাত কম অনুভৱক্ষম। ৩)শক্তিশালী অৰ্থনীতি আৰু নিম্ন নিবনুৱাৰ হাৰ- দেশখনৰ সঞ্চয়ৰ এক সংস্কৃতি, উচ্চ উত্পাদনশীলতা আৰু এক উচ্চ প্ৰকাৰৰ শ্ৰমিক বাহিনীৰ পৃষ্ঠপোষকতাত নিৱনুৱাৰ এক নিম্ন হাৰ আৰু বলিষ্ঠ অৰ্থনৈতিক প্ৰতিদ্বন্দীতাৰ বাবে ছুইজাৰলেণ্ডে গৰ্ব কৰিব পাৰিছে। ৪)বিনিয়োগ আৰু উদ্ভাৱন-দীৰ্ঘকালিন পৰিকল্পনা আৰু এক ভাৰসাম্যযুক্ত ৰাজনৈতিক বাতাৱৰণে উদ্ভাৱন আৰু উচ্চ শিল্পবি়জ্ঞান বিষয়ৰ খণ্ডসমূহক উত্সাহিত কৰি ভৱিষ্যতৰ উন্নয়নৰ বাবে বিনিয়োগত সাহস যোগাইছে। ৫)উচ্চ মানৰ জীৱন-জুৰিক আৰু জেনেভাই গোলকীয় বসবাসযোগ্যতাৰ সূচকত ধাৰাবাহিকভাৱে উচ্চ খিতাপ লাভ কৰি উত্কৃষ্ট স্বাস্থ্য সেৱা, অপূৰ্ব পৰিকাঠামোৰ আৰু স্বাভাৱিকতে ভাল দৰমহা পোৱা সৰ্বসাধাৰণ লোকৰ বাবে ধন্যবাদৰ পাত্ৰ হৈছে। ছুইজাৰলেণ্ডৰ শান্তি প্ৰতিষ্ঠাত অৰিহণা যোগোৱা উপাদানসমূহ ১)যুদ্ধত কোনো পক্ষপাতিতা নকৰি আত্ম ৰক্ষাৰ বাবে সাজু হৈ থকা-ছুইজাৰলেণ্ড যুদ্ধ-বিগ্ৰহৰ ক্ষেত্ৰত অপক্ষপাতিতাৰ নীতি মানি চলাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ।অন্যহাতে দেশখনৰ বিপদ নিবাৰণ কৰিব পৰা ভূখণ্ডৰ বাবেও সম্ভাৱনাপূৰ্ণ আক্ৰমণকাৰীৰ বাবে সহজসাধ্য হোৱা নাই, যাৰ বাবে দেশখনৰ নিৰাপত্তা আৰু দীৰ্ঘকালিন স্বাধীনতা নিশ্চিত হৈছে। ২)ৰাজনৈতিক ভাৰসাম্যতা আৰু প্ৰত্যক্ষ গণতন্ত্ৰ-ছুইজাৰলেণ্ডৰ স্থিৰ ৰাজনৈতিক ব্যৱস্থাত গণতান্ত্ৰিক দেশখনৰ নাগৰিকে সিদ্ধান্ত গ্ৰ্হণত প্ৰত্যক্ষবাৱে অংশ ল’ব পাৰে।ইযে দেশখনত বিশ্বাস আৰু আস্থাৰ ভাৱ বিয়পি পৰাত প্ৰোত্সাহিত কৰিছে আৰু ৰাজনৈতিক আৰু সামাজিক উত্থান হ্ৰাস কৰিছে। ৩)অপৰাধৰ নিম্ন হাৰ-সমগ্ৰ ইউৰোপ মহাদেশৰ ভিতৰতে ছুইজাৰলেণ্ডৰ অপৰাধৰ হাৰ নিম্ন।সেয়ে দেশখনত বসবাসৰ বাবে শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশৰ সৃষ্টি হৈছে। ৪)কুটনৈতিক মন্ত্ৰনাত আলোকপাত-আন্তৰ্জাতিক বিষয়সমূহত দেশখনে সক্ৰিয় অংশ গ্ৰহণ কৰে।মাজে সময়ে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আৰু প্ৰমুখ আন্তৰ্জাতিক সংগঠনসমূহৰ আয়োজকৰ ভাৰ কান্ধ পাতি লৈ এক শান্তিপূৰ্ণ গোলকীয় সত্বা স্বৰূপে নিজৰ ভাৱমূৰ্তি আৰু ভূমিকা মজবুত কৰিছে। সামৰণিত ছুইজাৰলেণ্ডৰ কুটনৈতিক সু-সম্পৰ্কৰ এক নিদৰ্শন স্বৰূপে ২০০৭ চনৰ ১ লা মাৰ্চত সংঘটিত এক ঘটনাৰ কথা উল্লেখ কৰিব পাৰি ।লিচটেনষ্টাইন(Liechtenstein)ছুইজাৰলেণ্ডৰ চুবুৰীয়া এক নিচেই ক্ষুদ্ৰ স্বাধীন দেশ।দেশখনৰ মাটি কালি মাত্ৰ ১৬০ বৰ্গ কিলো মিটাৰ আৰু জনসংখ্যা ৪০,০২৩ জন।এই দেশখনে ১৮৬৮ চনতে সৈন্য বাহিনীক বিত্তীয় বোজা স্বৰূপ গণ্য কৰি পৰিহাৰ কৰে আৰু ছুইজাৰলেণ্ডৰ সৈতে কুটনৈতিক বুজাপৰা কৰি দেশখনৰ সুৰক্ষাৰ ভাৰ ছুইজাৰলেণ্ডকে গটাই দিছিল।ঘটনাৰ দিনা ৰাতি প্ৰশিক্ষণৰ সময়ত অতি বেয়া বতৰৰ বাবে ১৭০ জন ছুইচ সেনাই ভুলতে চিহ্নবিহীন লিচটেনষ্টাইন সীমাৰ দুই কিলো মিটাৰ মান ভিতৰলৈ সোমাই যায়।এই ঘটনাৰ পিছতে ছুইচ চৰকাৰে তাক ক্ষতিসাধন কৰাৰ অভিপ্ৰায়হীন এক সাধাৰণ ভুল বুলি বৰ্ণনা কৰি লিচটেনষ্টাইন চৰকাৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।ইয়াক ছুইজাৰলেণ্ডৰ মহানতাৰ উত্তম নিদৰ্শন বুলিব পাৰি।অৱশ্যে এই কথা উল্লেখযোগ্য যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত লিচটেনষ্টাইনে দেশখনৰ অপক্ষপাতিতা বাহাল ৰখাত ব্যৰ্থ হোৱা বুলি কৈ বৈদেশিক আক্ৰমণৰ সময়ত প্ৰত্যক্ষ সুৰক্ষা নিদিব বুলি ছুইজাৰলেণ্ডে জনাই দিছে।-----সমাপ্ত----

বাল্য বন্ধুৰ বাল্যকালৰ স্মৃতি ৰোমন্থন

চাহৰ কেটলিত পানী ঢালি দি চাহ একাপ বনাই খাওঁ বুলি গেচৰ চৌকাত অগ্নি সংযোগ কৰিছিলোঁহে মাত্ৰ, কলিং বেলটো বাজি উঠিল।বাজিল যি বাজিল বন্ধই নোহোৱা হ’ল।গেচৰ চৌকাৰ জুইকুৰা নুমুৱাই মনত খং আৰু বিৰক্তি ভাৱ পোষণ কৰি মই গৈ ড্ৰয়িং ৰুম পালোঁগৈ। দুৱাৰখন খুলি দেখোঁ যে আগন্তুকৰ তৰ্জনী আঙুলিটো তেতিয়াও কলিং বেলৰ চুইছটোৰ ওপৰত, যেন গৃহস্থ ঘৰত নাথাকিলেও তেৰাই কলিং বেল টিপিয়েই আবিৰ্ভাৱ ঘটাই দিব।মোক দেখা পাইহে আগন্তুকে চুইছটোৰ পৰা আঙুলিটো আঁতৰালে আৰু মেলেককৈ হাঁহি এটা মাৰি মোৰ ফালে হাত দুখন আগ বঢ়াই দি এক প্ৰকাৰ চিঞৰি উঠিল। ‘ৰূপজ্যোতি, মোক চিনিব পাৰিছনে ? মই অনিল, তোৰ বাল্য বন্ধু অনিল।‘ প্ৰাচাত্যৰ ৰহন হনা সম্ভ্ৰান্ত লোকৰ দৰে নিখুঁট পৰিছন্ন পোছাক পৰিহিত হৃষ্টপুষ্ট ভদ্ৰলোকক মই বাল্য বন্ধু তাহানিৰ মেমেৰা-চেপেৰা অনিলটো বুলি মানি ল’বলৈ টান পাইছোঁ যদিও দিওঁ নিদিওঁকৈ সোঁহাতখন আগ বঢ়াই দিলোঁ। ভদ্ৰলোকে কৰমৰ্দন কৰি মোক আঁকোৱালি ধৰিলে আৰু তেওঁহে যেন ঘৰৰ গৃহস্থ তেনে ভাৱত ড্ৰয়িং ৰুমৰ ভিতৰলৈ টানি নিলে। ওলোটাই মোক আলহীৰ দৰে চুফাত বহাই দি নিজেও বহিলৈ ভদ্ৰলোকে ক’লে, ‘বহি লৈ ভাল দৰে কথা পাতোঁ, তই মোক কিবা যেন অচিন মানুহ এনে দেখাইছ।‘ অগত্যা মই সঁচা কথাটো কৈয়ে দিলোঁ, ‘তাহানিৰ অনিলৰ সৈতে মই চেহেৰা-পাতি, মাত-কথা, আৰু সাজ-পোচাক একোকে মিলাব পৰা নাই।‘ ‘হয়নেকি, বাৰু ৰূপজ্যোতি, কচোন তোৰ ঘৰত এতিয়া আৰু কোন আছে ?’ ‘এতিয়া ঘৰত কোনো নাই, আমাৰ একমাত্ৰ সন্তান প্ৰদীপে ষ্টেট বেংক অব ইণ্ডিয়াত চাকৰি কৰে। সি গুৱাহাটীত থাকে। আমি দুজনহে ঘৰত থাকোঁ, শ্ৰীমতী আৰু মই। তেওঁ তোলনি বিয়া এখনলৈ গ’ল।‘ ‘ঠিক আছে তেন্তে বন্ধু।‘-বুলি কৈয়ে ভদ্ৰলোকে অভদ্ৰৰ দৰে আচৰণ কৰি নিজৰ লংপেন্টটো মোৰ সমুখতে খুলি দিলে। অৱশ্যে মোক অধিক সময় অস্বস্তিত নেপেলাই তেওঁ সোঁভৰিৰ কৰঙনৰ নিম্ন অংশত থকা এক সুগভীৰ ক্ষতচিহ্নৰ প্ৰতি মোৰ দৃষ্টি আকৰ্ষণ কৰি ক’লে, ‘বজাৰ পট্টিৰ মানিক গগৈৰ বাৰীৰ শ্ৰীফল জোপাৰ তললৈ তোৰ লগত যাওঁতে যে মোক কুকুৰে কামুৰিছিল তাৰ চিহ্ন এয়া। এতিয়া বিশ্বাস হ’ল নে মই যে অনিল?’ তেনেই সৰু কালৰ মনত থকা নথকা দিনৰ ঘটনা।আন দিনৰ দৰেই অনিল আৰু মই পুৱাতে উঠি ঘৰত কোনেও গম নোপোৱাকৈ বজাৰ পট্টি পালোঁগৈ।উদ্দেশ্য, আন কোনোবাই বুটলি নিয়াৰ আগতেই মানিক গগৈৰ ঘৰৰ বাৰীৰ শ্ৰীফল জোপাৰ তল সৰা পকা শ্ৰীফল কেইটা বুটলি অনা।গছৰ তল পাই শ্ৰীফল কেইটামান বুটলি লওঁতেই কোনোবো এজন মানুহে ‘ধৰ ধৰ’ বুলি কোৱাৰ লগে লগে কুকুৰ এটাই ভুক ভুক কৈ খেদি আহিল।ভয়ত বিব্ৰত হৈ আমি য’ৰে শ্ৰীফল ত’তে পেলাই অহা বাটেৰে দৌৰিব ধৰিলোঁ।কুকুৰৰ পৰা দৌৰি হাত সাৰিব পৰাকৈ ক্ষণকায় অনিলৰ দেহত যথোপযুক্ত শক্তি নাছিল বাবে কুকুৰটোৱে তাক আক্ৰমণ কৰি তাৰ ভৰিৰ কৰঙনৰ তলৰ মাংসল অংশৰ পৰা কামুৰ মাৰি এমোকোৰা মাংস এৰুৱাই নিলে।অনিলে ৰাউচি- জুৰি কান্দিব ধৰিলে আৰু দৌৰ সামৰি মই ঘূৰি গৈ অনিলৰ কাষ পালোঁগৈ।ইতিমধ্যে ঘটনাস্থলিত ভালেমান মানুহ গোট খালে। তাৰে দুজনমানে অনিলক এখন ফাৰ্মাচীলৈ নি প্ৰাথমিক চিকিত্সাৰ ব্যৱস্থা কৰিলে। কোনোবাই খবৰ দিয়াত অনিলহঁতৰ ঘৰৰ মানুহ আহি অনিল আৰু মোক গালি-শপনি পাৰি ঘৰলৈ লৈ গ’লহি। ‘কি হে বন্ধু, ঘটনাটো পাহৰিলি নেকি ? ভেৱা লাগি ৰ’লি যে।‘ ‘অনিল, ক’তনো পাহৰিম সেইটো ঘটনা। সেইবোৰ কথাকে ভাৱি আছিলোঁ।তই মোক বেয়া নাপাবি, তোৰ চেহেৰা সম্পূৰ্ণ সলনি হ’ল।তাতে লগ নোপোৱা আজি কত’ বছৰ হ’ল ভাৱি চাচোন।‘ ‘আৰু ৰূপজ্যোতি, তোৰো বাল্যকালৰ চেহেৰাটো এতিয়া নাই ;কিন্তু তোৰ এই সোঁগালত থকা তুলসী পাতৰ দৰে ক’লা বৰণৰ দাগটোৰ বাবেই তইয়ে বুলি নিশ্চিত হৈ গলোঁ।‘ অনিলৰ কথা শুনি মই নিজৰ গালৰ তুলসী পাতটোত এনেয়ে আঙুলি বুলাই চালোঁ।ডেকা বয়সত এদিন প্লাষ্টিক চাৰ্জাৰী কৰি এই তুলসী পাতটো নোহোৱা কৰি দিম বুলি ডাক্তৰৰ ওচৰ পাইছিলোঁগৈ।পিছে খৰছ বহন কৰিব নোৱাৰিহে পৰিকল্পনাটো সিমানতে বাদ দিলোঁ।অন্যথাই অনিলক মই চিনিব নোৱাৰাৰ দৰে সিও মোক চিনিব নোৱোৰিলে হেঁতেন। ‘ৰূপজ্যোতি,কি ভাৱি আছ? মই কলিং বেলটো টিপি থাকোঁতে তোৰ চকুৱে মুখে যি খং আৰু বিৰক্তি ভাৱ দেখা পাইছিলো, মই ভয়ে খাইছিলো।ভাৱিছিলো মোক চিনি পায়ো তই এনেখন কৰিছ।আচলতে মই তোক লগ পাবলৈ ব্যগ্ৰ হৈ আছিলো আৰু তহঁতৰ কলিং বেলটো হেঁচা দিলে ওপৰলৈ উঠি আহে বাবে বজা নাই বুলি মই জোৰে হেঁচি ধৰিলোঁ। হে হে হে।‘ কথাখিনি কৈ অনিলে সৰু কালত হঁহাৰ দৰে যিমান পাৰে সিমান হাঁহিব ধৰিলে আৰু ময়ো তাৰ লগত হাঁহিত যোগদান কৰিলোঁ।অনিলে হাঁহি থাকোঁতে তাৰ মুখায়বত বাল্য কালৰ চেহেৰা এটা ফুটি উঠা দেখি তাৰ চেহেৰাটোক কেন্দ্ৰ কৰি গেঠেলা লাগি থকা মোৰ মনটো কিছু ফৰকাল লাগি গ’ল। ‘হে হে হে, কলিং বেলটো বেয়া হৈছে ঔ অনিল। আনে টিপি থাকে যে, বেয়া হৈছে বুলি মই গমেই পোৱা নাই।আমাৰ শ্ৰীমতীয়েতো কলিং বেল নিটিপেই, মোকো টিপিব নিদিয়ে। কয় বোলে মাতষাৰ দিব নোৱাৰা নেকি,বোবা মানুহৰ দৰে সেইটো যে বজাই থাকা।‘ ‘হে হে হে।‘ দুয়ো আকৌ কিছু পৰ হাঁহি ল’লোঁ।হাঁহি থাকোঁতে ইটোৱে সিটোৰ দাঁতৰ অৱস্থা দেখি আৰু অলপ হাঁহিব লগা হ’ল। ‘দাঁত দেখিয়েই মনত পৰিছে, তোৰ মনত আছেনে অনিল, গাঁৱৰ বিধবা তিৰোতা কেইগৰাকীৰ যে দাঁতবোৰ ৰং সানি কিচকিচকৈ ক’লা কৰি থৈছিল আৰু সৰুতে তই তাকে দেখি ভয়ত দৌৰি পলাইছিলি।‘ ‘হে হে হে কিয় মনত নাথাকিব। মই তেওঁলোকক জখিনী বুলি ভাৱিছিলোঁ।‘‘অনিলে ক’লে। ‘এৰা হে,তাহানিখন বিধবা তিৰোতাৰ প্ৰতি কমখন অন্যায়- অবিচাৰ কৰা হৈছিল চাচোন।‘মই কলোঁ, ‘পিছে অনিল, তয়ো পৰিবাৰক এৰি অকলৈ মোৰ ঘৰলৈ আহি তিৰোতাৰ প্ৰতি চৰম অবিচাৰ কৰা নাইনে?’ ‘তোক মই কেতিয়া কলোঁ মোৰ শ্ৰীমতীক এৰি আহিছোঁ বুলি। আচলতে আমি তোৰ ঘৰটো বিচাৰি পাই শ্ৰীমতী আৰু আমাৰ এক মাত্ৰ সন্তান বেংক অব ইণ্ডিয়াৰ বিষয়া উষাক ড্ৰাইভাৰ আৰু চিকিউৰিটি অফিচাৰৰ লগত গাড়ীতে গৈ কিবাকিবি বজাৰ অলপ কৰি আনিবলৈ পঠাইছোঁ।নগৰখন কিছু দূৰত বাবে আহি পাওঁতে পলম হ’ব পাৰে।‘অনিলে উষ্মা সহকাৰে ক’লে, ‘পিছে তোৰ শ্ৰীমতী বিয়াৰ পৰা কেতিয়া উভটিব?’ ‘বিয়া ঘৰ অলপ দূৰৈত। তেওঁ আহি পোৱাত কিছু পলম হ’ব।‘ মই ক’লোঁ। ইতিমধ্যে আমি দুয়ো পাকঘৰ পালোঁগৈ। দুয়ো লাগি ভাগি তাহানি বন ভোজ খাওঁতে কাম কৰাৰ দৰে কৰি চা-জলপান ইত্যাদি পাকঘৰত যি পালোঁ কিবাকিবি খাই ললোঁ।তাৰ পিছত কথা পাতি পাতি আমি দুয়ো মায়াময়, মোহময় ল’ৰালি কাললৈ উভটি গ’লোঁ। অনিলহঁতৰ ঘৰখন দুখীয়া আছিল আৰু আমাৰ ঘৰখন আছিল চহকী ।আমাৰ দেউতা ভাৰত চৰকাৰৰ এক বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল আৰু অনিলৰ দেউতাকে খেতি-বাতি আৰু বেপাৰ-বাণিজ্য কৰি ঘৰ চলাইছিল।অনিল আৰু মোক আমাৰ দেউতাই নি প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল।আমি দুয়ো অনবৰতে একেলগে থাকিছিলোঁ।আমাৰ মা-দেউতাই তাক বৰ মৰম কৰিছিল।মাই আমাক একেলগে বহাই লৈ ভাল ভাল বস্তু খাবলৈ দিছিল।আমাৰ দেউতাই বিহুত মোক চাৰ্ট-পেন্ট দিলে অনিলকো কিনি দিয়ে।এইদৰে কেইবছৰ মান পাৰ হোৱাৰ পিছত আমাৰ দেউতাৰ চাকৰি অসমৰ বাহিৰলৈ বদলি হোৱাত অনিল আৰু মোৰ মাজৰ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ গ’ল।ইফালে ময়ো আহমেদাবাদৰ এক কোম্পানীত চাকৰি কৰি আছিলোঁ। আমাৰ বেটা প্ৰদীপে ষ্টেট বেংক অব ইণ্ডিয়াৰ গুৱাহাটীৰ দিচপুৰ শাখাত প্ৰবেচনাৰী অফিচাৰ হিচাপে অলপ দিনৰ আগতে চাকৰিত যোগদান কৰে। সেয়ে মই চাকৰি এৰি দিলোঁ আৰু আমি গুজৰাটৰ পৰা আহি অসম পালোঁহি। মহানগৰৰ হাইউৰুমিৰ পৰা ৰক্ষা পাবৰ বাবে এই ৰ’দালি গাঁৱতে ঘৰে মাটিয়ে কিনি থাকিবলৈ ললোঁ। ঘৰৰ আৰ্থিক অৱস্থা বেয়া আছিল যদিও সিনো কেনেকৈ ইমান পঢ়া-শুনা কৰি অসম চৰকাৰৰ ৰাজ পত্ৰিত বিষয়া হ’ব পাৰিলে তাকে জানিবৰ বাবে অনিলক সুধিলোঁ।এক ৰহস্যময় হাঁহি মাৰি অনিলে ক’লে যে এয়া হেনো সকলো ভগৱানৰ মহিমা। ‘ৰূপজ্যোতি,মই যে অনবৰতে খচমচাই থাকোঁ সেই কথা তোৰ মনত আছেনে বাৰু? মোৰ সেই খচমচনিৰ আঁৰতো এক কাহিনী আছে।তোৰ দেউতাই আমাক স্কুলত নাম লগাই দিবলৈ নিঁওতে আমাৰ আচলতে নাম ভৰ্তিৰ বয়স হোৱাই নাছিল। আমি তিনি চাৰি বছৰীয়া আছিলোঁ।সেইদিনা তই দেউতাৰৰ হাতত ধৰি গৈ থাকোঁতে মই পিছ পৰি গলোঁ।তেতিয়া আমাৰ সম্পৰ্কীয় মোমাইদেউ মণিকান্তই তেওঁৰ লগত কথা পাতি থকা মানুহজনক মোক দেখুৱাই কৈছিল, ‘এই বান্দৰটোৱে কি পঢ়িব, ফালিব ই।‘ মোক উদ্দেশ্যি বান্দৰ ৱুলি কোৱাত মই বাৰু সঁচাকৈয়ে বান্দৰ নেকি বুলি ভাৱিব ধৰিলোঁ।যি কোনো মুহূৰ্ততে মোৰ নেগুৰডাল গজিছেনে নাই বুলি হেপিয়াই থাকিব ধৰিলোঁ। সেয়ে মই যতে থাকোঁ তাতে খচমচাই থাকিব লগীয়া হয়।তাৰোপৰি নিজকে বান্দৰ বুলি ভাৱিবলৈ লৈ গছত উঠি নিৰ্ভয়ে বগাব ধৰিলোঁ। মই ফলমূলৰ গছত উঠিলে তলত ল’ৰা-ছোৱালীৰে ভৰি পৰে।ঘৰত এখন ডাঙৰ হনুমন্তৰ ফটো আঁৰি থোৱা আছিল। তাৰ তলত ধূপ জ্বলাই মই নিতৌ হনুমানৰ পূজা কৰোঁ।মোৰ নেগুৰৰ সন্ধানত গঢ় লৈ উঠা খচমচনিটো বাঢ়ি গৈছিল চাগৈ। এদিন প্ৰাৰ্থনাৰ বাবে শাৰী পাতি থাকোঁতে মই খচমচাই থকাত ওপৰৰ শ্ৰেণীৰ কেইজনমান ছাত্ৰই কথাটো প্ৰধান শিক্ষকক জনাই দিলে। মোক প্ৰধান শিক্ষকৰ কোঠালৈ মাতি নি খচমচাই থকাৰ কাৰণটো সুধিলে।তেতিয়া মই সকলো কথা বিৱৰি কলোঁ।প্ৰধান শিক্ষক মহোদয়ৰ কোঠাত সেই সময়ত উপস্থিত থকা মকলো শিক্ষকৰ লগতে প্ৰধান শিক্ষক মহোদয়েও খুউব হাঁহিলে।শেষত তেখেতসকলে মোক মৰমেৰে বুজালে ‘কোনোবোই ক’লে বুলিয়েই মানুহ বান্দৰ হৈ নাযায় নহয়, তুমি ভাল দৰে পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ’বা, তেতিয়া তোমাক বান্দৰ বোলাজনে নিজেই লাজ পাব।‘ তেতিয়াৰ পৰাই মই নেজ বিচাৰি খচমচাবলৈ এৰি ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিলোঁ ; কিন্তু কি দৰে হ’ম তাকহে ভাৱি পোৱা নাছিলোঁ।‘ ‘হে হে হে---‘ অনিলৰ কাহিনী শুনি মই হাঁহি ৰখাব নোৱাৰিলোঁ আৰু মোৰ লগতে সি নিজেও হাঁহিব ধৰিলে। অনিলহঁতৰ ঘৰত পঢ়া-শুনা কৰাৰ কোনো বাতাৱৰণ নাছিল।পুৱতি নিশা নিদ্ৰাদেৱীৰ কোলাত লালকাল হৈ পৰি থাকোঁতেই অনিলক তাৰ ককায়েক বগেনে জগাই দি হালুৱা গৰুকেইটা চাপৰিৰ হালুৱা তলিলৈ খেদি নিবলৈ দিয়ে।তাৰ পিছত বগেনে চাহ-জলপান খাই পথাৰ পাইগৈ।ককায়েকে হাল বাবলৈ আৰম্ভ কৰাৰ পিছত কিবা কাম থাকিলে অনিলে কৰে আৰু নাথাকিলে তাৰ ছুটি হয়।ঘৰত আহি চাহ-জলপান খাই সময় থাকিলে অলপ পঢ়া-শুনা কৰে আৰু ঘৰৰ ছাটো চাই সময় নাই বুলি জানিলে স্কুললৈ খোজ লয়।স্কুলৰ পৰা আহি লাই-জাবৰি বা শুকোতা শাক যিহৰেই নহওক ঠাণ্ডা ভাত কেইটামান খাই অনিল চাপৰিৰ আহুতলিত জাবৰ জুই দিবলৈ অথবা হাতত দলিমাৰি লৈ দলি চপৰা ভাঙিবলৈ যাব লাগিব।সেই সময়ত ৰাজহুৱা খেল পথাৰত তাৰ লগৰীয়াহঁতে চিঞৰি-বাখৰি খেলি থকা অনিলে পথাৰৰ পৰাই শুনি থাকে। অনিলক অমনোযোগী হৈ কাম কৰা দেখিলে দেউতাকে তাক কয়, ‘খেল খেলিলে কোনো লাভ নহয়,খেতি কৰিলেহে ধন আহিব।কৰ কৰ মন দি কাম কৰ।‘ খেতি পথাৰৰ কাম কৰাৰ উপৰিও অনিলে গাঁৱৰ গৰু ৰখীয়াৰ পাল পৰা দিনা স্কুল ক্ষতি কৰি গৰুৰ পাল ৰখিব লাগিব।অঞ্চলটোত মঙ্গল আৰু শুক্ৰ বাৰে সাপ্তাহিক বজাৰ বহে।মাজে মাজে অনিলে স্কুল ক্ষতি কৰি দেউতাকৰ লগত বহি বজাৰত বস্তু বিক্ৰী কৰে।দেউতাকৰ দোকানখনৰ সমুখতে চুনৰ টিনটো লৈ অনিলে চুন বেচে।দেউতাক কেনিবা গ’লে সি মূল দোকানখনো সম্ভালে।এইবোৰ কামৰ উপৰিও ৰান্ধনীক খৰি যোগান ধৰা, গধূলি গোহালিত গৰু বন্ধা আৰু চোতালত গৰুৰে মৰণা মৰা আদি কামো অনিলে কৰিব লাগে।অনিলৰ ককায়েক বগেনক দেউতাকে একো কাম কৰাব নোৱাৰে।সি উভটি যুঁজে।লাগ বুলিলেই তাক দেউতাকে টকা দিব লাগিব।সি কয় যে জন্ম দিছিল যেতিয়া দেউতাকে টকা দিবই লাগিব।ঘৰৰ পৰা টকা নি নি সি শিৱসাগৰত বাহৰ পাতি থাকি সাত বাৰ মেট্ৰিক পৰীক্ষা দিও পাছ কৰিব নোৱাৰিলে।পঢ়ি পৰীক্ষা দিলেহে পাছ কৰিব, পৰীক্ষাৰ আগত প্ৰশ্ন কাকত বাহিৰ কৰি পৰীক্ষা দিয়াৰ ধাণ্ডাত থাকে।কোনোবা বাৰ কোনো কোনো কাকতত ষাঠি সত্তৰ নম্বৰ পায় আৰু বাকীবোৰত ফেল কৰে। এই দৰেই ঘৰৰ ধন ভঁৰালৰ তলি ফুটিল। নিচেই সৰুতে অনিল পঢ়া-শুনাত সিমান ভাল নাছিল।অনিলৰ ককায়েক বগেনে সামান্য দোষতেই তাক মাৰ-ধৰ কৰি থাকে।এদিন গধূলি চোতালত মৰণা মাৰি থাকোঁতে বগেনে অনিলৰ মূৰৰ পিছফালে তাৰ বজ্ৰ কঠিন হাতখনেৰে এনেকুৱা এটা থাপ্পৰ মাৰিলে যে অনিল গৈ ক’ৰবাত উফৰি পৰিল।কাণ্ডটো প্ৰত্যক্ষ কৰি থকা অনিলহঁতৰ সম্বন্ধীয় ককায়েক ৰাজেনে ‘হায়ৈ-বিয়ৈ’ কৰি কৈছিল, ‘শেষ শেষ ল’ৰাটোৰ মূৰটো গ’ল আৰু, সি এতিয়া কেনেকৈ পঢ়া শুনা কৰিব বাৰু।‘সেই দিনা ৰাতি ভাত-পানী খাই উঠি বিছনালৈ নগৈ অনিলে টিপ চাকিটো লৈ তাৰ বাঁহৰে নিৰ্মিত পঢ়া টেবুলখনৰ ওচৰ পালেগৈ।টেবুলতে টিপ চাকিটো থৈ সি কিতাপ এখন উলিয়াই লৈ মনোযোগেৰে পঢ়ি গ’ল। শেষত তাৰ মগজুটো ঠিকেই আছে নে নাই তাকে পৰীক্ষা কৰিবলৈ কিতাপখন জপাই লৈ কি পঢ়িছিল তাকে স্মৰণ কৰবলৈ চেষ্টা চলালে।কিছু কিছু মনলৈ সুন্দৰকৈ আহিল।এই অনুশীলন সি নিতৌ কৰি যাব ধৰিলে।কামটো তাৰ ভাল লগা হ’ল।সেই কাম নকৰাকৈ থাকিব নোৱাৰা হ’ল।পুৱা বেলা পঢ়াখিনি সি গধূলি মৰণাৰ গৰু ঘূৰাই থাকোঁতে মনলৈ আনি আঁওৰাই যায়।সি স্কুলত শিক্ষকৰ সকলো প্ৰশ্নৰ উত্তৰ দিব পৰা হ’’ল। পৰীক্ষাত ভাল ফলাফল দেখুৱাব ধৰিলে।এইদৰেই গৈ গৈ এদিন অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অনিলে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হ’ল।অৱশ্যে পঢ়াৰ খৰছ যোগাৰ কৰিবলৈ অনিলে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছিল।মাজে সময়ে অ’ত ত’ত ঘৰুৱা শিক্ষকতা কৰিলে,কোনো কোনো স্কুলত অস্থায়ী ভাৱে শিক্ষকতা কৰিলে। সুবিধা বুজি বেপাৰ–বাণিজ্যও কৰিব লগা হৈছিল।আৰ্থিক ভাৱে সচ্ছল বংশ পৰিয়াল আৰু মিতিৰ-কুটুমৰ কোনো এজনো মানুহ তাক সহায় কৰিবলৈ আগ বাঢ়ি নাহিল। আমি কথাৰ মহলা মাৰি থকাৰ মাজতেই অনিলে ৰাস্তাৰ পূব দিশলৈ আঙুলিয়াই দি প্ৰায় চিঞৰাৰ দৰেই ক’লে, ‘সৌৱা আমাৰ শ্ৰীমতী আৰু বেটী উষা আহি পালেহি।‘ মই সেই ফালে চাই দেখোঁ যে এখন ক’লা বৰণৰ স্কৰ্পি্অ’ গাড়ী আমাৰ ঘৰৰ পদূলিৰ ফালে সোমাই আহিছে।চকুহাল ঘূৰাই ৰাস্তাৰ পশ্চিম দিশলৈ নিওঁতেই দেখোঁ আমাৰ গৰাকীয়েও স্কুটিখন পদূলিৰ ফালে নমাই আনিছে। সৰু ল’ৰাৰ দৰে অনিলে মৰা চিঞৰটোৰ সমানে চিঞৰ এটা মাৰি ময়ো কলোঁ,’সৌৱা চোৱা আমাৰ শ্ৰীমতীও আহি গ’ল।‘ ---------সমাপ্ত--------

বোৱাৰীবিহীন জীৱনৰ তিতা-মিঠা

দুসপ্তাহমানৰ আগতেই চন্দনৰ মাকে আমাৰ শ্ৰীমতীক কৈ থৈছে,”বৰমা, এইবাৰ আমাৰ চন্দনৰ জন্ম-দিনত কিন্তু ক’লৈকো নাযাব দেই।ভালদৰে জন্মদিন পাতিম, আপুনি লাগিভাগি দিব লাগিব।“ পিছে কি হ’ব,এৰাব নোৱাৰা কাৰণত জন্মদিনৰ আগদিনা আমি ডিব্ৰুগড় পালোঁহি।চন্দনৰ মাকে ঘৰত ডাঙৰ মিক্সাৰ নাই বাবে ভোজৰ আঞ্জাত দিবলৈ সৰিয়হ পিচিবলৈ আহি আমাৰ ঘৰ পালেগৈ। দূৱাৰত তলা ওলমি থকা দেখি লগে লগে ফোন কৰি আমাক ঘৰলৈ আহিবলৈ অনুৰোধ জনালে।এৰা, উপায় নাই হে। খৰধৰকৈ যাবতীয় কামখিনি শেষ কৰি শাৰদীয় দূৰ্গোত্সৱক ম্লান কৰি তোলা দবাপিতা বৰষুণজাকক আওকান কৰি মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ পাৰে পাৰে মথাউৰিয়েদি ক্ষুদ্ৰকায় গাড়ীখনেৰে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আজিৰ পৰা পাঁচ বছৰমানৰ পূৰ্বে চন্দনৰ দেউতাক বিজিতে আমাৰ নৱনিৰ্মিত দোকান ঘৰটোৰ এখন দোকান ভাড়াত লৈ গেলামালৰ দোকান খোলে।বিজিতহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বাৰ কিলোমিটাৰ মানৰ দূৰৰ আমগুৰিত।চন্দনৰ মাক ‘জোনালী’ৰ মাকৰ ঘৰো দূৰত নহয়,মাছখোৱাত।সময় সুবিধা পালেই জোনালীৰ মাকে দুই চাৰিদিন জীয়েকৰ ঘৰত থাকি যায়হি।সেই কেইটা দিন জোনালীৰ দেউতাকে বাৰী ঘৰৰ ৰখীয়া হৈ অকলৈয়ে ঘৰত থাকে। পুতেক বোৱাৰীয়েক নগৰত থাকে। তেওঁলোকে মাক-দেউতাকৰ খবৰ নাৰাখে।সস্কিলে-মস্কিলে জী-জোঁৱাইয়েহে চায়।অলপ দিনৰ আগতে বিজিতে টমটম এখন কিনি চলাবলৈ ধৰাত ঘৈনীয়েকে দোকান চলাব লগীয়া হ’ল।তেতিয়া কিছুমান গ্ৰাহক দোকানলৈ আহিবলৈ বেয়া পোৱা হ’ল।ইফালে জোনালীৰো মূৰ ঘূৰণি বেমাৰ লাগিল।উপায়ান্তৰ হৈ জোনালীৰ মাকে দোকানত বহিব লগীয়া হ’ল।তেওঁ বয়-বস্তুৰ দামবোৰ ভালদৰে নাজানে বাবে বেছ অসুবিধাৰ সন্মুখীন হ’ল।তথাপিও যেনেতেনে দোকানখন চলি আছিল।পিছে কি হ’ব, বিধিয়ে দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে নহয়।এদিন হঠাত্ পিচল খাই পৰি জোনালীৰ মাকৰ সোঁহাতখন ভাগিল।দোকানত বহা মানুহ নোহোৱাত দোকানখন বন্ধ কৰি ঘৰ খালি কৰি দিলে।ওচৰতে ভাড়াঘৰ লোৱা বাবে আমাৰ ঘৰৰ লগত তেওঁলোকৰ আহ-যাহ চলি থাকিল। আমি বিজিতহঁতৰ বৰমা-বৰদেউতা আৰু চন্দনৰ ককা-আইতা হৈ পৰিলোঁ। “বিজিত আৰু জোনালীয়ে ইমান উত্সাহেৰে পুতেক চন্দনৰ জন্মদিন পাতিছে যে ভৱিষ্যতে চন্দনেও যদি মোমায়েকৰ দৰে বিয়া বাৰু কৰাই মাক-দেউতাকক পাহৰি যায় তেতিয়া তেওঁলোকৰ কেনে লাগিব বাৰু?” দীৰ্ঘ সময়ৰ বিৰতিত বৰষুণজাক এৰিলত আৰু বোকা পানীৰে পৰিপূৰ্ণ বাটচোৱা অতিক্ৰম কৰাৰ পিছত গাড়ী চালকৰ আসনত উপবিস্ট আমাৰ শ্ৰীমতীয়ে কথাষাৰ কৈ মোৰ প্ৰতিক্ৰিয়া জানিবলৈ অপেক্ষা কৰি ৰ’ল।আমাৰ শ্ৰীমতীয়ে সচৰাচৰ আনৰ পুত্ৰ-বোৱাৰীয়ে মাক-দেউতাকক অৱহেলা কৰা অনেক কাহিনী মোক শুনাই থাকে। দৰাচলতে আমাৰ পুত্ৰ সন্তান নাই বাবে ‘আঙুৰ টেঙা’ বুজাবলৈ যেন তেওঁ সেই কাহিনীবোৰ কয় মোৰ তেনে অনুভৱ হয়।অৱশ্যে তাৰ মাজতে দুই এক সু-পুত্ৰ বোৱাৰীৰ দৃষ্টান্তও দাঙি নধৰা নহয়।অৱশ্যে সাম্প্ৰতিক কালৰ পৰিৱেশ পৰিস্থিতিত পুত্ৰ সন্তান আৰু কণ্যা সন্তানৰ প্ৰভেদ বিচাৰ কৰাৰ অৱসৰ নোহোৱা হ’ল।এতিয়া মোৰ বাবে এইবোৰ কথা গুৰুত্বপূৰ্ণ নহয়।পুত্ৰ-বোৱাৰীয়ে আৰু কোনো কোনো কন্যা সন্তানে বৃদ্ধ পিতৃ-মাতৃক অনাদৰ কৰাটোহে বিচাৰ্য বিষয় হৈ পৰিছে।এই সন্দৰ্ভত গুণী-জ্ঞানী লোকসকলে পৰামৰ্শ দিয়ে যে আনৰ ওপৰত ভৰসা নকৰি বৃদ্ধ কালত নিজে নিজক প্ৰতাপাল কৰাৰ ব্যৱস্থা কৰিব পৰাকৈ য়িমান পৰা যায় ধন সঞ্চয় কৰি থ’ব লাগে।চন্দনে ভৱিষ্যতে তাৰ মাক-দেউতাকক অৱহেলা কৰিবনে প্ৰতিপাল কৰিব সেই সন্দৰ্ভত এতিয়া মই কি মন্তব্য ৰাখিম সেইটোহে ডাঙৰ কথা ।কাৰণ, ল’ৰাটোক মাক-দেউতাকে যিদৰে ডাঙৰ-দীঘল কৰিছে তাত বহুতো আঁসোৱাহ দেখা পাইছোঁ। শ্ৰীমতীয়ে মোক কয়, ‘বিৰাজৰ মাকে তেওঁলৈ আজি-কালি সঘনাই ফোন কৰি পুত্ৰ-বোৱাৰীৰ দূৰ্ব্যৱহাৰৰ কাহিনী কৈ নিজৰ মনক সান্ত্বনা দি দুখ-বেজাৰ পাতলাব খোজে।‘ তেওঁলোকৰ দুটি মাথো সন্তান।বিৰাজ আৰু বিস্মিতা।বিস্মিতাক বিয়া দিয়াৰ পিছত মাক-দেউতাকৰ লগতে বিৰাজৰো ঘৰখন কিবা উদং উদং লগা হ’ল।বিৰাজৰ মাকৰ বান্ধবী পূৰ্ণীমা এদিনাখন তেওঁলোকৰ ঘৰলৈ আহোঁতে বিৰাজৰ মাকে এনেবোৰ কথা আলোচনা কৰোঁতে বোৱাৰী এজনীৰ অতিকৈ প্ৰয়োজন বুলি ক’লে।সুযোগ হেৰাবলৈ নিদি বান্ধবীয়ে নিজৰ কণ্যা পাহিকে বিৰাজলৈ বিয়া দিব বুলি প্ৰস্তাব দিলে।বিৰাজৰ চাকৰি নিয়মীয়া হোৱা নাই বাবে বিয়াত খৰছ কৰিবলৈ তাৰ হাতত ধন নাছিল। সেয়ে দেউতাকে পেন্সনৰ ধন খৰছ কৰিব লগীয়া হ’ল।এইদৰেই উচ্চ শিক্ষিতা সুন্দৰী যুৱতী পাহিৰ সৈতে বিৰাজৰ বিবাহ সম্পন্ন হ’ল। বোৱাৰীক নিজৰ জীৰ দৰে আবদাৰ কৰিম বুলি সংকল্প লৈ মৰম-স্নেহৰ বান্ধোনেৰে সদৌটিকে বান্ধি ৰখা ঘৰ এখন গঢ়ি তোলাৰ সপোন দেখা বিৰাজৰ মাক দেউতাকৰ সকলো আশা ভৰসাত চেঁচা পানী ঢালি অপ্ৰত্যাশিতভাৱে পাহিয়ে বিয়াৰ পিছ দিনাই তাইক কিবা উপদেশ দিয়া বাবেই শাহুয়েকক উভটি ধৰিলে।পাহিৰ মতে, তাই এজনী উচ্চ শিক্ষিতা ছোৱালী, বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নথকা বিৰাজৰ মাকৰ উপদেশ দিবলৈ কোনো অধিকাৰ নাই।বিৰাজৰ মাকে এষাৰ কথা ক’লে পাহিয়ে দহষাৰ কৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিব ধৰাত বিৰাজৰ দেউতাকে পাহিক মৰমেৰে কথাবোৰ বুজাই ক্ষান্ত কৰিবলৈ চেষ্টা কৰিলে; কিন্তু পাহি ক্ষান্ত হোৱা দূৰৰ কথা, তাই অতি উত্তেজিত হৈ উচ্চ স্বৰত ইংৰাজীতে বিৰাজৰ দেউতাকক কিবা কিবি ক’ব ধৰিলে।বিৰাজৰ দেউতাক নিৰৱে আঁতৰি গৈ ঘৈনীয়েকৰ ওচৰ পালেগৈ।পাহিয়েনো ইংৰাজীত কি বলকিলে তাকে বিৰাজৰ মাকে সুধিলে।বিৰাজৰ দেউতাকে কথাখিনি অসমীয়াতে বুজাই ক’লে।অৱশেষত তেওঁলোকে পাহিৰ কথাবোৰ পুতেক বিৰাজক ভাঙিপাতি ক’লে।কিন্তু বিৰাজে তেওঁলোক দুয়োকে আচৰিত কৰি পাহিৰ পক্ষ লৈ তেওঁলোকৰ ওপৰতে সকলো দোষ জাপি দিলে।তেওঁলোক দুয়োৰে এনে লাগিল যেন এইটো ল’ৰা তেওঁলোকৰ পুত্ৰ বিৰাজ নহয়,ভূতনি লম্ভী গাত ভৰ কৰি থকা বিৰাজহে।কথাবোৰ ভাললৈ অহাৰ বিপৰীতে অতি বেয়াৰ ফালে ঢাল খালে।বিৰাজ আৰু পাহিয়ে নিজৰ ৰুমতে পাকঘৰ জুৰিলে।মাকৰ লগত লগ-সমনীয়াৰ দৰে হাঁহি-ধেমালী কৰি দিন পাৰ কৰা ল’ৰাটো বিয়াৰ পিছতেই ইমান সলনি হ’ব বুলি মাকে সপোনতো ভৱা নাছিল।দিপাৱলীৰ দিনা বিৰাজৰ মাকে মিঠাতেলৰ চাকিত তেল দিওঁতে কেনেবাকৈ পকা মজিয়াত দুটোপালমান মিঠাতেল পৰিছিল।তাকে দেখা পাই পাহিয়ে হুলস্থূল লগাই দিলে। শাহুয়েকে তাইক হত্যা কৰাৰ চক্ৰান্ত কৰিয়ে পিচলখাই পৰিবৰ বাবে হেনো মজিয়াত মিঠাতেল পেলাই থৈছে।অৱশেষত পৰিৱেশ পৰিস্থিতি চম্ভলা জটিল হৈ পৰাত বিৰাজৰ দেউতাকে বিৰাজ আৰু তাৰ ঘৈনীয়েকক ভাড়াঘৰ লৈ বেলেগে থাকিবলৈ ক’লে।সিহঁত দুয়ো যেন এই প্ৰস্তাৱ শুনিবলৈকে অপেক্ষা কৰি আছিল।লগে লগে তেওঁলোক দুয়ো যিখন কলেজত চাকৰি কৰে তাৰ ওচৰতে ভাড়াঘৰ এটা লৈ মাক দেউতাকক কন্দুৱাই তালৈ গুচি গ’ল। মই আমাৰ পুত্ৰ-বোৱাৰীবিহীন সংসাৰখনৰ বাবে মনত কিবা দুখ-বেজাৰ ভাৱ পোষণ কৰি আছোঁ বুলি ভাৱিয়ে নে কি জানো আমাৰ শ্ৰীমতীয়ে এনে ধৰণৰ অনেক দুৰ্ভগীয়া শহুৰ শাহুৰ কাহিনী আজি কালি প্ৰায়ে শুনাই থাকে।পিছে তেওঁ কেৱল বোৱাৰীৰ ওপৰতে দোষ জাপি দিবও নোখুজে, কিছুমান শাহুমাও অতি নিষ্ঠুৰ থাকে বুলি কয়।তেনে শাহুবোৰে হেনো বোৱাৰীক ঘৰত চাকৰনীৰ দৰে খটুৱাবৰ বাবেই চপাই লয়।বোৱাৰীয়ে কেনিও ডিঙি মেলি চাব নোৱাৰাকৈ দিনে ৰাতিয়ে কাম কৰি থাকিলে ভাল পায়।তেনে শাহুয়ে ঘৰত কাম নাথাকিলে হেনো চাউলত ধান মিহলাই দি বোৱাৰীক ধান বাচি থাকিবলৈ দিয়ে।আমাৰ শ্ৰীমতীয়ে কয়, ‘আমাৰ যদি বোৱাৰী এজনী থাকিলে হেঁতেন তেন্তে মই তাইক নিজৰ জীৰ দৰে মৰমেৰে ৰাখিলোঁ হেঁতেন।‘মই ‘বোলো নোৱাৰা হে তুমি, বোৱাৰী বাবলৈ নাপাই মোৰেই যি গতি কৰিছা, এনে কৰিলেচোন তোমাৰ লগত বোৱাৰী দুটা দিনো তিষ্ঠিব নোৱাৰিব।‘তেতিয়া শ্ৰীমতীয়ে ‘এহ মই কি কৰোঁ, মই কি কৰোঁ’ বুলি উভটি ধৰে।ততালিকে মই তেওঁৰ চেও-ভাওবোৰ সোঁৱৰাই দি কওঁ ‘বোলো তুমি যে মোক কামবোৰ কৰিবলৈ দি কোনোটো কামেই ভালদৰে কৰা নেদেখা।বাচন ধুলেও কোৱা চাফা হোৱা নাই, কাপোৰ ধুলেও কোৱা কলাৰটো লেতেৰা হৈ থাকিল, ভাত-পানী বনালেও কোৱা বোলে দাইলত নিমখ কম হ’ল,আৰু কোৱা ভাত চাউলীয়া হৈ থাকিল, আনকি মইয়ে তোমাক গাড়ী চলাবলৈ শিকালোঁ আৰু এতিয়া মই গাড়ী চলালে তুমি সন্তুষ্ট হ’ব নোৱাৰি মোকে গাড়ীৰ ষ্টেয়াৰিঙত ধৰিব নিদিয়া হ’লা। তেন্তে কোৱাচোন তুমি বোৱাৰীৰ কিবা কামত সন্তুষ্ট হ’ব পাৰিবানে?’এই বুলি ক’লে আমাৰ শ্ৰীমতীয়ে কথাটো পাতলাই দি ধেমালিৰ সুৰত কয়, ‘আপুনি ঘৰত মাকৰ পৰা কামবোৰ ভালদৰে কৰিবলৈ শিকি নাহিলে কিয়?’ এইদৰেই সেই প্ৰসংগৰ আনোচনাৰ মুখনি মাৰে। অত’পৰে মই ভাৱনাত বিভোৰ হৈ থাকি চন্দনে ডাঙৰ হ’লে তাৰ বৃদ্ধ পিতৃ-মাতৃক উভতি চাবনে নাচায় সেই বিষয়ত কোনো মন্তব্য নিদিয়াত শ্ৰীমতীয়েই মাত লগালে। ‘আপুনি টোপনি গৈছে নেকি?’ ‘নাই, মই টোপনি য়োৱা নাই হে, চন্দনৰ কথাকে ভাৱি আছিলোঁ।ল’ৰাটোক মাক-দেউতাকৰ মৰমেই তেনেই নষ্ট কৰি পেলাব যেন লাগিছে।অনবৰতে তাক ম’বাইল চাবলৈ দিছে,তাৰ বাৰু চকুহাল ভালে থাকিবনে? অকালতে দৃষ্টি শক্তি হেৰুৱালে সি পঢ়া-শুনাত কেনেকৈ আগ বাঢ়ি যাব বাৰু? তাৰোপৰি প্ৰথম মান শ্ৰেণীত পঢ়ি থাকোতেই ম’বাইলত ভাল বেয়া যিকোনো ধৰণৰ ভিডিঅ’ চালে তাৰ কু-প্ৰভাব চন্দনৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত নপৰিবনে বাৰু? সি হেনো ম’বাইলটো চাই চাই ভাত খায়। ম’বাইলটো চাবলৈ নাপালে ভাত খাব নোৱাৰে।ম’বাইলত নেট পেক নাথাকিলে চন্দন বলিয়াৰ দৰে হৈ পৰে। তেতিয়া মাকে নেট পেক ভৰাই দিবলৈ বাধ্য হয় হেনো।এনে হ’লে চন্দনে পিতৃ-মাতৃক বৃদ্ধ কালত প্ৰতিপাল কৰাটো বাদেই নিজেই সি মানুহ হ’ব নোৱাৰিব।‘ ‘দেউতাকেও চন্দনক জোখতকৈ অধিক মৰম কৰে’,শ্ৰীমতীয়ে কৈ গ’ল,’এইবাৰ পূজাত কি হ’ল জানে, স্কুলত শিক্ষকে ছাত্ৰসকলক বন্দুক, পিষ্টল আদি নিকিনিবলৈ ক’লে; কিন্তু চন্দনে তাৰ দেউতাকে পূজাৰ বজাৰত দিয়া অস্থায়ী দোকানৰ পৰা দুইফুট মান দীঘল বন্দুক এটা উঠাই দিলে।দেউতাকেও কোনো হকাবাধা নকৰিলে।মাথো হাঁহি হাঁহি ক’লে, ‘দোকানৰ লাভ খিনিয়েই চন্দনে লৈ ল’লে।’এই দৰে ল’ৰা বেছিহে বেয়া হৈ নাযাবনে?’ চন্দনৰ কথা ইমানতে এৰি মই বেৱাৰীবিহীন সংসাৰৰ কিছু তিতা মিঠা কথা বলকিম বুলি ভাৱিছিলোঁ; কিন্তু আমাৰ শ্ৰীমতীয়ে ঘৰৰ পদূলিমুখত গাড়ীৰ ব্ৰেক ধৰিলত দুৱাৰৰ চাবিকোচা লৈ মই গাড়ীৰ পৰা নামি যাবলৈ বাধ্য হলোঁ। -------------সমাপ্ত-----------

Wednesday, 10 September 2025

ৰহস্যৰ আঁৰত

(পুতলা নাট) যুগল চন্দ্ৰ বৰা নাটখনিৰ ৰচনাৰ আঁৰৰ কথা ২০০৩ চনৰ কথা।চাকৰিসূত্ৰে উত্তৰ লখিমপুৰলৈ গৈ আমি চহৰখনত মাটি কিনি ঘৰবাৰী পাতি নিগাজিকৈ থাকিবলৈ লৈছোঁ। আমাৰ ছোৱালীহঁতে উত্তৰ লখিমপুৰত স্কুলীয়া জীৱন আৰম্ভ কৰিছে।সেই সময়খিনিত মই আমাৰ ছোৱালীহঁতক পুতলা নিৰ্মাণৰ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিলোঁ।বিদ্যাভাগ মই ডিব্ৰুগড়ৰ বকুল হাইস্কুলত শিক্ষকতা কৰা দিনতে স্কুলৰ তৰফৰ পৰা গৈ হিমাচল প্ৰদেশত এন ছি ই আৰ টি য়ে আয়োজন কৰা এমহীয়া কৰ্মশালাত আয়ত্ব কৰিছিলোঁ।ছাত্ৰ-ছাত্ৰীক শিকাবলৈ পোৱাৰ আগতেই স্কুলৰ চাকৰি এৰি বেংকৰ চাকৰি কৰিব লগা হোৱাত কাকো পুতলা বনাবলৈ শিকাব পৰা নাছিলোঁ।মোৰ এইবাবেই ভাল লাগিছিল যে আমাৰ পলি, জলি, অলি আৰু ডলিয়ে অতি আগ্ৰহেৰে পুতলা নিৰ্মাণৰ কামত লাগি গৈছিল আৰু সহযোগ কৰিছিল সিহঁতৰ মাতৃ ৰুমীয়েও।মই লাভ কৰা প্ৰশিক্ষণৰ মূল বিষয় বস্তু আছিল নিজে পুতলা নিৰ্মাণ কৰি, পুতলা নাট লিখি মঞ্চস্থ কৰি সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ দ্বাৰা জ্ঞান বিস্তাৰ কৰা।এতেকে, পুতলা বনাবলৈ শিকোৱাৰ পিছত পুতলা নাট লিখি তাক মঞ্চস্থ কৰিবলৈও শিকাব লগীয়া হ’ল।সেই আপাহতে লিখা পুতলা নাটবোৰৰ ভিতৰৰে এখন হ’ল ৰহস্যৰ আঁৰত নামৰ এই পুতলা নাট খনি।আমাৰ পলি আৰু জলিয়ে বিদ্যালয়ৰ ছাত্ৰীসকলৰ সহযোগত ঢকুৱাখনাৰ হা্ৰ্হি হাইস্কুল, জালভাৰী নাট্য মন্দিৰ আৰু উত্তৰ লখিমপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ কলেজ আৰু তেজপুৰ বাণিজ্য মেলা আদি বিভিন্ন মঞ্চত পুতলা আৰু পুতলা নাট প্ৰদৰ্শণ কৰি প্ৰশংসা লাভ কৰিছিল। নাটকৰ চৰিত্ৰ সমূহ ১)ৰহিমলা বাই---------গাৱঁলীয়া বৃদ্ধা ২)জেতুকী-------------গাৱঁলীয়া ছোৱালী ৩)পদুমী-------------- গাৱঁলীয়া ছোৱালী ৪)নিৰলা--------------- ঐ ৫)ডেকা---------------- এজন গাৱঁলীয়া ডেকা ৬)এজন ব্যক্তি ------------এজন গাৱঁলীয়া মানুহ ৭)মাজনী---------------- এজনী সৰু ছোৱালী ৮)দেউতাক---------------মাজনীৰ দেউতাক ৯)জুনু ------------------এজনী সৰু ছোৱালী ১০)পুলিচ-----------------এজন বা ততোধিক পুলিচ ১১)অফিচাৰ---------------পুলিচ অফিচাৰ ১২) তিনি গাভৰু------------ গাভৰুৰ বেশত থকা তিনিজন ডেকা প্ৰথম দৃশ্য ( ৰহিমলা বাই আৰু জেতুকী দুফালৰ পৰা দুজনীয়ে মঞ্চত প্ৰৱেশ কৰি মুখামুখি হয়) জেতুকী-এ বোলো ৰহিমলা বাই, বৰ বেগাবেগিকৈ আহিছা দেখোন, কোন ফালে বা যোৱা? ৰহিমলা- কথাবোৰ গম লৈ আহোঁ বুলি ওলাই আহিছোঁ অ’ জেতুকী। জেতুকী-কি কথাবোৰ নো অ’ ৰহিমলা বাই? ৰহিমলা –হেৰ’ কি মূৰুখ অ’ এইজনী? কেলৈ তই কথাবোৰ গমেই নাপাৱ নেকি? কেনেকুৱা ছোৱালী অ’ এইজনী। পৃথবীখন লুটিখাই লাইনবাছ এক্সিডেন্ট হোৱাৰ দৰে তিনি বাগৰ চাৰিবাগৰ মাৰি খাৱৈত পৰি মানুহ মৰি এদায় হলেও এইজনীয়ে গ’মেই নেপাব দেখোন। জেতুকী-কি হ’ল অ ৰহিমলা বাই? ক চোন ক, বিদ্যা শপত, মা কচম, মই একো গ’ম নাপাওঁ। ৰহিমলা-হেৰ’ জেতুকী,তয়ো কমপাটচুক ভেকুলী নহয় দেই।হেৰৌ, নলবাৰী, নগাঁও, দৰং,তেজপুৰ খলকনি লগাই তিনিওজনী আহি আমাৰ নকাড়ী পালেহি,তোৰ খবৰেই নাই নহয়নে হুঁ। হোৰৌ, যেতিয়া তোৰ টেঁটুত সিহঁতে চেপা দি ধৰিব তেহেলে সকলো আধ্যায় পৰিব। জেতুকী-অ’ ৰহিমলা বাই, মই তোক কাবৌ কৰিছোঁ, কচোন কথাবোৰ ভাঙিপাতি ক। ৰহিমলা-জেতুকী, সেই তিনি মাতৃৰ কথা তই শুনা নাই?যোৱা ৰাতি ধনেশ্বৰ কাইটিৰ ল’ৰা মনেশ্বৰক টেঁটুত হাত দিছিলে।মাকে মন্ত্ৰ মাতি তিনিটা চাপৰ মাৰিলে বুলিহে এৰি গ’ল।সিহঁতৰ ঘৰৰ পদূলিমুখত তিনি গছি বন্তি জ্বলোৱা নাছিল। সেই কাৰণে অঘটনটো ঘটিলে।জেতুকী, তই সন্ধিয়া পৰত তিনিগছি বন্তি জ্বলাবি। মোৰ দেৰি হৈছে,মনেশ্বৰৰ খবৰ এটা লৈ আহোঁ।(ৰহিমলাৰ প্ৰস্থান) (ঠিক এনে সময়তে পদুমী আৰু নিৰলা মঞ্চত প্ৰৱেশ কৰি জেতুকীক লগ পায়হি।) পদুমী আৰু নিৰলা-(একেলগে)জেতুকী পেহী। পদুমী-তুমি অকলে ঘূৰি ফুৰিছা কিয়? তিনিওজনী আহি লখিমপুৰ পালেহি নহয়। মৈদমীয়া গাৱঁত এটা ডেকা লৰা মাৰিলে।নকাড়ীত মনেশ্বৰৰ টেঁটুত চেপি ধৰিলে। তাৰ গুৰুজনা তুষ্ট হৈ আছিল বুলিহে ৰক্ষা পৰিল। (তিনিওজনীয়ে কথা পাতি ৰৈ থাকোঁতে সেই বাটেৰে এজন ডেকা ল’ৰা আহি তাত সিহঁতক দেখা পাই তিনি ভুতুনী বুলি ভাৱি ভয় খাই চিঞৰি বেহুচ হৈ পৰিব) ডেকা-মৰিলোঁ ঔ মৰিলোঁ, মোক তিনি ভুতুনীয়ে লগ পালে ঔ------। (ডেকা বেহুচ, তিনিওজনী গৈ ডেকাক বেৰি ধৰি তাৰ চেতনা ঘূৰাই আনিবলৈ চেষ্টা চলালে।এনেতে ওচৰে পাজৰে থকা মানুহ দুই এজন কি হ’ল কি হ’ল বুলি চাপি আহে।) নিৰলা-আমাক দেখি এওঁ ভুতুনী বুলি ভাৱিলে আৰু ভয় খাই বেহুচ হৈ পৰিল। জেতুকী-পদুমী আৰু নিৰলা, ক’ৰবাৰ পৰা অলপ পানী আনগৈ সোনকালে। এজন বাটৰুৱা-ধৰ, ইয়াক দাঙি মেলি বেজৰ ওচৰলৈ লৈ যাওঁ।ধৰ সোণকালে। (ধৰা মেলা কৰি ডেকাজনক বেজৰ ওচৰলৈ নিয়ে।) দ্বিতীয় দৃশ্য মাজনীৰ দেউতাক-(মাজনীক উদ্দেশ্যি এডাল ৰঙা ডোল দি)মাজনী, এইডাল তুমি পিন্ধি লোৱা। দণ্ডি বেজে মন্ত্ৰ জাৰি দিছে। তোমাক তিনি ভুতুনীয়ে একো কৰিব নোৱাৰে। মাজনী-দেউতা, তুমি পিন্ধাই দিয়া না।মোৰ ইমাণ ভয় লাগিছে। মাজনীৰ দেউতাক-(ডোলডাল মাজনীৰ হাতত পিন্ধাই দি)এতিয়া তুমি ভয় কৰিব নালাগে।সাৱধানীৰ মৰণ নাই।নিজে সাৱধানে থাকিলেই হ’ল। মাজনী-কেনেকৈ সাৱধানে থাকিম দেউতা? মাজনীৰ দেউতাক-তুমি স্কুলৰ পৰা আহোঁতে লগৰ ছোৱালীৰ লগত আহিবা আৰু বাটত কোনো মানুহে মাতবোল কৰিলে তুমি নামাতিবা।ভুতে আনৰ ৰূপ ধাৰণ কৰিও আহিব পাৰে। মাজনী-দেউতা স্কুলৰ পৰা আহোঁতে মই জুনুৰ লগতেই আহোঁ। কিন্থু কবৰখানাৰ সেই বাটচোৱা অকলে আহিব লগা হয়।সেইচোৱা বাটত কোনোবাই মাতিলে মই নামাতো তেন্তে, দেই দেউতা। তৃতীয় দৃশ্য (মাজনী আৰু জুনু একেলগে স্কুলৰ পৰা আহে আৰু কবৰখানা পোৱাৰ আগত জুনু নিজৰ ঘৰত সোমায়।) জুনু-মাজনী যোৱা দেই। বাই বাই। মাজনী-বাই বাই জুনু। (মাজনী অলপ দূৰ অহাৰ পাছত বাটত অৰ্থাত কবৰখানাৰ পথ ছোৱাত দেউতাকে লগ কৰে। কাৰণ, সেইছোৱা বাট মাজনীয়ে অকলৈ আহিবলৈ ভয় কৰিব বুলি দেউতাক তাতে ৰৈ আছিল।) মাজনীৰ দেউতাক-মাজনী, আহিলা? (মাজনীয়ে মাতবোল নকৰে আৰু মুখখন বিপৰীত দিশলৈ ঘূৰাই খৰধৰকৈ খোজ দি আঁতৰি যায়।) মাজনীৰ দেউতাক-চাওঁ মাজনী, বেগটো মোক দিয়া, মই লৈ দিওঁ। ( মাজনীয়ে দেউতাকলৈ ওভতিযে নাচালে আৰু বেছিহে খৰখোজেৰে আঁতৰি যায়।) মাজনী-ভুত ভুত------ভুত-----ভুত ওলাইছে। (চিঞৰি চিঞৰি মাজনী দৌৰে আৰু পিছে পিছে দেউতাকো যায়।) চতুৰ্থ দৃশ্য (ঘৰত দেউতাকে মাজনীৰ হাতত ধৰি মৰম কৰি কৰি প্ৰশ্ন কৰে।) মাজনীৰ দেউতাক-মাজনী, তুমি স্কুলৰ পৰা আহোঁতে মোকে ভুত বুলি ভাৱি ভয় খালা কিয়? মাজনী –দেউতা, তুমিয়েইতু কৈছিলা ভুতে আনৰ বেশ ধাৰণ কৰি আহে বুলি।সেয়ে মই ভুতে তোমাৰ বেশ ধাৰণ কৰি আহিছিল বুলি ভাৱিলোঁ আক’। (জীয়েকৰ উত্তৰ শুনি দেউতাকে মূৰে কপালে হাত দিয়ে।) অন্তিম দৃশ্য (গভীৰ নিশা পহৰাৰত পুলিচ মিলিটেৰীয়ে হুইচেল বজাই বজাই খেদি আহি তিনিজনী গাভৰুক আগুৰি ধৰিব। এজন পুলিচ-হেণ্ডচ আপ। তিনি গাভৰু-(হাত দাঙি ৰ’ব।) পুলিচ অপিচাৰ-(মহিলা কনিষ্টবলক উদ্দেশ্যি) ইহঁতৰ হাতত হাত কেৰেয়া লগাই দিয়া আৰু লগত কিবা আছে নেকি চোৱা। (মহিলা পুলিচে গাভৰু তিনিজনীক নিৰীক্ষণ কৰোঁতে সিহঁতৰ গাৰ কাপোৰ খোল খাই গল আৰু সিহঁত যে গাভৰু নহয় আৰু প্ৰকৃততে ডেকাহে সেই কথা ধৰা পৰে।) পুলিচ অফিচাৰ-ইহঁত চোৰ, ইহঁত ডকাইত। ইহঁতে ভেশচন ধৰি তিনি ভুতুনী হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আতংকৰ ছায়া পেলাই চুৰ ডকাইতি কৰিবলৈ সুবিধাজনক পৰিৱেশ সৃষ্টি কৰি লৈছিল।ব’লা, ইহঁতক থানালৈ লৈব’লা।ভালদৰে পিটন দিম আৰু ইহঁতে জেলৰ ভাত খাব লাগিব।এতিয়াৰ পৰা ৰাইজে শান্তিৰে শুব পাৰিব। ------------------সমাপ্ত---------------

Friday, 5 July 2024

গৃহকন্দল

শ্ৰীমতী সান্ধ্য ভ্ৰমণৰ বাবে ঘৰৰ পৰা বাহিৰ হ’বলৈ পালেহে, মই টি.ভিটো অন কৰি বাতৰি লগাই চাবলৈ বহি ল’লো। টি.ভিটো লগালেই মানুহজনী জকজকাই উঠে। তাহানিখন ৰেডিঅ’ত বাতৰি শুনাটো যিদৰে এক প্ৰকাৰ নিচাত পৰিণত হৈছিল ঠিক সেইদৰে টি.ভিত বাতৰি চোৱাটোও এক অভ্যাসত পৰিণত হৈছিল, কিন্তু আজিকালি শ্ৰীমতীয়ে নিজেও টি.ভিৰ বাতৰি নাচায় আৰু মোকো চাবলৈ নিদিয়ে। তেওঁৰ মতে, টি.ভিত বাতৰি চাব নাপায়। টি.ভি চেনেলবোৰে আগৰ দৰে নিৰপেক্ষ বাতৰি পৰিৱেশন নকৰে। অধিকসংখ্যক সাংবাদিকে শাসকগোষ্ঠিৰ ওচৰত বিক্ৰী হৈ গৈছে আৰু তেওঁলোকক তোষামোদ কৰাতে ব্যস্ত হৈ থাকে। ধনৰ বলত কোনোবা অনবৰতে টি.ভিত ওলাই থাকিব আৰু আন কোনোবাই মূল্যবৃদ্ধিৰ তাপত সিজি থাকি নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰি, বহুমূলীয়া সময় খৰচ কৰি চাই থকাৰ কিহৰ গৰজ পৰেনো! এৰা, হওঁতেতো কথাষাৰ মিছা নহয়, নিজেও দেখিছোঁ আৰু আনেও কয়। শ্ৰীমতীৰ চকুহাল ঠিক হৈ আছে বাবে বাতৰি কাকত আলোচনী আদি পঢ়ে আৰু স্মাৰ্ট ফোন আছে বাবে সামাজিক মাধ্যমত কিবাকিবি চাই থাকে। মোৰো দেশ-দুনিয়াৰ খা-খবৰবোৰ পাবলৈ মন যায় দিয়কচোন। চচমাজোৰে ভালদৰে কাম নকৰে বাবে পঢ়া-শুনা কৰিব নোৱাৰোঁ।সেয়ে মই টিভিত বাতৰি চাবলৈ সুযোগৰ সন্ধানত থাকিব লগীয়া হয়।বাতৰি লগাবলৈ পালোঁহে লগে লগে মণিপুৰ আৰু নগালেণ্ডৰ নিৰ্বাচনী হিংসা আৰু গুলীবৰ্ষণৰ খবৰ আহিল। “কিহৰ ইমাণ হুলস্থুল! মানুহজনী ক্ষন্তেকৰ বাবে ওলাই যাবলৈ পালোঁহে টি.ভিডাল লগাই ল’লেই নহয়।“ - বুলি ভোৰভোৰাই ছাগলী খেদা বৰষুণজাকত তিতি-বুৰি জুৰুলি-জুপুৰি হোৱা শ্ৰীমতী ভিতৰলৈ সোমাই আহিল আৰু টি.ভিটো বন্ধ কৰি দিলে। নিৰ্বাচনৰ ভোট গ্ৰহণ কেন্দ্ৰত গুলী ফুটাই ভোটাৰক ভোট দানৰ পৰা বঞ্চিত কৰিলে যেনে লাগে টি.ভি চোৱাৰ পৰা বঞ্চিত হৈ মোৰো ঠিক একেই অৱস্থা হ’ল। হঠাতে অহা বৰষুণ জাকেই মোৰো টি.ভি চোৱাৰ পৰিকল্পনাত চেচাপানী ঢালিলে বুলি জানি বুজিও টিঙিচকৈ উঠি অহা খংটো দবাই ৰাখিব নোৱাৰিলো মই। “হেৰা, তুমি মোৰ ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰিছা। “বুলি শ্ৰীমতীয়ে নুশুনিলেও নাই ভাৱত লাহেকৈ কৈ পালোঁ মই। “কি ক’লা, কি ক’লা? আকৌ এবাৰ কোৱাচোন“, গামোচাখনেৰে ভিজা চুলিতাৰি মুচি মুচি শ্ৰীমতী ঘপহকৰে ভিতৰৰ পৰা ওলাই আহি মোক জেৰা কৰি ক’ব ধৰিলে, “হৃদ ৰোগী হৈ ঘৰত অকলশৰীয়াকৈ থাকি টি.ভিত দেখুওৱা যিহকে-তিহকে চাই হাৰ্ট ফেইল হৈ মৰিব খোজা? তাতে বাধা দিলে ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ হয়। মইহে তেওঁৰ ভাৰতীয় সংবিধানৰ যোগে প্ৰদত্ত অধিকাৰত হস্তক্ষেপ কৰিলোঁ” বলকি বলকি শ্ৰীমতী মোৰ সমুখৰ চকী এখনতে বহি ল’লে।বুজিলো,আজি এওঁ মুখেৰে ফেন বাহিৰ নোহোৱালৈকে আৰু মোৰ কাণ ঘোলা নকৰালৈকে নেৰে। সেয়ে মই প্ৰসংগটো সলনিৰ মানসেৰে অন্ঠ-কন্ঠ শুকাই অহা ভিক্ষা প্ৰাৰ্থীৰ সুৰত অতি নিম্নস্বৰত ক’লোঁ, “চাহ একাপ—“ “কথা সলাব নালাগে,চাহ হ’ব বাৰু, মোক কোৱাচোন তুমি কোন চনত চাকৰিৰ পৰা অৱসৰ ল’লা ?" “২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত।“ “কোন চনৰ পৰা পেন্সন পাইছা ?” “উচ্চতম ন্যায়ালয়ত চলা মোকৰ্দমাত জয় লাভৰ পিচত আমাৰ সমূহ বিষয়া কৰ্মচাৰীয়ে ২০১৮ চনৰ ১লা এপ্ৰিলৰ পৰা পেন্সন পাইছোঁ।“ “তাৰ আগৰ পেন্সনৰ ধন কি হ’ল?” “সেই ধনৰ পৰা আমাক বঞ্চিত কৰা হ’ল। সেয়ে লগে লগে পুনৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হ’ল।“ “গোচৰ তৰা কিমান বছৰ হ’ল?” “পাঁচ বছৰৰ ওপৰ।” “কি চলি আছে এতিয়া ?” “তাৰিখৰ পিচত তাৰিখ।“ “এতিয়া মন কৰিবা, আমাৰ ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অনুযায়ী পেন্সন হৈছে আমাৰ মৌলিক অধিকাৰ।তেনেহ’লে তোমালোকে সেই অধিকাৰ অনুযায়ী প্ৰাপ্য পেন্সন আদায় কৰিব নোৱাৰা কিয়? মৃত্যু পথলৈ আগুৱাই যোৱা অৱসৰ প্ৰাপ্ত লোকসকলৰ হকে চিন্তা কৰিব পৰা চৰকাৰ বাৰু নাই বুলি প্ৰমাণ হৈ গ’ল: কিন্তু ন্যায়ালয়সমূহত কি কেনা লাগিছে?” শ্ৰীমতীয়ে মোৰ জীৱনৰ কটা ঘাডোখৰত চেঙা তেল মাৰি দিলে।কলাধনৰ গৰাকীৰ পৰা ছান কাঢ়ি পোন্ধৰ লাখকৈ টকা প্ৰত্যেকৰে খাটাত ভৰাই দিম বোলাজনে ওলোটাই আমাৰ পৰাহে পোন্ধৰ বিশ লাখকৈ টকা সৰকালে।মনৰ মাজত কলীয়া ডাৱৰ থোপ খালে আৰু নিৰৱে জতলমূৰকৈ জোপোকা মাৰি বহি থাকিলো। “বুজিছা,বৰ্তমান সময়ত ভাৰতবৰ্ষৰ গণতন্ত্ৰ, সংবিধান আৰু ঐক্য-সংহতি ৰক্ষাৰ ভাৰ দেশৰ প্ৰতিজন সচেতন তথা সুনাগৰিকৰ ওপৰত পৰিছে আৰু তাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰতেই ভৰষা কৰিব লাগিব।আমাৰ সংবিধান প্ৰদত্ত অনেক অধিকাৰ চক্ৰান্তমূলকভাৱে খৰ্ব কৰা হৈছে যদিও দেশত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ এক কল্যাণকামী চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ আমি নিৰ্বাচনত ভোট দি যাতে যথোপযুক্ত প্ৰতিনিধি বাছনি কৰিব পাৰোঁ তাৰ বাবে ইলেকক্ট্ৰনিক ভোটিং মেছিন যোগে ভোট চুৰিৰ সুযোগ নোহোৱা কৰা উচিত।এতিয়া সকলো কথা সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰতে নিৰ্ভৰ কৰছে।“ “কিনো কোৱাহে, দেশৰ সৰ্বোচ্চ ন্যায়ালয়েনো কিমান কি কৰিব?” মই দীৰ্ঘ সময়ৰ মৌনতা ভংগ কৰি ক’লো।“ “তুমি অতিশয় নিৰাশাবাদী হে।VVPAT অৰ্থাত Voter Verified Paper Audit Trail ৰ ব্যৱস্থাটো ভোটিং মেচিনৰ যোগেদি গণ্ডগোল লগাই যাতে ভোট চুৰি কৰিব নোৱাৰে তাৰ বাবেই কৰা হৈছিল। এতেকে, ই ভি এম ত ভোটাৰে মত দান কৰাৰ পিছত যি কাগজৰ টুকুৰা ভিভিপেট স্বৰূপে প্ৰিন্টাৰত ছপা হৈ ওলাব তাক ভোটাৰে আঙুলীৰ টিপ চহী লগাই বেলট বাকচত নিজ হাতে ভৰাই দিব।গণনাৰ সময়ত ভোটিং মেচিনত যিমান ভোট ওলাব ঠিক সিমান ভিভিপেটৰ টুকুৰা ওলাব লাগিব।এই কামত যথেষ্ট সময়ৰ প্ৰয়োজন হ’লেও ভোটাৰে যাক ভোট দিছে তেৱেঁ ভোটটো পাইছে বুলি অন্তত নিশ্চিন্ত হ’ব আৰু দেশৰ জনগণে গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰি দেশলৈ পুনৰ সুশাসন ঘূৰাই আনিবলৈ সক্ষম এক নতুন চৰকাৰ লাভ কৰিব।“ এৰা. আমাৰ শ্ৰীমতীয়েচোন ঠিক কথাকে কৈছে।বাতৰি কাকত,আলোচনী আৰু কতাপ-পত্ৰ পঢ়ি আৰু ম’বাইলটো লৈ তেওঁ ইউটিউব,ফেছবুক আদি সামাজিক মাধ্যমত এইবোৰকে চাই এনেবোৰ কথা গম পাই থাকে।পাৰিলে ময়ো এজোৰ ভাল চচমা আৰু এটা স্মাৰ্ট ফোন লৈ ল’ব লাগিব। “হেৰা, ভেৱা লাগি কি ভাৱি আছা, চাহ নোখোৱা নেকি?” “খাম খাম কিয় নাখাম।“ শ্ৰীমতীৰ মাতত সম্বিত ঘূৰি অহাত মই খপজপকৈ ক’লো। ---------সমাপ্ত------- বিঃদ্ৰঃলেখাটো অসমৰ জনপ্ৰিয় তথা বলিষ্ঠ পষেকীয়া আলোচনী প্ৰান্তিকৰ দৈনন্দিন শিতানত ১৬-৩০ জুন ২০২৪ সংখ্যাত প্ৰকাশ পাইছে।

Tuesday, 11 July 2023

মোৰ চিৰ নমস্য আলোকৰে যাত্ৰীসকলৰ এগৰাকীৰ স্মৃতি ৰোমন্থন

“এইটো, এইটো অনিল হয়।গাডী ৰখা।“ মাততে ধৰিব পাৰিলো আগন্তু়ক়জন কোন।তেঁও মোমাইদেউ ডাঃ প্ৰদীপ কুমাৰ বৰুৱা। ড্ৰাইভাৰে মোৰ নিচেই কাষতে গাডীখন ৰখাই দিলে। “অনিল, গাডীত উঠ, ৰ’বলৈ সময় নাই।গাডীতে কথা পাতিম।“ মই গাডীত উঠি বহি ললোঁ।গাডী চলিব ধৰিলে। গন্তব্য স্থান ঢকুৱাখলা বালি গাঁৱৰ উজনী পথাৰ, য’ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৫ তম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চলি আছে।খা-খবৰ সুধ পুচৰ পিছতে আমি অধিৱেশন কেনেকৈ সফল কৰিব পৰা যাব সেই লৈ আলোচনা কৰিলোঁ।তেওঁ নানা পৰামৰ্শ আগবঢালে। এয়া আছিল ১৯৮৬ চনৰ কথা। বহাগ বিহুৰ কেইদিন মানৰ আগতেই চুটি লৈ কৰ্মস্থলি এৰি ঢকুৱাখনাৰ ঘৰত আছিলোঁহি।সেয়েহে ভাগ্যে মোমাইদেউ ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাদেৱক লগ পাই গলোঁ। কাৰণ,৭,৮,৯,১০ এপ্ৰিলত অধিৱেশন অনুস্থিত হৈছিল।ইয়াৰ পূ্ৰ্বে ১৯৮৫ চনৰ ১১ আৰু ১২ মে’ ত ঢকুৱাখনাত অনুস্থিত ধেমাজি জিলা চুতীয়া সন্মিলনৰ ৭ম বা্ৰ্ষিক অধিৱেশনৰ স্থলিতো তেওঁক সৌভাগ্যক্ৰমে কিছু সময়ৰ বাবে লগ পাইছিলোঁ। তেতিয়াও সেই একেই ব্যস্ততা। তাৰ মাজতেই ফৰকাল বতৰৰ নমুনা বহন কৰা হাস্যবদন মুখায়বৰ মানুহজনে নিজ বাসগৃহতহে যেন কোনো মাংগলিক অনুস্থান পাতিছে ঠিক তেনেদৰে নিজৰ দায়িত্বভাৰ পালন কৰি গৈছে। এনে কৰ্মযোগী ব্যক্তিয়ে সহযোগীসকলক কৰ্মক্ষেত্ৰত পূৰ্ণ উদ্যমে লাগি যাবলৈ প্ৰেৰণা যোগায়।সেয়েহে চাগৈ অনুস্থানবোৰ অতি নিয়াৰিকৈ অনুস্থিত গৈছিল। ১৯৮৬ চনত ঢকুৱাখনাত অনুস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সময়ত লগ পোৱাৰ পিছত আৰু ডাঃ প্ৰদীপ কুমাৰ বৰুৱাদেৱক পুণৰ লগ পোৱাৰ সৌভাগ্য নঘটিল। ১৯৯১ চনৰ ১০ জানুৱাৰী তাৰিখে তেওঁ বৈকুন্ঠগামী হয়।গাঁৱলীয়া বেংকৰ চাকৰিৰ খাটিৰত অসমৰ তেনেই ভিতৰুৱা ঠাইত থাকি ব্যস্ততাৰে সময়বোৰ পাৰ কৰি নিচেই আপোনজনৰ সান্নিধ্যৰ পৰাও বঞ্চিত হ’লোঁ।এই ক্ষেত্ৰত মোৰ দৰে পথভ্ৰষ্ট ল’ৰা এটাক বেংক বিষয়া হিচাপে প্ৰতিস্থিত হোৱাত অনুপ্ৰেৰণা যোগাই যোৱা ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ দৰে মহানুভৱ ব্যক্তিসকলেই জগৰীয়া নহয় নে? ঢকুৱাখনা বালি গাঁৱৰ তিনি আলিৰ যিটো পথেৰে অসমৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ ধৰলৈ যায়, যিটো পথেৰে ঘাঁহি গাঁৱৰ গুণী জ্ঞানী শিক্ষক,সমাজ সেৱক তথা মহানুভৱ ব্যক্তি শ্ৰীযুত দেৱৰাম সুতৰ ঘৰলৈ যায় তাৰ উত্তৰ পাৰে ডাঃ প্ৰদীপ মোমাইদেউহঁতৰ ঘৰ আৰু দক্ষিণ পাৰে আমাৰ ঘৰ।সেয়েহে সৰুৰে পৰা তেওঁক দেখি আহিছোঁ, তেওঁৰ গুণবোৰ যিমান পাৰোঁ অনুকৰণ কৰি আহিছোঁ।তেওঁলোকৰ ঘৰৰ এমূৰত থকা প্ৰতীক কোঠাৰ বেৰত আঁৰি থোৱা তেওঁলোকৰ স্বৰ্গগত পিতৃদেৱ দীনবন্ধু বৰুৱাৰ বন্ধাই থোৱা ফটোখনলৈ সৰু কালত ৰ’লাগি চাই আছিলোঁ।একেদৰেই ভেবালাগি চাইছিলোঁ তেওঁলোকৰ ঘৰত থকা সেই ৰজা দিনীয়া অতি দীঘল হেংদাংখন।মোমাইদেউহঁতে আমাক কৈছিল যে সেইখন চুতীয়া ৰজাৰ সেনাপতিৰ হেংদাং।তেতিয়াই আমি জানিছিলোঁ –তেওঁলোকৰ উপৰি পুৰুষৰ এজনা আছিল চুতীয়া ৰজাৰ সেনাপতি। আমি সৰু হৈ থাকোঁতে সেই ঘৰখনৰ মূল কেন্দ্ৰবিন্দু তথা আকৰ্ষণৰ অধিকাৰী আছিল তেওঁলোকৰ পূজনীয়া মাতৃ।আমাৰ ভাৱ হৈছিল যেন ঘৰৰ বাৰাণ্ডাৰ বৰপীৰাত বহি দেৱীসদৃশ বগী ধকধকী আইটাগৰাকীয়েই সমস্ত ঘৰখনৰ সকলো দিশ সুচাৰুৰূপে পৰিচালনা কৰি গৈছিল।নিচেই সৰুৰে পৰা মোমাইদেউঙঁতৰ পিতৃ-নাতৃৰ প্ৰতি থকা অগাধ ভক্তি দেখি আহিছোঁ।তাৰে প্ৰভাৱ আমাৰ ওপৰতো কিঞ্চিত পপিমান হ’লেও নিশ্চয় পৰিছিল।মোমাইদেউহঁতে প্ৰতি বছৰে ককাৰ বছেৰেকীয়া শ্ৰাদ্ধ পাতিবলৈ ঘৰলৈ আহিছিল। ঘৰখন উলহ মালহেৰে উপচি পৰিছিল। আমি কণ কণ মখাই বেছ আমোদ উপলব্ধি কৰিছিলোঁ। নিচেই সৰু কালতেই মোমাইদেউসকলৰ দৰে বৰ মানুহ হোৱাৰ এক উচ্চ অভিলাসে মানস পটত জন্ম লভিছিল। সেয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ভৱিষ্যতে এজন ডাক্টৰ হোৱাৰ পৰিকল্পনাৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলোঁ। পিছে আমাৰ ঘৰৰ আ্ৰথিক অৱস্থা অতিকৈ দুৰ্বল হোৱা বাবে মোৰ হাবিয়াস পূৰণ হোৱাৰ আশা ক্ষীণ হৈ আহিল।দেউতা আছিল বানপানীৰ সৈতে তাল মিলাই ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা এজন সংগ্ৰামী কৃষক আৰু লগতে কানেকান মাৰি ঘৰখন চলাই নিবলৈ চেষ্টা চলাই যোৱা বজাৰত বেপাৰ কৰা সামান্য লোক যাৰ সৈতে বজাৰত এই অভাজনেও চুন বিক্ৰী কৰিছিলোঁ।চুনৰ টিন সমুখত লৈ বেপাৰ কৰাজন আঁতৰি গৈ কলেজত বিজ্ঞান পঢাটো আৰ্থিক কাৰণত অসম্ভৱ হৈ পৰিল।হিন্দী বিষয়ত বিশাৰদ পৰীক্ষা পাছ কৰি আছিলোঁ বাবে চাকৰি কৰাৰ কথা ভাৱিলোঁ। উত্তৰ লখিমপুৰ কলেজ এৰি ধেমাজি উচ্চ বুনিয়াদী বিদ্যালয়ত অবৈতনিকভাৱে হিন্দী শিক্ষকৰ চাকৰিত যোগ দিলোঁগৈ।অজানিতে আৰ্থিক সংকটৰ এক কৰাল গ্ৰাসৰ মাজত সোমাই পৰিলোঁ। তাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিলোঁ ধেমাজিৰ কেইজনমান দয়াশীল বিশিষ্ট ব্যক্তিৰ বদান্যতাৰ প্ৰভাৱত।তেওঁলোকৰ মাজৰে এজন হ’ল ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা।এইখিনিতেই সুযোগ পাইছো যেতিয়া অন্য কেইজনমান মহানুভৱ ব্যক্তিৰ নাম উল্লেখ কৰিলোঁ। সেইসকল হৈছে ক্ৰমে পৰম শ্ৰদ্ধাভাজন স্বৰ্গীয় ডাঃ ভবেন বৰুৱাদেৱ, শ্ৰীযুত ললিত চন্দ্ৰ চুতীয়াদেৱ, শ্ৰীযুত সৰ্বেশ্বৰ চুতীয়াদেৱ, শ্ৰীযুত দিব্য চুতীয়াদেৱ, ডক্টৰ বুদ্ধিন্দ্ৰ বৰুৱাদেৱ, স্বৰ্গীয় বোম্বেশ্বৰ বুঢাগোহাঁইদেৱ, কৃষি বিভাগৰ বিষয়া স্বৰ্গীয় কেশব চন্দ্ৰ দত্ত(ঘৰ ঢকুৱাখনাৰ ভগামুখত,মোৰ সহপাঠী শ্ৰীপৰম শংকৰ দত্তৰ পিতৃদেৱ) আৰু ধেমাজি কলেজৰ প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় ভূপেন পেগু ছাৰ যিয়ে মোক অসম আন্দোলনৰ সময়ত কাণত ধৰি টানি নি বলপূৰ্বক পৰীক্ষা গৃহৰ আসনত বহাই পৰীক্ষা দিবলৈ বাধ্য কৰিছিল।। আটাইকে সশ্ৰদ্ধ প্ৰণাম জনালোঁ।পাঠকসকলে আত্মকেন্দ্ৰীকতাৰ আভাস পাই বিৰক্তি বোধ কৰিলে কথাখিনি অনুপ্ৰেৰণা দায়ক বুলি ধৰি ক্ষমা কৰি দিয়ে যেন। সেয়া আছিল ১৯৭৪ চনৰ কথা।ডাঃ প্ৰদীপ কুমাৰ বৰুৱাদেৱে ধেমাজিৰ টঙনাপৰাত স্থায়ী ভাৱে ঘৰ বাৰী কৰি বসবাস কৰি আছিল।মই গৈ তেওঁলোকৰ ঘৰত ওলোৱাৰ লগে লগে ঘৰৰ আটাইয়ে উষ্ম আদৰণি জনালে।অজিত,দীপালি,ৰূপালি,জোনালী আৰু মনাকহঁতৰ ঘৰুৱা শিক্ষকৰ দায়িত্বভাৰ লোৱাৰ লগে লগে মই আৰ্থিক দিশত যথেষ্ট সকাহ পালোঁ।ভাল মানুহ লগ পালে ভাল দিনবোৰ ঘূৰি আহে।মোৰ ক্ষেত্ৰত তেনেকুৱাই হ’ল।এজন উচ্চ পদস্থ পশু চিকিতচকৰ দায়িত্বভাৰ নিয়াৰিকৈ পালন কৰাৰ উপৰিও ডাঃ বৰুৱাদেৱে এজন উদ্যোগী কৃষকৰ ভূমিকা পালন কৰি নিজ বাসগৃহৰ ওচৰতে বহু বিঘা মাটিত কাজি নেমুৰ খেতি কৰিছিল। সেই নেমু বাৰীৰ নেমু মই ঢকুৱাখনাৰ বজাৰত বিক্ৰী কৰি যথেষ্ট লাভৱান হৈছিলোঁ। হাতলৈ ধন অহাত পূনৰবাৰ ডাঙৰ মানুহ হোৱাৰ সপোন দেখিলোঁ। ধেমাজি কলেজত ক’লা শাখাত নাম ভৰ্তি কৰি লৈ মাজে মধ্যে শ্ৰেণীত উপস্থিত থাকিলোঁ।এইখিনিতে পুনৰবাৰ ডাঙৰজন ডাক্টৰ মোমাইদেউৰ কথা উল্লেখ কৰিব লাগিব।জিলা পশু চিকিতসা বিষয়া পদপী লাভ কৰা ডাক্টৰ ভবেন বৰুৱাৰ ঘৰতেই থাকিবলৈ মই ঠাই পাইছিলোঁ।এনে বহু কেইজন মহানুভৱ ব্যক্তিৰ সান্নিধ্য লাভ কৰি মনবোৰ বহল হৈ পৰিছিল। কোঁৱাৰ পৰা ওলাই সাগৰত জপিয়াই দিয়াৰ সপোন দেখিছিলোঁ। ১৯৭৭ চনত বাটঘৰীয়া হাইস্কুলত শিক্ষকতা কৰা সময়ৰলৈকে মই ধেমাজিতে বসবাস কৰিছিলোঁ।পিছত স্কুলৰ পৰা লমাহৰ চুটি লৈ ঢকুৱাখনা কলেজত অৰ্থনীতি বিভাগৰ স্নাতক শ্ৰেণীৰ অনাৰ্চৰ ক্লাচ কৰিবলৈ গুচি আহিলোঁ।তাৰ পিচত বি এ পৰীক্ষা দি কিছুদিন বাটঘৰীয়া হাইস্কুলত চাকৰি কৰোঁতে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱক দুই এদিন লগ পাইছিলোঁ।ডিব্ৰুগড বিশ্ব বিদ্যালয়ত দুবছৰ এম এ পঢাৰ পিছত ডিব্ৰুগডতে কৰ্মজীৱনৰ পাতনি মেলি জীৱন যুঁজত নামি পৰি আপোনসকলৰ সান্নিধ্যৰ পৰা বৰ দুখ লগাকৈ বঞ্চিত হ’লোঁ। ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাৰ দৰে মহানুবৱসকলে বজাৰত চুন, নেমু আদি বিক্ৰী কৰি আৰ্থিকভাৱে সকাহ পাবলৈ চেষ্টা চলাই থকা ল’ৰাটোক এদিন এ চি এচ ৰ চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ(চৰকাৰে চাকৰি নিদিলে)সক্ষম হ’বলৈ অনুপ্ৰেৰণা যোগালে। সেই ল’ৰাটোৱে জানো জীৱনত তেওঁলোকৰ অৱদানসমূহ পাহৰি যাব ? সেযা অসম্ভৱ। দূৰণিত থাকিও কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজতে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাদেৱৰ সামাজিক জীৱনৰ কাম কাজসমূহৰ খবৰ ৰাখি আছিলোঁ।তাকে লৈ গৌৰৱবোধ কৰিছিলোঁ।কাৰোবাৰ ব্যক্তিগত জীৱনলৈ আলোক সঞ্চাৰ কৰাই নহয়, সমাজৰ প্ৰতি, স্বজাতিৰ প্ৰতি ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱৰ যথেষ্ট অৱদান আছে। সেযেহে ধেমাজিৰ স্বনামধন্য বিশিষ্ট ব্যক্তি পৰম শ্ৰদ্ধাভাজন শ্ৰীযুত ললিত চুতীয়াদেৱে তেওঁৰ এটি প্ৰৱন্ধত ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাক ভুয়সী প্ৰসংসা কৰি বহু কথা লিখিছে। ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ বাৰ্ষিক অধিবেশনৰ বাবে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱে লিখা অধিভাষণ যিসকলে পঢিছে তেওঁলোকে নিশ্চয় বৰুৱাদেৱৰ অকাল মৃত্যুত চুতীয়া জাতিৰ লগতে অসমীয়া সমাজৰ কিমান ক্ষতি হ’ল সেয়া অনুমান কৰিব পাৰিছে। মুঠতে, সামাজিক জীৱনৰ সৈতে জডিত প্ৰায় আটাইবোৰ অনুস্থানৰ সৈতেই বৰুৱাদেৱ জডিত হৈ আছিল।এজন দায়িত্বশীল চৰকাৰী বিষয় ববীয়া হৈ নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ ওপৰি সমাজৰ উন্নয়নৰ হকে অত’’বোৰ কাম কৰাজন কিমান উদ্যমী ব্যক্তি হ’ব পাৰে ভাৱিলে আচৰিত যেন লাগে। এজন ইমান উচ্চ পদস্থ চৰকাৰী বিষয়াই তেনেই নিঃকিন ল’ৰা এটাৰ সৈতে নিজৰ লগৰীয়াৰ দৰে, বন্ধুৰ দৰে আচৰণ কৰিব পাৰে বুলি ডাক্টৰ বৰুৱাদেৱৰ সান্নিধ্যলৈ অহাৰ পূৰ্বে কল্পনাও কৰিব পৰা নাছিলোঁ।তেওঁলোকৰ ঘৰত তামোলেৰে পৰিপূৰ্ণ বটাটো মেজত থৈ ইখনৰ পিচত সিখন তামোল পাগুলি পাগুলি বহু পৰ জুৰি মোমাইদেউ ডাক্টৰ প্ৰদীপ বৰুৱাৰ লগত মুখামুখিকৈ বহি বিভিন্ন বিষয়ৰ ওপৰত নানা ধৰণৰ ৰসাল আলাপ আলোচনা কৰাৰ কথা আজিও মানস পটত ভাঁহি উঠে।অসাধাৰণ আৰু প্ৰভাৱশালী মানুহে যদি এজন সাধাৰণ মানুহৰ ব্যক্তিত্বৰ ওপৰত আস্থা ৰাখি তেওঁক কিছু অধিক গুৰুত্ব দিয়ে তেন্তে সাধাৰণ মানুহজন যিমানেই নিঃকিন নহওক লাগে তেওঁৰ ব্যক্তিত্বৰ বিকাশ সম্ভৱপৰ হৈ উঠে।ডাঃ বৰুৱাও তেনে এজন অসাধাৰণ ব্যক্তি। ফুল অতিকৈ ভাল পোৱা কোমল হৃদয়ৰ ডাঃ প্ৰদীপ কুমাৰ বৰুৱা মোমাইদেউৰ লগত এনে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ লৈ উঠাৰ বেলিকা সেইখন ঘৰৰ অন্য সদস্যসকলৰ অৱদানো নিশ্চয়কৈ অনস্বীকাৰ্য।মোৰ বাবে দেৱী স্বৰূপ মামীদেউ চিৰ পূজনীয়া শ্ৰীযুক্তা পূৰ্ণিমা ৰঞ্জিতা বৰুৱাৰ স্নেহৰ বান্ধোন আৰু ভাইটি ভন্টিহঁতৰ মৰম শ্ৰদ্ধাৰ মাজেদি অতিক্ৰম কৰা সেইবোৰ দিন আছিল মনৰ মণিকূটত স্থান লাভ কৰা সোণোৱালী দিন। ----------------সমাপ্ত-----------

Monday, 10 July 2023

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা দিনবোৰৰ স্মৃতি ৰোমন্থন

তেতিয়া মোৰ বয়স ছয় বছৰ হোৱাই নাছিল, স্কুললৈ যাবলৈ ব্যাকুল হৈ পৰিলোঁ।খেল ধেমালীৰ লগৰীয়া, কাণসমনীয়া বাল্য বন্ধু শৰতেও চাগৈ মোৰ দৰেই স্কুললৈ য়োৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁৰ দেউতাক, ঢকুৱাখনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তথা আমাৰ ককা চন্দ্ৰ দাসদেৱে এদিন আমাক নি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ক মান শ্ৰেণীত নাম ভৰ্তি কৰাই দিলে।মই লেখা-পঢ়া বিষয়ৰ সামান্যতমো কথা ঘৰত শিকা নাছিলোঁ বা ঘৰত কোনেও কাহানিও মোক একো শিকোৱা নাছিল। ক, খ ,গ, ঘ এইবোৰনো কি মই জনা নাছিলোঁ।স্কুলত শিক্ষকে মাটি পেন্সিলেৰে মাটিৰ স্লেটত সেইবোৰ লিখিবলৈ কওঁতে মই বাকীবোৰ বুজি নাপাই ঘ মানে ঘৰ লিখিব বা অঁকিব দিছে বুলি ভাৱি লৈ ঘৰৰ ছবি এটা আঁকি শিক্ষকক দেখুৱাইছিলোঁ।ঘৰৰ ছবি আঁকি শিক্ষা জীৱনৰ পাতনি মেলা মুহূৰ্তত ছাৰে মোৰ মুখলৈ ৰলাগি চোৱা দৃশ্য আজিও মানস পটত ভাঁহি উঠে।ছাৰে কি ভাৱিছিল নাজানো, ভাল অথবা বেয়া একো মন্তব্য দিয়া নাছিল বাবে মই নিজৰ পাৰদৰ্শিতাত সন্তুষ্টি লাভ কৰিছিলোঁ।ক্ষন্তেক পিছতে ছাৰে মোৰ স্লেট পেন্সিল লৈ তাত অলপ ডাঙৰকৈ ক আখৰটো লিখি দি ক’লে, “এইটো ক আখৰ হয়, তুমি আঁকিব পাৰিবানে?”।মই পাৰিম বুলি কৈ ক্ষন্তেকতে ক আখৰটো চাই চাই আঁকি পেলালোঁ, মানে লিখি পেলালো।এইদৰেই ক, খ বোৰ অঁকাৰ লগতে আম,অমিতা,মানুহ, জীৱ-জন্তু আৰু অন্যান্য ছবিবোৰ আঁকি দিনবোৰ পাৰ কৰিব ধৰিলোঁ।মোৰ যিমানদূৰ মনত পৰে, মই ক মান শ্ৰেণীত মাথো এটা বছৰেই আছিলোঁ এনে নহয়, বেছি দিন আছিলোঁ।সেয়েহে ষোল্ল বছৰ বয়সত এম ভি পৰীক্ষা পাছ কৰি গৈ ঢকুৱাখনা হাইস্কুলত নাম ভৰ্তি কৰিছিলোঁ আৰু ১৯৭৩ চনত মেট্ৰিক পাছ কৰোঁতে বয়স উন্নৈশ বছৰ হৈছিল। অৱশেষত ক মান শ্ৰেণীৰ পৰা খ মান শ্ৰেণীলৈ উতীৰ্ণ হলোঁ।শ্ৰেণীৰ ভিতৰতে মই প্ৰথম হলোঁ।এতিয়াও ভালদৰে মনত আছে মোৰ সহপাঠী মাণিকপুৰ গাঁৱৰ জালালউদ্দীনে দ্বিতীয় স্থান লাভ কৰিছিল।বিদ্যালয়ৰ বছেৰেকীয়া অধিবেশনৰ লগতে প্ৰতি বছৰেই বটা বিতৰণী সভাও অনুস্থিত হয়।প্ৰথম হৈ প্ৰমোছন পোৱা বাবে মোক তদানীন্তন উদীয়মান লেখক ফনী বৰগোঁহাঞিদেৱে ৰচনা কৰা সাধু কিতাপ ৰঘূবংশৰ কথা পুৰষ্কাৰ স্বৰূপে দিছিল।তাৰ পিছৰ বছৰ দ্বিতীয় স্থান পাওঁতে ফনী বৰগোঁহাঞি দেৱইে লিখা মহামায়াৰ সাধু নামৰ কিতাপখন পুৰষ্কাৰ স্বৰূপে দিছিল।(অৱশ্যে, পিছত বিদ্যালয়লৈ ঘাঁহি গাঁৱৰ কুশল হাজৰিকা আৰু যোগেশ বৰুৱা,বান্টৌ গাঁৱৰ পূৰ্ণানন্দ গগৈ আদি ছাত্ৰসকল অহাত তেওঁলোকক চেৰ পেলাই প্ৰথম দ্বিতীয় স্থান লাভ কৰিব নোৱাৰা হলোঁ।) পাঠ্যপুথিৰ উপৰি জীৱনত প্ৰথম পঢ়া বাহিৰা কিতাপ আছিল এই দুখনেই। অতি হেঁপাহেৰে কিতাপ দুখন পঢ়িছিলোঁ।এবাৰ নহয়, বহুবাৰ পঢ়িলোঁ আৰু কিতাপ দুখনো বহুবছৰ ধৰি সংৰক্ষণ কৰি থৈ অৱশেষত ঢকুৱাখনা বালি গাঁৱৰ নেহেৰু অধ্যয়ন চক্ৰ নামৰ পুথিভঁৰালত থ’বলৈ দান কৰি দিলোঁ।।তেতিয়াৰ পৰাই সাধু কিতাপ পালেই পঢ়িব ধৰিলোঁ। কিতাপ পঢ়াৰ হেঁপাহ পূৰণ কৰিবলৈ বিদ্যালয়ৰ পুথিভঁৰালত অসমীয়া আৰু ইংৰাজী ভাষাত বহুতো শিশু উপযোগী কিতাপ আছিল।সেইবোৰৰ নিয়মীয়া পঢ়ুৱৈ হৈ পৰিলো। আজি কালিৰ দৰে আমি বিদ্যালয়ত পঢ়ি থকা দিনত বিদ্যালয়ৰ পাঠ্য-পুথিসমূহ সঘনাই সলনি কৰি থকা নাছিল বাবে আমাৰ দৰে দৰিদ্ৰ কৃষকৰ সন্তানে নতুন কিতাপ নিকিনাকৈ আনৰ পৰা পুৰণি কিতাপ খুজি আনি পঢ়িবলৈ সুবিধা হৈছিল।অমৃত বৰগোহাঁঞি মোৰ ওপৰৰ শ্ৰেণীত আৰু তেওঁৰ ভাগিনিয়েক দেৱাশীষ বুঢ়াগোহাঁই মোৰ তলৰ শ্ৰেণীত পঢ়িছিল বাবে প্ৰতি বছৰেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা দিনা মোৰ কিতাপবোৰ নি দেবাশীষক দি অমৃতৰ কিতাপখিনি লৈ আহিছিলোগৈ।সেইবোৰ পুৰণি হ’লেও মই কিতাপবোৰত নতুন কিতাপৰেই গোন্ধ পাইছিলোঁ।মনটো উৎফুল্লিত হৈ পৰিছিল আৰু সেইবোৰ যিমান পাৰোঁ পঢ়াত ব্যস্ত হৈ পৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ বছেৰেকীয়া অধিৱেশনত এবাৰ ভীম বকাসুৰৰ যুদ্ধ পৰিৱেশন কৰা হৈছিল।তাত মই বকাসুৰৰ ভাও দিছিলোঁ আৰু আমাৰ গাঁৱৰ হীৰা চুতীয়াই অতি নিখুঁতভাৱে ভীমৰ ভাওত অভিনয় কৰিছিল। সেয়ে তেতিয়াৰ পৰাই হীৰাক আটায়ে কলিৰ ভীম বুলি মাতিছিল।মোৰ ভাগ্য ভাল আছিল যে কোনো দিনে বিদ্যালয়লৈ নোযোৱা আমাৰ পিতৃদেৱতা গৈ আমাৰ ভীম বকাসুৰৰ যুদ্ধ উপভোগ কৰিছিল।কথাবোৰ মোৰ আজিও স্পষ্ট মনত আছে। অনুস্থান শেষ হোৱাৰ পিছত দেউতাই মোক কেইঅনামান পইচা দিছিল। তাৰ পৰাই অনুমান হৈছিল যে আমাৰ অভিনয় চাই দেউতা বহুত অধিক অভিষিক্ত হৈছিল। আমাৰ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত ছাত্ৰসকলক কেৱল পাঠ্য-পুথিৰ জ্ঞানেই নিদি জীৱনত আৱশ্যক হোৱা বিভিন্ন ধৰণৰ জ্ঞান দিয়া হয়।বিছনি, খৰাহী আদি বাঁহ বেতৰ সঁজুলি নিৰ্মাণৰ শিক্ষা আমি বিদ্যালয়তে লাভ কৰিছিলোঁ। চাফ চিকুনতাৰ জ্ঞান আমি ক মান শ্ৰেণীৰ পৰাই পাই আহিছিলোঁ।বিদ্যালয়ৰ চৌপাশ আমি ছাত্ৰসকলেই চাফ চিকুন কৰি ৰাখিছিলোঁ।ছায়াদাৰ ফুলগছৰ তলৰ নিমজ দলিছাৰ দৰে বননিত বহি যোগ বিয়োগ, পূৰণ হৰণৰ নেওঁতা আওৰুৱা কথা মনত পৰিলে আজিও নষ্টালজিক হৈ পৰোঁ।ছাত্ৰসকলক যোগ শিক্ষা প্ৰদান কৰিবলৈ আদিত্য তালুকদাৰ নামৰ যোগগুৰু এজনক আমন্ত্ৰণ কৰি অনা হৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে তেখেতৰ পৰাই যোগ শিক্ষা লাভ কৰিছিলোঁ।গুৰুজনাই আমাক তেওঁ লিখা যোগাসনৰ কিতাপ-পত্ৰও যোগান ধৰিছিল।সহজ যোগাসন নামৰ কিতাপখন আজিও সযতনে ৰাখি থৈছোঁ আৰু আৱশ্যক হ’লে সাদৰেৰে মেলি লওঁ।খেলা-ধুলা আৰু কুচ-কাৱাজ আদি বিদ্যালয়ৰ ছাত্ৰসকলৰ বাবে অপৰিহায্য আছিল।সৰস্বতী পূজা আছিল ছাত্ৰসকলৰ অতি প্ৰিয় উৎসৱ।সৰস্বতী পূজা পালন কৰোঁতেও ছাত্ৰসকলক নানা ধৰণৰ সামাজিক জ্ঞান প্ৰদান কৰা হয়।পূজাৰ কিছুদিনৰ পূৰ্বে বিদ্যালয়ত এখন সাধাৰণ সভা অনুস্থিত কৰা হয়।সভাত প্ৰথমে সৰস্বতী পূজা পতা হ’বনে নহয় সেইটো ঠিৰাং কৰা হয়।গৰিষ্ঠ সংখ্যক ছাত্ৰই পূজা পতাৰ সন্মতি প্ৰদান কৰিলেহে বিষয়টোৰ সন্দৰ্ভত আলোচনা আগুৱাই যায়।তাৰ পিছত মূৰ্তি পূজা হ’বনে নহ’ব সেই বিষয়ত সৰ্বসন্মতিক্ৰমে প্ৰস্তাব গ্ৰহণ কৰা হ’ব। ইয়াৰ পিছত আলোচনা হ’ব পূজাৰ প্ৰসাদ সন্দৰ্ভত।মাহ-প্ৰসাদ, লুচি-ভাজি নে পায়সেৰে অপ্যায়ণ কৰা হ’ব সেয়াও গৰিষ্ঠ সংখ্যক ছাত্ৰৰ সন্মতিৰ ওপৰতেই নিৰ্ভৰ কৰিব।এই দৰেই গণতান্ত্ৰিক বিচাৰ ধাৰাৰে শৃঙ্খলাবদ্ধভাৱে সমাজখন আগুৱাই নিয়াৰ শিক্ষা আমাক দিয়া হৈছিল।নীতি শিক্ষাৰ জ্ঞান প্ৰতি গৰাকী শিক্ষকেই শ্ৰেণীত ছাত্ৰসকলক নিতৌ প্ৰদান কৰিছিল।এইদৰেই গৰ্হিত কামৰ পৰা ছাত্ৰসকলক বিৰত ৰাখিছিল।আমাক স্বাৱলম্বী হবলৈ শিকোৱা হৈছিল।সৰস্বতী পূজাৰ কাম-কাজবোৰ আমি নিজৰ মাজত ভগাই লৈ কৰিছিলোঁ। পূজাৰ প্ৰসাদ বিতৰণৰ বাবে আৱশ্যক হোৱা কৌপাত সংগ্ৰহ কৰিবলৈ আমি ছাত্ৰসকল জাকে জোমে কোৱঁৰ গাঁও আৰু বৰুৱাটিকা গাঁৱৰ ডাঙৰ ডাঙৰ বাৰীত প্ৰৱেশ কৰি পিটপিটাই ফুৰিছিলোঁ আৰু কৌপাতবোৰ আনি বিদ্যালয়ত জমা কৰি পূজাৰ প্ৰসাদ বিতৰণৰ কামত ব্যৱহাৰ কৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ সমুখ ভাগত বিদ্যালয়ৰ প্ৰৱেশ পথৰ দুয়োপাৰে দুখন ফুলনি বাগিছা আছিল। মালীয়ে তাৰ তদাৰক হিচাপে কাম কৰে যদিও ছাত্ৰসকলকো বৃক্ষৰোপণ আৰু তাৰ পৰিচৰ্যাৰ জ্ঞান দিবৰ বাবে মাজে মাজে বাগিছাৰ কাম কৰিবলৈ দিয়া হৈছিল।আনহে নালাগে নাৰিকল গছ কিদৰে ৰোপণ কৰা হয় তাৰো জ্ঞান আমি লাভ কৰিছিলো।আমি ৰোপণ কৰা কেইজোপামান নাৰিকল গছ বৰ্তমানো বিদ্যালয়ৰ চৌহদত দেখিবলৈ পাওঁ। বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ প্ৰতি ভক্তিভাৱত আমাৰ শিৰ সদায়ে নত হৈ থাকে। সেইবোৰ দিনত চেকনিৰ আগতহে বিদ্যা বুলি এক দৃঢ মত পোষণ কৰা হৈছিল।বেতৰ কোবৰ পৰা হাত হাৰি থাকিবৰ বাবে পঢ়া-শুনাৰ কামবোৰ নিয়াৰিকৈ কৰিব লগা হৈছিল।আমি জানিছিলোঁ যে শিক্ষা গুৰুসকলে আমাৰ ভালৰ বাবে, আমাৰ উন্নতিৰ হকে সদায় চিন্তা কৰে আৰু মাথো সেই উদ্দেশ্য আগত ৰাখিয়েই বেতডাল হাতত লৈ ফুৰে।সেয়ে আমাৰ শ্ৰদ্ধা-ভক্তি সদায়ে অটুত আছিল।মৌখিকৰ উত্তৰ দিব নোৱাৰিলে শ্ৰদ্ধেয় মুখেশ্বৰ গগৈ ছাৰৰ সৌকাৰ কোব হাতৰ তলুৱাত পৰিবই, সেয়ে তাৰ পৰা ৰক্ষা পাবলৈ মৌখিক পাৰিবই লাগিব।।সৰু নেওঁতাৰ পৰা বৰ নেওঁতালৈকে সকলো সম্পূৰ্ণ মুখস্থ থাকিব লাগিবই, এইটো ধৰা-বন্ধা কথা। পূৰ্ণানন্দ সন্দিকৈ ছাৰে ইয়াৰ ব্যতিক্ৰম হ’বলৈ নিদিছিল।এনে জটিল পৰিস্থিতিৰ মাজতো ৰসাল সাধু কথা শুনাই আনন্দ দিছিল খগেশ্বৰ হাজৰিকা ছাৰে। ছাৰ আমাৰ শ্ৰেণী কোঠালৈ অহালৈ অতি ব্যগ্ৰতাৰে বাট চাই ৰৈছিলোঁ আমি। প্ৰতি বছৰে গৰমৰ বন্ধ ঘোষণা কৰা দিনটোত পুৱাতেই বিদ্যালয় আৰম্ভ হয় আৰু আমি ধূপ-ধুনা দি পূজা কৰি, ফুলৰ মালা বিন্ধাই, চাহ মিঠায়েৰে অপ্যায়ণ কৰি শিক্ষাগুৰুসকলৰ শ্ৰীচৰনত প্ৰণাম জনাই আন্তৰিক শ্ৰদ্ধা-ভক্তি প্ৰকট কৰোঁ। সত্য কথা ক’বলৈ গ’লে, এইখন বিদ্যালয়ত নপঢ়া হেতেন মই সৰুতে যি হ’ম বুলি মন বান্ধিছিলো সেইয়াই হ’লো হেতেন।ভাৱিলে মোৰ নিজৰে হাঁহি উঠে,ডাঙৰ হ’লে মই কোলাবুঢ়ী নাচ নাচি বিখ্যাত মানুহ হ’ম বুলি সপোন ৰচিছিলোঁ।কাৰণ,আমাৰ গাঁৱৰ চুটি চাপৰ মানুহ তথা আমাৰ ডাঙৰ ভিনিহীদেউ গেঠন চুতীয়াই গাঁৱৰ বিয়াবোৰত কোলাবুঢ়ী নাচ নাচি ৰাইজৰ মাজত যথেষ্ট খ্যাতি অৰ্জন কৰিছিল।ৰাইজে তেওঁক তামোল-পাণৰ বটাত ধন দি, ফুলাম গামোচা পিন্ধাই তেওঁৰ গুণ বখানিছিল।এইবোৰ দেখি শুনি মই অভিভূত হৈ পৰিছিলোঁ।খগেশ্বৰ হাজৰিকা ছাৰে এদিন আমাৰ শ্ৰেণীৰ প্ৰতিজন ছাত্ৰকে থিয় কৰাই জীৱনৰ লক্ষ্য কি সুধিছিল।ছাৰে মোকো সুধিলে,”যুগল, তই ডাঙৰ হ’লে কি কৰিবি?” মই তপৰাই উত্তৰ দিলো,”কোলাবুঢ়ী নাচ নাচিম, ছাৰ” ।মোৰ উত্তৰ শুনি নিজে কৌতুক কৈ নহঁহাকৈ থকা ছাৰেও হাঁহি ৰখাব নোৱাৰিলে আৰু লগতে শ্ৰেণী কোঠাৰ আটাইবোৰ ছাত্ৰই গিৰ্জনিমাৰি হাঁহিলে।ময়ো স্বভাৱজাত মেলেঙা হাঁহিটো মাৰি দাঁত চেলাই ৰৈ গ’লোঁ।পিছত ছাৰে কথাবোৰ বুজাই দি জীৱনৰ লক্ষ্য সলনি কৰিবলৈ ক’লে মোক। ব্ৰিটিছৰ শাসন কালতে ১৮৭২ চনত প্ৰতিষ্ঠা কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত পঢ়িবলৈ পোৱা বাবে নিজকে অতি ভাগ্যৱান বুলি গণ্য কৰোঁ।পৰম শ্ৰদ্ধাভাজন শিক্ষাগুৰুসকলৰ পৰা অতি মূল্যৱান শিক্ষা লাভৰ উপৰিও বিদ্যালয়খনৰ আহল-বহল চৌহদ, পকী শ্ৰেণী কোঠা, শিশু উপযোগী সুন্দৰ আৰু সৰু সৰু কাঠৰ বেঞ্চ-ডেক্স, ফুটবল খেলৰ পথাৰৰ সুবিধা আৰু বিদ্যালয়ৰ দক্ষতা সম্পন্ন চৌকিদাৰৰ ঘন্টি বা বেল বজাওঁতে সৃষ্ট সুমধূৰ সুৰ আদিৰ বাবে আমাক আন আন বিদ্যালয়ৰ ফুটবল খেলৰ পথাৰ আদিৰ সুবিধাই আমাক আন আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীতকৈ অধিক উচ্চ স্থানত থকা বুলি অনুভৱ কৰাৰ সুযোগ দিছিল।এইবোৰ কাৰণতেই দূৰ দূৰণিৰ পৰা ছাত্ৰ আহি স্কুলৰ চৌহদত থকা বৰ্ডিং ঘৰত থাকি পঢ়িছিলহি। আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰসকলৰ হাতৰ আখৰ সুন্দৰ কৰা আৰু ছবি অঁকাত পাকৈত হোৱাত অধিক গুৰুত্ব দিছিল।তেতিয়া আমাক পাখি কলম অথবা বাঁহৰ কলম লৈ চিয়াঁহীৰ দোৱাতত তিয়াই তিয়াই হাতৰ আখৰ লিখিবলৈ দিয়া হৈছিল।আমাক নিজৰি কলম অৰ্থাত্ ফাউন্টেইন পেন ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল আৰু বৰ্তমান সময়ৰ দৰে ডট পেনো বজাৰত উপলব্ধ হোৱা নাছিল।সকলো ছাত্ৰই হাতৰ আখৰ ভাল কৰিবলৈ চেষ্টা চলাইছিল। কাৰণ, হাতৰ আখৰ সুন্দৰ হ’লে পৰীক্ষাত অধিক নম্বৰ লাভ কৰিব পাৰি আৰু ছবি আঁকি থাকিলে শিশু ধৈৰ্যশীল তথা অধ্যৱসায়ী হয়।ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে মই ছবি আঁকিব পৰা হৈ গ’লো; কিন্তু মোৰ হাতৰ আখৰ তুলনামূলকভাৱে অন্য ছাত্ৰসকলতকৈ বেয়া। ভাল কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, পিছে সফল হ’ব নোৱাৰিলোঁ।ইয়াৰ বিপৰীতে ছবি অঁকাৰ কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে বিভিন্ন ধৰণৰ ছবিবোৰ আঁকিব পৰা হ’লোঁ।শ্ৰেণীৰ বিভিন্ন বিষয়ৰ টোকা বহীবোৰৰ উকা কাগজত মন গ’লেই একোখন ছবি আঁকি পেলাইছিলো।মোকে অনুসৰণ কৰি এনে কাম শৰতেও কৰিছিল।তেওঁ বেছিকৈ মানুহৰ ছবি আঁকিছিল আৰু মূৰত একোটা দীঘল ৰঙা টুপী পিন্ধাই দিছিল। তেওঁ অঁকা ছবিবোৰ চাই আমি বেছ আমোদ লাভ কৰিছিলোঁ আৰু তেওঁক ৰঙা টুপী বুলি নাম দি জোকাইছিলোঁ। কেতিয়াবা কেতিয়াবা শিক্ষকে আমাৰ এনে কাণ্ডবোৰ ধৰা পেলাই আৰু আমোদ পাই খং কৰিবলৈ পাহৰি গৈছিল।ছবি অঁকা কামত শৰত আত্মবিশ্বাসী হৈ পৰিছিল।সেয়েহে চাগৈ এটা সময়ত তেওঁ এনে কামৰ যোগেদি অৰ্থ উপাৰ্জন কৰি নিজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰিবলৈ সমৰ্থৱান হৈছিল।মই নিজেও বহু সময়ত আৰ্থিক সংকটত পৰি চিত্ৰাংকনৰ জৰিয়তে ধন উপাৰ্জন কৰিছোঁ, যি কাম আজি পৰ্যন্ত বন্ধ হোৱা নাই। ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত সাতোটা বছৰতকৈ অধিক কাল পঢ়া দিনবোৰৰ কিছুমান স্মৃতিয়ে আজিও মনৰ মাজত ঢৌ খেলি থাকে। শিক্ষাগুৰুসকলে আমাৰ মানসিক দিশৰ উত্তৰণৰ হেতু গম্ভীৰ ভাৱে চিন্তা কৰি কৰা কামবোৰৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ।তেনেধৰণৰ কামৰ এক উদাহৰণ দিব পাৰি।ঢকুৱাখনাৰ সুসন্তান, জালভাৰী গাঁৱৰ শ্ৰদ্ধেয় ভোগেশ্বৰ দত্তদেৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা গৈ ছোভিয়েট দেশ ভ্ৰমণ কৰি ঘূৰি অহাৰ পিছত তেওঁক আমাৰ বিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনি তেওঁৰ অভিজ্ঞতাবোৰ আমাক শুনাবলৈ দিছিল।কেৱল এয়াই নহয়, সুযোগ সুবিধা অনুযায়ী যিকোনো ধৰণৰ প্ৰয়োজনীয় সমল ব্যক্তিকে আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনি আমাৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধিৰ প্ৰচেষ্টা চলাইছিল। দেৰশ বছৰত এই বিদ্যালয়খনে হেজাৰ হেজাৰ সুনাগৰিকৰ সৃষ্টি কৰিছে আৰু ভৱিষ্যেতেও এই বিদ্যালয়ৰ গৰিমা অক্ষুন্ন হৈ থাকক।সাম্প্ৰতিক কালৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাদুৰ্ভাৱে যাতে সৰ্বসাধাৰণ লোকৰ সন্তানে সহজে শিক্ষা লাভ কৰিব পৰা এনে বিদ্যালয়ৰ কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি সকলো পক্ষই দৃষ্টিপাত কৰি থকা উচিত। -----------------সমাপ্ত-----------------

Sunday, 5 February 2023

ল’ৰালি কালৰ ধেমালি

জীৱন পৰিক্ৰমাৰ সমগ্ৰ কাল ছোৱাৰ ভিতৰত শৈশবৰ দিনবোৰকে মধূৰতম বুলি গণ্য কৰা হয়।এয়া কেৱল মানৱ জাতিৰ ক্ষেত্ৰতেই প্ৰযোজ্য এনে নহয়, ধৰাতলত জন্ম লাভ কৰা সকলোবোৰ প্ৰাণীয়েই শৈশবৰ দিনবোৰ খুউব আনন্দ উলাহৰ মাজেদি অতিবাহিত কৰা দেখা যায়।এই সময় খিনিত স্নেহ-বন্ধনৰ মাজত লালিত-পালিত হৈ প্ৰফুল্ল মনে দিন অতিবাহিত কৰাৰ সুযোগ থাকে।মন মগজুক সংসাৰৰ জটিলতা, কুটিলতা আৰু ভয়-শংকা আদি সমস্যাবোৰে তীক্ষ্ণ নখেৰে আঁচুৰি নাযায় বাবে শিশুৱে নিৰ্ভিক, নিষ্পাপ আৰু ভেদাভেদ হীন ভাৱে জন্মগতভাৱে লব্ধ সমাজ প্ৰিয়, সংগ প্ৰিয় স্বভাৱৰ প্ৰকিফলন ঘটাই লগ-সমনীয়াৰ সৈতে হাঁহি ধেমালিৰ মাজেদি জীৱনৰ সময়বোৰ পাৰ কৰিব ধৰে।এই পৃথিবীত যেন কোনেও সময়ক বাট এৰি দি কাষৰতে ৰৈ থাকিব নোখোজে।শিশুসকলেও কিবা এটা কৰি সময়ক ধৰি ৰাখিব খোজে।তাৰেই পৰিণাম হ’ল ল’ৰালি কালৰ ধেমালি। মানৱ শিশুৱে জন্মৰ কিছুদিনৰ পিছৰ পৰাই মাতৃৰ কোলাতেই মিচিক-মাচাক হাঁহিৰে ধেমালিৰ পাতনি মেলে।মাতৃ আৰু আত্মীয়-স্বজনৰ সঁহাৰি পাই শিশুৰ ধেমালি আগুৱাই যায়।লাহে লাহে খিটখিটাই হাঁহিবলৈ আৰম্ভ কৰে, পুতলা খেলিব শিকে আৰু কণ কণ শিশু দেখা পালে উত্তেজনা প্ৰকাশ কৰে আৰু তেওঁলোকৰ সৈতে খেলিবলৈ আগ্ৰহ দেখায়। শিশু সামান্য জনা বুজা যেন হ’লেই খেলা-ধূলাত মগ্ন হৈ পৰে।শিশুসকলৰ ৰং-ধেমালিবোৰ দেখি বয়োজ্যেষ্ঠজনে নিজৰ ল’ৰালি কালৰ ধেমালিবোৰৰ কখা স্মৰণ কৰে আৰু সেই দিনবোৰক সোণোৱালী-ৰূপোৱালী আখ্যা দি হা-হুমূনিয়া কাঢ়ে। বসবাস কৰা স্থান আৰু তাৰ পৰিৱেশ-পৰিস্থিতি অনুযায়ী ল’ৰালি কালৰ ধেমালিবোৰ ভিন ভিন ধৰণৰ হয়।উদাহৰণ স্বৰূপে, নৈ পৰীয়া কণ কণ সকলৰ ধেমালিবোৰৰ অধিকাংশ নৈৰ পানীতেই আৰম্ভ আৰু অন্ত হয়।পানীত সাঁতুৰি-নাদুৰি তেঁওলোকে অনেক খেল-ধেমালি কৰে।পৰ্বত-পাহাৰ আৰু হাবি-জঙ্গলেৰে আগুৰা ঠাইৰ শিশুসকলে তাতেই নানা ধৰণৰ খেল-ধেমালি খেলি ল’ৰালি কালছোৱাৰ আনন্দ উপভোগ কৰে। মুঠতে, যিকোনো পৰিৱেশতে ল’ৰালি কালৰ ধেমালিয়ে জীৱনৰ সোণোৱালী দিনবোৰৰ ইতিহাস ৰচি থৈ যায়।এনেকুৱাও দেখা যায় যে লগ-সংগ বিহীন শিশুৱেও নিজৰ পুতলা কেইটাৰ লগত দিনৰ দিনটো খেলি খেলি ভাগৰত লাল-কাল হৈ ঠাইতে টোপনি যায়। --------------সমাপ্ত--------

Saturday, 4 February 2023

ড০ ক্ৰাটকীৰ হাইড্ৰপনিক কৃষি পদ্ধতি আৰু ইয়াৰ প্ৰায়োগিক দিশত যত্কিঞ্চিত্ আলোকপাত

হাইড্ৰপনিক কৃষি কাৰ্যৰ বিষয়ে লিখিব লওঁতেই বহুবছৰৰ আগৰ আমাৰ বাল্যকালৰ কথা এটা মনলৈ আহিছে। এটা ৰজাদিনীয়া পুখুৰী মীন পালনৰ বাবে উপযোগী কৰিবলৈ গাঁৱৰ ৰাইজে চাফ চিকুন কৰিছিল।তেতিয়া দেখা গৈছিল যে পুখুৰীৰ মাজ ভাগত থকা গছবোৰ প্ৰকৃততে পানীৰ ওপৰতে থিয় দি আছিল। একোটা প্ৰকাণ্ড হাতী ডুব যোৱাকৈ ৰজাই খন্দুওৱা পুখুৰীটোৰ পানীৰ ওপৰত বছৰ বছৰ ধৰি আবৰ্জনা গোট খাই থাকি কালক্ৰমত এক অতি ডাঠ স্তৰৰ সৃষ্টি হয় আৰু তাত গজি উঠা গছৰ শিপাই তললৈ গতি কৰি পানী পাই তাৰ পৰা প্ৰয়োজনীয় পুষ্টিদ্ৰব্য আহৰণ কৰি লহপহকৈ ডাঙৰ দীঘল হয়।ইয়াকে প্ৰাকৃতিক হাইড্ৰপনিক পদ্ধতিৰ দ্বাৰা সৃষ্ট উদ্ভিদ বুলিব পাৰি। পুখুৰীৰ ওপৰৰ গছবোৰ কাটি ডাঠ তৰপটো আঁতৰ কৰি পুখুৰীটো মীন পালনৰ উপযোগী কৰি তুলিবলৈ ৰাইজৰ যথেষ্ট কষ্ট হৈছিল। ডক্টৰ ক্ৰাটকীয়ে(Dr Kratky) ওপৰত উল্লেখ কৰা পুখুৰীত উদ্ভিদ ডাঙৰ হোৱা পদ্ধতিৰ দৰেই পানীত পুষ্টিদ্ৰব্য মিহলাই জলাশয়ত কৃষি কাৰ্য কৰা এক সফল পদ্ধতিৰ উদ্ভাৱন কৰে।এই পদ্ধতি অনুযায়ী পানীত যথোপযুক্ত পুষ্টিদ্ৰব্য মিহলি কৰি পানীৰ ওপৰত ওপঙি থাকিব পৰা আৱৰণ (থাৰ্মকল আদি)দি তাত সুবিধাজনক দূৰত্বত নিৰ্দিষ্ট জোখত বিন্ধা কৰা হয়। তাত উদ্ভিদৰ শিপাই পানী স্পৰ্শ কৰিব পৰাকৈ ঘন ঘন ছিদ্ৰযুক্ত পানী খোৱা কাপৰ দৰে পাত্ৰ জোখমতে ভৰাই দিয়া হয়।তাক নেটপট বুলি কোৱা হয়। নেটপটত থকা নিম্নভাগৰ বিন্ধাইদি উদ্ভিদৰ পুলিৰ শিপা বাহিৰ কৰি দি পুলিটোক আৱৰি ৰাখিবলৈ নাৰিকলৰ বাকলিৰ গুৰি(ককপিট) অথবা ক্লেবল(হাইড্ৰপনিকছত ব্যৱহৃত সৰু সৰু গুটি) নেটপটৰ ভিতৰত দিয়া হয়।এইদৰে ৰোপণ কৰা পুলিবোৰৰ শিপাই পুষ্টিদ্ৰব্য গ্ৰহণ কৰিব ধৰে আৰু পুলিবোৰৰ শ্ৰীবৃদ্ধি হয়। সাম্প্ৰতিক কালত হাইড্ৰপনিক কৃষি কাৰ্য সহজে কৰিব পৰাকৈ বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানে ইয়াৰ বাবে প্ৰয়োজন হোৱা আহিলাপাতিবোৰ তৈয়াৰ কৰি বজাৰলৈ পঠাই আছে। এনে ধৰণৰ সকলোবোৰ আহিলা পাতি ক্ৰয় কৰি কৃষি কাৰ্য কৰাটো ব্যয় বহুল হোৱা হেতু এই কাম সকলোৰে বাবে সহজসাধ্য নহয়।গতিকে অনেক কৃষকে নিজা কৌশল প্ৰয়োগ কৰি অতি কম খৰছতে সহজ লভ্য দ্ৰব্যকে বিকল্প হিচাপে ব্যৱহাৰ কৰি মাটিবিহীন কৃষি কাৰ্যত নামি পৰিছে। আমি তেনে এক অতি সহজ আৰু কম খৰছী কৌশল অনুকৰণ কৰি কৰা কৃষি কাৰ্যৰ বিষয়ে জনাব খুজিছোঁ। এটা টাবত পানী সম্পূৰ্ণকৈ ভৰাই লৈ তাৰ পানীত ওপঙি থকাকৈ ঘূৰণীয়াকৈ এখন থাৰ্মকল কাটি লৈ তাৰ মধ্য ভাগত এটা পানী খোৱা প্লাষ্টিকৰ ডিচপজিবল গিলাচ ৰাখিব পৰাকৈ বিন্ধা কৰি ল’ব লাগে। উদ্ভিদৰ শিপাই গিলাচ ভেদ কৰি পানীলৈ গতি কৰিব পৰাকৈ তাৰ তলত আৰু চাৰিও কাষে বিন্ধা কৰি দিব লাগে। গিলাচৰ ভাগত থকা ফুটাইদি পুলিৰ শিপা পাৰ কৰি দি পুলিৰ চাৰিওকাষে গিলাচৰ ভিতৰত নাৰিকলৰ বাকলিৰ গুৰি দি থৰ ৰাখিব পৰা কৰি দিব লাগে। মন কৰিব লাগে যাতে পুলিৰ শিপাই পানী স্পৰ্শ কৰি থাকে। টাবৰ পানীত প্ৰয়োজন অনুপাতে পুষ্টিদ্ৰব্য মিহলি কৰিব লাগে। এই কথা লক্ষ্য কৰিব লাগে যাতে টাবৰ পানী কমি গ’লে ওপঙি থকা থাৰ্মকলখনৰো নিম্নগামিতা বাহাল থাকে। তেতিয়া উদ্ভিদৰ পুলি পানী লাভৰ পৰা বঞ্চিত নহয়।যথেষ্ট পৰিমাণে পানী কমি গ’লে উপযুক্ত মাত্ৰাত পুষ্টিদ্ৰব্য মিলাই পানী যোগান ধৰিব লাগে। উল্লেখযোগ্য যে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য ঘৰতে নিজে সামান্য খৰছত প্ৰস্তুত কৰি ল’ব পাৰি। তাৰ বাবে দহ লিটাৰ পানীত এক কিলোগ্ৰাম ছয়মাহৰ পুৰণি শুকান গৰু গোবৰ, আধা কিলোগ্ৰাম কেঁচু সাৰ, দুইশ গ্ৰাম মান খলিহৈ , দুই চাহ চামোচ গুৰ আৰু তাৰ সমপৰিমাণৰ দৈ মিহলি কৰি একৈশ দিন ঢাকোন মাৰি থৈ দিব লাগে । পিছত পাত্ৰটোৰ তলত পৰি থকা দ্ৰব্যখিনি এৰি কেৱল ৰঙচুৱা পানীখিনি অন্য এক পাত্ৰত ঢালি ল’ব লাগে।তাত পুনৰ সমপৰিমাণৰ পানী মিহলি কৰি সেই পানীত ওপৰত উল্লেখ কৰা পদ্ধতিত খেতি কৰিলে অন্য পুষ্টিদ্ৰব্য মিহলাবৰ প্ৰয়োজন নহয়। এই জুলীয়া পুষ্টিদ্ৰব্য মাটিত কৰা খেতিৰ বাবেও উপযোগী হয়। এইদৰেই অতি কম খৰছত ঘৰৰ ভিতৰতে ক্ৰাটকীৰ পদ্ধতিত পানীত খেতি কৰিব পাৰি। ------------------সমাপ্ত------

ৰাজনীতিকৰ হাতুৰাই ডিঙি চেপা দিয়া দেশৰ অৰ্থনীতি আৰু নিঃকিন জনতাৰ মৌন নিনাদ

ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ শ্ৰীলংকা, পাকিস্তান আৰু বাংলাদেশ আদি অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা দেখা পাই এতিযা ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ ৰাইজেও আমাৰ দেশৰ অতি সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি সেইবোৰ দেশৰ তালিকাভুক্ত হৈ জ্বলা-কলা খোৱাৰ শংকাত ভূগিব ধৰিছে। ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যেৰে দেশৰ আশী কোটি লোকক হিতাধিকাৰী সজাই অৰ্থনৈতিক স্বাধীনতাৰ পৰা বঞ্চিত কৰাৰ পিছত এইবাৰ মধ্যবিত্তসকলৰ সপোনবোৰ ভাঙিবলৈ আৰম্ভ কৰিছে ৰাজনৈতিকভাৱে পালিত-পোষিত পুঁজিপতি গৌতম আদানিয়ে; কিন্তু এইবোৰ কথা মিছা বুলি প্ৰতিপন্ন কৰি, দেশ প্ৰগতিৰ পথত আগুৱাই বিশ্ব গুৰুৰ আসনতহে বহাৰ খবৰহে চৰকাৰৰ কোলাত বহি বাতৰি পৰিবেশন কৰা একাংশ সংবাদসেৱীয়ে টেঁটু ফালি চিঞৰি চিঞৰি ক’ব ধৰিছে, মাহেকীয়া এক নিৰিশত ধন লাভ কৰি থকা সৰ্বভাৰতীয় স্তৰৰ কিছুমান বাতৰি কাকত আলোচনী আদিয়ে চৰকাৰী পক্ষ লৈ আদানিক বচাবলৈ আৰু ৰাইজৰ চকুত ধূলি দিবলৈকে আদানিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।দেশৰ গণতন্ত্ৰক ধ্বংস কৰিবলৈ উঠিপৰি লাগি গৈছে।এইসকলে যে দেশখনক কেনে এক বিপৰ্যয়ৰ দিশে ঠেলি দিছে সেই লৈ ভ্ৰূক্ষেপ কৰা নাই, কেৱল নিজৰ লাভৰ বাবেই সত্যক হনন কৰিছে। সত্য সূৰ্যৰ দৰেই, ঢাকি ৰখাটো কাহানিও সম্ভৱ নহয়।তুঁহজুইৰ দৰে উমি উমি জ্বলি থকা গৌতম আদানিৰ কু-কীৰ্তিৰ জুইকোৰাও হিণ্ডেনবাৰ্গ ৰিছাৰ্চে প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে হঠাত্ দপ দপকৈ জ্বলি উঠিল।দেশৰ টি ভি চেনেল আৰু কিছুমান বাতৰি কাকতত সত্য কথাবোৰ প্ৰকাশ নকৰিলেও সামাজিক মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় টি ভি চেনেল আৰু বাতৰি কাকত আদিয়ে সমগ্ৰ বিশ্বতে গৌতম আদানিৰ অৰ্থনৈতিক কেলেংকাৰীবোৰৰ বাতৰি সবিস্তাৰে প্ৰচাৰ কৰি যাব ধৰিছে।এতিয়া আমাৰ দেশৰ সৰ্বসাধাৰণ ৰাইজেও গৌতম আদানিৰ ধন টকা-পইচাৰ ভেটিটো বালিঘৰ খহাদি খহা দেখা পাইছে।গৌতম আদানিয়ে কাৰ ছত্ৰছায়াত থাকি দেশৰ ৰাষ্ট্ৰীয়কৃত বেংক আৰু সংস্থাৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ ঋণ নিচেই কম সুতত লাভ কৰিব পাৰিছিল সেয়াও আটাইয়ে জানিব পাৰিছে।সেয়েহে চৰকাৰে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰপেক্ষভাৱে তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজে আশা কৰে আৰু গম্ভীৰ অৰ্থনৈতিক সংকটত পৰি হাবু–দাবু খাব নিবিচাৰে।আদানি, আম্বানী আদি কোটিপটিয়ে মাত্ৰ এটকাত ভূমি লাভ কৰি আৰু নামমাত্ৰ সুতত ঋণ লাভ কৰিও লোকচান ভৰিলে বুলিয়েই বিশ্ব দৰবাৰত আমাৰ দেশৰ অৰ্থনৈতিক স্থান যাতে নিম্নগামী নহয় তাৰ ব্যৱস্থা কৰক চৰকাৰে।ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান সমূহক সুৰক্ষিত কৰি জনগণৰ স্বাৰ্থৰ প্ৰতি নজৰ দিয়ক। --------------সমাপ্ত-------------

অপৰিসীম ধৈৰ্যৰ প্ৰতীক স্বৰূপ মান্যবৰ ঠগেন গগৈ দেৱৰ পৱিত্ৰ স্মৃতিত পুষ্পাঞ্জলী তৰ্পণ

বিচিত্ৰ মানৱ জীৱনত সফলতা প্ৰাপ্তিৰ বাবে কেৱল নিপুণতা, কৰ্মদক্ষতা,যোগ্যতা আৰু পাৰদৰ্শীতা থাকিলেই নহ’ব, লগতে অপৰিসীম ধৈৰ্যৰো প্ৰয়োজন।সেয়েহে নিপুণ, কৰ্মদক্ষ আৰু পাৰদৰ্শী লোকেও ধৈৰ্যৰ অভাৱতে সফলতা লাভ কৰিব নোৱাৰে।তেনে লোকে ধৈৰ্যৰ বান্ধ ছিগি যোৱাৰ ফলত সফলতা প্ৰাপ্তিৰ বাবে ব্যগ্ৰ হৈ পৰি উগ্ৰতা প্ৰদৰ্শন কৰে, বহুলোকে তেনে ক্ষেত্ৰত দুৰ্নীতি, মিথ্যাচাৰ আৰু ব্যভিচাৰৰ আশ্ৰয় লয়।এনেবোৰ কাৰণতে মানৱ সমাজখন উশৃঙ্খল হৈ পৰে আৰু শান্তি ভঙ্গ হয়।যোগ্যজনক বঞ্চিত কৰি তুলনামূলকভাৱে অযোগ্যজনে ক্ষণিকৰ বাবে হ’লেও নিজকে সফলকাম কৰি তোলে; কিন্তু যোগ্যজনে আনে স্বীকৃতি নিদিলেও সকলো ক্ষেত্ৰতে নিজৰ যোগ্যতা অতুত ৰাখি, সমাজৰ আইন-শৃঙ্খলা মানি চলি শান্তিপূৰ্ণভাৱে জীৱনটো আগুৱাই নিয়ে।এইসকল লোকে জীৱনৰ সফল পৰিসমাপ্তি ঘটাই নিজৰ যোগ্যতাৰ পৰিচয় অন্তিম বাৰৰ বাবে দি যায়।পৰম শ্ৰদ্ধাভাজন ঠগেন গগৈদেৱৰো সৌসিদিনা জীৱনৰ সফল পৰিসমাপ্তি ঘটিল।নিজৰ যোগ্যতাৰে গঢ় দিয়া সংসাৰখনৰ আত্মীয়-স্বজনৰ বিপুল আদৰ-সন্মান আৰু আলপৈচনৰ মাজেদি জীৱনৰ শেষৰ দিনকেইটো অভিজ্ঞ ডাক্তৰৰ নিৰীক্ষণত অতিবাহিত কৰি আমাৰ দদাইদেউ ঠগেন গগৈদেৱে আটাইকে শোক সাগৰত ডুবাই অনন্ত অনাদি ধামত ধ্যানত মগ্নজনৰ আহ্বানত তালৈ বিদেহ আত্মা হৈ অদৃশ্য ৰথত উঠি গমণ কৰিলে। ঠগেন গগৈদেৱৰ জীৱন-সংগ্ৰামৰ জটিল সময়ছোৱাৰ মাজতেই আমি তেওঁক লগ পাইছিলোঁ।বিদ্যালয়ৰ সহকৰ্মী হিচাপে আমাৰ পৰিচয় ঘটিছিল।শান্ত-শিষ্ট তথা অমায়িক স্বভাৱৰ জ্যেষ্ঠ শিক্ষকজনৰ কথা-বতৰা আৰু ভাৱ-ভঙ্গীত আন্তৰিকতা উপচি পৰিছিল।তাহানিতেই আমাৰ মনত ৰেখাপাত কৰি যোৱা সেই আন্তৰিকতাৰ ওৰ নপৰিল।অলপ দিনৰ পিছতেই তেওঁ প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰিলে।তেতিয়া তেওঁৰ আন্তৰিকতাৰ প্ৰভাৱে বিদ্যালয়ৰ প্ৰতি আমাৰো দায়িত্ব বৃদ্ধি কৰিলে।হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ পিছত কলেজীয়া জীৱনৰ পাতনি মেলাৰ লগে লগে আমি সমান্তৰাল ভাৱে শিক্ষকতাৰে কৰ্ম জীৱনৰো পাতনি মেলিব লগা হৈছিল। সেই গতিধাৰাৰ যতি পৰিছিল ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত ছাত্ৰ জীৱনৰ পাতনি মেলোঁতে।দুটা বছৰত বিশ্ব বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি পুনৰ আমাৰ কৰ্ম জীৱনৰ আৰম্ভণী হয় শিক্ষকতাৰেই। ঠগেন গগৈদেৱে জ্যেষ্ঠ শিক্ষক হিচাপে আমাক যিবোৰ কথা শিকাইছিল পূৰ্বতে কোনেও শিকোৱা নাছিল।তেওঁৰ উপদেশবোৰে আমাৰ কৰ্ম জীৱনৰ জটিলতা কিছুমান দূৰ কৰাত সহায়ক হৈছিল।বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্ন সাজ-পোছাক পৰিধান কৰিহে কাৰ্যালয়লৈ যোৱা ক্ষেত্ৰত তেওঁ বেছি গুৰুত্ব আৰোপ কৰিছিল। ঠগেন গগৈদেৱৰ জ্ঞান পিপাসু স্বভাৱটোৱে সততে আমাক আকৰ্ষণ কৰিছিল।সমাজৰ সকলো দিশতে, সকলো বিষয়তে তেওঁ নজৰ ৰাখিছিল।সেয়েহে সকলো ধৰণৰ আলোচনাতে ভাগ লৈ নিজৰ জ্ঞান গৰীমা প্ৰকাশ কৰিব পাৰিছিল।আমি জনাত তেওঁ আজৰি পালেই বিভিন্ন বিষয়ৰ পুথি অধ্যয়ন কৰিছিল।চাকৰি কৰি থকা সময়ছোৱাত শিক্ষা বিষয়ক কিতাপ-পত্ৰ অনেক অধ্যয়ন কৰিছিল আৰু তাৰ যোগেদি প্ৰলব্ধ জ্ঞানৰাশি কৰ্ম জীৱনৰ প্ৰায়োগিক দিশত প্ৰয়োগ কৰিছিল।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ ফলাফল অধিক ভাল কৰিবিলৈ অনবৰতে তেওঁক চিন্তান্বিত হৈ থকা দেখা গৈছিল।আমি জনাত এই বিষয়ত কি ব্যৱস্থা ল’লে ভাল হ’ব সেই সন্দৰ্ভত আন আন ওচৰ-পাজৰৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক সকলৰ লগত আলোচনা কৰি পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু তাক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিছিল।।মুঠতে ক’বলৈ গ’লে তেওঁ বিদ্যালয়খনৰ উন্নতিৰ বাবে নিজৰ ব্যক্তিগত জীৱনৰো অধিকাংশ সময় ব্যয় কৰিছিল। এজন প্ৰধান শিক্ষক হিচাপে তেওঁ উৰ্ধতম কৰ্তৃপক্ষৰ সতে সততে যোগাযোগ ৰক্ষা কৰি চলিছিল।বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰাৰ পৰা আৰম্ভ কৰি আৰ্থিক অনুদান লাভ কৰালৈকে অনেকবাৰ অফিচলৈ বাটকুৰি বাব লগীয়া হৈছিল আৰু তেওঁ অক্লান্ত ভাৱে সেয়া কৰি গৈছিল আৰু অৱশেষত তেওঁৰ মৰমৰ বিদ্যালয়খনৰ গৃহ সজ্জাৰ পূৰ্ণতা প্ৰাপ্তি ঘটিছিল।তাতেই তেওঁ যেন জীৱনৰ চৰম আনন্দ লাভ কৰিছিল। ঠগেন গগৈদেৱে সদায়ে তেওঁৰ সহকৰ্মীসকলৰ লগত এক সু-সম্পৰ্ক বজাই ৰাখিছিল। কাৰোৰে সৈতে কাহানিও হাই-কাজিয়াত লিপ্ত হোৱা নাছিল।সহকৰ্মীসকলৰ সুখত সুখী হৈছিল আৰু দুখত আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছিল।সেয়েহে তেওঁ এজন সৰবৰহী লোক হৈ পৰিছিল।যিকোনো পৰিবেশতে নিজৰ বিদ্যালয়ৰ শিক্ষকসকলে যাতে সময়মতে মাহেকীয়া দৰ্মহা লাভ কৰিব পাৰে তাৰ বাবে সততেই সজাগ হৈ থাকে আৰু নিজৰ কষ্টক আওকান কৰি সেয়া সম্ভৱপৰ কৰিহে এৰে।তেওঁৰ সহকাৰী শিক্ষকসকলৰ যেয়ে যেনেকৈ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা কিবা সা-সুবিধা লাভ কৰাৰ যোগ্যতা ৰাখে তাক ফলৱতী কৰাত সততেই হাত উজান দিছিল।সেই বাবেই আমিও তেওঁৰ অনুগ্ৰহত সুদূৰ হিমাচল প্ৰদেশৰ শিমলাত এন চি ই আৰ টিৰ অধীনত পুতলা নিৰ্মাণৰ এমহীয়া প্ৰশিক্ষণত ভাগ ল’বলৈ সুযোগ পাইছিলোঁ। ইয়াৰ বাবে আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’লোঁ। আমাৰ প্ৰৱন্ধ-পাতি অসমীয়া কাকত-আলোচনীত প্ৰকাশ পাই থকা দিনবোৰত যেতিয়া সন্মানীয় ঠগেন গগৈদেৱক লগ পাইছিলোঁ তেতিয়া আমাক যিদৰে লিখি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল সেয়া চিৰস্মৰণীয় হৈ ৰ’ব।কেৱল আমাৰ ক্ষেত্ৰতেই নহয়, তেওঁক শেষ বাৰৰ বাবে লগ পোৱাৰ দিনা আমাৰ পূৰ্বৰ সহকৰ্মী তথা বৰ্তমান সময়ৰ সু-লেখক চাবুৱাৰ শ্ৰীযুত যতীন নেওঁগদেৱৰো তেওঁ ভূয়সী প্ৰসংশা কৰিছে।এইবাৰৰ আগত লগ পাওঁতে আমাৰ তাহানিৰ সহকৰ্মী তথা বৰ্তমান শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰীযুত গুণ শইকীয়াদেৱ আৰু আমাৰ সহকৰ্মী ৰাম চন্দ্ৰ গোহাঁইৰ প্ৰসংশাত তেওঁ পঞ্চমুখ হৈ পৰিছিল। আমি শ্ৰদ্ধাভাজন ঠগেন গগৈদেৱক তেওঁলোকৰ গৃহত অন্তিম বাৰৰ বাবে তেওঁৰ মৃত্যুৰ মাথো কেইদিনমানৰ আগত, বিগত বছৰৰ নবেম্বৰ মাহৰ আঠাইশ তাৰিখে লগ কৰিছিলোঁগৈ।পাৰ হৈ যোৱা অসুখৰ পিছত তেতিয়া তেওঁ ক্ৰমান্বয়ে আৰোগ্য লাভ কৰা বুলি আমাক জনাইছিল।অশীতিপৰ দদাইদেৱে নিজৰ স্বাস্থ্যৰ সন্দৰ্ভত গৌৰৱেৰে কৈছিল যে অত’দিনে মধূমেহ, ৰক্তচাপ আদি কোনো ধৰণৰ জটিল ৰোগত নোভোগাকৈ আৰু চুলি নপকাকৈ থাকিল তেওঁ।সেইদিনা তেওঁৰ পৰা বিদায় লৈ আহি বাটত আমি কৈছিলোঁ, “দদাইদেউ পুনৰ সম্পূৰ্ণ সুস্থ হৈ পৰিব চাবা”; কিন্তু বিধিৰ যি বিধান সেইমতেই সকলো হৈ গ’ল। লগে লগে সমাজৰ বাবে তথা আমাৰ সকলোৰে বাবে এএক অপূৰণীয় ক্ষতি হ’ল।শেষত শিশুৰ দৰে সৰলতাৰে নিজৰ খং আৰু অভিমান প্ৰকাশ কৰোঁতা মান্যবৰ আমাৰ দদাইদেউ ঠগেন গগৈদেৱৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ওম্ শান্তি, ওম্ শান্তি। ----সমাপ্ত------ বিঃদ্ৰঃ ১৯৮০চনত মই ডিব্ৰুগড বিশ্ব বিদ্যালয়ৰ পৰা এম এ পাছ কৰি লগে লগে ডিব্ৰুগডৰ বকুল হাইস্কুলত ইংৰাজী পঢাবৰ বাবে সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলোঁ।সেই স্কুলৰে প্ৰতিস্থাপক শিক্ষক স্বনাম ধন্য ঠগেন গগৈদেৱে অলপ দিনৰ পিছত প্ৰধান শিক্ষক হৈ সময়ত অৱসৰ গ্ৰহণ কৰিলে। বিদ্যালয়খনত পাঁচটা বছৰ শিক্ষকতা কৰি বেংকৰ চাকৰিত যোগদান কৰি পিছত তেখেতৰ ভতিজী ৰুমী গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হওঁ। সেয়ে তেখেত মোৰ সম্বন্ধত দদাইদেউ হয়। ১৬ দানুৱাৰী , ২০২৩ তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে।লেখাটো তেখেতৰ স্মৃতিত প্ৰকাশিত শ্ৰদ্ধাৰ্ঘ্য নামেৰে নামাকৰণ কৰা স্মৰণিকাত প্ৰকাশ পাইছে।

Sunday, 3 April 2022

ঘৰৰ সুখবৰ

https://www.forbes.com/sites/andrewwight/2022/04/03/traditional-indigenous-agriculture-may-be-key-to-sustainability-in-india/

Thursday, 12 November 2020

সন্তপুৰত অশান্ত আত্মাৰ বিননি

সৰু নগৰখনৰ উপকন্ঠ অঞ্চলৰ মৰমী তিনিআলিনামৰ ঠাইখনলৈ প্ৰতিটো সন্ধ্যাই আন্ধাৰৰ পৰিবৰ্তে মায়াবী জোনালীৰ প্ৰাণ ভৰা আকুলতা নমাই আনে। তিনিআলিটোৰ ইফালে সিফালে যেনেয়েই চোৱা যায় তেনিয়েই নানা ৰঙী বিজুলি বাতিৰ আলোক সজ্জাৰ নৃত্যই ইন্দ্ৰপুৰীৰ আভাস দি যায়।নিতৌ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা তিনিআলিটোত দুবছৰ মানৰ পূৰ্বে মাত্ৰ কেইখনমান দোকানহে আছিল।তাৰে একমাত্ৰ গেলামালৰ দোকানখন আছিল জীৱন দত্তৰ। জীৱনে তাৰ গেলামালৰ দোকানখনৰ বিক্ৰী তিনিআলিটোত নতুনকৈ খোলা গেলামালৰ দোকানখনৰ বাবে কমি যোৱা যেন উপলব্ধি কৰিলে। সি দোকান এৰাৰ কথা ভাৱি থাকোতেই সীমান্ত শইকীয়াক লগ পাই গল আৰু সীমান্তই মদৰ দোকান খুলিবলৈ তাৰ দোকান ঘৰটোকে ভাৰাত ললে। কৰ্মহীন হৈ পৰা জীৱন কালক্ৰমত সীমান্তৰ বিশ্বস্ত কৰ্মচাৰী হৈ পৰিল।“সীমান্ত ৱাইন শ্বপ” চলাই নিয়াৰ সম্পূৰ্ণ দয়িত্বভাৰ লৈ জীনে জীৱনৰ এক ভিন্ন মাদকতা উপলব্ধি কৰিলে।


বিধান সভাৰ নিৰ্বাচনত আশানুৰূপভাৱেই পুনৰ সীমান্তৰ ককায়েক দিগন্ত শইকীয়াই বিপুল ভোটত জয়লাভ কৰি বিধায়ক হল।সেই উপলক্ষেই মৰমী তিনিআলি অঞ্চলৰ ভোটাৰ ৰাইজক কৃতজ্ঞতা জনাবলৈ সীমান্তই আজি এক নৈশ ভোজৰ আয়োজন কৰিছিল।মাজনিশা পৰ্যন্ত খোৱা-বোৱা পৰ্ব চলিল।যাৰ যি খাবলৈ মন গল তাকে যোগান ধৰা হল।ভোজন বিলাসীসকলে হেঁপাহ পলুৱাই ভক্ষণ কৰি ঘৰলৈ গল। মদ্যপায়ীসকলৰ একাংশই টলং ভটংকৈ প্ৰস্থান কৰিলে যদিও আন একাংশই অৰ্ধ উলংগ যুৱতীৰ অশ্লীল নৃত্যৰ তালে তালে কথমপি ভৰিৰ থৰ ৰাখি নৃত্য কৰিবলৈ যত্ন কৰিলে।অৱশ্যে এসময়ত সীমান্তৰ এজন বিশ্বস্ত পুলিচ বিষয়া আহি অনুৰোধ কৰাত সীমান্তই উৎসৱমুখৰ পৰিৱেশৰ পৰিসমাপ্তিৰ ঘোষণা কৰি সকলোকে বিদায় দিলে।


ইতিমধ্যে পিচনিশা হৈছিল।সীমান্তই জীৱনক মাত লগাই ঘৰলৈ যাবলৈ ওলাল।তাৰ নতুন ইনোভা কাৰখনৰ চালকৰ আসনত বহি গাড়ী ষ্টাৰ্ট দিলে।গাড়ীখন পিছলৈ নি ঘূৰাব খুজিলে; কিন্তু বেকগিয়েৰ লগাব পৰা নাই। তাকে দেখি জীৱন সীমান্ত ৱাইন শ্বপৰ পৰা ওলাই আহিল।


সীমান্তদা, অসুবিধা হৈছে যদি দোকান বন্ধ কৰি ময়ে আপোনাক ঘৰত থৈ আহোঁগৈ।জীৱনে গাড়ীৰ কাষলৈ আহি কলে, “নাইট চুপাৰত ঘূৰি আহিম।


কোনো দৰকাৰ নাই, এইয়া হৈ গল। তই নিজৰ কামত লাগ।


পুৱতি নিশাৰ নিৰ্জন পথেদি সীমান্তৰ গাড়ীখন তীব্ৰ গতিত চলিব ধৰিলে। ভোলাগুৰি তিনিআলিৰ কেঁকুৰিটো পাওঁতেই সীসান্তই মাজ ৰাস্তাত কোনোবা এজন মানুহ থিয় দি থকা দেখা পালে।গাড়ীখন ওচৰ চাপি যোৱাৰ লগে লগে সীমান্তই যিহে দেখিলে যে তাৰ নিজৰ চকুহালকো বিশ্বাস কৰিবলৈ টান পালে। যোৱা বছৰ এই ঠাইতে যিটো শিশু তাৰ তীব্ৰবেগী গাড়ীৰ খুন্দাত ৰাস্তাত পৰি গৈছিল আৰু সি তাৰ ওপৰেৰে গাড়ীৰ চকা উঠাই শৰীৰটো মাটিত মিলাই দিছিল সেইটো শিশুৱেই তাৰ গাড়ীখন আগভেটি ধৰিছে। দৃশ্যটো দেখিয়েই সীমান্তৰ শৰীৰৰ সমস্ত ৰক্ত গৈ মূৰত জমা হল।স্বভাৱগত ভাৱেই শিশুটোৰ প্ৰতি দয়াভাৱ জন্মাৰ পৰিবৰ্তে তাৰ খং উঠি গল। তাৰ গাড়ীৰ গতিবেগ স্তব্ধ হোৱাৰ পৰিবৰ্তে বৃদ্ধি পালে। মাজ বাটত লৰাটো ৰৈ থাকিল আৰু সীমান্তৰ গাড়ীখন তীব্ৰবেগে গৈ কেঁকুৰিটোৰ সিপাৰে থকা খাৱৈটোৰ কাষৰ ঔটেঙা গছৰ গুৰিত প্ৰচণ্ড খুন্দা মাৰিলেগৈ।


******


সকলোৱে অধীৰ আগ্ৰহেৰে সীমান্তৰ চেতনা ঘূৰি অহালৈ অপেক্ষা কৰি আছে।নিচেই পুৱাতে সীমান্তৰ গাড়ী দুৰ্ঘটনাৰ খবৰটো পাই বিধায়ক দিগন্ত শইকীয়াৰ কথামতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ দিহা লগাই জীৱন দত্তও হাস্পাটাললৈ আহিল।সি এক অপৰাধীৰ দৰে ভয়-সংকোচ ভাৱেৰে পুলিচ বেষ্টনীৰ মাজত থকা বিধায়ক দিগন্ত শইকীয়াৰ কষত থিয় দিলেগৈ।


জীৱন, গাড়ীখন গেৰেজত থৈ আহিলানে?কেনে আছে? ভোলাগুৰি চকীৰ ইন্সাৰ্জ ৰতন কলিতাই লগে লগে ফোন কৰি জনাই দিয়া বাবেহে এম্বুলেন্স এখনেৰে হাস্পাটাললৈ আনি সীমান্তৰ প্ৰাণ ৰক্ষা কৰিলোঁ।


দিগন্তৰ শান্ত মূৰ্তি প্ৰত্যক্ষ কৰি জীৱনে স্বস্তিৰ নিশ্বাস পেলাই দিগন্তৰ প্ৰশ্নৰ উত্তৰ দিলে।


সিমানতেই যে ৰক্ষা পৰিছে।গছৰ গুৰিত খুন্দা মাৰি গাড়ীৰ ইঞ্জিন সম্পূৰ্ণ গুড়া হৈ গৈছে দাদা। ক্ৰেনত উঠাই আনি গেৰেজত পেলাই থৈ আহিছোঁ।


বাৰু, তুমি অলপ এইফালে আহাচোন।জীৱনক বিধায়ক দিগন্ত শইকীয়াই একাষৰীয়াকৈ নি কলে,“বুইছা জীৱন, সীমান্তৰ দুৰ্ঘটনাটো স্বাভাৱিক দুৰ্ঘটনা নহয়, সি কটাঘাৰ বলি হৈছে।কাৰণ, এইবাৰ দুৰ্ঘটনা ঘটা ভোলাগুৰিৰ সন্তপুৰ নামৰ গাঁওখনতেই যোৱা বছৰ ঘটা দুৰ্ঘটনাটোত সৰু লৰা এটা মৰা নাছিল জান? গতিকে গাঁৱৰ মানুহবোৰে তাৰে পোক তুলিবলৈ এই কাণ্ড কৰিলে।সেয়ে ভোলাগুৰি পুলিচ চকীৰ ইন্সাৰ্জ ৰতন কলিতা আৰু তেওঁৰ পুলিচ ফৰ্চ লগত লৈ আজি নিশাৰ ভাগত সেই গাঁওখনত এক গোপন অভিযান চলাম।মই সিহঁতক শান্তিৰে থাকিব নিদিওঁ। অপাৰেচনত তুমিও লগত থাকিবা।


ব দাদা


দিগন্তৰ কথাত সন্মতি জনালে যদিও ঘটনা-দুৰ্ঘটনাবোৰৰ আঁত ধৰিব নোৱাৰি জীৱন ভাবুক হৈ পৰিল।যোৱা বছৰ সীমান্তৰ গাড়ীয়ে সৰু লৰাটোক মহটিয়াই নিওঁতে সীমান্তৰ লগত জীৱনৰ বাদে আন কোনোৱেই নাছিল।সমস্ত ঘটনাৰ সিয়েই একমাত্ৰ সাক্ষী।সেইদিনা সীমান্তই মৰমী তিনিআলিৰ তাৰ মদৰ দোকানত ওৰে দিনটো মদ্যপান কৰি জীৱনৰ ঘোৰ আপত্তি সত্বেও ঘৰলৈ যাবলৈ মনস্থ কৰি গাড়ীৰ দ্ৰাইভিং চিটত বহি লৈ গাড়ীখন ষ্টাৰ্ট দিছিল।উপায়ন্তৰ হৈ জীৱনেও সহযাত্ৰী হৈ গাড়ীত বহি পৰিছিল।প্ৰথমে ন-শিকাৰুৰ দৰে যেনেতেনে কৰি গাড়ীখন চলাইছিল যদিও সীমান্তই লাহে লাহে গাড়ীৰ গতিবেগ বঢ়াই যাব ধৰিলে।জকাইবিলৰ ওচৰেদি গাডীখন পাৰ হৈ যাঁওতে সীমান্তৰ মুখত অঞ্চলটোৰ যুৱক-যুৱতীসঁতক উদ্দেশ্যি অশ্লল গালি-গালাজৰ আখৈ ফুটিব ধৰিলে আৰু লগে লগে গাড়ীৰ গতিবেগো অধিক বৃদ্ধি পালে।


চাল্লা কুকুৰৰ পুতেকহঁত, মই কোন তহঁতে চিনি নাপালি?জকাইবিলৰ বনৰীয়া চৰাইবোৰৰ মালিক তহঁত?মোক তহঁতে চৰাই চিকাৰ কৰিব নিদি কি ভুল কৰিলি দুই এদিনতে বুজিবি ৰ।সীমান্তই বলকি যাব ধৰিলে।


সীমান্তৰ খং উঠাৰ কাৰণ কি এই বিষয়ে জীৱন সম্পূৰ্ণ জ্ঞাত।জকাইবিলত চৰাই চিকাৰ কৰিবলৈ জীৱনো সীমান্তৰ লগত গৈছিল।তাৰে প্ৰতিবাদ কৰি অঞ্চলটোৰ য়ুৱক-যুৱতীসকলৰ লগতে ৰাইজে চিঞৰ-বাখৰ লগোৱাত সিহঁতে তাৰ পৰা পলাব লগীয়া হল।গতিকে জীৱনৰ মনলৈ ভাৱ আহিছে যে কটাঘাৰ বাবে চৰাই মাৰিব নিদিয়া গাঁৱৰ যুৱকসকলেই জগৰীয়া।কাৰণ,খঙৰ ভমকত গাড়ীৰ গতিবেগ তীব্ৰতৰ হোৱাৰ মূহুৰ্ততে সৰু লৰাটো সমুখত দূৰণীতে দেখা পায়ো সীমান্তই গতি বেগ ৰোধ কৰাৰ কোনো চেষ্টা নকৰি তাৰ শৰীৰৰ ওপৰেদি গাড়ীখন সমান বেগেৰেই চলাই নিছিল।গাড়ীৰ অস্বাভাৱিক গতিবেগ দেখি ভোলাগুৰি তিনিআলিত কৰ্তব্যৰত আৰক্ষীৰ লোকে হুইচেল বজাই গাড়ী ৰখাবলৈ ইংগিত দি বিফল হৈ গাড়ীখনৰ নম্বৰটো টুকি ৰাখিলে। পিচত অনলাইনত পৰীক্ষা কৰি গাড়ীখন বিধায়ক দিগন্ত শইকীয়াৰ বুলি জানিব পাৰি তেওঁলৈ ফোন কৰি সবিশেষ জনালে।ভাতৃ সীমান্তক নিষ্কন্টক কৰিবলৈ বিধায়ক দিগন্ত শইকীয়াই ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতাৰ সৈতে মোটা অংকৰ ধনৰ টোপোলা আৰু প্ৰমোচনৰ টোপ দি আপোচ-মীমাংসা কৰি পেলালে।আজি এটা বছৰ পাৰ হল কোনো পক্ষৰ পৰা সৰু লৰাটোৰ মৃত্যুৰ সন্দৰ্ভত ওজৰ আপত্তি অহা নাই।


কি চিন্তা কৰিছা জীৱন? তোমাৰ কিবা অসুবিধা হব নেকি?”


নাই নাই দাদা, মোৰ কোনো অসুবিধা নহয়।অন্য এটা কথাহে মই চিন্তা কৰি আছিলোঁ।


খুলি কোৱাচোন মোক।


জীৱনে জকাইবিলৰ ঘটনাটো বিৱৰি কলে।


তেনেহলে আজি মাজ নিশা গাঁৱৰ মুখীয়াল লৰা এমখাক পুলিচ লগাই উঠাব লাগিব।তাৰ আগে আগে সীমান্তৰ চেতনা ঘূৰি আহিলে নিশ্চয় বহু কথা পোহৰলৈ আহিব।


*******



চাওঁতে চাওঁতে ৰাতি বাৰ বাজি গল।দিগন্তহঁতে আশা কৰা ধৰণে সীমান্তৰ সংজ্ঞা ঘূৰি নাহিল। নৈশ অভিযানৰ বাবে সাজো হৈ ভোলাগুৰি আৰক্ষী চকীৰ দল আহি দিগন্তহঁতলৈ অপেক্ষা কৰি আছেহি।উপায়ন্তৰ হৈ বিধায়ক দিগন্ত শইকীয়াই জীৱনক লগত লৈ নৈশ অভিযানলৈ আৰক্ষীৰ সৈতে যাবলৈ ওলাল।


একেবাৰে আগত গতি কৰা গাড়ীখন আছিল ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতা আৰু তেওঁৰ সহচৰ সকলৰ।তাৰ পিছে পিছে দিগন্ত আৰু জীৱন উঠি যোৱা মাৰ্চিডিচ কাৰখন।তাৰ পিচত গৈছিল বিধায়ক দিগন্ত শইকীয়াৰ চিকিউৰিটি ফৰ্চৰ গাড়ী।দিগন্তই ডাক্টৰলৈ ফোন কৰি অভাৱনীয় বাৰ্তাটো পাই সম্বিত হেৰাই যোৱাৰ উপক্ৰম হৈছিল।সীমান্তৰ মৃত্যুৰ সংবাদটো জীৱনক দি দিগন্তই হুহুকাই কান্দি দিলে। কান্দিলে জীৱনেও।


সন্তপুৰ গাঁৱৰ কেঁকুৰিটো পাওঁতেই সম্পূৰ্ণ পথটোৱেই গছ-গছনিৰে ভৰা দেখি পুলিচৰ গাড়ীৰ চালকজন আচৰিত হৈ অচি ৰতন কলিতাৰ মুখলৈ ভয়াৰ্ত দৃষ্টি নিক্ষেপ কৰিলে।


বাওঁহাতে টাৰ্ন লোৱা। সেয়া দেখা নাই জানো ৰাস্তাত সৰু লৰা এটা ৰৈ আছে।


ছাৰ, এই মাজ নিশা ৰাস্তাৰ মাজত কৰ পৰা লৰাটো ওলালহি?


সেইবোৰ চিন্তা বাদ দিয়াহে। হৰ্ণ বজোৱা আৰু গাড়ী আগুৱাই নিয়া।অচি ৰতন কলিতাই চালকজনক আদেশৰ সুৰত কলে।


যথেষ্ট বিবুদ্ধিত পৰি চালকজনে কিছু দ্ৰূত গতিত গাড়ীখন চলাই দিলে।ঠিক পিচে পিচে গৈ থকা দিগন্তহঁতৰ গাড়ীখনেও একে গতিতেই আগ বাঢ়ি সমুখৰ গাড়ীখনক অনুসৰণ কৰিলে।।প্ৰথমখন গাড়ী বানপানীত সৃষ্ট আমগুৰি ডুবিত বাগৰি পৰাৰ ক্ষন্তেক পিচতে দিগন্তহঁৰ গাড়ীখনো বিকট শব্দ কৰি আমগুৰি ডুবিত পৰি গল।তাৰ পিচত গৈ থকা গাড়ী দুখনে প্ৰচণ্ড ব্ৰেক মাৰি ডুবিটোত নপৰাকৈ কথমপি নিজক ৰক্ষা কৰিলে।


******



নিচেই পুৱাতে সন্তপুৰ গাঁৱৰ আমগুৰি ডুবিৰ পাৰত লোকে লোকাৰণ্য হৈ পৰিল।পানীত নামি উদ্ধাৰ অভিযানত লিপ্তসকলে একান্তভাৱে নিজৰ কৰ্তব্য কৰি গৈছে।পাৰত বাতৰি কাকত আৰু টিভি চেনেলৰ সাংবাদিকসকলে বাতৰি সংগ্ৰহৰ বাবে ভিৰ কৰিছে।আৰক্ষীৰ লোকসকলে জনতাৰ ভিৰ কমাবলৈ ছেগা- কাকৈ লাঠ চালনাও কৰিব লগা হৈছে।অৱশ্যে দুই এক টিভি চেনেলৰ টিমক সংবাদদাতাই এক্সক্লচিভ বাতৰি পৰিবেষণ কৰি ইতিমধ্যে ৰাইজক জনাইছে যে যোৱা নিশা ভোলাগুৰি আৰক্ষী চকীৰ অধীনৰ সন্তপুৰ গাঁৱৰ আমগুৰি ডুবিত গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি বিধায়ক দিগন্ত শইকীয়াৰ মৃত্যু ঘটে। তেওঁৰ লগত যোৱা জীৱন দত্ত নামৰ যুৱকজনৰো মৃত্যু ঘটিছে।শোকাবহ দুৰ্ঘটনাটোত বিধায়ক গৰাকীক পহৰা দি আগে আগে যোৱা ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতাৰো মৃত্যু ঘটিছে। কিন্তু দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখনৰ চালক দুজনে গাড়ীৰ পৰা জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।অন্যহাতে বিধায়কজনৰ কনভয়ৰ অন্য দুখন গাডীও দুৰ্ঘটনাত পতিত নোহোৱাকৈ ৰক্ষা পৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আগ নিশা একেখন গাঁৱতে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে জখম হৈ চিকিসাধীন হৈ থকা বিধায়ক দিগন্ত শইকীয়াৰ ভাতৃ সীমান্ত শইকীয়াৰো ইতিমধ্যে মৃত্যু ঘটিছে।


******


ভোলাগুৰি সন্তপুৰ গাঁও।


বৰলুইতৰ বানে বিধ্বস্ত কৰা তেনেই সহজ সৰল দৰিদ্ৰ কৃষকৰ এক ক্ষুদ্ৰ গাঁও।গাঁওখনৰ কেইটামান মাথো চুবুৰিক দুফাল কৰি মাজেদি পাৰ হৈ গৈছে গকাপ্তানী পথটো।গাঁওখনৰ ওপৰত চৰকাৰী পক্ষৰ কৃপাদৃষ্টি পৰা নাই।চুবুৰিৰ বাট পথবোৰ গোবাট হৈয়ে আছে।গঞাসকলৰ ঘৰবোৰৰ সৰহভাগ বিৰিণাৰ পাতেৰে চাওি কৰা।ক’ৰবাত কৰবাত দুই এঘৰে দুই এখন টিনপাত লগাই বাহৰ কামিৰে বান্ধি ৰাখিছে।নতুন ঠাইখনত গঞাসকলে জীৱিকাৰ সন্ধানত কঠোৰ সংগ্ৰাম কৰিব লগীয়া হৈছে।সেয়ে নিজৰ ঘৰখন আৰু গাঁওখন ঠিকঠাক লগাই ল’ব পৰা নাই।পাৰিলেহেঁতেন, যদিহে গাঁৱৰ নাতিদূৰত থকা জকাইবিলত মাছ মাৰি বজাৰত বিক্ৰী কৰিলেহেঁতেন।কিন্তু সেইকাম তেঁওলোকে কৰা নাই আৰু নকৰে, যিদৰে বিলৰ কাষৰীয়া অন্য গাঁৱৰ লোকসকলেও কৰা নাই।গঞা যুৱক যুৱতীসকলৰ উদ্যোগত আজি বহু বছৰ ধৰি পক্ষী উদ্যানৰ মান্যতা লাভ কৰি জকাইবিলে অঞ্চলটো পক্ষীৰ কাকলিত মুখৰিত কৰি ৰাখিছে।অঞ্চলটোৰ গঞাসকলৰ বহল মনৰ উমান পায়ে যেন প্ৰতি বছৰে পৰিভ্ৰমী পক্ষীৰ আগমণৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।


সন্তপুৰ গাঁৱৰ বাসিন্দা মহেন্দ্ৰ দাস অতি নিৰ্জু স্বভাৱৰ অতিশয় দৰিদ্ৰ লোক।বাৰ মাহত তেৰটা বেমাৰে ঘেৰি ধৰি মহেন্দ্ৰ দাসৰ দেহটোক আক্ৰমণ কৰি থাকে বাবে মাহটোত দুই এদিনহে সুস্থ থাকিলে হাজিৰা কাম কৰিবলৈ ভোলাগুৰি তিনিআলিলৈ ওলাই যায়।ঘৈণীয়েক পদুমীয়ে কিন্তু নিতৌ গাঁওখনৰ ইঘৰ সিঘৰত ঘৰুৱা কামবনত সহায় কৰি দি কিছু উপাৰ্জন কৰে।নৰ ঘৰত হ’লেও দুবেলা দুমুঠি পেট ভৰাই খাবলৈ পাওক আৰু অ আ ক খ কেইটাকে শিকে যদি শিকক বুলি চিন্তা কৰিয়েই আঠ বছৰীয়া জীয়েক পুতলীক দূৰসম্পৰ্কীয় নগৰৰ শিক্ষক চক্ৰধৰ দাসৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকিবলৈ দিছে।বহুদিননৰ মূৰত পুতলীক দাসে মটৰ চাইকেলত উঠাই আনি এৰাতিৰ বাবে ঘৰত থৈ গল।প্ৰতি মাহৰ দৰমহাৰ টকা মাষ্টৰে মাক-দেউতাকৰ হাতত দি যাইহি যদিও এইমাহৰ দৰমহাৰ টকা কেইটা পুতলীৰ হাততে দিলে।তাই ভায়েক পিন্টুলৈ অলপ মিঠাই, এটা পেঁপা আৰু দুই এপদ কাপোৰ কিনি আনিলে।সেইবোৰ দিয়াত ছয়বছৰীয়া পিন্টুৰ আনন্দত হিয়া উঠলি উঠিল।তাতে আকৌ আবেলি মাটিৰ বাচন-বৰ্তন বেপাৰীৰ পৰা বায়েক পুতলীয়ে প্ৰকাণ্ড প্ৰকাণ্ড মাটি কলহ চাৰিটা কিনাত ঘৰখন সম্পত্তিৰে উপচি পৰা যেন লাগি পিন্টোৱে গাঁৱৰ পশ্চিম দিশত থকা বুঢ়ী মাকক(মাকৰ মাক)খবৰটো জনাবলৈ ঢাপলি মেলিলে।সি গড়কাপ্তানী পথটো পাৰ হব খোজোঁতেই সেই পথেৰে তীব্ৰ বেগেৰে ভোলাগুৰি দিশে আহি থকা কাৰ এখনে তাক..........


ৰ গাড়ী বা কাৰ গাড়ীয়ে ঘটনাটো ঘটালে তাৰ কোনো ওৱাদিহ নোলাল।কাঁহ পৰি জিন যোৱাৰ দৰে এক অদ্ভুত শব্দই যেন শন্তপুৰ গাঁৱক অনন্ত কাললৈ ছানি ধৰিলে।গাঁওখনত এই পৰ্যন্ত বহুকেইজন লোকৰ মৃত্যু ঘটিছে।মিথ্যাচাৰী চৰকাৰবোৰক ভেঙুচালি কৰি কোনোবাজন যদি মৰিছে খাদ্য খাবলৈ নাপাই তেনেহলে আন কোনোবাজন মৰিছে বেমাৰত দৰব খাবলৈ নাপাই।দিনবোৰ বাগৰি যোৱাৰ লগে লগে গঞাসকলে সেই মৃতসকলক পাহৰি যাব পাৰিছে।কিন্তু পাহৰি যাব পৰা নাই পিন্টুক।দুপৰ নিশা পিন্টুৰ মাক দেউতাকে তাৰ কান্দোন শুনি আত্মবিভো হৈ প্ৰায়ে গড়কাপ্তানী পথৰ দিশে দৌৰি যায়।সম্বিত ঘূৰাই পালে ঘৰলৈ ঘূৰি আহে।বায়েক পুতলীকো হেনো কিবা-কুবি খুজি পিন্টুৱে সপোনে দিঠকে আমনি কৰি থাকে।গাঁৱৰ প্ৰতিজন লোককে পিন্টুৱে নিৰ্জন স্থানত অ্ৱচেতন মন এটা লৈ থকাৰ সুযোগ পালেই হঠাতে মৰম লগাকৈ মাত এষাৰ দি শূণ্যত বিলিন হৈ দিয়ে।কোনোৱে আক পিন্টুৰ পেঁপাৰ মাত শুনি উচপ খাই উঠে।গভীৰ নিশা পিন্টুৰ বিননি শুনাসকলে পিছ নিশা টোপনি যাব নোৱাৰে আৰু নীৰৱে চকোলো টকি সময় পাৰ কৰে।


পিছে এইকেইদিন সংঘটিত হোৱা মটৰ দুৰ্ঘটনাৰ পিচত গাঁৱৰ সকলোকে আচৰিত কৰি পিন্টুৱে দুপৰ নিশা ইনাইবিনাই কন্দাৰ পৰিবৰ্তে খিটখিটাই হঁহাহে আটায়ে শুনিবলৈ পাইছে।কথাটো গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে।গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি চন্দ্ৰকান্ত মেধিযে গাঁৱৰে গণ্যমান্য ব্যক্তি পূণ্যেশ্বৰ বৰাক সুধিলে, “মহেন্দ্ৰ দাসৰ লৰা পিন্টুৱে যে কান্দিবলৈ এৰিলে খবৰটো পাইছানে পুণ্যেশ্বৰ।


পাইছো পাইছো, ককাইদেউ।মাকে মোক কৈছে নহয়, পিন্টুৱে হেন কৈছে বোলে সি সিহঁত মখাক এহেকা দিলে আৰু এতিয়া ইয়াত তাৰ কাম নাইসঁচাই ককাইদেউ, ময়ো প্ৰায়ে পুৱতি নিশা ৰাস্তাৰ ফালে কাণ উনালে পিন্টুৰ কান্দোন শুনো।এই কেইদিন কিন্তু শুনা নাই।


দেখিলা পুণ্যেশ্বৰ, অপৰাধী কেনেকৈ ধৰা পৰি গৈছে।আমাৰ দৰে দুখীয়া দৰিদ্ৰৰ বাবে দেশৰ আইন আদালতে ন্যায় নিদিলেও ভগৱানে যিকোনো প্ৰকাৰে হলেও ন্যায় দিয়ে।গধূলি নামঘৰত বন্তি এগছি জ্বলাই ঘোষা এফাকি জুৰিম, আহিবা আৰু গাঁৱৰ সকলোকে খবৰটো দিবা দেই।

--------------সমাপ্ত------