Tuesday, 21 March 2017

ইন্টাৰনেটৰ ভৱিষ্যত কি?

ইন্টাৰনেটে  আমাৰ  জীৱন  নিৰ্বাহ , কৰ্ম,  উৎপাদন  আৰু  উপভোগৰ  গতি  সলনি  কৰি  গৈছে৷  মাত্ৰ কেইটামান  দশকৰ  ভিতৰতেই  ইণ্টাৰনেট জগতখনৰ এক উল্লেখযোগ্য পৰিবৰ্তন ঘটিছে৷ গোলকীয় মানৰ  স্বতন্ত্ৰ  নেটৱৰ্কবোৰৰ সানমিহলিৰ পৰাই ইয়াৰ প্ৰসাৰ ঘটিছিল৷ ই ব্যৱসায়, যোগাযোগ, ৰং ধেমালি আৰু শিক্ষাৰ ভেটি স্বৰূপে সেৱা আগ বঢ়াইছে৷ এজন লোকে বিভিন্ন ধৰণৰ যতন বা আহিলাৰ যোগেদি অজস্ৰ নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে৷

ইন্টাৰনেটৰ   দ্বাৰা  পৰিচালিত  এক  প্ৰযুক্তিগত  পৰিবৰ্তন  হ’ল ‘চতুৰ্থ উদ্যোগিক বিপ্লৱ’ ৷ এই বিপ্লৱৰ যুগত  প্ৰৱেশ কৰাৰ লগে লগে  মানৱ জাতি ন ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷  যিহেতু ইন্টাৰনেটৰ দীৰ্ঘ ম্যাদী  বস্বাস্থ্য  আৰু  স্থিৰতা  বৃদ্ধি  কৰা দৰকাৰ৷  গতিকে কাৰিকৰি দিশত প্ৰচণ্ড জোকাৰণি তুলি ধাৱমান হোৱা  এই   পৰিবৰ্তনক  পৰিচালনা   কৰাটো   অত্যন্ত  জৰুৰী  হৈ  পৰিছে৷
তথ্য কিয় ইমান গুৰুত্বপূৰ্ণ ?
ইন্টাৰনেটৰ  হৃদপিণ্ডতেই  বিশাল  পৰিসৰত  তথ্যৰ  অৱস্থান ৷  তথ্যৰ  পৰিসৰ  প্ৰতি বছৰে ৪০% শতাংশ হাৰত  বৃদ্ধি  পাইছে  আৰু  ২০২০  চনৰ  ভিতৰত  ৫০ গুণ  বাঢ়িব৷  বিগত  দুটা  বছৰতেই  বিশ্বত  সকলো  তথ্যৰ  ৯০% ই সৃষ্টি  কৰা  হৈছে৷  ছিংগাপুৰ স্থিত Aureus Analytics য়ে সমাপন কৰা  বৃদ্ধিৰ  গতিৰ এক  জোখ- মাখত   এই  হিচাপ  ধৰা  পৰিছে৷
ম’বাইল  ফোনৰ ব্যৱহাৰ বাঢ়ি যোৱাৰ লগে লগে ব্যক্তিগত তথ্যৰ পৰিসৰো বাঢ়ি গৈ আছে৷  বিশ্বৰ আধাতকৈ  অধিক (৫১%)   ইন্টাৰনেট ব্যৱহাৰকাৰী  হ’ল এচিয়া মহাদেশৰ৷  চীনৰ ১.৩৬ বিলিয়ন জনসংখ্যাৰ ১.৩ বিলিয়নে  ম’বাইল  ব্যৱহাৰ  কৰে৷  ভাৰতৰ ১.২৫ বিলিয়ন  জনসংখ্যাৰ  ভিতৰত ০.৯১ বিলিয়নৰহে  ম’বাইল  ফোন  আছে৷
পিছে   উদ্যোগিক  তথ্যৰ  পৰিমাণ  অতি ব দ্ৰুত গতিত  বৃদ্ধি  পাব ধৰিছে৷  গাড়ীৰ  উপাদান, ঘৰ, ব্যৱহায্য সামগ্ৰী  আৰু উদ্যোগিক  যন্ত্ৰ-পাতি আদিক  সামৰি লৈ  প্ৰায় ৪.৯ বিলিয়ন  ইন্টাৰনেট সংযোগীকৃত যতন থকা  বুলি  হিচাপ  কৰি  উলিওৱা   হৈছে৷   এই  সংখ্যা  ২০২০ চনত  ২৫ বিলিয়ন  হ’বগৈ৷  আমি ইয়াক আঁকোৱালি লৈছোঁ  আৰু   পৰিচালনা, কাৰ্য প্ৰণালী   আৰু  ব্যাখ্যাৰ  সৰ্বোৎকৃষ্ট  পথেদি  আগুৱাই লৈ যোৱাৰ  ফলত  এই  তথ্যৰ  ঢৌৱে  প্ৰত্যাহ্বান  আৰু সুযোগ   আনি  দিছে ৷
ইন্টাৰনেটে কি প্ৰত্যাহ্বান আৰু সুযোগ আনিব ?
বিশ্ব  অৰ্থনৈতিক  সভাই (The World Economic Forum) ইন্টাৰনেট  সম্পৰ্কীয়  প্ৰত্যাহ্বান  আৰু সুযোগসমূহত সহযোগিতাৰ সম্প্ৰসাৰণ ঘটাবলৈ আৰু বিশ্বাসযোগ্যতা সবল কৰাত  সহায়  কৰিবলৈ ২০১৫ চনত  “ইন্টাৰনেট  উদ্যমৰ  ভৱিষ্যত “[ The Future of the Internet Initiative (FII)] শুভাৰম্ভ কৰে৷  “ইন্টাৰনেট  উদ্যমৰ  ভৱিষ্যত “  য়ে  গোপনীয়তা, চাইবাৰ ক্ৰাইম,  প্ৰৱেশাধিকাৰ  আৰু সামাজিক প্ৰত্যাহ্বান  সমূহৰ  ওপৰত  আলোকপাত কৰি  মানৱ জাতিৰ উন্নয়নৰ  মূল  চালিকা  শক্তি , ইয়াৰ গোলকীয়  সমন্বয়, সহযোগিতামূলক  আৰু  বিস্তৃতভাৱে  ব্যাপ্ত ধৰণটোক ৰক্ষণাবেশন  দিয়াকৈ ইন্টাৰনেটৰ  ক্ৰমবিকাশক  পৃষ্ঠপোষকতা  কৰাৰ  লক্ষ্য  বান্ধি  লৈছে৷ সেই দিশসমূহ তলত আলোচনা কৰা হ’ল৷
1)পৰিবৰ্তন( Trasfomation)
ব্যৱসায়ৰ  বাবে  নতুন  বজাৰ  সৃষ্টি  কৰি  ইন্টাৰনেটে  ৰাজহুৱা  আৰু  ব্যক্তিগত  খণ্ডৰ  গঠনত  ন-ৰূপ  দি  গৈছে৷  কিন্তু  সংগঠনসমূহে  তেওঁলোকৰ  গ্ৰাহকসকলৰ  তথ্যৰ  নিৰাপত্তা  শক্তিশালী  কৰিব  লাগিব৷
ব্যৱসায়  প্ৰতিষ্ঠানবোৰে  তেওঁলোকৰ  গ্ৰাহকসকলক  কি  সুযোগ  দিছে  তাক  প্ৰচাৰ কৰিবলৈ তথ্য ব্যৱহাৰ  কৰোঁতে  দক্ষতা আহৰণৰ যোগেদি  বৰ্তমানৰ  বহুতো  ডিজিটেল  লাভালাভ  আহিছে ৷ ডিজিটেল  ৰূপান্তৰকৰণৰ  পৰা  অন্য  সুযোগ   আৰু  প্ৰত্যাহ্বানে  নতুন  আয়ৰ  উৎস  আৰু  প্ৰমূল্য  লাভ  কৰিব  পাৰিছে৷  নগৰ  গাড়ী-ভাড়া  আঁচনিৰ  দৰে  নতুন  প্ৰস্তাৱবোৰে  ক্ৰেতা  আৰু  বিক্ৰেতাক  একে লগে  লৈ  যাবলৈ  নতুন  অংশীদাৰিত্ব, ব্যৱসায়ৰ  নমূনা  আৰু  ভেটি  নিৰ্মাণ  কৰিছে৷
2)প্ৰৱেশাধিকাৰ( Access)
বৰ্তমানো  বহুতো  লোকে  ইন্টাৰনেট  সংযোগ লোৱাৰ পৰিবৰ্তে  সংযোগ  বিহীন  ভাৱেই  আছে৷   সন্মিলিত   ৰাষ্ট্ৰ  সংঘই  তেওঁলোকৰ গোলকীয় লক্ষ্যত সাৰ্বজনীন  ক্ৰয়ক্ষম  ইন্টাৰনেট  প্ৰৱেশাধিকাৰৰ  সংযোজন  ঘটাইছে ৷  ই  দ্ৰৰিদ্ৰতা  হ্ৰাসকৰণ,  উন্নত  স্বাস্থ্য  আৰু   শিক্ষা  তথা  পৰিৱেশৰ  উন্নয়নৰ  বাবে  যুটীয়াভাৱে লক্ষ্য স্থিৰ কৰি লৈছে৷ বিশ্বৰ  অৱহেলিত আৰু সেৱা লাভৰ পৰা বঞ্চিত জাতি সমূহক সংযোজিত কৰি ইন্টাৰনেটে  যাতে  গোলকীয়  উন্নয়নত   সহায়  আগ  বঢ়াব  পাৰে  তাকে  লক্ষ্যসমূহে  চিনাক্ত  কৰিছে৷
3)পৰিচালনা(Governence)
বিপজ্জনক  গতিত  প্ৰযুক্তিয়ে  আত্ম  প্ৰকাশ  কৰাৰ  লগে  লগে  নিয়ন্ত্ৰণকাৰী  গঠনসমূহ  প্ৰায়ে  পিচ পৰি ৰৈ  যায়৷   কাৰিকৰি  বা প্ৰযুক্তিগত  পৰিবৰ্তনৰ  পদক্ষেপত  ইন্টাৰনেটত  সকলো  ধৰণৰ  তথ্যৰ  ব্যৱহাৰ  কৰাৰ নীতি নিয়ম  যুক্তি যুক্ত  আৰু  যথাযথ  হ’ব  লাগিব৷
যিমানে  ইন্টাৰনেট  অধিক  ব্যাপক  হৈ  পৰিছে  সিমানে ৰাষ্ট্ৰীয়  স্বাৰ্থ  আৰু  গোলকীয়  প্ৰয়োগশীলতাৰ মাজত  অস্থিৰতা  বিৰাজ  কৰিছে৷  চৰকাৰ  আৰু  ব্যক্তিসমুহে  তথ্যৰ  নিৰাপত্তা  আৰু  গোপনীয়তাৰ বিষয়ত  আপত্তি  কৰাত  চাইবাৰ  বিশ্বক  নিয়ন্ত্ৰণ  কৰা  নীতি-নিয়মবোৰ  দৈনিক  ভিত্তিত  পৰীক্ষা  নিৰীক্ষা  কৰি  থকা  হৈছে৷  ডিজিটেল  প্ৰযুক্তিয়ে  বন্ধনমুক্ত  কৰা  উদ্ভাৱনীয়  সম্ভাৱনীয়তাইও সামাজিক উপকাৰিতা  আৰু  ব্যয়ৰ  লগতে  ৰীতি  নীতিৰ  বিষয়ত  প্ৰশ্নৰ  উদয়  কৰিছে৷
4)নিৰাপত্তা(Security)
লেন-দেন আৰু বিনিময় সমাধা কৰিবলৈ সংগঠনসমূহ আৰু ব্যক্তিসকলৰ আত্মবিশ্বাস জন্মিবৰ বাবে ইন্টাৰনেট  নিৰাপদ  হ’ব  লাগিব৷  এইটোৱে বুজাইছে যে যিমানে উদ্যোগিক তথ্যৰ পৰিমাণ বাঢ়িব সিমানেই উদ্যোগিক  ইন্টাৰনেটত সংযোগ কৰা যতনবোৰৰ সমন্বয় ৰক্ষাত কেন্দ্ৰীভূত  কৰা ডিজিটেল নিৰাপত্তাৰ  সেৱাসমূহৰ  বেছি  আৱশ্যক  হ’ব৷
চাইবাৰ  ক্ৰাইমৰ  ঘটনাবোৰ  অধিক  বৃদ্ধি  পাইছে৷  ইংলেণ্ডত  ২০১৫ চনৰ  জুন  মাহৰ  লৈকে ১২ টা মাহৰ  ভিতৰত  ২.৫ মিলিয়ন  কম্পিউটাৰৰ  লগত  জড়িত  অপৰাধমূলক  গোচৰ  লিপিবদ্ধ  হৈছে৷
চাইবাৰ  ক্ৰাইমৰ  ভাবুকি  বৃদ্ধিত  ২০১৫  চনটো  অন্য  গুৰুত্বপূৰ্ণ  খটখটি স্বৰূপে চিহ্নিত হৈছে ৷  দেশখনৰ  উদ্যোগ খণ্ড, চৰকাৰী কাম-কাজ  আৰু  শিক্ষা  প্ৰতিষ্ঠানসমূ্ক  সঘন  লক্ষ্য  হিচাপে  লৈ আমেৰিকা  যুক্তৰাষ্ট্ৰত  অধিক  আক্ৰমণ  চলিল৷
হেকিং   আৰু  চাইবাৰ  চোৰাংচোৱাগিৰি কৰাৰ পিছত  আক্ৰমণৰ  আঁৰত  চাইবাৰ  ক্ৰাইমকে  এক  নম্বৰ উদ্দেশ্য  বুলি  গণ্য  কৰা হয়৷ সেয়ে বৃহৎ আৰু ক্ষুদ্ৰ সংগঠন সমূহেে চাইবাৰ  নিৰাপত্তা কাৰ্যসূচীক অগ্ৰাধিকাৰ  দিবলৈ  বাধ্য  হৈছে৷ 
( ৱৰ্ল্ড ইকনমিক ফৰামৰ ৱেবছাইটৰ সহায়ত)
বিঃদ্ৰঃ প্ৰবন্ধটো  প্ৰান্তিক আলোচনীৰ 16-31মাৰ্চ2017সংখ্যাত প্ৰকাশ পাইছে৷