Saturday 15 August 2020

আমি জুবিন গাৰ্গৰ কাষত

 অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী অনেক সিদ্ধান্ত লৈ আগ্ৰাসী ঔপনিবেশবাদীৰ দৰে আচৰণ কৰা কেন্দ্ৰীয় চৰকাৰৰ কোনো অযুক্তিকৰ কথা-কাণ্ডৰ প্ৰতিবাদ নকৰা অসম চৰকাৰৰ ভূমিকাৰ পৰিণতিত চলা ৰাজপথৰ আন্দোলন,তাৰ পিচত কনা মহামাৰী আৰু শেহতীয়াৰকৈ হোৱা বানপানী আৰু গৰাখহনীয়া আদি প্ৰাকৃতিক দুৰ্যোগে জনজীৱন কেনেদৰে দুৰ্বিহ কৰি তুলিছে সেই কথা ব্যাখ্যা কৰা নিস্প্ৰয়োজনচৰকাৰী চাকৰিয়ালসকলৰ বাদে বাকী বহুতৰে দুবেলা দুমুঠি খাই জীয়াই থাকিবৰ বাবে উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰিছে।কিন্তু এনে অৰ্থনৈতিক বিপৰ্যয়ৰ পৰা ৰাইজক সকাহ দিবলৈ চিন্তা-চৰ্চা নকৰি আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বোকা ছটিওৱা ৰাজনীতিহে আৰম্ভ কৰি দিয়া পৰিলক্ষিত হৈছে।চৰকাৰেও উপযুক্ত পৰিমাণৰ নগদ ধন আগবঢ়াই দৰিদ্ৰজনৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ পৰিবৰ্তে সামান্য কেইটামান টকা অথবা নামমাত্ৰ খাদ্য দ্ৰব্য দি ভোট বেংকৰ অংক মিলোৱাতহে ব্যস্ত হৈ পৰিছে আৰু বছৰি দহ হাজাৰ টকাকৈ মাত্ৰ দি অসমৰ ১৭ লাখ পৰিয়ালক চৰকাৰৰ অনুগ্ৰহত কোনোৰকম নমৰাকৈ জীয়াই থাকিবলৈহে দিছে।আমাৰ দেশৰ মুকেশ আম্বানীয়ে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ চতুৰ্থ স্থান দখল কৰাৰ লগত তুলনা কৰিলে হিচাপটো কিবা বিসদৃশ যেন নালাগেনে? চৰকাৰ বিৰোধী জাতীয়তাবাদী সংগঠনবোৰেও যেন ৰাজনীতি কৰি নিজে ৰজা হোৱাৰ স্বাৰ্থতে এতিয়া বহুধাবিভক্ত হৈ জাতীয় স্বাৰ্থ এৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ পাং পাতিছে।এনে সন্ধিক্ষণত গাদী দখলৰ ৰাজনীতি কৰাতকৈ আৰ্তজনৰ কাষত থিয় দি তেওঁলোকক জীয়াই থাকিবলৈ দি এক নিশ্চিত উপাৰ্জনৰ পথত অগ্ৰসৰ হোৱাৰ দিহা কৰাটোহে অতি প্ৰয়োজনীয় কথা।চৰকাৰৰ সৈতে তেল পানীৰ দৰে সম্পৰ্ক ৰখাটো দৰকাৰী কথা হব নোৱাৰে,ৰাইজ নিৰ্বিকাৰ হৈ থাকিলে অৰ্থনৈতিক অনিয়মবোৰহে বৃদ্ধি পাবদৰদী শিল্পী জুবিন গাৰ্গে তাকেই কৰি বুদ্ধিমানৰ পৰিচয় দিছেৰাইজে জুবিন গাৰ্গক বিশ্বাস কৰা উচিত।যিহেতু তেওঁ জাতীয় চেতনাৰ বিৰুদ্ধে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছে।চৰকাৰে ৰাইজৰ ধনেৰে দেশ চলাইছে।চৰকাৰৰ প্ৰতিটো বিভাগে ৰাইজৰ হৈ ৰাইজৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে।এনেবোৰ ধনৰ সদ্ব্যৱহাৰ হোৱা উচিত।অসমৰ কৃষি বিভাগে ব্যয় কৰা ধনৰ সুফল কৃষকে লাভ কৰিবলৈ হলে এচাম শিক্ষিত কৃষকৰ সৃষ্টি হব লাগিব।জুবিন গাৰ্গহঁতে তাকেই কৰিবলৈ মন মেলিছে।সেয়ে আমি জুবিন গাৰ্গক সমৰ্থন জনোৱা উচিত।

--------সমাপ্ত--------