Wednesday, 15 October 2025
বোৱাৰীবিহীন জীৱনৰ তিতা-মিঠা
দুসপ্তাহমানৰ আগতেই চন্দনৰ মাকে আমাৰ শ্ৰীমতীক কৈ থৈছে,”বৰমা, এইবাৰ আমাৰ চন্দনৰ জন্ম-দিনত কিন্তু ক’লৈকো নাযাব দেই।ভালদৰে জন্মদিন পাতিম, আপুনি লাগিভাগি দিব লাগিব।“ পিছে কি হ’ব,এৰাব নোৱাৰা কাৰণত জন্মদিনৰ আগদিনা আমি ডিব্ৰুগড় পালোঁহি।চন্দনৰ মাকে ঘৰত ডাঙৰ মিক্সাৰ নাই বাবে ভোজৰ আঞ্জাত দিবলৈ সৰিয়হ পিচিবলৈ আহি আমাৰ ঘৰ পালেগৈ। দূৱাৰত তলা ওলমি থকা দেখি লগে লগে ফোন কৰি আমাক ঘৰলৈ আহিবলৈ অনুৰোধ জনালে।এৰা, উপায় নাই হে। খৰধৰকৈ যাবতীয় কামখিনি শেষ কৰি শাৰদীয় দূৰ্গোত্সৱক ম্লান কৰি তোলা দবাপিতা বৰষুণজাকক আওকান কৰি মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ পাৰে পাৰে মথাউৰিয়েদি ক্ষুদ্ৰকায় গাড়ীখনেৰে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ।
আজিৰ পৰা পাঁচ বছৰমানৰ পূৰ্বে চন্দনৰ দেউতাক বিজিতে আমাৰ নৱনিৰ্মিত দোকান ঘৰটোৰ এখন দোকান ভাড়াত লৈ গেলামালৰ দোকান খোলে।বিজিতহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বাৰ কিলোমিটাৰ মানৰ দূৰৰ আমগুৰিত।চন্দনৰ মাক ‘জোনালী’ৰ মাকৰ ঘৰো দূৰত নহয়,মাছখোৱাত।সময় সুবিধা পালেই জোনালীৰ মাকে দুই চাৰিদিন জীয়েকৰ ঘৰত থাকি যায়হি।সেই কেইটা দিন জোনালীৰ দেউতাকে বাৰী ঘৰৰ ৰখীয়া হৈ অকলৈয়ে ঘৰত থাকে। পুতেক বোৱাৰীয়েক নগৰত থাকে। তেওঁলোকে মাক-দেউতাকৰ খবৰ নাৰাখে।সস্কিলে-মস্কিলে জী-জোঁৱাইয়েহে চায়।অলপ দিনৰ আগতে বিজিতে টমটম এখন কিনি চলাবলৈ ধৰাত ঘৈনীয়েকে দোকান চলাব লগীয়া হ’ল।তেতিয়া কিছুমান গ্ৰাহক দোকানলৈ আহিবলৈ বেয়া পোৱা হ’ল।ইফালে জোনালীৰো মূৰ ঘূৰণি বেমাৰ লাগিল।উপায়ান্তৰ হৈ জোনালীৰ মাকে দোকানত বহিব লগীয়া হ’ল।তেওঁ বয়-বস্তুৰ দামবোৰ ভালদৰে নাজানে বাবে বেছ অসুবিধাৰ সন্মুখীন হ’ল।তথাপিও যেনেতেনে দোকানখন চলি আছিল।পিছে কি হ’ব, বিধিয়ে দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে নহয়।এদিন হঠাত্ পিচল খাই পৰি জোনালীৰ মাকৰ সোঁহাতখন ভাগিল।দোকানত বহা মানুহ নোহোৱাত দোকানখন বন্ধ কৰি ঘৰ খালি কৰি দিলে।ওচৰতে ভাড়াঘৰ লোৱা বাবে আমাৰ ঘৰৰ লগত তেওঁলোকৰ আহ-যাহ চলি থাকিল। আমি বিজিতহঁতৰ বৰমা-বৰদেউতা আৰু চন্দনৰ ককা-আইতা হৈ পৰিলোঁ।
“বিজিত আৰু জোনালীয়ে ইমান উত্সাহেৰে পুতেক চন্দনৰ জন্মদিন পাতিছে যে ভৱিষ্যতে চন্দনেও যদি মোমায়েকৰ দৰে বিয়া বাৰু কৰাই মাক-দেউতাকক পাহৰি যায় তেতিয়া তেওঁলোকৰ কেনে লাগিব বাৰু?”
দীৰ্ঘ সময়ৰ বিৰতিত বৰষুণজাক এৰিলত আৰু বোকা পানীৰে পৰিপূৰ্ণ বাটচোৱা অতিক্ৰম কৰাৰ পিছত গাড়ী চালকৰ আসনত উপবিস্ট আমাৰ শ্ৰীমতীয়ে কথাষাৰ কৈ মোৰ প্ৰতিক্ৰিয়া জানিবলৈ অপেক্ষা কৰি ৰ’ল।আমাৰ শ্ৰীমতীয়ে সচৰাচৰ আনৰ পুত্ৰ-বোৱাৰীয়ে মাক-দেউতাকক অৱহেলা কৰা অনেক কাহিনী মোক শুনাই থাকে। দৰাচলতে আমাৰ পুত্ৰ সন্তান নাই বাবে ‘আঙুৰ টেঙা’ বুজাবলৈ যেন তেওঁ সেই কাহিনীবোৰ কয় মোৰ তেনে অনুভৱ হয়।অৱশ্যে তাৰ মাজতে দুই এক সু-পুত্ৰ বোৱাৰীৰ দৃষ্টান্তও দাঙি নধৰা নহয়।অৱশ্যে সাম্প্ৰতিক কালৰ পৰিৱেশ পৰিস্থিতিত পুত্ৰ সন্তান আৰু কণ্যা সন্তানৰ প্ৰভেদ বিচাৰ কৰাৰ অৱসৰ নোহোৱা হ’ল।এতিয়া মোৰ বাবে এইবোৰ কথা গুৰুত্বপূৰ্ণ নহয়।পুত্ৰ-বোৱাৰীয়ে আৰু কোনো কোনো কন্যা সন্তানে বৃদ্ধ পিতৃ-মাতৃক অনাদৰ কৰাটোহে বিচাৰ্য বিষয় হৈ পৰিছে।এই সন্দৰ্ভত গুণী-জ্ঞানী লোকসকলে পৰামৰ্শ দিয়ে যে আনৰ ওপৰত ভৰসা নকৰি বৃদ্ধ কালত নিজে নিজক প্ৰতাপাল কৰাৰ ব্যৱস্থা কৰিব পৰাকৈ য়িমান পৰা যায় ধন সঞ্চয় কৰি থ’ব লাগে।চন্দনে ভৱিষ্যতে তাৰ মাক-দেউতাকক অৱহেলা কৰিবনে প্ৰতিপাল কৰিব সেই সন্দৰ্ভত এতিয়া মই কি মন্তব্য ৰাখিম সেইটোহে ডাঙৰ কথা ।কাৰণ, ল’ৰাটোক মাক-দেউতাকে যিদৰে ডাঙৰ-দীঘল কৰিছে তাত বহুতো আঁসোৱাহ দেখা পাইছোঁ।
শ্ৰীমতীয়ে মোক কয়, ‘বিৰাজৰ মাকে তেওঁলৈ আজি-কালি সঘনাই ফোন কৰি পুত্ৰ-বোৱাৰীৰ দূৰ্ব্যৱহাৰৰ কাহিনী কৈ নিজৰ মনক সান্ত্বনা দি দুখ-বেজাৰ পাতলাব খোজে।‘ তেওঁলোকৰ দুটি মাথো সন্তান।বিৰাজ আৰু বিস্মিতা।বিস্মিতাক বিয়া দিয়াৰ পিছত মাক-দেউতাকৰ লগতে বিৰাজৰো ঘৰখন কিবা উদং উদং লগা হ’ল।বিৰাজৰ মাকৰ বান্ধবী পূৰ্ণীমা এদিনাখন তেওঁলোকৰ ঘৰলৈ আহোঁতে বিৰাজৰ মাকে এনেবোৰ কথা আলোচনা কৰোঁতে বোৱাৰী এজনীৰ অতিকৈ প্ৰয়োজন বুলি ক’লে।সুযোগ হেৰাবলৈ নিদি বান্ধবীয়ে নিজৰ কণ্যা পাহিকে বিৰাজলৈ বিয়া দিব বুলি প্ৰস্তাব দিলে।বিৰাজৰ চাকৰি নিয়মীয়া হোৱা নাই বাবে বিয়াত খৰছ কৰিবলৈ তাৰ হাতত ধন নাছিল। সেয়ে দেউতাকে পেন্সনৰ ধন খৰছ কৰিব লগীয়া হ’ল।এইদৰেই উচ্চ শিক্ষিতা সুন্দৰী যুৱতী পাহিৰ সৈতে বিৰাজৰ বিবাহ সম্পন্ন হ’ল। বোৱাৰীক নিজৰ জীৰ দৰে আবদাৰ কৰিম বুলি সংকল্প লৈ মৰম-স্নেহৰ বান্ধোনেৰে সদৌটিকে বান্ধি ৰখা ঘৰ এখন গঢ়ি তোলাৰ সপোন দেখা বিৰাজৰ মাক দেউতাকৰ সকলো আশা ভৰসাত চেঁচা পানী ঢালি অপ্ৰত্যাশিতভাৱে পাহিয়ে বিয়াৰ পিছ দিনাই তাইক কিবা উপদেশ দিয়া বাবেই শাহুয়েকক উভটি ধৰিলে।পাহিৰ মতে, তাই এজনী উচ্চ শিক্ষিতা ছোৱালী, বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নথকা বিৰাজৰ মাকৰ উপদেশ দিবলৈ কোনো অধিকাৰ নাই।বিৰাজৰ মাকে এষাৰ কথা ক’লে পাহিয়ে দহষাৰ কৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিব ধৰাত বিৰাজৰ দেউতাকে পাহিক মৰমেৰে কথাবোৰ বুজাই ক্ষান্ত কৰিবলৈ চেষ্টা কৰিলে; কিন্তু পাহি ক্ষান্ত হোৱা দূৰৰ কথা, তাই অতি উত্তেজিত হৈ উচ্চ স্বৰত ইংৰাজীতে বিৰাজৰ দেউতাকক কিবা কিবি ক’ব ধৰিলে।বিৰাজৰ দেউতাক নিৰৱে আঁতৰি গৈ ঘৈনীয়েকৰ ওচৰ পালেগৈ।পাহিয়েনো ইংৰাজীত কি বলকিলে তাকে বিৰাজৰ মাকে সুধিলে।বিৰাজৰ দেউতাকে কথাখিনি অসমীয়াতে বুজাই ক’লে।অৱশেষত তেওঁলোকে পাহিৰ কথাবোৰ পুতেক বিৰাজক ভাঙিপাতি ক’লে।কিন্তু বিৰাজে তেওঁলোক দুয়োকে আচৰিত কৰি পাহিৰ পক্ষ লৈ তেওঁলোকৰ ওপৰতে সকলো দোষ জাপি দিলে।তেওঁলোক দুয়োৰে এনে লাগিল যেন এইটো ল’ৰা তেওঁলোকৰ পুত্ৰ বিৰাজ নহয়,ভূতনি লম্ভী গাত ভৰ কৰি থকা বিৰাজহে।কথাবোৰ ভাললৈ অহাৰ বিপৰীতে অতি বেয়াৰ ফালে ঢাল খালে।বিৰাজ আৰু পাহিয়ে নিজৰ ৰুমতে পাকঘৰ জুৰিলে।মাকৰ লগত লগ-সমনীয়াৰ দৰে হাঁহি-ধেমালী কৰি দিন পাৰ কৰা ল’ৰাটো বিয়াৰ পিছতেই ইমান সলনি হ’ব বুলি মাকে সপোনতো ভৱা নাছিল।দিপাৱলীৰ দিনা বিৰাজৰ মাকে মিঠাতেলৰ চাকিত তেল দিওঁতে কেনেবাকৈ পকা মজিয়াত দুটোপালমান মিঠাতেল পৰিছিল।তাকে দেখা পাই পাহিয়ে হুলস্থূল লগাই দিলে। শাহুয়েকে তাইক হত্যা কৰাৰ চক্ৰান্ত কৰিয়ে পিচলখাই পৰিবৰ বাবে হেনো মজিয়াত মিঠাতেল পেলাই থৈছে।অৱশেষত পৰিৱেশ পৰিস্থিতি চম্ভলা জটিল হৈ পৰাত বিৰাজৰ দেউতাকে বিৰাজ আৰু তাৰ ঘৈনীয়েকক ভাড়াঘৰ লৈ বেলেগে থাকিবলৈ ক’লে।সিহঁত দুয়ো যেন এই প্ৰস্তাৱ শুনিবলৈকে অপেক্ষা কৰি আছিল।লগে লগে তেওঁলোক দুয়ো যিখন কলেজত চাকৰি কৰে তাৰ ওচৰতে ভাড়াঘৰ এটা লৈ মাক দেউতাকক কন্দুৱাই তালৈ গুচি গ’ল।
মই আমাৰ পুত্ৰ-বোৱাৰীবিহীন সংসাৰখনৰ বাবে মনত কিবা দুখ-বেজাৰ ভাৱ পোষণ কৰি আছোঁ বুলি ভাৱিয়ে নে কি জানো আমাৰ শ্ৰীমতীয়ে এনে ধৰণৰ অনেক দুৰ্ভগীয়া শহুৰ শাহুৰ কাহিনী আজি কালি প্ৰায়ে শুনাই থাকে।পিছে তেওঁ কেৱল বোৱাৰীৰ ওপৰতে দোষ জাপি দিবও নোখুজে, কিছুমান শাহুমাও অতি নিষ্ঠুৰ থাকে বুলি কয়।তেনে শাহুবোৰে হেনো বোৱাৰীক ঘৰত চাকৰনীৰ দৰে খটুৱাবৰ বাবেই চপাই লয়।বোৱাৰীয়ে কেনিও ডিঙি মেলি চাব নোৱাৰাকৈ দিনে ৰাতিয়ে কাম কৰি থাকিলে ভাল পায়।তেনে শাহুয়ে ঘৰত কাম নাথাকিলে হেনো চাউলত ধান মিহলাই দি বোৱাৰীক ধান বাচি থাকিবলৈ দিয়ে।আমাৰ শ্ৰীমতীয়ে কয়, ‘আমাৰ যদি বোৱাৰী এজনী থাকিলে হেঁতেন তেন্তে মই তাইক নিজৰ জীৰ দৰে মৰমেৰে ৰাখিলোঁ হেঁতেন।‘মই ‘বোলো নোৱাৰা হে তুমি, বোৱাৰী বাবলৈ নাপাই মোৰেই যি গতি কৰিছা, এনে কৰিলেচোন তোমাৰ লগত বোৱাৰী দুটা দিনো তিষ্ঠিব নোৱাৰিব।‘তেতিয়া শ্ৰীমতীয়ে ‘এহ মই কি কৰোঁ, মই কি কৰোঁ’ বুলি উভটি ধৰে।ততালিকে মই তেওঁৰ চেও-ভাওবোৰ সোঁৱৰাই দি কওঁ ‘বোলো তুমি যে মোক কামবোৰ কৰিবলৈ দি কোনোটো কামেই ভালদৰে কৰা নেদেখা।বাচন ধুলেও কোৱা চাফা হোৱা নাই, কাপোৰ ধুলেও কোৱা কলাৰটো লেতেৰা হৈ থাকিল, ভাত-পানী বনালেও কোৱা বোলে দাইলত নিমখ কম হ’ল,আৰু কোৱা ভাত চাউলীয়া হৈ থাকিল, আনকি মইয়ে তোমাক গাড়ী চলাবলৈ শিকালোঁ আৰু এতিয়া মই গাড়ী চলালে তুমি সন্তুষ্ট হ’ব নোৱাৰি মোকে গাড়ীৰ ষ্টেয়াৰিঙত ধৰিব নিদিয়া হ’লা। তেন্তে কোৱাচোন তুমি বোৱাৰীৰ কিবা কামত সন্তুষ্ট হ’ব পাৰিবানে?’এই বুলি ক’লে আমাৰ শ্ৰীমতীয়ে কথাটো পাতলাই দি ধেমালিৰ সুৰত কয়, ‘আপুনি ঘৰত মাকৰ পৰা কামবোৰ ভালদৰে কৰিবলৈ শিকি নাহিলে কিয়?’ এইদৰেই সেই প্ৰসংগৰ আনোচনাৰ মুখনি মাৰে।
অত’পৰে মই ভাৱনাত বিভোৰ হৈ থাকি চন্দনে ডাঙৰ হ’লে তাৰ বৃদ্ধ পিতৃ-মাতৃক উভতি চাবনে নাচায় সেই বিষয়ত কোনো মন্তব্য নিদিয়াত শ্ৰীমতীয়েই মাত লগালে।
‘আপুনি টোপনি গৈছে নেকি?’
‘নাই, মই টোপনি য়োৱা নাই হে, চন্দনৰ কথাকে ভাৱি আছিলোঁ।ল’ৰাটোক মাক-দেউতাকৰ মৰমেই তেনেই নষ্ট কৰি পেলাব যেন লাগিছে।অনবৰতে তাক ম’বাইল চাবলৈ দিছে,তাৰ বাৰু চকুহাল ভালে থাকিবনে? অকালতে দৃষ্টি শক্তি হেৰুৱালে সি পঢ়া-শুনাত কেনেকৈ আগ বাঢ়ি যাব বাৰু? তাৰোপৰি প্ৰথম মান শ্ৰেণীত পঢ়ি থাকোতেই ম’বাইলত ভাল বেয়া যিকোনো ধৰণৰ ভিডিঅ’ চালে তাৰ কু-প্ৰভাব চন্দনৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত নপৰিবনে বাৰু? সি হেনো ম’বাইলটো চাই চাই ভাত খায়। ম’বাইলটো চাবলৈ নাপালে ভাত খাব নোৱাৰে।ম’বাইলত নেট পেক নাথাকিলে চন্দন বলিয়াৰ দৰে হৈ পৰে। তেতিয়া মাকে নেট পেক ভৰাই দিবলৈ বাধ্য হয় হেনো।এনে হ’লে চন্দনে পিতৃ-মাতৃক বৃদ্ধ কালত প্ৰতিপাল কৰাটো বাদেই নিজেই সি মানুহ হ’ব নোৱাৰিব।‘
‘দেউতাকেও চন্দনক জোখতকৈ অধিক মৰম কৰে’,শ্ৰীমতীয়ে কৈ গ’ল,’এইবাৰ পূজাত কি হ’ল জানে, স্কুলত শিক্ষকে ছাত্ৰসকলক বন্দুক, পিষ্টল আদি নিকিনিবলৈ ক’লে; কিন্তু চন্দনে তাৰ দেউতাকে পূজাৰ বজাৰত দিয়া অস্থায়ী দোকানৰ পৰা দুইফুট মান দীঘল বন্দুক এটা উঠাই দিলে।দেউতাকেও কোনো হকাবাধা নকৰিলে।মাথো হাঁহি হাঁহি ক’লে, ‘দোকানৰ লাভ খিনিয়েই চন্দনে লৈ ল’লে।’এই দৰে ল’ৰা বেছিহে বেয়া হৈ নাযাবনে?’
চন্দনৰ কথা ইমানতে এৰি মই বেৱাৰীবিহীন সংসাৰৰ কিছু তিতা মিঠা কথা বলকিম বুলি ভাৱিছিলোঁ; কিন্তু আমাৰ শ্ৰীমতীয়ে ঘৰৰ পদূলিমুখত গাড়ীৰ ব্ৰেক ধৰিলত দুৱাৰৰ চাবিকোচা লৈ মই গাড়ীৰ পৰা নামি যাবলৈ বাধ্য হলোঁ।
-------------সমাপ্ত-----------
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment