Wednesday, 15 October 2025

বাল্য বন্ধুৰ বাল্যকালৰ স্মৃতি ৰোমন্থন

চাহৰ কেটলিত পানী ঢালি দি চাহ একাপ বনাই খাওঁ বুলি গেচৰ চৌকাত অগ্নি সংযোগ কৰিছিলোঁহে মাত্ৰ, কলিং বেলটো বাজি উঠিল।বাজিল যি বাজিল বন্ধই নোহোৱা হ’ল।গেচৰ চৌকাৰ জুইকুৰা নুমুৱাই মনত খং আৰু বিৰক্তি ভাৱ পোষণ কৰি মই গৈ ড্ৰয়িং ৰুম পালোঁগৈ। দুৱাৰখন খুলি দেখোঁ যে আগন্তুকৰ তৰ্জনী আঙুলিটো তেতিয়াও কলিং বেলৰ চুইছটোৰ ওপৰত, যেন গৃহস্থ ঘৰত নাথাকিলেও তেৰাই কলিং বেল টিপিয়েই আবিৰ্ভাৱ ঘটাই দিব।মোক দেখা পাইহে আগন্তুকে চুইছটোৰ পৰা আঙুলিটো আঁতৰালে আৰু মেলেককৈ হাঁহি এটা মাৰি মোৰ ফালে হাত দুখন আগ বঢ়াই দি এক প্ৰকাৰ চিঞৰি উঠিল। ‘ৰূপজ্যোতি, মোক চিনিব পাৰিছনে ? মই অনিল, তোৰ বাল্য বন্ধু অনিল।‘ প্ৰাচাত্যৰ ৰহন হনা সম্ভ্ৰান্ত লোকৰ দৰে নিখুঁট পৰিছন্ন পোছাক পৰিহিত হৃষ্টপুষ্ট ভদ্ৰলোকক মই বাল্য বন্ধু তাহানিৰ মেমেৰা-চেপেৰা অনিলটো বুলি মানি ল’বলৈ টান পাইছোঁ যদিও দিওঁ নিদিওঁকৈ সোঁহাতখন আগ বঢ়াই দিলোঁ। ভদ্ৰলোকে কৰমৰ্দন কৰি মোক আঁকোৱালি ধৰিলে আৰু তেওঁহে যেন ঘৰৰ গৃহস্থ তেনে ভাৱত ড্ৰয়িং ৰুমৰ ভিতৰলৈ টানি নিলে। ওলোটাই মোক আলহীৰ দৰে চুফাত বহাই দি নিজেও বহিলৈ ভদ্ৰলোকে ক’লে, ‘বহি লৈ ভাল দৰে কথা পাতোঁ, তই মোক কিবা যেন অচিন মানুহ এনে দেখাইছ।‘ অগত্যা মই সঁচা কথাটো কৈয়ে দিলোঁ, ‘তাহানিৰ অনিলৰ সৈতে মই চেহেৰা-পাতি, মাত-কথা, আৰু সাজ-পোচাক একোকে মিলাব পৰা নাই।‘ ‘হয়নেকি, বাৰু ৰূপজ্যোতি, কচোন তোৰ ঘৰত এতিয়া আৰু কোন আছে ?’ ‘এতিয়া ঘৰত কোনো নাই, আমাৰ একমাত্ৰ সন্তান প্ৰদীপে ষ্টেট বেংক অব ইণ্ডিয়াত চাকৰি কৰে। সি গুৱাহাটীত থাকে। আমি দুজনহে ঘৰত থাকোঁ, শ্ৰীমতী আৰু মই। তেওঁ তোলনি বিয়া এখনলৈ গ’ল।‘ ‘ঠিক আছে তেন্তে বন্ধু।‘-বুলি কৈয়ে ভদ্ৰলোকে অভদ্ৰৰ দৰে আচৰণ কৰি নিজৰ লংপেন্টটো মোৰ সমুখতে খুলি দিলে। অৱশ্যে মোক অধিক সময় অস্বস্তিত নেপেলাই তেওঁ সোঁভৰিৰ কৰঙনৰ নিম্ন অংশত থকা এক সুগভীৰ ক্ষতচিহ্নৰ প্ৰতি মোৰ দৃষ্টি আকৰ্ষণ কৰি ক’লে, ‘বজাৰ পট্টিৰ মানিক গগৈৰ বাৰীৰ শ্ৰীফল জোপাৰ তললৈ তোৰ লগত যাওঁতে যে মোক কুকুৰে কামুৰিছিল তাৰ চিহ্ন এয়া। এতিয়া বিশ্বাস হ’ল নে মই যে অনিল?’ তেনেই সৰু কালৰ মনত থকা নথকা দিনৰ ঘটনা।আন দিনৰ দৰেই অনিল আৰু মই পুৱাতে উঠি ঘৰত কোনেও গম নোপোৱাকৈ বজাৰ পট্টি পালোঁগৈ।উদ্দেশ্য, আন কোনোবাই বুটলি নিয়াৰ আগতেই মানিক গগৈৰ ঘৰৰ বাৰীৰ শ্ৰীফল জোপাৰ তল সৰা পকা শ্ৰীফল কেইটা বুটলি অনা।গছৰ তল পাই শ্ৰীফল কেইটামান বুটলি লওঁতেই কোনোবো এজন মানুহে ‘ধৰ ধৰ’ বুলি কোৱাৰ লগে লগে কুকুৰ এটাই ভুক ভুক কৈ খেদি আহিল।ভয়ত বিব্ৰত হৈ আমি য’ৰে শ্ৰীফল ত’তে পেলাই অহা বাটেৰে দৌৰিব ধৰিলোঁ।কুকুৰৰ পৰা দৌৰি হাত সাৰিব পৰাকৈ ক্ষণকায় অনিলৰ দেহত যথোপযুক্ত শক্তি নাছিল বাবে কুকুৰটোৱে তাক আক্ৰমণ কৰি তাৰ ভৰিৰ কৰঙনৰ তলৰ মাংসল অংশৰ পৰা কামুৰ মাৰি এমোকোৰা মাংস এৰুৱাই নিলে।অনিলে ৰাউচি- জুৰি কান্দিব ধৰিলে আৰু দৌৰ সামৰি মই ঘূৰি গৈ অনিলৰ কাষ পালোঁগৈ।ইতিমধ্যে ঘটনাস্থলিত ভালেমান মানুহ গোট খালে। তাৰে দুজনমানে অনিলক এখন ফাৰ্মাচীলৈ নি প্ৰাথমিক চিকিত্সাৰ ব্যৱস্থা কৰিলে। কোনোবাই খবৰ দিয়াত অনিলহঁতৰ ঘৰৰ মানুহ আহি অনিল আৰু মোক গালি-শপনি পাৰি ঘৰলৈ লৈ গ’লহি। ‘কি হে বন্ধু, ঘটনাটো পাহৰিলি নেকি ? ভেৱা লাগি ৰ’লি যে।‘ ‘অনিল, ক’তনো পাহৰিম সেইটো ঘটনা। সেইবোৰ কথাকে ভাৱি আছিলোঁ।তই মোক বেয়া নাপাবি, তোৰ চেহেৰা সম্পূৰ্ণ সলনি হ’ল।তাতে লগ নোপোৱা আজি কত’ বছৰ হ’ল ভাৱি চাচোন।‘ ‘আৰু ৰূপজ্যোতি, তোৰো বাল্যকালৰ চেহেৰাটো এতিয়া নাই ;কিন্তু তোৰ এই সোঁগালত থকা তুলসী পাতৰ দৰে ক’লা বৰণৰ দাগটোৰ বাবেই তইয়ে বুলি নিশ্চিত হৈ গলোঁ।‘ অনিলৰ কথা শুনি মই নিজৰ গালৰ তুলসী পাতটোত এনেয়ে আঙুলি বুলাই চালোঁ।ডেকা বয়সত এদিন প্লাষ্টিক চাৰ্জাৰী কৰি এই তুলসী পাতটো নোহোৱা কৰি দিম বুলি ডাক্তৰৰ ওচৰ পাইছিলোঁগৈ।পিছে খৰছ বহন কৰিব নোৱাৰিহে পৰিকল্পনাটো সিমানতে বাদ দিলোঁ।অন্যথাই অনিলক মই চিনিব নোৱাৰাৰ দৰে সিও মোক চিনিব নোৱোৰিলে হেঁতেন। ‘ৰূপজ্যোতি,কি ভাৱি আছ? মই কলিং বেলটো টিপি থাকোঁতে তোৰ চকুৱে মুখে যি খং আৰু বিৰক্তি ভাৱ দেখা পাইছিলো, মই ভয়ে খাইছিলো।ভাৱিছিলো মোক চিনি পায়ো তই এনেখন কৰিছ।আচলতে মই তোক লগ পাবলৈ ব্যগ্ৰ হৈ আছিলো আৰু তহঁতৰ কলিং বেলটো হেঁচা দিলে ওপৰলৈ উঠি আহে বাবে বজা নাই বুলি মই জোৰে হেঁচি ধৰিলোঁ। হে হে হে।‘ কথাখিনি কৈ অনিলে সৰু কালত হঁহাৰ দৰে যিমান পাৰে সিমান হাঁহিব ধৰিলে আৰু ময়ো তাৰ লগত হাঁহিত যোগদান কৰিলোঁ।অনিলে হাঁহি থাকোঁতে তাৰ মুখায়বত বাল্য কালৰ চেহেৰা এটা ফুটি উঠা দেখি তাৰ চেহেৰাটোক কেন্দ্ৰ কৰি গেঠেলা লাগি থকা মোৰ মনটো কিছু ফৰকাল লাগি গ’ল। ‘হে হে হে, কলিং বেলটো বেয়া হৈছে ঔ অনিল। আনে টিপি থাকে যে, বেয়া হৈছে বুলি মই গমেই পোৱা নাই।আমাৰ শ্ৰীমতীয়েতো কলিং বেল নিটিপেই, মোকো টিপিব নিদিয়ে। কয় বোলে মাতষাৰ দিব নোৱাৰা নেকি,বোবা মানুহৰ দৰে সেইটো যে বজাই থাকা।‘ ‘হে হে হে।‘ দুয়ো আকৌ কিছু পৰ হাঁহি ল’লোঁ।হাঁহি থাকোঁতে ইটোৱে সিটোৰ দাঁতৰ অৱস্থা দেখি আৰু অলপ হাঁহিব লগা হ’ল। ‘দাঁত দেখিয়েই মনত পৰিছে, তোৰ মনত আছেনে অনিল, গাঁৱৰ বিধবা তিৰোতা কেইগৰাকীৰ যে দাঁতবোৰ ৰং সানি কিচকিচকৈ ক’লা কৰি থৈছিল আৰু সৰুতে তই তাকে দেখি ভয়ত দৌৰি পলাইছিলি।‘ ‘হে হে হে কিয় মনত নাথাকিব। মই তেওঁলোকক জখিনী বুলি ভাৱিছিলোঁ।‘‘অনিলে ক’লে। ‘এৰা হে,তাহানিখন বিধবা তিৰোতাৰ প্ৰতি কমখন অন্যায়- অবিচাৰ কৰা হৈছিল চাচোন।‘মই কলোঁ, ‘পিছে অনিল, তয়ো পৰিবাৰক এৰি অকলৈ মোৰ ঘৰলৈ আহি তিৰোতাৰ প্ৰতি চৰম অবিচাৰ কৰা নাইনে?’ ‘তোক মই কেতিয়া কলোঁ মোৰ শ্ৰীমতীক এৰি আহিছোঁ বুলি। আচলতে আমি তোৰ ঘৰটো বিচাৰি পাই শ্ৰীমতী আৰু আমাৰ এক মাত্ৰ সন্তান বেংক অব ইণ্ডিয়াৰ বিষয়া উষাক ড্ৰাইভাৰ আৰু চিকিউৰিটি অফিচাৰৰ লগত গাড়ীতে গৈ কিবাকিবি বজাৰ অলপ কৰি আনিবলৈ পঠাইছোঁ।নগৰখন কিছু দূৰত বাবে আহি পাওঁতে পলম হ’ব পাৰে।‘অনিলে উষ্মা সহকাৰে ক’লে, ‘পিছে তোৰ শ্ৰীমতী বিয়াৰ পৰা কেতিয়া উভটিব?’ ‘বিয়া ঘৰ অলপ দূৰৈত। তেওঁ আহি পোৱাত কিছু পলম হ’ব।‘ মই ক’লোঁ। ইতিমধ্যে আমি দুয়ো পাকঘৰ পালোঁগৈ। দুয়ো লাগি ভাগি তাহানি বন ভোজ খাওঁতে কাম কৰাৰ দৰে কৰি চা-জলপান ইত্যাদি পাকঘৰত যি পালোঁ কিবাকিবি খাই ললোঁ।তাৰ পিছত কথা পাতি পাতি আমি দুয়ো মায়াময়, মোহময় ল’ৰালি কাললৈ উভটি গ’লোঁ। অনিলহঁতৰ ঘৰখন দুখীয়া আছিল আৰু আমাৰ ঘৰখন আছিল চহকী ।আমাৰ দেউতা ভাৰত চৰকাৰৰ এক বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল আৰু অনিলৰ দেউতাকে খেতি-বাতি আৰু বেপাৰ-বাণিজ্য কৰি ঘৰ চলাইছিল।অনিল আৰু মোক আমাৰ দেউতাই নি প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল।আমি দুয়ো অনবৰতে একেলগে থাকিছিলোঁ।আমাৰ মা-দেউতাই তাক বৰ মৰম কৰিছিল।মাই আমাক একেলগে বহাই লৈ ভাল ভাল বস্তু খাবলৈ দিছিল।আমাৰ দেউতাই বিহুত মোক চাৰ্ট-পেন্ট দিলে অনিলকো কিনি দিয়ে।এইদৰে কেইবছৰ মান পাৰ হোৱাৰ পিছত আমাৰ দেউতাৰ চাকৰি অসমৰ বাহিৰলৈ বদলি হোৱাত অনিল আৰু মোৰ মাজৰ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ গ’ল।ইফালে ময়ো আহমেদাবাদৰ এক কোম্পানীত চাকৰি কৰি আছিলোঁ। আমাৰ বেটা প্ৰদীপে ষ্টেট বেংক অব ইণ্ডিয়াৰ গুৱাহাটীৰ দিচপুৰ শাখাত প্ৰবেচনাৰী অফিচাৰ হিচাপে অলপ দিনৰ আগতে চাকৰিত যোগদান কৰে। সেয়ে মই চাকৰি এৰি দিলোঁ আৰু আমি গুজৰাটৰ পৰা আহি অসম পালোঁহি। মহানগৰৰ হাইউৰুমিৰ পৰা ৰক্ষা পাবৰ বাবে এই ৰ’দালি গাঁৱতে ঘৰে মাটিয়ে কিনি থাকিবলৈ ললোঁ। ঘৰৰ আৰ্থিক অৱস্থা বেয়া আছিল যদিও সিনো কেনেকৈ ইমান পঢ়া-শুনা কৰি অসম চৰকাৰৰ ৰাজ পত্ৰিত বিষয়া হ’ব পাৰিলে তাকে জানিবৰ বাবে অনিলক সুধিলোঁ।এক ৰহস্যময় হাঁহি মাৰি অনিলে ক’লে যে এয়া হেনো সকলো ভগৱানৰ মহিমা। ‘ৰূপজ্যোতি,মই যে অনবৰতে খচমচাই থাকোঁ সেই কথা তোৰ মনত আছেনে বাৰু? মোৰ সেই খচমচনিৰ আঁৰতো এক কাহিনী আছে।তোৰ দেউতাই আমাক স্কুলত নাম লগাই দিবলৈ নিঁওতে আমাৰ আচলতে নাম ভৰ্তিৰ বয়স হোৱাই নাছিল। আমি তিনি চাৰি বছৰীয়া আছিলোঁ।সেইদিনা তই দেউতাৰৰ হাতত ধৰি গৈ থাকোঁতে মই পিছ পৰি গলোঁ।তেতিয়া আমাৰ সম্পৰ্কীয় মোমাইদেউ মণিকান্তই তেওঁৰ লগত কথা পাতি থকা মানুহজনক মোক দেখুৱাই কৈছিল, ‘এই বান্দৰটোৱে কি পঢ়িব, ফালিব ই।‘ মোক উদ্দেশ্যি বান্দৰ ৱুলি কোৱাত মই বাৰু সঁচাকৈয়ে বান্দৰ নেকি বুলি ভাৱিব ধৰিলোঁ।যি কোনো মুহূৰ্ততে মোৰ নেগুৰডাল গজিছেনে নাই বুলি হেপিয়াই থাকিব ধৰিলোঁ। সেয়ে মই যতে থাকোঁ তাতে খচমচাই থাকিব লগীয়া হয়।তাৰোপৰি নিজকে বান্দৰ বুলি ভাৱিবলৈ লৈ গছত উঠি নিৰ্ভয়ে বগাব ধৰিলোঁ। মই ফলমূলৰ গছত উঠিলে তলত ল’ৰা-ছোৱালীৰে ভৰি পৰে।ঘৰত এখন ডাঙৰ হনুমন্তৰ ফটো আঁৰি থোৱা আছিল। তাৰ তলত ধূপ জ্বলাই মই নিতৌ হনুমানৰ পূজা কৰোঁ।মোৰ নেগুৰৰ সন্ধানত গঢ় লৈ উঠা খচমচনিটো বাঢ়ি গৈছিল চাগৈ। এদিন প্ৰাৰ্থনাৰ বাবে শাৰী পাতি থাকোঁতে মই খচমচাই থকাত ওপৰৰ শ্ৰেণীৰ কেইজনমান ছাত্ৰই কথাটো প্ৰধান শিক্ষকক জনাই দিলে। মোক প্ৰধান শিক্ষকৰ কোঠালৈ মাতি নি খচমচাই থকাৰ কাৰণটো সুধিলে।তেতিয়া মই সকলো কথা বিৱৰি কলোঁ।প্ৰধান শিক্ষক মহোদয়ৰ কোঠাত সেই সময়ত উপস্থিত থকা মকলো শিক্ষকৰ লগতে প্ৰধান শিক্ষক মহোদয়েও খুউব হাঁহিলে।শেষত তেখেতসকলে মোক মৰমেৰে বুজালে ‘কোনোবোই ক’লে বুলিয়েই মানুহ বান্দৰ হৈ নাযায় নহয়, তুমি ভাল দৰে পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ’বা, তেতিয়া তোমাক বান্দৰ বোলাজনে নিজেই লাজ পাব।‘ তেতিয়াৰ পৰাই মই নেজ বিচাৰি খচমচাবলৈ এৰি ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিলোঁ ; কিন্তু কি দৰে হ’ম তাকহে ভাৱি পোৱা নাছিলোঁ।‘ ‘হে হে হে---‘ অনিলৰ কাহিনী শুনি মই হাঁহি ৰখাব নোৱাৰিলোঁ আৰু মোৰ লগতে সি নিজেও হাঁহিব ধৰিলে। অনিলহঁতৰ ঘৰত পঢ়া-শুনা কৰাৰ কোনো বাতাৱৰণ নাছিল।পুৱতি নিশা নিদ্ৰাদেৱীৰ কোলাত লালকাল হৈ পৰি থাকোঁতেই অনিলক তাৰ ককায়েক বগেনে জগাই দি হালুৱা গৰুকেইটা চাপৰিৰ হালুৱা তলিলৈ খেদি নিবলৈ দিয়ে।তাৰ পিছত বগেনে চাহ-জলপান খাই পথাৰ পাইগৈ।ককায়েকে হাল বাবলৈ আৰম্ভ কৰাৰ পিছত কিবা কাম থাকিলে অনিলে কৰে আৰু নাথাকিলে তাৰ ছুটি হয়।ঘৰত আহি চাহ-জলপান খাই সময় থাকিলে অলপ পঢ়া-শুনা কৰে আৰু ঘৰৰ ছাটো চাই সময় নাই বুলি জানিলে স্কুললৈ খোজ লয়।স্কুলৰ পৰা আহি লাই-জাবৰি বা শুকোতা শাক যিহৰেই নহওক ঠাণ্ডা ভাত কেইটামান খাই অনিল চাপৰিৰ আহুতলিত জাবৰ জুই দিবলৈ অথবা হাতত দলিমাৰি লৈ দলি চপৰা ভাঙিবলৈ যাব লাগিব।সেই সময়ত ৰাজহুৱা খেল পথাৰত তাৰ লগৰীয়াহঁতে চিঞৰি-বাখৰি খেলি থকা অনিলে পথাৰৰ পৰাই শুনি থাকে। অনিলক অমনোযোগী হৈ কাম কৰা দেখিলে দেউতাকে তাক কয়, ‘খেল খেলিলে কোনো লাভ নহয়,খেতি কৰিলেহে ধন আহিব।কৰ কৰ মন দি কাম কৰ।‘ খেতি পথাৰৰ কাম কৰাৰ উপৰিও অনিলে গাঁৱৰ গৰু ৰখীয়াৰ পাল পৰা দিনা স্কুল ক্ষতি কৰি গৰুৰ পাল ৰখিব লাগিব।অঞ্চলটোত মঙ্গল আৰু শুক্ৰ বাৰে সাপ্তাহিক বজাৰ বহে।মাজে মাজে অনিলে স্কুল ক্ষতি কৰি দেউতাকৰ লগত বহি বজাৰত বস্তু বিক্ৰী কৰে।দেউতাকৰ দোকানখনৰ সমুখতে চুনৰ টিনটো লৈ অনিলে চুন বেচে।দেউতাক কেনিবা গ’লে সি মূল দোকানখনো সম্ভালে।এইবোৰ কামৰ উপৰিও ৰান্ধনীক খৰি যোগান ধৰা, গধূলি গোহালিত গৰু বন্ধা আৰু চোতালত গৰুৰে মৰণা মৰা আদি কামো অনিলে কৰিব লাগে।অনিলৰ ককায়েক বগেনক দেউতাকে একো কাম কৰাব নোৱাৰে।সি উভটি যুঁজে।লাগ বুলিলেই তাক দেউতাকে টকা দিব লাগিব।সি কয় যে জন্ম দিছিল যেতিয়া দেউতাকে টকা দিবই লাগিব।ঘৰৰ পৰা টকা নি নি সি শিৱসাগৰত বাহৰ পাতি থাকি সাত বাৰ মেট্ৰিক পৰীক্ষা দিও পাছ কৰিব নোৱাৰিলে।পঢ়ি পৰীক্ষা দিলেহে পাছ কৰিব, পৰীক্ষাৰ আগত প্ৰশ্ন কাকত বাহিৰ কৰি পৰীক্ষা দিয়াৰ ধাণ্ডাত থাকে।কোনোবা বাৰ কোনো কোনো কাকতত ষাঠি সত্তৰ নম্বৰ পায় আৰু বাকীবোৰত ফেল কৰে। এই দৰেই ঘৰৰ ধন ভঁৰালৰ তলি ফুটিল। নিচেই সৰুতে অনিল পঢ়া-শুনাত সিমান ভাল নাছিল।অনিলৰ ককায়েক বগেনে সামান্য দোষতেই তাক মাৰ-ধৰ কৰি থাকে।এদিন গধূলি চোতালত মৰণা মাৰি থাকোঁতে বগেনে অনিলৰ মূৰৰ পিছফালে তাৰ বজ্ৰ কঠিন হাতখনেৰে এনেকুৱা এটা থাপ্পৰ মাৰিলে যে অনিল গৈ ক’ৰবাত উফৰি পৰিল।কাণ্ডটো প্ৰত্যক্ষ কৰি থকা অনিলহঁতৰ সম্বন্ধীয় ককায়েক ৰাজেনে ‘হায়ৈ-বিয়ৈ’ কৰি কৈছিল, ‘শেষ শেষ ল’ৰাটোৰ মূৰটো গ’ল আৰু, সি এতিয়া কেনেকৈ পঢ়া শুনা কৰিব বাৰু।‘সেই দিনা ৰাতি ভাত-পানী খাই উঠি বিছনালৈ নগৈ অনিলে টিপ চাকিটো লৈ তাৰ বাঁহৰে নিৰ্মিত পঢ়া টেবুলখনৰ ওচৰ পালেগৈ।টেবুলতে টিপ চাকিটো থৈ সি কিতাপ এখন উলিয়াই লৈ মনোযোগেৰে পঢ়ি গ’ল। শেষত তাৰ মগজুটো ঠিকেই আছে নে নাই তাকে পৰীক্ষা কৰিবলৈ কিতাপখন জপাই লৈ কি পঢ়িছিল তাকে স্মৰণ কৰবলৈ চেষ্টা চলালে।কিছু কিছু মনলৈ সুন্দৰকৈ আহিল।এই অনুশীলন সি নিতৌ কৰি যাব ধৰিলে।কামটো তাৰ ভাল লগা হ’ল।সেই কাম নকৰাকৈ থাকিব নোৱাৰা হ’ল।পুৱা বেলা পঢ়াখিনি সি গধূলি মৰণাৰ গৰু ঘূৰাই থাকোঁতে মনলৈ আনি আঁওৰাই যায়।সি স্কুলত শিক্ষকৰ সকলো প্ৰশ্নৰ উত্তৰ দিব পৰা হ’’ল। পৰীক্ষাত ভাল ফলাফল দেখুৱাব ধৰিলে।এইদৰেই গৈ গৈ এদিন অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অনিলে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হ’ল।অৱশ্যে পঢ়াৰ খৰছ যোগাৰ কৰিবলৈ অনিলে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছিল।মাজে সময়ে অ’ত ত’ত ঘৰুৱা শিক্ষকতা কৰিলে,কোনো কোনো স্কুলত অস্থায়ী ভাৱে শিক্ষকতা কৰিলে। সুবিধা বুজি বেপাৰ–বাণিজ্যও কৰিব লগা হৈছিল।আৰ্থিক ভাৱে সচ্ছল বংশ পৰিয়াল আৰু মিতিৰ-কুটুমৰ কোনো এজনো মানুহ তাক সহায় কৰিবলৈ আগ বাঢ়ি নাহিল। আমি কথাৰ মহলা মাৰি থকাৰ মাজতেই অনিলে ৰাস্তাৰ পূব দিশলৈ আঙুলিয়াই দি প্ৰায় চিঞৰাৰ দৰেই ক’লে, ‘সৌৱা আমাৰ শ্ৰীমতী আৰু বেটী উষা আহি পালেহি।‘ মই সেই ফালে চাই দেখোঁ যে এখন ক’লা বৰণৰ স্কৰ্পি্অ’ গাড়ী আমাৰ ঘৰৰ পদূলিৰ ফালে সোমাই আহিছে।চকুহাল ঘূৰাই ৰাস্তাৰ পশ্চিম দিশলৈ নিওঁতেই দেখোঁ আমাৰ গৰাকীয়েও স্কুটিখন পদূলিৰ ফালে নমাই আনিছে। সৰু ল’ৰাৰ দৰে অনিলে মৰা চিঞৰটোৰ সমানে চিঞৰ এটা মাৰি ময়ো কলোঁ,’সৌৱা চোৱা আমাৰ শ্ৰীমতীও আহি গ’ল।‘ ---------সমাপ্ত--------

No comments:

Post a Comment