Thursday, 16 October 2025

আফ্ৰিকাৰ টাঞ্জেনিয়াত দুটা মাহ

চাকৰি সূত্ৰে আফ্ৰিকাৰ টাঞ্জেনিয়াত থকা জী-জোঁৱাই আৰু নাতিনী দুগৰাকীৰ অনুৰোধ ৰক্ষা কৰি, বাৰী-ঘৰৰ দহোবন কাতি কৰি থৈ আমি(লগত শ্ৰীমতী)দুটা মাহ কটাই আহিবৰ বাবে টাঞ্জেনিয়ালৈ ওলালোঁ।ঢকুৱাখনাৰ পৰা ডিব্ৰুগড়লৈ গৈ আকাশী পথেৰে দিল্লী পাই তাৰ পৰা মুম্বাই পালোঁগৈ। মুম্বাইৰ পৰা আকাশী পথেৰে সাত ঘন্টা গৈ ডাৰ এচ চালাম(Dar Es Salaam)বিমান বন্দৰত আমাক লৈ যোৱা বিমানখনে অৱতৰণ কৰিলে।আমাৰ বিদেশ ভ্ৰমণ সংক্ৰান্তীয় নথি আৰু পাৰ-পত্ৰ আদি পৰীক্ষা কৰা হৈ যোৱাৰ পিছত বিমান বন্দৰৰ বাহিৰলৈ ওলাই জী, জোৱাই আৰু নাতিনী দুজনী আমাৰ ফালে আগুৱাই অহা দেখা পালোঁ।ভালেমান দিনৰ মূৰত আমি আটায়ে ইজনে সিজনক লগ পাই আনন্দত আত্মহাৰা হৈ পৰিলোঁ। তাতে তেওঁলোকৰ গাড়ীত উঠি ডাৰ এচ চালামত (Dar Es Salaam)থকা তেওঁলোকৰ বাসগৃহ পালোঁগৈ। তেওঁলোকে আমাৰ সৈতে ফুৰা-চকা কৰিম বুলি ঠিৰাং কৰিয়েই তাত ভ্ৰমণ কাৰ্য স্থগিত ৰাখিছিল। আমি গৈ পোৱাৰ পিছদিনাৰ পৰাই ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হৈ যায়। ভাৰত মহাসাগৰৰ পাৰত অৱস্থিত ইউনাইটেড ৰিপাব্লিক অব টাঞ্জেনিয়াৰ ৰাজধানী হিচাপে ১৯৭৪ চনতে ডদমাক(Dodoma)স্বীকৃতি দিয়া হয় যদিও এই পৰ্যন্ত অনেক কাৰ্যালয় ডাৰ এচ চালামতে আছে।সমূদ্ৰ তীৰত অৱস্থিত সু উচ্চ অট্টালিকাৰে সুশোভিত ডাৰ এচ চালামৰ সৌন্দৰ্য, পৰিষ্কাৰ–পৰিচ্ছন্নতা আৰু তাৰ লোকসকলৰ শিষ্টাচাৰে দেশী বিদেশী পৰ্যটকক বাৰুকৈয়ে আকৰ্ষণ কৰে।ডাৰ এচ চালামৰ পৰা গৈ দিনটোৰ ভিতৰতে ঘূৰি আহিব পৰা দূৰত্বত সাগৰৰ মাজত ভালেমান সৰু সৰু দ্বীপ আছে। এই দ্বীপবোৰলৈ পৰ্যটকক লৈ যাবলৈ বহুতো সৰু সৰু নাও সাজু কৰি ৰখা হয়।আমি বংগোয় নামৰ সৰু দ্বীপটোলৈ যাবলৈ নাৱত বহিলোঁ। আমাৰ ৰাজ্যলৈ অহা বিদেশী পৰ্যটকসকলক দেখা পালে আমি অচিনাকী লোক বুলি সম্ভাষণ নজনাওঁ বা মাত এষাৰ লগাবলৈ টান পাওঁ :কিন্তু টাঞ্জেনিয়াত তাৰ লোকসকলে আমাক যেয়ে য’তে লগ পাই ‘জাম্বু’ বুলি কৈ সম্ভাষণ জনায়।সেই দেশৰ ভাষা ‘ছহিলি’ৰ(Swahili) মতে ‘জাম্বু’ শব্দৰ অৰ্থ হৈছে ‘হেল্ল’।তাৰ পিছত ক’ব ‘হাবাৰি গানি’(Habari Gani)অৰ্থাৎ আপুনি কেনে আছে? তেওঁলোকৰ ভাষাত ‘কাৰিবো’ মানে হৈছে স্বাগতম।সেয়ে কাৰিবো বুলি কৈ স্বাগতম জনায়। টাঞ্জেনিয়াৰ ডাৰ এজ চালাম (Dar es Salaam) ত অৱস্থিত থমাচ ৰিউটাৰচ ফাউণ্ডেচন (Thomas Reuters Foundation) ৰ সমন্বয়ৰক্ষী কিজিটো মকোয়েৰ(Kizito Makoye) “To Save Rare Forests, Famers Try a New Crop: Butterflies.” শিৰোনামৰ প্ৰৱন্ধটো পঢ়াৰ পিছত তাত বৰ্ণনা কৰা জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰটো চাবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ।অশেষ ধন্যবাদৰ পাত্ৰ আমাৰ জোঁৱাই শ্ৰীমান বনজিত ডেকাই দ্বিতীয় বাৰৰ বাবে জা়ঞ্জিবাৰ ভ্ৰমণৰ কাৰ্যসূচী প্ৰস্তুত কৰিলে।ইয়াৰ দুদিনমানৰ পূ্ৰ্বে আমি সামুদ্ৰিক জাহাজত উঠি জাঞ্জিবাৰ দ্বীপলৈ গৈ দুৰাতি কটাই তাত থকা সমুদ্ৰ তীৰৰ ফুৰুধানী পাৰ্ক(Forodhani Park), প্ৰকাণ্ড প্ৰকাণ্ড অনেক বৰ কাছ থকা প্ৰিজন আইজলেণ্ড(Prison Island),নাংৱীত(Nungwi) থকা পানী কাছৰে পৰিপূৰ্ণ বাৰাকা নেচাৰেল একুৱাৰিয়ামৰ(Baraka Natural Aquarium), আদি পৰ্যটকৰ বাবে আকৰ্ষণৰ ভালেমান ঠাই চালোঁ।আনকি আমি পখিলা কেন্দ্ৰটোৰ নিচেই কাষতে থকা জজানি অৰণ্যত সোমাই তাত থকা বিশ্ব বিখ্যাত প্ৰাচীনতম প্ৰজাতিৰ বান্দৰ ৰেড কলবাছ(Red Colobus)আদি জীৱ-জন্তুবোৰোৰ আৰু ভাৰতৰ পৰা নি লগোৱা মেহগানী গছবোৰৰ লগতে আফ্ৰিকাৰৰ সু-উচ্চ গছ-বিৰিখবোৰ চালোঁ।তেতিয়া সময় মিলাই পখিলা পালন কেন্দ্ৰটো চাই আহিব নোৱাৰিলোঁ। আমি গৈ পোৱাৰ লগে লগে পখিলা পালন কেন্দ্ৰটোৰ পৰিচালকজনে আমাক বহিবলৈ দি সৰু গছ পুলিত থকা পলু ,পখিলা, লেটা, খোলা আৰু কণি আদি দেখুৱাই পখিলাৰ জীৱন চক্ৰটোৰ বিৱৰণ দিলে। তাৰ পিচত তাত থকা ফটোবোৰৰ সম্দৰ্ভত এক চমু ভাষণ দিলে।পৰিচালক গৰাকীয়ে জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰৰ বিষয়ে নানা কথা ক’লে আৰু আমি সুধা প্ৰশ্নবোৰৰ উত্তৰ দিলে।তাৰ পিছত আমাক কাৰ্যালয়ৰ কোঠাটোৰ পৰা নাতি দূৰত থকা পখিলা পালন কেন্দ্ৰটোলৈ লৈ গ’ল।সু-উচ্চ. জালেৰে আৱৰা, আভ্যন্তৰ ভাগত অনেক ধৰণৰ ফুল আৰু গছ-গছনি থকা বেছ আহল–বহল বিভিন্ন ধৰণৰ ৰং বিৰঙৰ হেজাৰ-বিজাৰ পখিলাই নাচি-বাগি থকা পখিলা পালন কেন্দ্ৰটোত প্ৰৱেশ কৰি আমি সকলো আনন্দত আত্মহাৰা হৈ পৰিলোঁ।আমাৰ নাতিনী তৰা আৰু জবাই উলাহতে পখিলাবোৰৰ সৈতে নাচি-বাগি ফুৰিব ধৰিলে।শেষলৈ তেওঁলোকক পখিলা পালন কেন্দ্ৰটোৰ পৰা উলিয়াই অনাই কঠিন হৈ পৰিছিল।পৰিচালকজনে পখিলাবোৰৰ নামবোৰ গাই গ’ল।ইতিমধ্যে বহু সংখ্যক বিদেশী পৰ্যটকে কেন্দ্ৰটোত প্ৰৱেশ কৰিছিল।তাত থকা কেমেলিয়ন কেইটা চাই খৰখেদাকৈ তাৰ পৰা ওলাই আমি কিছু দূৰত থকা মেংগ্ৰোভ গছ(Mangrove trees) চালোঁগৈ।মাটিৰ পৰা ওপৰলৈ ওলাই থকা বিচিত্ৰ মেংগ্ৰোভবোৰ চাই আমি জাঞ্জিবাৰ স্পাইচ গাৰ্ডেন চাবলৈ গলোঁ।বনজিতে তাৰ স্থানীয় লোকৰ সৈতে ইতিমধ্যে যোগাযোগ কৰি আমাৰ বাবে দুপৰীয়াৰ ভাতসাজ সাজু কৰি ৰাখিবলৈ কৈছিল।তাৰ পৰম্পৰা অনুযায়ী অতিথিপৰায়ণ আফ্ৰিকাৰ সহজ সৰল লোক কেইজনমানে সাদৰ সম্ভাষণ জনাই নাৰিকল গছৰ ওপৰলৈ উঠি গৈ আমাক উদ্দেশ্যি গীত জুৰিলে, আমাৰ সকলোকে জবা ফুলৰ মালা আৰু নাৰিকল গছৰ পাতেৰে সুন্দৰকৈ তৈয়াৰ কৰা টুপী পিন্ধাই অৱশেষত খাদ্য সম্ভাৰ যাচিলে।আমাৰ বাবে এয়া আছিল এক বিৰল অভিজ্ঞতা। জাঞ্জিবাৰৰ(Zanzibar) জজানি(Jozani) অৰণ্যত উৰি ফুৰা চিত্ৰ বিচিত্ৰ পখিলাবোৰ কেৱল দেখিয়ে ভাল লাগে এনে নহয়, সেই অঞ্চলৰ কৃষক আৰু এঙাৰ প্ৰস্তুতকাৰীৰ বাবে নগদ ধন আহৰণৰ আহিলা হৈ পৰিছে৷দ্বীপটোত ভাবুকিৰ সন্মুখীন হোৱা অৰণ্যৰ সুৰক্ষাৰ অৰ্থে, অৰণ্য আটুট ৰাখিবলৈ লোকসকলক এক বিত্তীয় সমৰ্থন দি অৰণ্য ধ্বংশ প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে৷ এই উদ্দেশ্যে এক আচঁনি যোগে স্থানীয় লোকসকলক পখিলা পালনৰ প্ৰশিক্ষণ দি থকা হৈছে৷ সৌন্দৰ্যৰে ভৰপূৰ জজানি(Jozani) অৰণ্যখন এঙাৰ প্ৰস্তুতকৰণ আৰু অবহনক্ষম কৃষি কাৰ্যৰ বাবে দ্ৰুত বন ধ্বংসৰ তীব্ৰ হেঁচাত পৰিছে৷ জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰ(Zanzibar Butterfly Centre) য়ে এক জাতীয় ভাৱে চলাই নিয়া প্ৰচেষ্টা স্বৰূপে সেইটো পৰিস্থিতিৰ পৰিবৰ্তন সাধিব খোজে৷ তাৰ বাবেই অৰণ্যৰ চাৰিওফালে বসবাস কৰা এঙাৰ প্ৰস্তুতকাৰীসকলক প্ৰশিক্ষণ দি তেওঁলোকক সেই কামৰ ঠাইত পখিলা পালক হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এঙাৰ প্ৰস্তুতকৰণ কাৰ্যত প্ৰত্যক্ষভাৱে কাকোৱে হকাবাধা কৰা সম্ভৱ নহয় বাবে পৰিৱেশৰ ওপৰত যে বন ধ্বংসৰ কুপ্ৰভাব পৰে তাকে সেই ঠাইৰ লোকসকলক শিকাবলৈ চেষ্টা চলোৱা হয়৷ এই কাৰ্যসূচীত পখিলা ফাৰ্মৰ কৃষকসকলক প্ৰশিক্ষণৰ লগতে আহিলা-পাতিৰ যোগান ধৰা হয়৷ পলুৰ লেটা পখিলা কেন্দ্ৰৰ নিজা পৰ্যটক-প্ৰদৰ্শনস্থলী আৰু বিদেশী ক্ৰেতাক বিক্ৰী কৰি একোজন কৃতকাৰ্যতা লভা কৃষকে মাহে ২৫০ মাৰ্কিন ডলাৰ(ভাৰতীয় টকাৰ অনুযায়ী ২০,৪৩৬ টকা) উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ পখিলা পালকসকলে কিছুসংখ্যক মাইকী পখিলা ধৰি তেওঁলোকৰ অভিযানত নামি পৰে৷ তেওঁলোকে পখিলাবোৰ জালেৰে নিৰ্মিত গঁৰালত ৰাখি কণী পাৰিবলৈ দিয়ে৷ তাৰ পিচত কণীবোৰ সংগ্ৰহ কৰি তেওঁলোকে তাৰ পৰা জগা পলুবোৰক লেটালৈ ৰূপান্তৰ নোহোৱা পৰ্যন্ত খাদ্য যোগানকাৰী উদ্ভিদত ৰাখি তাৰ পাত ভক্ষণ কৰি ডাঙৰ হ’বলৈ দিয়ে৷ পখিলা পালকসকলক উচিত মূল্য প্ৰদান কৰি পখিলা কেন্দ্ৰই লেটাসমূহ বিদেশলৈ ৰপ্তানী কৰে অথবা কণী নপৰা পৰ্যন্ত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাখি থয়৷ জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰটো(The Zanzibar Butterfly Centre) ২০০৮ চনত স্থাপন কৰা হৈছিল৷ ই জজানি চ্ছাওকা উপসাগৰীয় ৰাষ্টীয় উদ্যানৰ (Jozani Chawka Bay National Park) কাষতে অৱস্থিত৷ এইখন আফ্ৰিকাৰ বৃহতম পখিলা উদ্যান৷ ইয়াত ধৰিবলৈ জটিল ক’লা-বগা আফ্ৰিকান চাতক পক্ষী নেজীয়া পখিলাকে ধৰি পঞ্চাশ বিধতকৈ অধিক পখিলা পোৱা যায়৷ এই পখিলা কেন্দ্ৰটোৱে জজানি পৰিৱেশ সংৰক্ষণ সন্থা (Jozani Environmental Conservation Association) ৰ সৈতে ঘনিষ্ঠ ভাৱে কাম কৰি পখিলাৰ প্ৰজাতিবোৰ চাবলৈ আৰু সেইবোৰৰ বিষয়ে শিকিবলৈ আগ্ৰহী পৰ্যটকসকলক আকৰ্ষিত কৰে৷ দৰাচলতে এই কেন্দ্ৰটোৱে অৰণ্য সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে স্থানীয় লোকসকলক এক অতিৰিক্ত উপাৰ্জনৰ সন্ধান দিয়াটোকে লক্ষ্য স্বৰূপে লৈছে৷ পূৰ্বতে এঙাৰ প্ৰস্তুতৰ ব্যৱসায় কৰা লোকসকলে এই কামত ধৰি লাভৱান হোৱা বুলি নিজে স্বীকাৰ কৰিছে৷ তেওঁলোকে ক’ব খোজে যে, পখিলা পালন কৰাটো এঙাৰ প্ৰস্তুত কৰা কামতকৈ বহুত সহজ আৰু এই কামে পৰিয়ালৰ ভৰণ-পোষণ সহজসাধ্য কৰি তুলিছে৷ পখিলা হৈ উৰাৰ পূৰ্বে, কেইটামান সপ্তাহৰ ভিতৰতে কণীৰ পৰা জগি পলু হৈ বিক্ৰীযোগ্য লেটা হৈ পৰে৷ পখিলা পালনে মহিলাসকলৰ বাবে এক সুযোগ আনি দিছে৷ মহিলা সকলে ঘৰুৱা কামৰ মাজতে সহজতে পখিলা পালনৰ কাম কৰি যাব পাৰে৷ নিশ্চয়কৈ বন ধ্বংস নকৰাকৈ পখিলা পালনৰ যোগে ঘৰখন চলাই নিবলৈ তেওঁলোক সমৰ্থ হৈ পৰি্ছে৷ বহুধৰণৰ কৃষি কৰ্মৰ বাবে হাবি-জঙ্গল মুকলি কৰিব লগীয়া হয় ; ইয়াৰ ফলত বতৰ পৰিবৰ্তন সংঘটিত হয় আৰু প্ৰাণী আৰু উদ্ভিদ জগতৰ বহু প্ৰজাতি এই পৃথিবীৰ পৰা চিৰ দিনৰ বাবে হেৰাই যায় ; কিন্তু পখিলা পালনৰ বাবে গহন বনৰ আৱশ্যক হয়, সেয়ে ই হাবি বননি ৰক্ষাৰ বাবে অৰ্থনৈতিক ভাৱে উদগনি যোগায়৷ পখিলা পালন প্ৰকল্পৰ যোগেদি বহু গ্ৰাম্যাঞ্চলৰ বাসিন্দাই বন সুৰক্ষাৰ তাৎপৰ্য উপলব্ধি কৰিছে আৰু বহুজনে পখিলা পালনৰ যোগেদি অধিক ভাল ফলাফল লাভ কৰিছে৷যিসকল স্থানীয় জনগোষ্ঠীয়ে এঙাৰক তাপ শক্তিৰ মূল হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে খৰিৰ বাবে বহুতো গছ কাটি পেলাইছে৷কিন্তু যিসকলে পখিলা পালনৰ প্ৰশিক্ষণ লৈছে তেওঁলোকে গছ কটা কাম এৰিছে৷দৰাচলতে অঞ্চলটোৰ লোকসকলে যদিও উপলব্ধি কৰিছিল যে এঙাৰ প্ৰস্তুত কৰা কামটো পৰিবেশৰ বাবে বেয়া তথাপিও ততালিকে ধন ঘটিব পৰা ধৰণৰ বিকল্প জীৱিকাৰ পথ বিচাৰি নোপোৱা বাবে তাকে কৰি গৈছিল৷যদিওবা প্ৰচেষ্টাটো নিজেই বন ধ্বংসৰ সমাধান নহয় তথাপি ই সজাগতা সৃষ্টিত সহায় কৰিছে আৰু কৃষকসকলৰ মাজত বনাঞ্চলৰ গৰাকী হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিছে৷টাঞ্জেনিয়াৰ পূব ওচাম্বাৰা পৰ্বতমালাত (Tanzanias East Usambara Mountains) ২৫০ জন স্থানীয় কৃষকে একে ধৰণৰ এক প্ৰকল্প হাতত লৈছে৷এই অঞ্চলটো জৈৱ বিচিত্ৰতাৰ অঞ্চল বুলি জনা জাত যদিও তাত এঙাৰ প্ৰস্তুতকৰণ আৰু কৃষিৰ বাবে বহু হাবি মুকলি কৰা হৈছে৷ স্থানীয় পৰিবেশত পখিলাবোৰে অতি গুৰুত্বপূৰ্ণ পৰাগসংযোগকাৰী হিচাপে কাম কৰে আৰু প্ৰায় ৫০ বিধ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ শস্যৰ পৰাগসংযোগকাৰীৰ ভূমিকা পালন কৰে৷ৰাজ্যখনৰ হেজাৰ বছৰ পুৰণি পাট শিল্পইও পখিলাৰ দৰে পতঙ্গৰ ওপৰতেই নিৰ্ভৰ কৰে ; কিন্তু অঞ্চলটোত কৰা কীটনাশক ঔষধৰ বৰ্ধিত ব্যৱহাৰৰ ফলত পাট পলুৰ বিনাশ ঘটিছে৷ বিশেষকৈ অসমত মূগা চোমনিৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চাহ বাগিচাসমূহত প্ৰয়োগ কৰা কীট নাশকে অতি সাম্প্ৰতিক কালত অনেক মূগা চোমনিৰ ক্ষতি সাধন কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷এই বিষয়ত ৰাজ্যখনৰ চৰকাৰ যিমান তৎপৰ হ’ব লাগিছিল তেনে হোৱা পৰিলক্ষিত হোৱা নাই৷পৰিবেশ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ সূচক হিচাপে পখিলাই কাম কৰে আৰু পতঙ্গই আগবঢ়োৱা জৈৱ বৈচিত্ৰ পদ্ধতিৰ সেৱা অসীম৷তথাপিও পখিলাৰ সংৰক্ষণ আৰু ইয়াৰ ওপৰত চৰকাৰৰ গুৰুত্ব প্ৰদান তথা জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ দেখা যায়৷জনসাধাৰণৰ মাজত পখিলা সংৰক্ষণৰ সজাগতাৰ অভাৱৰ বাবেই পখিলাবোৰৰ স্থানীয় ভাৱে নামাকৰণ কৰা হোৱা নাই৷এনেবোৰ কাৰণতেই পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত পখিলাৰ ভূমিকাৰ কথা আলোচনাৰ মাজলৈকে অহা নাছিল ৷ পখিলা পালনৰ যে পৰিৱেশ সংৰক্ষণৰ লগতে এক অৰ্থনৈতিক ভূমিকাও আছে তাকে টাঞ্জেনিয়াৰ কৃষকসকলে প্ৰমাণ কৰি দেখুৱাই দিছে।বৰ্তমান বিশ্বত অনেক স্থানত পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি তুলি পৰ্যটকক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা হৈছে৷আমাৰ ভাৰবৰ্ষত তথা আমাৰ ৰাজ্য অসমতো পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে।তাৰ ভিতৰত গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত থকা বাটাৰফ্লাই কৰ্ণাৰ,নোমলিগডৰ বাটাৰফ্লাই ভেলি,নামদাঙৰ চাহ কোম্পানিত থকা বাটাৰফ্লাই পাৰ্ক আদি উল্লেখযোগ্য ; কিন্তু টাঞ্জেনিয়াৰ কৃষকসকলক পখিলা পালনৰ যোগেদি যিদৰে অৰ্থনৈতিক ভাৱে আত্মনিৰ্ভৰশীল কৰি তোলা হৈছে তেনে ব্যৱস্থা এতিয়াও কৰিব পৰা হোৱা নাই৷ বিশ্বৰ বৰ্ষাৰণ্যসমূহত কৃষকসকলে পখিলা পালনৰ যোগেদি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’লেই নিশ্চয় অৰণ্য সংৰক্ষণ হ’ব আৰু আমাৰ এই পৃথিবী নামৰ সেঁউজীয়া গ্ৰহটোৱে জীৱকূলক শীতল ছাঁ দি জীয়াই ৰাখি চিৰ সেঁউজীয়া হৈ ৰ’ব৷ ++++++সমাপ্ত+++++++

Wednesday, 15 October 2025

ছুইজাৰলেণ্ড কিয় এখন চহকী আৰু শান্তিপূ্ৰ্ণ দেশ

২০২৫চনৰ জুলাই মাহটো ছুইজাৰলেণ্ডৰ জুৰিক চহৰত কটোৱাৰ এক সুযোগ লাভ কৰি ছুইজাৰলেণ্ড,জাৰ্মেনী আৰু ফ্ৰান্সৰ বিভিন্ন পৰ্যটকৰ আকৰ্ষণৰ স্থলিসমূহ যিমান পৰা যায় সিমান দৰ্শন কৰিলোঁ। সঁচা কথা ক’বলৈ গ’লে,আমি যিবোৰ ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ কেৱল সেইবোৰেই আমাৰ বাবে আকৰ্ষণৰ স্থলি আছিল এনে নহয় , আমি দেখিবলৈ পোৱা ছুইজাৰলেণ্ডৰ সকলোবোৰ ঠাইয়ে কিবা নহয় কিবা কাৰণত মানসপটত সাঁচ বহাই গৈছে।ইয়াৰ প্ৰকৃত কাৰণ হৈছে ছুইজাৰলেণ্ডৰ প্ৰকৃতি প্ৰদত্ত সৌন্দৰ্যৰাশিক ম্লান পৰিবলৈ নিদিয়াকৈ গঢ়ি তোলা নগৰীকৰণ ব্যৱস্থা। তাৰেই পৰিণাম স্বৰূপে জুৰিক নগৰৰ দক্ষিণাংশৰ জুৰিক হ্ৰদৰ পৰা বিস্যুৰিত হোৱা জলৰাশিৰে সৃষ্টি হৈ উত্তৰ পশ্চিম দিশে গতি কৰা লিম্মত নদীয়ে আমাৰ মন বিমোহিত কৰে। খৰস্ৰোতা নৈখনৰ স্ফটিকৰ দৰে ফটফটিয়া পৰিস্কাৰ পানীত জলকেলি,অনুমতি সাপেক্ষে মত্স্য চিকাৰ কৰা,নৈৰ পাৰৰ হাবিতলীয়া লুংলুঙীয়া বাটেৰে খোজ কঢ়া, দৌৰা আৰু চাইকেল চলোৱা, পক্ষী নিৰীক্ষণ কৰা আদিৰ সুবিধা নাগৰিক তথা পৰ্যটক সকলোৱে লাভ কৰিব পাৰিছে।পথচাৰীয়ে বহি জিৰণি ল’বৰ বাবে পৰিস্কাৰ পৰিছন্ন পথসমূহত নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে আসনৰ সুব্যৱস্থা কৰা হৈছে। একেদৰেই ৰাইনে(Rhine), আৰে(Aare), ৰোনে(Rhone), ৰিউছ(Reuss), লিন্থ্( Linth), ইন(Inn) আদি নদীসমূহৰো দুয়োপাৰ পৰ্যটকক সন্মোহিত কৰিব পৰাকৈ সজাই তোলা হৈছে। অন্যহাতে, ছুইজাৰলেণ্ডৰ মেটাৰহৰ্ন(Matterhorn),জুংফ্ৰাউ( Jungfrau),মাউন্ট ৰিগি(Mount Rigi),মাউন্ট টিটেলিচ (Mount Titliis),গ’নাৰগ্ৰাট (Gornergrat), আইগাৰ(Eiger) আৰু মন্টে ৰুচা(Montte Rosa) আদি আল্পচ পৰ্বতমালাৰ অন্তৰ্গত শৃঙ্গ আৰু পৰ্বতসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য দেশ- বিদেশৰ পৰ্যটকে উপভোগ কৰিব পৰাকৈ কেবলকাৰ, ৰেইলৱে, ৰাজহুৱা বাচ,ফুনিকুলাৰ(Funiculars)আদি যাতায়তৰ সকলো বিকল্প ব্যৱস্থা নিয়াৰিকৈ কৰা হৈছে। তাৰোপৰি সকলোবোৰ স্থানকে নেচনেল কমিউনিকেচন নেটৱৰ্কৰ দ্বাৰা সংযোজিত কৰা হৈছে। অন্যহাতে ছুইজাৰলেণ্ডৰ পৰ্বত-ভৈয়াম আদি সকলো ঠাইৰে নলা-নৰ্দমাসমূহ ইমানেই সুপৰিকল্পিত ভাৱে নিৰ্মাণ কৰা হৈছে যে গ্ৰীষ্ম কালত হোৱা বৰষুণৰ পানী কতোৱে জমা নহয় আৰু সেয়ে ঠাইবোৰত বোকাৰ সৃষ্টি হ’ব নোৱাৰে। জলৰাশিয়ে নিম্ন গতিত আগুৱাই গৈ নদ-নদীত পৰি অৱশেষত হ্ৰদত অথবা সাগৰত (ৰাইনে আৰু ৰোনে নদীৰ পানী) জমা হয়গৈ। পথ নিৰ্মাণৰ বাবে পাহাৰ-পৰ্বতসমূহ ধ্বংস নকৰি তাৰ তলেদি সুৰঙ্গৰ সৃষ্টি কৰি অনেক পথ নিৰ্মাণ কৰি যাতায়ত সুচল কৰা ছুইজাৰলেণ্ডৰ অপৰূপ সৌন্দৰ্য আৰু অৰ্থনৈতিক সমৃদ্ধি প্ৰত্যক্ষ কৰি তাৰ অন্তৰালত থকা ৰহস্যনো কি তাক জানিবলৈ আমি ব্যগ্ৰ হৈ পৰিলোঁ। ইন্টাৰনেটত খুচৰি চাই ছুইজাৰলেণ্ডৰ বিষয়ে লিখা বিভিন্ন প্ৰৱন্ধপাতি অধ্যয়ন কৰিব ধৰিলোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ছুইজাৰলেণ্ড বিশ্বৰ ভিতৰতে এক শান্তিপূ্ৰ্ণ আৰু চহকী দেশ।ইউৰোপ মহাদেশৰ মধ্য-পশ্চিম দিশত অৱস্থিত নদ-নদী, পাহাৰ-পৰ্বতেৰে পৰিপূৰ্ণ মাত্ৰ ৪১,২৮৫ বৰ্গ কিলো মিটাৰ মাটি কালিৰ এই সৰু দেশখনক ভূ-স্বৰ্গ বুলি কোৱা হয়।ছুইজাৰলেণ্ডৰ পৰ্যটন পৰিসংখ্যা অনুযায়ী প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ১৭ মিলিয়নৰ পৰা ২০ মিলিয়ন পৰ্যটকে ছুইজাৰলেণ্ড ভ্ৰমণ কৰি মনৰ হেপাহ তথা উত্সুকতা নিবাৰণ কৰে।সমীক্ষা অনুযায়ী ২০২৩ চনৰ বছৰটোত বিদেশী পৰ্যটকৰ পৰা ছুইজাৰলেণ্ডে ১৯.২ বিলিয়ন আমেৰিকান ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়। ২০২৫ চনৰ চেপ্তেম্বৰ মাহৰ এক সমীক্ষা অনুযায়ী ছুইজাৰলেণ্ডে বিশ্বৰ দহখন চহকী দেশৰ ভিতৰত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে।দেশখনৰ জনমূৰি আয় ৯৭৫৮১.৩২ আমেৰিকান ডলাৰ।অন্যহাতে, অক্সফৰ্ড বিশ্ব বিদ্যালয়ে প্ৰকাশ কৰা তথ্য অনুয়ায়ী বিশ্বৰ দহখন সকলোতকৈ সুখী দেশৰ তালিকাত ছুইজাৰলেণ্ডে ২০২৪ চনৰ বাবে দশম স্থান লাভ কৰিছে।আমাৰ ভাৰতবৰ্ষই এই ক্ষেত্ৰত বিশ্বৰ ১৪৭ খন দেশৰ ভিতৰত ১১৮ তম স্থানহে দখল কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘকাল জোৰা অপক্ষপাতিতাৰ এক ৰাজনৈতিক কৌশল, দৃঢ় অৰ্থনৈতিক পদক্ষেপ আৰু উচ্চ স্তৰৰ ৰাজনৈতিক ভাৰসাম্যতাকে ধৰি কিছুমান উপাদানৰ সংযোজনৰ ফলতেই ছুইজাৰলেণ্ড সম্পদশালী আৰু শান্তিপূৰ্ণ দেশ হ’ব পাৰিছে।এনে উপাদানসমূহে বিনিয়োগকাৰীক আকৰ্ষণ কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰিবলৈ এক স্থিৰ পৰিৱেশৰ সূচনা কৰিছে। ছুইজাৰলেণ্ডক সমৃদ্ধিশালী কৰি তোলাত অৰিহণা যোগোৱা উপাদানসমুহ ১)যুক্তিসংগত অপক্ষপাতিতা-ছুইজাৰলেণ্ডে ১৮১৫ চনৰ পৰাই যুদ্ধ-বিগ্ৰহত লিপ্ত হোৱাৰ ব্যয়বহুলতাক পৰিহাৰ কৰি চলিছে। ইয়াৰ পৰিণাম স্বৰূপে দেশখনে অৰ্থনৈতিক উন্নয়নত মনোনিৱেশ কৰিব পাৰিছে আৰু এক ভাৰসাম্যযুক্ত বিত্তীয় কেন্দ্ৰ স্বৰূপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছে। ২)উচ্চ মানৰ উদ্যোগসমূহ-ছুইজাৰলেণ্ডে বেংকিং, বিত্ত, ঔষধ প্ৰস্তুতকৰণ আৰু বিশুদ্ধ কাৰিকৰি আদি উচ্চ দক্ষতাপূৰ্ণ তথা উচ্চ প্ৰমূল্যৰ খণ্ডসমূহ অতিক্ৰম কৰিছে। সেইবোৰ নিম্ন ব্যয়ক্ষম দেশবোৰৰ বাবে গোলকীয় প্ৰতিয়োগিতাত কম অনুভৱক্ষম। ৩)শক্তিশালী অৰ্থনীতি আৰু নিম্ন নিবনুৱাৰ হাৰ- দেশখনৰ সঞ্চয়ৰ এক সংস্কৃতি, উচ্চ উত্পাদনশীলতা আৰু এক উচ্চ প্ৰকাৰৰ শ্ৰমিক বাহিনীৰ পৃষ্ঠপোষকতাত নিৱনুৱাৰ এক নিম্ন হাৰ আৰু বলিষ্ঠ অৰ্থনৈতিক প্ৰতিদ্বন্দীতাৰ বাবে ছুইজাৰলেণ্ডে গৰ্ব কৰিব পাৰিছে। ৪)বিনিয়োগ আৰু উদ্ভাৱন-দীৰ্ঘকালিন পৰিকল্পনা আৰু এক ভাৰসাম্যযুক্ত ৰাজনৈতিক বাতাৱৰণে উদ্ভাৱন আৰু উচ্চ শিল্পবি়জ্ঞান বিষয়ৰ খণ্ডসমূহক উত্সাহিত কৰি ভৱিষ্যতৰ উন্নয়নৰ বাবে বিনিয়োগত সাহস যোগাইছে। ৫)উচ্চ মানৰ জীৱন-জুৰিক আৰু জেনেভাই গোলকীয় বসবাসযোগ্যতাৰ সূচকত ধাৰাবাহিকভাৱে উচ্চ খিতাপ লাভ কৰি উত্কৃষ্ট স্বাস্থ্য সেৱা, অপূৰ্ব পৰিকাঠামোৰ আৰু স্বাভাৱিকতে ভাল দৰমহা পোৱা সৰ্বসাধাৰণ লোকৰ বাবে ধন্যবাদৰ পাত্ৰ হৈছে। ছুইজাৰলেণ্ডৰ শান্তি প্ৰতিষ্ঠাত অৰিহণা যোগোৱা উপাদানসমূহ ১)যুদ্ধত কোনো পক্ষপাতিতা নকৰি আত্ম ৰক্ষাৰ বাবে সাজু হৈ থকা-ছুইজাৰলেণ্ড যুদ্ধ-বিগ্ৰহৰ ক্ষেত্ৰত অপক্ষপাতিতাৰ নীতি মানি চলাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ।অন্যহাতে দেশখনৰ বিপদ নিবাৰণ কৰিব পৰা ভূখণ্ডৰ বাবেও সম্ভাৱনাপূৰ্ণ আক্ৰমণকাৰীৰ বাবে সহজসাধ্য হোৱা নাই, যাৰ বাবে দেশখনৰ নিৰাপত্তা আৰু দীৰ্ঘকালিন স্বাধীনতা নিশ্চিত হৈছে। ২)ৰাজনৈতিক ভাৰসাম্যতা আৰু প্ৰত্যক্ষ গণতন্ত্ৰ-ছুইজাৰলেণ্ডৰ স্থিৰ ৰাজনৈতিক ব্যৱস্থাত গণতান্ত্ৰিক দেশখনৰ নাগৰিকে সিদ্ধান্ত গ্ৰ্হণত প্ৰত্যক্ষবাৱে অংশ ল’ব পাৰে।ইযে দেশখনত বিশ্বাস আৰু আস্থাৰ ভাৱ বিয়পি পৰাত প্ৰোত্সাহিত কৰিছে আৰু ৰাজনৈতিক আৰু সামাজিক উত্থান হ্ৰাস কৰিছে। ৩)অপৰাধৰ নিম্ন হাৰ-সমগ্ৰ ইউৰোপ মহাদেশৰ ভিতৰতে ছুইজাৰলেণ্ডৰ অপৰাধৰ হাৰ নিম্ন।সেয়ে দেশখনত বসবাসৰ বাবে শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশৰ সৃষ্টি হৈছে। ৪)কুটনৈতিক মন্ত্ৰনাত আলোকপাত-আন্তৰ্জাতিক বিষয়সমূহত দেশখনে সক্ৰিয় অংশ গ্ৰহণ কৰে।মাজে সময়ে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আৰু প্ৰমুখ আন্তৰ্জাতিক সংগঠনসমূহৰ আয়োজকৰ ভাৰ কান্ধ পাতি লৈ এক শান্তিপূৰ্ণ গোলকীয় সত্বা স্বৰূপে নিজৰ ভাৱমূৰ্তি আৰু ভূমিকা মজবুত কৰিছে। সামৰণিত ছুইজাৰলেণ্ডৰ কুটনৈতিক সু-সম্পৰ্কৰ এক নিদৰ্শন স্বৰূপে ২০০৭ চনৰ ১ লা মাৰ্চত সংঘটিত এক ঘটনাৰ কথা উল্লেখ কৰিব পাৰি ।লিচটেনষ্টাইন(Liechtenstein)ছুইজাৰলেণ্ডৰ চুবুৰীয়া এক নিচেই ক্ষুদ্ৰ স্বাধীন দেশ।দেশখনৰ মাটি কালি মাত্ৰ ১৬০ বৰ্গ কিলো মিটাৰ আৰু জনসংখ্যা ৪০,০২৩ জন।এই দেশখনে ১৮৬৮ চনতে সৈন্য বাহিনীক বিত্তীয় বোজা স্বৰূপ গণ্য কৰি পৰিহাৰ কৰে আৰু ছুইজাৰলেণ্ডৰ সৈতে কুটনৈতিক বুজাপৰা কৰি দেশখনৰ সুৰক্ষাৰ ভাৰ ছুইজাৰলেণ্ডকে গটাই দিছিল।ঘটনাৰ দিনা ৰাতি প্ৰশিক্ষণৰ সময়ত অতি বেয়া বতৰৰ বাবে ১৭০ জন ছুইচ সেনাই ভুলতে চিহ্নবিহীন লিচটেনষ্টাইন সীমাৰ দুই কিলো মিটাৰ মান ভিতৰলৈ সোমাই যায়।এই ঘটনাৰ পিছতে ছুইচ চৰকাৰে তাক ক্ষতিসাধন কৰাৰ অভিপ্ৰায়হীন এক সাধাৰণ ভুল বুলি বৰ্ণনা কৰি লিচটেনষ্টাইন চৰকাৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।ইয়াক ছুইজাৰলেণ্ডৰ মহানতাৰ উত্তম নিদৰ্শন বুলিব পাৰি।অৱশ্যে এই কথা উল্লেখযোগ্য যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত লিচটেনষ্টাইনে দেশখনৰ অপক্ষপাতিতা বাহাল ৰখাত ব্যৰ্থ হোৱা বুলি কৈ বৈদেশিক আক্ৰমণৰ সময়ত প্ৰত্যক্ষ সুৰক্ষা নিদিব বুলি ছুইজাৰলেণ্ডে জনাই দিছে।-----সমাপ্ত----

বাল্য বন্ধুৰ বাল্যকালৰ স্মৃতি ৰোমন্থন

চাহৰ কেটলিত পানী ঢালি দি চাহ একাপ বনাই খাওঁ বুলি গেচৰ চৌকাত অগ্নি সংযোগ কৰিছিলোঁহে মাত্ৰ, কলিং বেলটো বাজি উঠিল।বাজিল যি বাজিল বন্ধই নোহোৱা হ’ল।গেচৰ চৌকাৰ জুইকুৰা নুমুৱাই মনত খং আৰু বিৰক্তি ভাৱ পোষণ কৰি মই গৈ ড্ৰয়িং ৰুম পালোঁগৈ। দুৱাৰখন খুলি দেখোঁ যে আগন্তুকৰ তৰ্জনী আঙুলিটো তেতিয়াও কলিং বেলৰ চুইছটোৰ ওপৰত, যেন গৃহস্থ ঘৰত নাথাকিলেও তেৰাই কলিং বেল টিপিয়েই আবিৰ্ভাৱ ঘটাই দিব।মোক দেখা পাইহে আগন্তুকে চুইছটোৰ পৰা আঙুলিটো আঁতৰালে আৰু মেলেককৈ হাঁহি এটা মাৰি মোৰ ফালে হাত দুখন আগ বঢ়াই দি এক প্ৰকাৰ চিঞৰি উঠিল। ‘ৰূপজ্যোতি, মোক চিনিব পাৰিছনে ? মই অনিল, তোৰ বাল্য বন্ধু অনিল।‘ প্ৰাচাত্যৰ ৰহন হনা সম্ভ্ৰান্ত লোকৰ দৰে নিখুঁট পৰিছন্ন পোছাক পৰিহিত হৃষ্টপুষ্ট ভদ্ৰলোকক মই বাল্য বন্ধু তাহানিৰ মেমেৰা-চেপেৰা অনিলটো বুলি মানি ল’বলৈ টান পাইছোঁ যদিও দিওঁ নিদিওঁকৈ সোঁহাতখন আগ বঢ়াই দিলোঁ। ভদ্ৰলোকে কৰমৰ্দন কৰি মোক আঁকোৱালি ধৰিলে আৰু তেওঁহে যেন ঘৰৰ গৃহস্থ তেনে ভাৱত ড্ৰয়িং ৰুমৰ ভিতৰলৈ টানি নিলে। ওলোটাই মোক আলহীৰ দৰে চুফাত বহাই দি নিজেও বহিলৈ ভদ্ৰলোকে ক’লে, ‘বহি লৈ ভাল দৰে কথা পাতোঁ, তই মোক কিবা যেন অচিন মানুহ এনে দেখাইছ।‘ অগত্যা মই সঁচা কথাটো কৈয়ে দিলোঁ, ‘তাহানিৰ অনিলৰ সৈতে মই চেহেৰা-পাতি, মাত-কথা, আৰু সাজ-পোচাক একোকে মিলাব পৰা নাই।‘ ‘হয়নেকি, বাৰু ৰূপজ্যোতি, কচোন তোৰ ঘৰত এতিয়া আৰু কোন আছে ?’ ‘এতিয়া ঘৰত কোনো নাই, আমাৰ একমাত্ৰ সন্তান প্ৰদীপে ষ্টেট বেংক অব ইণ্ডিয়াত চাকৰি কৰে। সি গুৱাহাটীত থাকে। আমি দুজনহে ঘৰত থাকোঁ, শ্ৰীমতী আৰু মই। তেওঁ তোলনি বিয়া এখনলৈ গ’ল।‘ ‘ঠিক আছে তেন্তে বন্ধু।‘-বুলি কৈয়ে ভদ্ৰলোকে অভদ্ৰৰ দৰে আচৰণ কৰি নিজৰ লংপেন্টটো মোৰ সমুখতে খুলি দিলে। অৱশ্যে মোক অধিক সময় অস্বস্তিত নেপেলাই তেওঁ সোঁভৰিৰ কৰঙনৰ নিম্ন অংশত থকা এক সুগভীৰ ক্ষতচিহ্নৰ প্ৰতি মোৰ দৃষ্টি আকৰ্ষণ কৰি ক’লে, ‘বজাৰ পট্টিৰ মানিক গগৈৰ বাৰীৰ শ্ৰীফল জোপাৰ তললৈ তোৰ লগত যাওঁতে যে মোক কুকুৰে কামুৰিছিল তাৰ চিহ্ন এয়া। এতিয়া বিশ্বাস হ’ল নে মই যে অনিল?’ তেনেই সৰু কালৰ মনত থকা নথকা দিনৰ ঘটনা।আন দিনৰ দৰেই অনিল আৰু মই পুৱাতে উঠি ঘৰত কোনেও গম নোপোৱাকৈ বজাৰ পট্টি পালোঁগৈ।উদ্দেশ্য, আন কোনোবাই বুটলি নিয়াৰ আগতেই মানিক গগৈৰ ঘৰৰ বাৰীৰ শ্ৰীফল জোপাৰ তল সৰা পকা শ্ৰীফল কেইটা বুটলি অনা।গছৰ তল পাই শ্ৰীফল কেইটামান বুটলি লওঁতেই কোনোবো এজন মানুহে ‘ধৰ ধৰ’ বুলি কোৱাৰ লগে লগে কুকুৰ এটাই ভুক ভুক কৈ খেদি আহিল।ভয়ত বিব্ৰত হৈ আমি য’ৰে শ্ৰীফল ত’তে পেলাই অহা বাটেৰে দৌৰিব ধৰিলোঁ।কুকুৰৰ পৰা দৌৰি হাত সাৰিব পৰাকৈ ক্ষণকায় অনিলৰ দেহত যথোপযুক্ত শক্তি নাছিল বাবে কুকুৰটোৱে তাক আক্ৰমণ কৰি তাৰ ভৰিৰ কৰঙনৰ তলৰ মাংসল অংশৰ পৰা কামুৰ মাৰি এমোকোৰা মাংস এৰুৱাই নিলে।অনিলে ৰাউচি- জুৰি কান্দিব ধৰিলে আৰু দৌৰ সামৰি মই ঘূৰি গৈ অনিলৰ কাষ পালোঁগৈ।ইতিমধ্যে ঘটনাস্থলিত ভালেমান মানুহ গোট খালে। তাৰে দুজনমানে অনিলক এখন ফাৰ্মাচীলৈ নি প্ৰাথমিক চিকিত্সাৰ ব্যৱস্থা কৰিলে। কোনোবাই খবৰ দিয়াত অনিলহঁতৰ ঘৰৰ মানুহ আহি অনিল আৰু মোক গালি-শপনি পাৰি ঘৰলৈ লৈ গ’লহি। ‘কি হে বন্ধু, ঘটনাটো পাহৰিলি নেকি ? ভেৱা লাগি ৰ’লি যে।‘ ‘অনিল, ক’তনো পাহৰিম সেইটো ঘটনা। সেইবোৰ কথাকে ভাৱি আছিলোঁ।তই মোক বেয়া নাপাবি, তোৰ চেহেৰা সম্পূৰ্ণ সলনি হ’ল।তাতে লগ নোপোৱা আজি কত’ বছৰ হ’ল ভাৱি চাচোন।‘ ‘আৰু ৰূপজ্যোতি, তোৰো বাল্যকালৰ চেহেৰাটো এতিয়া নাই ;কিন্তু তোৰ এই সোঁগালত থকা তুলসী পাতৰ দৰে ক’লা বৰণৰ দাগটোৰ বাবেই তইয়ে বুলি নিশ্চিত হৈ গলোঁ।‘ অনিলৰ কথা শুনি মই নিজৰ গালৰ তুলসী পাতটোত এনেয়ে আঙুলি বুলাই চালোঁ।ডেকা বয়সত এদিন প্লাষ্টিক চাৰ্জাৰী কৰি এই তুলসী পাতটো নোহোৱা কৰি দিম বুলি ডাক্তৰৰ ওচৰ পাইছিলোঁগৈ।পিছে খৰছ বহন কৰিব নোৱাৰিহে পৰিকল্পনাটো সিমানতে বাদ দিলোঁ।অন্যথাই অনিলক মই চিনিব নোৱাৰাৰ দৰে সিও মোক চিনিব নোৱোৰিলে হেঁতেন। ‘ৰূপজ্যোতি,কি ভাৱি আছ? মই কলিং বেলটো টিপি থাকোঁতে তোৰ চকুৱে মুখে যি খং আৰু বিৰক্তি ভাৱ দেখা পাইছিলো, মই ভয়ে খাইছিলো।ভাৱিছিলো মোক চিনি পায়ো তই এনেখন কৰিছ।আচলতে মই তোক লগ পাবলৈ ব্যগ্ৰ হৈ আছিলো আৰু তহঁতৰ কলিং বেলটো হেঁচা দিলে ওপৰলৈ উঠি আহে বাবে বজা নাই বুলি মই জোৰে হেঁচি ধৰিলোঁ। হে হে হে।‘ কথাখিনি কৈ অনিলে সৰু কালত হঁহাৰ দৰে যিমান পাৰে সিমান হাঁহিব ধৰিলে আৰু ময়ো তাৰ লগত হাঁহিত যোগদান কৰিলোঁ।অনিলে হাঁহি থাকোঁতে তাৰ মুখায়বত বাল্য কালৰ চেহেৰা এটা ফুটি উঠা দেখি তাৰ চেহেৰাটোক কেন্দ্ৰ কৰি গেঠেলা লাগি থকা মোৰ মনটো কিছু ফৰকাল লাগি গ’ল। ‘হে হে হে, কলিং বেলটো বেয়া হৈছে ঔ অনিল। আনে টিপি থাকে যে, বেয়া হৈছে বুলি মই গমেই পোৱা নাই।আমাৰ শ্ৰীমতীয়েতো কলিং বেল নিটিপেই, মোকো টিপিব নিদিয়ে। কয় বোলে মাতষাৰ দিব নোৱাৰা নেকি,বোবা মানুহৰ দৰে সেইটো যে বজাই থাকা।‘ ‘হে হে হে।‘ দুয়ো আকৌ কিছু পৰ হাঁহি ল’লোঁ।হাঁহি থাকোঁতে ইটোৱে সিটোৰ দাঁতৰ অৱস্থা দেখি আৰু অলপ হাঁহিব লগা হ’ল। ‘দাঁত দেখিয়েই মনত পৰিছে, তোৰ মনত আছেনে অনিল, গাঁৱৰ বিধবা তিৰোতা কেইগৰাকীৰ যে দাঁতবোৰ ৰং সানি কিচকিচকৈ ক’লা কৰি থৈছিল আৰু সৰুতে তই তাকে দেখি ভয়ত দৌৰি পলাইছিলি।‘ ‘হে হে হে কিয় মনত নাথাকিব। মই তেওঁলোকক জখিনী বুলি ভাৱিছিলোঁ।‘‘অনিলে ক’লে। ‘এৰা হে,তাহানিখন বিধবা তিৰোতাৰ প্ৰতি কমখন অন্যায়- অবিচাৰ কৰা হৈছিল চাচোন।‘মই কলোঁ, ‘পিছে অনিল, তয়ো পৰিবাৰক এৰি অকলৈ মোৰ ঘৰলৈ আহি তিৰোতাৰ প্ৰতি চৰম অবিচাৰ কৰা নাইনে?’ ‘তোক মই কেতিয়া কলোঁ মোৰ শ্ৰীমতীক এৰি আহিছোঁ বুলি। আচলতে আমি তোৰ ঘৰটো বিচাৰি পাই শ্ৰীমতী আৰু আমাৰ এক মাত্ৰ সন্তান বেংক অব ইণ্ডিয়াৰ বিষয়া উষাক ড্ৰাইভাৰ আৰু চিকিউৰিটি অফিচাৰৰ লগত গাড়ীতে গৈ কিবাকিবি বজাৰ অলপ কৰি আনিবলৈ পঠাইছোঁ।নগৰখন কিছু দূৰত বাবে আহি পাওঁতে পলম হ’ব পাৰে।‘অনিলে উষ্মা সহকাৰে ক’লে, ‘পিছে তোৰ শ্ৰীমতী বিয়াৰ পৰা কেতিয়া উভটিব?’ ‘বিয়া ঘৰ অলপ দূৰৈত। তেওঁ আহি পোৱাত কিছু পলম হ’ব।‘ মই ক’লোঁ। ইতিমধ্যে আমি দুয়ো পাকঘৰ পালোঁগৈ। দুয়ো লাগি ভাগি তাহানি বন ভোজ খাওঁতে কাম কৰাৰ দৰে কৰি চা-জলপান ইত্যাদি পাকঘৰত যি পালোঁ কিবাকিবি খাই ললোঁ।তাৰ পিছত কথা পাতি পাতি আমি দুয়ো মায়াময়, মোহময় ল’ৰালি কাললৈ উভটি গ’লোঁ। অনিলহঁতৰ ঘৰখন দুখীয়া আছিল আৰু আমাৰ ঘৰখন আছিল চহকী ।আমাৰ দেউতা ভাৰত চৰকাৰৰ এক বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল আৰু অনিলৰ দেউতাকে খেতি-বাতি আৰু বেপাৰ-বাণিজ্য কৰি ঘৰ চলাইছিল।অনিল আৰু মোক আমাৰ দেউতাই নি প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল।আমি দুয়ো অনবৰতে একেলগে থাকিছিলোঁ।আমাৰ মা-দেউতাই তাক বৰ মৰম কৰিছিল।মাই আমাক একেলগে বহাই লৈ ভাল ভাল বস্তু খাবলৈ দিছিল।আমাৰ দেউতাই বিহুত মোক চাৰ্ট-পেন্ট দিলে অনিলকো কিনি দিয়ে।এইদৰে কেইবছৰ মান পাৰ হোৱাৰ পিছত আমাৰ দেউতাৰ চাকৰি অসমৰ বাহিৰলৈ বদলি হোৱাত অনিল আৰু মোৰ মাজৰ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ গ’ল।ইফালে ময়ো আহমেদাবাদৰ এক কোম্পানীত চাকৰি কৰি আছিলোঁ। আমাৰ বেটা প্ৰদীপে ষ্টেট বেংক অব ইণ্ডিয়াৰ গুৱাহাটীৰ দিচপুৰ শাখাত প্ৰবেচনাৰী অফিচাৰ হিচাপে অলপ দিনৰ আগতে চাকৰিত যোগদান কৰে। সেয়ে মই চাকৰি এৰি দিলোঁ আৰু আমি গুজৰাটৰ পৰা আহি অসম পালোঁহি। মহানগৰৰ হাইউৰুমিৰ পৰা ৰক্ষা পাবৰ বাবে এই ৰ’দালি গাঁৱতে ঘৰে মাটিয়ে কিনি থাকিবলৈ ললোঁ। ঘৰৰ আৰ্থিক অৱস্থা বেয়া আছিল যদিও সিনো কেনেকৈ ইমান পঢ়া-শুনা কৰি অসম চৰকাৰৰ ৰাজ পত্ৰিত বিষয়া হ’ব পাৰিলে তাকে জানিবৰ বাবে অনিলক সুধিলোঁ।এক ৰহস্যময় হাঁহি মাৰি অনিলে ক’লে যে এয়া হেনো সকলো ভগৱানৰ মহিমা। ‘ৰূপজ্যোতি,মই যে অনবৰতে খচমচাই থাকোঁ সেই কথা তোৰ মনত আছেনে বাৰু? মোৰ সেই খচমচনিৰ আঁৰতো এক কাহিনী আছে।তোৰ দেউতাই আমাক স্কুলত নাম লগাই দিবলৈ নিঁওতে আমাৰ আচলতে নাম ভৰ্তিৰ বয়স হোৱাই নাছিল। আমি তিনি চাৰি বছৰীয়া আছিলোঁ।সেইদিনা তই দেউতাৰৰ হাতত ধৰি গৈ থাকোঁতে মই পিছ পৰি গলোঁ।তেতিয়া আমাৰ সম্পৰ্কীয় মোমাইদেউ মণিকান্তই তেওঁৰ লগত কথা পাতি থকা মানুহজনক মোক দেখুৱাই কৈছিল, ‘এই বান্দৰটোৱে কি পঢ়িব, ফালিব ই।‘ মোক উদ্দেশ্যি বান্দৰ ৱুলি কোৱাত মই বাৰু সঁচাকৈয়ে বান্দৰ নেকি বুলি ভাৱিব ধৰিলোঁ।যি কোনো মুহূৰ্ততে মোৰ নেগুৰডাল গজিছেনে নাই বুলি হেপিয়াই থাকিব ধৰিলোঁ। সেয়ে মই যতে থাকোঁ তাতে খচমচাই থাকিব লগীয়া হয়।তাৰোপৰি নিজকে বান্দৰ বুলি ভাৱিবলৈ লৈ গছত উঠি নিৰ্ভয়ে বগাব ধৰিলোঁ। মই ফলমূলৰ গছত উঠিলে তলত ল’ৰা-ছোৱালীৰে ভৰি পৰে।ঘৰত এখন ডাঙৰ হনুমন্তৰ ফটো আঁৰি থোৱা আছিল। তাৰ তলত ধূপ জ্বলাই মই নিতৌ হনুমানৰ পূজা কৰোঁ।মোৰ নেগুৰৰ সন্ধানত গঢ় লৈ উঠা খচমচনিটো বাঢ়ি গৈছিল চাগৈ। এদিন প্ৰাৰ্থনাৰ বাবে শাৰী পাতি থাকোঁতে মই খচমচাই থকাত ওপৰৰ শ্ৰেণীৰ কেইজনমান ছাত্ৰই কথাটো প্ৰধান শিক্ষকক জনাই দিলে। মোক প্ৰধান শিক্ষকৰ কোঠালৈ মাতি নি খচমচাই থকাৰ কাৰণটো সুধিলে।তেতিয়া মই সকলো কথা বিৱৰি কলোঁ।প্ৰধান শিক্ষক মহোদয়ৰ কোঠাত সেই সময়ত উপস্থিত থকা মকলো শিক্ষকৰ লগতে প্ৰধান শিক্ষক মহোদয়েও খুউব হাঁহিলে।শেষত তেখেতসকলে মোক মৰমেৰে বুজালে ‘কোনোবোই ক’লে বুলিয়েই মানুহ বান্দৰ হৈ নাযায় নহয়, তুমি ভাল দৰে পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ’বা, তেতিয়া তোমাক বান্দৰ বোলাজনে নিজেই লাজ পাব।‘ তেতিয়াৰ পৰাই মই নেজ বিচাৰি খচমচাবলৈ এৰি ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিলোঁ ; কিন্তু কি দৰে হ’ম তাকহে ভাৱি পোৱা নাছিলোঁ।‘ ‘হে হে হে---‘ অনিলৰ কাহিনী শুনি মই হাঁহি ৰখাব নোৱাৰিলোঁ আৰু মোৰ লগতে সি নিজেও হাঁহিব ধৰিলে। অনিলহঁতৰ ঘৰত পঢ়া-শুনা কৰাৰ কোনো বাতাৱৰণ নাছিল।পুৱতি নিশা নিদ্ৰাদেৱীৰ কোলাত লালকাল হৈ পৰি থাকোঁতেই অনিলক তাৰ ককায়েক বগেনে জগাই দি হালুৱা গৰুকেইটা চাপৰিৰ হালুৱা তলিলৈ খেদি নিবলৈ দিয়ে।তাৰ পিছত বগেনে চাহ-জলপান খাই পথাৰ পাইগৈ।ককায়েকে হাল বাবলৈ আৰম্ভ কৰাৰ পিছত কিবা কাম থাকিলে অনিলে কৰে আৰু নাথাকিলে তাৰ ছুটি হয়।ঘৰত আহি চাহ-জলপান খাই সময় থাকিলে অলপ পঢ়া-শুনা কৰে আৰু ঘৰৰ ছাটো চাই সময় নাই বুলি জানিলে স্কুললৈ খোজ লয়।স্কুলৰ পৰা আহি লাই-জাবৰি বা শুকোতা শাক যিহৰেই নহওক ঠাণ্ডা ভাত কেইটামান খাই অনিল চাপৰিৰ আহুতলিত জাবৰ জুই দিবলৈ অথবা হাতত দলিমাৰি লৈ দলি চপৰা ভাঙিবলৈ যাব লাগিব।সেই সময়ত ৰাজহুৱা খেল পথাৰত তাৰ লগৰীয়াহঁতে চিঞৰি-বাখৰি খেলি থকা অনিলে পথাৰৰ পৰাই শুনি থাকে। অনিলক অমনোযোগী হৈ কাম কৰা দেখিলে দেউতাকে তাক কয়, ‘খেল খেলিলে কোনো লাভ নহয়,খেতি কৰিলেহে ধন আহিব।কৰ কৰ মন দি কাম কৰ।‘ খেতি পথাৰৰ কাম কৰাৰ উপৰিও অনিলে গাঁৱৰ গৰু ৰখীয়াৰ পাল পৰা দিনা স্কুল ক্ষতি কৰি গৰুৰ পাল ৰখিব লাগিব।অঞ্চলটোত মঙ্গল আৰু শুক্ৰ বাৰে সাপ্তাহিক বজাৰ বহে।মাজে মাজে অনিলে স্কুল ক্ষতি কৰি দেউতাকৰ লগত বহি বজাৰত বস্তু বিক্ৰী কৰে।দেউতাকৰ দোকানখনৰ সমুখতে চুনৰ টিনটো লৈ অনিলে চুন বেচে।দেউতাক কেনিবা গ’লে সি মূল দোকানখনো সম্ভালে।এইবোৰ কামৰ উপৰিও ৰান্ধনীক খৰি যোগান ধৰা, গধূলি গোহালিত গৰু বন্ধা আৰু চোতালত গৰুৰে মৰণা মৰা আদি কামো অনিলে কৰিব লাগে।অনিলৰ ককায়েক বগেনক দেউতাকে একো কাম কৰাব নোৱাৰে।সি উভটি যুঁজে।লাগ বুলিলেই তাক দেউতাকে টকা দিব লাগিব।সি কয় যে জন্ম দিছিল যেতিয়া দেউতাকে টকা দিবই লাগিব।ঘৰৰ পৰা টকা নি নি সি শিৱসাগৰত বাহৰ পাতি থাকি সাত বাৰ মেট্ৰিক পৰীক্ষা দিও পাছ কৰিব নোৱাৰিলে।পঢ়ি পৰীক্ষা দিলেহে পাছ কৰিব, পৰীক্ষাৰ আগত প্ৰশ্ন কাকত বাহিৰ কৰি পৰীক্ষা দিয়াৰ ধাণ্ডাত থাকে।কোনোবা বাৰ কোনো কোনো কাকতত ষাঠি সত্তৰ নম্বৰ পায় আৰু বাকীবোৰত ফেল কৰে। এই দৰেই ঘৰৰ ধন ভঁৰালৰ তলি ফুটিল। নিচেই সৰুতে অনিল পঢ়া-শুনাত সিমান ভাল নাছিল।অনিলৰ ককায়েক বগেনে সামান্য দোষতেই তাক মাৰ-ধৰ কৰি থাকে।এদিন গধূলি চোতালত মৰণা মাৰি থাকোঁতে বগেনে অনিলৰ মূৰৰ পিছফালে তাৰ বজ্ৰ কঠিন হাতখনেৰে এনেকুৱা এটা থাপ্পৰ মাৰিলে যে অনিল গৈ ক’ৰবাত উফৰি পৰিল।কাণ্ডটো প্ৰত্যক্ষ কৰি থকা অনিলহঁতৰ সম্বন্ধীয় ককায়েক ৰাজেনে ‘হায়ৈ-বিয়ৈ’ কৰি কৈছিল, ‘শেষ শেষ ল’ৰাটোৰ মূৰটো গ’ল আৰু, সি এতিয়া কেনেকৈ পঢ়া শুনা কৰিব বাৰু।‘সেই দিনা ৰাতি ভাত-পানী খাই উঠি বিছনালৈ নগৈ অনিলে টিপ চাকিটো লৈ তাৰ বাঁহৰে নিৰ্মিত পঢ়া টেবুলখনৰ ওচৰ পালেগৈ।টেবুলতে টিপ চাকিটো থৈ সি কিতাপ এখন উলিয়াই লৈ মনোযোগেৰে পঢ়ি গ’ল। শেষত তাৰ মগজুটো ঠিকেই আছে নে নাই তাকে পৰীক্ষা কৰিবলৈ কিতাপখন জপাই লৈ কি পঢ়িছিল তাকে স্মৰণ কৰবলৈ চেষ্টা চলালে।কিছু কিছু মনলৈ সুন্দৰকৈ আহিল।এই অনুশীলন সি নিতৌ কৰি যাব ধৰিলে।কামটো তাৰ ভাল লগা হ’ল।সেই কাম নকৰাকৈ থাকিব নোৱাৰা হ’ল।পুৱা বেলা পঢ়াখিনি সি গধূলি মৰণাৰ গৰু ঘূৰাই থাকোঁতে মনলৈ আনি আঁওৰাই যায়।সি স্কুলত শিক্ষকৰ সকলো প্ৰশ্নৰ উত্তৰ দিব পৰা হ’’ল। পৰীক্ষাত ভাল ফলাফল দেখুৱাব ধৰিলে।এইদৰেই গৈ গৈ এদিন অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অনিলে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হ’ল।অৱশ্যে পঢ়াৰ খৰছ যোগাৰ কৰিবলৈ অনিলে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছিল।মাজে সময়ে অ’ত ত’ত ঘৰুৱা শিক্ষকতা কৰিলে,কোনো কোনো স্কুলত অস্থায়ী ভাৱে শিক্ষকতা কৰিলে। সুবিধা বুজি বেপাৰ–বাণিজ্যও কৰিব লগা হৈছিল।আৰ্থিক ভাৱে সচ্ছল বংশ পৰিয়াল আৰু মিতিৰ-কুটুমৰ কোনো এজনো মানুহ তাক সহায় কৰিবলৈ আগ বাঢ়ি নাহিল। আমি কথাৰ মহলা মাৰি থকাৰ মাজতেই অনিলে ৰাস্তাৰ পূব দিশলৈ আঙুলিয়াই দি প্ৰায় চিঞৰাৰ দৰেই ক’লে, ‘সৌৱা আমাৰ শ্ৰীমতী আৰু বেটী উষা আহি পালেহি।‘ মই সেই ফালে চাই দেখোঁ যে এখন ক’লা বৰণৰ স্কৰ্পি্অ’ গাড়ী আমাৰ ঘৰৰ পদূলিৰ ফালে সোমাই আহিছে।চকুহাল ঘূৰাই ৰাস্তাৰ পশ্চিম দিশলৈ নিওঁতেই দেখোঁ আমাৰ গৰাকীয়েও স্কুটিখন পদূলিৰ ফালে নমাই আনিছে। সৰু ল’ৰাৰ দৰে অনিলে মৰা চিঞৰটোৰ সমানে চিঞৰ এটা মাৰি ময়ো কলোঁ,’সৌৱা চোৱা আমাৰ শ্ৰীমতীও আহি গ’ল।‘ ---------সমাপ্ত--------

বোৱাৰীবিহীন জীৱনৰ তিতা-মিঠা

দুসপ্তাহমানৰ আগতেই চন্দনৰ মাকে আমাৰ শ্ৰীমতীক কৈ থৈছে,”বৰমা, এইবাৰ আমাৰ চন্দনৰ জন্ম-দিনত কিন্তু ক’লৈকো নাযাব দেই।ভালদৰে জন্মদিন পাতিম, আপুনি লাগিভাগি দিব লাগিব।“ পিছে কি হ’ব,এৰাব নোৱাৰা কাৰণত জন্মদিনৰ আগদিনা আমি ডিব্ৰুগড় পালোঁহি।চন্দনৰ মাকে ঘৰত ডাঙৰ মিক্সাৰ নাই বাবে ভোজৰ আঞ্জাত দিবলৈ সৰিয়হ পিচিবলৈ আহি আমাৰ ঘৰ পালেগৈ। দূৱাৰত তলা ওলমি থকা দেখি লগে লগে ফোন কৰি আমাক ঘৰলৈ আহিবলৈ অনুৰোধ জনালে।এৰা, উপায় নাই হে। খৰধৰকৈ যাবতীয় কামখিনি শেষ কৰি শাৰদীয় দূৰ্গোত্সৱক ম্লান কৰি তোলা দবাপিতা বৰষুণজাকক আওকান কৰি মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ পাৰে পাৰে মথাউৰিয়েদি ক্ষুদ্ৰকায় গাড়ীখনেৰে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আজিৰ পৰা পাঁচ বছৰমানৰ পূৰ্বে চন্দনৰ দেউতাক বিজিতে আমাৰ নৱনিৰ্মিত দোকান ঘৰটোৰ এখন দোকান ভাড়াত লৈ গেলামালৰ দোকান খোলে।বিজিতহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বাৰ কিলোমিটাৰ মানৰ দূৰৰ আমগুৰিত।চন্দনৰ মাক ‘জোনালী’ৰ মাকৰ ঘৰো দূৰত নহয়,মাছখোৱাত।সময় সুবিধা পালেই জোনালীৰ মাকে দুই চাৰিদিন জীয়েকৰ ঘৰত থাকি যায়হি।সেই কেইটা দিন জোনালীৰ দেউতাকে বাৰী ঘৰৰ ৰখীয়া হৈ অকলৈয়ে ঘৰত থাকে। পুতেক বোৱাৰীয়েক নগৰত থাকে। তেওঁলোকে মাক-দেউতাকৰ খবৰ নাৰাখে।সস্কিলে-মস্কিলে জী-জোঁৱাইয়েহে চায়।অলপ দিনৰ আগতে বিজিতে টমটম এখন কিনি চলাবলৈ ধৰাত ঘৈনীয়েকে দোকান চলাব লগীয়া হ’ল।তেতিয়া কিছুমান গ্ৰাহক দোকানলৈ আহিবলৈ বেয়া পোৱা হ’ল।ইফালে জোনালীৰো মূৰ ঘূৰণি বেমাৰ লাগিল।উপায়ান্তৰ হৈ জোনালীৰ মাকে দোকানত বহিব লগীয়া হ’ল।তেওঁ বয়-বস্তুৰ দামবোৰ ভালদৰে নাজানে বাবে বেছ অসুবিধাৰ সন্মুখীন হ’ল।তথাপিও যেনেতেনে দোকানখন চলি আছিল।পিছে কি হ’ব, বিধিয়ে দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে নহয়।এদিন হঠাত্ পিচল খাই পৰি জোনালীৰ মাকৰ সোঁহাতখন ভাগিল।দোকানত বহা মানুহ নোহোৱাত দোকানখন বন্ধ কৰি ঘৰ খালি কৰি দিলে।ওচৰতে ভাড়াঘৰ লোৱা বাবে আমাৰ ঘৰৰ লগত তেওঁলোকৰ আহ-যাহ চলি থাকিল। আমি বিজিতহঁতৰ বৰমা-বৰদেউতা আৰু চন্দনৰ ককা-আইতা হৈ পৰিলোঁ। “বিজিত আৰু জোনালীয়ে ইমান উত্সাহেৰে পুতেক চন্দনৰ জন্মদিন পাতিছে যে ভৱিষ্যতে চন্দনেও যদি মোমায়েকৰ দৰে বিয়া বাৰু কৰাই মাক-দেউতাকক পাহৰি যায় তেতিয়া তেওঁলোকৰ কেনে লাগিব বাৰু?” দীৰ্ঘ সময়ৰ বিৰতিত বৰষুণজাক এৰিলত আৰু বোকা পানীৰে পৰিপূৰ্ণ বাটচোৱা অতিক্ৰম কৰাৰ পিছত গাড়ী চালকৰ আসনত উপবিস্ট আমাৰ শ্ৰীমতীয়ে কথাষাৰ কৈ মোৰ প্ৰতিক্ৰিয়া জানিবলৈ অপেক্ষা কৰি ৰ’ল।আমাৰ শ্ৰীমতীয়ে সচৰাচৰ আনৰ পুত্ৰ-বোৱাৰীয়ে মাক-দেউতাকক অৱহেলা কৰা অনেক কাহিনী মোক শুনাই থাকে। দৰাচলতে আমাৰ পুত্ৰ সন্তান নাই বাবে ‘আঙুৰ টেঙা’ বুজাবলৈ যেন তেওঁ সেই কাহিনীবোৰ কয় মোৰ তেনে অনুভৱ হয়।অৱশ্যে তাৰ মাজতে দুই এক সু-পুত্ৰ বোৱাৰীৰ দৃষ্টান্তও দাঙি নধৰা নহয়।অৱশ্যে সাম্প্ৰতিক কালৰ পৰিৱেশ পৰিস্থিতিত পুত্ৰ সন্তান আৰু কণ্যা সন্তানৰ প্ৰভেদ বিচাৰ কৰাৰ অৱসৰ নোহোৱা হ’ল।এতিয়া মোৰ বাবে এইবোৰ কথা গুৰুত্বপূৰ্ণ নহয়।পুত্ৰ-বোৱাৰীয়ে আৰু কোনো কোনো কন্যা সন্তানে বৃদ্ধ পিতৃ-মাতৃক অনাদৰ কৰাটোহে বিচাৰ্য বিষয় হৈ পৰিছে।এই সন্দৰ্ভত গুণী-জ্ঞানী লোকসকলে পৰামৰ্শ দিয়ে যে আনৰ ওপৰত ভৰসা নকৰি বৃদ্ধ কালত নিজে নিজক প্ৰতাপাল কৰাৰ ব্যৱস্থা কৰিব পৰাকৈ য়িমান পৰা যায় ধন সঞ্চয় কৰি থ’ব লাগে।চন্দনে ভৱিষ্যতে তাৰ মাক-দেউতাকক অৱহেলা কৰিবনে প্ৰতিপাল কৰিব সেই সন্দৰ্ভত এতিয়া মই কি মন্তব্য ৰাখিম সেইটোহে ডাঙৰ কথা ।কাৰণ, ল’ৰাটোক মাক-দেউতাকে যিদৰে ডাঙৰ-দীঘল কৰিছে তাত বহুতো আঁসোৱাহ দেখা পাইছোঁ। শ্ৰীমতীয়ে মোক কয়, ‘বিৰাজৰ মাকে তেওঁলৈ আজি-কালি সঘনাই ফোন কৰি পুত্ৰ-বোৱাৰীৰ দূৰ্ব্যৱহাৰৰ কাহিনী কৈ নিজৰ মনক সান্ত্বনা দি দুখ-বেজাৰ পাতলাব খোজে।‘ তেওঁলোকৰ দুটি মাথো সন্তান।বিৰাজ আৰু বিস্মিতা।বিস্মিতাক বিয়া দিয়াৰ পিছত মাক-দেউতাকৰ লগতে বিৰাজৰো ঘৰখন কিবা উদং উদং লগা হ’ল।বিৰাজৰ মাকৰ বান্ধবী পূৰ্ণীমা এদিনাখন তেওঁলোকৰ ঘৰলৈ আহোঁতে বিৰাজৰ মাকে এনেবোৰ কথা আলোচনা কৰোঁতে বোৱাৰী এজনীৰ অতিকৈ প্ৰয়োজন বুলি ক’লে।সুযোগ হেৰাবলৈ নিদি বান্ধবীয়ে নিজৰ কণ্যা পাহিকে বিৰাজলৈ বিয়া দিব বুলি প্ৰস্তাব দিলে।বিৰাজৰ চাকৰি নিয়মীয়া হোৱা নাই বাবে বিয়াত খৰছ কৰিবলৈ তাৰ হাতত ধন নাছিল। সেয়ে দেউতাকে পেন্সনৰ ধন খৰছ কৰিব লগীয়া হ’ল।এইদৰেই উচ্চ শিক্ষিতা সুন্দৰী যুৱতী পাহিৰ সৈতে বিৰাজৰ বিবাহ সম্পন্ন হ’ল। বোৱাৰীক নিজৰ জীৰ দৰে আবদাৰ কৰিম বুলি সংকল্প লৈ মৰম-স্নেহৰ বান্ধোনেৰে সদৌটিকে বান্ধি ৰখা ঘৰ এখন গঢ়ি তোলাৰ সপোন দেখা বিৰাজৰ মাক দেউতাকৰ সকলো আশা ভৰসাত চেঁচা পানী ঢালি অপ্ৰত্যাশিতভাৱে পাহিয়ে বিয়াৰ পিছ দিনাই তাইক কিবা উপদেশ দিয়া বাবেই শাহুয়েকক উভটি ধৰিলে।পাহিৰ মতে, তাই এজনী উচ্চ শিক্ষিতা ছোৱালী, বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নথকা বিৰাজৰ মাকৰ উপদেশ দিবলৈ কোনো অধিকাৰ নাই।বিৰাজৰ মাকে এষাৰ কথা ক’লে পাহিয়ে দহষাৰ কৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিব ধৰাত বিৰাজৰ দেউতাকে পাহিক মৰমেৰে কথাবোৰ বুজাই ক্ষান্ত কৰিবলৈ চেষ্টা কৰিলে; কিন্তু পাহি ক্ষান্ত হোৱা দূৰৰ কথা, তাই অতি উত্তেজিত হৈ উচ্চ স্বৰত ইংৰাজীতে বিৰাজৰ দেউতাকক কিবা কিবি ক’ব ধৰিলে।বিৰাজৰ দেউতাক নিৰৱে আঁতৰি গৈ ঘৈনীয়েকৰ ওচৰ পালেগৈ।পাহিয়েনো ইংৰাজীত কি বলকিলে তাকে বিৰাজৰ মাকে সুধিলে।বিৰাজৰ দেউতাকে কথাখিনি অসমীয়াতে বুজাই ক’লে।অৱশেষত তেওঁলোকে পাহিৰ কথাবোৰ পুতেক বিৰাজক ভাঙিপাতি ক’লে।কিন্তু বিৰাজে তেওঁলোক দুয়োকে আচৰিত কৰি পাহিৰ পক্ষ লৈ তেওঁলোকৰ ওপৰতে সকলো দোষ জাপি দিলে।তেওঁলোক দুয়োৰে এনে লাগিল যেন এইটো ল’ৰা তেওঁলোকৰ পুত্ৰ বিৰাজ নহয়,ভূতনি লম্ভী গাত ভৰ কৰি থকা বিৰাজহে।কথাবোৰ ভাললৈ অহাৰ বিপৰীতে অতি বেয়াৰ ফালে ঢাল খালে।বিৰাজ আৰু পাহিয়ে নিজৰ ৰুমতে পাকঘৰ জুৰিলে।মাকৰ লগত লগ-সমনীয়াৰ দৰে হাঁহি-ধেমালী কৰি দিন পাৰ কৰা ল’ৰাটো বিয়াৰ পিছতেই ইমান সলনি হ’ব বুলি মাকে সপোনতো ভৱা নাছিল।দিপাৱলীৰ দিনা বিৰাজৰ মাকে মিঠাতেলৰ চাকিত তেল দিওঁতে কেনেবাকৈ পকা মজিয়াত দুটোপালমান মিঠাতেল পৰিছিল।তাকে দেখা পাই পাহিয়ে হুলস্থূল লগাই দিলে। শাহুয়েকে তাইক হত্যা কৰাৰ চক্ৰান্ত কৰিয়ে পিচলখাই পৰিবৰ বাবে হেনো মজিয়াত মিঠাতেল পেলাই থৈছে।অৱশেষত পৰিৱেশ পৰিস্থিতি চম্ভলা জটিল হৈ পৰাত বিৰাজৰ দেউতাকে বিৰাজ আৰু তাৰ ঘৈনীয়েকক ভাড়াঘৰ লৈ বেলেগে থাকিবলৈ ক’লে।সিহঁত দুয়ো যেন এই প্ৰস্তাৱ শুনিবলৈকে অপেক্ষা কৰি আছিল।লগে লগে তেওঁলোক দুয়ো যিখন কলেজত চাকৰি কৰে তাৰ ওচৰতে ভাড়াঘৰ এটা লৈ মাক দেউতাকক কন্দুৱাই তালৈ গুচি গ’ল। মই আমাৰ পুত্ৰ-বোৱাৰীবিহীন সংসাৰখনৰ বাবে মনত কিবা দুখ-বেজাৰ ভাৱ পোষণ কৰি আছোঁ বুলি ভাৱিয়ে নে কি জানো আমাৰ শ্ৰীমতীয়ে এনে ধৰণৰ অনেক দুৰ্ভগীয়া শহুৰ শাহুৰ কাহিনী আজি কালি প্ৰায়ে শুনাই থাকে।পিছে তেওঁ কেৱল বোৱাৰীৰ ওপৰতে দোষ জাপি দিবও নোখুজে, কিছুমান শাহুমাও অতি নিষ্ঠুৰ থাকে বুলি কয়।তেনে শাহুবোৰে হেনো বোৱাৰীক ঘৰত চাকৰনীৰ দৰে খটুৱাবৰ বাবেই চপাই লয়।বোৱাৰীয়ে কেনিও ডিঙি মেলি চাব নোৱাৰাকৈ দিনে ৰাতিয়ে কাম কৰি থাকিলে ভাল পায়।তেনে শাহুয়ে ঘৰত কাম নাথাকিলে হেনো চাউলত ধান মিহলাই দি বোৱাৰীক ধান বাচি থাকিবলৈ দিয়ে।আমাৰ শ্ৰীমতীয়ে কয়, ‘আমাৰ যদি বোৱাৰী এজনী থাকিলে হেঁতেন তেন্তে মই তাইক নিজৰ জীৰ দৰে মৰমেৰে ৰাখিলোঁ হেঁতেন।‘মই ‘বোলো নোৱাৰা হে তুমি, বোৱাৰী বাবলৈ নাপাই মোৰেই যি গতি কৰিছা, এনে কৰিলেচোন তোমাৰ লগত বোৱাৰী দুটা দিনো তিষ্ঠিব নোৱাৰিব।‘তেতিয়া শ্ৰীমতীয়ে ‘এহ মই কি কৰোঁ, মই কি কৰোঁ’ বুলি উভটি ধৰে।ততালিকে মই তেওঁৰ চেও-ভাওবোৰ সোঁৱৰাই দি কওঁ ‘বোলো তুমি যে মোক কামবোৰ কৰিবলৈ দি কোনোটো কামেই ভালদৰে কৰা নেদেখা।বাচন ধুলেও কোৱা চাফা হোৱা নাই, কাপোৰ ধুলেও কোৱা কলাৰটো লেতেৰা হৈ থাকিল, ভাত-পানী বনালেও কোৱা বোলে দাইলত নিমখ কম হ’ল,আৰু কোৱা ভাত চাউলীয়া হৈ থাকিল, আনকি মইয়ে তোমাক গাড়ী চলাবলৈ শিকালোঁ আৰু এতিয়া মই গাড়ী চলালে তুমি সন্তুষ্ট হ’ব নোৱাৰি মোকে গাড়ীৰ ষ্টেয়াৰিঙত ধৰিব নিদিয়া হ’লা। তেন্তে কোৱাচোন তুমি বোৱাৰীৰ কিবা কামত সন্তুষ্ট হ’ব পাৰিবানে?’এই বুলি ক’লে আমাৰ শ্ৰীমতীয়ে কথাটো পাতলাই দি ধেমালিৰ সুৰত কয়, ‘আপুনি ঘৰত মাকৰ পৰা কামবোৰ ভালদৰে কৰিবলৈ শিকি নাহিলে কিয়?’ এইদৰেই সেই প্ৰসংগৰ আনোচনাৰ মুখনি মাৰে। অত’পৰে মই ভাৱনাত বিভোৰ হৈ থাকি চন্দনে ডাঙৰ হ’লে তাৰ বৃদ্ধ পিতৃ-মাতৃক উভতি চাবনে নাচায় সেই বিষয়ত কোনো মন্তব্য নিদিয়াত শ্ৰীমতীয়েই মাত লগালে। ‘আপুনি টোপনি গৈছে নেকি?’ ‘নাই, মই টোপনি য়োৱা নাই হে, চন্দনৰ কথাকে ভাৱি আছিলোঁ।ল’ৰাটোক মাক-দেউতাকৰ মৰমেই তেনেই নষ্ট কৰি পেলাব যেন লাগিছে।অনবৰতে তাক ম’বাইল চাবলৈ দিছে,তাৰ বাৰু চকুহাল ভালে থাকিবনে? অকালতে দৃষ্টি শক্তি হেৰুৱালে সি পঢ়া-শুনাত কেনেকৈ আগ বাঢ়ি যাব বাৰু? তাৰোপৰি প্ৰথম মান শ্ৰেণীত পঢ়ি থাকোতেই ম’বাইলত ভাল বেয়া যিকোনো ধৰণৰ ভিডিঅ’ চালে তাৰ কু-প্ৰভাব চন্দনৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত নপৰিবনে বাৰু? সি হেনো ম’বাইলটো চাই চাই ভাত খায়। ম’বাইলটো চাবলৈ নাপালে ভাত খাব নোৱাৰে।ম’বাইলত নেট পেক নাথাকিলে চন্দন বলিয়াৰ দৰে হৈ পৰে। তেতিয়া মাকে নেট পেক ভৰাই দিবলৈ বাধ্য হয় হেনো।এনে হ’লে চন্দনে পিতৃ-মাতৃক বৃদ্ধ কালত প্ৰতিপাল কৰাটো বাদেই নিজেই সি মানুহ হ’ব নোৱাৰিব।‘ ‘দেউতাকেও চন্দনক জোখতকৈ অধিক মৰম কৰে’,শ্ৰীমতীয়ে কৈ গ’ল,’এইবাৰ পূজাত কি হ’ল জানে, স্কুলত শিক্ষকে ছাত্ৰসকলক বন্দুক, পিষ্টল আদি নিকিনিবলৈ ক’লে; কিন্তু চন্দনে তাৰ দেউতাকে পূজাৰ বজাৰত দিয়া অস্থায়ী দোকানৰ পৰা দুইফুট মান দীঘল বন্দুক এটা উঠাই দিলে।দেউতাকেও কোনো হকাবাধা নকৰিলে।মাথো হাঁহি হাঁহি ক’লে, ‘দোকানৰ লাভ খিনিয়েই চন্দনে লৈ ল’লে।’এই দৰে ল’ৰা বেছিহে বেয়া হৈ নাযাবনে?’ চন্দনৰ কথা ইমানতে এৰি মই বেৱাৰীবিহীন সংসাৰৰ কিছু তিতা মিঠা কথা বলকিম বুলি ভাৱিছিলোঁ; কিন্তু আমাৰ শ্ৰীমতীয়ে ঘৰৰ পদূলিমুখত গাড়ীৰ ব্ৰেক ধৰিলত দুৱাৰৰ চাবিকোচা লৈ মই গাড়ীৰ পৰা নামি যাবলৈ বাধ্য হলোঁ। -------------সমাপ্ত-----------