Monday, 1 July 2019

অসমীয়া হৈ থাকিব পাৰিলেহে জাতিৰ মংগল

“অসমীয়া হৈ থাকিব পাৰিলেহে জাতিৰ মংগল” শিৰোনামৰ দৈনিক অসমৰ  ১ লা জুলাই, ২০১৯ সংখ্যাৰ সম্পাদকীয়  পৃষ্ঠাত প্ৰকাশিত প্ৰবন্ধটি পঢ়ি বহুদিনৰ পূৰ্বৰে পৰা মনলৈ অহা দুটামান কথা ব্যক্ত কৰিব খুজিছোঁ।অসম আৰু অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাত কথা ক’ব পৰা স্বনামধন্য লেখক ৰাম চন্দ্ৰ চুতীয়া দেৱৰ প্ৰবন্ধটিয়ে দৈনিক অসম ৰ পাঠকসকলক নিশ্চয় চিন্তাৰ খোৰাক যোগাইছে। প্ৰবন্ধটিৰ সকলো খিনি ভাষ্যই গুৰুত্বপূৰ্ণ। এই বিষয়টোৰ ওপৰত অধিক আলোচনা হোৱা দৰকাৰ।আমি লগতে সংযোগ কৰি ক’ব বিচাৰোঁ যে বড়ো, মিচিং, ৰাভা, কছাৰী, দেউৰী আদি অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাত কথাবোৰো প্ৰতিজন অসমীয়াই শিকিবলৈ চেষ্টা কৰা উচিত। ইজন অসমীয়াই সিজনৰ ভাষা-দোৱান আদি শিকি ভাৱৰ আদান-প্ৰদানৰ যোগেদি সংস্কৃতিৰ সংমিশ্ৰণ ঘটালে আমি সকলো একাকাৰ হ’বলৈ বেছিপৰ নালাগে। লগে লগে ন-অসমীয়াইও যদি সহযোগিতা আগ বঢ়াই তেনেহ’লে অসমৰ কোনো ঠাইতে অসমীয়া ভাষাৰ বাদে অন্য ভাষাৰ নামফলক দেখা নাযাব চাগৈ। গতিকে আমি পৰিচিত মিচিং ভাই, বন্ধুক ক’বলৈ শিকিব লাগিব-‘চালি আবাৰক বমনাং’ (তামোল এখন আনি দিয়া), অথবা বড়ো ভাইটিটোক ক’বলৈ শিকিব লাগিব-‘গুৱে লাব’( তামোল আনা) ইত্যাদি ইত্যাদি। ভুল হ’লে নিশ্চয় তেওঁলোকে শুধৰাই দিব। অতি পুৰণি দিনবোৰৰ দৰে তেওঁলোকে সংৰক্ষণশীল হৈ নিজৰ ভাষা নিজৰ মাজতে ৰখাৰ মনোবৃত্তি অৰু লৈ থকা নাই। যিকোনো এটা ভাষা জীয়াই থাকিবলৈ হ’লে সেই ভাষাত কথা কোৱা লোকৰ সংখ্যা বাঢ়ি যাব লাগিব। প্ৰতিটো ভাষাকে জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত। কাৰণ, একোটা ভাষাই ধৰি ৰখা কিছুমান বিশেষ ধৰণৰ জ্ঞানৰ ভাণ্ডাৰ অন্য এটা ভাষাত নাথাকে। ভাষা বিলুপ্তিৰ লগে লগে জ্ঞানৰো বিলুপ্তি ঘটে। সাম্প্ৰতিক কালত ইংৰাজী ভাষাৰ আগ্ৰাসনৰ ফলত একোটা ভাষা ভাষী জনগোষ্ঠীৰ লোকৰ জনসংখ্যা বৃদ্ধি পোৱা সত্বেও সেই ভাষাত কথা ক’ব আৰু লিখিব জনা লোকৰ সংখ্যা দিনক দিনে হ্ৰাস পাব ধৰিছে। এনেদৰেই বিশ্বৰ অনেক ভাষাৰ বিলুপ্তি ঘটিছে। সেয়ে আমি সকলো একেখন বৰ চোতালত বৰ পীৰা পাৰি বহি কথাবোৰ আলোচনা কৰা উচিত। ‘কিছু ল’ব লাগে কিছু দিব লাগে।‘ ইংৰাজীৰ পৰা আনি অসমীয়াত টেবুল শব্দ ব্যৱহাৰ কৰাৰ দৰে মতা কুকুৰাৰ ঠাইত মিচিং ভাষাৰ শব্দ ‘ৰক্ প’(rokpo)   আৰু মাইকী কুকুৰাৰ    ঠাইত ‘ৰগ্ নৌ‘    (rogne) ব্যৱহাৰ কৰিব নোৱাৰিম কিয় ? মাথো সকলোকে বুজাব লাগিব আৰু সকলোৱে বুজিব লা গিব, ইমানেই।

No comments:

Post a Comment