Friday 10 May 2019

গিৰত এপষেক (ভ্ৰমণ কাহিনী)

মুকলি আকাশৰ তলত মুক্তমনেৰে বিচৰণ কৰি থকা অৱস্থাত নাতিদূৰৰ পৰা পৃথিবীৰ আপুৰুগীয়া জন্তু বনৰ ৰজা সিংহক স্বচক্ষে চোৱাৰ অদম্য হেঁপাহত দেশ-বিদেশৰ অনেক পৰ্যটকে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্যলৈ ঢাপলি মেলাৰ দৰে আমিও সপৰিয়ালে গৈ এদিন সাসন গিৰ(Sasan Gir) পালোগৈ। গিৰত কিছুদিনৰ পূৰ্বৰে পৰা গৱেষণাৰ কামত ব্যস্ত থকা আমাৰ কনিষ্ঠা কণ্যাই আমাৰ বাবে থকা-খোৱা, ফুৰা-চকা আদি সকলো ব্যৱস্থা কৰি ৰাখিছিল। সেয়ে গৈ পোৱাৰ পিচদিনাই ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত ললো। 



পুৱাতে উঠি ৰোসমাঞ্চকৰ জিপ ছাফাৰী কৰি গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহ চাবলৈ ওলালোঁ

আমাৰ জিপ গাড়ীখন গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ জুনাগড় জিলাৰ সাসন চহৰৰ দিশত থকা বাট চৰাৰ সমুখত ৰৈ গল। গাড়ীচালক ৰহমতে দ্বাৰপালৰ কুঠৰীলৈ গৈ আমাৰ জিপ ছাফাৰীৰ অনুমোদনৰ বাবে আৱশ্যকীয় তথ্য-পাতি দাখিল কৰিলে। সেইকণ সময়তে আমি প্ৰৱেশ পথত বিভাগীয় কৰ্ত্তৃপক্ষই আটক ধুনীয়াকৈ নিৰ্মাণ কৰা তোৰণখনৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলোঁতোৰণৰ সমুখত দুয়োফালে দুটা সাইলাখ সিংহ থিয় দি আছে, তাৰ পিচত পকী খলপা একোটাৰ ওপৰত দুয়োফালে দুটা ফুটুকী হৰিণ আৰু তাৰ পিচফালে কিছু উচ্চতাত ওপৰলৈ বগাই যোৱাৰ ভংগিমাত দুয়োফালে দুটা তেনেই সঁচা যেন লগা নাহৰ ফুটুকী বাঘ। তোৰণখনৰ মূল সুউচ্চ পকী স্তম্ভযোৰৰ ওপৰত ইমূৰৰ পৰা সিমূৰলৈ খেৰীঘৰৰ আকৃতিত এখনি ছাল। জিপ ছাফাৰী কৰি সিংহ চাই হৰ্ষিত বদনে ঘূৰি অহা দৰ্শনাৰ্থীসকলৰ দৃষ্টি আমাৰ ফালে নিবদ্ধ হোৱা দেখি লাজতে পলোৱাৰ চেষ্টাৰে আমি ততালিকে গাড়ীৰ কাষ পালোগৈৰহমতে ইতিমধ্যে গাড়ী ষ্টাৰ্ট দিছিলেই।


                    প্ৰৱেশপথৰ তোৰণ















আমাৰ জিপখন ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰ মাজৰ লুংলুঙীয়া কেঁচা ৰাস্তাইদি গতি কৰাৰ লগে লগে মনত এক অজানিত শিহৰণ জাগি উঠিল আৰু আমি পুলকিত হৈ পৰিলো। আপোনালোকে এতিয়া চৌদিশে ভালদৰে চকু ফুৰাই যাওক, ৰহমতে কলে, এইখিনি ঠাইত সিংহ নাই যদিও বহুতো জীৱ-জন্তু আৰু চৰাই-চিৰিকতি দেখা পাব।ৰহমতৰ কথাত আমি সজাগ হবলৈ নৌপাঁওতেই, ৰাস্তাৰ এটা পাৰে নাতি দূৰত দেখা পালো কেইটামান ময়ূৰ চৰাই। সেইফালৰ পৰা চকু ঘূৰাই ৰাস্তাৰ সিটো পাৰত গছৰ তলত এমখা ফুটুকী হৰিণ চৰি থকা দেখা পালো। ক্ষন্তেক পিচতে দেখা পালো গছৰ ডালত জপিয়াই থকা নেজ দীঘল লেঙ্গুৰ কেইটামান, যাক হনুমান বান্দৰ বুলিও কোৱা হয়। দেখিলেনে চিতাল আৰু লেঙ্গুৰৰ মিলামিছা,ৰহমতে কলে,এই দুই প্ৰাণী সদায় একে লগে থাকে। হয়, ৰহমতে ঠিকেই কৈছিল, বহু ঠাইত ফুটুকী হৰিণ আৰু হনুমান বান্দৰক একেলগে দেখা পালোইয়াৰ কাৰণ কি জানিব বিচৰাত তেওঁ কলে যে লেঙ্গুৰে যিবোৰ গছৰ ফল খায়, সেই একেবোৰ ফলেই ফুটুকী হৰিণেও খায় বাবে লেঙ্গুৰে খাওঁতে বা খাবলৈ গছৰ পৰা ছিঙোতে তললৈ সৰি পৰা ফলবোৰ ফুটুকী হৰিণে খাবৰ বাবে গছৰ তলতে সাজো হৈ থাকে। অন্য এক কাৰণ হল পৰস্পৰে পৰস্পৰক বাঘ, সিংহ আদি শত্ৰুৰ আগমণৰ উমান পালে আগ জাননী দিয়া।
পাত সৰি লঠঙা-লঠং হৈ পৰা গছ-গছনিবোৰৰ মাজেদি তিনি চাৰি কিলোমিটাৰ মান বাট ৰাষ্ট্ৰীয় উদ্যানখনৰ অভ্যন্তৰলৈ সোমাই আহোঁতেই যিমানবোৰ পশু-পক্ষী দেখা পালো তাৰ পৰাই অনুমান কৰিব পাৰিলো যে গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ইতিমধ্যে অধ্যয়ণ কৰি যিখিনি কথা জানিব পাৰিছোঁ সেয়া সকলো সঁচাই হব চাগৈ। গিৰ ৰাষ্ট্ৰীয় উদ্যান এচীয় প্ৰজাতিৰ সিংহৰ বাবে ৰাজ সাম্ৰাজ্য আৰু অধিকাংশ বন্য জীৱ-জন্তুৰ বাবে আদৰ্শ বাসস্থান। ১৯৬৫ চনত এই অৰণ্য ভূমিক গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্য প্ৰাণী অভয়াৰণ্য বুলি ঘোষণা কৰা হয়। এই অভয়াৰণ্যৰ সৰ্বমুঠ মাটি কালি ১৪১২বৰ্গ কিলোমিটাৰ(৫৪৫ বৰ্গ মাইল)দেশী-বিদেশী পৰ্যটকৰ বাবে এই গিৰ অভয়াৰণ্যৰ মূল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈছে এচিয়াটিক সিংহ। তাৰোপৰি, শিয়াল, হায়েনা ,নীলগাই, কেটেলা পহু আৰু শৰ-হৰিণা আদি অন্যান্য বন্য জীৱ-জন্তু দেখাৰো সুযোগ ঘটে। ভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু গছ-গছনিৰ অপূৰ্ব সুন্দৰ শোভাই মন মুহি পেলায়। যথেষ্ট বৈজ্ঞানিক, শৈক্ষিক, নান্দনিক আৰু অৱসৰ বিনোদনৰ প্ৰমূল্যৰে সৈতে অৰণ্যখন এক গুৰুত্বপূৰ্ণ জৈৱ গৱেষণা কেন্দ্ৰ। ইয়াত প্ৰতি বছৰে কোটি টকা মূল্যৰ সেঁজীয়া ঘাঁহ, কাঠ আদি উৎপন্ন হয় জৰীপ কালত এই অৰণ্যত প্ৰায় ৪০০ বিধমান প্ৰজাতিৰ উদ্ভদ পোৱা গৈছে এৰা, এই গিৰ ৰাষ্ট্ৰীয় উদ্যানক কেৱল মাথো ৪৩০ বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি গঠিত হোৱা আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত তুলনা কৰিব নোৱাৰি। গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যই প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে অনেক লোকক সংস্থাপন দিছে আৰু গুজৰাট চৰকাৰৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাত সহায় কৰিছে।

গিৰ অঞ্চলৰ সাতখন প্ৰধান নদী হৈছে হিৰণ (Hiran), শেত্ৰুনজী (Shetrunji), দাতাৰ্দী (Datardi) , শিংগুড়া ( Shingoda) , মাচ্ছুন্দ্ৰী ( Machhundri), গোদাবৰী (Godavari) আৰু ৰাৱল (Raval)অঞ্চলটোৰ সকলোতকৈ বৃহ জলাশয় কমলেশ্বৰ বান্ধকে ধৰি হিৰণ, মাচ্চুন্দ্ৰী, ৰাৱল আৰু শিংগুড়া প্ৰত্যেকৰে এটাকৈ অঞ্চলটোৰ চাৰিটা বান্ধত চাৰিটা জলাধাৰ আছে। এই জলাধাৰবোৰেই গিৰৰ জীৱন ৰেখা অংকন কৰিছে। বৰ্ষা কালত প্ৰায় ৩০০ টা স্থানত বন্য জীৱ-জন্তুৰ বাবে ভূপৃষ্ঠৰ পানী মজুত থাকে। কম পৰিমাণে বৰষুণ হোৱা বাবে যেতিয়া অঞ্চলটো খৰাংপীড়িত হৈ পৰে তেতিয়া ইয়াৰ বহু ঠাইতে পানী পোৱা নাযায়, আৰু জলসংকট হৈ পৰে এক গম্ভীৰ সমস্যা(বিশেষকৈ অভয়াৰণ্যখনৰ পূব অংশত)। সেই সময়ত জলসংকট দূৰ কৰি পানী সহজে পাব পৰা কৰাটো বনবিভাগৰ বাবে এটা প্ৰধান কাম হৈ পৰে।

সেই ফালে চাওক, ৰহমতে হঠাতে গাড়ীখন ৰখাই দি ৰাস্তাৰ বাঁওফালে আঙুলি টোঁৱাই কলে, পিশাচ গছজোপাৰ তলত সৌহাল নীলগাই।

                               
বাঘ-সিংহই নখেৰে আচোঁৰা গছৰ গুৰি
   
পিশাচ গছ বা Ghost tree

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ হাবিত আগতে নীলগাই দেখিছো যদিও গাঢ় নীল বৰণীয়া প্ৰকাণ্ড প্ৰকাণ্ড নীলগাই কাহানিও দেখা নাছিলো, তাতে  আকৌ আজব আকৃতিৰ পিশাচ  গছৰ(Ghost tree ,বৈজ্ঞানিক নাম Sterculia urens আৰু ই Malvaceae পৰিয়ালৰ) তলত। শুধ বগা বৰণৰ গা-গছেৰে সৈতে, গুৰিত উঠঙা-উঠংকৈ ধৱল বৰণৰ শিপাবোৰ চাৰিওফালে বগাই যাব ধৰা দেখিলেই ভয় লগা পাত সৰি ভয়ানক ৰূপ ধাৰণ কৰা অদ্ভুত আকৃতিৰ পিশাচ গছজোপাৰ তলত থকা নীলগাই দুটা আৰু চৌদিশে থকা গছবোৰ, যিবোৰৰ কিছুমানৰ গুৰিত নাহৰফুটুকী বাঘ আৰু সিংহই নখেৰে আঁচোৰা স্পষ্ট দাগ -এই সকলো মিলি যেন এক জয়াল পৰিৱেশৰ সৃষ্টি কৰিছে। ভাৱিলো, ৰাতিৰ অন্ধকাৰত কিম্ভূত্ কিমাকাৰ এই বগা গছ ডাল দেখিলে মানুহে ভুত-পিশাচ নুবুলি বুলিব কি? ৰহমতৰ গাড়ীয়ে গতি লাভ নকৰা পৰ্যন্ত থৰ লাগি সমগ্ৰ দৃশ্যটো চাই আছিলোঁ। এইখিনি সময়ৰ ভিতৰতে ৰহমতে বন বিভাগৰ এজন টেকাৰৰ (সিংহৰ গতি বিধি নিৰীক্ষণৰ বাবে নিয়োজিত বন বিভাগৰ কৰ্মচাৰী) সৈতে মবাইলত কথা পাতি সিংহ থকা ঠাইডোখৰৰ বিষয়ে নিৰ্দ্দিষ্টকৈ বুজ ললে আৰু আমাক জনাই দিলে যে কিছু দূৰ গলেই আমি বনৰ ৰজা সিংহৰ মুখামুখি হম। আমি সেই আপুৰুগীয়া মুহূৰ্তটোৰ বাবে নিজকে প্ৰস্তুত কৰিলো।



সিংহ চোৱাৰ আগতেই সিংহৰ বিষয়ে কিছু কথা জনা দৰকাৰ বুলিয়েই মই এই বিষয়ত কিছু পঢ়া-শুনা কৰি আহিছো। সিংহ হল বাঘৰ পিচতেই জীৱিত মেকুৰী জাতীয় প্ৰাণীৰ ভিতৰত দ্বিতীয় বৃহত্তম প্ৰাণী। বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এচিয়াত(একমাত্ৰ ভাৰতৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত)বন্য সিংহ পোৱা যায়, বাকী উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এচিয়াৰ সিংহবোৰ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গল বুলি কোৱা হয়। আজিৰ পৰা প্ৰায় ১১,৭০০ বছৰৰ  আগৰ প্লেষ্ট‌'চিন( The Plestocene) যুগৰলৈকে সিংহবোৰ আছিল মানুহৰ পাছতেই আটাইতকৈ বেচি বিস্তাৰিত বৃহৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী। ইহঁতক আফ্ৰিকাৰ অধিকাংশ অঞ্চল, পশ্চিম ইউৰোপৰ পৰা ভাৰতলৈকে ইউৰেচিয়া আৰু ইউকেনৰ পৰা পেৰু পৰ্যন্ত আমেৰিকাত দেখা পোৱা যায় গৈছিল তেনে সিংহ এতিয়া একপ্ৰকাৰৰ বিপন্ন প্ৰাণী। 



অৰণ্যত মতা সিংহ কেতিয়াবা ১০ৰ পৰা ১৪ বছৰ পৰ্যন্ত জীৱাই থাকে, প্ৰভূত্ব বিস্তাৰৰ বাবে ইহঁতৰ নিজৰ মাজত  হোৱা দন্দবোৰত পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে। অন্যথা ইহঁত ২০ বছৰ পৰ্যন্ত জীৱাই থাকিব পাৰে। সিংহবোৰ সাধাৰণতে উষ্ণমণ্ডলীয় ঘাঁহনি পথাৰ আৰু তৃণভূমিত বাস কৰে, যদিও ইহঁতক জোপোহা আৰু অন্যান্য অঞ্চলতো পোৱা যায়। অন্য মেকুৰীজাতীয় জন্তুৰ ভিতৰত সিংহবোৰেই একমাত্ৰ সামাজিক প্ৰাণী সিংহৰ এটা জুমত সম্বন্ধীয় মাইকী, সিহঁতৰ সন্তান আৰু কেইটামান মতা সিংহ থাকে। সাধাৰণতে সিংহই মানুহৰ চিকাৰ নকৰে, কিন্তু কেতিয়াবা কিছুমানে কৰে। ইহঁতে প্ৰধানকৈ দিনৰ ভাগত শুৱে, প্ৰাথমিকভাৱে সন্ধ্যা আৰু পুৱতি নিশা সক্ৰিয় হয। সিংহৰ উচ্চস্তৰৰ লিংগীয় বৈষমতা আছে, কেশৰৰ দ্বাৰা মতাবোৰক সহজে চিনাক্ত কৰিব পাৰি। মানৱ সংস্কৃতিত সিংহৰ মুখাবয়বৰ ছবিৰ বহুল ব্যৱহাৰ কৰা হয়,  ভাস্কৰ্য, চিত্ৰকলা, ৰাষ্ট্ৰীয় পতাকা আৰু চলচিত্ৰ তথা ধৰ্ম, সাহিত্য আদি ক্ষেত্ৰতো ব্যৱহৃত হয়।  হিন্দু ধৰ্মমতে, ভগৱানৰ দশ অৱতাৰৰ ভিতৰত নৰসিংহ ৰূপ ধাৰণ কৰাটোও আছিল অন্য এক অৱতাৰ। নৰসিংহই অহঙ্কাৰী তথা বিধৰ্মী ৰজা হিৰণ্যকশিপুৰক কোলাত শুৱাই লৈ নখেৰে আঁচোৰি পেট ফালি বধ কৰিছিল। সেয়ে কাঠেৰে নিৰ্মাণ কৰা হিন্দু ধৰ্মৰ গুৰু আসনতো সিংহই স্থান পাইছে। 


ৰহমতে গাড়ীখন ৰখোৱাৰ বহু পূৰ্বেই আমাক নীৰৱতা অৱলম্বন কৰিবলৈ সকীয়নি দিছিল আৰু আমি কথা পতা বন্ধ কৰি অতি সাৱধানে অৰণ্যৰ ফালে চকু ৰাখি আহিছো। এসময়ত ৰহমতে গাড়ীখন ৰখাই দি অৰণ্যৰ এটা দিশলৈ আঙুলিয়াই দি আমাক তেনেই নিম্ন স্বৰত কলে, সৌৱা দেখিছেনে চাৰিটা পোৱালিৰে সৈতে দুজনী মাকে আমাৰ ফালেই চাই আছে

এৰা,আমি মনেই কৰা নাছিলো যে মাথো বিশ মিটাৰ মান দূৰতেই আমাৰ সমুখত বনৰজা সিংহই পোৱালীসহ ৰৈ আমালৈকে চাই আছে।এয়া আমাৰ বাবে আছিল এক ৰোমাঞ্চকৰ,আমোদজনক আৰু উল্লেখযোগ্য অভিজ্ঞতা। পূৰ্বৰে পৰা সেই স্থানত প্ৰহৰীৰ দায়িত্বত থকা বন বিভাগৰ টেকাৰ দুজন আমাৰ গাড়ীৰ ওচৰলৈ আহি হাঁহি মাৰি আমাক সম্ভাষণ জনালে। জনালোঁ আমিও।আমি গাড়ীতে আছো, কাৰণ নমা নিষেধ। চা-চিনাকি হলো। কথা পাতিলো  তেওঁলোকে হাতত লৈ ফুৰা পাঁচফুট মান দীঘল আৰু শকত লাঠী ডালেৰে কি কৰে সুধিলো। তেতিয়া এজনে হাতৰ লাঠীডালৰ আগত থকা সৰু কুঠাৰখন দেখুৱাই কৈছিল যে প্ৰয়োজনত কাঁইটীয়া হাবিৰ মাজেৰে যাওঁতে সেইখনৰে বাট মোকোলাই আগুৱাই যায় আৰু লাঠীডাল দেখিলে সিংহই ভয় কৰে আৰু আক্ৰমণ কৰিলৈ নাহে। কেতিয়াবা যদি সিংহই খেদিও আহে তেন্তে ভয় নকৰি সিংহক আঘাত নকৰাকৈ লাঠী জোকাৰি নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিব পাৰিলেই মানুহজনক তাতকৈ বলৱান বুলি ঠাৱৰ কৰি পলাই যায়, কিন্তু ভয় কৰি পলাব খোজাজনক আক্ৰমণ কৰে

পিচে ৰৈ গল এক আক্ষেপ, মতা সিংহ যে দেখা নাপালো। কথাটো ৰহমতক কোৱাত তেওঁ কলে যে গিৰত মতা সিংহ আৰু মাইকী সিংহই একেলগে জুম বান্ধি নাথেকে। এচিয়টিক সিংহৰ মতা আৰু মাইকীৰ জুম বেলেগ বেলেগ। আফ্ৰিকাৰ সিংহবোৰেহে মতা আৰু মাইকী একেলগে জুম বান্ধি থাকে। ৰহমতৰ সৈতে সিংহৰ বিষয়ে অনেক কথা পাতিলো আৰু কিছুমান নতুন কথা জানিলো একোটা মতা সিংহই বৃহ অঞ্চল নিজৰ দখলত ৰাখে আৰু সেই অঞ্চলত থকা মাইকী সিংহৰ সৈতে মিলন ঘটায়। মতা সিংহবোৰে লগ লাগি ডাঙৰ হোৱা মতা পোৱালিবোৰক মাকবোৰে কৰা আপত্তি সত্বেও মাইকী সিংহৰ জুমৰ পৰা খেদি পঠায় আৰু খেদা খোৱা মতা পোৱালিবোৰে নতুন দল গঠন কৰি বয়োজ্যেষ্ঠসকলৰ দখলত থকা এলেকাৰ বাহিৰত থাকিবলৈ লয়।  অন্য ঠাইৰ পৰা বেলেগ মতা সিংহ আহিলে জুমৰ মতা সিংহবোৰে খেদি পঠিয়াবৰ বাবে যুঁজ বাগৰত লিপ্ত হয়। মাইকী সিংহবোৰে লগলাগি  ডাঙৰ আকাৰৰ খুৰাষুক্ত স্তন্যপায়ীৰ চিকাৰ কৰে। খোৱাৰ সময়ত সিংহই হাই-কাজিয়া নকৰে। এটাই খোৱাৰ পিচত আনটোৱে খায়। এদিন পেট পূৰাই খাবলৈ পালে দুদিন মানলৈ সিংহই নোখোৱাকৈ থাকিব পাৰে। আমি সকলোবোৰ সিংহকে একে দেখিলেও, মাটি-বালিত সিংহই এৰি যোৱা পদ চিহ্নবোৰ একেই দেখিলেও সিংহৰ ওপৰত গৱেষণা কৰি থকা শিক্ষাৰ্থী তথা অন্যন্য গৱেষকসকলে কিন্তু তাৰ মাজতে পাৰ্থক্য বিচাৰি পায়। তেওঁলোকৰ মতে, মানুহৰ মুখাবয়ববোৰ যিদৰে ইজনৰ লগত সিজনৰ মিল নাথাকে ঠিক সেইদৰেই এটা সিংহৰ লগত আনটো সিংহৰ মুখাবয়বৰ মিল নাথাকে আৰু সেইদৰেই মতা সিংহ আৰু মাইকী সিংহৰ পদ চিহ্নৰো পাৰ্থক্য আছে। পদ চিহ্নলৈ লক্ষ্য ৰাখিয়েই কোনো এক পথেদি গুচি যোৱা সিংহৰ বয়স, সংখ্যা আৰু লিংগ নিৰূপণ কৰিব পাৰি।
এদিন খবৰ পালো যে মিতীয়ালা সংৰক্ষিত বনাঞ্চলত দুটা মতা সিংহই এঠাইত জিৰণি লৈ আছে। আমাৰ জিপ গাড়ীখনে হাবিতলীয়া ঠেক বাটেৰে সিংহ দুটাই জিৰণি লৈ থকা ঠাইলৈ দৌৰিব ধৰিলে। বাটত এজাক হঁয়কলী চৰাইৰ লগতে অন্যান্য বহুতো চৰাই আৰু শৰ, হৰিণা আদি জন্তু দেখা পালোঁ। গৈ থাকোঁতে ৰহমতক সুধিছিলো যে সিংহবোৰ কত কত বিচৰণ কৰি ফুৰে সেই কথা জনাটো কেনেকৈ সম্ভৱ হৈছেনো। তেতিয়া ৰহমতে ওখ পাহাৰ এটাৰ চূড়াত থকা সৰু ঘৰ এটা আৰু ঘৰৰ সমুখত থিয় দি থকা মানুহ এজনক দেখুৱাই কৈছিল যে  তাত থকা প্ৰহৰীয়ে অহৰ্নিশে দূৰবীক্ষণ যন্ত্ৰৰে চৌদিশে নিৰীক্ষণ কৰি সিংহবোৰৰ গতি-বিধি লক্ষ্য কৰি থাকে। তেওঁলোকেই অনাতাঁৰ বাৰ্তা যোগে সমতল ভূমিত কৰ্মৰত বনকৰ্মী সকলক সিংহৰ গতি-বিধিৰ খবৰ জনাই থাকে। অৱশেষত জন্তুক পানী খাবলৈ দিয়া এক স্থানত সিংহ দুটাক স্বচক্ষে দেখা পাই অতি ভাগ্যৱান বুলি ভাৱি নিজকে ধন্য মানিলোঁ। অৱশ্যে আমাক বন ৰজাৰ সৈতে সাক্ষা কৰাই দিব পাৰি ৰহমত যেন আমাতকৈ অধিক সুখী হৈছে, তেওঁৰ ভাৱ-ভঙ্গিমালৈ চাই এনে লাগিল। সিংহ দুটা হাবিৰ মাজলৈ সোমাই যোৱাত আমি সেই স্থান এৰি মিতীয়ালাৰ ৰজাৰ ৰাজ প্ৰাসাদ চাবলৈ গলো। পোন্ধৰশ শতিকাতে ৰাজপ্ৰাসাদটো নিৰ্মাণ কৰা হৈছিল। বৰ্তমানৰ গিৰ ৰাষ্ট্ৰীয় ৰ্উদ্যানৰ অৰণ্য ভূমি এসময়ত বৃটিছৰ ভাৰতত শাসন কালত ইংৰাজসকলৰ বাবে আছিল চিকাৰ স্থলিসেই সময়ত বাঘ-সিংহ চিকাৰ কৰাটো আছিল এক গৰ্বৰ বিষয় তথা সন্মানৰ কথা। ৰাজ্যসমূহৰ শাসকসকলে বৃটিছ ঔপনিবেশবাদীসকলক চিকাৰ অভিযানৰ বাবে আমন্ত্ৰণ জনাইছিল। আনকি সেই সময়ৰ ৰজাসকলৰ মাজত সিংহ নিধনৰ প্ৰতিযোগিতাও চলিছিল। যিজন ৰজাই যিমান ডাঙৰ সিংহ বধ কৰিব পাৰিছিল সেই অনুপাতে সন্মান আৰু খিতাপ লাভ কৰিছিল। এই কথাৰ সত্যতাৰ প্ৰমাণ স্বৰূপে মিতীয়ালা সংৰক্ষিত অভয়াৰণ্যৰ মাজত থকা এই ৰাজপ্ৰাসাদত(বৰ্তমান আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় হিচাপে ব্যৱহৃত হৈ আছে) বৰ্তমানো দৈৰ্ঘ্যতা মাপ নিৰূপক চিহ্নসহ এক পকী মজিয়া সংৰক্ষিত হৈ আছে যত মৃত চিকাৰবোৰৰ দৈৰ্ঘ নিৰূপণ কৰা হৈছিল। এনে কাৰ্যৰ পৰিণতি স্বৰুপে ১৯ শতিকাৰ শেষৰ ফাললৈ মাত্ৰ এক দৰ্জনমান এচিয়াটিক সিংহ ভাৰতত বাকী থাকিছিল, সকলোবিলাক আছিল জুনাগড়ৰ নবাবৰ ১৯ শতিকাত সম্ভ্ৰমজনক ব্যক্তিগত চিকাৰ স্থলি বুলি জনাজাত গিৰ অৰণ্যৰ এটা অংশত। নবাবৰ তপৰতাত সিংহ নিধন পৰ্বৰ সমাপ্তি ঘটিল। পিচত নবাবৰ পুত্ৰ নবাব মহম্মদ মহাবত খান তৃতীয়ই সিংহ সংৰক্ষণ কামত আগভাগ লয়

মিতীয়ালাৰ পৰা ঘুৰি আহোঁতে গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বনভূমিত একপ্ৰকাৰৰ  ব্যতিক্ৰমী শুভ্ৰ পোছাক পৰিধাণ কৰি হাতত এডাল শকত লাঠী লৈ এজাক মহ চৰাই থকা ক্ষীণকায় মানুহজনক দেখা পাই অজানিতে মই এটা শব্দ উচ্চাৰণ কৰিলো-মালধাৰী মোৰ মাত শুনি ৰহমতে লাহেকৈ গাড়ীখন ৰখাই মোলৈ চাই কলে, হয়, আপুনি ঠিকেই ধৰিছে তেওঁ এজন মালধাৰী লোক। ৰহমতে সৌৰাষ্ট্ৰৰ মালধাৰী লোক সকলৰ বিষয়ে আমি নজনা, কাহানিও নুশুনা বহুতো কথা কলে। মই নিজেও মালধাৰীসকলৰ বিষয়ে কিতাপ-পত্ৰ পঢ়ি কিছু কথা ইতিমধ্যে জানি থৈছো। গুজৰাটী ভাষাৰ শব্দগত অৰ্থ অনুযায়ী মাল মানে জীৱ-জন্তু আৰু ধাৰী শব্দৰ অৰ্থ হল প্ৰতিপালক বা অভিভাৱক।এতেকে মালধাৰীসকলক জীৱ-জন্তু পালন কৰোঁতা লোক বুলিব পাৰি। অতীজতে তেওঁলোক ৰাজস্থানৰ লোক আছিল বুলি জনা যায়। তেওঁলোক নিৰামিষ ভোজী মালধাৰীসকল কোনো এটা ধৰ্ম বা জাতিৰ লোক নহয়। তেওঁলোকৰ মাজত হিন্দু, মুছলমান দুয়োটা ধৰ্মৰ লোক তথা বিভিন্ন জাতিৰ লোক আছে। তেওঁলোক অতি সাহসী আৰু গিৰ অঞ্চলৰ অৰণ্য ভূমিত সিংহৰ আক্ৰমণ প্ৰতিৰোধ কৰি মহ, গৰু আৰু ভেড়া-ছাগলী আদি প্ৰতিপাল কৰি  অতি সাধাৰণ ভাৱে জীৱন অতিবাহিত কৰিছিল। এটা সময়ত মানুহ আৰু বন্য জীৱ-জন্তুৰ মাজত সংঘাত বৃদ্ধি পোৱাত এচিয়াটিক সিংহ গিৰ বন্য-প্ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা বাহিৰলৈ গৈ সিঁচৰিত হৈ বসবাস কৰিবলৈ লোৱাত শ শ মালধাৰী লোকক(গিৰ অভয়াৰণ্যৰ গতানুগতিক বাসিন্দা) ১৯৮০ চনৰ চৰকাৰৰ পুণৰ সংস্থাপনৰ আঁচনিৰ সুবিধা দি অৰণ্যৰ বাহিৰত থাকিবলৈ দিয়া হৈছিল তেওঁলোকে যোৱা দুটা দশকৰ ভিতৰতে পুণৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰ মাজলৈ সোমাই আহিছে। চৰকাৰৰ বন বিভাগৰ হিচাপ অনুযায়ী প্ৰায় ৪৫০ টা পৰিয়াল এতিয়া অভয়াৰণ্যৰ ভিতৰত বসবাস কৰি আছে। ইয়াৰে সৰহ  ভাগ পৰিয়ালে চৰকাৰী আঁচনিৰ সুবিধা পাইছিল আৰু এতিয়া পুণৰ ঘূৰি আহিছে। এটা হিচাপ মতে, দুটা দশকৰ ভিতৰত প্ৰায় ২০০০ মালধাৰীলোক গিৰ অভয়াৰণ্যলৈ ঘূৰি আহিছে। তেওঁলোকৰ বহুতে চৰকাৰে দিয়া ভূমি বিক্ৰী কৰি আহিছে। ইয়াৰ অন্তৰালৰ অজুহাত আছিল এয়ে যে চৰকাৰে তেওঁলাকক দিয়া ভূমি পাহাৰীয়া আৰু শিলাময় আছিল বাবে তাত খেতি কৰিব পৰা নাছিল আৰু ঘাঁহ-বনৰ অভাৱত জীৱ-জন্তুও পালন কৰিব পৰা নাছিল। আচলতে বৰ্তমানো শিক্ষাৰ ক্ষেত্ৰত পিচপৰি থকা বাবে বৈজ্ঞানিক পদ্ধতিৰে লাভজনকভাৱে পশু পালন বা কোনো স্থানত স্থায়ী ভাৱে বসতি কৰি আধুনিক প্ৰযুক্তি প্ৰযোগ কৰি তেওঁলোকে কৃষি কাৰ্যও চলাই যাব পৰা নাই। তেওঁলোকে নিজৰ নেছত(তেওঁলোকৰ গাওঁবোৰক Ness বুলি কোৱা হয়) অস্থায়ী  ভাৱে কিছুদিন থাকে আৰু কিছুমান সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুণৰ অন্য কোনো দূৰণি ঠাইৰ নেছত থাকিবলৈ গুচি যায়। দৌৰি ফুৰা কেঁকোৰাৰ তেল নোহোৱাৰ দৰে মালধাৰীসকলো আৰ্থিকভাৱে দুৰ্বল হৈ পৰে। পিচে অতি সাধাৰণ ভাৱে থাকিও সোণ ক্ৰয়ত মালধাৰীসকলে ধন বিনিয়োগ কৰে বুলিও বহুতে কয়।


মালধাৰী
                     
বহুবছৰ ধৰি যুঁজ-বাগৰ চলি বন ৰজাই সততে  পৰাজিত হব লগীয়াত পৰি বগা পোছাক পৰিহিত মালধাৰী সকলক দেখা পালে ভয়তে সিংহই পলাই ফাট মাৰে, ৰহমতে কলে, এতিয়া সিংহবোৰে আনকি যিকোনো বগা বস্ত্ৰ পৰিধানকাৰী লোকলৈয়ে ভয় কৰে। আৰু এটা কথা আপোনালোকে মন কৰিছেনে?”

কি কথা ? “ মই সুধিলো।

 মালধাৰীজনে লৈ যোৱা মহজাকৰ আগে আগে এই যে এহাল গৰু গৈ আছে, শালৰ মাজত শিঙীৰ দৰে হলেও সিহঁতে আত্মঘাতী বোমাৰুৰ দৰে কাম কৰে। অৰণ্যৰ মাজলৈ সোমাই যাওঁতে ভোকাতুৰ বাঘ-সিংহই সমুখত গৰু হাল দেখা পাই সিঁহতকে বধ কৰি ভক্ষণ কৰে আৰু উদৰ পূৰ কৰে। ইয়াৰ ফলত  মালধাৰীসকলৰ গৰুতকৈ অত্যধিক মূল্যবান মহৰ জীৱন ৰক্ষা পৰে শিং পাক খোৱা সুন্দৰী নামৰ মহবোৰে যথেষ্ট পৰিমাণৰ গাখীৰ দিয়ে বাবে বজাৰ মূল্য বহুত বেছি। গাখীৰ বেছিকৈ দিয়া আৰু শিং বেছকৈ পাক খোৱা সুন্দৰীৰ দাম এক লাখ টকালৈকে উঠে। সেয়ে মালধাৰীসকলে অতীজৰে পৰা মহৰ জাকৰ আগত গৰুক স্থান দি আহিছে তললৈ ওলমি পৰি থকা দীঘল কাণৰ গিৰগাইবোৰ কিন্তু দামী।
মোৰ মনত এটা প্ৰশ্নই খুন্দিয়াই আছিল বাবে ৰহমতক সুধিয়েই পেলালোঁ

মালধাৰীসকলৰ নেছ(Ness)

ৰহমতে কলে, আপুনি ঠিকেই প্ৰশ্ন কৰিছে যে এনে খৰাং অৱস্থাত গছ-বিৰিখৰ পাত সৰি টকলা হৈছে, ঘাঁহ-বন শুকাই নিঃশেষ হৈছে, সেয়ে জীৱ-জন্তু বোৰক মালধাৰীসকলে ঘাঁহ-বন পুণৰ গজি উঠা দিনৰলৈকে কিদৰে জীয়াই ৰাখিব?  জীৱ-জন্তু কেইটিৰ বাবে এক কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি তেওঁলোকে এই সমস্যাৰ সমাধান কৰে। অৰ্থা ধনৱান কৃষকে নিজৰ বৃহ ফাৰ্মত ইতিপূৰ্বে প্ৰস্তুত কৰি ৰখা ঘাঁহনিৰ ঘাঁহ-পানী খুৱাই জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰে আৰু তাৰ বিনিময়ত কঠোৰ পৰিশ্ৰম কৰি বিনা বেতনত ফাৰ্মৰ মালিকৰ খেতিৰ কাম সম্পূৰ্ণ কৰি দিয়ে। এইদৰেই মালধাৰীসকলে এক প্ৰকাৰৰ অঘৰী জীৱন যাপন কৰে।
আমি কেইদিনমান অমৰেলি জিলাৰ ধাৰীত আছিলোগৈ। আমাৰ বাসগৃহৰ পৰা দেখি থকা আমবাৰীৰ পাহাৰ আৰু তাত থকা নদীবান্ধ  আৰু জলাশয় , আমবাৰীৰ সিংহ ছাফাৰীৰ বাবে নিৰ্মিত সু-উচ্চ  দেৱাল আদিয়ে আমাক দূৰৰ পৰাই যেন হাত বাউলি দি মাতি আছিল। সেয়ে এদিন গৈ সেই ঠাইত উপস্থিত হৈ বিভিন্ন ঠাইৰ বহু পৰ্যটকৰ সৈতে তাৰ অপূৰ্ব শোভা উপভোগ কৰিলোঁ। সেই ঠাইৰ কাষতে থকা পশু চিকিৎসালয়ত চিকিসাধীন সিংহৰ প্ৰচণ্ড গোঁজৰণিয়ে পৰিৱেশটোলৈ অভয়াৰণ্যৰ গম্ভীৰতা নমাই আনিছিল। আমবাৰীৰ ভ্ৰমণ সূচীয়ে দিয়া পৰিতিপ্তিয়ে আমাক যথেষ্ট উসাহিত কৰাত ফুৰিবলৈ আহিছো য়েতিয়া ফুৰিমেই বুলি কৈ আমি  গাড়ী দৌৰাই হিৰণ নদীৰ ওপৰত দিয়া কমলেশ্বৰ বান্ধ পালোঁগৈ। পাহাৰে আগুৰা স্থানত থকা বৃহ জলাশয়টোৱে এক মনোৰম প্ৰাকৃতিক দৃশ্যৰ সৃষ্টি কৰিছে। লগতে পানীত দেও দি ফুৰা মাছ আৰু ঘঁৰিয়াল চাই পোৱা আনন্দ আছেই। পৰ্যটকসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ এইবোৰ দৃশ্য উপভোগ কৰিব পৰাকৈ বিভাগীয় কৰ্ত্তৃপক্ষই সুব্যৱস্থা কৰি ৰাখিছে। ঘূৰি আহোঁতে বাটত এখন নিগ্ৰো মানুহৰ গাওঁ দেখুৱাই আমাক ৰহমতে কৈছিল যে বৃটিছৰ শাসন কালত সুদূৰ আফ্ৰিকাৰ পৰা শ্ৰমিক হিচাপে অনা নিগ্ৰোসকলৰ একাংশ স্বদেশলৈ ঘূৰি নগৈ ইয়াতে থাকি গল, এতিয়া তেওঁলোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে। এই নিগ্ৰোসকলক সিদ্দি বা সিদ্ধি বোলা হয় আৰু তেওঁলোকৰ গাওংখনৰ নাম চিৰৱান(Sirvan village) গাওঁখন উন্নত যেন নালাগিল। 


কমলেশ্বৰ বান্ধৰ মনোৰম দৃশ্য

কমলেশ্বৰ বান্ধ গিৰ অঞ্চল ভ্ৰমণ কালত সাসনৰ হাবিৰ মাজত নিৰ্জন পৰিবেশত এক পামগৃহত নিতান্তই ঘৰুৱা বাতাৱৰণত  বনভোজ খাই এনিশা কটোৱাৰ সুযোগ পালো। কৃষিপামখনলৈ গৈ থাকোঁতে বাটতে চাপৰ পাহাৰৰ টিলাত থকা অতীতৰ ৰজাৰ এক ৰাজহাউলীও দেখা পালো, নাম ইন্ধানীয়া বাংলো গন্তব্য স্থান কৃষি পাম পালোগৈ। কৃষিপামখনে শ শ বিঘা ভূমি আগুৰি থকা নাই যদিও নিচেই ক্ষুদ্ৰও নহয়। পামখনত দুটা মূৰত দুটা পামঘৰ আছে। দুয়োটাই পকী ছট দিয়া এমহলীয়া ঘৰ। কেওফালে বাৰাণ্ডা থকা ঘৰ দুটাত মূল কোঠা এটা। বাথটাব সহ পকী গা ধোৱা ঘৰ, পৰিষ্কাৰ পাইখানা ঘৰ কোঠাৰ লগতে সংলগ্ন হৈ আছে। পামখনৰ একেবাৰে মূৰত থকা পামঘৰটোৰ নাতি দূৰত আমৰ বাগিছাখন পৰিচৰ্যা কৰা লোকজনৰ পৰিয়ালটো বসবাস কৰা ঘৰটো আছে। বাগিছাখন নতুন। দুশ জোপামান আম পুলিত এই বছৰ প্ৰথম গুটি লাগিছে। সৰহখিনি মাটিত আম পুলি ৰুবলৈ বাকী আছে। সেইবোৰ মাটিত ফাৰ্মখনৰ গৰাকীৰ অনুগ্ৰহত বিনা ভাৰা বা খাজানাত আম বাগিছাৰ তদাৰকজনে ঘেঁহু খেতি কৰে। খেতি চপাই শেষ কৰা বিস্তৃত ভূমিত আবেলি অলেখ ময়ূৰে বিচৰণ কৰিছিল, আমাৰ পথাৰবোৰত বগলীৰ জাক পৰি চৰি থকাদি চৰি আছিল। সেয়া আছিল এক নয়ন জুৰুৱা স্বৰ্গীয় দৃশ্য। ৰাতি ভোজ ভাত খাই শুই গলো। পুৱা হঠা যেন এজাক প্ৰচণ্ড ধুমুহা আহিল। টোপনি ভাগি যোৱাত বাহিৰলৈ ওলাই আহি দেখোঁ যে গছ-গছনিবোৰত প্ৰকাণ্ড প্ৰকাণ্ড হনুমান বান্দৰৰ জাকে জপিওৱা–জপি কৰি ডাল-ডোল ভাঙি তোল-পাৰ লগাই আছে। ময়ূৰ পক্ষীৰ কাকঁলি শুনি পথাৰখনলৈ চাই দেখা পাওঁ-অজস্ৰ ময়ূৰে সমগ্ৰ পথাৰখন ছাটি ধৰিছেকি যে এক অভাৱনীয় আৰু অকল্পনীয় দৃশ্য। ভাষাৰে বুজাব নোৱাৰি। সেয়া যেইকি নহওক, এই অঞ্চলৰ কিছুমান বিলাসী ফাৰ্ম হাউচ দেখি আৰু সেই বিষয়ে কিছু কথা জানি গুজৰাটত বিৰাজ কৰা অৰ্থনৈতিক বৈষম্যৰ কাৰণবোৰৰ কিছু আভাস পালো। এক শ্ৰেণী কৃষি-শ্ৰমিকৰ সৃষ্টি কৰি এই ৰাজ্যৰ কৃষি ক্ষেত্ৰখন ইতিপূৰ্বেই এচাম পুঁজিপতিয়ে দখল কৰি লৈছে। সেয়ে চাগৈ গুজৰাট দেশৰ ভিতৰতে উদ্যোগীকৰণৰ ক্ষেত্ৰত দ্বিতীয় বৃহ ৰাজ্য হোৱা সত্বেও ইয়াৰ দৰিদ্ৰতাৰ হাৰ অধিক। শুনা যায় যে এই ৰাজ্যত চৰকাৰী তথ্য মতেই ৩১,৪৬,৪১৩ টা দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা পৰিয়াল আছে। এই তথ্যই সূচনা কৰিছে যে গুজৰাটত প্ৰায় ডেৰ কোটি লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে। সেইয়েহে চাগৈ দৰিদ্ৰলোকে বাস কৰা সৌৰাষ্ট্ৰৰ সৰু সৰু চহৰ–নগৰ আৰু গাওঁ-ভূঁইবোৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ তেনেই অভাৱ পৰিক্ষিত হয়। প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানে ইয়াৰ ভিতৰুৱা অঞ্চলবোৰ যেন সাঙুৰি লব পৰা নাই এনে অনুমান হয়।

গুজৰাটৰ এক প্ৰধান নগৰ আহমদাবাদৰ পৰা ৰেলেৰে বা বাচেৰে জুনাগড় নগৰলৈ আহি পুণৰ দুঘন্টামান বাচ বা অন্য সৰু গাড়ীৰে গৈয়ে সাসন গিৰ বা গিৰ ৰাষ্ট্ৰীয় উদ্যান পাব পাৰি। উদ্যানৰ প্ৰৱেশ পথৰ ওচৰতে পৰ্যটকৰ বাবে লজ, অতিথি গৃহ আৰু হোটেল ৰেষ্টোৰাঁ আদি আছেআকাশী পথেৰে যাত্ৰা কৰিব খোজাসকলে আহমদাবাদ অথবা অন্য কোনো বিমান বন্দৰৰ পৰা দিউ বিমান কোঠলৈ আহিব লাগিব। তাৰ পৰা বাচেৰে বা সৰু গাড়ীৰে দুঘন্টাৰ ভিতৰতে গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য পাবগৈ পাৰি আৰু তাৰ অতিথিপৰায়ণ লোকসকলক লগ পোৱাৰ লগে লগে ভ্ৰমণসূচী সহজ আৰু আমোদজনক হৈ পৰিব।

আমাৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত অতিবাহিত এপষেকৰ ভিতৰত নিজে আহৰণ কৰা অভিজ্ঞতা আৰু সেই অঞ্চলৰ বিভিন্ন ব্যক্তি, বন বিভাগৰ কৰ্তব্যপৰায়ণ, স তথা নিষ্ঠাবান বিষয়া কৰ্মচাৰীৰ সৈতে হোৱা মত বিনিময়ৰ অন্তত জানিব পৰা দুই এটা কথাই মানসিক জগতত এতিয়াও ঢৌ তুলি বিবেকত খুন্দিয়াই আছে। প্ৰথম কথাটো হ, কিছুদিনৰ পূৰ্বে গিৰ ৰাষ্ট্ৰীয় উদ্যানত অচিন ৰোগত আক্ৰান্ত হৈ সিংহৰ অস্বাভাৱিক ভাৱে হোৱা মৃত্যুৰ বাতৰি শুনি সিংহৰ বিলুপ্তি ঘটিব বুলি ভয়ত আমি যিমান উদ্বিগ্ন হৈ পৰিছিলো তেনেদৰে স্থানীয় লোকসকল চিন্তিত হৈ পৰা নাছিল। কাৰণ, গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰে বাহিৰে আৰু গাঁৱে-ভূঁয়ে এতিয়াও বুজন সংখ্যক সিংহ আছে। এক অসমৰ্থিত উৎসৰ তথ্য অনুযায়ী এই সংখ্যা সাতশৰো অধিক হব। সিংহৰ বৰ্ধিত জনসংখ্যা অনুপাতে গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত  সিংহৰ বিচৰণ স্থলিৰ যাতে অভাৱ নহয সেয়াহে মনোযোগ দিব লগীয়া কথা। ৰাজনৈতিক প্ৰভাৱ খটুৱাই বা অন্য ধৰণে অভয়াৰণ্যৰ ভূমি বেদখলৰ কবলত যদি পৰে তেনেহলে সিংহ অবথা অন্যান্য জীৱ-জন্তুৰ বিচৰণ ভূমিৰ অভাৱৰ ফলত্ জন্তু মানৱৰ বৰ্ধিত সংঘাতে বিপদ চপাব। আমাৰ গুৱাহাটী মহানগৰীত বন্য হস্তী , বাঘ আৰু হৰিণ আদিয়ে মুক্ত বিচৰণ কৰাদি সিংহইও  সৌৰাষ্ট্ৰৰ নগৰ-চহৰত মুক্ত বিচৰণ কৰিবলৈ বাধ্য হব। তাৰোপৰি ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে চলা কিছুমান নিৰ্মাণ কাৰ্যৰ ফলত এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ গতি কৰিব নোৱাৰি সিংহ আৰু অন্য জীৱ-জন্তুবোৰে ওচৰ-পাজৰৰ গাঁওবোৰত সঘনাই প্ৰৱেশ কৰা বুলি বহুলোকে ব্যক্ত কৰে। কিছুমান অস লোকে গাঁৱত প্ৰৱেশ কৰা সিংহক ধনৰ বিনিময়ত উসুক দৰ্শনাৰ্থীক দেখুৱাবৰ বাবে গৰু-ছাগলি আদি জন্তুৰ মৃতদেহ সুবিধাজনক ঠাইত ভক্ষণ কৰিবলৈ দিয়ে, অথবা হাবিৰ মাজত শুই বিশ্ৰাম কৰি থকা সিংহৰ গালৈ শিল আদি দলিয়াই সিংহবোৰক উঠাবলৈ চেষ্টা কৰে। এনে কাৰ্যই সিংহৰ ক্ষতি সাধন কৰে। অনবৰতে মৰাশ খাবলৈ পাই থাকিলে সিংহৰ নৱ প্ৰজন্মই হয়তু চিকাৰ কৰিবলৈকে নিশিকিব পাৰে। এই কথা যে সত্য সেয়া অলপতে প্ৰকাশিত বাতৰিয়ে পোহৰলৈ আনিছে। বাতৰি অনুযায়ী কেইমাহমানৰ পূৰ্বে ৰোগত আক্ৰান্ত হোৱা চিকিৎসাধীন ২৬ টা সিংহ আৰোগ্য হৈ উঠিছে যদিও সিঁহতে চিকাৰ কৰিব নজনা হৈ পৰাত এক সমস্যাৰ সৃষ্টি হৈছে লগতে আৰোগ্য হোৱা পাঁচোটা পোৱালি সিংহই মাকহঁতৰ পৰা চিকাৰ কৰা বিদ্যা অলপো লাভ নকৰা পৰিপেক্ষিতত অৰণ্যত স্বাভাৱিক ভাৱে জীয়াই থকা সম্ভৱ নহব হেনোঅন্যহাতে, স্বাভাৱিকতে  সিংহই মানুহক আক্ৰমণ নকৰে যদিও গালৈ শিল দলিযাই বিৰক্ত কৰা বাবেই সিংহ মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈ বহু ঠাইত অনেক দুৰ্ঘটনা ঘটা বুলি কোৱা শুনা যায়। সময়ে সময়ে দুৰ্জন লোকে সিংহৰ ওপৰত অত্যাচাৰ চলোৱা কিছুমান ভিডিঅ সামাজিক মাধ্যম যোগে সম্প্ৰচাৰিত হৈ থাকে। চৰকাৰ তথা বনবিভাগে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি এনে দুষ্কা্ৰ্য বন্ধ কৰা উচিত। অন্যহাতে, ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈ অচিন ৰোগত কোনো ঠাইত এটাও যদি সিংহৰ মৃত্যু ঘটে তেন্তে তাৰ সকলোবোৰ সিংহৰ মৃত্যু ঘটিব পাৰে, যি ঘটনা এবাৰ আফ্ৰিকাত ঘটিছিল। তাৰোপৰি জলবায়ু পৰিবৰ্তনেও কোনো এখন ঠাইত থকা সিংহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰো সম্ভাৱনা থাকে। সেয়েহে, পৰ্যটকক আকৰ্ষিত কৰি পৰ্যটন উদ্যোগক উজ্জীৱিত কৰি ৰখা উদ্দেশ্যক অগ্ৰাধিকাৰ দি কেৱল গুজৰাটতে সিংহক আবদ্ধ কৰি নাৰাখি ওচৰ-চুবুৰীয়া ৰাজ্য, দেশ অথবা বিশ্বৰ আন কোনো সুবিধাজনক ঠাইলৈ অতিৰিক্ত সিংহৰ স্থানান্তৰকৰণ ঘটোৱা উচিত যাতে ধৰাতলৰ কোনোবা ঠাইত সিংহৰ জীৱন বন্তী চিৰকাল প্ৰজ্বলিত হৈ থাকে।    
0000000)(0000000000000


    

                  বিশেষ দ্ৰস্তব্য: লেখাটৌ ৯/১০/২০১৯ তাৰিখে অসমৰ জনপ্ৰিয় তথা বলিষ্ঠ দৈনিক বাতৰি কাকত "দৈনিক অসম"ৰ "বুধবৰী‌য়া বুলনি" চৰাত কিছু সম্পাদিত ৰূপত প্ৰকাশ পাইছে।

                                                                            

No comments:

Post a Comment