Friday, 30 October 2015

গাদী দখলৰ ৰাজনীতি আৰু ৰাইজৰ বিলৈ

 প্ৰাকৃতিক  ভাৰসাম্য  ৰক্ষাৰ  ক্ষেত্ৰত  সজাগ  নহ’লে  আমাৰ  পৃথিৱীখন  ধ্বংস  হৈ  নগ’লেও  জীৱকূলৰ   বাবে বাসোপযোগী  হৈ  নাথাকিব৷  এই  কথাৰ  সত্যতা  প্ৰমাণ  কৰি  গোলকীয়  উত্তাপ  বৃদ্ধিৰ   ফলত  ইতিমধ্যে জীৱকুলৰ  একাংশই  পৃথিৱীৰ  পৰা  বিদায়  লৈছেই  আৰু  তাৰ  পৰিণাম  স্বৰূপে  জৈৱবৈচিত্ৰতাৰ  ভাৰসাম্য  ৰক্ষাত জটিলতাৰ  সৃষ্টি  হ’ব  ধৰিছে৷  বনভূমি  ধ্বংসকৰণ,  বন্য-প্ৰাণী  নিধন  আদি  অনৈতিক  কাৰ্য্য  দুৰ্নীতিপৰায়ণ লোকৰ  দ্বাৰাই  সংঘটিত  কৰি  থকা  হৈছে৷  কুকাৰ্যবোৰে  আমাৰ  জীৱন  ক্ৰমে  অশান্তিকৰ  কৰি  তুলিছে৷  এনে  কাৰ্য যে  শান্তিপ্ৰিয়সকলৰ  নিষ্ক্ৰিয়তাৰ  বাবেই  বাঢ়ি  যাবলৈ  ধৰিছে  তাত  অকনো  সন্দেহ  নাই৷  আমাৰ  মাজত অনৈতিকতা  বৃদ্ধি  পোৱাৰ  ঘাই  কাৰণটো  হ’ল  ৰাজনৈতিক  ক্ষেত্ৰখন  পংকিল  হৈ  পৰাটো৷  এই  কথাৰ  ওপৰতে ভিত্তি  কৰি  আমি  ক’ব  পাৰোঁ  যে  এই  ৰাজনৈতিক  পংকিলতা  দূৰ  কৰিলেহে  প্ৰকৃতাৰ্থত  ‘স্বচ্ছ  ভাৰত  অভিযান’ সফল  হ’ব৷  আচলতে  কেৱল  জনসাধাৰণৰ  দোষতে  নহয়,  মন্ত্ৰী,  বিধায়ক,  আমোলা-বিষয়াৰ  দুৰ্নীতিৰ  ফলতো  ভাৰতবৰ্ষৰ   গাঁও-ভূঁই,  নগৰ-চহৰ  অপৰিষ্কাৰ  হৈ  গৈ  আছে৷  আমাৰ  গুৱাহাটীত  কৃত্ৰিম বানপানীৰ  কাৰণো  হ’ল  চৰকাৰী  দুৰ্নীতি৷  এতিয়া  প্ৰধান  মন্ত্ৰী  নৰেন্দ্ৰ  মোদীয়ে  ‘স্বচ্ছ ভাৰত নিৰ্মাণ অভিযান’ৰ  লগতে  দুৰ্নীতিকো  পুলিয়ে  পোখাই  উভালি  পেলোৱাৰ  উদ্দেশ্যে  অভিযান  চলাই  ভাৰতবৰ্ষৰ  জনগণক  তাত জড়িত  কৰিলে  কল্কি ৰূপী  দুৰ্নীতিৰ পৰা  আমি  বোধহয়  সকাহ  পাম৷  এতিয়া  বৈদ্যুতীন   মাধ্যমৰ  জড়িয়তে  যিদৰে য’তে  ত’তে  জাবৰ-জোঁথৰ  পেলোৱা,  শৌচ-পেচাব  কৰা  লোকক  ঠাট্টা-মষ্কৰা   কৰি  পৰিষ্কাৰ-পৰিচ্ছন্নতা  ৰক্ষাৰ  বাবে  বিজ্ঞপ্তিযোগে  সকীয়াই  দিয়া  হৈছে,  ঠিক  তেনেদৰে  দূৰ্নীতিত  লিপ্ত  হোৱা   লোকসকলকো  ইতিকিং  কৰা উচিত;  কিন্তু  তাৰ  বিপৰীতে  তেনে  লোকক  আইনসংগত  শাস্তি  প্ৰদান  নকৰি  সমাজত  উচ্চ  আসন  দি, ৰাজনীতিত  অংশ  ল’বলৈ  সুযোগ  দি  এতিয়াও  দুৰ্নীতিক  প্ৰশয়  দি  থকা  দেখা  গৈছে৷  পিছে  জনসাধাৰণক  লাগে এখন  পৰিষ্কাৰ  পৰিচ্ছন্ন  আৰু   দুৰ্নীতিমুক্ত  ভাৰতবৰ্ষ৷  তাৰ  বাবেও  আছে  অনুশীলনৰ  প্ৰয়োজন৷

বৰ্তমান  অসমত  গাদী  দখলৰ  লক্ষ্য  আগত  ৰাখি  যিবোৰ  ৰাজনৈতিক  কাৰ্য  বিভিন্ন  ৰাজনৈতিক  দলবোৰে  চলাই যাব  ধৰিছে  তাৰ  পৰাই  স্পষ্ট  হৈ  পৰিছে  যে  অসমৰ  ৰাইজৰ  স্বাৰ্থ  ৰক্ষা  কৰা  নেতাৰ  অভাৱ  ঘটিছে৷ ইয়াৰ  ফলস্বৰূপে  জনতাই  নানা  ধৰণৰ  হাৰাশাস্তিৰ  সন্মুখীন  হৈছে৷  কেৱল  সেয়াই  নহয়,  আগন্তুক  দিনবোৰত যি  ৰাজনৈতিক  উশৃংখলতাৰ  উদ্ভৱ  হ’ব  তাৰো  কুফল  ৰাইজেই  ভোগ  কৰিব  লাগিব৷  সেয়েহে  সৰ্বসাধাৰণ ৰাইজ  একত্ৰিত  হৈ  সময়  থাকোঁতেই  সমোচিত  ব্যৱস্থা  হাতত  লোৱা  উচিত৷

No comments:

Post a Comment