Sunday, 5 February 2023
ল’ৰালি কালৰ ধেমালি
Saturday, 4 February 2023
ড০ ক্ৰাটকীৰ হাইড্ৰপনিক কৃষি পদ্ধতি আৰু ইয়াৰ প্ৰায়োগিক দিশত যত্কিঞ্চিত্ আলোকপাত
ৰাজনীতিকৰ হাতুৰাই ডিঙি চেপা দিয়া দেশৰ অৰ্থনীতি আৰু নিঃকিন জনতাৰ মৌন নিনাদ
অপৰিসীম ধৈৰ্যৰ প্ৰতীক স্বৰূপ মান্যবৰ ঠগেন গগৈ দেৱৰ পৱিত্ৰ স্মৃতিত পুষ্পাঞ্জলী তৰ্পণ
Sunday, 3 April 2022
ঘৰৰ সুখবৰ
Thursday, 12 November 2020
সন্তপুৰত অশান্ত আত্মাৰ বিননি
সৰু নগৰখনৰ উপকন্ঠ অঞ্চলৰ ‘মৰমী তিনিআলি’ নামৰ ঠাইখনলৈ প্ৰতিটো সন্ধ্যাই আন্ধাৰৰ পৰিবৰ্তে মায়াবী জোনালীৰ প্ৰাণ ভৰা আকুলতা নমাই আনে। তিনিআলিটোৰ ইফালে সিফালে যেনেয়েই চোৱা যায় তেনিয়েই নানা ৰঙী বিজুলি বাতিৰ আলোক সজ্জাৰ নৃত্যই ইন্দ্ৰপুৰীৰ আভাস দি যায়।নিতৌ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা তিনিআলিটোত দুবছৰ মানৰ পূৰ্বে মাত্ৰ কেইখনমান দোকানহে আছিল।তাৰে একমাত্ৰ গেলামালৰ দোকানখন আছিল জীৱন দত্তৰ। জীৱনে তাৰ গেলামালৰ দোকানখনৰ বিক্ৰী তিনিআলিটোত নতুনকৈ খোলা গেলামালৰ দোকানখনৰ বাবে কমি যোৱা যেন উপলব্ধি কৰিলে। সি দোকান এৰাৰ কথা ভাৱি থাকোতেই সীমান্ত শইকীয়াক লগ পাই গ’ল আৰু সীমান্তই মদৰ দোকান খুলিবলৈ তাৰ দোকান ঘৰটোকে ভাৰাত ল’লে। কৰ্মহীন হৈ পৰা জীৱন কালক্ৰমত সীমান্তৰ বিশ্বস্ত কৰ্মচাৰী হৈ পৰিল।“সীমান্ত ৱাইন শ্বপ” চলাই নিয়াৰ সম্পূৰ্ণ দায়িত্বভাৰ লৈ জীৱনে জীৱনৰ এক ভিন্ন মাদকতা উপলব্ধি কৰিলে।
বিধান সভাৰ নিৰ্বাচনত আশানুৰূপভাৱেই পুনৰ সীমান্তৰ ককায়েক দিগন্ত শইকীয়াই বিপুল ভোটত জয়লাভ কৰি বিধায়ক হ’ল।সেই উপলক্ষেই মৰমী তিনিআলি অঞ্চলৰ ভোটাৰ ৰাইজক কৃতজ্ঞতা জনাবলৈ সীমান্তই আজি এক নৈশ ভোজৰ আয়োজন কৰিছিল।মাজনিশা পৰ্যন্ত খোৱা-বোৱা পৰ্ব চলিল।যাৰ যি খাবলৈ মন গ’ল তাকে যোগান ধৰা হ’ল।ভোজন বিলাসীসকলে হেঁপাহ পলুৱাই ভক্ষণ কৰি ঘৰলৈ গ’ল। মদ্যপায়ীসকলৰ একাংশই টলং ভটংকৈ প্ৰস্থান কৰিলে যদিও আন একাংশই অৰ্ধ উলংগ যুৱতীৰ অশ্লীল নৃত্যৰ তালে তালে কথমপি ভৰিৰ থৰ ৰাখি নৃত্য কৰিবলৈ যত্ন কৰিলে।অৱশ্যে এসময়ত সীমান্তৰ এজন বিশ্বস্ত পুলিচ বিষয়া আহি অনুৰোধ কৰাত সীমান্তই উৎসৱমুখৰ পৰিৱেশৰ পৰিসমাপ্তিৰ ঘোষণা কৰি সকলোকে বিদায় দিলে।
ইতিমধ্যে পিচনিশা হৈছিল।সীমান্তই জীৱনক মাত লগাই ঘৰলৈ যাবলৈ ওলাল।তাৰ নতুন ইনোভা কাৰখনৰ চালকৰ আসনত বহি গাড়ী ষ্টাৰ্ট দিলে।গাড়ীখন পিছলৈ নি ঘূৰাব খুজিলে; কিন্তু বেকগিয়েৰ লগাব পৰা নাই। তাকে দেখি জীৱন ‘সীমান্ত ৱাইন শ্বপ’ৰ পৰা ওলাই আহিল।
“সীমান্তদা, অসুবিধা হৈছে যদি দোকান বন্ধ কৰি ময়ে আপোনাক ঘৰত থৈ আহোঁগৈ।”জীৱনে গাড়ীৰ কাষলৈ আহি ক’লে, “নাইট চুপাৰত ঘূৰি আহিম।”
“কোনো দৰকাৰ নাই, এইয়া হৈ গ’ল। তই নিজৰ কামত লাগ।”
পুৱতি নিশাৰ নিৰ্জন পথেদি সীমান্তৰ গাড়ীখন তীব্ৰ গতিত চলিব ধৰিলে। ভোলাগুৰি তিনিআলিৰ কেঁকুৰিটো পাওঁতেই সীসান্তই মাজ ৰাস্তাত কোনোবা এজন মানুহ থিয় দি থকা দেখা পালে।গাড়ীখন ওচৰ চাপি যোৱাৰ লগে লগে সীমান্তই যিহে দেখিলে যে তাৰ নিজৰ চকুহালকো বিশ্বাস কৰিবলৈ টান পালে। যোৱা বছৰ এই ঠাইতে যিটো শিশু তাৰ তীব্ৰবেগী গাড়ীৰ খুন্দাত ৰাস্তাত পৰি গৈছিল আৰু সি তাৰ ওপৰেৰে গাড়ীৰ চকা উঠাই শৰীৰটো মাটিত মিলাই দিছিল সেইটো শিশুৱেই তাৰ গাড়ীখন আগভেটি ধৰিছে। দৃশ্যটো দেখিয়েই সীমান্তৰ শৰীৰৰ সমস্ত ৰক্ত গৈ মূৰত জমা হ’ল।স্বভাৱগত ভাৱেই শিশুটোৰ প্ৰতি দয়াভাৱ জন্মাৰ পৰিবৰ্তে তাৰ খং উঠি গ’ল। তাৰ গাড়ীৰ গতিবেগ স্তব্ধ হোৱাৰ পৰিবৰ্তে বৃদ্ধি পালে। মাজ বাটত ল’ৰাটো ৰৈ থাকিল আৰু সীমান্তৰ গাড়ীখন তীব্ৰবেগে গৈ কেঁকুৰিটোৰ সিপাৰে থকা খাৱৈটোৰ কাষৰ ঔটেঙা গছৰ গুৰিত প্ৰচণ্ড খুন্দা মাৰিলেগৈ।
******
সকলোৱে অধীৰ আগ্ৰহেৰে সীমান্তৰ চেতনা ঘূৰি অহালৈ অপেক্ষা কৰি আছে।নিচেই পুৱাতে সীমান্তৰ গাড়ী দুৰ্ঘটনাৰ খবৰটো পাই বিধায়ক দিগন্ত শইকীয়াৰ কথামতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ দিহা লগাই জীৱন দত্তও হাস্পাটাললৈ আহিল।সি এক অপৰাধীৰ দৰে ভয়-সংকোচ ভাৱেৰে পুলিচ বেষ্টনীৰ মাজত থকা বিধায়ক দিগন্ত শইকীয়াৰ কাষত থিয় দিলেগৈ।
“জীৱন, গাড়ীখন গেৰেজত থৈ আহিলানে?কেনে আছে? ভোলাগুৰি চকীৰ ইন্সাৰ্জ ৰতন কলিতাই লগে লগে ফোন কৰি জনাই দিয়া বাবেহে এম্বুলেন্স এখনেৰে হাস্পাটাললৈ আনি সীমান্তৰ প্ৰাণ ৰক্ষা কৰিলোঁ।”
দিগন্তৰ শান্ত মূৰ্তি প্ৰত্যক্ষ কৰি জীৱনে স্বস্তিৰ নিশ্বাস পেলাই দিগন্তৰ প্ৰশ্নৰ উত্তৰ দিলে।
“সিমানতেই যে ৰক্ষা পৰিছে।গছৰ গুৰিত খুন্দা মাৰি গাড়ীৰ ইঞ্জিন সম্পূৰ্ণ গুড়া হৈ গৈছে দাদা। ক্ৰেনত উঠাই আনি গেৰেজত পেলাই থৈ আহিছোঁ।”
“হ’ব বাৰু, তুমি অলপ এইফালে আহাচোন।” জীৱনক বিধায়ক দিগন্ত শইকীয়াই একাষৰীয়াকৈ নি ক’লে,“বুইছা জীৱন, সীমান্তৰ দুৰ্ঘটনাটো স্বাভাৱিক দুৰ্ঘটনা নহয়, সি কূটাঘাতৰ বলি হৈছে।কাৰণ, এইবাৰ দুৰ্ঘটনা ঘটা ভোলাগুৰিৰ সন্তপুৰ নামৰ গাঁওখনতেই যোৱা বছৰ ঘটা দুৰ্ঘটনাটোত সৰু ল’ৰা এটা মৰা নাছিল জানো? গতিকে গাঁৱৰ মানুহবোৰে তাৰে পোটক তুলিবলৈ এই কাণ্ড কৰিলে।সেয়ে ভোলাগুৰি পুলিচ চকীৰ ইন্সাৰ্জ ৰতন কলিতা আৰু তেওঁৰ পুলিচ ফৰ্চ লগত লৈ আজি নিশাৰ ভাগত সেই গাঁওখনত এক গোপন অভিযান চলাম।মই সিহঁতক শান্তিৰে থাকিব নিদিওঁ। অপাৰেচনত তুমিও লগত থাকিবা।”
“হ’ব দাদা”
দিগন্তৰ কথাত সন্মতি জনালে যদিও ঘটনা-দুৰ্ঘটনাবোৰৰ আঁত ধৰিব নোৱাৰি জীৱন ভাবুক হৈ পৰিল।যোৱা বছৰ সীমান্তৰ গাড়ীয়ে সৰু ল’ৰাটোক মহটিয়াই নিওঁতে সীমান্তৰ লগত জীৱনৰ বাদে আন কোনোৱেই নাছিল।সমস্ত ঘটনাৰ সিয়েই একমাত্ৰ সাক্ষী।সেইদিনা সীমান্তই মৰমী তিনিআলিৰ তাৰ মদৰ দোকানত ওৰে দিনটো মদ্যপান কৰি জীৱনৰ ঘোৰ আপত্তি সত্বেও ঘৰলৈ যাবলৈ মনস্থ কৰি গাড়ীৰ দ্ৰাইভিং চিটত বহি লৈ গাড়ীখন ষ্টাৰ্ট দিছিল।উপায়ন্তৰ হৈ জীৱনেও সহযাত্ৰী হৈ গাড়ীত বহি পৰিছিল।প্ৰথমে ন-শিকাৰুৰ দৰে যেনেতেনে কৰি গাড়ীখন চলাইছিল যদিও সীমান্তই লাহে লাহে গাড়ীৰ গতিবেগ বঢ়াই যাব ধৰিলে।জকাইবিলৰ ওচৰেদি গাডীখন পাৰ হৈ যাঁওতে সীমান্তৰ মুখত অঞ্চলটোৰ যুৱক-যুৱতীসঁতক উদ্দেশ্যি অশ্লীল গালি-গালাজৰ আখৈ ফুটিব ধৰিলে আৰু লগে লগে গাড়ীৰ গতিবেগো অধিক বৃদ্ধি পালে।
“চাল্লা কুকুৰৰ পুতেকহঁত, মই কোন তহঁতে চিনি নাপালি?জকাইবিলৰ বনৰীয়া চৰাইবোৰৰ মালিক তহঁত?মোক তহঁতে চৰাই চিকাৰ কৰিব নিদি কি ভুল কৰিলি দুই এদিনতে বুজিবি ৰ।” সীমান্তই বলকি যাব ধৰিলে।
সীমান্তৰ খং উঠাৰ কাৰণ কি এই বিষয়ে জীৱন সম্পূৰ্ণ জ্ঞাত।জকাইবিলত চৰাই চিকাৰ কৰিবলৈ জীৱনো সীমান্তৰ লগত গৈছিল।তাৰে প্ৰতিবাদ কৰি অঞ্চলটোৰ য়ুৱক-যুৱতীসকলৰ লগতে ৰাইজে চিঞৰ-বাখৰ লগোৱাত সিহঁতে তাৰ পৰা পলাব লগীয়া হ’ল।গতিকে জীৱনৰ মনলৈ ভাৱ আহিছে যে কূটাঘাতৰ বাবে চৰাই মাৰিব নিদিয়া গাঁৱৰ যুৱকসকলেই জগৰীয়া।কাৰণ,খঙৰ ভমকত গাড়ীৰ গতিবেগ তীব্ৰতৰ হোৱাৰ মূহুৰ্ততে সৰু ল’ৰাটো সমুখত দূৰণীতে দেখা পায়ো সীমান্তই গতি বেগ ৰোধ কৰাৰ কোনো চেষ্টা নকৰি তাৰ শৰীৰৰ ওপৰেদি গাড়ীখন সমান বেগেৰেই চলাই নিছিল।গাড়ীৰ অস্বাভাৱিক গতিবেগ দেখি ভোলাগুৰি তিনিআলিত কৰ্তব্যৰত আৰক্ষীৰ লোকে হুইচেল বজাই গাড়ী ৰখাবলৈ ইংগিত দি বিফল হৈ গাড়ীখনৰ নম্বৰটো টুকি ৰাখিলে। পিচত অনলাইনত পৰীক্ষা কৰি গাড়ীখন বিধায়ক দিগন্ত শইকীয়াৰ বুলি জানিব পাৰি তেওঁলৈ ফোন কৰি সবিশেষ জনালে।ভাতৃ সীমান্তক নিষ্কন্টক কৰিবলৈ বিধায়ক দিগন্ত শইকীয়াই ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতাৰ সৈতে মোটা অংকৰ ধনৰ টোপোলা আৰু প্ৰমোচনৰ টোপ দি আপোচ-মীমাংসা কৰি পেলালে।আজি এটা বছৰ পাৰ হ’ল কোনো পক্ষৰ পৰা সৰু ল’ৰাটোৰ মৃত্যুৰ সন্দৰ্ভত ওজৰ আপত্তি অহা নাই।
“কি চিন্তা কৰিছা জীৱন? তোমাৰ কিবা অসুবিধা হ’ব নেকি?”
“নাই নাই দাদা, মোৰ কোনো অসুবিধা নহয়।অন্য এটা কথাহে মই চিন্তা কৰি আছিলোঁ।”
“খুলি কোৱাচোন মোক।”
জীৱনে জকাইবিলৰ ঘটনাটো বিৱৰি ক’লে।
“তেনেহলে আজি মাজ নিশা গাঁৱৰ মুখীয়াল ল’ৰা এমখাক পুলিচ লগাই উঠাব লাগিব।তাৰ আগে আগে সীমান্তৰ চেতনা ঘূৰি আহিলে নিশ্চয় বহু কথা পোহৰলৈ আহিব।”
*******
চাওঁতে চাওঁতে ৰাতি বাৰ বাজি গ’ল।দিগন্তহঁতে আশা কৰা ধৰণে সীমান্তৰ সংজ্ঞা ঘূৰি নাহিল। নৈশ অভিযানৰ বাবে সাজো হৈ ভোলাগুৰি আৰক্ষী চকীৰ দল আহি দিগন্তহঁতলৈ অপেক্ষা কৰি আছেহি।উপায়ন্তৰ হৈ বিধায়ক দিগন্ত শইকীয়াই জীৱনক লগত লৈ নৈশ অভিযানলৈ আৰক্ষীৰ সৈতে যাবলৈ ওলাল।
একেবাৰে আগত গতি কৰা গাড়ীখন আছিল ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতা আৰু তেওঁৰ সহচৰ সকলৰ।তাৰ পিছে পিছে দিগন্ত আৰু জীৱন উঠি যোৱা মাৰ্চিডিচ কাৰখন।তাৰ পিচত গৈছিল বিধায়ক দিগন্ত শইকীয়াৰ চিকিউৰিটি ফৰ্চৰ গাড়ী।দিগন্তই ডাক্টৰলৈ ফোন কৰি অভাৱনীয় বাৰ্তাটো পাই সম্বিত হেৰাই যোৱাৰ উপক্ৰম হৈছিল।সীমান্তৰ মৃত্যুৰ সংবাদটো জীৱনক দি দিগন্তই হুকহুকাই কান্দি দিলে। কান্দিলে জীৱনেও।
সন্তপুৰ গাঁৱৰ কেঁকুৰিটো পাওঁতেই সম্পূৰ্ণ পথটোৱেই গছ-গছনিৰে ভৰা দেখি পুলিচৰ গাড়ীৰ চালকজন আচৰিত হৈ অ’চি ৰতন কলিতাৰ মুখলৈ ভয়াৰ্ত দৃষ্টি নিক্ষেপ কৰিলে।
“বাওঁহাতে টাৰ্ন লোৱা। সেয়া দেখা নাই জানো ৰাস্তাত সৰু ল’ৰা এটা ৰৈ আছে।”
“ছাৰ, এই মাজ নিশা ৰাস্তাৰ মাজত ক’ৰ পৰা ল’ৰাটো ওলালহি?”
“সেইবোৰ চিন্তা বাদ দিয়াহে। হৰ্ণ বজোৱা আৰু গাড়ী আগুৱাই নিয়া।অ’চি ৰতন কলিতাই চালকজনক আদেশৰ সুৰত ক’লে।”
যথেষ্ট বিবুদ্ধিত পৰি চালকজনে কিছু দ্ৰূত গতিত গাড়ীখন চলাই দিলে।ঠিক পিচে পিচে গৈ থকা দিগন্তহঁতৰ গাড়ীখনেও একে গতিতেই আগ বাঢ়ি সমুখৰ গাড়ীখনক অনুসৰণ কৰিলে।।প্ৰথমখন গাড়ী বানপানীত সৃষ্ট আমগুৰি ডুবিত বাগৰি পৰাৰ ক্ষন্তেক পিচতে দিগন্তহঁতৰ গাড়ীখনো বিকট শব্দ কৰি আমগুৰি ডুবিত পৰি গ’ল।তাৰ পিচত গৈ থকা গাড়ী দুখনে প্ৰচণ্ড ব্ৰেক মাৰি ডুবিটোত নপৰাকৈ কথমপি নিজক ৰক্ষা কৰিলে।
******
নিচেই পুৱাতে সন্তপুৰ গাঁৱৰ আমগুৰি ডুবিৰ পাৰত লোকে লোকাৰণ্য হৈ পৰিল।পানীত নামি উদ্ধাৰ অভিযানত লিপ্তসকলে একান্তভাৱে নিজৰ কৰ্তব্য কৰি গৈছে।পাৰত বাতৰি কাকত আৰু টিভি চেনেলৰ সাংবাদিকসকলে বাতৰি সংগ্ৰহৰ বাবে ভিৰ কৰিছে।আৰক্ষীৰ লোকসকলে জনতাৰ ভিৰ কমাবলৈ ছেগা- চোৰোকাকৈ লাঠী চালনাও কৰিব লগা হৈছে।অৱশ্যে দুই এক টিভি চেনেলৰ টিমক সংবাদদাতাই এক্সক্লচিভ বাতৰি পৰিবেষণ কৰি ইতিমধ্যে ৰাইজক জনাইছে যে যোৱা নিশা ভোলাগুৰি আৰক্ষী চকীৰ অধীনৰ সন্তপুৰ গাঁৱৰ আমগুৰি ডুবিত গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি বিধায়ক দিগন্ত শইকীয়াৰ মৃত্যু ঘটে। তেওঁৰ লগত যোৱা জীৱন দত্ত নামৰ যুৱকজনৰো মৃত্যু ঘটিছে।শোকাবহ দুৰ্ঘটনাটোত বিধায়ক গৰাকীক পহৰা দি আগে আগে যোৱা ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতাৰো মৃত্যু ঘটিছে। কিন্তু দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখনৰ চালক দুজনে গাড়ীৰ পৰা জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।অন্যহাতে বিধায়কজনৰ কনভয়ৰ অন্য দুখন গাডীও দুৰ্ঘটনাত পতিত নোহোৱাকৈ ৰক্ষা পৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আগ নিশা একেখন গাঁৱতে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে জখম হৈ চিকিৎসাধীন হৈ থকা বিধায়ক দিগন্ত শইকীয়াৰ ভাতৃ সীমান্ত শইকীয়াৰো ইতিমধ্যে মৃত্যু ঘটিছে।
******
ভোলাগুৰি সন্তপুৰ গাঁও।
বৰলুইতৰ বানে বিধ্বস্ত কৰা তেনেই সহজ সৰল দৰিদ্ৰ কৃষকৰ এক ক্ষুদ্ৰ গাঁও।গাঁওখনৰ কেইটামান মাথো চুবুৰিক দুফাল কৰি মাজেদি পাৰ হৈ গৈছে গড়কাপ্তানী পথটো।গাঁওখনৰ ওপৰত চৰকাৰী পক্ষৰ কৃপাদৃষ্টি পৰা নাই।চুবুৰিৰ বাট পথবোৰ গোবাট হৈয়ে আছে।গঞাসকলৰ ঘৰবোৰৰ সৰহভাগ বিৰিণাৰ পাতেৰে চাওনি কৰা।ক’ৰবাত ক’ৰবাত দুই এঘৰে দুই এখন টিনপাত লগাই বাঁহৰ কামিৰে বান্ধি ৰাখিছে।নতুন ঠাইখনত গঞাসকলে জীৱিকাৰ সন্ধানত কঠোৰ সংগ্ৰাম কৰিব লগীয়া হৈছে।সেয়ে নিজৰ ঘৰখন আৰু গাঁওখন ঠিকঠাক লগাই ল’ব পৰা নাই।পাৰিলেহেঁতেন, যদিহে গাঁৱৰ নাতিদূৰত থকা জকাইবিলত মাছ মাৰি বজাৰত বিক্ৰী কৰিলেহেঁতেন।কিন্তু সেইকাম তেঁওলোকে কৰা নাই আৰু নকৰে, যিদৰে বিলৰ কাষৰীয়া অন্য গাঁৱৰ লোকসকলেও কৰা নাই।গঞা যুৱক যুৱতীসকলৰ উদ্যোগত আজি বহু বছৰ ধৰি পক্ষী উদ্যানৰ মান্যতা লাভ কৰি জকাইবিলে অঞ্চলটো পক্ষীৰ কাকলিত মুখৰিত কৰি ৰাখিছে।অঞ্চলটোৰ গঞাসকলৰ বহল মনৰ উমান পায়ে যেন প্ৰতি বছৰে পৰিভ্ৰমী পক্ষীৰ আগমণৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।
সন্তপুৰ গাঁৱৰ বাসিন্দা মহেন্দ্ৰ দাস অতি নিৰ্জু স্বভাৱৰ অতিশয় দৰিদ্ৰ লোক।বাৰ মাহত তেৰটা বেমাৰে ঘেৰি ধৰি মহেন্দ্ৰ দাসৰ দেহটোক আক্ৰমণ কৰি থাকে বাবে মাহটোত দুই এদিনহে সুস্থ থাকিলে হাজিৰা কাম কৰিবলৈ ভোলাগুৰি তিনিআলিলৈ ওলাই যায়।ঘৈণীয়েক পদুমীয়ে কিন্তু নিতৌ গাঁওখনৰ ইঘৰ সিঘৰত ঘৰুৱা কামবনত সহায় কৰি দি কিছু উপাৰ্জন কৰে।আনৰ ঘৰত হ’লেও দুবেলা দুমুঠি পেট ভৰাই খাবলৈ পাওক আৰু অ আ ক খ কেইটাকে শিকে যদি শিকক বুলি চিন্তা কৰিয়েই আঠ বছৰীয়া জীয়েক পুতলীক দূৰসম্পৰ্কীয় নগৰৰ শিক্ষক চক্ৰধৰ দাসৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকিবলৈ দিছে।বহুদিননৰ মূৰত পুতলীক দাসে মটৰ চাইকেলত উঠাই আনি এৰাতিৰ বাবে ঘৰত থৈ গ’ল।প্ৰতি মাহৰ দৰমহাৰ টকা মাষ্টৰে মাক-দেউতাকৰ হাতত দি যাইহি যদিও এইমাহৰ দৰমহাৰ টকা কেইটা পুতলীৰ হাততে দিলে।তাই ভায়েক পিন্টুলৈ অলপ মিঠাই, এটা পেঁপা আৰু দুই এপদ কাপোৰ কিনি আনিলে।সেইবোৰ দিয়াত ছয়বছৰীয়া পিন্টুৰ আনন্দত হিয়া উঠলি উঠিল।তাতে আকৌ আবেলি মাটিৰ বাচন-বৰ্তন বেপাৰীৰ পৰা বায়েক পুতলীয়ে প্ৰকাণ্ড প্ৰকাণ্ড মাটি কলহ চাৰিটা কিনাত ঘৰখন সম্পত্তিৰে উপচি পৰা যেন লাগি পিন্টোৱে গাঁৱৰ পশ্চিম দিশত থকা বুঢ়ী মাকক(মাকৰ মাক)খবৰটো জনাবলৈ ঢাপলি মেলিলে।সি গড়কাপ্তানী পথটো পাৰ হ’ব খোজোঁতেই সেই পথেৰে তীব্ৰ বেগেৰে ভোলাগুৰি দিশে আহি থকা কাৰ এখনে তাক..........।
ক’ৰ গাড়ী বা কাৰ গাড়ীয়ে ঘটনাটো ঘটালে তাৰ কোনো ওৱাদিহ নোলাল।কাঁহ পৰি জিন যোৱাৰ দৰে এক অদ্ভুত শব্দই যেন শন্তপুৰ গাঁৱক অনন্ত কাললৈ ছানি ধৰিলে।গাঁওখনত এই পৰ্যন্ত বহুকেইজন লোকৰ মৃত্যু ঘটিছে।মিথ্যাচাৰী চৰকাৰবোৰক ভেঙুচালি কৰি কোনোবাজন যদি মৰিছে খাদ্য খাবলৈ নাপাই তেনেহ’লে আন কোনোবাজন মৰিছে বেমাৰত দৰব খাবলৈ নাপাই।দিনবোৰ বাগৰি যোৱাৰ লগে লগে গঞাসকলে সেই মৃতসকলক পাহৰি যাব পাৰিছে।কিন্তু পাহৰি যাব পৰা নাই পিন্টুক।দুপৰ নিশা পিন্টুৰ মাক দেউতাকে তাৰ কান্দোন শুনি আত্মবিভোল হৈ প্ৰায়ে গড়কাপ্তানী পথৰ দিশে দৌৰি যায়।সম্বিত ঘূৰাই পালে ঘৰলৈ ঘূৰি আহে।বায়েক পুতলীকো হেনো কিবা-কুবি খুজি পিন্টুৱে সপোনে দিঠকে আমনি কৰি থাকে।গাঁৱৰ প্ৰতিজন লোককে পিন্টুৱে নিৰ্জন স্থানত অ্ৱচেতন মন এটা লৈ থকাৰ সুযোগ পালেই হঠাতে মৰম লগাকৈ মাত এষাৰ দি শূণ্যত বিলিন হৈ দিয়ে।কোনোৱে আক পিন্টুৰ পেঁপাৰ মাত শুনি উচপ খাই উঠে।গভীৰ নিশা পিন্টুৰ বিননি শুনাসকলে পিছ নিশা টোপনি যাব নোৱাৰে আৰু নীৰৱে চকোলো টোকি সময় পাৰ কৰে।
পিছে এইকেইদিন সংঘটিত হোৱা মটৰ দুৰ্ঘটনাৰ পিচত গাঁৱৰ সকলোকে আচৰিত কৰি পিন্টুৱে দুপৰ নিশা ইনাইবিনাই কন্দাৰ পৰিবৰ্তে খিটখিটাই হঁহাহে আটায়ে শুনিবলৈ পাইছে।কথাটো গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে।গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি চন্দ্ৰকান্ত মেধিযে গাঁৱৰে গণ্যমান্য ব্যক্তি পূণ্যেশ্বৰ বৰাক সুধিলে, “মহেন্দ্ৰ দাসৰ ল’ৰা পিন্টুৱে যে কান্দিবলৈ এৰিলে খবৰটো পাইছানে পুণ্যেশ্বৰ।”
“পাইছো পাইছো, ককাইদেউ।মাকে মোক কৈছে নহয়, পিন্টুৱে হেনো কৈছে বোলে সি সিহঁত মখাক এহেকা দিলে আৰু এতিয়া ইয়াত তাৰ কাম নাই।সঁচাই ককাইদেউ, ময়ো প্ৰায়ে পুৱতি নিশা ৰাস্তাৰ ফালে কাণ উনালে পিন্টুৰ কান্দোন শুনো।এই কেইদিন কিন্তু শুনা নাই।”
“দেখিলা পুণ্যেশ্বৰ, অপৰাধী কেনেকৈ ধৰা পৰি গৈছে।আমাৰ দৰে দুখীয়া দৰিদ্ৰৰ বাবে দেশৰ আইন আদালতে ন্যায় নিদিলেও ভগৱানে যিকোনো প্ৰকাৰে হ’লেও ন্যায় দিয়ে।গধূলি নামঘৰত বন্তি এগছি জ্বলাই ঘোষা এফাঁকি জুৰিম, আহিবা আৰু গাঁৱৰ সকলোকে খবৰটো দিবা দেই।”
--------------সমাপ্ত------
Sunday, 6 September 2020
প্ৰস্তাৱিত খচৰা পাৰিৱেশিক প্ৰভাৱ অধিসূচনা,২০২০ৰ সন্দৰ্ভত দুৱাষাৰ
অলপতে ভাৰত চৰকাৰৰ পৰিৱেশ,বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰস্তাৱিত খচৰা পাৰিৱেশিক প্ৰভাৱ অধিসূচনা,২০২০(ইয়াৰ পিচত ‘খচৰা অধিসূচনা’ বুলি কোৱা হ’ব)ৰ প্ৰসংগত বিভিন্ন পৰ্যায়ত জড়িত শৈক্ষিক সমাজ,বৈজ্ঞানিক আৰু গৱেষকসকলে ভাৰতবৰ্ষৰ বহনক্ষম ভৱিষ্যতক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।দেশৰ নাগৰিক হিচাপে আমাৰ মাজৰ বহুতেই নিৰ্দিষ্ট কৰি দিয়া সময় সীমা ১১ আগষ্ট,২০২০ ৰ ভিতৰতেই খচৰাটোৰ ওপৰত প্ৰতিপুষ্টি আৰু মন্তব্য প্ৰেৰণ কৰিছে।যেইকি নহওক,বহুতো ভাৰতীয় ভাষাত পাব পৰাকৈ খচৰাখন প্ৰকাশ নকৰি সীমিত পৰিসৰত বিতৰণ আৰু প্ৰচাৰ কৰা ফলত প্ৰকৃত আৰু অন্তৰ্ভুক্তকাৰী ৰাজহুৱা অংশগ্ৰহণত বাধা জন্মে।তাৰোপৰি,ভাৰতৰ গ্ৰাম্যাঞ্চলৰ অনেক পৰম্পৰাগত জাতি আছে,তেওঁলোকে প্ৰায়ে উন্নয়নমূলক যোজনাবোৰৰ ভু-নোহোৱাকৈ থকাৰ কুফলত প্ৰযুক্তি আৰু সুযোগ-সুবিধাৰ অভাৱত এনে অনুশীলনত অংশ ল’ব নোৱাৰে।তাকেই বিবেচনা কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে ভাৰত চৰকাৰক বৰ্তমান ৭ আগষ্ট ২০২০ পৰ্যন্ত চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিছে,বিষয়টোৰ ওপৰত অধিক বিস্তৃতভাৱে ৰাজহুৱা বিতৰ্ক হোৱা দৰকাৰ।
মুঠৰ ওপৰত,বিদ্বত
সমাজ এই সিদ্ধান্তত উপনীত হৈছে যে,বৰ্তমানৰ ৰূপত খচৰা অধিসূচনাখনে আমাৰ দেশৰ জৈৱ
বৈচিত্ৰ আৰু পাৰিৱেশিক নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি নমাই আনিব।পৰিৱেশ(সংৰক্ষণ)আইন,১৯৮৬
ৰ মৌলিক উদ্দেশ্যসমূহৰ লগত সংগতি ৰাখি খচৰা অধিসূচনাখন প্ৰস্তুত কৰা নাই আৰু আন্তৰাষ্ট্ৰীয়
চুক্তি আৰু দেশাচাৰৰ অধীনত আমাৰ দেশৰ যি প্ৰতিশ্ৰুতি তাৰ সৈতেও কোনো সংগতি ৰক্ষা
কৰা হোৱা নাই।
বৰ্তমান
বাহাল থকা পৰিৱেশ প্ৰভাব নিৰূপণ২০০৬ অধিসূচনাখনো ইয়াৰ লক্ষ্যসমূহত উপনীত হোৱাৰ
ক্ষেত্ৰত নিজেই যথাযোগ্য প্ৰতিপন্ন হোৱা নাই।অবাধ্য আৰু অনিয়ন্ত্ৰিত উদ্যোগবোৰে
পাৰিৱেশিক সুৰক্ষাসমূহ তলে তলে নাশ কৰি আহিছে।এনে কাৰ্য-ক্ৰমনিকাই সততেই অতি
প্ৰবলভাৱে জৈৱ বৈচিত্ৰতা আৰু মানুহৰ জীৱন-জীৱিকাৰ ক্ষতি সাধন কৰাৰ লগতে পাৰিৱেশিক
বিপৰ্যয়ৰ সূচনা কৰে।উদাহৰণ স্বৰূপে, অলপতে সংঘটিত হোৱা ভাইজাগ গেছ নিৰ্গমণ আৰু
বাঘজানৰ তৈল খাদৰ অগ্নিকাণ্ডৰ কথা উল্লেখ কৰিব পাৰি।খচৰা অধিসূচনাখনে পাৰিৱেশিক
প্ৰভাৱ নিৰূপন পদ্ধতিক শক্তিশালী কৰাৰ পৰিবৰ্তে পৰিৱেশৰ ক্ষতিৰ বিনিময়ত
উদ্যোগীকৰণক উৰ্ধগামী কৰাত মগ্ন হৈছে।এই খচৰা অধিসূচনাখনৰ ওপৰত থকা ৰাইজৰ প্ৰমুখ
উদ্বেগবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।
১)আইনসিদ্ধ
পশ্চাৎবৰ্তী পাৰিৱেশিক অনুমোদন আৰু পূৰ্ব অনুমোদন অবিহনে অভিযান আৰম্ভ কৰিবলৈ
উদ্যোগসমূহক উৎসাহিত কৰা আৰু অৱশেষত জৰিমণাৰ ধন লৈ পৰিৱেশৰ বিস্তৰ ক্ষতি সাধন কৰাৰ
পিচত নিয়মীয়াকৰণ কৰা কাৰ্য পাৰিৱেশিক প্ৰভাব নিৰূপণ বিধিৰ সতৰ্কতামূলক পদ্ধতিৰ
পৰিপন্থী।
২)সকলো
যোজনাৰ পাৰিৱেশিক প্ৰভাব নিৰূপণ বিৱৰণ প্ৰস্তুত কৰিবলৈ ভিত্তিগত তথ্য সংগ্ৰহৰ বাবে
কেৱল এটা ঋতু (নদী উপত্যকা যোজনাৰ বাদে)নিৰ্দ্দেশ কৰে, যেতিয়া নেকি পৰামৰ্শদাতা
সমিতিয়ে দিহা দিলেহে কেৱল বৰ্ষা ঋতুৰ পৰা অতিৰিক্ত তথ্যৰ প্ৰয়োজন হয়-জৈৱ বৈচিত্ৰ
আৰু পৰিৱেশৰ ওপৰত যোজনাটোৰ ঋতুগত প্ৰভাৱ নিৰ্ণয় কৰা ক্ষেত্ৰত ই অতিকৈ অযথাযোগ্য।
৩)সৌৰ তাপ
বিদ্যুৎ প্ৰকল্প সংযোজন, ৰেখাবদ্ধ যোজনাৰ বাবে সাধাৰণ ভূমি খনন আৰু যোজনাৰ তালিকাত
বোকা খনন পৰিচালনা আদিৰ বাবে পূৰ্ব অনুমতি পত্ৰৰ প্ৰয়োজন নহয়।এই প্ৰকল্পবোৰৰ
সাম্ভাব্য পৰিণতিৰ প্ৰকৃত বুজাবুজি নোহোৱাকৈ যেতিয়া বৃহৎ পৰিসৰত চলাই নিয়ে তেতিয়া
এনে ৰেহাইবোৰে নেতিবাচক ভাৱে বৰ্তমানৰ আঞ্চলিক আৰু জলজ জৈৱ ব্যৱস্থাত বেয়া প্ৰভাব
পেলাব, বন্য প্ৰাণী আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱক চলাচলত অসুবিধা দিব।
৪)বহুতো
সম্ভাব্য জৈৱ বৈচিত্ৰ পদ্ধতি বিনষ্টকাৰী আৰু আনকি অতি উচ্চ মাত্ৰাৰ প্ৰদূষণকাৰী
ৰেড কেটেগুৰিৰ উদ্যোগক B2 কেটেগুৰিলৈ পুনৰ বিভাজন কৰি লৈ তাৰ যোগেদি
ৰাজহুৱা পৰামৰ্শ আৰু পৰিধিৰ পৰা ৰেহাই প্ৰদান কৰে আৰু পাৰিৱেশিক প্ৰভাৱ নিৰূপণ
বিৱৰণৰ পৰিবৰ্তে পাৰিৱেশিক পৰিচালনা পৰিকল্পনা বিৱৰণৰ ওপৰত ভিত্তি কৰি স্বীকৃতি
মঞ্জুৰ কৰে।
৫)ৰেড
কেটেগুৰিত তালিকাভুক্ত বহুতো যোজনাকে ধৰি A আৰু B1 কেটেগুৰিৰ
যোজনাক আধুনিকীকৰণ আৰু শতকৰা পঞ্চাশ শতাংশ ৰ তলত সম্প্ৰসাৰণৰ কাৰণে ৰাজহুৱা
শুনানীৰ ৰেহাই দিয়া আৰু বৰ্তমান বাহাল থকা অযথাযোগ্য ৩০ দিনৰ পৰা ২০ দিনলৈ ৰাজহুৱা
সঁহাৰিৰ নিম্নতম জাননী সময়সীমা হ্ৰাসকৰণ এই উভয়ে বেয়াকৈ ৰাজহুৱা পৰামৰ্শ
পদ্ধতিক আপোচ কৰিবলৈ দিছে।
৬)সংশ্লিষ্ট
অন্যসকল বা প্ৰভাবিত ব্যক্তিৰ অধিকাৰ খৰ্ব কৰি কেৱল যোজনা প্ৰস্তাৱকাৰী আৰু চৰকাৰী
কৰ্তৃপক্ষকহে আইন ভঙ্গৰ সম্ভেদ আৰু চৰ্তসমূহৰ অমান্যৰ চৰকাৰী বিৱৰণ দিবৰ বাবে
অনুমতি প্ৰদান কৰা হয়।
৭)যোজনা
প্ৰস্তাবকাৰীৰ দ্বাৰা দাখিল কৰিব লগা বাধ্যতামূলক সৈমান বিৱৰনী ছয়মাহিলীৰ পৰা
বাৰ্ষিকীলৈ হ্ৰাস কৰি পশ্চাৎ অনুমোদন নিয়ন্ত্ৰণৰ বিলুপ্তি ঘটাব লাগে।
প্ৰদূষণ
সম্বন্ধিত স্বাস্থ্যজনিত প্ৰভাব বৃদ্ধি পোৱাৰ লগে লগে ভাৰতবৰ্ষত মৃত্যুৰ হাৰ
ইতিমধ্যে উৰ্ধগামী হৈছে।সেয়ে শক্তিশালী বিধি প্ৰস্তুতৰ গুৰুত্ব বৃদ্ধি পাইছে আৰু
সেয়েহে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগবোৰ বিচাৰি উলয়াবলৈ কোৱাটো বঢ়াই কোৱা কথা হ’ব নোৱাৰে।
২০২০ চনৰ
জুন মাহত প্ৰকাশিত ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰণালয়ৰ এক বিৱৰণত উল্লেখ কৰিছে যে দ্ৰুত
গতিত বৃদ্ধি হোৱা ভাৰতৰ জলবায়ু পৰিবৰ্তনে দেশৰ জৈৱ বৈচিত্ৰ,খাদ্য, পানী, আৰু
জন-স্বাস্থ্যকে ধৰি শক্তি খণ্ডৰ নিশ্চয়তা আদি আমি মুখামুখী হোৱা প্ৰত্যাহ্বানবোৰৰ
অধিক অৱনতি ঘটাব।২০১৬ চনৰ পৰা ভাৰতে গোলকীয় পৰিৱেশ দক্ষতা সূচকৰ শাৰীৰ ইয়াৰ মানৰ
পৰা ২০২০ চনত ২৭ টা স্থান পিচলৈ গৈছে আৰু ১৮০ খন দেশৰ ভিতৰত ১৬৮ স্থানত আছে।আমাৰ
দেশৰ ক্ৰমাগত ভাৱে হ্ৰাসপ্ৰাপ্ত পাৰিৱেশিক দক্ষতাই তৎকালিন পাৰিৱেশিক
পক্ষপাতিত্বমূলক আৰু জৈৱ বৈচিত্ৰিকভাৱে সুস্থ উন্নয়নমূলক ব্যৱস্থা হাতত লোৱাটো
নিৰ্দেশ কৰে। এই খচৰা অধিসূচনাই এইবোৰ একো উল্লেখ কৰা নাই।
গতিকে আমি ভাৰত চৰকাৰে পৰিৱেশ,বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ক খচৰা অধিসূচনাখন বাতিল কৰি তাৰ পৰিবৰ্তে বৰ্তমান বাহাল থকা পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনাখন নতুন প্ৰস্তাব লৈ শক্তিশালী কৰিব লাগে।তাকে কৰিবলৈ,বিশেষকৈ চলিত মহামাৰীৰ পিচত বিস্তৃত আৰু অধিক ৰাজহুৱা পৰামৰ্শৰ অন্তৰ্ভুক্তি কৰিব লাগে।এক জৈৱ সংবেদনশীল আৰু দায়িত্বশীল অৰ্থনৈতিক উন্নয়নৰ নমুনা গঢ়ি তোলাৰ লক্ষ্যৰে এনে সংশোধিত প্ৰস্তাবে জ্ঞান বিস্তৃতিৰ বিশেষজ্ঞ পৰা, বিভিন্ন সংশ্লিষ্ট ক্ষেত্ৰৰ বিজ্ঞানীৰ পৰা মতামত আৰু পৰামৰ্শাৱলী লোৱা দৰকাৰ।
--------------সমাপ্ত--------------
Saturday, 15 August 2020
আমি জুবিন গাৰ্গৰ কাষত
অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী অনেক সিদ্ধান্ত লৈ আগ্ৰাসী ঔপনিবেশবাদীৰ দৰে আচৰণ কৰা কেন্দ্ৰীয় চৰকাৰৰ কোনো অযুক্তিকৰ কথা-কাণ্ডৰ প্ৰতিবাদ নকৰা অসম চৰকাৰৰ ভূমিকাৰ পৰিণতিত চলা ৰাজপথৰ আন্দোলন,তাৰ পিচত ক’ৰ’না মহামাৰী আৰু শেহতীয়াৰকৈ হোৱা বানপানী আৰু গৰাখহনীয়া আদি প্ৰাকৃতিক দুৰ্যোগে জনজীৱন কেনেদৰে দুৰ্বিহ কৰি তুলিছে সেই কথা ব্যাখ্যা কৰা নিস্প্ৰয়োজন।চৰকাৰী চাকৰিয়ালসকলৰ বাদে বাকী বহুতৰে দুবেলা দুমুঠি খাই জীয়াই থাকিবৰ বাবে উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰিছে।কিন্তু এনে অৰ্থনৈতিক বিপৰ্যয়ৰ পৰা ৰাইজক সকাহ দিবলৈ চিন্তা-চৰ্চা নকৰি আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বোকা ছটিওৱা ৰাজনীতিহে আৰম্ভ কৰি দিয়া পৰিলক্ষিত হৈছে।চৰকাৰেও উপযুক্ত পৰিমাণৰ নগদ ধন আগবঢ়াই দৰিদ্ৰজনৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ পৰিবৰ্তে সামান্য কেইটামান টকা অথবা নামমাত্ৰ খাদ্য দ্ৰব্য দি ভোট বেংকৰ অংক মিলোৱাতহে ব্যস্ত হৈ পৰিছে আৰু বছৰি দহ হাজাৰ টকাকৈ মাত্ৰ দি অসমৰ ১৭ লাখ পৰিয়ালক চৰকাৰৰ অনুগ্ৰহত কোনোৰকম নমৰাকৈ জীয়াই থাকিবলৈহে দিছে।আমাৰ দেশৰ মুকেশ আম্বানীয়ে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ চতুৰ্থ স্থান দখল কৰাৰ লগত তুলনা কৰিলে হিচাপটো কিবা বিসদৃশ যেন নালাগেনে? চৰকাৰ বিৰোধী জাতীয়তাবাদী সংগঠনবোৰেও যেন ৰাজনীতি কৰি নিজে ৰজা হোৱাৰ স্বাৰ্থতে এতিয়া বহুধাবিভক্ত হৈ জাতীয় স্বাৰ্থ এৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ পাং পাতিছে।এনে সন্ধিক্ষণত গাদী দখলৰ ৰাজনীতি কৰাতকৈ আৰ্তজনৰ কাষত থিয় দি তেওঁলোকক জীয়াই থাকিবলৈ দি এক নিশ্চিত উপাৰ্জনৰ পথত অগ্ৰসৰ হোৱাৰ দিহা কৰাটোহে অতি প্ৰয়োজনীয় কথা।চৰকাৰৰ সৈতে তেল পানীৰ দৰে সম্পৰ্ক ৰখাটো দৰকাৰী কথা হ’ব নোৱাৰে,ৰাইজ নিৰ্বিকাৰ হৈ থাকিলে অৰ্থনৈতিক অনিয়মবোৰহে বৃদ্ধি পাব।দৰদী শিল্পী জুবিন গাৰ্গে তাকেই কৰি বুদ্ধিমানৰ পৰিচয় দিছে।ৰাইজে জুবিন গাৰ্গক বিশ্বাস কৰা উচিত।যিহেতু তেওঁ জাতীয় চেতনাৰ বিৰুদ্ধে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছে।চৰকাৰে ৰাইজৰ ধনেৰে দেশ চলাইছে।চৰকাৰৰ প্ৰতিটো বিভাগে ৰাইজৰ হৈ ৰাইজৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে।এনেবোৰ ধনৰ সদ্ব্যৱহাৰ হোৱা উচিত।অসমৰ কৃষি বিভাগে ব্যয় কৰা ধনৰ সুফল কৃষকে লাভ কৰিবলৈ হ’লে এচাম শিক্ষিত কৃষকৰ সৃষ্টি হ’ব লাগিব।জুবিন গাৰ্গহঁতে তাকেই কৰিবলৈ মন মেলিছে।সেয়ে আমি জুবিন গাৰ্গক সমৰ্থন জনোৱা উচিত।
--------সমাপ্ত--------
Wednesday, 22 July 2020
হেলেচ গছৰ তলত ভুতৰ চিঞৰ
বহু বছৰৰ আগৰ
কথা।আমি তেতিয়া স্কুলীয়া ছাত্ৰ।আমাৰ গাৱঁৰ কাষেদি বৈ যোৱা চাৰিকড়ীয়া নৈত আমি সাঁতুৰিবলৈ আৰু নাও চলাবলৈ শিকিছিলোঁ।ভৰ বাৰিষা
নৈখন ওফন্দি উঠে।দক্ষিণপাৰে থকা আমাৰ চাপৰিখন পানীত বুৰ যায়।এনে এক দিনতে কেইবাজনো
সমনীয়াৰ সৈতে এখন টুলুঙা নাও লৈ চাৰিকড়ীয়া নৈ পাৰহৈ দক্ষিণ ফালৰ চাপৰিলৈ যাত্ৰা কৰিলোঁ।উদ্দেশ্য
চাপৰিত থকা পকা মধুৰী,হেলেচৰ গুটি খোৱা, ইকৰা খাগৰি আদি
গছত লাগি থকা বনৰীয়া ভাত কেৰেলা চিঙি অনা আৰু কহুঁৱা, ইকৰা আৰু খাগৰি গছত ওলমি থকা
টোকোৰা চৰাইৰ বাহৰ পৰা কণী সংগ্ৰহ কৰা।
প্ৰত্যেকে হাতে হাতে
থকা বঠা-লগীৰ জোৰত আমাৰ টুলুঙা নাওখন বিজুলি বেগেৰে গতি কৰি চাপৰিত প্ৰৱেশ
কৰিলে।সাপেখাটি বিলৰ পাৰ পোৱাৰ পিছত কহুঁৱা, ইকৰা আৰু নল-খাগৰিবোৰত ওলমি থকা হাজাৰ
হজাৰ টোকোৰা চৰাইৰ বাহবোৰ দেখি আমি আনন্দত উদ্বাউল হৈ পৰিলোঁ।টোকোৰা চৰাইবোৰে এক উৎসৱমুখৰ পৰিৱেশত কোলাহল কৰি আত্মহাৰা হৈ আছিল।সিহঁতে আমাৰ উপস্থিতিক
যেন কেৰেপেই নকৰি আত্মবিভুৰ হৈ থাকিল।আমি যেয়ে যিমান পাৰোঁ বাহবোৰৰ পৰা কণী সংগ্ৰহ
কৰিলোঁ।
কিছু গৰম পৰিছিল।পকা
হেলেচ খালে ভাল লাগিব।আমি কথাটো আলোচনা কৰি হেলেচ গছৰ তলৰ ফালে নাও ঘূৰাই আগুৱাই
যাব ধৰিলোঁ।গছজোপাৰ তল পাবলৈ কিছুদূৰ থাকোঁতে “ও… ও… ঔ……” বুলি এক দিঘলীয়া উকি হেলেচ
গছজোপাৰ তলৰ পৰা ভাঁহি অহা শুনিলোঁ।নাওখনৰ গতি হ্ৰাস কৰি আমি আটায়ে হেলেচ গছৰ তললৈ চালোঁ।চাই যিটোহে দেখিলো,সকলো
ভয়ত পেপুৱা লাগিলো।কোনেও কাকো একো নোকোৱাকৈ প্ৰত্যেকে হাতৰ বঠা, লগী বাই বিপৰীত
দিশলৈ নাও ঘূৰাই দ্ৰুতগতিত নাও চলাব ধৰিলোঁ।চাৰিকড়ীয়া নৈ পাৰ হৈ পাৰত নাওখন চপোৱাৰ পিচতহে যেন আমাৰ প্ৰাণ ঘূৰি
আহিল।আমি বহুত বেছি ভয় খাইছিলোঁ।আমি আটায়ে জীৱনত প্ৰথম বাৰৰ বাবে ভুত
দেখিলোঁ।হেলেচ গছজোপাৰ তলত থকা গছৰ মুঢ়াত বহি উকি মৰা সেই কিচকিচকৈ ক’লা ভুতটোৰ কথা মনত পৰিলে
এতিয়াও গাৰ নোম ডাল ডাল হৈ পৰে।
-----------------সমাপ্ত---------------