Saturday, 31 August 2013

বানে গৰকা ঠাই

(গল্প)

বুটিকোৰ তিনিআলিত মিনিবাছখন ৰৈ গ’ল৷ যাত্ৰীসকল নামিব ধৰিলে৷ ময়ো এয়াৰবেগটৌ কান্ধত ওলমাই নামি দিলো৷

বাছখনত পোন্ধৰজনমানহে যাত্ৰী ধেমাজিৰ পৰা আহিছিল৷ এজন যাত্ৰীক মাছখোৱালৈ যোৱা পথটো দেখুৱাই দিবলৈ অনুৰোধ কৰিলোঁ৷


“মাছখোৱালৈ যায় নেকি ?” তেওঁ ক’লে, “দুটা ঘাট পাৰ হ’ব লাগিব৷ বাটত আৰু দুই এটা ছিগা আছে৷ তাত বাহঁৰ দলং আছে৷ গাড়ী-ঘোঁৰা একো নাই খোজেৰে যাব লাগিব৷ সৌযে চুৰিয়া পিন্ধা মানুহজন গৈ আছে , দেখিছে নহয়, তেওঁ মাছখোৱা অঞ্চলৰে মানুহ৷ তেওঁৰ লগতে যাওক৷”

মই চুৰিয়া পিন্ধা মানুহজনৰ পিছ ল’লো৷ কিছুদূৰ গৈয়ে এটা ঘাট পালো৷ ঘাটত কেইবাখনো টুলুঙা নাও৷ মই মোৰ হ’ব লগা সহযাত্ৰীজন উঠি থকা নাওখনতে উঠি ল’লো৷ নাৱৰীয়াই নাও এৰিব খুজিলে৷ পাৰৰ মাটিত  নাওখনৰ তলিখন লাগি আছিল৷

“আপোনালোক নামি দিয়ক”, নাৰৰীয়াই ক’লে, “ ‘গিয়েৰ’ লাগি আছে৷ নাওখন ‘নিউট্ৰেল’ কৰিব লাগে, নহ’লে নাও নচলিব৷”

নাৱৰীয়াৰ ৰসিকতাপূৰ্ণ নিৰ্দ্দেশত আমি পাৰলৈ নামি দিয়াত নাৱৰীয়াই ঠেলা-হেচা কৰি নাওখন পাৰত লাগি ধৰাৰ পৰা মুক্ত কৰিলে৷ আমাক সিপাৰত উঠাই নাৱৰীয়াই আমাৰ পৰা ঘাটভাৰা ল’লে৷ সেইটো যে বুটিকোৰ ঘাট সেই কথা নাৱৰীয়াৰ পৰাই জানিব পাৰিলো৷ নাৱৰীয়াৰ স’তে কথা দুষাৰমান পাতোঁতেই চুৰিয়া পিন্ধা লোকজন দ্ৰুত পদক্ষেপেৰে বহুদূৰ আগ বাঢ়িল৷ ময়ো এক প্ৰকাৰ দৌৰি যোৱাৰ দৰে তেওঁৰ পিছে পিছে গৈ থাকিলো৷ অন্যথায় মই যে নিৰুপায়৷ কাৰণ, জীৱনত প্ৰথম বাৰৰ বাবে মই ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰত ভৰি দিছো৷

দুই কিলোমিটাৰমান বাট খোজ কঢ়াৰ পিছত পুণৰ এটা ঘাট পালোঁ৷ সেইটো কঢ়া নৈৰ ঘাট৷ সেইটো ঘাটো ভাৰা দি পাৰ হ’লোঁ৷ তাৰ পিছত কিছু দূৰ গৈ এখন বাঁহৰ দলং পাৰ হৈ সিটো পাৰত ৰৈ থকা লোককেইজনক ভাৰা দিব লগা হোৱাত মই আচৰিত নহ’লোঁ৷ কাৰণ, সোনাৰীঘাটৰ পৰা আহি থাকোঁতে  ৰাষ্ট্ৰীয় ঘাই পথৰ যিবোৰ অংশত বানপানীয়ে দলং  নাইবা পথ নষ্ট কৰিছে সেইবোৰ অংশত ব্যক্তিগতভাৱে যাত্ৰীৰ সুবিধাৰ্থে বাঁহৰ দলং  বা সাঁকো আদি তৈয়াৰ কৰি দি ভাৰা লোৱা কাৰ্য্য মই প্ৰত্যক্ষ কৰি আহিছোঁ৷ গতিকে এই গড়কাপ্তানী পথত তেওঁলোকৰ আকাঙ্খিত ভাৰা আদায় দি মই খৰখেদাকৈ মোৰ আগে আগে যোৱা চুৰিয়া পিন্ধা মানুহজনৰ পিছ ল’লোঁ৷ পাঁচ-ছয় কিলোমিটাৰ বাট পদব্ৰজে গমন কৰি মাছখোৱা চাৰিআলি পালোঁ৷ তেতিয়া সন্ধ্যা লাগি পাৰ হৈছিল৷ মই চুৰিয়া পিন্ধা মানুহজনক অনুসৰণ কৰিবলৈ এৰি এজন মানুহক লগ ধৰি টিয়কীয়া গাঁৱলৈ কেনি যাব লাগে সুধিলো৷

“আপুনি সেই  তেওঁৰ লগতেই যাওক,” মানুহজনে চাৰিআলিৰ পৰা দক্ষিণ দিশলৈ যোৱা ৰাস্তাটোলৈ আঙুলিয়াই দি ক’লে, “তেওঁ টিয়কীয়া গাঁৱৰ কাষৰ গাঁওখনৰ মানুহ৷”

মানুহজনে নিৰ্দ্দেশ কৰা ফালে চাই দেখোঁ, যিজনৰ পিছে পিছে আহি মাছখোৱা পালোঁহি ,সেইজনেই সেইপথে গৈ আছে৷ মনটো বিৰক্তিভাৱেৰে ভৰি পৰিল--- নিবোকা –চামোনটোৰ পিছে পিছে পুনৰবাৰ দৌৰিবলৈ পোৱাত৷ উপায়ান্তৰ হৈ পুনৰ ধুতি পিন্ধা মানুহটোৰ পিছ ল’লোঁ৷

মাছখোৱাৰ পৰা দুই কিলোমিটাৰমান বাট গৈয়ে আকৌ এটা ভাৰা লোৱা ব্যক্তিগত খণ্ডৰ ঘাট পালোঁগৈ৷ এইটো হেনো বৰপাক ছিগা৷ ঘাট পাৰ হৈ মানুহটোৰ পিছে পিছে গৈ ৰোহা তিনিআলি পালোঁ৷ হঠাৎ মানুহটোৱে গড়কাপ্তানী পথ এৰি এটা উপ-পথেৰে গতি কৰিলে৷ ময়ো মানুহটোক অনুসৰণ কৰি সেইফালে গৈ থাকিলোঁ৷ কিছুদূৰ গৈ এটা ছিগা পাওঁতে মানুহটোৱে তাৰ চুৰিয়াখন দুহাতেৰে কোঁচাই ওপৰলৈ তুলি পানীত নামি গৈ থাকিল৷ সি পানী যিমানে গম্ভীৰ পাই গ’ল চুৰিয়াখনো সিমানে ওপৰলৈ হাতেৰে দাঙি গৈ থাকি সিটো পাৰে বাম পাওঁতে ক্ৰমান্বয়ে পুণৰ চুৰিয়াখন তললৈ নমাই পাৰত ভৰি দিলে৷ পানীয়ে তাৰ চুৰিয়াখন স্পৰ্শকে কৰিব নোৱাৰিলে৷ মোৰ ? মই জোটাযোৰ খুলিবলৈও সময় নাপালোঁ৷ নাপালোঁ লংপেন্টটো কোঁচাই ল’বলৈও সময়৷ ককালৰলৈকে তিতিবুৰি পাৰ পাই খৰখোজেৰে মানুহটোৰ পিছ ল’লো৷ কিছু দূৰ গৈ আকৌ এটা তিনিআলি পোৱাত মই বিপাঙত পৰিলোঁ৷ ভাৱিলোঁ, এইবাৰ মানুহটোৰ পিছে পিছে গ’লে মই চাগৈ তাৰ গাঁওখনহে পামগৈ৷ গতিকে নিবোকাই মাত দিয়ক বা নিদিয়ক টিয়কীয়া গাঁৱৰ ৰাস্তা কোনটো তাকেই সুধিলোঁ৷

“সেইটো ৰাস্তাৰে যাওক,” উত্তৰমুখী ৰাস্তাটো দেখুৱাই মানুহটোৱে ক’লে, “সৌখনেই টিয়কীয়া গাঁও৷”

মোক আচৰিত কৰি মানুহটোৱে মাতষাৰ দিয়াত  মই কিছু সাহস পাই দেউকণ ভাগৱতীৰ ঘৰ কিমান দূৰত আছে সুধিলোঁ৷ এইবাৰ মই যেন কোদো বাহতে জুই দিলোঁ৷ কথাষাৰ সুধিবলৈহে পালো,মানুহটোৱে উগ্ৰমূৰ্তি ধাৰণ কৰিলে আৰু উষ্মাৰে ক’লে, “দেউকণ ভাগৱতীৰ কথা কৈছে ? তাৰ নাম নল’ব মোৰ আগত৷ সেইটো কুকুৰেই তামোল চুৰি কেচ দি মোক জেল খুৱালে৷ আজি  জেলৰ পৰা আহিছোঁ৷ চাই ল’ম মই তাকো-------------------৷”মোৰ প্ৰশ্নৰ উত্তৰ নাপালৌঁ৷ গুজৰি-গুমৰি মানুহটো আঁতৰি গ’ল৷

মই টিয়কীয়া গাঁৱলৈ যোৱা পথেৰে কিছুদূৰ গৈ এজন বাটৰুৱাক লগ পাই দেউকণ ভাগৱতীৰ ঘৰ কোনটো সুধিলোঁ৷

“দেউকণ ভাগৱতীৰ ঘৰলৈ যায় নেকি আপুনিো ?” তেওঁ ক’লে,“আমাৰ এইখন বৰ দিঘলীয়া গাঁও৷ প্ৰায় এমাইলমান বাট গৈ আপুনি এজোপা বৰশিমলু পাব,তাৰ পিছত আপুনি যোৱা বাটে ঘূৰি আহিব৷ আহোঁতে সোঁহাতে পাঁচঘৰ মানুহ পাৰ কৰিয়ে দেউকণ ভাগৱতীৰ ঘৰ পাব৷”

মানুৰজনক বিদায় দি মই তেওঁৰ বৰ্ণনা অনুসৰি বৰশিমলু জোপাকে লক্ষ্য হিচাপে লৈ আগ বাঢ়িলোঁ৷ বাটত যেন আৰু নদ-নদী, জান-জুৰি পাৰ হ’ব লগা নহয় তাৰ বাবে মনে মনে ভগৱানক প্ৰাৰ্থনা জনালোঁ৷ খোজ কাঢ়ি কাঢ়ি মোৰ ভৰি দুখন ফুলি যোৱা যেন অনুভৱ হৈছে৷ ব্ৰক্ষ্মপুত্ৰ পাৰ হৈ গাইনৈ, জীয়াঢল,মৰিঢল আদি নদ-নদী আৰু অন্যান্য জান-জুৰি,ছিগা আদি কিমান যে পাৰ হ’লোঁ তাৰ হিচাপ নাই৷ বিগত বছৰবোৰত হোৱা বানপানীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ আৰু গড়কাপ্তানী  পথত এই নদ-নদীবোৰৰ দলংবোৰ ভাঙি-চিঙি থান-বান  হোৱাত সেইবোৰত ব্যক্তিগতভাৱে  বাঁহৰ দলং, সাঁকো আদি সাজি দিছে নতুবা ঘাটৈয়ে ভাৰা লৈ  টুলুঙা নাৱেৰে যাত্ৰীসকলক পাৰ কৰিছে৷

অ’ত ত’ত দিওঁতে দুশ টকাৰো অধিক গ’লেই ইতিমধ্যে৷ বাটটোৰ ঠায়ে ঠায়ে গাড়ী-মটৰ নচলাত সোণাৰীঘাটৰ পৰা ধেমাজি নগৰ পোৱালৈকে কিমান দূৰ যে খোজ কাঢ়িব লগা হ’ল ! মুঠতে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ দূৰ্গতি দেখিলে দেশত এখন চৰকাৰ আছে যেন অনুমান নহয়৷

কথাবোৰ ভাৱি ভাৱি আহি মানুহজনে বৰ্ণনা কৰা বৰশিমলুজোপাৰ ওচৰ পালোঁ৷ তাৰ পিছত ওভতি খোজ ল’লোঁ৷ অৱশেষত দেউকণ দাইটিহঁতৰ ঘৰ বিচাৰি উলিয়ালোঁ৷
 
তেতিয়া ৰাতি আঠ বাজি গেছিল৷ দেউকণদাইটিহঁতৰ ঘৰত মোক দেখা পাই আটায়ে আচৰিত হৈছিল৷ মোৰ ভিজা কাপোৰ দেখি ছিগাটোতে তিতিলে বুলি জানিলে তেওঁলোকে৷ কাপোৰ-কানি সলাই হাত-মুখ ধুই ল’লো৷ মই বৰঘৰৰ মজিয়াত থকা পালেংখনতে ঢলি পৰিলোঁ আৰু খা-খবৰৰ বিনিময় কৰিলোঁ৷ একাষে মজিয়াত বহি মামনীহঁতে পচলা কুটি আছে৷ মই বিছনাৰ পৰাই মাত লগালোঁ, “তঁহতে বৰ এদম পচলা কুটি লৈছ, আজি কিবা ভোজ-ভাতৰ আয়োজন কৰিছ নেকি?”

“নহয় অ’, জাকৰুৱা মানুহ যে, অলপ সৰহকৈয়ে লাগে৷” খুৰীদেৱে ক’লে৷

মই মামনীক ক’লো,”মোৰ বেগত কি আছে চাচোন৷ ধেমাজিত সস্তাত পাই মাছ এটাও কিনিছিলোঁ৷ ইমানপৰে সেইটো গেলিলেই চাগৈ৷ ঘৰৰ পৰা মায়ে জহা চাউল অলপো দি পঠাইছে চাগৈ৷ বেগটো গধূৰ গধূৰ পাই আহিছিলোঁ৷”

মামনীয়ে বেগটো খুলি বস্তুবোৰ উলিয়াই ক’লে,” মা, বাপুকণদাদাই ইমানদ’ম চাউল ভাৰ বৈ খোজ কাঢ়িছে, মজা পাইছে আজি—টিয়কৰ পৰা  এইখিনি পোৱালৈকে৷ মাছটো গেলা নাই অ’ বাপুকণদাদা৷”

কথা প্ৰসঙ্গত মোৰ সহযাত্ৰী সেই চুৰিয়া পিন্ধা মানুহজনৰ কথা কোৱাত দেউকণ দাইটিয়ে ক’লে,“বাপুকণ,অভাৱত পৰি মানুহৰ স্বভাৱ নষ্ট হয় বুলি যে কয় সেয়াই হৈছে৷ আমাৰ ইয়াত মানুহৰ স্বভাৱ গুচিল একেবাৰে৷ তই আচলটোৰ লগতে আহিছিলি৷ সেইটো কঠালগুৰিৰ গভাইট চোৰ৷ মোৰ বাৰীখনৰ তামোলকেইজোপা যেন তাৰ বাবেহে আছে৷ কেৱল সেই ৰতন চোৰেই নহয় , ইয়াত চোৰৰ সংখ্যা নিতৌ বৃদ্ধি পাব  ধৰিছে৷ গোহালীৰ গৰুকেইটাও ওৰে নিশা পহৰা দি থাকিব লগীয়া হৈছে৷ উপায় নাইঅ’ বাপুকন, ৰতন চোৰ জেলৰ পৰা আহিলে যেতিয়া ৰাইজৰ নিদ্ৰা হৰণ কৰিব৷”

ভাত-পানী খাই দদাইৰ ল’ৰা ধনৰ সৈতে বেণুকাইটিহঁতৰ ঘৰলৈ ওলালোঁ৷ বাটত কেইজনমান মানুহে কাজিয়া কৰি আছিল৷ আমি সেইবোৰ আওকাণ কৰি বেণুকাইটিহঁতৰ  ঘৰ অভিমুখে গৈ থাকিলোঁ৷ কাজিয়াখন লগাৰ কাৰণ কি তাকে ধনে কৈ গৈ থাকিল৷

কেইবাবছৰ ধৰি বানপানীয়ে খেতি-বাতি নষ্ট কৰাত গাঁওবাসীসকল খাদ্য সংকটত পৰিছে৷ এদিন গাঁৱলৈ ৰাজহ বিভাগৰ কৰ্ম্মচাৰী আহি জনালে যে ভূমিহীন কৃষকসকলক চৰকাৰে আৰ্থিক সাহাৰ্য্য দিব৷ চৰকাৰী কৰ্ম্মচাৰীয়ে চাৰিশ পাঁচশ টকা যাৰ যাৰ  পৰা পালে তেওঁলোকৰ নাম ভূমিহীন কৃষকৰ তালিকাভুক্ত কৰি নিলে৷ আজি সেই চৰকাৰী সাহাৰ্য্যৰ ধনৰ চেক চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত বিতৰণ কৰিছিল৷ দুহেজাৰকৈ টকাৰ চেক দিছিল৷ চেক ল’বৰ বেলিকা আকৌ ধন বিচৰাত বগেনে টকা দিবলৈ মান্তি নহৈ চক্ৰ বিষয়াক  কথাটো জনাই দিলে৷ চক্ৰ বিষয়াই চেক বিতৰণত জড়িত কৰ্ম্মচাৰীজনক ধমকি লগালে৷ কৰ্ম্মচাৰীজনো পৰি মৰা বিধৰ নহয়৷ তেওঁ বগেনক ক’লে যে সি টকা পাবৰ যোগ্য নহয়৷ কাৰণ, সি বিবাহিত লোক নহয় আৰু তাৰ পৃথক ঘৰ-গৃহস্থি নাই, ককায়েকৰ পৰিয়ালৰ সৈতে সি থাকে৷ পুলিচক গটাই দিয়াৰ ভাবুকি দি কৰ্ম্মচাৰীজনে বগেনৰ চেকখন নিদি তাক আঁতৰি যাবলৈ ক’লে৷ বগেনে যে বিয়া কৰোৱা নাই সেই কথা গাঁৱৰে লক্ষীৰামেই কৰ্ম্মচাৰীজনক জনোৱা বুলি বগেনে তাক মাৰপিট কৰিলে৷ সেইয়াই কাজিয়ৰ সূত্ৰপাতৰ কাৰণ৷
কথাবোৰ শুনি শুনি গৈ বেণুকাইটিহঁতৰ ঘৰ পালোঁগৈ৷

কথা-বতৰাৰ মাজতে বেণুকাইটিয়ে কৈছিল,“বাপুকণ, আমি টিয়কৰ পৰা উঠি অহা কিমানবছৰ হ’ল হিচাপেই পাহৰিলোঁ৷ কিমানযে ভোগালী ঠাই আছিল এইখন৷ সেইবোৰ দিনত নাহি প্ৰথমবাৰৰ বাবে তই ইয়ালৈ আহি কেনে অৱস্থাত যে আমাক দেখা পালিহি ! এই কেইবছৰ বান পানীয়ে কেৱল আমাৰ এই অঞ্চলটোৰ মানুহকেই নহয় সমগ্ৰ জিলাখনৰ কৃষক-বনুৱাক সৰ্ব্বহাৰা কৰিলে৷ মানুহবোৰ জীয়াই আছে কথমপি৷ এপাচি পচলা কুটি বাচি লৈ তাত আধা কিলো চাউল মিহলাই সিদ্ধ কৰি দহ-বাৰজনীয়া পৰিয়াল একোটাই খাব লগা হৈছে৷”

বেণুকাইটিৰ কথা শুনি মোৰ দুচকুৰ পৰা দুধাৰী লোতক অজানিতে বৈ আহিল৷ মই বুজিলোঁ—মামনীহঁতে তেন্তে পচলাদম ৰাতিৰ সাজ ভাতৰ সলনি খাবলৈকে কুটি লৈছিল৷ মই টিয়কৰ  পৰা চাউলকেইটা ননাহ’লে ময়ো নিশ্চয় সিদ্ধ চাউল মিহলি পচলা খাই শুই থাকিব লগা হ’লহেঁতেন৷ আকৌ ভাৱিলোঁ মই—এয়া বাৰু ডাঙৰ কথা নহয় , পিছে দুসাজমান মই অনা চাউলৰ ভাত খোৱাৰ পিছত মোৰ লগত থকা টকাৰে আৰু কিছুদিনৰ বাবে খুৰাহঁতৰ পৰিয়ালটোৰ   বাবে চাউল-পাত কিনি দিম ,খাব৷ তাৰ  পিছত ? আৰু, আৰু গাঁওখনৰ, অঞ্চলটোৰ বাকীবোৰ মানুহে কি এইদৰে পচলা খাইয়ে কটাব ? এইবোৰ ক’ৰ ঠাই ? কি ঠাই ?? কেনে ঠাই ???  উত্তৰ হ’ব মাথো কি ‘বানে গৰকা ঠাই’ ???? কথাবোৰ যেন সমগ্ৰ জগতখন ৰজনজনাই যোৱাকৈ চিঞৰি চিঞৰি কৈ দিম এনে লাগিল৷

=====================



Tuesday, 6 August 2013

বিভ্ৰম

সিদিনা ৰাতিও আনদিনাৰ দৰে অনিলহঁতৰ ঘৰত ভাত-সাজ খাই নানা কথাৰ মহলা মাৰি ঘৰলৈ ওভতিছোঁ৷ তেতিয়া নিশা প্ৰায় এঘাৰটামান বাজিছিল৷ লুংলুঙীয়া বাটটোৰ বাদে যেন পৃথিবীৰ আন সকলোৱেই টোপনীত লালকাল দিলে৷ চৌদিশে নিজম-নিতাল৷

মই নিসংগতাৰ অনুভুতি পাহৰি পথাৰৰ মাজৰ ৰাস্তাটোৰে আগুৱাই গৈ আছোঁ---অনিলে এই ৰাস্তাটোতে দেখা ভূতৰ ৰহস্যময় মায়াজালৰ কথাকে ভাৱি ভাৱি৷






আজি অনিলে যিটো ভূতৰ কাহিনী ক’লে সেইটো জানো সঁচা ? সি হেনো এদিন দুভাগ নিশা এই ৰাস্তাটোৰে অকলশৰে চাইকেলেৰে আহি আছিল৷ হঠাৎ গোটেই ৰাস্তাটো গছ-গছনিৰে ভৰি পৰি বাট-পথ নিঃচিহ্ন হৈ গ’ল৷ অন্ধকাৰ ৰাতি হাবিৰ মাজেদি আগুৱাই যোৱাত যেনে ধৰণৰ অসুবিধা হয় ঠিক অনিলৰো তেনে গতিয়েই হ’ল৷ সি সাহসী ল’ৰা৷ চিন্তা কৰি চালে- ৰাস্তাৰ মাজলৈনো ক’ৰ পৰা গছ-গছনি আহিব ? সেয়ে সি মৰসাহ কৰি চাইকেলৰ পেডেল ঘূৰাই হাবিৰ মাজেৰে অগুৱাই গ’ল৷ পিছে গছ-গছনিবোৰ চাইকেলত নালাগিল৷ সেইবোৰ মাথো চকুৰ সমুখত দেখি গৈ থাকিল৷ এইদৰে গৈ যেতিয়া কাঠৰ দলংখন পালেগৈ তেতিয়া চাউৎকৈ যোৱা যেন কিবা এক অনুভুতি সি উপলব্ধি কৰিলে৷ লগে লগে গছ-গছনিবোৰ ৰাস্তাৰ পৰা অন্তৰ্ধান হ’ল৷ তেতিয়া অনিলৰ গাটো জিকাৰ খাই গ’ল আৰু গাৰ নোমবোৰ ডাল ডাল হৈ পৰিল৷ তাৰ পিছত পোহৰ পোহৰ যেন লাগিল আৰু ৰাস্তাটোৰ বাকীছোৱা স্বাভাৱিক হৈ পৰিল৷ সি পিছলৈ ঘূৰি চাই দেখে  ৰাস্তাটোত সি দেখি অহা হাবিখন নাই৷

অনিলে কোৱা ভৌতিক কাহিনীটোৰ কথাকে ভাৱি ভাৱি আহি কেতিয়ানো ঘৰৰ ওচৰ পালোহি গমকে নাপালো৷ নিচেই ক্ষীণ পোহৰৰ দুবেটেৰীয়া টৰ্চটোৱে ৰাস্তাৰ সমুখভাগ দেখুৱাই নি আছে৷ এনেতে আমাৰ পদূলিৰ জেউৰাৰ কাষত নাৰ্জি ফুলজোপাৰ আঁৰ লৈ জুপুকা মাৰি বহি থকাৰ পৰা উঠি ভূত পোৱালী কেইটামান যেন দৌৰি গৈ অন্ধকাৰত মিলি গ’ল—এনে দেখা পালোঁ৷ পিছ মুহূৰ্ত্ততে এজনী ভূতুনীয়ে তাইৰ হাত দুখন দাঙি নেলু চেপিবলৈ অহা ভঙ্গিমাত মোৰ ফালে চোঁচা লৈ অহা যেন দেখা পালোঁ৷ লগে লগে মোৰ গাটো শিঁয়ৰি উঠিল৷ মই দুঃস্বপ্ন বিভোল লোকৰ দৰে অস্ফুত শব্দেৰে “ আঁ আঁ—“ কৰি আত্ম ৰক্ষাৰ চেষ্টা কৰি হাতৰ ‘এভাৰেডি’ টৰ্চটো ভূতুনিজনীৰ মূৰলৈ বুলি লক্ষ্য কৰি মাৰি দিলোঁ৷ তাই তৎক্ষনাতে দুহাতেৰে মোৰ হাতত থাপ মাৰি ধৰি  নিজৰ মূৰটো ফটাৰ পৰা ৰক্ষা কৰিলে৷

চেপা চেপা কন্ঠেৰে তাই ক’লে, “ নেমাৰিব৷ নে  --মা---৷” মই ৰৈ গ’লো আৰু তাইক প্ৰশ্ন কৰিলো, “ তই কোন ?” তাই ক্ষীণ স্বৰত উত্তৰ দিলে, “ মই ভানু শইকীয়াৰ ঘৈণীয়েক৷ কিয়, ককাইদেৱে মোক চিনিব পৰা নাই নেকি ?"

স্বপ্নলোকৰ পৰা ঘুৰি আহি টোপনিৰ পৰা উঠাই দিয়াজনক কোৱাৰ দৰে মই ক’লো, “ অঁ পাইছো চিনি৷ তই এই ৰাতিখন ইয়াত কি কৰিছ ? আজি তোৰ মাথাটো গুড়ি হ’লহেতেন৷ মই তোক ভূতুনী বুলি ভাৱিছিলোঁ৷”

“ নক’ব আৰু ককাইদেউ, বাপেকটোৱে মদ খাই আহি ল’ৰা-ছোৱালী কেইটা মাৰি পেলাব ধৰিছিল৷ কথমপি সিঁহতৰ প্ৰাণ ৰক্ষা কৰি দৌৰি আহি ইয়াতে লুকাই ৰাখিছিলো৷ সিঁহতকেইটাই আপোনাকে দেউতাক বুলি ভাৱি ভয় খাই কেনিবা দৌৰি পলাল৷ এইবোৰ বৰ লাজৰ কথা ককাইদেউ৷ আপুনি কাকো নক’ব৷”

ইতিমধ্যে কোনোবা ফালৰ পৰা আহি ল’ৰা-ছোৱালী কেইটা মাকৰ কাষত থিয় দিলেহি৷

মই পুনৰ তাইক খঙেৰে সুধিলো, “তইনো মোৰ নেলু চেপিবলৈ খেদি আহিছিলি কিয় ?”

তাই ক’লে, “ আপুনি আমাক চোৰ বুলি ভাৱি চিঞৰ-বাখৰ লগাব বুলিহে  মনে মনে থাকিবলৈ ইংগিত দি আপোনাক কথাটো ক’বলৈ ওচৰ চাপি আহিছিলোঁ৷ আপুনি ভুল বুজিলে আক’৷”

“ভানুৱে কিহৰ খঙতনো ৰাতিখন ল’ৰা-ছোৱালী কেইটাক শাস্তি দিছে ?”

মোৰ প্ৰশ্নৰ উত্তৰত তাই বৰ দুখেৰে ক’লে, “ মানুহটোৱে চাকৰিটোৰ বাবে টকা পাঁচ লাখ ঘোঁচ দিও চাকৰি নাপালে৷ এতিয়া লৈকে খুজি খুজিও টকাখিনি ঘূৰাই পোৱা নাই৷ এইবোৰ বেজাৰতে মদ খাবলৈ ধৰিলে৷ খুৱাব-পিন্ধাব নোৱাৰি ইহঁত কেইটাক মাৰি পেলাব ধৰে৷ মানুহটো পগলাৰ দৰে হ’ল ককাইদেউ৷” কথাখিনি কৈ তাই হুকহুকাই কান্দি দিলে৷

“ এই ৰাতিখন ইয়াত কন্দা –কটা কৰি লাভ নাই৷ ব’ল ব’ল তঁহতক ঘৰত থৈ আহোঁ৷”

সিহঁতক ঘৰত থৈ আহিলো আৰু ময়ো ঘৰলৈ আহি বিছনাত পৰিলোঁ৷ ভাৱিলোঁ---আমাৰ সমাজত বহুতো ভানু আছে আৰু সিঁহতৰ পৰা ধন লোৱা বহুতো মুখা পিন্ধা ভব্য-গব্য লোক আছে৷ এইবোৰৰ প্ৰতিবাদ কৰি সমাজখন নিকা কৰিবলৈ ৰাইজ বাৰু কেতিয়াবা মাৰ বান্ধি ৰাজপথলৈ ওলাই আহিবনে ? নে ময়ে ফিৰিঙটি হৈ পৰোঁ ?? ভাৱি ভাৱি পাৰ নাপাওঁচোন৷

চাকৰিৰ বাবে পাঁচ লাখ টকা কোনোবা দৈত্য-দানবক দি সিঁহতক বৰভোজ খুৱাই নিজে লঘোনত থাকি পগলা হোৱা নিবনুৱা স্নাতক ভানু শইকীয়া নামৰ যুৱকজনৰ ঘৈণীয়েকক ঘটনাক্ৰমে যে ভূতুনী বুলি টৰ্চ লাইটেৰে কোব মাৰিছিলো সেই কথা কিন্তু লাজতে আজি পৰ্য্যন্ত অনিলকো কোৱা নাই৷

০০০০০০০০০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০০০০০

বিঃদ্ৰঃ গল্পটো অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী "তৃষ্ণাতুৰ"ত ইতিমধ্যে প্ৰকাশ পাইছে৷












Thursday, 1 August 2013

ঘটক স্কুটাৰ ‘বিজয় চুপাৰ’ -

এসময়ত ‘বিজয় চুপাৰ’ নামৰ স্কুটাৰখনৰ চাহিদা বজাৰত বৃদ্ধি পাইছিল৷ ৰাস্তাত বহুতো বিজয় চুপাৰ দৌৰি ফুৰা দেখা গৈছিল৷ সেই সময়ৰে কথা৷ সত্যেন্দ্ৰ সিং কলেজীয়া ছাত্ৰ৷ দেউতাক ৰেল’ৱে ইঞ্জিনিয়াৰ৷ অজস্ৰ ধন৷ সত্যেন্দ্ৰ সিঙে একেখন কলেজৰে ছাত্ৰী পদুমী গোহাঁইৰ মন ভুলাবলৈ চেষ্টা চলালে৷ অসমীয়া ভাষা ক’ব আৰু লিখিব নজনা বাবে সি বহু ধৰণে চেষ্টা চলাইও বিফল মনোৰথ হ’ল৷ অৱশেষত সি দেউতাকক অনবৰতে কুতুৰী থকাত এখন নতুন ‘বিজয় চুপাৰ’ স্কুটাৰ কিনি দিলে—কলেজলৈ অহা যোৱা কৰিবলৈ৷ মোচত পাক দি সি পদুমীহঁতৰ ঘৰৰ আগেদি, গাৰ নিচেই কাষেদি কেইদিনমান ঘূৰিবলৈহে পালে,কিছুদিনৰ পিছত শিৰত সেন্দুৰ লৈ পদুমীক সত্যেন্দ্ৰৰ বিজয় চুপাৰৰ পিছৰ চিটত বহি ফুৰা দেখা গ’ল৷ প্ৰেম যেন হাবিত ফুলা ফুলহে—যেতিয়াই মন যায় তেতিয়াই চিঙি ল’ব পাৰি; কিন্তু বিজয় চুপাৰৰ জহতহে৷

পিছে মন্দিৰত গোপনে বিয়া পতা বাবে খঙত দেউতাকে সত্যেন্দ্ৰ সিঙক ঘৰৰ পৰা বাহিৰ কৰি দিলে৷ উপায়বিহীন হৈ সত্যেন্দ্ৰই বিজয় চুপাৰখন বিক্ৰী কৰি দিলে৷ যি ধন পালে তাৰে ভাৰাঘৰত থাকি ঠিকা-ঠুকুলি কৰি চলিব ধৰিলে৷ কলেজীয়া জীৱন ত্যাগ কৰি বৈবাহিক জীৱন অতিবাহিত কৰিব ধৰিলে৷

ধনীৰাম হাজৰিকা গাঁৱৰ ল’ৰা৷ নগৰৰ ৰেল’ৱে কাৰাখানাৰ শ্ৰমিক৷ কাৰাখানাত কাম কৰি থাকোঁতে বাওঁহাতৰ আঙুলি দুটা কেনেবাকৈ কটা গ’ল৷ সেয়ে ৰেল’ৱে কৰ্ত্তৃপক্ষই ক্ষতিপূৰণ স্বৰূপে কেইহেজাৰমান টকা ধনীৰামক দিলে৷ লগে লগে সি সত্যেন্দ্ৰ সিঙৰ বিজয় চুপাৰখন কিনিলৈ গাঁৱলীয়া আলি- পদূলিৰে পাক দি দি দৌৰাব ধৰিলে৷ বিয়াৰ বয়স ভাটি দিব ধৰা ধনীৰামৰ কপাল ফুলিল৷ তাৰ বিজয় চুপাৰৰ পিছৰ আসন দখল কৰিবলৈ নৰেন কলিতাৰ ভনীয়েক চম্পা কলিতা যুগ যুগ ধৰি যেন অপেক্ষা কৰি আছিল৷ সেয়ে সিহঁতৰ বিয়াখন হঠাৎ হৈ গ’ল৷

বিয়াৰ কিছুদিনৰ পিছতে সাংসাৰিক জীৱন চলাই যোৱাৰ কঠিনতা দূৰ কৰিবলৈকে ধনীৰামে বিজয় চুপাৰখন শিক্ষক অমল শইকীয়াক বিক্ৰী কৰিবলৈ বাধ্য হ’ল৷

অমল শইকীয়াই ভাৰাঘৰত থাকি শিক্ষকতাৰ চাকৰি কৰে৷ তেওঁ অকলশৰীয়া৷ বিয়াৰ বাবে কন্যাৰ সন্ধান কৰি ভাগৰি পৰা বৰলা৷ আগৰ দিনত এনে অকলশৰীয়া বৰলাই দুৱাৰত ডাং লগাই ঘৰৰ ৰা ওলাই যায় বাবে ডাংবৰলা কয় আৰু আজি কালি দুৱাৰত তলা লগাই বাবে তলাবৰলা ক’ব লাগিব৷ পাতি চাইকেলখন লৈ ছোৱালী চাবলৈ গৈ সংযোগ স্থাপনত বিফল হোৱাটো অমল শইকীয়াই বাৰুকৈয়ে উপলব্ধি কৰিছে৷ অলপতে অমল শইকীয়াই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমলা কান্ত বৰুৱাৰ জীয়েক অপৰূপাক বিয়াৰ প্ৰস্তাব দি বিফল মনোৰথ হৈছে৷ সেয়ে অমল শইকীয়াই তিনিমাহৰ দৰ্মহা একেলগে পাই ধনীৰামৰ বিজয় চুপাৰখন কিনি পেলালে৷ কেইদিনমান বিজয় চুপাৰে অমল শইকীয়াক দৌৰাই দি তেওঁৰো কাম ফেৰা সমাধা কৰি দিলে৷ অপৰূপাই অমল শইকীয়াৰ স’তে বিয়াত বহিবলৈ সন্মতি প্ৰদান কৰিলে৷ অমল শইকীয়াই ভাৱিলে, ‘ সঁচাই ছোৱালীবোৰৰ মনবোৰ অতি বিচিত্ৰ৷ সিহঁতে পিন্ধা শাৰীখনত যিমান পাক দিয়া থাকে মনোজগতখনতো সিমান পাক থাকে৷’ যিকি নহওক , অৱসৰ প্ৰাপ্ত  শিক্ষক কমলা কান্ত বৰুৱাই জীয়েক অপৰূপাক অমল শইকীয়াক গতাই নিজকে ধন্য মানিলে৷ তেতিয়াৰ পৰাই বিজয় চুপাৰখনৰ পিছৰ আসনত দীপ-লিপ ন-কন্যা অপৰূপাক উঠাই লৈ ফুৰা অমল শইকীয়াক নগৰে –চহৰে প্ৰায়ে দেখা গ’ল৷

বিজয় চুপাৰৰ চলন্তি ক্ৰমাৎ হ্ৰাস পাব ধৰিলে৷ অমল শইকীয়াই ৰাজদূত মটৰ চাইকেল কিনিব হেনো৷ সেয়ে বিজয় চুপাৰখন বেচিবলৈ গ্ৰাহক বিচাৰিব ধৰিলে৷ স্থানীয় হোমিওপেথিক ডাক্তৰ অনন্ত ৰাভাই সুলভ মূল্যতে বিজয় চুপাৰখন পাই কিনি পেলালে৷

অনন্ত ৰাভাই বিজয় চুপাৰখন পাই চাইকেলখন চলাবলৈয়ে এৰিলে৷ এমাইল মান দূৰণিৰ ৰোগী চাবলৈ গ’লেও বিজয় চুপাৰখন লৈহে যায়৷ তেওঁ এতিয়া দূৰণিৰ ৰোগীৰ চিকিৎসাও কৰিবলৈ সুবিধা হ’ল৷ এখন ঠাইলৈ অৱশ্যে বিজয় চুপাৰে সঘনাই দৌৰিব ধৰিলে৷ লাহে লাহে চাৰিটা ল’ৰা- ছোৱালীৰে সৈতে ঘৈণীয়েকজনীৰ খবৰ ল’বলৈও অনন্ত ৰাভাৰ সময় নোহোৱা হ’ল৷ অনন্ত ৰাভাক চেঙেলীয়া ডেকা অৱস্থাতেই মাক- দেউতাকে বিয়া পাতি দিছিল৷ সি ডেকা হৈ থাকিল ; কিন্তু ঘৈণীয়েকজনীক দেখিলে আনে অনন্তৰ মাক বুলিহে ক’ব৷ সেয়ে এইবাৰ বিজয় চুপাৰে অনন্ত ৰাভাৰ  ডেকা তেজত পিৰপিৰনি তুলি দিলে৷ মাণিকাচুক গাঁৱৰ সুন্দৰী যুৱতী ৰঞ্জনাই অনন্ত ৰাভা বিবাহিত নে অবিবাহিত সেই কথা সুধিবলৈকে সময় নেপালে৷ এদিন তাই অনন্ত ৰাভাৰ বিজয় চুপাৰৰ পিছৰ আসনত বহি ল’লে ---শিৰত সেন্দুৰলৈ৷

অনন্ত ৰাভাই ৰঞ্জনাৰ স’তে তাৰ চেম্বাৰতে থাকিবলৈ ল’লে৷ ঘৰলৈ যাব পৰাটো অসম্ভৱ৷ ল’ৰা –ছোৱালী আৰু ঘৈণীয়েক খঙত জ্বলি পকি আছে৷ পিছে তেওঁ দুখন ঘৰ চলাব লগা হোৱাত বিজয় চুপাৰ দৌৰাবলৈ ক্ৰমাৎ অসমৰ্থ হৈ পৰিল৷ মৰম নেপাই বিজয় চুপাৰেও ঠেহ-পেচ জুৰিব ধৰিলে৷ বিজয় চুপাৰে অনন্ত ৰাভাক বেয়া পাই গেৰেজৰ পোৱালী কেইটাৰ লগতেই ধেমালী-ধুমুলা কৰি দিন কটাব ধৰিলে৷ বিজয় চুপাৰ খনৰ ওপৰত অনন্ত ৰাভাই খং দেখুৱাব ধৰিলে৷ বিজয় চুপাৰখনো জান এলাপেচা ? খঙতে বিজয় চুপাৰেও অগুণকাৰীটোৰ লগত নাথাকোঁ বুলি গেৰেজৰ পৰাই নোলোৱা হ’ল৷ অনন্ত ৰাভাই নগদ টকা পালে হেনো কম দামতে গেৰেজৰ পৰাই বাহিৰে বাহিৰে বিজয় চুপাৰখন বিক্ৰী কৰি দিব৷  গেৰেজৰ ল’ৰাকেইটাক কথাটো কৈ থৈছে৷

আন কোনোবাই সেই বিজয় চুপাৰখনত অন্য এগৰাকী ন-কন্যা পিছৰ আসনত বহাই ফুৰাবলৈ পালেনে নাই সেই কথা জানিবলৈ হ’লে চাৰিআলিৰ ‘ পদ্ম মটৰ চাইকেল মেৰামতি কেন্দ্ৰ ’ত খবৰ কৰিলেই হ’ল৷

#####################
















Saturday, 20 July 2013

মই, মহেশ্বৰ,মিনু আৰু ৰিক্সাচালক

(গল্প)
বাছৰ পৰা নামি মোৰ পত্নী মিনু আৰু মই ঘৰলৈ যাবলৈ ৰিক্সা এখনৰ বাবে ৰৈ আছৌঁ৷ ইখন সিখনকৈ কেইবাখনো ৰিক্সা আমাৰ সন্মুখেদি পাৰ হৈ গ’ল৷ তাৰে কোনোখনত যাত্ৰী আৰু কোনোখন ৰিক্ত৷ কোনোৱে ভাৰা আছে বুলি কৈ , কোনোৱে ৰিক্সা বেয়া হোৱা বুলি কৈ গুছি গৈছে৷ মোৰ আক’ ধাৰণা হ’য়—পথালি গা ধৰা মিনুজনীক দেখি ওজনৰ ভয়তে  ৰিক্সাচালকবোৰে তেনেদৰে কৈ আঁতৰি যায়৷

“ঐ ৰিক্সা, ঐ ৰিক্সা , যাবা নেকি ?” মিনুৱে কিছু দূৰত ৰিক্সা এখন দেখি চিঞৰি উঠিল৷

ৰিক্সাচালকে ৰিক্সা আনি আমাৰ ওচৰ পোৱালেহি৷

“কাক মাতিছিল বাইদেউ ?”—ডেকা ৰিক্সাচালকে মিনুক সুধিলে৷

“তোমাকে মাতিছোঁ৷”—বুলি কৈ মিনুৱে হাতত থকা বেগটো ৰিক্সাত থৈ নিজেও উঠিব খুজিলে৷

“ৰ’ব বাইদেউ ,ৰিক্সাখনে আপোনাক নিনিয়ে, মইহে ৰিক্সাখন চলাই নিব লাগিব৷ সেয়ে মোক ৰিক্সা ৰিক্সা বুলি চিঞৰিব নালাগিছিল৷ হয়নে নহয় বাৰু চাৰ ?” ৰিক্সা চালক যুৱকে মোলৈ চাই ক’লে৷
মই মৌনতা অৱলম্বন কৰিলোঁ৷

এই প্ৰথমবাৰৰ বাবে চাগৈ মিনুৱে সৰু মানুহৰ মুখত বৰমাত শুনিলে৷ সেয়ে তাই থ’তম’ত  খাই যোৱাৰ দৰে হ’ল৷ ময়ো ৰিক্সা চালকৰ কথাত কোনো প্ৰতিবাদ নকৰাত তাৰ যুক্তি সঠিক প্ৰতিপন্ন হৈ পৰিল৷ গতিকে মিনুৱে অপৰাধী ভাৱ এটা লৈ ৰৈ গ’ল৷

ৰিক্সাচালক ডেকাই চাগৈ মিনুৰ মুখমণ্ডলত অনুশোচনাব্যঞ্জ্যক ভাৱ এটা প্ৰতিফলিত হোৱা দেখা পালে৷ সেয়ে সি ততালিকে ক’লে, “বহক বহক বাইদেউ, বহক চাৰ৷ ক’লৈ নিম কওক৷”

মই ক’লো, “ বকুল তিনিআলি৷”

ৰিক্সাৰ চকা তিনিটা পকী ৰাস্তাত ঘূৰিব ধৰিলে৷ মিনু আৰু মোৰ মুখত মাতবোল নাই৷

ৰিক্সাচালক ডেকাই যেন এই মাত্ৰ মোৰ অতীত-স্মৃতিৰ বন্ধ কোঠাটোৰ দুৱাৰত লগাই থোৱা তলাটো তাৰ জীৱনৰ বাস্তৱিকতাৰ চাবিপাতেৰে খুলি দিলে৷

গাঁৱৰ হোজা , দৰিদ্ৰ কৃষকৰ সন্তান মই৷ পঢ়া-শুনাত ভাল৷ স্থানীয় বিদ্যালয়ত পঢ়ি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’লো৷ দেউতাই প্ৰথমিক বিদ্যালয়ৰ শিক্ষকতা কৰিবলৈ কৈছিল ; কিন্তু সেইটো চাকৰি জানো মোলৈ কৰ’বাত খালি হৈ পৰি আছে ? উপায়ান্তৰ হৈ আনবোৰ ছাত্ৰৰ দৰে ময়ো নগৰৰ  মহাবিদ্যালয়ত পঢ়িবলৈ গ’লো৷ দেউতাই খেতিৰ ধনেৰে মোৰ পঢ়াৰ খৰচ যোগান ধৰিব নোৱাৰি এডৰা দুডৰাকৈ মাটি বন্ধক দিওঁতে দিওঁতে শেষত খেতিৰ মাটি আটাই কেইডৰা বন্ধক দি শেষ হ’ল আৰু ময়ো স্নাতক ডিগ্ৰী লাভ কৰি মহাবিদ্যালয় এৰিলোঁ৷

স্নাতক হ’লো ঠিকেই; কিন্তু ঘৰলৈ আহি মহা চিন্তাত পৰিলোঁ৷ মোৰ অৱস্থা বান-বিধস্ত লোকৰ দৰেই হ’ল৷ মই যেন সৰ্ব্বস্ব হেৰুৱাই ভৰ বাৰিষাৰ নদীৰ কোবাল সোঁতৰ বিপৰীতে যুঁজি যুঁজি দুবাহুৰ বলত সাঁতোৰি আহি পাৰত উঠিছোঁ৷

চাকৰিৰ যিহে সমস্যা! মোৰ দৰে ছাল ছিগা ভিকহুৰ ল’ৰাই চাকৰি পোৱা দূৰৰ কথা৷ চাকৰিৰ বাবে আবেদন কৰিবলৈকে খৰচ দিবলৈ ঘৰত ফুটাকড়ি এটা নাই৷

পঢ়ি থকা দিনবোৰত এনে এটা ভয়াবহ বাস্তৱিকতাৰ কথা কোনোদিনেই মনলৈ অহা নাছিল, জীৱনৰ ক’তযে ৰঙীন ছবি আঁকিছিলোঁ৷ জোনাকীহঁতে যচা মৰমবোৰ বুকুত বান্ধি আগুৱাই গৈছিলোঁ—পৰীৰ দেশৰ ৰাজকুমাৰটি হৈ-- স্বপ্নীল ভৱিষ্যতক ধিয়াঁই৷
আৰু এতিয়া ? এতিয়া দেউতাৰ প্ৰাণৱন্ত নৰকংকালটো দেখি , মাৰ খাগৰি খৰি যেন দেহাটো দেখি মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন যায়৷ ইফালে আকৌ পুষ্টিহীনতাত ভোগা ভাইটো আৰু ভন্টিজনীৰ শুকান মুখ দুখনলৈ চাবলৈ মোৰ সাহসে নোকুলাই৷

অলপতে আমাৰ গাঁৱত স্থাপন কৰা মধ্য ইংৰাজী বিদ্যালয়খনত মোক ৰাইজে সহকাৰী শিক্ষকৰ পদত মকৰল কৰিলে৷ পিছে অবৈতনিক ভাৱেহে৷ যেইকি নহওক দেউতা-মা আৰু ভাই-ভনী হালে তাতে সন্তোষ লভিলে৷

পিছে ঘৰখন এতিয়া চলে কিদৰে ? মাটিকেইডৰা বন্ধক খুলিম ক’ৰ টকাৰে ? বৰদেউতাৰ ল’ৰা মহেশ্বৰৰ শিক্ষা কম হ’লেও তাৰ ধন আছে,  ব্যৱসায়  এটা আছে৷ ভাৱিলো-- তাৰ দৰে ব্যৱসায়কে কৰোঁনেকি ? এদিন তাক মোৰ মনৰ কথা ক’লো৷ সি লগৰীয়া এটা পাই ভালেই পালে৷

কিছুদিনৰ আগতে মহেশ্বৰ কাইটিৰ আৰ্থিক অৱস্থা তেনেই শোচনীয় আছিল৷ ওচৰতে অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা এটা খুলি দিয়াত সি হেনো প্ৰথমে এশ টকা জমা কৰি এটা চেভিংচ বেংক একাউন্ট খুলিলে৷ সি  নিতৌ হাজিৰা কাম কৰি যি টকা পায় তাৰে ঘৰ-সংসাৰ চলাই ৰাহি হোৱা দুই-চাৰি টকা সাঁচি থৈ প্ৰতি সপ্তাহে বেংকত এশ-ডেৰশকৈ  জমা কৰিবলৈ ধৰিলে৷ এই কাম সি বেংকৰ কৰ্মকৰ্ত্তাসকলৰ পৰামৰ্শ অনুযায়ীয়েই কৰি গৈছিল৷ চাৰিমাহমানৰ মূৰত তাৰ বেংকত পোন্ধৰ-ষোল্লশ মান টকা জমা  হ’লগৈ৷ সেই টকা বেংকৰ পৰা উঠাই লৈ সি স্থানীয় সাপ্তাহিক বজাৰত শাক-পাচলিৰ বেপাৰ কৰিব ধৰিলে৷ বেংকৰ পৰিচালক তথা কৰ্ম্মচাৰীসকলেও তাৰ পৰাই শাক-পাচলি কিনি নিয়ে৷ শাক-পাচলিৰ বেপাৰ কৰিবলৈ ধৰাত তাৰ বেংকত জমাৰ পৰিমাণ আগতকৈ বৃদ্ধি পালে৷ ওচৰ-পাজৰৰ কেইবাখনো সাপ্তাহিক বজাৰলৈ মহেশ্বৰে বেপাৰৰ বাবে যায়৷ সি খোজ কাঢ়ি কাঢ়িয়েই যাব লগা হয়৷ মহেশ্বৰ কাইটিৰ প্ৰতি বেংকৰ পৰিচালক তথা কৰ্ম্মীবৃন্দৰ  দৰদ বাঢ়ি অহাত তাৰ কষ্ট লাঘবৰ বাবে তথা আৰ্থিক উন্নয়ণ  কামনা কৰি পাঁচ হেজাৰ টকাৰ ঋণ এটা দি এখন নতুন চাইকেল কিনি দিলে৷

চাইকেলখন পাই মহেশ্বৰে দুগুণ উৎসাহেৰে ব্যৱসায়ত লাগি গ’ল৷ সি ঋণ পৰিশোধৰ বাবে ধাৰ্য্য কৰি দিয়া নিৰ্দ্দিষ্ট সময়সীমা উকলি যোৱাৰ পূৰ্বেই  নিয়মীয়াকৈ ঋণ পৰিশোধ কৰিলে৷ তাৰোপৰি সি নিজাকৈ বেংকত কেইবাহেজাৰো টকা হেনো এতিয়া জমাহে কৰিছে৷ মহেশ্বৰ কাইটিক প্ৰথমে বেংকৰ পৰা মোৰ নামত ঋণ এটা উলিয়াই দিবলৈ খাটনি ধৰিছিলোঁ৷ যিহেতু বেংকৰ মানুহকেইজনে তাক ভাল পায়,সেয়ে সি ক’লে নিশ্চয় মোক বেংকে ঋণ এটা দিব৷ পিছে মহেশ্বৰ কাইটিয়ে মোক ক’লে, “ বৰমইনা , তই সঁচাকৈয়ে ‘বিজনেচ’ কৰিবিতু ? যদি কৰ তেনেহ’লে ‘বিজনেচ’ কৰিবলৈ শিকি ল’; প্ৰথমে বিজনেচ কি নজনাকৈ গৰমেন্টৰ ধাৰ এসোপামান লৈ পিছত ৰঙাঘৰৰ ভাত খাব নালাগে৷ ডি আৰ ডি এ লোন লৈ ঘূৰাই নিদিয়া আমাৰ গাঁৱৰ কাচিয়াল, নদৰাম আৰু কেৰকণহঁতৰ এতিয়া কি অৱস্থা হৈছে দেখা নাই৷ পুলিছে-----৷”

“এহ মই জানো ঋণ লৈ পৰিশোধ নকৰিম ?” মই ক’লো৷

“পৰিশোধ কৰিব পাৰিলেহে কৰিবি৷ তই বেপাৰত ধৰ যদি ধৰ বাৰু৷ ময়ে যি পাৰো সহায় কৰিম৷ পিছে পৰে বেংকৰ ধাৰ ল’বি৷”

মহেশ্বৰ কাইটিৰ কথাতে মই পতিয়ন গ’লোঁ৷

মহেশ্বৰ কাইটিয়ে আজিকালি গাহৰিৰ বেপাৰ কৰে৷ গাঁৱৰ পৰা গাহৰি কিনি চহৰৰ দেউবৰীয়া বজাৰত বেপাৰীক বিক্ৰী কৰে৷ ভাল লাভ হয় হেনো৷ ময়ো মহেশ্বৰৰ পৰা টকা কেইটামান ধাৰে লৈ পুৰণি চাইকেল এখন কিনি তাৰ লগতে ব্যৱসায় কৰিব ধৰিলোঁ৷ কেইদিনমান বজাৰলৈ গাহৰি লৈ গৈ ভালেমান টকা লাভ হ’ল৷ কাৰণ, গাঁওবোৰত গাহৰিবোৰৰ বেমাৰ হৈ মৰি যাব ধৰাত ভয়তে অতি কম দামত নিৰোগী গাহৰিবোৰো গাঁৱৰ ৰাইজে আমাক বিক্ৰী কৰিব ধৰিলে৷ নগৰত আমি সেইবোৰ গাহৰিৰ প্ৰকৃত মূল্যকে পাওঁ৷ মহেশ্বৰৰ পৰা লোৱা ধাৰ পৰিশোধ কৰিও মোৰ ভালেমান টকা জমা থাকিল৷ এতিয়া মোৰ নিজা মূলধনেৰে বেপাৰখন চলি গৈছে৷

মহেশ্বৰ কাইটি সাংঘাটিক ৰসিক৷ তাৰ লগত থাকিলে কষ্টকো কষ্ট যেন অনুভৱ নহয়৷ আমি দুয়ো ককাই-ভাই হ’লেও বন্ধুৰ দৰেই চলোঁ৷ এদিন চাইকেল মাৰি বজাৰলৈ গৈ থাকোঁতে  মই মহেশ্বৰ কাইটিক জোকাই চাবলৈকে ক’লো, “ মহেশ্বৰ কাইটি তোৰ ধন –সম্পত্তি বহুত হ’ল অ’৷ নবৌজনীৰ চেহেৰাটোও কিবাখন হৈ পৰিল৷ ধুনীয়া চাই আৰু এজনী---------৷”

মহেশ্বৰ কাইটিয়ে মোক কথা বঢ়াবলৈ নিদি লগে লগে ক’লে, “তই তেনেকৈ কৈছ যেতিয়া সাধু এটাকে কওঁ শুনি ল’৷”

মহেশ্বৰ কাইটিয়ে তাৰ গল্প আৰম্ভ কৰিলে৷  মই শুনি গ’লো৷

“ বৰ বেছি দিনৰ আগৰ কথা নহয়৷ যোৱাটো বাৰিষাৰ কথা৷ আমগুৰি ডুবিৰ ওপৰেদি দিয়া এডলীয়া বাঁহৰ সাঁকো ডালেদি নৱ-বিবাহিত দম্পত্তি এহাল পাৰ হৈ যাওঁতে হঠাৎ ঘৈণীয়েকজনীৰ  ভৰি পিচলি গৈ ডুবিৰ পানীত পৰিল৷ বেচেৰীয়ে সাঁতুৰিব নেজানে৷ গিৰিয়েকেও সাঁতুৰিব নেজানে৷ ভৰ দুপৰীয়াখন ওচৰে-পাঁজৰে কাকো দেখা নাপায় নিঃসহায় হৈ বিননি জুৰি কান্দিব ধৰিলে৷ তাৰ কান্দোন শুনি পানীৰ তলত থকা জলকুৱঁৰী ওলাই আহিল৷ সেই জলকুৱঁৰীজনী আকৌ তাহানিৰ সেই খৰিকটিয়াক কুঠাৰ তুলি দিয়া জনীয়েই আছিল৷ জলকুৱঁৰীয়ে মানুহটোৰ কি হ’ল বুলি সোধাত সি তাৰ ঘৈণীয়েক পানীত পৰিল বুলি কৈ পুণৰ ইনাই-বিনাই কান্দিব ধৰিলে৷ তেতিয়া জলকুৱঁৰীয়ে পানীত ডুব দি প্ৰিয়ঙ্কা চুপ্ৰাক উলিয়াই দি সুধিলে, “এইজনী তোৰ ঘৈণীয়েৰে হয় নে ?” মানুহটোৱে লগে লগে উত্তৰ দিলে, “হয় হয় জলকুৱঁৰী মাই, এইজনীয়েই মোৰ মানুহজনী৷”

জলকুৱঁৰীয়ে তাৰ কথা শুনি আচৰিত হ’ল৷ ভাৱিলে—এইটোৱে বাৰু তাৰ নৱ-বিবাহিত তিৰুতাজনীক কেনেকৈ এৰিব পাৰিছে? কিমান নিৰ্দ্দয় আজি-কালিৰ পুৰুষবোৰ! জলকুৱঁৰীয়ে তাক সুধি চালে-“ হেৰ’ মানুহটো, তই বাৰু তোৰ নিজৰ মানুহজনীও চিনি নাপালিনে ? ধুনীয়া দেখি এইজনীকে তোৰ বুলিলি, কিয় তই এনেকুৱা হ’লি ?”

জলকুৱঁৰীৰ কথা শুনি মানুহটোৱে কৰযোৰ কৰি ক’বলৈ ধৰিলে, “ জলকুৱঁৰী মাই , দায় নধৰে যদি কথা এষাৰ কওঁ৷ মানে, মই যদি এইজনী মোৰ নহয় বুলি কওঁ তেন্তে আপুনি আকৌ পানীত ডুব দি  কেট্ৰিনা কাইফ বা তনুজা বা দিপীকা অথবা অন্য কোনোবা  এজনীক  উলিয়াই  দি সুধিব সেইজনী হয়নে বুলি৷ মই ক’ম নহয়, আপুনি তাৰ পিছত পুণৰ পানীত ডুব দি মোৰ নিজৰ জনীক উলিয়াই দিলে মই সেইজনী হয় বুলি কম আৰু তেতিয়া  আপুনি তাহানি খৰিকটীয়াক সোণৰ কুঠাৰ, ৰূপৰ কুঠাৰ আৰু তাৰ নিজৰখন কুঠাৰ দিয়াৰ দৰে মোকো  তিনিওজনী দি দিব৷ তেতিয়া বাৰু মোৰ কি অৱস্থা হ’ব ভাৱিচাওকচোন আপুনি৷ তিনিওজনীয়ে চুলিয়াচুলি লাগি সংসাৰখন অশান্তিময় কৰি নোতুলিবনে?”

জলকুৱঁৰীয়ে মানুহটোৰ যুক্তিত পতিয়ন যাবলৈ বাধ্য হ’ল আৰু তাৰ প্ৰতি সদয় হৈ তাক কেট্ৰিনাকে  গটাই দি পানীত ডুব দি ভাৱিলে—আজিকালিৰ তিৰোতাবোৰৰ ইজনীৰ  সিজনীৰ লগত মিলি থকা গুণ নোহোৱা হৈ গৈছে৷

মহেশ্বৰ কাইটিৰ গল্প শুনি মই চাইকেল ৰখাই ৰাস্তাৰ কাষতে বহি লৈ পেটত হেচা দি হাঁহি ল’ব লগা হয়৷ এইদৰে হাঁহি-ধেমালিৰ মাজেৰে বেপাৰ চলাই গৈছোঁ৷ মোৰ এই বেপাৰৰ কথা বহুতে গমেই নাপায়৷ হাতলৈ ধন অহাত মাজে সময়ে নগৰলৈ গৈ  দুই এটা চাকৰিৰ বাবে আবেদন কৰি বাছনি পৰীক্ষাত বহিছোঁ৷ ব্যৱসায়টোও এৰা নাই৷ মহেশ্বৰ কাইটিয়েতু মোক নেৰাই হ’ল৷ সিয়ে আগতীয়াকৈ আহি ব্যৱসায়ৰ কামলৈ মোক লৈ যায়হি৷

পিছে এদিন যিহে ঘটিল ? মই গাহৰি বেপাৰ এৰিব লগা হ’ল৷ সেই ঘটনাটোৱেই আজি মনত পৰিছে৷ সেইদিনা মহেশ্বৰে মোৰ আগে আগে চাইকেলত গাহৰি লৈ গৈ আছে৷ ময়ো চাইকেলৰ গাধৈত( কেৰিয়াৰ খনক মহেশ্বৰে গাধৈ বুলি কয়)এখাং গাহৰিপোৱালি বান্ধি লৈ মহেশ্বৰৰ পিছে পিছে কোবাকুবিকৈ চাইকেলৰ পেডেল ঘূৰাইছোঁ৷ সেইচোৱা পথ পালে মই সদায়ে চাইকেলৰ গতিবেগ বঢ়াই দিওঁ৷ ঘন্টাত  চল্লিশ  পঞ্চাশ কিলোমিটাৰ গতিত চলে৷ কথাটো মহেশ্বৰেও জানে৷  সেয়ে সি মোতকৈও জোৰে চাইকেল চলাই  গাঁওখনৰ সেইচোৱা পথ অতিক্ৰম কৰিলে৷ আচল কথাটো হ’ল সেই ৰাস্তাৰ দাঁতিতে জোনাকীহঁতৰ ঘৰ৷

“ঐ গাহৰি, ঐ গাহৰি, ৰ’চোন ৰ’৷”

হঠাৎ সেই ঠাইতেই নাৰীকন্ঠৰ চিৎকাৰ শুনি মই চাইকেলৰ গতিবেগ একে ৰাখি এপাক এনেয়ে ঘূৰি চালোঁ৷ হাঁয় বিধি !  মই কি দেখিলোঁ ! সেইজনী দেখোন জোনাকী  ! মোৰ হৃদয়ৰাণী জোনাকী৷ তাই আজি মোক ‘ঐ গাহৰি’ বুলি  আজি –কালি প্ৰচলন হোৱা বেপেৰুৱা সুৰত তাচ্চিল্য কৰি মাতিলে৷ হে মোৰ ভাগ্য !

মই সেই দিনাৰ পৰা গাহৰি বেপাৰ এৰিলোঁ৷ কিছুদিন আমাৰ ঘৰখন চলা অসুবিধা হৈছিল যদিও মই খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্য্যালয়ত ঋণ সম্প্ৰসাৰণ বিষয়াৰ চাকৰি পোৱাৰ লগে লগে সকলো অসুবিধা দূৰ হৈ গ’ল৷

জোনাকীক অতিক্ৰম কৰি নগৰৰ ধনীৰ দুলাড়ী মিনুৱে মোক বাধ্য স্বামী কৰি ল’লে৷

কথাবোৰ ভাৱি ভাৱি থাকোঁতেই ইতিমধ্যে ‘মহেশ্বৰ ষ্টোৰচ’ৰ সমুখ অৰ্থাৎ আমাৰ মহেশ্বৰ কাইটিৰ দোকানৰ সমুখ পালোঁহি( মহেশ্বৰ কাইটি আজি-কালি ডাঙৰ মহাজন হ’ল)৷ তাৰ দোকানৰ পৰা অলপ দূৰতেই আমাৰ ঘৰ৷

মই ৰিক্সাচালক ডেকাক সুধিলোঁ, “হেৰা ভাইটি , তোমাৰ নাম ?”

সি উত্তৰ  দিলে, “ নিৰঞ্জন কলিতা৷”

মই আকৌ সুধিলোঁ, “ঘৰ ক’ত?”

সি ক’লে, “গাভৰু পথাৰত চাৰ৷”

এইবাৰ সুধিলো, “ তুমি কিমানলৈকে পঢ়িলা ?”

“অহা বছৰ বি. এ. দিম চাৰ৷”

ৰিক্সা চালকৰ কথা শুনি পাঁচবাৰ মেট্ৰিক পৰীক্ষাত বহি পাছ কৰিব নোৱাৰা মিনুজনীৰ চকু গৈ কপালত উঠিল৷

ইতিমধ্যে আমি ঘৰৰ পদূলিমুখ পালোঁহি৷

“ৰখাই দিয়া ভাইটি৷” মিনুৱে মৰম মিহলি কোমল স্বৰত ক’লে৷

ৰিক্সা ৰৈ গ’ল৷ আমি ৰিক্সাৰ পৰা নামিলোঁ৷

“বেয়া নেপাবা দেই ভাইটি”—বুলি কৈ মিনুৱে ৰিক্সাৰ ভাৰা দহটকাৰ ঠাইত বিশটকা যাচিলে৷

ৰিক্সাচালক যুৱকে দহটকা ঘূৰাই দি ক’লে, “ নালাগে বাইদেউ৷ উপাঙতে ধন অৰ্জন কৰিবলৈ মন থকা হ’লে বেংকৰ ধাৰ লৈ ৰিক্সা কিনি নচলাই বেলেগ উজুতে ধন ঘটা ধাণ্ডা কৰিব পাৰিলোঁ হয়৷”

ৰিক্সাচালক ডেকা আমাৰ কাষৰ পৰা আঁতৰি যোৱাৰ পিছত মিনুৱে মোক ক’লে,  “ল’ৰাটো সেই সংগঠনৰ সদস্য নহয়নে বাৰু ?”

মই উত্তৰ দিবলৈ আঁত বিচাৰি নোপোৱা হ’লো৷ কাৰণ, মইনো গাহৰি বেপাৰ কৰা দিনবোৰত কোনটো সংগঠনৰ সদস্য আছিলোঁ ?

যেইকি নহওক , ডেকাৰ প্ৰতিবাদী কন্ঠৰ জয় হোৱা দেখি বৰ আমোদ পালোঁ৷  অন্তৰতে তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷

০০০০০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০০০০
















মই, মিনু আৰু পেহাৰ সোমবৰীয়া বেহা




(চুটি গল্প)
সেই দিনা দেউবাৰ৷ মোৰ পত্নী মিনু আৰু মই দুয়ো ঘৰতে আছোঁ৷ কলিংবালটো বাজি উঠিল৷ মিনুৱে গৈ দুৱাৰ খুলি দিলে৷

“অ’ পেহা দেখোন৷ আহক আহক৷ ইমান দিনৰ মূৰত ভাল মনত পৰিল দেই পেহা৷ বহক, তেওঁ ভিতৰতে আছে৷ হেৰা, শুনিছানে ? মৰাণহাটৰ পেহা আহিছে৷”

মিনুৰ চিঞৰৰ কোবত বাহিৰৰ কোঠালৈ ওলাই আহিলোঁ৷ সমুখৰ চোফাখনত বহি থকা ভদ্ৰলোকক দেখা পায়ে মোৰ চকু থৰ হৈ ৰ’ল৷ ঠিকেই ৷ এইজনেই সেই মানুহজন , যাৰ ছবি আজি ডেৰবছৰেও মোৰ মানসপটৰ পৰা মচ খাই যোৱা নাই৷

ভদ্ৰলোকৰ সৈতে মিনুৱে মোক চিনাকি কৰি দিলে আৰু মই নমস্কাৰ জনালো৷ আমাক কথা বতৰা পাতিবলৈ কৈ মিনুৱে চাহৰ যা-যোগাৰত লাগিলগৈ৷

মোৰ চকুৰ চাৱনিত কিবা অবিশ্বাস অথবা সন্দেহৰ ভাৱ ফুটি উঠিছিল নেকি নেজানো, পেহাই অৰ্থাৎ ভদ্ৰলোকে সংকোচ ভাৱ  এটা লৈ নিবোকা চামোনৰ দৰে বৰি থাকিল৷ মই অধিক নিশ্চিত হ’বৰ বাবে মানুহজনৰ লগত উপযাচি কথাৰ পাতনি মেলিলোঁ৷

“ পেহা, মৰাণৰ পৰাই আহিলনে ?”

 ওঁ—৷” পেহাই সিমানকে কৈ ৰৈ দিলে৷ মই মনত পেলাই চালো—তেতিয়াচোন এইজন মানুহেই কথাৰ ফুলজাৰিৰে মোক বশীভূত কৰিছিল৷ এওঁ  চাগৈ মোক পাহৰা নাই৷ পিছে মিনুৱে বাৰু সেই ঘটনাটোৰ কথা  পাহৰি গৈছে নেকি ? এতিয়া মিনু চাহ বনোৱাত ব্যস্ত৷ পেহা আৰু মই নিজৰ নিজৰ ভাৱৰাজ্যত উটিভাঁহি ফুৰিছো৷ নীৰৱে দুয়ো বহি আছো৷ যেন দুজন মহাকবি৷ কবিতাৰ ছন্দ মিলাবৰ বাবে শব্দ বিচাৰি ককবকাই ফুৰিছো৷

মই ভাৱিলো, এনেদৰে নহ’ব, পেহাৰ মুখৰ মাত উলিয়াবই লাগিব৷
“ পেহা আজি আমাৰ ঘৰতে থাকিব নহয় ?” নিৰৱতা ভাঙি মই সুধিলো৷

“ ওঁ—৷”  পেহাৰ তেনেই চমু উত্তৰ৷ নাই পেহাই দেখোন কথাৰ পাতনি মেলিবই নোখোজে৷ পেহাৰ অৱস্থাটো দেখি মোৰ নিজৰে অস্বস্তি লাগিবলৈ ধৰিলে৷ পেহাই চাগে মিনুৰ লগত বিয়া হোৱা মানুহটো মই বুলি কল্পনাই কৰা নাছিল৷

প্ৰায় ডেৰবছৰ  মানেই হ’ল৷ এইখন চহৰলৈ মই বদলি হৈ আহিছোঁ৷ লাচিত নগৰত এটা ভাৰাঘৰ পালো৷ মোৰ ভাৰাঘৰৰ চাৰিওফালে ভালেকেইটা পৰিয়াল থাকে৷ ওচৰতে মিনুহঁতৰ ঘৰ৷ প্ৰথমদিনা ভাৰাঘৰত প্ৰৱেশ কৰোঁতেই মিনুৰ সৰু ভায়েক জিতুৱে আহি চিনাকি হৈছিলহি৷

প্ৰথম মাহটোৰ ভিতৰৰে এদিনৰ ঘটনা৷ জিতুৱে মোক সিহঁতৰ ঘৰলৈ মাতি আনিলে৷ সিহঁতৰ ঘৰলৈ ক’ৰবাৰ পৰা মানুহ এজন আহিছে৷ মানুহজনে খুউব কম দামতে নানা ধৰণৰ বয়-বস্তু দি যায়৷ ৰেডিঅ’, টেপৰেকৰ্ডাৰ, ঘড়ী, পাটৰ কাপোৰ, মুগাৰ চেট, লংপেন্ট-চাৰ্টৰ পিচ, মিঠাতেলৰ টিন ইত্যাদি অসংখ্য বস্তু৷ মূল্য বজাৰৰ আধাতকৈও কম৷ গতিকে মোক কিবা বস্তুৰ প্ৰয়োজন হ’লে তেওঁৰপৰা ল’ব পাৰোঁ৷

প্ৰথম চিনাকিতেই মানুহজনে  তেওঁৰ পৰিচয়টোনো কি দিলে মই টলকিব নোৱাৰাকৈ থৈ বক্তৃতাধৰ্মী  কথাৰে মোক বুজাই দিলে যে তেওঁ যিবোৰ বস্তুৰ যোগান ধৰে সেইবোৰ তেওঁ চুৰি-ডকাইতি কৰি অনা নহয়৷ বস্তুবোৰ তেওঁ কিবা  উপায়েৰে কোনোবা ঠাইত সংগ্ৰহ কৰে৷ মিনুহঁতৰ ঘৰত সেইদিনা তেওঁ এটা টেৰিকটনৰ লংপেন্টৰ পিচ মাত্ৰ ত্ৰিশ টকাত দিছে৷ কাপোৰটো মোক মিনুৰ ককায়েক মিন্টুৱে দেখুৱালেল সচাঁই মইআচৰিত হ’লোঁ৷ কাৰণ, তাৰ মূল্য বজাৰত তিনিশ টকাৰ কম নহ’ব৷

“ কওক এতিয়া আপোনাক মুগাৰ চেট এটা লাগেনে নালাগে ? যদি লাগে তিনিহেজাৰ টকাৰ এটা মুগাৰ চেট মই আপোনাক মাত্ৰ এহেজাৰ টকাত দিম৷”

মই অবিবাহিত চাকৰিয়াল৷ খুব সোণকালে বিয়াখন পাতিব লাগিব৷ দুই এজোৰ কাপোৰ কিনি ৰাখিব পাৰিলে ভাল৷ মই মনে মনে চিন্তা কৰি ৰলো৷

“কওক, লাগিব আপোনাক ?---৷”

মানুহজনৰ মাতত মোৰ তন্ময়তা ভাগিল৷ পুণৰ সুধাত মই লাগিব বুলিয়েই কৈ দিলো৷

“ তেনেহ’লে আপুনি এহেজাৰ টকা আজিয়েই দিয়ক আৰু অহা সোমবাৰে আপোনাৰ ঘৰত হাজিৰ৷ হ’ব?”

কথাষাৰ শুনি মই মন্টুৰ মুখলৈ চালোঁ৷ পিছে মন্টুৱে হা-না একো নামাতিলে৷

মানুহজনে পুণৰ ক’লে—“দিয়ক৷”

মোৰ পকেটত টকা আছিল৷ এহেজাৰ টকা গণি মানুহজনৰ হাতত দি দিলোঁ৷ টকা লৈ মানুহজন গ’লগৈ৷ মন্টুক সুধিলো—“মানুহজন বিশ্বাসভাজন নে বাৰু ? আপুনি তেওঁৰ ঘৰৰ ঠিকনাটো জানেনে ?” মানুহজনৰ ঘৰৰ আচল ঠিকনাটো নাজানিলেও মানুহজন প্ৰতাৰক  যেন নালাগে বুলি মন্টুৱে ক’লে৷ আগে পিছেও তেওঁ এনেদৰে আগধন  লৈ সময়মতে আহি বস্তু দি গৈছে৷ মই আশ্বস্ত হ’লো৷
এহেজাৰ টকা মানুহজনক দি সোমবাৰৰলৈকে ছটফটাই থকাৰ দৰে কটালো৷ সোমবাৰৰ দিনা অফিচলৈ নগৈ মানুহজনলৈকে আগ্ৰহেৰে অপেক্ষা কৰি ৰলো৷ সন্ধ্যালৈকে মানুহজন নহাত মই মিনুৰ ককায়েক  মন্টুক লগ কৰি আহিবলৈ মিনুহঁতৰ ঘৰলৈ গ’লো৷ ঘৰত তেতিয়া মিনুৰ বাহিৰে কোনো নাছিল৷ সেই দিনা মিনুৰ সৈতে ৰোমান্টিক ভাৱৰ বিনিময় ঘটি গ’ল৷ এহেজাৰ টকাৰ চিন্তা কিছু পাতলি গ’ল৷ তথাপি মিনুক ক’লো , “ মানুহজন সোমবাৰে আহিম বুলি কৈছিল , ক’তা নাহিল দেখোন৷”

“ কোনটো সোমবাৰে বা অহাৰ অহাৰ কথা কৈছিল ?  অহা সোমবাৰে, ইটো সোমবাৰেবা সিটো সোমবাৰেতো হ’ব পাৰে৷ আপুনি জানো তাৰিখটো সুধিছিল ?” –মিনুৱে ক’লে৷

মই ক’লো, “ এৰা ঠিকেই৷”

মানুহজনলৈ বাট চাই থাকি কেইবাটাও সোমবাৰে অফিচ ক্ষতি কৰিলো আৰু প্ৰত্যেক সোমবাৰে আবেলি মিনুহঁতৰ ঘৰলৈ গ’লো—মানুহজনৰ খবৰ ল’বলৈ৷ এনেদৰে অহা যোৱা কৰি থাকোঁতে লাহে লাহে মিনুৰ সৈতে মোৰ এক নিবিড় সম্পৰ্ক গঢ়ি উঠিল৷ মিনুৱে মোক ‘আপুনি’ সম্বোধনৰ পৰিবৰ্ত্তে ‘তুমি’ বুলি ক’বলৈ এদিন অধিকাৰ পাই গ’ল৷ পিছলৈ মই সোমবাৰৰ পৰা ৰবিবাৰলৈ প্ৰতিটো দিনতে একোবাৰকৈ মিনুহঁতৰ ঘৰলৈ যাবলৈ ধৰিলো৷ টকা এহেজাৰৰ চিন্তাৰ ঠাই দখল কৰিলে এইবাৰ মিনুৰ চিন্তাই৷ তাইক এদিন নেদেখিলেই কিবা ভাল নলগা যেন হ’ল৷ মিনুৰ অৱস্থাও একেই৷ ঘৰত সিহঁতৰ সকলোৱেই কথাটো গম পালে৷ কথাবোৰ বনজুইৰ দৰে বিয়পিব ধৰিলে৷ লাচিত নগৰৰ সকলোৰে মাজত মিনু আৰু মোৰ বিষয়ে চৰ্চা হ’বলৈ ধৰিলে৷ নহ’বনো কিয় ? মিনুহঁতৰ ঘৰলৈ মই যিদৰে যেতিয়াই তেতিয়াই যাওঁ , সেইদৰে মিনুৱেও মোৰ ভাৰাঘৰলৈ যেতিয়াই তেতিয়াই যে আহিবলৈ ধৰিলে৷ কাষৰ মানুহে আৰু চকু মুদি থাকিবনে ?

অৱশেষত গাঁৱত থকা মোৰ হৃদয়ৰাণী জোনাকীৰ স্থান সম্পূৰ্ণকৈ মিনুৱে দখল কৰিলে৷ সঁচাকৈয়ে মানুহ পৰিবেশৰ দাস৷  মিনুৰ সৈতে মোৰ বিয়াখন হৈ গ’ল৷ এতিয়া আমি পালপট্টিৰ এটা ডঙৰ ঘৰ ভাৰা কৰি আছো৷

মুগাৰ কাপোৰৰ বাবে দিয়া এহেজাৰ টকাৰ কথাটো পাহৰি যোৱাৰ দৰেই হৈছিল; কিন্তু আজি হঠাৎ সেই টকা নিয়া মানুহজন যে নিজে আহি মোৰ ঘৰত উপস্থিত হৈছে৷ এৰা , মোৰ টকা কোনেও এনেয়ে ঠগি খাব নোৱাৰে বুলি মোৰ আত্মবিশ্বাস এটা আছিল৷ মই বৰ গৰ্বেৰে ভাৱি থাকোঁ---মোৰ টকা ক’লা টকা নহয়৷ মোৰ চাকৰিটোত বাহিৰা ধন ঘটাৰ অনেক পথ সত্বেও সততাৰে কাম কৰি দৰ্মহাৰ টকা কেইটাৰেই  মই চলি আহিছো৷ মোৰ কষ্টৰ ধন অথলে নেযায় বুলি প্ৰমাণ কৰিবলৈকে বোধহয় –এই মানুহজন উপযাচি আহি  মোৰ ঘৰত উপস্থিত হৈছেহি৷

মই কথাবোৰ ভাৱি থাকোঁতে পেহাইনো কেতিয়া মোৰ ওচৰৰ পৰা উঠি গৈ ভিতৰত মিনুৰ স’তে কথা পাতিবলৈ লাগিল , মই গমেই নাপালো৷ মিনুৱে আহি মাত দিয়াতহে সম্বিত ঘূৰাই পালোঁ৷

“ শুনিছা ,পেহাই কি কৈছে ?”

“কি কৈছেনো ?”-মই সুধিলো৷

“ পেহাই যে তাহানিতে তোমাৰ পৰা টকা এহেজাৰ নিছিলে –মুগাৰ কাপোৰ দিম বুলি---, পেহাই সঁচাকৈয়ে মুগা কাপোৰ  দিব বুজিছা৷ তোমাক বেয়া নাপাবলৈ কৈছে৷ তোমাৰ পৰা নিয়া সেই টকা হেজাৰ পেহাই তেখেতৰ ডাঙৰ ল’ৰা ৰতনৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি যোগাৰ কৰিবলৈ বুলি খৰচ কৰিলে৷ এতিয়া ৰতনৰ চাকৰি ৰেগুলাৰ হ’ল৷ ৰতনে এক দুই তাৰিখ মানে দৰ্মহা পাব আৰু পেহাই পাঁচ তাৰিখে মুগাৰ চেট লৈ আহিব৷ মোৰ বিয়াত যে একো এটা দিব নোৱাৰিলে, সেয়ে পেহাই বৰ দুখ কৰি আছে৷"

মই সমুখৰ ৱালত ওলোমাই থোৱা কেলেণ্ডাৰখনত চকু দিলোঁ৷ অহা মাহৰ পাঁচ তাৰিখ সোমবাৰ৷ মুখত মোৰ ‘সোমবাৰ’ শব্দটো উচ্চাৰিত হৈ গ’ল আৰু ওঁঠত হাঁহি বিৰিঙি উঠিল৷ তাকে দেখি মিনুৱে উচ্চ স্বৰত হাঁহি মাৰি ক’লে, “দেখিলা ? পেহাই কেনেদৰে কথা ৰাখিছে৷”
পাঁচ তাৰিখ সোমবাৰে পেহাই এযোৰ সুন্দৰ মুগাৰ কাপোৰ আনি মিনুক দিলেহি৷ আমাৰ বিয়াত মিনুৰ বাবে মই এনে এটা মুগাৰ চেট তিনহেজাৰ পাঁচশ টকাত কিনিছিলোঁ৷ মিনুক ক’লো,” বুজিছা এই মুগাৰ চেটটো ৰতনৰ বিয়াৰ বাবে সাঁচি থোৱা৷ তোমাক লাগিলে মই এটা বেলেগ চেট আনি দিম৷” মিনুৱে সন্তোষৰ হাঁহি মাৰি কাপোৰযোৰ থ’বলৈ বুলি ভিতৰলৈ গ’ল৷ পেহালৈ মোৰ শ্ৰদ্ধা ভাৱ ওপজিল৷ আজি পেহা আমাৰ ঘৰতে থকাৰ কথা৷

মিনুৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ সুবিধা দিবলৈকে মোৰ টকা এহেজাৰ পেহাক তেওঁলোকৰ ঘৰৰ মানুহে বুদ্ধি  কৰি  দিয়ালে নে সঁচাকৈয়ে পেহাই বিপদত পৰিহে সময়মতে কাপোৰযোৰ নিদিয়াকৈ থাকিল ? পেহা গ’লেই মিনুক কথাটো সুধিম বুলি ঠিক কৰি শান্তিৰে শুই পৰিলো৷

০০০০০০০০০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০০০০০০০

( গল্পটো ‘ৰহস্য’ আলোচনীৰ জুন , ১৯৯৬ ত প্ৰকাশ পাইছিল)
















হস্তক্ষেপ




(ৰহস্য গল্প)  
বগলীজান গাঁও৷ গাঁৱৰ পশ্চিম প্ৰান্তত আছে এক অৰণ্য৷ তাৰ কাষতে আছে মৰিশালিখন৷ দক্ষিণ দিশত চাহ বাগিচা৷ এই মৰিশালিখনলৈ দিনৰ ভাগতেই মানুহ অকলশৰে যাবলৈ সাহস নকৰে৷ এক জয়াল পৰিবেশ সদা বিৰাজমান৷ তাত বাস কৰা ভূত-প্ৰেতৰ বিষয়ে নানা ধৰণৰ কাহিনী গাৱঁৰ মানুহৰ মুখে মুখে অতীজৰে পৰা চলি আহিছে৷ বজ্ৰপাত পৰি দুফাল হৈও নমৰি শতবৰ্ষ অতিক্ৰম কৰা শিমলুজোপা,  যাক ৰাইজে ‘ফটা শিমলু’ নাম দিছে, তাত এতিয়াও ‘বুঢ়া ডাঙৰীয়া’ই বাস কৰি আছে৷ তেৰাক গাঁৱৰ বহুজনে স্বচক্ষে দেখা পাইছে হেনো৷

গাঁৱৰ মানুহৰ চকু কপালত উঠিল সেইদিনা , যিদিনা দেখা পালে – জয়াল মৰিশালিখনৰ কাষত এটা সৰু পঁজা সাজি দুগৰাকী যুৱতীয়ে অকলশৰে থাকিবলৈ ল’লে৷ মালতীয়ে তাইৰ ভতিজী নিৰ্মলাৰ সৈতে থকা সেই ঘৰটোৰ এখনো দুৱাৰ নাই৷ কথাষাৰ জানিব পাৰি গাঁৱৰ ৰাইজ হতবাক৷ দুই একে মন্তব্য কৰিলে-‘মালতীয়ে তন্ত্ৰ-মন্ত্ৰ জানে বাবেহে তেনেদৰে থাকিব পাৰিছে৷’ অতি নিষ্ঠুৰতাৰে ছোৱালী দুজনীক খেদি পঠিওৱাৰ বাবে মালতীৰ ভতিজাক ৰতিকান্তক ৰাইজে একমুখে গৰিহণা দিছে৷

ছোৱালী দুজনী এনেদৰে মৰিশালিখনৰ কাষত দুৱাৰ নোহোৱা ঘৰটোত থাকিবলৈ লোৱাৰে পৰা গঞাসকলৰ মাজত নানা ধৰণৰ চৰ্চা হ’ব ধৰিছে৷ কিছুমানৰ মতে মৰিশালিৰ কাষৰ হাবিত থকা বটবৃক্ষৰ তলত ধ্যানত মগ্ন সাধুবাবাজনৰ সাহসতে মালতীহঁত তাত থাকিব পাৰিছে৷ আন কিছুমানে কয় যে বেচেৰী দুজনী তাতে ঘৰ সাজি নাথাকি যাবনো ক’লৈ ? বাৰী-মাটি বুলিবলৈ সেইডৰাই আছিল৷ ৰতিকান্ত আৰু তাৰ ঘৈনীয়েক শেৱালিৰ অত্যাচাৰ আৰু কিমান সহ্য কৰিব বেচেৰীহঁতে৷ মৰিশালিখনতে শান্তিৰে আছেগৈ৷


 **************

“দাদা, যোৱাকালি আৰ্মিৰ লগত অহা মানুহকেইজনে মোক মৰিশালিখনত কিয় মাটি খান্দিবলৈ লগাইছিল বাৰু ?” বাহাদুৰৰ মুখত প্ৰশ্নটো শুনি ৰতিকান্তই এনে ধৰণে মৃদু থিয় জাপ এটা মাৰিলে যেন এইমাত্ৰ এটা কোদোৱেহে বিন্ধিলে৷ “ কি ক’লি বাহাদুৰ ?  তই কি ক’লি ? তোক মৰিশালিত মাটি খান্দিব দিছিল ? ” "হয় দাদা সিহঁতে মোক মৰিশালিখনৰ কেইবা ঠাইতো মাটি খান্দিব দিছিল৷” বাহাদুৰৰ কথা শুনি ৰতিকান্ত যেন
কিবা এক দিশ্চিন্তাত পৰিল আৰু ক’লে – “ বাহাদুৰ , তইয়ে মানুহ কেইজনক সুধি উত্তৰটো উলিয়াই নললি কিয় ?”
“ভয় লাগিল দাদা”, --বাহাদুৰে ক’লে৷

আৰ্মিয়ে বিদ্ৰোহী সংগঠনৰ আত্মসমৰ্পণকাৰী ফৈদৰ সদস্যৰ লগ লাগি মৰিশালিত মাটি খান্দি ফুৰাৰযি অভিযান আৰম্ভ কৰিছে সেইবোৰৰ কথা কেইদিনমানৰ পূৰ্বে তাৰ ঘৰত হালোৱা হচাপে থাকিবলৈ লোৱা বাহাদুৰক ক’বলৈ ৰতিকান্তৰমন নগ’ল ৷ ইয়াত কিছুদিন থাকিলে সি কথাবোৰ নিজে বুজি পাব ৷—ৰতিকান্তই ভাৱিলে৷ ৷

***************


বগলীজান গাঁৱৰ হৰিমন্দিৰৰ কাষতে প্ৰকৃতিপ্ৰেমী সকলে স্থাপন কৰা বে-চৰকাৰী প্ৰতিষ্ঠান ‘বসুন্ধৰা’ ৰ কাৰ্যালয় গৃহটো অলপতে নিৰ্মাণ কৰি অফিচৰ কাম-কাজ আৰম্ভ কৰিছে৷  স্থানীয়  উদ্যোগী যুৱক-যুৱতীসকলক লগত লৈ নগৰৰ কেইজন মান প্ৰকৃতি প্ৰেমীয়ে ‘বসুন্ধৰা’ ৰ এই শাখা কাৰ্যালয়টৌৰ কাম-কাজ চোৱা-চিতা কৰিছে৷ কমল দুৱৰা , নেত্ৰকমল গগৈ পবিত্ৰ শইকীয়াই নগৰৰ পৰা গাড়ীৰে আহি অফিচৰ কাম-কাজ কৰি গূৰি যায়৷ কেৱল চন্দ্ৰ বৰুৱাইহে দূৰণীবটীয়া হোৱা হেতু অফিচৰ লগতে থকা কোঠাটোতে থাকি লৈছে৷


***************


বগলীজান গাঁৱত কিছুদিনৰ পূৰ্বে অন্য এক সাধুবাবাৰ আৱিৰ্ভাব হৈছে৷ তেওঁ গাৱঁৰ ইঘৰ-সিঘৰলৈ গৈ গৃহস্থক নানা অপায়-অমঙ্গলৰ পৰা ৰক্ষা পাবৰ বাবে মন্ত্ৰপুতঃ তাবিজ বিনামূলীয়াকৈ দি ফুৰিছে৷ তেওঁ ওৰে দিনটো অনাই-বনাই ফুৰি নিশা হোৱা লগে লগে মৰিশালিখনলৈ ঢাপলি মেলে—নীড়মুখী পক্ষীৰ দৰে৷ তাতে কোনোবা এজোপা গছৰ তলতে নৈশ যাপন কৰে৷ এইজনা সাধুবাবাই ‘জয় ভোলে বাবা’ ‘জয় ভোলে বাবা’ বুলি মন্ত্ৰ জপ কৰি থাকে বাবে ৰাইজে তেওঁক ‘ভোলেবাবা ‘ নাম দিছে৷

  বগলীজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নৰেন দত্তই এদিন ভোলেবাবাক অকলশৰীয়াকৈ লগ কৰি সুধিলে—“বাবা আপুনি বাৰু গুপ্তধনৰ সন্ধান উলিয়াব পাৰিবনে ?

 “পাৰিম বাচ্ছা , পাৰিম , কিয় নোৱাৰিম৷ কিন্তু সেই ধন সেই ধন কিমান দিনৰ আগতে , কেনে অৱস্থাত গোপনে ৰখা হৈছিল সেই কথা জানিব লাগিব৷”

 নৰেন দত্তই ক’লে “বাবা, কেইবছৰমানৰ আগতে এই বগলীজান গাঁৱত সংগঠনৰ ল’ৰাহঁতে বহু কোটি টকা সংগ্ৰহ কৰি এই অঞ্চলৰ কোনোবা এটা মৰিশালিৰ কাষত পুতি থ’লে ; কিন্তু আৰ্মিয়ে অভিযান চলাওঁতে গুপ্তধনৰ সৈতে জড়িত সদস্য কেইজনৰ মৃত্যু হ’ল৷ এতিয়া সেই ধন ক’ত আছে কোনেও নাজানে৷ আনহে নালাগে আত্মসমৰ্পণকাৰী সদস্য সকলেও গুপ্তধন থকা ঠাইডোখৰৰ কথা নাজানে৷ অপাৰেচনত জড়িত আৰ্মিয়েও গুপ্তধনৰ লোভ সামৰিব নোৱাৰি আত্মসমৰ্পণকাৰী সদস্যৰ লগ লাগি বহুবাৰ চেষ্টা চলাই সফল হ’ব পৰা নাই-গুপ্তধন উদ্ধাৰৰ কামত৷ বাবা , সেই ধনৰ সন্ধান উলিয়াব পাৰিলে আমি দুয়ো সমানে ভগাই ল’ম৷ তেতিয়া আপুনি ‘বাবা’হৈ ঘুৰি নুফুৰি বিয়া-বাৰু কৰাই ক’ৰবালৈ গৈ সুখেৰে সংসাৰ পাতি থাকিব পাৰিব৷”

নৰেনৰ কথা শুনি ভোলেবাবাই দুৰ্বাসা মুনি হেন ৰূপ ধাৰণ কৰাত ধনৰ লোভ ত্যাগ কৰি নৰেন দৌৰি পলাল৷


***************


ৰতিকান্তৰ ঘৰত থকা হালোৱা বাহাদুৰৰ বন্ধু হেমন্ত বৰুৱা আজিকালি প্ৰায়ে বাহাদুৰক লগ পাবলৈ বগলীজান গাঁৱলৈ আহে৷ দুয়ো বাল্য বন্ধু৷ বাহাদুৰৰ ওচৰলৈ আহোঁতে হেমন্তই নিৰ্মলাক মাজে-সময়ে দেখা পায়৷ চাৰি চকুৰ মিলনে এদিন জীৱন-বীণাত প্ৰেমৰ ৰাগিণী তুলিলে৷ পৰস্পৰে পৰস্পৰক নেদেখাকৈ থাকিব নোৱাৰা হ’ল৷ পিছে এবাৰ এসপ্তাহ দিন ধৰি হেমন্ত নিৰ্মলাৰ ওচৰলৈ নহাত তাই বাহাদুৰক ঘৰলৈ মতাই আনি হেমন্তৰ বতৰা ল’লে৷ হেমন্তৰ জটিল ৰোগ ! খবৰটো পাই নিৰ্মলা বাউলীজনী হ’ল৷  দাল-দৱিদ্ৰ হেমন্তই কিদনি ক্ৰয় কৰি নিজিৰ শৰীৰত স্থাপন কৰাই নৱ-জীৱন লাভৰ আশা নাই৷ নিৰ্মলাই বাহাদুৰক ক’লে—“বাহাদুৰ , তুমি হেমন্তক মোৰ ওচৰলৈ আহিবলৈ কোৱা৷ তেওঁৰ চিকিৎসাৰ সকলো খৰচ মজি বহন কৰিম৷” নিৰ্মলাই এয়া কি কৈছে ?  কথা  শুনি বাহাদুৰ হতবাক৷ ককায়েক ৰতিকান্তই নিৰ্মলাক ধন দিব চাগৈ---বাহাদুৰে ভাৱিলে৷ কি যে ৰহস্যময় পৰিয়াল ! গাঁৱৰ মানুহে কয় মাৰপিট কৰি ৰতিকান্ত আৰু তেওঁৰ ঘৈণীয়েকে ছোৱালী দুজনীক খেদি দিয়া বাবে মৰিশালিত ঘৰ বনাই আছে৷ পিছে ৰাতিৰ আন্ধাৰত ঘৰৰ যাৱতীয় বয়-বস্তু, ৰচদ-পাতি ছোৱালী দুজনীক দি আহিবলৈ ৰতিকান্ত আৰু তেওঁৰ ঘৈণীয়েকে বাহাদুৰক মৰিশালিলৈ নিতৌ যাবলৈ দিয়ে আৰু সেই কথা গোপনে ৰখাৰ বাবদ বাহাদুৰক হাত খৰচৰ বাবে উপৰুৱা ধন দিয়ে৷ কেৱল বাহাদুৰেহে জানে যে ৰতিকান্ত অগাধ সা-সম্পত্তিৰ মালিক৷ গুৱাহাটী মহানগৰীত ফ্লেট কিনাই নহয়, ৰতিকান্তৰ অসমৰ বাহিৰতো মাটি-ঘৰ হৈছে৷ তেন্তে সেই ধনৰ ৰহস্য কি? বাহাদুৰে এইবোৰ ভাৱি পাৰ নাপায়৷


****************


 আজি ‘বসুন্ধৰা ‘ৰ কাৰ্যালয়ত স্থানীয় প্ৰকৃতি প্ৰেমীসকল উপস্থিত থকা নাই৷ নগৰৰ পৰা কমল দুৱৰা, নেত্ৰকমল গগৈ আৰু পৱিত্ৰ শইকীয়া আহি পাই চন্দ বৰুৱাৰ সৈতে অফিচত বহিছে৷ ৰতিকান্তৰ ঘৰ অফিচৰ ওচৰতে হোৱা বাবে চাহ-তামোলৰ যা-যোগাৰ কৰি দিবৰ বাবে বাহাদুৰক মতাই আনিলে৷ বাহাদুৰক কেন্দ্ৰ কৰি লৈ আটায়ে এক গোপন আলোচনাত ব্যস্ত হৈ পৰিল৷ আলোচনাৰ প্ৰসংগলৈ আহিল মৰিশালিখন-য’ত নিশাৰ অন্ধকাৰে নমাই আনে এক ৰহস্যঘন বাতাবৰণ,বাজি উঠে সাধুবাবাৰ ম’বাইলৰ ৰিংটন আৰু……….আৰু তাৰ পিছতেই হঠাৎ পিষ্টলৰ গুলী ফুটাৰ শব্দক অনুসৰি কাৰোবাৰ লৰা-ঢপৰা কৰা শব্দ……….৷ লগতে বাহাদুৰে তাৰ বন্ধু হেমন্তৰ ৰোগ চিকিৎসাৰ বাবে তাৰ প্ৰেয়সী নিৰ্মলাই ধনৰ যোগান ধৰিব খোজা লৈকে সকলো কথা উৎসুক শ্ৰুতাবৃন্দক বিৱৰি কয়৷ পিছে তেনে সময়তে স্থানীয় প্ৰকৃতিপ্ৰেমীৰ আগমনত আলোচনাচক্ৰৰ গতিয়ে ৰূপ লয় পক্ষীজ্বৰৰ বিভিষিকালৈ৷


****************

‘মোক বিদায় দিয়া নিৰ্মলা৷ মোক বিদায় দিয়া৷’ হেমন্তই দুচকুৰে লোতক বোৱাই ক’লে-‘তোমালোকৰ ঘৰৰ এই দৈন্য অৱস্থাত ইমানবোৰ টকা যোগাৰ কৰি মোৰ জীৱন ৰক্ষা কৰিব নোৱাৰা৷ গতিকে মোক মৰিবলৈ দিয়া৷’ হেমন্তৰ কথাত উত্তেজিত প্ৰায় হৈ নিৰ্মলাই ক’লে-‘হেমন্ত, তেনে কথা কাহানিও মনলৈ নানিবা৷ মই টকা যোগাৰ কৰিম বুলিছো যেতিয়া কৰিমেই৷ তুমি মাথো চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ সাজু হোৱা৷’ তাইৰ কথাত গুৰুত্ব নিদি হেমন্তই প্ৰায় খং কৰাৰ দৰে ক’লে-‘মিছাতে মোক কিয় আশা দিছা জীয়াই থকাৰ,তোমালোকৰ ঘৰখনৰ এনে শোচনীয় আৰ্থিক অৱস্থাটো দেখি কোনেও তোমাক টকা ধাৰে নিদিয়ে আৰু তুমি যদি নিজৰ দেহা বিক্ৰী……’ ‘চুপ থাকা৷’ হেমন্তৰ কথা শেষ হ’বলৈ নিদি নিৰ্মলাই খঙেৰে ক’লে –‘তেনে কথা কৈ মোক ইমান তললৈ নমাবলৈ তোমাৰ অলপো বেয়া নালাগিল হেমন্ত ?’ নিৰ্মলাৰ কথাত হেমন্তৰ খঙো বাঢ়ি গ’ল আৰু ক’লে—“তুমি যদি সঁচাই মোৰ জীৱন ৰক্ষা কৰিব খুজিছা তেন্তে মোৰে শপত, তুমি টকা ক’ত পাবা মোক আজি ক’ব লাগিব৷ অন্যথাই মই তোমাক বিদায় দি মৃত্যুৰ মুখলৈ আগুৱাই যাম৷” হেমন্তৰ কথা শুনি কািৰ্মলাই কান্দি –কাটি নিৰ্মলাই ক’লে, “তুমি বৰ অবুজন , তুমিতো জানাই মই তোমাক মোৰ প্ৰাণতকৈও অধিক ভাল পাওঁ৷ সেয়ে মোক একো নুশুধি নিশ্চিন্তমনে চিকিৎসাৰ বাবে সাজু হোৱাচোন৷”

“তুমি মোক নিজৰ বুলি ভবা নাই বাবেই টকা ক’ত পাবা ক’ব নোৱাৰিলা৷ মই যাওঁ৷ বিদায় নিৰ্মলা বিদায়৷”—কৈ হেমন্ত যাবলৈ ওলাল৷ হেমন্তৰ হাতত ধৰি কান্দি কান্দি নিৰ্মলাই ক’লে—“ নাযাবা তুমি নাযাবা,মই তোমাক এৰিব নোৱাৰোঁ৷ মই সকলো কথাই ক’ম৷ বহা, তুমি বহাচোন৷”  হেম্নন্ত বেতৰ চকীখনতে বহি পৰিল আৰু ক’লে—“ কোৱা তুমি কেনেকৈ টকা যোগাৰ কৰিবা৷”

“মালতী পেহী গাঁৱৰ পৰা ঘূৰি অহালৈও তুমি মোক বাট চাবলৈ নিদিলা৷ তুমি কিন্তু কথাবোৰ গোপনে ৰাখিবা৷ আমাৰ জীৱনত কোনোদিনে টকাৰ অভাৱ নহয়৷ আমাৰ বাবে অজস্ৰ টকা আছে৷”
“অজস্ৰ টকা আছে ? ক’ত আছে ?”

মুখৰ আগত তৰ্জনী আঙুলি ৰাখি নিৰ্মলাই ক’লে,”চুপ---বেৰৰো  কাণ আছে-----৷”

এইবাৰ মাতটো নিচেই সৰু কৰি হেমন্তই ক’লে, “ কিন্তু ক’ত আছে সেই টকা ?”

নিৰ্মলাই হেমন্তৰ কাণে কাণে ফুচফুচাই ক’লে, “----------------------৷”
ঠিক তেনে সময়তেই নিৰ্মলাহঁতৰ ঘৰৰ পিছফালে লুকাই থকা এমখা মানুহ সিহঁতৰ দুৱাৰ নোহোৱা  ঘৰটোৰ ভিতৰলৈ সোমাই আহিল৷

নিৰ্মলাই দেখিলে আগন্তুকসকল পৰিচিত লোক৷ ‘বসুন্ধৰা’ৰ বিষয়-ববীয়া কমল দুৱৰা, নেত্ৰকমল গগৈ   পৱিত্ৰ শইকীয়া,চন্দ্ৰ বৰুৱা আৰু ৰতিকান্তৰ হালোৱা –বাহাদুৰ৷

 ধন্যবাদ হেমন্ত ওৰফে সঞ্জয়৷ কোৱা গুপ্তধন ক’ত আছে৷” কমল দুৱৰা ওৰফে প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাই ক’লে, “অপাৰেচন চাকচেচফুল , নহয় জানো সঞ্জয় ?”

“হয় ছাৰ , অপাৰেচন চাকচেচফুল৷ এই বিছনাখনৰ তলতে ধন আছে৷”

হেমন্তৰ মুখত কথাষাৰ শুনিয়েই নিৰ্মলাই চিঞঁৰি উঠিল—“তুমি এইবোৰ কি কৈছা হেমন্ত ? তুমি বিশ্বাসঘাতক৷”

“ক্ষমা কৰিবা নিৰ্মলা, চাকৰিৰ খাটিৰতে এইবোৰ কৰিলো, মই প্ৰকৃততে বিশ্বাসঘাটক নহওঁ৷ মই তোমাক বিয়া কৰাম আৰু চাকৰিৰ দৰ্মহাৰে আমি সৎভাৱে চলিম; কিন্তু তাৰ পূৰ্বে আইনগত শাস্তি তুমি মূৰ পাতি ল’ব লাগিব৷”

সমবেত সকলেও যেন উপলব্ধি কৱিব পাৰিলে—প্ৰেম মানুহে নকৰে, প্ৰেম হৈ যায়, আৰু সেয়ে লগে লগে সকলোৱে হাত চাপৰি বজাই নিজৰ নিজৰ সমৰ্থন ব্যক্ত কৰিলে৷

ইতিমধ্যে ভোলেবাবা ওৰফে ইন্দ্ৰজিতে কেইজনমান পুলিচৰ সৈতে গছতলৰ সাধুবাবা আৰু ৰতিকান্তক হাতত হাত-কেৰেয়া লগাই আনি সমবেত বৃন্দৰ লগ লাগিলহি৷

ৰতিকান্তই সমবেত সকলক উদ্দেশ্যি ক’বলৈ ধৰিলে—“আপোনালোকে এইবোৰ কি কৰিছ ? দুখীয়া মানুহক আপোনালোকে মানুহ বুলি গন্য নকৰে নহয় জানো ?”

“ দুখীয়া মানুহ ?”ৰতন বৰুৱাই ইতিকিঙৰ সুৰত ক’লে ,” দুখীয়া মানুহৰ ঘৰত দুৱাৰ নাথাকে, কিন্তু থাকে কোটি কোটি টকা, নহয় জানো ৰতিকান্ত ডাঙৰীয়া ? ঠিক আছে , বিছনাৰ তলত খনন কাৰ্য্য আৰম্ভ কৰা যাওক৷”

বিছনাখন আঁতৰাই লৈ খনন কাৰ্য্য আৰম্ভ কৰা হ’ল৷

“ৰতিকান্ত ডাঙৰীয়া , আপোনালোকৰ নাটকৰ যৱনিকা পৰিল৷ এতিয়া ই কেনেকৈ সম্ভৱ হ’ল তাকে শুনক৷ অসম চৰকাৰে এই ৰাজহুৱা ধনৰ উদ্ধাৰ কৰাৰ দায়িত্ব আমাক দিয়াৰ লগে লগে আমাৰ দলৱ কৰ্মীসকল  আপোনালোকৰ গাঁৱত  নানা বেশত সোমাই পৰিল৷ আপোনাৰ ঘৰৰ হালোৱা  বাহাদুৰ , ভোলেবাবা , ‘বসুন্ধৰা’ৰ নগৰৰ পৰা অহা বিষয়-ববীয়াসকল আৰু এই হেমন্ত, সকলো আমাৰ দলৰে মানুহ৷”

“ পিছে ছাৰ, ইয়াতে গুপ্তধন থাকিব পাৰে বুলি আপোনালোকে কেনেকৈ ভাৱিব পাৰিলে ?” পুলিচ উপপৰিদৰ্শক কল্যাণ দত্তই প্ৰশ্ন কৰিলে৷

“ আমাৰ অভিযানত সলিসিয়ান ৰতিকান্তই পৰিকল্পিতভাৱে গৃহকন্দলৰ নাটক কৰি মৰিশালিত ঘৰ সাজি দুৱাৰ নোহোৱাকৈ পেহিয়েক আৰু ভনীয়েকক থাকিবলৈ দিয়াৰ কাৰণ যে মানুহক বিভ্ৰান্ত  কৰি গুপ্তধন ৰক্ষা কৰাটোৱে  আছিল সেই কথা বাহাদুৰে ধৰা পেলায়৷ গছতলত সাধুবাবা হৈ বহি থাকি নৈশ প্ৰহৰীৰ দায়িত্ব পালন কৰা ৰতিকান্তৰ সম্পৰ্কীয় ভাতৃ দীনেশ বৰুৱাকো  আমাৰ ভোলেবাবা ওৰফে ইন্দ্ৰজিতে ধৰা পেলাবলৈ বেছি দিন নালাগিল-------------৷”

ৰতন বৰুৱাৰ কথা শেষ হ’বলৈ নাপালেই, মাটিৰ তলৰ পৰা হেজাৰ টকীয়া নোটৰ বাণ্ডিলেৰে ভৰ্ত্তি  ডাঙৰ ডাঙৰ ট্ৰাঙ্ক কেইটা উলিয়াই অনা হ’ল আৰু সকলোৰে দৃষ্টি তাতে নিবদ্ধ হ’ল৷

-------------------------------------সমাপ্ত--------------------------------------------------
(গল্পটি ‘ৰহস্য’ আলোচনীৰ মাৰ্চ, ২০০৯ সংখ্যাত প্ৰকাশিত)
যুগল চন্দ্ৰ বৰা










Sunday, 9 June 2013

নিৰাশা আঁতৰি যা (প্ৰথম খণ্ড)

জিম্মৰমেনে কৈছে ,“ মানুহে যেনে মূল্য দিয়ে প্ৰকৃতিয়েও তেনে ফল দিয়ে ৷ আপুনি হাঁহক, আনে আপোনাৰ লগত হাঁহিব , খং কৰে যদি আনে আপোনাক খং কৰিব , আপুনি গান গালে আনে আপোনাৰ স’তে গুণগুণাবলৈ লাগি যাব আৰু শ্ৰেষ্ঠ ব্যক্তিমণ্ডলীৰ মাজলৈ আপোনাক নিমন্ত্ৰণ কৰি নিব ,বিচাৰ বিবেচনা কৰিলে বিচাৰ বিবেচক ব্যক্তিসকলে আপোনাক স্বাগতম জনাব আৰু যদি আপুনি সংসাৰত প্ৰেম কৰে তথা সততাৰে সকলোৰে মংগল কামনা কৰে তেন্তে আপোনাৰ আশে পাশে প্ৰেমিক মিত্ৰসকল একত্ৰিত হৈ পৰিব তথা প্ৰকৃতিয়ে আপোনাৰ জোলোঙাত পৃথিবীৰ সকলো সম্পদ উজাৰি দিব ৷”

এইখিনিতে প্ৰশ্ন উঠিব পাৰে যে যেতিয়া নেকি আমি কষ্ট কামনা নকৰোঁ , তথাপিও আমাক কষ্টই বেৰি ধৰে , এইটো আশ্চৰ্য্যজনক নহয়নে ? 

এই প্ৰশ্নৰ উত্তৰ হ’ল – মানুহে প্ৰত্যেক বস্তু ,কাৰ্য্য তথা ঘটনাৰ পৰা কষ্ট বিচাৰিহে উলিয়াই লয় ৷ যদি কষ্ট নহয়ো তেও কল্পনাৰে কষ্টক সজীৱ কৰি লয় ৷ 

আচলতে যিটোক আমি মনতে কষ্টদায়ক বুলি ভাৱি ল’ম সেইটো বাস্তৱতে আমাৰ বাবে কষ্টদায়ক হৈ যায় ৷ অনবৰতে নিৰুৎসাহিত ,নিৰাশ , ক্ষুন্ন আৰু দুঃখৰ ভাৱনাত ডুবি থকাৰ বাবে মানুহৰ মনঃস্থিতি এনে হৈ যায় যিয়ে কেৱল কষ্টকহে নিজৰ ফাললৈ আকৰ্ষিত কৰি থাকে৷

আজি যিজন ব্যক্তিক সকলোতকৈ দুৰ্ভগীয়া দেখা গৈছে তেওঁ এই কাৰণেই এনে হৈছে যে তেওঁ অপ্ৰসন্ন থাকে , বাতাবৰণকক মানি থাকে , পৰিস্থিতিৰ দাস হোৱাটো অভ্যাসত পৰিণত কৰি ল’লে ৷ তেওঁ নিজৰ বাবে নিজে অপ্ৰিয় কামবোৰ তথা অপ্ৰিয় সংগীসকলক নিৰ্বাচন কৰি লৈছে আৰু পৰিশেষত চকুপানী মচি থাকে ৷ 
  • প্ৰত্যেক কথাৰ বশ্যতা স্বীকাৰ কৰা অভ্যাস , 
  • প্ৰত্যেক কাৰ্য্য , ব্যক্তি তথা স্থিতিৰ কটু আলোচনা কৰা অভ্যাস ,
  • তুচ্ছ কথাবোৰৰ ভাগ লোৱাৰ অভ্যাস ,
  • প্ৰত্যেকটো কামতে নিৰাশা আৰু অন্ধকাৰৰ ছাঁয়া দেখাৰ অভ্যাস ,
-------আদি কথাবোৰ স্বয়ংক্ৰিয়ভাৱেই দুৰ্ভাগ্য ৷ বাল্যকালতেই যদি এহিবোৰৰ লগ লগাৰ অভ্যাস হৈ যায় তেন্তে ব্যক্তি এইবোৰৰ গোলাম হে যায় আৰু পিছলৈ এইবোৰৰ পৰা মুক্তি লাভৰ ইচ্ছা কৰিলেও সহজে এইবোৰৰ কবলৰ পৰা মুক্তি নাপায় ৷ এই সকলোবোৰ বিকৃত ভাৱনাই মানুহক নিৰাশাবাদৰ ফাললৈ লৈ যায় তথা গৈ গৈ এই দুৰ্ব্বলতাই এক পুৰণি বেমাৰৰ ৰূপ লয় ৷

কোনো প্ৰবঞ্চক ,ঠগ-চিকিৎসক আৰু যমৰাজৰ সহোদৰ বে্জসকলে এনে দুৰ্ব্বলচেতিয়া ব্যক্তিসকলক

নিজৰ চিকাৰ কৰি লয় ৷ তেওঁলোকে এনে ধনবান অন্ধসকলক খুউব ঠগে ৷ 

দুৰ্ব্বলচিত্তৰ ব্যক্তিয়ে নিজৰ লগত সকলো সময়তে ঔষধৰ দ’ম লগাই ৰাখে ৷ তেওঁলোকে য’লৈকে যায় তালৈকে বিভিন্ন ধৰণৰ বেমাৰৰ ঔষধ লগত লৈ যায় ,প্ৰত্যেক সম্ভাৱনীয় ৰোগৰ ঔষধ তেওঁলোকৰ বাকচত সকলো সময়তে মজুত থাকে আৰু তেওঁলোকৰ বিশ্বাস যে কেতিয়াবা নহয় কেতিয়াবা এই বেমাৰ তেওঁলোকৰ হ’বই হ’ব ৷ যেতিয়া তেওঁলোক কোনো দূৰণিৰ ঠাইলৈ যায় , তেতিয়াতো ধৰক নিজৰ লগত ঔষধৰ এক ভাণ্ডাৰেই উঠাই নিয়ে ৷ মজাৰ কথা এইয়ে যে অত্যধিক সতৰ্ক ব্যক্তিও সদায় কিবা নহয় কিবা বেমাৰৰ কবলত পৰি থাকে ৷ তেওঁলোকৰ পানীলগা হৈ দমিলে কাহ আৰু ক্ষয় ৰোগৰ চিন্তাইও আহি ঘেৰি লয় ৷ ইয়াৰ বিপৰীতে কিছুমান এনে মানুহো আছে যি বেমাৰৰ খবৰ নেৰাখে , যি নেকি মহান কাৰ্য্যত লীন হৈ থাকে , খেল-ধেমালি আৰু মনোৰঞ্জনত লিপ্ত হৈ হাঁহি-ধেমালি কৰি থাকে আৰু যাত্ৰাৰ সময়ত কেতিয়াও ঔষধ নিয়াৰ কথা মনত নপৰে , তেওঁলোক মতলীয়া , প্ৰসন্নচিত্ত তথা স্বাস্থ্যবান হৈ থাকে ৷

যাতনা তথা বেমাৰ নিমন্ত্ৰণ কৰৌঁতা কিছুমান ব্যক্তিয়ে সদায় কেনে খাদ্য তেওঁ হজম কৰিব পাৰে , কেনে খাদ্য তেওঁৰ আৱশ্যক তাৰ দিঘলীয়া সূচী প্ৰস্তুত কৰে ৷ এওঁলোকে প্ৰতি গৰাহতে অজীৰ্নতাক আঁতৰাই থাকে আৰু কিয়নো তেওঁলোকৰ সকলো সময়তে অজীৰ্নতাৰেই ধ্যান থাকে , অতঃ ভুক্ত দ্ৰব্য অজীৰ্ন হৈয়ে ৰৈ যায় ৷ সন্দেহ ভাৱনা, সংশয় ভাৱনা, ভয় ভাৱনা সকলো সময়তে তেওঁলোকৰ মনত বিয়পি থাকে আৰু ইয়াৰ প্ৰতিক্ৰিয়া অপচয়ৰ ৰূপত তেওঁলোকৰ সমুখলৈ আহে ৷ তেওঁলোকৰ পিত্তৰসত বিক্ষোপ তথা বিকাৰ হৈ যায় আৰু কোনো সময়ত পিত্তৰসৰ স্ৰাব সম্পূৰ্ণ বন্ধ হৈ যায় আৰু সঁচাই তেওঁলোকৰ অজীৰ্ণ ৱোগ হৈ যায় ৷

বহুতো লোকৰ অনুসন্ধান আৰু প্ৰশ্নৰ বিষয় জলবায়ু ৷ বতৰ ঠাণ্ডা, বতৰ গৰম , এনে বতৰে পানীলগা আনিব , ইয়াৰ পৰা কাহ হ’ব , নিউমোনিয়া হ’ব ---এই ধৰণৰ চিন্তাই তেওঁলোকক সকলো সময়তে আমনি দি থাকে ৷ অলপমান খিড়িকীখন খোলা থাকিলেও ঠাণ্ডা লাগি যায় ৷

বাস্তবতে ইমান সোনকালে বেমাৰ হৈ যোৱাৰ প্ৰধান কাৰণ হৈছে ভয় ,সেই চিন্তাই তেওঁলোকক শীঘ্ৰে ৰোগাগ্ৰস্ত কৰি দিয়ে ; কিয়নো ভয় তথা চিন্তা কৰা বাবে তেওঁলোকৰ সহন শক্তি তথা ৰোগ নিৰোশধক শক্তি দুৰ্ব্বল হৈ পৰে আৰু তেওঁলোকৰ শৰীৰ ৰোগ গ্ৰহণশীল হৈ যায় ৷

যদি আশে- পাশে কোনো সংক্ৰামক ৰোগ বিয়পি পৰে তেন্তে তাৰ চিন্তা, তাৰ ভয়ে দুৰ্ব্বল লোকক খাই মাৰে ৷ তেওঁলোক নিশ্চিত হৈ পৰে যে সেই ৰোগ তেওঁলোকৰ গাত লাগিহে এৰিব ৷

সকলোতকৈ দুঃখদায়ক স্থিতি তেওঁলোকৰ হয় যিয়ে অনুভৱ কৰে যে তেওঁৰ কোনো বংশগত বেমাৰ আছে বা হ’ব পাৰে ৷ এনে লোক ৰোগ নোহোৱাকৈয়ে সেই ৰোগ ভোগ কৰি থাকে ৷ দুৰ্ব্বলতাৰ বাবে ফোঁপনী হ’লেও কিছুমানক বেমাৰৰ আক্ৰমণৰ ভয়ে আমনি দিয়ে ,কাৰোবাৰ নিজৰ হৃদয় দুৰ্ব্বল তথা ৰোগাক্ৰান্ত যেন লাগে ৷ তেতিয়া কাৰোবাৰ নিজৰ পেট বিকৃত যেন লাগে আৰু এনে মানুহে নিজকে ডাক্তৰতকৈ ডাঙৰ ডাক্তৰ বুলি ভাৱে ৷ তথাপিও সকলো সময়তে তেওঁলোকৰ চেহেৰাত মৃত্যুৰ ছাঁয়া পৰি থাকে ৷ যদি নিজৰ মনৰ অৱস্থা শুধৰাই লয়, সদায় প্ৰসন্ন চিত্ত , আশাপূৰ্ণ আৰু উৎসাহপূৰ্ণ হৈ্ থাকে , জীৱনৰ সকলো সময়ত সক্ৰিয় থাকে তেন্তে এনে মানুহ স্বাস্থ্যবান হৈ জীৱন অতিবাহিত কৰিব পাৰে ৷

কিছুমান মানুহে সকলো সময়তে নিজৰ দৰিদ্ৰতাৰ বাবে চকুলো টোকিয়ে থাকে ৷ তেওঁলোকে এই পৰ্য্যন্ত ষিমান চকুলো টোকিছে যদি তাৰ দহ ভাগৰো এভাগ সময়ো ধন অৰ্জনৰ প্ৰচেষ্টাত লগালেহেতেন তেন্তে বৰ্ত্তমান সময়তকৈ কিছু উচ্চ আৰ্থিক স্থিতিলৈ নিজকে আনিব পাৰিলে হেতেন ; কিন্তু তেওঁলোকৰ চেহেৰা মৃতবৎ থাকে , তেওঁলোক য’লৈকে যায় নিৰাশাৰ টোপোলাটো লগত লৈ যায় ৷ তেওঁলোক নিজৰ অসফলতাৰ গতিশীল বিজ্ঞাপন ৷ নিজৰ নিৰুৎসাহ , নিৰুদ্যম , নিষ্ক্ৰিয়তা আৰু অকুশলতাক তেওঁলোকৰ ভাগ্যৰ তলত লুকাই ৰখাৰ প্ৰচেষ্টাতেই লাগি থাকে ৷

এজন প্ৰফুল্লচিত্ত আৰু উৎসাহী যুৱক আছে যজনে নিজৰ ভৰষাৰ বলতে ব্যৱসায় আৰম্ভ কৰে ; কিন্তু তেওঁক এক দুৰ্ভাগ্যপূৰ্ণ অভ্যাসে আকোঁৱালি ল’লে ৷ তেওঁ নিজৰ ব্যৱসায়ৰ সকলো কথা আনক খুলি কোৱা , নিজৰ কষ্টবোৰ আৰু সমস্যাবোৰৰ বিৱৰণ আনৰ আগত মুকলি কৰি দিয়াৰ বেয়া নটা লাগিল ৷ যেতিয়াই কোনোবাই সুধে, “ কোৱা , কাম-কায কেনে চলিছে ? ” তেতিয়া মুখ বিকতাই তেওঁ কয় , “ বেয়া , বৰ বেয়া , হেৰি একো নুসুধিব , ব্যৱসায় আছেনো ক’ত ? কোনোমতে নমৰি জীয়াই আছো , মাথো দিনবোৰ পাৰ কৰিছোঁ ৷ মন যায় সকলো বিক্ৰী খটম কৰোঁ ৷ এই ব্যৱসায় আৰম্ভ কৰি মই বৰ ভুল কৰিলো ৷ ক’ৰবাত চাকৰি কৰাহ’লেই ভাল আছিল ,ধৰা-বন্ধা দৰমহা পালোহেতেন ৷”

এই মানুহজনৰ অভ্যাস হ’ল যে লাগে ব্যৱসায় ভালেই চলক , তথাপিও তেওঁ তেনেকৈয়ে ক’ব ৷ তেওঁ নিৰোৎসাহজনক বাতাবৰণকেই প্ৰতিবিম্বিত কৰি যাব , তেওঁ সাহস ভংগ কৰা ভাৱনাৰ দ্বাৰা গ্ৰস্ত হৈ থাকে আৰু সকলো সময়তে সেই ভাৱবোৰেই নিক্ষেপ কৰি থাকে ৷ তেওঁ যাকে পায় তেওঁৰ আগত নিজৰ কষ্ট তথা সমস্যাৰ পেৰা খুলি দিয়ে আৰু মানুহক বিষন্ন আৰু নিৰাশ কৰে ৷ মানুহে তেওঁৰ কথা শুনি আমনি পাই যায় ,তিক্ত হয় , তথাপিও তেওঁৰ কান্দোন বন্ধ নহয় ৷ এনে যুৱকৰ দশা দেখি এই কাৰণেই দুখ লাগে যে যিজন বিখ্যাত আছিল, যোগ্য আছিল , সমৰ্থ আছিল – তেওঁ ও নিৰাশাৰ চকৰিত পৰি যেনি তেনি উফৰি পৰিছে ৷ যেতিয়া পৰ্য্যন্ত তেওঁ সেই চকৰিৰ পৰা বাহিৰ হ’ব নোৱাৰে তেতিয়া পৰ্য্যন্ত আশা –আকাংক্ষা পূৰ্ণ কৰাত সফল হ’ব নোৱাৰে ৷ 

যদি এনে ধৰণৰ দুৰ্ভাগ্যৰ কান্দোনত কন্দাৰ অভ্যাস ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকী এজনৰ হয় তেতিয়া ই আৰু বেয়া, কিয়নো ই সংক্ৰামক ৰোগৰ দৰে বিয়পে ৷ ইয়াৰ বাবে কৰ্ম্মচাৰী সকলৰ নিজৰ গৰাকীৰ ব্যৱসায়িক যোগ্যতাৰ ওপৰত থকা বিশ্বাস হেৰাই যায় ৷ তেওঁলোকে নিৰাশাক্ৰান্ত চিত্তে কামবোৰ কৰে , অৱশেষত উৎপাদন বহু কম পৰিমাণে হয় ৷

(প্ৰথম খণ্ড সমাপ্ত)