Tuesday, 7 July 2020

তলাবন্ধৰ সময়ত কৃষক-শ্ৰমিকৰ বিলৈ আৰু ভবিষ্যত নিৰাপত্তাৰ দিশসমূহ


না ভাইৰাছৰ কাৰণে সমগ্ৰ দেশ নিশ্চল হৈ পৰিল।অসংগঠিত খণ্ডৰ কোনো সামাজিক নিৰাপত্তা নথকা বাবে নিয়োগকাৰীৰ কাম বন্ধ হোৱাৰ লগে লগে এই খণ্ডৰ কৰ্মীসকল সকলো দিশৰ পৰাই অতি বেয়া ধৰণে ক্ষতিগ্ৰস্ত হল।অন্যহাতে,দেশৰ অধিকাংশ লোকেই কৃষিখণ্ডত নিয়োজিত হৈ আছে।ইয়াত দেশৰ ৪৫% কৰ্মবাহিনীয়ে কামত নিয়োজিত হৈ আছে।তলাবন্ধৰ সকলোতকৈ অধিক কুপ্ৰভাব যোগান শৃঙ্খল ভঙ্গৰ ওপৰত পৰে।নিয়োগকৰ্তা লোকচানৰ সমুখীন হৈ কৰ্মচাৰীক কামৰ পৰা আঁতৰাই দিয়ে।নিয়োগ বন্ধ হৈ পৰাৰ লগে লগে কৰ্মীসকলৰ আয়ৰ পথো ৰুদ্ধ হৈ পৰিল।তেওঁলোকৰ সঞ্চয় শেষ হৈ যোৱাৰ লগে লগে লোকসকলে আহাৰ-পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হল।এয়া ভয়ানক পৰিস্থিতি।সমগ্ৰ দেশৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বেদনাদায়ক ছবিবোৰ আহিব ধৰিলে।অসমৰ ১৮ জন প্ৰব্ৰজিত শ্ৰমিকে ২২০০ কিলোমিটাৰ চাইকেল চলাই মহাৰাষ্ট্ৰৰ পৰা ঘৰলৈ আহিল।এক দেশৰ শ্লোগান কৰবাত হেৰাই গ, কৰ্মহীন হৈ উপাৰ্জনৰ পথ হেৰুৱাই অসহায় হোৱা শ্ৰমিকক ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ কোনেও আশ্ৰয় দি ৰখাৰ ব্যৱস্থা নকৰিলে।ভাৰাঘৰৰ মালিকে নিৰ্বাসন দিয়া শ্ৰমিকসকলক তলাবন্ধৰ সময়ত ঘৰতে সোমাই থাকিবলৈ কোৱা হল।সেয়ে অসম তথা অন্য ৰাজ্যৰ আন বহুতো প্ৰব্ৰজিত শ্ৰমিকেও শত-সহস্ৰ কিলোমিটাৰ বাট খোজ কাঢ়ি,চাইকেল আৰু মটৰ চাইকেল আদি চলাই তেওঁলোকৰ নিজৰ ঘৰলৈ ঘূৰি আহিল।অনেক শ্ৰমিকে দুৰ্ঘটনাত,বেমাৰত অথবা দুৰ্ভিক্ষত ঘৰ পোৱাৰ পূৰ্বেই প্ৰাণ হেৰুৱালে।এইবোৰ ছবিৰ লগতে পুলিচে প্ৰব্ৰজিতলোকসকলক প্ৰহাৰ কৰা ভিডিঅকিছুমানো ফেচবুক, ইউটিউব আৰু টেলিভিজন আদি সামাজিক মাধ্যমত প্ৰবল ভাৱে সম্প্ৰচাৰ হল। প্ৰথম কনা,তাৰ পিচত ভোক আৰু লগতে আহিল পুলিচৰ ভয়।নিজৰ ৰাজ্যৰ নিজ গৃহলৈ কোনোৰকম প্ৰাণটো লৈ ঘূৰি অহাসকলৰ অৱস্থা সৰ্বজন বিদিত।

তলাবন্ধ ঘোষণা কৰাৰ পিচতেই ২৯ মাৰ্চ, ২০২০ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ কৰ্তাসকলক নিৰ্দেশ দিছিল যে তেওঁলোকে শ্ৰমিকসকলক সম্পূৰ্ণ দৰ্মহা দিয়াৰ লগতে শ্ৰমিকসকলৰ চাকৰিৰ সুৰক্ষা দিব লাগে; কিন্তু শ্ৰমিকসকলৰ বাবে অতি দুৰ্ভাগ্যৰ বিষয় যে পিচত ভাৰত চৰকাৰে সেই নিৰ্দেশ প্ৰত্যাহাৰ কৰে।আনকি প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে বাছ বা ৰেলেৰে নিজ ৰাজ্যৰ স্বগৃহলৈ নিজে টকা যোগাৰ কৰি অহাৰ পিছত উচ্চতম ন্যায়ালয়ে ৰাজ্যিক চৰকাৰসমূহে শ্ৰমিকসকলৰ বাছভাৰা আৰু ৰেলভাৰা বহন কৰিব লাগে বুলি হুকুম জাৰি কৰিব লগা হল।স্বাস্থ্যৰ প্ৰতি এই ভাবুকি সমাজৰ মূল লোকসকলৰ বাবে অৰ্থনৈতিক প্ৰত্যাহ্বান হৈ পৰিল।এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২.৭০ লাখ কোটি টকাৰ প্ৰধান মন্ত্ৰী দৰিদ্ৰ কল্যাণ পেকেজ মুকলি কৰি দিলে।স্বাস্থ্যৰ ক্ষেত্ৰত দেশৰ অসংগঠিত খণ্ডটোৰ ওপৰত কনাৰ প্ৰভাৱ পৰিছিলেই।এই সকল লোক হল যিয়ে ঠিকা ভিত্তিত কাম কৰে, বা তেওঁলোক শ্ৰমিক আৰু তেওঁলোকে দৈনিক মজুৰিত কাম কৰি পৰিয়াল পোহপাল দিয়ে।এই অসংগঠিত খণ্ডটো কিমান বৃহৎ হব পাৰে সেই লৈ চৰকাৰো জ্ঞাত নাছিল।২০১৯ চনৰ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুযায়ী দেশৰ সৰ্বমুঠ কৰ্মশক্তিৰ ৯৩% অসংগঠিত খণ্ডৰ সৈতে জড়িত হৈ আছে।দেশৰ অৰ্থনীতিৰ সঞ্চালনত এই অসংগঠিত খণ্ডৰ বৃহৎ অৰিহণা আছে।তথাপিতো এই খণ্ডটোক ৰক্ষনাবেক্ষণ দিয়াৰ কোনো নিগাজী ব্যৱস্থা নাই।২০১৮ চনৰ নিতি আয়োগৰ (NITI Aayog )এক তথ্য অনুযায়ী অসংগঠিত শ্ৰমিকৰ পৰিমাণ ৮৫%। বিগত বৰ্ষত প্ৰকাশ পোৱা পৌন-পুনিক শ্ৰমিক বাহিনী সমীক্ষা ২০১৭-১৮ ৰ তথ্যত মত পোষণ কৰা হৈছে যে অসংঠিত খণ্ডৰ(অনাকৃষি)নিয়মিয়া/বেতনভোগী কৰ্মচাৰীৰ ৭১% ৰ চাকৰিৰ লিখিত চুক্তি পত্ৰ নাই।ইয়াৰে ৫৪.২% লোকে বেতনসহ চুটীৰ পৰাও বঞ্চিত।কেৱল এয়াই নহয়,তেওঁলোকৰ ৪৯.৬%লোক কোনো ধৰণৰ সামাজিক নিৰাপত্তা পাবৰো যোগ্য নহয়। এইটো স্পষ্ট হৈছে যে অসংগঠিত খণ্ডৰ সম্ভাৱনা কেৱল বেছিয়েই নহয় কিন্তু অসুৰক্ষিতো।দেশৰ সৰ্ব বৃহৎ অসংগঠিত অংশই কাম কৰা কৃষি খণ্ডটোও তলাবন্ধত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হল।কনাৰ পিচতে সমস্যা হিচাপে থিয় দিলে ভোক আৰু প্ৰব্ৰজনে।তেওঁলোকে কেৱল কনাৰ লগতে নহয় ভোকৰ লগতো যুঁজ দিব লগা হল।জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ডক্টৰ অমিতাভ কুণ্ডুৰ মতে,এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ নিয়োগ লাভৰ বাবে প্ৰব্ৰজিত হোৱা লোকৰ সংখ্যা ১.৪ কোটি।একেসময়তে, এখন নগৰৰ পৰা আন এখন নগৰলৈ নিয়োগ লাভৰ বাবে যোৱা সকলকো সাঙুৰি ললে সংখ্যাটো বহু কোটি হবগৈ।১৪ মিলিয়ন লোক কেৱল নিৰ্মাণ কাৰ্যৰ দৰে কামত হাজিৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ অন্য ৰাজ্যলৈ গতি কৰে।২০১১-১২ বৰ্ষত ভাৰতীয় উদ্যোগৰ মিত্ৰজোঁটে’(Confederation of Indian Industry চমুকৈ CII)প্ৰকাশ কৰা তথ্য অনুযায়ী,অকৃষি খণ্ডৰ ৭টা মূল খণ্ডত ১৬.৩৫ কোটি লোকে অসংগঠিত খণ্ডত নিয়োজিত হয়।এইবোৰৰ ভিতৰত প্ৰথম স্থানত সামগ্ৰী প্ৰস্তুতকৰণ খণ্ড, দ্বিতীয় স্থানত ব্যৱসায়, হোটেল আৰু ৰেঁষ্টোৰা উদ্যোগ আৰু অশেষত নিৰ্মাণ খণ্ডটো তৃতীয় স্থানত।এইবোৰ খণ্ডৰ শ্ৰমিকৰ প্ৰব্ৰজন অধিক ঘটিছে।২০১১ ৰ পিয়লৰ মতে,দেশৰ মুঠ জনসংখ্যাৰ ২১.৯% লোকক দ্ৰৰিদ্ৰ সীমা ৰেখাৰ তলৰ বুলি গণ্য কৰা হয়। চৰকাৰী তথ্য অনুযায়ী চৰকাৰে ঘোষণা কৰা পেকেজে দেশৰ ৮০ কোটি দ্ৰৰিদ্ৰলোকক উপকৃত কৰিছে।লোক পিয়লে পূৰ্বানুমান কৰিছিল যে দেশৰ দুখীয়া লোকৰ জনসংখ্যা ২৬.৮ কোটি হব।এনে লোকৰ দৈনিক আয় ১৪২.৮০ টকাতকৈও কম।এই লোক সকলেই আটাইতকৈ বেছি  ক্ষতিগ্ৰস্ত হৈছে। এতিয়া প্ৰশ্ন হৈছে এই সকলৰ কিমানৰ জনধন একাউন্ট আছে,কিমান লোক উপকৃত হল।২০১৯ চনৰ জুলাই মাহত লোক সভাত এক প্ৰশ্নৰ উত্তৰ দি বিত্ত বিভাগৰ ৰাজ্যৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছিল যে ২৬ জুন ২০১৯ ৰ লৈকে প্ৰধান মন্ত্ৰী জন ধন যোজনা শিতানত ৩৫.৯৯ কোটি একাউন্ট খোলা হৈছে।ইয়াৰে ২৯.৫৪ কোটি একাউন্ট জীৱিত হৈ আছে।একেসময়তে, চৰকাৰৰ প্ৰধান মন্ত্ৰী জনধন যোজনাৰ ৱেবছাইটত এই আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা ১৮ মাৰ্চ ২০২০ লৈকে ৩৮.২৮ কোটি বুলি প্ৰকাশ কৰিছে।কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা দ্ৰৰিদ্ৰ কল্যাণ পেকেজৰ ১.৭০ লাখ কোটি টকা এইসমূহ একাউন্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হৈছে।চৰকাৰৰ এনেবোৰ আঁচনিয়ে দেশৰ কোটি কোটি দৰিদ্ৰলোকক সাময়িকভাৱে সকাহ দিলেও ই সমস্যা সমাধানৰ পথ হব নোৱাৰে।এই ব্যৱস্থাৰ যোগেদি গৰিষ্ঠ সংখ্যক লোকক আনুষ্ঠানিক অৰ্থনীতিৰ গণ্ডীৰ ভিতৰলৈ আনিছে আৰু হিতাধিকাৰীৰ তালিকাখন দীঘলীয়া হৈছে।দেখা যায় যে এই হিতাধিকাৰীসকলকে শাসনত থকা ৰাজনৈতিক দলে ভোট বেংক গণ্য কৰি নিৰ্বাচনত জয়ী হোৱাৰ সপোন ৰচনা কৰে।কিন্তু দেশৰ অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে আনুষ্ঠানিক অৰ্থনীতিলৈ অহা হিতাধিকাৰীসকলৰ বাবে চৰকাৰী আচঁনিবোৰ আৰ্শীবাদ নহৈ অভিশাপহে হৈছেগৈ।চৰকাৰী উজলা আচঁনিৰ যোগে লাভ কৰা গেচৰ চিলিণ্ডাৰ পুনৰবাৰ ভৰ্তি কৰিবলৈ হাতত ধন নথকা বাবে খৰিৰ জুইত আগৰ দৰে ৰান্ধি খাব লগীয়া হৈছে,বেংকত একাউন্ট খোলাৰ পিচত বেংকবোৰে মবাইল নম্বৰ বিচৰাত মবাইল ফোন কিনিব লগীয়া হৈছে আৰু তাৰ লগে লগে ইন্টাৰনেট সংযোগ কৰি ধন খৰচ কৰি থাকিব লগীয়া হৈছে।আনকি জনধন একাউন্টৰ ধন বেংকৰ পৰা উঠাবলৈ গৈ ভিৰৰ প্ৰকোপত ত্ৰাহি মধুসুদন সোৱঁৰিব লগা হৈছে আৰু মহামাৰীৰ সময়ত এনে ব্যৱস্থাই ৰোগ সংক্ৰমনৰ সম্ভাৱনা বৃদ্ধি কৰিছে।ইয়াৰ উপৰিও, খাদ্য সুৰক্ষা আচঁনিৰ যোগে চৰকাৰে নবেম্বৰ মাহলৈকে খাদ্য যোগান ধৰিব আৰু তাৰ পিচত কোটি কোটি দৰিদ্ৰলোকৰ জীৱন জীৱীকা  কিদৰে চলিব সেইটোহে চিন্তাৰ বিষয় হৈ পৰিল।সেয়েহে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগে পিছে দেশক আলোড়িত কৰি যোৱা সেই আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগান পুনৰবাৰ আওৰাই তাৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা হল।বেংকবোৰে ঋণ হিচাপে প্ৰদান কৰিব লগীয়া ধনকো ইয়াত অন্তৰ্ভুক্তি কৰা হল।এনে এক পেকেজৰ যোগেদি বৰ্তমানৰ দুৰ্ভিক্ষৰ সময়ত নিবনুৱাসকলক তৎকালিনভাৱে কোনো সকাহ নিব নোৱাৰে বুলি চৰকাৰক যুক্তিসহকাৰে সমালোচনা কৰা হৈছে।   
              
২০১৯ চনৰ গোলকীয় ক্ষুধা সূচকৰ ১১৭ খন দেশৰ ভিতৰত ভাৰত ১০২ স্থানত আছিল।সংযুক্ত ৰাষ্ট্ৰ সংঘৰ অধীনত কাম কৰা খাদ্য আৰু কৃষি সংগঠনৰ দ্বাৰা ২০১৯ চনত মুক্তি পোৱা তথ্য অনুযায়ী, ভাৰতত এনে লোকৰ সংখ্যা ২০১৬-১৮ ত মুঠ জনসংখ্যাৰ ১৪ % আছিল যিসকলে পুষ্টিকৰ আহাৰ লাভ কৰা নাছিল।১৩৫ কোটি জনসংখ্যাৰ তুলনাত এই সংখ্যাটো হয়গৈ ১৮.৯০ কোটি।১.৪ কোটি প্ৰব্ৰজিত লোকৰ পৰিয়ালৰ গড় মাহেকীয়া আয় ৩৫০০ ৰ পৰা ৪০০০ টকাৰ ভিতৰত।যদিহে পাঁচজন লোকেৰে গঠিত এটা পৰিয়ালক এটা গোট বুলি ধৰা হয়, তেতিয়া প্ৰতিজনৰ মাহেকীয়া আয় হয়গৈ ৭০০ ৰ পৰা ৮০০ টকা।এই আয় দেশৰ নগৰ অঞ্চলৰ দৰিদ্ৰ ৰেখাৰ সৈতে সমান।সেয়ে কামৰ সন্ধানত উত্তৰ প্ৰদেশৰ ৪০.২০ লাখ,বিহাৰৰ ৩৬.১৬ লাখ,ৰাজস্থানৰ ১৮.৪৪ লাখ, মধ্য প্ৰদেশৰ ১৮.২৬ লাখ, উৰিষ্যাৰ ০৫.০৩ লাখ কৰ্মীয়ে প্ৰব্ৰজন কৰে।(মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ,পশ্চিম বঙ্গ,গুজৰাট,কেপেলা,পঞ্জাব আৰু অসমকে ধৰি ৭ খন প্ৰধান ৰাজ্যৰ প্ৰব্ৰজনকাৰীৰ আগমনৰ ওপৰত ভিত্তি কৰি)।Source, SENSEX-2011এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ২০ জুন তাৰিখে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ ৰোজগাৰ অভিযান ২০২০ৰ পাতনি মেলে।এই আচঁনিৰ যোগে বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ৰাজস্থান, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ এই ছখন ৰাজ্যৰ ১১৬খন জিলাৰ(২৫০০০তকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক থকা)প্ৰব্ৰজিত শ্ৰমিকক কৰ্মসংস্থান দিয়া হব।এই আচঁনিৰ সুফলৰ পৰা বঞ্চিত হল অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকল আৰু অসমৰ পৰা নিজ নিজ ৰাজ্যলৈ ঘূৰি যোৱাসকল কিন্তু কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হল।এতিকে,অসম চৰকাৰে ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলক এতিয়া অন্য ৰাজ্যৰ পৰা অহা শ্ৰমিকসকল যিবোৰ প্ৰতিষ্ঠানত মকৰল হৈ আছিল তাতেই সংস্থাপন দিব নোৱাৰে নে?এইবোৰ কথাত মন দিবৰ সময় সমাগত।

অসংগঠিত খণ্ডটো লকডাউনৰ দ্বাৰা অতি বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে।দেশৰ প্ৰায় ৮০%কৰ্মবাহিনী অনানুষ্ঠানিক অৰ্থনীতিৰ ভিতৰত পৰে।চৰকাৰী তথ্য অনুযায়ী, ইয়াৰ ৪% চুক্তিবদ্ধ কৰ্মী।পাঁচজনৰ ভিতৰত এজনে মাত্ৰ পায় মাহেকীয়া বেতন। কৰ্মবাহিনীৰ আধা ভাগেই আত্ম নিয়োজিত।ইয়াত আছে দোকানী, হকাৰ, চেলুনৰ গৰাকী, চাইকেল মেৰামতি কৰোঁতা আৰু জোতা মুচি ইত্যাদি।লকডাউনৰ ফলত উদ্ভৱ হোৱা অৰ্থনৈতিক সংকটৰ পৰা কোনোৱে পৰিত্ৰাণ পাব পৰা নাই।প্ৰকৃততে,অৰ্থনৈতিক ব্যৱস্থাত প্ৰতিটো খণ্ডই ইটোৰ লগত সিটো সংযুক্ত হৈ থাকে।গাঁওবোৰে নগৰলৈ খাদ্য সামগ্ৰী যোগান ধৰে আৰু নগৰবোৰে গাঁওবোৰলৈ বয়-বস্তু পঠায়।লকডাউনৰ ফলত পৰিবহন ব্যৱস্থা সম্পূৰ্ণ বিকল হৈ পৰাত গ্ৰাম্যাঞ্চলত উপাদিত ফচল কৃষকৰ পথাৰতে নষ্ট হল আৰু নগৰৰ বয়-বস্তুৰ যোগানো বন্ধ হোৱাত সৰ্বত্ৰ হাহাকাৰ পৰিস্থিৰ উদ্ভৱ হল।নগৰাঞ্চলত শাক-পাচলি, মাছ-মাংস আদিৰ অভাৱ ঘটিল আৰু গ্ৰাম্যাঞ্চলত প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি হল।সুযোগ সন্ধানী অসাধু ব্যৱসায়ীয়ে অতি চৰাদামত বয়-বস্তু বিক্ৰী কৰি সৰ্বহাৰা লোকৰ মূৰত ৰাম টাঙোন সোধাইছেঅসম চৰকাৰৰ যোগান বিভাগৰ অস্তিত্বক লৈ ৰাজ্যখনৰ সৰ্বস্তৰৰলোকে বাৰম্বাৰ সন্দেহ ব্যক্ত কৰিছেপিচে কি হব,ৰাজ্যখনৰ চৰকাৰেই অসাধু ব্যৱসায়ীৰ ভূমিকাত অবৰ্তীণ হৈ বিশ্ব বজাৰত পেট্ৰলৰ মূল্য নিম্নগামী হোৱাৰ সময়তে ৰাজ্যখনত আকাশলঙ্ঘী মূল্যত পেট্ৰলজাত সামগ্ৰী বিক্ৰী আৰম্ভ কৰাত নিশ্চিতভাৱেই পৰিবহন ব্যয় বৃদ্ধিৰ অজুহাতত গাড়ী ভাৰাৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰ দাম বাঢ়িল আৰু তাৰ সকলো কুপ্ৰভাৱ সৰ্বহাৰা লোকসকলৰ ওপৰতেই পৰিব ধৰিলে।এইদৰেই চৰকাৰী সাহাৰ্যৰ উপকাৰিতাৰ গুণাগুণ লোপ পালে।এতিয়া আকৌ অসম চৰকাৰে নিবনুৱা সংস্থাপনৰ নামত কৃষিভূমিত উদ্যোগ স্থাপনৰ সুযোগ দি আৰ্থিকভাৱে জুৰুলা হৈ পৰা অসমৰ কৃষক শ্ৰমিকসকলৰ যি অলপ কৃষি ভূমি আছে তাকো বহিৰাগত পুঁজিপতিক গতাই দিয়াৰ চক্ৰান্ত কৰি উদ্যোগ নীতিৰ সংশোধন ঘটাইছে।দেখা গৈছে যে অসম চৰকাৰে কৃষক শ্ৰমিকসকলে যাতে প্ৰতিবাদ কৰিব নোৱাৰে সেই উদ্দেশ্যে ইতিমধ্যেই অখিল গগৈৰ দৰে সংগ্ৰামী আৰু প্ৰতিবাদী কৃষক নেতাসকলক উগ্ৰপন্থী সজাই কাৰাবন্দী কৰি থলে।ৰাজ্যখনৰ বৌদ্ধিকমহলে একমুখে ব্যক্ত কৰিছে যে এখন গণতান্ত্ৰিক দেশৰ অসংগঠিত খণ্ডৰ নিপিড়িতসকলৰ হৈ মাত মতা নেতাক কাৰাগাৰত বন্দী কৰি ৰখাটো সমিচীন হোৱা নাই।নিপিড়িত কৃষক-শ্ৰমিকসকলক চৰকাৰে অন্যায় কৰিছে।বালিলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাত বুলি এষাৰ কথা আছে নহয়।দেশৰ গণতান্ত্ৰিক গতিধাৰাৰ সুস্থতা বৰ্তাই নাৰাখিলে চৰকাৰৰ এনে কাৰ্যই সময়ত বুমেৰাং হৈ থিয় দিব আৰু তাৰ পৰিণামত হয়তু বৰ্তমানৰ শাসন কাৰ্য চলাই নিয়া সকলে কৃষক নেতাসকলৰ দৰেই ৰাজনৈতিক আক্ৰোশৰ বলি হব লাগিব।
যি সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বিপৰ্যয়ৰ বাস্তৱ ছবিখন প্ৰত্যক্ষ কৰি তেওঁলোকৰ জীৱন আৰু জীৱীকাৰ সুৰক্ষা দিব পৰাকৈ চৰকাৰে উপযুক্ত শ্ৰমিক আইন প্ৰবৰ্তন কৰিব লাগিছিল সেই সময়তে আমাৰ অসম চৰকাৰে দেশ উদ্ধাৰৰ স্বাৰ্থত তথা পুঁজিপতিক সকাহ দিয়াৰ উদ্দেশ্যে শ্ৰমিকসকলৰ কৰ্মসময় বৃদ্ধিৰ পোষকতা কৰি আইন প্ৰণয়নৰহে যো-জা কৰিছিল আৰু ভোকাতুৰ শ্ৰমিকসকল জাঙুৰ খাই উঠিব লগীয়া হৈছিল।দেশত শ্ৰমিকসকলক সকাহ দিয়াৰ পৰিবৰ্তে পুঁজিপতিক সকাহ দিবলৈ আইন সংশোধন হৈ অহাৰ বাবেই দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব ধৰিলে আৰু চাহিদাৰ নিম্নগামিতাই ইতিমধ্যই অৰ্থনৈতিক বিপৰ্যয় নমাই আনিছিল।ভুতৰ ওপৰত দানহ পৰাদি আহিল কোভিড-১৯ৰ বিভীষিকা।এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আগবঢ়োৱা আগশাৰীৰ অৰ্থনীতিবিদ আৰু অৰ্থনৈতিক পৰামৰ্শদাতা সংস্থাবোৰৰ পৰামৰ্শবোৰ চৰকাৰে মানিবলৈ গলেই যেন পুঁজিপতিৰ স্বাৰ্থত আঘাত লাগিব,সেয়ে দেশৰ চৰকাৰে সৰ্বহাৰা শ্ৰমিকসকলক আৰ্থিকভাৱে সবল কৰাৰ কোনো ধৰণৰ খৰতকীয়া তথা ফলপ্ৰসু আঁচনি হাতত লব পৰা নাই।আমাৰ অসম চৰকাৰে আনকি কৃষক সন্মান নিধিৰ টকা কেইটাও ভোট বেংকৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই দুৰ্নীতিগ্ৰস্তৰ হাতোৰাৰ পৰা মুক্ত কৰি প্ৰকৃত কৃষকসকলক এই দুৰ্যোগৰ বেলিকা দিব পৰা নাইসৰ্বহাৰাসকলে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অৱক্ষয়ৰ কুফল প্ৰত্যক্ষভাৱে ভোগ কৰা বুলি বাস্তৱ পৰিস্থিতিৰ পৰাই এতিয়া বুজিব পৰা হল।এইবোৰ কথা বিৰোধী দলৰ লোকে নিশিকালেও বৰ্তমানৰ পৰিস্থিতিত দেশৰ কোটি কোটিলোকে বুজিব পাৰিছে যে শাসন চলাই থকা ৰাজনৈতিক দলে দৰিদ্ৰৰ হকে(pro poor)কাম কৰা দেখুৱাই ভোট বেংকৰ ৰাজনীতিহে কৰি থাকে।চৰকাৰে প্ৰকৃততে যে পুঁজিপতিৰ প্ৰতিনিধি হৈ কাম কৰি থাকে সেয়া লোকচক্ষুৰ আঁৰত ৰখাত ব্যৰ্থ হৈছেঅৰ্থনৈতিক বিপৰ্যয়ে কথাবোৰ সকলোৱে বুজিব পৰাকৈ পৰিষ্কাৰ কৰি দিলে।সৰ্বহাৰাসকলে বুজিব পাৰিছে বিনামূলীয়া খাদ্য বস্ত্ৰ আদি যোগান ধৰি চৰকাৰে যে কেৱল তেওঁলোকক হিতাধিকাৰী সজাই ভোট বেংকহে গঠন কৰিছে,যিটো কাম পূৰ্বৰ চৰকাৰবোৰেও কৰি আহিছে।চৰকাৰে দৰিদ্ৰৰ হকে লোৱা এনেবোৰ আঁচনিয়ে তেওঁলোকক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰিবনে নকৰে এইবোৰ দৰিদ্ৰসকলেও যে বিচাৰ কৰিব জনা হল সেই কথা উপলব্ধি কৰি শাসনাধিস্থ ৰাজনৈতিক দলৰ চৰকাৰে দৰিদ্ৰসকলক ভোট বেংকৰ স্বাৰ্থত কেৱল হিতাধিকাৰী হিচাপে গণ্য নকৰি প্ৰকৃততেই তেওঁলোকৰ আৰ্থিক উন্নয়নৰ হকে কাম কৰি গলে দেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়ন ঘটাৰ লগে লগে শাসনাধিস্থ ৰাজনৈতিক দলৰো জনপ্ৰিয়তা বিৰোধী দলৰ সমালোচনাই ম্লান কৰিব নোৱাৰে।সেয়েহে চৰকাৰে বাঘজানৰ লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক,নদী বান্ধৰ যোগেদি জলবোমাৰ সৃষ্টি কৰি ৰাজ্যখনৰ নৈপৰীয়ালোকক প্ৰাণৰ সংশয় লৈ দিন অতিবাহিত কৰিবলৈ নিদি তেনে কাম বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ক আৰু কাগজ কল,চেনীকল আৰু মৰাপাটৰ কল আদি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ পুনৰ জীৱিত কৰি তাৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ উপৰিও নিবনুৱাসকলক সংস্থাপিত কৰক।চৰকাৰে পুঁজিপতিৰ পক্ষ এৰি জনতাজনাৰ্দনৰ পৰিত্ৰাণৰ বাবে নিষ্ঠাৰে কাম নকৰিলে সময়ত তেওঁলোকৰো ভৱিষ্যত অন্ধকাৰময় হব।
--------------সমাপ্ত------------

নিজৰ বাৰীৰ গছগছনি

নিজৰ বাৰীৰ পনিয়ল গছজোপা।
বাৰীৰ পাতকঠালজোপা।

পকী খুটাত লগোৱা পাণজোপা।

শ্ৰমিকক সকাহ দিব পৰা নাই কোনো আঁচনি য়ে


না ভাইৰাছৰ কাৰণে সমগ্ৰ দেশ স্থবিৰ হৈ পৰিল।অসংগঠিত খণ্ডৰ কোনো সামাজিক নিৰাপত্তা নথকা বাবে নিয়োগকাৰীৰ কাম বন্ধ হোৱাৰ লগে লগে এই খণ্ডৰ কৰ্মীসকল সকলো দিশৰ পৰাই অতি বেয়া ধৰণে ক্ষতিগ্ৰস্ত হল।
অন্যহাতে,দেশৰ অধিকাংশ লোকেই কৃষিখণ্ডত নিয়োজিত হৈ আছে।ইয়াত দেশৰ ৪৫% কৰ্মবাহিনীয়ে কামত নিয়োজিত হৈ আছে।তলাবন্ধৰ সকলোতকৈ অধিক কুপ্ৰভাব যোগান শৃঙ্খল ভঙ্গৰ ওপৰত পৰে।নিয়োগকৰ্তা লোকচানৰ সমুখীন হৈ কৰ্মচাৰীক কামৰ পৰা আঁতৰাই দিয়ে।নিয়োগ বন্ধ হৈ পৰাৰ লগে লগে কৰ্মীসকলৰ আয়ৰ পথো ৰুদ্ধ হৈ পৰিল।তেওঁলোকৰ সঞ্চয় শেষ হৈ যোৱাৰ লগে লগে লোকসকলে আহাৰ-পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হল।এয়া ভয়ানক পৰিস্থিতি।প্ৰথম কনা,তাৰ পিচত ভোক আৰু লগতে আহিল পুলিচৰ ভয়।নিজৰ ৰাজ্যৰ নিজ গৃহলৈ কোনোৰকম প্ৰাণটো লৈ ঘূৰি অহাসকলৰ অৱস্থা সৰ্বজন বিদিত।
২০১৯ চনৰ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুযায়ী দেশৰ সৰ্বমুঠ কৰ্মশক্তিৰ ৯৩% অসংগঠিত খণ্ডৰ সৈতে জড়িত হৈ আছে।দেশৰ অৰ্থনীতিৰ সঞ্চালনত এই অসংগঠিত খণ্ডৰ বৃহৎ অৰিহণা আছে।তথাপিতো এই খণ্ডটোক ৰক্ষনাবেক্ষণ দিয়াৰ কোনো নিগাজী ব্যৱস্থা নাই।দেশৰ সৰ্ব বৃহৎ অসংগঠিত অংশই কাম কৰা কৃষি খণ্ডটোও তলাবন্ধত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হল।কনাৰ পিচতে সমস্যা হিচাপে থিয় দিলে ভোক আৰু প্ৰব্ৰজনে।তেওঁলোকে কেৱল কনাৰ লগতে নহয় ভোকৰ লগতো যুঁজ দিব লগা হল।

লোপিয়লে পূৰ্বানুমান কৰিছিল যে দেশৰ দুখীয়া লোকৰ জনসংখ্যা ২৬.৮ কোটি হব।এনে লোকৰ দৈনিক আয় ১৪২.৮০ টকাতকৈও কম।এই লোক সকলেই আটাইতকৈ বেছি  ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা দ্ৰৰিদ্ৰ কল্যাণ পেকেজৰ ১.৭০ লাখ কোটি টকা এইসমূহ একাউন্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হৈছে।চৰকাৰৰ এনেবোৰ আঁচনিয়ে দেশৰ কোটি কোটি দৰিদ্ৰলোকক সাময়িকভাৱে সকাহ দিলেও ই সমস্যা সমাধানৰ পথ হব নোৱাৰে।এই ব্যৱস্থাৰ যোগেদি গৰিষ্ঠ সংখ্যক লোকক আনুষ্ঠানিক অৰ্থনীতিৰ গণ্ডীৰ ভিতৰলৈ আনিছে আৰু হিতাধিকাৰীৰ তালিকাখন দীঘলীয়া হৈছে।দেখা যায় যে এই হিতাধিকাৰীসকলকে শাসনত থকা ৰাজনৈতিক দলে ভোট বেংক গণ্য কৰি নিৰ্বাচনত জয়ী হোৱাৰ সপোন ৰচনা কৰে।কিন্তু দেশৰ অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে আনুষ্ঠানিক অৰ্থনীতিলৈ অহা হিতাধিকাৰীসকলৰ বাবে চৰকাৰী আচঁনিবোৰ আৰ্শীবাদ নহৈ অভিশাপহে হৈছেগৈ।সেয়েহে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগে পিছে দেশক আলোড়িত কৰি যোৱা সেই আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগান পুনৰবাৰ আওৰাই তাৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা হল।বেংকবোৰে ঋণ হিচাপে প্ৰদান কৰিব লগীয়া ধনকো ইয়াত অন্তৰ্ভুক্তি কৰা হল।এনে এক পেকেজৰ যোগেদি বৰ্তমানৰ দুৰ্ভিক্ষৰ সময়ত নিবনুৱাসকলক তৎকালিনভাৱে কোনো সকাহ নিব নোৱাৰে ।
              
১.৪ কোটি প্ৰব্ৰজিত লোকৰ পৰিয়ালৰ গড় মাহেকীয়া আয় ৩৫০০ ৰ পৰা ৪০০০ টকাৰ ভিতৰত।যদিহে পাঁচজন লোকেৰে গঠিত এটা পৰিয়ালক এটা গোট বুলি ধৰা হয়, তেতিয়া প্ৰতিজনৰ মাহেকীয়া আয় হয়গৈ ৭০০ ৰ পৰা ৮০০ টকা।এই আয় দেশৰ নগৰ অঞ্চলৰ দৰিদ্ৰ ৰেখাৰ সৈতে সমান।

দেশৰ প্ৰায় ৮০%কৰ্মবাহিনী অনানুষ্ঠানিক অৰ্থনীতিৰ ভিতৰত পৰে।চৰকাৰী তথ্য অনুযায়ী, ইয়াৰ ৪% চুক্তিবদ্ধ কৰ্মী।পাঁচজনৰ ভিতৰত এজনে মাত্ৰ পায় মাহেকীয়া বেতন। কৰ্মবাহিনীৰ আধা ভাগেই আত্ম নিয়োজিত।ইয়াত আছে দোকানী, হকাৰ, চেলুনৰ গৰাকী, চাইকেল মেৰামতি কৰোঁতা আৰু জোতা মুচি ইত্যাদি।লকডাউনৰ ফলত উদ্ভৱ হোৱা অৰ্থনৈতিক সংকটৰ পৰা কোনোৱে পৰিত্ৰাণ পাব পৰা নাই।প্ৰকৃততে,অৰ্থনৈতিক ব্যৱস্থাত প্ৰতিটো খণ্ডই ইটোৰ লগত সিটো সংযুক্ত হৈ থাকে।গাঁওবোৰে নগৰলৈ খাদ্য সামগ্ৰী যোগান ধৰে আৰু নগৰবোৰে গাঁওবোৰলৈ বয়-বস্তু পঠায়।লকডাউনৰ ফলত পৰিবহন ব্যৱস্থা সম্পূৰ্ণ বিকল হৈ পৰাত গ্ৰাম্যাঞ্চলত উপাদিত ফচল কৃষকৰ পথাৰতে নষ্ট হল আৰু নগৰৰ বয়-বস্তুৰ যোগানো বন্ধ হোৱাত সৰ্বত্ৰ হাহাকাৰ পৰিস্থিৰ উদ্ভৱ হল।নগৰাঞ্চলত শাক-পাচলি, মাছ-মাংস আদিৰ অভাৱ ঘটিল আৰু গ্ৰাম্যাঞ্চলত প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি হল।সুযোগ সন্ধানী অসাধু ব্যৱসায়ীয়ে অতি চৰাদামত বয়-বস্তু বিক্ৰী কৰি সৰ্বহাৰা লোকৰ মূৰত ৰাম টাঙোন সোধাইছে।
দেশৰ শ্ৰমিকসকলক সকাহ দিয়াৰ পৰিবৰ্তে পুঁজিপতিক সকাহ দিবলৈ আইন সংশোধন হৈ অহাৰ বাবেই দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব ধৰিলে আৰু চাহিদাৰ নিম্নগামিতাই ইতিমধ্যই অৰ্থনৈতিক বিপৰ্যয় নমাই আনিছিল।ভুতৰ ওপৰত দানহ পৰাদি আহিল কোভিড-১৯ৰ বিভীষিকা। দেশৰ চৰকাৰে সৰ্বহাৰা শ্ৰমিকসকলক আৰ্থিকভাৱে সবল কৰাৰ কোনো ধৰণৰ খৰতকীয়া তথা ফলপ্ৰসু আঁচনি হাতত লব পৰা নাই।এতিয়া আচনিবোৰ কেৱল ভোটবেংকৰ স্বাৰ্থতহে হৈছে।ফলত দুখীয়া শ্ৰেণীৰ লোকসকলৰ অৱস্থা শোচনীয় হৈছে।
--------------সমাপ্ত------------
লেখাটো অসমৰ বহুল প্ৰচাৰিত তথা বলিষ্ঠ দৈনিক বাতৰি কাকত আমাৰ অসমৰ বুধ-বিতৰ্ক শিতানত ১৫জুলাই ত প্ৰকাশ পাইছে।

কৌতুক

গৰুৰ বজাৰত এজন বেপাৰীৰ বলৱান গৰুহাল দেখি এজন গ্ৰাহকে দামদৰ কৰিবলৈ ওচৰ চাপি গ'ল।
গ্ৰাহক--গৰুৰ দাম কিমান লগাইছে?
বেপাৰী--ক'লাটোৰ কথা কৈছে নে ৰঙাটোৰ কথা?
গ্ৰাহক-ক'লাটোৰ দাম কিমান?
বেপাৰী---একলাখ টকা।
গ্ৰাহক--ৰঙাটোৰ দাম?
বেপাৰী--একলাখ টকা।
গ্ৰাহক--গৰুহালে কি খাই ভাল পায়?
বেপাৰী--ক'লাটোৰ কথা সুধিছেনে ৰঙাটোৰ কথা?
গ্ৰাহক--ক'লাটোৱে কি খাই ভাল পায়?
বেপাৰী--ভুচি।
গ্ৰাহক--ৰঙাটোৱে?
বেপাৰী--ভুচি।
গ্ৰাহক--(খঙেৰে) তাকে একে বাৰতে কোৱা নাছিলে কিয়?
বেপাৰী--কাৰণ, ক'লাটো মোৰ।
গ্ৰাহক--ৰঙাটো কাৰ?
বেপাৰী--ৰঙাটোও মোৰ।
গ্ৰাহক--ধুৰ!
______________

Sunday, 5 July 2020

এইবাৰহে ‘ৰত্নদাহ’ ভালদৰে পঢ়িলোঁ


তলাবন্ধৰ সময়বোৰে যাতে মানসিক খোৰাক যোগাব পৰাকৈ কিবা এক স্মৃতি এৰি যায় আৰু আলমিৰাত থকা পুথিসমূহ নপঢ়াকৈ ৰৈ নাযায় সেই উদ্দেশ্যেকে সাৰোগত কৰি পঢ়িবলৈ আৰম্ভ কৰা এক অন্যতম পুথি হল স্বনামধন্য সাহিত্যিক ভবেন্ৰ নাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প(পঞ্চাছৰ দশকৰ)গল্প সংকলখনিৰ প্ৰতিটো গল্পই মন পৰশা হোৱা বাবে পঢ়ি যাওঁতে বহুবছৰৰ পূৰ্বেই পঢ়া বুলি মনত পৰা সত্বেও পঢ়ি গৈ থাকিলোঁ।ৰত্নদাহ শিৰোনামৰ গল্পটিৰ অনেক কথাই পাঠকৰ মন ছুই যায় আৰু তাত ভেঁটী বা উপঢৌকন আদান-প্ৰদানৰ যি কাহিনী বৰ্ণনা কৰা হৈছে সি মানসিক জগতত ভাৱৰ বুৰবুৰণি তুলি দিয়ে।কেৰানী জীৱনৰ মাহৰ শেষৰ এটা দিনত শৰতৰ পত্নী সুমিত্ৰাই প্ৰথম বাৰৰ বাবে সাদৰৰ মোমায়েক অহাৰ বতৰা পাই মিঠাই আনি খুৱাবলৈ তিনিটা টকা বিচৰাতেই কাহিনীভাগ আগুৱাই গৈ থাকিল।নিজৰ অফিচৰ কেইবাজনো সহকৰ্মীক দৰ্মহা পোৱাৰ লগে লগে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি তিনিটা টকা ধাৰ বিচাৰি বিফল হোৱা শৰতক নিৰুপায়ত পৰা এজন লোকে এটা কাম কৰি দিয়াৰ বিনিময়ত কেইটামান টকা যাচোঁতে আত্মসন্মানৰ খাটিৰে তাক নিজৰ অভাৱৰ কথাত গুৰুত্ব নিদি বাৰে বাৰে অগ্ৰাহ্য কৰে। কিন্তু মানুহজনে নানা কথা কৈ জোৰ কৰি পকেটত টকা কেইটামান ভৰাই দিয়াত শৰতে লবলৈ বাধ্য হয়।সেই টকাৰে কিনা মিঠাইৰে পত্নী সুমিত্ৰাই যিজন মোমায়েকক অপ্ৰায়িত কৰিছিল ঘৰলৈ আহি শৰতে তেওঁক দেখি হতভম্ব হল।কাৰণ,তেওঁক টকা দিয়াজনেই এইজন মানুহ।অমূল্য ৰত্ন জ্ঞান কৰা আত্মসন্মানক দাহ কৰাৰ অনুশোচনাত দগ্ধ হোৱা শৰতৰ মূৰ ঘূৰাই গল।গল্পটিৰ যোগেদি আমি জানিব পাৰিছোঁ যে পঞ্চাছৰ দশকত ভেঁটী খোৱা লোকৰ সংখ্যা তেনেই নগণ্য সংখ্যক আছিল।ভেঁটী খোৱাটো অধিকাংশ লোকৰ বাবে অতি লাজৰ কথা আছিল।নিজৰ কাম সমাধাৰ বাবেই ভেঁটী দিয়া লোকেই ভেঁটী খোৱা লোকৰ সৃষ্টি কৰি কৰি আজিৰ সমাজৰ কলুষিত অধ্যায়ৰ সূচনা কৰিলে।ভেঁটী দিয়া সকলেও ৰত্নদাহ কৰিছে।মোৰ ভাৱ হৈছে,প্ৰকৃততে গল্পটি এইবাৰহে মই ভালদৰে পঢ়িলোঁ।
---------সমাপ্ত--------  


অসাধু ব্যৱসায়ীৰ ফান্দত নপৰিব

ভাৰতবৰ্ষত কোভিড-১৯ ৰ ঢৌৱে কোবাই যোৱাৰ লগে লগে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা বুলি দাবী কৰা উৎপাদিত দ্ৰব্যৰ চাহিদা বাঢ়িব ধৰিলে।মহামাৰীৰ সময়খিনিত নিজৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰা গ্ৰাহকসকলক প্ৰলোভিত কৰিবলৈ কিছুমান ভাৰতীয় উদ্যোগ পামে হালধি মিশ্ৰিত গাখীৰৰ পৰা শাৰিৰীক পৰিপূৰিকালৈ নতুন নতুন উৎপাদিত সামগ্ৰী বজাৰত মুকলি কৰিব ধৰিছে। ৱাটছএপ, ইউটিউব আৰু ফেচবুক আদি সামাজিক মাধ্যমত এনে মহামাৰীৰ বতৰত নানা ধৰণৰ নোক্সা, কাড়া আদিৰ বিষয়ে প্ৰচাৰ চলিব ধৰিছে(সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ নিজৰ লাভৰ বাবে)আৰু বজাৰতো তেনে প্ৰস্তুত দ্ৰব্যৰ বেহা চলিছে।এইবোৰ ব্যৱহাৰ কৰি অনেকে কোনো সুফল নোপোৱা বুলি অভিযোগ কৰিছে।তেওঁলোকে কয় যে এইবোৰ সকলো ফাঁকি আৰু অসাধু ব্যৱসায়ীৰ ধন ঘটাৰ কৌশল।বৰ্তমানৰ কৰ্মহীনতা,দুৰ্ভিক্ষ আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ ক্ষণত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কিছুমান কোম্পানীয়ে কোনো স্বাস্থ্য বিজ্ঞানৰ ৰীতি নীতি নামানি দ্ৰব্য বিক্ৰী কৰি ধন উপাৰ্জন কৰাটো অতি দুৰ্ভাগ্যজনক।আমি জানিও নজনাৰ দৰে হৈ যেন সেইবোৰৰ প্ৰচাৰৰ যাদুকৰি মায়াজালত আবদ্ধ হৈ বিভুল হৈ পৰোঁ।এনে পৰিপ্ৰেক্ষিতত কাহ পানী লগাৰ ঔষধকে পুনৰ পেকেট কৰি কনাৰ দৰব বুলি(আইনৰ মেৰপেচত পৰিলে মিছা মাতি বক্ৰগতি লোৱা) কোনোবাই বিক্ৰী কৰিবলৈ আগ্ৰহী নহবনো কিয়?
পৌৰাণিক আয়ুৰ্বেদ শাস্ত্ৰৰ দোহাই দি আমাৰ দেশৰ নাগৰিকসকলক কিছু দিনৰ পূৰ্বৰে পৰা বনৌষধিৰ প্ৰতি আকৃষ্ট কৰা হৈছে।এই ক্ষেত্ৰত দেশৰ চৰকাৰৰ অৰিহণাও নথকা নহয়সেয়ে অনিয়ন্ত্ৰিত অৰ্থলোভীসকলৰ দ্বাৰা সহজ সৰল জনসাধাৰণক প্ৰতাৰণা কৰিবলৈ তেনেই সহজসাধ্য হৈ পৰিছেকিছুমান ব্যৱসায়ীয়ে ধন ঘটিবলৈ অনৈতিক উপায় অৱলম্বন কৰাও পৰিলক্ষিত হৈছে।বহুতো কোম্পানীয়ে গুণাগুণবিহীন উৎপাদিত দ্ৰব্যকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাৰক বুলি প্ৰচাৰ চলাই বজাৰত বিক্ৰী কৰিব ধৰিছে।বহুতো চিকিৎসকে সুষম পুষ্টিকৰ খাদ্যৰ পৰিবৰ্তে পৰিপূৰক সেৱনৰ যোগেদি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো সুবিধাজনক নহয় বুলি কোৱা সত্বেও সহজ সৰল লোকসকলে তাকেই সেৱন কৰি ৰক্ষা পাব  খোজে।আচলতে অসাধু কোম্পানীবোৰে জটিল ক্ষণতেই দুৰ্বলতাৰ সুযোগ লৈ যেন ধন ঘটিবলৈ অপেক্ষা কৰি থাকে।এনে সময়ত সকলোৱেই পৰিত্ৰাণৰ  উপায় বিচাৰি হুৱাদুৱা লগাই থাকে।তাতে আকৌ দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়েও কোভিড-১৯ ৰ পৰা ৰক্ষা পাবলৈ টুইটাৰ যোগে আয়ুৰ্বেদিক ঔষধ সেৱনৰ পৰামৰ্শ দিয়াত সাধাৰণ ৰাইজক আভুৱা ভাৰিবলৈ কিছুমান অৰ্থলিপ্সু অসাধু কোম্পানীৰ বাবে সুবিধাই হৈ পৰিল।

আচলতে,মানুহৰ বহুমূলীয়া জীৱনটোক ব্যৱসায়ৰ বৰশী টোপ হিচাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰে এৰি দিব নালাগে।সেয়ে নানা ধৰণে ব্যৱসায়িক বিজ্ঞপ্তি যোগে জনসাধাৰণক প্ৰলোভিত কৰি জীৱন মৰণৰ বেলিকা যিকোনো ধৰণৰ দ্ৰব্য বিক্ৰী কৰিবলৈ অনুমতি দিয়া উচিত নহয়।এনে কিছুমান দ্ৰব্য সেৱন কৰি কিছুমান অজ্ঞলোকে মিছাই আত্ম বিশ্বাসী হৈ প্ৰকৃত চিকিৎসাৰ ক্ষেত্ৰত পলম কৰি শেষত আৰোগ্য লাভ কৰিব নোৱাৰি মৃত্যুক আঁকোৱালি লয়।সেয়ে এই ক্ষেত্ৰত বৈদ্যুতিন প্ৰচাৰ মাধ্যম, বাতৰি কাকত আৰু ব্ৰেণ্ড এম্বেচেডৰসকলেও মনোযোগ দিব লাগে যাতে অসাধু ব্যৱসায়ীৰ তেনেবোৰ দ্ৰব্যৰ ব্যৱসায়ৰ উন্নয়নত তেওঁলোকে সহযোগ নকৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰস্তুত কৰা কিছুমান অপ্ৰমাণিত দ্ৰব্যই সেৱনকাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাই বুলিও বহুতো চিকিৎসকে মন্তব্য কৰে।বৃষ্টিহীন বতৰত বন জুই জ্বলি চৌদিশে বিয়পি পৰাৰ দৰে এই বিপৰ্যয়ৰ দিনবোৰত সমগ্ৰ দেশৰ অজস্ৰ অসাধু ব্যৱসায়ীয়ে ধন ঘটিবলৈ সুবিধা পাইছে।অন্যহাতে, তেওঁলোকে বিক্ৰী কৰা অস্বাস্থ্যসন্মত দ্ৰব্য সেৱনৰ যোগেদি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে বুলি মিছাই পতিয়ন গৈ কিছুমান অজ্ঞলোকে সামাজিক দূৰত্ব ৰক্ষা আৰু মুখা পিন্ধা আদি কামৰো প্ৰয়োজন নাই বুলি ধৰি আইন অমান্য কৰাৰ লগতে মাৰাত্মক কনা ভাইৰাছ চৌদশে বিয়পাই দিছে।সেয়ে সৰ্বস্তৰৰ লোক এই ক্ষেত্ৰত সতৰ্ক হোৱা উচিত।

----------সমাপ্ত-------
বিশেষ  দ্ৰষ্টব্য- লেখাটো দৈনিক অসম কাকতৰ ৪/৭/২০২০ তাৰিখৰ সংখ্যাত পত্ৰ আকাৰে প্ৰকাশ পাইছে।

Tuesday, 9 June 2020

কৃষিখণ্ডৰ উত্তৰণত কৃষি বীমাৰ ভূমিকা

বিগত কেইটামান বছৰৰ পৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশৰ হাৰ ক্ৰমান্বয়ে অৱনমিত হব ধৰে আৰু বৰ্তমান কনা মহামাৰীৰ প্ৰভাৱত পৰি ই ঋণাত্মক স্থিতিলৈ গতি কৰিছে। কভিড-১৯ য়ে তচনচ কৰা দেশৰ অৰ্থনৈতিক দিশৰ এনে জটিল অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে ২০ লাখ কোটি টকীয়া পেকেজ ঘোষণা কৰি আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে।কভিড-১৯ ৰ দ্বাৰা অতিমাত্ৰা বেয়া ধৰণে প্ৰভাৱিত হোৱা বুলি কৃষিখণ্ডটোক চিনাক্ত কৰি ভাৰত চৰকাৰে কৃষকসকলক দুই লাখ কোটি টকাৰ ঋণ দি কৃষিখণ্ডটোক দ্ৰুতগতিত আধুনিকীকৰণ আৰু তথ্যসমৃদ্ধ(Digitalized)কৰি ভৱিষ্যতৰ সংকট প্ৰতিহত কৰিব পৰাকৈ যোগান শৃঙ্খল লাভৰ লক্ষ্য স্থিৰ কৰি লৈছেকৃষকসকলক এই দুইলাখ কোটি টকাৰ ঋণ কিষাণ ক্ৰেডিট কাৰ্ড আচঁনি যোগে প্ৰদান কৰা হব। পশুপালক আৰু মস্যজীৱিকে ধৰি দেশৰ ২.৫ কোটি কৃষকক এই আচঁনিৰ যোগেদি ৰেহাইকৃত সুদত প্ৰতিষ্ঠানিক ঋণ মঞ্জুৰী দিয়া হব।ইয়াৰ উপৰিও বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে,কৃষকসকলে ৰবিশস্য চপাবলৈ আৰু খাৰিফ ফচলৰ তৈয়াৰীৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ যোগেদি অতিৰিক্তভাৱে জৰুৰী কাৰ্যকৰি পুঁজি হিচাপে ৩০,০০০ কোটি টকা আবন্টন দিয়া হৈছে।


দেশৰ সৰ্বমুঠ ঘৰুৱা উপানলৈ ১৬% অৰিহণা যোগাই অহা ভাৰতবৰ্ষৰ কৃষিখণ্ডটো খৰাং বতৰ আৰু বানপানী আদিৰ দৰে বিপৰ্যয়ৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সম্ভাৱনাৰ ক্ষেত্ৰত অতি প্ৰবল ভাৱে সংবেদনশীল।কৃষকসকলক এনেবোৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈ, পিচৰ খেতিৰ বতৰত ঋণ লাভৰ যোগ্য কৰাৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰা দৰকাৰ।এই উদ্দেশ্যে ভাৰত চৰকাৰে সময়ে সময়ে সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ বহুতো কৃষি আচঁনি প্ৰস্তুত কৰিছে।তাৰে ভিতৰত শস্য বীমা আচঁনিয়ে কৃষকসকলক কৃষি উপাদনৰ অনিশ্চয়তাৰ সমস্যাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব পাৰে। ১৯৭২ চনতে ভাৰতবৰ্ষত কৃষি বীমা আচঁনিৰ শুভাৰম্ভ কৰা হয় যদিও আচঁনিসমূহ আসোঁৱাহপূৰ্ণ প্ৰতিপন্ন হৈছিলঅৱশেষত ৰাষ্ট্ৰীয় কৃষি বীমা আচঁনিৰ(The National Agricultural Insurance Scheme চমুকৈ NAIS)  প্ৰৱৰ্তন কৰা হয়।এই আচঁনিৰ অধীনত ঋণী আৰু অঋণী উভয় কৃষককে সাঙুৰি লৈ হিতাধিকাৰী তালিকাভুক্ত কৰা হয়।এই আচঁনি কাৰ্যকৰি কৰাৰ পিচত ধৰা পৰা আসোঁৱাহবোৰ দূৰ কৰি সংশোধিত ৰাষ্ট্ৰীয় কৃষি বীমা আচঁনি (The Modified National Agricultural Insurance Scheme চমুকৈ MNAIS) প্ৰবৰ্তন কৰা হয়। এই সংশোধিত আচঁনি বলব কৰাৰ পিচতো সকলো কৃষককে সাঙুৰি লব পৰা নগল।অৱশেষত পূৰ্বৰ আচঁনিখনৰ বেমেজালিবোৰ দূৰ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ  ফ্ৰেব্ৰুৱাৰী মাহত খাৰিফ শস্যৰ বতৰতে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ উদ্বোধন কৰে।প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ উদ্দেশ্য হৈছে- কৃষকসকল শস্য উপাদনত বিফল হলে বীমা সেৱা প্ৰদান কৰা আৰু বিত্তীয় সমৰ্থন আগ বঢোৱা, যাৰ দ্বাৰাই কৃষকসকলৰ আয় সুস্থিৰ হব,ঋণৰ প্ৰবাহশীলতা নিশ্চিত হব আৰু আধুনিক কৃষি প্ৰদ্ধতিৰ প্ৰয়োগ তথা উদ্ভাৱনত উসাহ যোগাব।আচঁনিখনৰ মতে খাৰিফৰ ক্ষেত্ৰত মুঠ প্ৰিমিয়ামৰ ২% কৃষকে দিব লাগে, ৰবি শস্যৰ বাবে দিব লাগে ১.৫% আৰু নগদ শস্যৰ বাবে ভৰিব লাগে ৫% ধন আৰু বাকীখিনি বহন কৰিব লাগে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বিত্ত যোগানৰ নিৰিখৰ ওপৰত ভিত্তি কৰি বীমাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়।প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাই এক আঞ্চলিকীকৰণ পদ্ধতি অনুসৰণ কৰে, ত(গাঁও, পঞ্চায়ত)বীমাকৃত অঞ্চলৰ ক্ষয়-ক্ষতি একে ধৰণৰ হয়। এক জাননীকৃত অঞ্চলৰ ঋণীসকলক(শস্য ঋণৰ খাটা/কিষাণ ক্ৰেডিদ কাৰ্ড)আচঁনিখনৰ দ্বাৰা সাঙুৰি লোৱাটো বাধ্যতামূলক।বাধা দিব নোৱাৰা সম্ভাব্য ক্ষতি, বাধাগ্ৰস্ত শস্য বপন, শস্য চপোৱাৰ পিচত হোৱা ক্ষয়-ক্ষতি আৰু স্থানীয়ভাৱে সংঘটিত বিপৰ্যয়-বিপত্তি আদিৰ বাবে হোৱা ফচলৰ ক্ষতিক বীমা আচঁনিখনে আকোঁৱালি লব। সাতটা বছৰৰ তথ্য আৰু ক্ষতিপূৰণৰ স্তৰসমূহৰ ওপৰত ভিত্তি কৰি আৰম্ভণি ফচল নিৰ্ণয় কৰা হব। আৰম্ভণি ফচলৰ পৰা হ্ৰাসপ্ৰাপ্ত অনুপাতক বীমাকৃত পৰিমাণেৰে পূৰণ কৰি ক্ষতিপূৰণৰ দাবী ধাৰ্য কৰা হয়।ৰাজ্যসমূহে প্ৰেৰণ কৰা বিত্ত যোগানৰ পৰিমাপ আৰু ক্ষতি পূৰণৰ পৰিসৰসমূহ পোৱাৰ পিচত বীমা কোম্পানীবোৰে ক্ষতিপূৰণৰ নিৰিখ নিৰ্ধাৰণ কৰে। 

বতৰৰ ওপৰত নিৰ্ভৰশীল অসমৰ কৃষি খণ্ডৰ গতিধাৰাৰ ওপৰত আলোকপাত কৰি শস্য বীমা আচঁনিৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰাটো আমাৰ বাবে সাম্প্ৰতিক সময়ত অতি জৰুৰী বিষয় হৈ পৰিছে।কাৰণ,ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে বলবৎ কৰা তলাবন্ধৰ ফলত লাখ লাখ শিক্ষিত-অশিক্ষিত যুৱক-যুৱতী ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে।ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সংস্থাপনৰ বাবে অলপতে "প্ৰধান মন্ত্ৰী গৰীব কল্যাণ ৰোজগাৰ অভিযান,২০২০" প্ৰবৰ্তন কৰি ভাৰত চৰকাৰে বঞ্চিত কৰা অসমৰ বহিৰাজ্যৰ পৰা অহা কৰ্মহীন শ্ৰমিকসকলৰ একাংশই অসমৰ গুণী-জ্ঞানীলোকৰ উৎসাহ-উদ্দীপনা,পৰা্মৰ্শ আৰু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত কৃষি কৰ্মত আত্মনিয়োগ কৰিছে।দৰাচলতে,অসমৰ অৰ্থনীতি প্ৰাথমিকভাৱে কৃষিৰ ওপৰতেই নিৰ্ভৰশীল।প্ৰত্যক্ষ আৰু প্ৰৰোক্ষভাৱে সৰ্বমুঠ কৰ্মীবাহিনীৰ ৫৩%অধিক সংখ্যক লোকক নিয়োগৰ সুবিধা প্ৰদান কৰি কৃষিখণ্ডই ৰাজ্যৰ অৰ্থনীতিলৈ ৭৫%তকৈ অধিক সমৰ্থন আগবঢ়াইছে।অসমৰ ৭০ লাখ ৮০ হেজাৰ হেক্টৰ ভৌগলিক ক্ষেত্ৰৰ ৪০ লাখ হেক্টৰ ভূমিত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয়।অৱশ্যে ইয়াৰে মাথো ৫.৪% কৃষি ক্ষেত্ৰতহে জলসিঞ্চণৰ ব্যৱস্থা কৰা হৈছে।কৃষি কাৰ্যৰ যোগেদি গ্ৰাম্য অৰ্থনীতিলৈ অপৰিহাৰ্য অৰিহণা আগ বঢ়াই অহা অসমৰ কৃষকসকলে প্ৰতি বছৰতে নদ-নদীবোৰে বাৰিষাৰ বতৰত নমাই অনা ঢলৰ বাবে আৰু নদীবান্ধবোৰে এৰি দিয়া অতিৰিক্ত পানীৰ দ্বাৰা সৃষ্টি হোৱা বানৰ কবলত পৰি যথেষ্ট ক্ষয়-ক্ষতিৰ সন্মুখীন হৈ আহিছে।তাৰোপৰি, ধুমুহা-বামাৰলিৰ তাণ্ডব, পোক পতঙ্গৰ আক্ৰমণ, খৰাং বতৰৰ কু-প্ৰভাৱ, তৈল্য খাদ আৰু কয়লা খনি আদিয়ে ঠায়ে ঠায়ে কৃষি ভূমিৰ অনিষ্ট সাধন কৰা আৰু অভয়াৰণ্যৰ দাঁতি কাষৰীয়া অঞ্চলত বন্য হস্তীৰ উপদ্ৰব আদি কাৰণত কৃষকসকলৰ ফচল উপাদন বহু পৰিমাণে কমি যায়।শস্য বীমা আচঁনিৰ যোগেদি কৃষকসকলক এই ক্ষেত্ৰত কিছু সকাহ দিয়াৰ অৱকাশ থকা সত্ত্বেও সেয়া আংশিক ভাৱেও ফলৱতী হৈ উঠা বুলি কব নোৱাৰি।শস্য বীমা আচঁনিবোৰে বেংকৰ পৰা ঋণ লোৱা তেনেই নগণ্য সংখ্যক কৃষককহে সামান্যতম আৰ্থিক সকাহ প্ৰদান কৰি আহিছে।শস্য বীমা আচঁনিয়ে কাকোৱেই বঞ্চিত নকৰি অসমৰ ঋণ লোৱা অথবা নোলোৱা প্ৰতিগৰাকী কৃষককে সাঙুৰি লোৱা দৰকাৰ। কাৰিকৰি কাৰণত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাত ২০১৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত অসম চৰকাৰে আচঁনিখন বলব কৰিব নোৱাৰিলে। ২০১৬-১৭ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ পৰা অসমৰ ২৬ খন জিলাত বলব হোৱাকৈ কৃষকসকলৰ সৰিয়হ, আলু, শালিধান, কুঁহিয়াৰ আৰু ঘেঁহু এই পাঁচ বিধ জাননীকৃত শস্যৰ ক্ষেত্ৰত শস্য বীমা যোজনা আৰম্ভ কৰা হয়।উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষি বিভাগে সম্প্ৰচাৰ কৰিছে যে চৰকাৰে শস্য বীমা আচঁনিক কৃষকৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ প্ৰয়াস কৰিছেসেই উদ্দেশ্যে শস্য বীমা কৰা কৃষকক সকাহ দিবলৈ ২০১৬-১৭ বৰ্ষত কৃষি বিভাগে ২০১৩ বৰ্ষৰ পৰা ২০১৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰলৈ শস্য বীমা আচঁনিৰ প্ৰিমিয়াম অনুদান ৭,৫৪,০৮,৮১৬.০০ টকা কৃষকৰ হৈ নটা ভিন ভিন বীমা কোম্পানীলৈ মুকলি কৰি দিছে।যদিওবা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, অসমৰ দ্বাৰা ঘোষিত তথ্য মতে(কৃষি জৰীপ,২০১০-১১) অসমত মুঠ ৩৭.৩১ লাখ কৃষক আছে চৰকাৰী তথ্য অনুযায়ী ২০১৬-১৭ ৰ ৰবি শস্যৰ বতৰত সৰ্বমুঠ ৮১০৪(ইয়াৰে মাত্ৰ ২৭ জন অঋণী কৃষক)গৰাকী কৃষকক বীমা আচঁনিৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ৪১৪০ হেক্টৰ কৃষি ভূমি বীমাকৰণৰ বাবে বীমাৰ প্ৰিমিয়াম ১,৬৮,২১,২৬২.০০ টকা আদায় দিয়া হৈছিল। উল্লেখযোগ্য যে, কৃষকসকলক আচঁনিখনৰ যোগদি বিতৰণ কৰা ক্ষতিপূৰণৰ বিতং তথ্য জানিব পৰা নগলেও সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুযায়ী, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ সমন্বয়ৰক্ষী সমিতিৰ(State Level Coordination Committee on Crop Insurance for PMFBY) নিৰ্দেশত আচঁনি বলবকাৰী এজেঞ্চিয়ে ২০১৬-১৭ ৰবি শস্য বতৰৰ বাবে ৭৬ জন কৃষকৰ বাবে মাত্ৰ ১৩.৬ লাখ টকাৰ ক্ষতিপূৰণ ধাৰ্য কৰে।(Source: http//;agri-horti.assam.govt.in) এইসমূহ তথ্যৰ পৰা এই কথা প্ৰতিপন্ন হয় যে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ যোগেদি অসমৰ নানা সমস্যাৰে জৰ্জৰিত কৃষকসকল বিশেষ ভাৱে উপকৃত হোৱা নাই ।

চলিত বৰ্ষৰ (২০২০)২০ জুন তাৰিখে কৃষি সঞ্চালকালয়ৰ চৌহদত এইচ ডি এফ চি আৰ্গো কোম্পানীৰ প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা কৃষক সজাগতা বাহন এখনৰ ফ্লেগ অফ অনুষ্ঠানত বক্তব্য ৰাখি অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, ২০১৯-২০ বৰ্ষৰ খাৰিফ আৰু ৰবিৰ বতৰত মুঠ ৯,৭১, ৮২০ গৰাকী কৃষকক প্ৰধান মন্ত্ৰী ফচল বীমা  যোজনাৰ দ্বাৰা সাঙুৰি লোৱা হৈছে।লগতে তেওঁ কয় যে ,কৃষকৰ সুবিধাৰ বাবে এগ্ৰিকালচাৰ ইন্সুৰেন্স কোম্পানী অব ইণ্ডিয়া লিমিটেড, এইচ ডি এফ চি আৰ্গো জেনেৰেল ইন্সুৰেন্স কোম্পানী লিমিটেড আৰু এগ্ৰিকালচাৰ ইন্সুৰেন্স কোম্পানী অব ইণ্ডিয়া নামৰ তিনিটা বীমা কোম্পানীক ৰাজ্যখনৰ বিভিন্ন জিলাৰ কৃষক ৰাইজক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে কাম কৰিবলৈ দায়িত্ব দিয়া হৈছে।'বাতৰি কাকতত  প্ৰকাশিত এই খবৰটো অসমৰ কৃষকসকলৰ  বাবে কিছু উৎসাহজনক এই বাবেই যে, পূৰ্বৰ বছৰবোৰৰ তুলনাত আচঁনিখনে অধিকসংখ্যক কৃষকক সাঙুৰি ল'ব। কিন্তু অসমৰ সৰ্বমুঠ ৩৮.৩১ লাখ কৃষকৰ প্ৰায় ৭৫ শতাংশ  কৃষকেই আচঁনিখনৰ বাহিৰত ৰৈ যাব।তাৰোপৰি, আচঁনিভুক্ত কৃষকসকল কিমান উপকৃত হ'ব সেইটোও  বিচাৰ্যৰ বিষয়। 

গৱেষকসকলে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা ৰ বিভিন্ন দিশ চালি জাৰি চাই মন্তব্য কৰিছে যে বীমা কোম্পানীবোৰে শস্য চপোৱা পৰীক্ষণৰ(Crop Cutting Experiment চমুকৈ CCE)তথ্যৰ ওপৰত সন্দিহান হৈ আপত্তি দৰ্শাই আৰু এনে কাৰ্যই ক্ষতিপূৰণ প্ৰক্ৰিয়া নিশ্চল কৰি দিয়ে,কোম্পানীবোৰে যাতে কম পৰিমাণৰ ক্ষতিপূৰণ দিব লগা হয় তাৰ বাবে বহু চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। অন্যহাতে,কৃষকসকলে সাধাৰণতে প্ৰিমিয়াম কৰ্তনক বিনিয়োগ বুলি বিবেচনা কৰে আৰু ক্ষতিপূৰণৰ ধন নাহিলে(তেওঁলোক যোগ্য হওক বা নহওক)বীমা কোম্পানীৰ বিৰুদ্ধে এক বলিষ্ঠ মতবাদ পোষণ কৰে।বীমা কোম্পানীবোৰে 'বেয়া সম্ভাব্য ক্ষতিবোৰ'ৰ বীমা কৰি 'ভাল সম্ভাব্য ক্ষতিবোৰ' বাদ দিয়ে আৰু ইয়াৰ ফলত বীমাৰ প্ৰিমিয়াম অতি উচ্চ হয়, বীমা কোম্পানীবোৰৰ বাবে এয়া নিশ্চয় বহনক্ষম ব্যৱসায় আৰ্হি বা মডেল হব নোৱাৰে। ইয়াৰ ফলত ঋণ পৰিশোধত জন্মা ব্যাঘাতে বিত্তীয় প্ৰতিষ্ঠানৰ হানি কৰে।
               
প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বেষ্টনীৰ পৰা অলপতে বাহিৰ হৈ দিয়া ৰাজ্য দুখন হৈছে ঝাৰখণ্ড আৰু টেলেঙ্গনা।পশ্চিম বঙ্গ, বিহাৰ, পাঞ্জাব আৰু অন্ধপ্ৰদেশৰ দৰে ৰাজ্যবোৰে ইতিমধ্যেই আচঁনিখনৰ পৰা বাহিৰ হৈছিলআচঁনিখন সফল হোৱা নাই আৰু সাম্প্ৰতিক তথ্যই অবগত কৰে যে আৰু ২৫% অন্তৰ্ভুক্তিকৰণ হ্ৰাস পাব পাৰে।আচঁনিখন কাৰ্যকৰীকৰণত অনেক সমস্যাৰ উদ্ভৱ হৈছে।প্ৰথম কথা হ, ৰাজ্যসমূহে স্বেচ্ছাই আচঁনিখনত যোগদানৰ অৱকাশ আছে।বহুতো ৰাজ্যই আচঁনিখনৰ পৰা বাহিৰত থকাটো পছন্দ কৰিছে, কাৰণ তেওঁলোকৰ প্ৰিমিয়ামৰ অংশটো বেছি। ইয়াৰ ফলত তেওঁলোকৰ বাজেটখন নষ্ট কৰিব।দ্বিতীয়তে, এই বছৰৰ(2020) ফ্ৰেব্ৰুৱাৰী মাহত  এক সংশোধন ঘটাই কেন্দ্ৰীয় চৰকাৰে আচঁনিখনৰ বাবে দিব লগা তেওঁলোকৰ প্ৰিমিয়ামৰ অংশ জলসিঞ্চন থকা ক্ষেত্ৰৰ বাবে ৫০% ঠাইত ২৫% আৰু জল সিঞ্চন নথকা ক্ষেত্ৰত ৩০% লৈ অৱনমিত কৰিলে।এই কাৰ্যৰ ফলত প্ৰিমিয়ামৰ সিংহভাগ বহন কৰিব লগীয়া হোৱাত ৰাজ্যসমূহৰ ওপৰত এক বোজা পৰিল।তাৰোপৰি, কৃষকসকলে তেওঁলোকৰ বীমাৰ ক্ষতিপূৰণ সময়মতে লাভ নকৰা, বীমা কোম্পানী আৰু কৃষকৰ মাজত সংযোগ নথকা বুলি অভিযোগ কৰিছে।কৃষকসকলে অভিযোগ কৰে যে বীমা কোম্পানীবোৰে এই আচঁনিৰ যোগেদি অভাৱনীয় লাভৰ সুযোগ পাইছে।বীমা কোম্পানীবোৰে গ্ৰাম্য বুনিয়াদ নিৰ্মাণৰ বাবে বিশেষ কোনো বিনিয়োগ নকৰা বাবে অধিকাংশ কৃষক আচঁনিখনৰ বিষয়ে জ্ঞাত নহয়।ভাৰতবৰ্ষৰ কেগৰ(Comptroller and Auditor  General of India) ২০১৭ চনৰ প্ৰতিবেদনৰ পৰা জনা গৈছে যে কৃষকসকলৰ তিনিভাগৰ দুই ভাগেই আচঁনিখনৰ সন্দৰ্ভত জ্ঞাত নহয়।অন্যহাতে, শস্য বীমাৰ ক্ষতিপূৰণৰ ধন পলমকৈ দিয়া বীমা কোম্পানীবোৰে তেওঁলোকৰ ওপৰত আৰোপিত জৰিমনা সুদৰ ধনো আদায় দিয়া নাই। বীমা কোম্পানীবোৰে কৃষকসকলক ভালেমান মাহ পৰ্যন্ত ক্ষতিপূৰণৰ ধন পৰিশোধ কৰা নাই বাবে চৰকাৰে জৰিমনা সুদ দিবলৈ নিৰ্দেশ দিয়াৰ পিচতো কেইবাবছৰলৈ কোম্পানীবোৰে তাকো জমা দিয়া নাই।এই কথা তথ্য জনা অধিকাৰ আইন যোগে প্ৰশ্ন কৰি জানিব পৰা গৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে জনাইছে যে জৰিমনা সুদৰ বাবদ পাঁচটা বীমা কোম্পানীয়ে জৰিমনা ৪.২১ কোটি টকাও আদায় দিয়া নাই। ইয়াৰ বিপৰীতে, বীমা কোম্পানীবোৰে নানা ধৰণৰ ওজৰ -আপত্তিহে দাখিল কৰিছে।জানিব পৰামতে, ২০১৮ চনৰ নবেম্বৰ মাহৰ পৰা বিগত সোতৰটা  মাহ ধৰি প্ৰায় ১১,০০০ কোটি টকা অনাদায় হৈ আছে।গতিকে ক্ষতিপূৰণ সময়মতে পৰিশোধৰ বাবে এক সুব্যৱস্থা থকা দৰকাৰ আৰু কৃষক, চৰকাৰ আৰু বীমা কোম্পানীক সাঙুৰি লৈ এক স্বচ্ছ সমন্বয়ৰ সেঁতু নিৰ্মাণ কৰা দৰকাৰ।আচনিখনৰ যোগেদি যাতে অধিক লাভৱান হ'ব পাৰি  তাৰ বাবে কৃষকসকলেও শস্য বীমা আচঁনিৰ সন্দৰ্ভত সম্যক জ্ঞান আহৰণ কৰা দৰকাৰ।এই আচঁনিখন সুচাৰুৰূপে বলবৎ কৰণত আমাৰ অসম চৰকাৰে চোকা দৃষ্টি ৰখা উচিত যাতে আচঁনিখনে মাথো পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰি কৃষক তথা চৰকাৰৰ বাবে উদ্বন্ধন হৈ নপৰে।
----------------------সমাপ্ত----------------

Monday, 8 June 2020

ইহাত সিহাত, ইফাল সিফাল


অসম চৰকাৰে অতি কৌশলেৰে ৰাইজৰ ধন ইহাত সিহাত কৰি মাছৰ তেলেৰে মাছ ভাজি ৰাজ্যখনৰ সংকট কালতো কিছুমান জনকল্যাণকামী কাম কাজ চলাই গৈছে।২০২১ চনৰ আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাক ক্ষণত  এয়া ভাৰতীয় জনতা দলৰ চৰকাৰৰ অতি চতুৰ ৰণকৌশল বুলিব পাৰি।বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ আৰ্থিক সংকটৰ সময়ত ৰাজ্যিক কৰ্মচাৰীৰ মাহিলী বেতনৰ ধন জোৰা মাৰি দি তেওঁলোকৰ শুকাই যাবলৈ ধৰা মুখলৈ পানী আনি দিয়াৰ সুবাদতে পেট্ৰলজাত সামগ্ৰীৰ মূল্য বিশ্বৰ বজাৰত শূণ্যলৈ নমাৰ সময়তো আমাৰ তৈল্য উপাদনকাৰী ৰাজ্যখনত পূৰ্বতকৈও পেট্ৰল ডিজেল আদিৰ মূল্য অধিকহে কৰি দিলেবহুতো সুখী পৰিয়ালত কন্দল সৃষ্টি কৰি অঘটন ঘটোৱা বৰবিহ সুৰা বিক্ৰীত অনুমোদন দি চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধি কৰিলে।ইতিমধ্য যেনি তেনি ৰাষ্ট্ৰীয় ঘাই পথত টোল গেট বহাই দি ৰাজহ আদায়ৰ পথ সুগম কৰিছে।চৰকাৰৰ এনেবোৰ আৰ্থিক কাৰ্য কলাপৰ কুফল ভোগ কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে।গাড়ী ভাৰা বৃদ্ধি পোৱাৰ লগে লগে প্ৰয়োজনীয় সা-সামগ্ৰীৰ মূল্য নিতৌ অভাৱনীয় হাৰত বৃদ্ধি পাব ধৰিছে।ইতিমধ্যে আৰ্থিকভাৱে কোঙা হৈ পৰা জনগণক মূৰ তুলিব নোৱাৰা কৰিছে।ৰাইজৰ এনে পুতৌ লগা অৱস্থাৰ তুলনাত স্কুল কলেজৰ নাম ভৰ্তিৰ ফিজ মাফ আদি জনকল্যাণমূলক চৰকাৰী ব্যৱস্থাবোৰৰ কিবা মূল্য থাকিলনে?

Tuesday, 2 June 2020

মাথুৰ জলসিঞ্চন প্ৰকল্পৰ সুউচ্চ দলংখন।