Monday, 1 June 2020

পানী টেঙ্কিৰ পকী খুটাত লগালোঁ পান।

Saturday, 23 May 2020

বাৰীত কেৰেলা।
যোৱা বছৰ এপাহ ফুলিছিল; কিন্তু এইবাৰ তিনি পাহ ফুলিলে।
পদূলিৰ নাৰিকল জোপাত এইবাৰ ভাটৌফুল ফুলিলে।

তলাবন্ধৰ মাজতে বাৰীত জাতিলাও ডাঙৰ হৈ গ'ল।

পুঙ্গল উৎসৱলৈ আমাক আদৰণি জনাইছে।
পুঙ্গলৰ স্মৃতি।
পুঙ্গলৰ স্মৃতি।
পুঙ্গল উৎসৱৰ স্মৃতি।
২০২০ চনৰ ১৫ জানুৱাৰী ত তামিলনাডুৰ মাদুৰাই চহৰৰ পৰা কিছু দূৰৈত অৱস্থিত এখন গাঁৱত পুঙ্গল উৎসৱত অতিথি স্বৰূপে উপস্থিত থকা সময়ৰ ফটো। 
বোলো আম পকিবৰ হ'ল নে নৌ?
পনিয়ল বাৰুকৈয়ে লাগিছে গছত।
এইবছৰ কঠাল কেইটামান বেছি লাগিছে গছত।
বাৰীৰ পৰামলখিজোপা চালে চাই থাকিবৰ মন।
ঘৰৰ ফুলনি ত ফুলা জবাফুল পাহীৰ সৌন্দৰ্য সদায় সুকীয়া ধৰণৰ হয়।

চৰকাৰৰ কৃষক-শ্ৰমিক বিৰোধী নীতিৰ বাবেই ৰাইজৰ দুখ-দুৰ্দশা বৃদ্ধি পাইছে

ৰাম-ৰাজ্যত বসবাসৰ সপোন দেখা ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ জনতাই কণা মহামাৰীৰ লগতে নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজ দি এতিয়া ভাগৰি পৰিছে।তাৰ মাজতে আকৌ যুঁজ দিব লগা হৈছে চৰকাৰৰ কৃষক-শ্ৰমিক বিৰোধী আইনৰ বিৰুদ্ধে।ইয়াৰ বিপৰীতে মোকেশ আম্বানীৰ দৰে চৰকাৰী আৰ্শীবাদপুষ্ট দেশৰ পুঁজিপতিৰ জয়জয় ময়ময় অৱস্থা।অন্যহাতে,এপদ এপদকৈ দেশৰ সমষ্ট সম্পদৰাজি ব্যক্তিগত খণ্ডৰ পুঁজিপতিক বিক্ৰী কৰি ৰাজভোগ কৰি দেশ চলোৱা চৰকাৰখনে ইতিপূৰ্বে কৰাৰ দৰেই কু-পৰিণামৰ প্ৰতি দৃষ্টি নাৰাখি নিজৰ দৰিদ্ৰতা নিবাৰণৰ বাবে আমাৰ অসম মাতৃৰ বক্ষ ভেদ কৰি প্ৰাকৃতিক সম্পদ আহৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।কোৱা বাহুল্য যে বিদ্যুশক্তি আহৰণৰ বাবে চৰকাৰী উদ্যোগত নিৰ্মাণ হোৱা বৃহ নদীবান্ধবোৰে অসমৰ কৃষক-শ্ৰমিকসকলক প্ৰতিবছৰে জোলোকা-জোলোকে পানী খুৱাই আহিছে,তাৰ প্ৰতিকাৰৰ বাবে চৰকাৰে কোনোধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমৰ মানৱ সম্পদৰ আলৈ-আথানি হৈছে,তাৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়ে আৰু তাৰ প্ৰতিবাদ কৰাসকলক দেশদ্ৰোহী সজাই পোতাশাললৈ নিক্ষেপ কৰে।ভাৰত চৰকাৰৰ ঔপনিবেশতাবাদৰ প্ৰতি ইন্ধন যোগোৱা তথা তোষামোদকাৰীৰ ভূমিকা পালন কৰা ৰাজ্য চৰকাৰখনৰ বাবে অৱশেষত উপাৰ্জনৰ পথ হিচাপে বাকী ৰয়গৈ সুৰাৰ পোহাৰ মেলি দিয়া আৰু জন-সাধাৰণৰ ওপৰত কৰৰ অত্যাধিক বোজা জাপি দিয়া। ৰাজ্যৰ লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৱে সংস্থাপন বিচাৰি বৰ্হিৰাজ্যৰ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত চাকৰিত যোগদান কৰি পেটৰ ভাত মুকলি কৰিলেগৈ আৰু নিজৰ ঘৰখনো তৰাবলৈ যত্ন কৰে:কিন্তু কণা মহামাৰীয়ে সকলো ওলট পালট কৰি দিলে।হঠানোট বন্দী ঘোষণা কৰাৰ দৰেই দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে তলা বন্ধ ঘোষণা কৰি দি ঘৰতে থাকক, ঘৰতে থাকক, কেৱল ঘৰতে থাককব ধৰিলে। পিছে প্ৰবৰ্জিত শ্ৰমিকৰ কাম বন্ধ হোৱাৰ লগে লগে চাকৰিও গল আৰু দৰ্মহাও বন্ধ হল। লগে লগে ভাৰাঘৰৰ মালিকেও ঘৰৰ পৰা উলিযাই দিলে।তেওঁলোক কত থাকিব? কি খাব? এক দেশৰ শ্লোগান শ্লোগান হৈয়ে ৰল।প্ৰবাসী শ্ৰমিক বিদেশী হল। খোজ কাঢ়ি, চাইকেল চলাই অথবা যিকোনো উপায়েৰে মৰি-পৰি হলেও নিজৰ ৰাজ্যখনলৈ, নিজৰ ঘৰখনলৈ প্ৰবাসীসকল আহিবলৈ বাধ্য হল। কাৰণ, প্ৰধান মন্ত্ৰীগৰাকীয়ে ঘৰতে সোমাই থাকিবলৈ কৈছে যে।আমাৰ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লাহে ধীৰে আহিবলৈ কলেই জানো নহাকৈ থাকিব পাৰিব? ভাৰতবৰ্ষত কোনো চৰকাৰে মানৱ সম্পদক সম্পদ জ্ঞান নকৰে। অসম চৰকাৰে তাকে কৰা হলে যুব শক্তিক নিজ ৰাজ্যতে উপাদনৰ এক আহিলা স্বৰূপে নিয়োগ কৰি সোণৰ অসম গঢ়ি তুলিব পাৰিলেহেতেন, যদিহে কুৰি লাখ কোটি টকীয়া পেকেজ ঘোষণাৰ পিচত তৎপৰ হোৱাৰ দৰে নিজৰ দলৰ চৰকাৰ গঠনৰ পিচতে প্ৰতিশ্ৰুতি অনুযায়ী কাম কৰিলেহেতেনএনে সুলভ শ্ৰম শক্তিৰ যহতেই পূব এচিয়াৰ দেশবোৰে তাহানিখনতেই অৰ্থনৈতিক সমৃদ্ধি লাভ কৰিলে। নিজৰ দেশৰ মানৱ সম্পদৰ আলৈ আথানি নিৰ্বিকাৰ ভাৱে প্ৰত্যক্ষ কৰা চৰকাৰক ধৰ্মৰ নামত ৰাজনীতি কৰি বিদেশী নাগৰিকক স্বদেশী কৰাৰ তানাৰ পৰা সাম্প্ৰতিক কালৰ অভিজ্ঞতাই বিৰত ৰাখিবনে বাৰু?
----------------০------------শ

বি দ্ৰ  লেখাটো অসমৰ বহুল প্ৰচাৰিত তথা বলিষ্ঠ দৈনিক বাতৰি কাকত দৈনিক অসমৰ 30/5/2020 তাৰিখ ৰ স্ংখ্যাত সম্পাদক লৈ চিঠি হিচাপে প্ৰকাশ পাইছে।


Monday, 18 May 2020

আমাৰ দুষ্ট মেকুৰী পোৱালি হালে ক'ত আৰাম কৰিছে চাওক চোন?

Sunday, 19 April 2020

ক’ৰ’না ভাইৰাচে সংগঠিত ধৰ্মৰ ভেঁটি কঁপাইছে


কৰনা ভাইৰাচে সমগ্ৰ বিশ্বকে সন্ত্ৰাসিত কৰাৰ পূৰ্বৰ দিনবোৰত সংগঠিত ধৰ্মৰ ৰীতি-ৰিৱাজবোৰ অনুগতসকলে নিয়মীয়াকৈয়ে চলাই গৈছিল।কোনোবা এদিন যে পৰম্পৰাগত ধৰ্মীয় আচৰণ বিধিও পৰিহাৰ কৰিব লগীয়া হব সেই কথা কল্পনাতীত আছিল। বিভিন্ন ধৰ্মৰ আনুষ্ঠানিক পুঁজিলৈ নিয়মীয়াকৈ অনুগত  ভক্তবৃন্দই ধনৰ যোগান ধৰি আছিল। পুৰোহিত, ধৰ্মযাজক, ইমাম আদিয়ে অনুগতসকলৰ ওপৰত ঠিকেই প্ৰভাৱ বিস্তাৰ কৰি আছিল।ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰাজপাট দখল কৰা ৰাজনৈতিক দলৰো ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ ৰাজকোষৰ ধন ভাঙি ধৰ্মীয় উসৱ অনুষ্ঠিত কৰা আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানক অনুদান দিয়াৰ প্ৰৱণতা বৃদ্ধি পাইছিল।সেইবোৰ দিনত এই কথা ভৱাৰ অৱকাশ নাছিল যে এদিন ধৰ্মীয় পূজা-পাৰ্বন তথা উপাসনা আদিয়েও বশীভূত কৰিব নোৱাৰা কনা নামৰ এক ভাইৰাচে সকলো ওলট-পালট কৰি দিব আৰু মঠ-মন্দিৰ, মছজিদ আৰু গীৰ্জাঘৰ আদিলৈ অহা ধন ব্যয় কৰি কনা ভাইৰাচৰ সংক্ৰমণ ৰোধ আৰু কোটি কোটি ক্ষুধাতুৰ জনতাৰ মুখত এমুঠি অন্ন তুলি দিয়াৰ  চেষ্টা কৰিব লগীয়া হব। 

কোভিড-১৯ য়ে সৃষ্টি কৰা মহামাৰীৰ প্ৰভাৱ বিস্তৃতভাৱে বিয়পি পৰিছে। কিন্তু পূৰ্বৰ মহামাৰীৰ দৰে নহৈ ই অগতানুগতিক ভাৱে সংগঠিত ধৰ্মক ভুক্তভোগী সজাইছে।ইয়াৰ ফলত মানৱ আচৰণ বিধিৰ ওপৰত প্ৰচণ্ড প্ৰভাৱ বিস্তাৰ কৰিছে। মানৱ সমাজত এক সুপৰিচিত আচৰণ বিধি সম্পৰ্কীয় গতিধাৰা আছে। যেতিয়া কোনো বিপদ-আপদ, বেমাৰ-আজাৰ, বিলৈ-বিপত্তি, অথবা প্ৰলয় হয়, তাৰ পৰা মুক্তি পাবলৈ বৃহ সংখ্যক লোক ধৰ্মৰ শৰণাপন্ন হয়। কেৱল সেয়াই নহয়, তেনে ধৰণৰ সমস্যাত যাতে পৰিব লগীয়া নহয় তাৰ বাবে ভক্তসকলে স্ব-ধৰ্মৰ নীতি-নিৰ্দ্দেশনাবোৰ মানি চলে। কিন্তু কোভিড-১৯ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সামাজিক ব্যৱধান বজাই ৰাখি, চৰকাৰৰ কঠোৰ অনুশাসন মানি চলিবলৈ জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে আটায়ে বাধ্য হৈছে।এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খ্ৰীষ্টান ধৰ্মৰ মহান শাস্ত্ৰসন্মত ভিত্তিসমূহৰ এটা হিচাপে খ্যাত যীচুখ্ৰীষ্টৰ উক্তি, তেই মোৰ নামত দুই বা তিনিজন লোক সমবেত হয়, তাতে ময়ো তেওঁলোকৰ লগত থাকোঁ(In Matthew 18;20)ৰ প্ৰাসংগিকতা হেৰাই গৈছে।ইছলাম ধৰ্মালম্বীসকলে কঠোৰ অনুশাসনৰ মাজত থাকি যুগ যুগ ধৰি পালন কৰি অহা ধৰ্মীয় ৰীতি-ৰিৱাজবোৰ পালনৰ পৰা বিৰত থাকিব লগীয়া হৈছে।আনহে নালাগে ইৰাণৰ দৰে কট্টৰপন্থী দেশৰ কুৰিখনতকৈ অধিক নগৰত শুক্ৰবৰীয়া নামাজৰ অনুষ্ঠানো স্থগিত ৰাখিব লগীয়া হৈছে।হিন্দুসকলৰো মঠ-মন্দিৰসমূহত দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ নিষিদ্ধ হৈছে।মুঠতে, ধৰ্মীয় সম্প্ৰদায়বোৰে কোভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে ধৰ্মীয় পৰম্পৰাবোৰৰ সংশোধন কৰিবলৈ বাধ্য হৈছে। ইয়াৰ বিপৰীতে ধৰ্মীয় পৰম্পৰা পৰিহাৰ কৰিবলৈ সংকোচবোধ কৰাসকলে কোভিড-১৯ৰ দ্বাৰা অধিক সংক্ৰমিত হৈ ত্ৰাহি মধুসূদন সোঁৱৰিছে।

বুৰঞ্জীয়ে আমাক সোৱৰাই দিয়ে যে ১৪ শতিকাৰ ইংলেণ্ডৰ প্লেগ মহামাৰীৰ সময়ত ধৰ্মৰ ওপৰত এক পৃথক প্ৰভাৱ পেলাইছিল। প্লেগৰ আৰম্ভণিৰ দিনকেইটাত, ধাৰ্মিক নেতাসকলে যুক্তি ডাঙি ধৰিছিল যে মানুহৰ পাপপূৰ্ণ জীৱন ধাৰাৰ কাৰণে প্লেগ বেমাৰ ভগৱানে শাস্তি স্বৰূপে দিছে। এজন লোকৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে নিজকে বেত্ৰাঘাতকে ধৰি প্ৰাৰ্থনা আদিক মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায় স্বৰূপে লোৱা দেখা গৈছিলকিন্তু এই সকলো ধাৰ্মিক উদ্যমৰ পিছতো প্ৰলয় অব্যাহত থাকিল আৰু লাহে লাহে মানুহৰ ধৰ্মৰ প্ৰতি বিশ্বাস হেৰাই যাব ধৰে। যদিওবা ভগৱানৰ ওপৰত বিশ্বাস যথোচিতভাৱে ক্ষত থাকিল, ইউৰোপৰত ধৰ্মীয় পুৰোহিত তন্ত্ৰৰ প্ৰতি প্লেগে ক্ৰোধ আৰু ক্ষোভৰ ঢৌ তুলিলে।চূড়ান্ত অৱস্থাত ই ধৰ্মীয় বুৰঞ্জীৰ আটাইতকৈ বৃহ গণ অভ্যুত্থানবোৰৰ ভিতৰত এটাৰ ৰূপ ললে, যাক কোৱা হয়-সংস্কাৰ সাধন আন্দোলন।

এতিয়া আমি কনা মহামাৰীয়ে সংগঠিত ধৰ্মৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে তাকে মন কৰিদৰাচলতে ধাৰ্মিক ভাৱ প্ৰৱণতাক এক নতুন সুউচ্চ মাত্ৰালৈ বৃদ্ধি কৰিব নে বিভিন্ন সংগঠিত ধৰ্মৰ ভেটিবোৰ কঁপাই তুলিব? দক্ষিণ কোৰিয়াত শিনচিয়নজি(Shincheonji) ধা্ৰ্মিক গোটক কনা ভাইৰাচ দ্ৰুত সংক্ৰমণৰ বাবে জগৰীয়া কৰা হৈছে। ভাইৰা বিয়পি পৰাৰ পৰা ৰক্ষা পাবলৈ চীনৰ পৰা ভাটিকান চিটিলৈ আৰু ইৰাণলৈকে সকলোতে উপাসনা সকলোবোৰ স্থান বন্ধ কৰি দিয়া হৈছে।ধাৰ্মিক অনুষ্ঠানৰ কৰ্ত্তৃপক্ষই উপাসকসকলক তেওঁলোকৰ স্বাভাৱিক উপাসনা স্থলিত একগোট হোৱাৰ পৰিবৰ্তে ধৰ্মীয় উ-পাৰ্বনবোৰ স্থানীয় টিভি চেনেল অথবা ফেচবুক লাইভ যোগে অনুসৰণ কৰিবলৈ কৈছে। এইবোৰ প্ৰচেষ্টাৰ দীৰ্ঘকালিন পৰিণাম কি হব তাৰ একো ঠিক নাই। এনে দুৰ্দশাৰ সময়ত মানুহে সদায় কিছু সান্ত্বনা বিচাৰে।তেওঁলোকৰ উপস্থিতি অনুভৱ কৰাবলৈ ধৰ্মীয় নেতাসকলে এনেবোৰ অসহায় মুহূৰ্তক সদায়ে সুযোগলৈ ৰূপান্তৰ কৰে।কোভিড-১৯ ৰ পাদুৰ্ভাৱৰ ফলত ধৰ্মীয় বিশ্বাসবোৰ ৰাতিটোৰ ভিতৰতে মচি পেলোৱা হোৱা নাই। কিন্তু সংগঠিত ধৰ্মৰ বাবে পূৰ্বৰ দৰে ই ব্যৱসায় হিচাপেও চলি যোৱা নাইখ্ৰীষ্টানসকলৰ মাজত প্ৰাৰ্থনা সভাৰ বলত ৰোগ-ব্যাধি আৰোগ্য কৰা বুলি এক জন-বিশ্বাস অতীজৰ পৰাই চলি আহিছে। বিজ্ঞান মানসিকতাই থিতাপি লোৱাৰ আগত দৃঢ বিশ্বাস অথবা ধৰ্ম বিশ্বাসত হয়তু ভক্তবৃন্দই ধৰ্মীয় প্ৰাৰ্থনা সভাক আৰেগ্যকাৰী হয় বুলি কব পাৰিছিল।১৯৭০ চনতে ৰাজহুৱা আৰোগ্যকাৰীৰ সৈতে প্ৰাৰ্থনা সভাৰ যি গতি ধাৰা আছিল সেয়া আঁতৰ কৰি দিয়া হৈছিল। ধৰ্মীয় নেতাসকলৰ বাবে তেওঁলোকৰ প্ৰাৰ্থনা সভাক আৰোগ্য বৈঠকৰ শীৰ্ষ বিন্দুত উপনীত কৰোৱাৰ ক্ষেত্ৰত টেলিভিজন আৱিষ্কাৰে সহজসাধ্য কৰি তুলিলে।এই ধৰ্মীয় আৰেগ্যকাৰীসকলৰ বৃহ সংখ্যক অনুগত আছে। কোভিড-১৯ মহামাৰী বিয়পি পৰাৰ লগে লগে এই ধৰ্মীয় আৰোগ্যকাৰীসকলৰ অনেক অদৃশ্য হৈ গল। মহামাৰীৰ পিছত তেওঁলোকে যেতিয়া দেখা দিব, না ভাইৰাচ সকলো স্থানতে বিয়পি থাকোঁতে তেওঁলোকৰ আৰেগ্যকাৰী ক্ষমতা কত গল তাৰ নিশ্চয় উত্তৰ দিব লাগিব। কিন্তু কোভিড-১৯ মহামাৰীৰ ধৰ্মৰ ওপৰতো এক গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে।

ধৰ্মই সদায়ে এক সাম্প্ৰদায়িক শক্তিৰ ওকালতি কৰি আহিছে।মানুহৰ একোটা গোটক উদ্দেশ্যবিহীনভাৱে বিশৃঙ্খলতা কৰিবলৈ নিদি ধৰ্মীয় আনুষ্ঠানিকতাই সাম্প্ৰদায়িক বন্ধনৰ লক্ষ্যৰে কিছু কাম-কাজৰ এক সূচী প্ৰস্তুতৰ চেষ্টা চলা ইয়াৰ উদাহৰণ স্বৰূপে শঙ্খ-ঘন্টা, থালি-বাতি বজোৱা, চাকি-মমবাতি জ্বলোৱা আদি কাৰ্যৰ প্ৰতি জনসাধাৰণক আহ্বান জনোৱাৰ কথা উল্লেখ কৰিব পাৰি। সংগঠিত ধৰ্মৰ এই মূল মনোভাৱৰ ওপৰত কোভিড-১৯ য়ে কঠাৰাঘাত কৰিছে বিজ্ঞান মানসিকতাক অগ্ৰাধিকাৰ দি, স্বাস্থ্যৰ প্ৰতি সাৱধানতা অৱলম্বন কৰি সকলো স্থানতে ৰাজহুৱা সমাগম আৰু মত বিনিময়ৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হল।সেয়ে পূৰ্বৰ মহামাৰীৰ দৰে নহৈ ই সংগঠিত ধৰ্মকেই যেন পৰোক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে।ইয়াৰ ফলত মানৱ আচৰণ বিধিত বাধ্যতামূলক পৰিবৰ্তন ঘটিছে।গীৰ্জাসমূহে অনুগামীসকলক একান্তভাৱে নিজৰ ঘৰতে ইউটিউব অথবা টেলিভিচন চেনেলবোৰত জনসাধাৰণৰ উদ্দেশ্যে সম্প্ৰচাৰিত ধৰ্মীয় কাৰ্যক্ৰমসমূহ চাবলৈ কব ধৰিলে।মবাইল ফোনে বিস্তৃতভাৱে স্থান দখল কৰি লোৱাৰ লগে লগে সৰহসংখ্যক লোক, বিশেষকৈ নৱপ্ৰজন্ম মবাইল ইন্টাৰনেটে সৃষ্টি কৰা ব্যক্তিগত জগত এখনত নিমৰ্জিত হৈ পৰিল।ধৰ্মীয় উসৱৰ ক্ষণত মানুহে মবাইল ফোনবোৰ নিলগাই থৈ অন্যলোকৰ মাজত সোমাই পৰি পৰস্পৰে মত বিনিময়ত ব্যস্ত হৈ পৰে। ধৰ্মীয় উসৱ হৈছে সামাজিক মত বিনিময়ৰ পৌৰাণিক অৱকাশবোৰৰ অন্যতম। কিন্তু কনা ভাইৰাৰ আতংকই এতিয়া তাক মানুহৰ ব্যক্তিগত স্থানলৈ লৈ যাবলৈ বাধ্য কৰিছে।মানৱ আচৰণৰ ই এক গুৰুত্বপূৰ্ণ পৰিবৰ্তন।যদিহে ভাইৰাৰ ভাবুকি দীৰ্ঘ দিন ধৰি চলি থাকে, ধৰ্মীয় কামকাজৰ বাবে মবাইল ফোনকে মাধ্যম হিচাবে বাছনি কৰা হব।এই নতুন আচৰণৰ ববে সামান্য প্ৰচেষ্টাৰ প্ৰয়োজন হব বা কোনো প্ৰচেষ্টাৰ প্ৰয়োজন নহ, সহজে ই অভ্যাসত পৰিণত হব। কাৰণ, পৰম্পৰাগত আচৰণ বিধি অধিক কষ্টসাধ্য আছিল।কিন্তু আচৰণ বিধি বিজ্ঞানে আমাক সোঁৱৰাই দিয়ে যে কোনো কামৰ বাবে প্ৰতিশ্ৰুতিৰ মাত্ৰা নিৰ্ভৰ কৰে ইয়াৰ বাবে প্ৰয়োগ কৰা প্ৰচেষ্টাৰ ওপৰত। গতিকে যদিহে ধৰ্মীয় কামকাজত অংশ লোৱাৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টাৰ মাত্ৰা নিম্নগামী হয়, সেইবোৰ কামৰ বাবে প্ৰতিশ্ৰুতিও তুলনামূলকভাৱে দুৰ্বল হৈ পৰে।এইটো ধৰ্মৰ ভৱিষ্যত সন্দৰ্ভত ভাল খবৰ নহয়।

পোন্ধৰ শতিকাত ছপাশাল আৱিষ্কাৰ হোৱাৰ পিছত এই প্ৰযুক্তিগত উন্নয়নে আঞ্চলিক ভাষাত
গণস্বাক্ষৰতাক অনুপ্ৰাণিত কৰে আৰু ধৰ্মীয় পৰিবৰ্তনৰ শক্তিবোৰক ত্বৰাণিত কৰে।এই আৱিষ্কাৰে আত্মকেন্দ্ৰীক, উদ্ধত আৰু শোষণকাৰী পুৰোহিত তন্ত্ৰৰ সৈতে জনসাধাৰণৰ পাৰস্পৰিক প্ৰতিক্ৰিয়া হ্ৰাস কৰাত সহায় কৰিলে।ধৰ্মত সদ্য বিৰাজমান সংগঠিত, সংঘবদ্ধকৃত সম্প্ৰদায়ক কোভিড-১৯ য়ে ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হৈছে।ছপাশাল আৰু প্লেগ মহামাৰীয়ে ১৫ শতিকাত যি কৰিছিল সেয়া এক বিংশ শতিকাত সংগঠিত ধৰ্মৰ ওপৰত কোভিড-১৯ আৰু মবাইল ফোনে কৰিব পাৰিব। সমগ্ৰ বিশ্বৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত লোকসকলে ঐক্যবদ্ধ প্ৰচেষ্টাৰে এটা সময়ত এই মহামাৰীৰ ফলত উদ্ভৱ হোৱা স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সমচিত সমাধানৰ উপায় নিশ্চয়ে বিচাৰি উলিয়াব; কিন্তু কোভিড-১৯ৰ দৰে মহামাৰীক প্ৰতিহত কৰি অস্বাভাৱিক নিম্নগামিতাৰ পৰা ধৰ্মই নিজকে অক্ষত অৱস্থাত ৰাখিব পাৰিবনে বাৰু? পিউ ৰিচাৰ্ছ চেন্টাৰে(Pew Research Centre)২০১২ চনত ২৩০ খন দেশ আৰু অঞ্চলক সাঙুৰি কৰা গোলকীয় অধ্যয়নৰ মতে, বিশ্বৰ ১৬ শতাংশ লোক কোনো এটা ধৰ্মৰে সভ্য নহয়, ৮৪ শতাংশ লোকহে ধৰ্মৰ সদস্য। সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিয়ে বিশ্বত ধৰ্মহীন (Irreligion) লোক অথবা নাস্তিকৰ সংখ্যা বৃদ্ধি নকৰিবনে?

------------------------0-----------------------------------------