Saturday, 2 June 2018

অসমৰ জনসংখ্যা বিস্ফোৰণৰ ভয়াবহ ছবিখন

অসমৰ জাতীয়তাবাদী দল, সংগঠন তথা সৰ্বস্তৰৰলোকক শংকিত কৰি, অসমৰ অৰ্থনৈতিক আৰু সামাজিক দিশলৈ চকু নিদি দেশৰ চৰকাৰ আৰু ভাৰতীয় জনতা দলে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে  হিন্দু বাংলাদেশীক  নাগৰিকত্ব প্ৰদানৰ প্ৰচেষ্টা চলাইছে৷  দেখা গৈছে যে অসম চৰকাৰে নানা কাৰণত অসমৰ বৰ্ধিত জনসংখ্যাক ৰাজ্যখনৰ উন্নয়নৰ হকে পৰিচালিত কৰিব পৰা নাই৷ সেয়েহে জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ  অৰ্থনীতিত কেনে প্ৰভাৱ পৰিব তাকে চমুকৈ অৰ্থনীতিবিদসকলৰ দৃষ্টিভঙ্গীৰে  আলোচনা কৰিবলৈ প্ৰয়াস কৰা  হৈছে৷
অৰ্থনীতিবিদসকলৰ মতে জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নৰ সম্পৰ্কটো অতি জটিল৷ ইয়াৰ সংখ্যাগত উদাহৰণ বুৰঞ্জীত বিচাৰি চালে, বিশেষ ভাৱে ইয়াৰ কাৰণ কি আৰু ফলাফল কি তাৰ প্ৰতি লক্ষ্য ৰাখি চালে ই দ্ব্যৰ্থক ৰূপে ধৰা দিয়ে৷ উন্নয়ন প্ৰক্ৰিয়াত জনসংখ্যা বৃদ্ধিয়ে এক সংঘাতপূৰ্ণ ভূমিকা পালন কৰে৷ ই বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত উদ্দীপক আৰু প্ৰতিবন্ধক উভয় ধৰণেই ক্ৰিয়া কৰে৷ কিমান জনসংখ্যা হ’লে অৰ্থনৈতিক সুবিধাবোৰ বাধাপ্ৰাপ্ত হয় তাৰ কিন্তু কোনো সঠিক উত্তৰ পোৱা নাযায় বা ইয়াৰ ভাৰসাম্য কিমানত নিৰ্ণয় হ’ব তাৰো সঠিক উত্তৰ নাই৷ অৰ্থনীতিবিদসকলে আগবঢ়োৱা এনে বক্তব্যৰ ওপৰত ভিত্তি কৰি অসমৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিৰ কাৰণ বিদেশী নাগৰিকৰ প্ৰব্ৰজন বুলি নিশ্চিত কৰাৰ পিচত বৰ্তমানৰ অসমৰ দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ মূল কাৰণ যে প্ৰবল জনবিস্ফোৰণ সেয়া প্ৰকট হৈ পৰে৷
উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিয়ে সামগ্ৰিকভাৱে বিশ্বত, বিশেষকৈ উন্নয়নশীল দেশত সমস্যাৰ সৃষ্টি কৰিছে৷ জনসংখ্যা বৃদ্ধিয়ে মানৱ কল্যাণ হ্ৰাস কৰে বুলি যুক্তি দাঙি ধৰা হয়৷ যিহেতু জনসংখ্যা বৃদ্ধিৰ ফলত দুষ্প্ৰাপ্যসম্পদৰ(নৱীকৰণ অযোগ্য) ব্যৱহাৰ কৰা হয় আৰু ই বাতাৱৰণ অৱনমিত কৰে৷ জনসংখ্যা বৃদ্ধিয়ে খাদ্য যোগানত চাপ বৃদ্ধি কৰে৷ নগৰত জনসংখ্যা ঠাহখোৱা অৱস্থা কৰে৷ জনসংখ্যা বৃদ্ধিৰ ফলতেই নিয়োগ সমস্যাৰ উদ্ভৱ হয়৷ ই সঞ্চয়ৰ হাৰ হ্ৰাস কৰে  আৰু নিয়োজিত প্ৰতিজন ব্যক্তিৰ মূলধনৰ পৰিমাণ নোহোৱা কৰে৷  অসমত জনসংখ্যা বৃদ্ধিয়ে তদনুৰূপ সমস্যাৰে সৃষ্টি কৰিছে৷
দেখা যায় যে উন্নয়নশীল দেশবোৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত দেশবোৰতকৈ অতি দ্ৰুত৷ বিশ্বৰ ইতিহাসলৈ মন দিলেই এই কথা ভালদৰেই স্পষ্ট হৈ পৰে৷ জনসংখ্যা বৃদ্ধিয়ে কিছুমান সুবিধা আনে যদিও কিছুমান জটিল সমস্যাৰ সৃষ্টি কৰে৷ গড় হিচাপে সামগ্ৰীক ভাৱে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশৰ জনসংখ্যা বৃদ্ধি বাৰ্ষিক ১.৩ শতাংশ৷ জন্মৰ হাৰ প্ৰতি ১০০০ জনত ২৪ জন( বা ২.৪ শতাংশ) আৰু মৃত্যুৰ হাৰ প্ৰতি ১০০০ জনত ১১ জন ( বা ১.১ শতাংশ)৷ জন্মৰ হাৰৰ তাৰাতম্য নঘটাকৈ মৃত্যু হাৰৰ এক অভিনৱ নিম্নগামীতাৰ ফলত ইয়াৰ ঐতিহাসিক তুলনা অনুযায়ী অতি দ্ৰুত জনসংখ্যা বৃদ্ধি পাইছে৷ উন্নত দেশৰ জনসংখ্যা গড় হিচাপে ০.৭ শতাংশতকৈ অধিক বৃদ্ধি পোৱা নাই৷ নিম্ন-আয়ৰ দেশৰ জনসংখ্যা বৃদ্ধি উচ্চ-আয়ৰ দেশৰ জনসংখ্যা বৃদ্ধিতকৈ তিনিগুণ বেছি৷  ২০০০---২০০৭ চনৰ ভিতৰত নিম্ন-আয়ৰ দেশৰ জনসংখ্যাৰ শতকৰা বৃদ্ধি ২.২%, মধ্য-আয়ৰ দেশৰ ১.০ আৰু উচ্চ-আয়ৰ দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ শতকৰা হাৰ ০.৭% মাত্ৰ৷
নিম্ন মূলধন সমাহাৰৰ দৰেই দ্ৰুত জনসংখ্যা বৃদ্ধিক দৰিদ্ৰতাৰ কাৰণ আৰু ফলাফল উভয়ে বুলি গণ্য কৰা হয়৷ যিহেতুকে দুখীয়া সমাজত শিশুৰ মৃত্যুৰ হাৰ অধিক আৰু পিতৃ মাতৃয়ে  বৃদ্ধ বয়সত নিৰাপত্তা পাবৰ বাবে এটা ডাঙৰ পৰিয়াল আশা কৰে আৰু সেয়ে দৰিদ্ৰতাই জন্মৰ হাৰ বৃদ্ধিৰ কাৰক হৈ পৰে৷ শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতা, ধৰ্মীয় কাৰণ, মহিলাৰ বাবে নিয়োগৰ সুযোগহীনতা আৰু জন্ম নিয়ন্ত্ৰণৰ কৌশলৰ অজ্ঞতা আদিৰ লগে লগে জন্মৰ উচ্চ হাৰ আগবাঢ়ি গৈ থাকে৷ যদিহে জনসংখ্যা বৃদ্ধিয়ে সঞ্চয় হ্ৰাস কৰে, প্ৰতিজনলোকৰ গড় মুলধন বিলোপ ঘটায়, কৃষিত শ্ৰমৰ প্ৰান্তীয় উৎপাদন হ্ৰাস কৰে তেনেহ’লে জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰতা চিৰস্থায়ী কৰাত সহায় কৰে৷ হ্ৰস্ব কালীন ম্যাদত জনসংখ্যা বৃদ্ধিয়ে উন্নয়ন প্ৰক্ৰিয়াত বাধা জন্মায়৷ কাৰণ, জনসংখ্যাৰ চাপে চৰকাৰী ব্যয়ত প্ৰবল হেঁচা দিয়ে৷ যদিহে পৰিপূৰক সম্পদসমূহ আৰু উৎপাদনৰ উদানবোৰ মজুত থাকে তেন্তে জনসংখ্যা বৃদ্ধিয়ে দীৰ্ঘ ম্যাদী কালত এনেবোৰ সমস্যাত নেপেলায়৷ তেতিয়া জনসংখ্যা বৃদ্ধিয়ে বিনিয়োগ আৰু কাৰিকৰী উন্নয়নত উৎসাহ যোগাব৷ অসমৰ জনবিস্ফোৰণে চৰকাৰী ব্যয়ত প্ৰবল চাপৰ সৃষ্টি কৰিছে৷ অসমৰ চৰ অঞ্চল আৰু বনাঞ্চলসমূহত সন্দেহযুক্ত বিদেশী নাগৰিকে ভৰি পৰিছে৷ বহু ক্ষেত্ৰত এনেবোৰ নাগৰিকৰ বাবে অসম চৰকাৰে চৰকাৰী ধন ব্যয়ৰ ক্ষেত্ৰত প্ৰবল চাপৰ সন্মুখীন হৈছে, যাৰ ফলত খিলঞ্জীয়ালোকসকল চৰকাৰী আঁচনিবোৰৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছে৷ অসমত চৰকাৰে পৰিপূৰক সম্পদসমূহ আৰু উৎপাদনৰ উপাদানসমূহৰ সুপ্ৰয়োগৰ যোগেদি বৰ্ধিত জনসংখ্যাক নিয়োগৰ সুবিধা দিয়াত বহুবছৰৰ পূৰ্বৰে পৰা বিফল হৈ আহিছে আৰু বৰ্তমান বহুতো ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দুৱাৰত তলা ওলমাই চৰম ব্যৰ্থতাৰ প্ৰমাণ দিছে৷ চৰকাৰৰ এনে কাৰ্যৰ ফলত অসমৰ খিলঞ্জীয়ালোকসকলৰ আৰ্থিক দুখ-দুৰ্দ্দশা সীমাহীন হৈ পৰিছে৷
 ২০০১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ জনসংখ্যা আছিল ২৬.৬৬ মিলিয়ন৷ ২০০৬ চনত ই হ’লগৈ ২৮.৬৭ মিলিয়ন আৰু ২০১১ চনত হ’ল ৩০. ৫৭ মিলিয়ন৷ এই বৰ্ধিত গতিলৈ লক্ষ্য ৰাখি ২০১৭ চনৰ অসমৰ জনসংখ্যা ৩৪.৪৯২ মিলিয়ন হ’ব বুলি অনুমান কৰিব পাৰি৷(তথ্যঃ Indiapopulation2017.in) দেখা গৈছে যে বিগত  বছৰবোৰত  অসমৰ জনসংখ্যা অবিশ্বাস্য ভাৱে বৃদ্ধি পাইছে৷ বিদেশী অনুপ্ৰবেশক মূল কাৰণ হিচাপে গণ্য কৰি তাক নিৰ্মূলৰ বাবে অসমত বহুবছৰৰ পূৰ্বেই আন্দোলনৰ সূচনা হৈছে৷ বৰ্ধিত জনসংখ্যাৰ ফলত অসমত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে আৰু অন্যান্য  কিছুমান  আৰ্থ-সামাজিক  সমস্যাৰ  সৃষ্টি  কৰিছে৷ বিশেষকৈ ৰাজনৈতিক দলবোৰে ভৌট বেংকৰ  স্বাৰ্থত ৰক্ষণাবেক্ষণ দিয়া বিদেশী অনুপ্ৰৱেশকাৰীসকলে মানসিক বিকাশৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ নানা  অপৰাধমূলক আৰু অসামাজিক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷  এনে ক্ষেত্ৰত দলবাগৰা আৰু চলচাই কঠিয়া পেলোৱা বিধৰ চতুৰ ৰাজনৈতিক নেতাসকলে ভাৰতীয় জনতা দললৈ আহি শাসনৰ বাঘজৰী হাতত লৈ ক্ষমতা  চিৰস্থায়ী কৰা বাবে  নিজৰ দ্বৈত মানদণ্ডৰ পৰিচয় নিৰ্লজভাৱে দি কংগ্ৰেছ দলত নিজে থাকোঁতে আমদানী কৰা বিদেশী নাগৰিকৰ দ্বাৰা সৃষ্ট ভাবুকিৰ কথা কৈ জনসাধাৰণক ভীতিগ্ৰস্ত কৰি তাৰ পৰিত্ৰাণৰ বাবে পুনৰ অসমত বাংলাদেশীক ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদানৰ পক্ষত থিয় দিবলৈ আহ্বান কৰিছে৷  এনে নেতাই নিজে মন্ত্ৰী হৈ থাকোতেই শিক্ষা, স্বাস্থ্য আৰু অনেক দিশত এচামলোকক বঞ্চিত কৰি ৰখাৰ ফলত তেনেলোকৰ এক বংশবৃক্ষ যে এক বংশ অৰণ্যত হৈ পৰিল সেয়া এতিয়া নাগৰিক পঞ্জী উন্নীত কৰোঁতে ওলাই পৰিছে৷ এনে বংশ বৃদ্ধি ৰোধৰ ব্যৱস্থা চৰকাৰে নিশ্চয়ে কৰিব পাৰিলেহেঁতেন আৰু তেতিয়া দৰিদ্ৰ আৰু অশিক্ষিত অসমীয়াৰ সংখ্যা কমিলহেঁতেন; কিন্তু ৰাজনৈতিক মুনাফা লাভৰ আশাত সেই কাম নকৰিলে৷ এনে বিড়ম্বনাৰ সমোচিত প্ৰতিক্ৰিয়া ৰাজ্যখনৰ জনগণে ব্যক্ত কৰিছে৷ অসমৰ সচেতনলোকসকলে শংকিত হৈ পৰিছে যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ লক্ষ্যেৰে প্ৰস্তুত কৰা নাগৰিকত্ব সংশোধনী আইন,২০১৬ ৰ সংসদত গৃহিত হ’লে অচিৰেই ভাষিক সংখ্যালঘূসকল সংখ্যাগুৰুত পৰিগণিত হ’ব আৰু অসমীয়া ভাষা সংকটত পৰিব আৰু একালত ত্ৰিপুৰী জাতিৰ দৰে অসমীয়া জাতিৰ অৱস্থা হ’ব৷ অৱশ্যে ধৰ্মৰ নামত ৰাজনীতি কৰা চতুৰ অসমীয়া ৰাজনৈতিক নেতাসকলে সম্প্ৰতি ক্ষমতাৰ ৰাগিত মতলীয়া হৈ থাকি অনুধাৱন কৰিব নোৱাৰিলেও, তেনে অসমমীয়া বিধ্বংসী আইন বলবৎ হ’লে সৰ্বভাৰতীয় ৰাজনৈতিক নেতাৰ চক্ৰান্তত পৰি শাসনৰ বাঘজৰীডাল অদূৰ ভৱিষ্যতে তেওঁলোকেও অনাঅসমীয়াৰ হাতত তুলি দিবলৈ বাধ্য হ’ব

 দেখা যায় যে স্বাধীনোত্তৰ কালৰ অসমৰ কোনো এখন চৰকাৰেও জনসংখ্যা বৃদ্ধিৰ কুফলবোৰ অনুধাৱন কৰা নাই আৰু ৰাজনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দি বিদেশীৰ প্ৰতি দয়াশীল হৈছে৷ কংগ্ৰেছে যদি বিদেশী মুছলমানক আকোঁৱালি ল’ব বিচাৰিছে, তেন্তে ভাৰতীয় জনতা দলে বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে ৷ যেনেকৈয়ে নহওক,  ১% ধনী ব্যক্তিৰ হাতত দেশৰ ৫০% তকৈ অধিক সম্পদ তুলি দি ভাৰতবৰ্ষই বিশ্বৰ ছখন উন্নত অৰ্থনীতিৰ দেশৰ তালিকাভুক্ত হোৱাৰ ক্ষণত বিদেশীৰ বোজা বহন কৰা অসমখন নিচেই দৰিদ্ৰ ৰাজ্য হৈয়ে থাকিল৷ উল্লেখযোগ্য যে অসমত দৰিদ্ৰ সীমা ৰেখাৰ তলত ৩১.৯৮% লোকে বসবাস কৰে৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ গড় হিচাপ ২১.৯২% হে৷ সকলোতকৈ উন্নত ৰাজ্য গোৱাত কেৱল ৫.০৯ শতাংশ লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে৷

অসমৰ এই জলন্ত নিবনুৱা সমস্যাক অকপতে স্বীকাৰ কৰি অসমৰ উদ্যোগ মন্ত্ৰীগৰাকীয়ে কিছুদিনৰ  পূৰ্বে অসমৰ নিবনুৱাসকলক বিদেশী ভাষাৰ শিক্ষা লৈ বিদেশত গৈ চাকৰি কৰিবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ বিপৰীতে চৰকাৰে বিদেশীলোকক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপিত কৰিব বিচাৰিছে৷ এয়া অসমৰ জনসাধাৰণৰ বাবে অতি পৰিতাপৰ বিষয় হৈ পৰিছে৷ জনসংখ্যা বৃদ্ধিৰ কুফলত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰা অৱস্থাত বিদেশীক স্বদেশী কৰি জনসংখ্যা বঢ়াই লোৱাটো যুক্তিসংগত হ’ব পাৰেনে? ৰাজ্যখনৰ ভূমি, মূলধন, সংগঠন আদি উৎপাদনৰ উপাদান সমূহক অসমীয়ালোকৰ স্বাৰ্থত উপযুক্তভাৱে কামত লগাবলৈ চেষ্টা চলালে উৎপাদনৰ অন্য আহিলাস্বৰূপ শ্ৰমৰ অভাৱ নহয়৷ অসমৰ যুৱশক্তিৰ সুপ্ৰয়োগে বহু সমস্যা সমাধানৰ পথ উন্মুক্ত কৰিব৷ যদিহে বিদেশী ৰাষ্ট্ৰই আমাৰ দেশৰ নিবনুৱাক চাকৰি দিব পাৰে, তেনেহ’লে আমাৰ চৰকাৰে কিয় সেই কাম কৰিব নোৱাৰে? নিজে বিবস্ত্ৰ হৈ আনক বস্ত্ৰ পিন্ধাবলৈ যোৱাতকৈ চৰকাৰে নিজৰ ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নতিৰ কথা চিন্তা কৰিলে বহু জটিল সমস্যা অনায়াসে সমাধান হ’ব আৰু অসম উন্নতিৰ পথত আগুৱাই যাব৷
আমি আশা কৰোঁ যে আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলে জাতি-ধৰ্মৰ সংকীৰ্ণ বেষ্টনীৰ  মাজৰ পৰা ওলাই আহি বৃহত্তৰ অসমীয়া জাতিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ হকে চিন্তা কৰি অসমত জনবিৰোধী  আইন জাপি দিয়াৰ পৰা কেন্দ্ৰ চৰকাৰক বাৰণ কৰিব৷
++++সমাপ্ত++++
বিঃদ্ৰঃ প্ৰবন্ধটো ভাৰতৰ সৰ্বাধিক প্ৰচলিত বলিষ্ঠ কাকত " তিনিদিনীয়া অগ্ৰদূত" ৰ ৩০ মে ২০১৮ সংখ্যাৰ বিশেষ নিবন্ধ শিতানত প্ৰকাশ পাইছে৷

Wednesday, 16 May 2018

কেৱল মৃত্যু দণ্ডই অপৰাধ প্ৰৱণতা ৰোধ কৰিবনে ?

কেৱল আমাৰ অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে নাৰী নিৰ্যাতনৰ ঘটনা ইমানেই বৃদ্ধি পাব ধৰিলে যে ধৰ্ষণ ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰি অপৰাধীৰ শাস্তি স্বৰূপে মৃত্যু দণ্ডৰ ব্যৱস্থা কৰিব লগা হ’ল৷ সমাজত কৰ্কট ব্যাধিৰ ৰূপ ধাৰণ কৰা বলাৎকাৰ নিৰ্মূলৰ বাবে কৰ্কট ৰোগ অস্ত্ৰোপচাৰ কৰি দূৰ কৰিবলৈ চেষ্টা কৰাৰ দৰে মৃত্যু দণ্ডৰ যোগে অপৰাধী নিঃশেষ কৰিব পৰা যাবনে ? নে অপৰাধৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হ’ব? দেশৰ প্ৰচলিত আইনৰ প্ৰতি ভয় ভাবেই কেবল অপৰাধ নিয়ন্ত্ৰণ কৰিবনে ? আইনৰ প্ৰতি শ্ৰদ্ধাৰ ভাব জাগ্ৰিত হ’ব নালাগিবনে? ইয়াৰ বাবে ৰাজনৈতিক নেতাকে ধৰি সাধাৰণ জনতালৈকে সমাজৰ সৰ্বস্তৰৰ লোকৰ দায়বদ্ধতা নাইনে ? সমাজৰ সকলো ধৰণৰ দুৰ্নীতি, অপৰাধ প্ৰৱণতা আৰু চৰকাৰী ভ্ৰষ্টাচাৰৰ দ্বাৰা ধৰ্ষণকাৰীহঁত মানসিক ভাৱে প্ৰভাবিত আৰু উৎসাহিত হোৱা নাইনে? দেশখনক, বিশেষকৈ আমাৰ অসমখনক আৰ্থিকভাৱে কোঙা কৰি সংঘটিত কৰা বৃহৎ বৃহৎ অৰ্থনৈতিক কেলেংকাৰিবোৰে সমাজখনৰ চাৰিত্ৰিক বৈশিষ্টত কোনো ধৰণৰ কু-প্ৰভাব পেলোৱা নাই নেকি? সেইবোৰে ধৰ্ষণত জড়িতহঁতক দেশৰ প্ৰচলিত আইনক উপলুঙা কৰিবলৈ উদগনি দিয়া নাইনে? তেনে অপৰাধীবোৰ আৰু তেনে অপৰাধীক প্ৰশয় দি ধন আহৰণ কৰা ৰাজনৈতিক নেতাসকল  কেনেকৈ ক্ষমাৰ যোগ্য হ’ব পাৰে ? তেনেবোৰ অপৰাধীৰ বাবে আইন কঠোৰ হ’ব  নালাগে নেকি? উচ্চ শিক্ষিতসকলে দুৰ্নীতি কৰি হাঁহিমুখে কাৰাগাৰত প্ৰৱেশ কৰিলে বাকীবোৰলৈ থকিল কি ?
দৰাচলতে অতি সাম্প্ৰতিক কালত আমাৰ দেশে  বিশ্ব-অৰ্থনীতিৰ অঘোষিত  প্ৰতিযোগিতাত ভাগ লৈ দৌৰ মাৰোঁতে সকলোকে লগত লৈ আগ নাবাঢ়ি কেইজনমান বাছক-বনীয়া ব্যৱসায়ীৰ বাউসীত ওলমিছে৷ ইয়াৰ পৰিণাম স্বৰূপে বণিক গোষ্ঠীক নানা সা-সুবিধা আগ বঢ়াবলৈ গৈ দেশৰ কৌটি কোটি জনতাৰ স্বাৰ্থক আওকান কৰি যাব ধৰিছে৷ সেয়ে দেশত স্বৰ্গ আৰু নৰকৰ দৃশ্য জলজল পটপটকৈ দৃশ্যমান হৈ পৰিছে৷ লাহে লাহে দেশ দুখন হৈ পৰিছে৷ এখন ধনীৰ আনখন দুখীয়াৰ দেশ৷ ধনীসকলে দূখীয়াসকলক শোষণ কৰাৰ সকলো পথ বিচাৰি পোৱাৰ বিপৰীতে দুখীয়াসকলে জীয়াই থকাৰ পথ বিচাৰি নাপাই ইতৰ প্ৰাণীৰ শাৰীত থিয় দিছে৷ সমাজ ব্যৱস্থাৰ এই আসোঁৱাহ আৰম্ভণিতে নিৰ্মূল নকৰি স্বাধীনোত্তৰ কালৰ সত্তৰটা বছৰত সৰ্বহাৰা লোকৰ উত্তৰণৰ নামত নানা আঁচনি প্ৰস্তুত কৰি  ৰাজনৈতিক নেতা, বণিক গোষ্ঠী, আমোলা-বিষয়া সকলোৱে মিলি ধন আত্মসাৎ কৰি যাবলৈ চৰকাৰে সুবিধা দিলে৷ কোনো ধৰণৰ আইনে এনে দুৰ্নীতি ভ্ৰষ্টাচাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে৷ এৰা, কথাতেই কয় নহয়, ‘ৰজাই ভাল দেখে যাক…৷’ দেশৰ প্ৰচলিত আইন উলঙ্ঘাকাৰীসকল অত্যুৎসাহী হৈ পৰিল৷ তেওঁলোকেই ধনতন্ত্ৰৰ কোলাত লালিত-পালিত হ’ব ধৰা গণতন্ত্ৰৰ সুবিধা লৈ শাসনৰ বাঘজৰী হাতত ল’বলৈ সুযোগ পালে৷ দেশখন ক্ৰমান্বয়ে যে ৰসাতলে যাব ধৰিলে তাক উন্নয়নৰ শ্লোগান গাই কৌশলেৰে ঢাকি গ’ল তথাকথিত দেশৰ জনপ্ৰিয় চৰকাৰে৷ এইদৰেই দেশৰ ৩৬ কোটিৰ অধিক  জনতা দৰিদ্ৰ সীমা ৰেখাৰ তলতেই থাকি গ’ল চিৰ দিনৰ বাবে৷ বৰ্তমানৰ চৰকাৰী নীতিয়ে ভুল পথেৰে গতি কৰি দেশৰ বৃহৎ অৰ্থনৈতিক ক্ষতি কৰি তাক পূৰণৰ বাবে এচাম লোকৰ জীৱিকাৰ সম্বল কাঢ়ি নিছে, যাৰ ফলত তেওঁলোকো দৰিদ্ৰ সীমা ৰেখাৰ তললৈ নামি গৈছে৷ চৰকাৰৰ এই বঞ্চনাৰ পৰিক্ৰমাৰ পৰা অৱসৰপ্ৰাপ্ত বয়োজ্যেষ্ঠসকলেও ৰেহাই পোৱা নাই৷ তেওঁলোককো প্ৰাপ্য পেন্সনৰ পৰা বঞ্চিত কৰি কাপ কাপ কৰি মৰিবলৈ এৰি দিয়া হৈছে৷ দেশৰ ন্যায় পালিকাও নিমাত৷ হাঁয় ভাৰত মাতা ! ৰাষ্ট্ৰপতি, ন্যায়ধীশ, মন্ত্ৰী, সাংসদ, বিধায়ক, আমোলা-বিষয়া, ঠিকাদাৰ আৰু বণিকসকলৰবোৰহে জীৱন৷ বাকী কৃষক মজদুৰৰ এই দেশত মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ যেন হেৰাই যাব ধৰিছে৷

স্বাধীন ভাৰতত অংকুৰিত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বট-বৃক্ষৰ পুলিটো শাসনৰ বাঘজৰী হাতত লোৱা ৰাজনৈতিক নেতাসকলে উৎখাত কৰিবলৈ তেওঁলোকৰ নৈতিকতাৰ অভাৱ ঘটিল৷ কাৰণ, তেওঁলোক দূৰ্নীতি ভ্ৰষ্টাচাৰৰ পংকিলতাত নিজেই নিমগ্ন হৈ পৰিল৷ পুলিটো এতিয়া এক প্ৰকাণ্ড বট-বৃক্ষলৈ ৰূপান্তৰিত হ’ল - যাৰ ছায়াতে সৰ্ব স্তৰত অপৰাধ প্ৰৱণতাই গা কৰি উঠিছে৷ এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বট-বৃক্ষক সমুলঞ্চে উভালি পেলোৱাৰ প্ৰচেষ্টাৰ অভাৱ বতৰ্মানো পৰিলক্ষিত হয়৷ ধনতন্ত্ৰৰ প্ৰত্যক্ষ প্ৰভাব পৰা গণতন্ত্ৰত এয়া যেন কোনো কাহানিও সম্ভৱ নহ’ব৷ এনেবোৰ দুৰ্নীতি ভ্ৰষ্টাচাৰেই আমাৰ দেশৰ সমাজ ব্যৱস্থাক বাৰুকৈয়ে কলুষিত কৰিছে যাৰ ফলত আইনৰ প্ৰতি জনতাৰ শ্ৰদ্ধা কমিছে আৰু নাৰীৰ শ্লীলতা হানি কৰা এচাম লোকৰ সৃষ্টি হৈছে৷  
দূৰলৈ নগৈ আমাৰ অসমৰ পটভূমিতে কথাবোৰ আলোচনা কৰিব পাৰি৷ অসমত যিবোৰ দুৰ্নীতি ব্যভিচাৰৰ কাহিনী পোহৰলৈ আহিব ধৰিছে সেইবোৰ ধৰ্ষণৰ ঘটনাতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ হ’ব নোৱাৰে৷ অসমৰ সমূহ জনগণ ৰাজপথলৈ ওলাই আহি এনেবোৰ দুৰ্নীতি ব্যভিচাৰৰ আঁৰত থকা ৰাজনৈতিক নেতাক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী কৰা উচিত৷ এনে তথাকথিত শিক্ষিত নেতাবোৰে চলাই যোৱা শোষণৰ ফলতেই সমাজৰ এচাম লোক অন্ন-বস্ত্ৰ, শিক্ষা, স্বাস্থ্য আদি সুবিধাৰ পৰা বঞ্চিত হৈছে ৷ তেওঁলোকৰ এচামলোক  চৰকাৰী অৱহেলাৰ ফলত সকলো দিশতে পিছ পৰি থাকি কু-সংস্কাৰৰ বলি হৈ অপৰাধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷ অসমৰ অন্যান্য দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু  লোক সেৱা আয়োগৰ দুৰ্নীতিৰ ফলত সৃষ্ট দুৰ্নীতিপৰায়ণ এচাম আমোলা বিষয়াই ৰাজ্যখনৰ চৰকাৰী কাৰ্যালয়সমূহত কিমান যে দুৰ্নীতি সংঘটিত কৰিলে তাৰ কোনো তথ্য বিচাৰ কৰা হোৱা নাই৷ এই বোৰ দুৰ্নীতিৰ পাৰ্শ্ব ক্ৰিয়া সমাজৰ বাবে কেনে হ’ব পাৰে ভাবি চাওকচোন৷ আইনৰ প্ৰতি শ্ৰদ্ধা জগাই তুলিব পৰা শ্ৰদ্ধাস্পদ আইন ৰক্ষীসকলেই যদি আইন উলঙ্ঘা কৰি ধন ঘটিব ধৰে তেন্তে ঘটীৰাম বাটিৰামৰ সামান্য মগজুত অপৰাধ প্ৰৱণতা জাগি উঠাটো তেনেই স্বাভাৱিক৷ গতিকে শিক্ষিত অপৰাধী আৰু ৰাজনৈতিক অপৰাধীৰ শাস্তিৰ বিধান কঠোৰ হোৱা দৰকাৰ৷ যিহেতুকে তেওঁলোকে সমাজখন নিকা কৰিব পৰা ক্ষমতা লাভ কৰি তাৰ বিপৰীতে নিজে সমাজ কলুষিত কৰিবলৈ গৈছে, গতিকে দুগুণ শাস্তি পোৱা উচিত৷

প্ৰকৃততে সমাজখন নিকা কৰি ৰাখিবলৈ সৰ্ব স্তৰৰ লোকৰ মনত দেশ প্ৰেমৰ ভাৱনা জগাই তুলিব পাৰিব লাগিব৷ এয়া কেৱল গণতন্ত্ৰতহে সম্ভৱ৷ শাসকবৰ্গই দেশৰ জনতাক গণতন্ত্ৰৰ সোৱাদ পাবলৈ দিব লাগিব৷ জনগণে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ উপভোগ কৰিবলৈ পাব লাগিব৷ জনগণে উপলব্ধি কৰিব পাৰিব লাগিব যে চৰকাৰ তেওঁলোকে পাতি দিছে আৰু তেওঁলোকেই দেশৰ মালিক আৰু শাসকসকল তেওঁলোকৰ সেৱক৷ এনে ভাৱৰ উন্মেষ ঘটাবৰ বাবে  গণতন্ত্ৰ সুপ্ৰতিষ্ঠিত হোৱাৰ বিপৰীতে দেশত অন্ধ বিশ্বাসৰ ওপৰত ভিত্তি কৰা ধৰ্ম তথা জাতপাতৰ সংকীৰ্ণ গণ্ডীৰ ৰাজনীতিয়েহে গা কৰি উঠিছে৷ দেশত সচেতন নাগৰিকৰ সৃষ্টি নহৈ শিক্ষা লাভৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত এচাম অৰ্থৰ বিনিময়ত বিক্ৰী হোৱা দৰিদ্ৰ ভোটাৰৰ সৃষ্টি কৰি থকা হৈছে- যিসকল বাংলা দেশৰ পৰা আগমণ ঘটা ভিন্ন ধৰ্মী বিদেশীও হ’ব পাৰে৷ এতিয়া এইচাম লোককে ধৰি দেশৰ ভিন্ন জনগোষ্ঠীৰ দৰিদ্ৰ জনসাধাৰণক উচ্চ প্ৰযুক্তিৰ সোৱাদ দি তেওঁলোকৰ ধন টকা-পইচা ধনী ব্যৱসায়ীসকলক লুটিবলৈ নানা সুযোগ দিয়া হৈছে৷ ইন্টাৰনেটৰ অপৰিসীম সুবিধাৰে সৈতে হাতত স্মাৰ্টফোন লৈ এচাম অশিক্ষিত আৰু অৰ্ধশিক্ষিত যুৱকে অশ্লীল ভিডিঅ’ চাই যৌন উন্মাদনাত ভূগি নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ দৰে ঘটনাৰ পৰিসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ এইবোৰৰ প্ৰতি চৰকাৰৰ বিশেষ মনোযোগ নাই৷

নিজৰ অপ্ৰাপ্তবয়স্ক সন্তান অথবা তেনে অন্য কাৰোবাৰ পৰা স্মাৰ্টফোনৰ ব্যৱহাৰ, ইন্টানেট প্ৰয়োগৰ শিক্ষা, ফেচবুক, টুইটাৰ আৰু ইনষ্টগ্ৰাম আদি সামাজিক মিডিয়াত নিজকে অন্তৰ্ভুক্তি কৰিবলৈ অ-আ ক-খ শিকা অনভিজ্ঞ অভিভাৱকসকলেনো কিদৰে কণমানিহঁতক ইন্টাৰনেটৰ অপব্যৱহাৰৰ ফলত ঘটিব পৰা কু-ফলৰ পৰা ৰক্ষা কৰিব? উপায় নাই! ভিক্ষা কৰি হ’লেও পিতৃ-মাতৃয়ে সন্তানক স্মাৰ্টফোন কিনি দিব লাগিব৷ তাৰ ফলাফল তেহেলৈ যিয়েই নহওক লাগে৷ দেশ প্ৰগতিৰ পথত৷ ইন্টাৰনেট আৰু স্মাৰ্টফোন বিক্ৰী হ’ব লাগে৷ ধনী অধিক ধনী হ’ব লাগে আৰু চৰকাৰী বঞ্চনাৰ বলি দৰিদ্ৰই ইতৰ প্ৰাণীৰ শাৰীলৈ গৈ জীৱন কটাওক৷ পিচে ইতৰ প্ৰাণী হৈ তেওঁলোকে ইতৰ প্ৰাণীৰ দৰে আচৰণ নকৰি কৰিব কি? তেওঁলোকে আইনে কি শাস্তি বিহিব তাক অনুভৱ কৰিবনে? ফাঁচীকাঠত কিমানজনক তুলিব ? শেষ হ’বনে অপৰাধী ? সমাজৰ ধনী ব্যক্তিসকলে সমাজৰ নিম্ন স্তৰৰ লোকসকলক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ নিদি,  মানৱ-ধৰ্ম পাহৰি গৈ ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰি নিজে সামাজত অসুৰ তথা দৈত্য–দানৱৰ সৃষ্টি কৰি গৈছে৷ এইদৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈ সভ্যতাৰ জখলাত বগাব পাৰিবনে সমাজখনে?
+++++++++সমাপ্ত++++++++
বিঃ দ্ৰঃ প্ৰবন্ধটো ভাৰতৰ অন্যতম সৰ্বাধিক প্ৰচলিত আৰু শক্তিশালী কাকত 'তিনিদিনীয়া অগ্ৰদূত'ত ১৬ মে' ২০১৮ সংখ্যাত বিশেষ নিবন্ধ শিতানত প্ৰকাশ পাইছে৷

Tuesday, 8 May 2018

কৌতুক


ফেচেকা কাইটিয়ে কিবা কথা এটা মনত পৰা বাবে
অকলে অকলে হাঁহি আছে৷
মই গৈ তাৰ ওচৰ পাওঁতে
সি হাঁহিটো ৰখাবই নোৱাৰা হ’ল;
“ হি--- হি----হি-----------৷”
মই বোলো , “ কি হ’ল অ, ফেচেকা কাইটি ?
অকলে অকলে হাঁহিছ যে, পগলা হোৱা নাইতু ??”
এইবাৰ যেনেতেনে হাঁহিটো ৰখাই ক’লে,
“নহয় অ’ মাজু, মানে পুৰণি কথা এটা মনত পৰিল৷”
মই ক’লো, “ কি কথা ? ”
সি ক’লে, “ বহুত বছৰৰ আগৰ কথা ,তেতিয়া আমাৰ
ইয়াত মেট্ৰিক পৰীক্ষাৰ চেন্টাৰ নাছিল, শিৱসাগৰতহে
পৰীক্ষা দিব লাগে, আমাৰ লগত কচুগাঁৱৰ ভাবিৰামো
পৰীক্ষা দিবলৈ গৈছিল৷ আমি আটাইবোৰে পুৰীয়া লৈহে পৰীক্ষা দিওঁ৷
পঢ়া-শুনা নাই, কি কৰিম ? চিনেমাকে চাই সময় পাৰ কৰোঁ৷ পিছে
ভাবিৰামে একেখন চিনেমাকে বিশদিনমান চোৱা বাবে আমি
আচৰিত হৈ তাক এদিন  কথাটো সুধিলো৷
তেতয়াহে কথাটো গম পালোঁ,মানে চিনেমাখনত এটা দৃশ্য আছে,
দৃশ্যটো হ’ল---------
হেলেন সুন্দৰীয়ে নিজৰ দেহাৱৰণসমূহ এপদ এপদকৈ
খুলি গৈ আছে---গৈ আছে------------
এনেতে আগেদি এখন ট্ৰেইন পাৰ হৈ যায়৷----”
মই ক’লো, “ তাতে কি হ’ল ? সেইবুলি চিনেমাখন
বিশবাৰ চাব লাগেনেকি ?”
তেতিয়া ফেচেকা কাইটিয়ে ডবল হাঁহি এটা মাৰি ক’লে,
“তাকেইতু আমি তাক  সুধিলত সি কি ক’লে জান ?
ক’লে বোলে এদিন নহয় এদিন ট্ৰেইখন লেট হ’বই হ’ব,
সেয়ে সি চিনেমাখন সদায় চাই আছে-------হে  হে   হে৷”
বুলি  হাঁহি হাঁহি  ফেচেকা কাইটিয়ে মোক ভাকুটকুটাই দিলে৷
কোনটো কাৰণত জানো মোৰো হাঁহি উঠি গ’ল৷
হা—হা---হা-------------------------------৷
+=====+======+=====+


কৌতুক


চাকৰিত যোগদান কৰাৰ  প্ৰথম দিনৰে কথা৷ এজন মানুহ আহি কাষৰ হোটেলখনৰ পৰা ভালৰো ভাল মিঠাই আৰু স্পেচিয়েল চাহ আনি অফিচৰ প্ৰত্যেকৰ সমুখৰ টেবুলে টেবুলে দি ল৷ মানুহজনেও আমাৰ লগতে চাহ মিঠাই খাই কিছু সময় বহি  ওচৰৰ  সাপ্তাহিক বজাৰলৈ গুচি ল৷ আমাৰ অফিচৰ কোনজনৰ লগত মানুহজনৰ বিশেষ চিনাকি সেই কথা নজনাকৈয়ে থাকি ল৷
মানুহজন প্ৰায়ে অফিচলৈ এনেদৰে আহে আৰু চাহ মিঠাই খুৱাই আৰু নিজেও খাই যায় ; কিন্তু কোনো দিনে তেওঁৰ কিনো অভিপ্ৰায় আছে ব্যক্ত নকৰিলে৷ কথাটো চিন্তা কৰি মইতো আচৰিতেই হ’লো৷ পিছে মাহটোৰ শেষৰ ফালে  মানুহটোক আৰু দেখা নোপোৱা হ’লো৷
পিছে জোলোঙাৰ মেকুৰী ওলাবলৈ দেৰি নালাগিল৷ অফিচৰ এজন  ষ্টাফৰ  মাহেকীয়া চাহৰ বিল পৰিশোধ কৰিবলৈ গৈ হোটেলৰ খাটাৰ হিচাপ দেখি চকু কপালত উঠিল৷  হায় ! ফিৰি চাহ মিঠাই !! মানুহটোৱে হোটেলৰ খাটাত অফিচৰ নামত লিখাই আমাক তৃপ্তি দিয়াৰ লগতে নিজেও মজা ল’লে৷
+++====++====++





কৌতুক


গাৱঁৰ মেধাবী ছাত্ৰ কোমল বৰা এদিন এজন নামজ্বলা ডাক্তৰ হ’ল৷ তেৱঁৰ গৱেষণামূলক কাম কাজসমূহত গুৰুত্ব দি আমেৰিকা যুক্তৰাষ্ট্ৰই আমন্ত্ৰণ কৰি নি গৱেষণাৰ কামত নিয়োজিত কৰিলে৷

জিনৰ ওপৰত গৱেষণা কৰি তেওঁ বেমাৰ প্ৰতিৰোধ কৰিব পৰা অনেক ঔষধ উদ্ভাৱন কৰিলে৷ সমগ্ৰ বিশ্বতে তেওঁৰ নাম উজলি উঠিল৷ পিছে নিজ দেশৰ ঘৰত এৰি অহা পিতৃ-মাতৃলৈ তেওঁৰ সদায়ে মনত পৰি থাকে৷ কিবা উপায়েৰে তেওঁলোকক বহু বছৰ জীয়াই ৰাখিব পাৰি নেকি তাৰ চিন্তাত কোমল বৰা বিভোল হৈ পৰিল৷

অৱশেষত তেওঁ বহু চেষ্টাৰ মূৰত নিজৰ গাঁঠিৰ ধন খৰচ কৰি তিনিটা মহামূল্যৱান টেবলেট  অতি  গোপনে প্ৰস্তুত কৰি উলিয়ালে৷ কোমল বৰাই টেবলেট তিনিটা মাক –দেউতাকলৈ পঠাই দিলে৷ লগত পঠিওৱা পত্ৰযোগে জনালে যে তিনিটা টেবলেটৰ এটা দেউতাকে খাব, আনটো মাকে খাব আৰু থাকি যোৱাটো ভালদৰে থৈ দিব৷ ঘৰলৈ গৈ সেই টেবলেটটো কোমল বৰাই নিজে খাব৷

কথামতেই কাম৷ এটা টেবলেট দেউতাকে খালে আৰু আনটো খালে মাকে৷  কি আচৰিত ! টেবলেট খোৱাৰ কিছু সময়ৰ পিছতে দুয়োৰে গালৈ ডেকা ডেকেৰীৰ শক্তি ঘূৰি আহিল৷ দেউতাকে স্ফুৰ্তিত ক’ব নোৱাৰা হ’ল৷ তেওঁ বিহু গাই গাই নাচ এটাকে মাৰি দিলে৷

দেউতাকে ভাৱিলে, “সিতো তাত এনেকুৱা বহুত টেবলেট বনাব, তালৈ টেবলেটটো কিয় থ’ব লাগিছে ?  তালৈ থোৱাটোও খাই পেলাওঁ  বাপ্পেকে ; গাটো আৰু অলপ ভাল লাগক৷”

দেউতাকে মাকৰ পৰা খুজি পুতেকলৈ থোৱা টেবলেটটোও খাই পেলালে৷ কিছু সময়ৰ ভিতৰতে ঘৈনীয়েকৰ চকুৰ সমুখতে মানুহটোৰ শৰীৰৰ এক অকল্পনীয় আৰু অবাস্তৱ পৰিবৰ্তন ঘটি গ’ল৷ আপুনি বা মই বিশ্বাস কৰিলে বা নকৰিলেও মানুহটো এটা কেঁচুৱালৈ ৰূপান্তৰিত হ’ল৷ মাকৰ  হাঁহিমেই  নে কান্দিমেই অৱস্থা হ’ল৷ কাকনো ক’ব ? কোনেনো শুনিব?

কিছু দিনৰ পিছত পুতেক ঘৰলৈ আহি চোতালতে মাকক দেখা পাই কথমপিহে চিনিব পাৰিলে৷

“ মা, মা , মই আহিলো৷ তুমি একেবাৰে গাভৰু ছোৱালী হৈ পৰিলা৷ দেউতা, দেউতা ক’ত আছে মা ?”

পুতেকে আৱেগতে একে উশাহতে কৰা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মাকৰ মুখত কথাই নোলালে তেতিয়া৷ মাকে মোথো পুতেকৰ হাতত ধৰি  ঘৰৰ ভবিতৰলৈ টানি নি বিছনাৰ ওচৰ পোৱালেগৈ ৷

বিছনাত শুৱাই থোৱা কেঁচুৱাটোলৈ আঙুলিয়াই মাকে ক’লে, “এইটোৱেই তোৰ দেউতা, তোলৈ থোৱা টেবলেটটোও খাই দিয়াৰ পিছত এই অৱস্থা হ’ল৷ মোৰ এতিয়া উপায় নোহোৱা হৈছে৷ দেউতাৰলৈ গাখীৰ অকণমানৰ ব্যৱস্থা কৰ বোপাই৷”
---=====+++++====---


Friday, 4 May 2018

অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মানৱ-নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতাৰ আলোচনা তথা দেশৰ অৰ্থনীতিৰ চৰ্চা



সাম্প্ৰতিক কালৰ এক মহান চিন্তাবিদ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ ‘The Idea of Justice’ শিৰোনামৰ গ্ৰন্থখন অৰ্থনীতিৰ ন্যায় তত্ত্বৰ বিশ্লেষণৰ ক্ষেত্ৰত এক অনবদ্য অৱদান৷  ইয়াৰ পূৰ্বে John Rawls য়ে A Theory of Justice ত ন্যায় তত্ত্বৰ বিশ্লেষণ কৰিছে৷ অৰ্থনীতিবিদ অমৰ্ত্য সেনে তেখেতৰ গ্ৰন্থখনত মানৱ-নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতা সন্দৰ্ভত নিজৰ মন্তব্য ৰাখিছে৷

অমৰ্ত্য সেন ডাঙৰীয়াই ক’ব খোজে যে ‘আমি উন্নয়নৰ অধিকতম চাহিদাবোৰ আৰু সামাজিক কল্যাণৰ অনুধাৱন কৰিবলৈ হ’লে অৰ্থনৈতিক বৃদ্ধি অতিক্ৰম কৰি যাব লাগিব৷’ এই কথা কোৱাৰ কাৰণ এয়ে যে অৰ্থনৈতিক বৃদ্ধি বুলি ক’লে দেশখনৰ জাতীয় আয়, গড় জনমূৰি আয় বৃদ্ধি পাব পাৰে; কিন্তু এখন দেশৰ সামাজিক উন্নয়ন অথবা জনকল্যাণ সমানে বৃদ্ধি নহ’বও পাৰে৷ এই প্ৰসংগতে আমি আমাৰ দেশৰ অৰ্থনীতিৰ কথা উনুকিয়াব পাৰোঁ৷ বৰ্তমান আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থালৈ মন দিলে দেখা যায় যে এচাম পুঁজিপতি বণিক আৰু আন্তৰ্জাতিক কোম্পানীয়ে ব্যৱসায় বাণিজ্যৰ সৰ্বদিশতে প্ৰভুত্ব বিস্তাৰ কৰি ধন আহৰণত উঠি পৰি লাগি গৈছে৷ সেয়ে বিশ্ববেংকৰ তথ্যত প্ৰকাশ পাইছে যে ব্যৱসায়ৰ বাণিজ্যৰ সৰলীকৰণৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ১৯০ খন দেশৰ ভিতৰত পূৰ্বৰ ১৩৪ ৰ পৰিবৰ্তে ১০০তম স্থানত উপনীত হৈছে৷ দেশত আধুনিক প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োগৰ যোগে সামগ্ৰীকভাৱে দেশ উন্নয়নৰ পথত আগ বঢ়া যেন দেখা গ’লেও জনসাধাৰণক ধনৰ বিনিময়ত প্ৰযুক্তিগত উন্নয়নৰ সোৱাদ দিয়া বণিকগোষ্ঠীহে আচলতে লাভৱান হৈ গৈ আছে৷ বণিকগোষ্ঠীটো প্ৰবল প্ৰতাপী হৈছে আৰু ৰাজনৈতিক ছত্ৰছায়াতে থাকি ৰাজনৈতিক নেতাৰ ভাগ্য নিয়ন্ত্ৰা হৈ পৰিছে৷ অন্যহাতে কেতবোৰ ভুল অৰ্থনৈতিক পদক্ষেপৰ ফলত কৰ্মসংস্থানহীন হৈ পৰি দেশৰ গৰিষ্ঠসংখ্যক লোকৰ অৰ্থনৈতিক অৱস্থা তেনেই কাহিল হৈ পৰিছে৷ এনে পৰিস্থিতিত এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ৰাইজ চৰকাৰৰ ভূমিকাক লৈ সন্দিহান হৈ পৰিছে৷ চৰকাৰৰ অৰ্থব্যৱস্থাক লৈ জনসাধাৰণে প্ৰতিবাদ কৰা দেখা গৈছে৷ সামুহিক জনকল্যানমূলক আঁচনিযোগে জনসাধাৰণৰ মংগল সাধিব নোৱাৰা চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোটি কোটি লোকৰ মন জিনিবলৈ ব্যক্তিগত তোষণৰ প্ৰচেষ্টাৰে কোটি কোটি জনলৈ ব্যক্তিগত পেন্সন, ব্যক্তিগত ভাট্টা আদি আঁচনিৰ কথা ঘোষণা কৰিছে৷ এনে আঁচনিবোৰ কৰ্ম সংস্থান সৃষ্টিত বিফল হোৱা পূৰ্বৰ চৰকাৰবোৰেও একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বৰ বাবে হাতত লৈ কিছু দিনৰ বাবে চলাই দেখুৱাই সইবোৰ পিছত পৰিহাৰ কৰিছিল৷

অৰ্থনীতিবিদ অমৰ্ত্য সেন দেৱে কৈছে যে ‘গণতন্ত্ৰ, ৰাজনৈতিক আৰু অসামৰিক স্বত্ব বা অধিকাৰে বাক স্বাধীনতা প্ৰদানযোগে, অন্ততঃ বহু পৰিস্থিতিত, বঞ্চিত আৰু পীড়িতসকলক অন্য ধৰণৰ(যেনে মানৱ–নিৰাপত্তা)স্বাধীনতা আগবঢ়াই দিয়ে৷’ এই কথাত আমি মনোযোগ দিব লাগে৷ ‘ই এক বিচাৰ্য বিষয় আৰু ৰাজহুৱা বিচাৰ বিবেচনা আৰু ‘আলোচনা ধৰ্মী চৰকাৰ’ক পৃষ্ঠপোষকতা কৰা গণতন্ত্ৰৰ ভুমিকাৰ সৈতে ওতঃপুতঃ ভাৱে জড়িত৷ দুৰ্ভিক্ষ নিয়ন্ত্ৰণত গণতন্ত্ৰৰ কৃতকাৰ্যতা মানৱ-নিৰাপত্তা আগবঢ়োৱাৰ গণতান্ত্ৰিক বিভিন্ন দিশৰ অৱদানত অন্তৰ্নিহিত হৈ থাকে; কিন্তু ইয়াত অন্য বহুতো ক্ষেত্ৰৰ প্ৰয়োগো থাকে৷’ সেয়ে আমি ভাৱোঁ যে বঞ্চিত আৰু পীড়িত জনগণে গণতন্ত্ৰৰ যোগে লাভ কৰা বাক স্বাধীনতা সুবিধাৰ সুপ্ৰয়োগ কৰি নিজকে বঞ্চনা আৰু শোষণৰ পৰা মুক্ত কৰিব পাৰে৷

‘দুৰ্ভিক্ষ প্ৰতিৰোধতকৈ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত গণতন্ত্ৰৰ প্ৰতিৰক্ষা শক্তি আচলতে অধিক ব্যাপক৷ দোপত দোপে উধাই যোৱা দক্ষিণ কোৰিয়া বা ইণ্ডোনেছিয়াৰ দৰিদ্ৰসকলে ১৯৮০ চন বা ১৯৯০ ৰ পূৰ্বে যেতিয়া সকলোৰে অৰ্থনৈতিক সুভাগ্য একেলগে বৃদ্ধি পাই যোৱা দেখা পাইছিল, গণতন্ত্ৰৰ বিষয়ে বিশেষ চিন্তা কৰা নাছিল; কিন্তু যেতিয়া ১৯৯০ চনৰ পিছত অৰ্থনৈতিক সংকটে দেখা দিলে( তেওঁলোক বিভাজিত হৈ পৰিল) তেতিয়া যিসকলৰ অৰ্থনৈতিক অৱলম্বন আৰু জীৱিকাক অগতানুগতিক ভাৱে ক্ষতিগ্ৰস্ত কৰিলে সেইসকলে হতাশাজনক ভাৱে গণতন্ত্ৰ আৰু ৰাজনৈতিক তথা অসামৰিক স্বত্ব বা অধিকাৰৰ কথা সোঁৱৰিলে৷ সেইবোৰ দেশত গণতন্ত্ৰ আলোচনাৰ এক কেন্দ্ৰীয় বিষয় বস্তু হৈ পৰিল৷ এই গতি ধাৰাত দক্ষিণ কোৰিয়াই মুখ্য ভূমিকা পালন কৰি আগুৱাই গ’ল৷’ অমৰ্ত্য সেন দেৱৰ এই কথাখিনিলৈ মন দি ভাৱি চালে আমি ক’ব পাৰোঁ যে আমাৰ দেশৰ অৰ্থনীতি যি গতিত আগুৱাই গৈ আছে সেই একে গতিতে ধাৱমান হৈ থাকিলে আমাৰ দেশৰ জনতাৰো দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়াৰ দৰিদ্ৰ জনতাৰ দৰেই অৱস্থা হ’বগৈ আৰু শেষত গণতন্ত্ৰৰ আশ্ৰয় লৈ চৰকাৰৰ নীতি সলনি কৰিবলৈ মাৰ বান্ধি ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হ’ব৷

‘প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰীয়ে ভাবুকি দিলে প্ৰতিপালন কৰ্তা স্বৰূপে কাম কৰিবলৈ সুন্দৰ ৰাজনৈতিক উদগনি শাসকসকলক দিয়া গণতন্ত্ৰৰ প্ৰতিৰক্ষামূলক ভূমিকাৰ বাবে ভাৰত লাভৱান হৈছে৷ যেইকি নহওক, কামত কিছুমান দক্ষতা লাভ কৰা দেখা যায় যদিও ভাৰতবৰ্ষত বৰ্তি থকাৰ দৰে গণতন্ত্ৰত অনুশীলন আৰু প্ৰাপ্তি ত্ৰুতিপূৰ্ণ৷ গণতন্ত্ৰই বিৰোধীক কৰ্মপন্থা বা নীতি পৰিবৰ্তনৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ সুযোগ দিয়ে৷ সমস্যাটো পুৰণি হ’লেও আনকি দুৰ্ভিক্ষৰ দৰে তীক্ষ্ন আৰু আকস্মিক নহৈ তাৰ এক দীঘলীয়া বুৰঞ্জী থাকিলেও বিৰোধীসকলে গণতন্ত্ৰৰ যোগে হেঁচা প্ৰয়োগ কৰি সমস্যা সমাধান কৰিব পাৰিব লাগে’; কিন্তু দেখা গৈছে ভাৰতবৰ্ষৰ ত্ৰুতিপূৰ্ণ গণতন্ত্ৰৰ বাবে দেশখনৰ বহুতো সমস্যা সমাধান নোহোৱাকৈ বহুবছৰ ধৰি ৰৈ গৈছে৷ উদাহৰণ স্বৰূপে অসমৰ বাংলাদেশী প্ৰবৰ্জনৰ সমস্যা, আন্তঃৰাজ্যিক ভূমি বিবাদ, বৃহৎ নদীবান্ধ নিৰ্মাণ, ক্ৰমাগত অধ্যাধিক মূল্যবৃদ্ধি ইত্যাদি সমস্যাৰ কথা ক’ব পাৰি৷ বৃহৎ নদী বান্ধ নিৰ্মাণৰ পোষকতা কৰা ভাৰতবৰ্ষৰ চৰকাৰে গণতন্ত্ৰৰ মানৱ-নিৰাপত্তাক বিঘ্নিত কৰিব বিচাৰিছে আৰু তেনে কাৰ্য পন্থাক বিৰোধীয়ে হেঁচা প্ৰয়োগ কৰি সলনি কৰাত বিফল হৈছে৷ এনে দেখা যায় যেন নিজে ক্ষমাতাত থকা কাৰ্যকালত কৰা দুৰ্নিতিবোৰৰ তদন্ত গাপ দি ৰখাৰ স্বাৰ্থত শাসনকৰ্তা ৰাজনৈতিক দলৰ সৈতে গোপন বুজাবুজি কৰি বিৰোধী দলৰ নেতাসকলে চৰকাৰৰ বিৰোধিতা কৰা কামৰ পৰা বিৰত আছে আৰু এইদৰে দেশৰ জনগণক প্ৰতাৰণা কৰিছে৷ ৰাইজে সেয়ে  একমাত্ৰ সংবাদ মাধ্যমৰ ওপৰতে ভৰসা কৰিব লগা হৈছে৷ মাজে মাজে আকৌ সংবাদ মাধ্যমৰ স্বাধীনতাও সংকটাপন্ন হোৱা পৰিলক্ষিত হয়৷ সাংবাদিকসকল নিৰাপত্তাহীন হৈ পৰাৰ ফলত শাসনত অধিষ্ঠিত ৰাজনৈতিক দলৰ কু কৰ্মত বাধা দিওঁতাৰ অভাৱ হয়৷
বিদ্যালয়ৰ শিক্ষা, প্ৰাথমিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা, শিশুৰ পৰিপুষ্টিকৰণ, অতি প্ৰয়োজনীয় ভূমি সংস্কাৰ আৰু লিংগ সমতা আদি ক্ষেত্ৰত ভাৰতীয় সামাজিক নীতিৰ দুৰ্বলতাই কেৱল চৰকাৰৰ কাৰ্যকৰি ভাৱনাৰ অসম্পূৰ্ণতাকে নহয়, ৰাজনৈতিক ভাৱে নিয়োগ কৰা ৰাজহুৱা বিচাৰশক্তি আৰু সামাজিক চাপৰো (বিৰোধীৰ পৰা অহা চাপকো ধৰি)নাটনি প্ৰতিফলিত কৰে৷ প্ৰকৃততে ভাৰতবৰ্ষই গণতন্ত্ৰৰ সফলতাৰ গুৰুত্বপূৰ্ণ নিদৰ্শন আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সুযোগসমূহৰ অযথাযোগ্য ব্যৱহাৰেৰে ইয়াৰ বিশেষ বিফলতা--এই উভয়কে দেখুৱাইছে৷’ অমৰ্ত্য সেন দেৱৰ উপৰি উক্ত কথাখিনিৰ গুৰুত্ব কিমান বেছি আমি তাক বাৰুকৈয়ে উপলব্ধি কৰিছোঁ৷ বিদ্যালয়ৰ শিক্ষা নিয়ন্ত্ৰণৰ ভাৰো বণিক গোষ্ঠীৰ হাতলৈ গুছি গৈছে, চৰকাৰী স্বাস্থ্য খণ্ডৰ পঁয়ালগা অৱস্থাটোৰ ফলত হাস্পতালত অভাৱনীয় ভাৱে ৰোগী আৰু শিশুৰ মৃত্যু ঘটিছে, উপযুক্ত ভূমি সংস্কাৰ নীতিৰ অভাৱত কৃষি ভূমি হ্ৰাস হৈ যাব ধৰিছে৷ লিংগ বৈষম্যতাৰ কৱলৰ পৰা নাৰীয়ে উদ্ধাৰ পাবলৈ এতিয়াও বহু বাকী৷

শেষত এই কথা উল্লেখ কৰিব পাৰি যে সময় থাকোঁতেই আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ সংস্কাৰ সাধন নকৰিলে দেশত জনতাৰ মাজত সৃষ্ট ব্যাপক অৰ্থনৈতিক ব্যৱধানৰ ফলতেই নানা অসূয়া অশান্তিৰ সৃষ্টি হ’ব৷ শাসক গোষ্ঠী, বিৰোধী দল, সংবাদ মাধ্যম, জনসাধাৰণ আদি সংশ্লিষ্ট সকলো পক্ষই বৰ্তমানৰ দেশৰ অৰ্থনৈতিক গতিধাৰাৰ ওপৰত তীক্ষ্ন নজৰ ৰখা উচিত আৰু অনতিপলমে অত্যাআধুনিক প্ৰযুক্তি প্ৰয়োগৰ সুফল দেশৰ মুষ্টিমেয় এচাম লোকেই যাতে ভোগ কৰিবলৈ নাপায় আৰু দেশৰ গৰিষ্ঠসংখ্যকলোক উপকৃত হয় তাৰ ব্যৱস্থা কৰা উচিত৷
+++++++++সমাপ্ত++++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় তথা বহুল প্ৰচাৰিত পষেকীয়া আলোচনী 'প্ৰান্তিক'ৰ ১৬-৩১ মাৰ্চ সংখ্যাত প্ৰকাশ পাইছে৷

Sunday, 22 April 2018

গাত যেতিয়া বিহু লম্ভে

প্ৰতি বছৰে বিহু আহিছে আৰু গৈছে৷ এই গতানুগতিকতাৰ মাজেদি বিহুৱে গতি কৰোঁতে অসমীয়া জনজীৱনৰ পৰিবৰ্তিত ধাৰাটোৱে যেনে ধৰণৰ ৰূপ দিছে তেনে ধৰণেই আগুৱাই গৈ আছে৷ প্ৰাচীন পৰম্পৰা ভংগ কৰি হয়তো বিহুৰ অতি প্ৰাচীন পৰম্পৰা (ৰজাঘৰীয়া) সংৰক্ষণৰ প্ৰচেষ্টা চলিছে-ধনৱন্তসকলৰ উদ্যোগত, বাকীসকলে উৱাদিহ নোপোৱা হৈছে৷ অতীজতে যেন আপদাল আৰু প্ৰতিপালনহীন ভাৱে বিহু গৃহস্থৰ চোতালত, গছতলত, বাঁহতলত অথবা হাবিয়ে জংগলে আলৈ-এথানি হৈ  মৃত্যুৰ ক্ষণ গণি আছিল-এনে ভাৱ পোষণ কৰা দেখা গৈছে৷ বৰ্তমানৰ বিহুৰ ৰেহ ৰূপ দেখিলে এনে ধাৰণা হয় যেন বুঢ়ী আইতাকে মৃত্যুৰ সময়ত নাতিনীয়েকক মৰমতে দি যোৱা কাণৰ থুৰীয়াযোৰ কাণত নিপিন্ধি মৰমৰ চিন স্বৰূপে  বাকচত সযতনে থ’ব খুজিছে বা বেংকৰ ল’কাৰত সংৰক্ষণ কৰিব খুজিছে৷ অৰ্থাৎ আমাৰ পূৰ্বজসকলৰ মৰমৰ বস্তু আমি যাদুঘৰত হ’লেও সংৰক্ষণ কৰি ৰাখিম৷ এইবোৰৰ বাবে টকা-পইচা খৰচ হৈছে, ৰাইজে বৰঙণি দিছে৷ পিছে এক সচেতন মহল কিন্তু বিবুদ্ধিত পৰিছে৷
সাম্প্ৰতিক কালৰ এই বাণিজ্যিক বিহুবোৰ  প্ৰথমে আহি  পায় নগৰ; দোকান–বজাৰ, বিগ বজাৰ আদিত বিহুৰ পিঠা–পনা, জা-জলপান, বিহুৱান আৰু অনান্য সাজ-পাৰেৰে ভৰি পৰে৷ পিছত নিৰ্দ্দিষ্ট দিনৰ বাবে  বিহুৱে বিয়া দিয়া জীয়াৰীৰ দৰে গাঁৱত জিৰণি লৈ নগৰৰ বিহু মঞ্চলৈ দৌৰ মাৰে—চুক্তি ৰূপায়ণৰ বাবে৷ নৱ-প্ৰজন্ম ইয়াতে অভ্যস্ত হৈছে৷ বিহুমঞ্চত শিল্পীয়ে বৈদ্যুতিন গীতাৰত সুৰৰ লহৰ তুলাৰ লগে লগে চাগৈ বিহু বিহু লাগি যায় গাত৷ পিছে বয়স-ভাটি দিয়া অসমীয়াসকলৰ গাত তাহিনি দিনৰ দৰে বিহু নালাগে, তেওঁলোকে গাত বিহু লম্ভা অতীতৰ দিনবোৰৰ স্মৃতি ৰোমন্ঠন কৰি হা-হুমুনিয়াহ কাঢ়ি ঘৰৰ ওচৰত অনুষ্ঠিত  হোৱা বিহুৰ নাইট-ফাংচনত আমদানীকৃত শিল্পীয়ে পৰিবেশন কৰা হিন্দী গীতৰ মুৰ্চনা শুনি শুনি, ড্ৰাম-চেটৰ তীব্ৰ শব্দ-বাণ প্ৰতিহত কৰি চকু মুদি জোৰ কৰি টোপনি যাবলৈ চেষ্টা কৰে৷
তাহানিখন পলাশ, শিমলূ , মদাৰে ৰঙা দলিচা পাৰি বহাগীক আদৰি অনাৰ লগে লগে গছ-বনে সেঁউজী ৰহন লগাই কুলি-কেতেকীৰ মন উদ্বাউল কৰি দিয়াৰ ক্ষণতে গাঁওবাসীয়ে বিহুৰ আগলি বতৰা পাই পুলকিত হৈ পৰে৷ লগে লগে সকলোৱে নিজা-ববীয়াকৈ বিহু পালনৰ প্ৰস্তুতি চলাই যায়৷ গাভৰুহঁতৰ, ন-বোৱাৰীহঁতৰ গাত উথপ-থপ লাগি গৈ তাঁতৰ শালত হাতৰ মাকোক তৰণি নোপোৱা কৰি দিয়ে৷ গণি চায় বিহুলৈনো আছে কেইদিন, গামোছাবোৰ কাটিব কেতিয়া? কণ কণ ল’ৰাবোৰৰ বহুতো দায়িত্ব আহি পৰে৷ খৰি লুৰি আনি নিদিলে পিঠা-পনা , জা-জলপান নহ’ব৷ জাকে-জোমে খৰি লুৰিবলৈ যোৱা ক্ষণতে সিঁহতৰ গাত বিহু লম্ভে৷ ম’হঘূলি চাপৰিৰ বিস্তৃৰ্ণ অঞ্চল জুৰি থকা ইকৰানিত সোমাই তাৰ মাজত থকা শুকান খাগৰি খৰি লুৰি মুঠা বান্ধি কান্ধত লৈ জাক পাতি আহোতেই সিঁহতে বিহু গীতৰ আখৰা সমাপন কৰে৷ ল’ৰাহঁতে চোতালত খৰি দ’মাই দিয়াৰ পিছত জীয়াৰী-বোৱাৰীহঁতে জোখমতে ভাঙি –কাটি খাগৰি খৰিবোৰ জু-হাল পোৱাগৈ আৰু পিঠা- পনা , জা-জলপান তৈয়াৰ কৰাত লাগি যায়৷

বিহুৰ কেইদিন গাঁৱৰ গৃহস্থৰ ঘৰত ঢেঁকী বজাব নাপায়৷ আগতেই চাউল, চিৰা যি লাগে খুন্দি ল’ব লাগিব৷ সেয়ে পুৱতি নিশা কাৰ ঘৰৰ জীয়ৰী বা বোৱাৰীয়ে সকলোতকৈ সোনকালে উঠি ঢেঁকী জুৰিব পাৰে তাৰে অঘোষিত প্ৰতিযোগিতা চলে৷ গাঁৱৰ ল’ৰাহঁতৰ গাত লম্ভা বিহুৱে সিহঁতক আকৌ চাপৰিলৈ লৈ যায়৷ বিহুত গৰুক নতুন পঘাৰে বান্ধিব নালাগিব জানো? হাবিৰ মাজত ল'ৰাহঁতে তৰা ফিটিয়াবলৈ লাগি যায়৷ তৰাবোৰৰ পাত আৰু টান অংশ কাটি পেলাই দি কোমল তৰাখিনি গোটা কৰি ভালদৰে বন্ধাৰ পিছত ঢোল খোলত  লগোৱাৰ দৰে ৰছি লগাই লৈ ল’ৰা বোৰে ডিঙিত ওলমাই লৈ তাকে  খোল বজোৱাৰ দৰে  বজাই  মুখৰে শব্দ কৰি কৰি শাৰী পাতি ঘৰমূৰা হোৱা দৃশ্যটো ল’ৰা কালত নিজেও এনে কৰা কথা মনত পেলাই নব্বৈ উৰ্ধৰ দয়াৰাম ককাই নষ্টালজিক হৈ পৰি হেঁপাহ পলুৱাই চায়৷ সৰু সৰু ল’ৰাহঁতে আনি দিয়া তৰাবোৰৰ পৰা পঘা তৈয়াৰ কৰা কামটো জ্যেষ্ঠসকলৰ৷ গাত বিহু লম্ভা কণ কণ মইনাহঁতৰ ৰ’বলৈ সময় নাই৷ বিহু পালেহিয়েইচোন৷ দীঘলঁতি-মাখিয়তী নহ’লে গৰু বিহু পালিব পৰা নাযাব৷ হাবিত দীঘলঁতি মাখিয়তী পাবলৈ টান হৈ আহিছে৷ সেয়ে মাখিয়তী বিচাৰি আগতীয়াকৈ কাটি হাবিৰ মাজত লুকুৱাই থ’ব লাগিব৷  তাকো গাঁৱৰ  ঢেঁকীৰ মাত নুশুনা মাখিয়তী হ’ব লাগিব৷ এইবোৰ কামৰ পিছতে আহিল ঢোল-তাল ঠিক-ঠাক কৰি যোগাৰ কৰি লোৱা৷ নিচেই সৰু চামৰ ল’ৰা ছোৱালীহঁতৰ বাবে তাহানিখনত বয়োজ্যেষ্ঠসকলে ঢোল-তাল আদি তৈয়াৰ কৰি দিছিল৷ তাৰ বাবে বিশেষ খৰচ কৰিব লগা হোৱা নাছিল৷ ডাঙৰ ধঁপাতৰ চুঙাৰ দুয়োফালে ঢকুৱা দুখন বান্ধি কান্ধত ওলমাই ল’বলৈ ৰছি লগাই দিলেই ঢোল এটা হৈ যায়৷ তালযোৰৰ বাবেও বিশেষ একো নালাগে৷ জোতা পলিচ কৰিবলৈ অনা টেমা খালি হ’লে থৈ দিয়া হয়৷  টেমাটো আৰু তাৰ  ঢাকনি খনৰ মাজখণ্ডত ফুটা কৰি ৰছি বান্ধি দিলেই তালযোৰ হৈ যায়৷ টকা, গগণা, ম’হৰ শিঙৰ পেঁপা আৰু বাঁহি আদি কণ কণ হঁতৰ বাবে নহ’লেও চলি যায়৷ আইতাই বিহুগীত শিকাই দিব—“ভাটীফালৰ তামোল জোপি তোমাৰ আইদেউ চুলি চুটি, কোনে দিলে বেণি গোঁঠি---------৷”

গৰু বিহুৰ আগদিনাই ল’ৰাহঁতে ঢেঁকীৰ মাত নুশুনা দূৰত্বৰ পৰা দীঘলঁতি, মাখিয়তী গোটাই আনে৷ সাপ্তাহিক বজাৰৰ চ’তৰ শেষৰ বাৰটোক  বিহু বজাৰৰ দিন ঘোষনা কৰি ঢোল পিটি  আগৰ বজাৰৰ দিনাই শুনাই দিয়া হয়৷ বিহুৰ বজাৰৰ দিনা গাঁৱৰ  ৰাইজে কাপোৰ কানিকে ধৰি বিহুৰ বাবে প্ৰয়োজনীয় বস্তুবোৰৰ কিনা-বেছা কৰোতেই ঘৰত নাথাকিলে লাও, বেঙনা, কেৰলা, হালধি আদি গৰু বিহুৰ বাবে কিনি আনে৷ গৰু বিহুৰ আগ দিনা চাং-তেলিয়া ঘৰৰ চাংতলত থকা, বজাৰৰ জুপুৰিৰ তলত শুই থকা বা ৰাস্তাৰ কাষৰ বৰগছৰ তলত শুই দিন অতিবাহিত কৰা কেইটাকে ধৰি ঘৰৰ আটাইকেইটা গৰু বিচাৰি আনি গোহালীত বান্ধি ৰখা হয়৷ গৰু বিহুৰ দিনা বোৱাৰী পুৱাতে উঠি ল’ৰাহঁতে গৈ নুফুলা ভাঙৰ পুলি বিচাৰি আনেগৈ৷ ইতিমধ্যে ডাঙৰ কেইজনে গৰু গা ধুৱাওঁতে সিহঁতৰ গাত মাৰিবলৈ লাও, বেঙেনা, কেৰেলা , হালধি  আদি  চিলাবলৈ দুডলীয়া ,তিনিডলীয়া বা চাৰিডলীয়া যাৰ যেনে ইচ্ছা তেনেদৰে বাহঁৰ চাট তৈয়াৰ কৰে৷ চাটত বেঙেনা, কেৰেলা আদিৰ টুকুৰা চিলাই লৈ এখন সৰু ডলাত থোৱা হয়৷ ডলাখনত আৰু কেইবিধমান বস্তু লোৱা হয়৷ সেয়া হ’ল ভাঙৰ পুলি, দীঘলঁতি, মাখিয়তী ইত্যাদি৷ কেইবাখনো গাঁৱৰ ৰাইজে চাৰিকড়িয়া নদীৰ একেটা ঘাটতে গৰু গা ধোৱাব লগা হোৱা বাবে দূৰণি গাঁৱৰ ৰাইজক আগতীয়াকৈ ধুৱাই ল’বলৈ সুযোগ দিয়া হয়৷ জোমে জোমে গৰুবোৰ নদীৰ ফালে আনোতে গৰুবোৰৰ যে কি আনন্দ উল্লাস ! তাৰ মাজে মাজে মাকবোৰে নিজৰ পোৱালি বিচাৰি হেম্বেলিয়াই আৰু প্ৰত্যুত্তৰত পোৱালিয়ে হেম্বে হেম্বে বুলি দিয়ে সঁহাৰি৷ কিযে উৎসৱমুখৰ পৰিবেশ৷ জাকে জাকে গৰু পানীত নমাই নিজৰ গৰুকেইটা বিচাৰি বিচাৰি গাত পানী চটিয়াই লাও খা বেঙেনা খা-----কৈ কৈ গৰুৰ গালৈ চাটৰ পৰা উলিয়াই সেইবোৰ দলিয়াই থাকোতে ইচ্ছাকৃতভাৱে মাজে মাজে ডেকাবোৰে ইটোৱে সিটোৰ গাতো মাৰি ধেমালি কৰে৷ গা ধুৱাই হ’লে গৰু পাল ৰখীয়াই গৰুজাক চৰাবলৈ লৈ যায়৷  চাটত থাকি যোৱা লাও, বেঙেনাৰে সৈতে সেইডাল আনৰ সৈতে সলাব লাগে৷ ইয়াৰো নিয়ম আছে৷ যেইডলীয়া চাট তাৰ সমান ডলীয়া চাটৰ লগতহে সলাব পাৰি৷ অন্য হাতে, চাটত কেৰেলা দিলে গৰু ছেৰেলা হ’ব বুলি ভয় কৰি কিছুমানে কেৰলা নিদিয়ে৷ সেয়ে তেওঁলোকে কেৰেলা নিদিয়া লোকৰ সৈতেহে চাটডাল সলাব৷ লগত নিয়া ডলাখনত থাকি যোৱা বস্তুবোৰ লৈ নিজৰ আহুধানৰ পথাৰলৈ গৈ তাৰ মাজৰ আলিত মখিয়তীৰ ডাল, দীঘলঁতি আৰু ভাঙৰ পুলি ভগৱন্তক চিন্তি   গোঁজ মাৰি পুতি থৈ আহে যাতে পোক-পৰুৱা আদি একোৱে ধানডৰাৰ হানি বিঘিনি ঘটাব নোৱাৰে৷ গধূলি পৰত গৰুবোৰ গোহালিত সোমোৱাৰ পূৰ্বেই পদূলিত জাক দিয়া হয়৷ জাক দিবলৈ জলোৱা তঁহজুইত দীঘলঁতি, মাখিয়তী আৰু ভাঙৰ পুলি আদিও জাপি দিয়া হয়৷ গৰুৰ ভৰি ধুৱাই দি পুজা কৰি ডিঙিত নতুন পঘা লগাই দি পিঠা খাবলৈ দিয়া হয়৷ ঘৰৰ বাৰীত থকা তামোল, নাৰিকল আদি মূল্যবান গছবোৰক দেৱজ্ঞান কৰি ধান খেৰৰ জৰিৰে সাদৰেৰে বান্ধি পেলোৱা হয়৷ গৰু বিহু শেষ হোৱাৰ লগে লগে গাঁৱৰ মূৰব্বীজনাৰ ঘৰৰ পৰা ল’ৰাহঁতে হুঁচৰি গোৱা আৰম্ভ কৰি দিয়ে৷ ধনী-দুখীয়া ভেদাভেদ নোহোৱাকৈ প্ৰতিঘৰতে হুঁচৰি গাই গৃহস্থক বছৰটোলৈ কুশলে থাকিবলৈ আৰ্শীবাদ দিয়া হয়৷ ডাঙৰ গাঁও হলে হুঁচৰি গাই শেষ কৰোঁতে কেইবা দিনো লাগে৷ শেষত হুঁচৰি গাই পোৱা ধন নামঘৰ সজা বা পুথিভঁৰাল নিৰ্মাণ আদি কামত লগোৱাৰ উপৰিও এক প্ৰীতি ভোজৰো আয়োজন কৰি তাতো কিছু ধন খৰচ কৰা হয়৷

মুঠতে বিহুৰ দিন কেইটাত ঘৰে বাহিৰে সকলোতে মাথো বিহু বিহু আৰু বিহু৷
ম’হৰ গোৱালে ম’হ ৰখি থাকোঁতে ম’হৰ পিঠিত বহি ম’হৰ শিঙৰ পেঁপাটি বায়ে ক্ষান্ত নাথাকে৷ দূৰণিৰ চাপৰিত সিহঁতে গোৱা বনৰীয়া নামবোৰ স্পষ্টকৈ শুনা নাযায়৷ ৰিণিকি ৰিণিকি ভাঁহি অহা সুৰটি কানত পৰিলে বয়োজ্যেষ্ঠজনৰ মনো পুলকিত হয়, বিহু বিহু লাগি যায়৷ সুৰটোতে বুজিব পাৰে কোন ফাকি বনৰীয়া নাম গাইছে৷ নিজৰ মনৰ ভিতৰতে মিলাই চায়—
‘অ অই, বিহুটি আহিলে /কপৌফুল ফুলিলে  / গছৰ ডালত বিনালে কুলি / তোৰ মাৰে-বাপেৰে মোলৈ তোক নিদিয়ে  
/দুখীয়া-নিচলা বুলি ৷’ ‘হাঁয়ৈ, এবেলা হলে বাওঁ এবেলা জালে বাওঁ  এবেলা ম’হলৈ যাওঁ/   তেও মোক দেহা জান খাবলৈ নোজোৰে/ দুপৰীয়া শুদা ভাত খাওঁ৷’/ঐ, ‘যোৱা ৰাতি সপোনত তোকে দেখিছিলো/  চিৰিংকৈ পৰিছে মনত,/  দিঠকে সপোনে তোকে দেখি থাকোঁ /বাৰুকৈ মোক  পেলালি প্ৰেমত৷’/‘আই ঐ, দলনিত নাবাওঁ হাল, বিলতো নাবাওঁ জাল / পিটনীত নকৰোঁ খেতি,/তোকে যে নাপালে সন্যাসী হ’মেগৈ /সেয়ে হ’ব জীৱনৰ গতি৷’
গাঁৱৰ গাভৰুহঁতে লগ লাগি চাপৰি-পথাৰৰ গছতলৰ ছাঁত বিহু মৰা আৰম্ভ কৰি দিয়ে৷  আপোন পাহৰা হৈ বিহু গীত গাব ধৰে-

‘দলনি পথাৰত ধানে দাই আছিলো  / চেনাইৰ কথা ভাবি কাচিলৈ নিদিলো মন /ৰচকী কাচিয়ে হাততে কাটিলে / পিহি লগালো দুবৰি বন৷ /দূৰণি পথাৰত হালে বাই আছিলা /বাৰী মাটি পৰিলে ছন/ আজি অত’দিনে তোমাক নিচিনিলো /তুমি মোৰ বুকুৰে ধন৷/ নাঙলৰ সীৰলুত শালিকী বগলী /কিনো যে বিচাৰি খাই? / আমাৰে হিয়াতে মৰম উঠলিছে / জুমিহে চাঁওতা নাই৷ / সাপেখাটি বিলতে জাকৈ বাই আছিলো/ শিঙীয়ে বিন্ধিলে হাতত/  যিমান দুখ পালো সকলো অন্তৰ্ধান চেনাই তোমাৰ মৰমৰ মাতত৷  …………………………..L

হেপাহ পলুৱাই বিহুগীত গাই নাচি বাগি সাত দিনৰ দিনা  গাভৰুহঁতে  বিহু উৰুৱাই বনভোজ খায়৷
তাৰ পিছতে আহি পৰে ফাট বিহু৷ অঞ্চলটোৰ ৰাইজে হিলদল ভাঙি  আহি ফাট বিহু স্থলিত যোগ দিয়ে আৰু হিয়া উজাৰি বিহু মাৰিবলৈ ধৰে৷  নাই কোনো জাতি-ভেদ, নাই ভিন-পৰ৷ বিহুবলিয়া ৰাইজৰ নাই কোনো ধৰ্মৰ বান্ধোন৷  সকলো জাতি ধৰ্মৰ লোকেই বিহুলৈ যেন অপেক্ষা কৰি থাকে৷ আয়োজক সকলে বিহু বলিয়া ৰাইজক যথোচিত সন্মান যাচে৷ মনত পৰে মানুহ বিহুৰ দিনা পিতৃ-মাতৃ তথা মান্যজনক সেৱা-সৎকাৰ কৰি আৰ্শীবাদ লোৱা সেই অতীত হৈ যোৱা দিনবোৰৰ কথা৷ কথাবোৰ ভাবি ভাবি আমি নষ্টালজিক হৈ পৰোঁ৷
০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০  
বিঃদ্ৰঃ প্ৰবন্ধটো ভাৰতৰ অন্যতম সৰ্বাধিক প্ৰচলিত আৰু শক্তিশালী কাকত "তিনিদিনীয়া অগ্ৰদূত"ত ২২/৪/২০১৮ৰ সংখ্যাত প্ৰকাশ পাইছে৷                                                                                                                                     
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                 

Thursday, 5 April 2018

শিশুসকলক ধৰ্মান্ধ হ'বলৈ বাধ্য কৰা উচিতনে ?

কিছুদিনৰ পূৰ্বে অসমৰ সংবাদ মাধ্যমসমূহত বহুলভাৱে প্ৰচাৰিত হোৱা এটা বাতৰিয়ে মানৱতাৰ অন্য এক দিশ উন্মোচিত কৰি গ’ল৷ এখন চিকিৎসালয়ত জন্ম হোৱা দুটি পৰিয়ালৰ দুটি শিশুক সলনাসলনি কৰি দুই পৰিয়ালক চিকিৎসালয় কৰ্ত্তৃপক্ষই চমজাই দিয়ে৷ দুই শিশু দুই ভিন্ন পৰিয়ালত  আদৰ সাদৰৰ মাজত লালিত পালিত হৈ ডাঙৰ দীঘল হ’ব ধৰিলে৷ মুছলমান দম্পতিয়ে নিয়া বড়ো দম্পতিৰ সন্তানটিৰ চেহেৰাত যেতিয়া জনজাতীয় লক্ষণবোৰ স্পষ্টভাৱে প্ৰকাশ পালে তেতিয়াই মাতৃগৰাকীয়ে সন্দেহ কৰিলে যে সেই সন্তানটি তেওঁৰ গৰ্ভজাত সন্তান নহয়৷ ঠিক একেদৰেই বড়ো সম্প্ৰদায়ৰ দম্পতিদ্বয়েও তেওঁলোকৰ সন্তান সলনি হোৱা কথা জানিব পাৰিলে৷ উভয় পক্ষই চিকিৎসালয় কৰ্ত্তৃপক্ষৰ ওপৰত আদালতত গোচৰ ৰজ্জু কৰিলে৷ সন্তান দুটিৰ ডি এন এ পৰীক্ষাৰ পিছত সন্তান সলনি হোৱা কথাটো প্ৰমাণিত হ’ল৷ ন্যায়ালয়ে দুই দম্পতিক সন্তান সলনি কৰি লোৱাৰ অনুমতি প্ৰদান কৰিলে৷ কিন্তু সন্তান দুটিয়ে এই আচহুৱা কামত তিল মানো সঁহাৰি নিদি জন্মদাতৃ মাতৃক গুৰুত্বহীন প্ৰতিপন্ন কৰিলে৷ দেখা গ’ল যে ধৰ্ম আৰু জাত পাতৰ তিলমানো জন্মগত প্ৰভাব শিশু দুটিৰ ওপৰত নপৰিল৷ অৱশেষত প্ৰাপ্তবয়স্ক হৈ শিশু দুটিয়ে নিজৰ সিদ্ধান্ত নিজে ল’বলৈ এৰি দি শিশু দুটিক দু্য়োটা পৰিয়ালৰ সন্মতি ক্ৰমে  যি পৰিয়ালত আছে তাতে থাকিবলৈ দিয়া হ’ল৷
ওপৰত বৰ্ণনা কৰা সত্য ঘটনাটিয়ে মানৱসৃষ্ট জাতি ধৰ্মৰ অস্তিত্ব আৰু ভেদাভেদক নিশ্চিতভাৱে উপলুঙা কৰিছে৷ সাম্প্ৰতিক কালত আমাৰ দেশত জাতি-ধৰ্মক লৈ গঢ় লৈ উঠা ৰাজনৈতিক উশৃঙ্খলতাবাদলৈ লক্ষ্য ৰাখি অস্তিত্ববাদৰ আধুনিক কালৰ প্ৰথমজন প্ৰবক্তা ছোৰেন্ কিয়েৰ্কগাৰ্ডৰ (Soren Aabye Kierkegaard)ৰ অনুভৱকেই সত্য বুলিব লাগিব৷ খ্ৰীষ্টান-ৰীতি নীতি অতি নিষ্ঠাৰে পালন কৰিবলৈ গৈ এই দাৰ্শনিকজনে অনুভৱ কৰে যে এজন সৎ লোক হোৱাৰ ক্ষেত্ৰত ধৰ্মই হ’ল সবাতোতকৈ ডাঙৰ হেঙাৰ৷ দাৰ্শনিক গৰাকীয়ে কয়, “ব্যক্তিগত অভিজ্ঞতা-উপলব্ধিৰ বাহিৰত পৰম শক্তি বুলি কোনো কথা নাই৷ যুক্তি-তৰ্ক-দৰ্শন নহয়, মানুহৰ ব্যক্তিগত আস্থা, নিজা দায়বদ্ধতাৰেৰে ভগৱানক লাভ কৰিব পাৰি৷ প্ৰতিজন মানুহৰ বাবে ‘অভিজ্ঞতাৰ সত্য বেলেগ বেলেগ, গতিকে ব্যক্তিৰ নিজা চেতনা বা ব্যক্তিগত অস্তিত্বৰ বাহিৰে কোনো বস্তু বা চিন্তাত সত্য থাকিব নোৱাৰে৷’ দাৰ্শনিক গৰাকীয়ে  উপলব্ধি কৰিলে যে  ধৰ্ম পালন কৰাটো হ’ল মানুহৰ জীৱনৰ সম্পূৰ্ণই ব্যক্তিগত বিষয়৷
জাৰ্মাণ দাৰ্শনিক,Thus Spoke Zarathustra, The Anticrist আৰু Beyond Good and Evil আদি গ্ৰন্থৰ স্ৰষ্টা ফ্ৰেডৰিখ নীৎসেই(Friedrich Wilhelm Nietzsche)তেওঁৰ মুক্ত বৈপ্লৱিক চিন্তাধাৰাৰ যোগেদি কুৰি শতিকাতে(১৮৪৪-১৯০০) পশ্চিমীয়া দৰ্শনক প্ৰভাৱিত কৰা অস্তিত্ববাদৰ প্ৰতি এই এক বিংশতিতম শতিকাত আমাক ওপৰত উল্লেখ কৰা সত্য ঘটনাটোৱে আকৰ্ষিত কৰে৷ তেওঁ বৰ্ণনা কৰে যে, বিশ্বাসসমূহৰ বিষয় বস্তুৱে মানুহক মহান কৰা নাই, তেওঁলোকৰ মূল্যবোধ আৰোপ কৰা কাৰ্যইহে কৰিছে৷  তেওঁ Zarathustra ৰ কন্ঠৰ যোগেদি ব্যক্ত কৰিছে, “…Humanity still has no goal.”

“শব্দ”(Words)ৰ স্ৰষ্টা, অস্তিত্ববাদৰ প্ৰবক্তা, ব্যক্তি স্বাধীনতাৰ ওপৰত অধিক গুৰুত্ব দিওঁতা প্ৰখ্যাত দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰেই নীৎসেৰ দৰেই ছোৰেন্ কিয়েৰ্কগাৰ্ডৰ অস্তিত্ববাদক আগুৱাই আনি আনুনিক ৰূপ প্ৰদান কৰে৷ জাঁ পল ছাৰ্ত্ৰেই লিখিছে,“ভাগ্যে পিতা নাছিল! তেওঁৰ ইচ্ছা অনিচ্ছা মোৰ ওপৰত জাপিলেহেঁতেন৷” ককাকে ধৰ্মযাজক হিচাপে গঢ় দিব খোজা জাঁ পল ছাৰ্ত্ৰেই  নিজৰ জীৱনক নিজে গঢ় দিলে এজন যুক্তিবাদী লেখক হিচাপে৷

পিতৃ-মাতৃ,বংশ-পৰিয়াল আৰু কোনো এক সমাজে পালন কৰা ধৰ্মীয় ৰীতি-নীতিৰ মাজত এটি শিশুক লেটাৰ দৰে সোমাই থাকি শৈশৱকাল পাৰ কৰিবলৈ বাধ্য কৰা উচিতনে? এয়া ব্যক্তি স্বাধীনতাৰ ওপৰত প্ৰচণ্ড কুঠাৰাঘাত নহয়নে? ভৱিষ্যতৰ এজন প্ৰাপ্ত বয়স্কলোকক,সম্ভাৱনাপূৰ্ণ বুদ্ধি-যুক্তিসম্পন্ন এজন লোকক তেঁওৰ জীৱনৰ আৰম্ভণিতে অবোধ শিশু বুলিলেই অগ্ৰজসকলে পক্ষপাতিত্বমূলকভাৱে কিছুমান ভাৱধাৰা জাপি দি তাক মানি চলিবলৈ বাধ্য কৰাটো কোনো কাৰণতে যুক্তিসংগত হ’ব নোৱাৰে৷ দেখা যায় যে এনে দৰে আৱদ্ধ কৰি ৰখা বহুতো শিশুৱে প্ৰাপ্ত বয়স্ক হোৱাৰ পিছত নিজৰ জ্ঞান-গৰিমাৰ বলত স্ব-ধৰ্মৰ সংকীৰ্ণতাৰ বেহুৰ পৰা নিজকে মুক্ত কৰি লেতাৰ পৰা ওলোৱা পখিলাৰ দৰে মুক্ত বিচৰণ কৰি মানৱতাৰ গীত গাই স্ব-জ্ঞানৰ জ্যোতিৰে ধৰিত্ৰিৰ শোভা বঢ়ায়৷ সেয়েহে আমি ক’ব খোজো যে শিশুসকলক জ্ঞানী কৰি গঢ়ি তোলা উচিত কিন্তু ধৰ্মান্ধ হ’বলৈ বাধ্য কৰিব নালাগে৷
++++++++++সমাপ্ত++++++++++
বিঃদ্ৰঃ প্ৰবন্ধটি অসমৰ বহুল প্ৰচাৰিত তথা বলিষ্ঠ সাদিনীয়া কাকত 'সাদিন'ৰ ৬ এপ্ৰিল ,২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷

Friday, 2 March 2018

লোক সেৱা আয়োগত দুৰ্নীতিৰ ইতিহাস(এটি চমু লেখা)


প্ৰকৃততে যদি চৰকাৰে অসম লোক সেৱা আয়োগৰ দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰিছে তেন্তে ৰাজনৈতিক নেতাসকলক অতিশীঘ্ৰে তদন্তৰ আওতালৈ অনা উচিত৷ ৰাজনৈতিক পোষকতাতহে দুৰ্নীতিয়ে ইমান দূৰলৈ পোখা মেলিব পাৰে৷ ৰাজনৈতিক ভাৱে প্ৰশয় নিদিলে এয়া কাহানিও সম্ভৱ নহয়৷ প্ৰশ্ন হয় ৰাজ্যখন দুৰ্নীতিত ইমান গভীৰলৈকে পুত যাবলৈ শাসকবৰ্গই এৰি দিলে কিয়? তেওঁলোকৰ একো কৰিব লগা নাছিল? দুৰ্নীতি পৰায়ণলোকসকলক প্ৰতিহত কৰাৰ ক্ষমতা ৰাজনৈতিক নেতাসকলৰ নাছিল নেকি? দুৰ্নীতিত লিপ্ত হোৱা লোকসকলৰ ক্ষমতা ইমান অধিক নে? গণতান্ত্ৰিক দেশ এখনত বিভাগীয় মন্ত্ৰীসকল জনগণৰ ওচৰত এনে কাণ্ডৰ বাবে জবাব দেহি নহ’বনে? কলঙ্কিত অধক্ষ্য ৰাকেশ পাল, বক্ৰপথে চাকৰি লোৱাসকল বা অন্য দাদাল সকলকে কৰায়ত্ত কৰি ৰাজনৈতিক নেতা সকলক যদি তদন্তৰ আওতালৈ অনা নহয় তেন্তে এনে গণতন্ত্ৰ ৰাষ্ট্ৰত বাস কৰাৰ অভিজ্ঞতা জনসাধাৰণৰ বাবে কোনো কালেও সুখকৰ নহ’য়৷ সেয়ে আন্দোলনৰ পথ লৈ তাৰ বাবে ৰাইজে দাবী জনোৱাটোৱেই মঙ্গলজনক হ’ব৷ গণতান্ত্ৰিক শাসনৰ নামত অযথা ৰাজনৈতিক নেতাসকলক দেশখন লুটি পুটি খাবলৈ দিলে দেশৰ সত্তৰ শতাংশ জনতা পথৰ ভিক্ষাৰী হ’ব আৰু বাকী ত্ৰিশ শতাংশ ৰাজনৈতিক নেতা আৰু পুঁজিপতিয়ে ঐক্যবদ্ধ হৈ জনসাধাৰণৰ মূৰত টাঙন মাৰি চলি গৈ থাকিব৷ সত্তৰটা বছৰে সেই হ’ল৷

আশীৰ দশকৰ কংগ্ৰেছ চৰকাৰৰ তদানীন্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনৰে পৰাই অসম লোক সেৱা আয়োগৰ চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি অনিয়ম চলি আহিছে৷ সেই সময়ৰ পৰাই অসম লোক সেৱা আয়োগৰ চাকৰি নানা অনিয়মৰ যোগেদি চৰকাৰী পৃষ্ঠপোষকতাতে বিক্ৰী কৰি আহিছে৷ এই লেখাৰ লিখকে সেই সময়ত অনুষ্ঠিত হোৱা লোক সেৱা আয়োগৰ লিখিত আৰু মৌখিক উভয় পৰীক্ষাতে উতীৰ্ণ হৈ বৰ আশাৰে চাকৰিত যোগদানৰ বাবে বাট চাই থাকি অৱশেষত বিফল মনোৰথ হ’ব লগা হ’ল৷ পুলিচ ভেৰিফিকেশ্যন হৈ গ’ল৷ তাৰ পিছত অতি পিছ পৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ বিচাৰিলে, সেয়াও জমা দিয়া হ’ল; কিন্তু চাকৰি নহ’ল৷  পিছ পৰা ঠাইৰ এজন দৰিদ্ৰ কৃষকৰ সন্তানৰ যোগ্যতাক ভৰিৰে মোহাৰি চৰকাৰে হেলাৰঙে চাকৰিৰ পৰা বঞ্চিত কৰিলে৷ এনে দৰে আৰু কেইবাজনো দৰিদ্ৰ সন্তান দুৰ্ভগীয়াৰ তালিকাত তালিকাভুক্ত হ’ল৷ চাকৰি পালে দালালৰ যোগে ধন দিব পৰা এচাম ধনীলোকৰ সন্তানে, মন্ত্ৰী আমোলাৰ পুত্ৰই--পৰীক্ষাত নবহাকৈ ৰেগুলেশ্যন থ্ৰী এফত৷ সেই সকলে চাকৰি পাই পৰবৰ্তী কালত অসমত দুৰ্নীতিৰ পথাৰখন বহল আৰু সাৰুৱা কৰি আজিৰ এই অৱস্থাত উপনীত কৰালে৷ ভাৱি চাওকচোন আশীৰ দশকতে অসমত দুৰ্নীতিৰ শিপাডাল কিমান তললৈ পোখাইছিল৷ এয়া সম্ভৱ হৈছে কেৱল কুশাসনৰ ফলত৷

সেয়েহে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য শতাংশ সহিঞ্চুতাৰ মতাৰ্দশৰ কথা কোৱা অসমৰ বৰ্তমানৰ চৰকাৰখনে কামে কাজে কৰি দেখুৱাই নিজৰ নিকা ভাৱ মূৰ্তিৰ পৰিচয় দিলে সংশ্লিষ্ট সকলো পক্ষৰে মংগল সাধন হ’ব৷ এতিয়ালৈকে যিমান দূৰ আগুৱাইছে তালৈ লক্ষ্য ৰাখি ক’ব পাৰি যে ইয়াৰ বাবে প্ৰয়োজনীয় সদ্দিচ্ছা, সততা আৰু সৎসাহস নিশ্চয় বৰ্তমানৰ চৰকাৰখনৰ আছে৷

++++++সমাপ্ত+++++++

বিঃদ্ৰঃ প্ৰবন্ধটি অসমৰ জনপ্ৰিয় সাপ্তাহিক আলোচনী ‘অসম বাণী’ৰ ১৬ ফেব্ৰুৱাৰী ২০১৮ ৰ সংখ্যাত প্ৰকাশ পাইছে৷