Friday, 4 May 2018

অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মানৱ-নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতাৰ আলোচনা তথা দেশৰ অৰ্থনীতিৰ চৰ্চা



সাম্প্ৰতিক কালৰ এক মহান চিন্তাবিদ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ ‘The Idea of Justice’ শিৰোনামৰ গ্ৰন্থখন অৰ্থনীতিৰ ন্যায় তত্ত্বৰ বিশ্লেষণৰ ক্ষেত্ৰত এক অনবদ্য অৱদান৷  ইয়াৰ পূৰ্বে John Rawls য়ে A Theory of Justice ত ন্যায় তত্ত্বৰ বিশ্লেষণ কৰিছে৷ অৰ্থনীতিবিদ অমৰ্ত্য সেনে তেখেতৰ গ্ৰন্থখনত মানৱ-নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতা সন্দৰ্ভত নিজৰ মন্তব্য ৰাখিছে৷

অমৰ্ত্য সেন ডাঙৰীয়াই ক’ব খোজে যে ‘আমি উন্নয়নৰ অধিকতম চাহিদাবোৰ আৰু সামাজিক কল্যাণৰ অনুধাৱন কৰিবলৈ হ’লে অৰ্থনৈতিক বৃদ্ধি অতিক্ৰম কৰি যাব লাগিব৷’ এই কথা কোৱাৰ কাৰণ এয়ে যে অৰ্থনৈতিক বৃদ্ধি বুলি ক’লে দেশখনৰ জাতীয় আয়, গড় জনমূৰি আয় বৃদ্ধি পাব পাৰে; কিন্তু এখন দেশৰ সামাজিক উন্নয়ন অথবা জনকল্যাণ সমানে বৃদ্ধি নহ’বও পাৰে৷ এই প্ৰসংগতে আমি আমাৰ দেশৰ অৰ্থনীতিৰ কথা উনুকিয়াব পাৰোঁ৷ বৰ্তমান আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থালৈ মন দিলে দেখা যায় যে এচাম পুঁজিপতি বণিক আৰু আন্তৰ্জাতিক কোম্পানীয়ে ব্যৱসায় বাণিজ্যৰ সৰ্বদিশতে প্ৰভুত্ব বিস্তাৰ কৰি ধন আহৰণত উঠি পৰি লাগি গৈছে৷ সেয়ে বিশ্ববেংকৰ তথ্যত প্ৰকাশ পাইছে যে ব্যৱসায়ৰ বাণিজ্যৰ সৰলীকৰণৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ১৯০ খন দেশৰ ভিতৰত পূৰ্বৰ ১৩৪ ৰ পৰিবৰ্তে ১০০তম স্থানত উপনীত হৈছে৷ দেশত আধুনিক প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োগৰ যোগে সামগ্ৰীকভাৱে দেশ উন্নয়নৰ পথত আগ বঢ়া যেন দেখা গ’লেও জনসাধাৰণক ধনৰ বিনিময়ত প্ৰযুক্তিগত উন্নয়নৰ সোৱাদ দিয়া বণিকগোষ্ঠীহে আচলতে লাভৱান হৈ গৈ আছে৷ বণিকগোষ্ঠীটো প্ৰবল প্ৰতাপী হৈছে আৰু ৰাজনৈতিক ছত্ৰছায়াতে থাকি ৰাজনৈতিক নেতাৰ ভাগ্য নিয়ন্ত্ৰা হৈ পৰিছে৷ অন্যহাতে কেতবোৰ ভুল অৰ্থনৈতিক পদক্ষেপৰ ফলত কৰ্মসংস্থানহীন হৈ পৰি দেশৰ গৰিষ্ঠসংখ্যক লোকৰ অৰ্থনৈতিক অৱস্থা তেনেই কাহিল হৈ পৰিছে৷ এনে পৰিস্থিতিত এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ৰাইজ চৰকাৰৰ ভূমিকাক লৈ সন্দিহান হৈ পৰিছে৷ চৰকাৰৰ অৰ্থব্যৱস্থাক লৈ জনসাধাৰণে প্ৰতিবাদ কৰা দেখা গৈছে৷ সামুহিক জনকল্যানমূলক আঁচনিযোগে জনসাধাৰণৰ মংগল সাধিব নোৱাৰা চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোটি কোটি লোকৰ মন জিনিবলৈ ব্যক্তিগত তোষণৰ প্ৰচেষ্টাৰে কোটি কোটি জনলৈ ব্যক্তিগত পেন্সন, ব্যক্তিগত ভাট্টা আদি আঁচনিৰ কথা ঘোষণা কৰিছে৷ এনে আঁচনিবোৰ কৰ্ম সংস্থান সৃষ্টিত বিফল হোৱা পূৰ্বৰ চৰকাৰবোৰেও একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বৰ বাবে হাতত লৈ কিছু দিনৰ বাবে চলাই দেখুৱাই সইবোৰ পিছত পৰিহাৰ কৰিছিল৷

অৰ্থনীতিবিদ অমৰ্ত্য সেন দেৱে কৈছে যে ‘গণতন্ত্ৰ, ৰাজনৈতিক আৰু অসামৰিক স্বত্ব বা অধিকাৰে বাক স্বাধীনতা প্ৰদানযোগে, অন্ততঃ বহু পৰিস্থিতিত, বঞ্চিত আৰু পীড়িতসকলক অন্য ধৰণৰ(যেনে মানৱ–নিৰাপত্তা)স্বাধীনতা আগবঢ়াই দিয়ে৷’ এই কথাত আমি মনোযোগ দিব লাগে৷ ‘ই এক বিচাৰ্য বিষয় আৰু ৰাজহুৱা বিচাৰ বিবেচনা আৰু ‘আলোচনা ধৰ্মী চৰকাৰ’ক পৃষ্ঠপোষকতা কৰা গণতন্ত্ৰৰ ভুমিকাৰ সৈতে ওতঃপুতঃ ভাৱে জড়িত৷ দুৰ্ভিক্ষ নিয়ন্ত্ৰণত গণতন্ত্ৰৰ কৃতকাৰ্যতা মানৱ-নিৰাপত্তা আগবঢ়োৱাৰ গণতান্ত্ৰিক বিভিন্ন দিশৰ অৱদানত অন্তৰ্নিহিত হৈ থাকে; কিন্তু ইয়াত অন্য বহুতো ক্ষেত্ৰৰ প্ৰয়োগো থাকে৷’ সেয়ে আমি ভাৱোঁ যে বঞ্চিত আৰু পীড়িত জনগণে গণতন্ত্ৰৰ যোগে লাভ কৰা বাক স্বাধীনতা সুবিধাৰ সুপ্ৰয়োগ কৰি নিজকে বঞ্চনা আৰু শোষণৰ পৰা মুক্ত কৰিব পাৰে৷

‘দুৰ্ভিক্ষ প্ৰতিৰোধতকৈ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত গণতন্ত্ৰৰ প্ৰতিৰক্ষা শক্তি আচলতে অধিক ব্যাপক৷ দোপত দোপে উধাই যোৱা দক্ষিণ কোৰিয়া বা ইণ্ডোনেছিয়াৰ দৰিদ্ৰসকলে ১৯৮০ চন বা ১৯৯০ ৰ পূৰ্বে যেতিয়া সকলোৰে অৰ্থনৈতিক সুভাগ্য একেলগে বৃদ্ধি পাই যোৱা দেখা পাইছিল, গণতন্ত্ৰৰ বিষয়ে বিশেষ চিন্তা কৰা নাছিল; কিন্তু যেতিয়া ১৯৯০ চনৰ পিছত অৰ্থনৈতিক সংকটে দেখা দিলে( তেওঁলোক বিভাজিত হৈ পৰিল) তেতিয়া যিসকলৰ অৰ্থনৈতিক অৱলম্বন আৰু জীৱিকাক অগতানুগতিক ভাৱে ক্ষতিগ্ৰস্ত কৰিলে সেইসকলে হতাশাজনক ভাৱে গণতন্ত্ৰ আৰু ৰাজনৈতিক তথা অসামৰিক স্বত্ব বা অধিকাৰৰ কথা সোঁৱৰিলে৷ সেইবোৰ দেশত গণতন্ত্ৰ আলোচনাৰ এক কেন্দ্ৰীয় বিষয় বস্তু হৈ পৰিল৷ এই গতি ধাৰাত দক্ষিণ কোৰিয়াই মুখ্য ভূমিকা পালন কৰি আগুৱাই গ’ল৷’ অমৰ্ত্য সেন দেৱৰ এই কথাখিনিলৈ মন দি ভাৱি চালে আমি ক’ব পাৰোঁ যে আমাৰ দেশৰ অৰ্থনীতি যি গতিত আগুৱাই গৈ আছে সেই একে গতিতে ধাৱমান হৈ থাকিলে আমাৰ দেশৰ জনতাৰো দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়াৰ দৰিদ্ৰ জনতাৰ দৰেই অৱস্থা হ’বগৈ আৰু শেষত গণতন্ত্ৰৰ আশ্ৰয় লৈ চৰকাৰৰ নীতি সলনি কৰিবলৈ মাৰ বান্ধি ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হ’ব৷

‘প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰীয়ে ভাবুকি দিলে প্ৰতিপালন কৰ্তা স্বৰূপে কাম কৰিবলৈ সুন্দৰ ৰাজনৈতিক উদগনি শাসকসকলক দিয়া গণতন্ত্ৰৰ প্ৰতিৰক্ষামূলক ভূমিকাৰ বাবে ভাৰত লাভৱান হৈছে৷ যেইকি নহওক, কামত কিছুমান দক্ষতা লাভ কৰা দেখা যায় যদিও ভাৰতবৰ্ষত বৰ্তি থকাৰ দৰে গণতন্ত্ৰত অনুশীলন আৰু প্ৰাপ্তি ত্ৰুতিপূৰ্ণ৷ গণতন্ত্ৰই বিৰোধীক কৰ্মপন্থা বা নীতি পৰিবৰ্তনৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ সুযোগ দিয়ে৷ সমস্যাটো পুৰণি হ’লেও আনকি দুৰ্ভিক্ষৰ দৰে তীক্ষ্ন আৰু আকস্মিক নহৈ তাৰ এক দীঘলীয়া বুৰঞ্জী থাকিলেও বিৰোধীসকলে গণতন্ত্ৰৰ যোগে হেঁচা প্ৰয়োগ কৰি সমস্যা সমাধান কৰিব পাৰিব লাগে’; কিন্তু দেখা গৈছে ভাৰতবৰ্ষৰ ত্ৰুতিপূৰ্ণ গণতন্ত্ৰৰ বাবে দেশখনৰ বহুতো সমস্যা সমাধান নোহোৱাকৈ বহুবছৰ ধৰি ৰৈ গৈছে৷ উদাহৰণ স্বৰূপে অসমৰ বাংলাদেশী প্ৰবৰ্জনৰ সমস্যা, আন্তঃৰাজ্যিক ভূমি বিবাদ, বৃহৎ নদীবান্ধ নিৰ্মাণ, ক্ৰমাগত অধ্যাধিক মূল্যবৃদ্ধি ইত্যাদি সমস্যাৰ কথা ক’ব পাৰি৷ বৃহৎ নদী বান্ধ নিৰ্মাণৰ পোষকতা কৰা ভাৰতবৰ্ষৰ চৰকাৰে গণতন্ত্ৰৰ মানৱ-নিৰাপত্তাক বিঘ্নিত কৰিব বিচাৰিছে আৰু তেনে কাৰ্য পন্থাক বিৰোধীয়ে হেঁচা প্ৰয়োগ কৰি সলনি কৰাত বিফল হৈছে৷ এনে দেখা যায় যেন নিজে ক্ষমাতাত থকা কাৰ্যকালত কৰা দুৰ্নিতিবোৰৰ তদন্ত গাপ দি ৰখাৰ স্বাৰ্থত শাসনকৰ্তা ৰাজনৈতিক দলৰ সৈতে গোপন বুজাবুজি কৰি বিৰোধী দলৰ নেতাসকলে চৰকাৰৰ বিৰোধিতা কৰা কামৰ পৰা বিৰত আছে আৰু এইদৰে দেশৰ জনগণক প্ৰতাৰণা কৰিছে৷ ৰাইজে সেয়ে  একমাত্ৰ সংবাদ মাধ্যমৰ ওপৰতে ভৰসা কৰিব লগা হৈছে৷ মাজে মাজে আকৌ সংবাদ মাধ্যমৰ স্বাধীনতাও সংকটাপন্ন হোৱা পৰিলক্ষিত হয়৷ সাংবাদিকসকল নিৰাপত্তাহীন হৈ পৰাৰ ফলত শাসনত অধিষ্ঠিত ৰাজনৈতিক দলৰ কু কৰ্মত বাধা দিওঁতাৰ অভাৱ হয়৷
বিদ্যালয়ৰ শিক্ষা, প্ৰাথমিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা, শিশুৰ পৰিপুষ্টিকৰণ, অতি প্ৰয়োজনীয় ভূমি সংস্কাৰ আৰু লিংগ সমতা আদি ক্ষেত্ৰত ভাৰতীয় সামাজিক নীতিৰ দুৰ্বলতাই কেৱল চৰকাৰৰ কাৰ্যকৰি ভাৱনাৰ অসম্পূৰ্ণতাকে নহয়, ৰাজনৈতিক ভাৱে নিয়োগ কৰা ৰাজহুৱা বিচাৰশক্তি আৰু সামাজিক চাপৰো (বিৰোধীৰ পৰা অহা চাপকো ধৰি)নাটনি প্ৰতিফলিত কৰে৷ প্ৰকৃততে ভাৰতবৰ্ষই গণতন্ত্ৰৰ সফলতাৰ গুৰুত্বপূৰ্ণ নিদৰ্শন আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সুযোগসমূহৰ অযথাযোগ্য ব্যৱহাৰেৰে ইয়াৰ বিশেষ বিফলতা--এই উভয়কে দেখুৱাইছে৷’ অমৰ্ত্য সেন দেৱৰ উপৰি উক্ত কথাখিনিৰ গুৰুত্ব কিমান বেছি আমি তাক বাৰুকৈয়ে উপলব্ধি কৰিছোঁ৷ বিদ্যালয়ৰ শিক্ষা নিয়ন্ত্ৰণৰ ভাৰো বণিক গোষ্ঠীৰ হাতলৈ গুছি গৈছে, চৰকাৰী স্বাস্থ্য খণ্ডৰ পঁয়ালগা অৱস্থাটোৰ ফলত হাস্পতালত অভাৱনীয় ভাৱে ৰোগী আৰু শিশুৰ মৃত্যু ঘটিছে, উপযুক্ত ভূমি সংস্কাৰ নীতিৰ অভাৱত কৃষি ভূমি হ্ৰাস হৈ যাব ধৰিছে৷ লিংগ বৈষম্যতাৰ কৱলৰ পৰা নাৰীয়ে উদ্ধাৰ পাবলৈ এতিয়াও বহু বাকী৷

শেষত এই কথা উল্লেখ কৰিব পাৰি যে সময় থাকোঁতেই আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ সংস্কাৰ সাধন নকৰিলে দেশত জনতাৰ মাজত সৃষ্ট ব্যাপক অৰ্থনৈতিক ব্যৱধানৰ ফলতেই নানা অসূয়া অশান্তিৰ সৃষ্টি হ’ব৷ শাসক গোষ্ঠী, বিৰোধী দল, সংবাদ মাধ্যম, জনসাধাৰণ আদি সংশ্লিষ্ট সকলো পক্ষই বৰ্তমানৰ দেশৰ অৰ্থনৈতিক গতিধাৰাৰ ওপৰত তীক্ষ্ন নজৰ ৰখা উচিত আৰু অনতিপলমে অত্যাআধুনিক প্ৰযুক্তি প্ৰয়োগৰ সুফল দেশৰ মুষ্টিমেয় এচাম লোকেই যাতে ভোগ কৰিবলৈ নাপায় আৰু দেশৰ গৰিষ্ঠসংখ্যকলোক উপকৃত হয় তাৰ ব্যৱস্থা কৰা উচিত৷
+++++++++সমাপ্ত++++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় তথা বহুল প্ৰচাৰিত পষেকীয়া আলোচনী 'প্ৰান্তিক'ৰ ১৬-৩১ মাৰ্চ সংখ্যাত প্ৰকাশ পাইছে৷

Sunday, 22 April 2018

গাত যেতিয়া বিহু লম্ভে

প্ৰতি বছৰে বিহু আহিছে আৰু গৈছে৷ এই গতানুগতিকতাৰ মাজেদি বিহুৱে গতি কৰোঁতে অসমীয়া জনজীৱনৰ পৰিবৰ্তিত ধাৰাটোৱে যেনে ধৰণৰ ৰূপ দিছে তেনে ধৰণেই আগুৱাই গৈ আছে৷ প্ৰাচীন পৰম্পৰা ভংগ কৰি হয়তো বিহুৰ অতি প্ৰাচীন পৰম্পৰা (ৰজাঘৰীয়া) সংৰক্ষণৰ প্ৰচেষ্টা চলিছে-ধনৱন্তসকলৰ উদ্যোগত, বাকীসকলে উৱাদিহ নোপোৱা হৈছে৷ অতীজতে যেন আপদাল আৰু প্ৰতিপালনহীন ভাৱে বিহু গৃহস্থৰ চোতালত, গছতলত, বাঁহতলত অথবা হাবিয়ে জংগলে আলৈ-এথানি হৈ  মৃত্যুৰ ক্ষণ গণি আছিল-এনে ভাৱ পোষণ কৰা দেখা গৈছে৷ বৰ্তমানৰ বিহুৰ ৰেহ ৰূপ দেখিলে এনে ধাৰণা হয় যেন বুঢ়ী আইতাকে মৃত্যুৰ সময়ত নাতিনীয়েকক মৰমতে দি যোৱা কাণৰ থুৰীয়াযোৰ কাণত নিপিন্ধি মৰমৰ চিন স্বৰূপে  বাকচত সযতনে থ’ব খুজিছে বা বেংকৰ ল’কাৰত সংৰক্ষণ কৰিব খুজিছে৷ অৰ্থাৎ আমাৰ পূৰ্বজসকলৰ মৰমৰ বস্তু আমি যাদুঘৰত হ’লেও সংৰক্ষণ কৰি ৰাখিম৷ এইবোৰৰ বাবে টকা-পইচা খৰচ হৈছে, ৰাইজে বৰঙণি দিছে৷ পিছে এক সচেতন মহল কিন্তু বিবুদ্ধিত পৰিছে৷
সাম্প্ৰতিক কালৰ এই বাণিজ্যিক বিহুবোৰ  প্ৰথমে আহি  পায় নগৰ; দোকান–বজাৰ, বিগ বজাৰ আদিত বিহুৰ পিঠা–পনা, জা-জলপান, বিহুৱান আৰু অনান্য সাজ-পাৰেৰে ভৰি পৰে৷ পিছত নিৰ্দ্দিষ্ট দিনৰ বাবে  বিহুৱে বিয়া দিয়া জীয়াৰীৰ দৰে গাঁৱত জিৰণি লৈ নগৰৰ বিহু মঞ্চলৈ দৌৰ মাৰে—চুক্তি ৰূপায়ণৰ বাবে৷ নৱ-প্ৰজন্ম ইয়াতে অভ্যস্ত হৈছে৷ বিহুমঞ্চত শিল্পীয়ে বৈদ্যুতিন গীতাৰত সুৰৰ লহৰ তুলাৰ লগে লগে চাগৈ বিহু বিহু লাগি যায় গাত৷ পিছে বয়স-ভাটি দিয়া অসমীয়াসকলৰ গাত তাহিনি দিনৰ দৰে বিহু নালাগে, তেওঁলোকে গাত বিহু লম্ভা অতীতৰ দিনবোৰৰ স্মৃতি ৰোমন্ঠন কৰি হা-হুমুনিয়াহ কাঢ়ি ঘৰৰ ওচৰত অনুষ্ঠিত  হোৱা বিহুৰ নাইট-ফাংচনত আমদানীকৃত শিল্পীয়ে পৰিবেশন কৰা হিন্দী গীতৰ মুৰ্চনা শুনি শুনি, ড্ৰাম-চেটৰ তীব্ৰ শব্দ-বাণ প্ৰতিহত কৰি চকু মুদি জোৰ কৰি টোপনি যাবলৈ চেষ্টা কৰে৷
তাহানিখন পলাশ, শিমলূ , মদাৰে ৰঙা দলিচা পাৰি বহাগীক আদৰি অনাৰ লগে লগে গছ-বনে সেঁউজী ৰহন লগাই কুলি-কেতেকীৰ মন উদ্বাউল কৰি দিয়াৰ ক্ষণতে গাঁওবাসীয়ে বিহুৰ আগলি বতৰা পাই পুলকিত হৈ পৰে৷ লগে লগে সকলোৱে নিজা-ববীয়াকৈ বিহু পালনৰ প্ৰস্তুতি চলাই যায়৷ গাভৰুহঁতৰ, ন-বোৱাৰীহঁতৰ গাত উথপ-থপ লাগি গৈ তাঁতৰ শালত হাতৰ মাকোক তৰণি নোপোৱা কৰি দিয়ে৷ গণি চায় বিহুলৈনো আছে কেইদিন, গামোছাবোৰ কাটিব কেতিয়া? কণ কণ ল’ৰাবোৰৰ বহুতো দায়িত্ব আহি পৰে৷ খৰি লুৰি আনি নিদিলে পিঠা-পনা , জা-জলপান নহ’ব৷ জাকে-জোমে খৰি লুৰিবলৈ যোৱা ক্ষণতে সিঁহতৰ গাত বিহু লম্ভে৷ ম’হঘূলি চাপৰিৰ বিস্তৃৰ্ণ অঞ্চল জুৰি থকা ইকৰানিত সোমাই তাৰ মাজত থকা শুকান খাগৰি খৰি লুৰি মুঠা বান্ধি কান্ধত লৈ জাক পাতি আহোতেই সিঁহতে বিহু গীতৰ আখৰা সমাপন কৰে৷ ল’ৰাহঁতে চোতালত খৰি দ’মাই দিয়াৰ পিছত জীয়াৰী-বোৱাৰীহঁতে জোখমতে ভাঙি –কাটি খাগৰি খৰিবোৰ জু-হাল পোৱাগৈ আৰু পিঠা- পনা , জা-জলপান তৈয়াৰ কৰাত লাগি যায়৷

বিহুৰ কেইদিন গাঁৱৰ গৃহস্থৰ ঘৰত ঢেঁকী বজাব নাপায়৷ আগতেই চাউল, চিৰা যি লাগে খুন্দি ল’ব লাগিব৷ সেয়ে পুৱতি নিশা কাৰ ঘৰৰ জীয়ৰী বা বোৱাৰীয়ে সকলোতকৈ সোনকালে উঠি ঢেঁকী জুৰিব পাৰে তাৰে অঘোষিত প্ৰতিযোগিতা চলে৷ গাঁৱৰ ল’ৰাহঁতৰ গাত লম্ভা বিহুৱে সিহঁতক আকৌ চাপৰিলৈ লৈ যায়৷ বিহুত গৰুক নতুন পঘাৰে বান্ধিব নালাগিব জানো? হাবিৰ মাজত ল'ৰাহঁতে তৰা ফিটিয়াবলৈ লাগি যায়৷ তৰাবোৰৰ পাত আৰু টান অংশ কাটি পেলাই দি কোমল তৰাখিনি গোটা কৰি ভালদৰে বন্ধাৰ পিছত ঢোল খোলত  লগোৱাৰ দৰে ৰছি লগাই লৈ ল’ৰা বোৰে ডিঙিত ওলমাই লৈ তাকে  খোল বজোৱাৰ দৰে  বজাই  মুখৰে শব্দ কৰি কৰি শাৰী পাতি ঘৰমূৰা হোৱা দৃশ্যটো ল’ৰা কালত নিজেও এনে কৰা কথা মনত পেলাই নব্বৈ উৰ্ধৰ দয়াৰাম ককাই নষ্টালজিক হৈ পৰি হেঁপাহ পলুৱাই চায়৷ সৰু সৰু ল’ৰাহঁতে আনি দিয়া তৰাবোৰৰ পৰা পঘা তৈয়াৰ কৰা কামটো জ্যেষ্ঠসকলৰ৷ গাত বিহু লম্ভা কণ কণ মইনাহঁতৰ ৰ’বলৈ সময় নাই৷ বিহু পালেহিয়েইচোন৷ দীঘলঁতি-মাখিয়তী নহ’লে গৰু বিহু পালিব পৰা নাযাব৷ হাবিত দীঘলঁতি মাখিয়তী পাবলৈ টান হৈ আহিছে৷ সেয়ে মাখিয়তী বিচাৰি আগতীয়াকৈ কাটি হাবিৰ মাজত লুকুৱাই থ’ব লাগিব৷  তাকো গাঁৱৰ  ঢেঁকীৰ মাত নুশুনা মাখিয়তী হ’ব লাগিব৷ এইবোৰ কামৰ পিছতে আহিল ঢোল-তাল ঠিক-ঠাক কৰি যোগাৰ কৰি লোৱা৷ নিচেই সৰু চামৰ ল’ৰা ছোৱালীহঁতৰ বাবে তাহানিখনত বয়োজ্যেষ্ঠসকলে ঢোল-তাল আদি তৈয়াৰ কৰি দিছিল৷ তাৰ বাবে বিশেষ খৰচ কৰিব লগা হোৱা নাছিল৷ ডাঙৰ ধঁপাতৰ চুঙাৰ দুয়োফালে ঢকুৱা দুখন বান্ধি কান্ধত ওলমাই ল’বলৈ ৰছি লগাই দিলেই ঢোল এটা হৈ যায়৷ তালযোৰৰ বাবেও বিশেষ একো নালাগে৷ জোতা পলিচ কৰিবলৈ অনা টেমা খালি হ’লে থৈ দিয়া হয়৷  টেমাটো আৰু তাৰ  ঢাকনি খনৰ মাজখণ্ডত ফুটা কৰি ৰছি বান্ধি দিলেই তালযোৰ হৈ যায়৷ টকা, গগণা, ম’হৰ শিঙৰ পেঁপা আৰু বাঁহি আদি কণ কণ হঁতৰ বাবে নহ’লেও চলি যায়৷ আইতাই বিহুগীত শিকাই দিব—“ভাটীফালৰ তামোল জোপি তোমাৰ আইদেউ চুলি চুটি, কোনে দিলে বেণি গোঁঠি---------৷”

গৰু বিহুৰ আগদিনাই ল’ৰাহঁতে ঢেঁকীৰ মাত নুশুনা দূৰত্বৰ পৰা দীঘলঁতি, মাখিয়তী গোটাই আনে৷ সাপ্তাহিক বজাৰৰ চ’তৰ শেষৰ বাৰটোক  বিহু বজাৰৰ দিন ঘোষনা কৰি ঢোল পিটি  আগৰ বজাৰৰ দিনাই শুনাই দিয়া হয়৷ বিহুৰ বজাৰৰ দিনা গাঁৱৰ  ৰাইজে কাপোৰ কানিকে ধৰি বিহুৰ বাবে প্ৰয়োজনীয় বস্তুবোৰৰ কিনা-বেছা কৰোতেই ঘৰত নাথাকিলে লাও, বেঙনা, কেৰলা, হালধি আদি গৰু বিহুৰ বাবে কিনি আনে৷ গৰু বিহুৰ আগ দিনা চাং-তেলিয়া ঘৰৰ চাংতলত থকা, বজাৰৰ জুপুৰিৰ তলত শুই থকা বা ৰাস্তাৰ কাষৰ বৰগছৰ তলত শুই দিন অতিবাহিত কৰা কেইটাকে ধৰি ঘৰৰ আটাইকেইটা গৰু বিচাৰি আনি গোহালীত বান্ধি ৰখা হয়৷ গৰু বিহুৰ দিনা বোৱাৰী পুৱাতে উঠি ল’ৰাহঁতে গৈ নুফুলা ভাঙৰ পুলি বিচাৰি আনেগৈ৷ ইতিমধ্যে ডাঙৰ কেইজনে গৰু গা ধুৱাওঁতে সিহঁতৰ গাত মাৰিবলৈ লাও, বেঙেনা, কেৰেলা , হালধি  আদি  চিলাবলৈ দুডলীয়া ,তিনিডলীয়া বা চাৰিডলীয়া যাৰ যেনে ইচ্ছা তেনেদৰে বাহঁৰ চাট তৈয়াৰ কৰে৷ চাটত বেঙেনা, কেৰেলা আদিৰ টুকুৰা চিলাই লৈ এখন সৰু ডলাত থোৱা হয়৷ ডলাখনত আৰু কেইবিধমান বস্তু লোৱা হয়৷ সেয়া হ’ল ভাঙৰ পুলি, দীঘলঁতি, মাখিয়তী ইত্যাদি৷ কেইবাখনো গাঁৱৰ ৰাইজে চাৰিকড়িয়া নদীৰ একেটা ঘাটতে গৰু গা ধোৱাব লগা হোৱা বাবে দূৰণি গাঁৱৰ ৰাইজক আগতীয়াকৈ ধুৱাই ল’বলৈ সুযোগ দিয়া হয়৷ জোমে জোমে গৰুবোৰ নদীৰ ফালে আনোতে গৰুবোৰৰ যে কি আনন্দ উল্লাস ! তাৰ মাজে মাজে মাকবোৰে নিজৰ পোৱালি বিচাৰি হেম্বেলিয়াই আৰু প্ৰত্যুত্তৰত পোৱালিয়ে হেম্বে হেম্বে বুলি দিয়ে সঁহাৰি৷ কিযে উৎসৱমুখৰ পৰিবেশ৷ জাকে জাকে গৰু পানীত নমাই নিজৰ গৰুকেইটা বিচাৰি বিচাৰি গাত পানী চটিয়াই লাও খা বেঙেনা খা-----কৈ কৈ গৰুৰ গালৈ চাটৰ পৰা উলিয়াই সেইবোৰ দলিয়াই থাকোতে ইচ্ছাকৃতভাৱে মাজে মাজে ডেকাবোৰে ইটোৱে সিটোৰ গাতো মাৰি ধেমালি কৰে৷ গা ধুৱাই হ’লে গৰু পাল ৰখীয়াই গৰুজাক চৰাবলৈ লৈ যায়৷  চাটত থাকি যোৱা লাও, বেঙেনাৰে সৈতে সেইডাল আনৰ সৈতে সলাব লাগে৷ ইয়াৰো নিয়ম আছে৷ যেইডলীয়া চাট তাৰ সমান ডলীয়া চাটৰ লগতহে সলাব পাৰি৷ অন্য হাতে, চাটত কেৰেলা দিলে গৰু ছেৰেলা হ’ব বুলি ভয় কৰি কিছুমানে কেৰলা নিদিয়ে৷ সেয়ে তেওঁলোকে কেৰেলা নিদিয়া লোকৰ সৈতেহে চাটডাল সলাব৷ লগত নিয়া ডলাখনত থাকি যোৱা বস্তুবোৰ লৈ নিজৰ আহুধানৰ পথাৰলৈ গৈ তাৰ মাজৰ আলিত মখিয়তীৰ ডাল, দীঘলঁতি আৰু ভাঙৰ পুলি ভগৱন্তক চিন্তি   গোঁজ মাৰি পুতি থৈ আহে যাতে পোক-পৰুৱা আদি একোৱে ধানডৰাৰ হানি বিঘিনি ঘটাব নোৱাৰে৷ গধূলি পৰত গৰুবোৰ গোহালিত সোমোৱাৰ পূৰ্বেই পদূলিত জাক দিয়া হয়৷ জাক দিবলৈ জলোৱা তঁহজুইত দীঘলঁতি, মাখিয়তী আৰু ভাঙৰ পুলি আদিও জাপি দিয়া হয়৷ গৰুৰ ভৰি ধুৱাই দি পুজা কৰি ডিঙিত নতুন পঘা লগাই দি পিঠা খাবলৈ দিয়া হয়৷ ঘৰৰ বাৰীত থকা তামোল, নাৰিকল আদি মূল্যবান গছবোৰক দেৱজ্ঞান কৰি ধান খেৰৰ জৰিৰে সাদৰেৰে বান্ধি পেলোৱা হয়৷ গৰু বিহু শেষ হোৱাৰ লগে লগে গাঁৱৰ মূৰব্বীজনাৰ ঘৰৰ পৰা ল’ৰাহঁতে হুঁচৰি গোৱা আৰম্ভ কৰি দিয়ে৷ ধনী-দুখীয়া ভেদাভেদ নোহোৱাকৈ প্ৰতিঘৰতে হুঁচৰি গাই গৃহস্থক বছৰটোলৈ কুশলে থাকিবলৈ আৰ্শীবাদ দিয়া হয়৷ ডাঙৰ গাঁও হলে হুঁচৰি গাই শেষ কৰোঁতে কেইবা দিনো লাগে৷ শেষত হুঁচৰি গাই পোৱা ধন নামঘৰ সজা বা পুথিভঁৰাল নিৰ্মাণ আদি কামত লগোৱাৰ উপৰিও এক প্ৰীতি ভোজৰো আয়োজন কৰি তাতো কিছু ধন খৰচ কৰা হয়৷

মুঠতে বিহুৰ দিন কেইটাত ঘৰে বাহিৰে সকলোতে মাথো বিহু বিহু আৰু বিহু৷
ম’হৰ গোৱালে ম’হ ৰখি থাকোঁতে ম’হৰ পিঠিত বহি ম’হৰ শিঙৰ পেঁপাটি বায়ে ক্ষান্ত নাথাকে৷ দূৰণিৰ চাপৰিত সিহঁতে গোৱা বনৰীয়া নামবোৰ স্পষ্টকৈ শুনা নাযায়৷ ৰিণিকি ৰিণিকি ভাঁহি অহা সুৰটি কানত পৰিলে বয়োজ্যেষ্ঠজনৰ মনো পুলকিত হয়, বিহু বিহু লাগি যায়৷ সুৰটোতে বুজিব পাৰে কোন ফাকি বনৰীয়া নাম গাইছে৷ নিজৰ মনৰ ভিতৰতে মিলাই চায়—
‘অ অই, বিহুটি আহিলে /কপৌফুল ফুলিলে  / গছৰ ডালত বিনালে কুলি / তোৰ মাৰে-বাপেৰে মোলৈ তোক নিদিয়ে  
/দুখীয়া-নিচলা বুলি ৷’ ‘হাঁয়ৈ, এবেলা হলে বাওঁ এবেলা জালে বাওঁ  এবেলা ম’হলৈ যাওঁ/   তেও মোক দেহা জান খাবলৈ নোজোৰে/ দুপৰীয়া শুদা ভাত খাওঁ৷’/ঐ, ‘যোৱা ৰাতি সপোনত তোকে দেখিছিলো/  চিৰিংকৈ পৰিছে মনত,/  দিঠকে সপোনে তোকে দেখি থাকোঁ /বাৰুকৈ মোক  পেলালি প্ৰেমত৷’/‘আই ঐ, দলনিত নাবাওঁ হাল, বিলতো নাবাওঁ জাল / পিটনীত নকৰোঁ খেতি,/তোকে যে নাপালে সন্যাসী হ’মেগৈ /সেয়ে হ’ব জীৱনৰ গতি৷’
গাঁৱৰ গাভৰুহঁতে লগ লাগি চাপৰি-পথাৰৰ গছতলৰ ছাঁত বিহু মৰা আৰম্ভ কৰি দিয়ে৷  আপোন পাহৰা হৈ বিহু গীত গাব ধৰে-

‘দলনি পথাৰত ধানে দাই আছিলো  / চেনাইৰ কথা ভাবি কাচিলৈ নিদিলো মন /ৰচকী কাচিয়ে হাততে কাটিলে / পিহি লগালো দুবৰি বন৷ /দূৰণি পথাৰত হালে বাই আছিলা /বাৰী মাটি পৰিলে ছন/ আজি অত’দিনে তোমাক নিচিনিলো /তুমি মোৰ বুকুৰে ধন৷/ নাঙলৰ সীৰলুত শালিকী বগলী /কিনো যে বিচাৰি খাই? / আমাৰে হিয়াতে মৰম উঠলিছে / জুমিহে চাঁওতা নাই৷ / সাপেখাটি বিলতে জাকৈ বাই আছিলো/ শিঙীয়ে বিন্ধিলে হাতত/  যিমান দুখ পালো সকলো অন্তৰ্ধান চেনাই তোমাৰ মৰমৰ মাতত৷  …………………………..L

হেপাহ পলুৱাই বিহুগীত গাই নাচি বাগি সাত দিনৰ দিনা  গাভৰুহঁতে  বিহু উৰুৱাই বনভোজ খায়৷
তাৰ পিছতে আহি পৰে ফাট বিহু৷ অঞ্চলটোৰ ৰাইজে হিলদল ভাঙি  আহি ফাট বিহু স্থলিত যোগ দিয়ে আৰু হিয়া উজাৰি বিহু মাৰিবলৈ ধৰে৷  নাই কোনো জাতি-ভেদ, নাই ভিন-পৰ৷ বিহুবলিয়া ৰাইজৰ নাই কোনো ধৰ্মৰ বান্ধোন৷  সকলো জাতি ধৰ্মৰ লোকেই বিহুলৈ যেন অপেক্ষা কৰি থাকে৷ আয়োজক সকলে বিহু বলিয়া ৰাইজক যথোচিত সন্মান যাচে৷ মনত পৰে মানুহ বিহুৰ দিনা পিতৃ-মাতৃ তথা মান্যজনক সেৱা-সৎকাৰ কৰি আৰ্শীবাদ লোৱা সেই অতীত হৈ যোৱা দিনবোৰৰ কথা৷ কথাবোৰ ভাবি ভাবি আমি নষ্টালজিক হৈ পৰোঁ৷
০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০  
বিঃদ্ৰঃ প্ৰবন্ধটো ভাৰতৰ অন্যতম সৰ্বাধিক প্ৰচলিত আৰু শক্তিশালী কাকত "তিনিদিনীয়া অগ্ৰদূত"ত ২২/৪/২০১৮ৰ সংখ্যাত প্ৰকাশ পাইছে৷                                                                                                                                     
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                 

Thursday, 5 April 2018

শিশুসকলক ধৰ্মান্ধ হ'বলৈ বাধ্য কৰা উচিতনে ?

কিছুদিনৰ পূৰ্বে অসমৰ সংবাদ মাধ্যমসমূহত বহুলভাৱে প্ৰচাৰিত হোৱা এটা বাতৰিয়ে মানৱতাৰ অন্য এক দিশ উন্মোচিত কৰি গ’ল৷ এখন চিকিৎসালয়ত জন্ম হোৱা দুটি পৰিয়ালৰ দুটি শিশুক সলনাসলনি কৰি দুই পৰিয়ালক চিকিৎসালয় কৰ্ত্তৃপক্ষই চমজাই দিয়ে৷ দুই শিশু দুই ভিন্ন পৰিয়ালত  আদৰ সাদৰৰ মাজত লালিত পালিত হৈ ডাঙৰ দীঘল হ’ব ধৰিলে৷ মুছলমান দম্পতিয়ে নিয়া বড়ো দম্পতিৰ সন্তানটিৰ চেহেৰাত যেতিয়া জনজাতীয় লক্ষণবোৰ স্পষ্টভাৱে প্ৰকাশ পালে তেতিয়াই মাতৃগৰাকীয়ে সন্দেহ কৰিলে যে সেই সন্তানটি তেওঁৰ গৰ্ভজাত সন্তান নহয়৷ ঠিক একেদৰেই বড়ো সম্প্ৰদায়ৰ দম্পতিদ্বয়েও তেওঁলোকৰ সন্তান সলনি হোৱা কথা জানিব পাৰিলে৷ উভয় পক্ষই চিকিৎসালয় কৰ্ত্তৃপক্ষৰ ওপৰত আদালতত গোচৰ ৰজ্জু কৰিলে৷ সন্তান দুটিৰ ডি এন এ পৰীক্ষাৰ পিছত সন্তান সলনি হোৱা কথাটো প্ৰমাণিত হ’ল৷ ন্যায়ালয়ে দুই দম্পতিক সন্তান সলনি কৰি লোৱাৰ অনুমতি প্ৰদান কৰিলে৷ কিন্তু সন্তান দুটিয়ে এই আচহুৱা কামত তিল মানো সঁহাৰি নিদি জন্মদাতৃ মাতৃক গুৰুত্বহীন প্ৰতিপন্ন কৰিলে৷ দেখা গ’ল যে ধৰ্ম আৰু জাত পাতৰ তিলমানো জন্মগত প্ৰভাব শিশু দুটিৰ ওপৰত নপৰিল৷ অৱশেষত প্ৰাপ্তবয়স্ক হৈ শিশু দুটিয়ে নিজৰ সিদ্ধান্ত নিজে ল’বলৈ এৰি দি শিশু দুটিক দু্য়োটা পৰিয়ালৰ সন্মতি ক্ৰমে  যি পৰিয়ালত আছে তাতে থাকিবলৈ দিয়া হ’ল৷
ওপৰত বৰ্ণনা কৰা সত্য ঘটনাটিয়ে মানৱসৃষ্ট জাতি ধৰ্মৰ অস্তিত্ব আৰু ভেদাভেদক নিশ্চিতভাৱে উপলুঙা কৰিছে৷ সাম্প্ৰতিক কালত আমাৰ দেশত জাতি-ধৰ্মক লৈ গঢ় লৈ উঠা ৰাজনৈতিক উশৃঙ্খলতাবাদলৈ লক্ষ্য ৰাখি অস্তিত্ববাদৰ আধুনিক কালৰ প্ৰথমজন প্ৰবক্তা ছোৰেন্ কিয়েৰ্কগাৰ্ডৰ (Soren Aabye Kierkegaard)ৰ অনুভৱকেই সত্য বুলিব লাগিব৷ খ্ৰীষ্টান-ৰীতি নীতি অতি নিষ্ঠাৰে পালন কৰিবলৈ গৈ এই দাৰ্শনিকজনে অনুভৱ কৰে যে এজন সৎ লোক হোৱাৰ ক্ষেত্ৰত ধৰ্মই হ’ল সবাতোতকৈ ডাঙৰ হেঙাৰ৷ দাৰ্শনিক গৰাকীয়ে কয়, “ব্যক্তিগত অভিজ্ঞতা-উপলব্ধিৰ বাহিৰত পৰম শক্তি বুলি কোনো কথা নাই৷ যুক্তি-তৰ্ক-দৰ্শন নহয়, মানুহৰ ব্যক্তিগত আস্থা, নিজা দায়বদ্ধতাৰেৰে ভগৱানক লাভ কৰিব পাৰি৷ প্ৰতিজন মানুহৰ বাবে ‘অভিজ্ঞতাৰ সত্য বেলেগ বেলেগ, গতিকে ব্যক্তিৰ নিজা চেতনা বা ব্যক্তিগত অস্তিত্বৰ বাহিৰে কোনো বস্তু বা চিন্তাত সত্য থাকিব নোৱাৰে৷’ দাৰ্শনিক গৰাকীয়ে  উপলব্ধি কৰিলে যে  ধৰ্ম পালন কৰাটো হ’ল মানুহৰ জীৱনৰ সম্পূৰ্ণই ব্যক্তিগত বিষয়৷
জাৰ্মাণ দাৰ্শনিক,Thus Spoke Zarathustra, The Anticrist আৰু Beyond Good and Evil আদি গ্ৰন্থৰ স্ৰষ্টা ফ্ৰেডৰিখ নীৎসেই(Friedrich Wilhelm Nietzsche)তেওঁৰ মুক্ত বৈপ্লৱিক চিন্তাধাৰাৰ যোগেদি কুৰি শতিকাতে(১৮৪৪-১৯০০) পশ্চিমীয়া দৰ্শনক প্ৰভাৱিত কৰা অস্তিত্ববাদৰ প্ৰতি এই এক বিংশতিতম শতিকাত আমাক ওপৰত উল্লেখ কৰা সত্য ঘটনাটোৱে আকৰ্ষিত কৰে৷ তেওঁ বৰ্ণনা কৰে যে, বিশ্বাসসমূহৰ বিষয় বস্তুৱে মানুহক মহান কৰা নাই, তেওঁলোকৰ মূল্যবোধ আৰোপ কৰা কাৰ্যইহে কৰিছে৷  তেওঁ Zarathustra ৰ কন্ঠৰ যোগেদি ব্যক্ত কৰিছে, “…Humanity still has no goal.”

“শব্দ”(Words)ৰ স্ৰষ্টা, অস্তিত্ববাদৰ প্ৰবক্তা, ব্যক্তি স্বাধীনতাৰ ওপৰত অধিক গুৰুত্ব দিওঁতা প্ৰখ্যাত দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰেই নীৎসেৰ দৰেই ছোৰেন্ কিয়েৰ্কগাৰ্ডৰ অস্তিত্ববাদক আগুৱাই আনি আনুনিক ৰূপ প্ৰদান কৰে৷ জাঁ পল ছাৰ্ত্ৰেই লিখিছে,“ভাগ্যে পিতা নাছিল! তেওঁৰ ইচ্ছা অনিচ্ছা মোৰ ওপৰত জাপিলেহেঁতেন৷” ককাকে ধৰ্মযাজক হিচাপে গঢ় দিব খোজা জাঁ পল ছাৰ্ত্ৰেই  নিজৰ জীৱনক নিজে গঢ় দিলে এজন যুক্তিবাদী লেখক হিচাপে৷

পিতৃ-মাতৃ,বংশ-পৰিয়াল আৰু কোনো এক সমাজে পালন কৰা ধৰ্মীয় ৰীতি-নীতিৰ মাজত এটি শিশুক লেটাৰ দৰে সোমাই থাকি শৈশৱকাল পাৰ কৰিবলৈ বাধ্য কৰা উচিতনে? এয়া ব্যক্তি স্বাধীনতাৰ ওপৰত প্ৰচণ্ড কুঠাৰাঘাত নহয়নে? ভৱিষ্যতৰ এজন প্ৰাপ্ত বয়স্কলোকক,সম্ভাৱনাপূৰ্ণ বুদ্ধি-যুক্তিসম্পন্ন এজন লোকক তেঁওৰ জীৱনৰ আৰম্ভণিতে অবোধ শিশু বুলিলেই অগ্ৰজসকলে পক্ষপাতিত্বমূলকভাৱে কিছুমান ভাৱধাৰা জাপি দি তাক মানি চলিবলৈ বাধ্য কৰাটো কোনো কাৰণতে যুক্তিসংগত হ’ব নোৱাৰে৷ দেখা যায় যে এনে দৰে আৱদ্ধ কৰি ৰখা বহুতো শিশুৱে প্ৰাপ্ত বয়স্ক হোৱাৰ পিছত নিজৰ জ্ঞান-গৰিমাৰ বলত স্ব-ধৰ্মৰ সংকীৰ্ণতাৰ বেহুৰ পৰা নিজকে মুক্ত কৰি লেতাৰ পৰা ওলোৱা পখিলাৰ দৰে মুক্ত বিচৰণ কৰি মানৱতাৰ গীত গাই স্ব-জ্ঞানৰ জ্যোতিৰে ধৰিত্ৰিৰ শোভা বঢ়ায়৷ সেয়েহে আমি ক’ব খোজো যে শিশুসকলক জ্ঞানী কৰি গঢ়ি তোলা উচিত কিন্তু ধৰ্মান্ধ হ’বলৈ বাধ্য কৰিব নালাগে৷
++++++++++সমাপ্ত++++++++++
বিঃদ্ৰঃ প্ৰবন্ধটি অসমৰ বহুল প্ৰচাৰিত তথা বলিষ্ঠ সাদিনীয়া কাকত 'সাদিন'ৰ ৬ এপ্ৰিল ,২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷

Friday, 2 March 2018

লোক সেৱা আয়োগত দুৰ্নীতিৰ ইতিহাস(এটি চমু লেখা)


প্ৰকৃততে যদি চৰকাৰে অসম লোক সেৱা আয়োগৰ দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰিছে তেন্তে ৰাজনৈতিক নেতাসকলক অতিশীঘ্ৰে তদন্তৰ আওতালৈ অনা উচিত৷ ৰাজনৈতিক পোষকতাতহে দুৰ্নীতিয়ে ইমান দূৰলৈ পোখা মেলিব পাৰে৷ ৰাজনৈতিক ভাৱে প্ৰশয় নিদিলে এয়া কাহানিও সম্ভৱ নহয়৷ প্ৰশ্ন হয় ৰাজ্যখন দুৰ্নীতিত ইমান গভীৰলৈকে পুত যাবলৈ শাসকবৰ্গই এৰি দিলে কিয়? তেওঁলোকৰ একো কৰিব লগা নাছিল? দুৰ্নীতি পৰায়ণলোকসকলক প্ৰতিহত কৰাৰ ক্ষমতা ৰাজনৈতিক নেতাসকলৰ নাছিল নেকি? দুৰ্নীতিত লিপ্ত হোৱা লোকসকলৰ ক্ষমতা ইমান অধিক নে? গণতান্ত্ৰিক দেশ এখনত বিভাগীয় মন্ত্ৰীসকল জনগণৰ ওচৰত এনে কাণ্ডৰ বাবে জবাব দেহি নহ’বনে? কলঙ্কিত অধক্ষ্য ৰাকেশ পাল, বক্ৰপথে চাকৰি লোৱাসকল বা অন্য দাদাল সকলকে কৰায়ত্ত কৰি ৰাজনৈতিক নেতা সকলক যদি তদন্তৰ আওতালৈ অনা নহয় তেন্তে এনে গণতন্ত্ৰ ৰাষ্ট্ৰত বাস কৰাৰ অভিজ্ঞতা জনসাধাৰণৰ বাবে কোনো কালেও সুখকৰ নহ’য়৷ সেয়ে আন্দোলনৰ পথ লৈ তাৰ বাবে ৰাইজে দাবী জনোৱাটোৱেই মঙ্গলজনক হ’ব৷ গণতান্ত্ৰিক শাসনৰ নামত অযথা ৰাজনৈতিক নেতাসকলক দেশখন লুটি পুটি খাবলৈ দিলে দেশৰ সত্তৰ শতাংশ জনতা পথৰ ভিক্ষাৰী হ’ব আৰু বাকী ত্ৰিশ শতাংশ ৰাজনৈতিক নেতা আৰু পুঁজিপতিয়ে ঐক্যবদ্ধ হৈ জনসাধাৰণৰ মূৰত টাঙন মাৰি চলি গৈ থাকিব৷ সত্তৰটা বছৰে সেই হ’ল৷

আশীৰ দশকৰ কংগ্ৰেছ চৰকাৰৰ তদানীন্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনৰে পৰাই অসম লোক সেৱা আয়োগৰ চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি অনিয়ম চলি আহিছে৷ সেই সময়ৰ পৰাই অসম লোক সেৱা আয়োগৰ চাকৰি নানা অনিয়মৰ যোগেদি চৰকাৰী পৃষ্ঠপোষকতাতে বিক্ৰী কৰি আহিছে৷ এই লেখাৰ লিখকে সেই সময়ত অনুষ্ঠিত হোৱা লোক সেৱা আয়োগৰ লিখিত আৰু মৌখিক উভয় পৰীক্ষাতে উতীৰ্ণ হৈ বৰ আশাৰে চাকৰিত যোগদানৰ বাবে বাট চাই থাকি অৱশেষত বিফল মনোৰথ হ’ব লগা হ’ল৷ পুলিচ ভেৰিফিকেশ্যন হৈ গ’ল৷ তাৰ পিছত অতি পিছ পৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ বিচাৰিলে, সেয়াও জমা দিয়া হ’ল; কিন্তু চাকৰি নহ’ল৷  পিছ পৰা ঠাইৰ এজন দৰিদ্ৰ কৃষকৰ সন্তানৰ যোগ্যতাক ভৰিৰে মোহাৰি চৰকাৰে হেলাৰঙে চাকৰিৰ পৰা বঞ্চিত কৰিলে৷ এনে দৰে আৰু কেইবাজনো দৰিদ্ৰ সন্তান দুৰ্ভগীয়াৰ তালিকাত তালিকাভুক্ত হ’ল৷ চাকৰি পালে দালালৰ যোগে ধন দিব পৰা এচাম ধনীলোকৰ সন্তানে, মন্ত্ৰী আমোলাৰ পুত্ৰই--পৰীক্ষাত নবহাকৈ ৰেগুলেশ্যন থ্ৰী এফত৷ সেই সকলে চাকৰি পাই পৰবৰ্তী কালত অসমত দুৰ্নীতিৰ পথাৰখন বহল আৰু সাৰুৱা কৰি আজিৰ এই অৱস্থাত উপনীত কৰালে৷ ভাৱি চাওকচোন আশীৰ দশকতে অসমত দুৰ্নীতিৰ শিপাডাল কিমান তললৈ পোখাইছিল৷ এয়া সম্ভৱ হৈছে কেৱল কুশাসনৰ ফলত৷

সেয়েহে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য শতাংশ সহিঞ্চুতাৰ মতাৰ্দশৰ কথা কোৱা অসমৰ বৰ্তমানৰ চৰকাৰখনে কামে কাজে কৰি দেখুৱাই নিজৰ নিকা ভাৱ মূৰ্তিৰ পৰিচয় দিলে সংশ্লিষ্ট সকলো পক্ষৰে মংগল সাধন হ’ব৷ এতিয়ালৈকে যিমান দূৰ আগুৱাইছে তালৈ লক্ষ্য ৰাখি ক’ব পাৰি যে ইয়াৰ বাবে প্ৰয়োজনীয় সদ্দিচ্ছা, সততা আৰু সৎসাহস নিশ্চয় বৰ্তমানৰ চৰকাৰখনৰ আছে৷

++++++সমাপ্ত+++++++

বিঃদ্ৰঃ প্ৰবন্ধটি অসমৰ জনপ্ৰিয় সাপ্তাহিক আলোচনী ‘অসম বাণী’ৰ ১৬ ফেব্ৰুৱাৰী ২০১৮ ৰ সংখ্যাত প্ৰকাশ পাইছে৷

Sunday, 25 February 2018

ভাৰতবৰ্ষৰ অৰ্থনৈতিক বৈষম্য(প্ৰবন্ধ)

আয় আৰু সম্পত্তিৰ পৰিমাপ কৰিবলৈ যাওঁতে বিশ্বৰ বৈষম্যমূলক দেশবোৰৰ ভিতৰত এখন হিচাপে ভাৰতে স্বীকৃতি পাইছে৷ New World Wealth নামৰ জুহান্সবাৰ্গ স্থিত এটা কোম্পানীৰ তথ্য অনুযায়ী,গোলকীয়ভাৱে ভাৰত দ্বিতীয় অধিক বৈষম্যৰ দেশ, য’ত কোটিপতিসকলে  দেশৰ মুঠ সম্পদৰ ৫৪% নিয়ন্ত্ৰণ কৰে৷ ৫,৬০০ বিলিয়ন ডলাৰ মুঠ ব্যক্তিগত সম্পত্তিৰে সৈতে ভাৰত বিশ্বৰ দহখন অতি চহকী দেশৰ অন্তৰ্ভুক্ত হৈছে-আৰু তথাপি গড় হিচাপে ভাৰতীয়সকল তুলনামূলক ভাৱে দৰিদ্ৰ ৷ বিশ্বৰ সকলোতকৈ সমতাৰ দেশ জাপানৰ লগত ইয়াক তুলনা কৰি চালে দেখা যায়, তথ্য অনুযায়ী জাপানৰ মুঠ সম্পদৰ মাথো ২২% হে কোটিপতিসকলে নিয়ন্ত্ৰণ কৰে৷

আগশাৰীৰ আন্তৰ্জাতিক বিত্তীয় সেৱাৰ কোম্পানী The Credit Suisse ৰ শেহতীয়া তথ্য মতে, ভাৰতত ১% অতি ধনৱানে দেশৰ ৫৩% সম্পদৰ অধিকাৰী হৈছে৷ অতি ধনৱান ৫% ই ৬৮.৬%, যেতিয়া নেকি ১০% শীৰ্ষ চহকীৰ হাতত ৭৬.৩% সম্পদ আছে৷ ইয়াৰ বিপৰীতে তুলনামূলক ভাৱে দৰিদ্ৰ চামে জাতীয় সম্পদৰ ৪.১% বাবে ঠেলা-ঠেলি কৰি থাকে৷
অতি চহকীসকলৰ বাবে বাতাৱৰণ অধিক অনুকূল হৈ গৈ আছে৷ The Credit Suisse ৰ তথ্য অনুযায়ী দেখা যায় যে ২০০০চনত ভাৰতৰ সকলোতকৈ ধনী ১% লোকে মাত্ৰ দেশৰ মুঠ সম্পদৰ ৩৬.৮% নিজৰ কৰি লৈছিল ; তেতিয়া শীৰ্ষত থকা ১০% ৰ অংশ আছিল ৬৫.৯%৷ সেই সময়ৰ পৰা তেওঁলোকৰ অংশ দ্ৰুতহাৰত বাঢ়ি গৈ শীৰ্ষৰ ১% ৰ এতিয়া সম্পদ ৫০% তকৈ বেছি হ’ল৷ এইটো আমেৰিকাতকৈ বহুত বেছি৷ তাত মুঠ সম্পত্তিৰ ৩৭.৩% হে ১% ধনীৰ ভাগত পৰিছে৷ পিছে ৰাছিয়াৰ এই হাৰ আৰু অধিক৷ তাত দেশৰ সম্পত্তিৰ ৭০.৩% ই শীৰ্ষ ১% লোকে দখল কৰিছে৷
আন্তৰ্ৰাষ্ট্ৰীয় দাতব্য সংগঠন অ’ক্সফাম(Oxfar) য়ে বিশ্বাস কৰে যে ভাৰত আৰু বিশ্বৰ আন বহুতো দেশৰ প্ৰচণ্ডভাৱে বৰ্ধিত বৈষম্যই অনিষ্ট সাধন কৰিছে আৰু সেই দেশবোৰে তাক ৰোধ কৰাৰ চেষ্টা চলাব লাগে৷ বৈষম্য বাঢ়ি যোৱাটোৱে দৰিদ্ৰতা হ্ৰাস কৰা কাম নিম্নমুখী কৰিব,বহনক্ষম অৰ্থনৈতিক বৃদ্ধি বিনাশ কৰিব, পুৰুষ আৰু মহিলাৰ বৈষম্য বঢ়াব, স্বাস্থ্য, শিক্ষা আৰু জীৱনৰ সুযোগবোৰ বৈষম্যলৈ পৰিচালিত কৰিবL
ভাৰতত ১৯৮০ চনৰ পৰা কৰি  অহা অনিয়ম আৰু মুক্তঅৰ্থনীতিৰ সংস্কাৰসমূহৰ ফলত ইমান বেছি বৈষম্য  বাঢ়িছে  যে শীৰ্ষ .% উপাৰ্জনকাৰীয়ে তলৰ  যৌথভাৱে ৫০% লোকতকৈ  অধিক  বৃদ্ধি  দখল কৰি লৈছে৷ এই কথা উল্লেখ কৰিছে বিশ্ব  বৈষম্য তথ্য ২০১৮ (World Inequality Report 2018) বিশ্ব বৈষম্য পৰীক্ষাগাৰে( The World Inequalty Lab) ব্যক্তিগতকৰণ  আৰু বৰ্ধিত উপাজৰ্ন বৈষম্য লগ লাগি  দেশীয় ভাৱে আৰু গোলকীয়  স্তৰত  সম্পত্তিৰ  বৈষম্যত  ইন্ধন  যোগালে , ব্যক্তিগত  মূলধন  কেজইজনমান  ব্যক্তিৰ মাজত  বৰ্ধিত  হাৰত  ৰৈ  গৈছে ৷
বিশ্ব অৰ্থনৈতিক ফ’ৰামৰ মতে, আগন্তুক দশকত অতিমাত্ৰা আয়ৰ বৈষম্যই এক শীৰ্ষ গোলকীয় বিপদৰ আশঙ্কা স্বৰূপে দেখা দিব৷ অৰ্থনৈতিক বৈষম্যৰ বাবে  মানসিক বিকাৰ, উশৃঙ্খলতা, আৰু অপৰাধৰ দৰে সামাজিক সমস্যাই গা কৰি উঠা পৰিলক্ষিত হৈছে৷ ধনী দুখীয়া উভয় দেশতে এয়া সত্য প্ৰমাণিত হৈছে৷ বৈষম্যই সকলোকে আঘাত হানিব৷
আমাৰ দেশৰ আয়ৰ বৈষম্যৰ কাৰণ স্বৰূপে তলত উল্লেখিত কথাবোৰকে আঙুলিয়াব পাৰি৷
সেইবোৰ হ’ল চৰকাৰী নীতি, উদাৰীকৰণ নীতি, বৰ্ধিত নিবনুৱা, উচ্চহাৰৰ দৰ্মহাভোগীৰ দৰ্মহা বৃদ্ধি, অনুদান  দিয়া ইত্যাদি৷
আয়কৰৰ উচ্চ নিৰীখ ৫০ৰ পৰা ৩০ শতাংশলৈ নমাই দিয়া হ’ল৷ কৰ নীতি ক্ৰমবৰ্ধমানৰ(ধনীক তুলনামূলক ভাৱে অধিক কৰ আৰোপ কৰা)পৰা প্ৰত্যাগমনশীল(কম সচ্ছলজনক তুলনামূলকভাৱে বেছি কৰ আৰোপ কৰা)স্তৰলৈ নিয়া হ’ল৷ মুক্ত বজাৰে বৈষম্য বৃদ্ধি কৰে৷ ১৯৯১ চনত নৰসিংহম চৰকাৰে উদাৰীকৰণ নীতি লোৱাৰে পৰা আৰু তাৰ পিছৰ অকংগ্ৰেছী চৱকাৰে তাক বাহাল ৰখাত প্ৰত্যক্ষ ভাৱে  বৈষম্য বাঢ়ি গৈ আছে৷ বিগত ২-৩ টা দশকত দেশত সামান্য উদ্যোগিক উন্নয়ন হৈছে৷ সেৱা খণ্ডত প্ৰবল কৰ্মহীনতা সংঘটিত হৈছে৷ ই নিবনুৱা সমস্যা, অসুৰক্ষা আৰু বৈষম্য বৃদ্ধি কৰিছে৷ কম হাৰত দৰ্মহা পোৱা কৰ্মচাৰীতকৈ চম ভাৱে উচ্চহাৰত দৰ্মহা পোৱাসকলৰ দৰ্মহা বৃদ্ধিয়েও অসমতা বঢ়ায়৷
চৰকাৰে কিয় ইমান বেছি টকা অনুদানত ব্যয় কৰিব লাগে? সাৰ, খাদ্য শস্য আৰু ঘৰুৱা গেচৰ ওপৰত অনুদান কৰ্তন কৰি ভাৰতীয় জনতা দলৰ চৰকাৰে ১৯৯৯ চনৰ ফ্ৰেব্ৰুৱাৰীত ২,০০০ কোটি টকাতকৈ অধিক ৰাহি কৰিছিল৷ এই কামত  কিছু ৰাজনৈতিক হেঁচা নোপোৱা হ’লে ৪,০০০ কোটি টকাই ৰাহি কৰিব পাৰিলেহেঁতেন৷ 
এইটো ধাৰণা কৰা হৈছে যে উচ্চ শিক্ষা, ক্ৰীড়া আৰু কলাৰ ওপৰত অযোগ্য অনুদান কৰ্তন কৰি,পানী যোগান আৰু অনাময় ব্যৱস্থাৰ অনুদান হ্ৰাস কৰি, জলসিঞ্চনৰ মাচুল বঢ়াই, বিদ্যুৎ পৰিষদৰ অনুদান বিলোপ কৰি চৰকাৰে  তৎকালিন ভাৱে প্ৰায়  ৯০০০ কোটি টকা আৰু চাৰি বছৰত ৩০০০০ কোটি টকা ৰাহি কৰিব পাৰে৷  
কিছুমান ৰাজনৈতিক দলে এই বুলি প্ৰতিবাদ কৰে যে দুখীয়া মানুহে কষ্ট পাব বুলি কোৱাটো অযুক্তিকৰ, যিহেতু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ (যিহেতু ভাৰতৰ মুঠ জনসংখ্যাৰ ৩৬% লোক) লোকসকলে ৰন্ধন গেচ ব্যৱহাৰ নকৰে৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগে কম মূল্যত দৰিদ্ৰলোকক বিতৰণ কৰা বুলি দেখুওৱা খাদ্য শস্যৰ  সামান্যতমহে তেওঁলোকৰ ওচৰ পাইগৈ৷ বিহাৰ, মধ্যপ্ৰদেশ, অসম, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ- এই অতিকৈ দৰিদ্ৰ ৰাজ্যৰ লোকসকলে ৰাজহুৱা বিতৰণৰ মাথো ১০% হে লাভ কৰে৷ 
ক্ষুদ্ৰ স্বাৰ্থজড়িত দলীয় একাধিপত্য নীতি প্ৰস্তুত পদ্ধতি বন্ধ কৰিব লাগিব আৰু বৃহত্তৰ সমাজৰ কাৰণে বহু কৰণীয় আছে৷  বৈষম্য আৰু দৰিদ্ৰতা দূৰ কৰিবলৈ হ’লে দৰিদ্ৰসকলে ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট শক্তিশালী মত পোষণ কৰিব পাৰিব লাগিব যাতে নীতি নিৰ্ধাৰণ কৰোঁতাসকলক বশীভূত কৰিব পাৰে৷
ভাৰত তথা সমগ্ৰ বিশ্বতে একেৰাহে বৈষম্য বাঢ়ি যোৱাটো কাম্য নহয়৷ এইটো নীতি নিৰ্ধাৰণৰ ফলাফল৷ বজাৰ সৰ্বস্ব নীতি পৰিহাৰ কৰি, শক্তিশালী উচ্চ শ্ৰেণীটোৰ বিশেষ স্বাৰ্থৰ বিৰোধিতা কৰি আৰু যিবোৰ নীতি আৰু ব্যৱস্থাৰ ফলত বৈষম্যৰ প্ৰকোপ বাঢ়িছে সেইবোৰ সলনি কৰি চৰকাৰে বৈষম্য হ্ৰাসকৰণ আৰম্ভ কৰিব পাৰে৷ চৰকাৰে এনে সংস্কাৰ সাধন কৰা উচিত যাৰ দ্বাৰা সমাজ ব্যৱস্থাত টকা আৰু ক্ষমতাৰ পুনৰ বিতৰণ সংঘটিত হয়৷
বিশেষভাৱে, কৰ ব্যৱস্থা আৰু সামাজিক ব্যয়ৰ ক্ষেত্ৰত পৰিবৰ্তন সাধিব পাৰিলেই অৰ্থনৈতিক সমতা সম্ভপৰ হ’ব৷
প্ৰগতিশীল কৰ  ব্যৱস্থাত  নিগম  আৰু  ধনী ব্যক্তিসকলে   সমাজত  পুনৰ  বিতৰণৰ বাবে দেশক  অধিক  ধন  দিব  লাগে৷  চৰকাৰে  প্ৰগতিশীল  প্ৰত্যক্ষ কৰ  আৰোপ  কৰি  এই  উদ্দেশ্যত  সফল    পাৰে৷ শিক্ষা, স্বাস্থ্য আৰু সামাজিক সুৰক্ষা আদিত ৰাজহুৱা ব্যয়ও অতি গুৰুত্বপূৰ্ণ৷  ১৫০ খনতকৈ অধিক দেশৰ উদাহৰণ আৰু ৩০ বছৰতকৈ অধিক কালৰ নিৰীক্ষণৰ পৰা এইটো দেখা গৈছে যে ৰাজহুৱা সেৱাত আৰু সামাজিক সুৰক্ষা ক্ষেত্ৰত কৰা বিনিয়োগে বৈষম্যক প্ৰতিহত কৰিব পাৰে৷ সেয়ে বহু বছৰ ধৰি অ’ক্সফামে(Oxfam)য়ে বিনামূলীয়া সাৰ্বজনীন  সেৱাৰ বাবে প্ৰচাৰ অভিযান চলাই আহিছে৷
দুয়োটা দিশতে ভাৰতৰ দক্ষতা পুতৌ লগা ধৰণৰ৷ অ’ক্সফাম(Oxfam)ৰ ২০১৭ চনৰ তথ্য অনুযায়ী মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ১৬.৭% হে কৰৰ পৰা আহে৷ এইটো অতি নিম্ন মানৰ৷ যিহেতু কৰ ব্যৱস্থা প্ৰগতিশীল নহয়, সেয়ে মুঠ কৰৰ তিনিভাগৰ এভাগহে প্ৰত্যক্ষ কৰৰ পৰা আহে৷ সামাজিক ব্যয়ৰ ক্ষেত্ৰতো ভাৰত তুলনামূলক ভাৱে অদক্ষ প্ৰতিপন্ন হৈছে৷ মুঠ ঘৰুৱা উৎপাদনৰ মাথো ৩% হে শিক্ষা খণ্ডত আৰু ১.১% মাত্ৰ স্বাস্থ্য খণ্ডত ব্যয় কৰা হয়৷


অ’ক্সফামে(Oxfam) গণনা কৰিছে যে যদিহে ভাৰতে বৈষম্য অধিক বৃদ্ধি হ’বলৈ নিদিয়ে তেন্তে ২০১৯ চনৰ ভিতৰত ৯০ মিলিয়ন লোকৰ চৰম দৰিদ্ৰতাৰ পৰিসমাপ্তি ঘটাব পাৰিব৷ যদি এইটো অধিক আগুৱাই নিয়ে আৰু ৩৬% বৈষম্য হ্ৰাস কৰা হয় তেন্তে ভাৰতে প্ৰকাৰন্তৰে চৰম দৰিদ্ৰতা দূৰ কৰিব পাৰিব৷  বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতেও ২০৩০ চনৰ ভিতৰত বহন ক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ লগতে সেই বছৰতে চৰম দৰিদ্ৰতাৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷ কিন্তু বাঢ়ি গৈ থকা চৰম বৈষম্য দূৰ কৰাৰ চেষ্টা নকৰিলে দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা ৩০০ মিলিয়ন ভাৰতীয়ৰ চৰম দৰিদ্ৰতা দূৰীকৰণৰ সপোন সপোন হৈয়ে ৰ’ব৷ দৰিদ্ৰ ভাৰতীয়সকলে মুক্তিৰ অপেক্ষাত থকা জেলৰ কয়েদীৰ দৰে দৰিদ্ৰতাৰ কাল কুঠৰীৰ পৰা বাহিৰ হ’বলৈ আশা কৰি স্বাধীনোত্তৰ কালৰ সাতোটা দশক পাৰ কৰাৰ পিচতো আৰু কিমান বছৰ বাট চাব লাগিব?  
                     ++++++সমাপ্ত++++++ 
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচাৰিত জনপ্ৰিয় পষেকীয়া আলোচনী 'প্ৰান্তিক'ৰ ১৬-২৮ ফেব্ৰুৱাৰি ২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷             

Thursday, 28 December 2017

অসমক এখন শান্তিপূৰ্ণ ৰাজ্যলৈ উন্নীত কৰা উচিত

(এটি চমু প্ৰবন্ধ)  
যিবোৰ দেশত কোনো ধৰণৰ হাই-কাজিয়া বা মাৰপিট নহয়, যি ঠাইৰ জনগণে কোনো ধৰণৰ উপদ্ৰবৰ সন্মুখীন হ’ব লগা নহয় বিশ্বৰ তেনেবোৰ দেশকে সুৰক্ষিত দেশ বুলি কোৱা হয়৷ তেনে দেশৰ লোকসকলে শান্তিৰে বসবাস কৰে আৰু বিদেশী পৰ্যটকসকলেও তেনে দেশত নিৰাপদে ভ্ৰমণ কৰে৷ এনে শান্তিপূৰ্ণ দেশৰ শীৰ্ষ স্থানত ২০০৮ চনৰ পৰা একেৰাহে আছে আইচলেণ্ড৷ এই দেশৰ পিছত আছে ডেনমাৰ্ক, পৰ্টুগাল আদি দেশ৷ অন্যহাতে ভৌগলিক অঞ্চল হিচাপে ইউৰোপ বিশ্বৰ ভিতৰতে সকলোতকৈ শান্তিপূৰ্ণ মহাদেশ৷ 
ইয়াৰ  বিপৰীতে বিশ্বত এনে কিছুমান দেশ আছে য’ত হাই-কাজিয়া, সন্ত্ৰাসবাদ, অপহৰণ, কটা-মৰা আদিৰ ভয় ইমানেই বেছি যে তাৰ পুলিচ আৰু সুৰক্ষা এজেন্সী সমূহেও সেইবোৰক বাধা দিয়াত সফল হ’ব নোৱাৰে৷ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি কোৱা হয় যে তেনে দেশলৈ যোৱা  আৰু তাত থকা মানেই মৃত্যুক  আঁকোৱালি  লোৱা৷     

অৰ্থনীতি আৰু শান্তি প্ৰতিষ্ঠানৰ(Institute for Economics and peace) গোলকীয় শান্তি সূচকৰ প্ৰতিবেদন( Global Peace Index(GPI) report) অনুযায়ী আগৰ বছৰৰ তুলনাত ২০১৭ চনত বিশ্ব কিছু কম অশান্তিপূৰ্ণ হৈছে৷ এই ধৰণৰ পাৰিসাংখ্যিক প্ৰতিবেদন দিয়া এই একমাত্ৰ প্ৰতিষ্ঠানটোৱে ইয়াৰ একাদশ সংস্কৰণত ১৬৩ খন স্বাধীন দেশ কিমান শান্তিপূৰ্ণ বা কিমান বিপজ্জনক তাৰ সম্ভাৱ্য স্থান নিৰূপন কৰিছে৷ ১৬৩ খন দেশে বিশ্বৰ জনসংখ্যাৰ ৯৯.৭% লোকক সাঙুৰি লৈছে আৰু ২৩ টা সূচক প্ৰয়োগ কৰি নিৰূপন কৰা হৈছে৷ সমাজত নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ পৰিসৰ,ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় সংঘাতৰ মাত্ৰা আৰু সামৰিকীকৰণৰ মাত্ৰা-এই তিনিটা বহল অৱধাৰণা প্ৰয়োগৰ ওপৰত সূচকটোৱে গোলকীয় শান্তিৰ পৰিমাপ কৰে৷
চিৰিয়া একেধাৰে দ্বিতীয়টো বছৰৰ বাবে আটাইতকৈ বিপজ্জনক দেশৰ ভিতৰত স্থান পালে আৰু ইয়াৰ ২০১৩ চনৰ গৃহ যুদ্ধৰ পিচৰে পৰা বিশ্বৰ পাঁচখন অতি বিপজ্জনক দেশৰ তালিকাত ধাৰাবাহিক ভাৱে চিৰিয়াই স্থান পাই আহিছে৷ বহুতে চিৰিয়াক এক জীৱন্ত যুদ্ধক্ষেত্ৰ আখ্যা দিয়ে৷ চিৰিয়াৰ পিচতে স্থান পাইছে আফগানিস্তান, ইৰাক, দক্ষিণ ছুদান, য়েমেন, চুমালিয়া, লিবিয়া, কেন্দ্ৰীয় আফ্ৰিকা গণতন্ত্ৰ, য়ুক্ৰেন,  পাকিস্তান,ভাৰত, ৰাছিয়া, মেক্সিকো,চীন আদি দেশ মহাদেশে৷
উল্লেখযোগ্য যে ভাৰতে শান্তি শৃঙ্খলাৰ ক্ষেত্ৰত সামন্য উন্নতি ঘটাই বিগত বছৰৰ ২৩নং স্থানৰ বিপৰীতে এই তালিকাৰ ২৭তম স্থান দখল কৰিছে৷ এই তালিকাত নাম থকাৰ কাৰণ হৈছে, ভাৰতৰ কেইখনমান ৰাজ্যত উচ্চ হাৰত জুলুম সংঘটিত হয়৷ ইয়াৰে কেইখনমান ৰাজ্য ইমানেই বিপজ্জনক যে স্থানীয় পুলিচেও ভয় ভীত হৈ থাকে৷ অপৰাধৰ মাত্ৰা অতি বেছি আৰু নিশাৰ ভাগত বাহিৰলৈ ওলোৱাটো বিপজ্জনক কথা হৈছে৷ জাতীয় অপৰাধ নথিভুক্তকৰণ কাৰ্যালয়(National Crime Record Bureau)ৰ প্ৰতিবেদন অনুযায়ী কিছুমান ৰাজ্যত দিন দুপৰতে মানুহ বাহিৰ ওলাবলৈ ভয় কৰে৷ ভাৰতবৰ্ষ মহিলাৰ বাবে নিৰাপদ নহয়৷ মহিলাৰ ধৰ্ষণৰ গোচৰৰ অনুপাত অতি বেছি৷
এতিয়া আমি আহোঁ নিজৰ ৰাজ্য অসমৰ সমস্যাৰ কথালৈ৷ ভাৰতবৰ্ষৰ বিপজ্জনক ৰাজ্যবোৰৰ তালিকাত অসমৰ স্থান তৃতীয়৷ প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে ক্ৰমে কেৰালা আৰু মধ্য প্ৰদেশে৷ অসমত পুলিচে গ্ৰহণ কৰা অপৰাধৰ হাৰ প্ৰতি ১০০০০০ জনত ৩২১.৮ আৰু অসমতে সৰ্বাধিক যৌন নিৰ্যাতনৰ অপৰাধ সংঘটিত হয়৷ ইয়াৰ প্ৰতি ১০০০০ গৰাকীৰে ২১ গৰাকী ধৰ্ষণৰ বলি হয়৷ মহিলাৰ সম্ভ্ৰমক অপমান কৰাটো সাধাৰণ কথা হৈ পৰিছে৷ হত্যা, শিশুক যৌন নিৰ্যাতন, ধৰ্ষণ, ধৰ্ষণৰ প্ৰচেষ্টা আৰু ডকাইটি আদি ইমানেই বাঢ়ি গৈছে যে ৰাতি মানুহে চলা ফুৰা কৰাটো বিপজ্জনক হৈ পৰিল৷ আনহে নেলাগে উত্তৰ লখিমপুৰৰ দৰে ক্ষুদ্ৰ নগৰতো থানা, আৰক্ষী চকীৰ সমুখতে দিন দুপৰতে দুৰ্বিত্তই পথচাৰীৰ ধন লুট কৰিব ধৰিছে, মহিলাৰ ধনৰ বেগ লৈ তৎক্ষণাতে উধাও হৈছে৷ আৰক্ষীয়ে নিজকে অসহায় বুলি কৈ দায় সৰা মন্তব্য ৰাখি দুৰ্বৃত্তক প্ৰশয় দিছে৷

অসমত বিৰাজ কৰা এনে এক পৰিৱেশ নিয়ন্ত্ৰণ কৰি এক শান্তিপূৰ্ণ বাতাৱৰণৰ সৃষ্টি নকৰালৈকে অসমৰ সৰ্বাংগীণ উন্নতি সাধন সুদূৰ পৰাহত৷ এই কথা সকলোৱে জানে৷ জানি বুজিও ৰাজ্যখনৰ চৰকাৰে আন্তৰিকতাৰে সমস্যাসমূহ সমাধান নকৰি দীৰ্ঘদিন সমস্যাবোৰ জীয়াই থাকিবলৈ দি ৰাজ্যৰ জনসাধাৰণক বিপজ্জনক পৰিস্থিতিলৈ ঠেলি দিছে৷ অন্যহাতে এনে অশান্তিপূৰ্ণ ৰাজ্যত যিবোৰ কামত সফলকাম নহয় তেনে কামত বা আঁচনিত অযথা ধন ব্যয় কৰিছে৷  এই কথা সকলোৱে জানে যে অসমখন অশান্ত হৈ পৰাৰ কাৰণ হ’ল সমাধান নকৰাকৈ থকা অসমৰ কিছুমান মৌলিক সমস্যা৷ উদাহৰণ স্বৰূপে নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, বিদেশী অনুপ্ৰবেশৰ সমস্যা,  খাদ্য সমস্যা আদি সমস্যাবোৰ দেশ স্বাধীন হোৱাৰ পিচত সাতোটা দশকতো কোনো এখন চৰকাৰেই আন্তৰিকতাৰে সমাধানৰ চেষ্টা নকৰাৰ ফলত ৰাজ্যখনত বিচ্ছিন্নতাবাদীয়ে মূৰ দাঙি উঠি হাতত অস্ত্ৰ তুলি লৈ  উগ্ৰ পন্থী সমস্যা বুলি নতুন এক সমস্যাৰ সৃষ্টি কৰে৷ এইবোৰ সমস্যাৰ আশু সমাধান বিচাৰি জনসাধাৰণে আন্দোলনৰ পথ লোৱাত চৰকাৰে তাকো এক সমস্যা গণ্য কৰি মূল সমস্যা সমাধান নকৰি কঠোৰ হাতেৰে আন্দোলন, প্ৰতিবাদ আদি চৰকাৰ বিৰোধী কাৰ্যকলাপ দমন কৰিছে৷ এইবোৰ নিজৰ দলৰ প্ৰতি ভাবুকি সৃষ্টি কৰা সমস্যা বুলি গণ্য কৰি তাৰ সমাধানতহে মনোনিবেশ কৰিছে৷ ৰাজ্যখনৰ জনসাধাৰণৰ তুমুল প্ৰতিবাদ সত্বেও বৃহৎ নদী বান্ধ নিৰ্মাণ, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, বৃহত্তৰ নাগালিমৰ প্ৰস্তাৱত অসমবাসীৰ অজ্ঞাতত এক পক্ষীয় পদক্ষেপ গ্ৰহণ আদি কাৰ্যৰ দ্বাৰাই চৰকাৰে অসমৰ জনসাধাৰণক নতুন নতুন সমস্যাৰ গভীৰ সমুদ্ৰত ডুবাই দিছে৷ তাৰোপৰি বিয়াগোম ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াত সংঘটিত বৃহৎ বৃহৎ দুৰ্নীতি, নিযুক্তিৰ কেলেঙ্কাৰী আদি কেলেঙ্কাৰীবোৰ ৰাজ্যখনৰ বাবে অন্য এক সমস্যা হৈ পৰা দেখা গৈছে৷ গতিকে দেখা গৈছে যে চৰকাৰে ভাল হ’ব বুলি বিমুদ্ৰাকৰণ, জি .এচ. টি. প্ৰয়োগ, আধাৰ কাৰ্ড, এন. আৰ. চি. আদি যি কামেই নকৰক লাগে পূৰ্বৰে পৰা বাহাল থকা সমস্যাৰাজিৰ পৰশ লাগি সকলো যেন একো একোটা সমস্যা হৈ পৰিছে এনে লগা হৈছে৷ অনবৰতে কিবা এটা নহয় এটা কাৰণত দাবী তুলি অসমত আন্দোলন, প্ৰতিবাদ, বন্ধ,পথ অৱৰোধ হৈ থকাৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা প্ৰায়ে ব্যাহত হয়৷ ছয় জনগোষ্ঠিক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি চৰকাৰে তাক ৰক্ষা নকৰা বাবে যি আন্দোলন হৈছে সেয়াও অযথা আইন শৃঙ্খলা পৰিস্থিতিৰ অৱনতি ঘটাৰ কাৰণ হৈ পৰিছে৷

এনে ধৰণৰ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ আন্দোলন আৰু আন্দোলন দমনত যি অপচয় ঘটিছে সেই অপচয় ৰোধ কৰিবলৈ হ’লে চৰকাৰে ইয়াৰ অন্তৰালত থকা মৌলিক সমস্যাৰ শীঘ্ৰে সমাধান কৰা উচিত৷ ৰাজ্যখনৰ উগ্ৰপন্থী সমস্যা সমাধান কৰি আইন শৃঙ্খলা পৰিস্থিতি সুস্থিৰ কৰি ৰাখিব পাৰিলেহে বিনিয়োগৰ ক্ষেত্ৰত দেশী বিদেশী বিনিয়োগকাৰী, পৰ্যটনৰ ক্ষেত্ৰত দেশী বিদেশী পৰ্যটনকাৰী অসমৰ প্ৰতি আকৰ্ষিত হ’ব৷ এই কামৰ বাবে বৰ্তমানৰ উন্নত তথ্য প্ৰযুক্তিৰ যুগত, পৃথিবীখন এখন গোলকীয় গাঁও হৈ পৰাৰ সময়ত কোনো মন্ত্ৰী আমোলা গৈ কাকো অসমলৈ আহিবলৈ পতিয়ন নিয়াব নোৱাৰে৷ এই কামৰ বাবে চৰকাৰী ধনৰ অপচয় নকৰি ৰাজ্যখনৰ ভাৱমূৰ্তি উন্নয়ন কৰাতহে গুৰুত্ব আৰোপ কৰা উচিত৷ পৰ্যটনৰ ক্ষেত্ৰত পৰ্যটনকাৰীয়ে ব্ৰেণ্ড এম্বেচেডৰ কোন সেইটো চোৱাৰ পূৰ্বে ইন্টাৰনেটত খুচৰি খুচৰি চাব অসমখন ভ্ৰমণকাৰীৰ বাবে কিমান নিৰাপদ, আন্তঃগাঠনি কেনে(কাজিৰঙা চাবলৈ ভিতৰ ভাগত ৰাস্তা আছেনে নাই, বিদেশীলোক ভ্ৰমণ কৰা গাড়ীলৈ শিল দলিয়াই নেকি আদি) আৰু পূৰ্বে পৰ্যটনকাৰীসকলে নিজৰ অভিজ্ঞতা কেনেদৰে ব্যাখ্যা কৰিছে ইত্যাদি৷৷ চকু কাণ মুদি কোনো বিনিয়োগকাৰী, কোনো পৰ্যটক বৰ্তমান সময়ত চিৰিয়ালৈ কোনোবাই ফুচুলালে বুলিয়েই যাবনে বাৰু? 
এইবোৰ কথা সকলো পক্ষই ভালদৰেই জানে; কাৰণ, বিৰোধী ৰাজনৈতিক দলৰ লোকসকলে বৰ্তমানৰ চৰকাৰখনৰ এনেবোৰ কথাৰ প্ৰতিবাদ কৰি ৰাইজৰ পক্ষত থিয় দিয়ে -যিদৰে বৰ্তমান শাসনত থকা ৰাজনৈতিক দলে বিৰোধীৰ ভুমিকা পালন কৰি থাকোঁতে ৰাইজৰ কাষ চাপিব বিচাৰি এনেবোৰ ৰাজহুৱা মংগলজনক বিষয়ত ৰাইজৰ হৈ মাত মাতিছিল৷ কিন্তু কি এক বিড়ম্বনা যে জানি বুজিও কাৰ্যক্ষেত্ৰত ফলপ্ৰসু পদক্ষেপ হাতত নলৈ চৰকাৰে জনসাধাৰণক এখন শান্তিপূৰ্ণ অসমত বাস কৰাৰ সৌভাগ্যৰ পৰা বঞ্চিত কৰি আছে৷
-----++++++সমাপ্ত++++++------
বিঃ দ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় সাপ্তাহিক আলোচনী "অসম বাণী" ৰ ২৯ ডিচেম্বৰ ২০১৭ তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷