Sunday, 25 February 2018

ভাৰতবৰ্ষৰ অৰ্থনৈতিক বৈষম্য(প্ৰবন্ধ)

আয় আৰু সম্পত্তিৰ পৰিমাপ কৰিবলৈ যাওঁতে বিশ্বৰ বৈষম্যমূলক দেশবোৰৰ ভিতৰত এখন হিচাপে ভাৰতে স্বীকৃতি পাইছে৷ New World Wealth নামৰ জুহান্সবাৰ্গ স্থিত এটা কোম্পানীৰ তথ্য অনুযায়ী,গোলকীয়ভাৱে ভাৰত দ্বিতীয় অধিক বৈষম্যৰ দেশ, য’ত কোটিপতিসকলে  দেশৰ মুঠ সম্পদৰ ৫৪% নিয়ন্ত্ৰণ কৰে৷ ৫,৬০০ বিলিয়ন ডলাৰ মুঠ ব্যক্তিগত সম্পত্তিৰে সৈতে ভাৰত বিশ্বৰ দহখন অতি চহকী দেশৰ অন্তৰ্ভুক্ত হৈছে-আৰু তথাপি গড় হিচাপে ভাৰতীয়সকল তুলনামূলক ভাৱে দৰিদ্ৰ ৷ বিশ্বৰ সকলোতকৈ সমতাৰ দেশ জাপানৰ লগত ইয়াক তুলনা কৰি চালে দেখা যায়, তথ্য অনুযায়ী জাপানৰ মুঠ সম্পদৰ মাথো ২২% হে কোটিপতিসকলে নিয়ন্ত্ৰণ কৰে৷

আগশাৰীৰ আন্তৰ্জাতিক বিত্তীয় সেৱাৰ কোম্পানী The Credit Suisse ৰ শেহতীয়া তথ্য মতে, ভাৰতত ১% অতি ধনৱানে দেশৰ ৫৩% সম্পদৰ অধিকাৰী হৈছে৷ অতি ধনৱান ৫% ই ৬৮.৬%, যেতিয়া নেকি ১০% শীৰ্ষ চহকীৰ হাতত ৭৬.৩% সম্পদ আছে৷ ইয়াৰ বিপৰীতে তুলনামূলক ভাৱে দৰিদ্ৰ চামে জাতীয় সম্পদৰ ৪.১% বাবে ঠেলা-ঠেলি কৰি থাকে৷
অতি চহকীসকলৰ বাবে বাতাৱৰণ অধিক অনুকূল হৈ গৈ আছে৷ The Credit Suisse ৰ তথ্য অনুযায়ী দেখা যায় যে ২০০০চনত ভাৰতৰ সকলোতকৈ ধনী ১% লোকে মাত্ৰ দেশৰ মুঠ সম্পদৰ ৩৬.৮% নিজৰ কৰি লৈছিল ; তেতিয়া শীৰ্ষত থকা ১০% ৰ অংশ আছিল ৬৫.৯%৷ সেই সময়ৰ পৰা তেওঁলোকৰ অংশ দ্ৰুতহাৰত বাঢ়ি গৈ শীৰ্ষৰ ১% ৰ এতিয়া সম্পদ ৫০% তকৈ বেছি হ’ল৷ এইটো আমেৰিকাতকৈ বহুত বেছি৷ তাত মুঠ সম্পত্তিৰ ৩৭.৩% হে ১% ধনীৰ ভাগত পৰিছে৷ পিছে ৰাছিয়াৰ এই হাৰ আৰু অধিক৷ তাত দেশৰ সম্পত্তিৰ ৭০.৩% ই শীৰ্ষ ১% লোকে দখল কৰিছে৷
আন্তৰ্ৰাষ্ট্ৰীয় দাতব্য সংগঠন অ’ক্সফাম(Oxfar) য়ে বিশ্বাস কৰে যে ভাৰত আৰু বিশ্বৰ আন বহুতো দেশৰ প্ৰচণ্ডভাৱে বৰ্ধিত বৈষম্যই অনিষ্ট সাধন কৰিছে আৰু সেই দেশবোৰে তাক ৰোধ কৰাৰ চেষ্টা চলাব লাগে৷ বৈষম্য বাঢ়ি যোৱাটোৱে দৰিদ্ৰতা হ্ৰাস কৰা কাম নিম্নমুখী কৰিব,বহনক্ষম অৰ্থনৈতিক বৃদ্ধি বিনাশ কৰিব, পুৰুষ আৰু মহিলাৰ বৈষম্য বঢ়াব, স্বাস্থ্য, শিক্ষা আৰু জীৱনৰ সুযোগবোৰ বৈষম্যলৈ পৰিচালিত কৰিবL
ভাৰতত ১৯৮০ চনৰ পৰা কৰি  অহা অনিয়ম আৰু মুক্তঅৰ্থনীতিৰ সংস্কাৰসমূহৰ ফলত ইমান বেছি বৈষম্য  বাঢ়িছে  যে শীৰ্ষ .% উপাৰ্জনকাৰীয়ে তলৰ  যৌথভাৱে ৫০% লোকতকৈ  অধিক  বৃদ্ধি  দখল কৰি লৈছে৷ এই কথা উল্লেখ কৰিছে বিশ্ব  বৈষম্য তথ্য ২০১৮ (World Inequality Report 2018) বিশ্ব বৈষম্য পৰীক্ষাগাৰে( The World Inequalty Lab) ব্যক্তিগতকৰণ  আৰু বৰ্ধিত উপাজৰ্ন বৈষম্য লগ লাগি  দেশীয় ভাৱে আৰু গোলকীয়  স্তৰত  সম্পত্তিৰ  বৈষম্যত  ইন্ধন  যোগালে , ব্যক্তিগত  মূলধন  কেজইজনমান  ব্যক্তিৰ মাজত  বৰ্ধিত  হাৰত  ৰৈ  গৈছে ৷
বিশ্ব অৰ্থনৈতিক ফ’ৰামৰ মতে, আগন্তুক দশকত অতিমাত্ৰা আয়ৰ বৈষম্যই এক শীৰ্ষ গোলকীয় বিপদৰ আশঙ্কা স্বৰূপে দেখা দিব৷ অৰ্থনৈতিক বৈষম্যৰ বাবে  মানসিক বিকাৰ, উশৃঙ্খলতা, আৰু অপৰাধৰ দৰে সামাজিক সমস্যাই গা কৰি উঠা পৰিলক্ষিত হৈছে৷ ধনী দুখীয়া উভয় দেশতে এয়া সত্য প্ৰমাণিত হৈছে৷ বৈষম্যই সকলোকে আঘাত হানিব৷
আমাৰ দেশৰ আয়ৰ বৈষম্যৰ কাৰণ স্বৰূপে তলত উল্লেখিত কথাবোৰকে আঙুলিয়াব পাৰি৷
সেইবোৰ হ’ল চৰকাৰী নীতি, উদাৰীকৰণ নীতি, বৰ্ধিত নিবনুৱা, উচ্চহাৰৰ দৰ্মহাভোগীৰ দৰ্মহা বৃদ্ধি, অনুদান  দিয়া ইত্যাদি৷
আয়কৰৰ উচ্চ নিৰীখ ৫০ৰ পৰা ৩০ শতাংশলৈ নমাই দিয়া হ’ল৷ কৰ নীতি ক্ৰমবৰ্ধমানৰ(ধনীক তুলনামূলক ভাৱে অধিক কৰ আৰোপ কৰা)পৰা প্ৰত্যাগমনশীল(কম সচ্ছলজনক তুলনামূলকভাৱে বেছি কৰ আৰোপ কৰা)স্তৰলৈ নিয়া হ’ল৷ মুক্ত বজাৰে বৈষম্য বৃদ্ধি কৰে৷ ১৯৯১ চনত নৰসিংহম চৰকাৰে উদাৰীকৰণ নীতি লোৱাৰে পৰা আৰু তাৰ পিছৰ অকংগ্ৰেছী চৱকাৰে তাক বাহাল ৰখাত প্ৰত্যক্ষ ভাৱে  বৈষম্য বাঢ়ি গৈ আছে৷ বিগত ২-৩ টা দশকত দেশত সামান্য উদ্যোগিক উন্নয়ন হৈছে৷ সেৱা খণ্ডত প্ৰবল কৰ্মহীনতা সংঘটিত হৈছে৷ ই নিবনুৱা সমস্যা, অসুৰক্ষা আৰু বৈষম্য বৃদ্ধি কৰিছে৷ কম হাৰত দৰ্মহা পোৱা কৰ্মচাৰীতকৈ চম ভাৱে উচ্চহাৰত দৰ্মহা পোৱাসকলৰ দৰ্মহা বৃদ্ধিয়েও অসমতা বঢ়ায়৷
চৰকাৰে কিয় ইমান বেছি টকা অনুদানত ব্যয় কৰিব লাগে? সাৰ, খাদ্য শস্য আৰু ঘৰুৱা গেচৰ ওপৰত অনুদান কৰ্তন কৰি ভাৰতীয় জনতা দলৰ চৰকাৰে ১৯৯৯ চনৰ ফ্ৰেব্ৰুৱাৰীত ২,০০০ কোটি টকাতকৈ অধিক ৰাহি কৰিছিল৷ এই কামত  কিছু ৰাজনৈতিক হেঁচা নোপোৱা হ’লে ৪,০০০ কোটি টকাই ৰাহি কৰিব পাৰিলেহেঁতেন৷ 
এইটো ধাৰণা কৰা হৈছে যে উচ্চ শিক্ষা, ক্ৰীড়া আৰু কলাৰ ওপৰত অযোগ্য অনুদান কৰ্তন কৰি,পানী যোগান আৰু অনাময় ব্যৱস্থাৰ অনুদান হ্ৰাস কৰি, জলসিঞ্চনৰ মাচুল বঢ়াই, বিদ্যুৎ পৰিষদৰ অনুদান বিলোপ কৰি চৰকাৰে  তৎকালিন ভাৱে প্ৰায়  ৯০০০ কোটি টকা আৰু চাৰি বছৰত ৩০০০০ কোটি টকা ৰাহি কৰিব পাৰে৷  
কিছুমান ৰাজনৈতিক দলে এই বুলি প্ৰতিবাদ কৰে যে দুখীয়া মানুহে কষ্ট পাব বুলি কোৱাটো অযুক্তিকৰ, যিহেতু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ (যিহেতু ভাৰতৰ মুঠ জনসংখ্যাৰ ৩৬% লোক) লোকসকলে ৰন্ধন গেচ ব্যৱহাৰ নকৰে৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগে কম মূল্যত দৰিদ্ৰলোকক বিতৰণ কৰা বুলি দেখুওৱা খাদ্য শস্যৰ  সামান্যতমহে তেওঁলোকৰ ওচৰ পাইগৈ৷ বিহাৰ, মধ্যপ্ৰদেশ, অসম, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ- এই অতিকৈ দৰিদ্ৰ ৰাজ্যৰ লোকসকলে ৰাজহুৱা বিতৰণৰ মাথো ১০% হে লাভ কৰে৷ 
ক্ষুদ্ৰ স্বাৰ্থজড়িত দলীয় একাধিপত্য নীতি প্ৰস্তুত পদ্ধতি বন্ধ কৰিব লাগিব আৰু বৃহত্তৰ সমাজৰ কাৰণে বহু কৰণীয় আছে৷  বৈষম্য আৰু দৰিদ্ৰতা দূৰ কৰিবলৈ হ’লে দৰিদ্ৰসকলে ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট শক্তিশালী মত পোষণ কৰিব পাৰিব লাগিব যাতে নীতি নিৰ্ধাৰণ কৰোঁতাসকলক বশীভূত কৰিব পাৰে৷
ভাৰত তথা সমগ্ৰ বিশ্বতে একেৰাহে বৈষম্য বাঢ়ি যোৱাটো কাম্য নহয়৷ এইটো নীতি নিৰ্ধাৰণৰ ফলাফল৷ বজাৰ সৰ্বস্ব নীতি পৰিহাৰ কৰি, শক্তিশালী উচ্চ শ্ৰেণীটোৰ বিশেষ স্বাৰ্থৰ বিৰোধিতা কৰি আৰু যিবোৰ নীতি আৰু ব্যৱস্থাৰ ফলত বৈষম্যৰ প্ৰকোপ বাঢ়িছে সেইবোৰ সলনি কৰি চৰকাৰে বৈষম্য হ্ৰাসকৰণ আৰম্ভ কৰিব পাৰে৷ চৰকাৰে এনে সংস্কাৰ সাধন কৰা উচিত যাৰ দ্বাৰা সমাজ ব্যৱস্থাত টকা আৰু ক্ষমতাৰ পুনৰ বিতৰণ সংঘটিত হয়৷
বিশেষভাৱে, কৰ ব্যৱস্থা আৰু সামাজিক ব্যয়ৰ ক্ষেত্ৰত পৰিবৰ্তন সাধিব পাৰিলেই অৰ্থনৈতিক সমতা সম্ভপৰ হ’ব৷
প্ৰগতিশীল কৰ  ব্যৱস্থাত  নিগম  আৰু  ধনী ব্যক্তিসকলে   সমাজত  পুনৰ  বিতৰণৰ বাবে দেশক  অধিক  ধন  দিব  লাগে৷  চৰকাৰে  প্ৰগতিশীল  প্ৰত্যক্ষ কৰ  আৰোপ  কৰি  এই  উদ্দেশ্যত  সফল    পাৰে৷ শিক্ষা, স্বাস্থ্য আৰু সামাজিক সুৰক্ষা আদিত ৰাজহুৱা ব্যয়ও অতি গুৰুত্বপূৰ্ণ৷  ১৫০ খনতকৈ অধিক দেশৰ উদাহৰণ আৰু ৩০ বছৰতকৈ অধিক কালৰ নিৰীক্ষণৰ পৰা এইটো দেখা গৈছে যে ৰাজহুৱা সেৱাত আৰু সামাজিক সুৰক্ষা ক্ষেত্ৰত কৰা বিনিয়োগে বৈষম্যক প্ৰতিহত কৰিব পাৰে৷ সেয়ে বহু বছৰ ধৰি অ’ক্সফামে(Oxfam)য়ে বিনামূলীয়া সাৰ্বজনীন  সেৱাৰ বাবে প্ৰচাৰ অভিযান চলাই আহিছে৷
দুয়োটা দিশতে ভাৰতৰ দক্ষতা পুতৌ লগা ধৰণৰ৷ অ’ক্সফাম(Oxfam)ৰ ২০১৭ চনৰ তথ্য অনুযায়ী মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ১৬.৭% হে কৰৰ পৰা আহে৷ এইটো অতি নিম্ন মানৰ৷ যিহেতু কৰ ব্যৱস্থা প্ৰগতিশীল নহয়, সেয়ে মুঠ কৰৰ তিনিভাগৰ এভাগহে প্ৰত্যক্ষ কৰৰ পৰা আহে৷ সামাজিক ব্যয়ৰ ক্ষেত্ৰতো ভাৰত তুলনামূলক ভাৱে অদক্ষ প্ৰতিপন্ন হৈছে৷ মুঠ ঘৰুৱা উৎপাদনৰ মাথো ৩% হে শিক্ষা খণ্ডত আৰু ১.১% মাত্ৰ স্বাস্থ্য খণ্ডত ব্যয় কৰা হয়৷


অ’ক্সফামে(Oxfam) গণনা কৰিছে যে যদিহে ভাৰতে বৈষম্য অধিক বৃদ্ধি হ’বলৈ নিদিয়ে তেন্তে ২০১৯ চনৰ ভিতৰত ৯০ মিলিয়ন লোকৰ চৰম দৰিদ্ৰতাৰ পৰিসমাপ্তি ঘটাব পাৰিব৷ যদি এইটো অধিক আগুৱাই নিয়ে আৰু ৩৬% বৈষম্য হ্ৰাস কৰা হয় তেন্তে ভাৰতে প্ৰকাৰন্তৰে চৰম দৰিদ্ৰতা দূৰ কৰিব পাৰিব৷  বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতেও ২০৩০ চনৰ ভিতৰত বহন ক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ লগতে সেই বছৰতে চৰম দৰিদ্ৰতাৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷ কিন্তু বাঢ়ি গৈ থকা চৰম বৈষম্য দূৰ কৰাৰ চেষ্টা নকৰিলে দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা ৩০০ মিলিয়ন ভাৰতীয়ৰ চৰম দৰিদ্ৰতা দূৰীকৰণৰ সপোন সপোন হৈয়ে ৰ’ব৷ দৰিদ্ৰ ভাৰতীয়সকলে মুক্তিৰ অপেক্ষাত থকা জেলৰ কয়েদীৰ দৰে দৰিদ্ৰতাৰ কাল কুঠৰীৰ পৰা বাহিৰ হ’বলৈ আশা কৰি স্বাধীনোত্তৰ কালৰ সাতোটা দশক পাৰ কৰাৰ পিচতো আৰু কিমান বছৰ বাট চাব লাগিব?  
                     ++++++সমাপ্ত++++++ 
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচাৰিত জনপ্ৰিয় পষেকীয়া আলোচনী 'প্ৰান্তিক'ৰ ১৬-২৮ ফেব্ৰুৱাৰি ২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷             

Thursday, 28 December 2017

অসমক এখন শান্তিপূৰ্ণ ৰাজ্যলৈ উন্নীত কৰা উচিত

(এটি চমু প্ৰবন্ধ)  
যিবোৰ দেশত কোনো ধৰণৰ হাই-কাজিয়া বা মাৰপিট নহয়, যি ঠাইৰ জনগণে কোনো ধৰণৰ উপদ্ৰবৰ সন্মুখীন হ’ব লগা নহয় বিশ্বৰ তেনেবোৰ দেশকে সুৰক্ষিত দেশ বুলি কোৱা হয়৷ তেনে দেশৰ লোকসকলে শান্তিৰে বসবাস কৰে আৰু বিদেশী পৰ্যটকসকলেও তেনে দেশত নিৰাপদে ভ্ৰমণ কৰে৷ এনে শান্তিপূৰ্ণ দেশৰ শীৰ্ষ স্থানত ২০০৮ চনৰ পৰা একেৰাহে আছে আইচলেণ্ড৷ এই দেশৰ পিছত আছে ডেনমাৰ্ক, পৰ্টুগাল আদি দেশ৷ অন্যহাতে ভৌগলিক অঞ্চল হিচাপে ইউৰোপ বিশ্বৰ ভিতৰতে সকলোতকৈ শান্তিপূৰ্ণ মহাদেশ৷ 
ইয়াৰ  বিপৰীতে বিশ্বত এনে কিছুমান দেশ আছে য’ত হাই-কাজিয়া, সন্ত্ৰাসবাদ, অপহৰণ, কটা-মৰা আদিৰ ভয় ইমানেই বেছি যে তাৰ পুলিচ আৰু সুৰক্ষা এজেন্সী সমূহেও সেইবোৰক বাধা দিয়াত সফল হ’ব নোৱাৰে৷ ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি কোৱা হয় যে তেনে দেশলৈ যোৱা  আৰু তাত থকা মানেই মৃত্যুক  আঁকোৱালি  লোৱা৷     

অৰ্থনীতি আৰু শান্তি প্ৰতিষ্ঠানৰ(Institute for Economics and peace) গোলকীয় শান্তি সূচকৰ প্ৰতিবেদন( Global Peace Index(GPI) report) অনুযায়ী আগৰ বছৰৰ তুলনাত ২০১৭ চনত বিশ্ব কিছু কম অশান্তিপূৰ্ণ হৈছে৷ এই ধৰণৰ পাৰিসাংখ্যিক প্ৰতিবেদন দিয়া এই একমাত্ৰ প্ৰতিষ্ঠানটোৱে ইয়াৰ একাদশ সংস্কৰণত ১৬৩ খন স্বাধীন দেশ কিমান শান্তিপূৰ্ণ বা কিমান বিপজ্জনক তাৰ সম্ভাৱ্য স্থান নিৰূপন কৰিছে৷ ১৬৩ খন দেশে বিশ্বৰ জনসংখ্যাৰ ৯৯.৭% লোকক সাঙুৰি লৈছে আৰু ২৩ টা সূচক প্ৰয়োগ কৰি নিৰূপন কৰা হৈছে৷ সমাজত নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ পৰিসৰ,ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় সংঘাতৰ মাত্ৰা আৰু সামৰিকীকৰণৰ মাত্ৰা-এই তিনিটা বহল অৱধাৰণা প্ৰয়োগৰ ওপৰত সূচকটোৱে গোলকীয় শান্তিৰ পৰিমাপ কৰে৷
চিৰিয়া একেধাৰে দ্বিতীয়টো বছৰৰ বাবে আটাইতকৈ বিপজ্জনক দেশৰ ভিতৰত স্থান পালে আৰু ইয়াৰ ২০১৩ চনৰ গৃহ যুদ্ধৰ পিচৰে পৰা বিশ্বৰ পাঁচখন অতি বিপজ্জনক দেশৰ তালিকাত ধাৰাবাহিক ভাৱে চিৰিয়াই স্থান পাই আহিছে৷ বহুতে চিৰিয়াক এক জীৱন্ত যুদ্ধক্ষেত্ৰ আখ্যা দিয়ে৷ চিৰিয়াৰ পিচতে স্থান পাইছে আফগানিস্তান, ইৰাক, দক্ষিণ ছুদান, য়েমেন, চুমালিয়া, লিবিয়া, কেন্দ্ৰীয় আফ্ৰিকা গণতন্ত্ৰ, য়ুক্ৰেন,  পাকিস্তান,ভাৰত, ৰাছিয়া, মেক্সিকো,চীন আদি দেশ মহাদেশে৷
উল্লেখযোগ্য যে ভাৰতে শান্তি শৃঙ্খলাৰ ক্ষেত্ৰত সামন্য উন্নতি ঘটাই বিগত বছৰৰ ২৩নং স্থানৰ বিপৰীতে এই তালিকাৰ ২৭তম স্থান দখল কৰিছে৷ এই তালিকাত নাম থকাৰ কাৰণ হৈছে, ভাৰতৰ কেইখনমান ৰাজ্যত উচ্চ হাৰত জুলুম সংঘটিত হয়৷ ইয়াৰে কেইখনমান ৰাজ্য ইমানেই বিপজ্জনক যে স্থানীয় পুলিচেও ভয় ভীত হৈ থাকে৷ অপৰাধৰ মাত্ৰা অতি বেছি আৰু নিশাৰ ভাগত বাহিৰলৈ ওলোৱাটো বিপজ্জনক কথা হৈছে৷ জাতীয় অপৰাধ নথিভুক্তকৰণ কাৰ্যালয়(National Crime Record Bureau)ৰ প্ৰতিবেদন অনুযায়ী কিছুমান ৰাজ্যত দিন দুপৰতে মানুহ বাহিৰ ওলাবলৈ ভয় কৰে৷ ভাৰতবৰ্ষ মহিলাৰ বাবে নিৰাপদ নহয়৷ মহিলাৰ ধৰ্ষণৰ গোচৰৰ অনুপাত অতি বেছি৷
এতিয়া আমি আহোঁ নিজৰ ৰাজ্য অসমৰ সমস্যাৰ কথালৈ৷ ভাৰতবৰ্ষৰ বিপজ্জনক ৰাজ্যবোৰৰ তালিকাত অসমৰ স্থান তৃতীয়৷ প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে ক্ৰমে কেৰালা আৰু মধ্য প্ৰদেশে৷ অসমত পুলিচে গ্ৰহণ কৰা অপৰাধৰ হাৰ প্ৰতি ১০০০০০ জনত ৩২১.৮ আৰু অসমতে সৰ্বাধিক যৌন নিৰ্যাতনৰ অপৰাধ সংঘটিত হয়৷ ইয়াৰ প্ৰতি ১০০০০ গৰাকীৰে ২১ গৰাকী ধৰ্ষণৰ বলি হয়৷ মহিলাৰ সম্ভ্ৰমক অপমান কৰাটো সাধাৰণ কথা হৈ পৰিছে৷ হত্যা, শিশুক যৌন নিৰ্যাতন, ধৰ্ষণ, ধৰ্ষণৰ প্ৰচেষ্টা আৰু ডকাইটি আদি ইমানেই বাঢ়ি গৈছে যে ৰাতি মানুহে চলা ফুৰা কৰাটো বিপজ্জনক হৈ পৰিল৷ আনহে নেলাগে উত্তৰ লখিমপুৰৰ দৰে ক্ষুদ্ৰ নগৰতো থানা, আৰক্ষী চকীৰ সমুখতে দিন দুপৰতে দুৰ্বিত্তই পথচাৰীৰ ধন লুট কৰিব ধৰিছে, মহিলাৰ ধনৰ বেগ লৈ তৎক্ষণাতে উধাও হৈছে৷ আৰক্ষীয়ে নিজকে অসহায় বুলি কৈ দায় সৰা মন্তব্য ৰাখি দুৰ্বৃত্তক প্ৰশয় দিছে৷

অসমত বিৰাজ কৰা এনে এক পৰিৱেশ নিয়ন্ত্ৰণ কৰি এক শান্তিপূৰ্ণ বাতাৱৰণৰ সৃষ্টি নকৰালৈকে অসমৰ সৰ্বাংগীণ উন্নতি সাধন সুদূৰ পৰাহত৷ এই কথা সকলোৱে জানে৷ জানি বুজিও ৰাজ্যখনৰ চৰকাৰে আন্তৰিকতাৰে সমস্যাসমূহ সমাধান নকৰি দীৰ্ঘদিন সমস্যাবোৰ জীয়াই থাকিবলৈ দি ৰাজ্যৰ জনসাধাৰণক বিপজ্জনক পৰিস্থিতিলৈ ঠেলি দিছে৷ অন্যহাতে এনে অশান্তিপূৰ্ণ ৰাজ্যত যিবোৰ কামত সফলকাম নহয় তেনে কামত বা আঁচনিত অযথা ধন ব্যয় কৰিছে৷  এই কথা সকলোৱে জানে যে অসমখন অশান্ত হৈ পৰাৰ কাৰণ হ’ল সমাধান নকৰাকৈ থকা অসমৰ কিছুমান মৌলিক সমস্যা৷ উদাহৰণ স্বৰূপে নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, বিদেশী অনুপ্ৰবেশৰ সমস্যা,  খাদ্য সমস্যা আদি সমস্যাবোৰ দেশ স্বাধীন হোৱাৰ পিচত সাতোটা দশকতো কোনো এখন চৰকাৰেই আন্তৰিকতাৰে সমাধানৰ চেষ্টা নকৰাৰ ফলত ৰাজ্যখনত বিচ্ছিন্নতাবাদীয়ে মূৰ দাঙি উঠি হাতত অস্ত্ৰ তুলি লৈ  উগ্ৰ পন্থী সমস্যা বুলি নতুন এক সমস্যাৰ সৃষ্টি কৰে৷ এইবোৰ সমস্যাৰ আশু সমাধান বিচাৰি জনসাধাৰণে আন্দোলনৰ পথ লোৱাত চৰকাৰে তাকো এক সমস্যা গণ্য কৰি মূল সমস্যা সমাধান নকৰি কঠোৰ হাতেৰে আন্দোলন, প্ৰতিবাদ আদি চৰকাৰ বিৰোধী কাৰ্যকলাপ দমন কৰিছে৷ এইবোৰ নিজৰ দলৰ প্ৰতি ভাবুকি সৃষ্টি কৰা সমস্যা বুলি গণ্য কৰি তাৰ সমাধানতহে মনোনিবেশ কৰিছে৷ ৰাজ্যখনৰ জনসাধাৰণৰ তুমুল প্ৰতিবাদ সত্বেও বৃহৎ নদী বান্ধ নিৰ্মাণ, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, বৃহত্তৰ নাগালিমৰ প্ৰস্তাৱত অসমবাসীৰ অজ্ঞাতত এক পক্ষীয় পদক্ষেপ গ্ৰহণ আদি কাৰ্যৰ দ্বাৰাই চৰকাৰে অসমৰ জনসাধাৰণক নতুন নতুন সমস্যাৰ গভীৰ সমুদ্ৰত ডুবাই দিছে৷ তাৰোপৰি বিয়াগোম ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াত সংঘটিত বৃহৎ বৃহৎ দুৰ্নীতি, নিযুক্তিৰ কেলেঙ্কাৰী আদি কেলেঙ্কাৰীবোৰ ৰাজ্যখনৰ বাবে অন্য এক সমস্যা হৈ পৰা দেখা গৈছে৷ গতিকে দেখা গৈছে যে চৰকাৰে ভাল হ’ব বুলি বিমুদ্ৰাকৰণ, জি .এচ. টি. প্ৰয়োগ, আধাৰ কাৰ্ড, এন. আৰ. চি. আদি যি কামেই নকৰক লাগে পূৰ্বৰে পৰা বাহাল থকা সমস্যাৰাজিৰ পৰশ লাগি সকলো যেন একো একোটা সমস্যা হৈ পৰিছে এনে লগা হৈছে৷ অনবৰতে কিবা এটা নহয় এটা কাৰণত দাবী তুলি অসমত আন্দোলন, প্ৰতিবাদ, বন্ধ,পথ অৱৰোধ হৈ থকাৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা প্ৰায়ে ব্যাহত হয়৷ ছয় জনগোষ্ঠিক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি চৰকাৰে তাক ৰক্ষা নকৰা বাবে যি আন্দোলন হৈছে সেয়াও অযথা আইন শৃঙ্খলা পৰিস্থিতিৰ অৱনতি ঘটাৰ কাৰণ হৈ পৰিছে৷

এনে ধৰণৰ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ আন্দোলন আৰু আন্দোলন দমনত যি অপচয় ঘটিছে সেই অপচয় ৰোধ কৰিবলৈ হ’লে চৰকাৰে ইয়াৰ অন্তৰালত থকা মৌলিক সমস্যাৰ শীঘ্ৰে সমাধান কৰা উচিত৷ ৰাজ্যখনৰ উগ্ৰপন্থী সমস্যা সমাধান কৰি আইন শৃঙ্খলা পৰিস্থিতি সুস্থিৰ কৰি ৰাখিব পাৰিলেহে বিনিয়োগৰ ক্ষেত্ৰত দেশী বিদেশী বিনিয়োগকাৰী, পৰ্যটনৰ ক্ষেত্ৰত দেশী বিদেশী পৰ্যটনকাৰী অসমৰ প্ৰতি আকৰ্ষিত হ’ব৷ এই কামৰ বাবে বৰ্তমানৰ উন্নত তথ্য প্ৰযুক্তিৰ যুগত, পৃথিবীখন এখন গোলকীয় গাঁও হৈ পৰাৰ সময়ত কোনো মন্ত্ৰী আমোলা গৈ কাকো অসমলৈ আহিবলৈ পতিয়ন নিয়াব নোৱাৰে৷ এই কামৰ বাবে চৰকাৰী ধনৰ অপচয় নকৰি ৰাজ্যখনৰ ভাৱমূৰ্তি উন্নয়ন কৰাতহে গুৰুত্ব আৰোপ কৰা উচিত৷ পৰ্যটনৰ ক্ষেত্ৰত পৰ্যটনকাৰীয়ে ব্ৰেণ্ড এম্বেচেডৰ কোন সেইটো চোৱাৰ পূৰ্বে ইন্টাৰনেটত খুচৰি খুচৰি চাব অসমখন ভ্ৰমণকাৰীৰ বাবে কিমান নিৰাপদ, আন্তঃগাঠনি কেনে(কাজিৰঙা চাবলৈ ভিতৰ ভাগত ৰাস্তা আছেনে নাই, বিদেশীলোক ভ্ৰমণ কৰা গাড়ীলৈ শিল দলিয়াই নেকি আদি) আৰু পূৰ্বে পৰ্যটনকাৰীসকলে নিজৰ অভিজ্ঞতা কেনেদৰে ব্যাখ্যা কৰিছে ইত্যাদি৷৷ চকু কাণ মুদি কোনো বিনিয়োগকাৰী, কোনো পৰ্যটক বৰ্তমান সময়ত চিৰিয়ালৈ কোনোবাই ফুচুলালে বুলিয়েই যাবনে বাৰু? 
এইবোৰ কথা সকলো পক্ষই ভালদৰেই জানে; কাৰণ, বিৰোধী ৰাজনৈতিক দলৰ লোকসকলে বৰ্তমানৰ চৰকাৰখনৰ এনেবোৰ কথাৰ প্ৰতিবাদ কৰি ৰাইজৰ পক্ষত থিয় দিয়ে -যিদৰে বৰ্তমান শাসনত থকা ৰাজনৈতিক দলে বিৰোধীৰ ভুমিকা পালন কৰি থাকোঁতে ৰাইজৰ কাষ চাপিব বিচাৰি এনেবোৰ ৰাজহুৱা মংগলজনক বিষয়ত ৰাইজৰ হৈ মাত মাতিছিল৷ কিন্তু কি এক বিড়ম্বনা যে জানি বুজিও কাৰ্যক্ষেত্ৰত ফলপ্ৰসু পদক্ষেপ হাতত নলৈ চৰকাৰে জনসাধাৰণক এখন শান্তিপূৰ্ণ অসমত বাস কৰাৰ সৌভাগ্যৰ পৰা বঞ্চিত কৰি আছে৷
-----++++++সমাপ্ত++++++------
বিঃ দ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় সাপ্তাহিক আলোচনী "অসম বাণী" ৰ ২৯ ডিচেম্বৰ ২০১৭ তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷

Thursday, 7 December 2017

শ্ৰীভ্ৰষ্ট জীৱনৰ বিয়লি বেলাৰ ছবি

(এটি গল্প)                                                                                     
ঘৰৰ ওচৰ পাওঁতে ধনেশ্বৰে খোজ কেইটা অতি সাৱধানে পেলালে; কিন্তু সমুখত সি যিটোহে বস্তু দেখা পালে! প্ৰেতাত্মাৰ কথা মনলৈ আহোঁতেই যেন সমুখতে আবিৰ্ভাৱ হ’ল৷ ভয়ত তাৰ জীও উৰা মাৰো যেন হ’ল৷ সি যিমানে যত্ন কৰিলে সিমানে তাৰ ভৰি দুখন থৰক বৰক কৰিব ধৰিলে৷ কাৰণ, ঘৰৰ বাৰাণ্ডাত সেয়া সাক্ষাৎ কালি গোসাঁনী থিয় দি আছে৷ তাৰ ঘৈনীয়েক দণ্ডেশ্বৰীয়ে মাজে সময়ে এই ৰূপ ধাৰণ কৰি তাক পুহ মাহতে টি ভি চেনেলৰ দৰে ৰঙালী বিহু দেখুৱাই দিয়ে৷ আজি বা কি বিহু দেখুৱায়? ভয়ত তাৰ অৱস্থা পানীত ভিজা মেকুৰী যেন হ’ল৷ সি বাৰাণ্ডাৰ গ্ৰীলখন খুলি সৰু ল’ৰা এটাৰ দৰে চুচুক চামাক কৰি লাহেকৈ সোমাই গ’ল৷

“ৰ’ ঘৰত নোসোমাবি৷ তই মদ খাই আহিছ৷ খোজেই কাঢ়িব পৰা নাই৷ ওলা ওলা, বাহিৰ হ৷ মদ খাইছ৷ বেমাৰী, পাবি নহয় আজি মজাটো৷” এইদৰে কৈ ধনেশ্বৰৰ ঘৈনীয়েক দণ্ডেশ্বৰীয়ে প্ৰেক্ষাগৃহৰ পৰা  প্ৰৱেশপত্ৰবিহীন দৰ্শকক প্ৰৱেশদ্বাৰত থকা ৰক্ষকে বাহিৰ কৰি দিয়াৰ দৰে তাক গঁতা এটা মাৰি বাহিৰ কৰি দি বাৰাণ্ডাৰ গ্ৰীলৰ দুৱাৰত তলা লগাই দিলে৷

ধনেশ্বৰৰ বাবে এয়া কোনো নতুন ঘটনা নহয়৷ বিয়াৰ পিছৰে পৰা দণ্ডেশ্বৰীয়ে তাক এইদৰেই জ্বলা কলা দেখুৱাই আহিছে৷ দণ্ডেশ্বৰীৰ অত্যাচাৰৰ মাত্ৰাটো তাৰ বাঢ়ি গৈ থকা বয়সটোৰ লগত খাপ খোৱা নাই৷ এটা অনুপাত ৰক্ষা কৰি অন্ততঃ কিছু হ্ৰাস পাব লাগিছিল৷ তেনে নোহোৱাত ধনেশ্বৰৰ বৃদ্ধ দেহাটোৱে দণ্ডেশ্বৰীয়ে বিহা দণ্ডৰ ভাৰখন বহন কৰিব নোৱাৰা হৈছে৷ সেয়েহে সি বৰ বিপাঙত পৰিছে৷ কথাবোৰ ধনেশ্বৰে ভৱাৰ দৰে কোনো দিন হৈ নুঠে৷ সি ভাৱিছিল যে চাকৰিৰ পৰা অৱসৰ পালে সি ঘৈনীয়েক দণ্ডেশ্বৰীক সন্তুষ্ট কৰিবলৈকে দিনে ৰাতিয়ে ব্যস্ত থাকিব৷ কিন্তু কথা বিপৰীতহে হ’ল৷ দণ্ডেশ্বৰীৰ অত্যাচাৰ কমক চাৰি কেইবা গুণো বাঢ়িলহে৷ তাই ধনেশ্বৰক চকুপাৰি দেখিব নোৱাৰা হ’ল৷ অৱশ্যে এনে হোৱাৰ অন্য এটা কাৰণ নতুনকৈ আহি যোগ হ’লহি৷ সেইটো হ’ল ধনেশ্বৰৰ ককাই ভাইৰ লগত আৰম্ভ হোৱা মাটি ভেঁটিৰ কাজিয়াত সি পৰাজিত হোৱা৷

সৰু নগৰখনৰ মাজ মজিয়াত ধনেশ্বৰে এবিঘা পৈতৃক ভূমি ভোগ দখল কৰি আছিল৷ নিজৰ ঘৰৰ কাষত কেইটামান ভাৰাঘৰ সাজি দি বৰ সম্ভ্ৰমেৰে মালিকনী বাইদেউ হৈ দণ্ডেশ্বৰীয়ে এখন সৰু ৰাজ্যৰ শাসন ভাৰ চলোৱাৰ দৰে চলাই মহাৰাণী হৈ পৰিছিল; কিন্তু এতিয়া সেই ভূমি নটাকৈ ভাগত ভাগ হৈ তাৰ মাথো এটা ভাগহে ধনেশ্বৰৰ ভাগত পৰিছে৷ এনে কথাত বাৰু দণ্ডেশ্বৰীৰ খং নুঠিব কিয়? খং উঠিবলৈ ইয়াতকৈ কি বেলেগ ডাঙৰ কথাৰ প্ৰয়োজন ? আৰু, ধনেশ্বৰৰ ওপৰত খং নুঠি কাৰ ওপৰত উঠিব ? বুৰ্বকটো ক’ৰবাৰ! বাপেকটো জীয়াই থাকোঁতেই সি মাটিখিনি নিজৰ নামত লিখাই ল’ব নোৱাৰিলে৷ এনে জধা মূৰ্খ এই পৃথিবীত বেলেগ এটা নাই আৰু৷ কি যে দুৰ্ভাগ্যৰ ফলত এনে মূৰ্খটোৰ লগত বিয়া হ’ল তাইৰ!  কথাবোৰ ভাৱি ভাৱি দিনে ৰাতিয়ে দণ্ডেশ্বৰীৰ মূৰটো অধিক সময় ব্যৱহাৰ কৰা ম’বাইল হেণ্ডচেটটোৰ দৰে গৰম হৈ থাকে৷ তাৰ মাজতে যেতিয়া তাইক ভালৰি লগাবলৈ ধনেশ্বৰে মৰমেৰে, আথে বেথে কিবা কথাৰ পাতনি মেলি তাইৰ কাষ চাপে তেতিয়া দণ্ডেশ্বৰীৰ খঙে মূৰৰ চুলিৰ আগ পায়৷ সেই ক্ষণত দণ্ডেশ্বৰীৰ ৰূপ দেখি ধনেশ্বৰে কি, স্বয়ং যম মহাৰাজেও তাইক সাতোবাৰ চালাম ঠুকি দৌৰি পলাব৷ এতিয়া দণ্ডেশ্বৰীয়ে ধনেশ্বৰক যদিও সি মদ খাই অহাৰ অজুহাতত ঘৰৰ বাহিৰ কৰি দিছে, প্ৰকৃততে যে ভিতৰি ভিতৰি মাটি বাৰীৰ কথাবোৰতহে তাইৰ খং উঠি আছে সেইটো কথা জানে বাবে ধনেশ্বৰে চুপচাপ তাইৰ কাষৰ পৰা আঁতৰি আহিছে৷ পিছে  ঠৰঙা লগা জাৰত এই ৰাতিখন সি যাব ক’লৈ? নিৰুপায় হৈ ধনেশ্বৰে সিহঁতৰ ভাৰাঘৰ কেইটাৰ ফালে এখোজ দুখোজকৈ আগুৱাই গ’ল৷ ওচৰতে থকা ভাৰাঘৰটোৰ ল’ৰাহাল ঘৰলৈ গ’ল৷ দুৱাৰত তলাটো ওলমি আছে৷ ঘৰটোৰ সৰু অন্ধকাৰাচ্ছন্ন বাৰাণ্ডাখনতে এখন বেতৰ চকী দেখা পাই ধনেশ্বৰে গৈ তাতে বহি ল’লে৷ তাৰ মনলৈ পৃষ্ঠা খেলিমেলি হোৱা কিতাপ পঢ়াৰ দৰে বেবেৰিবাং কথাবোৰ আহি থাকিব ধৰিলে৷

++++++++++++

গৈ থৈ অৱশেষত ধনেশ্বৰৰ জীৱনটোতকৈ দণ্ডেশ্বৰীৰ বাবে মাটি বাৰীৰ মূল্যহে অধিক হৈ দেখা দিব লাগেনে বাৰু ? এৰা, তাই চাগৈ ভাৱিছে বুঢ়া এদিন মৰিবই, মাটিবাৰী চিৰ কাল থাকি যাব৷ উত্তৰ পুৰুষে জনমে জনমে ভোগ দখল কৰিব৷ আচলতে ধনেশ্বৰে সপোনতো ভৱা নাছিল যে ভায়েক পৱিত্ৰই সিহঁতৰ মাটি বাৰীৰ ক্ষেত্ৰত এনে এক আহুকলীয়া পৰিৱেশৰ সৃষ্টি কৰিব৷ তাক পহু খেদা দি পঠিওৱাৰ পিছত যে এদিন সি এই মাটিৰ ভাগ বিচাৰিবলৈ সাহস কৰিব এই কথা কোনেনো বাৰু ভাৱিব পাৰে? ক’ৰ পৰা যে গৈ কথাবোৰ কি হ’লগৈ৷ ধনেশ্বৰে ভাৱি ভাৱি উৱাদিহ নোপোৱা হয়৷

ধনেশ্বৰহঁতৰ ককাই ভাই তিনিটা৷ সি ডাঙৰ৷ মাজুটোৰ নাম পৱিত্ৰ আৰু সৰুটোৰ নাম ঠগেশ্বৰ৷ সিহঁত ছজনী বাই ভনীৰ মাজত ডাঙৰ দীঘল হৈছে৷ দেউতাক নদীৰামে ডেকা বয়সতে লুইতৰ পাৰৰ চাপৰি গাঁৱৰ পৰা আহি সৰু চহৰখনৰ তিনিআলি এটাৰ চুকত অকণমান পৰিত্যক্ত চৰকাৰী ভূমি দখল কৰি তাতে সৰু দোকান এখন দি কোনোমতে চলি আছিল৷ পিছলৈ আৰ্থিক অৱস্থা ভাললৈ অহাত গাঁৱৰে পদ্মেশ্বৰ বৰুৱাৰ জীয়েক দেবেশ্বৰীক  তেওঁলৈ বেয়া দিয়ে৷ পদ্মেশ্বৰে জীয়েকক কিছু কৃষি ভূমিৰ ভাগ দিয়াত তাতে খেতি কৰিবলৈ লৈ নদীৰাম দোকানী গাঁওখনৰ এজন খেতিয়কো হৈ পৰিল৷ খেতি বাতি মাজে সময়ে বান পানীয়ে নষ্ট কৰে যদিও দোকানখন ভালদৰে চলি থকা বাবে নদীৰামৰ আৰ্থিক অৱস্থা সিমান বেয়ালৈ যোৱা নাছিল৷ গাঁওখনৰ আন দহঘৰ মানুহতকৈ তেওঁলোকৰ ঘৰখন ভালদৰেই চলি গৈছিল৷ দোকানত গুড়, চুন, মিঠাতেল আৰু বিস্কুট আদি বিক্ৰী কৰাৰ পিচত ৰৈ যোৱা খালী টিনবোৰ কাটি মেলি নদীৰামে ঘৰৰ বাৰাণ্ডাখন খেৰৰ পৰিবৰ্তে টিনৰ কৰি ল’লে৷ এটি দুটিকৈ এদিন নদীৰাম নটি সন্তানৰ বাপেক হ’ল৷ ল’ৰা ছোৱালীবোৰ ডাঙৰ হৈ অহাত নদীৰামৰ খৰচৰ মাত্ৰা বহুগুণ বাঢ়িল৷ ছোৱালী বোৰৰ পঢ়া শুনাৰ প্ৰতি ধাউতি নথকা বাবে সিহঁতৰ পঢ়া শুনাৰ বাবে খৰচ নহ’ল; ডাঙৰ দুজনী প্ৰেমৰ পৰিণতিত পলাই যোৱাত বিয়াৰ বাবে ধন খৰচ কৰিব লগা নহ’ল৷  কিন্তু ডাঙৰ ল’ৰা ধনেশ্বৰে পঢ়াৰ নামত যিদৰে খৰচ কৰিব ধৰিলে তাকে দেখি নদীৰাম জ্বলি পকি উঠিল৷ ক্ৰমান্বয়ে বেয়া দিশলৈ ধাৱমান হোৱা ডাঙৰ ল’ৰা ধনেশ্বৰৰ স্বভাৱ চৰিত্ৰই নদীৰাম দোকানীক বাৰুকৈয়ে চিন্তাত পেলালে৷  ধনেশ্বৰে তাতকৈ সৰু ল’ৰা ছোৱালী কেইটাক সমান্য কথাতে চৰটো, গোৰটো মাৰিয়ে থাকে৷ সি কণ কণ ল’ৰা ছোৱালী কেইটাক মূৰৰ পিছফালে যিটোহে থাপৰ মাৰে, সেই দৃশ্য দেখা মানুহো উচপ খাই উঠে৷ এদিনতো ভায়েক পৱিত্ৰ চটফটাই পৰিয়ে গৈছিল৷ তাৰ এনে কাণ্ডই পৱিত্ৰহঁতৰ বাল্য কালৰ আনন্দত যতি পেলাইছিল৷ তথাপিও ডাঙৰ হ’লত পৱিত্ৰই মানুহক কয় যে ককায়েকে থাপৰ মৰা দেখি মানুহে যেতিয়া কয় ‘পৱিত্ৰৰ মাথাটো ধনেশ্বৰৰ থাপৰ খাই খাই গ’ল আৰু দেই, সি আৰু ক’ত পঢ়াশুনা কৰিব পাৰিব ?’, তেতিয়া সি স্কুলত শিক্ষকে পঢ়োৱা কথাবোৰ মনত আছে নে নাই নিজে পৰীক্ষা কৰি চায়৷ এইদৰে নিজকে পৰীক্ষা কৰোঁতে কৰোঁতে তাৰ মনত ৰখা শক্তি বাঢ়ি যাব ধৰিলে৷ সি পৰীক্ষাত ভাল নম্বৰ পাই প্ৰথম স্থান দখল কৰিলে৷ পঢ়াৰ ক্ষেত্ৰত পৱিত্ৰ আৰু ৰ’ব লগা নহ’ল৷

পঢ়া-শুনাত অত্যন্ত বেয়া হ’লেও তাৰ মোমায়েক সি পঢ়া হাইস্কুলখনৰ শিক্ষক হোৱাৰ সুবাদতে ধনেশ্বৰ দশম শ্ৰেণী পালেগৈ৷ মেট্ৰিক পৰীক্ষা দিবলৈ ধনেশ্বৰ সাজু হ’ল৷ পিছে পঢ়ি শুনি সাজু হোৱা নাই সি৷ সাজু হৈছে নকল লিখি আৰু কেনেকৈ কাৰ সৈতে যোগা যোগ কৰি ধন জমা দিলে পৰীক্ষাৰ আগতেই প্ৰশ্ন কাকত পাব পাৰি সেইবোৰ ঠিক কৰি৷ গতিকে তাক লাগে বহুখিনি টকা, যিখিনি দিবলৈ অসমৰ্থ হৈ দেউতাকে চিন্তাত মূৰে কপালে হাত দি জুহালৰ কাষত জুপুকা মাৰি বহি পৰিছে৷ ইফালে আকৌ টকা যোগাৰ কৰি নিদিয়া বাবে ঘৈনীয়েক দেবেশ্বৰীয়ে অনবৰতে খেচখেচাই আছে৷ সি বিচৰা মতে নদীৰামে টকা দিব পাৰিব ; কিন্তু সিমান টকা দিয়াৰ পিছত তেওঁৰ দোকানখনৰ অৱস্থা তেনেই লাওলোৱা হ’ব৷ টকাৰ অভাৱত দোকানলৈ মাল আনিব নোৱাৰা হ’ব৷ ঘৰৰ ওচৰত পৰীক্ষা কেন্দ্ৰ নাই বাবে পৰীক্ষা দিবগৈ লাগিব শিৱসাগৰ টাউনৰ পৰীক্ষা কেন্দ্ৰত৷ থাকিবগৈ লাগিব ভাৰাঘৰ লৈ৷ তেতিয়াও লাগিব বহুত টকা৷ টকাৰ কথা ভাৱি নদীৰামৰ মূৰটো গৰম হৈ উঠে৷ খঙতে ধনেশ্বৰৰ স্বভাৱ চৰিত্ৰৰ কথা ঘৈনীয়েকক কৈ ক্ষোভ উজাৰে৷ পুতেকৰ বদনামবোৰ শুনি দেবেশ্বৰীৰ খং উঠে৷ পুতেক ধনেশ্বৰৰ ওপৰত নহয়, খং উঠে গিৰিয়েক নদীৰামৰ ওপৰতহে৷ ধনেশ্বৰৰ চৰিত্ৰ ইমান বেয়া হ’ব নোৱাৰে৷ মানুহে কোৱা কথা তাই বিশ্বাস নকৰে৷ মানুহে সিহঁতৰ ঘৰখনৰ প্ৰতি হিংসাতে কয় আৰু গিৰীয়েক নদীৰামে সেইবোৰ কথাকে মানি লৈ মিছাতে দিনে ৰাতিয়ে বলকি থাকে৷ মানুহে কয়, ধনেশ্বৰে জুৱা খেলে, মদ খায়, ভাং খায়৷ কোনোবা অজাতিৰ ছোৱালী এজনীক ভাল পায় আৰু সেইজনীৰ লগত ধন খৰচ কৰে৷ কথাবোৰ নদীৰামে মানি লয়; কিন্তু দেবেশ্বৰীয়ে নেমানে৷ তাইৰ মতে, এইবোৰ সব গোকাট মিচা কথা৷ তাৰ পঢ়া-শুনাৰ প্ৰতি যে ধাউতি নাই সেই কথা মাক দেবেশ্বৰীয়ে মানি লয়৷ ধনেশ্বৰৰ সেইটো স্বভাৱেই ৷ সৰুৰে পৰা পঢ়া-শুনাত ৰাপ নাই তাৰ৷ নদীত  মাছ মৰা, হাবিত ছিটিকা পাতি চৰাই ধৰা আৰু সমনীয়াৰ লগত মাৰ্বল গুটি খেলা আদি কামবোৰহে কৰি ধনেশ্বৰে ভাল পায়৷ মাকে তাক ধপাত মলি খোৱা দেখিছে আৰু ধপাত কিনিবলৈ টকা নাথাকিলে বেচেৰাই ঘৰৰ সৰিয়হৰ ডুলিৰ পৰা সৰিয়হ এটোপোলা চুৰ কৰি নি দোকানত বিক্ৰী কৰে৷ এই কথা সঁচা৷ সেই বুলি বাপেকটো হৈ তাক চোৰ, নিধক আদি কথা কৈ গালি দিব লাগেনে? বেয়া ল’ৰা হ’লে জানো যুৱ সমাজে তাক গাঁৱৰ লাইব্ৰেৰীটোৰ আজি অত’বছৰে চেক্ৰেটেৰী হৈ থাকিবলৈ দিব ? বাপেকটোৰ এই কথাতো ল’ৰাটোৰ ওপৰত হিংসা ভাৱ আছে৷ লাইব্ৰেৰীৰ কামত লাগি থকা বাবে খেতি পথাৰত কাম কৰিবলৈ ধনেশ্বৰে সময়ে নাপায়৷ তাকে লৈ বাপেক নদীৰামে ঘৰখনত হুলস্থূল লগাই দিয়ে৷

প্ৰথমৰ তিনিবাৰ মান নদীৰামে মাকৰ খেচখেচনি সহিব নোৱাৰি ধনেশ্বৰক শিৱসাগৰত মেট্ৰিক পৰিক্ষা দিবলৈ টকা দিলে৷ টকা জমা দি ধনেশ্বৰে মেট্ৰিক পৰীক্ষাৰ ইংৰাজী, অংক আদি দুই এখন প্ৰশ্ন কাকত আগতীয়াকৈ পাই পৰীক্ষা দি সেই কাকতত নব্বৈ শতাংশলৈকে নম্বৰ লাভ কৰে; কিন্তু বাকীবোৰ কাকতত এককৰ ঘৰত নম্বৰ পোৱা বাবে পৰীক্ষাত উতীৰ্ণ হ’ব নোৱাৰে৷ সেই অৱস্থা হোৱাৰ কাৰণ অনেক আছে৷ তাৰ লগৰীয়াবোৰে পৰীক্ষা দিবলৈ শিৱসাগৰলৈ গৈ চিনেমা চোৱাত লাগি যায় আৰু ধনেশ্বৰনো লগত নাযাবনে? সিহঁতে হেনো একেখন চিনেমাকে বিশ বাৰতকৈ অধিক চাইছে৷ কাৰণ, চিনেমাখনৰ নায়িকা গৰাকীয়ে গাৰ বস্ত্ৰবোৰ এখন এখনকৈ খুলি পেলাই যাওঁতে হঠাৎ সমুখৰ ৰেল আলিয়েদি ৰেল গাড়ী এখন পাৰ হৈ যায়৷ কেতিয়াবা ৰেলগাড়ীখনৰ পলম হয়েই বা, সেইটো আশাত বন্দীহৈ বেচেৰাহঁতে বাৰম্বাৰ চিনেমাখন চায়৷

প্ৰতিবাৰেই মেট্ৰিক পৰীক্ষাৰ আবেদন পত্ৰ পূৰাবৰ সময়ত নদীৰামৰ ঘৰত এখন ডাঙৰ কাজিয়াৰ সূত্ৰপাত হয় আৰু পৰাজিত নায়কৰ দৰে প্ৰতিবাৰেই শেষ পৰ্যায়ত নদীৰামে ধনেশ্বৰক টকা দিবলৈ বাধ্য হয়৷ এইদৰে ছবাৰ পৰীক্ষা দি ধনেশ্বৰে মেট্ৰিক পাছ কৰিব নোৱাৰিলে৷ কিন্তু পিচৰ বাৰ মেট্ৰিক পৰীক্ষাৰ সময়ত ধনেশ্বৰৰ দিন ভাললৈ আহিল৷ ঘৰৰ ওচৰতে এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ পালে৷ সেইবাৰো তাক প্ৰ-পত্ৰ পূৰণৰ সময়তে দেউতাকে টকা দিবলৈ অমান্তি হোৱাত এক কাজিয়াৰ সূত্ৰপাত হ’ল৷ পিছে এইবাৰ মাজো ভায়েক পৱিত্ৰই মধ্যস্থতা কৰি দেউতাকক টকা দিবলৈ সন্মত কৰালে৷ যথোপযুক্ত নকল পাতি সাজু কৰি লৈ ধনেশ্বৰে এইবাৰ ঘৰৰ ওচৰৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ বহিল৷ মাজু ভায়েক পৱিত্ৰ আৰু তাৰ বন্ধুবৰ্গ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত সাজু হৈ থাকিল৷  ধনেশ্বৰ পেচাব কৰিবলৈ অহা চলেৰে বাহিৰলৈ আহোঁতে পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ লিখা কাগজ টুকুৰা তাৰ ফালে দলিয়াই দিয়া হয়, সি বুটলি লৈ যায়৷  তাৰ পিছত পৰীক্ষাৰ উত্তৰ বহীত চাই চাই লিখে৷ প্ৰতিটো বিষয়ৰ পৰীক্ষাতে এনে উপায় অৱলম্বন কৰা হ’ল৷ অৱশেষত এইদৰেই ধনেশ্বৰে মেট্ৰিক পাছ কৰিলে৷ তাৰ পিছত কলেজত পঢ়াৰ নামত দেউতাক নদীৰামক ভেঙুচালি কৰি কিছু টকাৰ শৰাধ কৰিলে৷ কোনো পিছে কোনো এটা পৰীক্ষাতে উতীৰ্ণ হ’ব নোৱাৰিলে৷

ইতিমধ্যে ডাঙৰ ভায়েক পৱিত্ৰই দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰিলে৷ সি অসম ৰাষ্ট্ৰ ভাষা প্ৰচাৰ সমিটিৰ অধীনত প্ৰবীণ পৰীক্ষাও পাছ কৰিলে৷ সি কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে; কিন্তু দেউতাকে তাক পঢ়াৰ খৰচ দিবলৈ অসমৰ্থ হ’ল৷ অন্যহাতে সহায়ৰ হাত উজান দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মোমায়েকহঁতেও মূৰ পোলোকা মাৰিলে৷ সেয়ে পৱিত্ৰই চাকৰিলৈ মন মেলি সোণকালেই মঞ্জুৰি লাভ কৰিব বুলি আশা ৰাখি মজলীয়া বিদ্যালয় এখনত অবৈতনিক ভাৱে হিন্দী শিক্ষকৰ পদত যোগদান কৰিলে৷ বিজ্ঞান বিভাগ এৰি সি অন্য এখন কলেজত কলা শাখাত নাম ভৰ্তি কৰি মাজে মাজে কলেজলৈও গৈ থাকিল৷ পৱিত্ৰই স্নাতক মহলাত পঢ়ি থাকোঁতেই তাৰ চাকৰিটো নিয়মীয়া হ’ল৷ দোকান দেউলীয়া হোৱাৰ পিচত সাপ্তাহিক বজাৰত বেপাৰ কৰা দেউতাকে কিছু সকাহ পালে৷ মানুহৰ দিন ভাললৈ আহিলে ভাল খবৰে বেৰি ধৰেহি৷ স্থানীয় হিন্দী বিদ্যালয়খনতো পৱিত্ৰই সহকাৰী শিক্ষকৰ চাকৰি পালে৷ সেইখন সান্ধ্য বিদ্যালয় হোৱাত পৱিত্ৰৰ সুবিধাই হ’ল৷ তাত চাকৰি পোৱাৰ লগে লগে স্থানীয় অনাঅসমীয়া ব্যৱসায়ীসকলৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্তি কৰি দি অসমীয়া শিকোৱাৰ ভাৰো সিয়ে ল’বলৈ পালে৷ অন্যহাতে ধনেশ্বৰ আৰু তাৰ দুজনমান লগৰীয়াই পৱিত্ৰৰ হিন্দী স্কুলখনতে নাম লগাই লৈ হিন্দী পঢ়া আৰম্ভ কৰি দিলে৷ সিহঁত অতি ধূৰ্ত৷ কিছুমান পৰীক্ষাত অহা প্ৰশ্নৰ টোকা পৱিত্ৰৰ পৰা সংগ্ৰহ কৰি ল’লে৷  সেইবোৰকে সমল স্বৰূপে গোপনে পৰীক্ষা কেন্দ্ৰলৈ লগত লুকুৱাই নি পৰীক্ষাত বহি এদিন বিশাৰদ পৰীক্ষা পাছ কৰি সিহঁত হিন্দী শিক্ষক পদৰ যোগ্য প্ৰাৰ্থী হৈ পৰিল৷

ইফালে পৱিত্ৰই এইদৰে কিছু ধন উপাৰ্জন কৰাত তাৰ দেউতাকে তাৰ টকাৰে তাতকৈ ওপৰৰ বায়েকজনীক যেনে তেনে বিয়া পাতি দিলে৷ সুবিধা বুজি ককায়েক ধনেশ্বৰেও পৱিত্ৰৰ টকাৰে ডিলাইট টেইলৰ্চত দুযোৰমান কাপোৰ চিলাই ল’লে৷ দেউতাক নদীৰামৰ এটা সমস্যা দূৰ হ’ল৷ অৱশ্যে কিছুদিনৰ পিছত এক নতুন সমস্যাৰ সন্মুখীন হ’ল নদীৰাম দোকানী৷ সুখ্যাতিৰে স্নাতক পৰীক্ষাত উতীৰ্ণ হৈ পুতেক পৱিত্ৰ এম এ পঢ়িবলৈ ওলাল৷ ইতিমধ্যে সি শিক্ষকৰ চাকৰি ইস্তফা দিলেই৷

ভায়েক বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ পিচত ধনেশ্বৰে দেউতাকক সহায়ৰ হাত আগ বঢ়োৱাৰ পৰিবৰ্তে নানা কথাত দেউতাকৰ সৈতে কাজিয়াহে আৰম্ভ কৰিলে৷ লাগ বুলিলেই তাক দেউতাকে টকা দিবই লাগিব ৷ অন্যথাই ঘৰত পয়মালৰ সূচনা কৰে৷ ঘৰৰ ধান, মাহ, সৰিয়হ আদি চুৰ কৰি নি দোকানত বিক্ৰী কৰে৷ বহুবছৰ ধৰি ঘৰৰ বাকচত সাঁচি থোৱা ৰূপৰ মুদ্ৰাবোৰ ধনেশ্বৰে কোনেও গম নোপোৱাকৈ নি বেচি দিয়ে৷ তাক দিয়া কোনো বুজনিয়েই কামত নিদিয়ে৷ তাৰ কথা হ’ল -তাক জন্ম দিছে যেতিয়া বাপেকে সি বিচৰা মতে টকা দিবই লাগিব৷ ইয়াৰ অন্যথা হ’লেই ৰাস্তাৰ কাষৰ ঘৰখন বাটৰুৱাই শুনি ঘূৰি ঘূৰি চাই যোৱাকৈ সি  তালফাল লগাই দিয়ে৷ ঘৰৰ মানুহখিনিয়ে মানুহৰ আগত লজ্জাবোধ কৰে আৰু ধনেশ্বৰৰ প্ৰতি অনুকুলে যোৱাকৈয়ে সমস্যাটোৰ এক আশু সমাধান বিচাৰি উলিয়ায়৷ ধনেশ্বৰৰ হাতলৈ যি টকা আহে তাৰে কিছু সি বেংকত খুলি লোৱা পাছ বহীত জমা ৰাখে৷ মাজে সময়ে পাছবুকখন কাৰোবাক কাৰোবাক দেখুৱাই ভায়েক পৱিত্ৰলৈ টকা পঠাম বুলি কয়; কিন্তু কোনো দিনে সেই কাম নকৰিলে৷

সময়ত পৱিত্ৰই এম এ পৰীক্ষা দি ঘৰ পালেহি৷ ঘৰৰ পৰিৱেশ বেয়া৷ দেউতাক তেনেই অসহায় হৈ পৰিছে৷ ধনেশ্বৰে তাৰ নিষ্ঠুৰতা প্ৰদৰ্শন কৰি ঘৰৰ কুটা এগছো কাম নকৰাকৈ লাইবব্ৰেৰীত দিনবোৰ পাৰ কৰি দিছে৷ পিছে পঢ়ি নহয়, তাৰ দৰে অসৎ ল’ৰাকেইটামানৰ সৈতে তাত জুৱা খেলিহে৷ সৰু ভায়েক তেনেই সৰু৷ প্ৰাথমিক স্কুললৈ গৈছেহে সি৷ গৰু গাই ৰখিবৰ বয়স তাৰ হোৱা নাই৷ গৰু পালটো ৰখিবলৈও ঘৰত মানুহ নাই৷ দেউতাকে বজাৰত বহি বেপাৰখন চলাবনে, গৰুকে চৰাবনে বেলেগ কাম কৰিব? দেউতাক নিৰুপায় হৈ পৰা দেখি পৱিত্ৰই সহ পালোৱাৰ লগত চাপৰিত গৰু চৰাবলৈ যায়৷ সহ গৰু পালোৱা সৰু ল’ৰাটোৱে পৱিত্ৰক কয়, “ককাইদেউ, আপুনি স্কুলৰ শিক্ষকৰ চাকৰিটোনো বাৰু কিয় এৰি দিলে? এতিয়া মিছাতে গৰু ৰখি মৰিছে৷” তেতিয়াই পৱিত্ৰই যি চাকৰিয়ে নহওক সি এটা বিচাৰি ল’ম বুলি মনস্থ কৰি বাতৰি কাকতবোৰত নিয়োগ বাৰ্তা চোৱা আৰম্ভ কৰি দিলে৷ ডিব্ৰুগড়ৰৰ এখন হাইস্কুলত ইংৰাজী বিষয়ৰ শিক্ষকৰ নিযুক্তি লাভ কৰি পৱিত্ৰই ঘৰ এৰি গুচি গ’ল আৰু প্ৰতি মাহে পোৱা দৰ্মহাৰ টকাৰ পৰা কিছু টকা নিয়মীয়া ভাৱে দেউতাকলৈ মণিঅৰ্ডাৰ কৰি পঠাই থাকিল৷

নদীৰামৰ সৰুটো পুতেক ঠগেশ্বৰে মেট্ৰিক পাছ কৰিয়েই দুই ককায়েকতকৈ আগত বিয়া পাতি বেহা বেপাৰত লাগি গ’ল৷ ঠেক-ঠুক ঘৰৰ ভেঁটিটোতে ধান খুন্দা কল এটা বহাই লৈ বাপেক নদীৰামৰ কাণ ঘোলা কৰি ধন উপাৰ্জনত লগাত ঘৰখনত অনবৰতে পিতা পুত্ৰৰ মাজত কাজিয়া চলিব ধৰিলে৷ ঠগেশ্বৰে ইতিমধ্যে গেলা মালৰ দোকান এখন আৰম্ভ কৰি দিয়াত দেউতাকে তাক সেইবোৰ উঠাই বেলেগ ঠাইত কৰিবলৈ ক’লে; কিন্তু ঠগেশ্বৰে কথা নুশুনিলে৷ দেউতাকৰ লগত কাজিয়া কৰি কৰি সেই ঠাইতে সি তাৰ ব্যৱসায় চলাই থাকিল৷

+++++++++++++

হাইস্কুলখনত কেইবছৰমান কাম কৰাৰ পিছত এটা বেংকত চাকৰি পাই পৱিত্ৰই বিয়া বাৰু পাতিলে৷ তেতিয়ালৈকে ধনেশ্বৰৰ চাকৰি নোহোৱা বাবে বিয়া বাৰু পতা নাই; ঘৰলৈ গ’লে যিটো দেউতাকে ধনেশ্বৰৰ উদ্ভণ্ডালিৰ কথা শুনাই পৱিত্ৰৰ কাণ ঘোলা কৰে আৰু তাক ত্যজ্য পুত্ৰ কৰিম বুলি চিঞৰ বাখৰ লগায়, সেইটো দেউতাকেই ধনেশ্বৰৰ বিয়া পাতি দিয়াৰ কথা কৈ কৈ অতিস্থ কৰি দিয়ে৷ চাকৰি বাকৰি নোহোৱা মানুহটোৱে বিয়াৰ পিছত কি কৰি চলিব? পৱিত্ৰই ক’লে, “প্ৰথমে তাৰ চাকৰি হৈ লওক৷ তাৰ পিছত বিয়া৷” হিন্দী শিক্ষকৰ চাকৰিৰ কথা গম লওঁতে পৱিত্ৰই জানিব পাৰিলে যে গুৱাহাটীত হিন্দী শিক্ষকৰ চাকৰিৰ যি সাক্ষাৎকাৰ হৈ গ’ল তালৈ হেনো ককায়েক ধনেশ্বৰ নগ’লেই৷ ছেঃ কি কৰা যায় এতিয়া? ভাৱি গুণি পাৰ নাপাই পৱিত্ৰ গুৱাহাটী পালেগৈ ৷ বিভাগীয় বিষয়াজন তাৰ আপোন মানুহ হোৱা বাবে সি তেওঁক বুজাব পাৰিলে যে বানপানী অধ্যুষিত অঞ্চল হোৱা বাবে সিহঁতৰ ঠাইখনৰ বহুতো প্ৰাৰ্থীয়ে হৈ যোৱা সাক্ষাৎকাৰত উপস্থিত থাকিব নোৱাৰিলে৷ গতিকে তেওঁলোকক যেন আকৌ এবাৰ সুবিধা দিয়া হয়৷ সেইমতেই পুনৰ সাক্ষাৎকাৰ অনুস্থিত হ’ল; কিন্তু প্ৰাৰ্থী কেৱল এজনেই৷ ধনেশ্বৰ৷ কাৰণ, বাকীসকলে আগৰ বাৰেই সাক্ষাৎকাৰ দিলে৷ এইদৰেই অৱশেষত ধনেশ্বৰ এখন এম ই স্কুলৰ হিন্দী মাষ্টৰ হ’ল৷ তাৰ পিছত দণ্ডেশ্বৰীক বিয়া কৰাই সংসাৰী হ’ল৷ ঘৰ সোমাইয়ে দণ্ডেশ্বৰীয়ে শাহু, ভাই বোৱাৰী আৰু ননদ দুজনীৰ সৈতে যুঁজ আৰম্ভ কৰি দিলে৷ ঘৰ গুচি বাঁহতল হ’ল বুলি কৈ কৈ নদীৰাম দোকানীয়ে হামৰাও কাঢ়িব ধৰিলে৷ কথাবোৰ সমূলি খাপ নোখোৱা হ’ল৷  দণ্ডেশ্বৰীয়ে ধনেশ্বৰৰ ডেকা কালৰ প্ৰেম-প্ৰণয়ৰ কথা কিছুমান গাঁৱৰ কথাচহকী বোৱাৰীহঁতৰ মুখে শুনিবলৈ পাই তাক সন্দেহ কৰিবলৈ ধৰিলে৷ অৱশেষত ধনেশ্বৰে ঘৈনীয়েকক চাকৰি কৰা ঠাইলৈ লগত লৈ যাবলৈ বাধ্য গ’ল৷

+++++++++++++

ঘৰখনত এক সুস্থ বাতাৱৰণৰ অভাৱ হ’ল৷ মাজু পুতেক সপৰিয়ালে ঘৰলৈ আহিলে ঘৰত এটা নিশা কটাবলৈও টান পোৱা হ’ল৷ মুঠৰ ওপৰত এখন বিশৃঙ্খল ঘৰ আৰু তাত যেতিয়া কিবা খৰচৰ কথা আহি পৰে তেতিয়া সকলো অকলে বহন কৰিব লগা হয় মাজু পুত্ৰ পৱিত্ৰই৷ সিহঁতৰ ওখ খেৰীঘৰটোৰ মূধচ আৰু চাল বৰদৈচিলাই প্ৰতি বছৰে উৰুৱাই নিয়ে আৰু ঘৰৰ ভিতৰত পানী পৰি থাকিলেও সেয়া মেৰামতি কৰোঁতা পৱিত্ৰৰ বাহিৰে কোনো নাই৷ সেয়েহে পৱিত্ৰই টিনপাত লগোৱাৰ কথা চিন্তা কৰি ঘৰত কথাটো আলোচনা কৰিলে৷ তিনিও ককাই ভায়ে মিলি খৰচ কৰি ঘৰটোত টিনপাত লগাব৷ পিছে সময়ত দুই  ককাই ভাইয়ে গা এৰা দিয়াত পৱিত্ৰই  নিজৰ দুজনী ছোৱালীৰ নামত জমা ৰখা ৰেকাৰিং একাইন্ট ভাঙি অকলেই খৰচ কৰি ঘৰত টিনপাত লগালে৷ ইতিমধ্যে পৱিত্ৰই বেংকত চাকৰি পোৱাত স্কুলৰ চাকৰি এৰি বেংকৰ চাকৰিত যোগদান কৰিলে৷ ছোৱালী কেইজনী লগত লৈ অসমৰ বিভিন্ন স্থানত চাকৰি কৰা সিমান সহজ কথা নহ’ব বুলি ভাৱি পৱিত্ৰই তাৰ পত্নী আৰু সন্তানকেইটি ঘৰতে থৈ যোৱাৰ পৰিকল্পনা কৰিলে৷

ঘাইঘৰৰ ভেঁটিটোত ভায়েক ঠগেশ্বৰে দোকান দিয়াৰে পৰা ঘৰৰ মানুহখিনি তাত থকাটো অসুবিধাজনক হৈ পৰিল৷ সেয়ে পৱিত্ৰই সিহঁতৰ ঘৰখন বহল আহল শালিতলিৰ মাটি এডৰাত সাজিবৰ বাবে দেউতাকৰ লগত আলোচনা কৰি প্ৰয়োজনীয় কাঠ-কুঠ সংগ্ৰহ কৰিলে৷ এই কামত দেউতাকে অলপমান আগ বঢ়াৰ লগে লগে পৱিত্ৰৰ ভায়েক ঠগেশ্বৰ গুজৰি গুমৰি উঠিল৷ ‘মই ঘৰ সাজিবলৈ মাটি বিচাৰিলে নিদিয় কিন্তু মাজুটোক হ’লে দিয়৷’ এই বুলি কৈ ঠগেশ্বৰে হুলস্থূল লগোৱাত দেউতাকে ঘৰ সজা কাম সিমানতে এৰিলে৷ পৱিত্ৰই মনত বেজাৰ পাই চাকৰি কৰি থকা পাহাৰীয়া ঠাইখনতে মাটি এবিঘা কিনি পৰিয়ালটো তালৈকে লৈ গ’ল৷ তাতে এটা সৰু ঘৰ সাজি ল’লে৷ ছমাহলৈ পৱিত্ৰই ঘৰৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি ৰাখিলে৷

নদীৰাম দোকানীৰ অৱস্থা আকৌ বেয়ালৈ আহিল৷ চলাই থকা বেপাৰখন পুঁজিৰ অভাৱত বন্ধ হ’ল৷ সেয়ে ঘৰৰ তেল নিমখৰ খৰচো উলিওৱাৰ ৰাস্তা নোহোৱা হ’ল৷ গেলামালৰ দোকানত ধাৰ লগাই যেনে তেনে ঘৰখন চলাই গ’ল; কিন্তু ধাৰ মাৰে কোনে? পুৰণি হৈ পৰা ধাৰ খুজি দোকানীয়ে জুলুম দিব ধৰিলে৷ ধাৰ পৰিশোধৰ দিন নিৰ্দ্দিষ্ট ভাৱে ধাৰ্য কৰি দিলে৷ বৰ আৰু সৰু পুত্ৰই নদীৰাম দোকানীৰ সমস্যাবোৰৰ কথা উপলুঙা কৰি উৰুৱাই দিয়ে৷ সেয়ে সিহঁতক কৈ লাভ নাই বুলি জানি তেওঁ মাজু পুত্ৰৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷

ছমাহৰ মূৰত মাজুপুতেকৰ ঘৰলৈ গৈ নদীৰামে ঘৰখনৰ বিপৰ্যয়ৰ কাহিনী ক’লে৷ ডাঙৰ আৰু সৰু পুত্ৰই সৃষ্টি কৰা অশান্তিবোৰ ব্যাখ্যা কৰিলে৷ দোকানত লগোৱা ধাৰৰ হিচাপ দাখিল কৰিলে৷ পৱিত্ৰই সেই অনুযায়ী টকা দিলে৷ তাৰ পিচত প্ৰতিমাহে নিয়মীয়াকৈ দৰ্মহা পোৱা দিনত মাজু পুতেকৰ ঘৰলৈ গৈ টকা আনি ঘৰখন চলাই গ’ল৷ ইতিমধ্যে সৰু পুতেক ঠগেশ্বৰে ঘৰত নানা অশান্তিৰ সৃষ্টি কৰিলে আৰু দেউতাকক বাধ্য কৰি পথাৰৰ বহল আহল ভূমিত, য’ত মাজু পুতেক পৱিত্ৰই ঘৰ সাজি মাক দেউতাক আৰু অবিবাহিত ভনীয়েক দুজনীৰে সৈতে থাকিব খুজিছিল, তাতেই ৰাস্তাৰ দাঁতিত নিজৰ ঘৰ নিৰ্মাণ কৰি তালৈ নিজৰ পৰিয়াল লৈ মূল ঘৰৰ পৰা পৃথক হৈ আঁতৰি গ’ল৷ কিন্তু পুৰণি ভেঁটিত থকা দোকানখন তাতেই চলাই থাকিল৷ সৰুটোৱে নতুন ভেঁটিত নিজৰ ঘৰ বনাই লোৱা দেখি ডাঙৰ পুতেক ধনেশ্বৰেও ঘৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি দেউতাকৰ ওচৰত ঘৰৰ ভেঁটিৰ দাবী  তুলিলে৷ উপায়ন্তৰ হৈ দেউতাক নদীৰাম গৈ মাজু পুত্ৰ পৱিত্ৰৰ ওচৰ পালেগৈ আৰু বিষয়টো আলোচনা কৰিলে৷ পৱিত্ৰই হাই কাজিয়া নকৰি ককায়েকক ঘৰ বনাবলৈ মাটি দিবলৈ দেউতাকক ক’লে৷ দেউতাক ঘৰলৈ আহি একলগে থকা তিনিবিঘা মাটিৰ দুবিঘা তিনিজন পুতেকৰ মাজত সমানে ভগাই দি নিজৰ বাবে এবিঘা বাৰীমাটি ৰাখিলে৷ দেউতাকৰ ভাগত পৰা মাটিডৰা বাম আৰু বাৰী মাটি আছিল বাবে তাতে মাজু পুতেক পৱিত্ৰই দেউতাকে ভাৰা খাব পৰাকৈ এটা ভাৰাঘৰ সাজি দিলে৷ সৰুটোৱে ঘৰ সজা মাটিৰ কাষতে মাজুটোৰ ভাগটো ৰাখি দেউতাকৰ ভাগটোৰ কাষতে ডাঙৰটোক মাটিৰ ভাগ দিলে৷ মাটিৰ ভাগ পাই ধনেশ্বৰে ঘৰ বনোৱাৰ পৰিকল্পনা কৰিলে৷  ধনৰ নাটনিৰ জোৰা মাৰিবৰ বাবে পাঁচ হেজাৰ টকা ভায়েক পৱিত্ৰৰ পৰা আনিলেগৈ৷ সৰু আৰু ডাঙৰ দুই পুত্ৰ এইদৰেই বেলেগ হৈ গ’ল৷

বৃদ্ধ পিতৃয়ে খেতি পথাৰৰ কামৰ পৰা অব্যাহতি লাভ কৰাৰ মানসেৰে মাজু পুত্ৰ পৱিত্ৰই সি থকা পাহাৰীয়া ঠাইখনৰ পৰা ল’ৰা এটা হালুৱা স্বৰূপে ঘৰলৈ পঠালে আৰু তাৰ মাহেকীয়া বেতন সি ল’ৰাটোৰ মাক দেউতাকক দি থাকিল৷ পিছে হালুৱা ল’ৰা নকুলক সৰু আৰু ডাঙৰ দুই পুত্ৰইও নিজৰ নিজৰ কামত খটুৱাবলৈ ধৰাত ল’ৰাটো কাম কৰি কৰি ভাগৰি পৰে৷ সেই লৈ দুই পুত্ৰক তেনে নকৰিবলৈ কোৱাত দুই পুত্ৰই বৃদ্ধ দেউতাক নদীৰামকহে অভব্য আচৰণেৰে প্ৰত্যুত্তৰ দিয়ে৷ এইবোৰ কথা লৈ ঘৰখনত এক অশান্তিৰ সৃষ্টি হয়৷ ঘৰত থকা দুই ভগ্নীয়ে ককায়েক দুটাই দেউতাকক কৰা অপমান সহ্য কৰিব নোৱাৰি প্ৰতিবাদ কৰিলে৷ লগে লগে  ঘৰখনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সূচনা হ’ল৷ ধনেশ্বৰৰ ঘৈনীয়েক দণ্ডেশ্বৰীয়ে  চামুণ্ডাৰ ৰূপ ধৰি হাতত কপিদাখন লৈ দুই ননদক কাটিবলৈ খেদি আহিল৷ সিহঁত দুজনীয়ে পলাই কোনোমতে প্ৰাণ ৰক্ষা কৰে৷

প্ৰলয়ঙ্কৰী বানে খেতি বাতি নষ্ট কৰাত ঘৰখন চলাত অসুবিধা হ’ব ধৰিলে৷ নদীৰাম দোকানীয়ে মূৰে কপালে হাত দি চিন্তা কৰি থাকি দিক বিদিক নোপোৱা হ’ল৷ অৱশেষত মাজু পুতেক পৱিত্ৰৰ পৰিয়ালটো নিজৰ লগলৈ অনাৰ চেষ্টা চলালে৷ পৱিত্ৰক দিয়া ঘৰৰ ভেঁটিটোত ঘৰ সাজিবলৈ ক’লে৷ দুনাওঁ দুভৰি হোৱা যেন লাগি পৱিত্ৰইও দেউতাকৰ কথাত সন্মত হ’ল৷ পৱিত্ৰই তাৰ বেংকৰ পৰা গৃহ ঋণ লৈ ঘৰ সজাৰ কথা চিন্তা কৰি তাক দিয়া ঘৰৰ ভেঁটিৰ মাটিডোখৰ বন্ধক দিবৰ বাবে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নথি পত্ৰ পৰীক্ষা কৰি দেখে সেই ভূমি ইতিমধ্যে বন্ধক দি সৰু ভায়েক ঠগেশ্বৰে তাৰ দোকানৰ বাবে ঋণ লৈ থৈছে৷ সেই কাম কৰাৰ সময়ত দেউতাকে মানা কৰিছিল; কিন্তু ঠগেশ্বৰে হাই-কাজিয়াৰ পাতনি মেলি হাত দাঙি খেদি অহাত নিৰুপায় হৈ দেউতাকে পুতেকক সোণকালে ঋণ পৰিশোধ কৰিবলৈ সতৰ্ক কৰি দি অফিচত ঋণ সম্পৰ্কীয় কাগজ-পত্ৰত স্বাক্ষৰ প্ৰদান কৰিলে৷ পিছে বহুবছৰ অতিক্ৰম কৰিলে, ঠগেশ্বৰে ঋণ পৰিশোধ নকৰিলে৷ কথাটো দেউতাকে এতিয়াহে গম পালে৷ দেউতাকে ঠগেশ্বৰক ঋণ পৰিশোধ কৰিবলৈ সকিয়নি দিলে৷ ঠগেশ্বৰে ওভতগোৰে নাচিব ধৰিলে৷ পৰিস্থিতি জটিল হোৱাৰ উপক্ৰম ঘটা দেখি মাকে পৱিত্ৰক ক’লে, “বলিন (পৱিত্ৰৰ ঘৰত মতা নাম), তই আমাৰ ভাটি পথাৰৰ মাটি ডোখৰতে চোন ঘৰ সাজিব পাৰ৷ সেই মাটিডৰাৰ মূৰেদিয়েই পানীযোগান আচঁনিৰ নলাটো গৈছে৷ তাৰ কাষতে আলফাই গুলীয়াই মৰা ছেত্ৰী ড্ৰাইভাৰৰ ঘৈনীয়েকে ঘৰ সাজি বহিলেই৷” মাকৰ কথা মতে পৱিত্ৰই গৈ ভাটি পথাৰ পালেগৈ৷ মাটি ডোখৰ দ আৰু তেনেই ঠেক৷ তাক ভাগত দিয়া ডোখৰৰ দৰে বহল আহল নহয়৷ ঘৰ নিৰ্মাণৰ বাবে সুবিধাজনক নহয়৷ কথাটো মাক দেউতাকক ক’লে৷ দেউতাকে তেওঁলোকক চোৱা-চিতা কৰি থকা বাবে  সেই ডোখৰ মাটি দানসূত্ৰে পৱিত্ৰৰ নামত লিখি দিম বুলি ক’লে আৰু সেই মাটি বন্ধক ৰাখি তাৰ ভাগত পৰা বহল আহল মাটিডোখৰত ঘৰ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিলে৷ দেউতাকৰ কথামতেই পৱিত্ৰ আগ বাঢ়ি গ’ল৷ পৱিত্ৰই দুই ককাই ভাইক কথাটো খোলাখুলিকৈ জনালে৷ সিহঁত দুয়োটা মান্তি হ’ল৷

বেংকৰ কৰ্তৃপক্ষই পৱিত্ৰক দিয়া ঋণৰ ধন চাৰিটা কিস্তিত ভাগ কৰি প্ৰথম কিস্তি তাক দিলে আৰু তাক বন্ধক দিয়া মাটি ডোখৰতে ঘৰ নিৰ্মাণ কৰিবলৈ বাধ্য কৰি প্ৰতি বাৰে পৰিদৰ্শন কৰি কৰি চাৰি কিস্তিত ধন দি শেষ কৰিলে৷ এইদৰেই ভাটি পথাৰত ঠেক মাটিতে পৱিত্ৰৰ এটি সৰু আধৰুৱা ঘৰ নিৰ্মাণ হ’ল, য’ত মাক দেউতাক আৰু বাই ভনী দুজনীক লৈ পৱিত্ৰৰ পৰিয়ালটো থকাৰ পৰিৱেশো গঢ়ি উঠা নাই আৰু মাক দেউতাক আৰু দুই ভগ্নী তালৈ যোৱাৰ বাবে প্ৰস্তুতো নহয়৷ অন্যহাতে দুই ভাতৃৰ মাজৰ তাৰ ভাগত পৰা মাটিত ঘৰ সাজিবলৈও পৱিত্ৰৰ হাতত নাই যথোপযুক্ত ধন৷ দেউতাকে সেই নতুন ঘৰটো আধাৰুৱা ভাগতে স্কুলীয়া ল’ৰাক ভাৰা দিয়াৰ কথা ক’লে-যাতে ঘৰখন চলাৰ খৰচ এটা মাহে মাহে পাই থাকে৷ পৱিত্ৰই দেখিলে এনে কৰিলে সিহঁত চিৰদিনৰ বাবে ঘাইঘৰখনতে থাকিব লাগিব-য’ত নাই পকী পাইখানা তথা গা-ধোৱা ঘৰ৷ অৱশেষত পৱিত্ৰই ঘাইঘৰত তাৰ পৰিয়ালৰ বাবে এটা কোঠা নিৰ্মাণ কৰিলে আৰু গোবৰৰ ভেৰত বহু টকা ব্যয় কৰি এটা পকী পাইখানা তথা গা-ধোৱা ঘৰ সাজিলে৷ এই সকলোবোৰ ঠিক ঠাক কৰি পৱিত্ৰই তাৰ পৰিয়ালটো মাক দেউতাকহঁতৰ লগত এৰি নিজৰ চাকৰিৰ ঠাইত অকলৈ থাকিব ধৰিলে৷ পৱিত্ৰই নিৰ্মাণ কাৰ্য চলাই যোৱা দেখি ককাই ভাই, ওচৰ চুবুধৰীয়া, মিতিৰ কুটুম সকলোৰে হিংসা ভাৱ জন্মিল আৰু লাহে লাহে তাৰ বৰ্হি প্ৰকাশ ঘটাব ধৰিলে৷ তেওঁলোকে ক’ব ধৰিলে যে পৱিত্ৰই তাৰ বাবে ঘৰহে সাজিব জানে; কিন্তু বয়স ভাটি দিব খোজা ভনীয়েক দুজনীক বিয়া নিদিয়ে৷ কথাবোৰ শুনি পৱিত্ৰই দৰা নিজে চাপি অহালৈ আশা নকৰি দুই ভনীয়েকৰ বাবে দৰাৰ সন্ধানত ঘূৰিব ধৰিলে৷ য’তেই বিবাহ উপযুক্ত ল’ৰাৰ সন্ধান পালে ত’লৈকে যাব ধৰিলে৷ তাৰ ভাই ককাই হালৰ কিন্তু এইবোৰ খবৰ নাই৷ এতিয়া সিহঁতক লাগে ঘাইঘৰটোৰ একোটো নিজা ববীয়া অংশ৷ দেউতাকে চিধা কথা কৈ দিলে যে তেওঁলোক জীয়াই থকা লৈকে ঘৰটোৰ ভাগ নহয়৷  এইবাৰ দেউতাকক উভটি ধৰিলে মাজু পুতেৰক কিয় ভাটি পথাৰৰ মাটিখিনি দান দিলি বুলি কৈ৷ দেউতাকে উত্তৰ দিলে যে পৱিত্ৰই ঘৰখন অতীজৰে পৰা খৰচ দি চলাই আহিছে আৰু ভনীয়েক দুজনীক বিয়া দিব লৈছে, সেয়ে মোৰ মাটি মোৰ ইচ্ছা অনুযায়ী দান দিলো আৰু তাত কাৰো কোনো আপত্তি নাখাটে৷ এনে কথাত সৰু পুত্ৰ ঠগিৰাম গৰজি উঠিল আৰু ক’লে, “চাই ল’ম সি কেনেকৈ বিয়া দিয়ে৷” কথামতেই কাম, পৱিত্ৰই গৈ বন্দবস্ত কৰা ভনীয়েক দুজনীৰ সম্ভাব্য দৰাৰ ঘৰলৈ ঠগেশ্বৰ গৈ কৈ আহিল, “আমাৰ ঘৰত মাটি বাৰীৰ কেজেং আছে, সেয়ে আপোনালোকে আমাৰ ঘৰৰ ছোৱালী বিয়া কৰাব নোৱাৰিব৷” এনে কথা ক’লে আজিৰ দিনত কোন দৰাই ছোৱালী বিয়া কৰাব? পাতিব খোজা বিয়া ভাগি গ’ল৷ তাৰ মাজতো এজনী ভনীয়েকৰ বিয়াখন হৈ গ’ল যেনেতেনে৷ পৰিৱেশ পৰিস্থিতি ইমানেই বেয়ালৈ গ’ল যে পৱিত্ৰৰ পৰিয়ালটো ঘাইঘৰত থাকিলে তাৰ সন্তানকেইটাৰ পঢ়াশুনা ধ্বংস হোৱাৰ সম্ভাৱনাই দেখা দিলে৷ সি নিজৰ পৰিয়ালটো লৈ ভাটি পথাৰত সাজি উলিওৱা আধৰুৱা ঘৰটোলৈকে গুচি আহিল৷ মাক দেউতাকে প্ৰথম অৱস্থাত কথাবোৰ বুজি নাপাই মনত বেজাৰ পাইছিল যদিও পিচলৈ সকলো ঠিক হৈ গ’ল আৰু পৱিত্ৰই আগৰ দৰেই ঘৰখন চোৱা চিতা কৰি গ’ল৷

কিছুদিনৰ পিছত পৱিত্ৰক দূৰণিৰ ঠাইলৈ চাকৰিৰ বদলিকৰণ কৰিলে৷ উপায়ন্তৰ হৈ পৱিত্ৰই সেই ঘৰটো ভাৰালৈ দি তাৰ পৰিয়ালটো নিজৰ লগতে লৈ যাবলৈ বাধ্য হ’ল৷ ঘাইঘৰখনত থাকিলগৈ মাক দেউতাক আৰু সৰুজনী ভনীয়েক৷ তাই এম্বডেৰী আৰু চিলাইৰ দোকান এখন খুলিম বুলি কোৱাত দেউতাকে নিজৰ ভাগত পৰা মাটি বিঘা বিক্ৰী কৰি দি সেই টকা তাইক দিলে৷ তাই দোকান আৰম্ভ কৰি ভালদৰে চলাই গ’ল৷ কিছু দিনৰ পিছত ঘৰখনৰ খেলিমেলিবোৰ মনৰ মাজত লৈয়ে দেউতাকৰ মৃত্যু হ’ল৷ মাক আৰু সৰু জীয়েক তাতেই থাকিল৷ এবছৰৰ পিচতে সৰু জীয়েকক অকলে এৰি থৈ মাকৰো মৃত্যু হ’ল৷ তাই ঘাইঘৰৰ মাজু ককায়েক পৱিত্ৰৰ অংশটো ভাৰা দি তাতে অকলশৰীয়াকৈ থাকিল৷ ককায়েক পৱিত্ৰই তাইৰ অনিশ্চিত ভৱিষ্যতটো কিছু নিৰাপদ কৰাৰ উদ্দেশ্যে ঘাইঘৰৰ ভেটিটোত তাইৰ নামত এটা অংশ দিলে৷ তাতে তাই সুন্দৰকৈ এটা পকীঘৰ সাজিলে৷ পিছে সেই মাটি ম্যাদী নহয় বাবে কিছু অনিশ্চয়তা ৰৈ যোৱাত পৱিত্ৰৰ ভাগত পৰা দুই ভাতৃৰ মাজৰ মাটিৰো এটা অংশ দিব খুজি পিতৃৰ নামত থকা সেই মাটিৰ নামজাৰী আবেদন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিলে৷ অকলশৰীয়া ছোৱালীজনীৰ নিজা ঘৰ এটা থকাৰ উপৰিও এডোখৰ মাটিও ভাগত পাব বুলি জানি তাইৰ বাবে দৰা এজন ওলাল৷ বিয়া হৈ গ’ল৷

দুবিঘা মাটি দুই ভাতৃয়ে অত’দিনে নিজৰ বুলি দখল কৰি আছিল৷ এতিয়া তাৰ ভাগ দিব লাগিব পৱিত্ৰকো৷ এই কথা কেনেকৈ হ’ব ? সিতো ভাটি পথাৰত এবিঘা মাটি পাইছেই৷ কোনো দিনে মিলা প্ৰীতিৰ ভাৱ নথকা দুই অহি-নকুল ভাতৃ সিহঁতৰ বৃ্হত্তৰ স্বাৰ্থৰ খাতিৰে মিলি, কাৰোবাৰ বুদ্ধি মতে আপত্তি জনাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখন আবেদন দিলে৷ আবেদনত ছজনী বাই-ভনীৰ নাম উল্লেখ কৰি জনালে, সিহঁত সকলোৱে জানে যে পৱিত্ৰক দেউতাকে তাৰ ভাগত এবিঘা মাটি জীৱিত কালতে দি গৈছে, গতিকে দেউতাকৰ নামত থকা এই মাটিৰ ভাগ সি পাব নোৱাৰে৷ পিছে কিবাটো কৰোঁতে কিবাটোহে হ’ল৷  বাই-ভনী ছজনীৰ নাম আবেদনত দেখা পাই বিষয়া জনে ক’লে যে মাটখিনি তিনিজন ককাই-ভাই আৰু ছজনী বাই-ভনীৰ মাজত ভাগ হ’ব৷ মুঠ ভাগ হ’ব নটা৷  যিহেতু ১৯৫৬ চনৰ হিন্দু উত্তৰাধিকাৰ আইনৰ ২০০৫ চনত কৰা সংশোধনী অনুযায়ী বিবাহিত বা অবিবাহিত কন্যা সন্তানেও পৈতৃক সম্পত্তিৰ অংশ  বিচাৰিলে লাভ কৰিব৷

এসময়ত সেই মাটিডোখৰত হাল বাই খেতি কৰিব খোজা পৱিত্ৰক দুই ভাতৃয়ে খেদি পঠাইছিল; তাৰ পিছতো পৱিত্ৰই সিহঁত দুটাক ঘৰৰ মাটিবোৰ আকৌ সমানে ভাগ কৰোঁ বুলি কৈ আলোচনা কৰিবৰ বাবে ৰাতিৰ সাঁজ একেলগে ঘাইঘৰত খাবলৈ মাতিছিল৷ সিহঁত নগ’ল৷ ভাৱিলে ভাটি পথাৰৰ ঠেক মাটি ডোখৰ লৈ কি লাভ হ’ব? সেয়াতু সেয়াই, ইফালে আকৌ সৰু ভায়েক ঠগেশ্বৰে পৱিত্ৰক নজনোৱাকৈ সি টিনপাত লগোৱা ঘাইঘৰটো ভাঙি তাত পকীঘৰ নিৰ্মাণ কৰিলে৷ সেই কথাত পৱিত্ৰই অন্তৰত বৰ বেজাৰ পালে আৰু দেউতাকৰ নামত থকা মাটিৰ নিজৰ ভাগটো নেৰাৰ সিদ্ধান্ত ল’লে৷ সেয়ে গৈ থৈ এতিয়া উত্তৰাধিকাৰ আইন অনুযায়ী ধনেশ্বৰহঁতে দখল কৰি থকা মাটিখিনি আজি নভাগত ভাগ হ’ল৷ এই কথা ধনেশ্বৰে নিজেই সহ্য কৰিব পৰা নাই৷, ঘৈনীয়েক দণ্ডেশ্বৰীয়ে বাৰু কেনেকৈ সহ্য কৰিব? কথাটো দকৈ ভাৱি চাবলৈ বুলি মূৰটো হেলনীয়া কৰি দিওঁতে ধনেশ্বৰ বহি থকা পুৰণি বেতৰ চকীখন মেৰমেৰাই উঠি ভাগি পৰিল৷ তাৰ মূৰটো গৈ ভলুকা-বাঁহৰ শকত খুটাটোত খুন্দা দিলেগৈ৷ মূৰত প্ৰচণ্ড আঘাত পাই ধনেশ্বৰে কেঁকনি-গেঁথনি কৰিলে৷

“অঐ কোন, কোন তই ? কোন হাৰামী সেইটো ? মানুহ নথকা ঘৰটোত কি কৰিছ?” ভাৰাঘৰৰ ফালে হোৱা সেই শব্দ শুনি মদৰ ৰাগীত মাতাল হৈ থৰক বৰক খোজেৰে সমুখৰ বাটেদি থেং পাক দি অহা আগন্তুকে অশ্লীল মাত মাতি ভাওনাত ভীমে দুঃশাসনক প্ৰত্যাহ্বান জনোৱাৰ দৰে গোঁজৰণি মাৰি ক’লে, “কুকুৰ পৱিত্ৰ চুতীয়া নেকি তই? আমাক মাৰিবলৈ আহি জোপ লৈ আছ ? আহ তোক চাই লওঁ৷ চেলেঞ্জ কৰিছোঁ তোক৷ আমাৰ মাটি কাঢ়ি লৈছ, আজি চাই ল’ম তোক৷”

কথাখিনি কৈ আগন্তুক মদাহীটোৱে এডোখৰ গোটা বাঁহ ৰাস্তাত পাই বুটলি হাতত তুলি ল’লে৷ তাৰ পিছত ভাৰা ঘৰটোৰ ফালে চোঁচা লৈ খেদি যোৱাদি গৈ হামখুৰি খাই পৰি থকা মানুহটোৰ গাত ভালদৰে কেইকোবমান মাৰি দিলে৷

“মৰিলো ঔ, মৰিলো ঔ, বাপুটি, তই মোক কিয় মাৰিছ ? ওহ, হাড় ভাঙি দিলি ৷” কোব খাই ধনেশ্বৰে চিঞৰি উঠিল৷
তেতিয়াহে বাপুটিয়ে গ’ম পালে সেয়া আন কোনো নহয়, তাৰ দেউতাক ধনেশ্বৰহে৷

সেই সময়ত সি দেউতাকক তুলি ধৰি উঠাব পৰা অৱস্থাত নাছিল৷

ভাৰাঘৰৰ ফালে চিঞৰ বাখৰ শুনি ঘৰৰ ভিতৰৰ পৰা দণ্ডেশ্বৰী দৌৰ মাৰি ওলাই আহিল৷ আহি দেখে, পুতেক বাপুটিয়ে মদৰ নিচাত ঢলং পলং কৰি বেতৰ ভগা চকীখনত ভৰি দুটা ওপৰ ফালে থৈ মূৰটো তললৈ কৰি পৰি থকা দেউতাকক উঠাবলৈ যত্ন কৰি নিজে বাগৰি পৰিছে৷ ততালিকে পৰিস্থিতি সম্ভালি লৈ, দণ্ডেশ্বৰীয়ে নিজৰ কপালকে দোষী কৰি খঙতে আবোল তাবোল বলকি বলকি যেনেতেনে দুই মদাহীক উঠাই টানি আঁজুৰি নি ঘৰৰ ভিতৰ পোৱালেগৈ৷

++++++সমাপ্ত++++++

Tuesday, 5 December 2017

আচল নেতা

(আতংক ৰ সপ্তম খণ্ড)  
                                                                      
হাঁহি ধেমালিত ব্যস্ত ডেকা গাভৰু জাক৷ মুখবোৰ স্নিগ্ধ, উজ্জল আৰু মন নিষ্পাপ নিষ্কলুষ৷ পুৱাৰ জিকিমিকি ৰ’দত জিলিকি উঠা সদ্য প্ৰস্ফুটিত ফুলবোৰৰ লগত ৰিজাব পাৰি সিহঁতক৷ বুকুত এবুকু আশা মনত নাই হতাশা৷ সিহঁতৰ বাবে পৃথিবীখন নতুন আৰু ৰঙীন৷ অগ্ৰজে কলুষিত কৰা ধৰাতল সিহঁতে নিকা কৰি সজাব খোজে৷ এবোজা মানুহ আৰু জীৱজগতখন পিঠিত লৈ নিজৰ গাটো কথমপি পাকমাৰি ঘূৰাই নিজ পথে গতি কৰি সূৰ্যৰ চাৰিওফালে ভ্ৰমি থকা পৃথিবীখনলৈ সিহঁতৰ বৰ হেঁপাহ৷ জগতখনৰ প্ৰতি কৌতুহলৰ অন্ত নাই৷ বিনন্দীয়া ধৰাতল চাই চাই হেপাহ নপলায়৷ কিন্তু মাজে মাজে সিহঁত সচকিত হৈ পৰে৷ সমাজখন ৰসাতলে যায় যেন৷ কোনোৱেই নিদিয়ে মনকাণ৷

হাঁহি হাঁহি বিনীতাই ক’লে,“বহাগ বিহুৰ প্ৰীতি ভোজৰ পিছত বহুদিনৰ মূৰত আমি দিলৱাৰ ছাৰৰ কৃপাত এই প্ৰীতি ভোজ খাবলৈ লগ হৈছোঁ৷ আজি বৰ ভাল লাগিছে৷”

“এৰা, সংগঠনৰ কামত আমি ইমান বেছি ব্যস্ত হৈ পৰিছিলোঁ যে নিজকে মৰুভূমিত বোজা বোৱা উট যেনেই লাগিছিল৷” 

জীৱনৰ কথা কথা শুনি সকলোৱে উচ্চস্বৰে হাঁহিব ধৰিলে৷ সিহঁতৰ হাঁহিত ভাগ ল’বলৈ ৰান্ধনিক পৰামৰ্শ দি থকা ড° বৈষ্ণব ভঁৰালীও পাকঘৰৰ পৰা ওলাই আহিল৷

“কিহে ,আজি আটাইকেইটিৰে বৰ স্ফুৰ্তি লাগিছে নহয় জানো?” ড° বৈষ্ণব ভঁৰালীয়ে ক’লে৷

“হয় ছাৰ, হয় ছাৰ৷” প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দৰে সিহঁতে চিঞৰি  চিঞৰি ক’লে৷

যথাসম্ভৱ নিম্ন স্বৰত ড° বৈষ্ণব ভঁৰালীয়ে ক’লে, “আৰু ভাল খবৰ আছে, প্ৰীতি ভোজ আৰু খাবলৈ পাবা৷ তোমালোকৰ দিন ভাললৈ আহিছে যেন পাওঁ, হা হা অচ্ছা দিন আ গয়া আ গয়া৷”

ল’ৰা-ছোৱালী মখাৰ মনবোৰ এটা এটাকৈ ধৰি লগলগাই ড° বৈষ্ণব ভঁৰালীয়ে যেন ৰহস্যৰ ডুবিত পেলাই মনত ৰং পাই সিহঁতৰ মুখলৈ চাই ৰ’ল৷ কিছু পৰ ৰৈ তেওঁলৈ ভেবা লাগি চাই থকা ল’ৰা –ছোৱালীহঁতক ক’লে, “আমি অলপতে খবৰ পাইছোঁ যে চাব ইন্সপেক্টৰ বিপুল দত্তই গীতানগৰ থানাৰ সমুখত হাতত উদ্যৎ মেশ্বিনগান লৈ থকা মানুহটোক আৰু তাৰ সহযোগীকেইটাক কৰায়ত্ত কৰিছে৷ সেইয়েহে দিলৱাৰ ছাৰে বিপুল দত্তৰ হৈ নৱবৰ্ষৰ শুভেচ্ছাৰে তোমালোকৰ বাবে আৰু এটা প্ৰীতি ভোজৰ ব্যৱস্থা কৰি দিব হেনো৷”

খবৰটো পাই ল’ৰা-ছোৱালীহঁত আনন্দত মতলীয়া হৈ পৰিল৷  আটাইয়ে লগে লগে হাত চাপৰি বজাই দিলে৷ সিহঁতে নাচিলে, গালে,আনন্দ কৰিলে আৰু প্ৰীতি ভোজ খালে৷

---++++++++---------

জোনাকে ধুনুৰ টেবুলতে এখন পুৰণি আলোচনী পাই তাকে মেলি ল’লে৷ ২০০৮ চনৰ জানুৱাৰী সংখ্যা আছিল সেইটো৷ তাতে এটা কবিতা পাই তেওঁ পঢ়িলে৷ কবিতাটোৰ শিৰোনাম আছিল ‘শান্তি’৷                        
                            
 কবিতাটো পঢ়ি জোনাক ভাবুক হৈ পৰিল৷ আমাৰ দেশৰ, আমাৰ অসমৰ ভৱিষ্যত কি? দহবছৰ পূৰ্বে আমাৰ অসমৰ লেখক বুদ্ধিজীৱীসকলে যিবোৰ সমস্যাক লৈ চিন্তা কৰিছিল সেই একেবোৰ সমস্যাৰ বাবে এই ২০১৮ চনতো চিন্তান্বিত হ’ব লগা হৈছে৷ কোনো সমস্যাৰে নাই সমাধান৷ বৰঞ্চ সমস্যাবোৰ দিনে দিনে জটিল হৈ যাব ধৰিছে৷

“কি হ’ল জোনাক ? কি চিন্তাত পৰিলি আকৌ ?” ভিতৰৰ পৰা ওলাই আহি জোনাকক জুপুকা মাৰি থকা যেন দেখি ধুনুৱে সুধিলে৷

জোনাকে ৰহস্যখন ধুনুলৈ আগবঢ়াই দি কবিতাটো পঢ়ি চাবলৈ ক’লে আৰু তাৰ মনত খেলাই যোৱা কথাবোৰ ব্যক্ত কৰি ধুনুক সুধিলে,“আমি সমস্যাবোৰ সমাধানৰ বাবে একো কৰিব নোৱাৰোঁনে ধুনু?”

“পাৰিম, কিয় নোৱাৰিম?” ধুনুৱে দৃঢ়তাৰে ক’লে,“ৰাজনৈতিক নেতাবোৰে সমস্যবোৰ সমাধান কৰাৰ পৰিবৰ্তে সেইবোৰ বঢ়াই গৈ নিজৰ সুবিধা আদায় কৰি আছে৷ আমি তেওঁলোকক সহজতেই ঠিক পথলৈ আনি আমাৰ ৰাজ্যখন সুশৃঙ্খলভাৱে আগুৱাই যোৱাত সহায় কৰিব পাৰোঁ৷”

“ কিন্তু তাকেই ইমানদিনে আমি কৰা নাই কিয়?” জোনাকে  উত্তেজিত স্বৰত প্ৰশ্ন কৰিলে৷

“হ’ব হ’ব জোনাক তই উত্তেজিত নহবিচোন”, ধুনুৱে ক’লে,“আমি কথাবোৰ চন্দন শৰ্মা ছাৰৰ লগত ভালদৰে আলোচনা কৰিলেই সকলো হৈ যাব৷ অসমৰ যি দুৰ্ভাগ্যজনক পৰিস্থিতি চলি আছে তালৈ লক্ষ্য কৰি চালে চন্দন শৰ্মা ছাৰে আমাক আমাৰ প্ৰযুক্তিবিদ্যাবোৰ ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰাত বাধা নিদিব নিশ্চয়৷”

“তই ঠিকেই চিন্তা কৰিছ ধুনু৷ আমাৰ হাতত ইমানবোৰ উপায় থাকিও সেইবোৰ অসমৰ মংগল সাধনত নলগাওঁ কিয়? আমি আজিয়েই আলোচনাত বহিম৷” জোনাকে ক’লে৷

----++++++--------

আয়োজক সমিটিৰ সম্পাদক, সভাপতি আৰু সদস্যসকলৰ লগতে শাসনাধিস্থিত দল আৰু তেওঁলোকৰ মিত্ৰদলৰ সদস্যসকল, স্থানীয় উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, ৰাজহ চক্ৰ বিষয়া, গাওঁ পঞ্চায়তৰ সম্পাদক, সভাপতি, স্থানীয় বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক তথা সহকাৰী শিক্ষকসকল, ছাত্ৰসকল, আত্ম সহায়ক গোটৰ সদস্যসকল আৰু সেই ঠাইৰ গাওঁবাসীসকল সভাস্থলিত সময়তকৈ আগত আহি উপস্থিত হ’লহি৷ অলপ পিছতে বাতৰি কাকতৰ স্থানীয় সংবাদদাতা কেইজনো আহি আসন গ্ৰহণ কৰিলে৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সভাখনিত আজি যথেষ্ট মানুহ গোট খাব৷ কোনো কাহানিও মন্ত্ৰী বিধায়কে পদধূলা নেপেলোৱা ঠাই হোৱা বাবে মন্ত্ৰী আহিব বুলি যিমান মানুহ গোট খাইছে তাতকৈ বেছি মানুহ গোট খাইছে  তেওঁ যিখন বাহনত আহিব সেই বাহনখন চাবলৈহে৷ ওচৰৰ গাওঁবোৰত সৰু ল’ৰা ছোৱালী এতিয়া এটিও বিচাৰি পোৱা নাযাব চাগৈ৷ হেলিকেপ্টাৰ চাবলৈ আহি সভাস্থলিৰ ওচৰত নিৰ্মাণ কৰি ৰখা হেলিপেডখনৰ চাৰিওফালে বেৰা মাৰি কেপকেপাই আছে৷  মাজে মাজে দূৰ দিন্তৰ ফালে চকু দি চাই আছে৷ কৰ্তব্যৰত পুলিচ কেইজনে এতিয়াই সিহঁতক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে৷ হেলিকেপ্তাৰ আহি পালে যে কি গতি হ’ব? এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সভাস্থলিৰ ফালে সোমাই আহিল নিউজ চেনেলৰ গাড়ীখন৷ আৰে ! হেলিকেপ্টাৰখন তলেদিয়েই আহিলনেকি ? কণ কণহঁত গাড়ীখন চাবলৈ দৌৰ মাৰিলে৷

অৱশ্যে সকলোবোৰ মানুহ হেলিকেপ্টাৰ চাবলৈ আহিছে বুলি ক’লেও ভুল হ’ব৷ কাৰণ, বান বিধস্ত এই অঞ্চলটোৰ ৰাইজে এই পৰ্যন্ত বানপানীৰ নামত কোনো চৰকাৰী সাহৰ্য পোৱা নাই৷ আচলতে আজি মিটিঙতে তেওঁলোকক কিবা দিব বুলি আয়োজক মণ্ডলীয়ে কোৱা বাবেহে দিন হাজিৰাৰ অথবা নিজা অন্য কাম এৰি হ’লেও বহুতো মানুহ গোট খাইছেহি৷

“হেই, আহি গ’ল, আহি গ’ল, হেলিকেপ্টাৰ আহি গ’ল৷”

সভাস্থলিত হঠাৎ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ল৷ ধুনু আৰু জোনাকহঁতে হুলস্থুল হোৱা ফালে ঘূৰি চালে৷ দূৰ দিগন্তত চৰাইটোতকৈ অলপ ডাঙৰ বস্তু এটা দেখা গৈছেহে মাত্ৰ৷ তাৰ শব্দ এতিয়াও কাণত পৰাহিয়ে নাই৷ এতিয়াই ইমান চিঞৰ বাখৰ৷ পিছত কি হ’ব?

চাওঁতে চাওঁতে হেলিকেপ্টাৰখন নিচেই ওচৰ পালেহি৷ ভিৰ ভাৰ নিয়ন্ত্ৰণত আতংকৰ সদস্যসকলে পুলিচ কেইজনক সহায় কৰিলে৷ কণ কণহঁতে নয়নভৰি হেলিকেপ্টাৰখন চালে৷ চালে তাৰ পৰা ধীৰ, গম্ভীৰ পদক্ষেপেৰে নামি অহা মন্ত্ৰী আৰু তেওঁৰ সহচৰসকলক৷

মন্ত্ৰী আৰু অভ্যাগতসকলে সভাস্থলিত আসন গ্ৰহণ কৰিলে৷ হেলিকেপ্টাৰখন চাই থকাসকলৰ কিছুমান ঘৰলৈ গ’ল আৰু কিছুমান আহিল সভামণ্ডপলৈ৷

যথাৰীতি সভাৰ কাৰ্যসূচী আৰম্ভ হ’ল৷ কাৰ্যসূচী মতে আহি পৰিল মন্ত্ৰী মহোদয়ৰ ভাষণ৷

ধুনু,জোনাক, জীৱন, বিনীতা, নৱনীতাহঁতে অত’পৰে অপেক্ষা কৰি থকা সময় সমাগত৷ তেওঁলোকে পূৰ্ব পৰিকল্পনা মতে সকলো সাজো কৰি থৈছিল৷ মন্ত্ৰীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰাৰ লগে লগে উচ্চ প্ৰযুক্তিৰ ক্ষুদ্ৰ যন্ত্ৰটোৰ এটি নিচেই ক্ষুদ্ৰ বুটাম টিপি দিলে৷ সভাত সমবেত দৰ্শক শ্ৰোতা বৃন্দৰ সমুখৰ ফালে তেনেই সামান্য ধোৱাঁৰ দৰে এক পাতল আচ্ছাদনৰ সৃষ্টি হ’ল৷

মানুহে কয়, সভা-সমিটিত বক্তৃতা দিওঁতে সমুখত উপবিষ্ট দৰ্শক শ্ৰোতাসকলক গাধ বুলি ভাৱিব লাগে৷ তেতিয়া নিৰ্ভয়ে সুন্দৰকৈ ভাষণ দিব পাৰি হেনো৷  পিচে এতিয়া কি ঘটিব? এতিয়া যে মন্ত্ৰী মহোদয়ে সমুখত দেখি আছে অতি মানৱৰহে ৰূপ! তেওঁ যেন ভাষণ দিবৰ বাবে নহয় স্বীকাৰোক্তি দিবৰ বাবে কাঠগৰাত থিয় দিছে৷  তেওঁৰ মনলৈ সেই  ভাৱহে আহিব ধৰিছে৷ আহে জানো কেতিয়াবা কাৰোবাৰ মনলৈ এনে ভাৱ?  তেওঁ দোধোৰ- মোধোৰত পৰিছে৷৷ কাকনো সুধিব, কোনে দিব উত্তৰ৷ তেওঁ যে ভাষণ দিব লাগে, ভাষণ শুনাবলৈয়েতো হেলিকেপ্টাৰত ধন খৰচ কৰি আহিছে৷ তাকো ৰাইজৰ ধন৷ কথা ক’বই লাগিব৷ ৰ’বৰ যে সময় নাই৷ কি ক’ব ? সঁচা কথাকেইতো ক’ব লাগিব৷ সমুখত সেয়া গণদেৱতা৷ তেওঁলোকক মিছা কথা ক’ব পৰা মগজুটোচোন নাই এতিয়া৷ সাজি সাজি কথা কোৱাৰ শক্তি তেওঁ হেৰুৱাই পেলাইছে৷

কৈ গ’ল মন্ত্ৰী মহোদয়ে৷ “ৰাইজ,আজি মই আপোনালোকক মোৰ ৰাজনৈতিক জীৱনৰ গোপন কথাবোৰকে ক’ম৷” 
কি গোপন কথা ক’ব বা মন্ত্ৰী মহোদয়ে ? সাংবাদিকসকলক সষ্টম হোৱা দেখা গ’ল৷ টি ভি চেনেলৰ পৰা অহা সাংবাদিক সকলে সঘনে কেমেৰা সঞ্চালন কৰিলে৷ তেওঁলোকৰ সাংবাদিক জীৱনৰ এক গুৰুত্ব্পূৰ্ণ স্থান এই মুহূৰ্তত মন্ত্ৰী মহোদয়ে দখল কৰি পেলালে৷ সভাস্থলিত নিমাত নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিলে৷ বেজী এটা পৰিলেও যেন তাৰ শব্দ শুনা যাব৷ সকলোৱে মন্ত্ৰী মহোদয়ৰ মুখলৈ ব্যগ্ৰ ভাৱে চাই আছে৷ মন্ত্ৰী মহোদয়ে এখন্তেকৰ বাবে ৰৈ সেপ ঢোকোতেও শ্ৰোতাসকল অধৰ্য হৈ পৰিছে৷

“শুনক সভাসদ ৰাইজ, মানুহে এনেয়ে নকয় যে এশটা ধূৰ্ত মানুহ মৰিহে এজন ৰাজনৈতিক নেতাৰ জন্ম হয়৷ আনৰ লগত নিমিলাওঁ৷ সেই কথা মোৰ ক্ষেত্ৰতে খাটে ৷”

মন্ত্ৰীৰ কথা শুনি সকলো অবাক৷ কি ক’ব খুজিছে ছাৰে? চৌদিশে বু বু বা বা চলিল৷ সভাস্থলিত গুমগুমনি শব্দ হ’ল৷

“ৰাইজ, মোৰ কথা শুনক, মই মিছা কথা কোৱা নাই নহয়৷ মই নেতা হৈছো মোৰ বাবে, মন্ত্ৰী হৈছো মোৰ বাবে৷; কিন্তু ইমানদিনে দেখুৱাই থাকিলো যে মই ৰাইজৰ নেতা, জনগণৰ মন্ত্ৰী৷ মই জানো, আজি এই অঞ্চলৰ বানপ্ৰীড়িত ৰাইজক মন্ত্ৰী হিচাপে কিবা দিম বুলি আপোনালোকে বৰ আশাৰে বাট চাই আছে; কিন্তু আপোনালোকক দিবলৈ মুখ্য মন্ত্ৰী বা ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে মোক একো দি পঠিওৱা নাই৷ বিচাৰিছিলো মই; কিন্তু কেন্দ্ৰ চৰকাৰেই ধন মুকলি কৰি দিয়া নাই হেনো৷”

মন্ত্ৰীৰ ভাষণৰ এইষাৰ কথা শুনাৰ পিছত আকৌ সভাস্থলিত ৰাইজৰ মাজত কথা চলিল৷ এক গুমগুমনি শব্দ হ’ল আৰু “তেনেহ’লে আমি থাকিনো কি লাভ হ’ব ? উঠাই ভাল তেন্তে” বুলি কৈ সভাৰ অৰ্ধেক সংখ্যক লোক ঘৰাঘৰি যাবলৈ থিয় দিলে৷

“ৰাইজ, ৰাইজ, কি কৰে আপোনালোকে? বহক বহক, মোৰ কথা শুনক, মই চৰকাৰৰ পৰা ধন নাপালেও আপোনালোকক আজি এই সভাস্থলিতে মোৰ নিজা সাঁচতীয়া ধনৰ পৰা চেক কাটি এজন এজনকৈ প্ৰতিজন বানপ্ৰীড়িতলোককে দহহেজাৰকৈ টকা দিম৷ মোৰ সচিবে চেকবোৰ লিখি এখন এখনকৈ কাটি দিব আৰু এজন এজনকৈ আহি আপোনালোকে লৈ গৈ থাকক৷”

কথাখিনি কৈ মন্ত্ৰীয়ে তেওঁৰ সচিবক ব্ৰিফকেচটোৰ চাবিকোছা আগ বঢ়াই দিলে৷ সচিবে বানপীড়িতলোকৰ তালিকা চাই নামে নামে চেক লিখিলে৷ বানবিধস্তসকলে নিয়ম শৃঙ্খলা মানি এজন এজনকৈ আহি চেকবোৰ নিব ধৰিলে৷ এইদৰেই মন্ত্ৰী মহোদয়ে ৰাইজৰ পক্ষত থিয় দিওঁতেই অজানিতে ব্যক্তি তোষণৰ ৰাজনীতিৰে নিজ সমষ্টিৰ ৰাইজৰ মন জয় কৰিবলৈ সমৰ্থ হ’ল৷৷

“আচলতে কি জানে ৰাইজ? মই যে এই টকাবোৰ বিলাইছোঁ এইবোৰ ৰাইজৰে টকা৷ মই এইবোৰ টকা ঠিকাদাৰৰ পৰা নোলোৱা হ’লে ঠিকাদাৰে আপোনালোকৰ গাঁৱৰ নৈখনৰ মথাউৰিটো ভালদৰে বান্ধিলেহেঁতেন আৰু বানপানীত মানুহ নমৰিলেহঁতেন, ঘৰ নাভাগিলেহঁতেন আৰু খেতি বাতিও নষ্ট নহ’লহেঁতেন৷৷ গতিকে টকাবোৰ মই ৰাইজকে দি দিছো৷ আশা ৰাখিছোঁ আমাৰ মন্ত্ৰী সভাৰ বাকীবোৰ মন্ত্ৰীয়েও আপোন-পেটালি স্বভাৱ এৰি দেশ বিদেশে বেংকবোৰত সাঁচি থোৱা টকা ৰাইজক ঘূৰাই দিব৷”

সমবেত লোকসকল আবেগিক হৈ ঠাইতে থিয় হ’ল ৷ লগে লগে সভাস্থলিত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিল৷ এৰা অকপতে নিজৰ দোষ স্বীকাৰ কৰি কোনোবাই আন্তৰিকতাৰে তাৰ ক্ষতিপূৰণ কৰিব খুজিলে মানুহে সেইজনক তাতালিকে ক্ষমা কৰি দি আপোন কৰি লয় --লাগিলে তেওঁ পিতৃ হন্তাই নহওক কিয়৷

মন্ত্ৰী মহোদয় উৎসাহিত হৈ পৰিল আৰু কৈ যাব ধৰিলে,“ব্ৰিটীশৰ শাসনৰ পৰা মুক্ত কৰি দেশৰ জনগণক এচাম দেশীয় নেতাই নিজৰ কুশাসনৰ কবললৈ আনিলে মাথো৷ এইদৰে বিগত সত্তৰটা বছৰ শোষণৰ ৰাজনীতি চলালে৷ ৰাইজৰ একো উন্নতি সাধন নহ’ল৷ দেশৰ প্ৰভাৱশালী এচাম লোকক কোটি পতি হ’বলৈ সুবিধা দি তেওঁলোকৰ সহায়তে ধৰ্ম, জাতি দোহাই দি ৰাজনীতি কৰি গৈছে৷ জৱাহৰলাল নেহেৰুৰ দিনৰ পৰা এতিয়ালৈকে সেয়াই হৈ আছে৷ ৰাইজ, এতিয়া আৰু আপোনালোকে চিন্তা নকৰিব৷ মই আপোনালোকৰ লগত থাকিম৷ কোনো ৰাজনৈতিক দলৰ সহায় মোক নালাগে৷ জয় আই অসম৷”

সভাস্থলি হাত চাপৰিৰ শব্দত মুখৰিত হ’ল৷

বক্তৃতা দি থাকোঁতে এইহেন জাৰৰ দিনতো মন্ত্ৰী মহোদয় ঘামি জামি তেনেই আহৰি৷ তেওঁ বহি পৰাৰ লগে লগে অনুচৰ এজনে বহী এখন হাতত লৈ বিচি দিলে৷ 

সভা ভঙ্গ হ’ল৷ মন্ত্ৰী মহোদয়ে আকাশ মাৰ্গেৰে স্বস্থানলৈ দতি কৰিলে৷ সাংবাদিকসকল এক অগতানুগতিক পৰিস্থিতিৰ সন্মুখীন হোৱা বাবে বিস্ফাৰিত নেত্ৰে বহু পৰ ইজনে সিজনলৈ চাই ৰ’ল৷ ৰাইজে মন্ত্ৰী মহোদয়ক ভূয়সী প্ৰশংসা কৰিলে আৰু ভৱিষ্যতৰ নেতা স্বৰূপে হৃদয়ত স্থান দিলে; কিন্তু আতংকৰ বিষয়ববীয়া তথা সদস্যসকলে নিয়াৰিকৈ আৰু অতি গোপনে অদ্ভুত ৰূপ দৰ্শন অভিযানটো চলাই যাব পৰা বাবে স্বস্তিৰ নিশ্বাস পেলালে৷
--------+++ সমাপ্ত---+++----

Monday, 4 December 2017

শত্ৰুৰ ৰণচালি

(‘আতংক’ ছিৰিজৰ ষষ্ঠ খণ্ড)                                                                
এডিনবাৰ্গ৷ স্কটলেণ্ডৰ ৰাজধানী৷ সমগ্ৰ ইউৰোপ মহাদেশখনৰে শিৰত জিলিকি উঠা সৌন্দৰ্যৰ মুকুট স্বৰূপ এক বিতোপন চহৰ৷ ইয়াকেই কেৱল এই চহৰৰ বৈশিষ্ট্য বুলি ক’লে ভুল হ’ব৷ চহৰখন ৰং –ধেমালিৰো এক কেন্দ্ৰস্থল৷ আগষ্ট মাহ সোমোৱাৰ লগে লগে গ্ৰীষ্ম ঋতুৱে ভূমুকি মাৰে আৰু শীতৰ ঠৰঙা লগোৱা জাৰৰ পৰা ৰক্ষা পাই সকলোৰে মন-প্ৰাণ উলাহত নাচি উঠে৷ অজানিতে চৌদিশে আনন্দৰ জোৱাৰ আৰু এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে৷ ৰং-ধেমালিৰে নিজে আপ্লুত হোৱাৰ উপৰিও আনকো মুগ্ধ কৰিবলৈ যাৰ যি প্ৰতিভা আছে প্ৰদৰ্শন কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ শিল্পীসকল মুকলি মঞ্চলৈ ওলাই আহে৷ শ শ বছৰ ধৰি এই পৰম্পৰা চলি আহিছে আৰু কোনো বছৰেই ইয়াৰ ব্যতিক্ৰম হোৱা নাই৷ এই বছৰ আৰম্ভ হোৱা উৎসৱত যোগ দিবলৈ আৰু এই উৎসৱ উপভোগ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ মানুহেৰে এডিনবাৰ্গ নগৰৰ হোটেল, ৰেষ্টোৰাঁ, হোমষ্টে সকলো ভৰি পৰিছে৷ এই উলহ-মালহৰ মাজত যদি কাৰোবাৰ কিবা কুঅভিসন্ধি লুকাই থাকে তাক বুজা টান হৈ পৰে৷ 

বিশ্বৰ চাৰিখন দেশৰ চাৰিজন যুৱক৷ বয়স কোনোজনৰে পঁচিশ বছৰৰ বেছি নহয়৷ এডিনবাৰ্গৰ গ্ৰীষ্ম কালিন উৎসৱ উপভোগ কৰিবলৈ আটাইকেইজন একলগে আহিছিল; উৎসৱৰ দিনবোৰ পাৰ হৈ গ’ল যদিও তেওঁলোকে নিজৰ ব্যৱসায়ৰ কামত কিছুদিনৰ বাবে এডিনবাৰ্গতে ৰৈ গ’ল৷ যিখন হোটেলত তেওঁলোক আছিল তাৰ বন্দোবস্তিৰ ম্যাদ শেষ হ’ল৷ সেয়ে এডিনবাৰ্গ নগৰৰ মেডৱ’ কৰ্ট অঞ্চলত  তেওঁলোকে প্ৰাইম ষ্টুডেণ্টলিভিং হোমষ্টে’ত চাৰিটা কোঠা অনলাইন যোগে ভাৰাত লৈছে৷ তেওঁলোকক দিয়া অনলাইন পৰামৰ্শ অনুযায়ী স্মাৰ্ট ফোনযোগে ঘৰটোৰ নিৰ্দিষ্ট কোঠা বিচাৰি উলিয়ালে আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি কোঠাৰ দুৱাৰমুখত থকা বক্স খুলি চাবিপাত উলিয়ালে৷ তাৰ পিচত প্ৰৱেশদ্বাৰ খুলি কোঠাত প্ৰৱেশ কৰিলে৷ ইংলেণ্ডৰ যুৱক এডৱাৰ্ড ডেভিদে কিচেন ৰুমলৈ গৈ কফি বনোৱাত লাগি গ’ল৷ ভাৰতীয় যুৱক যশৱন্ত সিঙে কফিৰ লগত খাবৰ বাবে কাজু আৰু বিস্কুট প্লেটত সজাই কফি বাকিবলৈ কাপকেইটা ঠিক কৰি দিলে৷ চিনা যুৱক লাওটানে তেওঁৰ বেগটো খুলিলে আৰু বেগৰ ভিতৰৰ এক গোপন স্থানৰ পৰা এটা সৰু ফাইল উলিয়াই টেবুলত থ’লে৷ পাকিস্তানী যুৱক মহম্মদ নৌছাদ আলীয়ে পৰম আগ্ৰহেৰে ফাইলটো লৈ ডাইনিং টেবুলত মেলি পঢ়িব ধৰিলে৷ 

ইতিমধ্যে কফি তৈয়াৰ হৈছিল৷ কফিৰ পাত্ৰটোৰ পৰা নিজে নিজে কফি বাকি লৈ প্ৰত্যেকে নিজৰ প্ৰয়োজন অনুযায়ী চেনি কাপত দি লৈ কফি পান কৰিব ধৰিলে৷

“বন্ধুসকল, প্ৰকৃততে আমি এক প্ৰচণ্ড শক্তিশালী শত্ৰুৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ,” পঢ়ি থকা কাগজ পত্ৰৰ পৰা মূৰ তুলি এক গম্ভীৰ স্বৰত মহম্মদ নৌছাদ আলীয়ে ক’লে, “টাইগাৰ ফ’ৰ্চৰ মূৰব্বী মিষ্টাৰ আলিম্বাই অভিযানৰ দিনাৰ যি কাহিনী বৰ্ণনা কৰিছে সেয়া যদি সঁচা হয় তেন্তে আপোনালোকে জানিব যে শত্ৰু পক্ষক এক উন্নত মানদণ্ডৰ প্ৰযুক্তিৰে সজ্জিত শক্তিয়ে সহায় কৰিছে৷”

মহম্মদ নৌছাদ আলীৰ কথাখিনি সকলোৱে মনোযোগেৰে শুনি চিন্তান্বিত হৈ পৰিল৷ কাৰো মুখত মাতবোল নাই৷ যিহেতু কথাটো যদি সঁচা হয় তেন্তে তেওঁলোকৰ সৰ্বনাশ হ’ব৷ এফালে চীন আৰু আনফালে পাকিস্তান৷ দুয়োখন দেশেই তেওঁলোকক পৃষ্ঠপোষকতা কৰিছে৷ হেজাৰ কোটি টকাৰ চুক্তিত তেওঁলোকে কাম কৰিছে৷ অভিযানটোত সফল হোৱা হ’লে কোনো কথা নাই৷ বহুবছৰ কোনো কাম নকৰাকৈ ভোগ বিলাসেৰে বিশ্বৰ কোনো এখন সপোনপুৰী হেন নগৰীত জীৱন অতিবাহিত কৰি দিব পাৰিলেহেঁতেন; কিন্তু এতিয়া সকলো ওলট-পালট হৈ গ’ল৷ তেওঁলোকে চুক্তিমতে কাম কৰি দিব নোৱাৰিলে৷ যদিহে তেওঁলোক শত্ৰু পক্ষৰ হাতত ধৰা পৰাৰ সম্ভাৱনা দেখা পায় তেন্তে শত্ৰুৱে কিবা কৰালৈ চীন আৰু পাকিস্তানৰ সেই পৃষ্ঠপোষকে ৰৈ নাথাকে৷ তাৰ পূৰ্বেই সিহঁত কেইটাক নিঃশেষ কৰি দি নিজৰ কু চক্ৰান্তৰ চিহ্ন চাব নোহোৱা কৰি পেলাব৷ ভাৰতক এইবোৰৰ শুংসূত্ৰ পাবলৈ নিদিয়ে৷ তাৰ পিছত ভাৰত চৰকাৰে মূল শত্ৰু বুলি চিনাক্ত কৰি টাইগাৰ ফ’ৰ্চৰ মূৰব্বী তথা সেনা বাহিনীৰ যোৱানহঁতক বিচাৰি ফুৰিব৷ 

আচলতে স্কাই গ্ৰুপ নামৰ বিশ্বৰ এক অন্যতম আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানৰ পৰিচালক মণ্ডলী বুলি, মাজে সময়ে সুবিধা বুজি বিশ্ব বিদ্যালয়ৰ ছাত্ৰ বুলি নিজৰ পৰিচয় দিয়া চাৰি দেশৰ এই চাৰি ব্যক্তিয়ে তেওঁলোকৰ পূৰ্বৰ সন্ত্ৰাসবাদী গোট এৰি আহি এক মধ্যভোগী সন্ত্ৰাসবাদী গোট গঠন কৰিলে যাৰ একমাত্ৰ লক্ষ্য বৃহৎ পৰিমানৰ ধনৰ বিনিময়ত স্থানীয় সন্ত্ৰাসবাদী গোটক ধন দি সন্ত্ৰাসবাদী কাম কৰোৱা৷ বিগত দুৰ্গা পুজাৰ মহাঅষ্টমীৰ দিনা অসমৰ বহুতো পূজা স্থলিত একে সময়তে বোমা বিস্ফোৰণ ঘটাই পূজাস্থলী ৰক্তাক্ত কৰাৰ মূল দায়িত্ব এওঁলোকে ব্ৰক্ষ্ম দেশৰ ম্যানমাৰত মুখ্য কাৰ্যালয় থকা ‘টাইগাৰ ফ’ৰ্চ’ নামৰ সন্ত্ৰাসবাদী গোটটোক দি কাম হৈ যাব বুলি নিশ্চন্ত হৈ আছিল৷

টাইগাৰ ফ’ৰ্চৰ মূৰব্বী মিঃ আলিম্বা সন্ত্ৰাসবাদ সৃষ্টিৰ ক্ষেত্ৰত এজন অভিজ্ঞ ব্যক্তি৷ সেই কামৰ বাবে তেওঁৰ সৈন্যবলও যথোপযুক্ত আছে৷ স্কাই গ্ৰুপৰ পৰা পাঁচ কোটি টকা আগধন হিচাপে পোৱাৰ পিছতে মিঃ আলিম্বাই চীন দেশৰ পৰা ভালেমান অত্যাধুনিক অস্ত্ৰ কিনি আনিলে৷ লগতে কিনিলে  অভিযানটোৰ বাবে প্ৰয়োজন বোমা বাৰুদ৷ তাৰ পিচত তেওঁ পূজালৈ পোন্ধৰ দিন বাকী থাকোঁতেই সমগ্ৰ অসমতে ধনৰ বিনিময়ত চোৰাংচোৱাগিৰি কৰা মানুহবোৰ কামত লগাই দিলে৷ সিহঁতে দিয়া তথ্য অনুযায়ী অসমৰ কোন কোন ঠাইৰ পূজা মণ্ডপত বোমা বিস্ফোৰণ ঘটাব পৰা যাব তাৰ তালিকা প্ৰস্তুত কৰিলে৷ তাৰ পিছত প্ৰতিটো পূজা মণ্ডপত বোমা বিস্ফোৰণ ঘটাবলৈ একোজন প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰক দায়িত্ব দি লগত ধনৰ বিনিময়ত কাম কৰা স্থানীয় সহযোগী দুজনকৈ দিয়া হ’ল৷

সকলো কাম পূৰ্ব পৰিকল্পিত আঁচনি মতেই কৰা হ’ল৷ ঠিক গধূলি সাত বাজি পোন্ধৰ মিনিট পাৰ হৈছে৷ অসমৰ বিভিন্ন স্থানৰ পোন্ধৰটা পূজা মণ্ডপক ভক্ত তথা দৰ্শকৰ তেজেৰে ৰাঙলী কৰাৰ লক্ষ্যৰে দুৰ্বৃত্তহঁত আগুৱাই আহিল; কিন্তু কি আচৰিত কথা! অসমৰ প্ৰতিখন ঠাইতে সিহঁতৰ প্ৰতিটো দলেই আকস্মিকভাৱে হঠাৎ সৃষ্টি হোৱা জনতাৰ ভিৰৰ মাজত সোমাই পৰিছিল--অভিমন্যু চক্ৰবেহুৰ মাজত সোমাই পৰাৰ দৰে৷ সিহঁতে লৈ থকা আগ্নেয়াস্ত্ৰবোৰ বিকল হৈ পৰি শিশুহঁতৰ খেলাবস্তুৰ দৰে হৈ পৰিল৷ জনতাৰ ভিৰৰ মাজৰ পৰা পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰলোকসকল আগুৱাই আহি দুৰ্বিত্তহঁতক কৰায়ত্ত কৰিলে৷

“পুলিচে বন্দী কৰা মানুহবোৰে সিহঁতৰ ষ্টেটমেন্টত টাইগাৰ ফ’ৰ্চৰ নাম লৈছেনেকি?” মিঃ লাওটানে মিঃ যশৱন্ত সিঙক প্ৰশ্ন কৰিলে৷

“মোৰ তথ্য যোগানকাৰীয়ে বিতং তথ্য লাভ কৰিব পৰা নাই বুলি জনাইছে মিঃ লাওটান৷” যশৱন্ত সিঙে ক’লে৷
“আমাৰ হাতত সময় বৰ কম মিঃ লাওটান৷ পলম নকৰি টাইগাৰ ফ’ৰ্চৰ মূৰব্বী মিঃ আলিম্বাক আগতকৈ কিছু বেছিকৈ টকা দি অন্য গোটৰ সহায় লৈ হ’লেও অসমৰ বিভিন্ন স্থানত কমেও কুৰিটামান বোমা বিস্ফোৰণৰ ব্যৱস্থা কৰা যাওক৷ অন্যথাই আমাৰ বিপদ হ’ব৷” চিন্তাত কপালখন কোঁচ খুৱাই মিঃ এডৱাৰ্ড ডেভিদে ক’লে৷

+++++++++++++

টাইগাৰ ফ’ৰ্চৰ অধ্যক্ষ মিঃ আলিম্বা সম্পূৰ্ণ নিশ্চিত আছিল যে তেওঁ নিয়োগ কৰা বাহিনীটোৰ পাৰদৰ্শী সেনাসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব৷ সমগ্ৰ অসমখন তেজেৰে ৰাঙলী হ’ব আৰু তাৰ বিনিময়ত তেওঁ লাভ কৰিব বহুকোটি টকা৷ সেই টকা তেওঁক চমজাই দিয়া হ’ব অসম ম্যানমাৰ সীমান্তত৷ অসমত তেতিয়া জৰুৰীকালিন অৱস্থাৰ দৰে পৰিস্থিতি বিৰাজ কৰিব৷ তেওঁ অসম ম্যানমাৰ সীমান্তত থকা তেওঁলোকৰ শিবিৰত মদে মাংসৰে ভোজ ভাত খাই  স্ফুৰ্তি কৰিব ,আৰাম কৰিব৷ এবোৰ ভাৱি থাকোঁতেই তেওঁৰ এজন সহকাৰীৰ পৰা বেয়া খবৰটো পালে৷ তথাপি মিঃ আলিম্বা এটা কথাত নিশ্চিত আছিল যে তেওঁলোকৰ হৈ কাম কৰা মানুহবোৰ দৰ্মহা ভোগী চাকৰিয়ালৰ দৰে৷ সিহঁতে  নাজানে কোন প্ৰকৃত নিয়োগ কৰ্তা৷ কোনে দিছে দৰ্মহাৰ ধন৷ টেলিফোনিক অৰ্দাৰমতে সিহঁতক কৰিবলৈ দিয়া নিৰ্দিষ্ট কাম নিৰ্দিষ্ট সময়ত কৰি যায় মাথো৷ সিহঁতক অসমৰ পুলিচে যিমানে জেৰা নকৰক লাগে টাইগাৰ ফ’ৰ্চৰ নাম বা মিঃ আলিম্বাৰ নাম বা অন্য কাৰোবাৰ নাম সিঁহতে নলয়৷ সেয়ে মিঃ আলিম্বাই তেওঁৰ সহযোগীসকলক  এক আলোচনাত বহিবলৈ কেম্পলৈ মাতি পঠালে৷

“বন্ধুসকল, আপোনালোক সকলোৱে জানে যে যাৰ পৰা আমি কোটি কোটি টকা লৈ তেওঁলোকৰ বাবে কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দি কৰি দিব পৰা নাই তেওঁলোক আমাৰ ওপৰত অসন্তুষ্ট হৈছে৷ তথাপিও তেওঁলোকে ধৈৰ্য ধৰিছে৷ আমাক পুনৰবাৰ চেষ্টা কৰিবলৈ কৈছে৷ আমাক প্ৰয়োজন অনুযায়ী ধন দিছে৷ গতিকে আমি এইবাৰ কোনো ভুল নকৰাকৈ পৰিকল্পিতভাৱে কাম কৰিব লাগিব৷ ধনৰ বিনিময়ত আমাৰ হৈ কাম কৰি দিবলৈ অধিক মানুহ নিয়োগ কৰিব লাগিব৷ আমাৰ শত্ৰুৱে চিনি নোপোৱা আধুনিক প্ৰযুক্তিৰ বোমা বাৰুদ বিদেশৰ পৰা কিনি আনিব লাগিব৷ মিঃ লিংথো আপুনি অসমলৈ আমাৰ চোৰাংচোৱা বাহিনী আগতীয়াকৈ পঠাই দিয়ক৷” কথাখিনকি কৈ মিঃ আলিম্বাই সমুখৰ টেবুলৰ পৰা গিলাচটো হাতত লৈ এঢোক মদ গিলিলে৷ 

“পিচে এটা কথা নহয় ছাৰ,” মিঃ লিংথোৱে বৰ ব্যগ্ৰভাৱে ক’লে, “আমি যিবোৰ অস্ত্ৰ শস্ত্ৰ দি পঠাইছিলো সেইবোৰেৰে সিহঁতে কাম চলাব নোৱাৰিলে কিয় ? সেইবোৰতো বহুত দাম দি এন এছ চি এনৰ পৰা কিনা হৈছিল৷”

“আচলতে সিহঁত পৈনত যোদ্ধা নহয় মিঃ লিংথো৷” মিঃ আলিম্বাই ক’লে, “এইবাৰ এটা দল গঠন কৰি কাচিনলৈ প্ৰশিক্ষণ ল’বলৈ পঠাই দিয়ক৷ মই টকা পইচা জমা দি আহিমগৈ৷ আপুনি আৰু এটা কাম কৰিব মিঃ লিংথো৷ বেৰাৰো কাণ থাকে৷ কাণে কাণে কওঁ শুনক…………………..৷” 
মিঃ আলিম্বাই মিঃ লিংথোক কাণে কাণে কিবা ক’লে৷

+++++++++++++

অসম চৰকাৰৰ গৃহ বিভাগে গুণীৰ গুণ বুজি পাই অলপো পলম নকৰি গীতানগৰ পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্সপেক্টৰ দিলৱাৰ ৰহমানক প্ৰমোচন দিলে৷ তেওঁক ডি এচ পি কৰি উত্তৰ লখিমপুৰলৈ পঠালে৷ আচলতে দিলৱাৰ ৰহমানে এই প্ৰমোচন ল’বলৈ লজ্জা বোধ কৰিছিল৷ সেয়ে তেওঁ স্বাস্থ্যজনিত কাৰণ দৰ্শাই চাকৰিলৈ নগৈ ঘৰতে জিৰণি লৈ আছিল৷

ধুনু, জোনাক আৰু চন্দন শৰ্মা ছাৰে এক জৰুৰী কথা আলোচনাৰ বাবে দিলৱাৰক চন্দন শৰ্মা ছাৰৰ ঘৰলৈ মাতি পঠিয়ালে৷ সকলো আহি শৰ্মা ছাৰৰ ঘৰত সমৱেত হ’ল৷ 

সকলোৱে দিলৱাৰক প্ৰমোচন পোৱা বাবে অভিনন্দন জনালে৷

দিলৱাৰে ক’লে, “আচলতে পুলিচ বিভাগত চাকৰি কৰি কি দক্ষতা দেখুৱাই মই অসমৰ ৰাইজক  দুৰ্গা পূজাত সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিলো বাৰু? এই কামৰ বাবে আতংকৰ কৰ্মকৰ্তা সকলেহে পুৰষ্কৃত হ’ব লাগিছিল৷ মই বৰ বিপাঙতে পৰিছোঁ৷ মুখ ফুটাই কথাটো কাকো ক’বও নোৱাৰো আৰু বাস্তৱিকতাৰ পৰাও পলায়ন কৰিব নোৱাৰোঁ৷ আপোনালোকেই মোক সুপৰামৰ্শ এটি দিয়ক ছাৰ৷” কথাখিনি চন্দন শৰ্মা ছাৰলৈকে চাই দিলৱাৰে ক’লে৷

“বোপা দিলৱাৰ, এতিয়া আমি অন্য এক প্ৰত্যাহ্বানৰ মুখামুখী হ’বলৈ সাজো হ’বৰ হ’ল৷ এইক্ষেত্ৰত তোমাৰ প্ৰমোচন হোৱাটো আমাৰ সকলোৰে বাবে মংগলজনক কথা হৈছে৷ আমি খবৰ পোৱা মতে শত্ৰুৱে পুনৰ ৰণচালি ধৰিছে৷” চন্দন শৰ্মা ছাৰে কথাখিনি কৈ ধুনুলৈ চাই কথাবোৰ দিলৱাৰক বুজাই দিবলৈ ইংগিত দিলে৷

“ওঁ দিলৱাৰ, আমাৰ হাতত সময় বৰ কম৷ আমাৰ শত্ৰু এলাপেচা নহয়৷ চীন আৰু পাকিস্তানে আমাৰ সৈতে ছায়াযুদ্ধত নামিছে৷ এক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী গোটৰ যোগেদি আমাৰ অসমখন ৰক্তাক্ত কৰি সিহঁতৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিব খোজিছে৷ এই প্ৰকল্পত সিহঁতে হেজাৰ হেজাৰ কোটি টকা খৰচ কৰিছে৷ গতিকে কথাবোৰ বৰ জটিল হৈ গৈ আছে৷ তোৰ পদোন্নতিৰ বাবে আমি উপকৃত হ’ম৷” ধুনুৱে কথাখিনি কৈ দিলৱাৰৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰি থাকিল৷
তাত উপস্থিত থকা সকলোৱে দিলৱাৰে কি কয় তাকে শুনিবলৈ বাট চাই তেওঁৰ মুখলৈ চাই ৰ’ল৷

“প্ৰথমে মই আতংকৰ প্ৰতিজন সদস্যকে মোৰ কৃতজ্ঞতা জনালোঁ, তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰ প্ৰতি সন্মান জনাই মই নতশিৰে প্ৰণাম জনালোঁ৷ মোৰ মনলৈ এনে ভাৱ আহে যেন চৰকাৰী চাকৰি এৰি আতংকৰ এজন সক্ৰিয় সদস্য হিচাপে কাম কৰা হ’লেই মই দেশৰ বাবে অধিক কাম কৰিব পাৰিলোহেঁতেন ; কিন্তু চৰকাৰৰ পুলিচ বিভাগে জানো শান্তিৰে কাম কৰি যাবলৈ দিলেহঁতেন নে? এই প্ৰশ্ন মনলৈ আহিলেই মই হতাশ হৈ পৰোঁ৷ মোৰ কাষত আতংকই থিয় দি থাকে মানে শত্ৰুৱে যি চক্ৰান্তই নকৰক লাগে সকলো ওফৰাই দি অসমৰ জনসাধাৰণক শান্তিৰে থাকিবলৈ দিম৷ ইয়াত মোৰ কোনো সংশয় নাই৷ মোৰ এটা প্ৰস্তাৱ থাকিল যে ছাৰৰ গৃহতে আতংকৰ সদস্যসকলক যাতে মই এসাঁজ ভাত খুৱাব পাৰোঁ৷” দিলৱাৰে বৰ আৱেগেৰে কথাখিনি কৈ বহি পৰিল৷

দিলৱাৰৰ প্ৰস্তাৱটোত সকলোৱে আনন্দ মনেৰে সন্মতি জনালে আৰু আগন্তুক ৰবিবাৰৰ দিনটোকে প্ৰীতি ভোজৰ দিন হিচাপে ধাৰ্য কৰা হ’ল৷ শত্ৰুৰ গতি বিধিৰ সন্দৰ্ভত ধুনু আৰু জোনাকহঁতে যি গোপন তথ্য লাভ কৰিছে সেই বিষয়ে পুংঙ্খানুপুঙ্খভাৱে আলোচনা কৰিলে৷

++++++++++

গীতানগৰ পুলিচ থানাৰ পৰা বেছি দূৰ নহয়৷ আনুমানিক দুশ মিটাৰ মান দূৰত, ৰাস্তাত এট মানুহে চিঞৰ বাখৰ কৰি আছে৷ তাৰ চিঞৰ বাখৰত সেই ঠাইত কৌতুহলী জনতাৰ ভিৰ লাগিল; কিন্তু হঠাৎ মানুহটোৱে হাতত লৈ থকা মেচিনগানটো যে নকল বা পুতলা মেচিনগান নহয় তাকে প্ৰমাণিত কৰি শূন্যলৈ যেতিয়া ধাৰাষাৰে গুলী বৰ্ষণ কৰিব ধৰিলে তেতিয়া তাত গোট খোৱা কৌতুহলী দৰ্শকসকল ছত্ৰভংগ দিলে৷ নিৰাপদ দূৰত্বৰ পৰা আলেখ লেখ চাই থকা গীতানগৰ থানাৰ চাব ইন্সপেক্টৰ বিপুল দত্ত আৰু তেওঁৰ সহযোগী কনিষ্টবল কেইজনে পৰিস্থিতি বেয়ালৈ যোৱাৰ ভয়ত কিংকৰ্তব্য বিমূঢ় হৈ পৰিল৷ 

অৱশেষত চাবইন্সপেক্টৰ বিপুল দত্তই নিৰুপায় হৈ কিছুদিনৰ পূৰ্বৰলৈকে গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা বৰ্তমানৰ ডি এচ পি দিলৱাৰ ৰহমানলৈ পৰামৰ্শ বিচাৰি ফোন কৰিলে৷

সিদিনা আছিল ৰবিবাৰ৷ চন্দন শৰ্মা ছাৰৰ ঘৰত ডি এচ পি দিলৱাৰ ৰহমানে ভোজৰ আয়োজনত ব্যস্ত হৈ আছিল৷ গীতানগৰ থানাৰ চাব ইন্সপেক্টৰ বিপুল দত্তই ফোনত কোৱা কথাখিনি শুনি দিলৱাৰ ৰহমান চিন্তিত হৈ পৰিল৷ অলপ পিছতে বিপুল দত্তলৈ ফোন কৰিম বুলি কৈ তেওঁ ফোন থ’লে আৰু ততাতৈয়াকৈ শৰ্মা ছাৰৰ ঘৰত ভোজৰ কামত ব্যস্ত হৈ থকা ধুনু, জোনাক, শৰ্মা ছাৰ, ড° বৈষ্ণব ভঁৰালীক এক আছুতীয়া কোঠালৈ মাতি আনি বিষয়টো আলোচনা কৰিলে৷
আলোচনাৰ মাজতে ম’বাইল ফোনত ৱাটছএপত মেছেজ অহাৰ সংকেত ধ্বনি বাজি উঠাত দিলৱাৰে লগে লগে ম’বাইলটো খুলি চালে৷ ৱাটছএপত ভিডিঅ’ মেছেজ কৰি চাব ইন্সপেক্টৰ বিপুল দত্তই তাত ঘটি থকা ঘটনাটো ৰেকৰ্ডিং কৰি পঠাইছে৷ দিলৱাৰে ভিডিঅ’ ৰেকৰ্ডিংটো বজাই সকলোকে দেখুৱালে৷

“এইয়া চাওক, পগলাটোৰ হাতত উদ্যত মেশ্বিনগান আৰু সেই স্থানত ভুলক্ৰমে প্ৰৱেশ কৰা মানুহবোৰ পৰিস্থিতিটো বুজি পোৱাৰ লগে লগে সেই ঠাই এৰি আঁতৰি গৈছে৷” দিলৱাৰে ক’লে৷

“কিন্তু কেইটামান মানুহে ভয় সংশয় পাহৰি যাদুখেলৰ দৰ্শকৰ দৰে ফুটপাথত ৰৈ একেথৰে অস্ত্ৰধাৰী পগলা মানুহটোৰ খেল কেনেদৰে চাই আছে মন কৰিছেনে আপোনালোকে?” ভিডিঅ’টো মনোযোগেৰ চাই থকা জোনাকে ক’লে, “এই কেইকেইটা মানুহৰ ওপৰত মোৰ সন্দেহ জাগিছে৷ মই ৰহস্যৰ গোন্ধ পাইছো৷ দৰ্শকৰ ৰূপত থকা এই মানুহকেইটা মেশ্বিনগানধাৰীটোৰেই সতীৰ্থ৷ গতিকে গীতানগৰ থানাৰ আৰক্ষীৰ লোকসকলে সেই মানুহকেইটাকে ঢাল হিচাপে লৈ মেশ্বিনগানধাৰীটোৰ কাষলৈ গৈ তাক নিৰস্ত কৰিব পাৰে৷”

ইতিমধ্যে চাব ইন্সপেক্টৰ বিপুল দত্তই গোটেই ঠাইখন সাঙুৰি লৈ সুন্দৰকৈ বাণীবদ্ধ কৰা অন্য এটা ভিডিঅ’ দিলৱাৰ ৰহমানৰ ম’বাইলৰ ৱাটছএপলৈ প্ৰেৰণ কৰিছিল৷ দিলৱাৰে সেইটোও বজাই দিলে আৰু সকলোৱে মন দি চালে৷

“জোনাকে ঠিকেই কৈছে, মানুহকেইটা যোৱাই নাই, সেই ঠাইতে ইফাল সিফাল কৰি আছে৷ মেশ্বিনগানধাৰীটোৱে পগলাৰ দৰে চিঞৰি আছে আৰু এই পৰ্যন্ত কোনো মানুহক গুলীওৱা নাই৷ মাথো ভয় খুৱাইছে৷” ধুনুৱে ক’লে৷
“চাব ইন্সপেক্টৰ বিপুল দত্তই বৰ ভয় কৰিছে, দুদিনৰ বাবে থানাখনৰ দিয়িত্বত আছেতো, কিজানিবা পগলাটোৱে মেশ্বিনগানটোৰে কিবা অঘটন ঘটাই দিয়ে”,কাণৰ কাষৰ পৰা ম’বাইল ফোনটো আঁতৰাই থৈ দিলৱাৰ ৰহমানে ক’লে,“তেওঁ মোৰ সহায় বিচাৰিছে৷ কি কৰিলে ভাল হ’ব বাৰু? আতংকৰ অস্ত্ৰ স্তম্ভন কৰাত পাৰদৰ্শী সদস্য পঠাই দিলে কেনে হয়?” প্ৰশ্নটো কৰি দিলৱাৰে ধুনুহঁতলৈ চালে৷

“মই যদি কওঁ, আমাৰ শত্ৰুৱে আমাৰ দ্বাৰাই এই ভুলটোকে কৰাবলৈ এই মেশ্বিনগানধাৰী পগলাটোৰ নাটকখনৰ পাতনি মেলিছে?”, বহুপৰ ভাবোক হৈ নিৰবে থকা ধুনুৱে ক’লে, “যদিহে শত্ৰুপক্ষই দুৰ্গা  পুজাত কৰা অস্ত্ৰ স্তম্ভন কৌশলৰ সম্ভেদ পাবলৈকে ধনৰ বিনিময়ত এই মানুহবোৰ নিয়োগ কৰিছে তেন্তে আমি সহজতে সিহঁতৰ উদ্দেশ্য সফল হ’বলৈ দিয়াহে হ’ব৷”

“এৰা, ধুনুৰ অনুমান মিছা নহ’ব৷ নাটকখন চাই মোৰো তেনে ধাৰণাই মনলৈ আহিছে৷ মানুহকেইটাক ঢাল হিচাপে লৈ মেচিনগানধাৰীটোৰ ওচৰলৈ আগবাঢ়ি যাওঁতে যদি সি দৌৰি পলাব খোজে তেন্তে তাৰ ভৰিত গুলীয়াই দিয়া যাব৷ আটাইকেইটাকে গ্ৰেফ্টাৰ কৰি মাৰাথন জেৰা কৰিলে সকলো চক্ৰান্ত ফাদিল হৈ পৰিব৷ মিছাতে আতংকৰ সদস্যসকলক পোহৰলৈ আহিবলৈ দিয়াটো ভুল হ’ব৷” দিলৱাৰে ক’লে৷

এইটো পৰিকল্পনাকে বাস্তৱত ৰূপায়িত কৰিবলৈ সকলোৱে সন্মতি প্ৰকাশ কৰাত দিলৱাৰে ম’বাইলটো হাতত লৈ গীতানগৰ থানাৰ চাব ইন্সপেক্টৰ বিপুল দত্তৰ ফোন নম্বৰ ডাইল কৰিলে৷

++++++++++++

মাথো কেইদিন মানৰ বাবে গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা চাব ইন্সপেক্টৰ বিপুল দত্তই থানাৰ পুলিচসকলক পৰিকল্পনাটো সুন্দৰকৈ বুজাই দিলে৷ ঠাইখনত সাধাৰণ পোছাকত ভালেমান অৰ্ধসামৰিক বাহিনীৰ যোৱানক সষ্টম কৰি ৰখা হ’ল৷ তাৰ পিছত সাধাৰণ পোছাকত পুলিচৰ লোক গৈ পকেটৰ পৰা পিষ্টল উলিয়াই সেই ঠাইত নিৰ্ভিকভাৱে থিয় দি থকা মানুহকেইটাৰ ডিঙিৰ পিচফালে হিম শীতল পিষ্টলৰ নলাৰ পৰশ লগাই সিহঁতক ঢাল হিচাপে ব্যৱহাৰ কৰি আচম্বিতে মেশ্বিনগানধাৰীটোৰ ওচৰ পোৱালেগৈ৷ হঠাৎ ঘটি যোৱা ঘটনাক্ৰমৰ আঁত ধৰিবলৈ নাপাওঁতেই মেশ্বিনগানধাৰীটোৰ হাতৰ পৰা ইন্সপেক্টৰ বিপুল দত্তই মেশ্বিনগানটো কাঢ়ি ল’লে৷ আটাইকেইটাকে গীতানগৰ থানাৰ লক আপত ভৰাই থোৱা হ’ল৷

ৰাতি চলোৱা মাৰাথন জেৰাত সিহঁতে স্বীকাৰ কৰিলে যে সিহঁত আটাইকেইটা একে পাৰ্টিৰে মানুহ আৰু ধুনুৱে অনুমান কৰাৰ দৰেই নাম ঠিকনা নজনা সিহঁতৰ অজ্ঞাত আজ্ঞাকাৰীৰ নিৰ্দেশত ধনৰ বিনিময়ত সিহঁতে এই নাটক কৰি মেশ্বিনগানটো কোনে কেনেকৈ দূৰৰ পৰাই বিকল কৰি দিব পাৰে তাকে চাব বিচাৰিছিল৷ কাম হৈ যোৱাৰ পিচত মেশ্বিনগানধাৰীটোক পুলিচে গ্ৰেফ্টাৰ কৰি জেললৈ প্ৰেৰণ কৰিব৷ পিচত কৰ্টত পগলা বুলি প্ৰমাণ কৰি তাক মুকলি কৰি আনিব; কিন্তু সিহঁত বিফল হ’ল৷৷

দুষ্কৃতিকাৰীহঁতক জেল হোজোতলৈ প্ৰেৰণ কৰা হ’ল৷ চাব ইন্সপেক্টৰ বিপুল দত্তই চাকৰি জীৱনত প্ৰথমবাৰৰ বাবে এক দুঃসাহসিক অভিযানত সফল হৈ উচ্চ পদস্থ বিষয়া আৰু গৃহমন্ত্ৰীৰ পৰা প্ৰশংসা লাভ কৰি পদোন্নতিৰ স্বপ্ন দেখিবলৈ সমৰ্থ হ’ল৷
++++++সমাপ্ত++++++