Saturday, 11 November 2017

বন্ধু ‘আতংক’

(‘আতংক ছিৰিজৰ পঞ্চম খণ্ড)
দশোদিশ আৱৰি ধৰা কলিয়া ডাৱৰবোৰ অসমৰ আকাশৰ পৰা আঁতৰিয়ে নোযোৱা হ’ল৷ প্ৰতিকূল বতৰটোৱে যেন এক প্ৰতিশোধ পৰায়ণ মনোভাৱ লৈ নেৰানেপেৰা বৰষুণ জাক দি যাব ধৰিছে৷  পিছে কাৰ ওপৰত বা প্ৰতিশোধ ল’ব ? ৰজাঘৰ আৰু তাৰ ছত্ৰছায়াত থাকি ধনকুবেৰ হৈ পৰা মিথ্যাচাৰীসকলৰ ওপৰত নে পাৰিপাৰ্শ্বিকতাৰ শৃঙ্খল ৰক্ষা নকৰা সৰ্বসাধাৰণ জনতাৰ ওপৰত ?  কোনেও একো ভাৱিবলৈ সময়ে নাপালে, চৰকাৰৰ কোটি টকীয়া প্ৰতিৰোধ ব্যৱস্থাৰ নগ্ন স্বৰূপটো উদঙাই দি বহুতো নদ-নদীৰ মথাউৰি ভাঙি বিনন্দীয়া অসমৰ বহু ঠাই বানে বুৰাই  পেলালে৷ টিভি, বাতৰি কাকত আদি সংবাদ মাধ্যমবোৰে বানাক্ৰান্তৰ বিলাই-বিপত্তিৰ সঁচা ছবিবোৰ ডাঙি ধৰিলে, তেওঁলোকে ৰাইজৰ সহযোগত পাৰ্যমানে বান সাহাৰ্য আগবঢ়ালে৷আতংক সদস্যসকলেও অসমৰ সকলো ঠাইৰে বানাক্ৰান্তসকলৰ কাষলৈ গৈ সহায়-সাহাৰ্য আগ বঢ়ালে৷ ৰজাঘৰীয়াসকলে বানপীড়িতসকলক আশ্বাস দিলে,“ৰাইজ , চিন্তা নকৰিব আপোনালোকৰ বাবে ৰাজভঁৰালত ধন মজুত আছে, কেন্দ্ৰ চৰকাৰেও মৰমতে বানপানীৰ বাবে আগধন দি থৈছে৷পিছে ৰংঙা ফিটাৰ মেৰ্ পাকত পৰি সকলো ফুটুকাৰ ফেনত পৰিণত ল৷ বানপীড়িতসকলে আশা কৰা ধৰণে সহায় সাহাৰ্য নাপালে৷  অৱশেষত বাধ্য হৈ ৰাইজ ৰাজপথলৈ ওলাই আহিল৷ হাতীৰ গাত তৰাৰ ফৰ্মুটি পৰিল৷ সিমানেই৷

দিনবোৰ বানপানীৰ ধলৰ দৰে বাগৰি ল৷ হিমসনা শিতল পুৱাবোৰে দুৰ্গতজনৰো হিয়া মন জুৰ পেলালে৷ পাহৰি বানৰ বিভীষিকাময় দিনবোৰৰ কথা, কোবাল সোঁতত উজাই আহি প্ৰাণ বচোৱাৰ কথা আৰু কোনোবাই এমুঠি অন্ন দিব বুলি আশা পালি বাট চাই চাই নিশাটো লঘোনে ভোকে থকাৰ কথা৷ অসমৰ চৌদিশে পুনৰ বিগত বছৰবোৰৰ দৰেই দুৰ্গতি নাশিনী মা দুৰ্গা দেৱীৰ পূজাৰ আয়োজন উপলক্ষে সৰ্বসাধাৰণ ৰাইজৰ মাজত যো-জা চলিল৷

দুৰ্গোৎসৱৰ মহা আয়োজনৰ লগে লগে আইনশৃংখলা ৰক্ষাকাৰী আৰক্ষী বিভাগৰ কৰ্ম তৎপৰতাও বহুগুণে বৃদ্ধি পায়৷ উচ্চ পৰ্যায়ৰ পুলিচ বিষয়া আৰু গুপ্তচৰ বিভাগৰ বিষয়া  সকলৰ মাজত সঘন বৈঠক অনুস্থিত ধৰিলে৷ এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰঠাকুৰে গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলৱাৰ ৰহমানক যি বাৰ্তা আৰু নিৰ্দেশ দিলে তাকে লৈ তেওঁ বৰ চিন্তাত পৰিল৷ বিষয়টোআতংক বিষয়-ববীয়া সকলৰ সৈতে আলোচনা কৰি সমাধানৰ উপায় উলিওৱাৰ উদেশ্যে তেওঁ বাইলত নম্বৰ ডাইল কৰিলে৷

 “হেল্ল, ধুনু, ব্যস্ত হৈ আছ নেকি ?”

হেল্ল, দিলৱাৰ, ব্যস্ত হৈ থকা নাই; কিন্তু তহঁতৰ পুলিচ বিভাগৰ ওপৰত অসমৰ জণসাধাৰণক ৰক্ষাৰ যি গুৰু দায়িত্ব আহি পৰিছে তাকে লৈহে আমি আলোচনা কৰি আছোঁ৷ পিছে তই শেহতীয়া খবৰটো পাইছনে নাই?” ধুনুৱে প্ৰশ্ন কৰিলে৷

ধন্য আতংকৰ গুপ্তচৰ বিভাগ”, দিলৱাৰে লে, “মোতকৈ আগতে খবৰটো পালি ? মই এই মাত্ৰ খবৰটো পাই  লগে লগে তোলৈ ফোন কৰিছো৷

আৰে ভাই , তোৰ দৰে দক্ষ পুলিচ বিষয়াৰ ছত্ৰছায়াত গঢ় লৈ উঠাআতংক গুপ্তচৰ বিভাগৰ বাবে এতিয়া সকলো সম্ভৱ তই মাথো আমাক আদেশ কৰ, তোৰ হৈ আমি কি কাম কৰিব লাগে ?কথাখিনি কৈ ধুনুৱে দিলৱাৰৰ উত্তৰলৈ বাট চাই ল৷

আতংক এক বলিষ্ঠ সংগঠন হিচাপে গঢ়ি তুলিবলৈ লে অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ জ্ঞান ইয়াৰ সদস্যসকলক  দিব লাগিব৷ এই পৰামৰ্শ দিয়েআতংক শুভ চিন্তক দিলৱাৰ ৰহমানে৷ কেইদিন মানৰ আগলৈকে কৰ্তব্যৰ তাগিতাত পৰিআতংকনামৰ সংগঠনটোৰ সন্ধানত থকা গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলৱাৰ ৰহমান এতিয়া সেই সংগঠনটোৰেই এজন শুভাকাঙ্খী আৰু বিশিষ্ট পৰামৰ্শ দাতা হৈ পৰিল৷ দিলৱাৰৰ পৰামৰ্শ অনুযায়ীআতংক সক্ৰিয় সদস্যসকলক কম্পিউটাৰৰ প্ৰশিক্ষণ দিয়া হয়৷ তেওঁলোকক ইন্টাৰনেটৰ ব্যৱহাৰ সন্দৰ্ভত জ্ঞান দিয়া হয়৷ আনকি তেওঁলোকক স্পাই বাইল চফ্টৱেৰৰ ব্যৱহাৰ কৰিবলৈও শিকোৱা হয়৷ স্মাৰ্ট ফোনত বিভিন্ন প্ৰয়োজনীয় প্ৰয়োগসমূহ (APPS) কামত লগাবলৈয়ো তেওঁলোকক শিক্ষা দিয়া হয়৷ একাংশ আগ্ৰহী যুৱক-যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ দি পাৰদৰ্শী ড্ৰাইভাৰ কৰা হয়৷ ধুনু আৰু জোনাকে কেইজনমান বাছকবনীয়া সদস্যক প্ৰাইভেট ডিটেকক্টিভৰ কাম কাজৰ কিছু প্ৰশিক্ষণো দিলে৷ তাৰে অংশ হিচাপে জি পি এচ(GPS) ব্যৱহাৰ  যোগে সঠিক ভাৱে গন্তব্য স্থানত উপস্থিত হোৱা, ডিচি টু এচি পাৱাৰ ইনভাৰটাৰ(DC to AC Power Inverter), বাইনকুলাৰ , বেটেৰী জাম্প ষ্টাৰটাৰ( Bettery Jump Sterter), কেন অফ ফিক্স ফ্লেট( A Can of Fix a Flat) অথবা টায়াৰ ৰিপেয়াৰ, মুনু পোড(Mono Pod),ত্ৰি পোড(Tri Pod),ভিডিঅকেমেৰা, মেমৰি কাৰ্ড, বেকআপ বা চেকেণ্ডেৰী ভিডিঅকেমেৰা, ভাৰ্ট কেমেৰা(Covert Cameras), অভাৰ নাইট বেগ, পাৱাৰ বেংক আদি  প্ৰতিকুল পৰিস্থিতিত আকস্মিক ভাৱে  ব্যৱহাৰ হোৱা  বস্তুৰ সন্দৰ্ভত ভাল দৰে শিক্ষা দিয়াৰ লগতে সেইবোৰৰ যোগান ধৰা হয়৷
বিভিন্ন ধৰণৰ প্ৰশিক্ষণবোৰ পোৱৰ পিছতআতংক সদস্যসকলৰ জীৱিকাৰ পথো মুকলি ল৷ তেওঁলোকৰ মাজৰ পৰাই বহুজনে প্ৰাইভেট ডিটেকটিভ, গাড়ী চালক, কম্পিউটাৰ শিক্ষক, মাৰ্শাল আৰ্টৰ প্ৰশিক্ষক আদিৰ চাকৰিত মকৰল ল৷ এনেদৰে চাকৰিত যোগদান কৰা যুৱকযুৱতী সকলে দক্ষতাৰে নিজৰ চাকৰি কৰি যোৱাৰ উপৰিওআতংক একোজন বিশ্বস্ত সক্ৰিয় সদস্য হিচাপেও কাম কৰি ল৷

জন জীৱনৰ গতি পথৰ তালত তাল মিলাই  সুৰত সুৰ মিলাইআতংক  নিৰ্বিঘ্নে আগুৱাই গৈ থাকিল৷ এসময়ত অসম মাতৃৰ নাম সমগ্ৰ দেশতে উজ্বলাই দিবলৈ সক্ষম হোৱা তীক্ষ্ন বুদ্ধিসম্পন্ন  ছাত্ৰ ধুনু আৰু জোনাকেআতংক আৰু অধিক শক্তিশালী কৰি গঢ় দিয়াৰ মানসেৰে নতুন ধৰণৰ প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগ কৰি কিছুমান কৌশল ৰচনাৰ পৰিকল্পনা কৰিলে৷ এই ক্ষেত্ৰত তেওঁলোকক সহায়ৰ হাত আগবঢ়ালে অলপতেআতংক সদস্য হোৱা আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰযুক্তিবিদ ° বৈষ্ণব ভঁৰালীয়ে৷   ধুনু আৰু জোনাকে গোপন  প্ৰযুক্তিবোৰৰ পৰিকল্পনা কৰি আৰু বাস্তৱ ৰূপ দি ° বৈষ্ণৱ ভঁৰালীয়ে৷ এই কামত অগ্ৰসৰ হওঁতে জোনাকে প্ৰথমে বিভিন্ন ধৰ্মপুথি আৰু প্ৰাচীন মন্ত্ৰপুথি পঢ়ে৷ তাৰ পিচত তেওঁ তাৰে পৰা কিছুমান প্ৰয়োজনীয় ধাৰণা লৈ সেইবোৰক  আধুনিক  প্ৰযুক্তি বিদ্যাৰ  দ্বাৰা সাকাৰ ৰূপ দি কিছুমান আচৰিত যেন লগা কাম কৰিব পৰা যায় নেকি চাবৰ বাবে ধুনুক বিচাৰ বিবেচনা কৰিবলৈ দিয়ে৷ উপযুক্ত বিবেচিত ধাৰণাবোৰৰ প্ৰযুক্তিগত ৰূপ দিয়াৰ মূল দায়িত্ব আহি পৰে শেষত ° বৈষ্ণৱ ভঁৰালীৰ ওপৰত৷

দাদা, এইবোৰৰ  বাস্তৱ ৰূপ দিয়াটো সম্ভৱপৰ বনে ?”

দিলৱাৰৰ প্ৰশ্নৰ উত্তৰত ° বৈষ্ণৱ ভঁৰালীয়ে কৈছিল, “এই পৃথিবীত সকলো সম্ভৱ৷ আদম আৰু ইভৰ যুগৰ পৰা এতিয়ালৈকে মানুহে পৃথিবীলৈ কিমান পৰিবৰ্তন আনিলে দেখিয়ে আছা৷ চেষ্টা কৰিলে আমি কিয় কিছুমান নতুন প্ৰযুক্তিগত কৌশল উদ্ভাৱন কৰি আচৰিত যেন লগা কাম কৰিব নোৱাৰিম ? ৰাছিয়াৰ বিজ্ঞানীসকলে মৃত ব্যক্তিক পুনৰ জীৱিত কৰাৰ প্ৰচেষ্টা চলাইছে আৰু…”

কি কৈছে দাদা ? মৃত ব্যক্তিক…?” দিলৱাৰে উচপ খাই উঠাৰ দৰে চিঞৰ মাৰি দিছিল৷

ওঁ, ইংলেণ্ডৰ মেট্ৰ’(Metro)কাকতত প্ৰকাশিত এক সংবাদ আনুযায়ী ৰাছিয়াৰ বিজ্ঞানীসকলে মৃত লোকৰ শৰীৰ ক্ৰায়ৌজেনিকেলি ফ্ৰিজিং(cryogenically freezing) কৰাৰ পিছত এদিনাখন পুনৰ প্ৰাণ সঞ্চাৰ কৰাৰ আশাত  ৰকেট যোগে মহাকাশলৈ নিয়াৰ পৰিকল্পনা কৰিছে৷ এই কামত প্ৰতিজন ব্যক্তিৰ বাবে খৰচ পৰিব দুইলাখ পঞ্চাশ হেজাৰ পাউণ্ড৷ আমি কৰিব বিচৰা গৱেষণামূলক  উচ্চ প্ৰযুক্তিগত চৰ্চাৰ বাবেও বুজন পৰিমাণৰ ধন ব্যয় কৰিব লগা ব৷° বৈষ্ণৱ ভঁৰালীয়ে কৈছিল৷

ধুনুৱে প্ৰত্যয়ভৰা চাৱনিৰে ° বৈষ্ণৱ ভঁৰালীলৈ দৃষ্টি নিক্ষেপ কৰি কৈছিল, “দাদা ধনৰ যোগাৰ আমি কৰিম , আপুনি মাথো কাম কৰি আগুৱাই গৈ থাকক৷

° বৈষ্ণৱ ভঁৰালীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতেই শস্ত্ৰ স্তম্ভন,ৰাক্ষকস্বৰূপ ধাৰণ,অদ্ভুতৰূপ ধাৰণ, চৌৰ গতি স্তম্ভন, ৰাতি  দিনৰ দৰে দেখা পোৱা আদি ভালেমান কেইটা  কৌশলৰ নতুন প্ৰযুক্তি উদ্ভাৱন কৰা হয়৷

কি দিলৱাৰ ? চুপ হৈ লি যে ? টোপনি লি নেকি?”

আতংক কাম-কাজবোৰৰ ক্ষীপ্ৰ উন্নয়নৰ কথা ভাৱি থাকি আত্ম বিভোৰ হৈ পৰা দিলৱাৰে যেন ধুনুৰ মাতত  সঁচাকৈ টোপনিৰ পৰা সাৰ পালে আৰু ঠট্মট্ খোৱাৰ দৰে ল৷

নাই, নাই ভাই , মইআতংক  সদস্যসকলৰ পাৰদৰ্শিতাৰ কথাই ভাৱি আছিলোঁ৷ মোৰ বিশ্বাস , ‘আতংক মোক সহায় কৰিব , অসমবাসীক ৰক্ষা কৰিব৷”  দিলৱাৰে লে৷

নিশ্চয় নিশ্চয় দিলৱাৰ , ইয়াৰ বাবেআতংকসদায় সাজো হৈ আছে৷ তই চিন্তা নকৰিবি৷ প্ৰণম্যবাণীৰ সাধক চৈয়দ আব্দুল মালিক দেৱে লিখি যোৱা কথাবোৰ আমি পাহৰি নাযাওঁ কাহানিও৷ মনত আছে চাগৈ তোৰ, সেই যে---

“অসমীয়া মৰা নাই অসমীয়া মৰা নাই   
কোনো কালে নোৱাৰে মৰিব
লুইতৰ সোঁতে ক’ব অতীতত ভূতে ক’ব                                   অসমীয়া চিৰঞ্জীৱী চিৰদিন জীৱ ৷৷”

গতিকে কথাবোৰ ভালদৰে আলোচনা কৰিম৷ তই আহ তেন্তে৷ধুনুৱে লে৷

******************

আজি মহাঅষ্টমী৷ পুৱাৰে পৰাই পূজাৰ ব্যস্ততা আৰম্ভ হৈ ল৷ নগৰ-চহৰৰ কিছুমান পথত যান-বাহনৰ চলাচল  নিষিদ্ধ কৰি দিয়া ল৷ অলিয়েগলিয়ে গঢ় লৈ উঠা দুৰ্গা পূজা মণ্ডপবোৰলৈ দৰ্শনাৰ্থী ৰাইজক শান্তিপূৰ্ণভাৱে আগুৱাই যোৱাৰ সুবিধা কৰি দিবৰ বাবে স্বেচ্ছাসেৱক বাহিনী সাজো হৈ ৰৈছে৷ ৰাইজৰ নিৰাপত্তাৰ প্ৰতি চকু ৰাখি সমগ্ৰ অসমৰ পূজা মণ্ডপসমূহতআতংক তৰফৰ পৰা নিজাববীয়াকৈ সদস্যসকলক স্বেচ্ছাসেৱকৰ ৰূপত নিয়োজিত কৰা হৈছে৷ প্ৰতি গৰাকী সদস্যকে সতৰ্ক কৰি দিয়া হৈছে যে চৰকাৰৰ গুপ্তচৰ বিভাগৰ পৰা গোপন সূত্ৰে পোৱা বাতৰি অনুসৰি অসমৰ বহুতো পূজা মণ্ডপত সন্ত্ৰাসবাদী অথবা ন্যস্ত স্বাৰ্থ জড়িত একাংশলোকে আগ্নেয়াস্ত্ৰৰে আক্ৰমণ কৰি ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে৷ কেৱল সেয়াই নহয়, ‘আতংক’ৰ একাংশ সদস্যক দৰ্শকৰ শাৰীত থাকি তেওঁলোকক সতৰ্ক হৈ চলিবলৈ আৰু অত্যধিক ভিৰ-ভাৰ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিবলৈ দায়িত্ব দিয়া হৈছে৷

ধুনু, জোনাক, চন্দন শৰ্মা ছাৰ, বৈষ্ণব ভঁৰালী , বিনীতা, নৱনীতা, নমিতা আৰু জীৱন তথাআতংক অন্য মুখ্য বিষয় ববীয়াসকলে সকলো ক্ষণতে পুলিচ বিষয়া দিলৱাৰ ৰহমানৰ লগত যোগাযোগ ৰক্ষা কৰি সকলো ঠাইৰ পৰিৱেশ-পৰিস্থিতিৰ বুজ লৈ থাকিল৷ তেওঁলোকে কেইবাটাও দলত বিভক্ত হৈ এঠাইৰ পৰা অন্য ঠাইলৈ গতি কৰি থাকিল৷

উত্তৰ লখিমপুৰ নগৰৰ এটা পূজা মণ্ডপৰ ওচৰ চাপি যোৱাৰ লগে লগে তাৰ পোহৰ বিন্যাসৰ চমৎকাৰ খেলা আৰু মণ্ডপৰ জাকজমকতা দেখি জীৱনে আত্ম বিভোৰ হৈ চাই ল৷

কিহে বলেন বোপা , ভেবা লাগি চাই লা যে৷ ডিউটি পাহৰি লা নেকি?” নৱনীতাই জীৱনৰ গাত হেচুঁকি দি লে৷ ফাঁচী বজাৰৰ পাইকাৰী বেপাৰীৰ ঘৰত বলেনৰ ভাও লৈ সুন্দৰ অভিনয় কৰা বাবে তাক লগৰীয়া বন্ধু-বান্ধৱী সকলে ধেমালিতেবলেনবুলিয়ে মাতে৷

নহয় চাই চাই কিমান টকা খৰচ কৰি এইখিনি কৰা হৈছে তাৰে আনুমানিক হিচাপ এটাহে কৰি আছিলোঁ৷জীৱনে লে৷

বহু লাখ টকা খৰচ হৈছে,” অনিতাই লে, “কোটি টকাও পাৰে, কাৰণ, কলিকতাৰ পৰা কলাকৌশলী আনি কামত লগোৱা হৈছে৷

ইমানবোৰ টকা খৰচ নকৰি দেৱীৰ পূজাত বন্তি এগছি প্ৰজ্বলন কৰি টকাবোৰ বানপীড়িতসকলৰ মংগলাৰ্থে ব্যয় কৰা লে অথবা এই বোকাময় ৰাস্তাটো মেৰামতি কৰা কামত ব্যয় কৰা হ’লে  কিমান ভাল কথা লহেঁতেন৷বিনীতাই লে৷

এৰা,এই পূজা ভাগতেই নহয়, অঘোষিত প্ৰতিযোগিতাৰ তাড়নাত পৰি নগৰবোৰৰ পূজা মণ্ডপবোৰৰ ব্যয়ৰ বাজেট  প্ৰতি বছৰে ইটোতকৈ সিটোৰ বেছি হৈ যাব ধৰিছে৷জীৱনে হুমুনিয়াহ কাঢ়ি লে৷

কি কৰিবা৷ মানুহৰ মন,জীৱনৰ ৰং ,এইবোৰ লৈয়ে জীৱনৰ না না সমস্যা আৰু দুখ-ভাগৰবোৰ মানুহে পাহৰি থাকিব খোজে”, নৱনীতাই লে৷

“টুইত টুইত টুইত……..৷”

হঠাৎ বিনীতাই তাইৰ সোঁহাতত পিন্ধি থকা ঘড়ী যেন দেখা অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত যন্ত্ৰটোৰ যোগে এক গোপন সংকেত পাই সষ্টম হৈ পৰিল আৰু লগে লগে সৰু যন্ত্ৰটোৰ এটা ক্ষুদ্ৰ বুটাম টিপি দিলে৷ তেতিয়া তেওঁলোকে প্ৰেৰণ কৰা সংকেত বিনীতাহঁতে পোৱা বুলি নিয়ন্ত্ৰণ কক্ষ নিশ্চিত হোৱাৰ উপৰিও বিনীতাৰ সৈতে যান্ত্ৰিক ভাৱে সংযোজিত সকলো সদস্যই সংকেতটো পালে৷ সৈনিক শিবিৰত জৰুৰী কালিন সংকেত ধ্বনি বাজি উঠাৰ লগে লগে যিদৰে সৈন্য সকল যুদ্ধৰ বাবে  তৎক্ষণাতে সাজো হৈ উঠে ঠিক তেনে দৰেই  সমগ্ৰ অসমৰে ‘আতংক’ৰ সদস্যসকল সজাগ্ হৈ পৰিল৷

ঠিক একে সময়তে অসমৰ সকলোবোৰ পূজা মণ্ডপৰে দবা শংখৰ ধ্বনি আকাশে বতাহে সিঁচৰিত হৈ গছ-বিৰিখৰ  পাতবোৰ কঁপাই তুলিলে৷

“ দূৰ্গা মাতা কি….”

“জয়…..”

“ মহিষ মৰ্দিনী কি…”

“জয়……”

“দুৰ্গতি নাশিনী কি …..”

“জয়……”

এয়াই আছিল ‘আতংক’ ৰ সদস্য সকলৰ বাবে ঐক্যবদ্ধ হৈ শত্ৰুক পৰাভূত কৰা বাবে কৌশল ৰচনাৰ অন্তিম ক্ষণৰ চৰম ধ্বনি৷ ইয়াৰ পিচতে আই অসমীৰ শত্ৰুৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈ গ’ল৷ প্ৰত্যেকে নিজ নিজ কৰ্তব্য পালন কৰি যাব ধৰিলে৷ অচিন অজনা শত্ৰুৰ ভয়ত নিজৰ ছাটোকে দেখি উচপ খাই উঠা সন্ত্ৰাসবাদীহঁতেনো উচ্চ প্ৰযুক্তি জ্ঞান সম্পন্ন বাহিনী এটাক আগ্নেয়াস্ত্ৰৰ ঝনঝননি কিমান সময় শুনাই থাকিব ? সেইবোৰ বিকল হ’বলৈ বেছি পৰ নালাগিল৷

**********

আজি মহানৱমী পূজাৰ দিন৷ বিগত দিনবোৰৰ দৰে অসমৰ আকাশত চকামকা ক’লা ডাৱৰৰ চপৰাবোৰ নাই৷ আজি শৰতৰ ফৰকাল আকাশখন পাই পুৱাৰ ৰাঙলী আকাশত সূৰুজে যেন স্বস্তিৰ নিশ্বাস পেলাই মিহিকৈ মিচিকিয়া হাঁহি মাৰি জগতখন তদাৰক কৰিবলৈ দুহাত মেলি আগুৱাই আহিছে৷

পুৱাতেই বাতৰি কাকতৰ হকাৰসকলে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি দিলে৷

‘তাজা খবৰ, তাজা খবৰ, আজিৰ দৈনিক কাকতৰ গৰম খবৰ, অসমৰ পূজা মণ্ডপসমূহক সন্ত্ৰাস বাদীহঁতে তেজেৰে ৰাঙলী কৰাৰ পৰা ৰক্ষা কৰিলে অসমৰ সুদক্ষ পুলিচ বিষয়া দিলৱাৰ ৰহমানে…….”

এজন হকাৰে ‘ৰাতি দিন অসম’ কাকতখন চন্দন শৰ্মা ছাৰৰ হাতত গোঁজি দিলে৷ ছাৰে ৰহস্যৰ প্ৰলেপ সনা মৌ মিঠা হাঁহি এটা মাৰি হকাৰজনক কাকতখনৰ মূল্য দিলে আৰু ওচৰতে থকা পাৰ্কখনৰ বেঞ্চখনত বহি বাতৰি কাকতখন মেলি ল’লে৷

“……….অসম চৰকাৰৰ গুপ্তচৰ বিভাগে বিশ্বস্ত সূত্ৰে খবৰ লাভ কৰে যে শ্ৰী স্ৰী দূৰ্গা পূজাৰ মহা অষ্টমীৰ দিনা, ওচৰ চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰৰ পৰিকল্পনা অনুযায়ী সন্ত্ৰাসবাদীৰ এক বৃহৎ দলে একে  সময়তে অসমৰ বহুতো পূজা মণ্ডপত আগ্নেয়াস্ত্ৰৰে আক্ৰমণ কৰি পূজা স্থলীবোৰ নিৰীহ ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ তেজেৰে ৰাঙলী কৰিব৷ দুষ্ট চক্ৰৰ এই চক্ৰান্তক প্ৰতিহত কৰিবৰ বাবে অসম পুলিচৰ সুদক্ষ পুলিচ বিষয়া দিলৱাৰ ৰহমানক উৰ্ধতম কৰ্তৃপক্ষই দায়িত্ব অৰ্পণ কৰে৷ দিলৱাৰ ৰহমানৰ নেতৃত্বতে অসম পুলিচৰ লোকসকলৰ তৎপৰতাত আৰু ৰাইজৰ সহযোগিতাত অসমৰ সৰ্বমুঠ পোন্ধৰটা পূজা মণ্ডপত বোমা বিস্ফোৰণৰ প্ৰচেষ্টা চলোৱা পোন্ধৰজন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সহযোগী অন্য বিশ জন অৰ্থ লোভী লোকক পুলিচে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ তেওঁলোকৰ পৰা ভালে সংখ্যক আগ্নেয়াস্ত্ৰ জব্দ কৰা হয়৷ এনে তৎপৰতাৰে ৰাজ্যখনৰ জণসাধাৰণৰ প্ৰাণ ৰক্ষা কৰা বাবে সকলোৱে এক মুখে পুলিচ বিষয়া দিলৱাৰ ৰহমান আৰু পুলিচৰ লোকসকলক ভূয়সী প্ৰশংসা কৰি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে৷ লগতে বিভিন্ন স্তৰৰ লোকে পুলিচ বিষয়া দিলৱাৰ ৰহমানৰ পদোন্নতিৰ দাবী কৰি উৰ্ধতম কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে…৷”

মনত সন্তোষ্টিৰ ভাৱ এটা লৈ বাতৰি কাকতখন সামৰি দূৰণিৰ পূজা মণ্ডপ এটাৰ মাইকত বাজি উঠা গানৰ  ৰিণিকি ৰিণিকি ভাহি অহা সুৰটো চন্দন শৰ্মা ছাৰে ভালদৰে কাণ পাতি শুনিলে৷

“জেই জেই সন্তোষী মাতা……….৷”

বাল্য কালৰ সোঁৱৰণী মনলৈ অহাৰ লগে লগে শৰ্মা ছাৰ নষ্টালজিক হৈ পৰিল৷

*********
বিঃ দ্ৰঃ অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী 'ৰহস্য'ৰ অক্টোবৰ,  ২০১৭  সংখ্যাত প্ৰকাশ পাইছে৷



Sunday, 17 September 2017

আতংকৰ সন্ধানত

( আতংকৰ চতুৰ্থ খণ্ড)                                                                             যুগল চন্দ্ৰ বৰা
বিনীতাৰ গাৰ কাষেদিয়েই বগা ৰঙৰ মাৰুতি ভান এখন পাৰ হৈ গ’ল৷ অলপ আগলৈ গৈয়ে গাড়ীখনৰ গতি স্তিমিত হৈ পৰিল৷ বিনীতাই লক্ষ্য কৰিলে – গাড়ীখনৰ নম্বৰ প্লেটখন নাই৷ গাড়ীখন ৰাস্তাৰ মাজত পথালিকৈ ৰখাই দিলে৷ তেতিয়াই তাইৰ ষষ্ঠ ইন্দ্ৰীয়ই সম্ভাৱ্য বিপদৰ আগ জাননি দিলে৷ বিনীতাই নিজকে  মানসিক ভাৱে প্ৰস্তুত কৰি এবাৰ এৰি অহা পথৰ কেঁকুৰিটোৰ ফালে ঘূৰি চালে৷ তাইৰ পিছে পিছে অহা নৱনীতা তেতিয়াও কেঁকুৰিটো পাৰ হোৱা নাই৷ ইতিমধ্যে গাড়ীখনৰ পৰা ক’লা বৰণৰ মাক্স পৰিহিত ডেকা ল’ৰা এটা নামি আহিল৷ তা্ৰ চকু দুটাহে মাথো ট টকৈ  জিলিকি আছে৷ সি তাইক আগ ভেঁটি ধৰিলে৷

“ ঐ ছোৱালী, ক’ত যাৱ? ৰ’৷ তোক মই চিনি পাইছোঁ৷ তয়েই মন্ত্ৰী ছাৰৰ ঘৰৰ পৰা পলাই অহা অনামিকা হয়৷ ক’ত হাৰিবি ? ব’ল গাড়ীত উঠ৷”

চতুৰালি কৰি কিছু সময় পাৰ কৰি দিয়াৰ মানসেৰে বিনীতাই মুখাধাৰীৰ সৈতে দুই এষাৰ কথা পতা আৰম্ভ কৰি দিলে৷

“হয়, হয় দাদা , মই অনামিকা৷ পিছে আপুনি মোক কেনেকৈ চিনি পালে ?”

“ ঐ ছোৱালী , তই মোক চিনি নাপালি ? মই ভাগ্যধৰ ফুকন ছাৰৰ মানুহ৷ ছাৰক তইয়ে ফঁচালি  আৰু  এতিয়া তইয়ে বচাব লাগিব৷ ছাৰক বেছি দিন জেইলত ৰাখিব নোৱাৰি৷”

“ক’লা কাপোৰৰ মুখাখন খুলি পেলাওক না দাদা ৷ মোৰ বৰ ভয় লাগে৷ মুখাখন খুলি দিলেহে মই আপোনাক চিনি পাম৷  আ..আৰু আপুনি এইবোৰ কি কথা কৈ আছে মই একো বুজি পোৱা নাই ৷ মই ছাৰক কেনেকৈ ফঁচালোনো দাদা ?”

“ঐ ছোৱালী, নজনা ভাও ধৰি বেছি কথা কৈ নাথাকিবি৷ ব’ল ব’ল গাড়ীলৈ ব’ল৷”

কথা খিনি কৈ সি তাইৰ কাষ চাপি আহিল৷ বিনীতাই তাৰ ফালে পিঠি দি ঘূৰি দিলে৷ মুখাধাৰীয়ে তাইক গবা মাৰি ধৰি গাড়ীখনৰ ফালি লৈ যাবলৈ উদ্যৎ হ’ল৷ বিনীতাই এই ক্ষণলৈকেহে যেন অপেক্ষা কৰি আছিল৷ সোতকান কাৰাতেৰ উচ্চ প্ৰশিক্ষণ প্ৰাপ্ত বিনীতাই কৌশল প্ৰয়োগ কৰি তাক লক (Lock) কৰি বগৰাই পেলালে৷

“উঠ, উঠ সোণকালে, মোৰ হাতত সময় বৰ কম৷  দ্বিতীয়খন ‘ লোকেল কুংফু’ চালি নে নাই ?” বিনীতাই ক’লে৷

“ বেছি বেছি নেদেখাবি বে’ ছোৱালী৷”

পৰাৰ পৰা কেঁকো-গেঁথোকৈ উঠি কথাষাৰ কৈ সি তাইলৈ চোঁচালৈ খেদি আহিল৷ বিনীতাই তাৰ ৰূপ দেখি  ভয় খোৱাৰ দৰে কৰি ৰাস্তাৰ কাষত থকা গছ এজোপাৰ কাষলৈ দৌৰি গৈ ৰৈ দিলে৷

“এই , এই ছোৱালী ক’ত পলাই হাৰিবি তই?”

সি খেদি গৈ তাইলৈ লক্ষ্য কৰি এটা প্ৰচণ্ড গোৰ মাৰিলে৷ তৎক্ষণাত তাই স্থান পৰিবৰ্তন কৰি দিয়াত তাৰ গোৰটো গৈ গছ জোপাৰ গুৰিত পৰিল৷ সি যথেষ্ট দুখ পালে৷ মুখেৰে ‘আঃ’ শব্দ  কৰি আকৌ সি তাইক খেদি আহিল৷

“পিছে দাদা , নম্বৰ প্লেটবিহীন গাড়ীখন মন্ত্ৰী ছাৰৰ নহয় যে, কাৰ গাড়ীনো আনিলি সেইখন ?” তাৰ মনটো ভুলাই দিয়াৰ উদ্দেশ্যে বিনীতাই তাক এনেয়ে কথাষাৰ ক’লে, যাতে সি পুনৰবাৰ গছৰ গুৰিতে গোৰটো মাৰি পায়৷

একেটা ভুলকে কেইবাবাৰো কৰি সি যথেষ্ট আঘাত প্ৰাপ্ত হ’ল৷ বিনীতাই ৰৈ নাথাকি কেইটামান কিক মাৰি তাক ধৰাশায়ী কৰি পেলালে৷

তাৰ অৱস্থা দেখি মাৰুতি ভানখনত বহি থকা অন্য দুটা মুখাধাৰীয়ে গাড়ীৰ পৰা নামি বিনীতাক লক্ষ্য কৰি খেদি আহিল৷ ইতিমধ্যে নৱনীতা আহি সেই স্থানত উপস্থিত হোৱাত দুয়োজনী মিলি মুখাধাৰী দুটাক কাৰাতেৰ নানা কিটিপ কায়দা প্ৰয়োগ কৰি আঘাত কৰি যাব ধৰিলে৷ এজন দুজনকৈ ইতিমধ্যে সেই স্থানত বহুতো মানুহ গোট খাই দৰ্শকৰ ভূমিকা পালন কৰিলেহি৷ ইফালে , এজন এজনকৈ আহি আহি ‘আতংক’ৰ পোন্ধৰজন কাৰ্যবাহী সদস্য তাত গোট খাই দৰ্শকৰ শাৰীত থিয় দি থাকি খেলখন উপভোগ কৰিলে৷

ঘটনাৰ স্থান হ’ল বাক্সা জিলাৰ বৰমাৰ কদমতলা গাঁও৷ দুজনী ছোৱালীয়ে তিনিটা মুখাধাৰী ল’ৰাক মাৰধৰ কৰি থকা বুলি খবৰটো বন জুইৰ দৰে ঠাইখনত বিয়পি পৰিল৷ কেৱল কদমতলা গাঁৱৰে মানুহ নহয় , ওচৰৰ ক্ষেত্ৰপাৰা, কুমাৰপাৰা আদি গাঁৱৰ মানুহো আহি তাত জুম বান্ধিলে৷ গাঁৱৰ মানুহবোৰে বিনীতা আৰু নৱনীতাক ভালদৰেই চিনি পায়৷ সকলোৱে হাত চাপৰি দি সিহঁত দুজনীক উৎসাহিত কৰিলে আৰু মুখাধাৰী কেইটাক নানা ধৰণে ইতিকিং কৰি ধিক্কাৰ দিলে৷

আচলতে ‘আতংক’ৰ এই সোতৰজনীয়া গোটটোৰ সদস্যসকল কাৰাতেৰ উচ্চ প্ৰশিক্ষন প্ৰাপ্ত আৰু তেওঁলোকে এই অঞ্চলটোৰ লোকসকলক, বিশেষকৈ যুৱক-যুৱতীসকলক কাৰাতেৰ প্ৰশিক্ষণ দি আছে৷ অঞ্চলটোৰ বৰমা, বৰশিমলাগুৰি, কদমতলা, ক্ষেত্ৰপাৰা , কুমাৰপাৰা, গড়মাৰা, ভোগপুৰ  আদি গাঁৱৰ সৰহ সংখ্যক লোক  আতংকৰ সদস্য হৈছে আৰু সদস্যভুক্ত বহুতো যুৱক-যুৱতীক ইতিমধ্যে কাৰাতেকে ধৰি প্ৰয়োজনীয় বহুতো প্ৰশিক্ষণ দিয়া হৈছে৷ বিশেষকৈ গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত আতংকৰ প্ৰতিজন সদস্যই ভালদৰেই প্ৰশিক্ষিত৷  গোপনীয়তা ৰক্ষাৰ উদ্দেশ্যেই তেওঁলোকে ক’ৰবালৈ গ’লে জুম বান্ধি নগৈ এজন এজনকৈ যায়৷ আজিও ‘ৰক্ষা’ গোটৰ সদস্যসকলে  কেইবাখনো গাঁৱৰ যুৱক-যুৱতীক কাৰাতেৰ প্ৰশিক্ষণ দি এজন এজন হৈ ঘূৰি আহিছিল৷

আটাইকেইটা মুখাধাৰী ধৰাশায়ী হৈ পৰাৰ পিছত আতংকৰ এই  ‘ৰক্ষা’ নামৰ সোতৰজনীয়া গোটৰ মুৰব্বী বকুল স্বৰ্গীয়াৰীয়ে আতংকৰ সভাপতি গৰাকীলৈ ফোন কৰি সকলো জনাই দিহা পৰামৰ্শ ল’লে৷

ৰাইজৰ সহযোগত মুখাধাৰী কেইটাৰ মুখা খুলি দিয়া হ’ল৷ সিহঁতক দেখা পাই গাঁৱৰ লোকসকল আচৰিত হ’ল৷ সিহঁতৰ এটা ক্ষেত্ৰপাৰা গাঁৱৰ শিক্ষক চন্দ্ৰ নাৰ্জাৰীৰ  পুত্ৰ ৰবীন নাৰ্জাৰী৷ ৰবীনে গুৱাহাটীত ভাল চাকৰি কৰে বুলিহে গাঁৱৰ মানুহে জানিছিল৷ আন এটা কুমাৰপাৰা গাঁৱৰ  দেবেন বৰ্মন৷ দেবেনেও গুৱাহাটীত চাকৰি কৰা বুলিয়েই ৰাইজে জানে৷ তৃতীয়টোক দেখি সকলো আচৰিত হ’ল৷ সি শাসনাধিস্থ ৰাজনৈতিক দলটোৰ স্থানীয় নেতা এজনৰ পুত্ৰ৷

মাৰুতি ভানখনতে উঠাই সিহঁতক বৰমা থানালৈ লৈ যোৱা হ’ল৷ মহিলাৰ ওপৰত নিৰ্যাতন আৰু অপহৰণৰ প্ৰচেষ্টা আদি কেইবাটাও ধাৰাত সিহঁত কেইটাৰ ওপৰত গোচৰ ৰজু কৰা হ’ল , যাতে সিহঁতে সহজে জেইলৰ পৰা ওলাব নোৱাৰে৷

************************************************

আজি কালি অসমত ‘আতংক’ নামৰ সংগঠনটোৰ নাম নজনা মানুহ নাই বুলিয়েই ক’ব লাগিব৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন গাঁও আৰু নগৰ চহৰতেই আতংকৰ সদস্য আছে৷ আতংকৰ সদস্য হ’বলৈ পায় মানুহবোৰে গৌৰৱ বোধ কৰিছে৷ এই সংগঠনটোৰ সদস্যসকলে জানে যে তেওঁলোকৰ সংগঠনটো কোনো উগ্ৰবাদী সংগঠন নহয় আৰু তেওঁলোকে আইন বিৰূদ্ধ কামো নকৰে৷ তথাপিও তেওঁলোকে আত্ম গোপন কৰি থাকে৷ ইয়াৰ প্ৰধান কাৰণ হৈছে গোপনীয়তা ৰক্ষা কৰি চলিলেহে তেওঁলোকে নিজৰ কামত সফল হ’ব পাৰিব৷ আতংক নামৰ সংগঠনটোৱে কোনো শান্তিপ্ৰিয় লোকৰে শান্তি ভংগ কৰা নাই৷ দেশৰ মংগলকামী এক সংগঠন হিচাপে কাম কৰি যাওঁতে তেওঁলোক সময়ে সময়ে দুৰ্নীতিপৰায়ণ আৰু অসৎ লোকৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে৷ আতংকৰ সদস্য সকলে সাধাৰণ জনতাৰ বেশত থাকিয়েই অনেক দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীক ইতিমধ্যে চৰকাৰৰ দুৰ্নীতি নিবাৰক বিভাগৰ যোগেদি হাতে লোতৰে ধৰাই জেইললৈ পঠিওৱাৰ ব্যৱস্থা কৰাইছে ৷

সংগঠনটোৰ লোকসকলে কোনো ধৰণৰ বে-আইনী কাম বা সন্ত্ৰাসবাদী কামত জড়িত নহ’লেও চৰকাৰৰ গৃহ  বিভাগ আৰু  গুপ্তচৰ বিভাগ ‘আতংক’ নামৰ সংগঠনটোক লৈ উদ্বিগ্ন হৈ পৰিছে৷ আতংকৰ বিষয়ববীয়া সকলক চিনাক্ত কৰি তাৰ তালিকা পঠাবৰ বাবে ৰাজ্যৰ গৃহ বিভাগে আৰক্ষী অধীক্ষকসকললৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে৷ নিৰ্দেশটো থানাবোৰে পোৱাৰ লগে লগে আতংকৰ সভাপতি আৰু সম্পাদকৰ সন্ধানত পুলিচৰলোক আৰু গুপ্তচৰ পিয়াপি দি ফুৰিব ধৰিলে৷ পিছে কোনবোৰ কাম কৰা মানুহক তেওঁলোকে আতংকৰ সদস্য বুলি ধৰিব? পুলিচৰ লোকে কৰা কামবোৰেই চোন আতংক নামৰ সংগঠনটোৱে কৰা বুলি দাবী কৰে৷ পুলিচেতো কোনো বেয়া কাম কৰা নাই৷  ভাল কামহে কৰিছে ; আইন বিৰোধী কাম কৰা দুৰ্নীতিগ্ৰস্ত লোকক ধৰা পেলাই জেইললৈ পঠাইছে৷ অৱশ্যে সেই কামত ৰাইজে সহায় কৰিছে , সেইটো সত্য৷ ৰাইজেওতো বেয়া কাম কৰা নাই৷ ৰাইজখনকতো আতংক বুলিব নোৱাৰি৷ তেনেহলে ‘আতংক’ ক’ত? আতংকৰ সদস্য বুলি সন্দেহ কৰি দুই এজনক থানালৈ মাতি নি দুই এটা প্ৰশ্ন কৰে আৰু উত্তৰত সন্দেহজনক একো কথা নাপায় এৰি দিবলৈ বাধ্য হয়৷


গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলৱাৰ ৰহমানৰ ঘৰৰ ডাইনিং টেবুলৰ সুকুমল চকীত বহি চাহ-মিঠাই খাই ধুনু আৰু জোনাকে হাঁহি ধেমালি কৰি কথা পাতি আছে৷ তেওঁলোক তিনিও কলেজত একেলগে পঢ়া৷ বন্ধুত্বৰ এনাজৰিডাল এতিয়াও একেদৰই আছে৷ বৰঞ্চ কিছুমান কাৰণত তেওঁলোকৰ মাজত মৰম স্নেহ আগতকৈ বাঢ়ি যাবহে ধৰিছে৷ তেওঁলোকৰ মাক দেউতাক আৰু পৰিয়ালৰ লোকসকলক দুৰ্বিত্তহঁতে হত্যা কৰি ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ পিছত যেতিয়া দুয়োজন বেংগালুৰৰ পৰা ঘূৰি আহি অসমত অ’ত এদিন ত’ত এদিন থাকি দিন পাৰ কৰিছিল তেতিয়া দুই বন্ধুক কেইবা দিনৰ বাবে দিলৱাৰে তেওঁৰ ঘৰতে ৰাখিছিল৷ কোনো কাম বন নোহোৱাকৈ ঘূৰি ফুৰাতকৈ অপৰাধী ধৰা পেলোৱাৰ ক্ষেত্ৰত তেওঁকে কিছু সহায় কৰি দিবলৈ ধুনু আৰু জোনাকক দিলৱাৰে অনুৰোধ কৰিছিল৷ ইয়াৰে পৰিণতি স্বৰূপে ধুনু আৰু জোনাকে প্ৰাইভেট ডিটেক্টিভৰ পাঠ্যক্ৰম লৈছিল আৰু দুয়ো একোজন উচ্চ পৰ্যায়ৰ  প্ৰযুক্তি জ্ঞান সম্পন্ন গুপ্তচৰ বুলি নিজকে পৰিচয় দিবলৈ সমৰ্থ হ’ল৷ প্ৰাইভেট ডিটেক্টিভ হিচাপে নাম যশ চোদিশে প্ৰচাৰ হ’বলৈ ধৰাত তেওঁলোকৰ আয়ো বৃদ্ধি পালে৷  সেয়া যি কি নহওক এই পৰিচয়টোৰ আঁৰ লৈ তেওঁলোকে গঢ়ি তোলা ‘আতংক’ নামৰ সংগঠনটো গোপনে চলাই যোৱাৰো সুবিধা পালে৷ অন্যহাতে, দিলৱাৰ ৰহমানে  যিকোনো ধৰণৰ  জটিল মোকৰ্দমা ধুনু আৰু জোনাকৰ সহায়ত হেলাৰঙে সমাধা কৰিব পাৰি চাকৰি জীৱনত যথেষ্ট খ্যাতি আৰু সন্মান লাভ কৰিছে৷ তেওঁ ‘আতংক’ৰ  তিলমানো উমঘামেই পোৱা নাছিল৷

“আতংক”, মিঠাই এটা খাই চাহৰ পিয়লাত মুখ দি শব্দটো হঠাৎ উচ্চাৰণ কৰি দিলৱাৰ ৰহমানে ধুনু আৰু জোনাক  দুয়োটালৈ চাই কৈ গ’ল৷

“আতংক নামৰ সংগঠনটোৰ নাম শুনিছনে তহঁত দুটাই?”

“শুনিছো, শুনিছো ৷ ‘আতংক’ এটা সমাজ হিতৈষী অৰাজনৈতিক সংগঠন বুলি শুনিছো৷ ৰাইজে সংগঠনটো বৰ ভাল পাইছে৷ হেনো৷” ধুনুৱে ক’লে৷

“পিছে তই ‘আতংকৰ’ নাম কিয় বা ল’লি ?” জোনাকে প্ৰশ্ন কৰিলে৷

“ আতংকৰ লিডাৰ কেইটাৰ পৰিচয় মোক লাগে ৷” দিলৱাৰে উত্তৰ দিলে৷

“সিহঁতে কিবা জগৰ লগালে নকি?” ধুনুৱে সুধিলে৷

“হওঁতে কিবা  জগৰ লগাইছে বুলি ক’ব নোৱাৰোঁ৷”

“তেন্তে সিহঁতক বিচাৰি সময় খৰচ কৰাৰ কি প্ৰয়োজন ?” জোনাকে প্ৰশ্ন কৰিলে৷

“চৰকাৰৰ গৃহ বিভাগে জৰুৰী বাৰ্তাযোগে সিহঁতৰ নাম ঠিকনা বিচাৰি পঠাইছে ; পুলিচে বিচাৰিবলৈ একো উৱাদিহ পোৱা নাই৷ সেয়েহে মই তহঁত দুটাৰ সহায় বিচাৰিছোঁ৷”

“সহায় বিচাৰিছ যেতিয়া এই ক্ষেত্ৰত তোক নিশ্চয় সহায় কৰিম দিলৱাৰ৷ তই চৰকাৰক কোনো সহায় কৰিব নোৱাৰিবি ৷” ধুনুৱে কথাখিনি কৈ দিলৱাৰৰ চকুলৈ তীক্ষ্ন নজৰ দি চালে৷

“কাৰণ ?” দিলৱাৰে প্ৰশ্ন কৰিলে৷

“কাৰণ, চৰকাৰে নিৰীহ জনাতাক হাৰাশাস্তি কৰা উগ্ৰপন্থীহঁতক ৰক্ষনাবেশন দি ৰাখে আৰু সিহঁতৰ গোচৰবোৰৰ উচিত তদন্ত নকৰি সমাজৰ মংগল সাধনত ব্ৰতী আতংকৰ দৰে সংগঠনৰ পিছত লাগি সময় খৰচ কৰিছে৷” ধুনুৱে ক’লে৷

“ধুনু , তই যিদৰে কথা কৈছ তাৰ পৰাই অনুমান কৰিব পাৰি যে তহঁতে আতংকৰ বিষয়ে ভালদৰেই জান৷ নহয় জানো?”

“নিশ্চয় জানো আমি”, এইবাৰ জোনাকে ক’লে, “আতংকৰ বিষয়ে আমি তাৰ জন্ম লগ্নৰ পৰাই জানো৷”

এই উত্তৰ শুনাৰ পিছত দিলৱাৰৰ মনত পুলিচী সন্দেহবোৰে থোপা বান্ধিলেহি৷ তাৰ সন্দিহান চকুহাল বিস্ফাৰিত কৰি প্ৰশ্ন কৰিলে,“আতংক সংগঠনটোৰ জন্মদাতা তহঁতেই নেকি আক’ ?”

“তই ঠিকেই অনুমান কৰিছ৷ দুৰ্নীতি পৰায়ণ লোকৰ বাবে আতংক স্বৰূপ ‘আতংক’ নামৰ সংগঠনটোৰ জন্ম দি আমিয়েই দেশ মাতৃৰ সেৱা আগ বঢ়ায় আছোঁ৷” ধুনুৱে উত্তৰ দিলে৷

“কিন্তু মই জানিব পাৰিছো যে ‘আতংক’ লাহে লাহে এক সন্ত্ৰাসবাদী সংগঠন হোৱাৰ দিশত গতি কৰিছে৷” দিলৱাৰে ধুনুহঁতৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য ৰাখি ক’লে৷

“এনে ভ্ৰান্ত ধাৰণাৰ কাৰণ ?” ধুনুৱে সুধিলে৷

“শুনিছো ‘আতংকৰ’ সদস্যসকলক মাৰ্শাল আৰ্টৰ প্ৰশিক্ষণ দি থকা হৈছে৷”

“তইও তেনেহলে ‘আতংক’ৰ বিষয়ে কিছু খবৰ ৰাখিছ,” জোনাকে ক’লে, “কথাটো সত্য , দিলৱাৰ, সদস্য সকলক আত্ম ৰক্ষাৰ বাবে,স্বাস্থ্য ৰক্ষাৰ বেবে আৰু খেল হিচাপে মাৰ্শাল আৰ্টৰ প্ৰশিক্ষণ দি থকা হৈছে৷ অন্য উদ্দেশ্য নাই৷”

“ এই ক্ষেত্ৰত তোৰ কিবা আপত্তি আছে নেকি দিলৱাৰ ?”জোনাকে প্ৰশ্ন কৰিলে৷

“নাই নাই মোৰ কি আপত্তি থাকিব পাৰে জোনাক? মই তহঁতক ভালদৰে জানো ৷ তহঁতে কাহানিও বেয়া কাম কৰিব নোৱাৰ৷ এই মাত্ৰ যে মোক অকপতে কথাখিনি ক’লি সেয়াও এক ভাল কাম কৰিলি৷ কাৰণ , তহঁতৰ ‘আতংক’ই বাকীবোৰ পুলিচক আতংকিত কৰাৰ দৰে মোকো আতংকিত কৰি ৰাখিছিল  জাননে৷”

“তইতো এজন সৎ পুলিচ বিষয়া৷ তই আতংকিত হ’ব লগীয়া কোনো কথা নাই৷” ধুনুৱে ক’লে৷

“আতংকই কাক কেনে দৰে আতংকিত কৰে সেই বিষয়ে যে কোনো ধাৰণাই মোৰ নাছিল৷” দিলৱাৰে কথাষাৰ কৈ হাঃ হাঃ কৈ হাঁহি পৰিৱেশটো কিছু লঘু কৰি তুলিলে; ধুনু আৰু জোনাকেও হাঁহিত ভাগ ল’লে৷

সেইদিনা ধুনু আৰু জোনাকে ‘আতংক’ নামৰ সিহঁতৰ সংগঠটোৰ বিষয়ে দিলৱাৰক সকলো কথা খুলি ক’লে৷ দিলৱাৰে ভালদৰেই বুজি পালে যে পুলিচ বিভাগটোৰ বন্ধু হিচাপেহে প্ৰকৃততে ‘আতংক’ নামৰ সংগঠনটোৱে কাম কৰি গৈছে ৷ আৰু এটা কথা দিলৱাৰে বুজি পালে যে আতংক সংগঠন আৰু ৰাইজৰ মাজত পাৰ্থক্যই নাই বুলিব পাৰি৷ গতিকে পুলিচ বিভাগটো বিভ্ৰান্ত হৈ  পৰিছে৷

“তোৰ কিবা আৰু মন্তব্য আছে ?” ধুনুৱে দিলৱাৰক প্ৰশ্ন কৰিলে৷

“তহঁত দুটা মোৰ আগৰ পৰাই বন্ধু আৰু আজিৰ পৰা তহঁতৰ ‘আতংক’ৰ লগত মই নতুনকৈ বন্ধু হ’লো৷ মোৰ এয়াই মন্তব্য৷”


**************************)(**************************
(অসমৰ জনপ্ৰিয় আলোচনী "ৰহস্য"ৰ চেপ্তেম্বৰ, ২০১৭ সংখ্যাত প্ৰকাশিত)

Wednesday, 28 June 2017

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ মাননীয় শিক্ষা গুৰুসকলক আন্তৰিক ধন্যবাদ জনাও


ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী বিদ্যালয়সমূহক ধ্বংস হ’বলৈ এৰি দি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ জয়যাত্ৰাৰ পাতনি মেলিব দিছে৷ বিশেষকৈ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ  বিদ্যালয়সমূহক ব্যৱসায়িক দিশত অধিক সুযোগ দিয়াৰ বাবে ৰাজ্যখনৰ চৰকাৰে কিছুমান কূট-কৌশল ৰচনা কৰা দেখা গৈছে৷ চৰকাৰে নিজৰ অধীনত থকা বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিজে নিম্ন পৰ্যায়লৈ যাবলৈ দি অৱশেষত মন্তব্য ৰাখিছে যে অসমীয়া মাধ্যমত পঢ়া শিক্ষাৰ্থীৰ শিক্ষকতা কৰাৰো হেনো যোগ্যতা নাই৷ চৰকাৰৰ এনে মনোভাৱে আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ সন্তানৰ শিক্ষাৰ পথ ৰুদ্ধ কৰিব৷


এই ক্ষেত্ৰত আমাৰ ক’ব লগা এয়ে যে আমি নিজে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়, ঢকুৱাখনা  হাইস্কুল, ধেমাজি মহাবিদ্যালয়, ঢকুৱাখনা মহাবিদ্যালয় আৰু পিছত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছো৷ মাধ্যম অসমীয়া হোৱা বাবে কোনো অসুবিধা পোৱা নাছিলো৷ বেংকৰ মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছোঁ৷ অন্যহাতে আমাৰ দুই জ্যেষ্ঠ কণ্যাই জোনাই মহকূমাৰ তেলেম প্ৰাথমিক বিদ্যালয়ত অসমীয়া মাধ্যমত শিক্ষাৰ পাতনি মেলে৷ পিছত তেওঁলোকে ক্ৰমে ঢকুৱাখনা বালিকা মজলীয়া বিদ্যালয়, উত্তৰ লখিমপুৰ বালিকা উচ্চ ইংৰাজী বিদ্যালয় আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত শিক্ষা লাভ কৰে৷ ডাঙৰ গৰাকীয়ে হাইদৰাবাদ বিশ্ব বিদ্যালয়ৰ পৰা এম বিএ কৰি বেংকৰ চাকৰিত যোগদান কৰে আৰু তেওঁ বৰ্তমান বেংকৰ মেনেজাৰ৷ পিছৰ গৰাকীয়ে দেৰাডুনৰ  ৱাইল্ড লাইফ ইন্ষ্টিটিউট অব ইণ্ডিয়াৰ পৰা স্নাতোকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত গ্ৰেট ব্ৰিটেইনৰ ইউনিভাৰচিটি অব শ্বেফিল্ডত বিশ্ববিদ্যালয়ৰ ১০০% জলপানি পাই গৱেষণা কৰি আছে৷ অসমীয়া মাধ্যমত পঢ়া বাবে তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল৷ কেৱল এয়াই নহয় অন্য দুগৰাকী কণ্যাইও বিদ্যালয়ত অসমীয়া মাধ্যমতেই শিক্ষা লাভ কৰিছিল৷ এই দুগৰকীৰ জ্যেষ্ঠ গৰাকীয়ে দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত স্নাতোকোত্তৰ শিক্ষা লাভ কৰিছে৷ পিছৰ গৰাকীয়ে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীৰ পৰীক্ষা দি দেৰাডুন স্থিত ৱাইল্ড লাইফ ইন্ষ্টিটিউট অব  ইণ্ডিয়াৰ নাম ভৰ্তি পৰীক্ষাত  উত্তীৰ্ণ  হৈ তাতে নাম ভৰ্তি কৰিছে৷  এওঁলোকেও অসমীয়া মাধ্যমত পঢ়া বাবে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই ৷ বৰঞ্চ তেওঁলোকক উপযুক্ত শিক্ষা দি উচ্চ শিক্ষা লাভৰ সুযোগ দিয়া বাবে অসমীয়া মাধ্যমৰ শিক্ষা গুৰুসকলৰ প্ৰতি তেওঁলোক চিৰ কৃতজ্ঞ৷ এই সুযোগতে আমিও শিক্ষা গুৰুসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷

Monday, 24 April 2017

PENSION TO REGIONAL RURAL BANK’s RETIRED EMPLOYEES

Predicament  of  Retired employees of Regional Rural Bank  is started due to  the legal  fight  between  legal father ( Government ) and  obedient  son( Employees of RRBS). The  hardships and  legal piteous  state  of  the  retired  employees  of   Regional Rural  Banks  (popularly known as Gramin Banks)  and their  family  members  is increasing  due  to  the denial  of  pension  to  this  section  of  employees.  The fact is that on 30.04.90, NIT, constituted with the consent of  then  GOI has awarded salary at par with com banks which is implemented in Gramin Banks but pension alike sponsor bank is not implemented thus deliberately it is d-linked . Now 1.34 lacs of Gramin Bank staffs  appealing pension matter to resolve.

 The  RRB's  were  established  by  GOI  as  per RRB  Act in 1976. The  employees  recruited  at  the  beginning of  the  Banks  began  to  retire  in  the  last  two  decades  in  large  numbers. They  along  with  their  family members  are  in  dire  straits  due  to  lack of  an  appropriate  income  after  retirement.  The  mounting  health problems  in  old  age  rendered  them  helpless  for  seeking  further  employment. A  good  number  of  them has  succumbed  to  health  problems  and  they  are  no  more  in  this  world.. While  all  the Govt .Employees ,public  sector  employees  and  bank  employees  in  public  sector  and  private  sector  who  had  worked  in  the  same  economic  sphere  were  paid  pension,  the  inexplicable  hardships  faced  by  this  section  of employees  were  not  considered  in spite  of  appeals  made  before  all  authorities.

 Consequent  upon  the  appeals  made  by  employees  the  Division  Benches  of  Honourable  Karnataka  High  Court &  Rajasthan High  Court  in  2011  & 2012  respectively,  directed   to  implement  a  pension  scheme  at par  with  the  pension  schemes  of  commercial  banks. Nevertheless  GOI  choose  to  file  an  SLP no. 39288/2012   against   this  judgement  in  the  Honourable  Supreme  Court,  causing  much  heartburn  to  the employees. 80% rural development programs of govt of India are being implemented via Gramin Banks even maximum nos of Hon-Modi’s dream project of Jan-Dhan -Yojna a/cs are covered by Gramin Banks. For Gramin Bank staff pension is  not a luxury but means for survival  this  right  to  live  is  restraint  by  the  govt  by  filing  SLP  CIVI-39288  in  the  supreme court ,  thus  pension  is  right of RRBs employees  & in not allowing this to RRB staff govt is violating the human rights of RRB staff.

 On  hearing  the  petition  several  time  the  Honourable  Supreme  Court   directed  GOI to reach an  amicable  settlement  in  their  interim  order  dated   26.11.2014. It is  understood   that  an  affidavit  is  filed by  GOI  on  10.07.2015  agreeing  in  principle  for  payment  of  pension  to  employees,  but  in  practice  the conditions   imposed  are  so  restrictive  in  nature,  that   the  pension  cannot  be  paid  by  the  entire    56 RRB's   barring  one  or   two   RRB's   which  can   comply  with  the  rigorous  stipulations   of   capital  adequacy  and  profitability.

 The  RRB,s  were  designed  to  cater  to  the  needs  of  rural  people  and  rural  development.  They  were  the implementing   agencies  of  poverty   alleviation   programmes   of   GOI  like  IRDP,  SFDA,  20 point programme,  MGNREGS etc.  As  the  Banks   branches  were  situated  in   the   remote   villages   of   the country,   they  became  the  sole  agencies  for  implementing  these  programmes.  The  RRB,s  were  in  the forefront  for  implementing  social  security  programmes  of  PMJJBY ,PMSBY,PMJDY etc. The   statistics   with RBI  will  reveal  that  a  major  chunk  of  pro -poor  programmes   were  implemented  by  RRB's.   It  will  be cruel  to  expect  huge  profit  from  Institutions  implementing  these  pro-poor   programmes   in  large  volume  in   rural  areas. Where  as  GOI  in  their  affidavit  had  linked   payment  of  pension  with  capital  adequacy  and   profitability   without  addressing   the   lacunas   pointed   out   as  above.  Moreover  the  Honourable Supreme  Court  has  reiterated  in  several  judgements  that  the  pension  has  to  be  treated  as    deferred wages  and  the  capacity  to  pay  should  not  be  an  impediment  to  pay  pension.  In  the  affidavit  filed  a condition  is  imposed  for  30%  contributions  from   employees  towards  pension   corpus   fund   where  as  in commercial  banks  no  such  contributions  were  demanded   when  pension   scheme  were   introduced  for  the  first  time. The  Banks  were  contributing  10 %  of  pay  towards  CPF  before  implementing  pension  and  it  was  appropriated  to  pension  corpus.  In RRB's  the  contributions  by   the  Banks  were  limited  to  Rs.650 per  month  even  when  the  pay  is  Rs.65000 per  month  on  an  average,, thus  making  only  below  1%  of the  pay  as  employers  contributions  to CPF ,as  the  employees  were  covered  under  EPFO. Though  this anomaly   was   recommended  for  removal  as  early  as  in  1992  by  Gupta  committee  appointed   by  GOI,  this  was  not  implemented . 
  
It  is  unfortunate  that  GOI  demands  a  share  from  employees  to   enable  them  to  pay  pension   before  the Banks  were  asked  to  make  up  the  legally  obligatory  contribution  of  10 %  of  pay  to  their   CPF  of  the employees   for  the  period  they  have  worked .If  this  is  worked  out  and  implemented,  this  itself  will  be sufficient  for  making  the  pension  corpus  fund. The  employees  who  have  retired  will  not  be  able  to contribute  this  alarming  sum  to  have  pension,  as    many  of  them  might   have  used  up  their  savings  by this  time.  So  the  Govt  should   take  a  decision  to  implement  pension  scheme  in  RRB's  at   par with pension   schemes  of  commercial  banks , in  order   to  mitigate  the  agonies  of   the  retired  employees  of these  banks  as  well  as  their  family  members.  It is known  to  all  that  delayed  justice  is  denied  justice  and   the  affected   persons  were  senior citizens of the country  and  they were  waiting  for  the  last  two decades  hoping  for  a    honourable pension. Out of them more than 4000 have already left this world due to financial problem. Now  the  supreme  court  of  India  adjourned  the  date of hearing  of the case  till   second  week of July and so on and at last on 25 th April 2018 the Supreme court of India has given her verdict in favour of retirees of regional rural bank. SC orders the government of India to implement pension scheme at par commercial banks within 90 days. But the government of India fails to implement pension scheme within stipulated days,  for which retirees are are compelled to lodge contempt case   on 7 th September, 2018. Now the fate of poor retirees depend upon the Supreme court again.

We observe that in a democratic country like our India government should not behave just like a criminal person and the govt should not let their moral duty in such a way up to judicial department of the country. The government should not forget her moral duty to protect the interest of senior citizens. 
N. B. Edited the article on 10/09/2018

000000000000)(0000000000000